জীৱনী: নোমল চন্দ্ৰ বৰা – অসমৰ চিকিৎসা জগতৰ তাৰকা | Nomal Chandra Borah Biography

নোমল চন্দ্ৰ বৰা | Nomal Chandra Borah Essay in Assamese | Biography of Nomal Chandra Borah in Assamese | নোমল চন্দ্ৰ বৰা বিষয়ে জীৱনী | নোমল চন্দ্ৰ বৰা বিষয়ে ৰচনা | নোমল চন্দ্ৰ বৰাৰ চমু পৰিচয়।

Join Telegram channel

অসমৰ চিকিৎসা ক্ষেত্রখনত এতিয়া এক লেণ্ডমাৰ্ক হ’ল জি.এন.আৰ.চি. (GNRC)। এই জি.এন.আৰ.চি. ৰ পৰিচালন সঞ্চালক হ’ল ডাঃ নোমল চন্দ্ৰ বৰা (Nomal Chandra Borah)। জি.এন.আৰ.চি.-ৰ প্ৰতিষ্ঠাৰ জৰিয়তে ডাঃ নোমল চন্দ্ৰ বৰাই অসমৰ চিকিৎসা জগতত এক ঐতিহাসিক যাত্ৰা আৰম্ভ কৰিলে। ডাঃ বৰা হ’ল মানৱতাৰ এক অপূৰ্ব নিদৰ্শন। উত্তৰ পূৱৰ এক উদ্দীপ্ত সূৰ্য্য হ’ল নোমল বৰা। উচ্চ শিক্ষা গ্ৰহণ কৰি বিশ্বৰ যিকোনো প্ৰান্তত সবল ভাৱে প্ৰতিষ্ঠা হোৱাৰ সুবিধা থাকিলেও তেওঁ অসমৰ মাটিতেই থাকি অসমীয়া শিপা মজবুত কৰাৰ বাবে বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে।

নোমল চন্দ্ৰ বৰা Nomal

নোমল চন্দ্ৰ বৰা জীৱনী | Nomal Chandra Borah Biography

নাম (Name)নোমল চন্দ্ৰ বৰা (Nomal Chandra Borah[1])
জন্ম চন (Date of Birth)১৫ আগষ্ট, ১৯৫০ (15th August, 1950)
জন্ম স্থান (Place of Birth)ডুবিয়া, শোনিতপুৰ (Dubia, Sonitpur)
শিক্ষা (Education)১) বিশ্বনাথ চাৰিআলি হাইস্কুল
২) গুৱাহাটী চিকিৎসা মহাবিদ্যালয়
৩) AIMS, দিল্লী
৪) মিচিগান বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰ
বঁটা সন্মান (Awards)১) বীৰাংগনা সতি সাধনি বঁটা, ২০১৫
২) ERDF এক্সিলেন্স এৱাৰ্ড, ২০১৫
৩) Janamitra বঁটা

Also Read: জীৱনী: উদ্ধৱ ভৰালী | Biography of Uddhab Bharali

নোমল চন্দ্ৰ বৰা প্ৰাৰম্ভিক জীৱন | Nomal Chandra Borah Early Life

১৯৫০ চনৰ ১৫ আগষ্টৰ দিনা বৰ ভূমিকম্পৰ সময়তেই বিশ্বনাথ ছাৰিআলিৰ গহপুৰৰ ডুবিয়াৰ জাৰণী গাঁৱত জন্ম হৈছিল ডাক্তৰ নোমল চন্দ্ৰ বৰা। এটা কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰা ডাঃ বৰাই শৈশৱ আন আন শিশুৰ দৰেই বৰ মধুৰ নাছিল। পখিলা খেদা বয়সত কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰেহে তেওঁ পাৰ কৰিছিল সময়। সেই সময়ত তেওঁ পথাৰত হাল বাইছিল, কৃষি কৰ্মত পিতৃ-মাতৃক সহযোগ কৰিছিল, আজৰি সময়ত ম’হৰ পিঠিত উঠি গৰু-ম’হ চৰাইছিল। দৰিদ্ৰতাৰ লগত শৈশৱৰ পৰাই যুঁজ দিয়া বৰাই শাক-পাচলি খেতি কৰি কান্ধত ভাৰ-পাচী লৈ ১০ মাইল খোজ কাঢ়ি দেওবৰীয়া বজাৰত শাক-পাচলিৰ লগতে পান-তামোল বিক্ৰী কৰি নিজৰ লগতে সহোদৰ ভাতৃৰো পঢ়াৰ খৰচ যোগাৰ কৰিছিল। আনকি গাওঁৰ নামঘৰত ভাওনা বা ৰাস হ’লে পান-তামোলৰ দোকান দি নিজৰ হাত খৰচ উলিওৱাৰ লগতে পিতৃ মাতৃকো সহায় কৰি পৰিয়ালৰ আৰ্থিক দৈন্যতা আঁতৰ কৰিবলৈ চেষ্টা কৰিছিল।

শৈশৱ আৰু কৈশোৰত দৰিদ্ৰতাৰ লগত যুঁজ দিয়া   ডাঃ বৰাই কঠোৰ পৰিশ্ৰম তথা জীৱন সংগ্ৰামৰ মাজতো শ্ৰেনীত কোনো দিন দ্বিতীয় হৈ পোৱা নাছিল। বিশ্বনাথ চাৰিআলি হাইস্কুলত পঢ়ি থকা সময়ত টিউচন কৰি পঢ়াৰ খৰচ উলিৱাইছিল। শৈশৱতে কঠোৰ বাস্তৱৰ সৈতে সন্মুখীন হ’লেও শিশু অৱস্থাৰ পৰাই তেওঁ সপোন দেখিছিল ‘ডাঙৰ মানুহ হোৱা’। যাৰ বাবে কঠোৰ অধ্যাৱসায় আৰু সাধনাৰ মাজেৰে শূন্যৰ পৰা জীৱন আৰম্ভ কৰি বৰ্তমান সাফল্যৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হ’ল।

নোমল চন্দ্ৰ বৰাই ‘Educational Loan’ আৰু   ‘Scholarship’-ৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ  গুৱাহাটী মেডিকেল কলেজৰ পৰা MBBS ৰ শিক্ষা শেষ কৰি, Internal Medicine-ত MD ডিগ্ৰী লাভ কৰাৰ পৰৱৰ্তী সময়ত উচ্চ শিক্ষাৰ বাবে দিল্লীৰ AIMS নাম ভৰ্তি কৰে আৰু তাৰ পৰাই নিউৰ’লজি বিষয়ত DM ডিগ্ৰী লাভ কৰে। ইয়াৰ ওপৰিও তেখেতে যুক্তৰাষ্ট্ৰৰ মিচিগান বিশ্ববিদ্যালয়টো epidemiology আৰু biostatistics ওপৰত অধ্যয়ন কৰিছিল। 

Also Read:জীৱনী: হেমচন্দ্ৰ গোস্বামী | Biography of Hemchandra Goswami

কৰ্ম জীৱন

ডাঃ নোমল চন্দ্ৰ বৰাই বিশ্বাস কৰিছিল যে- ‘Starting something, from nothing.’ এই কথাকে সাৰোগত কৰিতেওঁ বাহিৰৰ লোভনীয় চাকৰি ত্যাগ কৰি গুৱাহাটী মেডিকেল কলেজৰ চাকৰিত যোগদান কৰিছিল। আৰু পৰৱৰ্তী সময়ত ১৯৮৪ চনত ভেলোৰৰ পৃথিৱীৰ বিখ্যাত নিউৰ’লজীষ্ট Dr. K.V. Mathai ৰ সহযোগত উত্তৰ পূব ভাৰতত প্ৰথমবাৰৰ বাবে Super Speciality  tertiary care  Hospital Guwahati Neurological Research Centre Limited (GNRC) কাম আৰম্ভ আৰম্ভ কৰে। ডাঃ নোমল চন্দ্ৰ বৰাই গুৱাহাটী মেডিকেল কলেজত Medicine বিভাগৰ ৰেজিষ্ট্ৰাৰ হিচাপেও কাম কৰিছিল। তেওঁ আমেৰিকা একাডেমী অৱ নিউৰʼলজী (Neurology)ৰ গৱেষক ছাত্ৰ আছিল।

গুৰুত্বপূৰ্ণ কথা যে মালিগাওঁৰ এটা ভাৰাঘৰত মাত্ৰ এখন বিছনা আৰু EEG মেচিনটোৰে তেওঁ আৰম্ভ কৰিছিল GNRC হস্পিটেলৰ কাম। কিন্তু ইতিবাচক কথা এই যে বৰ্তমান GNRC  Group of Hospitals অধীনত বৰ্তমান পাঁচখন চিকিৎসালয় আছে। উত্তৰ গুৱাহাটীত অৱস্থিত এই GNRC খন হ’ল প্ৰায় মেডিকেল কলেজৰ সমপৰ্যায়ৰ একমাত্ৰ Private Health Care. ইতিবাচক কথা যে GNRC ত কোনো ডাক্তৰৰ ফীজ নাই, ইয়াত মেডিকেল টেষ্ট আৰু ঔষধৰ বাহিৰে সকলো বিনামূলীয়া। অন্যহাতে এম্বুলেঞ্চ সেৱা বিনামূলীয়া হোৱাৰ লগতে, ২৪ ঘন্টাই এমাৰজেন্সী বিনামূলীয়াকৈ লাভ কৰে ৰোগীসকলে।

ডাঃ বৰাই বৰ্তমান স্বাস্থ্য সেৱা ক্ষেত্ৰখনত এক বৈপ্লৱিক পৰিবৰ্তনৰ সূচনা কৰিছে। তেখেত হ’ল অসমৰ একমাত্ৰ উদ্যোগী যি অসমৰ বাহিৰত অথাৎ পশ্চিম বংগৰ বাৰাচাতত হস্পিটেল স্থাপন কৰিবলৈ সমৰ্থ হৈছে।  

গুৰুত্বপূৰ্ণ কথা যে ডাঃ বৰাই Affordable Health Mission ৰ অধীনত স্বাস্থ্য মিত্ৰৰ দ্বাৰা গাঁৱৰ মানুহক স্বাস্থ্য ৰক্ষাৰ জ্ঞান দিয়া প্ৰচলন কৰিছে। অসমত দুই হাজাৰ আৰু পশ্চিম বংগত চাৰিশ স্বাস্থ্য মিত্ৰই স্বাস্থ্য ৰক্ষাৰ  বিষয়ত কাম কৰি আছে। এই সকল স্বাস্থ্য মিত্ৰই Preventive Health Care  ৰ ওপৰত শিক্ষা দিয়াৰ লগতে কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ বেমাৰৰ পৰা বাঁচি থাকিব পাৰি সেইবিষয়েও সাধাৰণ ৰাইজক অৱগত কৰিছে। কেৱল এইয়াই নহয় ডা: নোমল চন্দ্ৰ বৰাৰ ইচ্ছা এক মিলিয়ন স্বাস্থ্য মিত্ৰ তৈয়াৰ কৰা স্বাস্থ্য বিষয়ত এক আমূল পৰিবৰ্তনৰ সূচনা কৰাৰ।

Also Read:জীৱনী: তৰুণ ৰাম ফুকন | Biography of Tarun Ram Phukan

ইয়াৰ উপৰিও তেখেতে ২০০৪ ত Asian Institute of Nursing Education আৰু যুৱক সকলৰ কৰ্ম সংস্থাপনৰ উদ্দেশ্য ২০০৮ ত Medishop আৰম্ভ কৰিছে।

ডাঃ নোমল চন্দ্ৰ বৰা হ’ল Neurology বিষয়ৰ এজন চিকিৎসক। কঠিন কামৰ প্ৰত্যাহ্বান ল’ব পৰা মন এটা  সৰুৰপৰা থকাৰ বাবেই সততে মেডিকেলৰ ছাত্ৰ ছাত্ৰী সকলে টান পোৱা Neurology বিষয়টোৰ প্ৰতি আকৰ্ষিত হৈছিল নোমল চন্দ্ৰ বৰা।

অৱশ্যে ডাঃ বৰা এইটো বিষয়ৰ প্ৰতি আগ্ৰহাম্বিত হোৱাৰ আন এটা কাৰণো আছিল, কাৰণ গুৱাহাটী মেডিকেল কলেজত ডাঃ বৰাই শিক্ষা গ্ৰহণ কৰি থকাৰ সময়ত নিউৰ’লজী বিষয়টোৰ (স্নায়ুৰোগ) প্ৰতি মানুহৰ অজ্ঞতা বেছি আছিল। তাৰোপৰি সেই সময়ত নিউৰ’লজী বিষয়ত কোনো বিশেষজ্ঞ নাছিল।

সেইবাবে শিক্ষাৰ্থীসকলে এই বিষয়ত এটা অহেতুক ভয় মনত পুহি ৰাখিছিল। সেই সময়ত নিউৰ’লজীৰ সমস্যা হ’লে ৰোগীসকলৰ চিকিৎসাৰ বাবে বাহিৰৰ পৰা চিকিৎসক আনিব লাগিছিল। তেনে কাৰণতেই ডাঃ বৰা ছাত্ৰ অৱস্থাত থাকোঁতে ভেলোৰৰ প্ৰফেচৰ ডাঃ কে ভি মাথাই গুৱাহাটীলৈ আহিছিল। ডাঃ কে ভি মাথাৰ কথা-বতৰা তথা শিকন কৌশলৰ ওপৰত আকৃষ্ট হৈ তেওঁ নিউৰ’লজী পঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। 

ডাঃ মাথাই পৰা শিক্ষাগ্ৰহণ কৰাৰ সময়ত তেওঁ অনুভৱ কৰিছিল, অসমত নিউৰ’লজী শিকাব পৰা মানুহ নাই। যাৰ বাবে শিক্ষাৰ্থীসকলৰ বিষয়টোৰ ওপৰত আগ্ৰহ নাই। সেইবাবেই তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছিল যে তেওঁ নিউৰ’লজীৰ ওপৰত শিক্ষাগ্ৰহণ কৰিব।

গুৰুত্বপূৰ্ণ কথা যে তেওঁ  AIIMS-ত পঢ়িবলৈ যোৱাৰ পিছত নিউৰ’লজী আৰু কাৰ্ডিঅ’লজী দুয়োটা বিষয়  পঢ়িবলৈ সুযোগ পাইছিল। অন্যহাতে কাৰ্ডিঅ’লজী পঢ়িলে সোনকালে প্ৰতিষ্ঠিত হোৱাৰো ৰাস্তা আছিল। তথাপিও নোমল চন্দ্ৰ বৰাই নিউৰ’লজী বিষয়টো নিৰ্বাচন কৰিছিল।

তেখেতৰ মতে, ডাক্তৰ আৰু ৰোগীৰ এটা পবিত্ৰ সমন্ধ আছে। চিকিৎসকৰ সহমৰ্মিতা থাকিব লাগে। ডাক্তৰসকল যেনেকৈ ৰোগীৰ কাৰণে ভগৱান, সেই দৰে ৰোগীসকলো ডাক্তৰৰ বাবে ভগৱান।

কেৱল চিকিৎসাৰ ক্ষেত্ৰখনতে নহয়, ডাঃ নোমল চন্দ্ৰ বৰা এজন সাহিত্যৰ ক্ষেত্ৰখনৰ লগতো জড়িত। তেওঁ ২০০৭ চনৰ পৰা “GNRC স্বাস্থ্য” নামৰ আলোচনীও প্ৰকাশ কৰি আহিছে। ইয়াৰ উপৰিও “চিকিৎসকৰ টোকাবহী”, “ডাক্তৰ আৰু ৰোগীৰ যোগলবন্ধী”, “স্বাস্থ্য, চিকিৎসা বিজ্ঞান আৰু সমাজ ব্যৱস্থা” আদিকে ধৰি বহু কেইখন কিতাপো ৰচনা কৰিছিল। ইয়াৰ উপৰিও বিভিন্ন বাতৰি-কাকতত নোমল চন্দ্ৰৰ বৰাৰ বিভিন্ন ধৰণৰ প্ৰৱন্ধ প্ৰকাশিত হৈ আহিছে। 

কেৱল ডাঃ নোমল চন্দ্ৰ বৰাই নহয় তেওঁ পৰিয়ালৰ সকলো সদস্যই সমাজ সেৱাৰ লগত জড়িত। তেখেতৰ বৰ জীয়ৰী প্ৰিয়ংকা বৰাই দিছপুৰ GNRC  Group of Hospitals ৰ Deputy MD হিচাপে কাম কৰি জনতাৰ সেৱা কৰি থকাৰ বিপৰীতে দ্বিতীয় কন্যা শতাব্দী বৰাই GNRC ছয়মাইলৰ কাৰ্যবাহী বিষয়া হিচাপে নিজৰ দায়িত্ব পালন কৰিছে। ইয়াৰ উপৰিও ডাঃ বৰাৰ একমাত্ৰ পুত্ৰ ডাঃ মাধুৰ্য বৰা উত্তৰ গুৱাহাটী GNRC মেডিকেলৰ CEO। অন্যহাতে ডাঃ নোমল চন্দ্ৰ বৰাৰ পৰিবাৰ ডঃ জয়শ্ৰী বৰাই কটন কলেজৰ পৰা ভূগোলৰ অধ্যাপিকা পৰা অৱসৰ গ্ৰহণ কৰিলেও বৰ্তমান গুৱাহাটী আৰু কটন বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক হিচাপে কাম কৰি আছে। ইয়াৰ ওপৰিও ডঃ জয়শ্ৰী বৰা সাহিত্য ক্ষেত্ৰখনৰ লগতো জড়িত। তেখেত এগৰাকী সু-লেখিকা। ইতিমধ্যে তেখেতৰ বহু কেইখন কিতাপ প্ৰকাশ হৈছে।

Also Read: ৰঘুনাথ চৌধাৰী – জীৱনী | Raghunath Chaudhary

সামৰণি

ডাঃ নোমল চন্দ্ৰ বৰাৰ মতে, “জীৱনত  প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সকলো মানুহ সাজু থাকিব লাগে, মানুহৰ হেৰুৱাব লগা একো নাথাকে, পাবলৈ হ’লে যিকোনো ৰিস্ক লবলৈ সাজু থাকিব লাগিব সকলো। সাধাৰণ মানুহৰ মৰমেহে প্ৰেৰণা আৰু দায়বদ্ধতা বঢ়াই। মানুহৰ কষ্ট – যন্ত্ৰণা আৰু প্ৰয়োজনীয়তাৰ কোনো অন্ত নাই, ঠিক সেই দৰে কৰিব লগা কামৰো একো অন্ত নাই।” 

চিকিৎসক সকলক সাধাৰণ মানুহে ভগৱানৰ জ্ঞান কৰে। চিকিৎসকৰ প্ৰতি সাধাৰণ মানুহৰ অগাধ আৰু আন্তৰিক শ্ৰদ্ধা – ভক্তি আছে। তেনে এজন চিকিৎসক হ’ল ডাঃ নোমল চন্দ্ৰ বৰা। অৱশ্যে ‘জি এন আৰ চি’ৰ প্ৰতিষ্ঠাতা ডাঃ নোমল চন্দ্ৰ বৰা এতিয়া অকল এগৰাকী স্বনামধন্য চিকিৎসকেই হৈ থকা নাই, অসমৰ স্বাস্থ্য খণ্ডৰ একপ্ৰকাৰ কিম্বদন্তি সদৃশ ব্যক্তিত্বত পৰিণত হৈছে। তেখেতৰ স্বভাৱসূলভ আকৰ্ষণীয় ব্যক্তিত্ব তথা মানৱীয় গুণৰ বাবে সমাজৰ সৰ্বস্তৰৰ মানুহৰ মাজত জনপ্ৰিয়। ডাঃ নোমল চন্দ্ৰ বৰা এতিয়া কেৱল ব্যক্তি নহয় তেওঁ হ’ল এটা সামাজিক অনুষ্ঠান। ডাঃ বৰাৰ সংগ্ৰাম ময় জীৱনৰ কাহিনী, তেওঁৰ অধ্যাৱসায়, কঠোৰ পৰিশ্ৰম, তেওঁৰ সাধনা নতুন প্ৰজন্মক অনুপ্ৰাণিত উৎস। তেওঁ হ’ল অসমৰ গৌৰৱ।

FAQ

১) নোমল চন্দ্ৰ বৰাৰ জন্ম কেতিয়া হৈছিল?

উঃ- ১৫ আগষ্ট, ১৯৫০ চনত।

২) নোমল চন্দ্ৰ বৰাৰ জন্ম কʼত হৈছিল?

উঃ- ডুবিয়া, শোনিতপুৰ জিলাত।

৩) “GNRC স্বাস্থ্য” নামৰ আলোচনীখন কেতিয়াৰ পৰা প্ৰকাশ হৈছে?

উঃ– ২০০৭ চনৰ পৰা।

৪) ‘চিকিৎসকৰ টোকাবহী’ কোনে লিখা?

উঃ- নোমল চন্দ্ৰ বৰা।

৫) Medishop কোনে কেতিয়া আৰম্ভ কৰিছিল?

উঃ– নোমল চন্দ্ৰ বৰায়ে ২০০৮ আৰম্ভ কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top