জীৱনী: উদ্ধৱ ভৰালী | Biography of Uddhab Bharali

উদ্ধৱ ভৰালী | Uddhab Bharali Essay in Assamese | Biography of Uddhab Bharali in Assamese | উদ্ধৱ ভৰালী বিষয়ে জীৱনী | উদ্ধৱ ভৰালী বিষয়ে ৰচনা | উদ্ধৱ ভৰালীৰ চমু পৰিচয়।

Join Telegram channel

মেধা, বুদ্ধিদ্বীপ্ততা আৰু প্ৰজ্ঞাৰ সাধনাৰ বাবে কেৱল মাত্ৰ অসমতেই নহয় দেশ তথা বিদেশতো এটা চিনাকি নাম হৈ পৰিছে উদ্ধৱ ভৰালী (Uddhab Bharali)। নিজৰ ঐকান্তিক প্ৰচেষ্টাত প্রায় ডেৰ শতাধিক বিভিন্ন ধৰণৰ প্ৰযুক্তি উদ্ভাৱনৰ জৰিয়তে সমাজলৈ বিশেষ অৱদান আগবঢ়াইছে পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে।

উদ্ধৱ ভৰালী uddhab

উদ্ধৱ ভৰালী জীৱনী | Uddhab Bharali Biography

নাম (Name)উদ্ধৱ ভৰালী (Uddhab Bharali[1])
জন্ম চন (Date of Birth)৭ এপ্ৰিল, ১৯৬২ চন (7th Arpil, 1962)
জন্ম স্থান (Place of Birth)উত্তৰ লক্ষীমপুৰ (North lakhimpur)
শিক্ষা (Education)১) যোৰহাট জগ্গনাথ বৰুৱা মহাবিদ্যালয় (Jagannath Barooah College, Jorhat), 
২) যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়(Jorhat Engineering College)
বঁটা / সন্মান (Awards)১) জাতীয় উদ্ভাৱনী সংস্থাৰ ‘সৃষ্টি সন্মান’ (২০০৭),
২) উদ্ভাৱনৰ বাবে ৰাষ্ট্ৰপতি বঁটা (২০০৯),
৩) বিজ্ঞান প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ৰ ‘Meritorious Invention Award’ (২০১১) ,
৪) নাছাৰ ‘The Create the Future Design Contest’-ৰ দ্বিতীয় পুৰস্কাৰ।
৫) ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান (Padma shri award,2019)(২০১৯)
৬) ‘জাগ্ৰুতি ২০১৯’ সৰ্বভাৰতীয় মহোৎসৱত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠাৰ  ‘ৰোল মডেল এৱাৰ্ড’ লাভ।
৭) অসম সাহিত্য সভাৰ  “প্ৰযুক্তি-ৰত্ন” উপাধি প্ৰদান (২০১০)   
বয়স (Age)৫৯ বছৰ (59 Years)

Also Read: অচ্যুত লহকৰ জীৱনী | Biography of Achyut Lahkar

উদ্ধৱ ভৰালী ব্যক্তিগত জীৱন | Personal life of Uddhab Bharali

এক নতুন বিপ্লৱৰ বুনিয়াদ গঢ় দিয়া এজন ব্যক্তি হ’ল উদ্ধৱ ভৰালী (Uddhab Bharali)। কেৱল মাত্ৰ নতুন নতুন উদ্ভাৱনৰ কৌশলক লৈ ব্যস্ত থকা ভৰালীয়ে সমাজত প্ৰতিষ্ঠা কৰিছে এটা নতুন আদৰ্শ। উত্তৰ লক্ষীমপুৰত ১৯৬২ চনৰ ৭ এপ্ৰিলত জন্ম হোৱা ভৰালীয়ে কঠোৰ পৰিশ্ৰম,অধ্যাৱসায়ৰ জৰিয়তে এক সংগ্ৰামমুখৰ জীৱন অতিবাহিত কৰিও ন ন বস্তু উদ্ভাৱন কৰি উদ্ধৱ ভৰালীৰ সৰুৰে পৰা আছিল এক অনুসন্ধিৎসু মন।

অৱশ্যে আন আন শিশুৰ দৰেই শৈশৱ কালত উদ্ধৱ ভৰালীৰ মইনা পাৰিজাতৰ লগত জড়িত থকাৰ লগতে আকষ্মিক বক্তৃতা, তর্ক আদি বিষয়ত যথেষ্ট দখল আছিল। আকষ্মিক বক্তৃতাত সদায়েই তেওঁ লাভ কৰিছিল প্রথম স্থান। ইয়াৰ ওপৰিও তথ্য সমৃদ্ধ আৰু ৰহস্যঘন কিতাপ পঢ়ি ভাল পোৱা ভৰালীয়ে শৈশৱ কালতে পঢ়িছিল ‘দস্যু ভাস্কৰৰ পা-ফু চিৰিজ’ৰ কিতাপ। আনহাতে কিতাপ পঢ়াৰ লগতে শৈশৱত তেওঁ ফুটবল খেলি ভাল পাইছিল।

লক্ষীমপুৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰা ভৰালীয়ে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল যদিও সমাপ্ত কৰিব নোৱাৰিলে অভিযান্ত্ৰিক পাঠ্যক্ৰম। অন্যহাতে ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ চেন্নাইৰ Institute of Engineers- Madras ত নামভৰ্তি কৰিছিল যদিও পিতৃয়ে ইহলীলা সম্বৰণ কৰাৰ বাবে সমাপ্ত কৰিব নোৱাৰিলে এই পাঠ্যক্ৰমো।

Also Read: ৰঘুনাথ চৌধাৰী – জীৱনী | Raghunath Chaudhary

জীৱনৰ কীৰ্তিস্তম্ভ | Achievements

পিতৃয়ে ইহলীলা সম্বৰণ কৰাৰ পিছত দৰিদ্ৰতাই কোঙা কৰি নিয়া উদ্ধৱ ভৰালীয়ে নিজৰ উদ্ভাৱনশীল মনৰ জৰিয়তে দৰিদ্ৰতাৰ পৰা পৰিত্ৰাণ পাবলৈ ১৯৮৮ চনত উদ্ভাৱন কৰিলে এটা পলিথিন প্রস্তুত কৰা যন্ত্র। সেই সময়ত পলিথিন নিৰ্মাণ কৰা যন্ত্ৰটোৰ মূল্য আছিল প্ৰায় ৭ লাখ টকা। কিন্তু নিজৰ কষ্টৰ বলেৰে ৬৭ হাজাৰ টকা কৰি তেওঁ প্ৰস্তুত কৰিছিল পলিথিন নিৰ্মাণ কৰা এটা যন্ত্ৰ। 

ইয়াৰ পৰৱৰ্তী সময়ত উদ্ধৱ ভৰালীয়ে দিব্যাংগ লোকসকল (Specially abled)-ৰ বাবে চলা-ফুৰা, খোৱা-লোৱাৰ বাবে উদ্ভাৱন কৰিল এটা নতুন প্রযুক্তি যিটোৰ জৰিয়তে দিব্যাংগ লোকসকলে নিজে নিজৰ প্ৰয়োজনীয় কামখিনি কৰিব পাৰে। 

উদ্ধৱ ভৰালীয়ে উদ্ভাৱন কৰিছিল ঢেকী, যাৰ জৰিয়তে মানুহৰ সৈতে নিকটৱৰ্তী সম্পৰ্ক গঢ়ি উঠিল উদ্ধৱ ভৰালীৰ। 

অতি সহজতে চিমেন্টৰ পৰা মজবুট ইটা প্রস্তুত কৰিব পৰাকৈ তেওঁ নিমাৰ্ণ কৰিছিল ইটা প্রস্তুত কৰা যন্ত্ৰ। অন্যহাতে তেওঁ অপৰম্পৰাগতভাবে ধান খেতি কৰিব পৰা যন্ত্ৰও উদ্ভাৱন কৰিছিল। ইয়াৰ ওপৰিও তেখেতে নিৰ্মাণ কৰা কেইটামান যন্ত্ৰ হৈছে- চাহ গছৰ পাত টোকা যন্ত্ৰ (mini CTC tea plant), তামোলৰ বাকলি গুচোৱা যন্ত্ৰ, আদাৰ বাকলি গুচোৱা যন্ত্ৰ, মৰণা মৰা যন্ত্ৰ ইত্যাদি হ’ল তেওঁৰ জনপ্ৰিয় উদ্ভাৱন।

অৱশ্যে ২০০৬ চনত তেওঁ নিৰ্মাণ কৰা ডালিমৰ গুটি গুচোৱা যন্ত্ৰইহে তেওঁলৈ কঢ়িয়াই আনিছিল প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ডালিমৰ গুটি গোচোৱা যন্ত্ৰ (benchtop pomegranate deseeder)-ৰ বাবে নাছাৰ The Create the Future Design Contest-ৰ দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল ভৰালীয়ে।

অৱশ্যে ইয়াৰ আগতে অৰ্থাৎ ২০০৫ চনত উদ্বৱ ভৰালীক তেওঁ কৰা উদ্ভাৱনসমূহৰ সম্ভেদ পাই আহমেদাবাদস্থিত ৰাষ্ট্ৰীয় উদ্ভাৱন সংস্থা (National Innovation Foundation)-য়ে সাক্ষাৎ কৰিছিল। ইয়াৰ ওপৰিও উদ্ধৱ ভৰালী এতিয়ালৈকে TED (Technology, Entertainment, Design) প্লেটফৰ্মত বৰ্তমানলৈ পাচঁবাৰকৈ আমন্ত্ৰিত হৈছে।

তাৎপৰ্যপূৰ্ণ কথা যে উদ্ধৱ ভৰালীৰ উদ্ভাৱন সমূহ সমাজৰ সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে, খাটি খোৱা মানুহৰ বাবে তথা শাৰীৰিক বা মানসিকভাৱে অক্ষমলোকসকলৰ জীৱন যাত্ৰা সূচল কৰিবৰ বাবেহে নিৰ্মাণ কৰা। উল্লেখযোগ্য যে, তেওঁ কৃষকৰ বাবে কঠীয়া ৰোৱা যন্ত্ৰ, মৰণা মৰা যন্ত্ৰ, “গ্ৰীণ টী” তৈয়াৰী যন্ত্ৰ, ভীমকলৰ গুটি গুচোৱা যন্ত্ৰ, খৰি লুৰি খোৱা মানুহৰ বাবে কম ইন্ধন খৰচী চৌকা, মাছৰ বাকলি গুচোৱা যন্ত্ৰ আদি উদ্ভাৱন কৰাৰ লগতে দুখীয়া মহিলাৰ বাবে নিৰ্মাণ কৰিছে পুনৰ ব্যৱহাৰযোগ্য নেপকিন (Reusable Napkin)।

এইবোৰৰ উপৰিও শাৰীৰিক ভাৱে বাধাপ্ৰাপ্ত মানুহৰ সহায় হোৱাকৈ উদ্ধৱ ভৰালীয়ে উদ্ভাৱন কৰিছে কেইবাটাও সা-সঁজুলি।  হস্তহীন মানুহে নিজে কাৰো সহায় নোলোৱাকৈ নিজে আহাৰ গ্ৰহণ কৰিব পৰা সঁজুলিৰ লগতে আনৰ সহায় নোলোৱাকৈ শৌচাগাৰৰ কৰ্মসমূহ সম্পাদন কৰিব পৰা সঁজুলিও নিৰ্মাণ কৰিছে  দাতঁ ব্ৰাচ কৰা সঁজুলিও নিৰ্মাণ কৰিছে।

বৰ্তমানলৈকে প্ৰায় ১৫৪ টাতকৈ অধিক সঁজুলি উদ্ভাৱন কৰা উদ্ধৱ ভৰালীৰ নামত আছে প্ৰায় ৪০টা পেটেণ্ট। কেৱল বিভিন্ন সা-সঁজুলি উদ্ভাৱন কৰাই নহয় উদ্ধৱ ভৰালীয়ে প্রতিবছৰে কমেও ৫০ জন দেশ-বিদেশৰ ভিন্ন প্রান্ত শিক্ষার্থীসকলক প্রযুক্তি উদ্ভাৱন ক্ষেত্ৰত প্ৰশিক্ষণ প্রদান কৰি আহিছে। প্ৰশিক্ষণৰ জৰিয়তে তেওঁ বাস্তৱ জনজীৱনৰ লগত জড়িত বিভিন্ন সমস্যা সমাধানৰ প্রযুক্তি উদ্ভাৱনৰ বাবে প্রশিক্ষণ দিয়াৰ চেষ্টা অব্যাহত কৰিছে। 

ইয়াৰ ওপৰিও তেখেত অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি উদ্ভাৱন প্ৰশিক্ষণ কেন্দ্ৰত অতিথি পৰিচালক ৰূপে কাৰ্যনিবাহ কৰাৰ লগতে কেইবাখনো ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই.আই.টি.), আই.আই.ই. গুৱাহাটী আদি আন বহু প্ৰতিষ্ঠানতো ছাত্ৰ-ছাত্ৰীক দিছে প্ৰযুক্তিবিদ্যাৰ প্ৰশিক্ষণ।

ইতিবাচক কথা হ’ল উদ্ভাৱনৰ সমান্তৰালকৈ তেওঁ নিজা উপাৰ্জনৰ এটা অংশ বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমত খৰচ কৰাৰ লগতে বহু দুখীয়া শিক্ষাৰ্থীক শিক্ষাৰ খৰচ বহন কৰা, দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ পোহপাল দিয়া, শাৰীৰিক অক্ষম লোকৰ স্বনিৰ্ভৰশীলতাৰ বাবে সঁজুলি নিৰ্মাণ কৰি দিয়া লগতে প্ৰয়োজন অনুসৰি আৰ্থিকভাৱে সহায় কৰা আদি কৰ্মৰ জৰিয়তে তেওঁ পৰিচয় দিছে মানৱ দৰদী মনৰ এজন ব্যক্তি হিচাপে। গুৰুত্বপূৰ্ণ কথা যে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টা তথা খৰচেৰে এখন বৃদ্ধাশ্ৰম পৰিচালনা কৰিছে। তেওঁ নিজা উপাৰ্জনৰ টকাৰে  সমগ্ৰ অসমৰ ভিন্ন প্রান্তৰ প্ৰায় ২৫ টা পৰিয়ালক সম্পূর্ণ চোৱাচিতা কৰিছে, প্ৰায় সাতজনকৈ দিব্যাংগ লোকক প্রতিমাহে ২৫০০ টকাকৈ দিয়াৰ লগতে প্ৰায় ১০ গৰাকীকৈ বিধৱা লোকক মাহেকীয়াকৈ টকা প্ৰদান কৰি সহায় কৰিছে।

উদ্ধৱ ভৰালীৰ মানৱীয়তাৰ এটা জলন্ত উদাহৰণ হ’ল- গুৱাহাটীৰ নুনমাটিৰ বসন্ত কুমাৰ ডেকা  ২০১২ চনত ৰেল লাইনত সংঘটিত হোৱা এটা দুর্ঘটনাত হাত দুখন হেৰুৱাইছিল৷  ২০১৪ চনত  উদ্ধৱ ভৰালীৰ লগত যোগাযোগ কৰাত ভৰালীয়ে নিত্যকর্ম্ম কৰাত পানী ব্যৱহাৰৰ বাবে  এক সজুঁলি উদ্ভাৱন কৰাৰ লগতে দাতঁ ব্ৰাচ কৰা, খাদ্য খোৱা সজুঁলি উদ্ভাৱন কৰি তেওঁক প্ৰদান কৰে।

নিয়মীয়াকৈ বিভিন্ন ক্ষেত্ৰত গৱেষণা কৰি থকা উদ্ধৱ ভৰালীয়ে দিব্যাংগ লোকসকলৰ কাম কৰাৰ বাবে বিভিন্ন গৱেষণা অব্যাহত ৰাখিছে। ইয়াৰ লগতে বিভিন্ন কৃষি বিষয়ৰ সম্ভাৱনা আৰু ইয়াৰ কার্যকাৰিতা সম্পর্কে বিশেষভাবে গৱেষণা কৰি আছে। ইয়াৰ ওপৰি, ৰাজ্য তথা দেশ-বিদেশৰ ভিন্ন প্রান্তত এজন উদ্ভাৱক হিচাপে বিভিন্ন ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে তেওঁ। 

উদ্ভাৱনশীলতাৰ বাবে সৰ্বোচ্চ পদ্মশ্ৰী (Padma Shri) সন্মান লাভ কৰা উদ্ধৱ ভৰালীৰ কাষ চাপিছিল ২০০৭ চনত “ডিস্কʼভাৰী চেনেল”(Discovery channel)। আন এটা আন্তঃৰাষ্ট্ৰীয় চেনেল “হিষ্ট্ৰী”(History) -য়েও তেওঁৰ কৰ্মৰ সম্পৰ্কে প্ৰচাৰ কৰাৰ লগতে বিবিচি ৱৰ্ল্ডে (BBC World) তেওঁৰ কৰ্ম, জীৱন আৰু কৰ্মস্থলী আধাৰত এখনি তথ্যচিত্ৰ (Documentary) নিৰ্মাণৰ কাম হাতত লৈছে। ২০১০ চনত অসম সাহিত্য সভাই তেখেতেক “প্ৰযুক্তি-ৰত্ন” উপাধি প্ৰদান কৰিছে। ইয়াৰ লগতে তেওঁক ২০১৪ চনত অসম কৃষি বিশ্ববিদ্যালয়ে  সন্মানীয় ডক্টৰ অৱ চায়েঞ্চ (DSc) ডিগ্ৰী প্ৰদান কৰিছে। এইবোৰৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন সন্মানেৰে বিভূষিত হৈছে উদ্ধৱ ভৰালী। ২০১৮ চনত কাজিৰঙা বিশ্ববিদ্যালয়ে বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালী সন্মানজনক ডক্টৰেট ডিগ্ৰী আগ বঢ়ায়।

হাজাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও গতি ৰুদ্ধ হোৱা নাই উদ্ধৱ ভৰালীৰ। জীৱনৰ প্ৰতিটো খোজ ইতিবাচক ভাৱে দিয়া ভৰালীয়ে সৰুৰে পৰা জীৱনকলৈ লৈ আছিল আশাবাদী। স্কুলীয়া জীৱনৰে পৰাই কিবা এটা কৰাৰ দূর্দান্ত হেঁপাহ থকাৰ বাবেই তেওঁ সকলো প্ৰত্যাহ্বান নেওচিও কাম কৰিছিল। তেওঁৰ বাবে  জীৱন আৰু আশা এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। ৰাইজৰ সুখ-দুখ, অভাৱ অভিযোগৰ লগত জড়িত থাকি প্ৰতিটো সময়ত আনৰ বাবে কিবা এটা কৰি ভালপাই তেওঁ।

উদ্ধৱ ভৰালীয়ে খাটি খোৱা  মানুহৰ জীৱনধাৰা সহজসাধ্য কৰি তোলাৰ উদ্দেশ্য উত্তৰ লখিমপুৰ চহৰত স্থাপন কৰিছে U K B Agrotech Research Center.

গুৰুত্বপূৰ্ণ কথা যে তেওঁক প্ৰস্তাৱ দিয়াৰ স্বতেও উদ্ভাৱন কৰা সমূহ বেলেগ কোনো বাণিজ্যিক প্ৰতিষ্ঠানক গটাই দিয়া নাই। কাৰণ এইটো কৰিলে  আজিৰ দৰে কম মূল্যত সাধাৰণ মানুহৰ হাতত উদ্ভাৱন কৰা সজুলি সমূহ পোৱাটো সম্ভৱ নহʼবও পাৰে। সেইবাবেই তেওঁ বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠানৰ বহুকেইটা প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে। 

কোনা এটা কাম আৰম্ভ কৰি সেইটো শেষ নোহোৱালৈকে ব্যস্ত হৈয়ে থকা ভৰালীয়ে একেৰাহে বাসত্তৰ (72 hours) ঘন্টালৈকে একেৰাহে কাম কৰিও পাইছে। নৱ-প্ৰজন্মক লৈ যথেষ্ট আশাবাদী হোৱা উদ্ধৱ ভৰালীৰ বাবে কাম কৰাৰ মূল মন্ত্ৰ হ’ল ‘If you can do that, why not we”.

Also Read: হীৰেন ভট্টাচাৰ্য | Hiren Bhattacharyya

সামৰণি

উদ্ধৱ ভৰালীৰ জীৱন, কৰ্ম আৰু লক্ষ্যসমূহৰ হ’ল সমাজ জীৱনৰ প্ৰগতিৰ মূলধন। কঠোৰ প্ৰত্যাহ্বান সমস্যাকো অতিক্ৰম কৰি ব্যক্তিগত জীৱনেই নহয় সমাজত এটা সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হোৱা, এটা নতুন বিপ্লৱৰ সূচনা কৰি আদৰ্শ দেখুওৱাবলৈ সক্ষম হোৱা উদ্ধৱ ভৰালীক নৱ-প্ৰজন্ম তথা সমাজৰ প্ৰতিজন ব্যক্তিয়ে অনুকৰণ আৰু অনুসৰণ কৰাটো অতিকৈ প্ৰয়োজন।

FAQ

১) উদ্ধৱ ভৰালী কোন?

উঃ- উদ্ধৱ ভৰালী ৪৬০ তকৈও অধিক যন্ত্ৰপাতিৰ পেটেন্টৰ সৈতে অসমৰ এজন উদ্ভাৱক। তেওঁ কেইবাটাও বিজ্ঞান প্ৰযুক্ততিৰ যন্ত্ৰৰ উদ্ভাৱনৰ বাবে বিখ্যাত। তেওঁ বিজ্ঞান আৰু অভিযান্ত্ৰিকৰ বাবে ২০১৯ চনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা ‘পদ্মশ্ৰী’ সন্মান লাভ কৰিছিল।

২) উদ্ধৱ ভৰালীৰ জন্ম কেতিয়া হৈছিল?

উঃ- ১৯৬২ চনৰ এপ্ৰিল মাহৰ ৭ তাৰিখে।

৩) উদ্ধৱ ভৰালীৰ বয়স কিমান?

উঃ- ৫৯ বছৰ।

৪) উদ্ধৱ ভৰালীয়ে পদ্মশ্ৰী সন্মান কেতিয়া পাইছিল?

উঃ- ২০১৯ চনত।

৫) উদ্ধৱ ভৰালীক কিহৰ বাবে জনা যায়?

উঃ- উদ্ধৱ ভৰালীক বিশেষকৈ ‘ডালিমৰ গুটি গুচোৱা যন্ত্ৰ’-ৰ বাবে জনা যায়।

Writer: Ananya Borah

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top