হীৰেন ভট্টাচাৰ্য | Hiren Bhattacharyya Biography

হীৰেন ভট্টাচাৰ্য | Hiren Bhattacharyya Essay in Assamese | Biography of Hiren Bhattacharyya in Assamese | হীৰেন ভট্টাচাৰ্য বিষয়ে জীৱনী | হীৰেন ভট্টাচাৰ্য বিষয়ে ৰচনা | হীৰেন ভট্টাচাৰ্যৰ চমু পৰিচয়।

Join Telegram channel

আধুনিক অসমীয়া কাব্য ইতিহাসত হীৰেন ভট্টাচাৰ্য হ’ল এগৰাকী জনপ্ৰিয় কবি। অনুভূতিৰ গভীৰতা, কাব্যিক গীতিময়তা, অৰ্থৰ বৰ্ণাঢ্য ৰূপৰ প্ৰকাশ হ’ল হীৰেন ভট্টাচাৰ্য (Hiren Bhattacharyya) কবিতাৰ অন্যতম বৈশিষ্ট্য। কবিতা ভাল পোৱা প্ৰতিজন ব্যক্তিৰ বাবেই তেওঁ হীৰেন ভট্টাচাৰ্যৰ বিপৰীতে পৰিচিত ‘হিৰু দা‘ হিচাপে। গুৰুত্বপূৰ্ণ কথা যে আধুনিক অসমীয়া কবিতাক এক প্ৰকাৰৰ দুৰ্বোধ্যতাৰ পৰা মুক্ত কৰি কবিতা প্ৰেমী এখন বহল পাঠক সমাজ সৃষ্টি কৰাত প্ৰেম আৰু মানৱতাৰ কবি হীৰেন ভট্টাচাৰ্যৰ অৱদান আছিল অপৰিসীম।

হীৰেন ভট্টাচাৰ্য hiren

হীৰেন ভট্টাচাৰ্য জীৱনী | Hiren Bhattacharyya Biography

নাম (Name)হীৰেন ভট্টাচাৰ্য (Hiren Bhattacharyya[1])
জন্ম চন (Date of Birth)২৮ জুলাই, ১৯৩২ চন (28th July, 1932)
জন্ম স্থান (Place of Birth) যোৰহাট, অসম
অভিভাৱক (Parents)পিতৃৰ নাম (Father) : তীৰ্থনাথ ভট্টাচাৰ্য
মাতৃৰ নাম (Mother) : স্নেহলতা ভট্টাচাৰ্য
শিক্ষা (Education)১) ডিব্ৰুগড় গ্ৰেহাম বজাৰ এম ই স্কুল
২) তেজপুৰ মজলীয়া স্কুল
৩) গোলাঘাট হাইস্কুল
৪) গুৱাহাটীৰ কটন কলেজিয়েট স্কুল
৫) বি. বৰুৱা কলেজ
বঁটা / সন্মান (Awards)১) অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধাৰী বঁটা (১৯৭৬ চন)
২) অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা (১৯৮৫ চন)
৩) ভাৰতীয় বিদ্যা ভৱনৰ বালাজী সাহিত্য বঁটা (১৯৮৫ চন)
৪) চোভিয়েট দেশ নেহেৰু বটাঁ (১৯৮৭ চন)
৫) সাহিত্য অকাডেমি বঁটা (১৯৯২ চন)
৬) উত্তৰ প্ৰদেশ হিন্দী সংস্থাৰ ‘সৌহাদ্য সন্মান।  
৭) ভাৰতীয় ভাষা পৰিষদৰ ‘বজালিনী বঁটা’ (১৯৯৩ চন)                                                                                                          
৮) ‘অসম উপত্যকা সাহিত্য বঁটা’ (২০০০ চন)                                                                                       
৯) গণেশ গগৈ বঁটা (২০০৯ চন)                                                                                                                                                                                  
১০) পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ (২০১২ চন)
মৃত্যু (Death)৪ জুলাই, ২০১২ চন (4th July, 2012)

হীৰেন ভট্টাচাৰ্য প্ৰাৰম্ভিক জীৱন | Early life of Hiren Bhattacharyya

আধুনিক অসমীয়া কবিতাৰ অন্যতম শ্ৰেষ্ঠ কবি এইজন হীৰেন ভট্টাচাৰ্যৰ জন্ম হয় ১৯৩২ চনত যোৰহাটত। তেওঁৰ পিতৃৰ নাম আছিল- তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃৰ নাম আছিল- স্নেহলতা ভট্টাচাৰ্য। 

হীৰেন ভট্টাচাৰ্যৰ পিতৃ তীৰ্থনাথ ভট্টাচাৰ্য কৰ্মসূত্ৰে আছিল এজন জেইলাৰ। যাৰ অসমৰ বিভিন্ন প্ৰান্তত পিতৃৰ চাকৰি সূত্ৰে ঘূৰি ফুৰাৰ উপৰিও অসমৰ বিভিন্ন স্থানত শিক্ষা গ্ৰহণৰ সুবিধা পাইছিল হীৰেন ভট্টাচাৰ্যই। প্ৰথমে ডিব্ৰুগড় গ্ৰেহাম বজাৰ এম. ই. স্কুলত শিক্ষা জীৱন আৰম্ভ কৰা হীৰেন ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত তেজপুৰ মজলীয়া স্কুল, গোলাঘাট হাইস্কুলত অধ্যয়ন কৰি গুৱাহাটী কটন কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পৰৱৰ্তী সময়ত বি. বৰুৱা মহাবিদ্যালয়ৰ পৰা ১৯৫৪ চনত আই. এ. পৰীক্ষাত উত্তীৰ্ণ হয় হীৰেন ভট্টাচাৰ্য।

Also Read: অচ্যুত লহকৰ জীৱনী | Biography of Achyut Lahkar

হীৰেন ভট্টাচাৰ্য কৰ্মজীৱন | Career of Hiren Bhattacharya

১৯৬৪ চনত বোৰ্কাৰ এখন হাইস্কুলত কৰ্মজীৱন আৰম্ভ কৰা হীৰেন ভট্টাচাৰ্যই কাপোৰৰ দোকানত চেলছমেন হিচাপেও দায়িত্ব পালন কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সময়ৰৰ পৰাই হীৰেন ভট্টাচাৰ্য ১৯৫৪ চনৰ পৰা গণনাট্য সংঘৰ সৈতে জড়িত আছিল। গণ শিল্পী হেমাংগ বিশ্বাসৰ সান্নিধ্যত অহাৰ পিছতে হীৰেন ভট্টাচাৰ্য জড়িত হৈ পৰিছিল গণনাট্য সংঘৰ সৈতে। গণ নাট্য সংঘৰ সৈতে জড়িত থকাৰ সময়ত হীৰেন ভট্টাচাৰ্য প্ৰগতিশীল চিন্তাধাৰাৰ বহু কেইজন শিল্পী যেনে- বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, কেশৱ মহন্ত, দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মা, হীৰেন চৌধুৰী, জয়ন্ত বৰুৱাৰ সংস্পৰ্শলৈ আহিছিল। গুৰুত্বপূৰ্ণ কথা যে হীৰেন ভট্টাচাৰ্য গণনাট্য সংঘৰ গুৱাহাটী মহানগৰীৰ কাৰ্যকৰী কমিটিৰো সদস্য আছিল।

ইয়াৰ উপৰিও হীৰেন ভট্টাচাৰ্য ১৯৬৪-৬৫ চনত “অসম প্ৰগতিশীল শিল্পী সাহিত্যিক সংঘ”ৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছিল। এই সংঘৰ প্ৰগতিশীল চিন্তা-চৰ্চা, কাম-কাজ বহু জনৰ বাবে প্ৰেৰণা দায়ক আছিল।

অসম প্ৰগতিশীল শিল্পী সাহিত্যিক সংঘৰ পৰা হীৰেন ভট্টাচাৰ্যৰ সম্পাদনাত লুইত নামৰ এখন আলোচনীও প্ৰকাশ হৈছিল। গুৰুত্বপূৰ্ণ কথা যে আলোচনী খন কেৱল সম্পাদনা কৰাৰ দায়িত্বৰ মাজতেই হীৰেণ ভট্টাচাৰ্য আৱদ্ধ থকা নাছিল, তেওঁ পাণবজাৰৰ ফুটপাথত ৰৈ আলোচনী খন বিক্ৰী কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

হীৰেন ভট্টাচাৰ্যই ১৯৫৫ চনত চিত্ৰবন’ নামৰ আন এখন আলোচনীও সম্পাদনা কৰি প্ৰকাশ কৰিছিল। ইয়াৰ উপৰিও মনন’ নামৰ এখন আলোচনী সম্পাদনা কৰিছিল ভট্টাচাৰ্যই। 

এইসমূহৰ উপৰিও হীৰেন ভট্টাচাৰ্যই হীৰেন গোঁসাইৰ সৈতে যুটীয়া ভাৱে আন্তৰিক নামৰ এখন আলোচনী সম্পাদনা কৰি প্ৰকাশ কৰিছিল। অৱশ্যে দুটামান সংখ্যা প্ৰকাশ হোৱাৰ পিছত আলোচনী খনৰ প্ৰকাশ বন্ধ হৈ যায়।

দৈনন্দিন জীৱনৰ কোনো কথাতে শৃংখলাবদ্ধ ৰূপত লাগি থাকিব নোৱাৰা হীৰেন ভট্টাচাৰ্য আছিল বহু ক্ষেত্ৰত একক আৰু অদ্বিতীয়। কবি হিচাপে হীৰেন ভট্টাচাৰ্যৰ আছিল ঈৰ্ষণীয় জনপ্ৰিয়তা।

Also Read: ৰঘুনাথ চৌধাৰী – জীৱনী | Raghunath Chaudhary

সাহিত্যৰাজি

খুব কম বয়সৰ পৰা কবিতা লিখিবলৈ আৰম্ভ কৰা হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা প্ৰকাশ পাইছিল ১৯৫৭ চনত। কবিতা লিখি আকাশলংঘী জনপ্ৰিয়তা অৰ্জন কৰিলেও প্ৰকৃততে হীৰেন ভট্টাচাৰ্য আছিল যেতিয়াই তেতিয়াই, য’তে ত’তে কবিতা লিখি পেলাই থোৱা মানুহ। কিন্তু তেওঁৰ প্ৰতিটো কবিতা গোটাই-পিটাই যতনাই ৰাখি পত্নী পাৰুল দেৱীয়ে হীৰেন ভট্টাচাৰ্যৰ ভাতৃ চুনী ভট্টাচাৰ্যৰ সৈতে একত্ৰিত হৈ ১৯৬৪ চনত হীৰেন ভট্টাচাৰ্যৰ প্ৰথম খন কাব্য গ্ৰন্থ সংকলন ৰৌদ্ৰ কামনা প্ৰকাশৰ ব্যৱস্থা কৰিছিল। ৰৌদ্ৰ কামনা হ’ল ষাঠিৰ দশকত আধুনিক অসমীয়া কবিতাৰ অনন্য সংযোজন।

প্ৰথম খন কাব্য গ্ৰন্থ “ৰৌদ্ৰ কামনা” প্ৰকাশ পোৱাৰ আঠ বছৰৰ পাছত ১৯৭২ চনত প্ৰকাশ পাইছিল হীৰেন ভট্টাচাৰ্যৰ দ্বিতীয় খন কাব্য গ্রন্থ মোৰ দেশ আৰু মোৰ প্রেমৰ কবিতা। ১৯৬৪ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত লিখা কবিতা সমূহ এই দ্বিতীয় খন কাব্য গ্ৰন্থত সন্নিবিষ্ট কৰা হৈছিল।

ইয়াৰ উপৰিও হীৰেন ভট্টাচাৰ্যৰ অসমীয়া ভাষাত প্ৰকাশিত আন আন কাব্য সংকলন সমূহ হ’ল- ‘বিভিন্ন দিনৰ কবিতা’ (১৯৭৪), ‘কবিতাৰ ৰ’দ’ (১৯৭৭), ‘সুগন্ধি পখিলা’ (১৯৮১), ‘শইচ পথাৰ মানুহ’ (১৯৮১), ‘মোৰ প্ৰিয় বৰ্ণমালা’, ‘ভালপোৱাৰ বোকা-মাটি’, ‘ভালপোৱাৰ দিক্‌চৌ বাটেৰে’, ‘বাচকবনীয়া কবিতা’, ‘সুগন্ধি শিপা’, ‘শিপাৰ পৰা পাতলৈ’, ‘কেইটামান গান’ আদি। ইয়াৰ উপৰিও ভট্টাচাৰ্যৰ বঙালী ভাষাত প্ৰকাশিত কাব্য সংকলন হ’ল- ‘জোনাকী মন আৰু অন্যান্য’, ‘শস্যেৰ মাঠ আৰু অন্যান্য’।

অসমীয়া সাহিত্য জগতত সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু দালিৰ কবি বুলি নামাংকিত কৰা হীৰেন ভট্টাচাৰ্যৰ কবিতাত প্ৰগতিশীল সমাজ চেতনাৰ উপৰিও প্ৰেম, যৌৱন, স্বদেশনুৰাগ তথা মানৱতাৰ উজ্জ্বল প্ৰকাশ প্ৰতিফলিত হয়। অতি সংযমী আৰু মিতব্যয়ী ভাষাৰ ব্যৱহাৰ, বাচকবনীয়া শব্দৰ চয়নৰ যাদুকৰী শব্দেৰে চুটি চুটি কবিতাৰ মাজত এক সংবেদনশীল ভাবনাৰ গীতিধৰ্মী প্ৰকাশ হ’ল হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ এক অন্যতম বৈশিষ্ট্য। হীৰেন ভট্টাচাৰ্যৰ কবিতাত গাঁৱলীয়া জীৱনৰ প্ৰতি প্ৰবল মোহ পৰিলক্ষিত হয়। ইয়াৰ উপৰিও সাময়িক যুগৰ যন্ত্ৰণাৰ ছবিও হীৰেন ভট্টাচাৰ্যৰ কবিতাত অনুৰণিত হয়।  তেখেতৰ কবিতা হ’ল চিত্ৰকলাৰে সমৃদ্ধ। প্ৰেম, মৃত্যু, জীৱন যন্ত্ৰণা, মানৱীয় প্ৰশান্তি, মানসিক ভীতিগ্ৰস্ততা – জীৱনৰ এই বিচিত্ৰ ৰূপসমূহ হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ জৰিয়তে সুন্দৰ ৰূপত প্ৰতিফলিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে যদি থিতাতে উদ্ধৃতি দিব পৰা কবিতা আছে, তেন্তে সেয়া কবিতা হ’ল হীৰেন ভট্টাচাৰ্যই ৰচনা কৰা। কথা কওঁতে বা চিঠি লিখোতে হীৰেন ভট্টাচাৰ্যৰ চুটি চুটি কবিতা ব্যৱহাৰ কৰা প্ৰেমিক-প্ৰেমিকাৰ সংখ্যা অগণন। এক কথাত মানুহৰ মনত, হৃদয়ত স্পৰ্শ কৰিব পৰা আছিল হীৰেন ভট্টাচাৰ্যৰ প্ৰতিটো কবিতা। কবিতা হ’ল হীৰেন ভট্টাচাৰ্যৰ বাবে  অন্বেষণৰ এক যাত্ৰা কুশল বিনিময় পত্ৰ।

কীৰ্তিস্তম্ভ

স্বকীয় কাব্যশৈলীৰে অগণন পাঠকক মোহাচ্ছন্ন কৰা হীৰেন ভট্টাচাৰ্যই ১৯৯২ চনত ‘শইচ পথাৰ মানুহ’ নামৰ কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ইয়াৰ উপৰিও এইখন কবিতা সংকলনৰ বাবেই তেওঁ ১৯৯৩ চনত ভাৰতীয় ভাষা পৰিষদৰ বজালিনী বঁটা লাভ কৰে। ‘সুগন্ধি পখিলা’ গ্ৰন্থৰ বাবে ১৯৮৫ চনত হীৰেন ভট্টাচাৰ্যই সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা, ভাৰতীয় বিদ্যা ভৱনৰ বালাজী সাহিত্য বঁটা লাভ কৰাৰ লগতে ১৯৮৭ চনত চোভিয়েট দেশ নেহেৰু বটাঁ লাভ কৰে। ইয়াৰ উপৰিও ১৯৭৬ চনত প্ৰকাশিত ‘বিভিন্ন দিনৰ কবিতা’ সংকলনটোৰ বাবে হীৰেন ভট্টাচাৰ্যই অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধাৰী বঁটা লাভ কৰে। এই সমূহৰ উপৰিও উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসৰ অসম উপত্যকা সাহিত্য বঁটা, অসম চৰকাৰৰ গণেশ গগৈ বঁটা, মুম্বাইৰ ৰামনাথ ভট্টাচাৰ্য ফাউণ্ডেচনৰ পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰে বিভূষিত হৈছিল স্বকীয় কাব্যশৈলীৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰালটোক চহকী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হীৰেন ভট্টাচাৰ্য।

কবিতাৰ উপৰিও হীৰেন ভট্টাচাৰ্যই ৰচনা কৰা গীতৰ সংকলনৰ নাম হ’ল ‘তোমাৰ গান’ (১৯৭৬) আৰু ‘কেইটামান গান’ (২০০৭) । হীৰেন ভট্টাচাৰ্যৰ ভাষাত তেওঁ গীত নিলিখে, কবিতা লিখে, কিন্তু সুৰ দিলে কবিতা ৰূপান্তৰিত হয় গীতলৈ। গুৰুত্বপূৰ্ণ কথা যে হীৰেন ভট্টাচাৰ্যৰ কবিতা বহু কেইটা কবিতা পুলক বেনাৰ্জী, জুবিন আৰু অনিন্দিতা পাল আদিৰ দৰে শিল্পীয়ে সুৰেৰে সজাইছিল। যি সমূহ দৰ্শক, শ্ৰুতাৰ মাজত সমাদৃত।

শিশুৰ বাবেও শিশু উপযোগী গ্ৰন্থ ৰচনা কৰিছিল হীৰেন ভট্টাচাৰ্যই। তেওঁ শিশুৰ উপযোগীকৈ ৰচনা কৰা গ্ৰন্থ কেইখন হ’ল-‘ল’ৰা ধেমালি’, ‘আকৌ ধেমালি’, ‘ৰৈ ৰৈ ধেমালি’। ইয়াৰ উপৰিও তেওঁৰ দ্বাৰা সম্পাদিত উল্লেখযোগ্য গ্ৰন্থ হ’ল- ‘আমাৰ মাজৰ ব্ৰজেন বৰুৱা’, ‘প্ৰসংগ:দধি মহন্ত’ ।

গুৰুত্বপূৰ্ণ কথা যে ২০১১ চনত Bhabani Print and publications য়ে হীৰেন ভট্টাচাৰ্যৰ সকলো কবিতা অৰ্থাৎ ১৯৫৭ চনৰ পৰা ২০১০ চনলৈকে ৰচনা কৰা কবিতাসমূহৰ একত্ৰিত সংকলন ‘হীৰেন ভট্টাচাৰ্যৰ কবিতা: প্ৰথমৰ পৰা আটাইবোৰ’ ১৯৫৭-২০১০ প্ৰকাশ কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে হীৰেন ভট্টাচাৰ্যই ১৯৮৬ চনত অনুষ্ঠিত ৫২ তম অসম সাহিত্য সভাৰ নগাঁও, কামপুৰৰ মাধৱ কন্দলি ক্ষেত্ৰৰ কবি সন্মিলনৰ সভাপতি ৰূপেও দায়িত্ব পালন কৰিছিল।

সামৰণি

হীৰেন ভট্টাচাৰ্যৰ ব্যক্তিত্ব তথা মনটো আছিল খেয়ালী আৰু জীৱন প্ৰণালী আছিল বিশৃংখল। তথাপিও তেওঁ শিল্পী জীৱন বান্ধি ৰাখিছিল সহজে চকুত নপৰা ৰুচিবোধ আৰু সংযমেৰে। কাৰো লগত বিবাদ-বিতৰ্কত লিপ্ত হোৱাটো তেওঁৰ বাবে আছিল সময়ৰ অপচয়। অথচ অসমীয়া ভাষা সংস্কৃতিৰ ঐতিহ্যৰ বাবে তেওঁ সচেতনভাৱে দায়বদ্ধ আছিল। নতুন প্ৰজন্মক সৃষ্টিশীলতাৰ বাট দেখুওৱা এইজন মহান মহিষী হীৰেন ভট্টাচাৰ্যই ২০১২ চনৰ চাৰি জুলাই তাৰিখে গুৱাহাটীৰ দিশপুৰ চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰে। পঞ্চাশৰ দশকতে কাব্য চৰ্চা আৰম্ভ কৰি ষাঠি, সত্তৰ দশকত উজ্জ্বল প্ৰতিভাৰে জ্বিলিকি উঠা হীৰেন ভট্টাচাৰ্য হ’ল অসমীয়াৰ গৌৰৱ।

Also Read: আনন্দ চন্দ্ৰ আগৰৱালা | Ananda Chandra Agarwala

FAQ

১) হীৰেন ভট্টাচাৰ্য কʼত আৰু কেতিয়া জন্ম হৈছিল?

উঃ- ২৮ জুলাই, ১৯৩২ চনত অসমৰ যোৰহাট জিলাত জন্ম হৈছিল।

২) ‘সুগন্ধি পখিলা’ কোনে লিখা?

উঃ- ‘সুগন্ধি পখিলা’ হীৰেন ভট্টাচাৰ্যয়ে লিখা এখনি কাব্য সংকলন, ১৯৮১ চনত প্ৰকাশ পাইছিল।

৩) হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কাব্য সংকলন কি?

উঃ- ‘ৰৌদ্ৰ কামনা’।

৪) ‘প্ৰেম আৰু ৰ’দালিৰ কবি’ বুলি কাক জনা যায়?

উঃ- হীৰেন ভট্টাচাৰ্যক।

৫) হীৰেন ভট্টাচাৰ্যক কিহৰ বাবে সাহিত্য অকাডেমি বঁটা দিয়া হৈছিল?

উঃ- ১৯৯২ চনত প্ৰকাশ পোৱা ‘শইচ পথাৰ মানুহ’ নামৰ কাব্যগ্ৰন্থৰ বাবে দিয়া হৈছিল।

Writer: Ananya Borah

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top