ৰবীন্দ্ৰনাথ ঠাকুৰ | Rabindranath Tagore Biography

ৰবীন্দ্ৰনাথ ঠাকুৰ | Rabindranath Tagore Essay in Assamese | Biography of Rabindranath Tagore in Assamese | ৰবীন্দ্ৰনাথ ঠাকুৰ বিষয়ে জীৱনী | ৰবীন্দ্ৰনাথ ঠাকুৰ বিষয়ে ৰচনা | ৰবীন্দ্ৰনাথ ঠাকুৰৰ চমু পৰিচয়।

Join Telegram channel

ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা বিংশ শতিকাৰ প্ৰথম কালছোৱা আধুনিক বাংলা সাহিত্যৰ ৰবীন্দ্ৰ যুগ নামেৰে পৰিচিত। ৰবীন্দ্ৰনাথ ঠাকুৰ (Rabindranath Tagore) বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। তেওঁ একেধাৰে কবি, উপন্যাসিক, নাট্যকাৰ, গীতিকাৰ, গল্পকাৰ, প্ৰবন্ধকাৰ, চিত্ৰকৰ, দাৰ্শনিক, কন্ঠশিল্পী তথা অভিনেতা আছিল। কবিগুৰু, বিশ্বকবি, গুৰুদেৱ নামেৰে প্ৰসিদ্ধ ৰবীন্দ্ৰনাথ ঠাকুৰে বিশ্বৰ সাহিত্যৰ মানচিত্ৰত ভাৰতক নিজৰ দক্ষতাৰ জৰিয়তে স্থান দিছিল।

ৰবীন্দ্ৰনাথ ঠাকুৰ Rabindranath

ৰবীন্দ্ৰনাথ ঠাকুৰ জীৱনী | Rabindranath Tagore Biography

নাম (Name)ৰবীন্দ্ৰনাথ ঠাকুৰ (Rabindranath Tagore[1])
জন্ম চন (Date of Birth)৭ মে, ১৮৬১ চন (7th May, 1861)
জন্ম স্থান (Place of Birth)কলিকতা, ব্ৰিটিছ ভাৰত
পৰিয়াল (Family)পিতৃৰ নাম (Father) : দেবেন্দ্ৰনাথ ঠাকুৰ
মাতৃৰ নাম (Mother) : সাৰদা দেৱী
পত্নী (Wife): মৃণালিনী দেৱী
শিক্ষা (Education)১) St. Xavier’s School
২) University of Brighton, England
বঁটা / সন্মান (Awards)১৯১৩ চনত সাহিত্যত ন’বেল বঁটা লাভ
মৃত্যু (Death)৭ আগষ্ট, ১৯৪১ চন (7th August, 1941)

ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰাৰম্ভিক জীৱনী | Early Life of Rabindranath Tagore

কলিকতাৰ জোড়াসাঁকোৰ বিখ্যাত ঠাকুৰ পৰিয়ালত ১৮৬১ চনৰ ৭ মে’ তাৰিখে জন্মগ্ৰহণ কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। পিতৃ মহৰ্ষি দেবেন্দ্ৰ নাথ ঠাকুৰ আৰু মাতৃ সাৰদা সুন্দৰী দেৱীৰ পোন্ধৰটা সন্তানৰ ভিতৰত চৈধ্য নম্বৰ  সন্তান আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। সামাজিক, সাংস্কৃতিক আৰু সাহিত্যৰ চৰ্চাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ অৱদান অনস্বীকাৰ্য্য। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ককাক দ্বাৰকানাথে ধৰ্মীয় কু-সংস্কাৰ শেষ কৰি এক সংস্কাৰ সমাজ ব্যৱস্থা গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল। অন্যহাতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতৃ দেবেন্দ্রনাথ ঠাকুৰেও ধৰ্মীয় আৰু সামাজিক ক্ষেত্ৰখনত সংস্কাৰ সাধন কৰিবলৈ অহোপুৰুষাৰ্থ কৰাৰ লগতে প্রাচ্য-পাশ্চাত্য সংস্কৃতিৰ অভূতপূর্ব সমন্বয় সাধন কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছিল।

ৰবীন্দ্ৰ নাথ ঠাকুৰ মানুহৰ একতাৰ ওপৰত পৰম বিশ্বাসী হোৱাৰ লগতে প্ৰকৃতিৰ প্ৰতিও তেওঁৰ আছিল গভীৰ প্ৰেম। বিশ্বৰ  শ্ৰেষ্ঠ কবি আৰু বিশ্বৰ চিন্তাদূত হিচাপে অভিহিত বহুমুখী প্ৰতিভাৰ অধিকাৰী ৰবীন্দ্ৰনাথ ঠাকুৰে বঙলা সাহিত্যলৈ ৫২ খন কাব্য,৬০ খন নাটক, ১৩ খন উপন্যাস, ৯৫ এটা চুটি গল্প, ৩০০০ বিৰল চিত্ৰ, ২০০০ গীত, চিঠি আদিৰে যাউতি যুগীয়া  অৱদান আগবঢ়াই। গুৰুত্বপূৰ্ণ কথা যে তেখেতে ভানুসিংহৰ ছদ্মনামেৰেও বিভিন্ন গীত, কবিতা ৰচনা কৰিছিল।

Also Read: অচ্যুত লহকৰ জীৱনী | Biography of Achyut Lahkar

ৰবীন্দ্ৰনাথ ঠাকুৰ সাহিত্যিক জীৱন | Literary Life of Rabindranath Tagore

ৰবীন্দ্ৰনাথ ঠাকুৰ আভিজাত্য, ঋষিপিতা দেবেন্দ্ৰনাথ ঠাকুৰৰ প্ৰভাৱ, স্বদেশী মনোভাৱ, সংযত সৌন্দৰ্যবোধ আৰু শিল্পৰুচীৰ মাজত ডাঙৰ দীঘল হৈছিল। পাৰিবাৰিক পৰিৱেশেই তেওঁৰ শিল্পী মন তথা কবি হৃদয় লাহে লাহে প্ৰস্ফুটিত হোৱাৰ বাবে অনুঘটকৰ দৰে কাম কৰিছিল। মাত্ৰ আঠ বছৰ বয়সৰ পৰাই ৰবীন্দ্ৰনাথ ঠাকুৰে কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। ১৮৭৪ চনত তত্ত্ববোধিনী পত্ৰিকাত প্ৰকাশিত অভিলাষ’ কবিতাটো তেওঁৰ প্ৰথম প্ৰকাশিত ৰচনা।

ইয়াৰ পৰৱৰ্তী সময়ত ভাৰতী, সাধনা— আদি কাকতত ৰবীন্দ্ৰনাথৰ নিত্য নতুন কবিতা প্রকাশিত পাইছিল। 

কবিতা | Poems

ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা কবিতা পুথি সমূহ হ’ল- কবিকাহিনী’, ‘বনফুল’, ‘ভগ্নহৃদয়’, ‘সন্ধ্যাসংগীত’, ‘প্ৰভাতসংগীত’, ‘ছবি গান’, ‘কড়ি কোমল’, ‘মানসী  সোনাৰ তৰী’ (১৮৯৪), ‘চিত্ৰা‘(১৮৯৬), ‘চৈতালি’ (১৮৯৬), ‘কল্পনা’ (১৯০০) আৰুক্ষণিকা’ (১৯০০), ‘নৈবেদ্য’ (১৯০১), ‘খেয়া’ (১৯০৬), ‘গীতাঞ্জলি’ (১৯১০), ‘গীতিমাল্য’ (১৯১৪), ‘গীতালি’ (১৯১৪), ‘বলাকা’ (১৯১৬), ‘পলাতকা’ (১৯১৮), ‘পূৰবী’ (১৯২৫), ‘মহুৱা’(১৯২৯), ‘ৰোগশয্যায়’ (১৯৪০), ‘আৰোগ্য ‘(১৯৪১), ‘জন্মদিনে’ (১৯৪১), ‘শেষ লেখা’ (১৯৪১, মৰণোত্তৰ ভাবে প্ৰকাশিত)

ইয়াৰ উপৰিও ঠাকুৰৰ দ্বাৰা প্ৰকাশিত চাৰিখন গদ্যকাব্য হ’ল-পুনশ্চ’ (১৯৩২), ‘শেষ সপ্তক ‘(১৯৩৫), ‘পত্ৰপুট’ (১৯৩৬) আৰুশ্যামলী’ (১৯৩৬)

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাত মানৱ হৃদয়ৰ বিষণ্ণতা, আনন্দ, মৰ্ত্যপ্ৰীতি আৰু মানৱপ্ৰেম,আধ্যাত্মিক চিন্তাৰ প্ৰাধান্য পৰিলক্ষিত হয়। ভাৱ-গভীৰতা,গতিধৰ্মিতা,প্ৰকৃতিপ্ৰেম,সৌন্দৰ্য চেতনা হ’ল তেওঁৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য । ইয়াৰ ওপৰিও ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ কবিতাত প্ৰাচীন সাহিত্যেৰ দুৰূহতাৰ পৰিবৰ্তে সহজ আৰু সৰস কাব্যৰচনাৰ আঙ্গিক গ্ৰহণ কৰিছিল। ইয়াৰ ওপৰিও ১৯৩০-ৰ দশকত কিছু পৰীক্ষামূলক ৰচনাৰ মাধ্যমেদি বাংলা সাহিত্যত আধুনিকতা আৰু বাস্তৱতাবোধৰ প্ৰাথমিক আবিৰ্ভাৱ প্ৰসঙ্গত নিজ প্ৰতিক্ৰিয়া কবিতাৰ মাজেৰে ব্যক্ত কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। কবিতাৰ গভীৰ ভাৱ গধুৰতা আৰু মধুৰ লয়ৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰক The myrial minded poet  বা বিশাল অন্তৰৰ কবি বুলিও অভিহিত কৰা হয়।

গীত | Songs

ৰবীন্দ্ৰনাথৰ গীত তেওঁৰ জীৱনৰ অন্যতম কৃৰ্তি। ১৯১৩ চনত ‘গীতাঞ্জলি’ৰ ইংৰাজী অনুবাদ ‘Song Offerings’ ৰ কাৰণে বেল পুৰস্কাৰ লাভ কৰে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলি কাব্যগ্ৰন্থক ন’বেল ফাউণ্ডেচন (Noble Foundation)এ গভীৰ সংবেদনশীল, উজ্জ্বল আৰু সুন্দৰ কাব্যগ্ৰন্থ বুলি মন্তব্য কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰ হৈছে এছিয়া মহাদেশৰ প্ৰথমজন ব্যক্তি যি বেল বঁটা লাভ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ন’বেল পুৰস্কাৰ লাভ কৰা গীতাঞ্জলি কাব্যগ্ৰন্থ খনত মুঠ ১৫৭ টা গীতি কবিতা আছে আৰু ইয়াৰ মাজেৰে কবিয়ে জীৱন প্ৰসঙ্গত নিজস্ব দৃষ্টিভঙ্গি প্ৰকাশ কৰিছে। আৰু ঠিক তাৰ পাছৰ পৰাই বাংলা সাহিত্য আৰু বাংলা সাহিত্যিকৰ ওপৰত তেওঁৰ প্ৰভাৱ বিপুলভাৱে পৰিবলৈ ধৰে।

চুটিগল্প | Short Stories

কবিতাৰ ওপৰিও ৰবীন্দ্ৰনাথৰ হাততেই বাংলা চুটিগল্পৰ উন্মেষ ঘটিছিল আৰু চুটিগল্প সমূহে সমৃদ্ধি লাভ কৰিছিল। এক অৰ্থত বাংলা চুটিগল্পৰ জন্মদাতা হ’ল ৰবীন্দ্ৰনাথ ঠাকুৰ। ভিখারিনী, ঘাটের কথা, রাজপথের কথা আদি গল্পৰে ৰবীন্দ্ৰনাথ ঠাকুৰে চুটিগল্পৰ  জীৱন আৰম্ভ কৰিলেও হিতবাদী পত্ৰিকাত ১৮৯০ চনত প্ৰকাশিত দেনাপাওনা গল্পৰ পৰাহে প্ৰকৃত অৰ্থত চুটিগল্পৰ আৰম্ভ হৈছে বুলি সমালোচক সকলে মন্তব্য আগবঢ়াইছে। গুৰুত্বপূৰ্ণ কথা যে ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা ভিখারিনী’  নামৰ গল্পটিক বঙালী সাহিত্যৰ প্ৰথম চুটিগল্পৰ মৰ্যাদা দিয়া হৈছে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ উল্লেখযোগ্য গল্প সংকলন কেইটা হৈছে – ‘English Stories’, ‘তিনসংগী’, ‘গল্পগুচ্ছ’, ‘গল্পচল্প’ আৰু লিপিকা’। 

ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্পসমূহ যিদৰে শিল্পগুণৰ ক্ষেত্ৰত উৎকৃষ্ট ঠিক সেইদৰে বাঙালী গ্ৰামীণ তথা নাগৰিক জীৱনৰ চিত্ৰণ হিচাপেও অসাধাৰণ।পোষ্টমাষ্টাৰ’, ‘কাবুলিৱালা’, ‘ছুটি’, ‘দিদি’ আদি গল্পত মানুহৰ স্নেহ-প্ৰেমৰ এটি চিত্ৰ অংকিত হোৱাৰ বিপৰীতে ক্ষুধিত পাষাণ’, ‘নিশীথে’, ‘মণিহারা’ আদি গল্পত মানৱ জীৱনৰ অপাৰ ৰহস্য, প্ৰকৃত-অতিপ্ৰাকৃতৰ ভেদ লুপ্ত কৰিছে। ৰবীন্দ্ৰনাথ ঠাকুৰে জীৱনৰ শেষৰ ফালে ৰচনা কৰা গল্পসমূহত আধুনিক জীৱনৰ সমস্যাৰ কথা অৱতাৰণা কৰিছিল।রবিবার’, ‘শেষ কথা’, ‘ল্যাবরেটরি’ আদি গল্পত প্ৰেমৰ বিশাল শক্তি, বিৰাট ব্যপ্তি, প্ৰগাঢ় উন্মাদনা, প্ৰবল আকৰ্ষণ আদি প্ৰতিফলিত হৈছে। গুৰুত্বপূৰ্ণ কথা যে “Glimpses of Bengal Life”(1913)ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্পসমূহৰ ইংৰাজী অনুবাদ সংকলন প্ৰকাশ হৈছে।

ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯১৩ চনত “The Crescent Moon” নামৰ সংকলনখনত তেওঁৰ শৈশৱ আৰু ঘৰুৱা জীৱনৰ বিভিন্ন ঘটনা প্ৰতীকৰ মাধ্যমেৰে বৰ্ণনা কৰিছে। ইয়াৰ উপৰিও ‌“The Realisation of Life”(1913) নামৰ আন এখন কিতাপত তেওঁ আমেৰিকা আৰু ইংলেণ্ডৰ বিশ্ববিদ্যালয়ত প্ৰদান কৰা বক্তৃতালানি‌ সন্নিবিষ্ট কৰিছে।

নাটক | Drama

প্ৰায় ৬০ খন নাটক ৰচনা কৰা ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰথম খন নাটক হ’ল ২০ বছৰ বয়সত ৰচনা কৰা বাল্মিকী। ১৮৯০ চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰে ৰচনা কৰা বিসৰ্জন’ নামৰ নাটক খনত তেওঁৰ দ্বাৰা ৰচিত সৰ্বশ্ৰেষ্ঠ নাটক বুলি বহুতে বিবেচনা কৰে। ইয়াৰ উপৰিও তেওঁৰ দ্বাৰা ৰচিত উল্লেখযোগ্য নাটকসমূহ হ’ল-ৰাজাৰাণী’, ‘ডাকঘৰ’, ‘ৰক্তকৰবী’, ‘চিত্ৰাংগদা’, ‘মায়াৰ খেলা’, ‘নবীন’, ‘নলিনী প্ৰকৃতিৰ প্ৰতিশোধ’, ‘প্ৰায়শ্চিত্ত’, ‘পৰিত্ৰাণ’, ‘পৰিশোধ’, ‘ফাল্গুনী’, ‘ব্যঙ্গকৌতক’, ‘বসন্ত’, ‘বাল্মীকিপ্ৰতিভা’, ‘বাঁশৰি’ আদি।

অন্যান্য | Others

গুৰুত্বপূৰ্ণ কথা যে, এগৰাকী অভিনেতা হিচাপেও খ্যাতি অৰ্জন কৰা ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল নৃত্য নাটিকাৰ জন্মদাতা। তেখেতে ৰচনা কৰা নৃত্যপ্ৰধান নাটসমূহক ৰবীন্দ্ৰ নৃত্যনাট্য বুলি জনা যায়। 

এজন উচ্চ পৰ্যায়ৰ সংগীতজ্ঞ হিচাপে পৰিচিত থকা ৰবীন্দ্ৰনাথ ঠাকুৰৰ গান সমূহক গান ৰবীন্দ্ৰ সংগীত হিচাপে জনা যায়। তেওঁ ৰচনা কৰা গান সমূহ হ’ল বঙালী সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ।

ৰবীন্দ্ৰনাথ ঠাকুৰ হৈছে  বিশ্বৰ একমাত্ৰ কবি যি দুখনকৈ দেশৰ ৰাষ্ট্ৰীয় সংগীত ৰচনা কৰিছে৷ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন ওপৰিও চুবুৰীয়া দেশ বাংলাদেশৰো ৰাষ্ট্ৰীয় সংগীত আমাৰ সোনাৰ বাংলা ৰচনা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে।

চিত্ৰকৰ হিচাপেও সমাদৃত হোৱা ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিত্ৰশিল্পী হিচাপে স্থান আছিল অৱনিন্দ নাথ ঠাকুৰ, ৰাম কিঙ্কৰ বেজৰ পিছতেই। পেৰিচ নগৰত পোন প্ৰথমে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰথম চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল।

উপন্যাসিক হিচাপেও জনপ্ৰিয় ৰবীন্দ্ৰনাথ ঠাকুৰৰ উপন্যাস সমূহ হ’ল- গোৰা’, ‘ঘৰে বাইৰে’, ‘চতুৰঙ্গ’, ‘চাৰ অধ্যায়’, ‘চোখেৰ বালি’, ‘দুই বোন’, ‘শেষেৰ কবিতা’, ‘নৌকা ডুবি’, ‘প্ৰজাপতিৰ নিৰ্বন্ধ’, ‘বউ ঠাকুৰাণীৰ হাট’, ‘মালঞ্চ’, ‘যোগাযোগ’, ‘ৰাজৰ্ষি’

ভ্ৰমণপ্ৰিয় ৰবীন্দ্ৰনাথ ঠাকুৰে চীন, জাপান, ইন্দোনেছিয়া, ৰাছিয়া, পাৰস্য, ইউৰোপ, আমেৰিকা আদি বিভিন্ন দেশৰ ভাৰতৰ বাহিৰৰ অনা-বঙালী পঢ়ুৱৈ আৰু শ্ৰোতাসকলক তেখেতৰ সাহিত্য কৰ্মৰ সৈতে পৰিচয় কৰি দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উল্লেখযোগ্য যে, তেওঁৰ এই ভ্ৰমণে ভাৰতৰ মর্যাদা বৃদ্ধি কৰিছিল।

Also Read: আনন্দ চন্দ্ৰ আগৰৱালা | Ananda Chandra Agarwala

সমাজলৈ অৱদান | Contribution to the Society

গুৰুত্বপূৰ্ণ কথা যে ১৯০১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তি নিকেতনত ব্ৰক্ষ্মচৰ্যাশ্ৰম স্থাপন কৰে। ১৯২১ চনত গ্ৰামোন্নয়ন কাৰণে শ্ৰী নিকেতন নামেৰে এটা প্ৰতিষ্ঠান গঠন কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। শ্ৰী নিকেতনৰ জৰিয়তে মহাত্মা গান্ধী দ্বাৰা পৰিচালিত ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটি বিকল্প ব্যৱস্থা প্ৰতিষ্ঠাৰ চেষ্টা কৰাৰ লগতে দেশ-বিদেশৰ বিভিন্ন পণ্ডিত আৰু বিদ্বান লোকৰ সহযোগত ৰবীন্দ্ৰনাথ ঠাকুৰে গাঁৱৰ লোকসকলক বিনামূলীয়া শিক্ষা দিয়াৰ প্ৰয়াস কৰিছিল এই শ্ৰী নিকেতন প্ৰতিষ্ঠানৰ মাজেৰে।

শ্ৰেণীকোঠাৰ পৰম্পৰাগত পদ্ধতিক প্ৰত্যাহ্বান জনোৱাৰ বাবে পশ্চিম বংগৰ শান্তিনিকেতনত ১৯২৩ চনত বিশ্বভাৰতী প্ৰতিষ্ঠিত কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। বৰ্তমানো বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ এতিয়াও মুকলি পথাৰত, গছৰ তলত শিক্ষাৰ্থীসকলক শিক্ষাদান কৰা হয়। গুৰুত্বপূৰ্ণ কথা যে, ১৯৫১ চনত বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ক কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰা হয়।

Also Read: ৰঘুনাথ চৌধাৰী – জীৱনী | Raghunath Chaudhary

সামৰণি | Conclusion

বহুমুখী প্ৰতিভাৰ অধিকাৰী ৰবীন্দ্ৰনাথ ঠাকুৰে নিজৰ দেশক নি-স্বাৰ্থভাৱে ভাল পাইছিল। গুৰুত্বপূৰ্ণ কথা যে ১৯১৫ চনত ব্ৰিটিছ সকলৰ সৰ্বোচ্চ সন্মান নাইট” উপাধিৰে ৰবীন্দ্ৰনাথ ঠাকুৰক বিভূষিত কৰা হৈছিল। কিন্তু ১৯১৯ চনত জালিয়ানৱালাবাগৰ নিৰ্মম হত্যাকাণ্ডৰ প্ৰতিবাদত দেশভক্তিৰ পৰিচয় দি ৰবীন্দ্ৰনাথ ঠাকুৰে এই সন্মান ঘূৰাই দিছিল।

সাম্ৰাজ্যবাদ বিৰোধী, অস্পৃশ্যতা বৰোধী, ধৰ্মীয় গোড়ামী আৰু ধৰ্মান্ধতা বিৰোধী আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। তেখেতৰ মতে, মানৱতাৰ শিক্ষাই হ’ল মানুহৰ শ্ৰেষ্ঠ শিক্ষা, যি নিজৰ অধীন।

সুন্দৰৰ সাধক, মানৱপ্রেমী, দার্শনিক কবি মহা মনীষীগৰাকী কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্ব-মানৱৰ হৃদয় সুকুমাৰ অনুভূতিৰে উদ্বুদ্ধ কৰি মানৱ সমাজক সুন্দৰৰ পৰা সুন্দৰতৰলৈ, খণ্ডতাৰপৰা পূর্ণতালৈ, অন্ধকাৰৰপৰা পোহৰলৈ, মৃত্যুৰপৰা অমৃতলোকলৈ, অনিত্যতাৰপৰা চিন্তনলৈ গতি কৰাৰ জ্যোতির্ময় পথ প্রদর্শন কৰি গৈছে। আৰু এই মহান মহিষী জনে ১৯৪১ চনত শেষ নিশ্বাস ত্যাগ কৰে।

FAQ

১) ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম কেতিয়া হৈছিল?

উঃ- ৭ মে ১৮৬১ চনত।

২) ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম ক’ত হৈছিল?

উঃ- কলিকতাত।

৩) ৰবীন্দ্ৰনাথ ঠাকুৰে ১৮৮৩ চনত ভবতাৰীনী দেৱীক বিয়া কৰাইছিল পাছলৈ তেওঁক কি নামেৰে জনা গৈছিল?

উঃ- মৃণালিনি দেৱী নামেৰে।

৪) কোনখন বিশ্ববিদ্যালয় ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰিছিল?

উঃ- বিশ্বভাৰতী।

৫) ৰবীন্দ্ৰনাথ ঠাকুৰক কেতিয়া সাহিত্যৰ নবেল বঁটা প্ৰদান কৰা হৈছিল?

উঃ- ১৯১৩ চনত।

৬) কোনখন আলোচনী ৰবীন্দ্ৰনাথ ঠাকুৰে সম্পাদনা কৰিছিল?

উঃ- বঙ্গদৰ্শন।

৭) ৰবীন্দ্ৰনাথ ঠাকুৰৰ কেতিয়া মৃত্যু হৈছিল?

উঃ- ৭ আগষ্ট ১৯৪১ চনত।

Writer: Ananya Borah

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top