আনন্দ চন্দ্ৰ আগৰৱালা | Ananda Chandra Agarwala

আনন্দ চন্দ্ৰ আগৰৱালা | Ananda Chandra Agarwala Essay in Assamese | Biography of Ananda Chandra Agarwala in Assamese | আনন্দ চন্দ্ৰ আগৰৱালা বিষয়ে জীৱনী | আনন্দ চন্দ্ৰ আগৰৱালা বিষয়ে ৰচনা | আনন্দ চন্দ্ৰ আগৰৱালাৰ চমু পৰিচয়

Join Telegram channel

জোনাকীৰ জৰিয়তে সাহিত্যিক ব্যক্তিত্বৰ আত্মপ্ৰকাশ কৰা আনন্দ চন্দ্ৰ আগৰৱালা (Ananda Chandra Agarwala) কেৱল আধুনিক অসমীয়া সাহিত্যৰে প্ৰধান কাণ্ডাৰী নহয়, তেওঁ হ’ল অসমীয়া জাতিৰ বৌদ্ধিক চেতনাৰ প্ৰাণ সঞ্চাৰকাৰী জাতীয় নায়ক। ঊনবিংশ শতিকাত আৰম্ভ হোৱা অসমৰ সংস্কৃতিৰ নৱ-জাগৰণ প্ৰক্ৰিয়াত যি কেইজন মুষ্টিমেয় ব্যক্তিয়ে সৰ্বান্তকৰণেৰে নিজৰ কৰ্তব্য কৰি গৈছিল তাৰ ভিতৰত অন্যতম হ’ল- আনন্দ চন্দ্ৰ আগৰৱালা।

আনন্দ চন্দ্ৰ আগৰৱালা জীৱনী | Biography of Ananda Chandra Agarwala

আনন্দ চন্দ্ৰ আগৰৱালা
নাম (Name)আনন্দ চন্দ্ৰ আগৰৱালা (Ananda Chandra Agarwala[1])
জন্ম চন (Date of Birth)৫ ছেপ্টেম্বৰ, ১৮৭৪ চন (5th September, 1874)
জন্ম স্থান (Place of Birth)বৰঙাবাৰী, তেজপুৰ, অসম
অভিভাৱক (Parents)পিতৃ (Father)- কাশীৰাম আগৰৱালা
মাতৃ (Mother)- ৰাধিকা
শিক্ষা (Education)১/ বৰঙাবাৰী প্ৰায়মেৰী বিদ্যালয়
২/ বৰঙাবাৰী মজলীয়া ছাত্ৰ বৃত্তি স্কুল
৩/ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
৪/ কলিকতা মেট্ৰ’প’লিটান কলেজ
বঁটা / সন্মান (Awards)১/ ৰায়চাহাব উপাধি (১৯১৬ চন)
২/ ৰায়বাহাদুৰ উপাধি (১৯২১ চন)
মৃত্যু (Death)১৯৩৯ চন

আনন্দ চন্দ্ৰ আগৰৱালা প্ৰাৰম্ভিক জীৱন | Early Life of Ananda Chandra Agarwala

আনন্দ চন্দ্ৰ আগৰৱালাৰ জন্ম হৈছিল বিখ্যাত আগৰৱালা পৰিয়ালত। শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ মহকুমাৰ অন্তৰ্গত কলংপুৰ মৌজাত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল কাশীৰাম আগৰৱালা। পিতৃ আছিল কলংপুৰ, গমিৰি আৰু বিহালী মৌজাৰ মৌজাদাৰ। আনন্দ চন্দ্ৰ আগৰৱালাৰ মাতৃৰ নাম আছিল ৰাধিকা। আনন্দ চন্দ্ৰ আগৰৱালাৰ পত্নীৰ নাম হ’ল অপৰাজিতা আগৰৱালা। তেওঁ হ’ল লম্বোদৰ বৰাৰ জেষ্ঠ ভাতৃ হৰিচৰণ বৰাৰ কনিষ্ঠ জীয়াৰী।

আনন্দ চন্দ্ৰ আগৰৱালাৰ শৈক্ষিক জীৱনৰ আৰম্ভনি হৈছিল বৰঙাবাৰীত। প্ৰায় দহ বছৰমান বয়সলৈকে বৰঙাবাৰী গাঁৱৰ প্ৰায়মেৰী আৰু মজলীয়া ছাত্ৰ বৃত্তি স্কুলত শিক্ষা গ্ৰহণ কৰিছিল তেওঁ। ইয়াৰ পৰৱৰ্তী সময়ত তেজপুৰত বৰদেউতাক হৰিবিলাস আগৰৱালাৰ তত্বাৱধানত তেজপুৰৰ গভৰ্ণমেন্ট হাইস্কুলত অধ্যয়ন কৰিছিল আনন্দ চন্দ্ৰ আগৰৱালাই। 

গুৰুত্বপূৰ্ণ কথা যে সেই সময়ৰ আনন্দ চন্দ্ৰ আগৰৱালাৰ কেৱল মাত্ৰ স্কুলীয়া পাঠ্যক্ৰমৰ মাজতে সীমাবদ্ধ হৈ থকা নাছিল। সেই সময়ত তেওঁৰ অনুসন্ধিৎসু মনৰ বাবে বিভিন্ন বিষয়ত জ্ঞান অৰ্জন কৰিবলৈ বিভিন্ন ধৰণৰ কিতাপ অধ্যয়ন কৰাৰ সমান্তৰালকৈ কবিতা লিখিবলৈও অভ্যাস কৰিছিল। 

স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ সময়তে আনন্দ চন্দ্ৰ আগৰৱালাই তেওঁৰ‌ সহপাঠী সকলৰ সৈতে একুৰি দুশ এটা গীত সন্নিবিষ্ট কৰি ” ধৰ্ম সংগীত” নামৰ এখন ধৰ্ম গীতৰ পুথি প্ৰকাশ কৰিছিল। ইয়াৰ উপৰিও আনন্দ চন্দ্ৰ আগৰৱালাই সেই সময়তে কৃষ্ণ প্ৰসাদ আগৰৱালা আৰু কৰুণাভিৰাম বৰুৱাৰ সৈতে লগ লাগি এখন শিশু উপযোগী কাকতৰ পৰিকল্পনা হাতত লৈ ‘লৰা বন্ধু’ নামেৰে অসমৰ প্ৰথম শিশু পাঠ্য প্ৰকাশ কৰে। অৱশ্যে ৩/৪ টা সংখ্যা প্ৰকাশ হোৱাৰ পিছত বিশেষ কাৰণবশতঃ ল’ৰা বন্ধুৰ প্ৰকাশ বন্ধ হৈ যায়।

আনন্দ চন্দ্ৰ আগৰৱালাই ১৯৮১ চনত তেজপুৰ গভৰ্ণমেন্ট হাইস্কুলৰ পৰা সুখ্যাতিৰে এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কলিকতাৰ মেট্ৰোপলিটান ইনষ্টিটিউচনত এফ এৰ বাবে নাম ভৰ্তি কৰে। কিন্তু তেওঁ এফ এ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে। পৰীক্ষাৰ ফলাফলৰ বাবে বিচলিত হৈ পৰা আনন্দ চন্দ্ৰ আগৰৱালাই সেই সময়ত কিছুদিন বৰদেউতাকৰ ব্যাৱসায়ত সহায় কৰাৰ পৰৱৰ্তী সময়ত শিৱসাগৰ বেজবৰুৱা হাইস্কুলত প্ৰায় এটা বছৰ শিক্ষকতা কৰে।

Also Read: জ্যোতিপ্ৰসাদ আগৰৱালা | Jyoti Prasad Agarwala

কৰ্মজীৱন

ইয়াৰ পৰৱৰ্তী সময়ত আনন্দ চন্দ্ৰ আগৰৱালাই পিতৃৰ আদেশ মৰ্মে আৰক্ষী বিভাগত যোগদান কৰে। প্ৰথমে হেড কনিষ্টবল হিচাপে আৰক্ষীত যোগদান কৰা আগৰৱালা পৰৱৰ্তী সময়ত ছাব ইন্সেপক্টৰ পদলৈ পদোন্নতি লাভ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ছাব ইন্সেপক্টৰ পদৰ পৰা নিজৰ বিচক্ষণতা, কৰ্ম কৌশলতাৰ বাবে চিনিয়ৰ পুলিচ চুপাৰিন্তেণ্ডেন্ট পদলৈ পদোন্নতি লাভ কৰে। গুৰুত্বপূৰ্ণ কথা যে তেতিয়াৰ পুলিচ চুপাৰিন্তেণ্ডেন্ট পদত নিযুক্ত হোৱা আনন্দ চন্দ্ৰ আগৰৱালাই আছিল প্ৰথম অসমীয়া ইম্পিৰিয়েল অফিচাৰ। তেখেতে ৩৫ বছৰ কাল সুখ্যাতিৰে কাম কৰাৰ পাছত ১৯৩০ চনত স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে।

চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত আনন্দ চন্দ্ৰ আগৰৱালাই তেজপুৰৰ অনাৰেৰী মেজিষ্ট্ৰেট হিচাপেও কাৰ্যনিৰ্বাহ কৰাৰ লগতে তেজপুৰৰ মিউনিচিপালিটিৰ সভাপতি ৰূপেও কাৰ্যনিবাহ কৰিছিল। ইয়াৰ উপৰিও তেওঁ বিভিন্ন সামাজিক কামত জড়িত হৈ আছিল।

কলিকতাৰ মেট্ৰোপলিটান ইনষ্টিটিউচনত অধ্যয়ন কৰি থকাৰ সময়ত আনন্দ চন্দ্ৰ আগৰৱালা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ এজন সক্ৰিয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও জোনাকী আলোচনীত নিয়মীয়াকৈ লিখিছিল। গুৰুত্বপূৰ্ণ কথা যে আনন্দ চন্দ্ৰ আগৰৱালাই সেই সময়ত জোনাকী আলোচনীত ‘শ্ৰী হৰ্ষ’ ছদ্মনামেৰেহে বিভিন্ন লিখা প্ৰকাশ কৰিছিল।

সাহিত্যিক জীৱন

জোনাকীৰ পাতত আনন্দ চন্দ্ৰ আগৰৱালাৰ সাহিত্যিক তথা কাব্যিক চেতনা বিকাশ হ’লেও প্ৰকৃততে স্কুলত শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তেই ছাত্ৰ সকলে গঢ়ি তোলা এক বৈঠকত মাধৱ চন্দ্ৰ বৰদলৈয়ে সভাপতিৰ দায়িত্ব ৰূপায়ন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে এই সভাতেই আনন্দ চন্দ্ৰ আগৰৱালাই নিজে ৰচিত নৱবৰ্ষ’ আৰু অসম’ নামৰ দুটা কবিতা পাঠ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ কেতিয়াও থমকি ৰ’ব লগা হোৱা নাই।

এক সাংস্কৃতিক তথা বৌদ্ধিক পৰিৱেশত ডাঙৰ হোৱা আনন্দ চন্দ্ৰ আগৰৱালাৰ জীৱনত মাতৃৰ প্ৰভাৱ আছিল অপৰিসীম। তেওঁৰ ধৰ্মপ্ৰাণ মাতৃয়েই হ’ল আনন্দ চন্দ্ৰ আগৰৱালাৰ আদি গুৰু।

আনন্দ চন্দ্ৰ আগৰৱালাৰ প্ৰথম প্ৰকাশ হোৱা কাব্য সংকলনৰ নাম আছিল জিলিকনি’। বিদেশী কবিতাৰ অনুবাদত মূলৰ সৌন্দৰ্য অব্যাহত ৰখা আনন্দ চন্দ্ৰ আগৰৱালাক অসমীয়া কাব্য সাহিত্যত ভাঙনি কোঁৱৰ হিচাপে জনা যায়। ভাঙনি কোঁৱৰ হিচাপেই অসমীয়া কাব্য তথা সাহিত্য জগতত সুকীয়া স্থান দখল কৰা আনন্দ চন্দ্ৰ আগৰৱালাই ভাঙনি কৰা কবিতাসমূহৰ তুলনা পাবলৈ নাই। মূল কবিতাৰ সৌন্দৰ্য হানি নকৰাকৈ নিভাজ অসমীয়া ভাষা প্ৰয়োগ কৰি তেওঁ কবিতা সমূহ ভাঙনি কৰিছিল। তেওঁৰ প্ৰথম খন কাব্য সংকলন জিলিকনিতো কেইবাটাও ভাঙনি কবিতা সন্নিৱিষ্ট কৰিছিল। 

মহেন্দ্ৰ বৰাই আনন্দ চন্দ্ৰ আগৰৱালাৰ সন্দৰ্ভত মন্তব্য কৰিছিল যে আনন্দ চন্দ্ৰ আগৰৱালাৰ ‘বলম’, ‘পাণেশৈ’, ‘জোন’, ‘দেৱকন্যা মানৱী বেশেৰে’, ‘চুমা’, ‘ছবি’ এই ছটা মৌলিক কবিতা যুগান্তৰৰ কাৰণে অসমীয়া কাব্য সাহিত্যৰ অক্ষয় সম্পদ হৈ ৰ’ব। সত্যেন্দনাথ শৰ্মাৰ মতে আনন্দ চন্দ্ৰ আগৰৱালাই ৰচনা কৰা ‘জীৱন সংগীত’, ‘চহা আৰু পণ্ডিত’, ‘সুখৰ ঠাই’ আদি কবিতা অসমীয়া সাহিত্যৰ মৌলিক সম্পদ।

জিলিকণিৰ বাহিৰেও আনন্দ চন্দ্ৰ আগৰৱালাৰ প্ৰকাশিত আন আন কাব্য সংকলন সমূহ হ’ল- ‘পদুমণি’। আনন্দ চন্দ্ৰ আগৰৱালাৰ কবিতা সমূহ প্ৰকৃত কাব্যগুণ, মনোৰম অনুভূতি তথা সাৱলীল প্ৰকাশ ভংগীৰে সমৃদ্ধ। গুৰুত্বপূৰ্ণ কথা যে সংখ্যাত কম হ’লেও আধুনিক কবিতাৰ পৰম্পৰা সৃষ্টিত আনন্দ চন্দ্ৰ আগৰৱালাৰ অৱদান অপৰিসীম।

সাহিত্যক জীৱনৰ আৰম্ভনি কবিতাৰ মাজেৰে আনন্দ চন্দ্ৰ আগৰৱালাই আৰম্ভ কৰিলেও পৰৱৰ্তী সময়ত তেওঁ ভাষা তত্ব, জাতি তত্ব, পুৰাতত্ব আদি বিভিন্ন বিষয়কলৈ গৱেষণা কৰাৰ লগতে এই সমূহ বিষয়ে বিভিন্ন প্ৰৱন্ধ ৰচনা কৰিছিল। জোনাকী, বিজুলী, ঊষা, বাঁহী আলোচনী আদি অসমীয়া কাকতত প্ৰকাশ পাইছিল আনন্দ চন্দ্ৰ আগৰৱালাই বিভিন্ন প্ৰবন্ধ সমূহ।

অনুসন্ধিৎসু মনৰ গৰাকী আনন্দ চন্দ্ৰ আগৰৱালাৰ সংস্কৃত ভাষাৰ ওপৰতো আছিল যথেষ্ট জ্ঞান। নিজ দেশ আৰু ঐতিহ্যক গৌৰৱান্বিত আনন্দ চন্দ্ৰ আগৰৱালাই ঋকবেদ, কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আদি পুথি অধ্যয়ন কৰি অতীতক আধুনিক ব্যাখ্যাৰে ভৱিষ্যত প্ৰজন্মক নিজৰ পৰম্পৰা আৰু অতীতক বুজিবলৈ অহোপুৰুষাৰ্থ কৰিও বিভিন্ন প্ৰৱন্ধ ৰচনা কৰিছিল।

তেখেতে ৰচনা কৰা প্ৰৱন্ধ সংকলন সমূহ হৈছে- ‘An Account of Assam’, ‘Aspects of history and culture’, ‘গোৱালপাৰাৰ পুৰণি বিৱৰণ’ ইত্যাদি।

Also Read: কনকলতা বৰুৱা জীৱনী | Biography of Kanaklata Barua

সমাজলৈ অৱদান

১৯৩৪ চনত অসম সাহিত্য সভাৰ মঙ্গলদৈ অধিবেশনত সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত আনন্দ চন্দ্ৰ আগৰৱালাই সভাপতি হিচাপে প্ৰদান কৰা সভাপতি অভিভাষণৰ উপৰিও তেওঁ ৰচনা কৰা আধ্যাত্মিক প্ৰৱন্ধ সমূহ, অসমীয়া আখৰ জোটনিৰ নিয়ম আদিসমূহ বৰ্তমান অসমীয়াৰ জাতীয় সম্পদৰূপে বিবেচিত হৈছে। গুৰুত্বপূৰ্ণ কথা যে শিলচৰ, গুৱাহাটী, ডিব্ৰুগড়কে আদি কৰি অসমৰ বিভিন্ন প্ৰান্তত নিজৰ কৰ্তব্য পালন কৰা আনন্দ চন্দ্ৰ আগৰৱালাই আৰক্ষী বিভাগত কৰ্মৰত হৈ থাকোঁতে ১৯০৬ চনত ‘Police Manual’ নামে আৰক্ষী সকলৰ আইন আৰু কাৰ্যবিধি বিষয়ত ইংৰাজী ভাষাত এখন গ্ৰন্থ ৰচনা কৰি প্ৰকাশ কৰিছিল।

আনন্দ চন্দ্ৰ আগৰৱালাই ৰচনা কৰা দুখন পাঠ্যপুথি হৈছে ১৯১০ চনত প্ৰকাশিত কোমল পাঠ আৰু ১৯২০ চনত প্ৰকাশিত আদি পাঠ। গুৰুত্বপূৰ্ণ কথা যে এই দুখন অসমীয়া ভাষাৰ শিকিবৰ বাবে বৰ্তমান সময়তো ব্যৱহৃত দুখন গুৰুত্বপূৰ্ণ গ্ৰন্থ।

গুৰুত্বপূৰ্ণ কথা যে মহিলা শিক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল আনন্দ চন্দ্ৰ আগৰৱালাই। মাতৃ আৰু নাৰীসকলৰ ওপৰত সংবেদনশীল আছিল আনন্দ চন্দ্ৰ আগৰৱালা। তেখেতে সমাজত প্ৰচলিত থকা লিংগ ভিত্তিক বিভাজন তথা অন্যায়ৰ বিৰুদ্ধে হাতত কলম তুলি লৈছিল। ‘ঘৰুৱা জীৱনত ঘৈণীৰ কৰ্তব্য’, ‘ব্ৰক্ষ্মযাত্ৰীৰ ডায়েৰী’ আদি প্ৰৱন্ধৰ জৰিয়তে আনন্দ চন্দ্ৰ আগৰৱালাই ভাৰতৰ ঐতিহ্য আৰু পৰম্পৰাক জীয়াই ৰাখিও যে আধুনিকতাক আকোঁৱালি ল’ব পাৰি সেই কথা প্ৰতিফলিত কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে সমাজ হৈতিষী মনৰ আনন্দ চন্দ্ৰ আগৰৱালাই ১৯২০ চনত প্ৰকাশিত জিলিকনি আৰু তেওঁৰ দ্বাৰা প্ৰকাশিত সকলো পাঠ্যপুথিৰ সকলো স্বত্ব আৰু উপস্বত্ব জৰ্জ ইনষ্টিটিউচনক প্ৰদান কৰিছিল। আৰু ইয়াৰ পৰা লাভ কৰা ধনেৰে তেজপুৰ ছোৱালী হাইস্কুলক পুঁজি যোগান ধৰাৰ ক্ষেত্ৰত সহায় কৰিছিল।

ভাঙনি কোঁৱৰ হিচাপে জনপ্ৰিয় আনন্দ চন্দ্ৰ আগৰৱালাক ১৯১৬ চনত ‘ৰায়চাহাব’ উপাধি আৰু ১৯২১ চনত ‘ৰায়বাহাদুৰ’ উপাধি প্ৰদান কৰা হৈছিল।

Also Read: জীৱনী: ৰঘুনাথ চৌধাৰী | Raghunath Chaudhary

সামৰণি 

নিজে জীৱনত সু-প্ৰতিষ্ঠিত হৈয়ো দহৰ কাৰণে, জাতিৰ কাৰণে, দেশৰ বাবে আজীৱন সেৱাত বৰ্তি হৈ ১৯৩৯ চনত বহুমুখী প্ৰতিভাৰ অধিকাৰী আনন্দ চন্দ্ৰ আগৰৱালাই ইহলীলা সম্বৰণ কৰে। মানৱীয় প্ৰমূল্যবোধেৰে উজ্জীৱিত এইজন ব্যক্তি হ’ল অসমীয়া জাতিৰ গৌৰৱ। অসমীয়া সাহিত্যৰ তথা ইতিহাসৰ ওপৰত একনিষ্ঠ সাধনা কৰা আনন্দ চন্দ্ৰ আগৰৱালা হ’ল অসমৰ গৌৰৱ তথা অসমীয়াৰ স্বাভিমান। জন্মভূমিৰ প্ৰতি হেমচন্দ্ৰ গোস্বামীৰ অকৃত্ৰিম আৰু বিমল ভালপোৱা হ’ল নতুন প্ৰজন্মৰ বাবে পাথেয়।

FAQ

১) আনন্দচন্দ্ৰ আগৰৱালাৰ পিতৃ কোন?

উঃ- আনন্দচন্দ্ৰ আগৰৱালাৰ পিতৃৰ নাম আছিল কাশীৰাম আগৰৱালা।

২) ভাঙনি কোঁৱৰ’ বুলি কাক জনা যায়?

উঃ- আনন্দচন্দ্ৰ আগৰৱালাকে ‘ভাঙনি কোঁৱৰ’ বুলি জনা যায়। তেখেতে কেইবাটাও ইংৰাজী কবিতাৰ অসমীয়া অনুবাদ কৰা বাবে তেওঁক এই নামেৰে সন্মানিত কৰা হৈছিল।

৩) আনন্দচন্দ্ৰ আগৰৱালায়ে কি ছদ্মনামেৰে জোনাকীত লেখ আগবঢ়াইছিল?

উঃ- তেওঁ ‘শ্ৰী হৰ্ষ’ ছদ্মনাম ব্যৱহাৰ কৰিছিল। 

৪) আনন্দচন্দ্ৰ আগৰৱালাৰ প্ৰথম কবিতা সংকলন কি আছিল?

উঃ- তেওঁৰ প্ৰথম কবিতা সংকলনখন আছিল- জিলিকনি’।

৫) আনন্দচন্দ্ৰ আগৰৱালা আৰু চন্দ্ৰকুমাৰ আগৰৱালা সম্পৰ্কিত নেকি?

উঃ- হয়, আনন্দচন্দ্ৰ আগৰৱালা আৰু চন্দ্ৰকুমাৰ আগৰৱালা দুয়ো ভায়েকৰ সম্বন্ধৰে সম্পৰ্কিত আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top