জীৱনী: হেমচন্দ্ৰ গোস্বামী | Biography of Hemchandra Goswami

হেমচন্দ্ৰ গোস্বামী | Hemchandra Goswami Essay in Assamese | Biography of Hemchandra Goswami in Assamese | হেমচন্দ্ৰ গোস্বামী বিষয়ে জীৱনী | হেমচন্দ্ৰ গোস্বামী বিষয়ে ৰচনা | হেমচন্দ্ৰ গোস্বামীৰ চমু পৰিচয়।

Join Telegram channel

হেমচন্দ্ৰ গোস্বামী হ’ল অসমীয়া ভাষা, সাহিত্য আৰু পুৰাতত্ব বিষয়ৰ গৱেষণাৰ এজন পুৰোধা ব্যক্তি। বহুমুখী প্ৰতিভাৰ অধিকাৰী হেমচন্দ্ৰ গোস্বামী (Hemchandra Goswami) আছিল একেধাৰে সফল প্ৰশাসনিক বিষয়া, বুৰঞ্জীবিদ, পুৰাতত্ত্ববিদ, সাংবাদিক, পণ্ডিত আৰু কবি। 

হেমচন্দ্ৰ গোস্বামী hemchandra

হেমচন্দ্ৰ গোস্বামী বৰুৱা জীৱনী | Hemchandra Goswami Biography

নাম (Name)হেমচন্দ্ৰ গোস্বামী (Hemchandra Goswami[1])
জন্ম চন (Date of Birth)৮ জানুৱাৰী ১৮৭২ চন
জন্ম স্থান (Place of Birth)গৌৰাং সত্ৰ, গোলাঘাট
পৰিয়াল (Family)পিতৃৰ নাম (Father) : ডম্বৰুধৰ গোস্বামী
মাতৃৰ নাম (Mother) : ঘনকান্তী দেৱী
শিক্ষা (Education) ১) গোলাঘাটৰ উইলিয়ামচন মাইনৰ স্কুল
 ২) নগাঁও চৰকাৰী হাইস্কুল
 ৩) প্ৰেচিডেন্সি কলেজ, কলকাতা
মৃত্যু (Death)২ মে’, ১৯২৮ চন

Also Read: নলিনীবালা দেৱী | Nalini Bala Devi 

হেমচন্দ্ৰ গোস্বামী প্ৰাৰম্ভিক জীৱন | Early life of Hemchandra Goswami

হেমচন্দ্ৰ গোস্বামীৰ জন্ম হৈছিল ১৮৭২ চনৰ ৮ জানুৱাৰী তাৰিখে গোলাঘাটৰ গৌৰাংগ সত্ৰৰ এটা ব্ৰাক্ষ্মণ পৰিয়ালত। তেওঁৰ পিতৃৰ নাম আছিল ডম্বৰুধৰ গোস্বামী। ডম্বৰুধৰ গোস্বামী আছিল গোলাঘাট গৌৰাংগ সত্ৰৰ সত্ৰাধিকাৰ হোৱাৰ লগতে মৌজাদাৰ। কিন্তু দুভাগ্যজনক কথা যে হেমচন্দ্ৰ গোস্বামীৰ মাত্ৰ ৮ বছৰ বয়সতে তেওঁৰ পিতৃ ডম্বৰুধৰ গোস্বামীয়ে ইহলীলা সম্বৰণ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত মাতৃ ঘনকান্তী দেৱীয়ে বহু প্ৰত্যাহ্বান, সমস্যাৰ মাজত হেমচন্দ্ৰ গোস্বামী আৰু তেওঁৰ দুজন ভাতৃক ডাঙৰ দীঘল কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে হেমচন্দ্ৰ গোস্বামীক স্কুলীয়া শিক্ষা গ্ৰহণ কৰিবৰ বাবে  মাতৃ ঘনকান্তী দেৱীয়ে নগাঁৱত থকা তেখেতৰ আত্মীয়ৰ ঘৰলৈ পঠাই দিছিল। সেই সময়ত নগাঁও আছিল অসমৰ বৌদ্ধিক হৃদপিণ্ড স্বৰূপ। সৰুৱে পৰা মেধাৰ পৰিচয় দিয়া হেমচন্দ্ৰ গোস্বামীৰ স্কুলত পঢ়ি থকাৰ সময়তে গুণাভিৰাম বৰুৱাই সম্পাদনা কৰা আসাম বন্ধু কাকতত বিভিন্ন কবিতা প্ৰকাশ পাইছিল। “আসাম বন্ধু” কাকতত প্ৰকাশিত হেমচন্দ্ৰ গোস্বামীৰ এই কবিতা সমূহক কবি, বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞায়ো উচ্চ প্ৰশংসা কৰিছিল।

১৮৮৮ চনত নগাঁৱৰ গভৰ্ণমেন্ট হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল হেমচন্দ্ৰ গোস্বামী। ইয়াৰ পৰৱৰ্তী সময়ত ১৮৯০ চনত কলিকতা প্ৰেচিডেন্সি কলেজৰ পৰা এফ. এ. পৰীক্ষাত উত্তীৰ্ণ হয় হেমচন্দ্ৰ গোস্বামী। 

Also Read: কৃষ্ণকান্ত সন্দিকৈ | Krishna Kanta Handique

কৰ্ম জীৱন | Professional Life

হেমচন্দ্ৰ গোস্বামীয়ে ১৮৯৪ চনত সোণাপুৰ হাইস্কুলত প্ৰধান শিক্ষক হিচাপে যোগদান কৰে। কিন্তু কিছুদিন প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত এডৱাৰ্ড গেইটৰ প্ৰচেষ্টাত ১৮৯৭ চনত চাব ডেপুটি কালেক্টৰ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। তেখেতে ১৯২৬ চনত ই এ. চি. হিচাপে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

জোনাকী জন্ম | Birth of ‘Junaki’

কলিকতাত অধ্যয়ন কৰি থকাৰ সময়তে হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰচেষ্টাত ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠা কৰা হৈছিল। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰ আছিল ১৮৮৯ প্ৰকাশ হোৱা জোনাকী’ আলোচনী। জোনাকী আলোচনীৰ জৰিয়তে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া জাতিটোক অসমৰ অতিত, ঐতিহ্য আৰু গৌৰৱৰ সৈতে চিনাকি কৰাই দি সাহিত্যৰ মাজেৰে অসমীয়া জাতি, ভাষা আৰু সংস্কৃতিক এক সুকীয়া মৰ্যাদা প্ৰদানৰ বাবে চেষ্টা কৰিছিল। প্ৰথমবাৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত প্ৰকাশ পোৱা জোনাকী আলোচনীৰ দ্বিতীয় জন সম্পাদক ৰূপে দায়িত্ব পালন কৰিছিল হেমচন্দ্ৰ গোস্বামীয়ে। গুৰুত্বপূৰ্ণ কথা যে জোনাকী আলোচনীত প্ৰকাশিত হোৱা হেমচন্দ্ৰ গোস্বামীৰ প্ৰৱন্ধ সমূহে অসমীয়া ভাষা যে বঙলা ভাষাৰ পৰা স্বতন্ত্ৰ সেই কথা প্ৰতিষ্ঠা হোৱাত সহায় কৰিছিল।

কবিৰূপে হেমচন্দ্ৰ গোস্বামী | Hemchandra Goswami as a Poet

ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰা হেমচন্দ্ৰ গোস্বামী হ’ল  জোনাকী যুগৰ ৰোমান্টিক ধাৰাৰ প্ৰথম তৰংগৰ এজন উল্লেখযোগ্য কবি। তেখেতৰ প্ৰথম কবিতা সংকলনটি প্ৰকাশ পাইছিল ১৯০৭ চনত। এই কবিতা সংকলনটিৰ নাম হ’ল ফুলৰ চাকি।  আসাম বন্ধু, জোনাকী আৰু তাৰ পৰৱৰ্তী কালত ৰচনা কৰা কবিতাসমূহক একত্ৰিত কৰি ‘ফুলৰ চাকি’ নামৰ কবিতা সংকলনটি প্ৰকাশ কৰা হৈছিল। গুৰুত্বপূৰ্ণ কথা যে হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা প্ৰিয়তমাৰ চিঠি’ নামৰ কবিতাটি হ’ল অসমীয়া কবিতাৰ ইতিহাসত প্ৰথমটো চনেট কবিতা বা চতুৰ্দশপদী কৰিবা। এই প্ৰিয়তমাৰ চিঠি কবিতাটি প্ৰকাশ পাইছিল জোনাকী আলোচনীত। প্ৰিয়তমাৰ চিঠি কবিতাটি তথা চনেটটো পেট্ৰাৰ্ক (Petrarch) ৰ আৰ্হিত ৰচনা কৰা হৈছিল। হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা আন জনপ্ৰিয় তথা উল্লেখযোগ্য কবিতা সমূহ হ’ল – কাকো আৰু হিয়া নিবিলাওঁ’, ‘পুৱা’, ‘কাকূতি’, ‘বৰদৈচিলা’ আদি।  হেমচন্দ্ৰ গোস্বামীৰ ‘পুৱা’ কবিতায়ে আধুনিক কাব্যত এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে জোনাকীৰ দ্বিতীয় সংখ্যাত প্ৰকাশিত হোৱা এই পুৱা’ কবিতাটি হ’ল অসমীয়া ৰোমাণ্টিক যুগৰ দ্বিতীয়টো কবিতা

হেমচন্দ্ৰ গোস্বামীৰ কবিতাসমূহত বিশেষকৈ তিনিটা সুঁতিৰ কথা পৰিলক্ষিত হয়- ) প্ৰকৃতি, ) প্ৰেম আৰু ) স্বদেশ প্ৰেম।

প্ৰত্নতত্ববিদ  আৰু ইতিহাসবিদ হিচাপে হেমচন্দ্ৰ গোস্বামী | Hemchandra Goswami as an Archeologist and Historian

এজন কবি হিচাপে পৰিচিত হোৱাৰ সমান্তৰালকৈ হেমচন্দ্ৰ গোস্বামীৰ আন এক পৰিচয় হ’ল প্ৰত্নতত্ববিদ তথা এজন ইতিহাসবিদ হিচাপে। তেখেত এডৱাৰ্ড গেইটৰ প্ৰেৰণাত অসমীয়া সংস্কৃতিৰ ইতিহাসৰ ওপৰত চৰ্চা কৰিছিল। 

অসমীয়া সাহিত্য আৰু জাতিলৈ হেমচন্দ্ৰ গোস্বামীৰ গুৰুত্বপূৰ্ণ অৱদান হ’ল – “A Descriptive Catalogue of Assamese Manuscript” আৰু অসমীয়া সাহিত্যৰ চানেকি” নামৰ গ্ৰন্থ দুখন। এই গ্ৰন্থ দুখনে অসমৰ লগতে অসমৰ বাহিৰৰ বিভিন্ন প্ৰান্তৰ মানুহক অসমীয়া ভাষা আৰু সাহিত্যৰ লগত পৰিচয় কৰাই দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 

“A Descriptive Catalogue of Assamese Manuscript” পুথিখনত হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া আহোম আৰু সংস্কৃত ভাষাৰ ১৩৩৪ খন সাঁচিপতীয়া পুথি অধ্যায়ন কৰি ২৩৩খন পুথি আৰু  পাণ্ডুলিপিৰ বৰ্ণনাত্মক তালিকা সন্নিবিষ্ট কৰিছে। এই কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯৩০ চনত।

সাহিত্যিক কীৰ্তিস্তম্ভ | Literary Achievements 

হেমচন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা “অসমীয়া সাহিত্যৰ চানেকি” নামৰ গ্ৰন্থ খন হ’ল অসমীয়া সাহিত্যলৈ তেওঁৰ সাহিত্য কৰ্মৰ এক বিৰল অৱদান। সাতটা খণ্ডত প্ৰকাশ পোৱা এই গ্ৰন্থখন কলিকতা বিশ্ববিদ্যালয়ে ১৯২৯ চনত প্ৰকাশ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে কলিকতা বিশ্ববিদ্যালয়ৰ সেইসময়ৰ উপাচাৰ্য্য আশুতোষ মুখাৰ্জীৰ প্ৰচেষ্টাত ১৯১৮ চনৰ পৰাই এই গ্ৰন্থ খন প্ৰণয়ণ কৰাৰ বাবে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰা হৈছিল।

সম্পাদিত পুথি | Edited Books

হেমচন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা আন এখন উল্লেখযোগ্য গ্ৰন্থ হ’ল- পুৰণি অসম বুৰঞ্জী” ১৯২২ চনত কামৰূপ অনুসন্ধান সমিতিয়ে এই গ্ৰন্থখন প্ৰকাশ কৰিছিল। আহোম ৰাজত্বৰ পৰা গদাধৰ সিংহৰ মৃত্যুৰ সময়লৈকে এক দীঘলীয়া বৰ্ণনা এই গ্ৰন্থখনত সন্নিবিষ্ট হৈছে। ইয়াৰ উপৰিও “চুহুংমুং দিহিঙ্গীয়া ৰজাৰ ৰাজত্ব কালৰ বিভিন্ন বৰ্ণনা”, “বুঢ়াৰজা প্ৰতাপ সিংহ”, “চক্ৰধ্বজ সিংহৰ ৰাজত্ব আৰু শৰাইঘাট যুদ্ধৰ এক বিস্তৃত বৰ্ণনা” এই গ্ৰন্থখনত সন্নিবিষ্ট আছে। 

এইসমূহৰ উপৰিও হেমচন্দ্ৰ গোস্বামীৰ সম্পাদিত আন আন গ্ৰন্থ সমূহ হ’ল- “সূৰ্যখৰি দৈবজ্ঞৰ দৰং বংশাৱলী” (১৯১৭), “ভট্টদেৱৰ কথা গীতা” (১৯১৮ চন), “হস্তি বিদ্যাৰ্ণৱ”, “শ্ৰী হস্ত মুক্তাৱলী”, “শ্ৰীহস্তমুক্তাৱলী”, “কাম ৰত্নতন্ত্ৰ”, “অংকীয়া বাৰ নাট”, “কথা ভাগৱত”, “যোগিনীতন্ত্ৰ” আদি। প্ৰাচীন গ্ৰন্থ সমূহ সম্পাদনা কৰাৰ উপৰিও হেমচন্দ্ৰ গোস্বামীয়ে ১৯১৬ চনত অকণ নামৰ এখন শিশু আলোচনী সম্পাদনা কৰিছিল।

অসমৰ গৌৰৱময় ইতিবাচক উদ্ধাৰ কৰি বিশ্বৰ দৰবাৰত উপস্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হেমচন্দ্ৰ গোস্বামীয়ে পুৰণি পুথি আৰু বুৰঞ্জীৰ আহিলাসমূহ সংৰক্ষণৰ বাবে ১৯১২ চনত কামৰূপ অনুসন্ধান সমিতি আৰু অসম ৰাজ্যিক মিউজিয়াম প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে হেমচন্দ্ৰ গোস্বামীয়ে ১৯১২ চনত কামৰূপ অনুসন্ধান সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ইয়াৰ উপৰিও হেমচন্দ্ৰ গোস্বামীয়ে ‘আলোচনী’ নামৰ কাকতখনত আহোম ৰজাসকলৰ সৈতে ভিন ভিন দেশৰ যোগাযোগৰ চিঠি পত্ৰ সমূহ ৰজাঘৰীয়া চিঠি শিৰোনামাৰে প্ৰকাশ কৰিছিল। ইতিহাস অধ্যয়ন আৰু প্ৰত্নতাত্বিক আহিলা গোটোৱাত বিশেষ গুৰুত্ব আৰোপ কৰা হেমচন্দ্ৰ গোস্বামীয়ে ৰজাদিনীয়া বহুতো পুৰণি ফলি (Inscription) ৰ পাঠোদ্ধাৰ কৰি প্ৰকাশ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে হেমচন্দ্ৰ গোস্বামীয়ে ‘উষা আলোচনী’ৰ পাতত শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্যৰ সেনাপতিৰ দায়িত্ব লৈ মোগল সৈন্যক পৰাস্ত কৰা লাচিত বৰফুকনৰ ৰণ-কৌশলৰ বিষয়ে শৰাইঘাট যুদ্ধ নামৰ এটি প্ৰবন্ধ প্ৰকাশ কৰিছিল। ২৪ নৱেম্বৰৰ দিনটো লাচিত দিৱস হিচাপে পালন কৰা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো হেমচন্দ্ৰ গোস্বামীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

এইসমূহ কামৰ উপৰিও হেমচন্দ্ৰ গোস্বামীয়ে  ১৯০০ চনত অসমৰ প্ৰশাসক পি. আৰ. টি গৰ্ডনৰ উদ্যোগত হেমচন্দ্ৰ বৰুৱাৰ  ‘হেমকোষ’ প্ৰকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

অন্যান্য | others

 ইংৰাজ আমোলৰ ভাৰতৰ প্ৰশাসনিক সেৱাৰ বিষয়া তথা অসম বুৰঞ্জীৰ উল্লেখযোগ্য গৱেষক ছাৰ এড্‌ৱাৰ্ড গেইটে সম্পাদনা কৰা অসমৰ ঐতিহাসিক অনুসন্ধানৰ বিষয়ে ‘ৰিপৰ্ট’ শীৰ্ষক গ্ৰন্থ প্ৰণয়ন তথা প্ৰকাশ কৰাৰ ক্ষেত্ৰতো হেমচন্দ্ৰ গোস্বামীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই গ্ৰন্থ খন প্ৰকাশ পাইছিল ১৮৯৭ চনত। গুৰুত্বপূৰ্ণ কথা যে হেমচন্দ্ৰ গোস্বামীয়ে গ্ৰন্থখনৰ পৰিশিষ্টত থকা অসমীয়া সাময়িক কাকতৰ বিৱৰণ শীৰ্ষক প্ৰৱন্ধটি ৰচনা কৰিছিল।

অসমীয়া ভাষা-সাহিত্য আৰু ইতিহাসৰ ওপৰত বিভিন্ন গ্ৰন্থ ৰচনা কৰা, সম্পাদনা কৰা, সংকলিত ৰূপত প্ৰকাশ কৰা হেমচন্দ্ৰ গোস্বামীয়ে উষা’, ‘বাঁহী’, ‘জোনাকী’ আদি আলোচনীতো বিভিন্ন প্ৰৱন্ধ লিখিছিল। সৰল, স্পষ্ট, আকৰ্ষণীয় কথনশৈলীৰে পাঠকক আকৰ্ষিত কৰা হেমচন্দ্ৰ গোস্বামীয়ে ১৯২০ চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুৰ্থ খন অধিৱেশনত সভাপতিৰ পদ অলংকৃত কৰিছিল।

ইয়াৰ উপৰিও চৰকাৰী দায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত হেমচন্দ্ৰ গোস্বামীয়ে নলবাৰীৰ বহুকেইটা গ্ৰামীণ বেংকৰ সভাপতি ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

Also Read: ৰবীন্দ্ৰনাথ ঠাকুৰ | Rabindranath Tagore

সামৰণি | Conclusion

জোনাকী যুগৰ ত্ৰি- মুৰ্তিৰ ভিতৰত এজন উল্লেখযোগ্য কাণ্ডাৰী, কবি, ইতিহাসবিদ, প্ৰত্নতত্ববিদ হেমচন্দ্ৰ গোস্বামীয়ে ১৯২৮ চনত ২ মে’ তাৰিখে ইহলীলা সম্বৰণ কৰে।

ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা বিংশ শতিকাৰ ত্ৰিশৰ দশকলৈ সমগ্ৰ সময়খিনিত হেমচন্দ্ৰ গোস্বামীয়ে সাহিত্যৰ‌ ক্ষেত্ৰখনৰ লগতে অসমৰ ঐতিহাসিক সমল তথা ঐতিহাসিক গৌৰৱোজ্জল সামগ্ৰী উদ্ধাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। জোনাকীয়ে সৃষ্টি কৰা  যি অসমীয়া নৱ উন্মেষিত যুগ তাৰ জোনাকী যুগৰ ত্ৰি-মুৰ্তিৰ অন্যতম হেমচন্দ্ৰ গোস্বামীৰো অৱদান আছিল অনবদ্য। অসমীয়া সাহিত্যৰ তথা ইতিহাসৰ ওপৰত একনিষ্ঠ সাধনা কৰা হেমচন্দ্ৰ গোস্বামী হ’ল অসমৰ গৌৰৱ তথা অসমীয়াৰ স্বাভিমান। জন্মভূমিৰ প্ৰতি হেমচন্দ্ৰ গোস্বামীৰ অকৃত্ৰিম আৰু বিমল ভালপোৱা হ’ল নতুন প্ৰজন্মৰ বাবে পাথেয়। 

Also Read: হীৰেন ভট্টাচাৰ্য | Hiren Bhattacharyya

FAQ

১) অসমীয়া চনেট কোনে ৰচনা কৰে?

উঃ- হেমচন্দ্ৰ গোস্বামীয়ে।

২) ‘প্ৰিয়তমাৰ চিঠি’ কোনে লিখা?

উঃ- হেমচন্দ্ৰ গোস্বামীয়ে।

৩) হেমচন্দ্ৰ গোস্বামীৰ জন্ম কেতিয়া হৈছিল?

উঃ- ৮ জানুৱাৰী ১৮৭২ চনত।

৪) হেমচন্দ্ৰ গোস্বামীৰ অভিভাৱক কোন?

উঃ- হেমচন্দ্ৰ গোস্বামীৰ পিতৃ- ডম্বৰুধৰ গোস্বামী আৰু মাতৃ- ঘনকান্তী দেৱী।

৫) হেমচন্দ্ৰ গোস্বামীৰ মৃত্যু কেতিয়া হৈছিল?

উঃ- ২ মে’, ১৯২৮ চনত।

Writer: Ananya Borah

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top