কৃষ্ণকান্ত সন্দিকৈ | Krishna Kanta Handique Biography

কৃষ্ণকান্ত সন্দিকৈ | Krishna Kanta Handique Essay in Assamese | Biography of Krishna Kanta Handique in Assamese | কৃষ্ণকান্ত সন্দিকৈ বিষয়ে জীৱনী | কৃষ্ণকান্ত সন্দিকৈ বিষয়ে ৰচনা | কৃষ্ণকান্ত সন্দিকৈৰ চমু পৰিচয়।

Join Telegram channel

কুৰি শতিকাৰ শ্ৰেষ্ঠ ভাৰতীয় জ্ঞানতপস্বীসকলৰ ভিতৰত অন্যতম হ’ল- প্ৰাচ্যবিদ্যাৰ্ণৱ’, ‘পাণ্ডিত্যবাৰিধি’  আদি অভিধাৰে বিভূষিত আন্তৰ্জাতিক খ্যাতিসম্পন্ন সংস্কৃত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ (Krishna Kanta Handique)।

কৃষ্ণকান্ত সন্দিকৈ krishna

কৃষ্ণকান্ত সন্দিকৈ জীৱনী | Krishna Kanta Handique Biography

নাম (Name)কৃষ্ণকান্ত সন্দিকৈ (Krishna Kanta Handique[1])
জন্ম চন (Date of Birth)২০ জুলাই, ১৮৯৮ (20th July, 1898)
জন্ম স্থান (Place of Birth) যোৰহাট, অসম
পৰিয়াল (Family)পিতৃৰ নাম (Father) : ৰায় বাহাদুৰ ৰাধাকান্ত সন্দিকৈ
মাতৃৰ নাম (Mother) : নাৰায়ণী সন্দিকৈ
শিক্ষা (Education)১) যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়
‌‌২) কটন মহাবিদ্যালয়
৩) কলিকতা বিশ্ববিদ্যালয়
বঁটা / সন্মান (Awards)১) পদ্মশ্ৰী সন্মান, ১৯৫৫
২) পদ্মবিভূষণ সন্মান, ১৯৬৭
৩) ডি লিট সন্মান( গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা)
৪) সদস্য মহিয়ান সন্মান, ১৯৭৮
৫) সাহিত্য অকাডেমি বঁটা, (১৯৮৫, মৰণোত্তৰভাৱে)
মৃত্যু (Death)৭ জুন, ১৯৮২ (7th June, 1982)

কৃষ্ণকান্ত সন্দিকৈ প্ৰাৰম্ভিক জীৱন | Early Life of Krishna Kanta Handique

জ্ঞানৰ নীৰৱ সাধক, বিশ্ববিখ্যাত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল ১৮৯৮ চনৰ ২০ জুলাই তাৰিখে যোৰহাটত। তেখেতৰ পিতৃ আছিল সাতঘৰীয়া আহোম ফৈদৰ সন্দিকৈ বংশৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ আৰু মাতৃ আছিল নাৰায়ণী সন্দিকৈ। ১৯১৩ চনত যোৰহাট চৰকাৰী উচ্চ ইংৰাজী স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত ১৯১৫ চনত কটনৰ পৰা আই. এ পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পৰৱৰ্তী সময়ত কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যায় আৰু কলিকতাৰ সংস্কৃত কলেজত নামভৰ্তি কৰে। ১৯১৭ চনত কলিকতাৰ সংস্কৃত কলেজৰ পৰাই সংস্কৃত বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি বি এ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰসন্ন কুমাৰ অধিকাৰী স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতৰ বৈদিক শাখাত ১৯১৯ চনত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি উত্তীৰ্ণ হয়। ইয়াৰ পিছত কৃষ্ণকান্ত সন্দিকৈয়ে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত মডাৰ্ণ হিষ্ট্ৰি অধ্যয়ন কৰে আৰু এই বিষয়টো ১৯২৩ চনত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি উত্তীৰ্ণ হয়।

অসাধাৰণ মেধাশক্তিৰ গৰাকী কৃষ্ণকান্ত সন্দিকৈৰ বিদেশী ভাষা সাহিত্যৰ প্ৰতি প্ৰৱল অনুসন্ধিৎসু আছিল। সেইবাবে ইংলেণ্ডত থকাৰ সময়তে তাৰ লেংগুৱেজ স্কুলত ফৰাচী আৰু জাৰ্মান ভাষা শিকে। ইয়াৰ উপৰিও কৰেচপনডেন্স কৰ্চ হিচাপে গ্ৰীক আৰু লেটিন ভাষা শিকি এই দুটা ভাষাও আয়ত্ত কৰে। অক্সফ’ৰ্ডত থকাৰ সময়তে কৃষ্ণকান্ত সন্দিকৈয়ে ইটালীয় আৰু ৰুছ ভাষাও শিকিছিল।

জ্ঞান অৰ্জনৰ বাবে থকা অদমনীয় হেঁপাহৰ বাবে কৃষ্ণকান্ত সন্দিকৈয়ে বহু শ্ৰম কৰি বিদেশী ভাষা শিকিছিল। পৃথিৱীৰ ভিতৰত কিতাপৰ আটাইতকৈ ডাঙৰ ভঁৰাল থকা লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত নিয়মিত জ্ঞানৰ সন্ধান কৰাৰ লগতে অক্সফৰ্ডৰ বডলীয়াল লাইব্ৰেৰীলৈ গৈ বিদ্যা অৰ্জনত বৰ্তি হৈছিল। ১৯২৩ চনত কৃষ্ণকান্ত সন্দিকৈ পেৰিছলৈ গৈ পেৰিছ বিশ্ববিদ্যালয়ত জাৰ্মান, ইটালীয়, ৰুচ আৰু ফৰাচী ভাষা সাহিত্যৰ লগতে স্পেনিছ ভাষা শিকাত মনোনিবেশ কৰে। ১৯২৫ চনত কৃষ্ণকান্ত সন্দিকৈ বাৰ্লিনলৈ যাত্ৰা কৰে আৰু সেই ঠাইৰ পুথিভঁৰাল সমূহত গ্ৰীক আৰু ৰুছ সাহিত্যৰ বিষয়ে অধ্যয়ন কৰিছিল। সংস্কৃতত অগাধ পাণ্ডিত্য থকা কৃষ্ণকান্ত সন্দিকৈয়ে এইদৰে বিভিন্ন ঠাই ভ্ৰমণ কৰি বিদেশী সাহিত্যৰ ওপৰত অধ্যয়ন কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে কৃষ্ণকান্ত সন্দিকৈয়ে মুঠ ১৩ টা ভাষা আয়ত্ব কৰিছিল আৰু ইয়াৰ ভিতৰত ৮ টা আছিল ইউৰোপীয়ান ভাষা হোৱাৰ বিপৰীতে ৫ টা আছিল ভাৰতীয় ভাষা।

জাৰ্মান, ৱৱৰুছ, গ্ৰীক, স্পেনিছ, ফৰাচী, ইটালীয় আদি ভাষা শিকাৰ বাবেই এইসমূহ ভাষাৰ লগত জড়িত সাহিত্য সমূহ বিস্তৃত আৰু সুক্ষ্ম ৰূপত অধ্যয়ন কৰিবলৈ সমৰ্থ হৈছিল কৃষ্ণকান্ত সন্দিকৈ। তেওঁৰ এই কষ্টসাধ্য অধ্যয়ন আছিল প্ৰকৃত অৰ্থতে এক সাধনা আৰু কঠিন ব্ৰত। একাগ্ৰতা, প্ৰৱল অনুসন্ধিৎসু মন‌ আৰু কঠোৰ পৰিশ্ৰমৰ বাবে বিশ্বকোষ তুল্য জ্ঞানৰ অধিকাৰী হৈছিল কৃষ্ণকান্ত সন্দিকৈ।

জ্ঞান অৰ্জনৰ বাবে বিদেশত বহু কেইটা বছৰ অতিবাহিত কৰাৰ পিছত ১৯২৭ চনত তেওঁ ভাৰতলৈ উভতি আহে আৰু ১৯২৮ চনত হেমলতা আইদেউৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ তিনিটা সন্তানৰ নাম হ’ল- প্ৰমিলা আইদেউ, বিজয় কৃষ্ণ সন্দিকৈ আৰু অহল্যা আইদেউ।

Also Read: ড° মামণি ৰয়ছম গোস্বামী | Mamoni Raisom Goswami

কৃষ্ণকান্ত সন্দিকৈ কৰ্মজীৱন | Professional Life of Krishna Kanta Handique

১৯৩০ চনত কৃষ্ণকান্ত সন্দিকৈয়ে যোৰহাটত নতুনকৈ প্ৰতিষ্ঠা হোৱা জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে যোগদান কৰে। ১৯৩০ চনৰ পৰা ১৯৪৮ চনলৈকে ১৭ বছৰ অধ্যক্ষ হিচাপেই কাৰ্যনিৰ্বাহ কৰাৰ পিছত সেই বছৰতে অৰ্থাৎ ১৯৪৮ চনতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৪৮ চনৰ পৰা ১৯৫৭ চনলৈকে উপাচাৰ্য হিচাপেই কাৰ্যনিৰ্বাহ কৰি অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই।

কৃষ্ণকান্ত সন্দিকৈয়ে ১৯৩৭ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সপ্তদশ অধিৱেশনত সভাপতিৰ আসন অলংকৃত কৰিছিল। অসম ছাত্ৰ সন্মিলনৰ অন্যতম প্ৰতিষ্ঠাপক সন্দিকৈয়ে ১৯২৯ চনত অসম ছাত্ৰ সন্মিলনৰ চতুৰ্দশ অধিবেশনৰ সভাপতি দায়িত্ব পালন কৰিছিল।

ইয়াৰ উপৰিও কৃষ্ণকান্ত সন্দিকৈয়ে ১৯৪৯ চনত মাদ্ৰাছত উপাচাৰ্য্য সন্মিলন আৰু ওৱালটায়াৰত আন্তঃবিশ্ববিদ্যালয় মিতিৰ বছেৰেকীয়া অধিবেশনত সভাপতিৰ আসন অলংকৃত কৰিছিল। অন্যহাতে কৃষ্ণকান্ত সন্দিকৈয়ে লক্ষৌত অনুষ্ঠিত সৰ্বভাৰতীয় প্ৰাচ্য সন্মিলনৰ প্ৰাচীন সংস্কৃত শাখাৰ সভাপতি হিচাপে ১৯৫১ চনত আৰু ভাৰত আন্তঃবিশ্ববিদ্যালয় সমিতিৰ সভাপতিৰ পদত ১৯৫২ চনত অধিষ্ঠিত হৈছিল। 

অগাধ পাণ্ডিত্যৰ অধিকাৰী কৃষ্ণকান্ত সন্দিকৈক ১৯৬৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে আৰু ১৯৭২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ডি লিট উপাধিৰে বিভূষিত কৰে। ১৯৬৮ চনত কৃষ্ণকান্ত সন্দিকৈ পুনেৰ ডেক্কান কলেজত অনাবেৰী ফেল’ হিচাপে নিৰ্বাচিত হয়। ভাৰত চৰকাৰে কৃষ্ণকান্ত সন্দিকৈক সৰ্বোচ্চ অসামৰিক সন্মান ১৯৫৫ চনত পদ্মশ্ৰী সন্মান আৰু ১৯৬৭ চনত পদ্মবিভূষণ সন্মানৰে বিভূষিত কৰে। ইয়াৰ উপৰিও কৃষ্ণকান্ত সন্দিকৈক ১৯৭৮ চনত সদস্য মহিয়ান সন্মানেৰে বিভূষিত কৰিছিল। ১৯৮৫ চনত কৃষ্ণকান্ত সন্দিকৈক মৰণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে, ড০ আদিনাথ নেমিনাথ উপাধ্যায় আৰু ড০ হীৰালাল জৈনে কৃষ্ণকান্ত সন্দিকৈক একাডেমিক ঋষি বুলি অভিহিত কৰিছিল। কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিখ্যাত সংস্কৃক পণ্ডিত আনন্দৰাম বৰুৱাৰ আদৰ্শ আৰু জীৱনৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল। ৰাধাকান্ত সন্দিকৈৰ পুত্ৰ হিচাপে উত্তৰাধিকাৰী সূত্ৰে কৃষ্ণকান্ত সন্দিকৈ অতুল ঐশ্বৰ্য্যৰ অধিকাৰী হ’লেও এইবোৰৰ তেওঁ মোহগ্ৰস্ত হোৱা নাছিল। জ্ঞান সাধনাই আছিল কৃষ্ণকান্ত সন্দিকৈৰ জীৱনৰ প্ৰধান ব্ৰত। জ্ঞানকেই তেওঁ প্ৰকৃত সত্য বুলি বিবেচনা কৰিছিল।

Also Read: হীৰেন ভট্টাচাৰ্য | Hiren Bhattacharyya

সাহিত্যিক জীৱন

কলেজীয়া অৱস্থাতেই সাহিত্য-চৰ্চাত মনোনিৱেশ কৰা কৃষ্ণকান্ত সন্দিকৈয়ে বাঁহী, চেতনা, মিলন, আৱাহন, আমাৰ দেশ, অসম সাহিত্য সভা পত্ৰিকা, অকণ আদি আলোচনীৰ পাতত প্ৰায় ডেৰকুৰি আপুৰুগীয়া প্ৰবন্ধ ৰচনাৰে অসমীয়া সাহিত্য জগতলৈ বহুমূলীয়া অৱদান আগবঢ়াই থৈ গৈছে৷ অৱশ্যে তেখেতে বহুকেইটা গীত আৰু কবিতাও ৰচনা কৰিছিল জীৱনৰ আগচোৱা কালত। তেখেতে ৰচনা কৰা গৱেষণামূলক গ্ৰন্থ কেইখন হৈছে- নৈষধ চৰিত(১৯৩৪), যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ (১৯৪৯) আৰু প্ৰৱৰসেনৰ সেতুবন্ধ (১৯৭৬)। গুৰুত্বপূৰ্ণ কথা যে কৃষ্ণকান্ত সন্দিকৈৰ এইকেইখন গ্ৰন্থই অসাধাৰণ মেধা শক্তি, পাণ্ডিত্য, পুংখানুপুংখ অধ্যয়ন আৰু প্ৰণালীবদ্ধ বিশ্লেষণ শক্তিৰ পৰিচয় দিয়ে। 

এই তিনিখন পুথিৰ ওপৰিও কৃষ্ণকান্ত সন্দিকৈয়ে ইংৰাজী ভাষাত বহুকেইটা প্ৰবন্ধ ৰচনা কৰিছিল। এইসমূহৰ ভিতৰত Classical Sanskrit as a vehicle of Indian culture, German academic ideals উল্লেখযোগ্য।

গুৰুত্বপূৰ্ণ কথা যে কৃষ্ণকান্ত সন্দিকৈয়ে অসমীয়া ভাষাত গ্ৰন্থ ৰচনা নকৰিলেও বহু কেইটা অসমীয়া ভাষাত প্ৰবন্ধ ৰচনা কৰিছিল। ইয়াৰ ভিতৰত হ’ল- ইউৰোপৰ ভাষা আৰু সাহিত্য, গ্ৰীক ভাষা, জাৰ্মেনিৰ জ্ঞান সাধনা,‌ প্ৰাচীন বেবিলনৰ বেদ, নৈষধ চৰিত আৰু ভাৰতীয় চিত্ৰ কলা, অনুবাদৰ কথা আদি প্ৰধান। গুৰুত্বপূৰ্ণ কথা যে ভাৰতীয় দৰ্শন, চিত্ৰকলা আদিৰ পৰা বিদেশী ভাষা সাহিত্যলৈকে সামৰি ৰচনা কৰা প্ৰৱন্ধ সমূহে কৃষ্ণকান্ত সন্দিকৈৰ পাণ্ডিত্যকে প্ৰতিফলিত কৰে। ইয়াৰ ওপৰিও কম পৰিসৰতে দেশী বিদেশী ভাষা সাহিত্যৰ প্ৰসংগ উল্লেখ কৰি গভীৰ বিশ্লেষণ আগবঢ়োৱা কৃষ্ণকান্ত সন্দিকৈৰ জীৱনী মূলক ৰচনা, বিবিধ টোকা, চিঠিসমূহেও তেখেতৰ জ্ঞান, চিন্তাই তেওঁ প্ৰতিভাৰ উমান দিয়ে।

মৰণোত্তৰভাৱে  ১৯৮৪ চনত অসম সাহিত্য সভাই তেওঁৰ সমস্ত ৰচনা একত্ৰ কৰি সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামীৰ সম্পাদনাত কৃষ্ণকান্ত সন্দিকৈ ৰচনাসম্ভাৰ’ শিৰোনামেৰে প্ৰকাশ কৰি উলিয়ায়। গুৰুত্বপূৰ্ণ কথা যে ১৯৮৫ চনত এই গ্ৰন্থখনৰ বাবেই  সন্দিকৈক মৰণোত্তৰভাৱে সাহিত্য অকাদেমী বঁটা আগবঢ়োৱা হয়৷ কুৰিটা প্ৰবন্ধ, দুখন জীৱনীমূলক ৰচনা, দুটা অশ্ৰু-অঞ্জলি, চাৰিটা ভাষণ, চাৰিটা বিবিধ টোকা, এখন বিশেষ পত্ৰ, চাৰিখন শিশু-উপযোগী ৰচনা, চাৰিটা ভূমিকা, চাৰিটা কবিতা, এঘাৰটা গীত আৰু ‘ওপৰঞ্চি’ত সন্দিকৈৰ কেইখনমান গুৰুত্বপূৰ্ণ পত্ৰ সন্নিৱিষ্ট কৰা হৈছে  ‘কৃষকান্ত সন্দিকৈ ৰচনাসম্ভাৰ’ ত।

সমাজৰ হিতৰ বাবেও কৃষ্ণকান্ত সন্দিকৈয়ে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল। ১৯৬১ চনত কৃষ্ণকান্ত সন্দিকৈৰ পত্নী হেমলতা সন্দিকৈ বিয়োগ হোৱাৰ বাবে পত্নীৰ স্মৃতি ৰক্ষাৰ্থে যোৰহাটত হেমলতা সন্দিকৈ মেম’ৰিয়েল ইন্‌ষ্টিটিউট স্থাপন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে জগন্নাথ বৰুৱা মহাবিদ্যালয়ত বিজ্ঞান শাখাৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ আৰ্থিক অনুদান আগবঢ়াইছিল। জ্ঞান আৰু শিক্ষা বিস্তাৰৰ বাবে অহৰহ চেষ্টা চলাই থকা কৃষ্ণকান্ত সন্দিকৈয়ে প্ৰায় ৪৫ খন আলমাৰী ভর্তি  ১১টা ভাষাৰ প্ৰায় ৪ লাখ টকাৰ বিশাল ব্যক্তিগত পুথিভঁৰালটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামত দান কৰি থৈ গৈছে৷

সামৰণি | Conclusion

১৯৮২চনৰ ৭ জুন তাৰিখে বিদগ্ধ সংস্কৃত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ ৮৪ বছৰ বয়সত ডিব্ৰুগড়ৰ জি. এম. চিকিৎসালয়ত মৃত্যু হয়।ভাষা-সাহিত্যৰ ওপৰত কেবাখনো পাণ্ডিত্যপূৰ্ণ গ্ৰন্থ প্ৰণয়ন কৰি বিশ্বৰ দৰবাৰত সংস্কৃত সাহিত্যৰ লগতে প্ৰাচীন ভাৰতৰ গৌৰৱময় সভ্যতাকো প্রতিষ্ঠা  কৰি থৈ যোৱা অসমৰ সুযোগ্য সন্তান হ’ল পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ । পৰলোকগামী হ’লেও আন্তৰ্জাতিক খ্যাতিসম্পন্ন সংস্কৃত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ নামেৰেই গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ পুথিভঁৰাল কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰআৰু অসম চৰকাৰৰ অধীনত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে।

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অসমৰ নাম উজ্বল কৰা কৃষ্ণকান্ত সন্দিকৈ আছিল জ্ঞানৰ নীৰৱ সাধক। প্ৰাচ্য বিদ্যাৰ্ণৱ, সংস্কৃত ভাষা-সাহিত্যৰ বিদগ্ধ পণ্ডিত, ভাষাতত্ত্ববিদ, শিক্ষাবিদ তথা সাহিত্যিক কৃষ্ণকান্ত সন্দিকৈদেৱে অসমত শিক্ষাৰ বিস্তাৰৰ বাবে আগবঢ়াই থৈ যোৱা অৱদানৰ অসমবাসীৰ স্মৰণীয় হৈ থাকিব।

Also Read: অচ্যুত লহকৰ জীৱনী | Biography of Achyut Lahkar

FAQ

১) কৃষ্ণকান্ত সন্দিকৈৰ জন্ম কেতিয়া হৈছিল?

উঃ- ২০ জুলাই, ১৮৯৮ চনত।

২) কৃষ্ণকান্ত সন্দিকৈৰ জন্ম কʼত হৈছিল?

উঃ- অসমৰ যোৰহাট জিলাত।

৩) কৃষ্ণকান্ত সন্দিকৈৰ পত্নী কোন?

উঃ- শ্ৰীমতী স্বৰূপ ৰাণী সন্দিকৈ।

৪) কৃষ্ণকান্ত সন্দিকৈয়ে পদ্মবিভূষণ সন্মান কেতিয়া পাইছিল?

উঃ- ১৯৬৭ চনত।

৫) কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু কেতিয়া হৈছিল?

উঃ- ৭ জুন, ১৯৮২ চনত।

Writer: Ananya Borah

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top