ড° মামণি ৰয়ছম গোস্বামী | Mamoni Raisom Goswami Biography

ড° মামণি ৰয়ছম গোস্বামী | Mamoni Raisom Goswami Essay in Assamese | Biography of Mamoni Raisom Goswami in Assamese | ড° মামণি ৰয়ছম গোস্বামী বিষয়ে জীৱনী | ড° মামণি ৰয়ছম গোস্বামী বিষয়ে ৰচনা | ড° মামণি ৰয়ছম গোস্বামীৰ চমু পৰিচয়।

Join Telegram channel

মহিয়সী নাৰী ড° মামণি ৰয়ছম গোস্বামী (Mamoni Raisom Goswami) অসমীয়া সাহিত্য বুৰঞ্জীত সোণালী আখৰেৰে খোদিত এটি যুগজয়ী নাম। শৈশৱতে হাতত কলম তুলি লোৱা এইগৰাকী লেখিকাই কেতিয়াও সাহিত্যৰ ক্ষেত্ৰখনত পিছলৈ ঘুৰি চাব লগা হোৱা নাছিল। মাত্ৰ তেৰ বছৰ বয়সতে হাতত কলম তুলি লোৱা এইগৰাকী লেখিকাৰ প্ৰতিবাদী, নাৰীবাদী কন্ঠ তেওঁৰ অনুপস্থিতিতো অসমৰ আকাশত সৰ্বদা বিয়পি আছে। ড° মামণি ৰয়ছম গোস্বামী এগৰাকী সফল গল্পকাৰ, উপন্যাসিক আৰু কবি।

মামণি ৰয়ছম গোস্বামী mamoni

ড° মামণি ৰয়ছম গোস্বামী জীৱনী | Dr. Mamoni Raisom Goswami Biography

নাম (Name)মামনি ৰয়ছম গোস্বামী (Mamoni Raisom Goswami[1])
জন্ম চন (Date of Birth)১৪ নৱেম্বৰ, ১৯৪২ চন (14th November, 1942)
জন্ম স্থান (Place of Birth)কামৰূপ, অসম
অভিভাৱক (Parents)পিতৃৰ নাম (Father) : উমাকান্ত গোস্বামী
মাতৃৰ নাম (Mother) : অম্বিকা দেৱী
শিক্ষা (Education)১) লতাশিল প্ৰাথমিক বিদ্যালয়, গুৱাহাটী
২) পাইন মাউণ্ট স্কুল, শ্বিলং
৩) তাৰিণীচৰণ বালিকা বিদ্যালয়, গুৱাহাটী
৪) সন্দিকৈ বালিকা মহাবিদ্যালয়, গুৱাহাটী
৫) কটন কলেজ
৬) গুৱাহাটী বিশ্ববিদ্যালয়
বঁটা / সন্মান (Awards)১) সাহিত্য অকাডেমি বঁটা, ১৯৮২ (মামৰে ধৰা তৰোৱাল)
২) অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা, ১৯৮৮ (দঁতাল হাতী উঁয়ে খোৱা হাওদা)
৩) ভাৰত নিৰ্মাণ বঁটা, ১৯৮৯
৪) উত্তৰ প্ৰদেশৰ হিন্দী সংস্থানৰ সৌহাদ্য বঁটা, ১৯৮৯
৫) কমল কুমাৰী বঁটা, ১৯৯৬
৬) জ্ঞানপীঠ বঁটা, ২০০০
৭) জয়মতী বঁটা, ২০০২
৮) কোৰিয়াৰ ইন্টাৰনেছনেল ফেডাৰেচন ফৰ ৱল্ড পীচৰ দ্বাৰা এম্বেচাদৰ অৱ পীচ অৰ্থাৎ শান্তিৰ ৰাষ্ট্ৰদূত বঁটা, ২০০৬
৯) কলিকতাৰ ইছিয়াটিক ছ’চাইটিৰ দ্বাৰা ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ স্বৰ্ণপদক, ২০০৮
১০) ইউৰোপৰ সৰ্বোচ্চ সাহিত্য বঁটা প্ৰিন্স ক্ল’জ বঁটা, ২০০৮
১১) দিল্লী বিশ্ববিদ্যালয় পৰা প্ৰফেছাৰ অৱ এমেৰিটাছ সন্মান, ২০০৯
১২) অশোক মোদী স্মৃতি সমাজ সেৱা বঁটা, ২০০৯
১৩) কলিকতাৰ পৰা বটবৃক্ষ সন্মান লাভ, ২০১১
১৪) অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন সন্মান লাভ, ২০১১

মামনি ৰয়ছম গোস্বামী প্ৰাৰম্ভিক জীৱন | Early Life of Mamoni Raisom Goswami

মামণি ৰয়ছম গোস্বামীৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৪ নৱেম্বৰ তাৰিখে কামৰূপ জিলাত। পিতৃ উমাকান্ত গোস্বামী আৰু মাতৃ অম্বিকা দেৱী গোস্বামীৰ সুযোগ্যা সন্তান মামণি ৰয়ছম গোস্বামীৰ পিতৃ প্ৰদত্ত নাম হ’ল ইন্দিৰা গোস্বামী। গুৱাহাটী, শ্বিলং আদি ঠাইত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা মামণি ৰয়ছম গোস্বামীয়ে বিশ্ববিদ্যালয়লৈকে শিক্ষা জীৱনৰ দীঘলীয়া সময় অসমতে থাকি শিক্ষা সাং কৰিছিল। ১৯৫৭ চনত তাৰিণী চৌধুৰী ছোৱালী স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত আই.এ পঢ়ে। পৰৱৰ্তী সময়ত কটন কলেজৰ পৰা অসমীয়া বিষয়ত প্ৰধান বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ১৯৭৩ চনত ‘তুলসী দাসৰ ৰামচৰিত মানস’ আৰু ‘মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণ : এটি তুলনামুলক অধ্যয়ন’ শীৰ্ষক বিষয়ত গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অধ্যাপক উপেন্দ্ৰচন্দ্ৰ লেখাৰুদেৱৰ অধীনত ডক্টৰেট ডিগ্ৰী লাভ কৰে।

Also Read: নীলমণি ফুকন | Nilmani Phookan

মামণি ৰয়ছম গোস্বামী সাহিত্যিক জীৱন | Literary Life of Mamoni Raisom Goswami

গল্পকাৰ হিচাপে | As a Storyteller

তেৰ বছৰ বয়সৰ পৰাই সাহিত্য চৰ্চা কৰা মামণি ৰয়ছম গোস্বামীয়ে প্ৰথমাৱস্থাত চুটিগল্প ৰচনাৰে আত্মপ্ৰকাশ কৰিছিল।  ১৯৫৫ চনত কীৰ্তিনাথ হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত নতুন অসমীয়াৰ পাতত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল মামণি ৰয়ছম গোস্বামীয়ে। ১৯৬২ চনত তেওঁৰ প্ৰথম গল্প সংকলন চিনাকি মৰম প্ৰকাশ পায়। তেতিয়াৰে পৰা ২০১০ চনলৈকে প্ৰায় পাঁচ দশকত তেওঁ কেইবাখনো উৎকৃষ্ট মানদণ্ডৰ গল্প ৰচনা কৰি অসমীয়া চুটিগল্পৰ ভঁৰাল টনকিয়াল কৰিছে। ড° মামণি ৰয়ছম গোস্বামীয়ে বিভিন্ন সমাজ বা পটভূমিৰ ভেঁটিত গল্পসমূহ ৰচনা কৰিছিল। নাৰী জীৱনৰ মন:স্তাত্বিক দিশ বিশ্লেষণেৰে গোস্বামীৰ একাংশ গল্পৰ কাহিনী বৰ্ণনা কৰা হৈছে। ইয়াৰ উপৰিও মামণি ৰয়ছম গোস্বামীৰ গল্পবোৰ একোটা অঞ্চল, একোখন সমাজৰ জীয়া ইতিহাস বুলি ক’লেও ভুল কোৱা নহয়।

ড° মামণি ৰয়ছম গোস্বামীৰ সংকলিত গল্প সংকলন কেইখনৰ নাম হ’ল- ১৯৬২ চনত প্ৰকাশিত চিনাকি মৰম, ১৯৬৬ চনত প্ৰকাশিত কইনা, ১৯৯০ চনত প্ৰকাশিত হৃদয় এক নদীৰ নাম, ১৯৯৮ চনত প্ৰকাশিত মামনি ৰয়ছমৰ স্বনিৰ্বাচিত গল্প আৰু ১৯৯৮ চনত মামনি ৰয়ছম গোস্বামীৰ প্ৰিয় গল্প। অন্যহাতে ২০১৯ চনৰ নৱেম্বৰ মাহত প্ৰকাশ পাই মামণি ৰয়ছম গোস্বামীৰ অসংকলিত অৰ্থাৎ পূৰ্বে তেখেতৰ কোনো গল্প সংকলনতে সন্নিবিষ্ট নোহোৱা আঠাইশটা গল্পৰ সংকলন মেগনলীয়া’।

ঔপন্যাসিক হিচাপে | As a Novelist

গুৰুত্বপূৰ্ণ কথা যে গল্পকাৰৰ লগতে বিংশ শতিকাৰ মহিলা ঔপন্যাসিক হিচাপে খ্যাতি লাভ কৰা মামণি ৰয়ছম গোস্বামীয়ে সত্তৰ দশকৰ পৰাহে এগৰাকী ঔপন্যাসিক হিচাপে স্বীকৃত হয়। ড° মামণি ৰয়ছম গোস্বামীয়ে অসমীয়া উপন্যাস জগতত ব্যতিক্ৰমী উপন্যাস ৰচনা কৰি এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিল। ড° গোস্বামীয়ে ব্যক্তিগত সংগ্ৰামময় জীৱন তথা বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত উপন্যাসবোৰ ৰচনা কৰিছে। অসম তথা ভাৰতবৰ্ষ আৰু ভাৰতৰ বাহিৰৰ বিভিন্ন ঠাইৰ অভিজ্ঞতা বুটলি ৰচনা কৰা উপন্যাস সমূহত  অসমৰ কথা সন্নিৱিষ্ট হোৱাৰ লগতে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পটভূমিও ঠাই পাইছে।

বাস্তৱ জীৱনৰ ঘটনা-পৰিঘটনাক কাহিনীৰ মাজেৰে উপস্থাপন কৰাৰ সমান্তৰালকৈ গোস্বামীয়ে বিষয়বস্তুৰ নতুনত্ব, গাম্ভীৰ্য, সমাজৰ কুসংস্কাৰ, নাৰীৰ বিভিন্ন সমস্যা, সমাজৰ ভণ্ডামি, দুখীয়া সমাজৰ যন্ত্ৰণা তথা অৰ্থনৈতিক দুৰাৱস্থাৰ বিষয়ে বৰ্ণনা কৰা ড° মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ কথনশৈলীয়ে উপন্যাসবোৰক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

ড° মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰা উপন্যাসবোৰ হ’ল – চেনাবৰ সোঁত (১৯৭২), নীলকণ্ঠী ব্ৰজ (১৯৭৬), অহিৰণ (১৯৮০), মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস (১৯৮০) । এই ‘মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস’ গ্ৰন্থৰ বাবে ড° গোস্বামীয়ে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। 

দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা (১৯৮৮), এই  উপন্যাসৰ বাবে কামৰূপ কী কাহানীয়া শীৰ্ষক হিন্দী ধাৰাবাহিক দুলাল ৰয়ে ১৯৯৬ চনত দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় চেনেলৰ বাবে  ৰুমা ঘোষৰ পৰিচালনাত নিৰ্মাণ কৰিছিল। অন্যহাতে এই উপন্যাসখনৰ আধাৰতে ১৯৯৬ চনত অদাহ্য’ নামৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল ড॰ সান্ত্বনা বৰদলৈয়ে। গুৰুত্বপূৰ্ণ কথা যে এইখন উপন্যাসৰ বাবেই  ড° গোস্বামীয়ে ১৯৮৮ চনত অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা লাভ কৰিছিল।

সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি (১৯৮৯), উল্লেখ্য যে এই তিনিখন উপন্যাসৰ একত্ৰ সংকলনৰ বাবে ড° গোস্বামীয়ে ভাৰত নিৰ্মাণ বঁটা লাভ কৰিছিল।

এইসমূহৰ ওপৰিও ড° গোস্বামীৰ প্ৰকাশিত আন আন উপন্যাস সমূহ হ’ল – ঈশ্বৰী জখমী যাত্ৰী ইত্যাদি (১৯৯১), তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা (১৯৯৪), মামনি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ (১৯৯৮), দাশৰথীৰ খোজ (১৯৯৯), ছিন্নমস্তাৰ মানুহটো (২০০১), থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল (২০০৬) । তদুপৰি তেওঁ মালায়ালম উপন্যাস অৰনাষিকনেৰম ক ১৯৭৮ চনত আধা ঘণ্টা সময় নামেৰে অসমীয়ালৈ অনুবাদ কৰে।

মামণি ৰয়ছম গোস্বামী গৱেষণামূলক কাৰ্য | Research works of Mamoni Raisom Goswami

গল্প উপন্যাসৰ ওপৰিও ড° মামণি ৰয়ছম গোস্বামীয়ে বিভিন্ন গৱেষণামূলক কামো সম্পাদন কৰিছিল। সেইসমূহ হ’ল-

১) তুলসী দাসৰ ৰামচৰিত মানস আৰু মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণ : এটি তুলনামুলক অধ্যয়ন

২) Children’s literature in the Assamese Language.

৩) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস “মৃতুঞ্জয়”:  সমকালিন ভৰতীয়া সাহিত্য

৪) History of Assamese Literature.

৫) Madhava Kandali and his Ramayana. 

৬) Assamese Literature since 1947.

৭) Assamese Metres.

৮) Assamese Drama: Modernity without Vitality.

৯) Ramabhakti in Sankardeva.

১০) Chronicle of a Great Woman, Indian Literature.

১১) Ankiya Nats of Assam.

১২) ‘’the image of Women in Assamese Literature’’ in The Image of Women in Indian Literature. 

১৩) Camparative study of the Character of Ravana and Sita.

১৪) Bani Kanta Kakati, published in the Souvenir of Centenary Celebration of Bani Kanta Kakati held in the Department of Modern Indian Languages and Literary Studies.

১৫) Moheshwar Neog: Some Cherished Memories.

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ | National & International level discussion circle

গৱেষণাৰ ওপৰিও বহু সংখ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কমৰ্শালাত যোগদান কৰাৰ লগতে গৱেষণা পত্ৰ পাঠ কৰা ড° মামণি ৰয়ছম গোস্বামীয়ে ১৯৬৩ চনত গুৱাহাটীৰ চেইন্ট মেৰিজ গাৰ্লছ হাইস্কুলত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। ১৯৭১ চনত ড° গোস্বামীয়ে  দিল্লী বিশ্ববিদ্যালয়ত আধুনিক ভাৰতীয় ভাষা বিষয়ত অধ্যাপক হিচাপে যোগদান কৰি এই বিভাগৰ পৰাই অৱসৰ গ্ৰহণ কৰে। বিভিন্ন ধৰণৰ অনুবাদ কৰ্মৰ লগতো জড়িত থকা মামণি ৰয়ছম গোস্বামীয়ে বিশেষকৈ ৰামায়ণী সাহিত্য সম্পৰ্কে গভীৰভাৱে অধ্যয়ন কৰিছিল। বিভিন্ন শৈক্ষিক, সামাজিক, সাহিত্য-সংস্কৃতিৰ লগত জড়িত অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে তেখেতে সম্পৰ্ক ৰক্ষা কৰি চলা মামণি ৰয়ছম গোস্বামীয়ে অসমৰ আলফা সমস্যা তথা আলফা আৰু চৰকাৰৰ মাজত শান্তি আলোচনাৰ বাবেও তেখেত বিশেষভাৱে যত্নপৰ হৈছিল।

Also Read: কনকলতা বৰুৱা জীৱনী | Biography of Kanaklata Barua

অন্যান্য | Others

গুৰুত্বপূৰ্ণ কথা যে ড° মামণি ৰয়ছম গোস্বামী (Mamoni Raisom Goswami)-ৰ জীৱনটো আছিল কঠোৰ সংগ্ৰামৰ এক দলিল। পিতৃ উমাকান্ত গোস্বামী ১৯৫৫ চনত  ককৰ্ট ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যু মুখত পৰে৷ ড° গোস্বামীৰ প্ৰিয় খুৰাক চন্দ্ৰকান্ত গোস্বামীৰো আকস্মিক বিয়োগ ঘটে ১৯৬০ চনত। বিয়াৰ মাত্ৰ এটা বছৰৰ পিছতেই ১৯৬৭ চনত ড° গোস্বামীৰ স্বামী মাধবেন ৰয়ছম আয়েংগাৰ কাশ্মীৰৰ চুইনা একোৱেডাক্টৰ মেনেজাৰ ৰূপে নিয়োজিত হৈ থকা অৱস্থাত উধামপুৰলৈ যাওঁতে মটৰ দুঘৰ্টনাত মৃত্যুক সাবটি লয়৷ ব্যক্তিগত জীৱনৰ এই সমূহ ঘাট-প্ৰতিঘাট, কঠোৰ সমাজ-ব্যৱস্থাই ড° গোস্বামীৰ সাহিত্য ৰচনাতো প্ৰভাৱ পেলাইছিল। এই বিভিন্ন ঘটনাৰ বাবে মামণি ৰয়ছম গোস্বামীৰ সংবেদনশীল মনত নিঃসংগতাবোধে বাহ লৈছিল। আনকি এই নিঃসংগতাবোধৰ বাবেই তেখেত আত্মহত্যা কৰিবলৈকো চেষ্টা কৰিছিল আৰু তাৰ ফলত সম্ভাব্য মৃত্যুৰ দুৱাৰ দলিৰ পৰা উভতি আহিলেও এনে ঘটনাৰ বাবে সমাজত তেখেত সমালোচনাৰ পাত্ৰীও হ’ল৷ 

সমস্ত দুখ–যন্ত্ৰণাক প্ৰত্যাহ্বান জনাই জীৱনৰ ৰণক্ষেত্ৰত সাহসেৰে অৱতীৰ্ণ হৈ সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ড° মামণি ৰয়ছম গোস্বামী। জীৱন–যন্ত্ৰণা আৰু সাহিত্যক একাকাৰ কৰি ড° মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰিছিল দুৰ্ভগীয়াজনৰ মুক্তিৰ পথ। যাৰ বাবে তেওঁ ৰচনাৰাজী সমূহত প্ৰেম আৰু মানৱীয় অনুভূতি হৈছিল। ড° গোস্বামীয়ে বিশ্বৰ নিপীড়িত জনতাক সাহিত্য–শিল্পৰ যোগেদিয়েই দি গ’ল আশা আৰু সাহসৰ বাণী। তেওঁৰ লেখাসমূহৰ অন্যতম দিশ আছিল সত্যৰ অন্বেষণ কৰা। সত্যক নিৰ্ভীকভাৱে প্ৰকাশ কৰিবলৈ ড° গোস্বামীয়ে কেতিয়াও কুণ্ঠাবোধ কৰা নাছিল।

সামৰণি | Conclusion

জ্ঞানপীঠ বঁটাৰে সন্মনিত অসমীয়া সাহিত্য জগতৰ এগৰাকী ব্যতিক্ৰমী লেখিকা হৈছে মামণি ৰয়ছম গোস্বামী। তেওঁৰ সাহিত্য সৃষ্টিৰ প্ৰতিটো প্ৰেক্ষাপটতে বৰ্ণিত কৰিছে ভাৰত তথা ভাৰতৰ বাহিৰৰ বিভিন্ন ঠাইৰ প্ৰতিচ্ছবি। বাস্তৱ জীৱনৰ ভিত্তিত, চাক্ষুষ অভিজ্ঞতাত লাভ কৰা বহু ঘটনা তেওঁৰ সাহিত্য ৰচনাত জীৱন্ত কৰি তুলিছে। সৰ্বসাধাৰণ মানুহৰ জীৱনৰ বিভিন্ন অভিজ্ঞতা সমূহ জীৱন্তভাৱে সাহিত্যত ফুটাই উঠাব পৰা মামণি ৰয়ছম গোস্বামী হৈছে এগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন লেখিকা। ২০১১ চনৰ ২৯ নৱেম্বৰত গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত এইগৰাকী  প্ৰতিভাসম্পন্ন লেখিকাই ইহলীলা সম্বৰণ কৰিলেও বিশাল সাহিত্য কৰ্মেৰে অসমীয়া সাহিত্য ভঁৰাল চহকী কৰা ড° মামণি ৰয়ছম গোস্বামী অসম তথা অসমীয়াৰ বাবে গৌৰৱ।

Also Read: জ্যোতিপ্ৰসাদ আগৰৱালা | Jyoti Prasad Agarwala

FAQ

১) মামণি ৰয়ছম গোস্বামী (Mamoni Raisom Goswami) কোন আছিল?

উঃ- তেওঁ আছিল এগৰাকী অসমসীয়া সম্পাদক, কবি, অধ্যাপক, পণ্ডিত আৰু লেখক।

২) মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি আছিল?

উঃ- ইন্দিৰা গোস্বামী।

৩) মামণি ৰয়ছম গোস্বামীক ‘জ্ঞানপীঠ বঁটা’ কেতিয়া দিয়া হৈছিল?

উঃ- ২০০০ চনত।

৪) মামণি ৰয়ছম গোস্বামী কʼত আৰু কেতিয়া জন্ম হৈছিল?

উঃ- ১৪ নৱেম্বৰ, ১৯৪২ চনত অসমৰ কামৰূপ জিলাত।

৫) মামণি ৰয়ছম গোস্বামীৰ প্ৰথম ৰচনা কি?

উঃ- ‘চিনাকি মৰম’ নামৰ চুটিগল্পৰ সংকলনখন, ১৯৬২ চনত প্ৰকাশ পাইছিল।

Writer: Ananya Borah

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top