নীলমণি ফুকন বিষয়ে জীৱনী/ ৰচনা | Nilmani Phookan

নীলমণি ফুকন | Nilmani Phookan Essay in Assamese | Biography of Nilmani Phookan in Assamese | নীলমণি ফুকন বিষয়ে জীৱনী | নীলমণি ফুকন বিষয়ে ৰচনা | নীলমণি ফুকনৰ চমু পৰিচয়।

Join Telegram channel

দীর্ঘদিন ধৰি কবিতাৰ চৰ্চা অব্যাহত ৰাখি আৰু নিজস্ব সাধনাৰে অসমীয়া কবিতাক সমৃদ্ধ কৰা অসমীয়া কাব্য জগতৰ ভোটা তৰা সদৃশ এজন ব্যক্তি হ’ল নীলমণি ফুকন (Nilmani Phookan)। কবিতাৰ বাবে সমগ্ৰ জীৱন উৰ্চগা কৰি কবিতাৰ সাধনা কৰা ব্যক্তি সত্বাটোৱেই হ’ল নীলমণি ফুকন। অসমীয়া কবিতাৰ এটা উজ্জ্বল নক্ষত্র নীলমণি ফুকনৰ কবিতাক বাদ দি আধুনিক অসমীয়া কবিতা সম্পূৰ্ণ নহয়। নিজস্ব অভিজ্ঞতা, স্মৃতি আৰু স্বপ্নৰ সমাহাৰেৰে সমৃদ্ধ নীলমণি ফুকনৰ প্ৰতিটো কবিতাৰ প্ৰকাশৰ ভাব ভংগী তথা বিষয়বস্তু প্ৰতি পাঠক সহজে আকৃষ্ট হয়। অত্যন্ত ইন্দ্রিয় সচেতন, সংবেদনশীলতাৰ পৰিচয় দিয়া কবি নীলমণি ফুকনৰ কবিতাত সংমিশ্রণ থাকে ঐতিহ্য আৰু পৰম্পৰাৰ।

নীলমনী ফুকন

নীলমণি ফুকন জীৱনী | Nilmani Phookan Biography

নাম (Name)নীলমণি ফুকন (Nilmani Phookan[1])
জন্ম চন (Date of Birth)১০ ছেপ্টেম্বৰ ১৯৩৩ চন (10th September, 1933)
জন্ম স্থান (Place of Birth)দেৰগাঁও, গোলাঘাট জিলা, অসম
অভিভাৱক (Parents)পিতৃৰ নাম (Father) : কীৰ্তিনাথ ফুকন
মাতৃৰ নাম (Mother) : বৰদাবালা ফুকন
শিক্ষা (Education)১/ দেৰগাঁও হাইস্কুল
২/ কটন কলেজ
৩/ গুৱাহাটী বিশ্ববিদ্যালয়
বঁটা / সন্মান (Awards)১/ ৰঘুনাথ চৌধাৰী বঁটা (১৯৭১)
২/ জগদ্ধাত্ৰী হৰমোহন বঁটা (১৯৮৮)
৩/ কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা (১৯৯১)
৪/ ছগনলাল জৈন বঁটা (১৯৯১)
৫/ ভাৰত চৰকাৰৰ এমিৰেটাছ ফেল’ (১৯৯৮)
৬/ ভাৰতীয় ভাষা পৰিষদৰ বঁটা (২০০০)
৭/ সাহিত্য অকাডেমি বঁটা (১৯৮১ চন)                                                                                          
৮/ পদ্মশ্ৰী সন্মান (১৯৯০ চন)
৯/ অসম উপত্যকা সাহিত্য বঁটা (১৯৯৭ চন)                                                                                                                                                         
১০/ সাহিত্য অকাডেমিৰ ফেল’ (২০০২ চন)                                                                                                                                                                            
১১/ অসম সাহিত্য সভাৰ তৰফৰ পৰা জাতীয় কবি সন্মান                                                                                                                      
১২/ অসম প্ৰশাসন পৰিষদৰ সাহিত্যৰ জীৱনজোৰা সাধনা বঁটা (২০১৪ চন)                                                                                                                                                                                                                                    
১৩/ কাব্য ঝষি, সদৌ অসম কবি সন্মিলন (২০১৫)                                                                                                                                                                                                                                           
১৪/ অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান জাতীয় কবি উপাধি (২০১৭)                                                                                                                                                                                                                                                                     
১৫/ ডিব্ৰুগড় বিশ্ববিদ্যালৰ সন্মানীয় ‘ডি লীট সন্মান (২০১৯ চন)

Also Read: আনন্দ চন্দ্ৰ আগৰৱালা | Ananda Chandra Agarwala

নীলমণি ফুকন প্ৰাৰম্ভিক জীৱন

গোলাঘাট জিলাৰ দেৰগাঁওত ১৯৩৩ চনৰ ১০ চেপ্তেম্বৰ তাৰিখে নীলমণি ফুকনৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল কীৰ্তিনাথ ফুকন আৰু মাতৃৰ নাম আছিল বৰদাবালা ফুকন। দুৰ্ভাগ্যজনক কথা যে নীলমণি ফুকনৰ শিশু অৱস্থাতেই ইহ সংসাৰ ত্যাগ কৰিছিল বৰদাবালা ফুকনে।

দেৰগাঁও হাইস্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি গুৱাহাটীৰ পৰা প্ৰাইভেট পৰীক্ষাৰ্থী হৈ ১৯৫৩ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় নীলমণি ফুকন। ১৯৫৭ চনত তেওঁ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৬০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 

কৰ্মজীৱন

আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰাৰ পৰৱৰ্তী সময়ত নীলমণি ফুকনে ১৯৬১ চনত দেৰগাঁও বালিকা হাইস্কুলত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। এই বিদ্যালয় খনত ছটা মাহ শিক্ষকতা কৰাৰ পাছত ১৯৬১ চনত আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে যোগদান কৰে নীলমণি ফুকনে। তিনি বছৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ পৰৱৰ্তী সময়ত ১৯৬৪ চনত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত ইতিহাস বিষয়ৰ প্ৰৱক্তা হিচাপে যোগদান কৰি তাৰ পৰাই ১৯৯২ চনত ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। শিক্ষকতাক জীৱনৰ ব্ৰত হিচাপে গণ্য কৰা নীলমণি ফুকন মহাবিদ্যালয়ৰ বিভিন্ন সহ: পাঠ্যক্ৰমিক বিষয়বস্তুৰ লগতো জড়িত হৈ আছিল।

Also Read: জ্যোতিপ্ৰসাদ আগৰৱালা | Jyoti Prasad Agarwala

সাহিত্যৰাজি

কবিতা

১৯৫০চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰা নীলমণি ফুকনৰ প্ৰকাশিত প্ৰথম কবিতাৰ সংকলন হ’ল ১৯৬৩ চনত প্ৰকাশিত সূৰ্য হেনো নামি আহে এই নদীয়েদি। ইয়াৰ উপৰিও তেখেতৰ সংকলিত আন আন কবিতা পুথি সমূহ হ’ল- ‘নিৰ্জনতাৰ শব্দ’ (১৯৬৫), ‘আৰু কি নৈ:শব্দ’ (১৯৬৮), ‘ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে’ (১৯৭১), ‘কাঁইট গোলাপ আৰু কাঁইট’ (১৯৭৫), ‘গোলাপী জামুৰ লগ্ন’ (১৯৭৭), ‘কবিতা’ (১৯৮১), ‘নৃত্যৰতা পৃথিৱী’ (১৯৮৫), ‘অলপ আগতে আমি কি কথা পাতিছিলো’ (২০০৩), ‘সম্পূৰ্ণ কবিতা’ (২০০৩), ‘Selected poems’ (২০০৭), ‘নীলমণি ফুকন ৰচনাৱলী’ (২০১২)। ইয়াৰ উপৰিও ১৯৯৪ চনত প্ৰকাশিত সাগৰ তলিত শংখ শীৰ্ষক কাব্য সংকলন খন হ’ল ড০ হিৰেণ গোঁসাই সম্পাদিত নীলমণি ফুকনৰে কবিতাৰ এক সংকলন।

গুৰুত্বপূৰ্ণ কথা যে নীলমণি ফুকনৰ স্বনিৰ্বাচিত কাব্যগ্ৰন্থ ১৯৮০ প্ৰকাশিত ‘কবিতা’ পুথিৰ বাবে ১৯৮১ চনত সাহিত্য অকাডেমী বঁটা অৰ্জন কৰিছিল। ইয়াৰ জৰিয়তেই তেওঁৰ কাব্য প্ৰতিভা সৰ্বভাৰতত প্ৰতিষ্ঠা হোৱাৰ বাবে এটা বাট মুকলি হ’ল। কবি জীৱনৰ উল্লেখযোগ্য স্বাক্ষৰ বহন কৰা কবিতা’ শীৰ্ষক কাব্য পুথিখনত নীলমণি ফুকনে ১৯৭৫ চনৰ পৰা ১৯৮০ চনৰ ভিতৰত ৰচনা কৰা কবিতাসমূহ সন্নিৱিষ্ট কৰিছে।

গুজৰাটী, উড়িয়া, বাংলা, ইংৰাজী, আৰু জাৰ্মান ভাষালৈও অনূদিত হৈছে অসমীয়া কাব্য সাহিত্যত এক সুকীয়া পৰিচয়ৰ লগতে এক নিজা ব্যঞ্জনাৰ সূচনা কৰা নীলমণি ফুকনৰ কবিতা। ফুলি থকা সূৰ্য্যমুখী ফুলটোৰ ফালে কাব্যগ্ৰন্থৰ বাবে নীলমণি ফুকনে অসম সাহিত্য সভা পুৰস্কাৰ লাভ কৰিছে। অন্যহাতে ১৯৭৭ চনত প্ৰকাশিত কাঁইট গোলাপ আৰু কাঁইট কাব্য গ্ৰন্থৰ বাবে নীলমণি ফুকনে অসম প্ৰকাশন পৰিষদৰ বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু কমল কুমাৰী বঁটাও লাভ কৰিছিল। সংজ্ঞা’ নামৰ এখন আলোচনীও সম্পাদনা কৰা নীলমণি ফুকনে ১৯৮২ চনত যুগোশ্লেভিয়াৰ ষ্টুটগাত অনু্ষ্ঠিত আন্তৰ্জাতিক কবি সন্মিলনীত একমাত্ৰ ভাৰতীয় প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিল।

অসমীয়া কবিতাক নব্য ৰূপেৰে সমৃদ্ধ কৰা কবি হ’ল নীলমণি ফুকন। প্ৰতীক আৰু চিত্ৰকল্প নিৰ্মাণত সিদ্ধহস্ত এইগৰাকী কবিয়ে জাপানী হাইকু আৰু টংক, স্পেনীজ কবি ফেডাৰিকা গাৰ্থিয়া লৰ্কা আৰু ফৰাচী প্ৰতিকবাদী আন্দোলনৰ প্ৰভাৱেৰে তেওঁৰ কবিতাক সমৃদ্ধ কৰিছে। সৌন্দৰ্য বোধ, প্ৰেম, দু: স্বপ্ন, মৃত্যু চেতনা, ল’ৰালিৰ ধূসৰ স্মৃতি, প্ৰতিকী ব্যঞ্জনা হ’ল নীলমণি ফুকনৰ কবিতাৰ অন্যতম বৈশিষ্ট্য। কম শব্দেৰে, অসমীয়া ভাষাৰ সুন্দৰ শব্দৰ ব্যৱহাৰেৰে তেওঁ কবিতাক ন-ৰূপ প্ৰদান কৰে। গুৰুত্বপূৰ্ণ কথা যে নীলমণি ফুকনৰ কবিতাতেই ৰামধেনু যুগৰ কবিতাৰ জটিল ৰূপ প্ৰতিফলিত হৈছে।

নীলমণি ফুকনৰ কবিতাৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল বিষয়ৰ ব্যাপ্তি আৰু গভীৰতা। প্ৰতীকবাদৰ সফল প্ৰয়োগৰ লগতে চিত্ৰকল্পৰ সঠিক ব্যৱহাৰৰ জৰিয়তে অসমীয়া কবিতাক সমৃদ্ধ কৰা নীলমণি ফুকনৰ কবিতাত অসমীয়া ভাষাৰ প্ৰকাশিকা শক্তিৰ বৈচিত্ৰময় ৰূপ পৰিলক্ষিত হয়। 

পৃথিৱীৰ বিভিন্ন দেশৰ কবি সকলৰ প্ৰতি আকৰ্ষিত হোৱাৰ লগতে তেওঁলোকৰ কবিতা অনুবাদ কৰি প্ৰকাশ কৰিছিল নীলমণি ফুকনে। তেওঁ অনুবাদ কৰা প্ৰকাশিত কাব্য সংকলন সমূহ হ’ল – জাপানী কবিতা’ (১৯৭১), ‘গৰ্থিয়া ৰকাৰ কবিতা’ (১৯৮১), ‘অৰণ্যৰ গান’ (১৯৯৩) আৰুচীনা কবিতা’ (১৯৯৬), ‘অনুসৃষ্টি’ (২০১৪) গুৰুত্বপূৰ্ণ কথা যে চীনা আৰু জাপানী কবিতাৰ উপৰিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ কবিসকল গাৰ্থিয়া লৰ্কা, নাজিম হিকমত, হো-চি-মীনৰ আদিৰ লগতো নীলমণি ফুকনৰ সম্পৰ্ক আছিল আত্মিক। অৱশ্যে গভীৰ অধ্যয়নপুষ্ট আৰু ব্যক্তিনিষ্ঠ কবি নীলমণি ফুকনৰ কবিতাত কোনো কবিৰে প্ৰত্যক্ষ প্ৰভাৱ পৰিলক্ষিত নহয়। তাৰ বিপৰীতে জাতীয় জীৱনৰ ভেঁটিত লোক-সংস্কৃতি, চিত্ৰকলা তথা ঐতিহ্য চেতনাৰেহে সমৃদ্ধ নীলমণি ফুকনৰ কবিতা। 

কেৱল কবিতাই নহয় নীলমণি ফুকনৰ গদ্যৰ ভাষাও হ’ল কবিতাৰ দৰেই মননধৰ্মী, স্বচ্ছল আৰু ব্যঞ্জনময়। পঞ্চাশৰ দশকত মহেশ্বৰ নেওগৰ সম্পাদিত ৰামধেনুৰ পাতত গদ্য প্ৰকাশ পোৱা নীলমণি ফুকনে কাব্যচৰ্চা কৰা সমান্তৰালকৈ অব্যাহত ৰাখিছে গদ্য চৰ্চাও। গুৰুত্বপূৰ্ণ কথা যে কবি হিচাপে পৰিচিত হ’লেও পোনতে গদ্যৰ মাধ্যমেৰেহে সাহিত্য জগতত প্ৰৱেশ কৰিছিল নীলমণি ফুকনে। তেওঁৰ প্ৰকাশিত আত্মজীৱনী মূলক গ্ৰন্থকেইখন হৈছে- ২০০৬ চনত প্ৰকাশিত পাতি সোণাৰুৰ ফুল’ আৰু ২০১৮ চনত প্ৰকাশিত পাহৰিব নোৱাৰিলো যি’

আত্মজীৱনী মূলক গ্ৰন্থ

ইয়াৰ উপৰিও আত্মজীৱনী মূলক গ্ৰন্থৰ উপৰিও নীলমণি ফুকনৰ প্ৰকাশ পোৱা প্ৰৱন্ধৰ সংকলন সমূহ হ’ল- ‘লোক কল্প দৃষ্টি’ (১৯৮৭), ‘ৰূপ বৰ্ণ বাক’ (১৯৮৮), ‘শিল্প কলাৰ উপলব্ধি আৰু আনন্দ’ (১৯৮৮), ‘শিল্প কলাৰ দৰ্শন’ (১৯৯৮), ‘বিচিত্ৰ লেখা’ (২০১০), ‘কবিতাৰ নেপথ্য’ (২০১৬) ।

সম্পাদিত গ্ৰন্থ

ইয়াৰ উপৰিও নীলমণি ফুকনৰ দ্বাৰা সম্পাদিত গ্ৰন্থ হৈছে ১৯৬৬ চনত প্ৰকাশিত ‘মণিদীপ’ আৰু ১৯৭৭ চনত প্ৰকাশিত ‘কুৰি শতিকাৰ অসমীয়া কবিতা’। নীলমণি ফুকনৰ এই দুয়োখন গ্ৰন্থই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

বৰ্তমান ৮৯ বছৰ গৰকা নীলমণি ফুকন হ’ল অসমৰ মাটিৰ সুগন্ধৰে সুবাসিত এজন কবি। তেখেতে অসমৰ সমাজ জীৱনত প্ৰভাৱ পেলাব বিচৰা বিভিন্ন দিশত সৰৱ হোৱা পৰিলক্ষিত হয়। বাৰ্ধক্য কোঙা কৰিব নিবিচৰা সবল ব্যক্তিত্বৰ অধিকাৰী এইগৰাকী কবিয়ে শেহতীয়াকৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছিল।

পঞ্চাশৰ দশকৰ পৰা কাব্য চৰ্চা কৰি নিজৰ প্ৰতিভা আৰু সাধনাৰ বলত আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰত এক বিশেষ স্থান অধিকাৰ কৰা নীলমণি ফুকনে এক নতুন কাব্য শৈলী আৰু নতুন পৰীক্ষা নিৰীক্ষাৰ মাজেৰে অসমীয়া কবিতাক বিস্তৃতি প্ৰদান কৰিবলৈ সক্ষম হৈছে। পাঠক সমাজৰ মাজত সাৰ্থক কবিতা হিচাপে বিবেচিত নীলমণি ফুকনৰ কেইটামান কবিতা হ’ল- ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘স্বপ্নবাসৱাদত্তা’, ‘বুৰঞ্জী, মৈথুন সংগীত’, ‘দৃশ্য, গোলাপীজামুৰ লগ্ন’, ‘গ্ৰীষ্মৰ কেইটামান ক্ষুদ্ৰকায় দৃশ্য’ ইত্যাদি।

ফৰাচী কবিতাৰ প্ৰতীক চিত্ৰকল্পবাদৰ লগতে জাৰ্মান এক্সপ্ৰেছনিজিম – ইম্প্ৰেছনিজিম, চীনা – জাপানী কবিতাৰ পৰা পোৱা প্ৰেৰণা আৰু স্থানীয় ঐতিহ্য চেতনাৰ বাবে আন এক মহত্ব প্ৰতিফলিত হৈছে নীলমণি ফুকনৰ কবিতাত। প্ৰকৃততে বিভিন্ন বিচিত্ৰ বিষয়ে নীলমণি ফুকনৰ কাব্য ভাৱনাক চহকী কৰি তুলিলেও অসমীয়া লোক সাহিত্য, বৈষ্ণৱ সাহিত্য, পৰম্পৰা, অসমৰ মাটি- পানী – মানুহৰ গোন্ধেহে তেওঁৰ কবি মানসক আচ্ছন্ন কৰি ৰাখিছে।

Also Read: ৰঘুনাথ চৌধাৰী – জীৱনী | Raghunath Chaudhary

সামৰণি

অসমীয়া কবিতা সমৃদ্ধি আৰু উত্তৰণৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগোৱা নীলমণি ফুকনে আধুনিক অসমীয়া কবিতাত চিত্ৰকলাৰ সম্পৰ্ক স্থাপন, উদ্ভিদ জগত, লোক জীৱনৰ কলা কৃষ্টিৰ উপজীব্য সফলভাৱে ৰূপদান কৰি স্বকীয়তাৰ স্বাক্ষৰ বহন কৰিছে। অসমৰ বোকা পানীৰ সজল ৰূপটি বিভিন্ন ৰূপত কবিতাৰ মাজেৰে পৰিস্ফুত কৰা নীলমণি ফুকন‌ হ’ল অসমীয়া কাব্য তথা সাহিত্য জগতৰ এজন পুৰোধা ব্যক্তি।

FAQ

১) নীলমণি ফুকনে কোনখন ৰচনাৰ বাবে ‘জ্ঞানপীঠ বঁটা’ পাইছিল?

উঃ-  ১৯৬৩ চনত ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’ নামৰ কবিতাৰ বাবে তেওঁক ‘জ্ঞানপীঠ বঁটা’ৰে সন্মানিত কৰা হৈছিল।

২) নীলমণি ফুকনৰ জন্ম কʼত আৰু কেতিয়া হৈছিল?

উঃ- নীলমণি ফুকনৰ জন্ম ১৯৩৩ চনৰ ১০ ছেপ্টেম্বৰত দেৰগাঁও, গোলাঘাট জিলাত হৈছিল।

৩)  নীলমণি ফুকনক সাহিত্য অকাডেমী বঁটা’ কিহৰ বাবে দিয়া হৈছিল?

উঃ- নীলমণি ফুকনে ১৯৮০ প্ৰকাশিত স্বনিৰ্বাচিত কাব্যগ্ৰন্থ কবিতা’ৰ বাবে ১৯৮১ চনত ‘সাহিত্য অকাডেমী বঁটা’ পাইছিল।

৪) নীলমণি ফুকনে সম্পাদনা কৰা আলোচনীখনৰ নাম কি?

উঃ- নীলমণি ফুকনে সম্পাদনা কৰা আলোচনীখনৰ নাম- সংজ্ঞা’।

৫) নীলমণি ফুকনৰ আত্মজীৱনীমূলক গ্ৰন্থ কি?

উঃ- নীলমণি ফুকনৰ আত্মজীৱনীমূলক গ্ৰন্থ  হৈছে- ‘পাতি সোণাৰুৰ ফুল’ (২০০৬) আৰু ‘পাহৰিব নোৱাৰিলো যি’ (২০১৮)

Writer: Ananya Borah

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top