ড০ ভূপেন হাজৰিকা জীৱনী | Dr. Bhupen Hazarika Biography

ড॰ ভূপেন হাজৰিকা | Dr. Bhupen Hazarika Essay in Assamese | Biography of Dr. Bhupen Hazarika in Assamese | ড॰ ভূপেন হাজৰিকা বিষয়ে জীৱনী | ড॰ ভূপেন হাজৰিকা বিষয়ে ৰচনা | ড॰ ভূপেন হাজৰিকাৰ চমু পৰিচয়।

Join Telegram channel

ড॰ ভূপেন হাজৰিকা (১৯২৬-২০১১) অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবঙ্গ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। উৎকৃষ্ট বিশ্বমানৰ অৱদানেৰে কলা-সংস্কৃতিৰ জগত চহকী কৰা ড॰ হাজৰিকা আছিল এজন বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল।

Dr. Bhupen Hazarika

তেখেতৰ গানত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাবে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ প্ৰভুত উন্নয়ন সাধনৰ উপৰিও ভাৰত তথা বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে। সংগীত, সাহিত্য, নিষ্পাদন কলা (performing arts), চলচ্চিত্ৰ আদিৰ বিভিন্ন অধ্যয়নচক্ৰ তথা সাংস্কৃতিক উৎসৱত ভাগ লৈ বেলজিয়াম, কংগো, চমৰখন্দ, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ-পূব এছিয়া, জাপান, অষ্ট্ৰেলিয়া আদি ভ্ৰমণ কৰিছিল।

নামড০ ভূপেন হাজৰিকা (Dr. Bhupen Hazarika)
অন্য নামসুধাকণ্ঠ
জন্ম১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত
মৃত্যু২০১১
বয়স৮৫ বছৰ
পিতৃনীলকান্ত হাজৰিকা
মাতৃশান্তিপ্ৰিয়া হাজৰিকা
শিক্ষানুষ্ঠানকটন মহাবিদ্যালয়, কাশী হিন্দু বিশ্ববিদ্যালয়, কলম্বিয়া বিশ্ববিদ্যালয়
দাম্পত্যসঙ্গীপ্ৰিয়ম্বদা পেটেল (বি. ১৯৫০ – ৬৩)
সন্তানতেজ ভূপেন হাজৰিকা (জন্ম ১৯৫২)

 

ড০ ভূপেন হাজৰিকা জীৱনী | Dr. Bhupen Hazarika Biography

 সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰত ড॰ হাজৰিকা কেৱল অসমকে ধৰি দেশ-বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় সংগীত নাটক একাডেমী বঁটাৰ উপৰিও তেখেতে ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। ড॰ হাজৰিকাই ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিৱেশনৰ সভাপতি আছিল। সংগীত নাটক একাডেমীৰ চেয়াৰমেন পদ লাভ কৰোঁতা হাজৰিকা প্ৰথমগৰাকী অসমীয়া ব্যক্তি।

তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১৯ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।

জন্ম আৰু পৰিয়াল

ড॰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। তেখেতসকলৰৰ ভাই-ভনী সকলো মিলি মুঠ দহটা সন্তান আছিল। পৰিয়ালৰ দহোটা সন্তানৰ জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা। বাকী কেইগৰাকী হৈছে অমৰ হাজৰিকা, প্ৰবীণ হাজৰিকা, সুদক্ষিণা শৰ্মা, নৃপেন হাজৰিকা, বলেন হাজৰিকা, কবিতা বৰুৱা, স্তুতি পেটেল, জয়ন্ত হাজৰিকা আৰু সমৰ হাজৰিকা। ভূপেন হাজৰিকাৰ অনুজ জয়ন্ত হাজৰিকা, সমৰ হাজৰিকা, সুদক্ষিণা শৰ্মাও আগশাৰীৰ সংগীত শিল্পী। ড॰ হাজৰিকাই তেওঁৰ সংগীতপ্ৰাণ মনটো শৈশৱতে ঘৰখনৰ পৰিবেশৰ পৰা লাভ কৰিছিল। তেখেতৰ পিতাক প্ৰথমে আছিল শিক্ষক, পিছলৈ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক আৰু শেষত মাটিৰ হাকিম হয়।

শদিয়াত থাকোঁতে ভূপেন হাজৰিকাৰ ঘৰৰ লগত আদিবাসী মানুহৰ খুব মিলা-প্ৰীতি আছিল। তেওঁলোকৰ ঘৰৰ পৰা বহু দূৰৈত থকা বনুং গাঁওখনৰ মানুহে আহি কেঁচুৱা ভূপেনক চোৱা-চিতা কৰিছিল। শান্তিপ্ৰিয়াক বৰ মৰম কৰিছিল তেওঁলোকে। পঞ্চলিছডাল জুইশলা কাঠী দিলে পঞ্চলিশদিন কাম কৰি দিছিল একোজনী আদিবাসী ছোৱালীয়ে। বোধহয় তেওঁলোক বিনিময় প্ৰথাত বিশ্বাস কৰিছিল। ভূপেন হাজৰিকা ডাঙৰ হ’লত ফুৰাবলৈ পেৰামবুলেটৰ (কেঁচুৱা ফুৰোৱা গাড়ী) কিনিবলৈ দেউতাক নীলকান্ত হাজৰিকাৰ ধন নাছিল। তেতিয়া ওচৰৰে চাহাব এজনে দেউতাকক মাতি নি তেওঁৰ ঘৰত থকা গাড়ী এখন উপহাৰস্বৰূপে দিছিল। সেইখন গাড়ীতে আদিবাসী ছোৱালীবিলাকে কেঁচুৱা ভূপেনক ঘূৰাই লৈ ফুৰাইছিল।

মাক-দেউতাকে তেওঁৰ নামটো ভূপেন্দ্ৰ কুমাৰ হাজৰিকা বুলি ৰাখিছিল। পিছে ঘৰত সদায়েই ডাঙৰমইনা বুলি মাতিছিল। 

অনাথবন্ধু দাস আৰু ভূপেন হাজৰিকা

অনাথবন্ধু দাস আছিল ভূপেন হাজৰিকাৰ মোমায়েক। অনাথবন্ধু দাসে খুউব সোনকালেই ১৯২৪ চনত; মাত্ৰ ২৩ বছৰ বয়সত ইহ-সংসাৰ ত্যাগ কৰিছিল। গীতে-মাতে সকলোতে আগৰণুৱা অনাথবন্ধু দাসৰ টাইফইড ৰোগ হৈছিল। ৰোগত আক্ৰান্ত হৈ থাকোঁতেই তেওঁ এদিন ভনীয়েক শান্তিপ্ৰিয়াক মাতি আনি তেওঁক ওচৰতে থকা নীলকান্ত হাজৰিকাৰ লগতে বিবাহ-পাশত আৱদ্ধ হ’বলৈ কৈছিল। কথাখিনি কোৱাৰ পিছদিনাই তেওঁৰ মৃত্যু হৈছিল।

যেতিয়া ১৯২৬ চনত শদিয়াত শান্তিপ্ৰিয়াৰ গৰ্ভত ভূপেন হাজৰিকাৰ জন্ম হৈছিল, তেতিয়া নীলকান্ত হাজৰিকাই শদিয়াৰ পৰা এখন টেলিগ্ৰাম প্ৰেৰণ কৰিছিল গুৱাহাটিৰ ভৰলুমুখৰ ঘৰলৈ; য’ত লিখা আছিল, “Blessed with a male Child”। দিনটো আছিল ৮ ছেপ্টেম্বৰ। টেলিগ্ৰামখন শান্তিপ্ৰিয়াৰ মাকে অৰ্থাৎ ভূপেন হাজৰিকাৰ আইতাকে ঘৰৰ সকলোকে দেখুৱাইছিল আৰু কৈছিল যে শান্তিৰ গৰ্ভত তেওঁৰ পুত্ৰ অনাথ আকৌ আহিছে। ভূপেন হাজৰিকা জন্ম হোৱাৰ ঠিক তিনি-চাৰিদিনৰ আগত আইতাকে হুলস্থূল লগাই সকলোকে কৈ ফুৰিছিল যে “অনাথ আহিছিল মোৰ ওচৰলৈ। ” আহি হেনো তেওঁক কৈছিল, “মা তই কিয় কান্দি থাক! মই গৈছিলোঁ, কিন্তু আকৌ আহিলোঁ নহয়। মই শান্তিৰ গৰ্ভত আকৌ আহিছোঁ। 

ভূপেন হাজৰিকাৰ চাৰি – পাঁচ বছৰ বয়সত আইতাকে এদিন কৈছিল, “তোক মই অনাথ বুলিহে মাতিম, ভূপেন বুলি নামাতোঁ। ” তেওঁ ভাবিছিল যে, ২৩ বছৰ বয়সতে মৃত্যুবৰণ কৰা প্ৰতিভাৱান অনাথবন্ধু দাসেই শান্তিপ্ৰিয়াৰ গৰ্ভত পুনৰ ভূপেন হৈ উপজিছে।

 শৈশৱ আৰু শিক্ষা

ড॰ হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ ভৰলুমুখৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৪০ চনত প্ৰৱেশিকা পৰীক্ষা, ১৯৪২ চনত কটন মহাবিদ্যালয়ৰ পৰা     ইণ্টাৰমেডিয়েট (কলা বিভাগ), ১৯৪৪ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।’Role of Mass Communication in India’s Adult Education’ (ৰ’ল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন) বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। তেখেতে চিকাগো বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে চলচ্চিত্ৰৰ ভূমিকা অধ্যয়নৰ বাবে লিছ্‌ল ফেল’শ্বিপ লাভ কৰিছিল।

প্ৰাইমেৰী বিদ্যালয়ৰ এছোৱা সময় ভূপেন হাজৰিকাই ঘৰতে পঢ়িছিল। কাৰণ, ভৰলুমুখৰ আইতাকৰ ঘৰখনত প্ৰায় আটাইবোৰ সদস্যয়েই শিক্ষা-বৃত্তিৰ লগত জড়িত আছিল। দেউতাক আছিল কটন কলেজিয়েট হাইস্কুলৰ শিক্ষক, মাহীয়েক ভৱপ্ৰিয়া দাস মাছখোৱা ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী আৰু ককাক ৰতিকান্ত দাসো আছিল এজন শিক্ষক। তেওঁলোক আটায়ে মিলি ভূপেন হাজৰিকাক অ-আ-ক-খ শিকাইছিল। অংক বিষয়ত ভূপেন হাজৰিকাৰ বৰ মন নাছিল। তৃতীয় শ্ৰেণীলৈকে তেওঁ ঘৰতে পঢ়িছিল। তাৰপিছতহে তেওঁক সোণাৰাম হাইস্কুলত নাম লগাই দিয়া হৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল ছবছৰ।

ভৰলুমুখৰ ঘৰত থাকোঁতেই মাহীয়েক ভৱপ্ৰিয়া দাসে ভূপেন হাজৰিকাক এখন হাৰমনিয়াম আনি দিছিল। তেওঁলোকৰ ওচৰতে থকা দাসগুপ্ত নে সেনগুপ্ত নামৰ এক্সাইজ ছুপাৰিণ্টেডেণ্ট এজনে অৰ্গেনত ব্ৰাহ্মসংগীত বজাইছিল। ভূপেন হাজৰিকাই সেইবোৰ শুনিছিল। ভূপেন হাজৰিকাৰ মাকে পদ্মধৰ চলিহাৰ গীত, ব্ৰাহ্মসংগীত, বঙালী গীত, ৰবীন্দ্ৰসংগীত গাইছিল। ঘৰত বৰগীতৰ চৰ্চাও চলিছিল। এনেকৈয়ে সৰুতেই নিজৰ ঘৰখনত ভূপেন হাজৰিকাৰ সংগীতৰ লগত পৰিচয় হৈছিল।[8]

লক্ষ্মীনাথ বেজবৰুৱাৰ লগত সাক্ষাৎ

দেউতাক নীলকান্ত হাজৰিকা কটন কলেজিয়েট হাইস্কুললৈ অহাৰ কেইদিনমানৰ পিছতেই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমলৈ আহিছিল। পুনৰ ঘূৰি যোৱাৰ সময়ত তেওঁক কটন কলেজিয়েটৰ ছাত্ৰসকলকৰ বাৰ্ষিক সন্মিলনলৈ নিমন্ত্ৰণ কৰা হৈছিল। তেওঁক সেই সন্মিলনৰ সভাপতি পতা হৈছিল। সেইদিনা আছিল ১৯৩০ চনৰ ৩০ অক্টোবৰ। দেউতাক নীলকান্ত হাজৰিকাই সৰু চুৰিয়া আৰু পাটৰ কুৰ্তা এটা পিন্ধাই শিশু ভূপেনক তালৈ লৈ গৈছিল। ভূপেন হাজৰিকাই তাতেই এটা গীত পৰিৱেশন কৰিছিল। তেওঁ গাইছিল:

‘কি সতে হিয়াৰে আমি

কওঁ তুমি যোৱাঁগৈ

কৰ্ত্তব্যে মাতিছে যদি

যোৱাঁ তুমি যোৱাঁগৈ। ‘

গীতটো তেওঁক শিকাইছিল মাহীয়েক ভৱপ্ৰিয়া দাসে। গীতটো শুনাৰ পাছত বেজবৰুৱাদেৱে শিশু ভূপেনক চুমা এটা খাইছিল। চুমাটো খোৱাৰ আগতে বেজবৰুৱাই “মই পাপী মানুহ, ই বৰ পৱিত্ৰ ল’ৰা” বুলি কৈ চৌকিদাৰৰ হতুৱাই পানী এগিলাচ অনাইছিল। কাৰণ সেই সময়ত তেওঁৰ মুখত তামোল আছিল। সেই পানীৰে কুল কুল কৰি উঠিহে বেজবৰৱাই ভূপেন হাজৰিকাৰ কপালত চুমা এটা খাইছিল আৰু কৈছিল, “খুব ডাঙৰ শিল্পী হ’বা তুমি। ” উল্লেখযোগ্য যে, তাৰ পিছদিনাই বেজবৰুৱাই হাওড়ালৈ ৰাওনা হৈছিল। পাছদিনা সাদিনীয়া অসমীয়াত খবৰ ওলাইছিল, “নীলকান্ত হাজৰিকাৰ ল’ৰা শ্ৰীমান ভূপেন হাজৰিকাই গান গালে”।

প্ৰণিধানযোগ্য যে, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী মোৰ জীৱন সোঁৱৰণতো এই বিশেষ সাক্ষাতটোৰ বিষয়ে উল্লেখ কৰা আছে।

তেজপুৰত শৈশৱকাল

ভূপেন হাজৰিকাই স্কুলীয়া শিক্ষা গ্ৰহণ কৰে তেজপুৰ গৱৰ্নমেণ্ট হাইস্কুলৰ পৰা। ১৯৩৩ চনত গুৱাহাটীৰ সোণাৰাম স্কুলত তৃতীয় শ্ৰেণীত নামভৰ্তি কৰোৱাৰ পাছত কিছুদিন তেওঁলোক গুৱাহাটীত আছিল। ১৯৩৫ চনত বিদ্যালয়ৰ সহ-পৰিদৰ্শক (ছাব্ ইন্সপেক্টৰ অব্ স্কুলছ) হৈ নীলকান্ত হাজৰিকা ধুবুৰীত থাকে। ধুবুৰী প্ৰাইমেৰী স্কুলত ভূপেন হাজৰিকাই এবছৰ পঢ়ে। তাৰপিছত ১৯৩৬ চনত দেউতাক তেজপুৰলৈ বদলি হৈ আহে ছাব্-ডেপুটি-কালেক্টৰ হৈ। অৰ্থাৎ নীলকান্ত হাজৰিকা এইবাৰ মাটিৰ হাকিম হ’ল।

১৯৩৬ চনত দেউতাকে ভূপেন হাজৰিকাক তেজপুৰ গৱৰ্নমেণ্ট হাইস্কুলত নাম লগাই দিছিল ক্লাছ ছিক্সত। তেজপুৰতেই ভূপেন হাজৰিকাই বিষ্ণু ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাক্ষাৎ লভে। লগতে পাৰ্ৱতি প্ৰসাদ বৰুৱা, পদ্মধৰ চলিহা আদিৰ নাম শুনে, চিনাকি হয়। তেজপুৰত বঙালী ষ্টেজত এবাৰ ভূপেন হাজৰিকাই ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত যোগদান কৰি প্ৰথম পুৰস্কাৰ লাভ কৰে। লগতে সোণৰ মেডেল এটাও পায়।

১৯৩৭ চনত ১১ বছৰ বয়সত ভূপেন হাজৰিকাই প্ৰথমটো গীত ৰচনা কৰে। গীতটো আছিল:

‘কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱে

ধৰিছিল নামৰে তান,

নামৰে সুৰতে আনন্দত নাচিছিল

পৱিত্ৰ বৰদোৱা থান..’

বিষ্ণু – জ্যোতিৰ সান্নিধ্য

তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ আগে আগে বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ফণী শৰ্মা এখন বিদেশী গাড়ীত উঠি নীলকান্ত হাজৰিকাৰ ঘৰলৈ আহিছিল। সেইসময়ত বিষ্ণু ৰাভাই জ্যোতিপ্ৰসাদক ককাইদেউ বুলি সম্বোধন কৰিছিল।

ভূপেন হাজৰিকা সপ্তম শ্ৰেণীত থাকোতেই প্ৰাৰম্ভিক চা-চিনাকিৰ পাছত তেওঁলোকে দেউতাকৰ আগত ভূপেনক কলিকতালৈ লৈ যোৱাৰ প্ৰস্তাৱ দিলে, গীত এটিৰ ৰেকৰ্ডিঙৰ বাবে। দেউতাক সন্মত হ’ল। তাৰপিছত কলিকতালৈ যোৱাৰ আগে-আগে জ্যোতি-বিষ্ণুৰ লগত ভূপেন হাজৰিকাৰ গানৰ খুউব আখৰা হ’ল। খেয়াল গাবলৈ অসুবিধা পোৱা ভূপেন হাজৰিকাক জ্যোতিপ্ৰসাদে প্ৰকাশভংগী শিকালে আৰু বিষ্ণু প্ৰসাদে কেইটামান সৰু সৰু খেয়াল শিকাই দিলে। যথা সময়ত ৰঙাপাৰাৰ পৰা তেওঁলোকৰ কলিকতা-যাত্ৰা আৰম্ভ হ’ল।

কলিকতাত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই বিদ্যুৎ গতিৰে গীত লিখিলে। দিনে-নিশাই সুৰ সংযোজন কৰিলে। শোণিত কুঁৱৰী, জয়মতী কুঁৱৰীৰ গীত ৰেকৰ্ডিং হ’ল। এছিয়াৰ সৰ্ববৃহৎ ৰেকৰ্ডিং কোম্পানী ‘হিজ্ মাষ্টাৰ্ছ্ ভয়চ’ তেতিয়া দমদমত আছিল। ভূপেন হাজৰিকাক জয়মতী কুঁৱৰী আৰু শোণিত কুঁৱৰীৰ নাৰী-কণ্ঠৰ গীতবোৰ গাবলৈ দিয়া হৈছিল। কাৰণ ভূপেন হাজৰিকাৰ মাতটো সৰু আছিল।

ইয়াৰ পিছত জ্যোতি-বিষ্ণুৱে ভূপেন হাজৰিকাৰ হতুৱাই ‘কাষতে কলচী লৈ’, ‘উলাহেৰে নাচি বাগি হ’লি বিয়াকুল’, ‘বিশ্ববিজয়ী ন-জোৱান’ আদি গীত কেইটামান ৰেকৰ্ড কৰোৱালে। এদিন অৰোৰা ফিল্মত Youngest Artist of his Master’s Voice of India Record Sangeet ৰেকৰ্ডে মুক্তি পালে। কভাৰত দিয়া হৈছিল ভূপেন হাজৰিকাৰ ছবি। নেভী ব্লু ৰঙৰ হাফপেণ্ট, বগা শ্বাৰ্ট, আধা টাই পিন্ধা আৰু সোণৰ মেডেল পিন্ধা ছবি এখন।

কলিকতাত গীত ৰেকৰ্ডিং কৰি এদিন ভূপেন হাজৰিকা ঘৰ ওলালহি। তাৰপিছত তেওঁ পৰীক্ষাত বহিল আৰু পাছো কৰিলে। অংকত খুউব কম নম্বৰ পাইছিল। 

ড॰ হাজৰিকাই কিছুদিন বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত, উক্ত অনুষ্ঠানৰ সৈতে তেওঁ জড়িত হৈছিল। ১৯৬৭ চনৰপৰা ১৯৭২ চনলৈ ভূপেন হাজৰিকা অসম বিধানসভাৰ সদস্য আছিল।নাওবৈচা সমষ্টিৰপৰা তেখেতে বিধায়ক নিৰ্বাচিত হৈছিল। বিধায়ক হৈ থকাৰ সময়ত তেখেতে এটা ফিল্ম ষ্টুডিঅ’, এটা আৰ্ট গেলাৰী আৰু এটা জাতীয় নাট্যশালা গঢ়াৰ বাবে যুঁজ দিছিল। তেখেতে কাৰ্যনিবাহ কৰা অন্য পদসমূহ হ’ল। 

চেয়াৰমেন, এপেলেট বডী অব চেণ্ট্ৰেল ব’ৰ্ড অব ফিল্ম চেঞ্চৰচ, ভাৰত চৰকাৰ, ১৯৯০ ৰ পৰা আৰম্ভ কৰি ৯ বছৰ মেম্বাৰ, স্ক্ৰীপ্ট কমিটি অব নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন, ইষ্টাৰ্ণ ইণ্ডিয়া ডাইৰেক্টৰ, নেশ্যনেল লেভেল অন দা ব’ৰ্ড অব ডাইৰেক্টৰচ অব নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন, ভাৰত চৰকাৰ এক্‌জিকিউটিভ কাউন্সীল মেম্বাৰ, চিল্‌ড্ৰেন্স ফিল্ম চ’চাইটী মেম্বাৰ, ব’ৰ্ড অব ট্ৰাষ্টীজ, পুৱৰ আৰ্টিষ্টছ ৱেলফেয়াৰ ফাণ্ড, ভাৰত চৰকাৰ চেয়াৰমেন, জুৰী অব দা নেশ্যনেল ফিল্ম এৱাৰ্ডচ, ১৯৮৫ জুৰী মেম্বাৰ, জুৰী অব দা নেশ্যনেল ফিল্ম এৱাৰ্ডচ, ১৯৫৮-ৰ পৰা ১৯৯০ লৈকে কেইবাবাৰো মেম্বাৰ, পি চি জোশী কমিটী। এই কমিটি ভাৰত চৰকাৰৰ তথ্য মন্ত্ৰালয়ে টেলিভিছন কাৰ্যক্ৰমৰ সহায়ত একবিংশ শতিকাত ভাৰতত চফ্‌টৱেৰ প্ৰগ্ৰেমিংত প্ৰোৎসাহ দিয়াৰ উদ্দেশ্যে অনুসন্ধান কৰিবলৈ নিয়োগ কৰিছিল।

মেম্বাৰ, ফিল্ম এণ্ড টেলিভিছন ইন্সটিটিউটৰ পলীচি মেকিং বডী, ভাৰত চৰকাৰ পল ৰ’বচনক সাক্ষাৎ সম্পাদনা কৰক আমেৰিকা যুক্তৰাষ্ট্ৰত থাকোঁতেই ভূপেন হাজৰিকাই আমেৰিকাৰ গণ-অধিকাৰ আন্দোলনৰ লগত জড়িত আফ্ৰিকান-আমেৰিকান গায়ক আৰু অভিনেতা পল ৰ’বচনক লুকাই লুকাই লগ কৰিবলৈ গৈছিল। সেই কাৰণে তেওঁক বহুতেই ‘কমিউনিষ্ট’ বুলি ধৰি লৈছিল। আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিজয়লক্ষ্মী পণ্ডিতে ভূপেন হাজৰিকালৈ ফোন কৰি সাৱধান-বাণী শুনাইছিল, “তই বৰ দুষ্ট হৈ গৈছ। আমাৰ পইচা লৈ তই ইয়াত সেই ৰঙা-নীলাবিলাকৰ মাজতে ঘূৰি ফুৰিছ। “

পল ৰ’বচনে সেই সময়ত গঢ়ি তোলা উগ্ৰ-ৰক্ষণশীলতাবিৰোধী আন্দোলনবোৰৰ প্ৰতি ভূপেন হাজৰিকাৰ নৈতিক সমৰ্থন আছিল। আমেৰিকা এৰিবৰ প্ৰাক্-মুহূৰ্তত ভূপেন হাজৰিকা পল ৰ’বচনৰ ওচৰলৈ গৈছিল আৰু লণ্ডনলৈ যাব বুলি কৈছিল। ৰ’বছনে ভূপেন হাজৰিকাক লণ্ডনত থকা ৰজনীপাম দত্তক সাক্ষাৎ কৰিবলৈ কৈছিল।

পল ৰ’বচনে ভূপেন হাজৰিকাক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল। ভূপেন হাজৰিকাই সেয়েহে কৈছিল, “তেওঁৰ গীতে আমাক বিদ্যুৎ প্ৰবাহৰ দৰে চুই গ’ল‌। বিজুলী সঞ্চাৰেৰে সহস্ৰ ৰাইজ যেন উদ্বুদ্ধ হ’ল বৰ্ণ-বৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ‌। তেওঁ গোৱা গীতে আমাক এক নতুন সংগীত জগতৰ বতৰা দিলে‌। … তেওঁক দেখি বিষ্ণু ককাইদেউক লগ পোৱা যেন লাগিছিল‌। একলব্যৰ দৰে দূৰৈৰপৰা তেওঁৰ ধুমুহা-সদৃশ ব্যক্তিত্বক সন্মান জনাই লাহে লাহে লাহে ওচৰ চাপিছিলোঁ‌। “

উল্লেখযোগ্য যে, পল ৰ’বচনৰ ‘We are in the same boat brother’ গীতটো ভূপেন হাজৰিকাই ‘আমি একেখন নাৱৰে যাত্ৰী’ৰ ৰূপত বিভিন্ন প্ৰসংগত গাইছে।

 ১৯৫০ চনত নিউয়ৰ্কত ড॰ হাজৰিকা উগাণ্ডাৰ এটা গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেলৰ লগত বিবাহ পাশত আবদ্ধ হয়। ১৯৫২ চনত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হয়। ১৯৬৩ চনত তেওঁলোকৰ বিচ্ছেদ হয়। ড॰ হাজৰিকাৰ মৃত্যুৰ সময়ত প্ৰিয়ম্বদা পেটেল কানাডাৰ অ’টাৱাত আছিল।

পৰৱৰ্তীকালত ড॰ হাজৰিকাৰ ‘ৰু’দালি’, ‘দমন’, ‘এক পল’ আদি খ্যাত চলচ্চিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ লগত মধুৰ সম্পৰ্ক গঢ়ি উঠে। জীৱনৰ শেষ কালচোৱাত তেখেত ঘনিষ্ঠ বান্ধৱী, চলচ্চিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ তত্ত্বাবধানত মুম্বাইত আছিল।

২০১৮ চনৰ ৩০ অক্টোবৰত কল্পনা লাজমীয়ে সুনন্দা শ্যামল মিত্ৰৰ সহযোগত লিখা আত্মজীৱনী ‘ভূপেন হাজৰিকা: এজ আই নিউ হিম’ (Bhupen Hazarika: As I Knew Him) প্ৰকাশ পায়। এই আত্মজীৱনীত কল্পনা লাজমীয়ে ভূপেন হাজৰিকাক সোতৰ বছৰ বয়সতে লগ পোৱাৰ কথা উল্লেখ কৰে। সেইসময়ত ভূপেন হাজৰিকাৰ বয়স আছিল পঞ্চলিছ।

 শিল্প আৰু সাহিত্য

নতুন দিল্লীত অনুষ্ঠিত ২০১৪ চনৰ গণৰাজ্য দিৱস উদ্‌যাপনত অসমৰ প্ৰতীক পটত ভূপেন হাজৰিকাৰ কৰ্মৰাজিক প্ৰদৰ্শন কৰা হয় পাঁচবছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলত গীত গাই ভূপেন হাজৰিকাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰিছিল। ড॰ হাজৰিকাৰ প্ৰকৃত শিল্পী জীৱনৰ আৰম্ভণি হয় তেজপুৰত। তেজপুৰত থকা সময়ত তেওঁ অসমীয়া সাংস্কৃতিক জগতৰ বাটকটীয়া শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্যৰে অনুপ্ৰাণিত হৈছিল।

১৯৩৬ চনত তেওঁলোকেই দহবছৰীয়া ভূপেন হাজৰিকাক কলিকতালৈ নি চেনোলা মিউজিকেল প্ৰডাক্ট কোম্পানীত ‘শোণিত কুঁৱৰী’ আৰু ‘জয়মতী’ নাটক দুখনৰ গীত বাণীবদ্ধ কৰায়।একে সময়তে বিষ্ণু ৰাভাই স্বৰচিত ‘উলাহতে নাচিবাগি হ’লি বিয়াকুল’ আৰু ‘কাষতে কলচী লৈ’ গীত দুটিও বাণীবদ্ধ কৰোৱায়। ১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী ছবিৰ নেপথ্য গায়ক হিচাবে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে। ১৯৫৫ চনত দিল্লী অনুষ্ঠিত আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত ভূপেন হাজৰিকাৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান অৰ্জন কৰে।

ড॰ ভূপেন হাজৰিকাই নিজে লিখা আৰু কণ্ঠদান কৰা গীতসমূহকে ভূপেন্দ্ৰ সংগীত বোলা হয়। তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী পল ৰ’বচনৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল। ৰ’বচনৰ ‘Old man river’-ৰ অৱলম্বনতে তেখেতে তেখেতৰ ‘বিস্তীৰ্ণ পাৰৰে’ গানটো ৰচনা কৰে। পাছত ইয়াৰ বঙালী আৰু হিন্দী অনুবাদো প্ৰকাশ কৰা হয়। আন কিছু উল্লেখযোগ্য ভূপেন্দ্ৰ সংগীতসমূহ হৈছে: ‘সাগৰ সংগমত কতনা সাঁতুৰিলোঁ’, ‘জিলিকাব লুইতৰ পাৰ’, ‘অ’ বিদেশী বন্ধু’, ‘মেঘে গিৰ্‌ গিৰ্‌ কৰে’, ‘বিমূৰ্ত মোৰ নিশাটি’ আদি।

Read Also: বিনোবা ভাৱে জীৱনী | Vinoba Bhave Biography

সাহিত্যৰ ক্ষেত্ৰলৈও ভূপেন হাজৰিকাৰ যথেষ্ট অৱদান আছে। তেখেতৰ বেছিভাগ গান তেখেতে নিজে ৰচনা কৰা। কলম্বিয়া বিশ্ববিদ্যালয়ত থকা সময়ত তেখেত ‘নিউ ইণ্ডিয়া’ পত্ৰিকাৰ ১৪৯-১৫০ সংখ্যাৰ সম্পাদক আছিল। ১৯৬৫ চনত তেখেত কলা বিষয়ক ‘গতি’ আলোচনীৰ চাৰিটা খণ্ড, ১৯৭০ চনত ক্ষুদ্ৰ আলোচনী ‘বিন্দু’-ৰ আঠটা খণ্ড, ১৯৬৫ আৰু ১৯৮০ চনৰ ভিতৰত মাহেকীয়া আলোচনী ‘আমাৰ প্ৰতিনিধি’, আৰু ১৯৮৩ ৰ পৰা ১৯৯০ চনৰ ভিতৰত পষেকীয়া আলোচনী ‘প্ৰতিধ্বনি’ৰ সম্পাদক আছিল।

শিশুসকলৰৰ বাবেও ভূপেন হাজৰিকাই ‘ভূপেন মামাৰ গীতে মাতে অ, আ, ক, খ’ নামৰ অসমীয়া আখৰ-চিনাকিৰ এখন জনপ্ৰিয় পুথি লিখিছিল।

অসম সাহিত্য সভাই ২০০৮ চনৰ ৮ ফেব্ৰুৱাৰীত হাজৰিকাৰ সাহিত্যকৰ্মৰ বাবে ‘সাহিত্যাচাৰ্য’ উপাধি প্ৰদান কৰে।

চলচ্চিত্ৰপঞ্জী

প্ৰধান প্ৰবন্ধ: ভূপেন হাজৰিকাৰ কৰ্মৰাজি ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি এৰা বাটৰ সুৰ মুক্তি পায় ১৯৫৬ চনত। তেওঁ ছবিখন পৰিচালনা কৰাৰ লগতে কাহিনী, সংগীত আৰু গীতো ৰচনা কৰিছিল। তেওঁ পৰিচালনা কৰা আন উল্লেখযোগ্য ছবিসমূহ হৈছে – শকুন্তলা (১৯৬১), প্ৰতিধ্বনি (১৯৬৪), লটিঘটি (১৯৬৬), চিকমিক বিজুলী (১৯৬৯), ছিৰাজ (১৯৮৮) আদি।

চলচ্চিত্ৰ পৰিচালনাৰ লগতে ভূপেন হাজৰিকাই অসমীয়া, বঙালী, হিন্দী তথা আন ভাষাৰ অনেক ছবিত সংগীত পৰিচালনা কৰিছে। উল্লেখযোগ্য যে আব্দুল মজিদ পৰিচালিত ১৯৭৫ চনৰ ছবি চামেলি মেমচা’বত কৰা সংগীত পৰিচালনাৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবৰ সক্ষম হয়।

বঁটা আৰু কৃতিত্ব

  • ২০০৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভূপেন হাজৰিকাক সংগীত নাটক একাডেমী ফেল’ বঁটা প্ৰদান কৰিছে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত অৱস্থিত ভূপেন হাজৰিকাৰ সংগ্ৰহালয়।
  • ১৯৬১ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘শকুন্তলা’ ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে।
  • ১৯৬৪ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘প্ৰতিধ্বনি’ ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে। এই ছবিখন ফ্ৰাঞ্চৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল।
  • ১৯৬৬ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘লটিঘটি’ প্ৰথম অসমীয়া ব্যংগ চলচ্চিত্ৰখনৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰে।
  • ১৯৭৬ চনত আব্দুল মজিদৰ পৰিচালিত ‘চামেলি মেমচা’ব’ৰ সংগীত পৰিচালনাৰ বাবে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে। এই সংগীতৰ বাবে তেওঁক ৰাষ্ট্ৰপতিয়ে ‘ৰজত কমল বঁটা’ আৰু নগদ দহ হেজাৰ টকাৰে সন্মান যাচে।
  • ১৯৭৮ চনত দুখন অসমীয়া গানৰ বিশেষ ৰেকৰ্ড প্ৰকাশ কৰাৰ উপৰিও তেওঁ ‘আমি এক যাযাবৰ’ বুলি আঠোটা বঙালী গীতৰ এল পি ৰেকৰ্ড এইছ এম ভি ৰ পৰা এখন এম্বেচেদৰ আৰু এখন সোণৰ ৰেকৰ্ড লাভ কৰে।
  • ১৯৭৭ চনত পশ্চিমবঙ্গৰ ‘বঙালী চলচ্চিত্ৰ পুৰস্কাৰ সমিতি’ এ ‘দম্পতী’ ছবিখনৰ বাবে বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ যাচিছিল।
  • ১৯৭৭ চনত পদ্মশ্ৰী বঁটা লাভ কৰে।
  • ১৯৭৮ চনত ‘সীমনা পেৰিয়ে’ৰ সংগীত পৰিচালনাৰ কাৰণে ‘বাংলাদেশ ফিল্ম ইণ্ডাষ্টিজ’ৰ তৰফৰ পৰা বছৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰূপে সন্মানিত হৈছিল।
  • ১৯৭৬ চনৰ ২৬ জানুৱাৰীত অৰুণাচল চৰকাৰে তেওঁক ‘মেৰা ধৰম মেৰি মা’ নামৰ হিন্দী ছবি নিৰ্মাণ কৰাৰ বাবে সম্বৰ্দ্ধনা জনাই সোণৰ পদক উপহাৰ দিছিল।
  • মহুৱা সুন্দৰী নাটকৰ শ্ৰেষ্ঠ লোকসংগীত শিল্পী বঁটা (১৯৭৯)।
  • ১৯৮৭ চনত অসম চৰকাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে।
  • ১৯৮৭ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।
  • ১৯৮৭ চনত ইন্দিৰা গান্ধী স্মৃতি বঁটা লাভ কৰে।
  • ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিবেশনৰ সভাপতিৰ আসন শুৱনি কৰিছিল।
  • ১৯৯৩ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
  • ১৯৯৩ চনত ড॰ হাজৰিকাক ১৯৯২ চনৰ বাবে ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান ‘দাদা চাহেব ফাল্কে বঁটা’ সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ড॰ শংকৰ দয়াল শৰ্মাই প্ৰদান কৰে।
  • ২০০১ চনত পদ্মভূষণ বঁটা লাভ কৰে।
  • ২০০১ চনত মধ্যপ্ৰদেশ চৰকাৰৰ পৰা লতা মংগেশকাৰ বঁটা লাভ কৰে।
  • ২০০৮ চনত অসম সাহিত্য সভাৰ পৰা সাহিত্যচাৰ্য সন্মান লাভ কৰে।
  • ২০০৯ অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা লাভ কৰে।
  • ২০১২ চনত মৰণোত্তৰভাবে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণৰে সন্মানিত হয়।
  • ২০১৯ চনত মৰণোত্তৰভাবে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত হয়।

কৰ্মৰাজি

 ড॰ ভূপেন হাজৰিকা একাধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক তথা লেখক আছিল। তেওঁ অসমীয়াৰ লগতে বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত সংগীত ৰচনা আৰু কণ্ঠদান কৰিছিল। এই প্ৰবন্ধত ভূপেন হাজৰিকাৰ কৰ্মসমূহ তালিকাবদ্ধ কৰা হৈছে।

পৰিচালিত চলচ্চিত্ৰ

চলচ্চিত্ৰৰ নাম বৰ্ষ ভাষা টোকা

  • এৰা বাটৰ সুৰ ১৯৫৬ অসমীয়া
  • মাহুত বন্ধুৰে ১৯৫৮ বঙালী
  • শকুন্তলা ১৯৬১ অসমীয়া
  • প্ৰতিধ্বনি ১৯৬৪ অসমীয়া
  • লটিঘটি ১৯৬৬ অসমীয়া
  • চিকমিক বিজুলী ১৯৬৯ অসমীয়া
  • ফৰ হুম দ্য ছানৰাইজ ১৯৭৪ তথ্যচিত্ৰ
  • এমুঠি চাউলৰ কাহিনী ১৯৭৪ অসমীয়া তথ্যচিত্ৰ
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী ১৯৭৬ অসমীয়া তথ্যচিত্ৰ
  • থ্ৰ’ মেলডী এণ্ড ৰীডম ১৯৭৭ তথ্যচিত্ৰ
  • মেৰা ধৰম মেৰী মা ১৯৭৭ হিন্দী
  • মন প্ৰজাপতি ১৯৭৯ অসমীয়া
  • এলং দ্য ৰীভাৰ ব্ৰহ্মপুত্ৰ ১৯৮১ তথ্যচিত্ৰ
  • ছিৰাজ ১৯৮৮ অসমীয়া । 
  • মিৰি-জীয়ৰী ১৯৮৯ অসমীয়া টেলিফিল্ম 
  • গিম্পছেছ অৱ দ্য মিষ্টী ইষ্ট ১৯৯৬ তথ্যচিত্ৰ ।

সংগীত পৰিচালকৰূপে

অসমীয়া চলচ্চিত্ৰ –

চলচ্চিত্ৰৰ নাম পৰিচালক বৰ্ষ টোকা

সহকাৰী সংগীত পৰিচালক ভূপেন হাজৰিকা

ছিৰাজ ফণী শৰ্মা ১৯৪৮ সংগীত পৰিচালক বিষ্ণুপ্ৰসাদ ৰাভা; 

সতী বেউলা  সুনীল গাঙ্গুলী ১৯৪৮

পিয়লী ফুকন ফণী শৰ্মা ১৯৫৫

ধুমুহা ফণী শৰ্মা ১৯৫৭

কেঁচা সোণ ফণী শৰ্মা ১৯৫৯

পুৱতি নিশাৰ সপোন ফণী শৰ্মা ১৯৫৯

মণিৰাম দেৱান সৰ্বেশ্বৰ চক্ৰৱৰ্তী ১৯৬৩

প্ৰতিধ্বনি ভূপেন হাজৰি।

পেচা: সংগীতকাৰ, গায়ক, কবি, চলচ্চিত্ৰ নিৰ্মাতা, গীতিকাৰ

সক্ৰিয় হৈ থকা সময়: ১৯৩৯ – ২০১০

আত্মীয় – স্বজন

জয়ন্ত হাজৰিকা (ভাতৃ)

বঁটা, সন্মান, পুৰস্কাৰ আদি

  • ভাৰত ৰত্ন (২০১৯, মৰণোত্তৰভাবে)
  • পদ্মবিভূষণ (২০১২, মৰণোত্তৰভাবে)
  • পদ্মশ্ৰী (১৯৭৭)
  • দাদাচাহেব ফাল্কে বঁটা (১৯৯২)
  • পদ্মভূষণ (২০০১)
  • সংগীত নাটক একাডেমী বঁটা (১৯৮৭)
  • অসম ৰত্ন (২০০৯)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top