নলিনীবালা দেৱী | Nalini Bala Devi 

ওঠৰ শতিকাত অসমৰ সমাজ-ব্যৱস্থা বহু ৰক্ষণশীল আছিল। সেইসময়ত মহিলা শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ হোৱা নাছিল। অসমত সেই সময়ত বাল্যবিবাহ প্ৰথা প্ৰচলিত হৈ আছিল। কিন্তু বিভিন্ন বাধা-নিষেধ, সমস্যাৰ মাজতো একাগ্ৰতাৰ জৰিয়তে নিজৰ প্ৰতিভা বিকাশ সাধন কৰি সমাজত নিজৰ স্থান চিৰযুগমীয়া কৰিছিল নলিনীবালা দেৱী (Nalini Bala Devi)-য়ে। গুৰুত্বপূৰ্ণ কথা যে কেৱল সাহিত্যক হিচাপেই নহয় নানা বেদনা আৰু মানসিক আঘাতক প্ৰত্যাহ্বান হিচাবে গ্ৰহণ কৰি সমাজত নিজৰ এটা পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হোৱা নলিনীবালা দেৱী হ’ল শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী এগৰাকী নাৰী।

Join Telegram channel
নলিনীবালা দেৱী nalini

নলিনীবালা দেৱী জীৱনী | Nalini Bala Devi Biography

নাম (Name)নলিনীবালা দেৱী (Nalini Bala Devi[1])
জন্ম চন (Date of Birth)২৩ মাৰ্চ, ১৮৯৮ চন (23rd March, 1898)
জন্ম স্থান (Place of Birth)বৰপেটা, অসম
পৰিয়াল (Family)পিতৃৰ নাম (Father) : নবীন চন্দ্ৰ বৰদলৈ
মাতৃৰ নাম (Mother) : হেমন্ত কুমাৰী
বঁটা / সন্মান (Awards)১/সাহিত্য অকাডেমি বঁটা লাভ (১৯৬৭)
২/পদ্মশ্ৰী বঁটা (১৯৭৭)
৩/সদৌ ভাৰত সংস্কৃত সঞ্জীৱনী সভা”ৰ কাব্যভাৰতী উপাধি লাভ (১৯৫৬)
৪/কেন্দ্ৰীয় চৰকাৰৰ সাহিত্য বৃত্তি (১৯৫৪)
৫/অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন (১৯৪৮)
মৃত্যু (Death)২৪ ডিচেম্বৰ, ১৯৭৭ চন (24th December, 1977)

Also Read: ৰঘুনাথ চৌধাৰী – জীৱনী | Raghunath Chaudhary

নলিনীবালা দেৱী প্ৰাৰম্ভিক জীৱন | Early Life of Nalini Bala Devi

১৮৯৮ চনৰ ২৩ মাৰ্চত বৰপেটাৰ এক সংস্কৃতিবান, ধাৰ্মিক আৰু আদৰ্শ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল নলিনীবালা দেৱীয়ে। তেওঁৰ পিতৃ আছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃৰ নাম আছিল হেমন্ত কুমাৰী দেৱী। তেওঁৰ পিতৃ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, সমাজসেৱক আৰু এগৰাকী দক্ষ অধিবক্তা। নলিনীবালা দেৱীৰ ককাক ৰায়বাহাদুৰ মাধৱ চন্দ্ৰ বৰদলৈ হাকিম আছিল। অসমৰ মুকুট-বিহীন সম্ৰাট বুলি অভিহিত কৰা নলিনীবালা দেৱীৰ পিতৃয়ে সেইসময়ত জোনাকী, বিজুলী আদিত নিয়মীয়াকৈ প্ৰবন্ধ লিখিছিল। ইয়াৰ উপৰিও তেওঁ মাজে সময়ে সংগীত চৰ্চাও কৰাৰ লগতে গৃহলক্ষ্মী নামেৰে এখন সামাজিক নাটক ৰচনা কৰিছিল। পিতৃৰ এই গুণবোৰ আয়ত্ত কৰি পৰৱৰ্তী সময়ত নলিনীবালা দেৱীয়েও সাহিত্য চৰ্চাত মনোনিবেশ কৰাৰ ‌লগতে সাহিত্যৰ ক্ষেত্ৰখনত এটা সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল।

গুৰুত্বপূৰ্ণ কথা যে নলিনীবালা দেৱীয়ে স্কুলীয়া শিক্ষা আহৰণ কৰিবলৈ লোৱা সময়চোৱাত অসমত নাৰীসকলৰ বাবে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাটো সহজসাধ্য নাছিল। কাৰণ সেই সময়ত মহিলাসকল ঘৰৰ চাৰিসীমাৰ মাজত আৱদ্ধ থকাটো এটা নিয়ম আছিল, ইয়াৰ লগতে মহিলাসকলৰ শিক্ষাৰ দিশটোৰ ওপৰত কোনো গুৰুত্ব আৰোপ কৰা হোৱা নাছিল। কিন্তু ইয়াৰ মাজতেই নলিনীবালা দেৱীয়ে তেজপুৰৰ বঙালী প্ৰাথমিক বিদ্যালয়ত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল। প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিলেও উচ্চ শিক্ষা গ্ৰহণৰ বাবে কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কেন্দ্ৰলৈ যোৱা নাছিল নলিনীবালা দেৱী। ইয়াৰ পৰিৱৰ্তে মোমায়েক কীৰ্তিনাথ বৰদলৈৰ অধীনত নিজৰ বাসগৃহতে শিক্ষা গ্ৰহণ কৰাৰ ওপৰিও ইংৰাজী, গণিত, ভূগোল আদি বিষয়ত কলেজিয়েট হাইস্কুলৰ প্ৰধান শিক্ষক যজ্ঞেশ্বৰ বৰুৱা, নিশিকান্ত আদি ব্যক্তিৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল।

ওঠৰশ শতিকাত অসমৰ সমাজ ব্যৱস্থা কঠোৰ নীতি নিয়মেৰে নিয়ন্ত্ৰিত হোৱাৰ লগতে সেই সময়ত বাল্য বিবাহৰ প্ৰচলন আছিল। যাৰ বাবে নলিনীবালা দেৱীয়ে মাত্ৰ ১২ বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হ’ব লগা হৈছিল। শিৱসাগৰৰ পুৰণা আমলাপত্তিৰ নিত্যানন্দ চতুৰ্বেদীৰ বংশৰ কৃষ্ণপ্ৰাণ চাংকাকতিৰ পুত্ৰ জীৱেশ্বৰ চাংকাকতিৰ লগত নলিনীবালা দেৱীৰ বিবাহ সম্পন্ন হৈছিল ১৯০৯ চনত। কিন্তু ‌দুৰ্ভাগ্যজনক ভাৱে ১৯১৭ চনত তেখেতৰ স্বামী জীৱেশ্বৰ চাংকাকতিয়ে অকাল মৃত্যুক সাৱটি লয়। স্বামী মৃত্যুৰ পিছত নলিনীবালা দেৱী চাৰিটা সন্তানৰ সৈতে পিতৃৰ গৃহলৈ উভতি আহে। নলিনীবালা দেৱীৰ পঞ্চম সন্তানটো স্বামী মৃত্যুৰ পিছতহে জন্ম হৈছিল।

কিন্তু গুৰুত্বপূৰ্ণ কথা যে দুৰ্ভাগ্যজনক ভাৱে পিতৃ গৃহলৈ অহাৰ পিছত তেওঁৰ ৫ বছৰীয়া সন্তান পুতলী অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি ‌লয়। এফালে অকাল বৈধৱ্য আনফালে সন্তানৰ মৃত্যুৱে নলিনীবালা দেৱীক মানসিক ভাৱে যথেষ্ট আঘাত দিছিল। কম বয়সতে জীৱনৰ চৰম দুখজনক অভিজ্ঞতা সমূহৰ সমান্তৰালকৈ সন্তানৰ ভৱিষ্যতৰ দায়িত্বই তেওঁক হতাশাৰ মাজলৈ লৈ গৈছিল।

Also Read: হীৰেন ভট্টাচাৰ্য | Hiren Bhattacharyya

কবিৰূপে নলিনীবালা দেৱী | Nalini Bala Devi as a Poet

ব্যক্তিগত জীৱন ঘাট-প্ৰতিঘাট, বেদনাই নলিনীবালা দেৱীক কষ্ট দিলেও পৰৱৰ্তী সময়ত এই বেদনা-দুখক তেওঁ সৃষ্টিশীলতালৈ ৰূপান্তৰ কৰিছিল। তেওঁ হাতত কলম তুলি লৈ সাহিত্য চৰ্চাৰ মাজেৰে জীৱনক ন-ৰূপ দিবলৈ সমৰ্থ হৈছিল। জীৱনৰ দুখবোৰ প্ৰাণ পাই উঠিছিল একো একোটা কবিতা হৈ। বাস্তৱ জীৱনত লাভ কৰা গভীৰ উপলব্ধিৰে কবিতা সমূহ ৰচনা কৰিছিল নলিনী বালা দেৱীয়ে। বিষয় বস্তুৰ ফালৰ পৰা তিনিটা বিষয়ত বিভক্ত আছিল তেওঁৰ কবিতাসমূহ- 

ক) ৰহস্যবাদী কবিতা, 

খ) দেশপ্ৰেমমূলক কবিতা আৰু 

গ) বিবিধ বিষয়ক কবিতা।

দহ বছৰ বয়সতে হাতত কলম তুলি লৈছিল নলিনীবালা দেৱীয়ে। সেই সময়ত তেখেতে “পিতা আৰু সন্ধ্যা নামৰ দুটি কবিতা ৰচনা কৰি কবি প্ৰতিভাৰ পৰিচয় দিছিল। ইয়াৰ পৰৱৰ্তী সময়ত তেখেতে ৰচনা কৰা অনাহুত আৰু পৰমতৃষ্ণা কবিতাত কবিতাৰ প্ৰকৃত ধাৰা প্ৰকাশ পাইছিল। নলিনীবালা দেৱীয়ে পুত্ৰৰ মৃত্যুত পুতুলি নামৰ এটি কবিতাটো ৰচনা কৰিছিল। 

অসমীয়া কাব্য সাহিত্যত অতিন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে জনাজাত নলিনীবালা দেৱীৰ প্ৰথম কবিতা পুথি সন্ধিয়াৰ সুৰ প্ৰকাশ পাইছিল ১৯২৮ চনত। “সন্ধিয়াৰ সুৰ” কবিতা সংকলনটোতেই সন্নিৱিষ্ট হৈছিল সকলোৰে হৃদয় স্পৰ্শ কৰি যোৱা জনপ্ৰিয় কবিতা জনমভূমি

নলিনীবালা দেৱীৰ প্ৰকাশিত দ্বিতীয়খন কবিতা পুথি হ’ল ১৯৪৩ চনত প্ৰকাশিত “সপোনৰ সুৰ”। ইয়াৰ উপৰিও নলিনীবালা দেৱীৰ প্ৰকাশিত আন আন কাব্য সংকলন সমূহ হ’ল – পৰশমণি” (১৯৫৪), যুগদেৱতা” (১৯৫৭), জাগৃতি” (১৯৬০), অলকানন্দা” (১৯৬৭) আৰু মৃত্যুৰ আগত প্ৰকাশিত অন্তিম সুৰ”

জীৱনৰ কীৰ্তিস্তম্ভ

“অলকানন্দা” কবিতা পুথিৰ বাবেই ১৯৬৭ চনত নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা হৈছে নলিনী বালা দেৱী। গুৰুত্বপূৰ্ণ কথা যে কবিতাৰ লগতে কেইবাটাও গীতৰ সংযোজন হৈছিল এই কবিতা পুথি খনত। ৰহস্যবাদ, প্ৰকৃতিপ্ৰেম, স্বদেশপ্ৰেম, বিষাদময়তা, পৰমেশ্বৰৰ ওচৰত আত্মসমৰ্পণ হ’ল অলকানন্দা কবিতা পুথিৰ মূল বৈশিষ্ট্য।

প্ৰকাশিত কাব্য সংকলন কেইটাৰ উপৰিও “জোনাকী”, “স্বপ্ন সুৰভি”, “মন্দাকিনী”, “সন্ধিয়াৰ সপোন”, “পৰশ”, “সাঁজৰ পূৰৱী” আৰু মেঘদূত” হ’ল নলিনীবালা দেৱীৰ অপ্ৰকাশিত কাব্য গ্ৰন্থ।

গদ্যলেখনি সমূহ

এগৰাকী কবি হিচাপে পৰিচিত নলিনীবালা দেৱী এগৰাকী সু-গদ্য লেখিকাও। অনবদ্য শিল্প ৰীতি, সহজ ভাষাৰ ব্যৱহাৰ, গাম্ভীৰ্য্যপূৰ্ণ, অৰ্থ সাৱলীল বৰ্ণনা, মৰ্মস্পৰ্শী ৰচনা শৈলীৰ নিদৰ্শন তেওঁৰ গদ্য ৰচনাত প্ৰতিফলিত হয়। অসম সাহিত্য সভাৰ সভানেত্ৰীৰ অভিভাষণত তেওঁৰ উৎকৃষ্ট গদ্য ৰচনাৰ নিদৰ্শন প্ৰতিফলিত হৈছে।

নলিনী বালা দেৱীয়ে দুখন জীৱনী গ্ৰন্থও ৰচনা কৰিছে। পঁচিশ গৰাকী স্বনামধন্য নাৰীৰ জীৱন বৃত্তান্তৰে ১৯৬১ চনত বিশ্বদীপা” নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জীৱনাভাষ বৰ্ণনা কৰি ১৯৬৬ চনত চৰ্দাৰ বল্লভভাই পেটেল এখন জীৱনী গ্ৰন্থ নলিনী বালা দেৱীয়ে ৰচনা কৰিছিল। ইয়াৰ উপৰিও পিতৃ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ স্মৃতিত ১৯৪০ চনত স্মৃতি তীৰ্থ নামৰ এখন জীৱনী মূলক গ্ৰন্থ ৰচনা কৰিছে। এই গ্ৰন্থখন হ’ল অসমৰ সামাজিক আৰু ৰাজনৈতিক জীৱনৰ দলিল স্বৰূপ এখন গ্ৰন্থ।

নলিনী বালা দেৱীৰ আত্মজীৱনী মূলক গ্ৰন্থখনৰ নাম হ’ল “এৰি অহা দিনবোৰ” (১৯৭৬ চনত প্ৰকাশিত)। গুৰুত্বপূৰ্ণ কথা যে এই আত্মজীৱনী মূলক গ্ৰন্থখন হৈছে অসমৰ কেইবাদশকযোৰা এক সামাজিক দলিল। এই আত্মজীৱনী মূলক গ্ৰন্থখনৰ জৰিয়তে ‌নলিনীবালা দেৱীয়ে ব্যক্তিগত জীৱন যাত্ৰাৰ লগতে অসমৰ দৃষ্টিত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ছবি, নাৰীসকলৰ জীৱনৰ সামগ্ৰিক দৃশ্যপটো বৰ্ণিত কৰিছে।

নলিনীবালা দেৱীৰ উল্লেখযোগ্য প্ৰবন্ধ সংকলন হৈছে ১৯৭১ চনত প্ৰকাশিত “শান্তিপথ”। এই প্ৰবন্ধ সংকলনত ভাৰতীয় দৰ্শনৰো প্ৰভাৱ পৰিলক্ষিত হয়। বৰ্তমানো তেখেতৰ মানস তীৰ্থ আৰু নাৰদীয় ভক্তিসূত্ৰ প্ৰবন্ধ সংকলন দুটা অপ্ৰকাশিত অৱস্থাতে আছে।

নাটিকাসমূহ

কবিতা আৰু প্ৰৱন্ধৰ ওপৰিও নলিনীবালা দেৱীয়ে নাটিকাও ৰচনা কৰিছিল। এইসমূহ হ’ল – শেষ প্ৰজা (১৯৫৮), পাৰিজাত অভিষেক, প্ৰহ্লাদ (১৯৫৮), মীৰাবাঈ (১৯৬৮) । এইকেইখনৰ উপৰিও জয়মতী, জন্মাষ্টমী, পৰাজয়, পুঁৱতি পোহৰৰ কঁপনি, মহিষাসুৰ, মৰ্দ্দিনী, নৱজন্ম, হোলি, নেতাই ধুবুনী ঘাট, নটী পূজা, ভাৰত বিদূষী, অসম আঁউসী আদি কৰি বহুকেইখন নাটিকা বৰ্তমানো অপ্ৰকাশিত অৱস্থাতে আছে।

নলিনী বালা দেৱী আছিল অসম সাহিত্য সভাৰ সভানেত্ৰীৰ পদত অধিষ্ঠিত হোৱা প্ৰথম গৰাকী মহিলা সভানেত্ৰী। তেখেতে ১৯৫৪ চনত তেওঁ অসম সাহিত্য সভাৰ যোৰহাট অনুষ্ঠিত হোৱা ত্ৰয়োবিংশটিতম অধিবেশনত সভানেত্ৰীৰ পদ অলংকৃত কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে নলিনীবালা দেৱী আছিল সদৌ অসম মইনা পাৰিজাতৰ অন্যতম প্ৰতিষ্ঠাপক। ইয়াৰ উপৰিও তেওঁ অসম সংঘ আৰু প্ৰাদেশিক মহিলা সমিতিৰ নগাঁও অধিবেশনত সভানেত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰিছিল।

১৯৪৮ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপ্ত নলিনীবালা দেৱীয়ে ১৯৫৪ চনত কেন্দ্ৰীয় চৰকাৰৰ সাহিত্যিক বৃত্তি লাভ কৰিছিল। 

অসমীয়া ৰহস্যবাদী ধাৰাৰ কবিকূলৰ মাজত এগৰাকী শ্ৰেষ্ঠা কবি হোৱাৰ সমান্তৰালকৈ সমসাময়িক ভাৰতীয় ৰহস্যবাদী ধাৰাৰ কবিসকলৰ মাজতো আগশাৰীত স্থান লাভ কৰিব পৰাকৈ সমৃদ্ধ নলিনী বালা দেৱীয়ে ১৯৫৬ চনত সদৌ ভাৰত সংস্কৃত সঞ্জীৱনী সভা”ৰ অসম শাখাৰ নলবাৰী অধিবেশনত “কাব্যভাৰতী” উপাধি লাভ কৰিছিল নলিনীবালা দেৱীয়ে। ১৯৭৭ চনত নলিনী বালা দেৱীয়ে লাভ কৰিছিল ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা।

সামৰণি | Conclusion

মনত অদম্য ইচ্ছাশক্তি, কামৰ প্ৰতি হেঁপাহ থাকিলে লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত কোনো কাৰকে যে হেঙাৰ সৃষ্টি কৰিব নোৱাৰে এই কথাকে নিজৰ কামৰ জৰিয়তে প্ৰতীয়মান কৰি নলিনী বালা দেৱীয়ে সমাজত দাঙি ধৰিলে এক নতুন দৃষ্টান্ত। কঠোৰ নীতি নিয়মেৰে পৰিচালিত সমাজ ব্যৱস্থাৰ মাজতো নলিনী বালা দেৱীৰ কঠোৰ জীৱন সংগ্ৰামে প্ৰতিপন্ন কৰিল যে, কৰ্তব্যনিষ্ঠা, সাহস, একাগ্ৰতা, বুদ্ধিদীপ্ততা, লক্ষ্যত উপনীত হ’বলৈ দৃঢ়তা থাকিলে কোনো কাৰকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব নোৱাৰে। অসমীয়া কাব্য সাহিত্যত অতিন্দ্ৰিয়বাদী কবি  হিচাপে পৰিচিত নলিনীবালা দেৱীয়ে প্ৰমাণ কৰি দেখুৱাওলে যে আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে যে মানুহ সফল হব পাৰে। ১৯৭৭ চনৰ ২৪ ডিচেম্বৰ তাৰিখে ইহলীলা সম্বৰণ কৰা নলিনীবালা দেৱীয়ে বিশাল সাহিত্য কৰ্মেৰে অসমীয়া সাহিত্য ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁ হ’ল অসম তথা অসমীয়াৰ বাবে গৌৰৱ।

Also Read: জ্যোতিপ্ৰসাদ আগৰৱালা | Jyoti Prasad Agarwala

FAQ

১) নলিনীবালা দেৱী কোন আছিল?

উঃ- নলিনীবালা দেৱী বিংশ শতিকাৰ অসমীয়া সাহিত্যৰ এগৰাকী জনপ্ৰিয় সাহিত্যকাৰ। তেওঁ একেৰাহে কবি, গদ্যকাৰ আৰু নাট্যকাৰ আছিল।

২) নলিনীবালা দেৱীৰ জন্ম কʼত আৰু কেতিয়া হৈছিল?

উঃ- ২৩ মাৰ্চ, ১৮৯৮ চনত, অসমৰ বৰপেটা জিলাত।

৩) নলিনীবালা দেৱীৰ পিতৃ কোন?

উঃ- কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আছিল নলিনীবালা দেৱীৰ পিতৃ।

৪) নলিনীবালা দেৱীৰ আত্মজীৱনীখন কি?

উঃ- নলিনী বালা দেৱীৰ আত্মজীৱনী মূলক গ্ৰন্থখনৰ নাম হ’ল ‘এৰি অহা দিনবোৰ’ (১৯৭৬ চনত প্ৰকাশিত)। এই আত্মজীৱনী মূলক গ্ৰন্থখন হৈছে অসমৰ কেইবাদশকযোৰা এক সামাজিক দলিল। এই আত্মজীৱনী মূলক গ্ৰন্থখনৰ জৰিয়তে ‌নলিনীবালা দেৱীয়ে ব্যক্তিগত জীৱন যাত্ৰাৰ লগতে অসমৰ দৃষ্টিত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ছবি, নাৰীসকলৰ জীৱনৰ সামগ্ৰিক দৃশ্যপটো বৰ্ণিত কৰিছে।

৫) ‘অলকানন্দা’ কোনে লিখা?

উঃ- ‘অলকানন্দা’ নলিনীবালা দেৱীয়ে লিখা কাব্য সংকলন, ১৯৬৭ চনত প্ৰকাশিত।

Writer: Ananya Borah

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising