জীৱনী: গুণাৰাম খনিকৰ- অসমৰ প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ | Gunaram Khanikar Biography

গুণাৰাম খনিকৰ | Gunaram Khanikar Essay in Assamese | Biography of Gunaram Khanikar in Assamese | গুণাৰাম খনিকৰ বিষয়ে জীৱনী | গুণাৰাম খনিকৰ বিষয়ে ৰচনা | গুণাৰাম খনিকৰৰ চমু পৰিচয়।

Join Telegram channel

অসম হ’ল প্ৰকৃতিৰ ৰম্যভূমি। সুজলা সুফলা অসমত চিকিৎসাৰ মহৌষধ হিচাপে বনৌষধিজাত সামগ্ৰীসমূহে  এক সুকীয়া স্থান দখল কৰি আহিছে৷ বিশ্বৰ বিভিন্ন প্ৰান্তত ৰোগ নিৰাময়ৰ বাবে বিভিন্ন ধৰণৰ বনৌষধিৰ ব্যৱহাৰ হয়৷ অসমৰ এগৰাকী প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ হ’ল গুণাৰাম খনিকৰ (Gunaram Khanikar)। বনৌষধিৰ সম্ৰাট, মানৱ-মিত্ৰ, ভেষজ ৰত্ন হিচাপে পৰিচিত খনিকৰে বনৌষধৰ প্ৰচাৰ, প্ৰসাৰ, সংৰক্ষণ, গৱেষণা তথা ইয়াৰ জৰিয়তে সাধাৰণ জনতাক চিকিৎসা কৰি জীয়াই থকা সময়লৈকে মানৱ সেৱাত  বৰ্তি আছিল। কেৱল এইয়াই নহয় নিজৰ ৰাজ্যৰ বাহিৰেও তেওঁ দেশ তথা বিদেশত বনৌষধিৰ প্ৰচাৰ, প্ৰসাৰৰ জৰিয়তে বিশ্ব-দৰবাৰত অসমৰ নাম উজ্বল কৰি থৈ গৈছে। 

গুণাৰাম খনিকৰ Gunaram

গুণাৰাম খনিকৰ জীৱনী | Gunaram Khanikar Biography

নাম (Name)গুণাৰাম খনিকৰ (Gunaram Khanikar[1])
জন্ম চন (Date of Birth)২২ মাৰ্চ, ১৯৪৯ (22nd March, 1949)
জন্ম স্থান (Place of Birth)তেতেলীতল, গোলাঘাট জিলা, অসম
অভিভাৱক (Parents)পিতৃ/Father: চন্দ্ৰ খনিকৰ
মাতৃ/Mother: দেৱেশ্বৰী খনিকৰ
শিক্ষা (Education)১) গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়(স্কুলীয়া শিক্ষা/School)
২) গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়(কলেজীয়া শিক্ষা/Graduation)
৩) মাষ্টাৰ ইন ইমানেহপেথিক (এম ৱাই)- ইমানেহ ইউনিভাৰ্চিটি (স্নাতকোত্তৰ শিক্ষা/Post Graduation)
বঁটা সন্মান (Awards)১) ৰাষ্ট্ৰীয় গৌৰৱ এৱাৰ্ড ২০১০(Rashtriya Gaurav Award,2010) 
২) ইন্টাৰনেছনেল গ’ল্ডষ্টাৰ এৱাৰ্ড,থাইলেণ্ডৰ (International Gold Star Award)
৩) ইন্টাৰনেছনেল ৰাষ্ট্ৰীয় গ’ল্ডষ্টাৰ এৱাৰ্ড,কাঠমাণ্ডু নেপাল(International Rastriya Gold Star Award)
মৃত্যু তাৰিখ (Date of Death)৭ জানুৱাৰী, ২০১৬ চন

Also Read: জীৱনী: উদ্ধৱ ভৰালী | Biography of Uddhab Bharali

গুণাৰাম খনিকৰ প্ৰাৰম্ভিক জীৱন | Early life of Gunaram Khanikar

অসমীয়া সমাজৰ বাবে এটা চিনাকি নাম হ’ল ভেষজ ৰত্ন  ড° গুণাৰাম খনিকৰ (Dr.Gunaram Khanikar)। তেওঁ ঘৰুৱা আৰু সহজলভ্য বনৌষধিৰে দীৰ্ঘ সময় ধৰি মানৱ সমাজৰ ৰোগ নিৰাময়ৰ বাবে আত্মনিয়োগ কৰিছিল। নিচেই কম বয়সতে গুণাৰাম খনিকৰ বনৌষধৰ প্ৰতি আগ্ৰহী হৈ উঠিছিল। পোনপ্ৰথমে তেওঁ পিতৃ-মাতৃৰ পৰাই ঔষধি গছৰ গুণাগুণ আয়ত্ব কৰিছিল। খনিকৰৰ পিতৃ-মাতৃ শিক্ষিত নহ’লেও বনদৰৱৰ ওপৰত তেওঁলোকৰ যথেষ্ট জ্ঞান আছিল।

১৯৭০ চনৰ পৰাই বন-দৰৱৰ বিষয়টোক গুৰুত্ব সহকাৰে লৈ খনিকৰে অসমবাণী কাকতত লিখিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ ওপৰিও জনমভূমি, নিয়মীয়া বাৰ্তা আদি বাতৰি কাকত, জি. এন. আৰ. চি. স্বাস্থ্য, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন আদি আলোচনীত বন-দৰৱৰ  ওপৰত বিভিন্ন ধৰণৰ প্ৰৱন্ধ লিখাৰ লগতে বিভিন্ন স্মৃতিগ্ৰন্থতো বন-দৰৱৰ ওপৰত বিভিন্ন প্ৰৱন্ধ লিখিছিল। ইয়াৰ ওপৰিও বনৌষধি বিষয়ক  ইংৰাজী আৰু অসমীয়া দুয়ো ভাষাতেই মিলাই খনিকৰৰ  প্ৰায় ৬৫(67) খন কিতাপ প্ৰকাশ পাইছে। বনৌষধি বিষয়ত খনিকৰে কেইবাখনো কিতাপ ৰচনা কৰিছিল। তাৰ ভিতৰত :- ‘সহজলভ্য বন দৰৱৰ গুণ’, ‘সমগ্ৰ বনৌষধি’, ‘বনদৰৱেৰে ঘৰুৱা চিকিৎসা’, ‘বনৌষধিৰে ডায়েবিটিছ চিকিৎসা’, ‘প্ৰামাণিক বনদৰৱ’, ‘পৰিয়ালৰ বনৌষধি’, ‘বনৌষধিৰে শৰীৰৰ যতন’, ‘সহজে পোৱা গছ-বনৰ বনৌষধি’, ‘ৰোগ নিৰাময় আৰু সৌন্দৰ্য চৰ্চাত বনদৰৱৰ গুণাগুণ’ আদি প্ৰধান। খনিকৰে এখন বনৌষধি অভিধানো ৰচনা কৰিছিল। অন্যহাতে বন-দৰৱৰ ওপৰত দূৰদৰ্শন, ৰেডিঅ’ৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল গুণাৰাম খনিকৰ (Gunaram Khanikar)-য়ে।

Also Read: জীৱনী: ইন্দিৰা মিৰি | Biography of Indira Miri

জীৱনৰ কীৰ্তিস্তম্ভ | Achievements

ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ তথা সন্মান লাভ কৰা খনিকৰে দিল্লীৰ পৰা লাভ কৰিছিল ‘ৰাষ্ট্ৰীয় গৌৰৱ এৱাৰ্ড’, থাইলেণ্ডৰ পৰা লাভ কৰিছিল ইন্টাৰনেছনেল ল্ডষ্টাৰ এৱাৰ্ড’, কাঠমাণ্ডু নেপালৰ পৰা লাভ কৰিছিল ইন্টাৰনেছনেল ৰাষ্ট্ৰীয় ল্ডষ্টাৰ এৱাৰ্ড’ এইসমূহৰ উপৰিও ‘ভেষজ ৰত্ন বা বনৌষধি ভাস্কৰ’, বনৌষধি সম্ৰাট’ আদি নানান ধৰণৰ সন্মান অৰ্জন কৰিছিল খনিকৰে। ২০১৩ বৰ্ষত ‘অসমীয়া প্ৰভাৱশালী ব্যক্তি’ হিচাপে পুৰষ্কাৰ লাভ কৰিছিল।

২০০৩ চনত  Ph.D ডিগ্ৰী লাভ কৰা খনিকৰে ভলেণ্টৰী হেলথ্ অচʼ চিয়েচন অৱ অসমৰ চিনিয়ৰ প্ৰগেম অফিচাৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে ভাৰতৰ ছশতকৈও অধিক অনুষ্ঠান প্ৰতিষ্ঠানে সন্মান জনোৱা খনিকৰ নিজৰ কৰ্মদক্ষতাৰ বাবে চীন, আমেৰিকা, ইংলেণ্ড, নেপাল, থাইলেণ্ড আদি দেশলৈও বহুবাৰ নিমন্ত্ৰিত হৈছে। পৃথিৱীৰ প্ৰায় দহখন দেশে গুণাৰাম খনিকৰৰ ডায়েবেটিচৰ বনদৰৱ আদি কৰি বিভিন্ন ধৰণৰ বনদৰৱ ব্যৱহাৰ কৰে। গুৰুত্বপূৰ্ণ কথা যে, খনিকৰৰ বনদৰৱ ব্যৱহাৰ কৰি ছৰিয়াছিচ নামৰ ছালৰ বেমাৰ হোৱা ৰোগী সম্পূৰ্ণভাৱে আৰোগ্য হৈছে। ইয়াৰ ওপৰিও দক্ষিণ ভাৰতত ডেংগো হোৱাৰ সময়তো খনিকৰৰ বনদৰৱ ব্যৱহাৰ কৰা হৈছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

এইসমূহৰ ওপৰিও অভেৰিয়ান কেন্সাৰ, কিডনী ষ্টন,টনচিলাইটিচ,পেপটিক আলচাৰ, মেলিনা আদি ৰোগ এলোপেথিক চিকিৎসাৰ জৰিয়তে সম্পূৰ্ণৰূপে ভাল নোহোৱা ৰোগসমূহত খনিকৰৰ বনদৰৱ ব্যৱহাৰ কৰি আৰোগ্য লাভ কৰিব পাৰি। ইয়াৰ ওপৰিও কিডনী ষ্টন, গলব্লাডাৰ ষ্টন, ছাইনাচাইটিচ,পেপটিক আলচাৰ, টনচিলাইটিচ, পাইলচি আদি ৰোগসমূহো বনৌষধৰ দ্বাৰাই নিৰাময় কৰিব পাৰি।

গুৰুত্বপূৰ্ণ কথা যে, এলোপ্যাথিক চিকিৎসাৰ দ্বাৰা আৰোগ্য লাভ নকৰা ৰোগীও খনিকৰৰ দ্বাৰা প্ৰস্তুত বনৌষধ খাই আৰোগ্য লাভ কৰিছে। কেৱল মাত্ৰ ৬ টা মাহ জীয়াই থাকিব বুলি কোৱা ৰোগীও বনৌষধ খাই ১২/১৩ বছৰ জীয়াই আছে। কেন্সাৰৰ বাবে তেজ বন্ধ নোহোৱা ৰোগীৰ বনদৰৱ খাই তেজ বন্ধ হৈছে। খনিকৰৰ দ্বাৰা প্ৰস্তুত বনদৰৱ খাই বহু ৰোগী আৰোগ্য হোৱাৰ পিছত তেওঁক দেৱদূতৰ আখ্যা দিলেও তেওঁৰ দৃষ্টিভংগী তথা চিন্তাধাৰা ৰোগী এজন আৰোগ্য হোৱাহে আছিল। কষ্টত চটফটাই থকা হাজাৰ টকা খৰচ কৰাৰ পিছতো সুফল নাপাই, হতাশ হৈ পৰাৰ বিপৰীতে সামান্য খৰচত ৰোগী এজনে যেতিয়া বনদৰৱ খাই কষ্টৰ উপশম পাই, পৰিয়ালৰ আন আন সদস্যৰ মুখলৈ হাঁহি ঘূৰি আহে সেইয়াই খনিকৰৰ বাবে আনন্দৰ কথা আছিল।

প্ৰথম অৱস্থাত গুণাৰাম খনিকৰে ব্যৱসায় ভিত্তিক ভাৱে ঔষধ প্ৰস্তুত নকৰিলেও পৰৱৰ্তী সময়ত ব্যৱসায় ভিত্তিক ঔষধ প্ৰস্তুত কৰিছিল। যাৰ বাবে বনৌষধৰ ব্যাপক ক্ষেত্ৰখনত বহুতো নিবনুৱাই সংস্থাপনো লাভ কৰিলে। তেওঁ বিভিন্ন সময়ত বিভিন্ন ব্যক্তিক বনদৰৱৰ বিষয়ে জ্ঞান প্ৰদান কৰিছিল, ভাৰতৰ বিভিন্ন ঠাইত এই সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে বিভিন্ন আন্তৰ্জাতিক সন্মিলননবোৰত ভাষণ আৰু প্ৰশিক্ষণ প্ৰদান কৰিছিল।

Also Read: জীৱনী: তৰুণ ৰাম ফুকন | Biography of Tarun Ram Phukan

গুৰুত্বপূৰ্ণ কথা যে, বনৌষধৰ প্ৰস্তুতকৰণ তথা সংৰক্ষণ আৰু এইসমূহ কথা সাধাৰণ জনতাৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত আত্মিক ভাৱে কাম কৰি থকাৰ বাবেই তেওঁ সংসাৰো নকৰিলে।

গুণাৰাম খনিকৰ (Gunaram Khanikar)-য়ে মতপোষন কৰিছিল যে, ব্যক্তিগত স্বাস্থ্যৰ সমষ্টিয়ে হ’ল জনস্বাস্থ্য। জনস্বাস্থ্যৰ অবিহনে পৃথিৱীৰ কোনো এখন দেশে সাহিত্য, শিক্ষা, কৃষ্টি-সংস্কৃতিৰ আদিৰ পৰা অৰ্থনৈতিক দিশতো আগবাঢ়ি যাব নোৱাৰে। সেয়েহে সকলোৱে জনস্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। খাদ্যৰ ওপৰত সচেতনতা অৱলম্বন কৰিব লাগে। ইয়াৰ ওপৰিও তেওঁ বিশেষ ভাবে কৰ্মসংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ মতে, কাম নকৰাৰ বাবেই শৰীৰত বহু বেমাৰে বাহ লয় কিন্তু কৰ্মসংস্কৃতিৰ জৰিয়তে বহু বেমাৰৰ প্ৰতিৰোধ কৰিব পাৰি।

খনিকৰে বনৌষধি গছ-গছনিবিলাক সংৰক্ষণ, সংবৰ্ধন, পৰিচয়ৰ লগতে এইসমূহৰ জৰিয়তে খেতি আৰু উদ্যোগ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। স্কুল-কলেজ সমূহত বনৌষধি গছ-গছনি ৰোপন কৰা আৰু চিনাক্তকৰণ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। এইসমূহৰ লগতে বনৌষধি বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি ইয়াৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিবলৈ নিজেও অহোপুৰুষাৰ্থ কৰিছিল।

খনিকৰে ব্যক্তিগত উদ্যোগত প্ৰতিষ্ঠা কৰা “ভাৰতীয় পাৰম্পৰিক চিকিৎসাৰ আঞ্চলিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ” (Regional Research And Training Centre on Indian Traditional Treatment চমুকৈ RRTCITT) হ’ল  বনৌষধি জগতত এক অনবদ্য অৱদান। ইয়াৰ ওপৰিও খনিকৰৰ এখন বন ঔষধৰ উদ্যান আছে। প্ৰায় ১০০০ বিধতকৈও অধিক বন ঔষধ সেই উদ্যানখনত আছে। ইয়াৰ ওপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেনে- টেঙানী আদিটো তেওঁলোকৰ বন ঔষধৰ উদ্যান আছে। 

নিজ ৰাজ্য অসমৰ বাহিৰেও ত্ৰিপুৰা, হিমাচল প্ৰদেশ, অৰুণাচল প্ৰদেশ, মেঘালয় আদিতো খনিকৰে সেই স্থানৰ চৰকাৰৰ প্ৰচেষ্টাত বন ঔষধৰ উদ্যান প্ৰতিষ্ঠাৰ কাম কৰিছিল। ইয়াৰ ওপৰিও তেখেতে কেইবাখনো মহাবিদ্যালয় (দেৱৰাজ ৰয় মহাবিদ্যালয়, কমাৰ্চ কলেজ, ফৰকাটিং কলেজ, কমাৰগাঁও কলেজ) বনৌষধৰ বাগান স্থাপনৰ কাম কৰিছিল। 

খনিকৰৰ মতে, বনৌষধ বিভিন্ন ধৰণে প্ৰস্তুত কৰিব পাৰি। কিছুমান ঔষধ লগে লগে প্ৰস্তুত কৰিব পাৰি। অন্যহাতে কিছুমান ঔষধ সৰু সৰুকৈ কাটি, শুকোৱাই, পাউদাৰ কৰিও সংৰক্ষণ কৰি থব পাৰি। কিছুমান কেঁচাকৈ আৰু শুকুৱাই বা ৰস উলিয়াই সংৰক্ষণ কৰি থব পাৰি। কিছুমান আকৌ মৌৰ লগত মিহলাই সংৰক্ষণ কৰা হয়। বনৌষধ গ্ৰহণ কৰাৰো এক নিৰ্দিষ্ট পৰিমাণ আছে। গুৰুত্বপূৰ্ণ কথা যে বনৌষধ গ্ৰহণত পৰিমাণকৈ কম বেছি হ’লে বিপদ হোৱাৰ আশংকা থাকে।

জীৱিত কালত বনৌষধৰ গৱেষণাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া খনিকৰে এইসমূহ সাধাৰণ ভাৱে সংৰক্ষণ কৰাৰ ওপৰতো গুৰুত্ব দিছিল। খনিকৰৰ মতে গোলনেমুৰ দৰে সুগন্ধি ‌নেমু আন কোনো দেশত নাই। গোলনেমু ১০/২০ বছৰ পুৰণি হ’লেহে ডিচেনিট্ৰত ৰোগত কাম কৰে। ইয়াক সংৰক্ষণ কৰাৰ বাবে অকল নিমখ দি থ’লেই হয়।

তেওঁৰ মতপোষন কৰিছিল যে, বনৌষধৰ গৱেষণাৰ কামত চৰকাৰেও গুৰুত্ব দিয়া উচিত। কাৰণ অন্যান্য দেশসমূহে পেটেন্ট কৰিলে সেই দেশৰ পৰাহে এইসমূহ বনৌষধি কিনি ল’ব লাগিব। অসম তথা উত্তৰ-পূব ভাৰত হ’ল বনজ সম্পদেৰে চহকী।

গুণাৰাম খনিকৰে বনৌষধ ৰোপনৰ জৰিয়তে পৰিৱেশ সংৰক্ষিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। কাৰণ পৰিৱেশ সংৰক্ষণৰ সমান্তৰাল ভাৱে বনৌষধি গছবোৰো সংৰক্ষণ হ’লহেতেন যাৰ জৰিয়তে ঔষধ প্ৰস্তুত কৰি বহু নিবনুৱাই সংস্থাপনো লাভ কৰিলেহেতেন। 

তেওঁ মতপোষন কৰিছিল যে, সকলো বেমাৰৰ প্ৰতিৰোধ ব্যৱস্থা প্ৰকৃতিয়ে দিছে। কেৱল শাৰীৰিক পৰিশ্ৰমৰ অভাৱ তথা কৰ্মহীনতাৰ লগতে খাদ্য বস্তু ভেজাল হোৱাৰ বাবেহে মানুহৰ শৰীৰত বেমাৰে বাহ লয়। শৰীৰ সবল কৰি ৰাখিবলৈ খনিকৰে বেছিভাগ সময় চাইকেল লৈয়ে চলা ফুৰা কৰিছিল।

সামৰণি | Conclusion

অসমৰ চৌপাশে নানা ধৰণৰ দৰকাৰী বনৌষধি সিঁচৰিত হৈ আছে। ৰোগ নিৰাময়ৰ এই পৰম্পৰাগত প্ৰথা ভাৰতবৰ্ষতো অতি প্ৰাচীন কালৰে পৰা প্ৰচলন হৈ আহিছে৷ অন্যহাতে বনৌষধ সমূহৰ পাৰ্শক্ৰিয়াও অতি কম হোৱাৰ লগতে ইয়াৰ খৰচৰ মাত্ৰাও কম। কিন্তু ইয়াৰ প্ৰণালী বদ্ধ অধ্যয়ন তথা গৱেষণাৰ জৰিয়তে বনৌষধ ব্যৱহাৰ কৰিবলৈ এটা নতুন পথ উন্মোচন কৰিলে গুণাৰাম খনিকৰে। দেশ-বিদেশে বনৌষধিক এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰা গুণাৰাম খনিকৰে অসম তথা উত্তৰ-পূবৰ সমান্তৰালকৈ সমগ্ৰ বিশ্বতে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ বনৌষধিৰ জৰিয়তে মানৱ-জীৱনৰ উত্তৰণৰ প্ৰচেষ্টা চলোৱাৰ বাবে তেওঁ বহুজনৰ আদৰ্শ। ব্যক্তিগত প্ৰচেষ্টাৰে বনৌষধ সংৰক্ষণ, গৱেষণা কৰি তেওঁ বিশ্বদৰবাৰত অসমৰ নাম উজ্বল কৰি থৈ গৈছে।

Also Read: জীৱনী: দিপাংকৰ ভট্টাচাৰ্য | Biography of Dipankar Bhattacharjee

FAQ

১) গুণাৰাম খনিকৰ কোন?

উঃ- অসমৰ এগৰাকী প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ হ’ল গুণাৰাম খনিকৰ (Gunaram Khanikar)। বনৌষধিৰ সম্ৰাট, মানৱ-মিত্ৰ, ভেষজ ৰত্ন হিচাপে পৰিচিত খনিকৰে বনৌষধৰ প্ৰচাৰ, প্ৰসাৰ, সংৰক্ষণ, গৱেষণা তথা ইয়াৰ জৰিয়তে সাধাৰণ জনতাক চিকিৎসা কৰি জীয়াই থকা সময়লৈকে মানৱ সেৱাত  বৰ্তি আছিল।

২) গুণাৰাম খনিকৰৰ জন্ম কেতিয়া আৰু কʼত হৈছিল?

উঃ- ১৯৪৯ চনৰ মাৰ্চ মাহৰ ২২ তাৰিখে গোলাঘাট জিলাৰ তেতেলীতলত।

৩) গুণাৰাম খনিকৰৰ পিতৃৰ নাম কি আছিল?

উঃ- চন্দ্ৰ খনিকৰ।

৪) সহজলভ্য বন দৰৱৰ গুণ’ কোনে লিখা?

উঃ- গুণাৰাম খনিকৰে।

৫) গুণাৰাম খনিকৰ জীয়াই আছে নে?

উঃ- নাই, ২০১৬ চনৰ ৭ জানুৱাৰীত তেওঁৰ মৃত্যু হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top