জীৱনী: ইন্দিৰা মিৰি | Biography of Indira Miri

ইন্দিৰা মিৰি | Indira Miri Essay in Assamese | Biography of Indira Miri in Assamese | ইন্দিৰা মিৰি বিষয়ে জীৱনী | ইন্দিৰা মিৰি বিষয়ে ৰচনা | ইন্দিৰা মিৰিৰ চমু পৰিচয়।

Join Telegram channel

যি সময়ত অসমৰ সমাজ-ব্যৱস্থা বহু ৰক্ষণশীল আছিল, যি সময়ত মহিলা শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ হোৱা নাছিল, যি সময়ত অসমত বাল্যবিবাহ প্ৰথা প্ৰচলিত হৈ আছিল, বিষমবৰ্ণ বিবাহৰ সামাজিক গ্ৰহণযোগ্যতা নাছিল সেইখিনি সময়ত বিভিন্ন বাধা-নিষেধ আৰু সমস্যাৰ মাজতো  সমাজত নিজৰ স্থান চিৰযুগমীয়া কৰিছিল ইন্দিৰা মিৰিয়ে। সমাজত নিজৰ এটা পৰিচয় গঢ়ি তোলাৰ সমান্তৰালকৈ সমাজত শিক্ষাৰ পোহৰ বিলাই নতুন সমাজ সৃষ্টি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ইন্দিৰা মিৰি (Indira Miri) হ’ল শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী এগৰাকী নাৰী।

ইন্দিৰা মিৰি Indira

ইন্দিৰা মিৰি জীৱনী | Indira Miri Biography

নাম (Name)ইন্দিৰা মিৰি (Indira Miri[1])
জন্ম চন (Date of Birth)১৯১০ চন (1910)
জন্ম স্থান (Place of Birth)শিলং (Shillong)
অভিভাৱক (Parents)পিতৃ (Father): স্বৰ্গীয় ৰায়বাহাদুৰ সোণাধৰ সেনাপতি
মাতৃ (Mother): দিব্যকান্তি
শিক্ষা (Education)১) কলিকতাৰ বেথুন হাইস্কুল
২) স্কটিছ চাৰ্চ কলেজ, কলিকতা
৩) কলিকতা বিশ্ববিদ্যালয়
৪) এ’ডিনবাৰ্গ বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰ
৫) অক্সফ’ৰ্ড বিশ্ববিদ্যালয়
বঁটা / সন্মান (Awards)১) পদ্মশ্ৰী বঁটা (১৯৭৭ চন)
২) শংকৰদেৱ‌ বঁটা (২০০৪ চন)
৩) ডি. লিট উপাধি (ডিব্ৰুগড় বিশ্ববিদ্যালয়) 
মৃ্ত্যু (Death)৫ চেপ্তেম্বৰ, ২০০৪ চন

Also Read: জীৱনী: উদ্ধৱ ভৰালী | Biography of Uddhab Bharali

ইন্দিৰা মিৰি প্ৰাৰম্ভিক জীৱন | Early Life of Indira Miri

বিভিন্ন সময়ত জাতিৰ ইতিহাসত, সভ্যতাৰ বিকাশত ভাৰতীয় নাৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। যিসকল অসমীয়া নাৰীয়ে বিভিন্ন ক্ষেত্ৰত উচ্চ স্থান লাভ কৰি সমাজত নৱজাগৰণ সূচনা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সেইসকলৰ ভিতৰত সততে উচ্চাৰিত হোৱা এটা উল্লেখযোগ্য নাম হ’ল। এগৰাকী শিক্ষাবিদ হিচাপে জনসমাজত সমাদৃত ইন্দিৰা মিৰি আছিল এগৰাকী প্ৰচাৰ বিমুখ কৰ্মযোগী মহিলা, মানৱদৰদী,  উচ্চশিক্ষিতা জ্ঞান তপস্বিনী, সৎ সাহসী, জীৱন যুঁজৰ এগৰাকী অপ্ৰতিদন্দ্বী যোদ্ধা। কৰ্মৰ বাবে কোনোদিনে প্ৰচাৰ আৰু প্ৰশংসা নিবিচাৰা ইন্দিৰা মিৰিৰ জীৱনৰ মূল মন্ত্ৰ হ’ল কৰ্মই ধৰ্ম। এগৰাকী শিক্ষাবিদ হিচাপে ইন্দিৰা মিৰিয়ে শিক্ষাৰ জৰিয়তে মানৱ জীৱন সকলো ক্ষেত্ৰৰ অৱক্ষয়ৰ প্ৰতিৰোধ কৰি সমাজৰ পৰিৱৰ্তন আনিবলৈ বিচাৰিছিল তেওঁ বিশ্বাস কৰিছিল যে শিক্ষা হ’ল সমাজৰ পৰিৱৰ্তন দ্ৰুতভাৱে সাধন কৰিব পৰা বলীষ্ঠতম আহিলা।

শিক্ষা জৰিয়তে সমাজত ৰূপান্তৰৰ সপোন ৰচনা কৰা ইন্দিৰা মিৰিৰ জন্ম হৈছিল শিলঙৰ বনিয়া সম্প্ৰদায়ৰ এটি সম্ভান্ত্ৰ পৰিয়ালত ১৯১০ চনত । তেওঁৰ পিতৃৰ নাম আছিল স্বৰ্গীয় ৰায়বাহাদুৰ সোণাধৰ সেনাপতি আৰু মাতৃৰ নাম আছিল দিব্যকান্তি। ইন্দিৰা মিৰিৰ ঘৰুৱা নাম হ’ল মেৰেং। মেৰেং হ’ল এটা খাচী নাম। ইন্দিৰা মিৰিৰ পিতৃ সোণাধৰ সেনাপতি আছিল অসম সচিবালয়ৰ এজন ৰেজিষ্টাৰ তথা স্বাধীনতাৰ যোদ্ধা আৰু সমাজ সেৱক। গুৰুত্বপূৰ্ণ কথা যে ইন্দিৰা মিৰিয়ে জন্মগ্ৰহণ কৰা দিনাই তেওঁৰ ককাদেউতাকে ইহলীলা সম্বৰণ কৰিছিল। যাৰ বাবে ইন্দিৰা মিৰিক তেওঁৰ দেউতাকে পিতৃ বিনিময়ী মা বুলি অভিহিত কৰিছিল। 

কম বয়সতে মাতৃহাৰা হোৱা ইন্দিৰা মিৰি ডাঙৰ দীঘল হৈছিল পিতৃৰ তত্বাৱধানত। পিতৃ সোনাধৰ সেনাপতিৰ পৰাই ইন্দিৰা মিৰিয়ে লাভ কৰিছিল আত্মনিৰ্ভৰশীল আৰু স্বাধীনচিতীয়া জীৱন যাপন কৰিবলৈ যথেষ্ট অনুপ্ৰেৰণা। গুৰুত্বপূৰ্ণ কথা যে ইন্দিৰা মিৰিৰ পিতৃ সোনাধৰ সেনাপতিয়ে স্ত্ৰীশিক্ষা আৰু কু-সংস্কাৰ বিৰুদ্ধে সদায় মাত মাতি আহিছিল।

পিতৃৰ চাকৰি সূত্ৰে  নগাঁও, ধুবুৰী আদি ঠাইত বসবাস কৰাৰ পৰৱৰ্তী সময়ত  শ্বিলং (সেই সময়ত অসমৰ ৰাজধানী)ৰ এখন বঙালী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে ইন্দিৰা মিৰিয়ে। ইয়াৰ পৰৱৰ্তী সময়ত কলিকতাৰ বেথুন হাইস্কুলত ১১ বছৰ বয়সত নাম ভৰ্তি কৰে। এই বিদ্যালয়ৰ পৰাই ১৯২১ চনত সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ স্কটিছ চাৰ্চ কলেজত নাম ভৰ্তি কৰে আৰু ইয়াৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে ইন্দিৰা মিৰিয়ে। যি সময়ত অসমৰ দৰে ঠাইত মহিলা শিক্ষাৰ প্ৰসাৰ হোৱা নাছিল, ঘৰৰ চাৰিসীমাৰ মাজতে মহিলাসকল আৱদ্ধ হৈ আছিল সেই সময়ত কলিকতাৰ হোষ্টেলত থাকি ইন্দিৰা মিৰিয়ে হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত পুৰুষৰ সমান্তৰাল ভাৱে স্নাতক শিক্ষা গ্ৰহণ কৰিছিল।

১৯৩২ চনত কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত শ্বিলঙৰ লেডী কীন কলেজৰ পৰা প্ৰথম শ্ৰেণীৰ বি. টি. ডিগ্ৰী লাভ কৰে। গুৰুত্বপূৰ্ণ কথা যে ব্যক্তিগত কিছুমান অসুবিধাৰ বাবে শ্বিলঙৰ লেডী কীন কলেজত নৈশ শাখাতহে অধ্যয়ন কৰিছিল ইন্দিৰা মিৰিয়ে। বি. টি. পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ইন্দিৰা মিৰিয়ে মন্টেশ্বৰী শিক্ষা পদ্ধতিৰ ছমহীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আহমেদাবাদত। ইয়াৰ পৰৱৰ্তী সময়ত বিদেশত উচ্চ শিক্ষাৰ বাবে ১৯৪৫ চনত অসম চৰকাৰৰ এটি বৃত্তি লাভ কৰি ইন্দিৰা মিৰিয়ে স্কটলেণ্ডৰ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত দুবছৰীয়া শিক্ষক প্ৰশিক্ষণৰ (B. Ed) শিক্ষা গ্ৰহণ কৰাৰ লগতে শিক্ষক প্ৰশিক্ষণৰ পাঠ্যক্ৰম এটি গ্ৰহণ কৰে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত।

Also Read: জীৱনী: স্বামী বিবেকানন্দ | Swami Vivekananda Biography

কৰ্ম জীৱন | Work Life

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত শিক্ষক প্ৰশিক্ষণৰ পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত ১৯৪৭ চনত ভাৰতলৈ উভতি অহাৰ পিছত নেফা (North-East Frontier Agency) অৰ্থাৎ বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ শিক্ষা বিভাগত শীৰ্ষ বিষয়া হিচাপে নিযুক্তি লাভ কৰে ইন্দিৰা মিৰিয়ে। অৱশ্যে শিক্ষা বিভাগত শীৰ্ষ বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ আগত ইন্দিৰা মিৰিয়ে শ্বিলঙৰ ছোৱালী হাইস্কুলত প্ৰধান শিক্ষয়িত্ৰী হিচাপে আৰু পানবজাৰ হাইস্কুলত সহঃ প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সমাজলৈ অৱদান | Contribution to the Society

গুৰুত্বপূৰ্ণ কথা যে যি সময়ত ইন্দিৰা মিৰিয়ে নেফাত শিক্ষা বিভাগত শীৰ্ষ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল সেই সময়ত নেফাৰ দৰে অঞ্চল সভ্যতাৰ পোহৰৰ পৰা বঞ্চিত আছিল। নেফাৰ দৰে অঞ্চলত শিক্ষাৰ পোহৰ পৰাটো অলীক কল্পনা আছিল। কিন্তু ইন্দিৰা মিৰিয়ে নেফাৰ ৰাইজৰ মাজত শিক্ষাৰ ৰেঙনী বিয়পাই দিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। সেই সময়ত তেওঁ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পাহাৰীয়া দুৰ্গম ঠাইবোৰলৈ যাতায়ত পৰিবহনৰ কোনো ব্যৱস্থা নথকা স্বত্তেও কষ্ট সাধ্য যাত্ৰা কৰাৰ লগতে বাহ, বেত কাটি বিদ্যালয় স্থাপন কৰি শিক্ষাৰ পোহৰ বিয়পাবলৈ যত্ন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে শিক্ষা বিষয়া হিচাপে ইন্দিৰা মিৰিয়ে নেফাত যোগদান কৰা সময়ত সেই অঞ্চলত মাথোঁ তিনিখন বিদ্যালয় আছিল কিন্তু ইন্দিৰা মিৰিয়ে নেফাত প্ৰায় দহ বছৰ নিঃ স্বাৰ্থ সেৱা আগবঢ়োৱা পিছত সেই অঞ্চলত বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল প্ৰায় ১৪০ খন। 

নেফাৰ পৰৱৰ্তী সময়ত যোৰহাটত স্থাপন হোৱা স্নাতকোত্তৰ প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ হিচাপে ১৯৫৭ চনত কাৰ্যনিৰ্বাহ কৰাৰ লগতে State Institutions of Education ৰো অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও তেখেতে অৱসৰ গ্ৰহণ কৰা পৰৱৰ্তী সময়ত  বাণীকান্ত বি টি কলেজতো অধ্যক্ষা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ইন্দিৰা মিৰি স্বামীৰ নাম আছিল মহীচন্দ্ৰ মিৰি। ঢকুৱাখনা অঞ্চলৰ মৌখোৱা গাঁৱৰ বাসিন্দা আছিল মহীচন্দ্ৰ মিৰি। গুৰুত্বপূৰ্ণ কথা যে যি সময়ত অসমৰ সমাজ জীৱনত জাতি ভেদৰ নামত বিভিন্ন গোড়ামী আছিল, বিবাহৰ ক্ষেত্ৰত সমাজ ব্যৱস্থা যথেষ্ট ৰক্ষণশীল আছিল আৰু বিবাহৰ ক্ষেত্ৰত ধৰ্মীয় সংস্কাৰক গুৰুত্ব আৰোপ কৰা হৈছিল তেনে সময়তে ১৯৩২ চনত মহীচন্দ্ৰ মিৰিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ইন্দিৰা মিৰি। গুৰুত্বপূৰ্ণ কথা যে মিছিং জনজাতিৰ প্ৰথম জন বিজ্ঞান শাখাৰ স্নাতক আছিল মহীচন্দ্ৰ মিৰি। ইয়াৰ উপৰিও কৰ্মসূত্ৰে তেওঁ আছিল বন বিভাগৰ উচ্চ পদস্থ বিষয়া। কিন্তু দুৰ্ভাগ্যবশতঃ বিবাহৰ মাত্ৰ সাত বছৰ পিছতেই ১৯৩৯ চনত অসাধাৰণ প্ৰতিভাশালী ব্যক্তিত্বৰ অধিকাৰী মহীচন্দ্ৰ মিৰি মাৰাত্মক জ্বৰত ভুগি কম বয়সতে ইহলীলা সম্বৰণ কৰে। অকাল বৈধৱ্যৰ পিছতো তেওঁ তিনিবছৰীয়া পুত্ৰ সন্তান, ডেৰবছৰীয়া কন্যা সন্তান আৰু তিনিমহীয়া গৰ্ভস্থ সন্তানক লৈ বিচলিত হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ প্ৰতিটো প্ৰত্যাহ্বানৰ লগত সাহসেৰে সন্মুখীন হৈছিল। গুৰুত্বপূৰ্ণ কথা যে প্ৰত্যাহ্বান পূৰ্ণ সময়চোৱাতহে ইন্দিৰা মিৰিয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি নেফাত শিক্ষা বিষয়া হিচাপে যোগদান কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে সমাজ হিতৈষী ইন্দিৰা মিৰি শিক্ষা বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও সমাজ কল্যাণ বৰ্ডৰ চেয়াৰমেন, কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষ, ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ একজিকিউটিভ্‌ কাউন্সিলৰ উপাচাৰ্য নিৰ্বাচনৰ বাবে গঠিত সদস্য কমিটিৰ সদস্য, অসম ৰেডক্ৰছ চছাইটি, গুৱাহাটী পল্টন বজাৰত স্থাপিত শ্ৰীমন্ত শঙ্কৰ কৃষ্টি বিকাশ সংঘৰ আজীৱন সদস্য, J B আইন কলেজ আৰু সন্দিকৈ ছোৱালী কলেজৰ পৰিচালনা সমিতিৰ সদস্য, সৰ্বভাৰতীয় প্ৰাপ্ত বয়স্ক শিক্ষা বিভাগৰ অন্তৰ্গত নিৰক্ষৰতা দূৰীকৰণ কমিটিৰ সদস্যা, গুৱাহাটী পাব্লিক স্কুল আৰু জালুকবাৰী শিশুসদনৰ বহু বছৰ সভানেত্ৰী পদত অধিষ্ঠিত হৈ থকাৰ লগতে ভাৰত স্কাউট এণ্ড গাইড অসম শাখাৰ উপ-সভানেত্ৰী, অসম পৰিভাষা সমিতিৰ সদস্য হিচাপেও দায়িত্ব পালন কৰিছিল।

Also Read: জীৱনী: হেমচন্দ্ৰ গোস্বামী | Biography of Hemchandra Goswami

কীৰ্তিস্তম্ভ

এইসমূহৰ উপৰিও ইন্দিৰা মিৰিৰ এটা স্বভাৱ সিদ্ধ গুণ আছিল তেওঁৰ বাগ্মিতা। ইংৰাজী, অসমীয়া, বঙালী ভাষাত সম্পূৰ্ণ দখল থকা ইন্দিৰা মিৰিৰ সংস্কৃত ভাষাতো ব্যুৎপত্তি আছিল ৷ অসমৰ আগশাৰীৰ শিক্ষাবিদ হিচাপে জনসমাজত সমাদৃত ইন্দিৰা মিৰিক ১৯৭৭ চনত ভাৰত চৰকাৰে দেশৰ চতুৰ্থ অসামৰিক সন্মান- ‘পদ্মশ্ৰী’ সন্মানেৰে বিভূষিত কৰে। ইয়াৰ উপৰিও ২০০৪ চনত তেওঁক অসম চৰকাৰৰ সৰ্বোচ্চ সন্মান ‘শংকৰদেৱ বঁটা’ প্ৰদান কৰা হয়। অন্যহাতে তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডি লিট উপাধিও লাভ কৰে। 

নাৰীৰ শিক্ষাৰ জৰিয়তে নাৰীৰ সবলীকৰণ আৰু বিষমবৰ্ণ বিবাহৰ জৰিয়তে সামাজিক অস্পৃশ্যতা দুৰীকৰণৰ ক্ষেত্ৰত উজ্জ্বল দৃষ্টান্ত দাঙি ধৰা ইন্দিৰা মিৰিয়ে ২০০৪ চনৰ চাৰি ছেপ্তেম্বৰত ইহলীলা সম্বৰণ কৰে।

Also Read: জীৱনী: পদ্মনাথ গোহাঞি বৰুৱা | Padmanath Gohain Baruah Biography

সামৰণি

পুৰুষতান্ত্ৰিক চিন্তাই আগুৰি থকা সমাজখনত ইন্দিৰা মিৰি (Indira Miri) হ’ল প্ৰতিগৰাকী অসমীয়া নাৰীৰ বাবে এক আদৰ্শ আৰু সাহসৰ প্ৰতীক। ঊনৈশ শতিকাৰ আৰম্ভণিৰ পৰা বিংশ শতিকালৈকে অসমীয়া সমাজখনক জাতি ভেদ প্ৰথাৰ পৰা মুক্ত কৰি আৰু নাৰী সমাজক ঘৰৰ চাৰিবেৰৰ পৰা মুক্ত কৰি এক আধুনিক সমাজ ব্যৱস্থা গঢ়ি তুলিবলৈ ইন্দিৰা মিৰিয়ে আজীৱন ত্যাগ স্বীকাৰ কৰি গ’ল। ইয়াৰ উপৰিও তেখেত আছিল এগৰাকী সফল মাতৃ। জীৱনৰ নানা প্রতিকূল অৱস্থাক নেওচি হেলাৰঙে আগবাঢ়ি যোৱা ইন্দিৰা মিৰি সমগ্ৰ অসমীয়া সমাজৰ বাবে আদৰ্শ আৰু গৌৰৱৰ এটা প্ৰতীক।

FAQ

১) ইন্দিৰা মিৰি কোন?

উঃ- মেৰেং নামেৰে জনাজাত ইন্দিৰা মিৰি অসমৰ এগৰাকী শিক্ষাবিদ আছিল, যি উত্তৰ-পূব সীমান্ত সংস্থাত শিক্ষাৰ প্ৰচাৰৰ বাবে তেওঁৰ প্ৰচেষ্টাৰ বাবে জনাজাত। তেওঁ পদ্মশ্ৰীৰ চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক সন্মানৰ প্ৰাপক আছিল।

২) ইন্দিৰা মিৰিৰ জন্ম কʼত আৰু কেতিয়া হৈছিল?

উঃ- ১৯১০ চনত শ্বিলঙত হৈছিল।

৩) ইন্দিৰা মিৰিৰ পিতৃৰ নাম কি আছিল?

উঃ- স্বৰ্গীয় ৰায়বাহাদুৰ সোণাধৰ সেনাপতি।

৪) ইন্দিৰা মিৰিয়ে পদ্মশ্ৰী বঁটা কেতিয়া লাভ কৰিছিল?

উঃ- ১৯৭৭ চনত।

৫) ইন্দিৰা মিৰিৰ মৃত্যু কেতিয়া হৈছিল?

উঃ- ৫ চেপ্তেম্বৰ, ২০০৪ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top