জীৱনী: পদ্মনাথ গোহাঞি বৰুৱা | Padmanath Gohain Baruah Biography

পদ্মনাথ গোহাঞি বৰুৱা | Padmanath Gohain Baruah Essay in Assamese | Biography of Padmanath Gohain Baruah in Assamese | পদ্মনাথ গোহাঞি বৰুৱা বিষয়ে জীৱনী | পদ্মনাথ গোহাঞি বৰুৱা বিষয়ে ৰচনা | পদ্মনাথ গোহাঞি বৰুৱাৰ চমু পৰিচয়।

Join Telegram channel

উনবিংশ শতিকাৰ শেষৰ ফালে অসমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ বাবে আৰু আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰাৰ বাবে যিসকল ব্যক্তিয়ে অহোপুৰুষাৰ্থ কৰিছিল তাৰে ভিতৰত এজন অন্যতম ব্যক্তি হ’ল পদ্মনাথ গোহাঞি বৰুৱা (Padmanath Gohain Baruah)। বহুমুখী প্ৰতিভাসম্পন্ন পদ্মনাথ গোহাঞি বৰুৱা একেধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ, সম্পাদক, ইতিহাসবিদ, ধৰ্ম বিষয়ক পুথি প্ৰণেতা আৰু পাঠ্যপুথি প্ৰণেতা। বঙলা মাধ্যমত শিক্ষালাভ কৰিও কঠোৰ শ্ৰম আৰু অধ্যৱসায়েৰে মাতৃভাষাত সাহিত্য চৰ্চা কৰি অসমীয়া ভাষা-সাহিত্যৰ অভাৱ পূৰণৰ বাবে অহোপুৰুষাৰ্থ কৰি কবিতা, নাটক, প্রহসন, উপন্যাস, জীৱনী, আত্মজীৱনী আদি ভিন্ন স্বাদেৰে তেওঁ অসমীয়া পাঠকৰ ৰুচি পূৰণৰ চেষ্টাত ব্ৰতী হৈছিল পদ্মনাথ গোহাঞি বৰুৱা।

পদ্মনাথ গোহাঞি বৰুৱা padmanath

পদ্মনাথ গোহাঞি বৰুৱা জীৱনী | Padmanath Gohain Baruah Biography

নাম (Name)পদ্মনাথ গোহাঞি বৰুৱা (Padmanath Gohain Baruah[1])
জন্ম চন (Date of Birth)২৯ আঘোন, ১৮৭১ চন
জন্ম স্থান (Place of Birth)নকাৰী গাঁও, উত্তৰ লক্ষীমপুৰ
পৰিয়াল (Family)পিতৃৰ নাম (Father) : ঘিণাৰাম গোহাঞিবৰুৱা
মাতৃৰ নাম (Mother) : লম্ভীদেৱী
শিক্ষা (Education)১) উত্তৰ লক্ষীমপুৰ প্ৰাথমিক বিদ্যালয়
২) শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়
৩) ৰিপন কলেজ, কলকাতা
বঁটা / সন্মান (Awards)ৰায়বাহাদুৰ উপাধি       
মৃত্যু (Death)৭ বহাগ (২১ এপ্ৰিল), ১৯৪৬ চন (21st April, 1946)

Also Read: হীৰেন ভট্টাচাৰ্য | Hiren Bhattacharyya

পদ্মনাথ গোহাঞি বৰুৱা প্ৰাৰম্ভিক জীৱন | Early Life of Padmanath Gohain Baruah

১৮৭১ চনৰ ২৯ আঘোণ তাৰিখে উত্তৰ লক্ষীমপুৰৰ নকাৰী মৌজাৰ নকাৰী গাঁৱত জন্মগ্ৰহণ কৰিছিল পদ্মনাথ গোহাঞি বৰুৱাই। তেওঁৰ পিতৃৰ নাম আছিল ঘিণাৰাম গোহাঞি বৰুৱা আৰু মাতৃৰ নাম আছিল লম্ভীদেৱী। থাউমুং ক্লিংলুনমং বুঢ়াগোহাঞি আছিল পদ্মনাথ গোহাঞি বৰুৱাৰ পূৰ্বপুৰুষ।

উত্তৰ লক্ষীমপুৰৰ প্ৰাথমিক বিদ্যালয়ত ১৮৭৯ চনত শিক্ষা জীৱন আৰম্ভ কৰা পদ্মনাথ গোহাঞি বৰুৱাই ১৮৮৪ চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰে। ইয়াৰ পৰৱৰ্তী সময়ত উচ্চ শিক্ষাৰ বাবে ১৮৯০ চনত কলিকতাৰ ৰিপন কলেজত নামভৰ্তি কৰে গোহাঞি বৰুৱাই আৰু ৰিপন কলেজৰ পৰাই এফ. এ. পৰীক্ষাত উত্তীৰ্ণ হয়।

পদ্মনাথ গোহাঞি বৰুৱা কৰ্মজীৱন | Professional Life of Padmanath

কলিকতাৰ পৰা অসমলৈ উভতি অহাৰ পিছত পদ্মনাথ গোহাঞি বৰুৱাই কহিমা মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষক ৰূপে দায়িত্ব গ্ৰহণ কৰে। কহিমা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক ৰূপে কৰ্মৰত থাকোঁতে তেওঁ লীলাৱতীৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। কিন্তু দুৰ্ভাগ্যজনক ভাৱে লীলাৱতীয়ে অকাল মৃত্যুক আকোঁৱালি লোৱাত তেওঁ হীৰাৱতী নামৰ আন এগৰাকী মহিলাৰ লগত দ্বিতীয় বাৰৰ বাবে বিবাহ পাশত আবদ্ধ হয়।

ইয়াৰ পৰৱৰ্তী সময়ত তেখেতে ‘তেজপুৰ নৰ্মেল স্কুল’, ‘তেজপুৰ চৰকাৰী হাইস্কুল’, ‘যোৰহাট চৰকাৰী হাইস্কুল’ আদিতো শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও পদ্মনাথ গোহাঞি বৰুৱাই অস্থায়ী তহচিলদাৰ হিচাপে তেজপুৰত কিছুদিনৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে তেওঁ তেজপুৰ কাছাৰীত প্ৰথম শ্ৰেণীৰ অনাৰেৰী মেজিষ্ট্ৰেট হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

Also Read: কনকলতা বৰুৱা জীৱনী | Biography of Kanaklata Barua

সাহিত্যিক জীৱনী | Literary Life

স্কুলীয়া শিক্ষা গ্ৰহণ কৰা সময়ৰ পৰা সাহিত্য চৰ্চা কৰা পদ্মনাথ গোহাঞি বৰুৱাৰ সাহিত্যক মনৰ উৎকৰ্ষ সাধন হয় কলিকতাত অধ্যয়ন কৰা সময়ৰ পৰা। কলিকতাৰ প্ৰবাসী অসমীয়া ছাত্ৰসকলৰ ঐকান্তিক প্ৰচেষ্টাত গঠন অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ মুখপত্ৰ হিচাপে ১৮৮৯ত প্ৰকাশ হোৱা জোনাকী আলোচনীত নিয়মীয়াকৈ সাহিত্য চৰ্চা কৰিছিল পদ্মনাথ গোহাঞি বৰুৱাই। জোনাকী আলোচনীত পাতনি মেলা তেওঁৰ এই সাহিত্য চৰ্চাই পৰৱৰ্তী সময়ত সাহিত্যৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰিছিল।

‘বিজুলী’ৰ জন্ম | Birth of ‘Bijuli’

কিন্তু গুৰুত্বপূৰ্ণ কথা যে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰ হিচাপে প্ৰকাশ পোৱা জোনাকী আলোচনীৰ বিষয় ববীয়াৰ সৈতে পদ্মনাথ গোহাঞি বৰুৱাৰ লগতে আন বহুকেইজন ব্যক্তিৰ মতান্তৰ সৃষ্টি হোৱাত ১৮৯০ চনত পদ্মনাথ গোহাঞি বৰুৱা, বেণুধৰ ৰাজখোৱা, কৃষ্ণপ্ৰসাদ দুৱাৰা, নীলকণ্ঠ বৰুৱা আদি ব্যক্তিসকল একত্ৰিত হৈ ‘বিজুলী’ নামৰ এখন আলোচনী প্ৰকাশ কৰে। বিজুলীৰ প্ৰথম বছৰৰ সম্পাদক ৰূপে দায়িত্ব গ্ৰহণ কৰিছিল কৃষ্ণপ্ৰসাদ দুৱাৰাই। তাৰ বিপৰীতে দ্বিতীয় বছৰৰ পৰা সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল পদ্মনাথ গোহাঞি বৰুৱাই।

বন্তি আলোচনী

গুৰুত্বপূৰ্ণ কথা যে ১৮৯০ চনত বিজুলী আলোচনীৰ প্ৰকাশ বন্ধ হয়। ইয়াৰ পৰৱৰ্তী সময়ত ১৯০১ চনত মথুৰা মোহন বৰুৱাৰ সম্পাদনাত আসাম বন্তি’ আলোচনী প্ৰকাশ পাই। পদ্মনাথ গোহাঞি বৰুৱাই এই আলোচনীখনৰো সম্পাদকৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰিও ১৯০৭ চনত তেজপুৰৰ পৰা প্ৰকাশ হোৱা অসমীয়া তৃতীয় খন আলোচনী ‘উষা’ৰো সম্পাদকৰ দায়িত্ব পালন কৰিছিল গোহাঞি বৰুৱাই।

পদ্মনাথ গোহাঞি বৰুৱাৰ কবিতা

নিখুঁত আৰু কলা সন্মত ভাৱে আলোচনী সম্পাদনা কৰা পদ্মনাথ গোহাঞি বৰুৱাই স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ সম‌য়তে পানীন্দ্ৰ নাথ গগৈৰ সৈতে যুটীয়া ভাৱে পদ্মাপাণিনামৰ কবিতা পুথি এখন ৰচনা কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত তেখেতে ১৮৯৯ চনত লীলা কাব্য নামেৰে এখন কবিতা পুথি ৰচনা কৰি প্ৰকাশ কৰে। গুৰুত্বপূৰ্ণ কথা যে এই কবিতা পুথি খন তেওঁৰ প্ৰথমা পত্নী লীলাৱতীৰ মৃত্যুৰ পিছত তেওঁক সোঁৱৰণ কৰি ৰচনা কৰা। গোহাঞি বৰুৱাৰ আন দুখন প্ৰকাশিত কাব্য গ্ৰন্থ হ’ল- ১৯০১ চনত প্ৰকাশিত জুৰণি’ আৰু ১৯৪১ চনত প্ৰকাশিত ফুলৰ চানেকি’। 

নাটকসমূহ

কবিতাৰ উপৰিও অসমীয়া নাট্য ভাণ্ডাৰ চহকী কৰাৰ ক্ষেত্ৰত পদ্মনাথ গোহাঞি বৰুৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।  গোহাঞি বৰুৱাই সৰ্বমুঠ ৮ খন নাটক ৰচনা কৰিছিল। কাহিনী বৰ্ণনা অনুসৰি তেওঁৰ নাটক সমূহক বিভিন্ন ভাগত ভাগ কৰিব পাৰি। তেখেতে ৰচনা কৰা ধেমেলীয়া বা প্ৰহসন মূলক নাটক কেইখন হ’ল- গাওঁবুঢ়া’ (১৮৯৭), টেটোন তামুলী’ (১৯০৯) আৰু ভূত নে ভ্ৰম’ (১৯১৫)। তেওঁৰ বুৰঞ্জীমূলক বা ঐতিহাসিক নাটক কেইখন হ’ল- জয়মতী’ (১৯০০), গদাধৰ’ (১৯০৭),সাধনী’ (১৯১১), আৰু ‘লাচিত বৰফুকন’ (১৯১৫)। ইয়াৰ উপৰিও তেওঁ ৰচনা কৰা একমাত্ৰ পৌৰাণিক নাটক হ’ল – বাণৰজা’ (১৯৩২)।

গোহাঞি বৰুৱাৰ জয়মতী নাটক খনক সমালোচক সকলে নিঁভাজ হাস্যৰস সৃষ্টিৰ দক্ষতা, টাইপ চৰিত্ৰ সৃষ্টিত সিদ্ধহস্ত, সাধাৰণ গ্ৰাম্য জীৱন শৈলীৰ নিঁখুত পৰিবেশ ৰচনাৰ বাবে শ্ৰেষ্ঠ নাটক আখ্যা দিছে। অন্যহাতে টেটোন তামূলী নাটকখন হ’ল খুহুতীয়া নাটকৰ শ্ৰেষ্ঠ নিদৰ্শন। গুৰুত্বপূৰ্ণ কথা যে উনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিৰ পটভূমিত এখন মঞ্চ সফল নাটক হ’ল টেটোন তামূলী। সৰল আৰু মনোগ্ৰাহী সৰ্বসাধাৰণ অসমীয়া মানুহৰ কথিত গ্ৰাম্য-ভাষা ব্যৱহাৰ কৰি ৰচনা কৰা পদ্মনাথ গোহাঞি বৰুৱাৰ নাটক কেইখননে অসমীয়া নাট্য সাহিত্যৰ ইতিহাসত বিশেষ স্থান অধিকাৰ কৰিছে।

উপন্যাস

পদ্মনাথ গোহাঞি বৰুৱাই প্ৰকৃতাৰ্থত উপন্যাসৰ বৈশিষ্ট্যৰে সমৃদ্ধ প্ৰথম খন অসমীয়া উপন্যাস ভানুমতী ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ দুৱাৰ মুকলি কৰিছিল। ১৮৯০ চনত প্ৰকাশিত বিজুলী আলোচনীৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাৰ পৰাই প্ৰকাশ পাইছিল ভানুমতী’ উপন্যাস। ভানুমতী উপন্যাস খন কিতাপ আকাৰে প্ৰকাশ পাইছিল ১৯০৮ চনত। পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা দ্বিতীয় খন উপন্যাস হ’ল লাহৰী’। লাহৰী উপন্যাস খন গ্ৰন্থাকাৰে প্ৰকাশ পাইছিল ১৮৯২ চনত। গুৰুত্বপূৰ্ণ কথা যে এইখনেই হ’ল পুথি হিচাপে ছপা হোৱা প্ৰথম অসমীয়া উপন্যাস।

বুৰঞ্জী পুথি

প্ৰত্নতত্ব অধ্যয়নৰ প্ৰতি আগ্ৰহী পদ্মনাথ গোহাঞি বৰুৱাই ১৮৯৯ চনত পুৰণি অসমৰ বিভিন্ন ঘটনা ৰাজীৰ বিষয়ে প্ৰণালীবদ্ধ ভাৱে অসম বুৰঞ্জী নামৰ এখন ইতিহাস বিষয়ক গ্ৰন্থ ৰচনা কৰিছিল।

ধৰ্মমূলক গ্ৰন্থ

ইয়াৰ উপৰিও পদ্মনাথ গোহাঞি বৰুৱাই শ্ৰী কৃষ্ণ (১৯৩০) আৰু শ্ৰীমদ্ভাগৱত গীতাৰ আলমত গীতাহাৰ (১৯৩৫) নামেৰে দুখন ধৰ্মমূলক গ্ৰন্থ ৰচনা কৰিছিল।

অন্যান্য পুথি

এইসমূহৰ উপৰিও পদ্মনাথ গোহাঞি বৰুৱাই শিক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ ‌নীতিশিক্ষা, আদি শিক্ষা, মহাৰাণী, অসম বুৰঞ্জী, হিন্দু বুৰঞ্জী, সাহিত্য সংগ্ৰহ(১৮৯০), জীৱনী সংগ্ৰহ (১৯১৫), বুৰঞ্জীবোধ, ভূগোল দৰ্পণ, দেশী কছৰত্, শিক্ষাবিধি আদি গ্ৰন্থ ৰচনা কৰিছিল। ইয়াৰ ভিতৰত ১৯১৫ চনত প্ৰকাশিত জীৱনী সংগ্ৰহ’ নামৰ গ্ৰন্থ খন হৈছে আধুনিক অসমীয়া ভাষাৰ প্ৰথম খন জীৱনী মূলক সংগ্ৰহৰ গ্ৰন্থ। এই গ্ৰন্থ খনত সন্নিবিষ্ট হৈছে সেই সময়ৰ বহু কেইজন লোকৰ জীৱনী। ইয়াৰ উপৰিও পদ্মনাথ গোহাঞি বৰুৱাৰ আত্মজীৱনী মূলক গ্ৰন্থখনৰ নাম হৈছে ১৯৭২ চনত প্ৰকাশিত মোৰ সোঁৱৰণী

কীৰ্তিস্তম্ভ

গুৰুত্বপূৰ্ণ কথা যে ফণীধৰ চলিহাদেৱৰ প্ৰস্তাৱত আৰু হৰেশ চন্দ্ৰ ৰাজখোৱা আৰু দেৱেশ্বৰ চলিহাদেৱৰ সমৰ্থনত পদ্মনাথ গোহাঞি বৰুৱাই ১৯১৭ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা অসমীয়া ভাষাসাহিত্য’ তথা কৃষ্টি-সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশনৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। ইয়াৰ উপৰিও তেখেতে ১৯১৮ চনত গোৱালপাৰাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ দ্বিতীয় খন অধিৱেশনত চন্দ্ৰধৰ বৰুৱাৰ সভাপতিত্বত প্ৰধান সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯১৮ চনত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনীৰ তৃতীয় বাৰ্ষিক অধিবেশনৰ সভাপতি ৰূপেও কাৰ্যনিবাহ কৰিছিল পদ্মনাথ গোহাঞি বৰুৱাই।গুৰুত্বপূৰ্ণ কথা যে পদ্মনাথ গোহাঞি বৰুৱা হ’ল ব্রিটিছে প্রদান কৰা উপাধি ৰায় বাহাদুৰ প্রাপক প্রথমগৰাকী অসমীয়া। 

পদ্মনাথ গোহাঞি বৰুৱা আছিল অসমৰ প্রথমগৰাকী সাহিত্যিক পেঞ্চনাৰ তথা অসম সাহিত্য সভাৰ প্রথমগৰাকী সভাপতি পদ্মনাথ গোহাঞি কেৱল মাত্ৰ সাহিত্য চৰ্চাৰ মাজতেই সীমাবদ্ধ আছিল এনে নহয়, তেওঁ সাহিত্য চৰ্চা কৰাৰ উপৰিও বিভিন্ন ৰাজহুৱা কাম-কাজৰ লগত জড়িত আছিল। তেওঁ আছিল তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্রতিষ্ঠাপক সম্পাদক, তেজপুৰ পৌৰসভাৰ প্রথমগৰাকী অসমীয়া পৌৰপতি, ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্রথমগৰাকী সভাপতি, তেজপুৰৰ সামাজিক অনুষ্ঠান অসমীয়া ক্লাবৰ অন্যতম প্রতিষ্ঠাতা। ইয়াৰ উপৰিও পদ্মনাথ গোহাঞি বৰুৱা অসম ব্যৱস্থাপক সভা’, ‘অসম ৰায়ত সভা’, ‘সদৌ অসম শিক্ষক সন্মিলনী’, ‘আহোম সভা’, ‘অসম মণ্ডল কাননগো সন্মিলনী’, ‘জয়মতী উৎসৱ সমিতি’ আদি বিভিন্ন বিষয়ৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতেও জড়িত আছিল। 

সামৰণি | Conclusion

অসমীয়া ভাষা-সাহিত্যৰ ভেটি সবল কৰিবলৈ প্ৰতিনিয়ত চেষ্টা কৰা কেইবাখনো সাহিত্যৰ কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাই ১৯৪৬ চনৰ ৭ বহাগ, ২১ এপ্ৰিল তাৰিখে ইহলীলা সম্বৰণ কৰে। অসম সাহিত্য সভা, অসম ছাত্ৰ সন্মিলনী, মণ্ডল কানুন সন্মিলন, আছাম এচোছিয়েশ্যন, অসম সংৰক্ষিণী সভাৰ লগত জড়িত থকা পদ্মনাথ গোহাঞি বৰুৱাই অসমীয়া ভাষা তথা সাহিত্যৰ উন্নয়ণ আৰু বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাষা-সাহিত্যৰ এইজন সেৱক অসম তথা অসমীয়াৰ বাবে চিৰদিন চিৰপূজ্য হৈ থাকিব। পদ্মনাথ গোহাঞি বৰুৱাৰ আদৰ্শক অসমৰ প্ৰতিজন যুৱ-প্ৰজন্মই অনুকৰণ আৰু অনুসৰণ কৰা প্ৰয়োজন।

Also Read: ৰঘুনাথ চৌধাৰী – জীৱনী | Raghunath Chaudhary

FAQ

১) পদ্মনাথ গোহাঞি বৰুৱা কোন আছিল?

উঃ- পদ্মনাথ গোহাঞি বৰুৱা উনবিংশ শতিকাৰ অসমীয়া সাহিত্যৰ এগৰাকী জনপ্ৰিয় সাহিত্যকাৰ। তেওঁ একেৰাহে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ, সম্পাদক, ইতিহাসবিদ, ধৰ্ম বিষয়ক পুথি প্ৰণেতা আৰু পাঠ্যপুথি প্ৰণেতা আছিল।

২) পদ্মনাথ গোহাঞি বৰুৱাৰ জন্ম কʼত আৰু কেতিয়া হৈছিল?

উঃ- ২৯ আঘোন, ১৮৭১ চনত, অসমৰ উত্তৰ লক্ষীমপুৰৰ ‘নকাৰী’ নামৰ এখন গাঁৱত।

৩) পদ্মনাথ গোহাঞি বৰুৱাৰ পিতৃ কোন?

উঃ- ঘিণাৰাম গোহাঞিবৰুৱা।

৪) পদ্মনাথ গোহাঞি বৰুৱাক কি উপাধিৰে সন্মানিত কৰা হৈছিল?

উঃ- ‘ৰায়বাহাদুৰ’ উপাধি।

৫) ‘লীলা কাব্য’ কোনে লিথা?

উঃ- ‘লীলা কাব্য’ পদ্মনাথ গোহাঞি বৰুৱাৰ এখনি কবিতা পুথি যিখন তেওঁ নিজৰ প্ৰথমা পত্নীৰ স্মৰণত ৰচনা কৰিছিল।

Writer: Ananya Borah

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top