জীৱনী: স্বামী বিবেকানন্দ | Swami Vivekananda Biography

স্বামী বিবেকানন্দ | Swami Vivekananda Essay in Assamese | Biography of Swami Vivekananda in Assamese | স্বামী বিবেকানন্দ বিষয়ে জীৱনী | স্বামী বিবেকানন্দ বিষয়ে ৰচনা | স্বামী বিবেকানন্দৰ চমু পৰিচয়।

Join Telegram channel

ঊনবিংশ শতিকাৰ ভাৰতত যি ধৰ্মীয় সংস্কাৰ আন্দোলন হৈছিল তাৰ অন্যতম এজন গুৰি ধৰোঁতা ব্যক্তি আছিল স্বামী বিবেকানন্দ (Swami Vivekananda)। স্বামী বিবেকানন্দই দাৰিদ্ৰ্য, অস্পৃশ্যতা, নিৰক্ষৰতা, দাসত্ব, জাতিভেদ, নাৰী নিৰ্যাতন, ধৰ্মীয় বিভেদ আদিৰ পৰা ভাৰতক মুক্ত কৰি এক নতুন জাগৰণ সৃষ্টি কৰিবলৈ বিভিন্ন পদক্ষেপ হাতত‌ লৈছিল। ধনী-দুখীয়া, উচ্চ-নীচৰ ভেদাভেদ, অস্পৃশ্যতা, শোষণ ওফৰাই প্ৰাচ্য-পাশ্চাত্য, প্ৰাচীন আৰু আধুনিক জীৱন দৰ্শনৰ মাজেদি নৱভাৰত সৃষ্টি কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল স্বামী বিবেকানন্দই। তেখেতে ভাৰতবৰ্ষত আধ্যাত্মিক ঐতিহ্যক সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

স্বামী বিবেকানন্দ swami

স্বামী বিবেকানন্দ জীৱনী | Biography of Swami Vivekananda

নাম (Name)স্বামী বিবেকানন্দ (Swami Vivekananda[1])
প্ৰকৃত নাম (Original Name)নৰেন্দ্ৰনাথ দত্ত 
জন্ম চন (Date of Birth)১২ জানুৱাৰী, ১৮৬৩ চন
জন্ম স্থান (Place of Birth)কলকাতা, বেংগল, ভাৰত
পৰিয়াল (Family)পিতৃৰ নাম (Father) : বিশ্বনাথ দত্ত
মাতৃৰ নাম (Mother) : ভুবনেশ্বৰী দেবী
শিক্ষা (Education)১) কলকাতা মেট্ৰোপলিটান স্কুল
২) প্ৰেচিডেন্সি কলেজ, কলকাতা
৩) স্কটিছ চাৰ্চ কলেজ
মৃত্যু (Death)৪ জুলাই, ১৯০২

Also Read: ৰঘুনাথ চৌধাৰী – জীৱনী | Raghunath Chaudhary

স্বামী বিবেকানন্দ প্ৰাৰম্ভিক জীৱন | Early Life of Swami Vivekananda

কলিকতাৰ এটি আদৰ্শবান হিন্দু পৰিয়ালত ১৮৬৩ চনত মকৰ সংক্ৰান্তি উৎসৱৰ দিনা অৰ্থাৎ জানুৱাৰী মাহৰ ১২ তাৰিখে স্বামী বিবেকানন্দৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল বিশ্বনাথ দত্ত আৰু মাতৃৰ নাম আছিল ভূৱনেশ্বৰী দেৱী। গুৰুত্বপূৰ্ণ কথা যে স্বামী বিবেকানন্দৰ পিতৃ-মাতৃৰ প্ৰদত্ত নাম আছিল নৰেন্দ্ৰনাথ দত্ত।

স্বামী বিবেকানন্দৰ পিতৃ বিশ্বনাথ দত্ত আছিল কলিকতা উচ্চ ন্যায়ালয়ৰ উকিল। মাতৃ ভূৱনেশ্বৰী দেৱী আছিল এগৰাকী ধৰ্মপৰায়ণা মহিলা। উত্তৰাধিকাৰী সূত্ৰেই ধৰ্মীয় চিন্তা আৰু বুদ্ধিমত্তা লাভ কৰা স্বামী বিবেকানন্দই পাঁচ বছৰ বয়সতে বিদ্যালয়ত নামভৰ্তি কৰিছিল। শৈশৱৰ পৰাই ভাষা, দৰ্শন আদি বিষয়ত নিজৰ মেধাৰ পৰিচয় দিছিল স্বামী বিবেকানন্দই। ৱডৰ্ছৱৰ্থ (William Wordsworth) ৰ কবিতা পঢ়ি ভাল পোৱা স্বামী বিবেকানন্দৰ প্ৰিয় দাৰ্শনিক আছিল হাৰ্বাট স্পেনছাৰ আৰু জে এছ মিল।

শৈশৱৰে পৰা জাত আৰু ধৰ্মৰ বিষয়ে জানিবলৈ প্ৰচুৰ কৌতুহল আৰম্ভ হৈছিল স্বামী বিবেকানন্দৰ। গুৰুত্বপূৰ্ণ কথা যে স্বামী বিবেকানন্দৰ পিতৃগৃহৰ ৰান্ধনী আছিল মুছলমান সম্প্ৰদায়ৰ। সৰুৰে পৰা জাত আৰু ধৰ্মৰ বিষয়ে জানিবলৈ প্ৰচুৰ কৌতুহল থকাৰ বাবেই  বিভিন্ন জাতিৰ বাবে পৃথককৈ ৰখা জমিদাৰ পৰিয়ালৰ ধপাঁতৰ গুৰগুৰী বোৰত মূখ লগাইছিল বিবেকানন্দই। 

শৈশৱতে এই মানসিকতা সৃষ্টি হোৱা  বিবেকানন্দই পৰৱৰ্তী সময়ত মানুহৰ মাজত জাতি ধৰ্ম বিভেদ পৰিহাৰ কৰি মানৱতাৰ বাণী প্ৰচাৰ কৰিছিল। তেখেতে ব্যক্ত কৰিছিল যে ধৰ্মতকৈ দেশ আৰু দেশৰ মানুহ বহু বহু গুনেই ডাঙৰ।

স্বামী বিবেকানন্দৰ পিতৃ বৃত্তিগত ভাৱে আইনজীৱী আছিল বাবে সেই সময়ত কলা বিভাগৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত বিবেকানন্দয়ো লণ্ডনত আইনৰ উচ্চ শিক্ষাৰ গ্ৰহণ কৰিবৰ বাবে মনত ইচ্ছা পুহি ৰাখিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ ১৮৮৪ চনৰ ২৫ ফ্ৰেব্ৰুৱাৰীত বিশ্বনাথ দত্তই আকস্মিক ভাৱে মৃত্যুক সাৱটি ‌লৈছিল।

Also Read: জীৱনী: পদ্মনাথ গোহাঞি বৰুৱা | Padmanath Gohain Baruah Biography

আধ্যাত্মিক প্ৰভাৱ | Spiritual influence

দেউতাকৰ মৃত্যুৰ পিছত স্বামী বিবেকানন্দৰ পৰিয়ালত আৰ্থিক সমস্যাই দেখা দিছিল। সেই সময়ত পৰিয়ালৰ সমস্ত দায়িত্ব স্বামী বিবেকানন্দই ল’ব লগা হৈছিল। যাৰ বাবে কৰ্মসংস্থাপনৰ জৰিয়তে তেওঁ সমগ্ৰ পৰিয়ালৰ দায়িত্ব পালন কৰিছিল যত্ন কৰিছিল। এইখিনি সময়তে স্বামী বিবেকানন্দ আধ্যাত্মিক গুৰু ৰামকৃষ্ণ পৰমহংসদেৱৰ শৰণাপন্ন হৈছিল ৷ ৰামকৃষ্ণ পৰমহংস আছিল এগৰাকী প্ৰখ্যাত আধ্যাত্মিক নেতা। ৰামকৃষ্ণ পৰমহংসৰ আধ্যাত্মিক জ্ঞান তথা আধ্যাত্মিক ধ্যান ধাৰণাৰ প্ৰতি বৰকৈ আকৰ্ষিত হৈছিল স্বামী বিবেকানন্দ। গুৰুত্বপূৰ্ণ কথা যে ৰামকৃষ্ণ পৰমহংসৰ সংস্পৰ্শত স্বামী বিবেকানন্দই প্ৰায় ছবছৰ অতিবাহিত কৰিছিল।

স্বামী বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ বাণী প্ৰচাৰ কৰিছিল। তেওঁ ১৮৮৬ চনত আধ্যাত্মিক ধ্যান ধাৰণাৰ মাজত নিজকে সম্পূৰ্ণৰূপে আত্মনিয়োগ কৰি জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোৰে মাজত ঐক্য তাৰ বান্ধোন কটকটীয়া কৰাৰ উদ্দেশ্যেৰে পৰিব্ৰাজকৰ (Wandering Monk) ৰ ভূমিকা পালন কৰি দেশৰ ইমূৰৰ পৰা সিমূৰলৈ মানৱ ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল৷ তেওঁৰ একমাত্ৰ উদ্দেশ্য আছিল ভাৰতীয় লোকসকলৰ মাজত বৈচিত্ৰ্যৰ মাজত ঐক্য অৰ্থাৎ Divine Unity of Existence and Unity in Diversity ৰ বাৰ্তা প্ৰচাৰ কৰা।

বাসুধৈৱা কুদুমবাকম (Vasudhaiva Kutumbakam)” হ’ল স্বামী বিবেকানন্দৰ প্ৰচাৰিত ধৰ্মৰ মূল উদ্দেশ্য। বাসুধৈৱা কুদুমবাকম (Vasudhaiva Kutumbakam) মানে হ’ল গোটেই বিশ্ব এটা পৰিয়াল, আমি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এটা পৰিয়ালৰ সদস্য

Also Read: কনকলতা বৰুৱা জীৱনী | Biography of Kanaklata Barua

জীৱনৰ কীৰ্তিস্তম্ভ | Life Achievements

স্বামী বিবেকানন্দই আমেৰিকা আৰু ইউৰোপীয় দৰ্শকৰ আগত বেদান্ত দৰ্শন ব্যাখ্যা কৰিছিল। তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল যে প্ৰাচীন বেদান্ত দৰ্শনে বৰ্তমান কালৰ প্ৰত্যাহ্বানবোৰ সফলতাৰে জয় কৰিব আৰু আধুনিক সমস্যাবোৰ ফলপ্ৰসুভাৱে সমাধানসূত্ৰ বাহিৰ কৰিব পাৰে। সমাজৰ দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ প্ৰতি স্বামী বিবেকানন্দ সম্পূৰ্ণ সহানুভূতিশীল আছিল। তেওঁ জাতি, বৰ্ণ, গাৰ বৰণ আৰু লিংগ নিৰ্বিশেষে সকলো লোককে বেদান্তৰ জ্ঞান দিব বিচাৰিছিল। ধৰ্মৰ প্ৰতিও স্বামী বিবেকানন্দৰ আছিল গভীৰ শ্ৰদ্ধা। পাশ্চাত্যৰ আদৰ্শবাদী দৰ্শন আৰু হিন্দু ধৰ্মৰ সৃজনীশীল বৈদান্তিক দৰ্শনৰ সাৰ্থক সংশ্লেষণ ঘটোৱা দাৰ্শনিক গৰাকীয়েই হ’ল স্বামী বিবেকানন্দ। তেওঁ সাৰ্বজনীন ভ্ৰাতৃত্ববোধৰ বাণী প্ৰচাৰ কৰিছিল আৰু নিজৰ আদৰ্শবাদী শৈলীৰে মানৱতাবাদৰ ব্যাখ্যা আগবঢ়াইছিল।

গুৰুত্বপূৰ্ণ কথা যে স্বামী বিবেকানন্দই আমেৰিকাৰ চিকাগোত ১৮৯৩ চনৰ ১১ চেপ্তেম্বৰত অনুষ্ঠিত হোৱা বিশ্বৰ বৃহৎ ধৰ্মীয় আলোচনাত ভাৰতবৰ্ষৰ হৈ অংশগ্ৰহণ কৰিছিল। আৰু এই ধৰ্মীয় আলোচনা সভাত বিবেকানন্দই হিন্দু ধৰ্ম তথা বিশ্ব-ভাতৃত্ববোধ (Universal brotherhood) ভিত্তিক গভীৰ অৰ্থভাৱাপন্ন ভাষণ প্ৰদান কৰিছিল। এই ভাষণে ধৰ্মীয় আলোচনা সভাত উপস্থিত থকা প্ৰতিজন ব্যক্তিৰ হৃদয় স্পৰ্শ কৰি গৈছিল।

গুৰুত্বপূৰ্ণ কথা যে চিকাগোৰ বিখ্যাত “কলম্বাচ হল (Great Hall of Columbus)” ত এক আড়ম্বৰপূৰ্ণ পৰিবেশত  শুভাৰম্ভ হৈছিল বিশ্বৰ এই সৰ্বধৰ্ম মহাসভা৷ উল্লেখযোগ্য যে এই সভাত সকলো ধৰ্মৰ প্ৰতিনিধিৰ লগতে আমেৰিকাৰ বহু বিদ্বান লোকে অংশগ্ৰহণ কৰিছিল ‘বিশ্ব ধৰ্ম মহাসভা’ত ভাষণ প্ৰদান কৰিবলৈ স্বামী বিবেকানন্দক সময় দিয়া হৈছিল মাত্ৰ তিনি মিনিট৷ মাত্ৰ তিনি মিনিট সময়তে স্বামী বিবেকানন্দই আমেৰিকাবাসীৰ মন এনেকৈ আপ্লুত কৰিছিল যে ১১ চেপ্তেম্বৰৰ পিছতো আৰু পাঁচ দিন তেখেতক বক্তৃতা দিবলৈ সুযোগ প্ৰদান কৰা হৈছিল। তেওঁ এই সৰ্ব ধৰ্ম মহাসভাত নিজৰ ভাষণ আৰম্ভ কৰিছিল ‘Dear brothers and sisters of America’ বুলি আমেৰিকা বাসীক সম্বোধন কৰি। সম্পূৰ্ণ ইংৰাজী ভাষাত স্বামী বিবেকানন্দই দিয়া এই ভাষণ চিৰযুগমীয়া হৈ ৰোৱাৰ লগতে হিন্দু ধৰ্মৰ হৈ আমেৰিকাক স্বামী বিবেকানন্দই প্ৰতিনিধিত্ব কৰিলেও তেখেতে ভাৰতীয় আধ্যাত্মিক জ্ঞান চিন্তা, বিচাৰ আদিক বিশ্ববাসীৰ আগত দাঙি ধৰি স্বামী বিবেকানন্দই  সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈছিল ৷

পৰৱৰ্তী সময়ত স্বামী বিবেকানন্দই বিশ্ব-ধৰ্ম মহাসভাত দিয়া ভাষণৰ ওপৰত আমেৰিকাৰ সেই সময়ৰ বিখ্যাত বাতৰি কাকত “The Herald” ত লিখিছিল, “Vivekananda is undoubtedly the greatest figure in the parliament of religion. After hearing him how foolish we are to send missionaries to this learned nation”.

স্বামী বিবেকানন্দ আছিল জাতীয় শিক্ষা ব্যৱস্থাৰ সপক্ষে মাত মতা এগৰাকী প্ৰধান পৃষ্ঠপোষক। তেওঁ জনগণৰ শিক্ষাৰ (education of masses) ৰ সমৰ্থক আছিল। তেওঁ মহিলাসকলক শিক্ষিত কৰি তুলি সমাজত মহিলাৰ প্ৰস্থিতি উন্নত কৰিব খুজিছিল। তেওঁ আধ্যাত্মিকতাবাদ, ব্যক্তিত্বৰ সৰ্বোৎকৃষ্টতা, আত্ম নিৰ্ভৰশীলতা, বিশ্বজনীন ভাতৃত্ববোধ আৰু শিক্ষাৰ জৰিয়তে ঈশ্বৰত বিশ্বাস প্ৰসাৰ কৰিব বিচাৰিছিল।

স্বামী বিবেকানন্দই পৃথিৱীৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰোঁতে  দৰ্শন, ধৰ্ম, যোগ, আধ্যাত্মিকতা আদি কৰি বিভিন্ন বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত ৰেকৰ্ড কৰি থোৱা এই বক্তৃতা সমূহ গ্ৰন্থ আকাৰত লিপিবদ্ধ কৰা হৈছিল। এইসমূহ গ্ৰন্থ হ’ল- কৰ্ম যোগ, জ্ঞান যোগ, ৰজা যুগ, ভক্তি যুগ, Lectures from Colombo to Almora, My Master, Swami Vivekananda on Himself, Teachings of Swami Vivekananda, Meditation and its Methods, The Complete Works of Swami Vivekananda (Set of 9 Volumes).

Also Read: অচ্যুত লহকৰ জীৱনী | Biography of Achyut Lahkar

ৰামকৃষ্ণ মিচনৰ প্ৰতিস্থা | Establishment of Ramakrishna Mission

ৰামকৃষ্ণ মিচনৰ প্ৰতিষ্ঠা কৰাতো স্বামী বিবেকানন্দৰ সমাজলৈ এক অন্যতম অৱদান। ১৮৯৭ চনত কলিকতাত তেওঁ ৰামকৃষ্ণ মিচন প্ৰতিষ্ঠা কৰিছিল। স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিচন প্ৰতিষ্ঠা কৰা মূল লক্ষ্য আৰু উদ্দেশ্য আছিল আধ্যাত্মিক গুৰু ৰামকৃষ্ণ পৰমহংসৰ মহান কৰ্মৰাজিক চিৰযুগমীয়া কৰা আৰু ভাৰতীয় দৰ্শন শাস্ত্ৰৰ এক উল্লেখযোগ্য অংশ “বেদান্ত” ৰ বিষয়ে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লগতে জ্ঞানৰ প্ৰসাৰ কৰাৰ। গুৰুত্বপূৰ্ণ কথা যে ৰামকৃষ্ণ মিচনে জ্ঞান প্ৰসাৰৰ ওপৰিও সমাজৰ নিঃসহায়, দুখীয়া তথা অৰ্থনৈতিক ভাৱে অভাৱগ্ৰস্ত লোককো দান বৰঙণি আৰু অনুদান আদিৰে সহায় হাত আগবঢ়াই। গুৰুত্বপূৰ্ণ কথা যে ভাৰতৰ লগতে ভাৰতৰ বাহিৰতো  ৰামকৃষ্ণ মিছনে বিভিন্ন কাম কৰি আহিছে। ৰামকৃষ্ণ মিছনে স্বেচ্ছাসেৱী অনুষ্ঠান হিচাপে মানৱ সেৱা তথা বিশ্ব মানৱতাৰ হকে কৰা কামবোৰ অতুলনীয়। গুৰুত্বপূৰ্ণ কথা যে স্বামী বিবেকানন্দই ১৮৯৪ চনত আমেৰিকা আৰু ইংল্যাণ্ডত স্থাপন কৰিছিল বেদান্ত চচাইটি। অৱশ্যে বৰ্তমান  সময়ত ৰামকৃষ্ণ মিচনৰ অনুমোদন মৰ্মেহে বেদান্ত চচাইটিৰ কাম সম্পন্ন হয়।

সামৰণি | Conclusion

উল্লেখ্য যে স্বামী বিবেকানন্দ (Swami Vivekananda)-ৰ জন্মদিন অৰ্থাৎ ১২ জানুৱাৰী দিনটো সমগ্ৰ ভাৰতত ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়৷ ভাৰত চৰকাৰে ১৯৮৪ চনত স্বামী বিবেকানন্দৰ জন্মদিন ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হ’ব বুলি ঘোষণা কৰাৰ পৰৱৰ্তী সময়ত ১৯৮৫ চনৰ পৰা প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হৈছে। ভাৰতীয় যুৱ সমাজৰ প্ৰতি অটুট বিশ্বাস থকা স্বামী বিবেকানন্দই তেওঁৰ চিন্তা আৰু কাৰ্যৰ জৰিয়তে ভাৰতীয় সংস্কৃতি আৰু মূল্যবোধক আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কোটি কোটি জনগণক স্বামী বিবেকানন্দই ভাৰতবৰ্ষৰ বহু পুৰণি সামগ্ৰিক মূল্যবোধক বিশ্ববাসীৰ মাজত প্ৰসাৰিত কৰি আজিও উদ্বুদ্ধ কৰি ৰাখিছে।

এইজন মহান সন্ত তথা সমাজ সংস্কাৰকে ১৯০২ চনত ইহলীলা সম্বৰণ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল মাত্ৰ ৩৯ বছৰ। খুব কম সময়ৰ বাবেও জীৱন পালেও তেখেতৰ কৰ্ম তথা চিন্তাই সমগ্ৰ বিশ্বতে স্বামী বিবেকানন্দক জীয়াই ৰাখিছে। স্বামী বিবেকানন্দৰ অভিযান তথা বাণীবোৰে উত্তৰ প্ৰজন্মকো অনুপ্ৰাণিত কৰিব।

Also Read: লক্ষ্মীনাথ বেজবৰুৱা | Lakshminath Bezbaroa

FAQ

১) স্বামী বিবেকানন্দ কিহৰ বাবে বিখ্যাত?

উঃ- স্বামী বিবেকানন্দ ১৮৯৩ চনৰ বিশ্ব ধৰ্ম সংসদত তেওঁৰ গুৰুত্বপূৰ্ণ ভাষণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক জনাজাত য’ত তেওঁ আমেৰিকাত হিন্দু ধৰ্মৰ পৰিচয় দিছিল আৰু ধৰ্মীয় সহিষ্ণুতা আৰু ধৰ্মান্ধতাৰ সমাপ্তিৰ বাবে আহ্বান জনাইছিল।

২) স্বামী বিবেকন্দাৰ মৃত্যু কেনেকৈ হৈছিল?

উঃ- স্বামী বিবেকানন্দৰ ৩৯ বছৰ বয়সত মগজুৰ ৰক্তনলী ফাটি যোৱাৰ বাবে ১৯০২ চনৰ ৪ জুলাইত মৃত্যু হয়।

৩) স্বামী বিবেকা নন্দৰ প্ৰকৃত নাম কি আছিল?

উঃ- নৰেন্দ্ৰনাথ দত্ত।

৪) স্বামী বিবেকানন্দৰ ক’ত মৃত্যু হৈছিল?

উঃ- বেলুৰ মঠ, হাওৰা।

৫) স্বামী বিবেকানন্দৰ গুৰুৰ নাম কি আছিল?

উঃ- ৰামকৃষ্ণ পৰমহংস।

Writer: Ananya Borah

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top