লক্ষ্মীনাথ বেজবৰুৱা | Lakshminath Bezbaroa

জোনাকীৰ জৰিয়তে সাহিত্যিক ব্যক্তিত্বৰ আত্মপ্ৰকাশ কৰা লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbaroa) কেৱল আধুনিক অসমীয়া সাহিত্যৰে প্ৰধান কাণ্ডাৰী নহয়, তেওঁ হ’ল অসমীয়া জাতিৰ বৌদ্ধিক চেতনাৰ প্ৰাণ সঞ্চাৰকাৰী জাতীয় নায়ক। অসমীয়া জাতি, ভাষা, সাহিত্য আৰু সংস্কৃতিত নতুন ৰূপেৰে নিৰ্মাণৰ সাধনাৰে বৰ্তি হোৱা লক্ষ্মীনাথ বেজবৰুৱাই সমগ্ৰ জীৱন সাহিত্যৰ বৰপথাৰ খনত অসমীয়া জাতিৰ বিকাশৰ বাবেই বিবিধ সামাজিক দিশক বিষয়বস্তু হিচাপে লৈ সাহিত্য ৰচনা কৰি থৈ গৈছে। লক্ষ্মীনাথ বেজবৰুৱাৰ সমগ্ৰ সাহিত্য পুথি, ৰচনা, প্ৰৱন্ধ আদিবোৰলৈ লক্ষ্য কৰিলে পৰিলক্ষিত হয় তেওঁ গোটেই জীৱনজুৰি সৃষ্টি কৰা বিবিধ দিশৰ সাহিত্যত এনেকুৱা এটা বিষয় নাই যিটো সামাজিক অথবা সময়ৰ পৰিপ্ৰেক্ষিতত অপ্ৰাসংগিক।

Join Telegram channel
লক্ষ্মীনাথ বেজবৰুৱা lakshminath

লক্ষ্মীনাথ বেজবৰুৱা জীৱনী | Lakshminath Bezbaroa Biography

নাম (Name)লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbaroa[1])
জন্ম চন (Date of Birth) ১৪ অক্টোবৰ, ১৮৬৪ চন (14th October, 1864)
জন্ম স্থান (Place of Birth)আহঁতগুৰি
পৰিয়াল (Family)পিতৃৰ নাম (Father) : দীননাথ বেজবৰুৱা
মাতৃৰ নাম (Mother) : ঠানেশ্বৰী দেৱী
পত্নী (Wife): প্ৰগ্যাসুন্দৰী দেৱী
শিক্ষা (Education)১/ শিৱসাগৰ চৰকাৰী বিদ্যালয়
২/ কলিকতাৰ ৰিপন কলেজ
৩/ কলিকতাৰ জেনেৰেল এচেম্বলি কলেজ
৪/ কলিকতাৰ প্ৰেচিডেন্সি কলেজ
বঁটা / সন্মান (Awards)১/ ৰসৰাজ উপাধি
২/ সাহিত্যৰথী উপাধি
মৃত্যু (Death)২৬ মাৰ্চ, ১৯৩৮ চন (26th March, 1938)

লক্ষ্মীনাথ বেজবৰুৱা প্ৰাৰম্ভিক জীৱন | Early Life of Lakshminath Bezbaroa

মহৎ সৃষ্টিৰাজিৰ জৰিয়তে অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা, বহুমুখী প্ৰতিভাৰে সবল ব্যক্তিত্বৰ অধিকাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল শিৱসাগৰৰ এটা সম্ভ্ৰান্ত পৰিয়ালত। লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম হ’ল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম হ’ল ঠানেশ্বৰী দেৱী। লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱাই ব্ৰিটিছ চৰকাৰৰ মুন্সিফ পদত চাকৰি কৰি আছিল। গুৰুত্বপূৰ্ণ কথা যে কৰ্মসূত্ৰে বিভিন্ন স্থানলৈ বদলি হোৱা দীননাথ বেজবৰুৱা এবাৰ নগাঁৱৰ পৰা বৰপেটালৈ বদলি হৈছিল। নগাঁওৰ পৰা বৰপেটালৈ বুলি সপৰিয়ালে এখন নাৱেৰে ব্ৰক্ষ্মপুত্ৰইদি যাত্ৰা কৰোঁতে নগাঁৱৰ আঁহতগুৰি নামৰ ঠাইত ১৮৬৪ চনৰ ১৪ অক্টোবৰ তাৰিখে লক্ষ্মী পূৰ্ণিমাৰ দিনা জন্ম হয় লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মী পূৰ্ণিমাৰ দিনা জন্মগ্ৰহণ কৰা বাবে তেখেতৰ নাম ৰখা হয় লক্ষ্মীনাথ

Also Read: আনন্দ চন্দ্ৰ আগৰৱালা | Ananda Chandra Agarwala

শিক্ষা | Education

গুৱাহাটীতেই পোন প্ৰথমে লক্ষ্মীনাথ বেজবৰুৱাৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হ’লেও পিতৃ কৰ্মসূত্ৰে বিভিন্ন স্থানলৈ বদলি হৈ থকাৰ বাবে তেওঁৰ বিদ্যালয় সলনি হৈ আছিল। ১৮৮৬ চনত শিৱসাগৰৰ চৰকাৰী বিদ্যালয়ৰ পৰা তেওঁ দ্বিতীয় বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যোৱা লক্ষ্মীনাথ বেজবৰুৱাই ৰিপন কলেজৰ পৰা এফ. এ পাচ কৰে। ১৮৯০ চনত কলিকতাৰ জেনেৰেল এচেম্বলি কলেজৰ পৰা বি ডিগ্ৰী লাভ কৰে তেওঁ। ইয়াৰ পৰৱৰ্তী সময়ত উকালতি কৰাৰ ইচ্ছাৰে ৰিপন কলেজ আৰু ইংৰাজী সাহিত্যত এম কৰাৰ লক্ষ্যৰে প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰিছিল যদিও বিশেষ কাৰণৰ বাবে  তেওঁৰ পঢ়া সম্পূৰ্ণ নহ’ল।

গুৰুত্বপূৰ্ণ কথা যে বি এ ডিগ্ৰী লাভ কৰাৰ পিছত লক্ষ্মীনাথ বেজবৰুৱাক চৰকাৰে দুইবাৰকৈ চৰকাৰী পদ যাচিছিল যদিও স্বাধীনচেতীয়া বেজবৰুৱাই দুয়োবাৰেই এই পথ প্ৰত্যাখান কৰিছিল।

ভাষা আন্দোলন | Language Movement

লক্ষ্মীনাথ বেজবৰুৱাই কলিকতাত অধ্যয়ন কৰি থকাৰ সময়তে পাশ্চাত্য সাহিত্য সংস্কৃতিৰ লগত পৰিচিত হৈছিল। সেই সময়ত কলিকতাত বসবাস কৰা প্ৰবাসী অসমীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে  লক্ষ্মীনাথ বেজবৰুৱাকে প্ৰমুখ্যে কৰি হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালাই ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা চমুকৈ অ.ভা.উ.সা. নামৰ এটা অনুষ্ঠান গঠন কৰিছিল। এই অ.ভা.উ.সা. ই অসমীয়া ভাষা পুনৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালাৰ ঐকান্তিক প্ৰচেষ্টাত অসমীয়া ভাষা সাহিত্যত নতুনত্বৰ সূচনা হৈছিল। ১৮৮৯ চনত প্ৰকাশ পাইছিল জোনাকী’ আলোচনী। জোনাকী আলোচনীৰ জৰিয়তে লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া জাতিটোক অসমৰ অতীত, ঐতিহ্য আৰু গৌৰৱৰ সৈতে চিনাকি কৰাই দি সাহিত্যৰ মাজেৰে অসমীয়া জাতি, ভাষা আৰু সংস্কৃতিক এক সুকীয়া মৰ্যাদা প্ৰদানৰ বাবে চেষ্টা চলাইছিল।

১৮৯১ চনত জোড়াসাঁকোৰ ঠাকুৰ পৰিয়ালৰ জীয়ৰী প্ৰজ্ঞাসুন্দৰীৰ লগত লক্ষ্মীনাথ বেজবৰুৱাৰ বিবাহ সম্পন্ন হৈছিল। গুৰুত্বপূৰ্ণ কথা যে প্ৰজ্ঞাসুন্দৰী হ’ল মহৰ্ষি দেবেন্দ্ৰ নাথ ঠাকুৰৰ তৃতীয় পুত্ৰ হেমেন্দ্ৰ নাথ ঠাকুৰৰ জীয়ৰী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজি।

ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ ১৮৯৩ চনত অসমৰ বিখ্যাত ব্যৱসায়ী ভোলানাথ বৰুৱাৰ সৈতে লগ লাগি কাঠৰ ব্যৱসায় আৰম্ভ কৰিছিল। ১৯০৯ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশ পাইছিল অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত উল্লেখযোগ্য ভূমিকা পালন কৰা বাঁহী আলোচনী। লক্ষ্মীনাথ বেজবৰুৱাই ১৯১৬ চনত গুৱাহাটীত অনুষ্ঠিত অসমীয়া ছাত্ৰৰ সাহিত্য সন্মিলনৰ অধিৱেশনত সভাপতিৰ দায়িত্ব পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে লক্ষ্মীনাথ বেজবৰুৱাক ১৯২৩ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত “ৰসৰাজ” উপাধিৰে বিভূষিত কৰা হৈছিল। ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তম অধিৱেশনত সভাপতিৰ পদ অলংকৃত কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই।

Also Read: হোমেন বৰগোহাঞি | Homen Borgohain 

লক্ষ্মীনাথ বেজবৰুৱা সাহিত্যিক প্ৰতিভা | Literary talent of Lakshminath Bezbaroa 

আধুনিক অসমীয়া সাহিত্যৰ এটা উজ্জ্বল নক্ষত্ৰ হ’ল লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা আছিল একেধাৰে অসমীয়া চুটিগল্পৰ স্ৰষ্টা, নাট্যকাৰ, প্ৰহসনৰ লেখক, কবি, সমালোচক, প্ৰৱন্ধকাৰ, জীৱনী আৰু আত্মজীৱনীৰ লেখক, প্ৰথম অসমীয়া সাধুকথাৰ সংগ্ৰাহক, অনুবাদক, কাৰ্টুনিষ্ট, গৱেষক আছিল। জোনাকীৰ জৰিয়তে অসমীয়া সাহিত্য জগতত প্ৰৱেশ কৰা লক্ষ্মীনাথ বেজবৰুৱাৰ মহৎ সৃষ্টিৰাজী সমগ্ৰ অসমীয়া সাহিত্য তথা অসমীয়া জাতিৰ অমূল্য সম্পদ।

নাটক | Drama

লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্যক জীৱনৰ পাতনি মেলিছিল ধেমেলীয়া নাটক লিটিকাইৰে। জোনাকীৰ প্ৰথম সংখ্যাৰ পৰা প্ৰকাশিত এটি লোক-কথাৰ আধাৰত বেজবৰুৱাই ৰচনা কৰিছিল লিটিকাই। বেজবৰুৱাৰ নাটকসমূহক দুটা ভাগত বিভক্ত কৰিব পাৰি। এবিধ হ’ল লঘু আৰু  হাস্য বংগৰ নাটক আৰু আনবিধ হ’ল ঐতিহাসিক নাটক। বেজবৰুৱাৰ নাটকসমূহ হ’ল- হাস্য বংগৰ নাটক- লিটিকাই (১৮৮৯), পাচনি (১৯১৩), নোমল  (১৯১৩), চিকৰপতিনিকৰপতি বুৰঞ্জীমূলক নাটক সমূহ হ’ল- বেলিমাৰ (১৯১৫), চক্ৰধ্বজ সিংহ (১৯১৫), জয়মতী কুৱঁৰী (১৯১৫) 

ইয়াৰ ওপৰিও অনান্য নাটক আৰু নাটিকা সমূহ হ’ল- গদাধৰ ৰজা, বাৰেমতৰা, , হেলমেট আৰু মঙলা

কবিতা | Peoms

জোনাকী আলোচনীৰ জৰিয়তে কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। জোনাকীৰ দ্বিতীয় বছৰৰ দশম সংখ্যাত প্ৰকাশিত মইনা শীৰ্ষক কবিতাটি আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম কবিতা। ১৯১৩ চনত বেজবৰুৱা কদমকলি’ নামৰ এটা কবিতা সংকলন প্ৰকাশ পাইছিল। ইয়াৰ উপৰিও বেজবৰুৱাৰ আন এখন কবিতা পুথি ‘পদুমকলি’ ১৯৬৮ চনত মৰণোত্তৰভাৱে প্ৰকাশ পাইছিল।

চুটিগল্প | Short Stories

জোনাকী আলোচনীতে অসমীয়া চুটিগল্পৰ জন্মদাতা লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম চুটিগল্প প্ৰকাশ হৈছিল। জোনাকীৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা সেউতি’ নামৰ চুটিগল্পটো হ’ল অসমীয়া সাহিত্যৰ প্ৰথমটো চুটিগল্প। বেজবৰুৱাৰ প্ৰকাশিত চুটি গল্প সংকলন কেইটাৰ নাম হ’ল- সুৰভি (১৯০৯), সাধুকথাৰ কুকি (১৯১২), জোনবিৰি (১৯১৩) আৰু কেহোঁকলি। সংকলন কেইটাৰ উপৰিও বেজবৰুৱাৰ বহুপঠিত উল্লেখযোগ্য গল্পসমূহ হ’ল- মলক গুইন গুইন, ভদৰী, ধোৱাখোৱা, পাতমুগী, ৰতনমুণ্ডা, মুক্তি ইত্যাদি।

সাধুকথা | Stories

লক্ষ্মীনাথ বেজবৰুৱা হ’ল প্ৰথম অসমীয়া সাধুৰ সংগ্ৰাহক। মুখে মুখে প্ৰচলিত হৈ থকা সাধুকথাবোৰক একত্ৰিত কৰি নিজস্ব শৈলীৰে বেজবৰুৱাই লিখিত ৰূপ প্ৰদান কৰিছিল। বেজবৰুৱাৰ সাধুকথাৰ সংকলন সমূহ হ’ল- বুঢ়ী আইৰ সাধু (১৯১১), ককা দেউতা আৰু নাতি ৰা (১৯১৩), জুনুকা (১৯১৩)

উপন্যাস | Novels

লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস খনৰ নাম হ’ল- ১৯০৫ চনত প্ৰকাশিত পদুম কুঁৱৰী’ ।  কাহিনী, ঐতিহাসিক ঘটনাৰ বিৱৰণ, কৰুণ ৰস আদিৰে পৰিপূৰ্ণ এইখন উপন্যাস হ’ল অসমীয়া সাহিত্যৰ এক আপুৰুগীয়া সম্পদ।

জীৱনী আৰু আত্মজীৱনী | Biography and Autobiography

এইসমূহৰ উপৰিও লক্ষ্মীনাথ বেজবৰুৱাই আত্মজীৱনীমূলক আৰু জীৱনী মূলক গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে। বেজবৰুৱাৰ আত্মজীৱনী মূলক গ্ৰন্থখনৰ নাম হ’ল মোৰ জীৱন সোঁৱৰণ’। ১৯৪৪ চনত গ্ৰন্থ ৰূপত ই প্ৰকাশিত হৈছিল। ইয়াৰ উপৰিও মোৰ মৃগয়া, মোৰ মাতৃমুখ দৰ্শন, বেজবৰুৱা দিনলেখা, বেজবৰুৱা পত্ৰলেখা আদি আত্মজীৱনী মূলক গ্ৰন্থ ৰচনা কৰিছিল।

লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা জীৱনী মূলক গ্ৰন্থ সমূহ হ’ল- ডাঙৰীয়া দিননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত, পুৰোষোত্তম গজপতি, স্বৰ্গীয় হেমচন্দ্ৰ গোস্বামী, স্বৰ্গীয় লম্বোদৰ বৰা, দেশবন্ধু চিত্তৰঞ্জন দাস, স্বৰ্গীয় বিশ্বনাথ বৰুৱা, ডাঙৰীয়া হৰিবিলাস আগৰৱালা, কৰ্ণধাৰ নবীন চন্দ্ৰ বৰদলৈ ইত্যাদি।

ধৰ্মীয় তত্ত্বমূলক গ্ৰন্থ | Religious Theory Books

লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্যলৈ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৈষ্ণৱ ধৰ্মৰ আদৰ্শক ন-ৰূপত দাঙি ধৰি ধৰ্মীয় তত্ত্বমূলক গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ তত্বমূলক গ্ৰন্থ সমূহ হ’ল- শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ, চৈতন্যদেৱ, শ্ৰী কৃষ্ণ কথা, তত্ব কথা, ৰাস লীলা, ভক্তি মাৰ্গ, Bhakti Marga- the path of devotion and love(part 1), Bhakti Marga- the path of devotion and love(part 2)

অন্যান্য ৰচনা | other writings

এইসমূহৰ উপৰিও লক্ষ্মীনাথ বেজবৰুৱাই কৃপাবৰ বৰুৱাৰ ছদ্মনামেৰে ব্যক্তি জীৱন আৰু সমাজ জীৱনৰ দোষ আৰু দুৰ্বলতা সমূহক হাস্য ব্যংগৰ মাজেৰে সমালোচনা মূলক ভাৱে বিভিন্ন ৰচনা লিখিছিল। এই সমূহ হ’ল- কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বোলনি, কৃপাবৰ বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি, বৰবৰুৱাৰ চিন্তাৰ শিলগুটি, বৰবৰুৱাক সাহিত্যিক ৰহস্য, কৃপাবৰ বৰুৱাৰ সামৰণি

সামৰণি | Conclusion

ভাষা সাহিত্য সংস্কৃতিৰ সাধক লক্ষ্মীনাথ বেজবৰুৱাই সৃষ্টি কৰি থৈ যোৱা অসংখ্য ৰচনা আৰু এইসমূহৰ প্ৰাসংগিকতাৰ বাবে ১৮৯০ চনৰ পৰা ১৯৪০ চনলৈকে এই সময়চোৱা বেজবৰুৱাৰ যুগ বুলি অভিহিত কৰা হয়। অসমীয়া সাহিত্যত পাশ্চাত্য সাহিত্যৰ ধাৰা প্ৰবাহিত কৰি নব্য ধাৰাৰ অসমীয়া সাহিত্যৰ বাটকটীয়া স্বৰূপ লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰ প্ৰধান বৈশিষ্ট্য হ’ল দেশাত্মবোধ, জাতীয়তাবোধ, সংস্কাৰমুখী ভাৱধাৰা আত্ম মৰ্যাদা

১৯৩৮ চনৰ ২৬ মাৰ্চৰ দিনা ইহলীলা সম্বৰণ কৰা লক্ষ্মীনাথ বেজবৰুৱাই জোনাকীৰ বুকুত সাহিত্যৰ পাতনি মেলি ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা বিংশ শতিকাৰ ত্ৰিশৰ দশকলৈ সমগ্ৰ সময়খিনি একছত্ৰী সম্ৰাটৰ দৰে সাহিত্যৰ প্ৰধান জুমুঠিটো ধৰি ৰাখিছিল। জোনাকীয়ে সৃষ্টি কৰা যি অসমীয়া নৱ উন্মেষিত যুগ তাৰ সিংহভাগ বৰঙণি আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ। অসমীয়া সাহিত্যত এনে এটা ভাগ নাই য’ত বেজবৰুৱাক উপেক্ষা কৰি আলোচনা কৰিব পাৰি। অসমীয়া সাহিত্যৰ একনিষ্ঠ সাধনা কৰা লক্ষ্মীনাথ বেজবৰুৱা হ’ল অসমৰ গৌৰৱ তথা অসমীয়াৰ স্বাভিমান। জন্মভূমিৰ প্ৰতি লক্ষ্মীনাথ বেজবৰুৱা অকৃত্ৰিম আৰু বিমল ভালপোৱা হ’ল নতুন প্ৰজন্মৰ বাবে পাথেয়।

Also Read: ৰবীন্দ্ৰনাথ ঠাকুৰ | Rabindranath Tagore

FAQ

১) লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কʼত আৰু কেতিয়া হৈছিল?

উঃ- ১৪ অক্টোবৰ, ১৮৬৪ চনত আহঁতগুৰিত।

২) লক্ষ্মীনাথ বেজবৰুৱাক ‘ৰসৰাজ’ উপাধি কোনে দিছিল?

উঃ- তেওঁৰ বন্ধু, অনুৰাগী তথা পঢ়ুৱৈসকলে এই উপাধি দিছিল।

৩) লক্ষ্মীনাথ বেজবৰুৱা কোন?

উঃ- লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ তথা জোনাকী যুগৰ এগৰাকী মূলৰ কবি, ঔপন্যাসিক আৰু নাট্যকাৰ। 

৪) লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম সাহিত্য ক্ৰীতি কি আছিল?

উঃ- ‘লিটিকাই’ নামৰ নাটকখনি।

৫) লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু কেতিয়া হৈছিল?

উঃ- ২৬ মাৰ্চ, ১৯৩৮ চনত।

Writer: Ananya Borah

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising