জীৱনী: দিপাংকৰ ভট্টাচাৰ্য | Biography of Dipankar Bhattacharjee

দিপাংকৰ ভট্টাচাৰ্য | Dipankar Bhattacharjee Essay in Assamese | Biography of Dipankar Bhattacharjee in Assamese | দিপাংকৰ ভট্টাচাৰ্য বিষয়ে জীৱনী | দিপাংকৰ ভট্টাচাৰ্য বিষয়ে ৰচনা | দিপাংকৰ ভট্টাচাৰ্যৰ চমু পৰিচয়।

Join Telegram channel

ক’লা-সংস্কৃতি, ৰাজনীতি, সামাজিক ক্ষেত্ৰখনত বিভিন্ন জন ব্যক্তিয়ে অসমৰ নাম বিশ্ব দৰবাৰত উজ্জ্বল কৰি তুলিছে। ঠিক সেইদৰে ক্ৰীড়া ক্ষেত্ৰখনত অসমৰ বাবে এক গৌৱৰময় ইতিহাস বহন কৰিছে দিপাংকৰ ভট্টাচাৰ্যই। অসমৰ খেলজগতত ইতিহাস ৰচনা কৰা বহু কেইজন ক্ৰীড়াবিদৰ মাজত এজন অন্যতম ক্ৰীড়াবিদ হ’ল দিপাংকৰ ভট্টাচাৰ্য। অসম গৌৰৱ এইজন খেলুৱৈয়ে নব্বৈৰ দশকত সমগ্ৰ ভাৰতৰ বেডমিন্টন ক্ষেত্ৰখনত নিজৰ প্ৰতিভা তথা দক্ষতাৰ জৰিয়তে এক সুকীয়া স্থান ধৰি ৰাখিবলৈ সক্ষম হৈছিল। নব্বৈৰ দশকৰ পৰা বৰ্তমান সময়লৈকে বেডমিন্টনৰ ক্ষেত্ৰখন দিপাংকৰ ভট্টাচাৰ্য (Dipankar Bhattacharjee)-ৰ নামৰ অবিহনে সম্পূৰ্ণ নহয়। দিপাংকৰ ভট্টাচাৰ্য আছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন প্ৰশিক্ষক তথা সুদক্ষ বেডমিন্টন খেলুৱৈ  P Gopichand-ৰ সমসাময়িক খেলুৱৈ।

দিপাংকৰ ভট্টাচাৰ্য dipankar

দিপাংকৰ ভট্টাচাৰ্য জীৱনী | Dipankar Bhattacharjee Biography

নাম (Name)দিপাংকৰ ভট্টাচাৰ্য (Dipankar Bhattacharjee[1])
জন্ম চন (Date of Birth)১ ফেব্ৰুৱাৰী, ১৯৭২ (1st February, 1972)
জন্ম স্থান (Place of Birth)গুৱাহাটী
অভিভাৱক (Parents)ঈশ্বৰ ভট্টাচাৰ্য (পিতৃ/Father)
শিক্ষা (Education)১) কেন্দ্ৰীয় বিদ্যালয়
২) কটন কলেজ, গুৱাহাটী
৩) S.P.Jain Institute of Management and Research, Mumbai.
বঁটা / সন্মান (Awards)১) চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ (ৰানাৰ-আপ), ১৯৮০,  গুৱাহাটী, 
২) জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন, ১৯৮৭ চেন্নাই, 
৩) তিনিবাৰকৈ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ বিজয়ী
৪) ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত দুবাৰ ৰানাৰ-আপ খিতাপ অৰ্জন
৫) ভাৰতক প্ৰতিনিধিত্ব কৰি বাৰ্চিলোনা (১৯৯২) আৰু আটলাণ্টা (১৯৯৬) অলিম্পিকত অংশগ্ৰহণ
৬) অসমৰ প্ৰথমগৰাকী অলিম্পিয়ান হোৱাৰ গৌৰৱ অৰ্জন।
৭) ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান অৰ্জুন বঁটাৰ বাবেও মনোনীত হৈছিল দিপাংকৰ ভট্টাচাৰ্য।

Also Read: জীৱনী: উদ্ধৱ ভৰালী | Biography of Uddhab Bharali

দিপাংকৰ ভট্টাচাৰ্য প্ৰাৰম্ভিক জীৱন | Early Life of Dipankar Bhattacharjee

ঊন্নৈশশ নব্বৈ দশকৰ এজন প্ৰখ্যাত বেডমিন্টন খেলুৱৈ হ’ল অসমৰ সন্তান দিপাংকৰ ভট্টাচাৰ্য। বহু কেইটা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অসম তথা ভাৰতৰ নাম জ্বিলিকাই তোলা দিপাংকৰ ভট্টাচাৰ্য হ’ল প্ৰথম পৰ্যায়ৰ বেডমিন্টন খেলুৱৈ সকলৰ মাজৰ এজন অন্যতম খেলুৱৈ। ক্ৰীড়া জগতত নিজৰ দক্ষতাৰ জৰিয়তে এক বৰ্ণিল পৰিক্ৰমাৰ মাজেৰে প্ৰতিষ্ঠা লাভ কৰিছিল দিপাংকৰ ভট্টাচাৰ্যই। তেওঁ আছিল বিশ্বৰ সকলোতকৈ প্ৰাচীন আৰু সকলোতকৈ মৰ্যদাপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা বুলি গণ্য কৰা অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ। গুৰুত্বপূৰ্ণ কথা যে দিপাংকৰ ভট্টাচাৰ্য ভাৰতৰ একমাত্ৰ পুৰুষ শ্বাতলাৰ যিয়ে দুবাৰকৈ সমগ্ৰ বিশ্বৰ ভিতৰত অনুষ্ঠিত হোৱা সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিকত অংশগ্ৰহণ কৰিছিল।

শৈশৱ কালত চঞ্চল প্ৰকৃতিৰ আছিল দিপাংকৰ ভট্টাচাৰ্য। চঞ্চলতাবোৰ দূৰ কৰিবলৈ খুব কম বয়সতে দিপাংকৰ ভট্টাচাৰ্যক বেডমিন্টনৰ সৈতে পৰিচয় কৰাই দিছিল তেওঁৰ পিতৃ ঈশ্বৰ ভট্টাচাৰ্যই। তেওঁৰ পিতৃয়ে গুৱাহাটী স্থিত বাসগৃহৰ সমীপতে থকা Cemented Court ত পুত্ৰক অনুশীলন কৰাবলৈ লৈ গৈছিল। সেই সময়ত দিপাংকৰ ভট্টাচাৰ্যৰ বয়স আছিল মাত্ৰ পাঁচ বছৰ।  পিতৃ ঈশ্বৰ ভট্টাচাৰ্য হ’ল দিপাংকৰ ভট্টাচাৰ্যৰ প্ৰথম প্ৰশিক্ষক। গুৰুত্বপূৰ্ণ কথা যে দিপাংকৰ ভট্টাচাৰ্যৰ পিতৃ ঈশ্বৰ ভট্টাচাৰ্যই সেই সময়ত নিজৰ সন্তানক বেডমিন্টনৰ প্ৰতি আকৰ্ষিত কৰিবলৈ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে আন আন শিশুসকলকো বেডমিন্টনৰ প্ৰতি আকৰ্ষিত কৰিবলৈ গুৱাহাটীস্থিত Kanaklata Indoor Stadium ত স্থানীয় ভিত্তিত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। 

পিতৃ ঈশ্বৰ ভট্টাচাৰ্যৰ ওপৰিও দিপাংকৰ ভট্টাচাৰ্যই কেইবাজনো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিতযশা প্ৰশিক্ষকৰ ওচৰত বেডমিন্টনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। এইসকলৰ ভিতৰত উল্লেখযোগ্য হ’ল- প্ৰকাশ পাডুকণ, বিমল কুমাৰ, Mr. Veedu আদি প্ৰধান।

১৯৯৪ চনৰ পৰা ১৯৯৮ চনলৈকে দিপাংকৰ ভট্টাচাৰ্যই প্ৰকাশ পাডুকনৰ ওচৰত Prakash Padukone Badminton Academy ত বেডমিন্টনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে, Prakash Padukone Badminton Academy ৰ প্ৰথমজন ছাত্ৰ আছিল দিপাংকৰ ভট্টাচাৰ্য। এজন প্ৰশিক্ষক হিচাপে প্ৰকাশ পাডুকনে দিপাংকৰ ভট্টাচাৰ্যৰ সকলো দিশ চকু দিছিল। তেখেতে দিপাংকৰ ভট্টাচাৰ্যৰ প্ৰতিটো দুৰ্বল দিশ আঙুলিয়াই দিছিল। আৰু পৰৱৰ্তী সময়ত নিজৰ দুৰ্বল দিশ সমূহ সংশোধন কৰি ভট্টাচাৰ্য দেশৰ এজন শক্তিশালী খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।

খেলুৱৈ হিচাপে দিপাংকৰ ভট্টাচাৰ্য | Dipankar Bhattacharjee as a Sportsman

বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দিপাংকৰ ভট্টাচাৰ্যই ভাৰতৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তিনিবাৰকৈ বিজয়ী আৰু দুবাৰ ৰাণাৰ-আপ খিতাপ অৰ্জন কৰিছিল। ইয়াৰ ওপৰিও তেওঁ ১৯৮০ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি ৰানাৰৰ্চ-আপ সন্মান লাভ কৰিছিল। অন্যহাতে ১৯৮৭ চনত চেন্নাইত অনুষ্ঠিত হোৱা জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত বিজয়ী হৈছিল দিপাংকৰ ভট্টাচাৰ্য। গুৰুত্বপূৰ্ণ কথা যে, দীপাংকৰ ভট্টাচার্যই ক্রমে ১৯৯২ চনৰ বার্চিলোনা অলিম্পিক আৰু ১৯৯৬ চনৰ আটলান্টা অলিম্পিকত ভাৰতক প্রতিনিধিত্ব কৰি বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিছিল । ইতিবাচক কথা যে,১৯৯২ চনৰ বার্চিলোনাত অনুষ্ঠিত হোৱা অলিম্পিকত বিশ্বৰ ভিতৰতে অষ্টম স্থান পাবলৈ সক্ষম হৈছিল। 

দীপংকৰ ভট্টাচাৰ্য বেডমিন্টনৰ প্ৰদৰ্শন শৈলীৰ প্ৰতি দৰ্শক সকল আকৰ্ষিত হৈছিল। ধৈৰ্য সহকাৰে দ্ৰুতগতিত খেলি ভট্টাচাৰ্যই দৰ্শকসকলক মোহাচ্ছন্ন কৰি ৰাখিব পাৰিছিল। গুৰুত্বপূৰ্ণ কথা যে, ভাৰতৰ এজন প্ৰসিদ্ধ খেলুৱৈ তথা ক্ৰীড়া ক্ষেত্ৰখনৰ সৰ্বোচ্চ সন্মান অৰ্জুন বঁটা আৰু শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে বিভূষিত হোৱা প্ৰকাশ পাডুকণেও দিপাংকৰ ভট্টাচাৰ্যৰ প্ৰৰ্দশন কৌশলক বহুবাৰ প্ৰশংসা কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে, অনুশীলনৰ কৰা অৱস্থাতেই হওক বা প্ৰতিযোগিতাত অংশগ্ৰহণৰ সময়তেই হওক দিপাংকৰ ভট্টাচাৰ্য বহুবাৰ আঘাতপ্ৰাপ্ত হৈছিল। কিন্তু সেই সময়ত ভাৰতত খেলুৱৈসকলক সঠিক তথা উপযুক্ত চিকিৎসা কৰিবলৈ আন্তঃগাথঁনিৰ অভাৱকে ধৰি বিভিন্ন সমস্যাৰ উদ্ভৱ হৈছিল। যাৰ বাবে ভট্টাচাৰ্যই আঘাতৰ পৰা সম্পূৰ্ণ ভাৱে আৰোগ্য লাভ কৰিব পৰা নাছিল। পৰৱৰ্তী সময়ত তেওঁ ২০০৪ চনত নিজৰ জন্মস্থান গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অন্তিমবাৰৰ বাবে অংশগ্ৰহণ কৰি পেছাদাৰী বেডমিন্টন খেলৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰ গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত দিপাংকৰ ভট্টাচাৰ্যই গুৱাহাটীত  “Iswarati Center for Badminton Learning” or ICBL নামেৰে এটা বেডমিণ্টন কোচিং চেণ্টাৰ আৰম্ভ কৰে।

Also Read: তয়াবুন নিছা (Tayabun Nisha) জীৱনী

খেলুৱৈ জীৱনৰ পৰৱৰ্তী কাল | Next Period of Sportsman Life

দিপাংকৰ ভট্টাচাৰ্যই বেডমিন্টনৰ ক্ষেত্ৰখনত এটা পৰিৱৰ্তনৰ সূচনা কৰিবৰ বাবে চেষ্টা অব্যাহত কৰিছে। তেওঁ এজন খেলুৱৈক বেডমিণ্টন খেলুৱৈৰ পৰা এজন সফল ক্ৰীড়া উদ্যোগীলৈ ৰূপান্তৰ কৰিবৰ বাবে চেষ্টা কৰিছে। তেওঁ বেডমিণ্টনক জনপ্ৰিয় আৰু বাণিজ্যিকীকৰণ কৰি তুলিব বিচাৰিছে। যাৰ জৰিয়তে বেডমিন্টন খেলক এটা বৃত্তি হিচাপেও বাচি ল’ব পাৰি তাৰ বাবে যত্ন কৰিছে। গুৰুত্বপূৰ্ণ কথা যে দিপাংকৰ ভট্টাচাৰ্যই Indian Collegiate Athletic Program ৰ মেন্টৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

বৰ্তমান মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ বাসিন্দা দিপাংকৰ ভট্টাচাৰ্যই তাতো আৰম্ভ কৰিছে এখন বেডমিন্টন একাডেমী। Raizada Hansraj Stadium ত আৰম্ভ কৰা বেডমিন্টন একাডেমী খনৰ প্ৰতি প্ৰশিক্ষাৰ্থীৰ সঁহাৰিও ইতিবাচক। দিপাংকৰ ভট্টাচাৰ্যৰ অন্যতম লক্ষ্য হৈছে প্ৰশিক্ষাৰ্থী সকলৰ মাজৰ পৰা অলিম্পিকত পদক সুনিশ্চিত কৰিব পৰাকৈ প্ৰশিক্ষাৰ্থীৰ সৃষ্টি কৰা।

গুৰুত্বপূৰ্ণ কথা যে দিপাংকৰ ভট্টাচাৰ্যই তেওঁৰ প্ৰশিক্ষাৰ্থীসকলক লৈ Mission Olympic Gold — 2024 নামেৰে এটা মিছন আৰম্ভ কৰিছে। ১৭ ৰ ১৯ বছৰ বয়সৰ প্ৰশিক্ষাৰ্থী সকলক লৈ তেওঁ এটা গ্ৰুপ তৈয়াৰ কৰিছে। তেখেতে Mission Olympic Gold — 2024 ৰ বাবে কেৱল বেডমিন্টন খেলৰ দক্ষতাৰ ওপৰতে নিৰ্ভৰ কৰা নাই ইয়াৰ সমান্তৰালকৈ তেওঁ মানসিক দৃঢ়তা, সুস্থ শৰীৰ, পুষ্টিকৰ খাদ্যৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। দিপাংকৰ ভট্টাচাৰ্যৰ মতে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিবলৈ হ’লে এই সকলোখিনিৰ ওপৰত গুৰুত্ব দিব লাগে। অন্যথা সফলতা লাভ কৰাটো সম্ভৱপৰ নহয়।

ইয়াৰ উপৰিও দিপাংকৰ ভট্টাচাৰ্যই তেওঁৰ একাডেমীৰ প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ মালয়েছিয়া (Malaysia)-ৰ Mohammed Hairi bin Matzuber ক নিয়োগ কৰিছে। ইতিবাচক কথা যে, প্ৰতিজন প্ৰশিক্ষাৰ্থীয়ে সকলো কথা গুৰুত্বসহকাৰে লৈ দেশৰ বাবে খেলিবলৈ প্ৰস্তুত হৈছে। এইটো সমগ্ৰ ভাৰতৰ বাবে এটা ইতিবাচক বাৰ্তা।

২০১৫ চনত ৫ আগষ্টৰ পৰা আৰম্ভ কৰা এই একাডেমী খনত বহুকেইজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৱে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। গুৰুত্বপূৰ্ণ কথা যে দিপাংকৰ ভট্টাচাৰ্যৰ পুত্ৰ অৰ্ণিবান ভট্টাচাৰ্যও এই একাডেমী খনৰে এজন প্ৰশিক্ষাৰ্থী।

ভাৰতৰ বেডমিন্টনৰ ক্ষেত্ৰখনত এটা নতুন দিশ সূচনা কৰাৰ ক্ষেত্ৰত  P Gopichand ৰ লগতে দিপাংকৰ ভট্টাচাৰ্যৰো অৱদান অপৰিসীম। গুৰুত্বপূৰ্ণ কথা যে, নব্বৈৰ দশকত সমগ্ৰ ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰখনত আন্তঃগাথঁনিৰ সমস্যাৰ সমান্তৰালকৈ আন বহুতো আনুষংগিক সমস্যা আছিল। আৰ্থিক সমস্যাকে আদি কৰি সেই সময়ত বিদেশত খেলিবলৈ ভিজা, মুদ্ৰাৰ সমস্যাকে আদি কৰি বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভৱ হৈছিল। কিন্তু প্ৰতিটো প্ৰত্যাহ্বানৰ সৈতে মুখামুখি হৈ P Gopichand, দিপাংকৰ ভট্টাচাৰ্যই কঠোৰ পৰিশ্ৰম তথা একাগ্ৰতাৰ জৰিয়তে সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। Mission Olympic Gold — 2024 সহজ নহ’লেও এই মিছনত সফলতা অৰ্জন কৰিবলৈ ভট্টাচাৰ্যই চেষ্টা অব্যাহত ৰাখিছে।

ভাৰতৰ আগশাৰীৰ S.P.Jain Institute of Management and Research, Mumbai ৰ পৰা এম.বি.এ. স্নাতক দিপাংকৰ ভট্টাচাৰ্য বর্তমান মোম্বাইত অইল ইণ্ডিয়া ক’ৰপোৰেচন (Oil India Coorporation) ৰ পৰিচালক হিচাপে কৰ্মৰত।

Also Read: জীৱনী: স্বামী বিবেকানন্দ | Swami Vivekananda Biography

সামৰণি | Conclusion

যদিও দিপাংকৰ ভট্টাচাৰ্য এটা বহুজাতিক প্ৰতিষ্ঠানৰ কৰ্মকতা তথাপিও ব্যস্ততাৰ মাজতো তেওঁ ভৱিষ্যতে বেডমিন্টন তাৰকা সৃষ্টিৰ লক্ষৰে নিজৰ বেডমিন্টন একাডেমীৰ খনৰ প্ৰশিক্ষাৰ্থী সকলৰ বাবে সময় ওলিয়াই। ভট্টাচাৰ্যৰ মতে, Once a sportsperson, always a sportsperson। তেখেতে ২০০১ চনত কলিকতাৰ নিবাসী ডালিয়া বেনাৰ্জীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। আৰু তেওঁলোকৰ এটা পুত্ৰ সন্তানো আছে।

অনুপ্রেৰনাই প্রজন্মক আগবাঢ়ি যোৱাত সহায় কৰে। দীপাংকৰ ভট্টাচার্যৰ দৰে অসমৰ প্রতিভাৱান খেলুৱৈ নৱ-প্ৰজন্মৰ বাবে প্রেৰণাৰ উৎস। সুদক্ষ তথা সম্ভাৱনাময় বেডমিন্টন খেলুৱৈ হিচাপে দিপাংকৰ ভট্টাচাৰ্য কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰ বাবে বেডমিন্টন খেলৰ ক্ষেত্ৰখনত এটা একক আৰু অদ্বিতীয় ব্যক্তিত্বৰ এজন দক্ষ খেলুৱৈ। সমগ্ৰ বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিকত প্ৰথম অসমীয়া হিচাপে অংশগ্ৰহণ কৰি এটা বাট মুকলি কৰিলে তেওঁ। অসমীয়া হিচাপে দিপাংকৰ ভট্টাচাৰ্যৰ প্ৰাপ্তিক লৈ অসমবাসী সদায় গৌৰৱান্বিত হৈ থাকিব। দিপাংকৰ ভট্টাচাৰ্যই বেডমিন্টনৰ ক্ষেত্ৰখনত এটা বাট কাটি তেওঁৰ আদৰ্শৰে বহু অসমীয়া যুৱক-যুৱতীক ক্ৰীড়া ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিলে।

Also Read: জীৱনী: হেমচন্দ্ৰ গোস্বামী | Biography of Hemchandra Goswami

FAQ

১) দিপাংকৰ ভট্টাচাৰ্য কোন হয়?

উঃ- অসমৰ খেলজগতত ইতিহাস ৰচনা কৰা বহু কেইজন ক্ৰীড়াবিদৰ মাজত এজন অন্যতম ক্ৰীড়াবিদ হ’ল দিপাংকৰ ভট্টাচাৰ্য। অসম গৌৰৱ এইজন খেলুৱৈয়ে নব্বৈৰ দশকত সমগ্ৰ ভাৰতৰ বেডমিন্টন ক্ষেত্ৰখনত নিজৰ প্ৰতিভা তথা দক্ষতাৰ জৰিয়তে এক সুকীয়া স্থান ধৰি ৰাখিবলৈ সক্ষম হৈছিল।

২) দিপাংকৰ ভট্টাচাৰ্যৰ জন্ম কেতিয়া হৈছিল?

উঃ- ১ ফেব্ৰুৱাৰী, ১৯৭২ চনত।

৩) দিপাংকৰ ভট্টাচাৰ্যৰ পিতৃৰ নাম কি?

উঃ- ঈশ্বৰ ভট্টাচাৰ্য।

৪) ‘Mission Olympic Gold — 2024’ কি?

উঃ-  Mission Olympic Gold — 2024’ হৈছে দিপাংকৰ ভট্টাচাৰ্যয়ে ১৭ ৰ পৰা ১৯ বছৰ বয়সৰ প্ৰশিক্ষাৰ্থী সকলক লৈ ২০২৪-ৰ অলিম্পিকত সোনৰ পদক পাবলৈ আৰম্ভ কৰা এক মিছন।

৫) দিপাংকৰ ভট্টাচাৰ্য কোন খেলৰ খেলুৱৈ? 

উঃ- বেডমিণ্টন খেলৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top