জীৱনী: তৰুণ ৰাম ফুকন | Biography of Tarun Ram Phukan

তৰুণ ৰাম ফুকন | Tarun Ram Phukan Essay in Assamese | Biography of Tarun Ram Phukan in Assamese | তৰুণ ৰাম ফুকন বিষয়ে জীৱনী | তৰুণ ৰাম ফুকন বিষয়ে ৰচনা | তৰুণ ৰাম ফুকনৰ চমু পৰিচয়।

Join Telegram channel

১৮২৬ চনত সমগ্ৰ ভাৰতৰ লগতে অসমো ব্ৰিটিছৰ অধীনলৈ যোৱাৰ পাছত বৃটিছৰ বিৰুদ্ধে দেশজুৰি সূচনা হোৱা স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল ভাৰতৰ আন আন প্ৰান্তৰ দৰে অসমৰো বহু যুৱক যুৱতী। দেশৰ স্বাৰ্থত এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল বহু যুৱক যুৱতীয়ে। বৃটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ এগৰাকী শক্তিশালী সেনানী হ’ল  তৰুণ ৰাম ফুকন (Tarun Ram Phukan)। তৰুণ ৰাম ফুকনৰ  আপোচ বিহীন স্থিতি আৰু অফুৰন্ত সাহসে অসমত অসহযোগ আন্দোলনক এক নতুন গতি প্ৰদান কৰিছিল। তৰুণ ৰাম ফুকন হ’ল দেশ প্ৰেম, ত্যাগ আৰু সাহসৰ এক প্ৰতীক, তেওঁ এজন ব্যক্তি নহয় তেওঁ হ’ল এটা অনুষ্ঠান, যি প্ৰতিটো সময়তে দেশৰ বাবে ত্যাগৰ উদ্যমৰ সোঁৱৰাই থাকে। ইয়াৰ উপৰিও তৰুণ ৰাম ফুকনে সাহিত্য চৰ্চাৰ মাজেৰে অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰি জাতীয় সত্বা, ভাষা-সংস্কৃতিক উজ্জ্বলাই তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

তৰুণৰাম ফুকন Tarun

তৰুণ ৰাম ফুকন জীৱনী | Tarun Ram Phukan Biography

নাম (Name)তৰুণ ৰাম ফুকন (Tarun Ram Phukan[1])
জন্ম চন (Date of Birth)২২ জানুৱাৰী, ১৮৭৭ চন (22nd January, 1877)
জন্ম স্থান (Place of Birth)ভৰলুমুখ, গুৱাহাটী, অসম
অভিভাৱক (Parents)পিতৃৰ নাম (Father) : বলৰাম ফুকন
মাতৃৰ নাম (Mother) : ভাগীৰথী দেৱী
শিক্ষা (Education)১/ গুৱাহাটী কলেজিয়েট স্কুলত (Collegiate School)
২/ কলিকতা প্ৰেছিডেন্সী কলেজ
বঁটা / সন্মান (Awards) দেশভক্ত
মৃত্যু (Death)২৮ জুলাই, ১৯৩৯ চন

Also Read: জীৱনী: স্বামী বিবেকানন্দ | Swami Vivekananda Biography

তৰুণ ৰাম ফুকন প্ৰাৰম্ভিক জীৱন | Early Life of Tarun Ram Phukan

ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভাৱে যোগদান কৰা অসমৰ অন্যতম নেতা তৰুণ ৰাম ফুকনৰ জন্ম হৈছিল ১৮৭৭ চনৰ ২২ জানুৱাৰী তাৰিখে গুৱাহাটীৰ ভৰলুমুখত। তেখেতৰ পিতৃৰ নাম আছিল বলৰাম ফুকন আৰু মাতৃৰ নাম আছিল ভাগীৰথী দেৱী। পেছাগত ভাৱে তৰুণ ৰাম ফুকনৰ পিতৃ বলৰাম ফুকন বিজনীৰ ৰজাৰ দেৱান হোৱাৰ লগতে তেওঁ আছিল এজন নিপুণ চিকাৰী। গুৰুত্বপূৰ্ণ কথা যে আধুনিক যুগৰ অসমীয়া ভাষাৰ অন্যতম লেখক আনন্দ ৰাম ঢেকীয়াল ফুকন হ’ল তৰুণ ৰাম ফুকনৰ পুৰ্ব পুৰুষ।

উল্লেখ্য যে তৰুণ ৰাম ফুকনে বিদ্যালয়ৰ পৰিসীমাৰ মাজত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰাৰ পৰিৱৰ্তে নিজৰ বাসগৃহতেই গুৰুৰ অধীনত সংস্কৃত শিক্ষা গ্ৰহন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত গুৱাহাটী কলেজিয়েট স্কুলত নাম ভৰ্তি কৰে‌ আৰু কলেজিয়েট স্কুলৰ‌ পৰাই ছাত্ৰ বৃত্তি সহঃ ১৮৯২ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কলিকতাৰ প্ৰেছিডেন্সী কলেজত‌ নাম ভৰ্তি কৰে আৰু ইয়াৰ পৰাই এফ. এ. পৰীক্ষাত উত্তীৰ্ণ হয়। বেৰিষ্টাৰ হোৱাৰ বাবে প্ৰবল হেঁপাহ থকা তৰুণ ৰাম ফুকনে ইয়াৰ পৰৱৰ্তী সময়ত লণ্ডনলৈ Barrister-at-Law অধ্যয়নৰ বাবে যাত্ৰা কৰে। গুৰুত্বপূৰ্ণ কথা যে কঠোৰ প্ৰত্যাহ্বানৰ পিছতো তেওঁ অসমৰ তৃতীয় জন বেৰিষ্টাৰ হিচাপে গৌৰৱ অৰ্জন কৰিছিল।

Also Read: অচ্যুত লহকৰ জীৱনী | Biography of Achyut Lahkar

কৰ্মজীৱন

বেৰিষ্টাৰ হোৱাৰ আকাংক্ষা পুৰণ কৰি তৰুণ ৰাম ফুকনে পোন প্ৰথমে কলিকতাত অধিবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। ইয়াৰ পৰৱৰ্তী সময়ত গুৱাহাটীত ১৯১৪ চনত প্ৰতিষ্ঠা হোৱা আৰ্ল কলেজত অধ্যাপক হিচাপ নিযুক্তি লাভ কৰে। গুৰুত্বপূৰ্ণ কথা যে তেখেতে ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা ভাৰতৰ স্বাধীনতা সংগ্ৰামত পোন প্ৰথমে ১৯১৪ চনত  অংশ গ্ৰহণ কৰিছিল।  ইয়াৰ উপৰিও মণ্টেগু সংস্কাৰ সমিতিৰ ওচৰলৈ ১৯১৭ চনত যাত্ৰা কৰা প্ৰতিনিধি দলটোৰ এগৰাকী সদস্য আছিল তৰুণ ৰাম ফুকন আৰু এই যাত্ৰাৰ মূল উদ্দেশ্য আছিল অসমৰ বাবে স্বায়ত্ত্ব শাসনৰ দাবী উত্থাপন কৰা।

১৯২০ চনত Assam association নামৰ অসমৰ সেইসময়ৰ একমাত্ৰ ৰাজনৈতিক সংগঠনটোৰ বিশেষ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা তৰুণ ৰাম ফুকনে ১৯২১ চনত অসমত ভাৰতৰ জাতীয় কংগ্ৰেছৰ শাখা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে ১৯২০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰতত ব্ৰিটিছ সকলৰ বিৰুদ্ধে অসহযোগ আন্দোলন আৰম্ভ হৈছিল আৰু অসমতো এই আন্দোলন প্ৰসাৰিত হৈছিল। যাৰ বাবে ৰাজনৈতিক ভাৱে সচেতন আৰু সামাজিক ভাৱে দায়বদ্ধ তৰুণ ৰাম ফুকনে সক্ৰীয় ভাৱে এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। তৰুণ ৰাম ফুকনৰ সক্ৰীয় অংশগ্ৰহণে অসমত অসহযোগ আন্দোলনক এটা নতুন আপোচ বিহীন গতি প্ৰদান কৰিবলৈ সক্ষম হয়। গুৰুত্বপূৰ্ণ কথা যে মহাত্মা গান্ধীৰ আদৰ্শ অনুকৰণ কৰি অসহযোগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা তৰুণ ৰাম ফুকনৰ ভৰুলুমুখ স্থিত বাসগৃহতেই মহাত্মা গান্ধী অসমলৈ অহাৰ সময়ত আশ্ৰয় লৈছিল। অসহযোগ আন্দোলনৰ কালচোৱাত তৰুণ ৰাম ফুকনে মহাত্মা গান্ধীৰ বিভিন্ন বাৰ্তা সমূহ অসমৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে অসহযোগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে ফুকনক এবছৰ কাল সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। উল্লেখ্য যে  কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পৰৱৰ্তী সময়ত তৰুণ ৰাম ফুকনে চিত্ৰ ৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে গঠন কৰা ‘স্বৰাজ দল’ত যোগদান কৰিছিল। চিত্ৰ ৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে গঠন কৰা স্বৰাজ দলৰ মূল উদ্দেশ্য আছিল ব্ৰিটিছ শাসনৰ পৰা অধিক স্বায়ত্ত-শাসন আৰু ৰাজনৈতিক স্বাধীনতা আজুৰি অনা।

গুৰুত্বপূৰ্ণ কথা যে তৰুণ ৰাম ফুকনে ১৯২৬ চনত পাণ্ডুত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভা সফল কৰি তুলিবলৈ প্ৰচেষ্টা হাতত লৈছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভা অনুষ্ঠিত কৰিব বাবে গঠন কৰা অৰ্ভ্যথনা সমিতিৰ চেয়াৰপাৰ্চন হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

তৰুণ ৰাম ফুকনে গুৱাহাটীৰ পৌৰ সভা আৰু স্থানীয় পৰিষদৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ সমাজৰ বিভিন্ন সুবিধাৰ পৰা বঞ্চিত লোকসকলৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছিল। গুৰুত্বপূৰ্ণ কথা যে Leper Asylum প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো তৰুণ ৰাম ফুকনে সক্ৰীয় ভূমিকা পালন কৰিছিল। 

সাহিত্যিক কৰ্মৰাজি

কেৱল এজন সংগ্ৰামী মনোভাৱ সম্পন্ন ব্যক্তিয়েই নহয় তৰুণ ৰাম ফুকন আছিল সাহিত্যৰ ক্ষেত্ৰখনৰ লগতো সমানে দখল থকা এজন ব্যক্তি। সাহিত্য চৰ্চাৰ মাজেৰেও তেওঁ অসমৰ সমাজ জীৱনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। বিভিন্ন কাকত আলোচনী আদিত প্ৰৱন্ধ, কবিতা প্ৰকাশ কৰাৰ লগতে তৰুণ ৰাম ফুকনে ১৯২১ চনত স্বাধীনতা সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ কৰি শিলচৰ কাৰাগাৰত এবছৰ সশ্ৰম কাৰাবন্দীত্ব জীৱন অতিবাহিত কৰাৰ সময়ত লিখি উলিয়াইছিল ভক্তিমুলক গীত আৰু কবিতাৰ একমাত্ৰ পুথি স্ততিমালা’। এই কবিতা পুথি খন প্ৰথম প্ৰকাশিত হৈছিল ১৯২৬ চনত। ইয়াৰ উপৰিও তৰুণ ৰাম ফুকনৰ আন বহু কবিতা অতুলচন্দ্ৰ হাজৰিকাই সম্পাদনা কৰা মৰহা ফুলৰ পাপৰি’ কাব্য সংকলন খনত প্ৰকাশ হৈছে।

তৰুণ ৰাম ফুকন আছিল চিকাৰ প্ৰিয় এজন ব্যক্তি। চিকাৰ কৰি আহৰণ কৰা বিভিন্ন ৰোমাঞ্চকৰ অভিজ্ঞতা সমূহ পাঠক সমাজলৈ চিকাৰ কাহিনী নামেৰে গ্ৰন্থ আকাৰত লিপিবদ্ধ কৰি আগবঢ়াই থৈ গৈছে। উল্লেখ্য যে তৰুণ ৰাম ফুকনেই প্ৰথম বাৰৰ বাবে অসমীয়া ভাষাত চিকাৰৰ কাহিনী লিখি প্ৰকাশিত কৰিছিল। ইয়াৰ উপৰিও তেওঁ দাম্পত্য জীৱনৰ উপযোগী পুথি যৌনতত্ত্ব’ ৰচনা কৰাৰ লগতে নিংনি ভাৱৰীয়াৰ গীত’ নামেৰে খুহুতীয়া কবিতা ৰচনা কৰিছিল। তৰুণ ৰাম ফুকনে এই খুহুতীয়া কবিতাৰ মাজেৰে নিংনি ভাৱৰীয়াৰ মাধ্যমেৰে শিলচৰৰ জেল জীৱনৰ তিতা কেঁহা কথাবোৰ সুন্দৰকৈ বৰ্ণনা কৰিছে। 

গুৰুত্বপূৰ্ণ কথা যে তৰুণ ৰাম ফুকনে ১৯২৭ চনত গোৱালপাৰাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আসন অলংকৃত কৰিছিল। ইয়াৰ উপৰিও ১৯২৮ চনত অসম ছাত্ৰ সন্মিলনৰো সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল তৰুণ ৰাম ফুকনে। 

অন্যান্য প্ৰতিভা তথা ৰূচি

সংগ্ৰামী মনোভাৱ সম্পন্ন ব্যক্তি হোৱাৰ লগতে অসমীয়া সাহিত্য ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়োৱা তৰুণ ৰাম ফুকন আছিল এজন চৌখিন ব্যক্তি। তেখেতে আছিল অসমৰ প্ৰথমজন চাইকেল আৰু মটৰ চাইকেল চলোৱা ব্যক্তি। ইয়াৰ উপৰিও সেই সময়ত কলিকতাত পঢ়ি থকা অৱস্থাত কলিকতাৰ ৰাজ পথত চাইকেল চলোৱা প্ৰথম গৰাকী অসমীয়া আছিল তৰুণ ৰাম ফুকন। দু: সাহসিক কাম কাজৰ প্ৰতি সদা আগ্ৰহী তৰুণ ৰাম ফুকনে দুর্গম ঠাইলৈ গৈ বাঘ চিকাৰ কৰি তেখেতে আনন্দ লভিছিল। বাঘ চিকাৰ কৰাটো তেওঁৰ ভাল লগা কামৰ অন্যতম আছিল।

বাক চাতুর্য আৰু উপস্থিত বুদ্ধিত প্রায় অদ্বিতীয় তৰুণ ৰাম ফুকনৰ ইংৰাজী আৰু অসমীয়া ভাষাৰ উপৰিও বাংলা, হিন্দী, উর্দু আৰু সংস্কৃত ভাষাত দখল আছিল। অসমীয়া ভাষাৰ উপৰিও অসমত প্ৰচলিত অন্য দোৱানত সাৱলীল ৰূপত ভাষণ দিব পাৰিছিল তৰুণ ৰাম ফুকনে।

গুৰুত্বপূৰ্ণ কথা যে স্বাধীনতা আন্দোলনত অগ্ৰণী ভূমিকা পালন কৰা তৰুণ ৰাম ফুকনে ডেকা সকলক ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আপোচ বিহীন ভাৱে সততা আৰু সাহসেৰে স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰা তৰুণ ৰাম ফুকনক ‘দেশভক্ত’ উপাধিৰে বিভূষিত কৰা হয়। 

Also Read: কনকলতা বৰুৱা জীৱনী | Biography of Kanaklata Barua

সামৰণি

সামাজিক ভাৱে দায়বদ্ধ তৰুণ ৰাম ফুকনে ব্যক্তিগত জীৱনত নানান ঘাট প্ৰতিঘাট তথা প্ৰত্যাহ্বানৰ সম্মুখীন হৈছিল। তেখেতৰ পত্নী আৰু জীয়াৰীয়ে ক্ষয়ৰোগত অকাল মৃত্যুক সাৱটি লৈছিল। কিন্তু এই মর্মান্তিক ঘটনাৰ পিছতো তেখেত সংকল্পৰ পৰা বিচলিত নহৈ স্থিতপ্ৰজ্ঞ ব্যক্তিৰ দৰে দেহ আৰু দহৰ বাবে নিজৰ কৰণীয় কামবোৰ কৰি গৈছিল। ইয়াৰ উপৰিও আৰ্থিক দৈন্যতাৰ বাবে বেৰিষ্টাৰী পঢ়িবলৈ যোৱাৰ সময়ত নানান সমস্যাৰ সৃষ্টি হৈছিল।

দুখীয়াৰ প্ৰতি তেখেত অতিশয় সহানুভূতিশীল, নেতৃত্ব গুণসম্পন্ন ব্যক্তি, আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা তৰুণ ৰাম ফুকনৰ মৃত্যু হয় ১৯৩৬ চনৰ ২৪ জুলাইত। গুৰুত্বপূৰ্ণ কথা যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত অসম চৰকাৰৰে তৰুণ ৰাম ফুকনৰ মৃত্যু দিনটো অৰ্থাৎ ২৮ জুলাই তাৰিখে ২০২১ চনৰ পৰা দেশভক্তি দিৱস হিচাপে পালন কৰা হ’ব বুলি ঘোষণা কৰে।

যিসকল ব্যক্তিৰ ব্যক্তিত্ব আৰু দেশ প্ৰেমৰ ফলশ্রুতিত আধুনিক অসম গঢ় লৈ উঠিছে তাৰ ভিতৰত এজন অন্যতম হ’ল তৰুণ ৰাম ফুকন। তৰুণ ৰাম ফুকনৰ‌ দেশ প্ৰেম আৰু তেওঁ সৃষ্টি কৰা স্বদেশ প্ৰেমৰ ধাৰাটো হ’ল নৱ প্ৰজন্মৰ বাবে পাথেয়।

Also Read: ৰঘুনাথ চৌধাৰী – জীৱনী | Raghunath Chaudhary

FAQ

১) তৰুণ ৰাম ফুকন কোন আছিল?

উঃ- বৃটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ এগৰাকী শক্তিশালী সেনানী আছিল  তৰুণ ৰাম ফুকন। তৰুণ ৰাম ফুকনৰ  আপোচ বিহীন স্থিতি আৰু অফুৰন্ত সাহসে অসমত অসহযোগ আন্দোলনক এক নতুন গতি প্ৰদান কৰিছিল।

২) তৰুণৰাম ফুকনৰ জন্ম কʼত হৈছিল?

উঃ- অসমৰ গুৱাহাটীৰ ভৰলুমুখত।

৩) ‘দেশভক্তি দিৱস’ কেতিয়া?

উঃ- তৰুণ ৰাম ফুকনৰ মৃত্যু দিনটো অৰ্থাৎ ২৮ জুলাই তাৰিখে ২০২১ চনৰ পৰা দেশভক্তি দিৱস হিচাপে পালন কৰা হ’ব বুলি অসম চৰকাৰে ঘোষণা কৰে।

৪) ‘স্ততিমালা’ কোনে লিখিছিলে?

উঃ-  ‘স্ততিমালা’ তৰুণৰাম ফুকনে লিখা ভক্তিমুলক গীত আৰু কবিতাৰ একমাত্ৰ পুথি।

৫) তৰুণ ৰাম ফুকন কোন চনত অসম সাহিত্য সভাৰ সভাপতি আছিল?

উঃ- ১৯২৭ চনত গোৱালপাৰাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top