SCERT Class 1 Assamese Chapter 7 আমাৰ প্ৰকৃতি Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 1 Assamese Chapter 7 আমাৰ প্ৰকৃতি Solutions and select need one. SEBA Class 1 Assamese Question Answers Download PDF. SCERT Class 1 Assamese Notes.
SCERT Class 1 Assamese Chapter 7 আমাৰ প্ৰকৃতি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 1 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 1 Assamese Question Answer for All Chapters, You can practice these here.
আমাৰ প্ৰকৃতি
Chapter: 7
পাঠ – ১
মাটিৰ পুতলা
১। কথা পাতোঁ আহা –
(ক) চামেলিহঁত কাৰ ঘৰলৈ আহিছিল?
উত্তৰঃ চামেলিহঁত তেওঁলোকৰ ককাকহঁতৰ ঘৰলৈ আহিছিল।
(খ) ৰাতিপুৱাই কিহে ডাক দিছিল আৰু কেনেকৈ দিছিল?
উত্তৰঃ ৰাতিপুৱাই কুকুৰা এটাই ‘কুক্ ৰু কু কু, কুক্ ৰু কু কু’ বুলি ডাক দিছিল।
(গ) খুৰীয়েক আৰু পেহীয়েকহঁতে কিয় হাঁহিছিল?
উত্তৰঃ জিল্ মিল্ আৰু চামেলি বোকাৰে লুতুৰি-পুতুৰি হোৱা দেখি খুৰীয়েক আৰু পেহীয়েকহঁতে হাঁহিছিল।
(ঘ) ৰাতিপুৱা শুই উঠাৰ পাছত তুমি কি কি দেখা আৰু শুনিবলৈ পোৱা?
উত্তৰঃ ৰাতিপুৱা শুই উঠাৰ পাছত সূৰ্য্য উঠা দেখা পাওঁ, পখিলাৰ আৰু চৰাইৰ কিচিৰ-মিচিৰ শব্দ শুনিবলৈ পাওঁ।
(ঙ) সিহঁতে বোকামাটিৰে কি কি পুতলা সাজিছিল বুলি ভাবা?
উত্তৰঃ সিহঁতে বোকামাটিৰে মানুহ, পশু-পাখিৰ পুতলা সাজিছিল বুলি ভাৱো।
২। প্রকল্প:
মাটিৰে চাকি সাজোঁ আহা-
(ক) অলপমান কুমাৰ মাটি বা আলতীয়া মাটি লোৱা।
(খ) মাটিখিনি পানীৰে মথি কোমল কৰি লোৱা।
(গ) এতিয়া এটা চাকি সাজা।
(ঘ) ৰ’দত শুকুৱাই লোৱা।
(ঙ) এতিয়া তোমাৰ মনৰ পছন্দমতে ৰং কৰা।
উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।
৩। ছবিৰ নামৰ প্ৰথম আখৰবোৰত ঘেৰ দি কওঁ আহা।

উত্তৰঃ

৪। ছবিৰ কাষত ছবিৰ নাম সম্পূৰ্ণকৈ লিখি পঢ়োঁ আহা।

উত্তৰঃ খালৈ, মেঘ, ঘড়ী।
পাঠ – ২
বৰষুণ
১। কওঁ আহা।
(ক) পদ্যটোত টিপ্ টিপ্ কৈ কি পৰাৰ কথা কৈছে?
উত্তৰঃ পদ্যটোত টিপ্ টিপ্ কৈ বৰষুণ পৰাৰ কথা কৈছে।
(খ) নৈ, খালত পানী দেখিলে তোমাৰ কি কৰিবলৈ মন যায়?
উত্তৰঃ নৈ, খালত পানী দেখিলে কাগজৰ নাও বনাই খেলিবলৈ মন যায়।
২। ভাবোঁ আৰু কওঁ আহা-
(ক) মাছ পানীত থাকে। ভেকুলী ক’ত ক’ত থাকে বাৰু?
উত্তৰঃ ভেকুলী পানীত,ঘৰৰ চুকত আৰু পানীৰ ওচৰৰ মাটিত থাকে।
(খ) আকাশত তুমি কি কি দেখা পোৱা?
উত্তৰঃ আকাশত সূৰ্য্য, চন্দ্ৰ, তৰা, মেঘ আৰু চৰাই দেখা পোৱা।
৩। পঢ়োঁ আহা-
আমাৰ খুৰা বাঢ়ৈ
সাজে বাঁহৰ মূঢ়া,
ঠগাত থৈ পুথিখন
সুৰ লগাই পঢ়া।
ওপৰৰ শাৰীকেইটাত পোৱা ‘ঠ’ আৰু ‘ঢ়’ বৰ্ণত ঘেৰ দিওঁ আহা।
উত্তৰঃ আমাৰ খুৰা বাঢ়ৈ
সাজে বাঁহৰ মূঢ়া,
ঠগাত থৈ পুথিখন
সুৰ লগাই পঢ়া।
৪। শুনো আৰু কওঁ আহা –
| ভাটো | নৌকা | কপৌ | চৌকা |
| ঢৌ | কৌপাত | মৌমাখি | ৰৌ মাছ |
ওপৰৰ শব্দবোৰ চাই ঔ-কাৰ (ৗে) থকা আখৰকেইটা লিখোঁ আহা –
উত্তৰঃ
| ভাটৌ | নৌকা | কপৌ | চৌকা |
| ঢ়ৌ | কৌপাত | মৌমাখি | ৰৌ মাছ |
৫। কাৰৰ বাকচটোৰ পৰা উপযুক্ত আখৰ আনি শব্দবোৰ সম্পূৰ্ণ কৰোঁ আহা-
| ঊ ঢ়া লা মৌ চৌ ল |
| _____________ণ | ঢ়ো _____________ | _____________ কা |
| _____________ কোন | _____________নৈছ | _____________মাখি |
উত্তৰঃ
| ঊণ | ঢ়োল | চৌকা |
| ঢ়াকোন | ঊনৈছ | মমাখি |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


