SCERT Class 1 Assamese Chapter 4 আমাৰ সংস্কৃতি Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 1 Assamese Chapter 4 আমাৰ সংস্কৃতি Solutions and select need one. SEBA Class 1 Assamese Question Answers Download PDF. SCERT Class 1 Assamese Notes.
SCERT Class 1 Assamese Chapter 4 আমাৰ সংস্কৃতি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 1 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 1 Assamese Question Answer for All Chapters, You can practice these here.
আমাৰ সংস্কৃতি
Chapter: 4
১। ছবি চাই কথা পাতোঁ আহা।
উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।
পাঠ – ১
ৰংমনৰ ঢোল
১। কথা পাতোঁ আহা।
(ক) ৰংমনক ঢোলটো কোনে আনি দিছিল?
উত্তৰঃ ৰংমনক ঢোলটো তাৰ দেউতাই আনি দিছিল।
(খ) ৰংমনে ঢোল বাওঁতে মাকে কি কৰি আছিল?
উত্তৰঃ ৰংমনে ঢোল বাওঁতে তাৰ মাকে কণমানি ভনীয়েকক শুৱাবলৈ গীত গাই আছিল।
(গ) সেই সময়ত আইতাক ক’ত আছিল?
উত্তৰঃ সেই সময়ত আইতাকে চোতালত বহি আছিল।
(ঘ) ৰংমনে প্রথমবাৰ ঢোলটো বাওঁতে মাকে কিয় মানা কৰিছিল?
উত্তৰঃ ৰংমনে প্ৰথমবাৰ ঢোলটো বাওঁতেই মাকে মানা কৰিছিল, কিয়নো ঢোলৰ শব্দত ভনীয়েকে উচাপ্ খাই কান্দিবলৈ ধৰিছিল।
(ঙ) ৰংমনে কি ভুল কৰিছিল?
উত্তৰঃ ৰংমনে ভুলটো কৰিছিল কিয়নো ভনীয়েকে নিতাল মৰা দেখি সি আকৌ ঢোল বজাবলৈ ধৰিছিল, যাৰ ফলত ভনীয়েকে পুনৰ জোৰেৰে কান্দিবলৈ ধৰিলে।
(চ) ৰংমনৰ মাক আৰু আইতাকে গোৱা গীত দুটি গোৱা।
উত্তৰঃ মাক:
১। “আমাৰে মইনা শুব এ’,
বাৰীতে বগৰী ৰুব এ’,
বাৰীৰে বগৰী পকি সৰিব
আমাৰে মইনাই বুটলি খাব।”
আইতা:
২। “লাই হালে–জালে আবেলি বতাহে
লফা হালে জালে পাতে,
আমাৰে মইনা হালিছে জালিছে
কালি দুপৰৰে ভাতে।”
২। লিখোঁ আহা।
(ক) ফুট লগ লগাই:

উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।
(খ) চাই – চাই।
| চ | গ |
উত্তৰঃ
| চ | চ | চ | গ | গ | গ |
৩। ও-আখৰ থকা শব্দটোৰ তলত ‘✓’ চিন দিওঁ আহা।
| ওলকবি | চকৰি | নাও | ওজন | গগনা |
উত্তৰঃ
| ওলকবি | চকৰি | নাও | ওজন | গগনা |
| ✓ | ✓ | ✓ |
৪। খালী ঠাইত ‘ও’ লিখি পঢ়োঁ আহা।
(ক) না ________।
উত্তৰঃ নাও।
(খ) ________চৰ।
উত্তৰঃ ওচৰ।
(গ) ________ ৰণি।
উত্তৰঃ ওৰণি।
(ঘ) ________ ঠৰ।
উত্তৰঃ ওঠৰ।
(ঙ) ________ লকবি।
উত্তৰঃ ওলকবি।
(চ) ________ কণি।
উত্তৰঃ ওকণি।
৫। শিকোঁ আৰু কৰোঁ আহা।

উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।
৬। লিখোঁ আহা।

উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।
৭। ছবিত থকা বাদ্যযন্ত্রকেইটাৰ নাম কওঁ আহা।

উত্তৰঃ বাঁহী, ঢ়োল, দোতাৰা, খুটি তাল।
৮। আখৰ-জালৰ পৰা শব্দ লিখোঁ আৰু পঢ়োঁ আহা।

উত্তৰঃ
| বজাৰ | তাক |
| ৰজা | কলি |
| জাক | বৰল |
৯। পঢ়োঁ আৰু লিখোঁ আহা।
অমলে কিতাপ কিনিলে।
______________________।
_______________________।
উত্তৰঃ
অমলে কিতাপ কিনিলে।
অমলে কিতাপ কিনিলে।
অমলে কিতাপ কিনিলে।
পাঠ – ২
জোনবাই এ’ এটি তৰা দিয়া
১। বেলেগ বেলেগ আকৃতিৰ জোনবাই আকোঁ আহা।

উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।
২। কথা পাতোঁ আহা।
(ক) আকাশত জোনবাই আৰু তৰাৰ বাহিৰে আৰু কি কি দেখিছা?
উত্তৰঃ আকাশত জোনবাই আৰু তৰাৰ বাহিৰে সূৰ্য, বৰষুণ, ৰদ, বিমান, উৰি থকা চৰাই, ডাৱৰ আদি দেখিছো।
(খ) তোমালোকে কি কি ৰঙৰ চৰাই দেখিছা?
উত্তৰঃ মই হালধীয়া, ক’লা,সেউজীয়া, ৰঙা আৰু বিভিন্ন ৰঙৰ চৰাই দেখিছো।
(গ) তোমালোকে দেখা চৰাইবোৰৰ নাম কোৱা।
উত্তৰঃ কাউৰী,বগলী, পাৰ, শালিকা, কুলি আদি।
(ঘ) নাও মেলি কোন যায়?
উত্তৰঃ সাউদৰ পুতেকে নাও মেলি যায়।
(ঙ) গধূলি সময়ত তোমালোকে কি কি কৰা?
উত্তৰঃ গধূলি সময়ত মই হাত-মুখ ধুও, ধূপ জলাও, পঢ়াশুনা কৰোঁ আৰু ঘৰৰ কাম-কাজত সহায় কৰোঁ।
৩। আমাৰ চাৰিওফালে থকা গোল বস্তুবোৰৰ নাম কওঁ আৰু আকোঁ আহা।
উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


