SCERT Class 1 Assamese Chapter 6 স্বাস্থ্য আৰু সুস্থতা Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 1 Assamese Chapter 6 স্বাস্থ্য আৰু সুস্থতা Solutions and select need one. SEBA Class 1 Assamese Question Answers Download PDF. SCERT Class 1 Assamese Notes.
SCERT Class 1 Assamese Chapter 6 স্বাস্থ্য আৰু সুস্থতা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 1 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 1 Assamese Question Answer for All Chapters, You can practice these here.
স্বাস্থ্য আৰু সুস্থতা
Chapter: 6
পাঠ – ১
মিনুহঁতৰ পাকঘৰৰ
১। এতিয়া পাঠটোৰ পৰা কি কি শিকিলা কোৱা –
(ক) নিগনি, পঁইতাচোৰা আৰু মাখিকেইটাই ক’ত বাহ লৈছিল?
উত্তৰঃ নিগনি, পঁইতাচোৰা আৰু মাখিকেইটাই মিনুহঁতৰ পাকঘৰত বাহ লৈছিল।
(খ) মিনুহঁতৰ মাকে পাকঘৰটো কিয় পৰিষ্কাৰ কৰিলে?
উত্তৰঃ পাকঘৰত নিগনি, পঁইতাচোৰা, মহ আৰু মাখি আছিল বাবে আৰু বীজাণু নাশ কৰিবলৈ মিনুহঁতৰ মাকে পাকঘৰটো পৰিষ্কাৰ কৰিলে।
(গ) পইতাচোৰা, নিগনি আৰু মাখিৰ পৰা আমি কিয় সাৱধানে থাকিব লাগে?
উত্তৰঃ পঁইতাচোৰা, নিগনি আৰু মাখিয়ে বীজাণু বিয়পায় আৰু ৰোগ হ’ব পাৰে বাবে আমি সিহঁতৰ পৰা সাৱধানে থাকিব লাগে।
(ঘ) কাহিনীটো নিজাববীয়াকৈ কওঁ আহা।
উত্তৰঃ মিনুহঁতৰ পাকঘৰত নিগনি, পঁইতাচোৰা, মহ আৰু মাখিয়ে বাহ লৈছিল। সিহঁতে ঢাকনি নথকা কেৰাহী আৰু কলহৰ ওচৰত খোৱা-বোৱা কৰিছিল। তেনেতে মিনু আৰু মিকুৱে মাকৰ লগত পাকঘৰ চাফা কৰিবলৈ আহে। মাকে বীজাণুনাশক দ্ৰব্য মিহলাই পাকঘৰ পৰিষ্কাৰ কৰাত সকলো পোক-পতংগ পলাই যায়।
(ঙ) তোমালোকে পাকঘৰ পৰিষ্কাৰ কৰি পাইছানে?
উত্তৰঃ হয়, আমি ঘৰত পাকঘৰ পৰিষ্কাৰ কৰি পাইছোঁ।
(চ) পানী কিয় ঢাকি ৰাখিব লাগে?
উত্তৰঃ পানীত মহ-মাখি পৰি বীজাণু বিয়পাব পাৰে বাবে আৰু ৰোগ নহ’বলৈ পানী ঢাকি ৰাখিব লাগে।
২। তলৰ ছবিৰে বুজোৱা শব্দৰ প্ৰথম ধ্বনি কওঁ আহা।

উত্তৰঃ ভৰি, হৰিণ, ঔ – টেঙা।
৩। ‘হ’, ‘ঔ’ আৰু ‘ভ’ আখৰত ঘেৰ দিওঁ আহা।
ঔ-তলিৰ বিহুত ভানুৱে গান গায়
হীৰকে ঢোল বায়।
উত্তৰঃ
ঔ-তলিৰ বিহুত ভানুৱে গান গায়
হীৰকে ঢোল বায়।
৪। তলৰ আখৰ-জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখোঁ আহা।

উত্তৰঃ
| হাত | শহা |
| তগৰ | ভাল |
৫। পঢ়োঁ আৰু লিখোঁ আহা।
| উল | ভৰি | অমৰা |
| হৰিণ | ওঠৰ | ঔ – টেঙা |
উত্তৰঃ
| উল | ভৰি | অমৰা |
| উল | ভৰি | অমৰা |
| উল | ভৰি | অমৰা |
| হৰিণ | ওঠৰ | ঔ – টেঙা |
| হৰিণ | ওঠৰ | ঔ – টেঙা |
| হৰিণ | ওঠৰ | ঔ – টেঙা |
পাঠ – ২
নাজিয়াৰ দৈনিক কাম
১। কওঁ আহা-
(ক) মাক-দেউতাকে নাজিয়াক ক’লৈ নিছিল?
উত্তৰঃ মাক-দেউতাকে নাজিয়াক চিকিৎসকৰ ওচৰলৈ নিছিল।
(খ) নাজিয়াৰ কি হৈছিল?
উত্তৰঃ নাজিয়াৰ খাবলৈ মন নোযোৱা হৈছিল আৰু তাই দিনে দিনে দুৰ্বল হৈ পৰিছিল।
(গ) নাজিয়াই ৰাতিপুৱা কি কি কাম কৰে?
উত্তৰঃ নাজিয়াই ৰাতিপুৱা সোনকালে শুই উঠে, দাঁত মাজে, হাত-মুখ ধোৱে, কচৰৎ কৰে, চাহ-জলপান খায়, পঢ়ে, গা ধোৱে, আহাৰ খায় আৰু বিদ্যালয়লৈ যায়।
(ঘ) আমি কিয় গা ধুব লাগে?
উত্তৰঃ গা ধুলে পৰিষ্কাৰ থাকে আৰু ৰোগ হোৱাৰ পৰা বাচি থাকিব পাৰোঁ।
(ঙ) সমনীয়াৰ লগত কিয় খেলিব লাগে?
উত্তৰঃ সমনীয়াৰ লগত খেলিলে গা ভাল থাকে, মন আনন্দিত হয় আৰু বন্ধুত্ব বাঢ়ে বাবে সমনীয়াৰ লগত খেলিব লাগে।
(চ) তুমি দিনটোত কেইবাৰ আহাৰ খোৱা?
উত্তৰঃ মই দিনটোত তিনিবাৰ আহাৰ খাওঁ।
(ছ) চিকিৎসকে নাজিয়াক কি দিহা দিছিল?
উত্তৰঃ চিকিৎসকে নাজিয়াক নিয়ম মানি দৈনিক কাম কৰা, সময়মতে খোৱা-বোৱা কৰা আৰু খেলাধূলা কৰিবলৈ দিহা দিছিল।
২। তলৰ ছবিসমূহ চাই তুমি কৰা কামবোৰত শুদ্ধ চিন দিয়া।

উত্তৰঃ

৩। ছবিৰ নামবোৰ কওঁ আহা।

উত্তৰঃ ঊণ, ঊনৈছ, ঢাকোন, ঢৰা।
৪। ‘ঊ’, আৰু ‘ঢ’ আখৰত ঘেৰ দিওঁ আহা।
ঊষাহঁতৰ গাঁওখনৰ নাম ঢলগিৰী।
গাঁওখনৰ মাজেৰে এটা পানীৰ ঢল নামি গৈছে।
ঊষাই উন গুঠি ভাল পায় আৰু তাইৰ ভায়েকে ঢোল বজায়।
উত্তৰঃ ঊষাহঁতৰ গাঁওখনৰ নাম ঢলগিৰী।
গাঁওখনৰ মাজেৰে এটা পানীৰ ঢল নামি গৈছে।
ঊষাই ঊন গুঠি ভাল পায় আৰু তাইৰ ভায়েকে ঢোল বজায়।
৫। তলৰ ছবিবোৰৰ নাম কওঁ আহা।

এই নামবোৰৰ প্ৰথম ধ্বনিবোৰ কি শুনিছা কওঁ আহা-
উত্তৰঃ পুতলা, ফুল, চুলি, মুকুট, কাউৰী, কুকুৰ।
৬। খালী ঠাই পূৰ কৰি পঢ়োঁ আহা-

উত্তৰঃ কুকুৰ, চুলি, পুতলা, গৰু।
৭। কোন কলৈ যাব।

উত্তৰঃ


Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


