SCERT Class 1 Assamese Chapter 10 মেলা আৰু উৎসৱ

SCERT Class 1 Assamese Chapter 10 মেলা আৰু উৎসৱ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 1 Assamese Chapter 10 মেলা আৰু উৎসৱ Solutions and select need one. SEBA Class 1 Assamese Question Answers Download PDF. SCERT Class 1 Assamese Notes.

SCERT Class 1 Assamese Chapter 10 মেলা আৰু উৎসৱ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 1 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 1 Assamese Question Answer for All Chapters, You can practice these here.

Chapter: 10

পাঠ – ১

ৰতনপুৰৰ মেলা

১। কথা পাতোঁ আহা-

(ক) মিনু আৰু কমল ক’লৈ গৈছিল?

উত্তৰঃ মিনু আৰু কমল মেলা চাবলৈ গৈছিল।

(খ) মেলাত সিহঁতে কি কি দেখিছিল?

উত্তৰঃ মেলাত সিহঁতে বহু মানুহ, বেলুন, মিঠাই, খেলা বস্তু আৰু দোকানবোৰত থকা নানা বস্তু দেখিছিল।

(গ) সিহঁতে কি কি কিনিলে?

উত্তৰঃ দেউতাকে সিহঁতক বেলুন কিনি দিলে আৰু জিলাপিও খুৱালে।

(ঘ) দেউতাকে সিহঁতক মেলাত কি দেখুৱাইছিল?

উত্তৰঃ দেউতাকে সিহঁতক মেলাত পুতলা নাচ দেখুৱাইছিল।

(ঙ) তুমি কেতিয়াবা পুতলা নাচ দেখিছানে? মেলালৈ গ’লে তোমাৰ কি কি আনিবলৈ মন যায়?

উত্তৰঃ হয়, মই পুতলা নাচ দেখিছোঁ। মেলালৈ গ’লে মোৰ বেলুন, খেলনা, মিঠাই আৰু আইচক্ৰীম আনিবলৈ মন যায়।

২। ছবি দুখনৰ মাজত কি কি অমিল আছে কওঁ আহা।

উত্তৰঃ 

প্ৰথম ছবিদ্বিতীয় ছবি
(ক) নদীত নাৱৰীয়াই নাও চলাই আছে।(ক) তিনিটা হৰিনে দৌৰি আছে।
(খ) নদীৰ পাৰত শিলগুটি আছে।(খ) হাঁহ দেখা পাইছো।
(গ) সৰু সৰু গছবোৰ নাই।(গ) সৰু সৰু গছবোৰ আছে।

৩। যাৰ যি যি ৰং সেই ৰঙেৰে বোলোৱা-

উত্তৰঃ

৪। তোমাৰ ওচৰে-পাঁজৰে থকা বস্তুবোৰৰ কোনটোৰ কি ৰং কওঁ আহা।

উত্তৰঃ আকাশ — নীলা।

গছৰ পাত — সেউজীয়া।

ফুল — ৰঙা,বগা, নীলা, হালধীয়া।

পাঠ – ২

বিহু

১। কওঁ আহা।

(ক) অসমৰ জাতীয় উৎসৱ কি?

উত্তৰঃ বিহু অসমৰ জাতীয় উৎসৱ। 

(খ) বিহু কেইটা আৰু কি কি?

উত্তৰঃ বিহু তিনিটা:

(ক) ব’হাগ বিহু।

(খ) কাতি বিহু।

(গ) মাঘ বিহু।

(গ) কোনটো বিহুত তুলসীৰ তলত চাকি দিয়ে?

উত্তৰঃ কাতি বিহুত তুলসীৰ তলত চাকি দিয়ে।

(ঘ) তোমালোকৰ ঘৰত উৎসৱ পাতিলে তুমি কি কৰা?

উত্তৰঃ আমাৰ ঘৰত উৎসৱ পাতিলে মই আগতে ঘৰখন ভালদৰে পৰিষ্কাৰ কৰোঁ। মাক-দেউতাকক ফুল লগোৱা, বন্তি জ্বলাই দিয়া আৰু খোৱাৰ ব্যৱস্থা কৰাত সহায় কৰোঁ। উৎসৱৰ দিনা মই নতুন কাপোৰ পিন্ধোঁ, প্ৰাৰ্থনা কৰোঁ আৰু আত্মীয়-স্বজন আহিলে সিহঁতক আদৰ-সৎকাৰ কৰোঁ। সকলোৰে লগত হাঁহি-আনন্দেৰে উৎসৱটো উপভোগ কৰোঁ।

(ঙ) মাঘ বিহুক আৰু কি বিহু বোলে?

উত্তৰঃ মাঘৰ বিহুক ভোগালী বিহু বোলে।

২। তলৰ প্ৰশ্নবোৰৰ উত্তৰ কওঁ আহা –

(ক) বান্দৰটোৱে কি কৈছে?

উত্তৰঃ বান্দৰটোৱে কৈছে যে – ওপৰৰ পৰা চাই ভাল লাগে।

(খ) বেলুন কোনে লৈছে?

উত্তৰঃ বেলুন শিয়ালে লৈছে।

(গ) “বাঃ কিমান ওপৰলৈ যায়!” বুলি কোনে কৈছে?

উত্তৰঃ “বাঃ কিমান ওপৰলৈ যায়!” বুলি ঘৰিয়ালে কৈছে।

৩। কৰোঁ আহা –

(ক) কাষত দিয়া ‘পখিলাৰ মেল’ কিতাপখনৰ বেটুপাতটো তুমি নিজে ভাবি অংকন কৰা।

উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।

৪। ছবিৰ নামবোৰ আঁচ টানি মিলোৱা।

উত্তৰঃ 

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top