জীৱনী: তয়াবুন নিছা | Biography of Tayabun Nisha

তয়াবুন নিছা | Tayabun Nisha Essay in Assamese | Biography of Tayabun Nisha in Assamese | তয়াবুন নিছা বিষয়ে জীৱনী | তয়াবুন নিছা বিষয়ে ৰচনা | তয়াবুন নিছাৰ চমু পৰিচয়।

Join Telegram channel

যি সময়ত ক্ৰীড়াৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবৰ বাবে  উপযুক্ত পৰিৱেশৰ লগতে কোনো সা-সুবিধাও নাছিল, যি সময়ত সহ: পাঠ্যক্ৰমিক বিষয়সমূহ গৌণ আছিল, পুৰুষৰ সমান্তৰাল ভাৱে মহিলা খেলুৱৈ সকল আগবাঢ়ি যাবলৈ সন্মুখত বহু প্ৰত্যাহ্বানে দেখা দিছিল তেনে সময়তে ঊনৈশশ সত্তৰ (১৯৭০) দশকত অসমৰ এগৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰা এইগৰাকী খেলুৱৈ হ’ল অসম গৌৰৱ তথা শিৱসাগৰৰ সন্তান তয়াবুন নিছা (Tayabun Nisha)। মনত অদম্য ইচ্ছাশক্তি, কামৰ প্ৰতি হেঁপাহ থাকিলে লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত কোনো কাৰকে যে হেঙাৰ সৃষ্টি কৰিব নোৱাৰে এই কথাকে নিজৰ কামৰ প্ৰতীয়মান কৰি তয়াবুন নিছাই সমাজত দাঙি ধৰিলে এক দৃষ্টান্ত। ব্যক্তিগত জীৱনত বহু ঘাত-প্ৰতিঘাটৰ সন্মুখীন হ’লেও কোনোদিনে থমকি ৰোৱা নাই তেওঁ। যথেষ্ট কষ্ট তথা ত্যাগ স্বীকাৰ কৰি একাগ্ৰতা আৰু অধ্যাবসায়ৰ জৰিয়তে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা তয়াবুন নিছা এগৰাকী সবল শক্তিশালী নাৰী।

তয়াবুন নিছা tayabun

তয়াবুন নিছা জীৱনী | Tayabun Nisha Biography

নাম (Name)তয়াবুন নিছা (Tayabun Nisha[1])
জন্ম চন (Date of Birth)১৯৫৩ (1953)
জন্ম স্থান (Place of Birth)শিৱসাগৰ, ধাই আলি
বঁটা / সন্মান (Awards)১) ১৯৭১ চনত  আহমেদাবাদত অনুষ্ঠিত হোৱা নৱম আন্তৰাজ্যিক এথলীট প্ৰতিযোগিতা (Inter State Athletic Meet) ত  ব্ৰঞ্জৰ পদক লাভ।
২) ২০১৪ বৰ্ষত Education Research & Development Foundation তৰফৰ পৰা Excellence Award 2014 বঁটা লাভ।
৩) ২০১৬ বৰ্ষত Woman of Substance Award 2016 বঁটা লাভ।
৪) ২০১৮ বৰ্ষত ক্ৰীড়া জগতত আগবঢ়োৱা অৱদানৰ বাবে  অসম শ্ৰেষ্ঠ বঁটা।

Also Read: জীৱনী: স্বামী বিবেকানন্দ | Swami Vivekananda Biography

তয়াবুন নিছা প্ৰাৰম্ভিক জীৱন | Early Life of Tayabun Nisha

তয়াবুন নিছা হ’ল অসমৰ ক্ৰীড়া জগতৰ এটা উজ্জ্বল নক্ষত্ৰ। কিন্তু তয়াবুন নিছাৰ শৈশৱ  অন্য শিশুৰ দৰে মধুৰ নাছিল। নানান সমস্যাৰ সৈতে শৈশৱত মুখামুখি হৈছিল তেওঁ। কিন্তু শৈশৱৰ পৰাই নানান সমস্যাৰ মাজতো নিজৰ একাগ্ৰতাৰ বলতে জ্বিলিকি উঠিল তয়াবুন নিছা। তেওঁ হৈ পৰিব অসমৰ গৌৰৱ, নৱ-প্ৰজন্মৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎস।

শৈশৱত চকলেট খাই ভাল পাইছিল তয়াবুন নিছাই। কিন্তু সেই সময়ত আন আন শিশুৰ দৰে চখ তথা হেঁপাহ পুৰণ কৰিবলৈ সামৰ্থ্য নাছিল তেখেতৰ পৰিয়ালৰ। 

চকলেটৰ প্ৰতি থকা এই হেঁপাহৰ বাবেই তেওঁ খেলৰ প্ৰতি আকৰ্ষিত হৈছিল। কাৰণ, স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, বিহুৰ আদি বিভিন্ন উৎসৱ পাৰ্বনত তেওঁলোকৰ গাওঁত ছাত্ৰ ছাত্ৰী সকলৰ দক্ষতা বিকাশৰ বাবে বিভিন্ন‌ ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। প্ৰতিযোগিতাত বিজয়ী ছাত্ৰ ছাত্ৰী সকলক সেই সময়ত এটা চকলেটৰ বাকচ পুৰস্কাৰ হিচাপে দিয়া হৈছিল। চকলেটৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই তয়াবুন নিছা অধিক পৰিশ্ৰম কৰিবলৈ বাধ্য হৈছিল। কাৰণ আৰ্থিক ভাৱে স্বচ্ছল নোহোৱাৰ বাবে চকলেট কিনিবলৈ তেওঁলোক সামৰ্থ্য নাছিল। সেইবাবে পুৰষ্কাৰ হিচাপে লাভ কৰা চকলেটেৰে তেওঁ মানসিক পৰিতৃপ্তি পাইছিল। কিন্তু পৰৱৰ্তী সময়ত তয়াবুন নিছাই অনুভৱ কৰিছিল যে, পুৰষ্কাৰে স্বীকৃতি প্ৰদান কৰে। যাৰ বাবে গুৰুত্ব সহকাৰে তেওঁ খেলত মনোযোগ দিছিল।

কিন্তু কেৱল আৰ্থিক দৈন্যতাই নহয় পৰৱৰ্তী সময়ত ক্ৰীড়া জগতত তয়বুন নিছা উজ্বলি উঠিলেও আৰম্ভণিতে তেওঁৰ এই যাত্ৰাটো সহজ নাছিল। কাৰণ এটা ৰক্ষণশীল মুছলমান পৰিয়ালত জন্ম হোৱাৰ হেতুকে বিভিন্ন খেল ধেমালিত অংশগ্ৰহণ কৰাটোৱে তেওঁৰ সন্মুখত এটা কঠিন প্ৰত্যাহ্বান হিচাবে থিয় দিছিল। কিন্তু একমাত্ৰ মনৰ দৃঢ়তাৰ বাবে সকলো প্ৰত্যাহ্বান উফৰাই তেওঁ নিজৰ লক্ষ্যস্থানত উপনীত হৈছিল।

সামাজিক বাধা আৰু আৰ্থিক দৈন্যতাৰ মাজতেই তয়াবুন নিছা পিতৃহাৰা হৈছিল। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ‌লৈছিল তেওঁৰ পিতৃয়ে। ১৯৭০ চনত পিতৃৰ মৃত্যু হোৱাত আন বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল তয়াবুন নিছা। পিতৃৰ মৃত্যুৰ সময়ত অষ্টম শ্ৰেণীৰ ছাত্ৰী আছিল তেওঁ। পিতৃৰ অকাল মৃত্যুৰ ফলত তেওঁ বহু দায়িত্ব কম বয়সতে কান্ধ পাতি ল’বলগীয়া হৈছিল। নিচেই কম বয়সতে পিতৃৰ মৃত্যুৰ বাবে জেষ্ঠ হিচাপে  নিজৰ লগতে ভায়েক-ভনীয়েকৰ দায়িত্বও পালন কৰিব লগীয়া হৈছিল তয়াবুন নিছাই। সেইসময়ত তয়াবুন নিছাৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াবলৈ কোনো আগবাঢ়ি অহা নাছিল। অৱশ্যে এই প্ৰত্যাহ্বান সমূহে তেওঁক অধিক শক্তিশালী কৰি তুলিছিল। পিতৃৰ মৃত্যুৰ পৰৱৰ্তী সময়ত ‌আৰ্থিক অসুবিধা দূৰ কৰি স্বাৱলম্বী হ’বলৈ চেষ্টা কৰিছিল তেওঁ।

Also Read: বৰষা ৰাণী বিষয়া জীৱনী | Biography of Barsha Rani Bishaya

কৰ্মজীৱন | Professional Life

১৯৭০ চনত ২৫০ টকা দৰমহাত ৰেলৱে (Railway)-ত কাম কৰিছিল তয়াবুন নিছাই। পিতৃ জীয়াই থকাৰ সময়ত তয়াবুন নিছাই তেওঁৰ পৰা বহু অনুপ্ৰেৰণা লাভ কৰিছিল। যিটোৱে তেখেতক ভৱিষ্যতৰ সময়ত আগবাঢ়ি যোৱাত যথেষ্ট সাহস তথা শক্তিশালী হৈ থাকিবলৈ অনুপ্ৰেৰণা দিছিল।

গুৰুত্বপূৰ্ণ কথা যে ১৯৭০ দশকত ক্ৰীড়া জগতত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ এটা উপযুক্ত পৰিৱেশ নাছিল। কাৰণ সেই সময়ত সহ: পাঠ্যক্ৰমী শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰ হোৱা নাছিল। আনকি সেই সময়ত উপযুক্ত অনুশীলনৰ বাবে পৰ্যাপ্ত সুবিধাও অভাৱ আছিল। এই সময়চোৱাত কেৱলমাত্ৰ মানসিক দৃঢ়তাৰ তথা সবল ব্যক্তিত্বৰ বাবেহে তয়াবুন নিছা সফলতাৰ দৌৰত আগবাঢ়ি যাব পাৰিছিল।

খেলুৱৈ জীৱন তথা জীৱনৰ কীৰ্তিস্তম্ভ | Athletic Life & Achievements

১৯৭১ চনত তয়াবুন‌ নিছাই আহমেদাবাদত অনুষ্ঠিত হোৱা  ৯ ম আন্তঃৰাজ্যিক এথলেটিক প্ৰতিযোগিতা (9th Inter-state Athletic Competition)-ত অংশগ্ৰহণ কৰিছিল । ইতিবাচক কথা যে তেওঁ এই প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল। কাৰণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ (National Championship)ত পদক অৰ্জন কৰা অসমৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছিল তয়াবুন নিছা।

ইয়াৰ পৰৱৰ্তী সময়ত ১৯৭৪ চনত জয়পুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছিল। কাৰণ তয়াবুন নিছাই ২৯.৩২ মিটাৰ দূৰত্বত ডিছকাছ থ্ৰʼ(Discus throw) কৰি বাৰ বছৰ পুৰণি ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি নতুনকৈ ৰাষ্ট্ৰীয় অভিলেখ সৃষ্টি কৰিছিল।

১৯৮২ চনৰ তয়াবুন নিছাই এছিয়ান গেমছৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল যদিও সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হোৱা নাছিল। পদক লাভ নকৰিলেও এই কৰাই তেওঁৰ মানসিক দৃঢ়তাত বাধা দিব পৰা নাছিল। এইসমূহৰ ওপৰিও আন বহুতো ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল তয়াবুন নিছাই।

তয়াবুন নিছাই কাবাডী, হকী আৰু ভলি বলো খেলিছিল। তেওঁৰ মতে,”এথলেটিকছ ব্যক্তিগত প্ৰচেষ্টা আৰু প্ৰতিশ্ৰুতিৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে। ব্যক্তিগত প্ৰচেষ্টা তথা একাগ্ৰতাৰ ফলতহে এথলেটিকছত সফলতা অৰ্জন কৰিব পাৰি। 

তয়াবুন নিছাই সফলতা অৰ্জন কৰিবলৈ বহু অনুশীলন কৰিছিল।অহৰহ ভাৱে কৰা অনুশীলনেহে তেখেতৰ সফলতা প্ৰাপ্তিত সহায় কৰিছে। সফলতা অৰ্জনৰ বাবে মণিপুৰৰ সুৰেন্দ্ৰ কুমাৰ সিঙেও তেওঁক বহু অনুপ্ৰেৰণা যোগাইছিল। ইয়াৰ উপৰিও তয়াবুন নিছাই অৰ্জুন বঁটা বিজয়ী ভূগেশ্বৰ বৰুৱাক প্ৰেৰণা হিচাপে গ্ৰহন কৰে।

তয়াবুন নিছাৰ বিষয়ে বিভিন্ন জন প্ৰসিদ্ধ ব্যক্তিয়ে বিভিন্ন ধৰণেৰে মন্তব্য আগবঢ়াইছে –

  • অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহৰ মতে তয়াবুন নিছা হ’ল নতুন প্ৰজন্মৰ বাবে আইকন।
  • ৰাজেশ বৰা (assistant railway sports officer) মতে তয়াবুন নিছা হ’ল অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ শক্তিশালী খেলুৱৈ। তেওঁ অসম তথা উত্তৰ-পূব ভাৰতৰ যুৱ প্ৰজন্মৰ বাবে role model.
  • এসময়ৰ নেচনেল এথলেটিকছ গিৰিশ ডেকাৰ মতে তয়বুন নিছাৰ দৰে খেলুৱৈ ভাৰতত বহুত কম আছে।
  • প্ৰাক্তন নেচনেল এথলেটিকছ Abdul barek মতে,তয়াবুন নিছাৰ দক্ষতা বহুত ওপৰত।

তয়াবুন নিছাৰ মতে, অসমত ক্ৰীড়া ক্ষেত্ৰখনত এতিয়াও বহুত বেছি গুৰুত্ব দিয়া হোৱা নাই, বিভিন্ন ধৰণৰ সুবিধা এতিয়াও ক্ৰীড়া ক্ষেত্ৰখনত উপলব্ধ নহয়। যাৰ বাবে ক্ৰীড়াকে একমাত্ৰ কেৰিয়াৰ হিচাপে নিৰ্বাচিত কৰিবলৈ এজন খেলুৱৈৰ সন্মুখত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানে দেখা দিয়ে। অৱশ্যে বৰ্তমান সময়ত খেলুৱৈ সকলক চৰকাৰে বিভিন্ন সুবিধা প্ৰদান কৰা পৰিলক্ষিত হৈছে। কিন্তু নানান সমস্যা তথা প্ৰত্যাহ্বানৰ মাজতো তয়াবুন নিছাৰ মতে এজন খেলুৱৈয়ে সফলতা অৰ্জন কৰিব পাৰে। ইয়াৰ বাবে প্ৰয়োজন হয় কঠোৰ পৰিশ্ৰমৰ। সাম্প্ৰতিক সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ শিৱ থাপা (Shiva Thapa), মেৰী কম (Mary Kom) ইত্যাদিয়ে নিজৰ দক্ষতা দেখুৱাবলৈ সক্ষম হৈছে। 

তয়াবুন নিছাৰ মতে বেলেগ বেলেগ বৃত্তিত সফলতা অৰ্জন কৰিবলৈ যিদৰে  বহু বছৰৰ প্ৰশিক্ষণ আৰু অভিজ্ঞতাৰ প্ৰয়োজন হয় ঠিক সেইদৰে এথলেটিকছত পদক জিকিবলৈও কমেও চাৰি পাঁচ বছৰৰ নিৰন্তৰ প্ৰচেষ্টা আৰু কঠোৰ প্ৰশিক্ষণৰ প্ৰয়োজন। তয়াবুন নিছাই বিশ্বাস কৰে যে, গ্ৰাম্য অঞ্চলৰ যুৱক-যুৱতীসকলৰ  আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এথলেটিকছত অৰ্জনকাৰী সফলতা অৰ্জন কৰিব বাবে দৃঢ়তা, সাহস আৰু প্ৰতিশ্ৰুতি আছে। তেখেতৰ মতে কোনো সংস্থাই যদি গ্ৰাম্য অঞ্চলৰ যুৱক-যুৱতী সকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ ব্যৱস্থা কৰে তেন্তে নিশ্চিত ভাৱে সফলতা অৰ্জন কৰিব পাৰিব।

তেখেতৰ মতে আগ্ৰহ থাকিলে এথলেটিকছৰ ক্ষেত্ৰখনত শূন্যৰ পৰাও অনুশীলন আৰম্ভ কৰিও সফলতাৰ দৌৰত আগবাঢ়ি যাব পাৰি। ইয়াৰ বাবে মনৰ‌ দৃঢ়তাহে প্ৰয়োজন। বৰ্তমান সময়ত অসমৰ ক্ৰীড়া জগতত এথলেটিকছৰ ক্ষেত্ৰখনত বিভিন্ন সুবিধা উপলব্ধ যদিও বহু ব্যক্তি আজিৰ সময়তো এথলেটিকছৰ প্ৰতি আগ্ৰহী হোৱা পৰিলক্ষিত নহয়।

খেলুৱৈ জীৱনৰ পৰৱৰ্তী কাল | Next period of life as a Athlete

ভাৰতীয় ৰে’ল সেৱা বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত তয়াবুন নিছা গুৱাহাটীৰ আদাবাৰীত অৱস্থিত Nishad Physical Training Centre ত শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে অসম অলিম্পিক এছ’চিয়েচন, মহাৰাণা ক্লাব আৰু অসম এথলেটিক এছ’চিয়েচনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে। গুৰুত্বপূৰ্ণ কথা যে তয়াবুন নিছাই অসম এথলেটিকছ এছ’ছিয়েছনৰ উপ-সভাপতি আৰু সাধাৰণ সম্পাদিকা হিচাপেও নিজৰ দায়িত্ব পালন কৰিছিল।

Also Read: জীৱনী: উদ্ধৱ ভৰালী | Biography of Uddhab Bharali

সামৰণি | Conclusion

নিজৰ একাগ্ৰতা, সাধনা তথা অধ্যবসায়ৰ জৰিয়তে নিজৰ প্ৰতিভাৰ বলতেই সমাজত নিজৰ স্থিতি সবল কৰিবলৈ তথা চিনাকি দিবলৈ সক্ষম হোৱা তয়াবুন নিছা (Tayabun Nisha) হ’ল নৱ-প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস। ইয়াৰ ওপৰিও অতি ৰক্ষণশীল পৰিয়ালৰ পৰা গৈ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত পদক অৰ্জন কৰি ক্ৰীড়া জগতত এটা নতুন ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা তেওঁ নাৰী সমাজৰ বাবেও এক আদৰ্শ। তয়াবুন নিছাৰ কঠোৰ জীৱন সংগ্ৰামে প্ৰতিপন্ন কৰে যে, কৰ্তব্যনিষ্ঠা,সাহস, একাগ্ৰতা, বুদ্ধিদীপ্ততা, লক্ষ্যত উপনীত হ’বলৈ দৃঢ়তা থাকিলে কোনো কাৰকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব নোৱাৰে।

Also Read: জীৱনী: পদ্মনাথ গোহাঞি বৰুৱা | Padmanath Gohain Baruah Biography

FAQ

১) তয়াবুন নিছাৰ জন্ম কʼত আৰু কেতিয়া হৈছিল?

উঃ- ১৯৫৩ চনত শিৱসাগৰ জিলাৰ, ধাই আলিত।

২) তয়াবুন নিছা কোন হয়?

উঃ- তায়াবুন নিশা এগৰাকী ভাৰতীয় প্ৰাক্তন খেলুৱৈ। তেওঁ নিজৰ খেলুৱৈ প্ৰতিভাৰ প্ৰদৰ্শনৰ বাবে জনাজাত হৈছিল যেতিয়া তেওঁ ১৯৭৪ চনত ডিচকাছ দলিওৱাত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছিল আৰু কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত দেশক প্ৰতিনিধিত্ব কৰিছিল।

৩) তয়াবুন নিছায়ে কেতিয়া ‘Woman of Substance Award’ পাইছিল?

উঃ- ২০১৬ চনত।

৪) তয়াবুন নিছায়ে ডিচকাছ দলিওৱাত ৰাষ্ট্ৰীয় অভিলেখ কেনেকৈ ভংগ কৰিছিল?

উঃ- তয়াবুন নিছাই ২৯.৩২ মিটাৰ দূৰত্বত ডিছকাছ থ্ৰʼ(Discus throw) কৰি বাৰ বছৰ পুৰণি ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি নতুনকৈ ৰাষ্ট্ৰীয় অভিলেখ সৃষ্টি কৰিছিল।

৫) অসমৰ প্ৰথম মহিলা খেলুৱৈ কোন?

উঃ- তয়াবুন নিছা। ১৯৭১ চনত তয়াবুন‌ নিছাই আহমেদাবাদত অনুষ্ঠিত হোৱা  ৯ ম আন্তঃৰাজ্যিক এথলেটিক প্ৰতিযোগিতা (9th Inter-state Athletic Competition)-ত অংশগ্ৰহণ কৰি তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল আৰু অসমৰ প্ৰথম মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top