জীৱনী: ৰাণী লক্ষ্মীবাই- ঝান্সিৰ ৰাণী | Rani Laxmi Bai Biography

ৰাণী লক্ষ্মীবাই | Rani Laxmi Bai Essay in Assamese | Biography of Rani Laxmi Bai in Assamese | ৰাণী লক্ষ্মীবাই বিষয়ে জীৱনী | ৰাণী লক্ষ্মীবাই বিষয়ে ৰচনা | ৰাণী লক্ষ্মীবাইৰ চমু পৰিচয়।

Join Telegram channel

ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্রামৰ ইতিহাসত নিজৰ নাম  সােণালী আখৰেৰে লিখি থৈ যোৱা ৰাণী লক্ষ্মীবাই (Rani Laxmi Bai) হ’ল  সাহসৰ এটা অন্য নাম। প্ৰৱল দেশপ্ৰেমী তথা জাতীয়তাবাদী অন্তৰৰ শক্তিশালী ব্যক্তিত্বৰ গৰাকী ৰাণী লক্ষ্মীবাই হ’ল ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ‌ প্ৰথম অৱস্থাতে‌ দেশৰ প্ৰতি থকা নিজস্ব দায়বদ্ধতা প্ৰমাণ কৰিছিল। মহিলাৰ ওপৰত আৰোপিত হৈ থকা সমাজ ব্যৱস্থাৰ বিভিন্ন প্ৰত্যাহ্বান অতিক্ৰম কৰি তেওঁ দেশৰ স্বাৰ্থত দেশপ্ৰেমৰ এক উজ্জ্বল প্ৰতিভু হিচাপে দেখা দিছিল।

সাহসী, স্পষ্টবাদী ব্যক্তিত্বৰ অধিকাৰী ৰাণী লক্ষ্মীবাইৰ কৰ্তব্যনিষ্ঠা, দেশপ্ৰেম তথা সমাজসেৱাৰ জৰিয়তে ভাৰতীয় সমাজত এক আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ যোৱাৰ সমান্তৰালকৈ নিজৰ কামৰ জৰিয়তে ভাৰতীয় জাতীয় ইতিহাসত এটা সোণালী অধ্যায় ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ৰচি থৈ গৈছে।

ৰাণী লক্ষ্মীবাই rani laxmi

ৰাণী লক্ষ্মীবাই জীৱনী | Rani Laxmi Bai Biography

নাম (Name)ৰাণী লক্ষ্মীবাই (Rani Laxmi Bai[1])
প্ৰকৃত নাম (Real Name)মণিকৰ্ণিকা টাম্বে
জন্ম চন (Date of Birth)১৯ নৱেম্বৰ, ১৮২৮ চন
জন্ম স্থান (Place of Birth)বাৰাণসী
অভিভাৱক (Parents)পিতৃ/Father: ম’ৰ’পাণ্ট তাম্বে’
মাতৃ/Mother– ভাগীৰথী ছাপ্ৰে’
মৃত্যু (Death)১৮ জুন ১৮৫৮ চন

ভাৰতৰ উত্তৰ দিশত অৱস্থিত ঝান্সি ৰাজ্যৰ ৰাণী আছিল ৰাণী লক্ষ্মীবাই। ব্ৰিটিছে ভাৰতৰ দখল কৰাৰ পিছত ১৮৫৭ চনত আৰম্ভ হোৱা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম যুঁজখনৰ  অন্যতম ৰুণুৱা আছিল ৰাণী লক্ষ্মীবাই। ভাৰতত ব্ৰিটিছ শাসন উফৰাই পেলাবলৈ যত্ন কৰা ৰাণী লক্ষ্মীবাইক ভাৰতীয় ইতিহাসত ভাৰতৰ ‘Joan of Arc’ হিচাপে অভিহিত কৰা হয়।

Also Read: জীৱনী: স্বামী বিবেকানন্দ | Swami Vivekananda Biography

ৰাণী লক্ষ্মীবাই (Rani Laxmi Bai) জন্ম আৰু ব্যক্তিগত জীৱন 

ৰাণী লক্ষ্মীবাইৰ জন্ম হৈছিল ১৮২৮ চনৰ ১৯ নৱেম্বৰত সাতাৰা জিলাৰ অন্তৰ্গত কাশী বাৰাণসীৰ এটা মহাৰাষ্ট্ৰীয় ব্ৰাক্ষ্মণ পৰিয়ালত। তেওঁৰ পিতৃৰ নাম হ’ল ম’ৰ’পাণ্ট তাম্বে’ আৰু মাতৃৰ নাম হ’ল ভাগীৰথী ছাপ্ৰে’ (ভাগীৰথী বাই)। ৰাণী লক্ষ্মীবাই পিতৃয়ে পেচাগত ভাৱে বিথুৰ জিলাৰ পেশ্বা আদালতত কাম কৰিছিল। ৰাণী লক্ষ্মীবাই হিচাপে সমাজৰ সৰ্বস্তৰৰ লোকৰ মাজত পৰিচিত হ’লেও তেওঁৰ প্ৰকৃত নাম আছিল মণিকৰ্ণিকা টাম্বে আৰু সকলোৱে মৰমতে তেওঁক মাতিছিল মনু বুলি।

চাৰি বছৰ বয়সতে মাতৃহাৰা হোৱা বাবে লক্ষ্মীবায়ে পিতৃৰ সাহচৰ্যত ডাঙৰ দীঘল হৈছিল। উল্লেখ্য যে তেওঁ আনুষ্ঠানিক শিক্ষাৰ পৰিৱৰ্তে ঘৰতহে শিক্ষা লাভ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে, এই সময়ৰ সমাজ ব্যৱস্থাত মহিলাৰ স্থান আছিল ঘৰৰ চাৰিসীমাৰ ভিতৰত। কিন্তু ইয়াৰ মাজতো ৰাণী লক্ষ্মীবাইৰ জীৱন ধাৰণৰ প্ৰণালী আছিল আন মহিলাতকৈ কিছু পৃথক। ঘৰৰ ভিতৰতে আৱদ্ধ নাথাকি সেই সময়তো স্বাধীন ভাৱে মাৰ্শাল আৰ্টৰ আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। যাৰ বাবে নিচেই কম বয়সতে ঘোঁৰা চলোৱা, আত্মৰক্ষা, ধনুৰ্বিদ্যা আদি সকলোতে পাৰ্গত হৈ উঠিছিল। এইখিনি সময়ত লক্ষ্মীবাইৰ সংগী আছিল নানা চাহিব, তাণ্টিয়া টোপে, ৰাও চাহিব আৰু অন্যান্য ল’ৰা বন্ধু। উল্লেখ্য যে লক্ষ্মীবাই আছিল তিনিটাকৈ ঘোঁৰাৰ গৰাকী। ঘোঁৰা কেইটাৰ নাম হ’ল- পৱন, সাৰংগী আৰু বাদল।

প্ৰচুৰ বুদ্ধিমত্তাৰ গৰাকী আৰু সাহসী আছিল লক্ষ্মীবাই। উল্লেখ্য যে এবাৰ তেওঁৰ শৈশৱৰ সংগী নানা চাহেব ঘোঁৰাত উঠি থকা অৱস্থাৰ পৰা তললৈ সৰি পৰিছিল। সেই সময়ত লক্ষ্মীবাইয়ে দৃষ্টান্তমূলক সাহস দেখুৱাই নিজৰ ঘোঁৰাৰ পৰা জপিয়াই তেওঁক উদ্ধাৰ কৰিছিল। 

বৈবাহিক জীৱন

গুৰুত্বপূৰ্ণ কথা যে এই সময়ত ভাৰতীয় সমাজ ব্যৱস্থাত মহিলাৰ স্থান পুৰুষৰ সম-পৰ্যায়ৰ নাছিল বাবেই সমাজত বাল্যবিবাহৰ‌ প্ৰচলন আছিল। যাৰ বাবে ১৯৪২ চনত মাত্ৰ চৈধ্য বছৰ বয়সতে ঝান্সীৰ মহাৰাজা ৰজা গংগাধৰ নেৱালকাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল লক্ষ্মীবাই। ৰজা গংগাধৰ নেৱালকাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পৰৱৰ্তী সময়ত সেই সময়ৰ প্ৰচলিত পৰম্পৰা অনুসৰি মণিকৰ্ণিকা টাম্বেৰ পৰিৱৰ্তে তেওঁক ‘ৰাণী লক্ষ্মীবাই’ বুলি নামাকৰণ কৰা হয়। ঝাঞ্চী ৰাজ্যৰ ৰাণী হোৱাৰ পিছত ‌লক্ষ্মীবাইয়ে ৰাজ্যখনৰ ক’লাৰ লগতে সামৰিক বিষয়ৰ ওপৰতো জ্ঞান অৰ্জন কৰিবলৈ প্ৰয়াস কৰিছিল। 

বিবাহৰ পৰৱৰ্তী সময়ত ৰাণী লক্ষ্মী বাই ১৮৫১ চনত এটা পুত্ৰ সন্তানৰ মাতৃ হয় যদিও দুৰ্ভাগ্যবশতঃ প্ৰায় চাৰি মাহ বয়সত ৰাণী লক্ষ্মীবাইৰ পুত্ৰ দামোদৰ ৰাওৱে মৃত্যুক সাৱটি লয়। অৱশ্যে পুত্ৰ সন্তানটিৰ অকাল মৃত্যুৰ পিছত ৰজা গংগাধৰ নেৱালকাৰ আৰু ৰাণী লক্ষ্মীবায়ে‌ সম্পৰ্কীয় আনন্দ ৰাওক নিজৰ পুত্ৰ হিচাপে তুলি লৈছিল। পৰৱৰ্তী সময়ত আনন্দ ৰাও‌ নামটো দামোদৰ ৰাওলৈ ৰূপান্তৰ কৰা হৈছিল। উল্লেখ্য যে পুত্ৰহাৰা হোৱা ৰাণী লক্ষ্মীবাইয়ে‌ ১৮৫৩ চনৰ ২১ নৱেম্বৰত ‌নিজৰ স্বামীকো হেৰুৱাই অকাল বৈধ্যৱৰ জীৱনক আকোঁৱালি ল’ব লগা হৈছিল।

Also Read: কনকলতা বৰুৱা জীৱনী | Biography of Kanaklata Barua

স্বত্ব বিলোপ নীতিৰ বিৰোধিতা

ৰজা গংগাধৰ নেৱালকাৰৰ অকাল মৃত্যুৰ পিছত গৱৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউচিৰ নেতৃত্বত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ঝান্সিৰ ভৱিষ্যতৰ শাসক তোলনীয়া সন্তান হোৱাৰ অজুহাত দেখুৱাই স্বত্ব বিলোপ নীতিৰ জৰিয়তে ঝান্সি ৰাজ্যক ব্ৰিটিছৰ অধীন কৰাৰ পৰিকল্পনা হাতত লৈছিল।

ব্ৰিটিছৰ এই পৰিকল্পনা তথা ষড়যন্ত্ৰ আছিল হিন্দু আইনৰ বিৰোধী হোৱাৰ লগতে ভাৰতীয় পৰম্পৰাগত প্ৰথাৰো বিৰোধী। উল্লেখ্য যে হিন্দু আইনে সন্তান তুলি লোৱা প্ৰথাক অনুমোদন জনোৱাৰ লগতে তুলি লোৱা সন্তানৰ পিতৃৰ সম্পত্তি আৰু উপাধিৰ উত্তৰাধিকাৰী হিচাপে তুলি লোৱা সন্তানক স্বীকৃতি প্ৰদান কৰিছিল। গতিকে ব্ৰিটিছৰ এই পৰিকল্পনা আছিল অযুক্তিকৰ। ব্ৰিটিছৰ এই অযুক্তিকৰ ৰাণী লক্ষ্মীবাইক ক্ষোভিত কৰি তুলিলেও ঝান্সি ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যবাদৰ অন্তৰ্ভুক্ত হৈছিল। 

লৰ্ড ডেলহাউচিৰ এই অবিবেচক সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰি ৰাণী লক্ষ্মীবাইয়ে লণ্ডনলৈ  কেইবাবাৰো  আৱেদন কৰিছিল যদিও তেওঁৰ আৱেদন প্ৰত্যাখান কৰিছিল ব্ৰিটিছ চৰকাৰে। এই প্ৰত্যাহ্বানৰ সময়চোৱাত ৰাণী লক্ষ্মীবাইয়ে “মেৰি ঝাঁচী নহী দুংগী” বুলি পণ গ্ৰহণ কৰি নিজৰ ৰাজ দুৰ্গ এৰিবলৈ নিদেৰ্শ দিয়াৰ পিছতো দূৰ্গ ত্যাগ নকৰি ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ বিদ্ৰোহী হৈ পৰিছিল তেওঁ। গুৰুত্বপূৰ্ণ কথা যে ৰাণী লক্ষ্মীবাইক ব্ৰিটিছে দূৰ্গ এৰিবলৈ নিদেৰ্শ দি ১৮৫৪ চনত মাহে ৫০০০ টকাৰ পেঞ্চন দিয়াৰ কথাও ব্যক্ত কৰিছিল।

Also Read: লক্ষ্মীনাথ বেজবৰুৱা | Lakshminath Bezbaroa

স্বাধীনতাৰ সংগ্ৰামৰ যুদ্ধ

উল্লেখ্য যে কেৱল ঝান্সিয়ে নহয় সমগ্ৰ ভাৰততে স্বত্ব বিলোপ নীতিৰ জৰিয়তে ব্ৰিটিছে ইখনৰ পাছত সিখনকৈ ৰাজ্য অধিগ্ৰহণ কৰিছিল যাৰ বাবে ১৮৫৭ চনৰ ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতত স্বাধীনতাৰ সংগ্ৰামৰ প্ৰথম খন যুদ্ধ আৰম্ভ হয়, ইয়াক ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ বুলি জনা যায়। উল্লেখ্য যে চিপাহী বিদ্ৰোহ মিৰাটত সূত্ৰপাত হৈ দিল্লী, লক্ষ্ণৌ, কানপুৰ, এলাহাবাদ, পঞ্জাৱ, মধ্য ভাৰত আৰু দেশৰ অন্যান্য প্ৰান্তলৈ বিয়পি পৰিছিল।  উল্লেখ্য যে এই বিদ্ৰোহত বিপ্লৱী সকলে বাহাদুৰ শ্বাহ জাফৰ আৰু নানা চাহেবক তেওঁলোকৰ ৰজা হিচাপে ঘোষণা কৰিছিল। ৰাণী লক্ষ্মীবায়েও সবল ভাৱে অংশগ্ৰহণ কৰি ১৮৫৭ চনৰ জুন মাহত ঝান্সি দখল কৰে আৰু তেওঁৰ নাবালক পুত্ৰ দামোদৰৰ হৈ ঝান্সিৰ শাসনৰ দায়িত্ব লয়।

ইয়াৰ পৰৱৰ্তী সময়ত ১৯৫৮ চনৰ ২০ মাৰ্চ তাৰিখে ব্ৰিটিছে ঝান্সি পুনৰ দখল কৰিবলৈ Sir Hugh Rose ৰ নেতৃত্বত এক বিশাল সৈন্যবাহিনী ঝান্সিলৈ প্ৰেৰণ কৰিছিল। এই শক্তিশালী সৈন্যবাহিনীয়ে ঝান্সিৰ দূৰ্গত এনেদৰে আক্ৰমণ চলাইছিল যে, মহিলা আৰু শিশুবোৰ থাকিবলৈ কোনো ঠাই পোৱা নাছিল। ৰাণী লক্ষ্মীবায়ে এই সময়ত বিশাল সৈন্যবাহিনীৰ সৈতে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজত নামি পৰাৰ সমান্তৰালকৈ তান্তিয়া টোপেৰ পৰা সহায় লৈছিল। এই যুঁজত ঝান্সি আৰু ব্ৰিটিছ সৈন্য বাহিনী এই দুয়োটা ফৈদেই লোকচানৰ সন্মুখীন হ’ব লগা হৈছিল। গুৰুত্বপূৰ্ণ কথা যে, এই সময়ত ৰাণী লক্ষ্মীবাইয়ে তেওঁৰ নাবালক পুত্ৰ দামোদৰ ৰাওক পিঠিত বান্ধিয়ে বাদল নামৰ ঘোঁৰাটোৰ পিঠিত উঠি প্ৰবল পৰাক্ৰমেৰে ব্ৰিটিছৰ বিৰুদ্ধে ৰণত নামি পৰিছিল। অৱশ্যে দুৰ্ভাগ্যবশতঃ ব্ৰিটিছ সকলেই এই যুঁজত জয়ী হৈছিল।

মৃত্যু

ইয়াৰ পৰৱৰ্তী সময়ত ৰাণী লক্ষ্মীবাই তেওঁৰ অনুগামীসকলৰ সৈতে পলাই গৈ গোৱালিয়ৰত আশ্ৰয় লৈছিল। কিন্তু গোৱালিয়ৰ অন্তৰ্গত Kotah-ki-Serai নামৰ ঠাইত পুনৰ ব্ৰিটিছ সৈন্যৰ সৈতে ৰণৰ মুখামুখি হৈছিল ৰাণী লক্ষ্মীবাই। পুত্ৰক পিঠিত বান্ধি  আৰু হাতত তৰোৱাল লৈও প্ৰৱল পৰাক্ৰমেৰে যুঁজ দিয়া ৰাণী লক্ষ্মীবাইক এজন ইংৰাজ সৈনিকে আঘাতপ্ৰাপ্ত কৰি ঘোঁৰাৰ পৰা বাগৰাই পেলাইছিল। এই অৱস্থাতো মনোবল হেৰুৱায় নেপেলাই লক্ষ্মীবাইয়ে যুঁজ দিছিল। কিন্তু পৰৱৰ্তীসময়ত কাৰ্বাইনেৰে শেষ গুলীৰে ব্ৰিটিছ সৈনিকে নিৰ্মম ভাৱে হত্যা কৰিছিল লক্ষ্মীবাইক। মৃত্যুৰ আগমুৰ্হুততো নিজৰ স্বাভীমান ত্যাগ নকৰা ৰাণী লক্ষ্মীবাইৰ শেষ ইচ্ছা আছিল ব্ৰিটিছে তাতে তেওঁৰ শৰীৰটো স্পৰ্শ কৰিব নোৱাৰে। যাৰ বাবে ৰাণী লক্ষ্মীবাইৰ অনুগত পৰিচাৰকে মৃত্যুৰ লগে লগে শৰীৰটো আঁতৰাই চিতা জ্বলাই দিয়ে। এইদৰেই ১৮৫৮ চনৰ ১৮ জুনত গোৱালিয়ৰৰ Kotah-ki-Serai শ্বহীদ হৈছিল স্বাভীমানী‌‌ দেশপ্ৰেমিক ৰাণী লক্ষ্মীবাইৰ।

Also Read: জীৱনী: তয়াবুন নিছা | Biography of Tayabun Nisha

সামৰণি

ভাৰতীয় ইতিহাসত বৰ্তমান সময়লৈকে উজ্জ্বলী থকা এগৰাকী সাহসী আৰু শক্তিশালী মহিলা যুদ্ধা হ’ল ঝান্সিৰ ৰাণী লক্ষ্মীবাই (Rani Lakshmi Bai)। ভাৰতীয়সকলক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ প্ৰৱল পৰাক্ৰমেৰে  সংগ্ৰাম কৰি শ্বহীদ হৈছিল তেওঁ। ৰাণী লক্ষ্মীবাই হ’ল দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ এক গৌৰৱময় উদাহৰণ। তেওঁ হ’ল সমগ্ৰ দেশৰ জনতাৰ বাবে অনুপ্ৰেৰণাৰ উৎস। তেওঁৰ নাম  ভাৰতৰ ইতিহাসত সোণালী আখৰত সদায় লিপিবদ্ধ হৈ থকাৰ লগতে  প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত সজীৱ হৈ থাকিব।

FAQ

১) ৰাণী লক্ষ্মীবাইৰ শিশুকালৰ নাম কি আছিল?

উত্তৰৰাণী লক্ষ্মীবাইৰ শিশুকালৰ নাম আছিল মণিকৰ্ণিকা টাম্বে।

২) ৰাণী লক্ষ্মীবায়ে স্বাধীনতা আন্দোলনত কিদৰে অংশ‌ লৈছিল?

উত্তৰ ৰাণী লক্ষ্মীবাইয়ে “মেৰি ঝাঁচী নহী দুংগী” বুলি পণ গ্ৰহণ কৰি পুত্ৰক পিঠিত বান্ধি  আৰু হাতত তৰোৱাল লৈও প্ৰৱল পৰাক্ৰমেৰে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল। ১৮৫৮ চনৰ ১৮ জুনত গোৱালিয়ৰৰ Kotah-ki-Serai শ্বহীদ হৈছিল স্বাভীমানী‌‌ দেশপ্ৰেমিক ৰাণী লক্ষ্মীবাইৰ।

৩) ৰাণী লক্ষ্মীবাইৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?

উত্তৰৰাণী লক্ষ্মীবাইৰ পিতৃৰ নাম হ’ল – ম’ৰ’পাণ্ট তাম্বে’ আৰু মাতৃৰ নাম হ’ল – ভাগীৰথী ছাপ্ৰে’ (ভাগীৰথী বাই)।

৪) ভাৰতৰ ইতিহাসত Joan of Arc হিচাপে কাক অভিহিত কৰা হয়?

উত্তৰভাৰতৰ ইতিহাসত Joan of Arc হিচাপে ৰাণী লক্ষ্মীবাইক অভিহিত কৰা হয়।

৫) ৰাণী লক্ষ্মীবাইৰ জন্ম কʼত হৈছিল?

উত্তৰ- সাতাৰা জিলাৰ অন্তৰ্গত কাশী বাৰাণসীৰ এটা মহাৰাষ্ট্ৰীয় ব্ৰাক্ষ্মণ পৰিয়ালত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top