জীৱনী: অম্বিকাগিৰী ৰায়চৌধুৰী- অসমীয়া সাহিত্যিক | Ambikagiri Raichoudhury Biography

অম্বিকাগিৰী ৰায়চৌধুৰী | Ambikagiri Raichoudhury Essay in Assamese | Biography of Ambikagiri Raichoudhury in Assamese | অম্বিকাগিৰী ৰায়চৌধুৰী বিষয়ে জীৱনী | অম্বিকাগিৰী ৰায়চৌধুৰী বিষয়ে ৰচনা | অম্বিকাগিৰী ৰায়চৌধুৰীৰ চমু পৰিচয়।

Join Telegram channel

সমগ্ৰ জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা আৰু জাগৰণৰ চেতনা সঞ্চাৰিত কৰিবলৈ চেষ্টা কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতি সাধনৰ অৰ্থে অহোপুৰুষাৰ্থ কৰা অম্বিকাগিৰী ৰায়চৌধুৰী (Ambikagiri Raichoudhury) হ’ল কুৰি শতিকাৰ অসমৰ এজন খ্যাতমান কবি, গায়ক, নাট্যকাৰ, অভিনেতা, শক্তিশালী গদ্য-লেখক, সংবাদ-সেৱী, আলোচনী সম্পাদক, দেশপ্ৰেমিক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সংগ্ৰামী সেনা। 

অম্বিকাগিৰী ৰায়চৌধুৰী Ambikagiri

অম্বিকাগিৰী ৰায়চৌধুৰী জীৱনী | Ambikagiri Raichoudhury Biography

নাম (Name)অম্বিকাগিৰী ৰায়চৌধুৰী (Ambikagiri Raichoudhury[1])
জন্ম চন (Date of Birth)১৮ ডিচেম্বৰ, ১৮৮৫ চন (18th December, 1885)
জন্ম স্থান (Place of Birth)বৰপেটা, অসম (Barpeta, Assam)
অভিভাৱক (Parents)পিতৃ (Father) : কৃষ্ণৰাম ৰায়চৌধুৰী
মাতৃ (Mother) : দৈৱকী দেৱী
শিক্ষা (Education)১) প্ৰাথমিক শিক্ষা – বৰপেটা
২) মাধ্যমিক শিক্ষা – সোণাৰাম উচ্চ ইংৰাজী বিদ্যালয়, গুৱাহাটী              
বঁটা / সন্মান (Awards)১) সাহিত্য অকাদেমি বঁটা (১৯৬৭ চন)
২) অসম কেশৰী
৩) অগ্নিকবি
৪) বিপ্লৱী কবি
৫) ডেকাগিৰী
৬) ৰায়গিৰী
মৃত্যু (Death)২ জানুৱাৰী, ১৯৬৭ চন

Also Read: অচ্যুত লহকৰ জীৱনী | Biography of Achyut Lahkar

অম্বিকাগিৰী ৰায়চৌধুৰী প্ৰাৰম্ভিক জীৱন | Ambikagiri Raichoudhury

১৮৮৫ চন ১৮ ডিচেম্বৰ তাৰিখে বৰপেটাৰ বিখ্যাত ৰায়চৌধুৰী পৰিয়ালত অম্বিকাগিৰী ৰায়চৌধুৰী ৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল- কৃষ্ণৰাম ৰায়চৌধুৰী আৰু মাতৃৰ নাম আছিল- দেৱকী দেৱী।‌ অম্বিকাগিৰী ৰায়চৌধুৰীৰ পিতৃ কৃষ্ণৰাম ৰায়চৌধুৰী হস্ত বিদ্যাত পাৰ্গত এজন নিপুণ কৰ্মী আছিল। কিন্তু দুৰ্ভাগ্যজনক ভাৱে অকালতে কৃষ্ণৰাম ৰায়চৌধুৰীয়ে ইহলীলা সম্বৰণ কৰে।  পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী জনৰ মৃত্যু হোৱাৰ বাবে দৈৱকী দেৱীয়ে নানান সমস্যা, প্ৰত্যাহ্বানৰ মাজত অম্বিকাগিৰী ৰায়চৌধুৰী সহ: আন তিনিটা সন্তানক ডাঙৰ দীঘল কৰে। গুৰুত্বপূৰ্ণ কথা যে অম্বিকাগিৰী ৰায়চৌধুৰীৰ মাতৃ দৈৱকী দেৱী এগৰাকী সাংস্কৃতিক মনোভাৱ সপন্ন মহিলা আছিল। 

দৰিদ্ৰতাই কোঙা কৰি নিয়াৰ পিছতো অম্বিকাগিৰী ৰায়চৌধুৰী হতাশ হোৱা নাছিল। পিতৃৰ বিয়োগৰ বাবে মোমায়েকৰ তত্ত্বাৱধানত পঢ়া শুনা কৰিছিল তেওঁ। বৰপেটাতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে গুৱাহাটীত অৱস্থিত সোণাৰাম উচ্চ ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰে। কিন্তু গুৰুত্বপূৰ্ণ কথা যে অষ্টম শ্ৰেণীলৈকেহে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে। 

আন্দোলনকাৰী ৰূপে অম্বিকাগিৰী ৰায়চৌধুৰী | Ambikagiri Raichoudhury as Agitator

আনুষ্ঠানিক শিক্ষা বিসৰ্জন দি ১৯০৫ চনত সূচনা হোৱা বংগ ভংগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে ব্ৰিটিছ সকলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সূচনা কৰে তেওঁ। অম্বিকাগিৰী ৰায়চৌধুৰীয়ে যে কেৱল প্ৰতিবাদৰ সূচনা কৰিল এনে নহয় তেওঁ সেই সময়ত কলিকতাত জন্ম হোৱা এনার্কিষ্ট দলত (অর্থাৎ অৰাষ্ট্রবাদী) যোগদান কৰাৰ লগতে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সূচনা কৰিবলৈ অসমতো এনার্কিষ্ট দলৰ শাখা গঠন কৰে৷ ইয়াৰ উপৰিও অম্বিকাগিৰী ৰায়চৌধুৰীয়ে বিভিন্ন বাতৰি কাকত, আলোচনীত ব্ৰিটিছ সকলৰ বিৰুদ্ধে নানান প্ৰৱন্ধ লিখি প্ৰকাশ কৰিছিল। 

কলমেৰে জনতাক জাগৃত কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা ৰায়চৌধুৰীয়ে ১৯০৫ চনত ‘বন্দিনী ভাৰতʼ নাম দি এখন নাটক ৰচনা কৰি জনগণৰ মাজত প্রচাৰ কৰিছিল৷ কিন্তু ব্রিটিছ চৰকাৰে নাটকখনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি নাটকৰ পাণ্ডুলিপি জব্দ কৰাৰ লগতে ব্ৰিটিছ বিৰোধী বিভিন্ন কাম কাজত লিপ্ত থকাৰ বাবে ব্ৰিটিছ চৰকাৰে  ১৯০৮ চনৰ পৰা ১৯১৫ চনলৈ বৰপেটাত নজৰবন্দী কৰি ৰাখিছিল অম্বিকাগিৰী ৰায়চৌধুৰীক।

Also Read: জীৱনী: গুণাৰাম খনিকৰ- অসমৰ প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ | Gunaram Khanikar Biography

কীৰ্তিস্তম্ভ

ব্ৰিটিছৰ নজৰবন্দী হৈ থকা এই দীঘলীয়া সময়ত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ৰাজনৈতিক কাৰ্য্যকলাপত অংশগ্ৰহণ নকৰিলেও বৰপেটাৰ বিভিন্ন  সামাজিক সংগঠনমূলক আৰু সাহিত্য-সংস্কৃতিমূলক কামত আত্মনিয়োগ কৰিছিল। তেখেতে সেই সময়ত বৰপেটা অঞ্চলৰ পৰিৱেশ স্বাস্থ্যসন্মত কৰি ৰখাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ উপৰিও দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে ৰাইজৰ বৰঙণিৰে পুঁজি গঠনৰ কাম হাতত লৈছিল। সাধাৰণ ৰাইজক শাৰীৰিক ভাৱে সফল কৰি ৰখাৰ উদ্দেশ্যে ব্যায়ামগাৰ স্থাপন কৰিছিল। ইয়াৰ উপৰিও তেখেতে  থলুৱা ঢুলীয়া চাৰ্কাচৰ সংশোধিত ৰূপত শংকৰদেৱ চাৰ্কাচ সংগঠন, অসমীয়া লোকগীত আৰু বৰগীত চৰ্চাৰ বাবে মানুহক উৎসাহিত কৰা, অনুপ্ৰাণিত কৰা আদি বিভিন্ন ইতিবাচক কাম হাতত লৈছিল।

ব্ৰিটিছৰ নজৰবন্দীত্বৰ সময় শেষ হোৱা পিছত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ১৯১৫ চনত ডিব্ৰুগড়লৈ যাত্ৰা কৰে। তেখেতে ডিব্ৰুগড়ত ৰেল বিভাগত টাইপিষ্ট, সংগীত শিক্ষক আদি হিছাপে কৰ্মৰত হোৱাৰ লগতে সেই সময়ত ডিব্ৰুগড়ৰৰ পৰা প্ৰকাশিত হোৱা আসম বান্ধৱ নামৰ কাকতখনত সহকাৰী সম্পাদক হিচাপে দায়িত্বভাৰ হাতত লয়। কিন্তু ১৯১৮ চনত অম্বিকাগিৰী ৰায়চৌধুৰী ডিব্ৰুগড় ত্যাগ কৰি গুৱাহাটীলৈ আহে আৰু গুৱাহাটীত ব্যক্তিগত প্ৰচেষ্টাৰে অৰুণা নামেৰে এটা প্ৰেছ প্ৰতিষ্ঠা কৰে আৰু প্ৰেছৰ পৰাই ১৯১৮ চনত অসমৰ ডেকা শক্তিক জাগ্ৰত কৰিবলৈ গণ সচেতনামূলক বিপ্লৱী ভাবাদৰ্শৰে চেতনা’ নামৰ এখন আলোচনী প্ৰকাশ কৰে।

অসহযোগ আন্দোলন

ইয়াৰ পৰৱৰ্তী সময়ত ১৯২০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা অসহযোগ আন্দোলনত  ৰায়চৌধুৰীয়ে সক্ৰিয় অংশগ্ৰহণ কৰে। অম্বিকাগিৰী ৰায়চৌধুৰী আছিল মহামানৱ মহাত্মা গান্ধীৰ এজন অনুগামী। গুৰুত্বপূৰ্ণ কথা যে সেই সময়ত অম্বিকাগিৰী ৰায়চৌধুৰী কংগ্ৰেছৰ সাংগঠনিক কাৰ্যৰ বাবে ডিক্টেটৰ  নিয়োজিত হৈছিল। অসহযোগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ বাবেই ব্ৰিটিছ চৰকাৰে ৰায়চৌধুৰীক দুবছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহে। গুৰুত্বপূৰ্ণ কথা যে অম্বিকাগিৰী ৰায়চৌধুৰীৰ কাৰাবন্দীত্বৰ কালতেই সাময়িক ভাৱে বন্ধ হৈ থকা  অৰুণা প্ৰেছত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় আৰু সকলো ভষ্মিভূত হৈ যায়।

প্ৰতিনিয়ত অসম তথা অসমীয়াৰ স্বাৰ্থ সুৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ কৰা অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসমীয়া যুৱ-প্ৰজন্মক জাগ্ৰত আৰু আত্মপ্ৰতিষ্ঠা কৰি তুলিবৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছিল। ইয়াৰ বাবেই অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ১৯২৬ চনত অসম সংৰক্ষিণী সভা’ প্ৰতিষ্ঠা কৰে। আৰু ইয়াৰ পৰৱৰ্তী সময়ত অসম সংৰক্ষিণী সভাক সম্প্ৰসাৰিত কৰি ১৯৩৫ চনত অসম জাতীয় মহাসভা’ প্ৰতিষ্ঠা কৰে। গুৰুত্বপূৰ্ণ কথা যে অসম জাতীয় মহাসভাৰ জৰিয়তে ৰায়চৌধুৰীয়ে আত্ম প্ৰতিষ্ঠাৰ বিভিন্ন দিশ অসমীয়া জনতাৰ সন্মুখত দাঙি ধৰিছিল। ইয়াৰ উপৰিও অসম জাতীয় মহাসভাৰ মুখপত্ৰ হিচাপে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ডেকা অসম’ নামৰ এখন আলোচনীও প্ৰকাশ কৰিছিল। ৰায়চৌধুৰীয়ে ভাৰত ঐক্য সাধন সমাজ’ নামেৰে এটা স্বেচ্ছাসেৱী সংগঠন ১৯৫৫ চনত গঠন কৰিছিল। তেখেতে অসম আত্মৰক্ষী বাহিনী গঠন কৰিছিল অসমীয়া হিন্দু-মুছলমানক ঐক্যবদ্ধ প্ৰচেষ্টাৰে সংগঠিত কৰাৰ উদ্দেশ্যেৰে।

স্বদেশী কিনক সংঘ খুলি অসমীয়া যুৱকক স্বাৱলম্বিতাৰ পথো প্রদর্শন কৰি অম্বিকাগিৰী ৰায়চৌধুৰীয়ে বংগদেশৰ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ আদৰ্শেৰে হাতে-কামে লাগি ১৯২৭ চনত ‘কামৰূপ মায়াৱিনী কেমিকেল ৱর্কছ’ নামেৰে উদ্যোগ প্রতিষ্ঠা কৰিছিল৷ বিভিন্ন লিখন সামগ্রীৰ উপৰিও দৈনিক ব্যৱহাৰ হোৱা বিভিন্ন ঘৰুৱা সামগ্রীও কামৰূপ মায়াৱিনী কেমিকেল ৱর্কছ’ত তৈয়াৰ কৰা হৈছিল। ইয়াৰ উপৰিও তেখেতে ‘অসমীয়াৰ অধিকাৰ আৰু স্বাৰ্থ সংৰক্ষণী সভা’, ‘অসম শিক্ষা প্ৰচাৰ সমিতি’ স্থাপন কৰিছিল। ইয়াৰ উপৰিও জাতীয় স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ৰায়চৌধুৰীয়ে আমৰণ অনশনৰ সংকল্প কৰিছিল সমষ্টি গঠনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই।

Also Read: লক্ষ্মীনাথ বেজবৰুৱা | Lakshminath Bezbaroa

ভাষা আন্দোলন

গুৰুত্বপূৰ্ণ কথা যে অসমীয়া ভাষা সাহিত্য ৰক্ষাৰ ক্ষেত্ৰত অলপো আপোচ নকৰা অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত অসমীয়াক ৰাজ্যভাষা ঘোষণাত চৰকাৰে ইতস্ততঃ কৰি থকাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে তেখেতেক দিয়া সাহিত্যিক পেঞ্চন বৰ্জন কৰি নিজৰ আপোচহীন মনোভাৱৰ পৰিচয় দিছিল।

ভাষা-সাহিত্যলৈ অৱদান

অসমৰ সমাজ-সংস্কৃতিত ৰূপান্তৰ সাধন কৰি এখন আত্মনিৰ্ভৰশীল অসম গঢ়িবলৈ অহোপুৰুষাৰ্থ কৰা অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসমীয়া ভাষা-সাহিত্যলৈও অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। বিশেষকৈ বিপ্লৱী ভাৱাপন্ন বিভিন্ন ধৰণৰ প্ৰৱন্ধ, কবিতা ৰচনা কৰি তেওঁ অসমীয়াক জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল। অসহযোগ আন্দোলনৰ সময়ত জে’লত ভোগা শাস্তিৰ অভিজ্ঞতাৰে আন সংগ্ৰামীসকলক অনুপ্ৰেৰণা যোগাবলৈ তেখেতে তই ভাঙিব লাগিব শিল’, ‘ধৰ ঝাৰু ধৰ ভাই’, ‘কি দেখাবি ভয় কাৰাগাৰ  আদি কবিতা ৰচনা কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে কাৰাবন্দী হৈ থকা সময়ত যিসমূহ বিপ্লৱী কবিতা ৰচনা কৰিছিল পৰৱৰ্তী সময়ত সেইসমূহ “Songs of the Cell” শিৰোনামাৰে ইংৰাজী ভাষালৈ অনুদিত হোৱাৰ লগতে এই শিৰোনামাৰেই প্ৰকাশিত হৈছিল। গুৰুত্বপূৰ্ণ কথা যে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ৰচনা কৰা বিপ্লৱী কবিতাৰ পংক্তিসমূহ বিপ্লৱৰ সময়ত শ্লোগান হিচাপেও সাধাৰণ জনতাৰ মুখে মুখে প্ৰচলিত হৈছিল।

সাহিত্য কীৰ্তি

ইয়াৰ উপৰিও অম্বিকাগিৰী ৰায়চৌধুৰীৰ উল্লেখযোগ্য কবিতা পুথি সমূহ হ’ল- ‘তুমি’, ‘বীণা’ (১৯৪৬), ‘অনুভূতি’, ‘আহুতি’ (১৯৫৪) ‘স্থাপন কৰ’, ‘স্থাপন কৰ’ (১৯৫৮), ‘বন্দো কি ছন্দেৰে’ (১৯৫৯), ‘বেদনাৰ উল্কা’ (১৯৬৪) । গুৰুত্বপূৰ্ণ কথা যে ১৯৬৪ চনত প্ৰকাশিত ‘বেদনাৰ উল্কা’ নামৰ কবিতা পুথিৰ বাবে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ১৯৬৭ চনত ‘সাহিত্য অকাডেমি বঁটা’ লাভ কৰিছিল।

অসমীয়া নাট্য সাহিত্যৰ ক্ষেত্ৰখনলৈও ৰায়চৌধুৰীয়ে উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। অসমৰ বিভিন্ন মঞ্চত সফল ভাৱে মঞ্চস্থ হোৱা ৰায়চৌধুৰীয়ে ৰচনা কৰা নাট সমূহ হ’ল- জয়দ্ৰথ বধ, ভক্ত গৌৰৱ আৰু কল্যাণময়ী। ইয়াৰ উপৰিও ৰায়চৌধুৰৰ প্ৰকাশিত গদ্য সম্ভাৰ হৈছে আহুতি’, ‘ডেকাডেকেৰীৰ বেদ

১৯৫০ চনত মাৰ্ঘেৰিটাত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিৰ দায়িত্ব বহন কৰিছিল অম্বিকাগিৰী ৰায়চৌধুৰীয়ে। ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ লগতে সমগ্ৰ জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা আৰু জাগৰণৰ চেতনা সঞ্চাৰিত কৰিবলৈ চেষ্টা কৰা বাবে অম্বিকাগিৰী ৰায়চৌধুৰীক ‘অসম কেশৰী’ (The lion of Assam) উপাধিৰে বিভূষিত কৰা হয়। ইয়াৰ উপৰিও অম্বিকাগিৰী ৰায়চৌধুৰীক অগ্নিকবি, বিপ্লৱী কবি, ডেকাগিৰী, ৰায়গিৰী বুলিও জনা যায়।

Also Read: জীৱনী: দিপাংকৰ ভট্টাচাৰ্য | Biography of Dipankar Bhattacharjee

সামৰণি

অসম আৰু অসমীয়া জাতিৰ বাবে সৰ্বস্ব ত্যাগ স্বীকাৰ কৰা অম্বিকাগিৰী ৰায়চৌধুৰীয়ে নিজৰ জাতিৰ বাবে নিজৰ ভেটিৰ মাটিকো ত্যাগ কৰিছিল। সাহিত্যৰ মাজেৰে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসমীয়া ৰাইজক নিজৰ ভাষা সংস্কৃতিৰ প্ৰতি সচেতন কৰি তোলাৰ সমান্তৰালকৈ আত্মপ্ৰতিষ্ঠাৰ পথো মুকলি কৰিছিল। তেওঁৰ প্ৰতিটো সৃষ্টি আছিল স্বকীয় গুণেৰে সমৃদ্ধ। অসম আৰু অসমীয়া জাতি-সত্তাৰ বাবে প্ৰতিনিয়ত চিন্তা কৰা বিপ্লৱী সত্বা, অসম কেশৰী অম্বিকাগিৰিয়ে ৮২ বছৰ বয়সত ১৯৬৭ চনৰ ২ জানুৱাৰীত ইহলীলা সম্বৰণ কৰে। 

সাহসী, স্পষ্টবাদী ব্যক্তিত্বৰ অধিকাৰী অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কৰ্তব্যনিষ্ঠা, দেশপ্ৰেম তথা সমাজসেৱাৰ জৰিয়তে অসমীয়া সমাজত এক আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ যোৱাৰ সমান্তৰালকৈ নিজৰ কামৰ জৰিয়তে অসমীয়া জাতীয় ইতিহাসত এটা সোণালী অধ্যায় ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ৰচি থৈ গৈছে বিপ্লৱী, সাহিত্যিক, সমাজ- সংস্কাৰক অম্বিকাগিৰী ৰায়চৌধুৰীয়ে।

FAQ

১) অম্বিকাগিৰী ৰায়চৌধুৰী (Ambikagiri Raichoudhury) কোন আছিল?

উঃ-  অম্বিকাগিৰী ৰায়চৌধুৰী এজন অসম কবি, গীতিকাৰ, গায়ক, শক্তিশালী গদ্য লেখক, সংবাদ কৰ্মী, আলোচনী সম্পাদক, দেশপ্ৰেমী, সমাজকৰ্মী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আগশাৰীৰ স্বাধীনতা সংগ্ৰামী আছিল।

২) অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম কেতিয়া হৈছিল? 

উঃ- ১৮ ডিচেম্বৰ, ১৮৮৫ চনত।

৩) অম্বিকাগিৰী ৰায়চৌধুৰীৰ পিতৃৰ নাম কি আছিল?

উঃ- কৃষ্ণৰাম ৰায়চৌধুৰী।

৪) অম্বিকাগিৰী ৰায়চৌধুৰীৰ মৃত্যুু কেতিয়া হৈছিল? 

উঃ- ২ জানুৱাৰী,১৯৬৭ চনত।

৫) অম্বিকাগিৰী ৰায়চৌধুৰীক ‘অসম কেশৰী’ উপাধি কিয় দিয়া হৈছিল?

উঃ- ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ লগতে সমগ্ৰ জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা আৰু জাগৰণৰ চেতনা সঞ্চাৰিত কৰিবলৈ চেষ্টা কৰা বাবে অম্বিকাগিৰী ৰায়চৌধুৰীক ‘অসম কেশৰী’ (The lion of Assam) উপাধিৰে বিভূষিত কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top