জীৱনী: মণিৰাম দেৱান- অসমৰ চাহৰ আৱিষ্কাৰক | Maniram Dewan Biography

মণিৰাম দেৱান | Maniram Dewan Essay in Assamese | Biography of Maniram Dewan in Assamese | মণিৰাম দেৱান বিষয়ে জীৱনী | মণিৰাম দেৱান বিষয়ে ৰচনা | মণিৰাম দেৱানৰ চমু পৰিচয়।

Join Telegram channel

প্ৰথমজন অসমীয়া উদ্যোগী ব্যক্তি (entrepreneur) হ’ল মণিৰাম দেৱান (Maniram Dewan)। তেওঁ হ’ল এনে এজন ব্যক্তি যি প্ৰায় ডেৰশ বছৰ আগতেই উদ্যোগশীলতাৰ যোগেদি অসমক এক আধুনিক অৰ্থনীতিত পৰিণত কৰাৰ সপোন দেখিছিল।

মণিৰাম দেৱান Maniram

মণিৰাম দেৱান জীৱনী | Maniram Dewan Biography

নাম (Name)মণিৰাম দেৱান (Maniram Dewan[1])
জন্ম চন (Date of Birth)১৮০৬ চনৰ ২৭ এপ্ৰিল (27th April, 1806)
জন্ম স্থান (Place of Birth)চাৰিং, শিৱসাগৰ, অসম
অভিভাৱক (Parents)পিতৃ/Father: মুক্তিয়াৰ ৰামদত্ত,
মাতৃ/Mother: কৌশল্যা
মৃত্যু (Death)২৬ ফেব্ৰুৱাৰী, ১৮৫৮
মৃত্যু স্থান (Place of Death) যোৰহাট, অসম              

Also Read: জীৱনী: ড° জয়ন্তী চুতীয়া- ভাৰতীয় পদাৰ্থবিজ্ঞানী | Joyanti Chutia

মণিৰাম দেৱান প্ৰাৰম্ভিক জীৱন | Early Life of Maniram Dewan

মণিৰাম দেৱানৰ প্ৰকৃত নাম আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা। শিৱসাগৰ জিলাৰ চাৰিঙত ১৮০৬ চনৰ ২৭ এপ্ৰিলত এটা কায়স্থ’ জাতৰ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱাই। স্বৰ্গদেৱ চুহুংমুং বা দিহিঙীয়া ৰজাৰ (১৪৯৭-১৫৩৯) দিনতেই মণিৰামৰ পূৰ্বপুৰুষ কনৌজৰ পৰা অসমলৈ আহিছিল।‌ আহোম ৰজা কমলেশ্বৰ সিংহৰ দোলাকাষৰীয়া বৰুৱা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল মণিৰামৰ পিতৃ মুক্তিয়াৰ ৰামদত্তই। মণিৰামৰ মাতৃ কৌশল্যা আছিল বাৰভূঞা বংশৰ জীয়ৰী।

এক সন্ধিক্ষণৰ মাজত জন্মগ্ৰহণ কৰা মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱাই শৈশৱৰ পৰা কৈশোৰত ভৰি দিয়াৰ সময়চোৱাতে মানে অসম আক্ৰমণ কৰিছিল। মানৰ অসম আক্ৰমণৰ সময়ত সেই সময়ৰ আহোম বিষয়া সকল বিভিন্ন প্ৰান্তত পলাই ফুৰিছিল। মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱাৰ দেউতাক ৰামদত্ত দোলাকাষৰীয়া বৰুৱাও নিজৰ প্ৰাণৰক্ষা কৰিবলৈ স্বৰ্গদেউ পুৰন্দৰ সিংহৰ লগত বেঙ্গলৰ চিলমাৰীত আশ্ৰয় লৈছিল। আৰু  ইয়াতেই ঘৰুৱা শিক্ষকৰ তত্বাৱধানত মণিৰামৰ প্ৰাথমিক শিক্ষাৰ আৰম্ভণি হৈছিল। পৰৱৰ্তী সময়ত ৰামদত্ত দোলাকাষৰীয়া বৰুৱা গোৱালপাৰালৈ স্থানান্তৰ হোৱাৰ পিছত গোৱালপাৰাত শিক্ষা গ্ৰহণ কৰিছিল মণিৰাম দেৱান (Maniram Dewan)।  ভূগোল, বুৰঞ্জী, অৰ্থনীতি, ৰাজনীতি আদি প্ৰায় সকলো বিষয়তে নিজৰ মেধাৱী গুণৰ পৰিচয় দিছিল মণিৰামে।

নিজৰ মেধাৱী গুণৰ লগতে মণিৰাম আছিল অতি চতুৰ, ৰাজনৈতিক আৰু প্ৰশাসনিক ক্ষেত্ৰত অতি দক্ষতা‌ থকা এজন ব্যক্তি। এই সমূহ গুণৰ বাবেই মানক খেদিবলৈ বুলি অহা ব্ৰিটিছ সকলৰ লগত মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱাৰ এক সৌহাদ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল। ১৮২৪ চনৰ পৰা ১৮২৬ চনলৈকে হোৱা প্ৰথম ইঙ্গবাৰ্মা যুদ্ধৰ সময়ত অসমলৈ অহা ব্ৰিটিছ কমিছনাৰ ডেভিড স্কটৰ পথ প্ৰদৰ্শক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা। ভূগোলৰ যথেষ্ট জ্ঞান থকা মণিৰামে ব্রিটিছ চাহাবসকলক অসমৰ বিভিন্ন ঠাইলৈ নিয়াৰ লগতে বিভিন্ন ঠাইত সন্দৰ্ভত ব্রিটিছ সকলক  সম্যক জ্ঞান প্ৰদান কৰিছিল। মণিৰামে ব্রিটিছ চাহাবসকলক অসমৰ বিষয়ে বিভিন্ন তথ্যৰ যোগান ধৰিছিল। যাৰ বাবে তেওঁ ব্ৰিটিছ সকলৰ প্ৰিয় হৈ পৰিছিল।

১৮৩৩ চনৰ ৯ মাৰ্চ তাৰিখে উজনি অসমত স্বৰ্গদেউ পুৰন্দৰ সিংহক ব্ৰিটিছৰ কৰতলীয়া ৰজা হিচাপে সংস্থাপিত কৰা পিছত স্বৰ্গদেউ পুৰন্দৰ সিংহ আৰু ব্ৰিটিছ শাসনৰ মাজৰ যোগাযোগৰ মাধ্যম আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা। সেইসময়ত তেওঁক সকলোৱে “কলিতা ৰজা” অভিধাৰেও অভিহিত কৰিছিল।

Also Read: জীৱনী: সৰোজনী নাইডু- ভাৰতীয় নাইটিংগেল | Sarojini Naidu

কৰ্মজীৱন আৰু কীৰ্তিস্তম্ভ | Professional Life & Achievements

গুৰুত্বপূৰ্ণ কথা যে মণিৰাম দেৱান (Maniram Dewan)-ৰ কৰ্মদক্ষতাৰ বাবেই ১৮২৮ চনত উজনি অসমৰ পলিটিকেল এজেন্ট কেপ্টেইন নিউভিলে তেখেতক উজনি অসমৰ চিৰস্তাদাৰ-তহছিলদাৰ পদত নিযুক্তি দিছিল। চিৰস্তাদাৰ-তহছিলদাৰ নিযুক্ত হৈয়ে মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱাই তেওঁৰ কৰ্মদক্ষতা প্ৰতিফলিত কৰাৰ লগতে ৰাজহ সংগ্ৰহৰ বাবে নতুন পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱাই প্ৰৱৰ্তন কৰা নতুন ৰাজহ নীতিৰ ফলতেই উজনি অসমৰ ৰাজহ ১৮২৭-২৮ চনত ৩৮,৮৩৬ টকাৰ পৰা ১৮২৯-৩০ চনত প্ৰায় ১ লাখ টকালৈ বৃদ্ধি হৈছিল। নিজৰ কৰ্মদক্ষতাৰ জৰিয়তে ব্ৰিটিছৰ পৰা প্ৰশংসা বুলিবলৈ সক্ষম হোৱা মণিৰামেও অসমৰ পৰা মানক খেদিবলৈ সক্ষম হোৱাৰ বাবে ব্ৰিটিছ সকলক প্ৰশংসা কৰাৰ লগতে যিসকল অসমীয়া যুৱকে অসমত খোপনি পোতা ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল সেইসকলক সমৰ্থন কৰা নাছিল।

পুৰন্দৰ সিংহই ৰাজ্য হেৰুৱাৰ পিছত উজনি অসমৰ চিৰস্তাদাৰ-তহছিলদাৰ পদ হেৰুৱাইছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱাই। অৱশ্যে পৰৱৰ্তী সময়ত শিৱসাগৰ জিলাৰ চেৰেকাপাৰ, কোঁৱৰপুৰ আৰু মেটেকা মৌজাৰ মৌজাদাৰৰ দায়িত্ব পালন কৰিছিল মণিৰাম দত্ত বৰুৱাই। 

১৮৩৯ চনত মাহিলী ৬০০ টকাৰ দৰমহাত ব্ৰিটিছে মণিৰাম দত্ত বৰুৱাক অসম চাহ কোম্পানীৰ দেৱানৰূপে নিযুক্তি প্ৰদান কৰিলে। আৰু তেতিয়াৰপৰা তেখেত মণিৰাম দত্ত বৰুৱা মণিৰাম দেৱান নামেৰে জনাজাত হৈছিল। অসম চাহ কোম্পানীৰ দেৱানৰূপে নিযুক্ত হৈ মণিৰাম দেৱানে একাগ্ৰতাৰে নিজৰ দায়িত্ব পালন কৰিছিল। তেওঁৰ নেতৃত্বত চাহ কোম্পানীৰ উন্নতি সাধন হৈছিল। কিন্তু ১৮৪৪ চনত ব্ৰিটিছ সকলে অসম চাহ কোম্পানীত দ্বিতীয়জন দেৱান নিযুক্তি দি  পদমৰ্য্যাদাৰ লগতে দৰমহাও দুশ (২০০) টকালৈ হ্ৰাস কৰিছিল। এই খামখেয়ালিৰ পৰিণতিতে ১৮৪৫ চনত মণিৰামে অসম চাহ কোম্পানীৰ দেৱান পদৰ পৰা পদত্যাগ কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে অসমত চাহ গছৰ আৱিষ্কাৰৰ লগত জড়িত থকা এজন ব্যক্তি আছিল মণিৰাম দেৱান (Maniram Dewan)। অসমৰ চাহৰ আৱিষ্কাৰক বুলি কোৱা ৰবাৰ্ট ব্ৰুচক পৰোক্ষভাৱে চাহ গছ আৱিষ্কাৰ কৰাত সহায় কৰা ব্যক্তিজন আছিল মণিৰাম দেৱান।  চিংফৌ গামজনৰ পৰা চাহ গছৰ বিষয়ে গম পাই মণিৰাম দেৱানে ৰবাৰ্ট ব্ৰুচক অৱগত কৰিছিল। ‘Tea in Assam’ গ্ৰন্থৰ লেখক চেমুৱেল ৱেইল্ডন মণিৰাম দেৱানকহে অসমৰ চাহৰ আচল আৱিষ্কাৰক বুলি অভিহিত কৰিছে।  “The first attempt to compete with the Britishers was made by Maniram Dewan, who is regarded as the first Indian discoverer of indigenous tea plant in Assam.” – মণিৰাম দেৱান সম্পর্কত এইদৰে উল্লেখ কৰা আছে “Tea Industry in India শীৰ্ষক গ্ৰন্থত।

প্ৰথমজন অসমীয়া চাহ খেতিয়ক | The first Assamese Tea Farmer

১৮৪৫ চনত মণিৰামে দেৱানে অসম চাহ কোম্পানীৰ দেৱান পদৰ পৰা পদত্যাগ কৰাৰ পৰৱৰ্তী সময়ত প্রায় এটা দশকৰ অক্লান্ত চেষ্টা আৰু অধ্যৱসায়ৰ ফলশ্ৰুতিত ব্ৰিটিছ সকলৰ আৰ্হিৰে চেংলুং আৰু চেনিমৰাত দুখন বাগিচা প্ৰতিষ্ঠা কৰিলে মণিৰামে। দুখনকৈ চাহ বাগিচা প্ৰতিষ্ঠা তথা স্থাপন কৰাৰ পিছত মণিৰাম দেৱান পৰিগণিত হ’ল প্ৰথমজন অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে।অসম চাহ কোম্পানীৰ দেৱান হিচাপে কাৰ্যনিৰ্বাহ কৰি তেওঁৰ যথেষ্ট অভিজ্ঞতা হৈছিল যাৰ বাবে চাহ বাগিচা খুলি তেখেতে লাভ কৰিলে ঈৰ্ষণীয় সফলতা।  সকলোৰে মাজত সমাদৃত হ’ল মণিৰাম দেৱানৰ চাহপাত।

কিন্তু গুৰুত্বপূৰ্ণ কথা যে মণিৰাম দেৱানৰ এই সফলতাত ব্ৰিটিছ সকল শংকিত হৈ তেওঁৰ চাহ পাতৰ ব্যৱসায় ধংস কৰিবৰ বাবে নানান কুট- কৌশল ৰচনা কৰিছিল। যাৰ ফলত ব্ৰিটিছৰ সাম্ৰাজ্যবাদী তথা ক্ষমতালোভী চৰিত্ৰৰ কথা বুজি তেওঁলোকৰ প্ৰতি বিৰাগ ভাৱৰ সৃষ্টি হৈছিল মণিৰাম দেৱানৰ। পোন প্ৰথমতে মণিৰাম দেৱানে আনুষ্ঠানিক  আৱেদন-নিবেদনৰ দ্বাৰা অসমত পুনৰ আহোম ৰাজত্ব স্থাপন কৰিবলৈ চেষ্টা কৰিলে। কিন্তু ব্ৰিটিছ‌সকলে তেওঁৰ আবেদন অগ্ৰাহ্য কৰে।

Also Read: জীৱনী: জিতেন্দ্ৰনাথ গোস্বামী- অসমীয়া বিজ্ঞানী | Jitendra Nath Goswami

চিপাহী বিদ্ৰোহ আৰু মণিৰাম দেৱানে | Sepoy Mutiny & Maniram Dewan

পৰৱৰ্তী সময়ত ব্ৰিটিছৰ বিৰুদ্ধে ১৮৫৭ চনৰ দেশজুৰি সূচনা হোৱা চিপাহী বিদ্ৰোহ অসমতো বিয়পাই দিয়াৰ বাবে বিশেষ ভূমিকা পালন কৰিছিল মণিৰাম দেৱানে। মণিৰাম দেৱানৰ নেতৃত্বতেই ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সূচনা কৰিবলৈ অসমত সকলো একত্ৰিত হৈছিল। সেই সময়ত  মণিৰাম দেৱানৰ উপদেশমৰ্মেই পিয়লি বৰুৱাই অসমত থকা ভাৰতীয় চিপাহীৰ সহায় আদায় কৰা আৰু অস্ত্ৰ-শস্ত্ৰ, ৰচদ-পাতি গোটোৱা আদি কামত আগ-ভাগ লোৱাৰ লগতে  বাহাদুৰ গাঁওবুঢ়া, ফৰ্মুদ আলী, দুতিৰাম বৰুৱা, মায়াৰাম নাজিৰ, মহীধৰ মুক্তিয়াৰ আদি ব্যক্তি সকলেও অসমৰ ব্ৰিটিছ বিৰোধী বিদ্রোহত হাত উজান দিছিল।

কিন্তু দুৰ্ভাগ্যবশতঃ ব্ৰিটিছৰ বিৰুদ্ধে ৰচনা কৰা বিদ্ৰোহ কুট-কৌশলৰ বিষয়ে কলিকতাৰ পৰা মণিৰাম দেৱানে লিখা এখন পত্ৰ উদ্ধাৰ  হয়। ইয়াৰ ফলত ব্ৰিটিছৰ বিৰুদ্ধে সূচনা কৰা বিদ্ৰোহ কলিতে নি: শেষ হোৱাৰ লগতে ব্ৰিটিছ কৰ্তৃপক্ষই ব্ৰিটিছৰ বিৰুদ্ধে জাগৰণ সূচনা কৰিবলৈ চেষ্টা চলোৱা মণিৰাম দেৱান (Maniram Dewan)ক কলিকতাৰ পৰা গ্ৰেপ্তাৰ কৰি আলিপুৰ কাৰাগাৰলৈ নিক্ষেপ কৰে। 

পৰৱৰ্তী সময়ত মণিৰাম দেৱানৰ সকলো বিচাৰ সম্পন্ন কৰিবলৈ ১৮৫৭ চনৰ শেষত কলিকতাৰ পৰা জাহাজেৰে যোৰহাটলৈ আনে। এই বিচাৰ কাৰ্য সম্পন্ন কৰিছিল শিৱসাগৰৰ প্ৰিন্সিপাল এচিচষ্টেণ্ট চাৰ্লছ হলৰয়ডে। বিচাৰ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত মণিৰাম দেৱানৰ লগতে‌ পিয়লি বৰুৱাকো ৰাজদ্ৰোহৰ অপৰাধত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়। যোৰহাট নগৰৰ মাজ-মজিয়াতে ৰাজহুৱাকৈ ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীৰ দিনা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচী দিয়া হয়। 

উচ্চাকাংক্ষা, বিচক্ষণতা, সাহস আৰু স্বাধীনতাৰ প্ৰতি থকা আস্থাৰ বাবেই এসময়ৰ অতি সমৃদ্ধিশালী ৫২ বছৰীয়া মণিৰামে দেৱানক মৃত্যুদণ্ডৰ বাতৰিয়েও বিচলিত কৰিব পৰা নাছিল। দেশ স্বাধীনৰ বাবে বিদ্ৰোহৰ অগ্নি জ্বলাই চিপাহী বিদ্রোহত অসমৰ প্ৰথম শ্বহীদ ৰূপে পৰিগণিত হৈছিল মণিৰাম দেৱান (Maniram Dewan)

সামৰণি | Conclusion

বিভিন্ন সময়ত বিভিন্ন ঘটনাৱলী স্ব-চক্ষে দেখা, বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হোৱা মণিৰাম দেৱানে বহু ঐতিহাসিক তথ্য গোটাই আৰু নিজৰ অভিজ্ঞতাক সজীৱ কৰি তেওঁ “বুৰঞ্জী বিবেকৰত্ন” লিখি উলিয়াইছিল। কাৰণ শৈশৱত তেওঁ আহোম ৰজাৰ শাসন দেখিছিল, শৈশৱ আৰু কৈশোৰৰ আলি দোমোজাত মানৰ উপদ্ৰৱ দেখিছিল আৰু ব্রিটিছ আগমনৰো তেওঁ আছিল অন্যতম সাক্ষী। ইয়াৰ উপৰিও মণিৰাম দেৱান আছিল এজন অধ্যয়নশীল ব্যক্তি। তেওঁ ৰচনা কৰা বুৰঞ্জী বিবেকৰত্ন হ’ল অসম বুৰঞ্জীৰ এখন গুৰুত্বপূৰ্ণ সমল পুথি। মূলতঃ আহোম যুগক কেন্দ্ৰ কৰি লিখা হৈছিল এই বুৰঞ্জী পুথিখন। 

গুৰুত্বপূৰ্ণ কথা যে তেওঁ এই কিতাপখনত অসমীয়া‌ ভাষাৰ লগতে অসম বুৰঞ্জীৰ এই বিভিন্ন চাকনৈয়াৰ অভিজ্ঞতা আৰু ইতিমধ্যে ৰচিত অসমৰ বুৰঞ্জী পঢ়ি তেওঁ অসমৰ ইতিহাস লিখিবলৈ মনস্থ কৰিলে।  মূলতঃ আহোম যুগক কেন্দ্ৰ কৰি লিখা তেওঁৰ এই বুৰঞ্জীত ৰজা-মন্ত্রী, সত্ৰ-সভাৰ বিভিন্ন বর্ণনাৰ লগতে সাধাৰণ মানুহৰ কথা আৰু সৰু সৰু আখ্যানবোৰেও ঠাই পাইছিল ফাৰ্চী, উৰ্দু, বাংলা, ইংৰাজী, সংস্কৃত আদি ভাষাৰো প্ৰয়োগ কৰিছে।

ইয়াৰ ওপৰিও কলিকতাৰ কাকত  সমাছাৰ দৰ্পণটো বিভিন্ন প্ৰৱন্ধ লিখিছিল মণিৰাম দেৱানে।  প্ৰাপ্ত এক তথ্য অনুসৰি লণ্ডনৰ ইংৰাজী কাকতত প্ৰৱন্ধ লিখা প্ৰথম অসমীয়া হ’ল মণিৰাম দেৱান (Maniram Dewan) এই ইংৰাজী ভাষাত এই প্ৰৱন্ধটো লিখিছিল অসমৰ চাহ উদ্যোগ তথা চাহ খেতিক কেন্দ্ৰ কৰি। 

মণিৰাম দেৱান কেৱল এজন স্বাধীনতা সংগ্ৰামী আৰু উদ্যোগী ব্যক্তিয়েই নাছিল তেওঁ আছিল অসমক প্ৰগতিৰ পথত আগবঢ়ায় নিয়াৰ এটা বাটৰ বাটকটীয়া। খুব কম বয়সতে মৃত্যু হ’লেও তেওঁ অসমীয়া বাবে এজন উজ্জ্বল অসমীয়া দীপ্ত সংগ্ৰামীৰ আভা হৈয়ে থাকি যাব।

FAQ

১) মণিৰাম দেৱান কোন আছিল?

উঃ-  প্ৰথমজন অসমীয়া উদ্যোগী ব্যক্তি আছিল মণিৰাম দেৱান (Maniram Dewan)। এজন সক্ৰিয় ব্ৰিটিছ বিৰোধী হোৱাৰ লগতে তেওঁ আছিল প্ৰথমজন ব্যক্তি যিজনে অসমত প্ৰথমখন চাহৰ বাগিচা প্ৰতিস্থা কৰিছিল।

২) মণিৰাম দেৱানৰ প্ৰকৃত নাম কি আছিল?

উঃ- মণিৰাম দত্ত বৰুৱা।

৩) মণিৰাম দেৱানৰ জন্ম কেতিয়া হৈছিল?

উঃ- ১৮০৬ চনৰ ২৭ এপ্ৰিলত।

৪)  মণিৰাম দেৱানৰ মৃত্যু কেতিয়া হৈছিল?

উঃ- ২৬ ফেব্ৰুৱাৰী, ১৮৫৮ চনত।

৫) মণিৰাম দেৱানৰ মৃত্যু কেনেকৈ হৈছিল?

উঃ- ৰাজদ্ৰোহৰ অপৰাধত যোৰহাট নগৰৰ মাজ-মজিয়াতে ৰাজহুৱাকৈ ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীৰ দিনা মণিৰাম দেৱানক ফাঁচী দিয়া হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top