SEBA Class 8 Science MCQ Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ Question Answer in Assamese Medium, Class 8 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 8 Science MCQ Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ Notes and select need one.
SEBA Class 8 Science MCQ Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ
Also, you can read the SCERT book online in these sections Class 8 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 8 Science MCQ Solutions for All Subject, You can practice these here.
উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ
Chapter – 7
MCQ |
১। বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডলত কোনটো গেছৰ পৰিমাণ বৃদ্ধি পায়?
(i) অক্সিজেন।
(ii) নাইট্ৰ’জেন।
(iii) কার্বন-ডাই-অক্সাইড।
(iv) মিথেন।
উত্তৰঃ (iii) কার্বন-ডাই-অক্সাইড।
২। অধ্যাপক আহমদে বনাঞ্চল ধ্বংসৰ ফলত তলত দিয়া কোনবোৰ প্ৰাকৃতিক দুর্যোগৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ কথা কৈছিল?
(i) ভূমিকম্প আৰু সুনামি।
(ii) বানপানী আৰু খৰাঙ।
(iii) হিমস্খলন আৰু বজ্ৰপাত।
(iv) ঘূৰ্ণীবতাহ আৰু ঘৰাৰ বৰষুণ।
উত্তৰঃ (ii) বানপানী আৰু খৰাঙ।
৩। বনাঞ্চল ধ্বংসৰ কিহক প্রাকৃতিক কাৰণ বুলি কোৱা হৈছে–
(i) বনজুই আৰু প্ৰচণ্ড খৰাং।
(ii) কৃষি কাৰ্যকলাপ আৰু গছ কাঢ়া।
(iii) খনন আৰু পথ নিৰ্মাণ।
(iv) উদ্যোগিক উন্নয়ন আৰু নগৰীয় প্ৰসাৰণ।
উত্তৰঃ (i) বনজুই আৰু প্ৰচণ্ড খৰাং।
৪। বনাঞ্চল ধ্বংসৰ ফলত কি হ’ব পাৰে?
(i) জলবায়ু পৰিৱর্তন।
(ii) বতৰ ঠাণ্ডা হ’ব।
(iii) জনসংখ্যা বৃদ্ধি।
(iv) সমুদ্রৰ পৃষ্ঠত পানী বৃদ্ধি।
উত্তৰঃ (i) জলবায়ু পৰিৱর্তন।
৫। বনাঞ্চল ধ্বংসৰ প্ৰধান কাৰণৰ এটা কি?
(i) জলবিদ্যুৎ উৎপাদন।
(ii) কৃষি-বাতিৰ বাবে মাটি উলিয়াবলৈ।
(iii) পৰ্যটন উন্নয়ন।
(iv) মৎস্য পালন।
উত্তৰঃ (ii) কৃষি-বাতিৰ বাবে মাটি উলিয়াবলৈ।
৬। বনাঞ্চল ধ্বংসৰ ফলত কি কমিব পাৰে?
(i) জনসংখ্যা।
(ii) বৰষুণ।
(iii) খনিজ সম্পদ।
(iv) বায়ু গুণমান।
উত্তৰঃ (ii) বৰষুণ।
৭। অভয়াৰণ্যৰ প্ৰধান বৈশিষ্ট্য কি?
(i) পর্যটকৰ বাবে খোলা।
(ii) কেৱল গছ-গছনিৰ সংৰক্ষণ।
(iii) বন্যপ্ৰাণী আৰু সিহঁতৰ আৱাসস্থলী সুৰক্ষিত।
(iv) সেয়া কেৱল শিক্ষা আৰু গৱেষণাৰ বাবে।
উত্তৰঃ (iii) বন্যপ্ৰাণী আৰু সিহঁতৰ আৱাসস্থলী সুৰক্ষিত।
৮। তলত দিয়া কোনটো বনাঞ্চল ধ্বংসৰ কাৰণ নহয়?
(i) ঘৰ আৰু কাৰখানা নিৰ্মাণ।
(ii) বনজুই।
(iii) আছবাব পত্র বনোৱাৰ বাবে কাঠ ব্যৱহাৰ।
(iv) পৰ্যটন উন্নয়ন।
উত্তৰঃ (iv) পৰ্যটন উন্নয়ন।
৯। বনাঞ্চল ধ্বংসৰ ফলত মাটিৰ কিহৰ সলনি হয়?
(i) ৰং।
(ii) গুণাগুণ।
(iii) আকাৰ।
(iv) গাঁথনি।
উত্তৰঃ (ii) গুণাগুণ।
১০। কেনেকৈ গছ-গছনিয়ে মাটিৰ খহনীয়া ৰোধ কৰে?
(i) পানী শোষণ কৰি।
(ii) পাতৰ দ্বাৰা ছাঁ প্ৰদান কৰি।
(iii) শিপাৰে মাটি আঁকোৱালি ধৰাৰ দ্বাৰা।
(iv) ফল আৰু ফুল দিয়াৰ দ্বাৰা।
উত্তৰঃ (iii) শিপাৰে মাটি আঁকোৱালি ধৰাৰ দ্বাৰা।
১১। মাটিৰ ওপৰৰ সাৰুৱা তৰপটো খহি যোৱাৰ ফলত কি ওলাই পৰে?
(i) বালি।
(ii) পানী।
(iii) শিলাময় স্তৰ।
(iv) কেঁচা মাটি।
উত্তৰঃ (iii) শিলাময় স্তৰ।
১২। মাটিৰ উৰ্বৰতা হ্ৰাসৰ ফলত কি হ’ব পাৰে?
(i) ভূমিখণ্ড বন্য জন্তুৰে পূৰ্ণ হব।
(ii) ভূমিখণ্ড লাহে লাহে মৰুভূমিলৈ পৰিবর্তিত হব।
(iii) ভূমিখণ্ড গৰম হৈ পৰিব।
(iv) ভূমিখণ্ড ঠাণ্ডা হৈ পৰিব।
উত্তৰঃ (ii) ভূমিখণ্ড লাহে লাহে মৰুভূমিলৈ পৰিবর্তিত হব।
১৩। জীৱমণ্ডল সংৰক্ষিত অঞ্চলত কাক সুৰক্ষা প্ৰদান কৰা হয়?
(i) কেৱল উদ্ভিদসমূহক।
(ii) কেৱল প্ৰাণীসমূহক।
(iii) উদ্ভিদ, প্ৰাণী আৰু জনজাতিসকলক।
(iv) কেৱল জনজাতিসকলক।
উত্তৰঃ (iii) উদ্ভিদ, প্ৰাণী আৰু জনজাতিসকলক।
১৪। বনাঞ্চল ধ্বংসৰ ফলত মাটিৰ কিহৰ ক্ষমতা হ্ৰাস পায়?
(i) সাৰ যোগান।
(ii) গাঁথনি।
(iii) পানী ধৰি ৰাখিব পৰা ক্ষমতা।
(iv) শিল উৎপাদন।
উত্তৰঃ (iii) পানী ধৰি ৰাখিব পৰা ক্ষমতা।
১৫। অভয়াৰণ্যত কোনটো নিষিদ্ধ?
(i) পৰ্যটন।
(ii) গছ-ৰোপণ।
(iii) পিকনিক।
(iv) প্ৰাণী চিকাৰ।
উত্তৰঃ (iv) প্ৰাণী চিকাৰ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.