SEBA Class 8 Science MCQ Chapter 4 পদার্থঃ ধাতু আৰু অধাতু

SEBA Class 8 Science MCQ Chapter 4 পদার্থঃ ধাতু আৰু অধাতু Question Answer in Assamese Medium, Class 8 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 8 Science MCQ Chapter 4 পদার্থঃ ধাতু আৰু অধাতু Notes and select need one.

SEBA Class 8 Science MCQ Chapter 4 পদার্থঃ ধাতু আৰু অধাতু

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 8 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 8 Science MCQ Solutions for All Subject, You can practice these here.

পদার্থঃ ধাতু আৰু অধাতু

Chapter – 4

MCQ

১। কেলছিয়াম হাইড্ৰ’ক্সাইড ক্ষাৰক ত থকা ধাতুৰ নাম কি?

(i) মেগনেছিয়াম।

(ii) কেলছিয়াম।

(iii) তাম।

(iv) লোহা।

উত্তৰঃ (i) কেলছিয়াম।

২। ধাতুক কোবাই পাতল পাতৰ আকাৰত গঢ় দিব পৰা ধর্মক কি বোলে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) নমনীয়তা।

(ii) ঘাতসহনীয়তা।

(iii) সনাদ।

(iv) সহনীয়তা।

উত্তৰঃ (ii) ঘাতসহনীয়তা।

৩। তলত দিয়া ধর্মসমূহৰ কোনবোৰ সাধাৰণতে ধাতুৰ লগত সম্পৰ্কিত?

(i) কোমল আৰু অনুজ্জ্বল।

(ii) কঠিন, চিক্সিকিয়া, নমনীয়, ঘাতসহনশীল, সনাদ আৰু তাপ তথা বিদ্যুতৰ সু-পৰিবাহী।

(iii) সনাদ নহয় আৰু তাপ তথা বিদ্যুতৰ কু-পৰিবাহী।

(iv) কোমল আৰু হাতুৰীৰে কোবালে ভাঙি গুড়ি হৈ যায়।

উত্তৰঃ (ii) কঠিন, চিক্সিকিয়া, নমনীয়, ঘাতসহনশীল, সনাদ আৰু তাপ তথা বিদ্যুতৰ সু-পৰিবাহী।

৪। পদাৰ্থ বোৰ কিহৰ ধৰ্ম?

(i) ভৌতিক।

(ii) আলোক।

(iii) ওপৰৰ এটাও নহয়।

(iv) নমনীয়তা।

উত্তৰঃ ভৌতিক।

৫। দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত কি সমূহক বিস্তৃতভাৱে ব্যৱহাৰ কৰা হয়?

(i) এলুমিনিয়াম আৰু মেগনেছিয়াম।

(ii) অক্সিজেন আৰু নাইট্ৰ’জেন।

(iii) ধাতু আৰু অধাতু।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ ধাতু আৰু অধাতু।

৬। অধাতুৰ উদাহৰণ হল—

(i) এলুমিনিয়াম।

(ii) কেলছিয়াম।

(iii) অক্সিজেন।

(iv) মেগনেছিয়াম।

উত্তৰঃ (iii) অক্সিজেন।

৭। তলত দিয়া কোনটো উক্তি শুদ্ধ?

(i) সকলো ধাতু নমনীয়।

(ii) সকলো অধাতু নমনীয়।

(iii) সাধাৰণতে ধাতু সমূহ নমনীয়।

(iv) কিছুমান অধাতু নমনীয়।

উত্তৰঃ (iii) সাধাৰণতে ধাতু সমূহ নমনীয়।

৮। তলৰ কোনবোৰক পিটি পিটি পাতৰ পাতল আকৰলৈ নিব পাৰি?

(i) জিংক।

(ii) ফছফৰাছ।

(iii) গন্ধক।

(iv) অক্সিজেন।

উত্তৰঃ (i) জিংক।

৯। ধাতুৰ উদাহৰণ হল –

(i) গন্ধক।

(ii) কার্বন।

(iii) অক্সিজেন।

(iv) এলুমিনিয়াম।

উত্তৰঃ (iv) এলুমিনিয়াম।

১০। অধাতুৰ বাবে কোনটো বৈশিষ্ট্য সত্য?

(i) চিক্সিকিয়া।

(ii) নমনীয়।

(iii) তাপ তথা বিদ্যুতৰ কু-পৰিবাহী।

(iv) সনাদ।

উত্তৰঃ (iii) তাপ তথা বিদ্যুতৰ কু-পৰিবাহী।

১১। তলৰ কোনটো পদাৰ্থ সনাদ নহয়?

(i) লো।

(ii) এলুমিনিয়াম।

(iii) মেগনেছিয়াম।

(iv) গন্ধক।

উত্তৰঃ (iv) গন্ধক।

১২। ধাতুৰে অম্লৰ সৈতে বিক্রিয়া কৰাৰ ফলত কি উৎপন্ন হয়?

(i) অক্সিজেন গেছ।

(ii) হাইড্র’জেন গেছ।

(iii) নাইট্ৰ’জেন গেছ।

(iv) কাৰ্বন ডাইঅক্সাইড গেছ।

উত্তৰঃ (ii) হাইড্র’জেন গেছ।

১৩। অম্লৰ সৈতে বিক্রিয়াৰ সময়ত থকা ‘পপ্’ শব্দটো কিয় হয়?

(i) অক্সিজেন গেছ উৎপন্ন হোৱাৰ ফলত।

(ii) নাইট্ৰ’জেন গেছ উৎপন্ন হোৱাৰ ফলত।

(iii) হাইড্র’জেন গেছ উৎপন্ন হোৱাৰ ফলত।

(iv) কাৰ্বন ডাইঅক্সাইড গেছ উৎপন্ন হোৱাৰ ফলত।

উত্তৰঃ (iii) হাইড্র’জেন গেছ উৎপন্ন হোৱাৰ ফলত।

১৪। প্রাকৃতিকভাৱে থকা মৌলিক সংখ্যা কি?

(i) ৯৪

(ii) ৯৬

(iii) ৯২

(iv) ৮৯

উত্তৰঃ (i) ৯৪

১৫। তলৰ কোনটো বৈশিষ্ট্য ধাতুৰ সন্মন্ধে সত্য?

(i) সনাদ নহয়।

(ii) সনাদ।

(iii) কোমল আৰু অনুজ্জ্বল।

(iv) তাপ তথা বিদ্যুতৰ কু-পৰিবাহী।

উত্তৰঃ (ii) সনাদ।

১৬। তামৰ পাত্র এটা সেমেকা বায়ুত দীর্ঘকালৰ বাবে থ’ব দিলে তাৰ ওপৰত যি সেউজীয়া তৰপ পৰে, সেই সেউজীয়া পদাৰ্থটোৰ গঠন কি?

(i) কপাৰ অক্সাইড আৰু কপাৰ নাইট্ৰেট।

(ii) কপাৰ নাইট্ৰেট আৰু কপাৰ হাইড্ৰ’ক্ল’ৰাইড।

(iii) কপাৰ হাইড্ৰ’ক্সাইড আৰু কপাৰ কাৰ্বনেট।

(iv) কপাৰ সালফেট আৰু কপাৰ নাইট্ৰেট।

উত্তৰঃ (iii) কপাৰ হাইড্ৰ’ক্সাইড আৰু কপাৰ কাৰ্বনেট।

১৭। নুৰা-গন্ধকৰ টুকুৰা আৰু কয়লাৰ টুকুৰা কি পৰিবাহী?

(i) কু-পৰিবাহী।

(ii) লোৰ।

(iii) তাম

(iv) এটাও নহয়।

উত্তৰঃ (i) কু-পৰিবাহী।

১৮। গন্ধক আৰু অক্সিজেনৰ বিক্রিয়াৰ ফলত কি উৎপন্ন হয়?

(i) ছালফিউৰিক এছিড।

(ii) ছালফাৰ-ডাই-অক্সাইড।

(iii) কপাৰ অক্সাইড।

(iv) নাইট্ৰ’জেন অক্সাইড।

উত্তৰঃ (ii) ছালফাৰ-ডাই-অক্সাইড।

১৯। ছালফিউৰিক এছিডে নীলা লিটমাছ কাগজক কি ৰঙত পৰিৱৰ্তন কৰে?

(i) সেউজীয়া।

(ii) হালধীয়া।

(iii) ৰঙা।

(iv) ক’লা।

উত্তৰঃ (iii) ৰঙা।

২০। তলৰ কোনটো পদাৰ্থ সনাদ নহয়?

(i) লো।

(ii) তাম।

(iii) কাঠ।

(iv) এলুমিনিয়াম।

উত্তৰঃ (iii) কাঠ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top