SEBA Class 7 Social Science Important Chapter 15 গোলকীকৰণ Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 15 গোলকীকৰণ Notes and select need one. SCERT Class 7 Samaj Bichitra Additional Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Important Solutions.
SEBA Class 7 Social Science Important Chapter 15 গোলকীকৰণ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Additional Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Important Question Answer in Assamese for All Chapters, You can practice these here.
গোলকীকৰণ
Chapter: 15
| IMPORTANT QUESTION ANSWER |
চমু প্রশ্নোত্তৰ:
১। উৎপাদনৰ প্ৰধান উপাদান চাৰিটা কি কি?
উত্তৰঃ উৎপাদনৰ প্ৰধান উপাদান চাৰিটা হ’ল— ভূমি, শ্ৰম, মূলধন আৰু সংগঠন।
২। উৎপাদনৰ ক্ষেত্ৰত ‘মূলধন’ বুলিলে কি বুজায়?
উত্তৰঃ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰ-পাতি, আহিলা, কাৰখানা আদিক মূলধন বোলা হয়।
৩। ভাৰতে আন দেশৰ পৰা আমদানি কৰা কেইবিধমান সামগ্ৰীৰ নাম লিখা।
উত্তৰঃ ভাৰতে আন দেশৰ পৰা ইলেক্ট্ৰনিক সা-সৰঞ্জাম, যন্ত্ৰ-পাতি, পেট্ৰ’লিয়ামজাত সামগ্ৰী, ঔষধ, মচলা, লো-ৰাসায়নিক পদাৰ্থ, প্লাষ্টিক আদি আমদানি কৰে।
৪। বিশ্ব বাণিজ্য সংস্থা (WTO) কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰঃ ১৯৯৫ খ্ৰীষ্টাব্দৰ ১ জানুৱাৰীত বিশ্ব বাণিজ্য সংস্থা গঠন কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত।
৫। বিশ্ব বাণিজ্য সংস্থা গঠনৰ পূৰ্বে ১৯৪৭ চনত কি চুক্তি স্বাক্ষৰ কৰা হৈছিল?
উত্তৰঃ বিশ্ব বাণিজ্য সংস্থা গঠনৰ পূৰ্বে দেশবোৰৰ মাজত বাণিজ্যৰ ক্ষেত্ৰত থকা বাধা আঁতৰোৱাৰ বাবে ১৯৪৭ খ্ৰীষ্টাব্দত শুল্ক আৰু বাণিজ্য চুক্তি (General Agreement on Tariffs and Trade বা চমুকৈ GATT) স্বাক্ষৰ কৰা হৈছিল।
৬। বিশ্ব বেংকৰ মুখ্য উদ্দেশ্য কি?
উত্তৰঃ বিশ্ব বেংকৰ মুখ্য উদ্দেশ্য হৈছে উন্নয়নশীল দেশবোৰক ঋণ আৰু অনুদান প্ৰদান কৰা।
৭। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ (IMF) কাম কি?
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ কাম হৈছে বিশ্বত দৰিদ্ৰতা আঁতৰ কৰাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰবোৰৰ প্ৰয়োজন পূৰ কৰিবলৈ ঋণ প্ৰদান কৰা।
৮। বহুজাতিক প্ৰতিষ্ঠান (MNC) কাক বোলে?
উত্তৰঃ যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানে নিজ দেশত মুখ্য কাৰ্যালয় ৰাখি আন বিভিন্ন দেশত সামগ্ৰী উৎপাদন কেন্দ্ৰ আৰু কাৰ্যালয় স্থাপন কৰি ব্যৱসায় নিয়ন্ত্ৰণ কৰে, তেনে প্ৰতিষ্ঠানক বহুজাতিক প্ৰতিষ্ঠান বোলে।
৯। বহুজাতিক প্ৰতিষ্ঠানবোৰে কিয় আন দেশত উৎপাদন কেন্দ্ৰ স্থাপন কৰে?
উত্তৰঃ যিবোৰ অঞ্চলত উৎপাদন ব্যয় কম হয়, তেনেবোৰ অঞ্চলত ব্যয় হ্ৰাস কৰি অধিক লাভ অৰ্জন কৰাৰ বাবে বহুজাতিক প্ৰতিষ্ঠানবোৰে উৎপাদন কেন্দ্ৰ স্থাপন কৰে।
১০। BPO বা বহিঃউৎসগ্ৰহণ মানে কি?
উত্তৰঃ কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে নিজৰ কাম-কাজ চলাবৰ বাবে প্ৰতিষ্ঠানখনৰ বাহিৰে আন উৎসৰ পৰা সেৱা গ্ৰহণ কৰাকে BPO বা বহিঃউৎসগ্ৰহণ বোলা হয়, যিয়ে ব্যয় কম কৰাত আৰু মূল কামত মনোযোগ দিয়াত সহায় কৰে।
১১। কেইটামান TNC ৰ উদাহৰণ দিয়া।
উত্তৰঃ কেইটামান TNC ৰ উদাহৰণ হ’ল— এপেল, এমাজন, কোকাকোলা, আৰু নেষ্টলে।
১২। বহনক্ষম উন্নয়ন কাক বোলে?
উত্তৰঃ বৰ্তমান মানুহৰ প্ৰয়োজনবোৰ পূৰ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনবোৰো যাতে সুৰক্ষিত কৰিব পাৰি, তাৰ প্ৰতি লক্ষ্য ৰাখি কৰা উন্নয়নক বহনক্ষম উন্নয়ন বোলা হয়।
১৩। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কেতিয়া আৰু কেইটা বহনক্ষম উন্নয়ন লক্ষ্য (SDGs) গ্ৰহণ কৰিছিল?
উত্তৰঃ ২০১৫ খ্ৰীষ্টাব্দত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৭ টা বহনক্ষম উন্নয়ন লক্ষ্য (SDGs) গ্ৰহণ কৰিছিল।
১৪। গোলকীকৰণৰ ফলত মানুহৰ খাদ্যাভ্যাস আৰু সংস্কৃতিত কেনে প্ৰভাৱ পৰিছে?
উত্তৰঃ গোলকীকৰণৰ ফলত ভাৰতত লণ্ডন বা নিউয়ৰ্কৰ দৰে বিদেশী খাদ্যৰ প্ৰচলন হৈছে আৰু আনহাতেদি ভাৰতীয় যোগ, ধ্যান, আধ্যাত্মিক শিক্ষা আদি দেশ-বিদেশত জনপ্ৰিয় হৈছে।
১৫। গোলকীকৰণে চিকিৎসা ক্ষেত্ৰত পেলোৱা এটা প্ৰভাৱৰ উদাহৰণ দিয়া।
উত্তৰঃ ২০১৯-২০ খ্ৰীষ্টাব্দৰ ক’ভিড-১৯ মহামাৰীৰ সময়ত ক’ভিডৰ পৰা পৰিত্ৰাণ পাবলৈ কৰা ক’ভিড ভেকচিনৰ উদ্ভাৱন আৰু ভাৰতত প্ৰস্তুত কৰা ভেকচিন বিশ্বৰ বিভিন্ন দেশলৈ পঠিওৱাটো গোলকীকৰণৰ এক অন্যতম সুফল।
দীঘলীয়া প্রশ্নোত্তৰ:
১। গোলকীকৰণ কাক বোলে? আমাৰ দৈনন্দিন জীৱন আৰু সংস্কৃতিত ইয়াৰ প্ৰভাৱসমূহ আলোচনা কৰা।
উত্তৰঃ যি প্ৰক্ৰিয়াৰ জৰিয়তে বিশ্বৰ দেশবোৰৰ মাজত পাৰস্পৰিক সম্পৰ্ক, নিৰ্ভৰশীলতা বৃদ্ধি পায় আৰু এখন দেশে আন এখন দেশৰ সৈতে সংযুক্ত হৈ পৰে, তাক গোলকীকৰণ বোলা হয়। গোলকীকৰণৰ ফলত আমাৰ জীৱন আৰু সংস্কৃতিত ব্যাপক প্ৰভাৱ পৰিছে। উন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ বাবে সামগ্ৰী, সেৱা আৰু তথ্যৰ আদান-প্ৰদান অতি সহজ হৈ পৰিছে। গোলকীকৰণৰ ফলত মানুহৰ খাদ্যাভ্যাস আৰু সাজ-পাৰতো পৰিৱৰ্তন আহিছে; যেনে- ভাৰতৰ নগৰ অঞ্চলত লণ্ডন বা নিউয়ৰ্কৰ দৰে বিদেশী খাদ্যৰ প্ৰচলন দেখা গৈছে আৰু পশ্চিমীয়া সাজ-পোছাক ভাৰতীয়সকলো পৰিধান কৰিবলৈ লৈছে। আনহাতে, ভাৰতীয় যোগ, ধ্যান আৰু আধ্যাত্মিক শিক্ষাও বিদেশত যথেষ্ট জনপ্ৰিয় হৈছে। ইয়াৰ উপৰিও চিকিৎসা ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিছে, যেনে- ক’ভিড-১৯ মহামাৰীৰ সময়ত প্ৰস্তুত কৰা ভেকচিন গোলকীকৰণৰ বাবেই বিশ্বৰ বিভিন্ন দেশলৈ পঠিওৱা সম্ভৱ হৈছিল।
২। বহুজাতিক প্ৰতিষ্ঠান (MNC) কাক বোলে? এই প্ৰতিষ্ঠানসমূহে কেনেদৰে উৎপাদন কাৰ্য চলায়?
উত্তৰঃ যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানে নিজ দেশত মুখ্য কাৰ্যালয় ৰাখি আন একাধিক দেশত সামগ্ৰী উৎপাদন কেন্দ্ৰ আৰু কাৰ্যালয় স্থাপন কৰি ব্যৱসায়িক কাম-কাজ নিয়ন্ত্ৰণ কৰে, তেনে প্ৰতিষ্ঠানক ‘বহুজাতিক প্ৰতিষ্ঠান’ বা MNC (Multinational Corporation) বোলা হয়। এই প্ৰতিষ্ঠানসমূহে সাধাৰণতে যিবোৰ অঞ্চলত সামগ্ৰী উৎপাদনৰ ব্যয় কম হয়, তেনে অঞ্চলত সামগ্ৰী উৎপাদন আৰু সেৱা প্ৰদানৰ কাৰ্য আৰম্ভ কৰে যাতে তেওঁলোকে গ্ৰাহকৰ ওচৰত কম মূল্যত সামগ্ৰী বিক্ৰী কৰি অধিক লাভ অৰ্জন কৰিব পাৰে। উদাহৰণস্বৰূপে, আমেৰিকাৰ কোনো মোবাইল ফোন নিৰ্মাণ কৰা প্ৰতিষ্ঠানে উৎপাদন ব্যয় কমাবৰ বাবে চীন বা ভাৰতত ইয়াৰ নিৰ্মাণ কাৰ্য কৰাব পাৰে। বহুজাতিক প্ৰতিষ্ঠানবোৰে দেশবোৰৰ স্থানীয় উৎপাদনকাৰী প্ৰতিষ্ঠানৰ লগত যৌথ সহযোগতো উৎপাদন কাৰ্য চলায়, যাৰ জৰিয়তে স্থানীয় প্ৰতিষ্ঠানসমূহেও ব্যৱসায়িক মুনাফা অৰ্জন কৰে।
৩। বহনক্ষম উন্নয়ন মানে কি? ইয়াৰ প্ৰয়োজনীয়তা কি?
উত্তৰঃ বৰ্তমান মানুহৰ প্ৰয়োজনবোৰ পূৰ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনবোৰো যাতে সুৰক্ষিত কৰিব পাৰি, তাৰ প্ৰতি লক্ষ্য ৰাখি কৰা উন্নয়নক ‘বহনক্ষম উন্নয়ন’ বোলা হয়। গোলকীকৰণ আৰু ঔদ্যোগীকৰণৰ প্ৰসাৰৰ ফলত প্ৰাকৃতিক সম্পদৰ অত্যধিক ব্যৱহাৰ আৰু অপচয়ৰ লগতে প্ৰদূষণৰ সৃষ্টি হৈছে। প্ৰকৃতিৰ সম্পদ, যেনে গছ-গছনি বা পানী পুনৰ সৃষ্টি কৰিব পাৰি যদিও মানুহৰ কাৰ্য-কলাপে ইয়াত বাধা দিলে পৰিৱেশজনিত সমস্যাই দেখা দিব পাৰে। সেয়েহে, আমি সম্পদবোৰ এনেদৰে মিতব্যয়িতাৰে ব্যৱহাৰ কৰিব লাগে যাতে ভৱিষ্যত প্ৰজন্ময়ো তাক ব্যৱহাৰ কৰিব পাৰে। এই বহনক্ষম উন্নয়ন নিশ্চিত কৰিবলৈ ২০১৫ খ্ৰীষ্টাব্দত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৭ টা বহনক্ষম উন্নয়ন লক্ষ্য (SDGs) গ্ৰহণ কৰিছিল, যাৰ জৰিয়তে অৰ্থনৈতিক, পৰিৱেশগত আৰু সামাজিক উন্নয়নৰ সুষম ব্যৱস্থা কৰাৰ চেষ্টা কৰা হৈছে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

