SEBA Class 7 History Important Chapter 3 মধ্যযুগৰ অসমৰ সমাজ আৰু সংস্কৃতি Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 History Important Chapter 3 মধ্যযুগৰ অসমৰ সমাজ আৰু সংস্কৃতি Solutions in Assamese and select need one. SCERT Class 7 History Additional Notes in Assamese Download PDF. SCERT Class 7 অসমৰ ইতিহাস Additional Solutions in Assamese.
SEBA Class 7 History Important Chapter 3 মধ্যযুগৰ অসমৰ সমাজ আৰু সংস্কৃতি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 History of Assam Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 7 Axomor Itihas (অসমৰ ইতিহাস) Additional Question Answer in Assamese for All Chapters, You can practice these here.
মধ্যযুগৰ অসমৰ সমাজ আৰু সংস্কৃতি
Chapter: 3
| IMPORTANT QUESTION ANSWER |
১। আহোম সমাজখন মূলতঃ কেইটা ফৈদত বিভক্ত আছিল আৰু সেইবোৰক একেলগে কি বোলা হৈছিল?
উত্তৰঃ আহোম সমাজখন মূলতঃ সাতটা ফৈদত বিভক্ত আছিল আৰু এই সাতোটা ফৈদক একেলগে ‘সাতঘৰীয়া আহোম’ বোলা হৈছিল।
২। মধ্যযুগৰ অসমীয়া সমাজত বৃত্তি অনুসৰি গঠিত হোৱা দুটামান জাতিৰ নাম লিখা।
উত্তৰঃ মধ্যযুগৰ অসমীয়া সমাজত বৃত্তি অনুসৰি গঠিত হোৱা দুটামান জাতি হ’ল— মাটিৰ পাত্ৰ তৈয়াৰ কৰা হীৰা আৰু কুমাৰ, আৰু সোণ আহৰণ কৰা সোণোৱাল।
৩। আহোমসকলৰ মাজত দাস হিচাপে ৰখা লোকসকলক সাধাৰণতে কি বোলা হৈছিল?
উত্তৰঃ আহোমসকলৰ মাজত দাস হিচাপে ৰখা লোকসকলক সাধাৰণতে ‘বন্দী-বেটী’ বা ‘লিগিৰা’ বোলা হৈছিল।
৪। মধ্যযুগৰ অসমৰ সমাজত মহিলাসকলৰ মাজত কি প্ৰথাৰ প্ৰচলন নাছিল?
উত্তৰঃ মধ্যযুগৰ অসমৰ সমাজত মহিলাসকলৰ মাজত পৰ্দা প্ৰথা আৰু যৌতুক প্ৰথাৰ প্ৰচলন নাছিল।
৫। মধ্যযুগৰ অসমৰ অৰ্থনীতিৰ মূল ভেটি কি আছিল?
উত্তৰঃ মধ্যযুগৰ অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি।
৬। মধ্যযুগত বেহা-বেপাৰ চাবলৈ স্থাপন কৰা চকীসমূহৰ দায়িত্বত থকা বিষয়াজনক কি বোলা হৈছিল?
উত্তৰঃ মধ্যযুগত বেহা-বেপাৰ চাবলৈ স্থাপন কৰা চকীসমূহৰ দায়িত্বত থকা বিষয়াজনক ‘চকীয়াল বৰুৱা’ বোলা হৈছিল।
৭। বংগ বা মোগলসকলৰ লগত অসমৰ বেহা-বেপাৰ চলা আটাইতকৈ উল্লেখযোগ্য চকীখনৰ নাম কি আছিল?
উত্তৰঃ বংগ বা মোগলসকলৰ লগত অসমৰ বেহা-বেপাৰ চলা আটাইতকৈ উল্লেখযোগ্য চকীখনৰ নাম আছিল কান্দাহাৰ বা হাদিৰা চকী।
৮। মধ্যযুগত ইটাৰে ঘৰ সাজিবলৈ কৰাল বা চিমেণ্ট কিদৰে তৈয়াৰ কৰা হৈছিল?
উত্তৰঃ গুড়, মাটিমাহ, শিল, চূণ, শামুক, চকা-চূণ, বৰালী মাছ, তেল, ধূণা আদিৰ সংমিশ্ৰণেৰে কৰাল তৈয়াৰ কৰা হৈছিল।
৯। আহোমসকলে নিৰ্মাণ কৰা দুটামান উল্লেখযোগ্য দৌলৰ নাম লিখা।
উত্তৰঃ আহোমসকলে নিৰ্মাণ কৰা দুটামান উল্লেখযোগ্য দৌল হ’ল— শিৱদৌল, দেৱীদৌল।
১০। আহোমসকলে নিৰ্মাণ কৰা দৌলবোৰত উত্তৰ ভাৰতীয় মন্দিৰ নিৰ্মাণৰ কোনটো শৈলীৰ প্ৰভাৱ পৰিছিল?
উত্তৰঃ আহোমসকলে নিৰ্মাণ কৰা দৌলবোৰত উত্তৰ ভাৰতীয় মন্দিৰ নিৰ্মাণৰ ‘নাগৰ’ শৈলীৰ প্ৰভাৱ পৰিছিল।
১১। তলাতল ঘৰৰ কিমানটা মহলা ভূ-পৃষ্ঠৰ তলত আৰু কিমানটা মহলা ভূ-পৃষ্ঠৰ ওপৰত আছিল?
উত্তৰঃ তলাতল ঘৰৰ তিনিটা মহলা ভূ-পৃষ্ঠৰ তলত আৰু বাকী চাৰিটা মহলা ভূ-পৃষ্ঠৰ ওপৰত আছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


