🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

SEBA Class 7 History Important Chapter 2 মধ্যযুগৰ অসম

SEBA Class 7 History Important Chapter 2 মধ্যযুগৰ অসম Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 History Important Chapter 2 মধ্যযুগৰ অসম Solutions in Assamese and select need one. SCERT Class 7 History Additional Notes in Assamese Download PDF. SCERT Class 7 অসমৰ ইতিহাস Additional Solutions in Assamese.

SEBA Class 7 History Important Chapter 2 মধ্যযুগৰ অসম

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 History of Assam Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 7 Axomor Itihas (অসমৰ ইতিহাস) Additional Question Answer in Assamese for All Chapters, You can practice these here.

Chapter: 2

IMPORTANT QUESTION ANSWER

১। আদি-মধ্যযুগৰ অসমত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে আৰু দক্ষিণে কোন কোন ৰাজ্য আছিল?

উত্তৰঃ আদি-মধ্যযুগৰ অসমত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে চুতীয়া ৰাজ্য আৰু দক্ষিণে কছাৰী ৰাজ্য আছিল।

২। অসমৰ ইতিহাসত মধ্যযুগৰ অন্ত কেতিয়া পৰিছিল বুলি ধৰা হয়?

উত্তৰঃ ১৮২৬ খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ হোৱাৰ লগে লগে অসমৰ ইতিহাসত মধ্যযুগৰ অন্ত পৰি আধুনিক যুগৰ আৰম্ভণি হৈছিল বুলি ধৰা হয়।

৩। চুতীয়া ৰাজ্যৰ প্ৰথমগৰাকী ৰজা কোন আছিল?

উত্তৰঃ চুতীয়া ৰাজ্যৰ প্ৰথমগৰাকী ৰজা আছিল বীৰপাল।

৪। আহোমসকলে কেতিয়া চুতীয়া ৰাজ্য নিজৰ অধীনলৈ আনিছিল আৰু তাৰ শাসনকৰ্তা হিচাপে কাক নিযুক্তি দিছিল?

উত্তৰঃ ১৫২৩ খ্ৰীষ্টাব্দত আহোমসকলে চুতীয়া ৰাজ্য নিজৰ অধীনলৈ আনিছিল আৰু ৰাজ্য চোৱা-চিতা কৰিবলৈ ‘শদিয়াখোৱা গোহাঁই’ নামৰ এগৰাকী বিষয়া নিযুক্তি দিছিল।

৫। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোনটো ভুঞা বংশত হৈছিল?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম চণ্ডীবৰ শিৰোমণি ভুঞাৰ বংশত হৈছিল।

৬। কছাৰীসকলে নিজৰ ৰাজধানী ডিমাপুৰৰ পৰা ক’লৈ স্থানান্তৰ কৰিছিল?

উত্তৰঃ কছাৰীসকলে নিজৰ ৰাজধানী ডিমাপুৰৰ পৰা মাইবঙলৈ স্থানান্তৰ কৰিছিল।

৭। কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত কোনে ৰামায়ণখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল?

উত্তৰঃ কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে হিন্দু মহাকাব্য বাল্মীকিৰ ৰামায়ণখন অসমীয়া ভাষালৈ ‘সপ্তকাণ্ড ৰামায়ণ’ বা ‘কথা ৰামায়ণ’ নামেৰে অনুবাদ কৰিছিল।

৮। ১৪৯৮ খ্ৰীষ্টাব্দত কোনে কমতা ৰাজ্য দখল কৰিছিল?

উত্তৰঃ ১৪৯৮ খ্ৰীষ্টাব্দত বংগৰ নবাব হুছেইন শ্বাহে কমতা ৰজা নীলাম্বৰক পৰাস্ত কৰি কমতা ৰাজ্য দখল কৰিছিল।

৯। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল আৰু তেওঁৰ দেউতাকৰ নাম কি আছিল?

উত্তৰঃ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বিশ্বসিংহ আৰু তেওঁৰ দেউতাকৰ নাম আছিল হাড়িয়া মণ্ডল।

১০। স্বৰ্গদেউ চুকাফাই কেতিয়া আৰু ক’ত আহোমসকলৰ প্ৰথম ৰাজধানী স্থাপন কৰিছিল?

উত্তৰঃ স্বৰ্গদেউ চুকাফাই ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউত আহোমসকলৰ প্ৰথম ৰাজধানী স্থাপন কৰিছিল।

১১। আহোমৰ কোনজন স্বৰ্গদেউৰ দিনত বংগদেশৰ তুৰ্বক খানে অসম আক্ৰমণ কৰিছিল?

উত্তৰঃ আহোমৰ চতুৰ্দশ স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গীয়া ৰজাৰ দিনত বংগদেশৰ তুৰ্বক খানে অসম আক্ৰমণ কৰিছিল।

১২। ১৬৭১ খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধত কোনে মোগল সেনাপতি ৰামসিংহক পৰাস্ত কৰিছিল?

উত্তৰঃ ১৬৭১ খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই মোগল সেনাপতি ৰামসিংহক পৰাস্ত কৰিছিল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top