SEBA Class 7 History Chapter 2 মধ্যযুগৰ অসম

SEBA Class 7 History Chapter 2 মধ্যযুগৰ অসম Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 History Chapter 2 মধ্যযুগৰ অসম Solutions and select need one. SCERT Class 7 History Notes in Assamese Download PDF. SCERT Class 7 অসমৰ ইতিহাস Solutions in Assamese.

SEBA Class 7 History Chapter 2 মধ্যযুগৰ অসম

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 History of Assam Notes Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 7 Axomor Itihas (অসমৰ ইতিহাস) Question Answer in Assamese for All Chapters, You can practice these here.

Chapter: 2

অনুশীলনী

তলৰ প্ৰশ্নবোৰৰ (১ নং ৰপৰা ৫ নং লৈ) শুদ্ধ উত্তৰৰ কাষৰ চিনটো পূৰ কৰা— 

১। ১৬৭১ খ্রীষ্টাব্দত আহোমে শৰাইঘাটৰ ৰণত পৰাজিত কৰা মোগল সেনাপতিজন কোন আছিল?

(ক) মিৰজুমলা।

(খ) ৰামসিংহ।

(গ) ঔৰংগজেৱ।

(ঘ) তুর্বক খান।

উত্তৰঃ (খ) ৰামসিংহ।

২। কমতা ৰাজ্যৰ শেষৰ ৰজাগৰাকী কোন?

(ক) বৈদ্যদেৱ।

(খ) নীলাম্বৰ।

(গ) চিলাৰায়।

(ঘ) বিশ্বসিংহ।

উত্তৰঃ (খ) নীলাম্বৰ।

৩। চুতীয়াসকলৰ প্ৰথমগৰাকী ৰজা কোন আছিল?

(ক) ৰত্নধ্বজ পাল।

(খ) বীৰপাল।

(গ) তাম্রধ্বজ।

(ঘ) দুর্লভ নাৰায়ণ।

উত্তৰঃ (খ) বীৰপাল।

৪। কিমান খ্রীষ্টাব্দত আহোম ৰাজ্য ব্ৰিটিছৰ অধীনলৈ যায়?

(ক) ১৯৪৭

(খ) ১৮২৬

(গ) ১৭৬৯

(ঘ) ১৮২৮

উত্তৰঃ (খ) ১৮২৬

৫। কোনগৰাকী স্বৰ্গদেউৰ দিনৰপৰা আহোম শাসনত হিন্দুধৰ্মৰ প্ৰভাৱ পৰিছিল?

(ক) চুহুংমুং।

(খ) চুচেংফা।

(গ) চুডাংফা।

(ঘ) চুকাফা।

উত্তৰঃ (গ) চুডাংফা।

৬। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

‘ক’‘খ’
কছাৰীসকলমালিনী থান
কোচসকলডিমাপুৰৰ ভগ্নাৱশেষ
চুতীয়াসকলৰহঢলা পুখুৰী
আহোমসকলহয়গ্রীৱ মাধৱ মন্দিৰ

উত্তৰঃ 

‘ক’‘খ’
কছাৰীসকলডিমাপুৰৰ ভগ্নাৱশেষ
কোচসকলহয়গ্রীৱ মাধৱ মন্দিৰ
চুতীয়াসকলমালিনী থান
আহোমসকলৰহঢলা পুখুৰী

৭। শব্দ শৃংখল—

থিয়কৈ—

(ক) কোচ ৰজা নৰনাৰায়ণে সজোৱা আলি (৮ টা)।

উত্তৰঃ গোহাঁই কমল আলি।

(খ) এগৰাকী উল্লেখযোগ্য কছাৰী ৰজা (৫টা)।

উত্তৰঃ মহামাণিক্য।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top