🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

SEBA Class 7 History Important Chapter 4 মোৱামৰীয়া বিদ্রোহ

SEBA Class 7 History Important Chapter 4 মোৱামৰীয়া বিদ্রোহ Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 History Important Chapter 4 মোৱামৰীয়া বিদ্রোহ Solutions in Assamese and select need one. SCERT Class 7 History Additional Notes in Assamese Download PDF. SCERT Class 7 অসমৰ ইতিহাস Additional Solutions in Assamese.

SEBA Class 7 History Important Chapter 4 মোৱামৰীয়া বিদ্রোহ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 History of Assam Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 7 Axomor Itihas (অসমৰ ইতিহাস) Additional Question Answer in Assamese for All Chapters, You can practice these here.

Chapter: 4

IMPORTANT QUESTION ANSWER

১। মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত আৰম্ভ হৈছিল?

উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত আৰম্ভ হৈছিল।

২। মোৱামৰীয়া বিদ্ৰোহ কিমান খ্ৰীষ্টাব্দত আৰম্ভ হৈছিল?

উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ ১৭৬৯ খ্ৰীষ্টাব্দত আৰম্ভ হৈছিল।

৩। মোৱামৰীয়া বা মায়ামৰীয়া বুলিলে আচলতে কাক বুজোৱা হয়?

উত্তৰঃ মায়ামৰা নামৰ বৈষ্ণৱ সত্ৰৰ শিষ্যসকলকে সাধাৰণতে মোৱামৰীয়া বা মায়ামৰীয়া বুলি কোৱা হয়।

৪। মায়ামৰা সত্ৰখন সাধাৰণ লোকৰ মাজত কিয় অতি কম সময়তে জনপ্ৰিয় হৈ উঠিছিল?

উত্তৰঃ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰসকলে জাতিভেদ অথবা আন বৈষম্যমূলক আচৰণ নেদেখুৱাই সকলো শ্ৰেণীৰ লোকক সমান স্থান দিছিল, যাৰ বাবে এই সত্ৰখন অতি জনপ্ৰিয় হৈ উঠিছিল।

৫। কোনজন স্বৰ্গদেউৰ দিনত দুগৰাকী মায়ামৰা শিষ্যক বলি দিয়া হৈছিল?

উত্তৰঃ স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত দুগৰাকী মায়ামৰা শিষ্যক বলি দিয়া হৈছিল।

৬। শিৱসিংহৰ দিনত বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে মায়ামৰীয়া মহন্তক কি কৰিবলৈ বাধ্য কৰোৱাইছিল?

উত্তৰঃ বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ নিৰ্দেশত মায়ামৰীয়া মহন্তক জোৰকৈ দেৱীৰ বলিৰ ফোঁট ল’বলৈ বাধ্য কৰোৱাইছিল।

৭। মোৱামৰীয়া বিদ্ৰোহৰ তাৎক্ষণিক কাৰণটো কি আছিল?

উত্তৰঃ ১৭৬৯ খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহত কীৰ্তিচন্দ্ৰ বৰবৰুৱাই দুগৰাকী মায়ামৰীয়া শিষ্যক মিছা অভিযোগত শাস্তি প্ৰদান কৰাটোৱেই আছিল এই বিদ্ৰোহৰ তাৎক্ষণিক কাৰণ।

৮। প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত বিদ্ৰোহীসকলে ৰংপুৰ দখল কৰি কাক ৰজা পাতিছিল?

উত্তৰঃ প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত বিদ্ৰোহীসকলে ৰাজধানী ৰংপুৰ দখল কৰি ডেকা মহন্তৰ পুত্ৰ ৰমাকান্তক ৰজা পাতিছিল।

৯। দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ কোনজন স্বৰ্গদেউৰ দিনত আৰু কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত ১৭৮২ খ্ৰীষ্টাব্দত আৰম্ভ হৈছিল।

১০। তৃতীয় মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমৰ ৰাজধানী ক’লৈ স্থানান্তৰিত কৰা হৈছিল?

উত্তৰঃ তৃতীয় মোৱামৰীয়া বিদ্ৰোহৰ সময়ত ১৭৯৪ খ্ৰীষ্টাব্দত আহোমৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰা হৈছিল।

১১। তৃতীয় মোৱামৰীয়া বিদ্ৰোহৰ সময়ত বিদ্ৰোহীসকলে ক’ত ক’ত কাক ৰজা পাতিছিল?

উত্তৰঃ তৃতীয় মোৱামৰীয়া বিদ্ৰোহৰ সময়ত বিদ্ৰোহীসকলে ৰংপুৰত ভৰত সিংহক আৰু বেংমৰাত সৰ্বানন্দক ৰজা পাতিছিল।

১২। মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ কোনজন ব্ৰিটিছ বিষয়াক সৈন্যসহ অসমলৈ পঠিওৱা হৈছিল?

উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ ১৭৯২ খ্ৰীষ্টাব্দত কেপ্তেইন ৱেলছক ৩৩০ জনীয়া সৈন্যবাহিনীৰ সৈতে অসমলৈ পঠিওৱা হৈছিল।

১৩। চতুৰ্থ মোৱামৰীয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৭৯৫ খ্ৰীষ্টাব্দত স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যুৰ পাছত কমলেশ্বৰ সিংহৰ দিনত চতুৰ্থ মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top