SEBA Class 10 Assamese Important Chapter 3 প্রশস্তি

SEBA Class 10 Assamese Important Chapter 3 প্রশস্তি Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Assamese Important Chapter 3 প্রশস্তি Solutions and select need one. Class 10 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 10 Assamese.

SEBA Class 10 Assamese Important Chapter 3 প্রশস্তি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 10th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 3

IMPORTANT QUESTION AND ANSWER

১। মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যঁচা বুলি কবিয়ে কৈছে?

উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্রেম পৰিমল যঁচা বুলি কবিয়ে কৈছে।

২। বিহঙ্গ মানে কি?

উত্তৰঃ বিহঙ্গ মানে হ’ল-চৰাই; পক্ষী।

৩। ৰঘুনাথ চৌধাৰীয়ে লিখা-পঢ়া কিমান শ্ৰেণীলৈকে পঢ়িছিল?

উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে লিখা-পঢ়া অষ্টম শ্ৰেণীলৈকে পঢ়িছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ৰঘুনাথ চৌধাৰীৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ বৰ্তমান নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰত লাউপাৰা গাঁৱত। আৰু ১৮৭৯ চনত ৰঘুনাথ চৌধাৰীৰ জন্ম হৈছিল।

৫। ‘অসম সাহিত্য সভা’ৰ অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ‘অসম সাহিত্য সভা’ৰ অধিৱেশন ১৯৩৫ চনত অনুষ্ঠিত হৈছিল।

৬। ৰঘুনাথ চৌধাৰীৰ কোন কোন কাকত আলোচনীত কবিতা প্ৰকাশ পাইছিল?

উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ ‘জোনাকী’, ‘আলোচনী’ আৰু ‘বাঁহী’ কাকত আলোচনীত কবিতা প্ৰকাশ পাইছিল।

৭। ৰঘুনাথ চৌধাৰীয়ে লিখা কবিতা পুথি কেইখনৰ নাম লিখা।

উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে লিখা কবিতা পুথি কেইখনৰ নাম হ’ল- 

১। ‘সাদৰী’ (১৯১০)।

২। ‘কেতেকী’ (১৯১৮)।

৩। ‘কাৰ বালা’ (১৯২৩)।

৪। ‘দহিকতৰা’ (১৯৩১)।

৫। ‘নৱমল্লিকা’(১৯৫৮)।

৬। ‘মইনা বৰাগী’।

৭। ‘পচতীয়া’।

৮। ৰঘুনাথ চৌধাৰীয়ে প্ৰথম স্তৰত লিখা কবিতাসমূহ কোনখন পুথিত প্ৰকাশ পাইছিল?

উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে প্ৰথম স্তৰত লিখা কবিতাসমূহ ‘সাদৰী’ পুথিত প্ৰকাশ পাইছিল।

৯। প্ৰশস্তি শব্দৰ অৰ্থ কি?

উত্তৰঃ আৰাধনা বা গুণানুকীৰ্তন কৰা।

খালী ঠাই পূৰ কৰা-

১। ৰঘুনাথ চৌধাৰীৰ পিতৃৰ নাম _____________।

উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ পিতৃৰ নাম ভোলানাথ চৌধাৰী।

২। ৰঘুনাথ চৌধুৰীয়ে ____________ কাকতেৰে কবিতা লিখিবলৈ আৰম্ভ কৰে।

উত্তৰঃ ৰঘুনাথ চৌধুৰীয়ে জোনাকী কাকতেৰে কবিতা লিখিবলৈ আৰম্ভ কৰে।

৩। অন্তৰীক্ষ শব্দৰ অৰ্থ হ’ল-_____________।

উত্তৰঃ অন্তৰীক্ষ শব্দৰ অৰ্থ হ’ল- আকাশ

৪। প্রশস্তি কবিতাৰ কবি ____________।

উত্তৰঃ প্রশস্তি কবিতাৰ কবি ৰঘুনাথ চৌধুৰী

৫। ____________  অর্থ হৈছে আৰাধনা বা গুণানুকীর্তন কৰা।

উত্তৰঃ প্রশস্তিৰ অর্থ হৈছে আৰাধনা বা গুণানুকীর্তন কৰা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top