Sahitya Tatya Unit 1 শব্দশক্তি, ৰস,ধ্বনি, গুণ, ৰীতিৰ সাধাৰণ পৰিচয়

Sahitya Tatya Unit 1 শব্দশক্তি, ৰস,ধ্বনি, গুণ, ৰীতিৰ সাধাৰণ পৰিচয়, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sahitya Tatya Unit 1 শব্দশক্তি, ৰস,ধ্বনি, গুণ, ৰীতিৰ সাধাৰণ পৰিচয় Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sahitya Tatya Unit 1 শব্দশক্তি, ৰস,ধ্বনি, গুণ, ৰীতিৰ সাধাৰণ পৰিচয় Question Answer can be of great value to excel in the examination.

Sahitya Tatya Unit 1 শব্দশক্তি, ৰস,ধ্বনি, গুণ, ৰীতিৰ সাধাৰণ পৰিচয়

Join Telegram channel

Sahitya Tatya Unit 1 শব্দশক্তি, ৰস,ধ্বনি, গুণ, ৰীতিৰ সাধাৰণ পৰিচয় Notes cover all the exercise questions in UGC Syllabus. The Sahitya Tatya Unit 1 শব্দশক্তি, ৰস,ধ্বনি, গুণ, ৰীতিৰ সাধাৰণ পৰিচয় in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

শব্দশক্তি, ৰস,ধ্বনি, গুণ, ৰীতিৰ সাধাৰণ পৰিচয়

ASSAMESE

সাহিত্যতত্ত্ব

(১) লক্ষণা শক্তি কাক বোলে?

উত্তৰঃ সহজকৈ ক’বলৈ হ’লে-অভিধাত বাচক শব্দৰ অৰ্থবোধ হয়। আনহাতে লক্ষণাত বাচক শব্দৰ মৃখ্যাৰ্থ বাধিত হৈ আন অৰ্থবোধ হয়। এটা উদাহৰণৰ দ্বাৰা কথাটো স্পষ্ট হ’ব-“তই এটা গোট গৰু, এই সহজ প্ৰশ্নটোৰে উত্তৰ লিখিব নোৱাৰিলি।”- বাক্যটোত প্ৰয়োগ কৰা  ‘গৰু’ শব্দৰ বাচক অর্থ হ’ল চতুস্পদী জন্তু বিশেষ; কিন্তু ইয়াত ‘গৰু’  শব্দটোৱে গৰুৰ নিচিনা নিৰ্বোধ, মহামূৰ্খ,অৰ্থ প্ৰকাশ কৰিছে। শ্ৰোতাইও ইয়াত। ‘গৰু’ শব্দৰ অৰ্থ ‘জন্তু’ বুলি ন’লৈ মূৰ্খ অৰ্থহে গ্ৰহণ কৰিব ইয়াত ‘গৰু’ শব্দৰ মৃখ্যাৰ্থবোধ বাধা পৰিল আৰু ‘গৰুৰ মূখ্যাৰ্থৰ লগত মিল থকা আন এটা অৰ্থ  অৰ্থাৎ “মূৰ্খ” অৰ্থ গ্ৰহণ কৰিব। এনেধৰণৰ অৰ্থবোধ হোৱা শব্দৰ শক্তিটোক লক্ষণা বোলে।ইয়াত”মূৰ্খ”অৰ্থটোক লক্ষ্যাৰ্থ আৰু “গৰু”শব্দটোকে লক্ষক বা লাক্ষণিক বোলা হয়।

(২) ভৰত মুনিৰ মতে ৰসৰ প্ৰকাৰসমূহ কি কি?

উত্তৰঃ ভৰতে তেওঁৰ নাট্যশাস্ত্ৰত আঠোটা ৰসৰ উল্লেখ কৰিছে-শৃংগাৰ, বীৰ অদ্ভূত, কৰুণ, হাস্য, ভয়ানক, ৰৌদ্ৰ আৰু বীভৎস। এই আঠোটা ৰসৰ ভিতৰত তেওঁ চাৰিটা ৰসক মুখ্য স্থান দিছে। এইকেইটা হ’ল-শৃংগাৰ, ৰৌদ্ৰ, বীৰ আৰু বীভৎস।ভৰতৰ মতে হাস্যৰস শৃংগাৰৰসৰপৰা, কৰুণৰস ৰৌদ্ৰৰসৰপৰা, অদ্ভূতৰস বীৰৰসৰপৰা আৰু ভয়ানকৰস বীভৎসৰসৰপৰা উৎপন্ন হৈছে।

(৩) অভিধা শক্তি কি?

উত্তৰঃ শব্দৰ মুখ্য অৰ্থ বুজোৱা শক্তিটোকে অভিধা শক্তি বোলে। এই মুখ্য অৰ্থটোক অভিধেয় অৰ্থ বুলিও কোৱা হয়। শব্দ আৰু অৰ্থক একেলগে বাচ্যাৰ্থ বুলি কোৱা হয়। সহজ ভাষাত ক’বলৈ হ’লে “আমি কোনো এটা শব্দ উচ্চাৰণ কৰাৰ লগে লগে, শব্দটো এজন ব্যক্তি নে, জাতিনে, জন্তুনে গুণনে, ত্ৰিয়ানে সেই ভাবটো মনত উদয় হয়। শব্দটো শুনাৰ লগে লগে আমাৰ মনত প্ৰথম  যিটোৰ বোধ জন্মে, সেইটোৱেই তাৰ মুখ্য অৰ্থ।উদাহৰণ স্বৰূপে-“গৰু” বুলি ক’লে নেজ, শং থকা চাৰিঠেঙীয়া জন্তুটোৰ কথা মনত উদয় হ’ব। ‘গৰু’শব্দটো উচ্চাৰণ কৰাৰ লগে লগে যিটো অৰ্থ পোৱা যাব, সেইটোৱেই তাৰ মুখ্য অৰ্থ বা অভিধেয়। যিটো শব্দই মুখ্য অৰ্থ বুজায় তাক বাচক বোলে। বাচক আৰু অৰ্থক একেলগে বাঢ্যাৰ্থ বোলে। গতিকে, শব্দশক্তিয়ে যি মুখ্যাৰ্থ বোধ কৰায় তাকে অভিধা শক্তি বা অভিধা বৃত্তি বোলে।

(৪) সঞ্চাৰীভাৱসমূহ কি কি?

উত্তৰঃ সঞ্চাৰীভাৱ মুঠতে তেত্ৰিশবিধ।যেন-নিৰ্বেদ (বৈৰাগ্য বা নৈৰাশ‍্য),গ্লানি (অৱসাদ),শঙ্কা (ভৈয় বা সংশয়), অসুয়া (ষৰ্যা), মদ গেৰ্ব),শ্ৰম(পৰিশ্ৰম), আলস্য (এলাহ), দন্য (দিনত), চিন্তা (ভাৱনা,ধ্যান),মোহ(ভ্ৰম,স্নেহ), স্মৃতি (সৌৱৰণ), ধৃতি (ধৈৰ্য্য), ব্ৰীড়া(লাজ);চপলতা  চ(চঞ্চলতা),হৰ্বয (আনন্দ),আবেগ  ভেৎকণ্ঠা),জড়তা(অৱশতা),গৰ্ব(অহঙ্কাৰ),বিষাদ(বিষগ্নতা),গত্তুৎসুক্য(উৎসাহ),নিদ্ৰা(টোপনি), স্বপ্ন (সপোন দেখা), অপস্মাৰ(মূৰ্চ্ছা ৰোগ),প্ৰবোধ(সাত্নন।),অমৰ্ষ (অসহন), অৱহিখ(মনোভাব গোপন কৰা), উগ্ৰতা (তীক্ষ্ণভাৱ,খঙাল), মতি(মন,বুদ্ধি),ব্যাধি(ৰোগ),উন্মাদ(বাতুলতা),মৰণ(মৃত্যু),ত্ৰাস(অনিষ্টৰ আশংকা)আৰু বিতৰ্ক(বাদানুবাদ)।

(৫) শব্দশক্তি কেইটা প্ৰকাৰত ভাগ কৰা হৈছে?ভাগসমূহ কি কি?

উত্তৰঃ শব্দশক্তি  তিনিবিধ। যেনে-

(ক) অভিধা শক্তি। 

(খ) লক্ষণাশক্তি। আৰু 

(গ) ব্যঞ্জনা শক্তি।

(৬) লক্ষণা শক্তি হ’বলৈ প্ৰয়োজন হোৱা তিনিটা কথা উল্লেখ কৰা?

উত্তৰঃ লক্ষণা শক্তি হ’বলৈ তিনিটা কথাৰ প্ৰয়োজন। সেই কেইটা হৈছে-

(১) লক্ষণাশক্তিয়ে অভিধাৰ মূখ্যাৰ্থ বোধ হোৱাত বাধা দিয়ে।

(২) অভিধাৰ অৰ্থবোধৰ লগত লক্ষ‍্যাৰ্থবোধৰ সম্বন্ধে থাকে।

(৩) ৰূঢ়ি বা প্ৰয়োজন যিকোনো এটা কাৰণ হৈ পৰে।

(৭) ধ্বনিবাদৰ প্ৰৱৰ্তক কোন? ধ্বনিবাদৰ সূচনা কেনেকৈ হৈছিল বুজাই লিখা?

উত্তৰঃ ধ্বনিবাদৰ প্ৰৱৰ্তক আচাৰ্য আনন্দ বৰ্ধন। আনন্দবধনৰ “ধবন‍্যালোক” খনেই প্ৰথম ধ্বনিবাদ সম্পৰ্কীয় গ্ৰন্থ। আগতে ধ্বনি-বিষয়টো অলংকৰিকবাদৰ লগতে সঙোৰ খাই আছিল। তেওৱেই ধ্বনিক অলংকাৰবাদৰ পৰা আঁতৰাই সুকীয়াকৈ ধ্বনিবাদৰ সূচনা কৰিলে। পৰৱৰ্তী আচাৰ্যসকলেও আনন্দবৰ্ধনকেই ধ্বনিকাৰ হিচাপে আখ্যা দিছে। তেওঁ কাশ্মীৰৰাজ অৱন্তীবৰ্মাৰ (খ্ৰীঃ৮৫৫-৮৮৪)অন্যতম সভাৰত্ন আছিল। সেই হিচাপত তেওঁক নৱম শতিকাৰ শেষাৰ্ধৰ লোক আছিল বুলি অনুমান কৰা হয়।গতিকে নৱম শতিকাৰ শেষ ভাগত ধ্বনিবাদৰ উৎপত্তি হৈছিল।খ্ৰীঃ১০ ম শতিকাত অভিনৱ গুপ্তই ধ্বন‍্যালোক গ্ৰন্থৰ লোচন টীকাত ধ্বনিবাদৰ সম্প্ৰসাৰণ ঘটায়। ধ্বনিবাদত তেওঁ ৰসধ্বনিৰ ওপৰত প্ৰধানকৈ গুৰুত্ব দিছিল আৰু ৰসতেই তেওঁৰ তত্ত্বালোচনাই নিবৃত্তি লাভ কৰিছিল। অভিনৱ গুপ্তৰ পাছত খ্ৰীঃ ১১শ শতিকাত মন্মট ভট্টই  “কাব্যপ্ৰকাশ” ৰচনা কৰে। এই গ্ৰন্থতে তেওঁ ধ্বনি বিৰোধী আচাৰ্যসকলৰ দ্বি-মত খণ্ডন কৰিলে আৰু ধ্বনিবাদৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিলে।

(৮) ৰূঢ়িমূলক লক্ষণ কাক বোলে?

উত্তৰঃ প্ৰয়োগ প্ৰসিদ্ধি বা পূৰ্বাপৰ চলি অহা শব্দৰ অৰ্থক বাঢ়িমূলক লক্ষণ বোলে। উদাহৰণ স্বৰূপে-“গাখীৰতে ম’হৰ খুটি”, “গোৰমাৰি গংগাত পেলোৱা”, “হাইঠা মাটিত পৰা”, বসতে নমে থোৱা”, “গছত গৰু উঠা কথা”, “শ’ল ঠেকত পৰা”,  “পোহাৰী চুপতি”, “কপাল ফুল” আদি বাক্যাংশৰ শব্দবোৰ  বাঢ়িমূলক লক্ষণা। এইবোৰত বক্তাৰ কোনো অভিষ্ট সিদ্ধি নহয়। এই শব্দবোৰ পূৰ্বাপৰ প্ৰচলিত শব্দ। এই শব্দবোৰৰ মুখ্যাৰ্থ বাধিত হৈছে আৰু আন অৰ্থত প্ৰয়োগ হৈছে। শুনোতাইও কি অৰ্থত কৈছে বুজি পায়। “তোমাৰ কপাল ফুলিল” বুলি ক’লে কিবা কাৰণত বাগ্য উদয় হোৱাৰ অৰ্থ বুজায়। “পোহাৰী চুপতি”বুলি ক’লে আনে অলাগতিয়াল কথা’ৰ অর্থ বুজে। “গোৰমাৰি গংগাত পেলোৱা” বুলি ক’লে অপকাৰ কৰোঁতে উপকাৰ”হে হোৱা অৰ্থ বুজায় । এয়ে ৰূঢ়িমূলক লক্ষণা।

(৯) প্ৰয়োজনমূলক লক্ষণা কাক বোলে?

উত্তৰঃ লক্ষণা প্ৰকৃততে এক প্ৰকাৰ আওপকীয়া ধৰণে অৰ্থ বুজোৱাৰ কৌশল। মানুহে পোনে পোনে কথা নকৈ আও পকীয়াকৈ কথা কোৱাৰ এক উদ্দেশ্য নিহিত আছে। পোন কথাৰে ভাৱৰ তীব্ৰতা বা অতিশয়তা অথবা মনৰ অভিষ্ট ভাব পূৰণ কৰিব নোৱাৰে। মনৰ এই অভিষ্ট বা অতিশয়তা বুজোৱা ভাৱটোৱেই হ’ল লক্ষণাৰ প্ৰয়োজন। এই আওপকীয়া ধৰণে কথা কোৱাৰ অন্তৰালত আৰু এটা উদ্দেশ্য থাকিব পাৰে, সেইটো হৈছে মানুহৰ চিন্তা শক্তি বা ভাবনাক জাগ্ৰত কৰা। সেয়ে কাব্য সাহিত‍্যতো প্ৰয়োজনমূলা লক্ষণাৰেই  পয়োভৰ আৰু আদৰ বেছি। উদাহৰণ স্বৰূপে-“তই এটা গৰু”বুলি নকৈ “তই এটা মূৰ্খ” বুলি কোৱা হ’লেও হ’লহেঁতেন; কিন্তু তাৰ দ্ধাৰা বক্তাই বুজিব খোজৰ সমান তিব্বতা বা অতিশয়তা প্ৰকাশ নাপালেহেঁতেন অথবা বক্তাৰ অভিষ্ট সিদ্ধি বা প্ৰয়োজন পূৰণ নহ’লেহেঁতেন। সেইদৰে “গঙ্গাত গোৱালৰ গাওঁ” বুলি নকৈ “গঙ্গাৰ পাৰত গোৱালৰ গাঁও” বুলি কোৱাহেঁতেনো হ’লহেঁতেন; কিন্তু তেতিয়া এই বাক্যটোত বক্তাৰ কোনো অভিষ্ট সিদ্ধি নহ’লেহেঁতেন আৰু শ্ৰোতাৰ চিন্তা ভাৱনাত জাগ্ৰত নহ’লহেঁতেন। “গঙ্গাৰ বুকুত গোৱালৰ গাঁওখন থাকিব নোৱাৰে। গঙ্গাৰ পাৰতেই গোৱালৰ গাঁওখন আছে। ইয়াৰ দ্বাৰা আওপকীয়াকৈ আন এটা অৰ্থহে বুজোৱা হৈছে- সেইটো হৈছে- ‘গঙ্গাৰ পাৰত থকা গোৱালৰ গাঁওখন গঙ্গাৰ জলধাৰাৰ দৰেই অতিশয় পৱিত্ৰ আৰু শীতল। এই প্ৰয়োজন পূৰণৰ অৰ্থেই- “গঙ্গাৰ পাৰত গোৱালৰ গাঁও” বুলি নকৈ “গঙ্গাত গোৱালৰ গাঁও” বুলি কোৱা হৈছে। এয়ে  হৈছে প্ৰয়োজনমূলক লক্ষণা।

(১০) ধ্বনি কাব্যৰ আত্মা-কাব্যস্যাত্মা ধ্বনি ৰীতি- কথাষাৰ বুজাই লিখা?

উত্তৰঃ ধ্বনিকাৰ আনন্দবৰ্ধনে তেওঁৰ “ধ্বন‍্যালোক” গ্ৰন্থত ধ্বনিকেই কাব্যৰ আত্মা বুলি কৈছে- “কাব্যস্যাত্মা ধ্বনি ৰীতি।”  কিন্তু সেইসময়ত আনন্দবৰ্ধনৰ এই ধ্বনিৰীতিয়ে বিশেষ গুৰুত্ব পোৱা নাছিল।ইয়াৰ কাৰণ, সম্ভৱতঃ সেই সময়ত আচাৰ্যসকলে অলংকাৰ আৰু ৰীতিৰ ওপৰতহে অধিক গুৰুত্ব দিছিল। আলংকাৰিক সকলে শব্দাৰ্থৰূপ কাব্য শৰীৰৰ ওপৰত অধিক গুৰুত্ব দিছিল। তেওঁলোকে ধ্বনিৰ দৰে সূক্ষ্মতত্ত্ববোৰত প্ৰৱেশ কৰা নাছিল। অলংকাৰবাদৰ পিছতে আচাৰ্য বামনে মাধূৰ্য গুণ আদিৰ অস্তিত্ব নিৰূপন কৰে আৰু এই গুণক আশ্ৰয় কৰি তেওঁ  ৰীতিবাদৰ ধাৰা এটা প্ৰৱৰ্তন কৰে তেওঁমতে ৰীতিয়েই হ’ল কাব্যৰ আত্মা. “ৰীতিৰাত্মা কাব্যস‍্য।” তেওঁৰ ৰীতিবাদো  সমালোনাৰে থকা সৰকা হ’ল। কাৰণ গুণ বা ৰীতি কাব্য শৰীৰৰ ধৰ্ম হ’ব নোৱাৰে, ই আত্মাৰহে ধৰ্ম আৰু সি আত্মাৰ ধৰ্ম হ’লে আত্মা হ’ব নোৱাৰে; আত্মা বেলেগ বস্তু হ’ব লাগিব। প্ৰাণহীন অসাৰ দেহৰ শৌৰ্য বীৰ্য আদি গুণবোৰৰ কোনো মূল্য নাই । সেয়ে ধ্বনিকাৰৰ মতে শব্দাৰ্থ যদি কাব্য শৰীৰ আৰু মাধূৰ্য্যাদি  গুণ হয় তেন্তে তাৰ শৰীৰ বা গুণী কিবা এটা থাকিবই লাগিব। তেওঁলোকৰ মতে এই শৰীবী বা   

গুণীটোৱেই হৈছে আত্মাস্বৰূপ ধ্বনি । এইদৰেই ধ্বনিকৰ আনন্দবৰ্ধনে অলংকাৰবাদী, ৰীতি, গুলবাদীৰ মত খণ্ডন কৰি প্ৰতিষ্ঠা কৰিলে- “ধ্বনিয়েই কাব্যৰ আত্মা- “কাব্যস্যাত্মা ধ্বনিৰীতি।” আনন্দবৰ্ধনে কাব্যৰ তিনি প্ৰকাৰ ধ্বনি কথা কৈছিল যেনে- বস্তু ধ্বনি, অলংকাৰ ধ্বনি আৰু ৰস ধ্বনি।

(১১) অভিধামূলা ব্যঞ্জনা বুলিলে কি বুজা?

উত্তৰঃ যিবিলাক শব্দৰ একাধিক অৰ্থ আছে, সংযোগ, বিয়োগ আদিৰ কাৰণে তেনে শব্দ একেটা মাত্ৰ অৰ্থত নিয়ন্ত্ৰিত হ’লে আকৌ আন এটা অৰ্থবোধ কৰোৱাৰ যি শক্তি তাকে অভিধা মূলা ব্যঞ্জনা বোলে। 

কথাষাৰ আৰু মুকলিকৈ ক’ব পাৰি, কোনো কোনো শব্দৰ কেইবাটাও বাচ্যাৰ্থ থাকিব পাৰে। কেইবাটাও  অৰ্থ থাকিলেও একে সময়তে কেৱল এটা অৰ্থহে ল’ব পাৰি। একাধিক অৰ্থৰ ভিতৰত কোনটো অৰ্থ গ্ৰহণ কৰিব লাগিব সেই বিষয়ে নিশ্চিতভাৱে জনা নাথাকিলে সংযোগ, বিয়োগ সাহচৰ্য্য, বিৰোধিতা, অৰ্থপ্ৰকাশ, লিঙ্গ, অন্য শব্দৰ সান্নিধ্য আদিৰ সহায় লৈ তাৰ অৰ্থ গ্ৰহণ কৰিব লাগে। যেনে-

(১) সংযোগত : ‘হৰি’ক্ বিচাৰিলে কোনজন হৰিক বিচাৰিলে, শঙ্খ, চক্ৰযুক্ত হৰি, শঙ্খ চক্ৰৰ সংযোগত ‘হৰি’ শব্দই কৃষ্ণক, বিষ্ণুক বুজাইছে। কিন্তু শঙ্খ চক্ৰ ৰহিত ‘হৰি’ শব্দই সিংহ আদি আন বহুত অৰ্থ বুজায়।

(২)’ৰাম’বুলিলে পৰশুৰাম, হৰিৰাম, শ্ৰীৰাম এই তিনিও অৱতাৰকে বুজায়।ইয়াত বক্তাই কোনজন ৰামৰ কথা কৈছে তাক বুজিবলৈ হ’লে ক’ত কোন সূত্ৰে ৰামৰ কথা কোৱা হৈছে বা ৰাম পদটো কি কি শব্দৰ লগত সংযুক্ত হৈছে তাক চাব লাগিব। যদি সীতা হৰণৰ বা দাশৰথি ৰামৰ কথা কোৱা হৈছে তেনেহ’লে বুজিব,লাগিব-শ্ৰীৰাম। যদি জমদগ্নি ৰামৰ কথা কোৱা হৈছে তেনেহ’লে পৰশুৰামক বুজিব লাগিব।আৰু ৰামকৃষ্ণৰ কথা ক’লে বুজিব লাগিব হৰিৰামৰ কথা কোৱা হৈছে। এইদৰে সংযোগৰ সহায়ত বহুত অৰ্থৰ পৰা বিচৰা অৰ্থটো গ্ৰহণ কৰি পাৰি।

ওপৰৰ দুয়োটা উদাহৰণে মূখ্যাৰ্থ দিয়াৰ পাছতো আন এক অৰ্থবোধ জন্ময় কাৰণে ইয়াক অভিধামূলা ব্যঞ্জনা বুলি কোৱা হয়।

(১২) লক্ষণামূলা ব্যঞ্জনা বুলিলে কি বুজা?

উত্তৰঃ যি প্ৰয়োজন সিদ্ধিৰবাবে লক্ষণাৰ আশ্ৰয় লোৱা হয়, সেই প্ৰয়োজন যি ব্যঞ্জনাই বুজায় তাকে লক্ষণা মূলা ব্যঞ্জনা বোলে।

এই কথা বুজাবলৈ সংস্কৃত আলংকাৰিক সকলে দিয়া উদাহৰণ এটা চয়ন কৰা হ’ল। “গঙ্গাত গোৱালৰ গাঁও আছে”-ইয়াত অভিধা বৃত্তিয়ে “গঙ্গা”শব্দৰ জলপ্ৰবাহ আদি অৰ্থ দিয়াৰ পাছত লক্ষণাবৃত্তিৰ দ্বাৰা ‘পাৰ’ অৰ্থ প্ৰতীয়মান হয়। অভিধা আৰু লক্ষণা বিত্তীয়ে অৰ্থ দি বিৰত হোৱাৰ পাছত যি বৃত্তিৰে সহায়ত গঙ্গাৰ (পাৰৰ)অতিশয় শীতলতা পবিত্ৰতা আদি অৰ্থবোৰ জন্মায় সেয়ে লক্ষণামূলা ব্যঞ্জনা।

এইখিনিতে প্ৰশ্ন হয়, “গঙ্গাত গোৱালৰ গাঁও”বুলি নকৈ- গঙ্গাৰ পাৰত গোৱালৰ গা‍ঁও” বুলি কোৱাহেঁতেনো হ’লহেঁতেন; কিন্তু গঙ্গাৰ পাৰত গোৱালৰ গাঁও”বুলি কোৱা হ’লে,গঙ্গাৰ যি শীতলতা, পৰিত্ৰতা সেই গুণ প্ৰতীয়মান নহ’লহেঁতেন। তেতিয়া তাত কোনো ব্যঞ্জনা নাথাকে। “গঙ্গা”শব্দৰ দ্বাৰা তীৰ বা পাৰ বুজোৱাৰ উপৰি গঙ্গাৰ পাৰৰ  শীতলতা, পৱিত্ৰতা আদি গুণক  প্ৰতীয়মান কৰিলে। এই শীতলতা, পৱিত্ৰত। অৰ্থটো হৈছে ব্যংগ্যাৰ্থ।

গতিকে লাক্ষণিক অৰ্থ গ্ৰহণ কৰাৰ যি প্ৰয়োজন, সেই প্ৰয়োজন সিদ্ধিৰ কাৰণ ব্যঞ্জনাৰ আশ্ৰয় লোৱা হয়। আকৌ  লক্ষণাক ভিত্তি কৰি ব্যঞ্জনাই ব্যংগ্যাৰ্থ প্ৰকাশ কৰে বাবে ইয়াক লক্ষণামূলক ব্যঞ্জনা বোলে।

(১৩) ব্যঞ্জনা শক্তিৰ প্ৰয়োজনীয়তা কিমান?

উত্তৰঃ ধ্বনি বাদী আলংকাৰিসকলৰ মতে ধ্বনিয়েই হৈছে কাব্যৰ মূলমন্ত্ৰ বা বীজ। ধ্বনিক  তেওঁলোকে ধুনীয়া যুৱতীৰ ৰূপ-লাৱণ্যৰ লগত তুলনা কৰিছে। তেওঁলোকৰ মতে ধ্বনিয়েহে কাব্যৰ লাৱণ্য আনে, কাব্যক মনোহাৰী কৰি তোলে।ৰমনীয় ব্যঞ্জনাই হৈছে ধ্বনি। কাব্যৰ মূল যদি ধ্বনি হয়, তেন্তে ধ্বনিৰ মূল শব্দৰ ব্যঞ্জনাশক্তি। এই ব্যঞ্জনাশক্তিৰ দ্ধাৰাহে কবিয়ে উত্তম কাব্য ৰচনা কৰিব পাৰে। অন্যহাতে পাঠক বা শ্ৰোতাৰ ব্যাংগ্যাৰ্থ শক্তি থাকিব লাগিব।এই ব্যাংগ্যাৰ্থ বোধশক্তি নাথাকিলে পাঠকৰ কাৰণে কাব্য উপদেয় নহব আৰু কবিৰো শ্ৰম সাৰ্থক নহ’ব। কাব্যানুশীলনৰ যোগেদিহে পাঠক শ্ৰোতাৰ ব্যাংগ্যাৰ্থ বোধশক্তি প্ৰখৰ হয়। যিদৰে দাপোন নিৰ্মল হ’লেহে প্ৰতিবিম্বৰ পূৰ্ণ প্ৰতিফলন ঘটে সেইদৰে কাব্যানুশীলন হ’লেহে মনৰ দাপোন নিৰ্মল হয় আৰু ব্যাংগ্যাৰ্থ বোধশক্তিৰ পূৰ্ণ প্ৰতিফলন ঘটে। এই ব্যাংগ্যাৰ্থ বোধশক্তি হৈছে হৃদয় সংবাদ। এইক্ষেত্ৰত আলংকাৰিক অভিনৱ গুপ্তই বৰ স্পষ্ট আৰু সূক্ষ্মদৰ্শিতাৰে কৈছে- “কাব্য চৰ্চা কৰোঁতে কৰোঁতে যাৰ মনৰূপী দাপোনখন নিৰ্মল হৈ বৰ্ণনীয় বিষয়ৰ সৈতে প্ৰায় একীভূত হ’ব পূৰা যোগ্যতা লাভ কৰা আবেদনশীল হৃদয় থকাসকলেই সহনদয়”-ষেষাং কাব্যানুশীলনাভ্যাসৱশাদ বিশদীভূতে মনোমুকুৰে বৰ্ণনীয় তন্নয়ীভৱনযোগ্যতা তে হৃদয়-সংবাদ ভাজঃ সহাদয়া।

(১৪) স্থায়ী ভাৱৰ প্ৰকৃতি বা  লক্ষণ কি কি?

উত্তৰঃ স্থায়ীভাৱৰ প্ৰকৃতি বা লক্ষণ হৈছে –

১। ৰতিভাব : প্ৰিয়জনৰ প্ৰতি থকা মানসিক তান বা অনুৰাগেই হৈছে ৰতিভাব।

২। হাস : বিকৃত বেশভূষা, বিকৃত আকাৰ, অসংলগ্ন কথা- বতৰা দেখি-শুনি মনত যি আদ জন্মেতাৰ নাম হাস।

৩। শোক : প্ৰিয় বা আত্মীয়জনৰ কিবা অনিষ্ট সাধন হোৱা দেখি যি মানসিক কষ্ট পোৱা যায়, তাৰ নাম শোক।

৪। ক্ৰোধ : নিজ স্বাৰ্থত বিঘিনি ঘটিলে বা অবাবতে আনে অপযশ দিলে অথবা অনিষ্ট সাধন কৰিব বিচাৰিলে মনত উৎপত্তি হোৱা মানসিক দ্বন্ধৰ   চিত্তবৃত্তিটোকে ক্ৰোধ বোলে।

৫। উৎসাহ : কোনো কাৰ্য কৰিবৰ কাৰণে মনত যি হেপাহ বা মানসিক প্ৰস্তুতি অথবা তৎপৰতা, তাকে উৎসাহ বোলে।

৬। ভয় : সম্ভাৱ্য বিপদৰ প্ৰতি উদয় হোৱা মানসিক কাতৰজনিত চিত্তবৃত্তিটোকে ভয় বোলে।

৭। ঘৃণা বা জুগুপসা : দোষ দৰ্শনৰ দ্ধাৰা চিত্তৰ সংকোচজনক অৱস্থাটোকে ঘৃণা বা জুগুপসা বোলে।

৮। বিস্ময : কোনো নভবা নিচিন্তা ঘটনা  দেখি বা শুনি হোৱা চিত্তৰ বিস্তাৰজনক বৃত্তিটোৱেই হ’ল বিস্ময়।

৯। শম বা নিৰ্বেদ : কোনো বস্তুৰ প্ৰতি থকা মানসিক উদাসীনতাকে শম বা নিৰ্বেদ অথবা বৈৰাগ্য বোলে।

(১৫) শব্দশক্তি বুলিলে কি বুজা? শব্দ শক্তি কেই প্ৰকাৰৰ আৰু কি কি? প্ৰত‍্যেক ভাগৰ বিষয়ে বহলাই আলোচনা কৰা?

উত্তৰঃ একোটাহঁত শব্দই বহুত অৰ্থ প্ৰকাশ কৰিব পাৰে। শব্দ এটাই তাৰ মূল অৰ্থ প্ৰকাশ  কৰাৰ উপৰি আওপকীয়াকৈ বা বেলেগ্ বেলেগ  অৰ্থ প্ৰকাশ কৰিব পৰা গুণটোক শব্দ শক্তি বোলে। জগতৰ  সকলো ভষাৰে শব্দৰ এনে শক্তি বা মহিমা আছে ।বহুতে কোৱা শুনা যায় যে- ভাব আছে, ভাষা নাই, নহ’লে মইও লিখিব পাৰিলোহেঁতেন।” কথাটো একেবাৰে মিছা নহয়। কাৰণ ‘ভাৱ’ সকলো মানুহৰে আছে। কিন্তু ‘ভাৱ’ টোক প্ৰকাশ কৰাৰ ক্ষমতা নাই।অৰ্থাৎ শব্দ শক্তিৰ জ্ঞান কম। শব্দবোৰ যদি ঠৰঙা হয় আৰু মূল অৰ্থটোৰ বাহিৰে আন একো অৰ্থ প্ৰকাশ কৰা ক্ষমতা নাথাকে তেতিয়া মানুহৰ ভাৱৰাজ্য সংকীৰ্ণ হৈ পৰিলেহেঁতেন। মানুহৰ মনৰ বিভিন্ন ভাৱ, আবেগ-অনুভুতি, বুদ্ধিমত্তাৰ প্ৰকাশ নঘটিলহেঁতেন। উদাহৰণ স্বৰূপে- “গৰুবোৰে পথাৰত ঘাঁহ খাই ফুৰিছে”-এই বাক্যটোতে “গৰু” শব্দই এবিধ চতুস্পদী, নেজ, শিং বিশিষ্ট জন্তুক বুজাইছে। ‘গৰু’ বুলি কোৱাৰ লগে লগে সেই বিশেষ জন্তু বিধৰ প্ৰতিচ্ছবি আমাৰ চকুৰ আগত ভীহি উঠে। 

এইটো হ’ল ইয়াৰ মূল অৰ্থ। ই আন কোনো উপৰুৱা অৰ্থ প্ৰকাশ কৰা নাই। কিন্তু ছাত্র এজনক যদি কোৱা হয়- “গৰু ক’ৰবাৰ, এই সাধাৰণ প্ৰশ্নটোকে লিখিব নোৱাৰিলি” ইয়াত ‘গৰু’ শব্দই চাৰিঠেঙীয়া জস্তুটোৰ কথা বুজোৱা নাই। ইয়াত গৰু’শব্দই  “মহামূৰ্খ”এই উপৰুৱা অৰ্থ প্ৰকাশ কৰিছে বা সুজাইছে। শব্দৰ এই উপৰুৱা অৰ্থটোৱেই হ’ল শব্দশক্তি। আমাৰ অসমীয়া ভাষাৰ এনে অলেখ শব্দৰ ব্যৱহাৰ  আছে। আৰু দুটামান উদাহৰণ দাঙি ধৰা হ’ল- “বজাৰত বস্তুৰ জুই ছাই দাম” বুলি  কওঁতে “জুইছাই” শব্দৰ দ্ধাৰা বস্তুৰ চৰা দাম বা উৰ্দ্ধমুখী দামৰ কথাহে কোৱা হৈছে। বস্তুৰ দাম কেতিয়াও ‘জুইছাই’ হ’ব নোৱাৰে। সেইদৰে “তাইৰ দুচকুৱেদি নিজৰা বৈ আহিল।” চকুৱেদি কেতিয়াও নিজৰা বৈ আহিব নোৱাৰে। ‘নিজৰা’ পাহাৰৰ কঠিন শিলাস্তৰ ভেদি নিগৰি নিজৰি বৈ আহে । এই ‘নিজৰা’ শব্দৰ দ্ধৰা গভীৰ দুখত চকুৰ পানী ওলোৱাৰ অৰ্থ প্ৰকাশ কৰিছে।শব্দই এনেদৰে নিজৰ মুখ্য অৰ্থ প্ৰকাশ কৰাৰ উপৰি ভিন্ ভিন্ অৰ্থ প্ৰকাশ কৰিব পৰা ক্ষমতাকে “শব্দশক্তি” বোলে। শব্দ শক্তিক শব্দবৃত্তি বুলিও কোৱা হয়। এই শব্দশক্তিয়ে একোটা বাক্যক মনোৰম কৰি তোলে। বাক্যৰ চাৰুত্বই ভাষাক ওজস্বী কৰি তোলে আৰু এনে ভাষাই সাহিত্যক ৰসোত্তীৰ্ণ কৰি তোলে।

(১৬) শব্দশক্তি বুলিলে কি বুজা? শব্দ শক্তি কেই প্ৰকাৰৰ আৰু কি কি? প্ৰত‍্যেক ভাগৰ বিষয়ে বহলাই আলোচনা কৰা?

উত্তৰঃ একোটা শব্দই প্ৰয়োগ অনুসৰি বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে। ইয়াক শব্দৰ শক্তি বোলে।

“বান্দৰবোৰে গছৰ ডালে ডালে জঁপিৱাই ফুৰিছে।”  “গৰুবোৰে ঘাঁহ খাইছে।” এই বাক্য দুটাত বান্দৰ আৰু গৰু শব্দই দুবিধ জন্তুক বুজাইছে। বাক্য দুটা যদি এইদৰে কোৱা হয়- “বান্দৰহঁতঙ্গ ধিতিঙালি কৰিবলৈ ঠাই নাপালি?” গৰুহঁতঙ্গ এই সাধাৰণ অংকটোকে কৰিব নোৱাৰে?”- তেতিয়া  “বান্দৰহঁত”,  “গৰুহঁত” জন্তু নহৈ  ‘দুষ্ট ল’ৰাহঁত’ আৰু ‘মূৰ্খ ল’ৰাহঁত’  হে হ’ব। সেইদৰে ” আঙুলিৰে আগত ফুলি আছে, হাজাৰ হাজাৰ গোলাপ, তগৰ”-ইয়াত “আঙুলিৰ আগত”মানে-আঙুলিৰে দেখুওৱা ঠাইত, আকৌ- ” আমি ঘৰলৈ যাম”- এই সাধাৰণ অৰ্থ বুজোৱা বাক্যটিক যদি এইদৰে লিখোঁ-আমি ঘৰলৈহে যাম ” তেতিয়া- অন‍্য ঠাইলৈ “নাযাম” এই ভাব বুজিব  আকৌ যদি এইদৰে লিখোঁ- “আমিহে ঘৰলৈ যাম”-তেতিয়া আমাৰ বাহিৰে আন কোনো নাযায় বুজায়। ইয়াৰ পৰা দেখা যায়- ব্যৱহাৰ অনঙযায়ী একোটা শব্দই বা একোটা বাক্যাংশই তিনি ধৰণৰ অৰ্থ বুজাব পাৰে। গতিকে শব্দৰ শক্তি তিনিবিধ-

(ক) অভিধা শক্তি বা মুখ্য শক্তি।

(খ) লক্ষণা শক্তি।

(গ) ব্যঞ্জনা শক্তি।

(ক) অভিধা শক্তি বা মুখ্য শক্তি : শব্দৰ মুখ্য অথই য’ত প্ৰকাশ পায়, সি অভিধা শক্তি বা মুখ্য শক্তি। কোনো এটা শব্দ উচ্চাৰণ কৰাৰ লগে লগে শ্ৰোতাৰ মনত ই পোনে পোনে যিটো অৰ্থ শ্ৰোতাৰ মনলৈ আহে, সেইটোৱেই অভিধাৰ্থ। উদাহৰণস্বৰূপে , ‘ গৰু’ শব্দটো উচ্চাৰণ কৰাৰ লগে লগে শ্ৰোতাৰ মনত ই পোনে পোনে চাৰিঠেঙীয়া জন্তুবিশেষৰ বোধ  জন্মায়, ইয়াৰ বাহিৰে আন বস্তুৰ বোধ পোনে পোনে নজন্মায়। গতিকে, ‘গৰু’শব্দৰ অভিধাৰ্থ চাৰিঠেঙীয়া জন্তুবিশেষ। এই চাৰিঠেঙীয়া জন্তুবিশেষ “গৰু” শব্দৰ অভিধেয় বা বাচ্য। শব্দৰ এই ধৰণৰ অভিধাৰ্থক বাচ্যাৰ্থ বা মুখ্যাৰ্থও বোলে।

(খ) লক্ষণা বা গৌণ শক্তি : কোনো শব্দই যেতিয়া মুখ্য অৰ্থ প্ৰকাশ নকৰি মুখ্য অৰ্থৰ লগত সাদৃশ্য থকা অন্য অৰ্থ প্ৰকাশ কৰে, শব্দৰ তেনে শক্তিক লক্ষণা শক্তি বোলে। অৰ্থাৎ  শব্দই নিজ বাচ্যাৰ্থ বা মুখ্যাৰ্থ প্ৰকাশ কৰাৰ পৰিৱৰৰ্ত্তে আন অৰ্থ প্ৰকাশ কৰাৰ যি তাৰ বৃত্তি, সিয়েই লক্ষণা-ব্যাপাৰ আৰু তেনে অৰ্থ বুজোৱা শক্তিটোৱেই শব্দৰ লক্ষণা-শক্তি।লক্ষণা-শক্তিয়ে সেই বুলি যেই অৰ্থ নকৰে-ই যিটো অৰ্থ আনি দিয়ে, শব্দৰ মুখ্যাৰ্থৰ কিবা নহয় কিবা গুণৰ লগত তাৰ মিল থাকে। আকৌ, মন কৰিবলগীয়া কথা এই যে, মুখ্যাৰ্থ খাপ নোখোৱা হ’লে লক্ষণা-শক্তিয়ে কাম কৰে দুটা কথাক লক্ষ্য কৰি-এক, ৰুঢ়ি অৰ্থাৎ পূৰ্বপৰা চলি অহা প্ৰয়োগ,আৰু আনটো, কোনো বিশেষ প্ৰয়োজনসিদ্ধি। এই ফালেদি লক্ষণা দুবিধ-ৰুঢ়ি আৰু প্ৰয়োজনমূলা। উদাহৰণ স্বৰূপে, শিক্ষাকে ছাত্ৰদনক লক্ষ্য কৰি ক’লে- “এই গৰুক মই আৰু বুজাব নোৱাৰো”। 

এই বাক্যত গৰু শব্দৰ পোনপটীয়া অৰ্থ চাৰিঠেঙীয়া জন্তুবিশেষ ধৰিলে প্ৰসঙ্গৰ সৈতে বাক্যটোৰ অৰ্থ সঙ্গীত হৈ নুঠে মুখ্যাৰ্থ ইয়াত খাপ নোখোৱা কাৰণে মুখ্যাৰ্থৰ গুণৰ (মূৰ্খতা) লগত সম্বন্ধ থকা অৰ্থ (মূৰ্খ)গ্ৰহণ কৰিব লাগিব। এই অৰ্থ গ্ৰহণ কৰিলে বাক্যটোৰ অৰ্থ সুসঙ্গত হয়। এইটো প্ৰয়োজনমূলা লক্ষণা-শক্তিৰ উদাহৰণ। কিয়নো, শিক্ষকে ছাত্ৰজনক গৰু নুবুলি মুৰ্খ বা নিৰ্বোধ বুলিবও পাৰিলেহেঁতেন। কিন্তু তাকে নকৰি লক্ষণা-অৰ্থত যে গৰু শব্দ ব‍্যৱহাৰ কৰিছে, তাৰ এটা বিশেষ প্ৰয়োজন আছে।

ৰুঢ়িমূলা লক্ষণাৰ উদাহৰণ- বিদেশীক অসমে বাৰে বাৰে পৰাস্ত কৰিছিল। এই বাক্যত ‘অসম’ শব্দৰ অৰ্থ নিদিষ্ট চাৰিসীমাৰ মাজত থকা ভূখণ্ড  বুলি ধৰিলে অৰ্থ খাপ নাখায়। কোনো দেশ বা ঠাইৰ নামেৰে সেই দেশ বা ঠাইৰ অধিবাসীক বুজোৱাটো পৰম্পৰাগত বা ৰুঢ়ি। “অসম” শব্দৰ মুখ্যাৰ্থ খাপ নোখোৱাত এই দস্তুৰ অনুসৰি লক্ষণা-শক্তিৰ বলত ই অসমবাসীক বুজাইছে।

(গ) ব্যঞ্জনা শক্তি : শব্দই যেতিয়া নিজ অৰ্থ বা তাৰ লগত সম্বন্ধ থকা কোনো অৰ্থ প্ৰকাশ নকৰি সম্পূৰ্ণ সুকীয়া অৰ্থ প্ৰকাশ কৰে, তাক শব্দৰ ব্যঞ্জনা শক্তি বোলে। ৰচনাৰ মাজৰ কোনো পদ বা পদসমষ্টিয়ে কেতিয়াবা নিজৰ অভিধা-বৃত্তিৰ বলত মুখ্যাৰ্থ বুজোৱাৰ উপৰিও আন অৰ্থৰ সূচনা কৰে। মুখ্যাৰ্থ বাধিত হোৱাৰ ক্ষেত্ৰত কেতিয়াবা আকৌ লক্ষণা-শক্তিৰ যোগেদিও। লক্ষ‍্যাৰ্থ দি, তাৰ পাছতো উপৰুৱা অৰ্থৰ সূচনা কৰে।শব্দই মুখ্যাৰ্থ প্ৰকাশ কৰাৰ পাছত, বা মুখ্যাৰ্থ বাধিত হ’লে লক্ষ্যাৰ্থ প্ৰকাশ কৰাৰ পাছতো যি অতিৰিক্ত অৰ্থ সূচিত কৰে, তাকেই বোলা হয় ব্যঙ্গাৰ্থ। শব্দৰ এনেকুৱা অৰ্থ প্ৰকাশ কৰা শক্তিটোক ব্যঞ্জনা শক্তি বোলে। উদাহৰণস্বৰূপে, গৰু-ম’হ ঘৰ চাপিল। এই বাক্যটোত প্ৰতিটো পদেই মুখ্যাৰ্থ প্ৰকাশ কৰি সঙ্গতি ৰক্ষা কৰিব পাৰে। কিয়নো সন্ধ‍্যাৰ আগে আগে গৰু-ম’হ ঘৰলৈ অহা স্বাভাৱিক। কিন্তু ‘গৰু-ম’হ ঘৰ চাপিল”- এই কথাষাৰে বক্ত আৰু শ্ৰোতাভেদে বেলেগ বেলেগ অৰ্থৰ সূচনা কৰে। এই কথাষাৰ যদি ধৰ্মগুৰুৱে শিষ্যৰ আগত কয়, তেতিয়া ই ধূপ-দীপ জ্বলাই সান্ধ‍্য-বন্দনাৰ সময় হোৱাৰ কথা সূচাব, যদি গৃহস্থই তেওঁৰ খেলি থকা ল’ৰা-ছোৱালীৰ আগত কয়, তেতিয়া ই সূচাব খেলা এৰি হাত-ভৰি ধুই পঢ়া -শুনা আৰম্ভ কৰাৰ কথা আৰু সেই গৃহস্থই যদি ইয়াক গৃহিনীৰ আগত কয়, তেতিয়া ই সূচাব বাহিৰত পৰি থকা বস্তু-বাৰি চপাই থৈ ৰাতিৰ কাৰণে চাউল-পানী প্ৰস্তুত কৰাৰ কথা ইত‍্যাদি। ব্যঞ্জনাৰ্থ দুবিধ- অভিধামূলা আৰু লক্ষণামূলা।

(১৭) লক্ষণা শক্তি বুলিলে কি বুজা? লক্ষণা শক্তিৰ প্ৰকাৰ কেইটাৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ লক্ষণা শক্তিৰ সম্পৰ্কে বিশ্বনাথ কবিৰাজে এইদৰে কৈছে-  

“মুখ্যাৰ্থবাধে তদ্যুক্তো যয়ান‍্যোহৰ্থ : প্ৰতীয়তে।

ৰূঢ়ে প্ৰয়োজনাব্দাসৌ লক্ষণাশক্তিৰূৰ্পিতা।। “সাহিত্য দৰ্পন, ২/৫,

অৰ্থাৎ মৃখ্যাৰ্থ যেতিয়া বাধিত হয় বা খাপ নাখায় তেতিয়া পূৰ্বাপৰ চলি অহা প্ৰয়োগৰ  হেতুকেই হওক কিম্বা বক্তাৰ অভিপ্ৰায়  বিশেষ বুজাবৰ হাতুকেই হওক যি শক্তিয়ে মুখ্যাৰ্থৰ লগত কিবা সূত্ৰে খাপ খোৱা আন এটা অৰ্থ মনলৈ আনি দিয়ে তাকে লক্ষণাশক্তি বুলি কোৱা হয়।

সহজকৈ ক’বলৈ হ’লে- অভিধাত বাচক শব্দৰ অৰ্থবোধ হয়। আনহাতে লক্ষণাত বাচক শব্দৰ মৃখ্যাৰ্থ বাধিত হৈ আন অৰ্থবোধ হয়। এটা উদাহৰণ দ্ধাৰা কথাটো স্পষ্ট হ’ব – “তই এটা গোট গৰু, এই সহজ প্ৰশ্নটোৰে উত্তৰ লিখিব নোৱাৰিলি।”-বাক্যটোতপ্ৰয়োগ কৰা ‘গৰু’ শব্দৰ বাচক অৰ্থ হ’ল চতুস্পদী জন্তু বিশেষ; কিন্তু ইয়াত ‘গৰু’ শব্দটোৱে গৰুৰ নিচিনা নিৰ্বোধ, মহামূৰ্খ, অৰ্থ প্ৰকাশ কৰিছে। শ্ৰোতাইও ইয়াত ‘গৰু’ শব্দৰ অৰ্থ  ‘জন্তু’ বুলি ন’লৈ মূৰ্খ অৰ্থহে গ্ৰহণ কৰিব। ইয়াত ‘গৰু’ শব্দৰ মৃখ্যাৰ্থবোধ বাধা পৰিল আৰু ‘গৰুৰ মূখ্যাৰ্থৰ লগত মিল থকা আন এটা অৰ্থ অৰ্থাৎ “মূৰ্খ” অৰ্থ গ্ৰহণ কৰিব। এনেধৰণৰ অৰ্থবোধ হোৱা শব্দৰ শক্তিটোক লক্ষণা বোলে। ইয়াত “মূৰ্খ” অথটোক লক্ষ্যাৰ্থ আৰু  “গৰু” শব্দটোকে লক্ষক বা লক্ষণিক বোলা হয়। লক্ষণা শক্তি হ’বলৈ তিনিটা কথাৰ প্ৰয়োজন । সেই কেইটা হৈছে- 

 (১) লক্ষণাশক্তিয়ে অভিধাৰ মূখ্যাৰ্থ বোধ হোৱাত বাধা দিয়ে।

(২) অভিধাৰ অৰ্থবোধৰ লগত লখ্যাৰ্থবোধৰ সম্বন্ধ থাকে।

(৩) ৰূঢ়ি বা প্ৰয়োজন যিকোনো এটা কাৰণ হৈ পৰে।

ৰূঢ়ি মানে পূৰ্বৰে পৰা চলি থকা বা অহা এক প্ৰয়োজনীয় প্ৰয়োগ আৰু এই প্ৰয়োগৰ দাৰা বজাৰ বিশেষ অভিগয় উদ্দেশ্য সাধন হয়। ৰূঢ়িৰ প্ৰধান উপাদান দুটা-

(১) পূৰ্বাপৰ চলি অহা প্ৰয়োগ আৰু (২) দ্বিতীয়টো হ’ল বক্তাৰ উদ্দেশ্য বা লক্ষ্যাৰ্থ পূৰণ অৰ্থাৎ প্ৰয়োজন। এই দুটা কাৰণ লৈয়ে লক্ষণা শক্তিয়ে কাম কৰে। ওপৰত উল্লেখ কৰি অহা তই এটা গৰু, এই সহজ প্ৰশ্নটোৰ উত্তৰ লিখিব নোৱাৰিল।”- বাক্যটোৰ গৰু শব্দই জন্তুবিশেষক বুজোৱা নাই। “গৰু” শব্দৰ দ্ধাৰা ল’ৰাটো যে গৰুৰ নিচিনা নিৰ্বোধ, মূৰ্খ এই অৰ্থ প্ৰকাশ কৰা হৈছে। ‘গৰু’ৰ পৰিবৰ্তে নিৰ্বোধ বা মূৰ্খ বুলি ক’লে কথাটোৰ অতিশয়তা, তীব্ৰতা প্ৰকাশ নাপাব। গতিকে বক্তাই ‘গৰু’ শব্দটো ব্যৱহাৰ কৰি ল’ৰাটো যে অতিপাত মূৰ্খ; একো নাজানে সেই অৰ্থ বুজাইছে। এই অতিশয়তা বুজাবলৈকে লক্ষণাশক্তিৰ আশয় লোৱা হৈছে আৰু এইটোৱেই হ’ল বজ্ঞাৰ অভিপ্ৰায় বা প্ৰয়োজন। প্ৰবাহৰ এটা উদাহৰণ চোৱা যাওক “গড়গাঁও সাহসী”বুলি কওতে ইয়াত ‘গড়গাঁও’শব্দই দেশ বা ঠাই বিশেষক বুজাইছে, কিন্তু এই উদাহৰণত “গড়গাঁও”শব্দটো দেশ বা ঠাই বিশেষক বুজাইছে; কিন্তু এই উদাহৰণত “গড়গাঁও”শব্দটো দেশ বা ঠাই বিশেষক বুজাবলৈ ব্যৱহাৰ কৰা নাই। ইয়াত মুখ্যাৰ্থ বাধিত হৈছে। ইয়াত ‘গড়গাঁও”শব্দই গড়গাঁওবাসীকহে বুজাইছে। ঠাইখনৰ নামেৰে সেই ঠাইত বসবাস কৰা বাসিন্দা সকলক বুজোৱা প্ৰয়োগেই হৈছে ৰূঢ়ি বা প্ৰসিদ্ধ অথবা প্ৰয়োগপ্ৰবাহ। এই ৰূঢ়িৰ বলতে লক্ষণাশক্তি আৰোপিত কৰি ‘গড়গাঁও’ মানে গড়গাঁৱৰ বাসিন্দা সকলক বুজোৱা হৈছে। কিন্তু “গড়গাঁও সাহসী”ৰ ঠাইত যদি “গড়গঞা সাহসী”  বুলি কোৱা হয়, তেতিয়া 

(১) ৰূঢ়িমূলক লক্ষণ : প্ৰয়োগ প্ৰসিদ্ধি বা পূৰ্বাপৰ চলি অহা শব্দৰ অৰ্থক বাঢ়িমূলক লক্ষণ। বোলে। উদাহৰণ স্বৰূপে- “গাখীৰতে ম’হৰ খুটি “,  গোৰমাৰি গংগাত পেলোৱা”, হাইঠা মাটিত পৰা”, “বসতে নমে থোৱা “, “গছত গৰু উঠা কথা”, “শ’ল ঠেকত পৰা”, পোহাৰী চুপতি “, কপাল ফঙলা” আদি বাক্যাংশৰ শব্দবোৰ বাঢ়িমূলক লক্ষণা। এইবোৰত বক্তাৰ কোনো অভিষ্ট সিদ্ধি নহয়। এই শব্দবোৰ পূৰ্বাপৰ প্ৰচলিত শব্দ। এই শব্দবোৰৰ মুখ্যাৰ্থ বাধিত হৈছে আৰু আন অৰ্থত প্ৰয়োগ হৈছে। শুনোতাইও কি অৰ্থত কৈছে বুজি পায়। “তোমাৰ কপাল ফুলিল”বুলি ক’লে কিবা কাৰণত ভাগ্য উদয় হোৱাৰ অৰ্থ বুজায়। “পোহাৰী চুপতি”বুলি ক’লে আনে ‘অলাগতীয়াল কথা’ৰ অৰ্থ বুজে। “গোৰমাৰি গংগাত পেলোৱা”বুলি ক’লে ‘অপকাৰ কৰোঁতে উপকাৰ”হে হোৱা অৰ্থ বুজায়। এয়ে ৰূঢ়িমূলক লক্ষণা।

(২) প্ৰয়োজনমূলক লক্ষণা : লক্ষণা প্ৰকৃততে এক প্ৰকাৰ আওপকীয়া ধৰণে অৰ্থ বুজোৱাৰ কৌশল। মানুহে পোনে পোনে কথা নকৈ আওপকীয়াকৈ কথ কোৱাৰ এক উদ্দেশ্য নিহিত আছে। পোন কথাৰে ভাৱৰ তীব্ৰতা বা অতিশয়তা অথবা মনৰ অভিষ্ট ভাব পূৰণ কৰিব নোৱাৰি। মনৰ এই অভিষ্ট বা অতিশয়তা বুজোৱা ভাৱটোৱেই হ’ল লক্ষণাৰ প্ৰয়োজন। এই আওপকীয়া ধৰণে কথা কোৱাৰ অন্তৰালত আৰু এটা উদ্দেশ্য থাকিব পাৰে, সেইটো হৈছে মানুহৰ চিন্তা শক্তি বা ভাবনাক জাগ্ৰত কৰা। সেয়ে কাব্য সাহিত‍্যতো প্ৰয়োজনমূলা লক্ষণাৰেই পয়োভৰ আৰু আদৰ বেছি। উদাহৰণ স্বৰূপে-“তই এটা গৰু” বুলি নকৈ “তই এটা মূৰ্খ”বুলি কোৱা হ’লেও হ’লহেঁতেন; কিন্তু তাৰ দ্বাৰা বক্তাই বুজিব খোজাৰ সমান তিব্বতা বা অতিশয়তা প্ৰকাশ নাপালেহেঁতেন অথবা বক্তাৰ অভিষ্ট সিদ্ধি বা প্ৰয়োজন পূৰণ নহ’লেহেঁতেন। 

সেইদৰে “গঙ্গাত গোৱালৰ গাঁও”বুলি নকৈ “গঙ্গাৰ পাৰত গোৱালৰ গাঁও”বুলি কোৱাহেঁতেনো হ’লহেঁতেন; কিন্তু তেতিয়া এই বাক্যটোত বক্তাৰ কোনে অভিষ্ট সিদ্ধি নহ’লেহেঁতেন আৰু শ্ৰোতাৰ চিন্তা ভাৱনাত জাগ্ৰত নহ’লহেঁতেন। গঙ্গাৰ বুকুত গোৱালৰ গাঁওখন থাকিব নোৱাৰে। গঙ্গাৰ পাৰতেই গোৱালৰ গাঁওখন আছে। ইয়াৰ দ্ধাৰা আওপকীয়াকৈ আন এটা অৰ্থহে বুজোৱা হৈছে-সেইটো হৈছে- ‘গঙ্গাৰ পাৰত থকা গোৱালৰ গাঁওখন গঙ্গাৰ জলধাৰাৰ দৰেই অতিশয় পৱিত্ৰ আৰু শীতল। এই প্ৰয়োজন পূৰণৰ অৰ্থেই- “গঙ্গাৰ পাৰত গোৱালৰ গাঁও” বুলি নকৈ  “গঙ্গাত গোৱালৰ গাঁও “বুলি কোৱা হৈছে। এয়ে হৈছে প্ৰয়োজনমূলক লক্ষণা।

লক্ষণাৰ আন আন বিভাগ : লক্ষণাৰ তিনিটা প্ৰধান উপাদান হৈছে-মুখ্যাৰ্থবাধা,ৰূঢ়ি বা প্ৰয়োজন আৰু মূখ্যাৰ্থযোগ। ওপৰত আলোচনা কৰি অহা ৰূঢ়িমূলক লক্ষণা আৰু প্ৰয়োজনমূলা লক্ষণাক প্ৰথম দুটা উপাদান পোৱা গ’ল। এতিয়া মূখ্যাৰ্থযোগ অনুসাৰে হোৱা লক্ষণাৰ প্ৰকাৰবোৰ চোৱা ‘যাওক। মূখ্যাৰ্থযোগ বা সম্বন্ধ অনুসৰি লক্ষণাক পাঁচোটা ভাগত ভাগ কৰা হৈছে। যেনে-সাৰূপ‍্য, সামীপ‍্য, বৈপৰিত‍্য, ক্ৰিয়াযোগ আৰু সূমবায় লক্ষণা।

(১) সাৰূপ‍্য লক্ষণা : মুখ্যাৰ্থৰ লগত যোগ বা সম্বন্ধ হোৱাৰ যোগ্যতা নথকাৰ স্বত্বেও যেতিয়া সাদৃশ্যৰ ভিত্তিত আন অৰ্থৰ প্ৰতীতি বা বোধ জন্মে, তেতিয়া তাক  সাৰূপ‍্য লক্ষণা বোলে। মৃখ্যাৰ্থৰ লগত সাদৃশ‍্যৰ ভিত্তিত তুলনা কৰাৰ কাৰণে ইয়াক সাদৃশ্য লক্ষণা বুলিও কোৱা হয়। এই লক্ষণাই বিষয়ীৰ বা লক্ষ্যাৰ্থৰ সৈতে বিষয় বা গৌণাৰ্থৰ অভেদেবোধ জন্মায়। এয়ে ৰূপক অলংকাৰৰো মূল। ইয়াত উপমান আৰু উপমেয়ৰ মাজত অভেদ কল্পনা স্থাপিত হয়। যেনে-

“সি বৰ সাত ঘাটৰ চেঙেলি ল’ৰা”-ইয়াতল’ৰাটোক চেঙেলি মাছৰ লগত তুলনা কৰা হৈছে। ল’ৰাটো কেতিয়াও চেঙেলি মাছ হ’ব নোৱাৰে; কিন্তু চেঙেলি মাছৰ টেঙৰামীগুণটো ল’ৰাটোৰ গাত আৰোপ কৰা হৈছে। ইয়াত ল’ৰা আৰু চেঙেলি-মাছত অভেদ কল্পনা কৰা হৈছে। দুয়োটাৰ মাজত অভেদ কল্পনা কৰিলেও আৰোপ্যমান বিষয়ী চেঙেলিৰ দ্ধাৰা বিষয় ল’ৰাৰ স্বৰূপ বিলুপ্ত হোৱা নাই। চেঙেলি আৰু ল’ৰা দুয়োটাৰে নিজা স্বৰূপ লুপ্ত হোৱা নাই। চেঙেলি চেঙেলিয়েই আৰু ল’ৰা ল’ৰাই আছে। এয়ে হৈছে সাৰূপ‍্য লক্ষণা।

সামীপ‍্য লক্ষণা : বক্তাই বুজাব খোজে মুখ্যাৰ্থৰ লগত সামীপ্য অৰ্থাৎ নিকৰ্তৱতী বা ওচৰ সম্বন্ধ যোগ দি যি অৰ্থ পোৱা যায় তাকে সামীপ‍্য লক্ষণা বোলে। যেনে- “লুইতৰ পাৰৰে আমি ডেকা ল’ৰা মৰিবলৈ ভয় নাই।”জ্যোতিপ্ৰসাদ

উল্লিখিত গীতটিত মৃখ্যাৰ্থ ‘লুইতৰ পাৰ” কিন্তু ইয়াৰ লক্ষ্যাৰ্থ হ’ল- “লুইতৰ দুয়োপাৰৰ বিস্তৃৰ্ণ  অঞ্চলক বুজোৱা। তাতোকৈ ক’ব পাৰি লুইতৰ দুয়োপাৰে থকা সমগ্র অসমখনৰ কথা আৰু অসমত বাস কৰা অসমীয়া ডেকা ল’ৰাবোৰৰ কথা অৰ্থাৎ অৰ্থ বুজোৱা হৈছে। এয়া হৈছে সামীপ‍্য লক্ষণা। 

(৩) বৈপৰিত‍্য লক্ষণা : বৈপৰিত‍্যমানে কোৱা কথাৰ বিপৰীত অৱস্থা বা অৰ্থক বুজায়। বক্তাই কোৱা কথাৰ মূখ্যাৰ্থক লক্ষণাৰ দ্বাৰা বিপৰীত অৰ্থ বুজোৱাকে বৈপৰিত‍্য লক্ষণা বোলে। আমাৰ অসমীয়া ভাষাত বা অসমীয়া মানুহে এনে অজস্ৰ বিপৰীত অৰ্থ বজোৱা লক্ষণা ব‍্যৱহাৰ কৰে। যেন-

কোনোৱেযদি তোমাৰ জক মকাই থকা ফুলনি বাগিছাত সোমাই ঢাহি মুহি ফুলবোৰ চিঙি পেলায় আৰু তাকে দেখি তুমি যদি কোৱা- “ভাল কামটো কৰিলা তুমি।”,তেতিয়া অভিধাৰ অৰ্থাঅনুসৰি সঁচাসঁচিকৈ ভাল কামটো বুজিব; কিন্তু বুজোতাই বুজিব যে তেওঁ প্ৰকৃততে ফুলসোপা চিঙি তেওঁ এটা বেয়া কাম কৰিলে। “ভাল”শব্দই ইয়াত বিপৰীত অৰ্থ ‘বেয়া’বুজোৱা কাৰণে ই বৈপৰীত‍্য সম্বন্ধ যোগত হোৱা লক্ষণা। 

(৪) ক্ৰিয়াযোগ লক্ষণা : কোনো কাৰ্য কৰাকে ক্ৰিয়া বোলে। কাৰ্য আৰু কাৰণৰ যি সম্বন্ধ ঘটে তাতে ক্ৰিয়াযোগ বোলে। কাৰ্যৰ কোণত কাৰণৰ অথবা কাৰণৰ উল্লেখত কাৰ্যৰ প্ৰতীতি হয় বা বোধ জন্মে। উদাহৰণ স্বৰূপে-

“ৰাম নাম যম সমৰক সাজি।

সমদলে কয়লি পয়না।”-বৰগীত

ইয়াত ‘ৰামক যম’ বুলি কোৱা হৈছে; কিন্তু ৰাম যম নহয়। “ৰাম নাম যম ৰ দ্বাৰা “ৰাৱণৰ মৃত্যুৰ কাৰণ”-এই অৰ্থহে বুজোৱা হৈছে। তাকে ‘মৃত্যু’ৰ সাধাৰণ নিমিও কাৰণ ‘যম’ৰ লগত অভেদ কল্পনা কৰা হৈছে।

(৫) সমবায় লক্ষণা : সমবায় মানে একোটা শব্দত কেইবাটাও বা বিভিন্ন প্ৰকাৰৰ অৰ্থৰ সম্বন্ধ থকা বুজায়। সমবায়ো বিভিন্ন প্ৰকাৰৰ আছে। যেনে- 

(ক) সামন‍্য বিশেষ।  

(খ) আধাৰ আধেয়। 

(গ) সংযোগ।

(ঘ ) গুণ-গুণী। 

(ঙ) অবয়বী ।

(চ) জাতি ব্যক্তি ইত্যাদি। 

ইহঁত বিভিন্ন প্ৰকাৰে দুটা বস্তু ইটোৰ লগত সিটোৰ সম্বন্ধ বা সহযোগ থাকিব পাৰে। লক্ষণাৰ দ্ধাৰা ইয়াৰ যি কোনো এটাৰ উল্লেখৰ দ্ধাৰা আনটোৰ অৰ্থবোধ হয়। যেনে-(ক) সামান্য বিশেষঃ “টেঙা আম এবাৰহে বেচিব পাৰি।”এই পটস্তৰটোও “টেঙা আম”সামান্য বিশেষক বুজাইছে। কোনো লোকে কোনো লোকক ঠগিলে এই পটন্তৰটো প্ৰয়োগ কৰে। ইয়াত কেৱল “টেঙা আম” কে বুজোৱা নাই। তেওঁ কোনো ক্ষেত্ৰ বা কথাতে যে ঠগিব নোৱাৰে তাৰ প্ৰতি সচেষ্ট হোৱাৰ কথাটো বুজাইছে। ঠিক সেইদৰে “লোণ খালে  গুণ খাব লাগে” এই বাক্যটোতো কেৱল লোণৰ কথাই কোৱা নাই। ইয়াত ‘লোণ’ শব্দটোৱে জীৱন ধাৰণৰ নিত‍্য প্ৰয়োজনীয় সকলো সামনৰীকে বুজাইছে। ইয়াত “টেঙা আম”, লোণ’ পদ দুটা সামান্য বিশেষ।

(খ) আধাৰ আধেয় : 

সোণালী ৰথত       আলোকি বিমান:

মাৰিলে সূৰুযে সোণৰ কাঁড়

জীৱন্ত জগত       উঠা উঠা হেৰা 

এতিয়া কিয় নিৰ্জীৱ প্ৰাণ -ওমৰতীৰ্থ

কবিতাফাঁকিৰ “জীৱন্ত জগত” উঠিবলৈ কোৱাটো মুখ্যাৰ্থত গ্ৰহণ কৰিব নোৱাৰি। কিয়নো জগত বা পৃথিৱীখন-উঠিব নোৱাৰে। ইয়াত “জগত” শব্দই দৰাচলতে জগতবাসীকহে অৰ্থ কৰিছে। লক্ষণাৰ দ্ধাৰা এই  অৰ্থ কোৱা যায়। ইয়াত “জগত” আধাৰ আৰু “জগতবাসী” আধেয়।

(গ) সংযোগ : “আজি বিয়াঘৰ তেনেই উদুলি-মুদুলি” এই বাক্যটোৰ দ্ধাৰা আনন্দৰ ইংগিত দিয়া হৈছে। ইয়াত “উদুলি-মুদুলি”শব্দটোৱে  আনন্দ কৰা মানুহক বুজাইছে। লক্ষণাৰ দ্ধাৰা এই অৰ্থ পোৱা গৈছে। মানুহৰ লগত “উদুলি-মুদুলি” সংযোগ হৈছে। 

(ঘ) গুণ-গুণী : গুণৰ পৰিৱৰ্তে গুণীৰ উল্লেখ কৰি গুণ বুজোৱা কাৰ্যক গুণ-গুণী বোলে। যেনে- “তাৰ মনৰ মাজত বিপ্লৱী মানুহটো জাগি উঠিল” এই বাক্যটোও “বিপ্লৱী মানুহ” পদ দুটাই অন‍্যায়ৰ বিৰুদ্ধে থকা প্ৰতিবাদী কণ্ঠক ববুজাইছে। অৰ্থাৎ গুণৰ পৰিৱৰ্তে গুণীৰ উল্লেখ কৰা হৈছে। ইয়াত মূখ্যাৰ্থ বাধিত হৈলক্ষণা শক্তিৰ সহায়ত গুণীৰ সম্বন্ধযুক্ত হৈ  গুণ অর্থ পোৱা গৈছে।

(ঙ) অবয়ব -অবয়বী : হাতে হাতে কামত লাগি যোৱা”-ইয়াত “হাত”অবয়ব; অবয়বী মানুহ।-মানুহ কামত নালাগিলে হাতখন কামত নালাগে। ইয়াত মূখ্যাৰ্থ বাধিত হৈছে। হাতৰ সংযোগ সম্বন্ধ থকা মানুহক বুজাইছে।

(চ) জাতি ব‍্যক্তি : যেতিয়া এজন ব্যক্তিৰ দ্ধৰাই সমগ্ৰ জাতিক লক্ষ্য কৰি কিবা কোৱা হয় তেতিয়া যি জাতি ব্যক্তি হয়। যেনে- এইখন শঙ্কৰ মাধৱৰ দেশ এইখন আজান ফকিৰৰ দেশ।

ইয়াত “শঙ্কৰ বা “আজান ফকীৰ ” এজন ব্যক্তি। ইয়াত এজন ব্যক্তিৰ দ্ধাৰা দেশখনৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজক বুজাইছে।

লক্ষণাৰ আন আন প্ৰকাৰ : লক্ষণাক আকৌ শুদ্ধা আৰু গৌণী এই দুই প্ৰকাৰে পোৱা যায়। ওপৰত আলোচনা কৰি অহা সাদৃশ্য সম্বন্ধ যোগ হোৱা লক্ষণাক শুদ্ধা লক্ষণা বোলা হয়। শুদ্ধা লক্ষণ। দুই প্ৰকাৰ। উপাজান লক্ষণা আৰু লক্ষণ লক্ষণা।

উপাদান লক্ষণা : লক্ষ্যাৰ্থবোধ কৰাওঁতে যেতিয়া মূখ্যাৰ্থই নিজক ৰক্ষা কৰি আন অৰ্থ গ্ৰহণ কৰে, তেতিয়া তাক উপাদান লক্ষণা বোলে। যেনে- “বিশ্বকাপ ফুটবল খেলত ব্ৰাজিল হাৰিল”- এই বাক্যত মৃখ্যাৰ্থ “ব্ৰাজিল”নামৰ দেশ পৰাজিত হৈছে। ইয়াত মৃখ্যাৰ্থ ব্ৰাজিল’ৰ লক্ষ্যাৰ্থ হৈছে ব্ৰাজিলবাসী বিশেষকৈ ব্ৰাজিলৰ খেলুৱৈ দলটো। লক্ষ‍্যাৰ্থত দেশ অৰ্থত নাথাকিল যদিও, “ব্ৰাজিল দেশ” অৰ্থটো একেবাৰে নোহোৱা হোৱা নাই। সি খেলুৱৈ দল অৰ্থটো টানি আনি নিজক সাৰ্থক কৰিছে। নিজৰ মৃখ্যাৰ্থক (উপাদান) ৰক্ষা কৰি ৰক্ষ‍্যাৰ্থক সাৰ্থক কৰাৰ বাবে ইয়াক উপাদান লক্ষণা বোলে।

লক্ষণ লক্ষণা : ব‍্যাৰ্থৰ সাৰ্থক সিদ্ধিৰ কাৰণে বাচাৰ্থই যেতিয়া নিজৰ অৰ্থ বিসৰ্জন দি নতুন লক্ষণাৰ্থ এটা সূচিত কৰে তেতিয়া তাক লক্ষণ লক্ষণা বোলে। নিজ অৰ্থ (স্বাৰ্থ) এৰি দিয়া কাৰণে ইয়াক জহৎ স্বাৰ্থা লক্ষণাও বোলে। ইয়াত লক্ষিত অৰ্থৰ সংগতিৰ কাৰণ মৃখ্যাৰ্থ বাধিত হয় বা লুকাই পৰে। যেনে-“তাৰ পেটত একুৰা জুই জ্বলিছে”- ইয়াত মৃখ্যাৰ্থ বাধিত হৈছে, কাৰণ পেটত কেতিয়াও সঁচাসঁচিকৈ জুই জ্বলিব নোৱাৰে। পেটত ভোকহে লাগে।

ইয়াত “জুই” পদটোৱে নিজা অৰ্থ বিসৰ্জন দি ‘প্ৰৱল ভোক’ লগা অৰ্থ সূচিত কৰিছে।

অসমীয়া দেহ বিচাৰ আৰু ভকতীয়া ফঁকৰা বিলাকৰ কথনভংগীবোৰতো লক্ষণ লক্ষণা দেখা যায়। যেনে-

কাপোৰত জুই বান্ধি ঘৰেলৈ যায়।

হাত মেলি চন্দ্ৰ ধৰে বাপৰ বেটা সেই।” ইয়াত মৃখ্যাৰ্থ বাধিত হৈছে। কাপোৰত কেতিয়াও জুই বান্ধি নিব নোৱাৰি। ইয়াত কাপোৰ, জুই, ঘৰ, চন্দ্ৰ আদি পদকেইটা বিসৰ্জন দি জ্ঞান, মন, যমপুৰ আৰু আনন্দ (মুক্তি) এই লক্ষ্যাৰ্থ সূচিত কৰিছে।  অৰ্থাৎ যিজনজ্ঞানেৰে চঞ্চলমন দমন কৰি আনন্দমনে থাকে তেওঁ মৃত্যুৰ পিছত সেই পুণ্যৰ ফলত মুক্তি লাভ কৰে।

গৌণী লক্ষণা : যেতিয়া সাদৃশ‍্যৰ সম্বন্ধত একে গুণ বা ধৰ্ম থকাৰ কাৰণে, দুটা বস্তুক একে যেন ভবা হয়, তেতিয়া তাক গৌণী লক্ষণা বোলে। যথা-

“ধৰি পদ পংকজ কৰ পংকজে

মুখ পংকজে নিবেশিত।-মাধৱদেৱ।

উল্লিখিত পদ ফাঁকিত পদ, কৰ আৰু মুখক পংকজ বুলি কোৱা হৈছে। পদ, কৰ আৰু মুখ কেতিয়াও পংকজ হ’ব নোৱাৰে। ইয়াত মৃখ্যাৰ্থ বাধিত হৈছে। দৰাচলতে, পদ, কৰ আৰু মুখক পঙ্কজৰ কোমলতা, লাৱণ্য আৰু আপদজনকতাৰ লগত  আৰোপিত কৰা হৈছে।  ইয়েই হৈছে লক্ষ‍্যাৰ্থ।  এইদৰে উপচাৰ অৰ্থাৎ পঙ্কজৰ কোমলতা, লাৱণ্য আৰু আপদজনকতা সংমিশ্ৰণৰ পৰা উদ্ভৱ হোৱা এই লক্ষণাকে গৌণী লক্ষণা বোলে।

সাৰোপা আৰু সাধ্যাৱসান। নামৰ আৰু দুবিধ লক্ষণা পোৱা যায়।

সাৰোপা লক্ষণা : এজন কম বুদ্ধিৰ  ছাত্ৰক যদি কোৱা হয় “সি এটা গাধ ছাত্ৰ” তেতিয়া সি হ’ব সাৰোপা লক্ষণা। ইয়াত ছাত্ৰজনক ‘গাধ’ বুলি ক’লেও সি সঁচাসঁচিকৈ গাধ হৈ নাযায়। ইয়াৰ দ্ধাৰা ছাত্ৰজন যে গাধৰ দৰে নিৰ্বোধ, বুদ্ধিহীন‌ সেই কথা বুজোৱা হৈছে। ইয়াত গাধ বিষয়ী আৰু ছাত্ৰ বিষয়। বিষয়ী গাধ বিষয় ছাত্ৰৰ ওপৰত আৰোপ কৰি  ছাত্ৰজনক মূৰ্খ ,নিৰ্বোধ আদি প্ৰকাশ কৰা লক্ষণাকে সাৰোপা লক্ষণা বোলে।

সাধ্যাৱসান লক্ষণা : জ্ঞান-বুদ্ধিহীন‌ ছাত্র এজনক যদি কোৱা হয় “তই  এটা গাধ” তেতিয়া বিষয়ী গাধই বিষয় ছাত্ৰৰ স্বৰূপ লুপ্ত কৰি  পেলাব। অৰ্থাৎ গাধ আৰু ছাত্ৰৰ মাজত কোনো পাৰ্থক্য নাথাকিব। ওপৰৰ “সি এটা গাধ ছাত্ৰ” বুলি কওঁতে ছাত্ৰজন গাধ হৈও ছাত্ৰৰ স্বৰূপ ৰক্ষা কৰিছে অৰ্থাৎ ইয়াত ছাত্ৰজন গাধৰ নিচিনাহে, একেবাৰে গাধ হৈ যোৱা নাই। কিন্তু সাধ্যাৱসান লক্ষণত ছাত্ৰজন গাধৰ নিচিনা হৈ নাথাকিল, সঁচাসঁচিকৈ গাধ হৈ পৰিল। এনে এটা বোধ  জন্ময়।

সাৰোপা আৰু সাধ্যাৱসানা এই দুয়োটাৰে লক্ষ্য অভেদ প্ৰতিপাদন কৰা। সাৰোপাত বিষয়ীবোধক আৰু বিষয়বোধক পদ দুয়োটা লগা লগিকৈ থাকি ভেদত অভেদ যেন হয়। আনহাতে সাধ্যাৱসানা  বিষয়ী আৰু বিষয় দুয়োটাৰে মাজত অভেদ হৈ পৰে। সাধ্যাৱসানা লক্ষণা অতিশয়োক্তি অলংকাৰৰ মূল। কোনো কোনো আলংকাৰিকৰ মতে অতিশয়োক্তি অলংকাৰৰ প্ৰাণস্বৰূপ। কবিকৰ্মত সাধ্যাৱসানা লক্ষণাৰ স্থান আৰু গুৰুত্বপূৰ্ণ।আধুনিক কবিতাত বিশেষকৈ ৰহস‍্যবাদী কবিতাত সাধ্যাৱসানা লক্ষণাৰ আশ্ৰয় অপৰিহাৰ্য।

(১৮) ব্যঞ্জনা শক্তি বুলিলে কি বুজা? ব্যঞ্জনা শক্তিৰ প্ৰকাৰ ভেদ কৰি এটি আলোচনা আগবঢ়োৱা?

উত্তৰঃ অভিধা আৰু লক্ষণা শক্তিয়ে অৰ্থ প্ৰকাশ কৰি বিৰত হোৱাৰ পাছত যি শক্তিৰদ্ধাৰা শব্দৰ আন এটা অৰ্থৰবোধ জন্মে বা প্ৰতীয়মান হয় , সেই শক্তিকে ব্যঞ্জনা শক্তি বোলা হয়। যেনে-

ৰিণি ৰিণি পৰিছে মনত

অতীতৰ মধু সোঁৱৰণী,

ল’ৰালিৰ ওমলা জামালা । 

এৰি থৈ অহা ঘৰখনি…..-যতীন্দ্ৰনাথ দুৱৰা

ওপৰৰ কবিতা পংক্তিত- “ঘৰখনি” অভিধা শক্তিয়ে অৰ্থ দিয়াৰ পিছতো আন বহুতো অৰ্থ প্ৰকাশ কৰিছে।ইয়াত ‘ঘৰখনি’ বোলোতে কেৱল ‘বাসগৃহ’কে বুজোৱা নাই, কবিয়ে এৰি থৈ অহা “ঘৰখনি”ৰ জৰিয়তে চেনেহ, প্ৰীতি, দয়া-মমতা, সহানুভূতি, আত্মীয়- স্বজন আৰু বন্ধু-বান্ধৱে পৰিৱেষ্টিত এটা পৰিবেশৰ অৰ্থ বুজাইছে। কবিয়ে ‘ঘৰখনি’ৰ মূখ্যাৰ্থক ব্যঞ্জিত কৰিছে।

আমাৰ কথ্য ভাষাটো অনেক ব্যঞ্জনাৰ দ্যেতনা হয়। উদাহৰণ হিচাপে যদি কোৱা হয়- “হেৰ’ বেলি লহিয়ালে” তেতিয়া ঘৰৰ গৃহিনীয়ে বুজিব গধূলি হ’বৰ হ’ল গা-পা ধুই আহি গোসাঁই ঘৰত চাকি বাতি জ্বলাবৰ হ’ল। গোৱালে বুজিব গৰু গাই গোহালীত বান্ধিবৰ হ’ল। চোতালত খেলি থকা ল’ৰা-ছোৱালী কেইটাই বুজিলে খেল সামৰিব হ’ল। ফুৰিবলৈ অহা আলহীয়ে বুজিলে-গৃহস্থৰ পৰা বিদায় লবৰ হ’ল। “বেলি লহিয়ালে’ বোলা কথাষাৰৰ বচ্যাৰ্থৰ উপৰিও ” গা-পা ধুবৰ হ’ল, চাকি-বাতি জ্বলাবৰ হ’ল, গোহালিত গৰু- গাই বান্ধিবৰ হ’ল, খেল সামৰিব হ’ল, ঘৰলৈ বিদায় লবৰ হ’ল এইদৰে চাৰিজনে চাৰিটা অৰ্থ বুজিলে। এটা বাক্যৰ দ্ধাৰাই এই চাৰিটা-অৰ্থ পোৱা গ’ল। “বেলি লহিয়ালে”বুলি কওঁতে তাৰ অৰ্থ উলিওৱাত কোনো বাধা নাই। এই  পদ দুটাৰ বাচ্যাৰ্থ গ্ৰহণ কৰাৰ ফলতহে আন কেইটা অৰ্থ পোৱা গ’ল। গতিকে বাচ্যাৰ্থ গ্ৰহণৰ পাছত এনেভাৱে প্ৰতীয়মান অৰ্থ দিব পৰা শক্তিটোকে ব্যঞ্জনাশক্তি বোলে। প্ৰতীয়মান অৰ্থবোৰক ব্যংগ্যাৰ্থ আৰু শব্দক ব্যঞ্জক বোলে।

ব্যঞ্জনাৰ প্ৰকাৰ : ব্যঞ্জনাক প্ৰধানকৈ দুটা শ্ৰেণীত ভাগ কৰা হৈছে – 

(ক) অভিধামূলা ব্যঞ্জনা। আৰু 

(খ) লক্ষণামূলাব্যঞ্জনা।

(ক) অভিধামূলা ব্যঞ্জনাঃ যিবিলাক শব্দৰ একাধিক অৰ্থ আছে, সংযোগ, বিয়োগ আদিৰ কাৰণে তেনে শব্দ একেটা মাত্ৰ অৰ্থত নিয়ন্ত্ৰিত হ’লে, আকৌ আন এটা অৰ্থবোধ কৰোৱাৰ যি শক্তি তাকে অভিধা মূলা ব্যঞ্জনা বোলে।

কথাষাৰ আৰু মুকলিকৈ ক’ব পাৰি, কোনো কোনো শব্দৰ কেইবাটাও বাচ্যাৰ্থ থাকিব পাৰে। কেইবাটাও অৰ্থ থাকিলেও একে সময়তে কেৱল এটা অৰ্থহে ল’ব পাৰি। একাধিক অৰ্থৰ ভিতৰত কোনটো অৰ্থ গ্ৰহণ কৰিব লাগিব সেই বিষয়ে নিশ্চতভাৱে জনা নাথাকিলে সংযোগ, বিয়োগ, সাহচৰ্য্য, বিৰোধিতা, অৰ্থপ্ৰকাশ, লিঙ্গ, অন‍্য শব্দৰ সান্নিধ্য আদিৰ সহায় লৈ তাৰ অৰ্থ গ্ৰহণ কৰিব লাগে। যেনে-

(১) সংযোগত : ‘হৰি’ক্ বিচাৰিলে কোনজন হৰিক বিচাৰিছে, শঙ্খ, চক্ৰযুক্ত হৰি, শঙ্খ চক্ৰৰ সংযোগত ‘হৰি’ শব্দই সিংহ আদি আন বহুত অৰ্থ বুজায়।

(২) ‘ৰাম’ বুলিলে পৰশুৰাম, হৰিৰাম, শ্ৰীৰাম এই তিনিও অৱতাৰকে বুজায়। ইয়াত বক্তাই কোনজন ৰামৰ কথা কৈছে তাক বুজিবলৈ হ’লে ক’ত কোন সূত্ৰে ৰামৰ কথা কোৱা হৈছে বা ৰাম পদটো কি কি শব্দৰ লগত সংযুক্ত হৈছে তাক চাব লাগিব। যদি সীতা হৰণৰ বা দাশৰথি ৰামৰ কথা কোৱা হৈছে তেনেহ’লে বুজিব, লাগিব-শ্ৰীৰাম। যদি জমদগ্নি ৰামৰ কথা কোৱা হৈছে তেনেহ’লে পৰশুৰামক বুজিব লাগিব। আৰু ৰামকৃষ্ণৰ কথা ক’লে বুজিব লাগিব হৰিৰামৰ কথা কোৱা হৈছে। এইদৰে সংযোগৰ সহায়ত বহুত অৰ্থৰ পৰা বিচৰা অৰ্থটো গ্ৰহণ কৰিব পাৰি।

ওপৰৰ দুয়োটা উদাহৰণে মূখ্যাৰ্থ দিয়াৰ পাছতো আন এক অৰ্থবোধ জন্ময় কাৰণে ইয়াক অভিধামূলা ব্যঞ্জনা বুলি কোৱা হয়।

(খ) লক্ষণামূলা ব্যঞ্জনা : যি প্ৰয়োজন সিদ্ধিৰ বাবে লক্ষণাৰ আশ্ৰয় লোৱা হয়, সেই প্ৰয়োজন যি ব্যঞ্জনাই বুজায় তাকে লক্ষণা মূলা ব্যঞ্জনা বোলে। এই কথা বুজাবলৈ সংস্কৃত আলংকাৰিক সকলে দিয়া উদাহৰণ এটা চয়ন কৰা হ’ল। “গঙ্গাত গোৱালৰ গাঁও আছে”-ইয়াত অভিধা বৃত্তিয়ে “গঙ্গা”শব্দৰ জলপ্ৰবাহ আদি অৰ্থ দিয়াৰ পাছত লক্ষণাবৃত্তিৰ দ্ধাৰা ‘পাৰ’ অৰ্থ প্ৰতীয়মান হয়। অভিধা আৰু লক্ষণা বৃত্তিয়ে অৰ্থ দি বিৰত হোৱাৰ পাছত যি বৃত্তিৰে সহায়ত গঙ্গাৰ (পাৰৰ) অতিশয় শীতলতা পবিত্ৰতা আদি অৰ্থবোৰ জন্ময় লক্ষণামূলা ব্যঞ্জনা।

এইখিনিতে প্ৰশ্ন হয়, “গঙ্গাত গোৱালৰ গাঁও” বুলি নকৈ- গঙ্গাৰ পাৰত গোৱালৰ গাঁও বুলি কোৱা হ’লে ,গঙ্গাৰ যি। শীতলতা, পৰিত্ৰতা সেই গুণ প্ৰতীয়মান নহ’লহেঁতেন। তেতিয়া তাত কোনো ব্যঞ্জনা নাথাকে। “গঙ্গা” শব্দৰ দ্বাৰা তীৰ বা পাৰ বুজোৱাৰ উপৰি গঙ্গাৰ পাৰৰ শীতলতা,  পৱিত্ৰতা আদি গুণক প্ৰতীয়মান কৰিলে।এই শীতলতা, পৱিত্ৰত।অৰ্থটো হৈছে ব্যংগ্যাৰ্থ।

গতিকে লাক্ষণিক অৰ্থ গ্ৰহণ কৰাৰ যি প্ৰয়োজন, সেই প্ৰয়োজন সিদ্ধিৰ কাৰণে ব্যঞ্জনা আশ্ৰয় লোৱা হয়। আকৌ লক্ষণাক ভিত্তি কৰি ব্যঞ্জনাই ব্যংগ্যাৰ্থ প্ৰকাশ কৰে বাবে ইয়াক লক্ষণামূলা ব্যঞ্জনা বোলে।

ব্যঞ্জনাক আৰু দুই প্ৰকাৰে ভাগ কৰিব পাৰি। যেনে-

(ক) শাব্দী ব্যঞ্জনা। আৰু 

(খ) আৰ্থী ব্যঞ্জনা।

(ক) শাব্দী ব্যঞ্জনা : অভিধা আৰু লক্ষণামূলা ব্যঞ্জনাই হ’ল শাব্দী ব্যঞ্জনা। বিশেষ শব্দহহে ব্যাংগ্যাৰ্থ দিব পাৰে। সেই শব্দ নাথাকিলে ব্যাংগ্যাৰ্থৰ নহয়। ওপৰৰ “গঙ্গাত গোৱালৰ গাঁও” বাক্যত যি ব্যঞ্জনা শক্তি প্ৰকাশ পাইছে সি সেই বিশেষ শব্দটোক আলম কৰিহে পাইছে।  উল্লিখিত বাক্যটোৰ পৰা যদি “গঙ্গা” শব্দটো আঁতৰাই আন কিবা প্ৰকাৰে কোৱা হ’লে ব্যঞ্জনাই আত্ম প্ৰকাশ নাপালেহেঁতেন। “গঙ্গা” শব্দৰ জলপ্ৰবাহ দ্ধাৰা গঙ্গাৰ যি শীতলতা,  পৱিত্ৰতা আদিৰ বোধ  জন্মায়, সেই ব্যংগ্যাৰ্থ প্ৰকাশ নাপালেহেঁতেন। গতিকে শব্দৰ দ্ধাৰা ব্যাংগ্যাৰ্থ বোধ  জন্মাব পৰাকেই শাব্দী ব্যঞ্জনা বোলে।

(খ) আৰ্থী ব্যঞ্জনা : শব্দৰ পৰা যিদৰে শাব্দী ব্যঞ্জনা পোৱা যায়, সেইদৰে অৰ্থৰ অৰ্থান্তৰৰ যোগেদি আথী ব্যঞ্জনা পোৱা যায়। এনে ব্যঞ্জনাৰ অৰ্থ প্ৰকট হয় কওঁতা বা শুনোতাৰ মনৰ অৱস্থা, কণ্ঠধ্বনি আৰু ভাৱ ভংগীৰ পৰা। যথা ওপৰত কৈ অহা “হেৰ বেলি লহিয়ালে” ইয়াৰ পৰা চাৰিজনে চাৰিটা অৰ্থ পালে। নিজ নিজ মনৰ অৱস্থাৰ পৰাহে চাৰিটা অৰ্থ গ্ৰহণ কৰিব পাৰিছে।”বলি লহিয়ালে”ৰ বাট্যাৰ্থ হ’ল বেলি ডুবো ডুবো হৈছে আৰু অলপ পাছতে গধূলি হ’ব। এই বাদট্যাৰ্থৰ পৰা “চাকি-বাতি জ্বলাবলৈ গা-পা ধুবলৈ যোৱা,” গোহালিত গৰু গাই বন্ধাৰ সময় হ’ল,” “খেল সামৰিব হ’ল”, আৰু আলহি ঘৰলৈ উভতি যোৱাৰ সময়  হোৱা” অৰ্থান্তৰ ঘটিছে নিজ নিজ মনে সেয়ে যেনেকৈ অৰ্থ পাইছে সেইমতে কাম কৰিছে। এয়ে হ’ল আৰ্থী ব্যঞ্জনা।

(১৯) ধ্বনিবাদৰ প্ৰৱৰ্তক কোন? ধ্বনিবাদৰ সংজ্ঞা দিয়া? আলংকাৰিকসকলে ধ্বনিবাদক কিধৰণে ভাগ কৰিছে আলোচনা কৰা?

উত্তৰঃ ধ্বনিবাদৰ প্ৰৱৰ্তক হৈছে আনন্দবৰ্ধন। ধ্বনিবাদৰ মূল গ্ৰন্থ হ’ল- ধ্বন‍্যালোক। শব্দ-শক্তিৰ ওপৰত ধ্বনি প্ৰধানকৈ নিৰ্ভৰশীল। শব্দাৰ্থৰ বোধ হোৱাৰ প্ৰায় লগে লগে আৰু এটা অনুভূতি বা বোধ হয় যিটোৱে শব্দাৰ্থক অতিক্ৰম কৰি সমবেদনশীলন হৃদয়কে চমৎকৃত কৰি তোলে। বাচ্যাৰ্থক অতিক্ৰম কৰি তাতোকৈও অধিক চাৰুতা প্ৰতিপাদক যি ব্যঙ্গ অৰ্থ প্ৰতীয়মান হয় তাক কাব্যৰ ধ্বনি বোলা হয়। সেইকাৰণে ৰসকো একপ্ৰকাৰ ধ্বনি বুলিয়ে কোৱা হয়। কাব্যত যি ৰসৰ অনুভূত হয়। সি কাব্যৰ ব্যাচ্যাৰ্থৰ বোধ হৈ যোৱাৰ প্ৰায় লগে লগে আস্বাদিত হয় অথচ ৰসৰ অনুভৱটো বাচ্যাৰ্থৰ সাধাৰণতে লাগি থকা বিধৰ বস্তু নহয়। ই যেনিবা ঘন্টাৰ টং টং শব্দৰ পিছত শুনা অনুৰণন। বাচ্যাৰ্থ মনত সোমোৱাৰ পিছতো এই ব‍্যঙ্গাৰ্থটোৱে মনত প্ৰভাৱ পেলায়। আলঙ্কাৰিকসকলে সেই কাৰণে এই ৰিঙিনিৰূপ অৰ্থটোক ধ্বনি নাম দিছে।

ধ্বনিবাদৰ প্ৰৱৰ্তন আনন্দবৰ্ধনে তেওঁৰ ধন‍্যালোক গ্ৰন্থত ধ্বনিৰ লক্ষণ এইদৰে দিছে-

যত্ৰাৰ্থ : শব্দো ৱা তমৰ্থমুপসৰ্জনীকৃত স্বাথৌ। 

ৱ্যঙ্গ : কাৱ্যৱিশেষ : ধ্বনিৰিতি সুৰিডিঃ কথিতঃ প্ৰতীয়মানং পুনৰন‍্যদেৱ বস্তৃস্তি ৱাণীষু মহাকবীনাম্ যত্তং প্ৰসিদ্ধাৱয়ৱাতিৰিক্তিং ৱিভ্যতি লাৱণ‍্যমিৱাঙ্গনাসু।

(ধ্বন‍্যালোক)

মুঠতে য’ত শব্দ বা অৰ্থই আন এটা ধ্বনি-অৰ্থৰ কাৰণে নিজ অৰ্থক তল পেলায় সেই ব্যঞ্জিত কাব্য বিশেষক পণ্ডিতসকলে ধ্বনি বুলি কয়। উদাহৰণ স্বৰূপে পাৰ্বতীয়ে তপস্যাৰদ্ধাৰা শিৱৰ মন জয় কৰিলে। শিৱই নাৰদক বিবাহৰ প্ৰস্তাৱ দিবলৈ হিমালয়ৰ গুৰিলৈ পঠিয়াই দিলে ।নাৰদে বিয়াৰ প্ৰস্তাৱ দিওঁতে পাৰ্বতী অধোমুখী হৈ ওচৰতে আছিল আৰু হাতৰ পদুম এটাৰ পাহিবোৰ এনেয়ে গণি আছিল। 

তলমূৰকৈ মনত তাৰ মাজত লুকাই থকা আন এটা অৰ্থইহৈ বেছিকৈ আনন্দ দিছে। সেইটো হৈছে প্ৰিয়জনৰ লগত বিবাহৰ প্ৰস্তাৱত বিবাহযোগ্য কন‍্যাৰ মৌ সনা লাজ। সেই আনন্দমিহলি লাজ ঢাকিবলৈ পাৰ্বতীয়ে পদুমৰ পাহিবোৰ গণি কিবা এটা কামতহৈ যেন লাগি আছে এনে ভাব দেখুৱাই নিজৰ লাজটো ঢাকিবলৈ চেষ্টা কৰিছে। পিছে ইমানখিনি কথা জানো ওপৰৰ শ্লোকটোৰ শব্দৰ্থত আছে? অথচ পিছৰ এই প্ৰতীয়মান অৰ্থটো বাচ্যাৰ্থতকৈ মধুৰ। এই অৰ্থ ৰসিকজনৰ মনলৈ আহে কবিৰ চাতুৰ্যৰ ফলত। এনেভাৱে বোধ হোৱা মধুৰ অৰ্থই কাব্যৰ ধ্বনি।

ধ্বনিতত্ত্ব বৈয়াকৰণসকলৰ ফোট-তত্ত্বৰ সাদৃশ‍্যৰ ওপৰত প্ৰতিষ্ঠিত। বৈয়াকৰণসকলে প্ৰথমতে ধ্বনি শব্দটো ফোটৰ মাজত থকা বিভিন্ন শব্দবোৰৰ মুখ বিবৰত উৎপন্ন হোৱা ধ্বনি অৰ্থত ব্যৱহাৰ কৰিছিল। ফোট হ’ল শব্দ হিচাপে এটা শব্দৰ উচ্চাৰণ আৰু ইয়ে এটা অৰ্থ বহন কৰে। এটা শব্দ বিভিন্ন আখৰৰ সমষ্টি। কেতিয়াবা কেতিয়াবা এটা আখৰেও শব্দৰ ৰূপ পায় কাৰণ ইয়ে অৰ্থ বহন কৰে। যেতিয়া বিভিন্ন আখৰৰ সংযোগত এটা শব্দ গঠিত হয় তেতিয়া সেই শব্দটো উচ্চাৰণ কৰোঁতে মুখ-বিবৰৰ পৰা যি ধ্বনি ওলাই আহে সেয়েই ফোট। ধ্বনিৰ সহায়ত ফোটে প্ৰকাশ লাভ কৰে আৰু ইয়ে অৰ্থ বহনো কৰে। ভতৃহৰি এজন বৈয়াকৰণ -দাৰ্শনিক। এওঁ এই ধ্বনি আৰু ফোটৰ মাজত পাৰ্থক্য দেখুৱাইছে। বক্তাৰ উচ্চাৰণৰ কাৰণে ধ্বনি বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে কিন্তু ফোট হ’লে এটাই। ধ্বনিৰ মাধ্যমেৰে ফোটৰ আত্মপ্ৰকাশ হয় আৰু শ্ৰোতায়ো ইয়াৰপৰা লাভ কৰে অৰ্থ। এটা শব্দ উচ্চাৰণ কৰোঁতে শব্দৰ মাজত থকা বিভিন্ন আখৰৰ ধ্বনিও কিছু পৰিমাণে উচ্চাৰিত হয় আৰু যেতিয়া শেষ ধ্বনিটো উচ্চাৰিত হয় তেতিয়া ফোটৰ প্ৰকাশ ঘটে। এনে প্ৰকাশৰ লগে লগে শ্ৰোতাৰ মনত অৰ্থবোধ জন্মে। 

আলঙ্কাৰিকসকলে ধ্বনিক দুই প্ৰকাৰ-

(ক) অভিধামূলক। 

(খ) লক্ষণামূলক।

(ক) অভিধামূলক : যি ধ্বনিৰ মূলত অভিধা অৰ্থাৎ বাচ্যাৰ্থৰ লগত সম্বন্ধযুক্ত তাক অভিধামুলক ধ্বনি বোলা হয়। অভিধা শক্তিয়ে মুখ্য বা সাংকেতিক অৰ্থ বহন কৰে। এনে অৰ্থ পূৰ্বাপৰ প্ৰচলিত হৈ থকা অৰ্থ। যেতিয়া ‘গৰু’ শব্দটো উচ্চাৰণ কৰা হয় তেতিয়া আমাৰ মনলৈ চাৰিখন ঠেং থকা, ঘাঁহ খোৱা এটা শান্ত জন্তুৰ ধাৰণা আহে। এই শব্দটোৱে কটা বিশেষ জন্তুক বুজায়, যি   জন্তুটো আমাৰ পৰিচিত। গতিকে অভিধা হ’ল এনে এটা শব্দ- শক্তি যিটোৱে বস্তুৰ পূৰ্বাপৰ চলি থকা এটা সাংকেতিক অৰ্থ প্ৰকাশ কৰে।

অভিধা তিনি প্ৰকাৰৰ-ৰূঢ়ি, যোগ আৰু যোগৰূঢ়ি। ৰূঢ়িয়ে শব্দৰ পূৰ্বাপৰ চলি থকা অৰ্থ প্ৰকাশ-ক্ষমতা বুজায়, যোগে বুৎপত্তিগত অৰ্থ প্ৰকাশ কৰে আৰু যোগৰূঢ়িয়ে পূৰ্বাপৰ চলি থকা অৰ্থ আৰু বুৎপত্তিগত অৰ্থ দুয়োটাকে প্ৰকাশ কৰে। ‘গৌ’ শব্দটোৱে এটা জন্তুৰ অৰ্থ বহন কৰে। এই অৰ্থৰ সম্বন্ধ ব‍্যুৎপত্তিৰ লগত নাই। কিন্তু পাঠক শব্দটো পঠ্ ধাতুৰপৰা নিষ্পন্ন হোৱা যৌগিক শব্দ আৰু ইয়াৰ অৰ্থ হ’ল যিজনে পাঠ কৰে তেওঁ। কিন্তু আমি যেতিয়া পংকজ শব্দটো বিচাৰ কৰি চাওঁ তেতিয়া খমি ইয়াৰ দুটা অৰ্থ দেখিবলৈ পোৱা যায়। ইয়াৰ অৰ্থ হ’ল বোকাত জন্মা কোনো এটা বস্তু আৰু আনটো পদুম। এই শ্ৰেণী  সাংকেতিক আৰু ব্যুৎপত্তিগত দুয়োটা অৰ্থকে প্ৰকাশ কৰিব পাৰে।

(খ) লক্ষণামূলক : যি ধ্বনিৰ লক্ষণাক আশ্ৰয় কৰি প্ৰতীতি হয় তাক লক্ষণামূলক ধ্বনি বোলে। যেতিয়া কোনো শব্দৰ মুখ্যাৰ্থ ব্যাধিত হয় তেতিয়া লাক্ষণিক অৰ্থ গ্ৰহণ কৰা হয়।লাক্ষণিক অৰ্থৰ মুখ্যাৰ্থৰ লগত কিছু সম্বন্ধ থাকে। এনে অৰ্থ -গ্ৰহণৰ হেতুস্বৰূপ থাকে ৰূঢ়ি অৰ্থাৎ ব্যৱহাৰ প্ৰসিদ্ধি নাইবা প্ৰয়োজন বা বক্তাৰ অভিপ্ৰায় বিশেষ। উদাহৰণ স্বৰূপে ‘গংগাত গুৱালৰ গাঁও’ বাক্যটোকে চোৱা যাওঁক। ওপৰে ওপৰে এখন গাঁও এনে এটা বাক্য নিৰৰ্থক, কাৰণ গংগাৰ দৰে নদী এখনৰ ওপৰত গাঁও থাকিব নোৱাৰে। কিন্তু আচলতে বাক্যটো অৰ্থহীন নহয়। ইয়াত মুখ্যাৰ্থটো বাধাপ্ৰাপ্ত হৈছে, কিন্তু আমি যদি গুৱালৰ গাঁওখন গংগাৰ পাৰত বুলি বুজোঁ তেতিয়া বাক্যটোৱে এক প্ৰকাৰ শুদ্ধ অৰ্থকে বুজাইছে। এইটোৱেই লাক্ষণিক অৰ্থ। লক্ষণা হ’ল এনে এটা শব্দ-শক্তি যিটো শক্তিয়ে মুখ্যাৰ্থৰ লগত সম্বন্ধ থকা এটা গৌণাৰ্থ বুজায়। লক্ষণাৰ কাৰণে তিনিটা বস্তু লাগে। প্ৰথমতে মুখ্যাৰ্থটো প্ৰসংগত বাধাপ্ৰাপ্ত হ’ব লাগিব। দ্বিতীয়তে, মুখ্যাৰ্থ আৰু গৌণাৰ্থৰ আশ্ৰয় ল’ব লাগিব। তৃতীয়তে, ৰূঢ়ি বা ব্যৱহাৰ-প্ৰসিদ্ধি অথবা প্ৰয়োজনৰ কাৰণে গৌণাৰ্থৰ আশ্ৰয় ল’ব লাগিব। উদাহৰণ স্বৰূপে ‘কলিংগ সাহসী’, ইয়াত দেশ বিশেষৰ অৰ্থত কলিংগ শব্দ ব্যৱহৃত হোৱা নাই, কলিংগ দেশৰ অধিবাসীসকলৰ সাহসৰ কথাহে কোৱা হৈছে। এয়েই লক্ষ্যাৰ্থ।

লক্ষণাৰ কাৰণে প্ৰয়োজনীয় তিনিটা বস্তুৰ কথা কোৱা হৈছে-

১. মুখ্যাৰ্থৰ বাধা।

২. মুখ্যাৰ্থ গৌণাৰ্থৰ মাজত সম্পৰ্ক।

৩. ৰূঢ়ি নাইবা প্ৰয়োজনৰ আৱশ্যকতা।

ইয়াৰে প্ৰথমটোৱে লক্ষণাশক্তিৰ প্ৰয়োগৰ কাৰণ দৰ্শায় কাৰণ ইয়াৰপৰা আমি জানিব পাৰোঁ যে প্ৰসংগৰ লগত মুখ্যাৰ্থ খাপ নাখায়। দ্বিতীয়টোৱে কয় যে লক্ষণাই অকল তেনে অৰ্থকেহে গ্ৰহণ কৰে যি অৰ্থৰ মুখ্যাৰ্থৰ লগত কিছু নহয় কিছু সম্বন্ধ আছে; তৃতীয়টোৱে কি কাৰণে এটা আওপকীয়া অৰ্থ গ্ৰহণ কৰা হ’ল, তাৰ যুক্তি দৰ্শায়।

(২০) কাব্যধ্বনি কি? কাব্যধ্বনিক কি কি প্ৰকাৰত ভাগ কৰিব পাৰি? বহলাই লিখা?

উত্তৰঃধ্বনিবাদীসকলে শব্দ আৰু তাৰ অৰ্থ প্ৰকাশ ক্ষমতাৰ সম্বন্ধ নিৰূপন কৰি, শব্দৰ অভিধা, লক্ষণা আৰু ব্যঞ্জনা নামৰ তিনিটা শক্তিৰ কথা স্বীকাৰ কৰিছে। শব্দৰ অভিধা শক্তিয়ে ব্যাচ্যাৰ্থবোধ, লক্ষণা শক্তিৰদ্বাৰা লক্ষ্যাৰ্থবোধ আৰু ব্যঞ্জনা। শক্তিৰ দ্বাৰা ব্যংগ্যাৰ্থবোধ হয়। এই তিনিওটা শক্তিৰ  ভিতৰত ধ্বনিবাদীসকলে ব্যঞ্জনাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। ব্যঞ্জনাৰ দ্বাৰা ব্যঞ্জিত অৰ্থই ব্যংগ্যাৰ্থ। সকলো ভাষাতে অভিধা অৰ্থ একে, কিন্তু সেই শব্দৰ ব্যঞ্জক ধ্বনি বেলেগ বেলেগ হয়। 

ব্যাকৰণৰ সূত্ৰমতে- বায়ুকম্পনৰ সহায়ত মুখেৰে বা বাগিন্ত্ৰিয়ৰ দ্বাৰা যি মাত উলিওৱা হয়,তাৰ ক্ষুদ্র ক্ষুদ্ৰ অংশকে ভাষাৰ ধ্বনি বোলা হয় । আকৌ ছন্দত যাক ধ্বনি বুলি কোৱা হয়, সি  শ্ৰতিগ্ৰাহ‍্য বায়ু কম্পনৰ ফলত সৃষ্টি হয়। অৰ্থাৎ একেবাৰতে উচ্চাৰণ কৰিব পৰা কণ্ঠস্বৰৰ ক্ষুদ্ৰতম একক বা অক্ষৰকে ছন্দধ্বনি বোলে। আনহাতে শব্দৰ বাট্যাৰ্থ বা লক্ষ্যাৰ্থক অতিক্ৰম কৰি যি ব্যংগ্যাৰ্থ প্ৰতীয়মান হয় তাকে কাব্যধ্বনি বোলে। ব্যঞ্জনা শক্তিৰ দ্বাৰা বি ব্যংগ্যাৰ্থবোধ জন্মে সেয়ে কাব্যধ্বনি। এটা উদাহৰণ ল’লে কথাটো পৰিষ্কাৰ হ’ব- পাৰ্বতীয়ে তপস্যাৰ দ্বাৰা শিৱৰ মন জয় কৰিলে। শিৱই নাৰদক বিবাহৰ প্ৰস্তাৱ দিবলৈ হিমালয়ৰ ওচৰলৈ পঠিয়ালে। নাৰদে বিয়াৰ প্ৰস্তাৱ দিওঁতে পাৰ্বতী  অধোমুখী হৈ ওচৰতে আছিল আৰু হাতৰ পদুম এটাৰ পাহিবোৰ এনেয়ে গণি আছিল।

এৱং ৱাদিনী  দেৱযৌ পিতৃৰ্ৰ অধোমুখী।

লীলাপত্ৰকমলানি গণয়াসান পাৰ্বতী।।”(কুমাৰসম্ভৱ ৬।৮৪) 

(অৰ্থাৎ নাৰদে এইদৰে কৈ থাকোঁতে পিতৃৰ সমুখত পাৰ্বতীয়ে তলমূৰলৈ পাহিবোৰ গণিবলৈ ধৰিলে।”)

তললৈ মূৰ কৰি পদুমৰ পাহিবোৰৰ লেখ লোৱা বাচ্যাৰ্থ। এই বাচ্যাৰ্থৰ মাধুৰ্য থাকিলেও তাৰ মাজত লুকাই থকা আন এটা অৰ্থইহে ৰসিকজনক বেছিকৈ আনন্দ দিয়ে। সেইটো হৈছে প্ৰিয়জনৰ লগত বিবাহৰ প্ৰস্তাৱত বিবাহযোগ্য কন‍্যাৰ “মৌ সনা”লাজ। আৰু এই আনন্দমিহলি লাজ ঢাকিবলৈকে পদুমৰ পাহিবোৰ গণনা কৰি কিবা এটা যেন কামতহে ব্ধস্ত আছে এনে ভাৱ দেখুৱাই নিজৰ লাজ ভাৱটো ঢাকিবলৈ চেষ্টা কৰিছে। কিন্তু এই মৌ সনা লাজ ভাৱটো শব্দৰ্থত লাগি থকা নাই। ব্যচ্যাৰ্থ লাভ কৰাৰ পিছত এই ব্যংগ্যাৰ্থটো ৰসিকজনৰ বা পাঠকৰ মনত উদ্ভৱ হয় বা বোধ জন্মে। যিটো বাচ্যাৰ্থতকৈ মধুৰ। কবি চাতুৰ্যৰ ফলতে ৰসিকজনৰ মনত এই ব্যংগ্যাৰ্থবোধ জন্মে। গতিকে এনেভাৱে বোধ হোৱা মধুৰ অৰ্থই হ’ল কাব্যৰ ধ্বনি।

আন এটা উদাহৰণ হৈছে-

ভাগি গ’ল বীণ খনি।

চিগি ৰ’ল তাঁৰ।

থাকি গ’ল অৱশেষ

অমিয়া জোকাৰ।” 

ইয়াৰ আমি বাচ্যাৰ্থত পালোযে বীণখন ভগাৰ লগতে তাৰ তাঁৰো চিগিল।ইয়াৰ মাজত লুকাই থকা ব্যংগ্যাৰ্থ ভাৱটো অতি চমৎকাৰপূৰ্ণ।ইয়াৰ যোগেদি কৰিব জীৱন যুদ্ধত ভাগৰি পৰা আৰু তাৰ পৰা আহি পৰা তীব্ৰ, উৎকট, সীমাহীন বেদনাৰ কথাহে প্ৰকাশ কৰিছে। গতিকে ইয়াৰ বাচ্যাৰ্থৰ মাধুৰ্যতকৈ ব্যংগ্যাৰ্থ মধুৰ। এয়ে কাব্যৰ ধ্বনি। অৰ্থৰ দৃষ্টিত শব্দ দুবিধ নিত্য আৰু অনিত‍্য।

অলংকাৰ যুক্ত শব্দবোৰ অনিত‍্য। অনিত‍্য শব্দই কেৱল বাদ্যাৰ্থবা সামান‍্য শব্দৰ অৰ্থবোধ কৰাব পাৰে।আনহাতে নিজ শব্দৰ পৰা যি অৰ্থবোধ হয় তাক প্ৰতীয়মান অৰ্থ বোলে।অনিত‍্য শব্দৰ অৰ্থবোধ কৰাত কোনো প্ৰযত্নৰ প্ৰয়োজন নাই।ই ওপৰতে লাগি থাকে। কিন্তু নিত‍্য শব্দৰ অৰ্থ বুজিবলৈ বোধ কৰিবলৈ বিশেষ প্ৰয়োজন হয়। নিত‍্য শব্দৰ প্ৰকৃত সৌন্দৰ্য ফুটি উঠাৰ পাছতো সি বহু সময়লৈকে অথবা স্থায়ীভাৱে তাৰ ঝনঝননিটো অন্তৰত ৰৈ যায়।

কাব্যৰ প্ৰকাৰ : ধ্বনিবাদীসকলে ধ্বনিকাব্যক তিনি প্ৰকাৰত বিভক্ত কৰিছে। যেনে-চিত্ৰকাব্য, গুণীভূত ব্যংগ্যকাব্য আৰু ধ্বনি কাব্য।

(ক) চিত্ৰকাব্য : বাচ্যাৰ্থ পোনপতীয়াকৈ বোধ হোৱা কাব্যক চিত্ৰকাব্য বোলে। কেৱল শ্ৰতিমধুৰ শব্দ যোজনাৰ দ্বাৰা চিত্ৰকাব্য ৰচিত হয়। এইবিধ কাব্যত কোনো ব্যংগ্যাৰ্থ নাথাকে। সেয়ে ধ্বনিবাদী আচাৰ্যসকলে চিত্ৰকাব্যক একেবাৰে নিম্নস্তৰৰ কাব্য বুলি অভিহিত কৰিছে। 

চিত্ৰকাব্য দুই প্ৰকাৰৰ শব্দ চিত্ৰ আৰু অৰ্থচিত্ৰ। যেনে-

“নমে নমো মধুসুৰ সূদন দৈত‍্যাৰি।

প্ৰণত পালক নমো পাতক সংহাৰী।। 

সদানন্দ আনন্দ গোবিন্দ পয়োনিধি।

হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি।” ইত‍্যাদি (অষ্টম স্কন্ধ ভাগৱত)

ইয়াত ৰীতি, অলংকাৰ এইবোৰ নিখুঁত ভাৱে আছে, কিন্তু ইয়াক কাব্য বোলা নহয়।কাৰণ ইয়াত কাব্যৰ ধ্বনিৰ অভাৱ আৰু সেয়ে শুনোতাৰ হৃদয়ত বাচ্যাৰ্থ পোণপটীয়াকৈ বোধ হয়। ইয়াত কোনো ব্যংগ্যাৰ্থ নাই।সেয়ে সাহিত্য ৰসিকসকলৰ কাৰণে কাব্য হিচাপে গ্ৰহণীয় নহয়।

(খ) গুণীভূত ব্যংগ‍্য কাব্যঃ যি কাব্য ব্যংগ্যাৰ্থটোৱে বাচ্যাৰ্থটোক মনোৰম কৰি তোলে, মধুৰ কৰি তোলে আৰু ৰসিকজনৰ মন বাচ্যাৰ্থইহে আকৰ্ষণ কৰে, ব্যংগ্যাৰ্থটো অপ্ৰধান বা গৌণ হৈ পৰে, তেনে কাব্যক গুণীভূত ব্যংগ‍্য কাব্য বোলে। এই শ্ৰেণীৰ কাব্যত সমাসোক্তি অলংকাৰৰ দ্বাৰা ব্যংগ্যাৰ্থ প্ৰতীতি অৰ্থটোৱে বাচ্যাৰ্থটোৰ শোভা বৃদ্ধি কৰে যেনে-

“মাৰিলেহি মেঘে ঢোলত চাপৰ। 

জিলীয়ে বজায় কালি,

টুনি বুলবুলি নাচে ছেৱে ছেৱে

হেটুলুকা ওজাপালি”(ৰঘূনাথ চৌধাৰী)

হেটুলুকা ওজাপালি- এইটো বাচ্যাৰ্থ। ইয়াৰ ব্যংগ্যাৰ্থ হৈছে- বসন্তকালৰ চিৰসেউজীয়া আৰু মনমতলীয়া কৰা আনন্দৰ পৰিৱেশ। এইটো এটা সমাসোক্তি অলংকাৰ। কিন্তু ইয়াৰ ব্যংগ্যাৰ্থতকৈ বাট‍্যাৰ্থটোহে বেছি মধুৰ আৰু ৰসগ্ৰাহীজনক এই বাচ্যাৰ্থটোৱেহে অধিক আকৰ্ষণ কৰে। ইয়েই হ’ল গুণীভূতব্যংগ‍্য কাব্য। আচাৰ্যসকলে এই শ্ৰেণীৰ কাব্যক মধ্যম শ্ৰেণীৰ কাব্য বুলি অভিহিত কৰিছে।

(গ) ধ্বনি কাব্যঃ যি কাব্যত বাচ্যাৰ্থক তল পেলাই ব্যংগ্যাৰ্থই মুখ্য ভূমিকা গ্ৰহণ কৰে অৰ্থাৎ বাচ্যাৰ্থতকৈ অধিক মধুৰ হয় বা চমৎকাৰী হয়,সেই কাব্যকে ধ্বনিকাব্য বোলে। ইয়াত বাচ্যাৰ্থ আৰু লক্ষ্যাৰ্থ গৌণ বা অগ্ৰধান হৈ পৰে, ব্যংগ্যাৰ্থ মুখ্য বা প্ৰধানকৈ পৰে। ধ্বনিবাদী আচাৰ্যসকলে এই শ্ৰেণীৰ কাব্য উত্তম কাব্য বুলি অভিহিত কৰিছে। যেনে-ওপৰত উল্লেখ কৰি অহা “নাৰদে  এই দৰে কৈ থাকোঁতে পিতৃৰ সমুখত পাৰ্বতীয়ে তলমূৰকৈ হাতৰ পদুমটোৰ পাহিবোৰ গণিবলৈ ধৰিলে।” ইয়াত পাৰ্বতীয়ে পদুমৰ পাহি গণনা কৰা বাচ্যাৰ্থটো গৌণ বা অপ্ৰধান হৈ পৰিল আৰু “মৌসনা লাজ”ব্যংগ্যাৰ্থ বেছি সুন্দৰ, বেছি মধুৰ হৈ পৰিল। ৰসিকজনকো এই প্ৰতীয়মান অৰ্থটোৱে বেছি আকৰ্ষণ কৰে। সেয়ে কাব্যদৃষ্টিত ধ্বনিকাব্য উত্তম শ্ৰেণীৰ কাব্য।

(২১) ৰীতিবাদৰ প্ৰৱৰ্তক কোন? ৰীতিবাদৰসন্দৰ্ভত বিভিন্ন পণ্ডিতে আগবঢ়োৱা মতামতসমূহ আলোচনা কৰা?

উত্তৰঃ ভাৰতীয় সমালোচনাৰ ইতিহাসত ‘ৰীতি’শব্দৰ প্ৰচলন প্ৰসিদ্ধ। ৰীতিবাদৰ প্ৰধান প্ৰৱক্তা বামন। বামনে ৰীতিয়েই কাব্যৰ আত্মা- ৰীতিৰাত্মা কাবাস্য- এই মতবাদ প্ৰতিষ্ঠা কৰে। ৰীতিবাদৰ যোগেদিকাব্যৰ প্ৰধান বৈশিষ্ট্যবোৰ পৰিফুট কৰাৰ সুবিধা আছে। বামনৰ পূৰ্বৱতী লেখকসকল কাব্য-শৰীৰৰ আলোচনাৰ মাজতে ব্যস্ত হৈ আছিল বাবে কাব্যত্মৰ বিচাৰ কৰিবলৈ তেওঁলোক সচেষ্ট নহ’ল। কিন্তু বামনে হ’ল কাব্য-শৰীৰৰ সৌন্দৰ্য-বৰ্ধন কাৰ্যৰ মাজতে আবদ্ধ নহৈ শৰীৰৰ ভিতৰত থকা আত্মাৰ সন্ধানৰ আদৰ্শ চকুৰ আগত ৰাখিছে আৰু ৰীতিয়েই কাব্যৰ আত্মা বুলি কৈছে। ৰীতিৰাত্মা কাব্যস্য। শব্দ আৰু অৰ্থ হ’ল শৰীৰ আৰু ৰীতি হ’ল ইয়াৰ আত্মা। ৰীতি হ’ল বিশিষ্ট পদৰচনা। এনে পদৰচনা নিৰ্ভৰ কৰে কিছুমান গুণৰ ওপৰত। ভামহ আৰু দণ্ডীৰ দৰে বামনেও স্বীকাৰ কৰে যে কাব্যত শোভাকাৰক উপাদানৰ আৱশ্যকতা আছে। কিন্তু ভামহে গুণৰ অন্তৰ্ভূক্তি অপৰিহাৰ্য বুলি কোৱা নাই আৰু দণ্ডীয়ে আৰু অলংকাৰৰ মাজত থকা পাৰ্থক্য দেখা নাই। প্ৰথমবাৰৰ কাৰণে বামনেই কাব্যৰ গুণ আৰু অলংকাৰৰ মাজত থকা পাৰ্থক্য স্পষ্ট ৰূপত দেখুৱাই দিয়ে।গুণবোৰ হ’ল কিছুমান ধৰাবন্ধা কাব্য-সৌন্দৰ্য জ্ঞাপন বস্তু যিটোৱে ৰীতিৰ বিশিষ্টতা নিৰূপণ কৰে। তিনি ৰকমৰ ৰীতি আছে- বৈদৰ্ভী, গৌড়ী আৰু পাঞ্চালী। বৈদৰ্ভী ৰীতিৰ মাজত সকলো কাব্য গুণেই থাকে সমগ্ৰগুণা বৈদৰ্ভী। গৌড়ী ৰীতিত ওজঃ আৰু কান্তি গুণৰ প্ৰাধান্য আৰু পাঞ্চালীৰ মাজত থাকে মাধুৰ্য আৰু সৌকুমাৰ্য। এই তিনি প্ৰকাৰ ৰীতিৰ ওপৰতেই কাব্য প্ৰতিষ্ঠিত। চিত্ৰশিল্পীয়ে অঁকা ছবি এখন যেনেকৈ অংকন কৰা ৰেখাবোৰৰ ওপৰত প্ৰতিষ্ঠিত হয় তেনেকৈ এই তিনিটা ৰীতিৰ ওপৰতে কাব্যও প্ৰতিষ্ঠিত হয়।

পাশ্চাত্য সমালোচকসকলে ব্যৱহাৰ কৰা শব্দ ষ্টাইল বা বাণীভংগী আৰু বামনে উল্লেখ কৰা ৰীতি একে ধৰণৰ বস্তু নহয়। ৰীতিৰ মাজত কিছুমান ধৰাবদ্ধা গুণৰ সংযোগ কৰি ৰচনা উপভোগ‍্য কৰি তুলিবলৈ চেষ্টা কৰা হয়।ইয়াত নন্দনতাত্ত্বিক আলোচকসকলে নিৰূপণ কৰা নিৰ্দিষ্ট গুণসমূহৰ সাৰ্থক সংযোগ-ক্ষমতাৰ ওপৰতে কবিৰ সৃষ্টিধৰ্মিতা নিভৰ কৰে। লেখক এজন স্বতন্ত্ৰ ব্যক্তি হ’লেও ইয়াত তেওঁ প্ৰাচীনসকে নিৰ্দিষ্ট কৰা এটা আদৰ্শৰ মাজতে সীমিত হৈ থাকিব লগা হয়। গতিকে এই লেখকসকলৰ স্বতন্ত্ৰতা থাকিলেও সি পৰিসীমিত আৰু নতুন বাণীভংগী উদ্ভাৱন কৰা লেখকসকলৰ   দৰে সম্পূৰ্ণৰূপে স্বাধীন নহয়।  ষ্টাইল হ’ল ব্যক্তিৰ আত্ম-প্ৰকাশ কিন্তু ৰীতি এনে আত্ম প্ৰকাশ বুলি ক’ব নোৱাৰি, কাৰণ ৰীতিৰ ক্ষেত্ৰত কিছুমান নিৰ্দিষ্ট গুণৰ সংযোগৰ মাজেদিহে কাব্যবস্তুৰ প্ৰকাশ ঘটে।

বামনকে গুণ -ৰীতি মতবাদৰ প্ৰৱৰ্তক বুলি সাধাৰণতে কোৱা হয় যদিও সংস্কৃত কাব্যালোচনাৰ মাজত ৰীতিৰ প্ৰত‍্যয় প্ৰথমতে দণ্ডীয়েহে উদ্ভাৱন কৰে। দণ্ডীয়ে অৱশ্যে ৰীতি শব্দ প্ৰয়োগ নকৰি মাৰ্গ শব্দহে ব্যৱহাৰ কৰিছে আৰু তিনিটা ৰীতিৰ সলনি বৈদৰ্ভ আৰু গৌড় মাৰ্গৰ কথাহে কৈছে। দণ্ডীয়ে ব্যৱহাৰ কৰা শব্দমাৰ্গ আৰু বামনে ব্যৱহাৰ কৰা শব্দ ৰীতিৰ মাজত তেনে কোনো মৌলিক পাৰ্থক্য নাই। দণ্ডীয়েও কয় যে কাব্য সৌন্দৰ্য বঢ়োৱা আৰু কাব্যিক আবেদন সুগভীৰ কৰাৰ অৰ্থে গুণ আৰু অলংকাৰবোৰ আৱশ‍্যেক। তেওঁ প্ৰাণ বোলা গুণবোৰ উপমা, ৰূপক প্ৰভৃতি অলংকাৰবোৰৰ পৰা পৃথক, কাৰণ হ’ল মাৰ্গ নিৰূপণৰ প্ৰধান মানদণ্ড। বামনৰ মতে কাব্য-সৌন্দৰ্য বৰ্ধনৰ কাৰণে অলংকাৰবোৰ অপৰিহাৰ্য নহয়। বামনৰ মতে কাব্যশোভাই হ’ল ইয়াৰ গুণ-নিৰ্ণায়ক মানদণ্ড। কাব্যশোভা বঢ়াই তোলাৰ বাবে লাগে শব্দবোৰৰ সযত্ন বিন‍্যাস আৰু তাত থাকিব লাগে গুণালংকাৰৰ সংযোগ। তাৰোপৰি অনুসৃত ৰীতিটো দোষমুক্ত হ’ব লাগে।

বামনৰ গুণৰীতি মতবাদৰ কিছুমান লক্ষণীয় বিশেসত্ব আছে। ইয়ে প্ৰকাশভংগীৰ কিছুমান আৱশ‍্যকীয় লক্ষণ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছে আৰু এই চেষ্টাত আংশিকভাৱে হ’লেও বামন কৃতকাৰ্য হৈছে। অলংকাৰবাদী আলোচকসকলে শব্দ আৰু তাৰ অৰ্থৰ প্ৰতি বিশেষ মনোযোগ দিছিল কিন্তু বামনে কাব্য-ৰচনাত প্ৰকাশভংগীৰ আৱশ‍্যকতা উপলব্ধি কৰিছিল। বামনে কব খোজে যে অকল অলংকাৰ সংযোগৰ সহায়ত কাব্য ৰমণীয় কৰিব নোৱাৰি। কাব্য- সৌন্দৰ্য বিচাৰিলে প্ৰকাশভংগী গুণযুক্ত আৰু দোষৰহিত হব লাগিব। অলংকাৰবোৰ কাব্যিক আবেদনৰ গভীৰতা অনাতহে সহায় কৰে। বামনৰ মনত থকা ৰীতিৰ আদৰ্শই কাব্য-ৰচনাক দাৰ্শনিক, বৈজ্ঞানিক আদি ৰচনাৰপৰা পৃথককৈ দেখুৱাবলৈ সমৰ্থ হৈছে। বামনৰ মতে কাব্যসৃষ্টিৰ লক্ষ্য সৌন্দৰ্য; আৰু ৰচনা দোষমুক্ত আৰু গুণযুক্ত কৰিব পাৰিলেহে সৌন্দৰ্য সৃষ্টি সম্ভৱ হয়।যি ৰীতিৰ মাজত গুণালংকাৰৰ সংযোগ ঘটিছে সেই ৰীতিৰ মাজত দেখিবলৈ পোৱা যায় বিশেষত্ব। এই বিশেষত্বই কাব্যক আন সকলোধৰণৰ ৰচনাৰপৰা পৃথককৈ দেখুৱায়।

বামনৰ পৰৱৰ্তী কালত ৰীতিৰ সংখ্যা বঢ়োৱাৰ চেষ্টা কৰিছিল। ৰুদ্ৰটে বামনৰ ৰীতি-সংখ্যাৰ লগত আন এটা ৰীতিৰ নাম যোগ দিছে। এইটোৰ নাম লাটি। আনহাতে বোজে ছটা ৰীতিৰ উল্লেখ কৰিছে। এইকেইটা হ’ল বৈদৰ্ভী, গৌড়ী, পাঞ্চালী, লাটি, মাগধি আৰু আবন্তিকা।

বামনৰ পিছৰ আলোচকসকলৰ ওপৰত ৰীতিবাদে আশানুৰূপ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। কোনো পৰৱৰ্তী আলংকাৰিকে ৰীতিবাদৰ আদৰ্শ সামগ্ৰিকভাৱে গ্ৰহণ কৰা নাই।

(২২) আনন্দবৰ্ধনে ধ্বনিকাব্যক কি ধৰণেৰে শ্ৰেণী বিভাজন কৰিছে বুজাই লিখা?

উত্তৰঃধ্বনিকাৰ আচাৰ্য আনন্দবৰ্ধনে তেওঁৰ ‘ধ্বন‍্যালোক’ গ্ৰন্থত ব্যঞ্জনাৰ দৃষ্টিৰে ধ্বনিক তিনিটা শ্ৰেণীত বিভক্ত কৰিছে। সেইকেইটা হৈছে- বস্তু ধ্বনি, অলংকাৰ ধ্বনি আৰু ৰসধ্বনি।

(ক) বস্তু ধ্বনি : কাব্যত বাচ্য অৰ্থ দুবিধ-বস্তু আৰু অলংকাৰ। যেতিয়া বাচ্যাৰ্থৰ পৰা কোনো বস্তু ব্যঞ্জিত হয় আৰু সি বাচ্যাৰ্থতকৈ মনোহাৰী হৈ উঠে তেতিয়া তাক বস্তুধ্বনি বোলে। যেনে-

‘চক্ৰবাক চক্ৰবাক বধু

শেষ কৰা সম্ভোগৰ মধু

লুকাল মিহিৰ,

নামি আহিল ৰজনীৰ তিমিৰ”(অভিজ্ঞান শকুন্তলা)

ইয়াত বাচ্য বস্তু ‘চক্ৰবাক বধু’আৰু ব্যংগ‍্যবস্তু দুষ‍্যক্ত- শকুন্তলা। বাচ্য বস্তুৰ দ্বাৰা ব্যংগ্যাবস্তু ধ্বনিত হৈছে। সূৰ্যৰ পোহৰ আঁতৰিল, সন্ধ‍্যাৰ আগমন হ’ল দুষ‍্যন্ত-শকুন্তলাৰ মধুমিলন পৰ্ব সামৰি পেলাবৰ হ’ল;এইটোৱেই ইয়াৰ বস্তুৰূপ ব্যঞ্জিত অৰ্থ। এইটোৱেই হৈছে বস্তুধ্বনি 

(খ) অলংকাৰ ধ্বনি : যেতিয়া বাট্যাৰ্থৰ পৰা কোনো অলংকাৰ ব্যঞ্জিত হয় আৰু সি বাচ্যাৰ্থতকৈ বোলে। অলংকাৰ ব্যঞ্জনাৰ প্ৰতীয়মান অৰ্থই অলংকাৰ ধ্বনিৰ লক্ষ্য। যেনে-

(ক) দশৰথ সাগৰ তৰঙ্গী নদী তই।

অল্পতে শুকাই যাইবি জানি লোহো মই।। 

প্ৰিয়া গঙ্গা কৌশল‍্যা গম্ভীৰ বেগে বহে।

ৰাম অভিষেকক বেকত কৰিবাহে।।”(অযোধ্যাকাণ্ড)

ইয়াত দশৰথক সাগৰ, কৈকেয়ীক তৰঙ্গী নদী, কৌশল‍্যাক গঙ্গাৰ লগত অভেদ কল্পনা কৰা হৈছে। কৈকেয়ী তৰাং অৰ্থাৎ অগভীৰ নদী অলপতে শুকাই যাব। আনহাতে কৌশল‍্যা, গভীৰ গঙ্গা নদী। দশৰথ  এই গভীৰ নদীত পৰিছে, গতিকে অলপতে শুকায় নাযায়-এই  কথাষাৰ তুলনাৰ যোগেদি ৰূপক অলংকাৰত ব্যঞ্জিত হৈ বাচ্যাৰ্থতকৈ অধিকতৰ ৰমনীয় হৈ উঠিছে।

(খ) পৰমাত্মা শুকে জীৱ নৃপত কহয়।

ভকতি বাবিষা খাতু ভৈলন্ত উদয়।”(দশম)

ইয়াত শুকক পৰমাত্মাৰ লগত, নৃপক জীৱৰ লগত আৰু বাৰিষাক ভকতিৰ  লগত তুলনা কৰা হৈছে। কিন্তু পৰমাত্মা আৰু শুক, জীৱ আৰু নৃপ, ভকতি আৰু বাৰিষা অভেদ আৰোপ কৰি ৰূপক অলংকাৰত ব্যঞ্জিত হৈছে আৰু বাচ্যাৰ্থতকৈ ব্যঞ্জিত অৰ্থ ৰমনীয় হৈ উঠিছে।

(গ) আধুনিক কবিতাবোৰতো অলংকাৰ ধ্বনি সুন্দৰ আৰু সাৰ্থক প্ৰকাশ ঘটা দেখা যায়। যেনে-

দেহৰ স্থলত এতিয়া মোৰ

লাগি আছে মাটিৰ কোলাহল।” ইত‍্যাদি-হীৰেন ভট্টাচাৰ্য।।

(গ) ৰসধ্বনি : কব্যৰ মাজেদি যেতিয়া নৱৰসৰ কোনো এটা বিশেষ ৰস অভিব্যঞ্জিত হয় তেতিয়া. সেই অভিব্যঞ্জনাক ৰসধ্বনি বুলি কোৱা হয়।

যেনে-

“ৰুক্মিণীক পাই       পাছে যদুৰায়

           এৰাইলা মদন পীড়া

বিচিত্ৰ মন্দিৰে।        সৰোবৰ তীৰে

            কৰিলা অনেক ক্ৰীড়া।।

নানা উপবনে।           বিবিধ উদ্যানে

            ক্ৰীড়িলা ৰুক্মিণী সঙ্গে।

যেন কৈলাসত           পাৰ্বতী সহিতে

            শঙ্গৰে ক্ৰীড়ন্ত ৰঙ্গে

কৃষ্ণম মনোৰথ।        পুৰিলা সমস্ত

            কৰিলা সুৰত ভোলে।।”

                                 -ৰুক্মিণী হৰণ কাব্য।

ইয়াত ৰুক্মিণী আলম্বন বিভাৱ, সৰোবৰ তীৰ, উপবন, উদ্যান আদি উদ্দীপন বিভাৱ, মদনপীড়া, ক্ৰীয়া অনুভৱ, ৰঙ্গে(হৰ্ষ)আদি সঞ্চাৰী আৰু ৰতি স্থায়ীভাৱ। এইবিলাকৰ দ্বাৰা “কৃষ্ণ মনোৰথ, পুৰিলা সমস্ত, ৰুক্মিণীক ধৰি বোলে।”-ইয়াত সম্ভোগ শৃংগাৰ ৰস ধ্বনি হৈছে। এয়ে ৰসধ্বনি।

(২৩) ৰসতত্বৰ প্ৰৱৰ্তক কোন? ৰসৰ সম্পৰ্কে এটি আলোচনা যুগুত কৰা?

উত্তৰঃ ৰসতত্বৰ প্ৰথম প্ৰৱৰ্তক হ’ল ভৰত। তেওঁ নাটকীয় কবিতাৰ মাজত ৰসৰ আদৰ্শ প্ৰয়োগ কৰি নাটকৰ ক্ষেত্ৰত ইয়াৰ আৱশ‍্যকতা বিৱৰি কয়। ভৰতৰ ৰসসূত্ৰ হ’ল-

“বিভাবানুভাবব্যভিচাৰিসংযোগাৎ ৰসনিষ্পত্তিঃ”।

ৰসতত্ত্বৰ আলোচনা প্ৰসংগত বিভাব, অনুভাব, ব্যভিচাৰীভাব আৰু সাত্ত্বিকভাব- এই পৰিভাষাকেইটাৰ অভিপ্ৰেত অৰ্থ বুজাৰ একান্ত আৱশ্যক। 

ভৰতে ভাবকেই ৰসৰ ভেটি বুলি গ্ৰহণ কৰিছে। আংগিক, বাচিক আৰু সাত্ত্বিক অভিনয়ৰ যোগেদি ভাবে কাব্যাৰ্থৰ বোধ জন্মায়। যেতিয়া বিভাব আৰু অনুভাবৰদ্বাৰা উপস্থাপিত অৰ্থ দৰ্শকৰ অন্তৰত বিস্তৃত হৈ পৰে তেতিয়া তাক ভাব বোলা হয়। ভৰতৰ মতে ভাব তিনি শ্ৰেণীৰ-স্থায়ীভাব, ব্যভিচাৰীভাব আৰু সাত্ত্বিকভাৱ। এই ভাববোৰৰ যোগেদি কাব্যাৰ্থৰ জ্ঞান লাভ হয়। তথাপি তেওঁ কব খোজে যে বিভাব, অনুভাব আৰু ব্যভিচাৰীভাবৰে সৈতে সংযুক্ত হৈ অকল স্থায়িভাবেই ৰসত্ব প্ৰাপ্ত হব পাৰে। ভৰতে ব্যভিচাৰী ভাবৰপৰা স্থায়ীভাবক স্পষ্টভাবে বেলেগকৈ দেখুওৱা নাই, কিন্তু পিছৰ আলংকাৰিকসকলে এই পাৰ্থক্য ভালকৈ প্ৰকাশ কৰিছে।

এই আলংকাৰিকসকলৰ মতে স্থায়ীভাৱ মনৰ মাজত সদায় স্থায়ীভাৱে থকা কিছুমান ভাব যিবোৰ লৌকিক বা আন কাৰণত উদ্বুদ্ধ হৈ উঠিব পাৰে। আনহাতে ব্যভিচাৰীভাববোৰ মন স্থায়ীভাৱে নাথাকে কিন্তু চঞ্চলভাৱে এইবোৰে মনৰ মাজত অহা-যোৱা কৰে। স্থায়ীভাবৰ অভিজ্ঞতা লাভ কৰাৰ সময়ত এইবাৰ বিজুলীৰ দৰে মনৰ মাজেদি অহা-যোৱা কৰি থাকে। স্থায়ীভাববোৰৰ প্ৰত‍্যেক মানুহৰ অন্তৰতে সদায় সষুপ্ত অৱস্থাত থাকে। এই ভাববোৰ  কিছুমান কাৰণৰদ্বাৰা উদ্বুদ্ধ হব পাৰে, কিন্তু এই কাৰণবোৰ নোহোৱা হ’লে ভাববোৰ পুনৰাই পূৰ্বৰ অৱস্থালৈ ঘূৰি যায়। যেতিয়ালৈকে উদ্বোধক কাৰণবোৰ থাকে তেতিয়ালৈকে মাথোন ব্যভিচাৰীভাববোৰৰ অৱস্থান অনুভূত হয়, কিন্তু কাৰণবোৰ আঁতৰি যোৱাৰ পিছত এনে ভাববোৰ মনৰ মাজত নাথাকে। স্থায়ীভাববোৰ জন্মৰ দিনতে লাভ কৰা চিৰস্থায়ী মানসিক অৱস্থা আৰু এনেবোৰ অৱস্থাৰ অৱস্থিতি জীৱনৰ শেষ বিন্দুলৈকে থাকে। এটা কেঁচুৱাক আমনি দিলেও কেঁচুৱাটোৱে খং প্ৰকাশ কৰে। এজন ডেকা ল’ৰাই স্বভাৱতে এজনী ছোৱালীক ভাল পায়। এইদৰে এটা ভয়ংকৰ দৃশ্য দেখা পালে সকলো মানুহেই আতংকিত হয় নাইবা বিস্ময়ৰ বস্তু দেখিলে বিস্মিত হয়। এই সকলোবোৰ কথাই নিশ্চিতভাৱে প্ৰমাণ কৰে যে মানৱ অন্তৰত ৰতি, হাস্য, শোক, ক্ৰোধ, উৎসাহ. ভয় জুগুসা আৰু বিস্ময় প্ৰভৃতি ভাববোৰ স্থায়ী থাকে। এই আঠোটাই হ’ল ভৰতে উল্লেখ কৰা স্থায়ীভাব। অভিনৱ গুপ্তই ভৰতৰ ভাব-সংখ্যাৰ লগত শম নামৰ স্থায়ীভাব সংযোগ কৰি এনে ভাবৰ সংখ্যা নটালৈ বঢ়াইছে।

ভৰতে আন এক শ্ৰেণী ভাবৰ উল্লেখ কৰিছে। এই শ্ৰেণীৰ ভাবৰ নাম সাত্ত্বিকভাব। সাত্ত্বিকভাব আঠোটা।এইকেইটা হ’লস্তম্ভ, স্বেদ,  ৰোমাঞ্চ, স্বৰভংগ, বেপুথু, বিবৰ্ণতা, অশ্ৰু আৰু প্ৰলয়। সাত্ত্বিকভাববোৰ বিশ্লেষণ কৰি চালে দেখা যায় যে এইবিলাক ভাবক সহজতে অনুভাবৰ অন্তৰ্গত কৰি লব পাৰি।মম্মটে এইবোৰ অনুভাবৰপৰা বেলেগ বুলি নকয় কিন্তু হেমচন্দ্ৰ আৰু বিশ্বনাথে এইবোৰ অনুভাবতকৈ বেলেগ বুলি কৈছে কাৰণ এই ভাববোৰৰ মাজত সত্ত্বৰ প্ৰাধান্য আছে কিন্তু অনুভাববোৰ মাজত থাকে কেৱল শাৰীৰিক বিকাৰ।

ভৰতৰ মতে আঠোটা স্থায়ীভাব, তেত্ৰশটা ব্যাভিচাৰীভাব আৰু আঠোটা সাত্ত্বিকভাবে ৰস-সৃষ্টি কৰে। বিভাব আৰু অনুভাববোৰ ভাবৰ অন্তৰ্গত নহয়।বিভাব আৰু অনুভাব হ’ল বাহ‍্যিক উপাদানস্বৰূপ। ইয়াৰ যোগেদি আংগিক, বাচিক আৰু সাত্ত্বিক অভিনয়ৰ সহায়ত স্থায়ী আৰু ব্যভিচাৰীভাববোৰ জ্ঞাত হয় সেই মাধ্যমটোৱেই হ’ল বিভাব। বিভাবে স্থায়ীভাবটো এনেভাবে উপস্থাপিত কৰে যে অৱশেষত ইয়াৰপৰা ৰসাস্বাদন সম্ভৱ হয়। স্থায়ীভাববোৰ নানা তৰহৰ লৌকিক কাৰণৰদ্বাৰা অভিব্যক্তি হব পাৰে কিন্তু কাব্য নাইবা নাট্যত এই ভাববোৰ অলৌকিক কাৰণৰদ্বাৰা উদ্বুদ্ধ হয় আৰু এইবাবে এনে কাৰণক বিভাব বোলা হয়। বিভাবৰ ভাগ দুটা-এটা আলম্বন বিভাব আৰু আনটো উদ্দীপন বিভাব। আলম্বন বিভাব হ’ল কোনো ব্যক্তি চৰিত্ৰ বা বস্তু যাক অবলম্বন কৰি এটা ভাবৰ অভিজ্ঞতা লাভ কৰা যায়। উদ্দীপন বিভাব হ’ল এনে এটা পৰিবেশ যি পৰিবেশ ৰত‍্যাদি ভাববোৰ প্ৰকাশিত কৰাৰ কাৰণে অনুকূল হয়।

ভৰতে তেওঁৰ নাট্যশাস্ত্ৰত আঠোটা ৰসৰ উল্লেখ কৰিছে- শৃংগাৰ,  বীৰ, অদ্ভূত, কৰুণ হাস্য, ভয়ানক, ৰৌদ্ৰ আৰু বীভৎস। এই আঠোটা ৰসৰ ভিতৰত তেওঁ চাৰিটা ৰসক মুখ্য স্থান দিছে। এইকেইটা হ’ল-শৃংগাৰ, ৰৌদ্ৰ, বীৰ আৰু বীভৎস।ভৰতৰ মতে হাস‍্যৰস শৃংগাৰৰসৰপৰা, কৰুণৰস ৰৌদ্ৰৰসৰপৰা, অদ্ভূতৰস বীৰৰসৰপৰা আৰু ভয়ানকৰস বীভৎসৰসৰপৰা উৎপন্ন হৈছে। অভিনৱ গুপ্ত শান্তৰস সংযোগ কৰি ৰসক নটা কৰি তুলিলে।

(২৪) ৰসতত্ত্বৰ উৎপত্তি সম্পৰ্ক দিশবোৰ আলোচনা কৰা?

উত্তৰঃঅতি প্ৰাচীন কালৰে পৰা অথবা আদিম অৱস্থাৰে পৰা ৰস নামৰ উৎসটো আছিল, কিন্তু আদিম অৱস্থাৰ সি ৰস নামেৰে-নামকৰণ হোৱা নাছিল। আদিম মানৱৰ মাজতো হাঁহি-ধেমালি, শোক, জয়-পৰাজয় আদি বিভিন্ন ভাৱে ক্ৰিয়া কৰিছিল। ইয়াৰ মাজতে বৰ্তমানৰ ৰস নামৰ বস্তুটো নিহিত আছিল। বৰ্তমান মানৱ সমাজৰ ভাষা সাহিত্য সংস্কৃতি এই সকলোবোৰ আদিম মানুহৰ বিৱৰ্তনৰ পথেদি আহি পূৰ্ণ বিকাশ ঘটিছে।অথবা বিৱৰ্তনৰ ফল বুলি ক’ব পাৰি। 

সি যি নহওক, কোনোবাই কিবা কথাত ৰং পাই বা আনন্দ পাই হাঁহিলে কোৱা হয় “সি বৰ ৰস পাইছে”অথবা কোৱা হয়  “ইমানকৈ হাঁহিছ যে, কি ৰস পালি?”ভকতীয়া কথাত কোৱা হয়  “বান্ধৈ, নামৰ ৰসত বলিয়া।” মাধৱদেৱৰ নামঘোষাত আছে “ৰহময়ী মাগোহো ভকতি”, “হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে” ইত্যাদি। ৰসৰ এই অৰ্থই জুলীয়া বস্তুক নুবুজায়, মনৰ এটি আনন্দদায়ক অৱস্থাকহে বুজায়।

লৌকিক অৰ্থত ৰস বুলিলে জিভাৰে আস্বাদিত মিঠা, টেঙা, তিতা, জ্বলা, লুণীয়া, কেঁহা আদি উপলব্ধিবোৰক বঙজায়। আকৌ যিকোনো বস্তুৰে জুলীয়া অংশক ৰস বুলি কোৱা হয়। এই ৰস শব্দৰ প্ৰথম উল্লেখ খগৱেদতে পোৱা যায়। ঋগবেদত ৰস মানে পানী বা জুলীয়া পদাৰ্থক বুজাইছিল আৰু তাৰ পাছত উপনিষদত ৰসৰ অৰ্থ হ’ল সাৰ পদাৰ্থ। বৃহদাৰণ্যক উপনিষদত আছে-“প্ৰাণো হিৱ অংগীনাং ৰসঃ।” স্বাদ অৰ্থতো ‘ৰস’ শব্দটো ব্যৱহাৰ হৈছিলঃ “জি হি ৰসান্ বিজানীতি। “তৈত্তিৰীয় উপনিষদৰ মতে ৰস হৈছেঃ “ৰসো ৱৈ সঃ ৰসঃ হোৱায়ং লব্ধ ভৱতি।” ৰস হৈছে ব্ৰহ্মানন্দৰ উপলব্ধি।

এই ব্ৰহ্মানন্দকে উপলব্ধি কৰিবলৈ উপনিষদ যুগৰ খষি মুনিসকলে কঠোৰ ব্ৰত তপস্যা কৰিছিল আৰু যেতিয়া এই মহাসত্বাক লাভ কৰিছিল তেতিয়া দুখ শোকৰ অতীত পূৰ্ণানন্দ অৱস্থা লাভ কৰিছিল। এই অৱস্থাতে ধবিসকলে গম্ভীৰ স্বৰেৰে ঘোষণা কৰিছিল-“আনন্দং ব্ৰহ্মোতি।” অৰ্থৰ ওপৰত ভেঁজা দি পৰৱতী আলংকাৰিক সকলে ৰস শব্দৰ অৰ্থ কৰিলে সৌন্দৰ্যবোধৰ পৰা ওপজা মনৰ এটি অতি জাগতিক আনন্দময় অৱস্থা। গতিকে কাব্যৰসৰ মূল শিপাডাল উপনিষদতে অংকুৰিত হৈছিল। কাব্য সাহিত্যৰ পৰা যি ৰস বোধ হয় সি মনৰ এক বিমলানন্দ অৱস্থা মাথোন।

আলংকাৰিক বিশ্বনাথ কবিৰাজে কাব্যৰ সংজ্ঞা দিবলৈ গৈ কৈছে- “ৱাক্যং ৰসাত্মকংকাব্যম্।” অৰ্থাৎ ৰসময় বাক্যই হৈছে কাব্য। কাব্যৰ প্ৰাণবস্তু হৈছে ৰস আৰু ‘এইৰস নহলে কাব্য নিৰ্জীৱ। ধ্বনিবাদৰ প্ৰৱৰ্তক-আনন্দবৰ্ধনৰ মতেও “কাব্যৰ আটাইতকৈ সাৰ বস্তুটো হ’ল ৰস।”

বিশ্ব প্ৰকৃতিৰ সীমাহীন সৌন্দৰ্যৰ মাজত কবিয়ে যি বিমল আনন্দৰ সন্ধান পায়, তাক তেওঁৰ কাব্যৰ মাধ্যমেদি পাঠককো তাৰ ভাগ দিয়ে।কবি হৃদয়ৰ এই আনন্দ -অনুভূতিয়েই পাঠকৰ হৃদয়তো দোলা দি যায় আৰু পাঠকেও কৰিব সমানে পৰমানন্দ লাভ কৰে। গতিকে কাব্য পাঠৰ পৰা পাঠকৰ হৃদয়ত যি অলৌকিক আনন্দ অনুভূতি জাগ্ৰত হয় তাৰ নামেই ৰস।

ৰসৰ সৃষ্টিকৰ্তা কবি, নাট্যকাৰ, চিত্ৰকৰ, গায়ক এইসকলৰ এই ৰস সৃষ্টিৰ আধাৰ হৈছে সহাদয় পাঠক, সামাজিক দৰ্শক আৰু শ্ৰেমতাৰ অন্তৰ। কাব্য, সঙ্গীত শুনোতা আৰু চিত্ৰ অভিনয় দেখোঁতাজনৰ হৃদয় যদি আদিত হয় সহানুভূতিপূৰ্ণ হয়, তেতিয়া বুজিব লাগিব তেওঁ ৰস আস্বাদন কৰিছে।

ৰস সম্বন্ধীয় এই তত্ত্ব প্ৰথম ভৰতৰ নাট‍্যশাস্ত্ৰত উল্লেখ পোৱা যায়।গতিকে, ভৰতৰ হাততেই প্ৰথম ৰসবাদৰ সূচনা হৈছিল বুলি ক’ব পাৰি। পাছলৈ ভৰতৰ এই ৰসতত্ত্বই ভাৰতৰ সাহিত্য, চিত্ৰকলা, সংগীত, স্থাপত‍্যবিদ‍্যা আদি সকলো সুকুমাৰ কলাৰে মূলনীতি হৈ পৰিল।

(২৫) ভাৱ বুলিলে কি বুজা? ভাৱ বিভিন্ন অৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা?

অথবা

স্থায়ী ভাৱ বিভাৱ, অনুভাৱ আৰু সঞ্চাৰীৰ ভাৱৰ এটি আলোচনা যুগুত কৰা?

উত্তৰঃ বস উপলব্ধিৰ মাধ্যম বা আধাৰ কি অথবা কিহৰ দ্বাৰা, আৰু কেনেকৈ ৰস উপলব্ধি কৰিব পাৰি।এই প্ৰশ্নৰ উত্তৰ হ’ব মানুহৰ অন্তৰত সুপ্তভাৱে থকা কিছুমান ভাৱ কাব্য নাটকৰ মাজেদি জাগ্ৰত হৈ ৰস হিচাপে আস্বাদিত হয়। ‘ভাব’ হৈছে ৰস আস্বাদন কৰিব পৰা মনৰ কিছুমান বিকাৰ বা অৱস্থা। এই ভাববিলাকক স্থায়ীভাব, বিভাব, অনুভাৱ, সঞ্চাৰীভাব আদি বিভিন্ন অৱস্থাত পোৱা যায়।

(ক) স্থায়ীভাৱ : সকলো মানুহৰ অন্তৰত সদায় কিছুমান সহজাত চিত্ৰবৃত্তি সুপ্তুভাৱে থাকে, বিশেষ বিশেষ অৱস্থাত খুন্দা খালে এইভাববোৰ সজাগ হৈ উঠে। এনে ভাৱকে স্থায়ীভাৱ বোলা হয়। ভৰতৰ নাট্যশাস্ত্ৰত আঠবিধ এনে স্থায়ী ভাৱৰ উল্লেখ পোৱা যায়। সেইকেইটা হৈছে ৰতি হাস, শোক, ক্ৰোধ, উৎসাহ, ভয়, ঘৃণা বা জুগুসা, আৰু বিস্ময়। ভৰতৰ এই আঠবিধ স্থায়ীভাবৰ লগতে আনন্দবৰ্ধন আৰু অভিনৱগুপ্তই ‘শ্ৰম’ বা নিৰ্বেদ’নামৰ আন এটা ভাব যোগ দি স্থায়ীভাবৰ সংখ্যা ন প্ৰকাৰ কৰে।

উল্লেখিত স্থায়ীভাৱৰ প্ৰকৃতি বা লক্ষণঃ

১। ৰতিভাব : প্ৰিয়জনৰ প্ৰতি থকা মানসিক তান বা অনুৰাগেই হৈছে ৰতিভাব।

২। হাস : বিকৃত বেশভূষা, বিকৃত আকাৰ, অসংলগ্ন কথা- বতৰা দেখি-শুনি মনত যি আদ জন্মে তাৰ নাম হাস।

৩। শোক : প্ৰিয় বা আত্মীয়জনৰ কিবা অনিষ্ট সাধন হোৱা দেখি যি মানসিক কষ্ট পোৱা যায়, তাৰ নাম শোক।

৪। ক্ৰোধ : নিজ স্বাৰ্থত বিঘিনি ঘটিলে বা অবাবতে আনে অপযশ দিলে অথবা অনিষ্ট সাধন কৰিব বিচাৰিলে মনত উৎপত্তি হোৱা মানসিক দ্বন্বৰ চিত্তবৃত্তিটোক ক্ৰোধ বোলে।

৫। উৎসাহ : কোনো কাৰ্য কৰিবলৈ কাৰণে মনত যি হেপাহ বা মানসিক প্ৰস্তুতি অথবা তৎপৰতা, তাকে উৎসাহ বোলে।

৬। ভয় : সম্ভৱ্য বিপদৰ প্ৰতি উদয় হোৱা মানসিক কাতৰজনিত চিত্তবৃত্তিটোকে ভয় বোলে।

৭। ঘৃণা বা জুগুসা : দোষ দৰ্শনৰ দ্বাৰা চিত্তৰ সংকোচজনক অৱস্থাটোকে ঘৃণা বা জুগুসা বোলে।

৮। বিস্ময় : কোনো নভবা নিচিন্তা ঘটনা দেখি বা শুনি হোৱা চিত্তৰ বিস্তাৰজনক বৃত্তিটোৱেই হ’ল বিস্ময়।

৯। শম বা নিৰ্বেদ : কোনো বস্তুৰ প্ৰতি থকা মানসিক উদাসীনতাকে শম বা নিৰ্বেদ অথবা বৈৰাগ্য বোলে।

এই স্থায়ীভাৱ বিলাক অৱলম্বন আৰু উদ্দীপন বস্তুৰ সান্নিধ্যত জাগি উঠে আৰু কাব্য নাটকাদিত ৰসৰূপে আস্বাদিত হয়। উল্লিখিত ন-বিধ স্থায়ীভাৱৰ পৰা ন বিধৰ ৰসৰ উৎপত্তি হৈছে। যেনে-

স্থায়ীভাৱৰস
ৰতিশৃঙ্গাৰ
হাসহাস্য
শোককৰুণ
ক্ৰোধৰৌদ্ৰ
উৎসাহবীৰ
ভয়ভয়ানক
ঘৃণাবীভৎস
শমশান্ত

(খ) বিভাৱঃ স্থায়ীভাৱবিলাক অন্তৰতে সদায় অৱচেতনভাৱে থাকে। বিশেষ বিশেষ ঘটনা বা পৰিস্থিতিৰ এই স্থায়ীভাৱ বোৰ মূৰ দাঙি উঠে। সকলো সময়তে এই ভাৱবোৰ জাগ্ৰত হৈ নাথাকে। উদাহৰণ স্বৰূপে-পথৰ দাঁতিয়েদি যোৱা পথচাৰীজনক পিছফালৰ পৰা গাড়ীয়ে খুন্দিয়ালে, পথচাৰীজনৰ সংকটজনক অৱস্থা দেখিলে আমাৰ মনত সঙপ্ত হৈ থকা শোক নামৰ ভাবটো উঠলি উঠিল। আমাৰ দুখ লাগিল। আকৌ গাড়ীখনৰ চালকৰ প্ৰতি ক্ৰোধ ভাবটো জাগি উঠিল। আমাৰ খং উঠিল। চালকক খেদি গৈ লপা -পথা দি বীৰত্ব প্ৰদৰ্শন কৰিলো।

এইদৰে বাস্তৱ জগতত নানান কাৰণত আমাৰ মনত সুপ্ত অৱস্থাত থাকা ভাৱবিলাক জাগি উঠে তাৰে কোনোবাটো হৰ্ষদায়ক আৰু কোনোবাটো বেনাদায়ক, কিন্তু কাৰণসমূহে ৰস জন্মাব নোৱাৰে। বাস্তৱজগতৰ উকা ঘটনাবিলাকৰ ৰস জন্মাব পৰা ক্ষমতা নাই। বাস্তৱজগতৰ এনেবোৰ ঘটনা পৰিঘটনাক লৈ কলাসন্মতভাৱে কাব্য-নাটকাদি ৰচনা কৰা হয়। আমি বাস্তৱত বহুত প্ৰেমিক-প্ৰেমিকাৰ মিলন-বিৰ, দেখা পাইছো। ৰঙ্গমঞ্চত দষ‍্যন্ত-শকুন্তলাৰ মিলন বিৰহ দেখি শোকত যিদৰে আমাৰ হৃদয় ভাগি পৰে, সেইদৰে বাস্তৱৰ প্ৰেমিক- প্ৰেমিকাৰ মিলন: বিৰহত আমাৰ হৃদয় ভাগি নাযায়। কোনো জনসমাগত অথবা ৰাজহুৱা উদ্যানত সকলো মানুহৰ আগতে প্ৰেমিক-প্ৰেমিকাই দুষ্যন্ত শকুন্তলাৰ দৰে আচৰণ কৰিবলৈ আমাৰ খং বা ঘৃণাহে জন্মে। ইয়াৰ পৰা বুজা যায় যে, বাস্তৱজগতৰ অৰমণীয় শোক, ভয়, ঘৃণা আদি ভাৱবিলাক আৰু তাৰ কাৰণবিলাকে তেতিয়াও আনন্দ দিব নোৱাৰে; কিন্তু সেই একে কথাকে কাব্যত বৰ্ণিত হ’লে অনিৰ্ৰচনীয় আনন্দ দান কৰে অৰ্থাৎ ৰস সৃষ্টি কৰিব পাৰে। ভাবৰ উদ্ধোধক  এই কাৰণ বিলাকক কবি, নাট্যকাব ব। চিত্ৰকৰে যেতিয়া কলাসন্মত ভাৱে উপস্থাপন কৰে, তেতিয়া এইবিলাকৰ ৰস সৃষ্টি ক্ষমতা বাঢ়ে। গতিকে বাস্তৱজগতৰ ৰতি আদিৰ ঊদ্বোধক এই কাৰণসমূহ কাব্যত বৰ্ণিত বা ৰঙ্গমঞ্চত অভিনীত অথবা চিত্ৰত অঙ্কিত হ’লেই তাক বিভাব  বোলা হয়। 

বিভাব দুবিধ- 

(ক) আলম্বন। আৰু

(খ) উদ্দীপন।

(১) আলম্বন বিভাব : যাক বা যি বস্তুক আশ্ৰয় কৰি বতি প্ৰভৃতি স্থায়ীভাৱৰ উদয় হয় তাকে আলম্বন বিভাব বোলে। কন্বমুনিৰ আশ্ৰমত ৰূপহী শকুন্তলাক দেখি ৰজা দুষ্যন্তৰ অন্তৰত ৰতিভাবৰ উদয় হ’ল। ৰজাৰ অন্তৰত শুই থকা ৰতিভাব জাগ্ৰত হোৱাৰ কাৰণ হ’ল শকুন্তলা আৰু এই শকুন্তলা হ’ল আলম্বন বিভাব।

(২) উদ্দীপন বিভাব : স্থায়ীভাব এটাক যিবোৰ বস্তুৱে উদ্দীপিত কৰে তাকে উদ্দীপন যিভাব বোলে। উদাহৰণ স্বৰূপে ঋষি কন‍্যা ৰূপহী শকুন্তলাক দেখি ৰজা দুষ‍্যন্তৰ অন্তৰত ৰতিভাবৰ উদয় হ’ল। সেই ৰতি স্থায়ীভাবক তপোবনৰ প্ৰাকৃতিক সৌন্দৰ্য, মালিনী নদী, নৱ-বসন্তৰ পৰশত জাতিষ্কাৰ হৈ উঠা বিবিধ ফুল, লতা, কুলি-কেতেকীৰ সুমধুৰ মাতে আৰু বেছি উতলা বা উদ্দীপ্ত কৰি তুলিলে। ইয়াৰ ফলত প্ৰণয়ীযুগলৰ মিলন ঘটিল। এয়ে হ’ল উদ্দীপন বিভাব।

(গ) অনুভাব : লৌকিক জগতৰ ঘটনাত যেতিয়া স্থায়ীভাবৰ উদয় হয়, তেতিয়া শৰীৰত, চকু-মুখত সেই বিকাৰৰ চিন বা কাৰ্য ফুটি উঠে।যেনে-ক্ৰোধৰ উদয় হ’লে চকু ৰঙা পৰে ভ্ৰূ কোঁচ খাই, হাত মুষ্টিবদ্ধ হয়। আকৌ শোকৰ উদয় হ’লে চকু চলচলীয়া হয় মাত থোকাথুকি হয়, হাত ভৰি জঠৰ হয় । এই বিলাককে যেতিয়া কাব্যত বৰ্ণোৱা হয় বা ৰঙ্গমঞ্চত পাকৈত অভিনেতা, অভিনেত্ৰীয়ে ভাও দি অভিনয় কৰি দেখুৱাই, তেতিয়া তাক অনুভাব বুলি কোৱা হয়।

অনুভৱ দুই প্ৰকাৰ –

(১) কৃত্ৰিম বা প্ৰযত্ন সাধ্য। আৰু

(২) স্বাভাৱিক বা সাত্বিক অনুভাব।

১। কৃত্ৰিম অনুভাৱ : নাটকত যদি কোনো কথাত নায়কৰ অন্তৰত প্ৰতিনায়কৰ প্ৰতি ক্ৰোধভাৱ জাগ্ৰত হয়, তেতিয়া নায়কে আত্তিন কোঁচাই হাত দাঙি খেদি যাব, দাঁত কৰচিব, তলৰ ওঁঠ কামুৰি ধৰিব। এনে ধৰণৰ ভাৱব্যঞ্জক ইচ্ছাবৃত দেহিক চেষ্টা বা প্ৰযত্নবোৰক কৃত্ৰিম অনুভাব বোলে।

২। সাত্ত্বিক অনভাৱ : স্থায়ীভাৱ উদয় হ’লে শাৰীৰিক চেষ্টাৰ বাহিৰেও আন কিছুমান অনুভাৱ আপোনা -আপুনি প্ৰকাশ পায়। প্ৰিয়জনৰ বা আত্মীয়-স্বজনৰ আকস্মিক বিয়োগত হৃদয় যেতিয়া উদ্বেলিত হৈ উঠে, তেতিয়া অজ্ঞাতসাৰে আপোনা- আপুনি চকুৰ পৰা অশ্ৰুবন‍্যা বাগৰি আহে। কণ্ঠ ৰূদ্ধ হৈ যায়, গাৰ নোম শিয়ৰি উঠে, মুখ বিৱৰ্ণ হৈ পৰে আৰু সমগ্ৰ শৰীৰ অৱশ-হৈ পৰৈ। এইবিলাক চেষ্টা ইচ্ছাকৃত বা যত্নৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়। এইবিলাক ভাব উদ্ৰেগ স্বাভাৱিক ভাৱেই হয়। এইবিলাককেই সাত্বিক বা স্বাভাৱিক অনুভাৱ বোলে।ইয়াক সাত্বিক এই কাৰণেই কোৱা হয় যে এনে অনুভাৱৰ ইচ্ছাশক্তি অৰ্থাৎ তমোভাৱ সংকুচিত হৈ স্বাভাৱিক গুণ অৰ্থাৎ সত্বগুণ বিৰাজ কৰে।

সাত্বিক অনুভাৱ আকৌ আঠ প্ৰকাৰৰ, যথা স্তম্ভ (থতমত খোৱা বা থৰ লাগি ৰৈ যোৱা) স্বেদ (ঘামি যোৱা), ৰোমাঞ্চ (শিয়ৰি উঠা), স্বৰভঙ্গ(মাত ভাগি যোৱা, কঁপি উঠা, মাত থোকাথুকি হোৱা)বেপথু (সৰ্ব শৰীৰ কঁপি উঠা),বৈৱৰ্ণ(শেঁতা পৰি যোৱা),অশ্ৰু চকুৰ পানী ওলোৱা বা চকু চলচলীয়া হোৱা),প্ৰলয় (অচেতন হোৱা, মূৰ্চা যোৱা)ইত্যাদি।

(ঘ) সঞ্চাৰী ভাৱ বা ব্যভিচাৰীভাৱঃ মনত স্থায়ীভাৱৰ উদয় হ’লে তাৰ লগে লগে আন কিছুমান ভাৱে অন্তৰত উদুলি-মুদুলি লগাই থাকে আৰু তাৰ অভিব্যক্তি শৰীৰত ফুটি ওলায়। এনে ভাৱবিলাক, যেনে-লজ্জা, উৎকণ্ঠা, আশংকা, আবেগ, আবাস, চিন্তা ইত্যাদি বিভিন্নধৰণৰ হ’ব পাৰে। যিহেতু এই ভাৱ বিলাক স্থায়ী নহয়, খন্তেকৰ কাৰণে অন্তৰত উদয় হৈ খন্তেকতে নাইকিয়া হয়।আন কথাত সঞ্চালিত হৈ থাকে। স্থায়ীভাৱৰ লগত ছীৰ দৰে অহা-যোৱা কৰা এই ভাৱবোৰক সেয়ে সঞ্চাৰী বা ব্যভিচাৰী ভাৱ বোলা হয়।

এই ভাৱবোৰ অস্থায়ী। ইহঁত স্থায়ীভাৱৰ অধীন। ইহঁত আনবোৰ ভাৱৰ দৰে ধাৰাবাহিকভাৱে অভিব্যক্ত নহয়। সাময়িকভাৱে অনুকূল হৈ মুহূৰ্ততে নাইকিয়া হয়।ইহঁতে স্থায়ীভাৱক উপজীব্য বা মুখ্য কৰি নিজৰ ধৰ্মটো যোগ দি অহা-যোৱা কৰাৰ কাৰণে ইহঁতক ব্যভিচাৰীভাৱ বুলি কোৱা হয়।

সঞ্চাৰীভাৱ মুঠতে তেত্ৰিশবিধ। যেনে-

নিৰ্বেদ (বৈৰাগ্য বা নৈৰাশ‍্য),গ্লানি (অৱসাদ),শঙ্কা ভৈয় বাসংশয়),অসুয়া(ষৰ্যা),মদ গেৰ্ব),শ্ৰম(পৰিশ্ৰম), আলস্য (এলাহ), দৈন‍্য(দিনত),চিন্তা (ভাৱনা, ধ্যান),মোহ (ভ্ৰম, স্নেহ), স্মৃতি (সৌৱৰণ),ধৃতি(ধৈৰ্য্য),ব্ৰীড়া (লাজ); চপলতা চ (চঞ্চলতা), হৰ্বয(আনন্দ), আবেগ ভেৎকণ্ঠা),জড়তা(অৱশতা),গৰ্ব (অহঙ্কাৰ),বিষাদ (বিষগ্নতা), গওৎসুক্য (উৎসাহ), নিদ্ৰা (টোপনি),স্বপ্ন সপোন দেখা),অপস্মাৰ(মূৰ্চ্ছা ৰোগ), প্ৰবোধ (সাত্নন।), অমৰ্ষ (অসহন),অৱহিখ (মনোভাব গোপন কৰা),উগ্ৰতা (তীক্ষ্ণভাৱ,খঙাল)মতি (মন, বুদ্ধি), ব্যাধি (ৰোগ), উন্মাদ (বাতুলতা),মৰণ (মৃত্যু),ত্ৰাস (অনিষ্টৰ আশংকা)আৰু বিযৰ্ক (বাদানুবাদ)।

উল্লিখিত সঞ্চাৰী ভাৱবোৰৰ ভিতৰত নিদ্ৰা আৰু মৰণ এই দুটাক আলংকাৰিক সকলে অন্তৰ্ভুক্ত কৰিছে। কিন্তু প্ৰকৃততে নিদ্ৰা আৰু মৰণ চিত্তবৃত্তিৰ ভিতৰত অৰ্থাৎ ভাৱত নপৰে। নিদ্ৰামানে টোপনি, গতিকে ই ভাৱ নহয়। সেইদৰে মৰণ মানে স্থুলদেহৰ পৰা আত্মাৰ বিচ্ছেদ বা মৃত্যু। ইয়াকো ব্যাভিচাৰী ভাৱত ধৰিব নোৱাৰি। ভাৰতীয় দাৰ্শানিক সকলৰ ভিতৰত ক

একমাত্ৰ পতঞ্জলিয়ে নিদ্ৰাক এটা চিত্তবৃত্তি বুলি উল্লেখ কৰিছে। অৱশ্যে, তেওঁ নিদ্ৰাক উদ্ৰিক্ত তমোগুণ অৰ্থতহে ব‍্যৱহাৰ কৰিছে। সেইদৰে মৰণকো আলংকাৰিকসকলে একেবাৰে মৃত্যুক বুজোৱা নাই। তেওঁলোকে মৃত্যু সম মুমূৰ্য অৱস্থা এটাকহে বুজাব বিচাৰিছে আৰু সেয়ে নিদ্ৰা, মৰণকো সঞ্চাৰী বা ব্যভিচাৰী ভাৱৰ অন্তৰ্ভুক্ত কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top