Sahitya Tatya Unit 4 ছন্দৰ উপদানঃ পৰ্ব,চৰণ, স্তৱক, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sahitya Tatya Unit 4 ছন্দৰ উপদানঃ পৰ্ব,চৰণ, স্তৱক Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sahitya Tatya Unit 4 ছন্দৰ উপদানঃ পৰ্ব,চৰণ, স্তৱক Question Answer can be of great value to excel in the examination.
Sahitya Tatya Unit 4 ছন্দৰ উপদানঃ পৰ্ব,চৰণ, স্তৱক
Sahitya Tatya Unit 4 ছন্দৰ উপদানঃ পৰ্ব,চৰণ, স্তৱক Notes cover all the exercise questions in UGC Syllabus. The Sahitya Tatya Unit 4 ছন্দৰ উপদানঃ পৰ্ব,চৰণ, স্তৱক in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
ছন্দৰ উপদানঃ পৰ্ব,চৰণ, স্তৱক
ASSAMESE
সাহিত্যতত্ত্ব
(১) ছন্দৰ প্ৰকৃতি সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা?
উত্তৰঃ ছন্দকো এক প্ৰকাৰ কাব্যৰ শব্দাৰ্থ শৰীৰৰ অলংকাৰ বুলি ক’ব পাৰি। শব্দা লংকাৰ আৰু অৰ্থালংকাৰে কাব্যৰ শব্দাৰ্থবোধ সৌন্দৰ্য সৃষ্টি কৰায় আৰু ছন্দই কাব্যৰ শব্দবিন্যাস প্ৰকাৰৰ ফলত ওপজা লয়ভিত্তিক সৌন্দৰ্যৰ বোধ কৰায়। ছন্দ শব্দৰ সাধাৰণ অৰ্থ ধ্বনিৰ সূষমা, এক স্পন্দনভিত্তিক লয়। গতি আৰু বিৰতিয়ে সৃষ্টি কৰে সৌন্দৰ্যৰ আৰু এই সৌন্দৰ্যই হৈছে ছন্দ।
ছন্দ সৃষ্টিত গতি আৰু বিৰতিয়ে মুখ্য ভূমিকা গ্ৰহণ কৰে। গতি আৰু বিৰতি ভাই-ককাই সদৃশ। এটাই আনটোক এৰি থাকিব নোৱাৰে। বিৰতিয়েহে গতিক শক্তি দিছে।ই জগতৰ ৰীতি। বিশ্ব ব্ৰহ্মাণ্ডৰ গ্ৰহ-নক্ষত্ৰ, নদ-নদী, জান-জুৰি নিজৰা, প্ৰাণী এই সকলোৰে চাল-চলন-এক নিৰ্দ্ধাৰিত ৰীতিৰ মাজেদি চলে। আৰু এই ৰীতিটোত আছে এক সুনিয়ন্ত্ৰিত গতি আৰু বিৰতি।
এই ছন্দ বা সৌন্দৰ্য নাই ক’ত? বিশ্ব-প্ৰকৃতিৰ চন্দ্ৰ-সূৰ্য্যৰ উদয় অস্ত, জান-জুৰি, নদ-নদীৰ চঞ্চল গতিশীলতা, পদুম পুখুৰীৰ প্ৰতিপাহ পদুমৰ পাপৰিয়ে পাপৰিয়ে এক অপূৰ্ব সৌন্দৰ্য প্ৰতিভাত হয়। আঘোনৰ পথাৰত হালি জালি থকা সোণোৱালী সোণ গুটিবোৰৰ মাজতো এক অনন্য সৌন্দৰ্য বা ছন্দ আছে।শীতে লঠঙা কৰা বসন্তৰ পৰশত প্ৰাণ পাই জীপাল হৈ উঠা ন-কুঁহিপাতৰ মাজতো আছে।অনাবিল সৌন্দৰ্য বা ছন্দ।
প্ৰকৃতিৰ বুকুত সৌন্দৰ্য থকাৰ দৰে মানৱ জীৱনতো সৌন্দৰ্য বা ছন্দ আছে। জীৱনৰ হাঁহি-কান্দোন, সুখ-দুখ, হৰ্য-বিষাদ, উখান-পতন- এইবোৰে জীৱনক মাধুৰ্য দান কৰে। এইবোৰ হৈছে-জীৱনৰ ছন্দ বা সৌন্দৰ্য। এক সুনিয়ন্ত্ৰিত গতি আৰু বিৰতি ফলত এক প্ৰকাৰ তাল-লয় বা তৰংগৰ সৃষ্টি হয় আৰু তৰঙ্গই সৃষ্টি কৰে সৌন্দৰ্য বা ছন্দৰ।
ঠিক একেদৰে কবিতাৰ বা কাব্যৰ ছন্দ বুলি ক’লে-ধ্বনি বিলাকৰ সুনিয়ন্ত্ৰিত ধ্বনি বিন্যাসৰ ফলত এক স্পন্দন জাগ্ৰত হয় আৰু এই স্পন্দনে এক তাল-লয়ৰ সৃষ্টি কৰি ভাৱ আৰু ভাষাক শ্ৰুতিমধুৰ কৰি তোলে সেয়ে তাৰ সৌন্দৰ্য বা ছন্দ।
ছন্দ, কাব্যৰ এক লয়ভিত্তিকৰূপ। সুসংহত আৰু বৈচিত্ৰ্যপূৰ্ণ ধ্বনি বিন্যাসে লয়ৰ সৃষ্টি কৰে। এই লয়েই হৈছে ছন্দৰ প্ৰাণ। কবিতাৰ ধ্বনি সমূহ বাগিন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰণ হওতে এক স্পন্দন বা কঁপনিৰ সৃষ্টি হয়। এই স্পন্দনে বা কঁপনিয়ে মানুহৰ হৃদয়ত এক অনিৰ্বচনীয় আৱেগ-অনুভূতি জগাই তুলি হৃদয়ক আন্দোলিত কৰে।
এটা সহজ উদাহৰণেৰে কথাটো বুজাব পাৰি-“পানীৰে উপচি থকা পুখুৰীটোৰ সৌমাজলৈ শিলগুটি এটা দলিয়াই দিলে সি এক টোৰ সৃষ্টি কৰিব। সেই ঢৌ ক্ৰমান্বয়ে আহি আহি পুখুৰীৰ পাবত ঠেকা খাবহি, সেয়ে হৈছে তাৰ স্পন্দন বা কঁপনি। এই স্পন্দন বা কঁপনিয়ে এক সৌন্দৰ্ববোধ কৰায় আৰু তাকে ছন্দ বুলি কোৱা হয়।
এটা উদাহৰণৰ দ্বাৰা কথাটো পৰিষ্কাৰ হ’ব-
সাগৰ দেখিছা? দেখা নাই কেতিয়াওঁ?ময়ো দেখা নাই শুনিছোঁ তথাপি; নীলিম সলিল ৰাশি, বাধাহীন উম্মিমালা, আছে দূৰ দিগন্ত বিয়াপি।”
-দেৱকান্ত বৰুৱা
উদ্ধৃত কবিতা ফাঁকিত ধ্বনি প্ৰবাহ সু-সংহত আৰু বৈচিত্যপূৰ্ণ।এই ধ্বনি প্ৰবাহ কুলুকুলু সুৰেৰে কঠিন শিলাখণ্ডক ভেদি অবাৰিত ভাৱে অহা পাহাৰীয়া জুৰিটিৰ দৰেই। প্ৰতিটো ধ্বনিৰ বুকুত স্পন্দিত হৈছে এক অনন্য লয়ৰ মাধূৰ্য। যি লয়ে মানুহৰ হৃদয়ত এক অন্তহীন আৱেগ-অনুভূতিৰ সৃষ্টি কৰি হৃদয়ক দোলা দি যায়, অৰ্থাৎ হৃদয়ক আন্দোলিত কৰিব পাৰে, সেই শ্ৰুতিমধুৰ আৰু মাধূৰ্যপূৰ্ণ উচ্ছল ভাৱ তৰঙ্গকে থন্দ বুলি কোৱা।
ইয়াৰ পৰা আমি ছন্দৰ সংজ্ঞা এনেদৰে দিব পাৰো।
“মানুহৰ হৃদয়ত অনিৰ্বচনীয় আবেগ, অনুভূতি জগাই তুলি, আলোড়ন সৃষ্টি কৰিব পৰা সুসংহত,, সুনিয়ন্ত্ৰিত মাধুৰ্যপূৰ্ণ, স্পন্দময় ধ্বনি প্ৰবাহৰ বৈচিত্ৰ্যপূৰ্ণ বিন্যাসকে ছন্দ বোলে।
ওপৰৰ সংজ্ঞাটোৰ পৰা বুজা যায় যে, ছনগ হ’বলৈ হ’লে ধ্বনিসমূহ প্ৰণালীবদ্ধভাৱে থাকিব লাগিব অৰ্থাৎ সু-সংহত হ’ব লাগিব।স্পন্দনে হৃদয়ত আৱেগ-অনুভূতি জাগ্ৰত কৰিব পাৰিব লাগিব আৰু হৃদয়ত আনন্দ জগাই তুলিব পাৰিব লাগিব।
এনে কথাৰ ওপৰত নিৰ্ভৰ কৰিয়েই প্ৰাচীন ভাৰতীয় বৈয়াকৰণিক পাণিনিয়ে ছন্দৰ সংজ্ঞা এনেদৰে দিছে-“ছন্দয়তি হলাদয়তি ইতি ছন্দঃ”-“অৰ্থাৎ হৃদয়ত আনন্দ জগাই তুলিব পৰা শক্তিকে ছন্দ বোলে।গতিকে ছন্দৰ প্ৰধান লক্ষ্য হ’ল পাঠকক আনন্দ দান কৰা।সাহিত্যত দৰাচলতে উচ্চাৰিত ধ্বনি বিন্যাসৰ স্পন্দনৰ পৰা সৃষ্টি হোৱা সৌন্দৰ্য। বাক্য যিদৰে অৰ্থৰ দিশৰপৰা বিন্যাস শব্দৰ সমষ্টি, সেইদৰে ছন্দ হ’ল কণ্ঠধ্বনি ফালৰ পৰা বিন্যাস কৰা বাক্য বিন্যাস।এনে এটি দিশতে ছান্দসিক এন্ফাৰক্ৰম্ফিয়ে ছন্দৰ সংজ্ঞা দিছে এনেদৰে-“সুষমামণ্ডিত ৰূপকল্পৰ স্পন্দনময় পুনৰাবৃত্তি”- অৰ্থাৎ কবিতাৰ উচ্চাৰণত গতি দিয়া শিল্পসন্মত বিৰতিয়েই জন্ম দিয়ে হুন্দৰ।যেনে-
দিনতে আজি। আহিব খুজি। নাহিলা কিয়। নেপালো বুজি।। খবৰ দিলা। সন্ধ্যা বেলা। তোমাৰ অহা। বন্ধ বুলি।।”
ওপৰৰ উদাহৰণত গতিকে সাময়িক বিৰতি মাজে মাজে দিয়াতহে কবিতা আবৃত্তিত স্পন্দন জাগি উঠিছে। গতিক সাময়িক বিৰতি দিয়াৰ বাবে পৰ্বস্পন্দৰ সৃষ্টি হৈছে আৰু পৰ্বস্পন্দবোৰ সংযুজিতহৈ এক নিটোল উৰ্মিলহৰ জাগি উঠিছে। এই স্পন্দনজাত সৌন্দৰ্যই কাব্যৰ ছন্দ।
(২) কবিতাত ছন্দৰ প্ৰয়োজনীয়তা সম্পৰ্কে তোমাৰ ধাৰণা প্ৰকাশ কৰা?
উত্তৰঃ কবিতাত ছন্দৰ প্ৰয়োজন কি?বা প্ৰয়োজন আছেনে নাই, ইয়াৰ উত্তৰ দিয়াতো বৰ সহজ নহয়।কিন্তু লয়যুক্ত বাক্য বিন্যাসেযে কবিতাত সৌন্দৰ্য বৃদ্ধি কৰে, তাত কাৰো দ্বিমত নাই।লয়ৰ প্ৰতি মানুহৰ স্বাভাৱিক আকৰ্ষণ এটা আদিম কালৰে পৰাই আছে। অন্যান্য জীৱ-জন্তুৰ ক্ষেত্ৰতো এই বৈশিষ্ট্য লক্ষ্য কৰা যায়। প্ৰতীকবাদী ন্যায়ৰ প্ৰমাণমতে উচ্চ জাতৰ বান্দৰৰ গতি বিধিতো এই বৈশিষ্ট্যতো লক্ষ্য কৰা যায়।এটা খুঁটিৰ চাৰিওফালে বান্দৰ কেইটামান ঘূৰি থাকিবলৈ দিলে, কিছুসময়ৰ পিছত সিহঁতো এটা ছেও ধৰি ঘূৰিবলৈ লয় অৰ্থাৎ সিহঁতৰ ছন্দোময় গতিটো স্বাভাৱিক প্ৰকৃতিৰ পৰাই জন্ম। কবিতাৰ ক্ষেত্ৰতো ছন্দৰ প্ৰয়োজনীয়তা অথবা ইয়াৰ জন্ম প্ৰাণৰ প্ৰয়োজনতেই হয়।লয়ে যে মানুহক আকৰ্ষণ কৰে অৰ্থাৎ লয় যে মানুহৰ আদিম প্ৰবৃত্তি তাক এটা সহজ উদাহৰণৰ দ্বাৰা বুজাব পাৰি আমাৰ সমাজত বহুতো অনাক্ষৰি লোক আছে। কিন্তু তেওঁলোকৰ শ্ৰৱণ শক্তি আৰু ৰস গ্ৰহণ শক্তি বৰ প্ৰখথৰ।
ভকতসকলে যেতিয়া লয়ত গীত-পদ, ঘোষা পাঠ কৰে তেতিয়া অনাক্ষৰিজনে কৱল শ্ৰৱণৰ যোগেদি সেই গীত-পদবোৰ ফৰফৰাই আবৃত্তি কৰিব পাৰে; ইয়াৰ কাৰণ হ’ল লয়। লয়যুক্ত পদ-ছবি, দুলড়ী আদিয়ে শ্ৰোতাৰ বৰকৈ আকৰ্ষণ কৰে, আৰু এই লয়ে কথাবোৰ মনত ৰখোৱাত সহায় কৰে। সেয়ে বিশ্বৰ সকলো ভাষাৰ কাব্য-সাহিত্যলৈ মন কৰিলে দেখা যায় যে, লয়যুক্ত গীত-পদ-কবিতা আদিৰহে প্ৰথম ৰচিত হৈছিল। তাৰ বহু পিছতহে গদ্যৰ জন্ম হয়।
এইফালৰ পৰা চাবলৈ গ’লে কবিতাত যে ছন্দৰ প্ৰয়োজন অপৰিহাৰ্য তাক একে আষাৰতেই ক’ব পাৰি। গতিকে প্ৰাচীন কবিসকলৰ পৰা আধুনিক কবিসকলে কবিতা ৰচনা কৰোঁতে ছন্দৰ আশ্ৰয় লয়।
আনহাতে আধুনিক ছন্দৰ আলোচনাৰ প্ৰসংগত বহুতে কবিতাত ছন্দক অপ্ৰয়োজন বুলি ভাৱে। ফিলিপ চিভনীয়ে কৈছিল- “ছন্দ কবিতাৰ আভৰণ মাথোন, কবিতাৰ লগত তাৰ অবিচ্ছেদ্য সম্পৰ্ক নাই।”-এই শ্ৰেণী আলোচকৰ কথা হ’ল, নিয়মিত লয় যুক্তকথা দৰাচলতে কৃত্ৰিম। মুক্তসঞ্চৰশীল ভাৱ তাত ব্যৱহৃত হয়। কথা ছন্দই স্বাভাৱিক ছন্দ।
কবিতাৰ ছন্দৰ সাৰ্থকতাআৰু শ্ৰোতাৰ মনত ভাৱ-প্ৰতিক্ৰিয়াৰ বিষয়ে দুটা ধাৰণা পোৱা যায়।ইয়াৰ প্ৰথমটোহ’ল”কবিতাৰ ছন্দৰ নিয়মিত লয়ে কাণৰ মাজেদি গৈ শ্ৰোতাৰ মনটো অভিভূত কৰি এক ঊচ্চস্তৰলৈ লৈ যায়। সেই উচ্চ স্তৰতে কবি আৰু পাঠকৰ মনৰ সংযোগ নিবিড় হৈ পৰে।দ্বিতীয় ধাৰণাটো-“শিল্পকৰ্মৰ ৰসানুভূতিৰ লগত সম্পৰ্কিত। আৰ্টৰ বা কলাৰ জগতখন ভাৱ- কল্পনাৰ ৰাজ্য। তাৰ জন্ম হয় কবিৰ হৃদয় সত্বাতহে। কবিতাৰ ছন্দই তেনে এখন আৰ্টৰ জগত পাঠকৰ মনঃচক্ষুৰ আগত দাঙি ধৰাৰ ক্ষেত্ৰত সহায় কৰে।
মুঠৰ ওপৰত কবিতাৰ ক্ষেত্ৰত ছন্দৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰিব নোৱাৰি।
(৩) ছন্দৰ উপাদানসমূহ কি কি?আলোচনা কৰা?
উত্তৰঃ ছন্দৰ উপাদান ঘাইকৈ দুটা –
(ক) ছন্দ-বন্ধ। আৰু
(খ) ছন্দস্পন্দ।
গীত আৰু কবিতা দেখাত একে যেন লাগে; কিন্তু লক্ষণত পাৰ্থক্য আছে। গীতত তাল আৰু সুৰ থাকে। আনহাতে কবিতাত লয় আৰু তৰংগ(স্পন্দন)থাকে, এই লয় আৰু তৰংগ বা স্পন্দৰ ওপৰত নিৰ্ভৰ কৰি ছান্দাসিকসকলে লয়ক ছন্দোৱদ্ধ আৰু স্পন্দনক ছন্দ স্পন্দ বুলি কৈছে।
(ক) ছন্দবন্ধঃ
কবিতাত ব্যৱহাৰ হোৱা ধ্বনিসমূহ উচ্চাৰিত হোৱাৰ এক বিশিষ্টভংগী আছে।ইহঁত নিয়মিত ব্যৱধানৰ অন্তৰে অন্তৰেহে উচ্চাৰিত হয়। আনহাতেদি ধ্বনি-সামঞ্জস্য নাথাকিলে, কথা মাধুৰ্যপূৰ্ণ হ’ব নোৱাৰে গতিকে কবিতাত ধ্বনি-সামঞ্জস্য ৰক্ষা কৰি ধ্বনি বিন্যাস কৰাকে বান্ধোন বোলে। কবিতাত ধ্বনিৰ এই বান্দোনকে ছন্দবন্ধ বুলি কোৱা হয়।
গতিকে, ধ্বনি-সামঞ্জস্য ৰক্ষা কৰি, ধ্বনি বিন্যাস কৰাৰ যি বিশিষ্টশৈলী বা কৌশল তাকে ছন্দবন্ধ বোলে।
“ছন্দবন্ধ”ৰ অৰ্থ হৈছে-“ছন্দৰ গীথনিৰে বন্ধা কাৰ্য বা ছন্দত বন্ধা কাৰ্য। গতিকে ছন্দ-বন্ধ মানে হৈছে কাব্যৰ এক বিশিষ্ট ৰচনা প্ৰণালী বা কৌশল।
ছন্দ-বন্ধ আৰু ছন্দোবন্ধ একে কথা নহয় ছন্দো-বদ্ধ মানে হৈছে ছন্দ ৰূপত বদ্ধ অৰ্থাৎ ছন্দৰ ৰচিত।ছন্দ-বন্ধ আৰু ছন্দোৱদ্ধৰ মাজত এটা সূক্ষ্ম পাৰ্থক্য আছে। এটা উদাহৰণৰ দ্বাৰা এই দুয়োটাৰ পাৰ্থব্যটোৰ উমান পাব পাৰিঃ ছন্দবন্ধ হৈছে শাৰীৰিক বিকাৰৰ চিকিৎসাৰ সা-সঁজুলি বা প্ৰণালী আৰু ছন্দোৱদ্ধ হৈছে ৰোগ নিৰাময় কৰাৰ ঔষধ।
সংগীতৰ তাল আৰু ছন্দবন্ধ-প্ৰায় একে বস্তু। সেয়ে ছন্দবন্ধক তাল বুলি ক’ব পাৰি। সংগীতৰ সময়ত খেও ধৰি বাদ্যযন্ত্ৰ লহৰে গানৰ সুৰ প্ৰবাহক কিছুমান সমান সময় খণ্ডত বিভক্ত কৰে।ইয়াকে তাল বোলে।কবিতাৰ সমগ্ৰ ধ্বনি প্ৰবাহক চৰণ বোলে। ছন্দ-বন্ধই সেই ধ্বনি প্ৰবাহক সমা আয়তন বিশিষ্ট খণ্ডত বিভক্ত কৰে।সেই খণ্ডবোৰক পৰ্ব বোলে।সংগীতৰ দৰে কবিতাৰ ক্ষেত্ৰত কোনো বাদ্য যন্ত্ৰ লোৱা নহয়। আকৌ গানৰ ক্ষেত্ৰত আগৰ বা পাছৰ খণ্ডবোৰ সমান নহ’লে তাক লা…..লা,না-.না,ও….হো…হো আদি কিছুমান অৰ্থহীন ধ্বনি উচ্চাৰণ কৰি অসমান খণ্ডটোক সমান কৰি লোৱা। কিন্তু কবিতাৰ ক্ষেত্ৰত এনে অৰ্থহীন ধ্বনিৰ কোনো স্থান নাই।কবিতাৰ প্ৰতিটো কথা অৰ্থপূৰ্ণ হ’বই লাগিব।উদাহৰণ-
“আহিছে মানুহ গৈছে মানুহ
মানুহ মায়াপী জীৱ।
মানুহ সোঁতৰ। অন্ত নাইকীয়া
-বুলিলে মৰত কিয়।”
-চন্দ্ৰকুমাৰ আগৰৱালা
ওপৰৰ কবিতাৰ স্তৱকটিত দুটা চৰণ আৰু ছটা পৰ্ব আছে।ইয়াৰ প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্ব চাৰিটা সমান খণ্ড। তৃতীয় আৰু যষ্ট পৰ্ব দুটা সমান আয়তন বিশিষ্ট।ইয়াৰ এটা খণ্ডৰ এটা বা দুটা ধ্বনি কম হ’লেই তাৰ ছন্দ পতন হ’ব।এনেদৰে ধ্বনিক সমান সময়ত বিভক্ত কৰাই হ’ল ছন্দ বন্ধ।
(খ) ছন্দস্পন্দঃ
ছন্দস্পন্দ ছন্দৰ প্ৰাণ। ছন্দ-বন্ধই কবিতাৰ ধ্বনিক সমান আয়তন বিশিষ্ট কৰে।এই ধ্বনিবোৰ কণ্ঠস্বৰত ধ্বনিত হওঁতে এক তৰংগ বা স্পন্দনৰ সৃষ্টি হয়।ভাৱৰ তৰংগ বা স্পন্দনে মানুহৰ হৃদয়ত এক মধুৰ আলোড়নৰ সৃষ্টি কৰি মানুহক মন্তৰমুধ কৰে। মানুহৰ আবেগ-অনুভূতিক জাগ্ৰত কৰি মনটোকো উচ্চ স্তৰলৈ যায়।সেয়ে হৈছে ছন্দস্পন্দ অৰ্থাৎ ছন্দৰ প্ৰণ।
এফাঁকি কবিতা লোৱা যাওক-
“প্ৰতিমাৰ পখালোঁ চৰণ কিয়?তুমি নুবুজিবা সখীঙ্গ কিনো বেদনাত
ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ বিফল সন্ধ্যাত…..
কবিতা ফাঁকিৰ আংগিকৰ লগত জড়িত হৈ আছে ধ্বনি সংযুতি, আবেগ পৰিৱেশ আৰু প্ৰতি অঙ্গে অঙ্গে বিজড়িত আৰু এক কৰুণ আবেগ। এই আৱেগ মানৱ হৃদয়ত সৃষ্টি কৰে ভাৱৰ এক মধুময় ইন্দ্ৰজাল। এই ভাৱৰ মাজত প্ৰতিধ্বনিত হৈছে এক নিয়ত অনুৰণন।ধ্বনিসমূহৰ স্পন্দনতেই সৃষ্টি হয় এই অনুৰণনৰ। এই স্পন্দিত অনুৰণনেই সুৰ আৰু এই সুৰকেই কোৱা হয় ছন্দ স্পন্দ। গতিকে ছন্দ স্পন্দৰ সংজ্ঞা এটা এনেদৰে দিব পাৰোঁ-“সু-নিয়ন্ত্ৰিত ধ্বনি প্ৰবাহৰ তৰংগ বা স্পন্দনে মানুহৰ হৃদয়ত আবেগ অনুভূতি জগাই তুলিব পৰা বৈচিত্ৰ্যপূৰ্ণ সুৰকেই ছন্দ-স্পন্দ বোলে।
(৪) চমু টোকা লিখা?
(ক) যতি :
ছন্দৰ লগত যতি ওতপ্ৰোত সম্বন্ধ। যতি হৈছে একপ্ৰকাৰ বিৰাম বা বিৰতি। মনত ভাৱ প্ৰকাশ কৰোঁতে ভাৱৰ আউল নলগাকৈ কথাখিনি বোধগম্য হ’ব পৰাকৈ মাজে মাজে শ্বাস-প্ৰশ্বাসক বিৰতি দিয়াৰ প্ৰয়োজন হয়।এই বিৰামে ধ্বনি প্ৰবাহক সাময়িক বিচ্ছেদ ঘটায়। বিৰামে ধ্বনি প্ৰবাহক সমান সমান অংশত বিভক্ত কৰে। প্ৰকৃতাৰ্থত মনত ভাৱ অনুসৰি, অৰ্থানুসৰি, আমাৰ উশাহে আপোনা-আপুনি ক্ষন্তেকৰ কাৰণে বিৰাম লয়। সেইকাম উশাহ-নিশাহে স্বতঃস্ফূত ভাৱেলয়। তাত আমাৰ কৰণীয় একো নাই।এটা সুনিয়ন্ত্ৰিত গতিৰ মাজতহে এই বিৰাম পৰে। ইচ্ছাকৃতভাৱে আমি য’তে ত’তে বিৰতি দিব নোৱাৰোঁ। তেনে কৰিলে কথাবোৰ বোধগম্য নহ’ব আৰু ভাৱবোৰ বিশৃঙ্খল হ’ব। মুঠতে, সুনিয়ন্ত্ৰিত ধ্বনি প্ৰবাহৰ যি সাময়িক বিচ্ছেদ ঘটে, সেই বিচ্ছেদকে যতি এই যতি প্ৰধানত দুই প্ৰকাৰ অৰ্ধ যতি আৰু পূৰ্ণ যতি। অৱশ্যে, লঘুযতি আৰু উপযতি নামৰ দুটা সূক্ষ্মমতি পোৱা যায়।সময়ৰ দৈৰ্ঘ্য্যক লৈ এই যতিৰ বিভাগ কৰা হয়।
অৰ্ধযতিঃ
য’ত ধ্বনিপ্ৰবাহত কম সময়ৰ কাৰণে বিৰাম পৰে তাক অৰ্ধযতি বোলে। অধযতিত মনৰ সম্পূৰ্ণ ভাব ফুটি নুঠে।
পূৰ্ণ যতিঃ
ধ্বনি প্ৰবাহৰ য’ত দীৰ্ঘ সময়ৰ কাৰণে বিৰাম পৰে বাযতি পৰে, তাক পূৰ্ণযতি বোলে। পূৰ্ণ যতিয়ে বাক্য সম্পূৰ্ণ ভাবটো প্ৰকাশ কৰে।
উপযতিঃ
ধ্বনি প্ৰবাহৰ য’ত খুউব কম সময়ৰ কাৰণে যতি পৰে সেয়ে উপযতি। ধ্বনি বিন্যাসৰ ক্ষুদ্ৰতম বিভাগটোৱেই হৈছে উপযতি।
লঘুযতিঃ
মনৰ ভাৱ অনুসৰি বহে যদিও সাধাৰণতে ইয়াক প্ৰায়ে উপেক্ষা কৰি চলা হয়। বিন্দুমাত্ৰ দৈৰ্ঘ্য্যৰ বিৰতিয়েই হৈছে লঘূযতি।
এটা উদাহৰণৰ দ্বাৰা যতিৰ কথা স্পষ্ট হ’ব-
“হেৰাঃহেৰাঃ বাটৰুৱা। মৰমৰঃভাইহঁত।।।
নেৰিবাঃ নেৰিবাঃমোক। এইঃমায়াঃবজাৰত।।”-মফিজুদ্দিন আহম্মদ হাজৰিকা
ওপৰৰ কবিতাফাঁকিত-“হেৰা”, “হেৰা”, ‘নেৰিবা”, “নেৰিবা”, “মায়া” পাছত উপযতি পৰিছে। “এইমায়া”ৰ পাছত লঘূপতি পৰিছে। “বাটৰুৱা”,নেৰিবামোক”ৰ পাছত অৰ্ধ্যতি আৰু “ভাইহঁত”, “বজাৰত”ত পূৰ্ণযতি পৰিছে।
ইয়াত “ঃ” চিনেৰে উপযতি আৰু লঘূযতিক; “।” চিনেৰে অৰ্ধযতি আৰু ‘।।’ চিনেৰে পূৰ্ণযতিৰ সংকেত বুজোৱা হৈছে।
(খ) ছেদ :
উত্তৰঃ যতিৰ দৰে ছেদকো বিৰতি বা বিৰাম কোৱা হয়। সৈইফালৰ পৰা যতি আৰু ছেদৰ মাজত কোনো পাৰ্থক্য নাই যেন লাগে; কিন্তু তেনে নহয়। যতি আৰু ছেদৰ মাজত মূলগত পাৰ্থক্য আছে।যতি তাল অনুসৰি বহে আৰু ছেদ ভাৱ বা অৰ্থ অনুসৰি বহে। আন এটা কথা এয়ে যে যতি কবিতাত আৰু ছেদ গদ্যত ব্যৱহাৰ হয়। বাক্যৰ অৰ্থই য’ত সম্পূৰ্ণতা লাভ কৰে তাতেই ছেদ পৰে। আনহাতে কবিতাত অৰ্থৰ শেষ হওকেই বা নহওকেই কবিতাৰ চৰণৰ শেষত যতি পৰিবই। গদ্যত যতি অনুভূত নহয়।কবিতাত ছেদ আৰু যতি দুয়োটাই থাকে। যেনে-
পুৰণি অসমীয়া আৰু আধুনিক যুগৰ প্ৰথমাৰ্দ্ধৰ কবিতাত ছন্দত যতি আৰু ছেদৰ সহ অৱস্থান লক্ষ্য কৰা যায়।
১। ‘শত নিৰূৰিণী গিৰি। স্ববক্ষ বিদাৰি।।
দিছে বহিৰ্গত কৰিগ্ধ। কল কল স্বৰে।।
চলিছে সলিল স্ৰোত।শিলাৰাশি মাজে।।
ধৰি দুগ্ধ নিভবৰ্ণ। ঠেকিছে যি স্থলে।।
কি মতে বৰ্ণিকে শোভাগ্ধ। যিজন ভ্ৰমিছে।।
পৰ্বতে বুজে সি মাত্ৰ। কি শোভাসুন্দৰ।।”
-সীতাহৰণ কাব্য
ওপৰৰ স্তৱকটিত- “বিদাৰি’, ‘স্বৰে’, “মাজে”, “স্থলে”আৰু “ভ্ৰমিছে”ৰ পাছত পূৰ্ণযতি পৰিছে যদিও ছেদ পৰা নাই। “কৰি” আৰু “শোভা”ৰ পাছত অৰ্ধযতিত পৰিছে আৰু অৰ্ধছেদো সংস্থাপিত হৈছে।আনহাতে’গিৰি’,বৰ্ণ আৰু “মাত্ৰ’ৰ পাছত অৰ্ধযতি পৰিছে যদিও কোনো ছেদ পৰা নাই।আকৌ “সলিল শ্ৰোত”ৰ পাছত অৰ্ধযতি পৰিছে।আনহাতে পূৰ্ণছেদ পৰিছে। ইয়াৰ কাৰণ হ’ল “সলিল স্ৰোত”ত এটা ভাৱ বা অৰ্থ সম্পূৰ্ণ হৈছে। “শোভা”ৰ পাছত একেলগে পূৰ্ণযতি আৰু পূৰ্ণছেদ পৰিছে।
(৫) এতিয়া গদ্য এফাঁকি লোৱা যাওক-যেনে-
“হে মহীয়সী নাৰী
মাতৃভূমিৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিবৰ কাৰণে সন্মুখ সমৰত বীৰাঙ্গ্যনৰপে।
অৱতীৰ্ণ হৈ
তুমি স্বদেশ প্ৰেম আৰু বিৰল সাহসৰ পৰিচয় দিলা
তাৰ কাহিনী
দেশৰ স্বাধীনতাৰ বুৰঞ্জীত
সোণালী আখৰে জিলিকি থাকিব।।
ওপৰৰ গদ্যফাঁকিত য’ত এটা তৰা চিন পৰিছে সি অৰ্ধছেদ আৰু দুটা তৰা চিন থকা ঠাইত পূৰ্ণছেদ পৰিছে। ইয়াত কবিতাৰ দৰে যতি সংস্থাপন কৰিব নোৱাৰি।
(গ) পৰ্বঃ
উত্তৰঃ ছন্দনিৰ্ণয়ত যতি আৰু ছেদৰ যি গুৰুত্ব, পৰ্বৰ ক্ষেত্ৰতো সেই একেই গুৰুত্ব। আনহাতে যতি আৰু পৰ্বৰ মাজত ওতপ্ৰোত সম্বন্ধ আছে।যতিয়ে বিভক্ত কৰা ধ্বনি প্ৰবাহৰ অংশবোৰকে পৰ্ব বুলি কোৱা হয়। আনকথাত ক’ব পাৰি-অৰ্ধযতি বা পূৰ্ণযতিৰে আৱদ্ধ ধ্বনি প্ৰবহৰ একো একোটা অংশক পৰ্ব বোলে। একেটা উশাহৰ টানত যি পৰিমানৰ ধ্বনি অবিচ্ছিন্নভাৱে উচ্চাৰিত হয় তাকে পৰ্ব বোলে। একেটা উশাহৰ টানত যি পৰিমাণৰ ধ্বনি অবিচ্ছিন্নভাৱে উচ্চাৰিত হয় তাকে পৰ্ব বোলে।
যৌৱন। যৌৱন। সৃষ্টিৰ। মৌবন।
অনাগত। জীৱনৰ। অনাহুত। গান।।
মন্দাৰ। সৌৰভ। স্বৰ্গৰ। গৌৰৱ
ধূলিভৰা। ধৰণীত। মাধুৰীৰ। বান।।
-দেৱকান্ত বৰুৱা, সাগৰ দেখিছা
ওপৰৰ কবিতাৰ স্তৱকটিৰ প্ৰতিশাৰীত চাৰিটাকৈ মুঠ ষোল্লটা পৰ্ব আছে।
অসমীয়া ছন্দত কেইবাটাও ভাগত ভাগ কৰা হৈছে।যেনে- অনুপৰ্ব, পূৰ্ণপৰ্ব, অপূৰ্ণপৰ্ব, যুগ্মপৰ্ব, প্ৰতিসম পৰ্ব আৰু অতিপূৰ্ণ পৰ্ব।
অনুপৰ্বঃ
কোনো কোনো পৰ্ব আকৌ কেইবাটাও সৰু সৰু অংশত বিভক্ত হ’ব পালে। পবন তেনে সৰু সৰু অংশবোৰক পৰংশ বা অনুপৰ্ব বোলে।
“হেৰা। হেৰা ।বাটৰুৱা।মৰমৰ।ভাইহঁত।।
নেৰিবা।নেৰিবা।মোক।এই মায়া।বজাৰত!”,
ওপৰৰ পংক্তি দুটাত মুঠ পৰ্ব চাৰিটা। “বাটৰুৱা”, “ভাইহঁত” “মোক” আৰু “বজাৰত”ৰ পাছত যি যতি পৰিছে সি চাৰিটা পৰ্বত বিভক্ত কৰিছে। এই চাৰিটা পৰ্বৰে আকৌ সৰু সৰু মুঠ এঘাৰটা অংশত বিভক্ত হৈছে। এই সৰু সৰু অংশবোৰেই হ’ল পৰ্বাংশ বা অনুপৰ্ব।
পূৰ্ণপৰ্বঃ
কবিতাৰ ছন্দত পৰ্ববোৰৰ মাজত পৰস্পৰ ধ্বনি সাম্য দেখা যায়।তেনে সমান বিস্তৃতিৰ পৰ্ববোৰক পূৰ্ণপৰ্ব বোলে। যেনে-
“হেৰা হেৰা বাটৰুৱা। মৰমৰ ভাঁইহঁত।।
নেৰিবা নেৰিবা মোক। এই মায়া বজাৰত।।”
ওপৰৰ কবিতা পংক্তি দুটাত মুঠ চাৰিটা সমান জোখৰ পৰ্ব আছে।প্ৰতি পৰ্বত অক্ষৰ বা মাত্ৰাৰ সংখ্যা আঠোটাকৈ আছে।ইয়েই পূৰ্ণপৰ্ব।
অপূৰ্ণ পবঃ
কিছুমান কবিতাৰ চৰণৰ শেষ পৰ্বটোৰ বিস্তৃতি বা অক্ষৰ সংখ্যা আনবোৰতকৈ কম হোৱা দেখা যায়। তেনে অমিল বা অসম্পূৰ্ণ পৰ্বকে অপূৰ্ণ পৰ্ব বোলে।যেনে-
“এইতো নহয়।হাঁহি ধেমালিৰ।ভাগৰ জুৰোৱা। গান।।”
ওপৰৰ পংক্তিটোৰ চাৰিটা পৰ্বৰ ভিতৰত অন্তিম পৰ্বটো আনকেইটা সমান বিস্তৃতিৰ নহয় অৰ্থাৎ আন কেইটাৰ অক্ষৰৰ সমান হোৱা নাই।এয়ে অপূৰ্ণ পৰ্ব।
যুগ্ম পৰ্ব বা যৌথ পৰ্বঃ
কিছুমান কবিতাত কেতিয়াবা কেতিয়াবা উচ্চাৰণৰ সুবিধাৰ অৰ্থে দুটা পৰ্বক একত্ৰে এটা পৰ্ব কৰা হয়। ইয়াকে যগ্ম বা যৌথ পৰ্ব বোলে। যেনে-
“হেৰা হেৰা বাটৰুৱা। মৰমৰ ভাইহঁত।।
নেৰিবা নেৰিবা মোক। এইমায়া বজাৰত।।”
ওপৰৰ দ্বিতীয় পংক্তিটোৰ প্ৰথম পৰ্ব “নেৰিবানে। ৰিবা মোক” বুলি পৰ্ব বিন্যাসৰ উচ্চাৰণ কৃত্ৰিম হয়। গতিকে দুয়োটা পৰ্ব সামৰি একত্ৰে এটা পৰ্ব কৰি উচ্চাৰণ কৰা হয়। ইয়াকে যুগ্ম বা যৌথ পৰ্ব বুলি কোৱা হয়।
প্ৰতিসম পৰ্বঃ
একোটা স্তৱকৰ ভিতৰত একে ৰূপকল্পত থকা দুটা বা তাতোধিক পংক্তি বা চৰণৰ অনুৰূপ অৱস্থানত থকা পৰ্ব সমূহেই হ’ল প্ৰতিসম পৰ্ব। প্ৰতিসম পৰ্ব সমূহত ধ্বনি সাম্য থাকে। যেনে-
“গড়গাঁও গড়গাঁও।কথাশুনি। তল যাওঁ
বাট দেখি পিচলে’ যে পাৱ।।
দিখৌ সোঁত” যোৱা। ভটয়নী বল”পোৱা
উভতিটিব খোঁজে’ মাৰ নাও।
ওচৰতে দেখি গড়গাঁও।।”-বিনন্দ্ৰ চন্দ্ৰ বৰুৱা
ওপৰৰ স্তৱকটোৰ ১,২,৩ সংখ্যাৰে নিৰ্দেশ কৰা পৰ্বকেইটা প্ৰতিসম পৰ্ব। এইবোৰ সম আয়তন বিশিষ্ট পৰ্ব অৰ্থাৎ প্ৰতিসম পৰ্ব।
অতিপূৰ্ণ পৰ্বঃ
কিছুমান কবিতাৰ অন্তিম পৰ্বটো আনবোৰ পৰ্বতকৈ দীঘল দেখা যায়। অৰ্থাৎ অক্ষৰৰ সংখ্যা বেছি হয়। এনে ধৰণৰ পৰ্বসমূহক অতিপূৰ্ণ পৰ্ব বোলে।
(ঘ) স্তৱক :
উত্তৰঃ সুসংবদ্ধ আৰু সু-বিন্যস্ত ৰীতিৰে গঠিত, পূৰ্ণ অৰ্থ প্ৰকাশক চৰণ পুঞ্জক স্তৱক বোলে।
১। দুটা চৰণ বিশিষ্ট স্তৱকৰ উদাহৰণ-
“মৎস্যৰূপে অৱতাৰ।ভৈলা প্ৰথমত।
উদ্ধাৰিলা চাৰিবেদ। প্ৰলয় জলত।।”-কীৰ্ত্তন
ওপৰৰ উদাহৰণটোত দুটা চৰণ বিশিষ্ট এটা স্তৱক। গোটেই স্তৱকটোক চাৰিটা শাৰী বা পংক্তি আছে।
২। কোন কাৰ জগতৰ কোন কাৰ মৰমৰ।
চকুৰ চিনাকি দুদিনৰ;।
সসীমৰ ৰূপতৃষ্ণ অসীমত বুৰ যাব
খহি গ’লে জৰী মৰমৰ।”-নলিনীৱালা দেৱী
ওপৰৰ উদাহৰণটি ত্ৰিপদীযুক্ত দুটা চৎণ পুঞ্জই এটা স্তৱক সাধিত হৈছে।
৩। মোৰ এই হিয়া খনি জেতুকাৰ পাতৰ দৰে
বুকুৰ তেজেৰে আছে অন্তৰতে অঁকা।।”-যতীন্দ্ৰ নাথ দুৱৰা
ওপৰৰ উদাহৰণটিত চৌপদীযুক্ত দুটা চৰণপুঞ্জ লগ লাগি এটা স্তৱক প্ৰস্বন।
(ঙ) চৰণঃ
উত্তৰঃ পূৰ্ণযতিৰে আৱদ্ধ কবিতাৰ খণ্ডক চৰণ বোলে।একোটা পূৰ্ণণতিত আকৌ দুটা বা ততোধিক অৰ্ধযতি, বা উপযতি থাকিব পাৰে।অৰ্ধযতিকে পদ বুলিও কোৱা-হয়।একোটা চৰণৰ পদবোৰ সমান আয়তন বিশিষ্ট নহ’বও পাৰে। চৰণৰ পদবোৰক যথাক্ৰমে-একপদী বা একাৱলী, দ্বিপদী, ত্ৰিপদী আৰু চৌপদী বোলা হয়।
বহুত সময়ত শাৰী বা পংক্তি আৰু চৰণ একে বুলি ভুল কৰা হয়। কিন্তু শাৰী আৰু চৰণ একে নহয়।শাৰী হ’ল চৰণৰ এটা অসম্পূৰ্ণ অংশ বা এটা বাক্যাংশ ।চৰণটোক এটা শাৰীত লিখাও হ’ব পাৰে অথবা দুটা, তিনিটা আৰু চাৰিটা শাৰীত লিখাও হ’ব পাৰে। যেনে-
১। পয়াৰক দুটা পদ বিশিষ্ট এটা শাৰীত এটা চৰণ হ’ব পাৰে-
“প্ৰথমে প্ৰণামো ব্ৰহ্ম। ৰূপী সনাতন।।
সৰ্ব অৱতাৰৰ কা। ৰণ নাৰায়ণ।।”
উল্লিখিত পয়াৰটোত প্ৰথম শাৰীয়ে এটা চৰণ আৰু দ্বিতীয় শাৰীয়ে এটা চৰণ হৈছে।ইয়াত “সনাতন”ত আৰু “নাৰায়ণ”ত পূৰ্ণযতিয়ে নিয়ন্ত্ৰিত কৰিছে। আকৌ প্ৰতিটো চৰণ দুফাঁকি পদেৰে বিন্যস্ত হৈছে।
২। ত্ৰিপদী যুক্ত চৎণ
কৃষ্ণৰ বিক্ৰম। দেখি ঋক্ষৰাজ
স্বামীহেন জানি।বুলিবে লাগিলা।
প্ৰণামি কৃষ্ণ চৰণে।।”
ওপৰৰ উদাহৰণটিত দুটা চৰণ আছে। ইয়াৰ প্ৰতিটো চৰণ তিনিটা পদেৰে গঠিত; কিন্তু পংক্তি বা শাৰী দুটাকৈ আছে।
৩। চৌপদী যুক্ত চৰণ-
“হেন মহা দিব্য বন। দেখিলন্ত ত্ৰিনয়ণ।
দিব্য কন্যা এক আছে তাতে।
কোটি লক্ষ্মী সম নোহে। কটাক্ষে ত্ৰৈলোক্য মোহে।
ভন্টা খেৰি খেলে। দুয়ো হাতে।।”-হৰমোহন।
ওপৰৰ উদাহৰণটোত দুটা চৰণ আছে আছে প্ৰতিটো চব চাৰিটা পদবিশিষ্ট; কিন্তু শাৰী দুটা আছে।সেই কাৰণে ইয়াক চৌপদী বুলি কোৱা হয়।