Sahitya Tatya Unit 3 শব্দলংকাৰ আৰু ইয়াৰ প্ৰকাৰ অৰ্থালংকাৰ আৰু ইয়াৰ প্ৰকাৰ

Sahitya Tatya Unit 3 শব্দলংকাৰ আৰু ইয়াৰ প্ৰকাৰ অৰ্থালংকাৰ আৰু ইয়াৰ প্ৰকাৰ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sahitya Tatya Unit 3 শব্দলংকাৰ আৰু ইয়াৰ প্ৰকাৰ অৰ্থালংকাৰ আৰু ইয়াৰ প্ৰকাৰ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sahitya Tatya Unit 3 শব্দলংকাৰ আৰু ইয়াৰ প্ৰকাৰ অৰ্থালংকাৰ আৰু ইয়াৰ প্ৰকাৰ Question Answer can be of great value to excel in the examination.

Sahitya Tatya Unit 3 শব্দলংকাৰ আৰু ইয়াৰ প্ৰকাৰ অৰ্থালংকাৰ আৰু ইয়াৰ প্ৰকাৰ

Join Telegram channel

Sahitya Tatya Unit 3 শব্দলংকাৰ আৰু ইয়াৰ প্ৰকাৰ অৰ্থালংকাৰ আৰু ইয়াৰ প্ৰকাৰ Notes cover all the exercise questions in UGC Syllabus. The Sahitya Tatya Unit 3 শব্দলংকাৰ আৰু ইয়াৰ প্ৰকাৰ অৰ্থালংকাৰ আৰু ইয়াৰ প্ৰকাৰ in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

শব্দলংকাৰ আৰু ইয়াৰ প্ৰকাৰ অৰ্থালংকাৰ আৰু ইয়াৰ প্ৰকাৰ

ASSAMESE

সাহিত্যতত্ত্ব

(১) অলংকাৰৰ কেনেকৈ উৎপত্তি হৈছিল তাৰ ব্যাখ্যা কৰি অলংকাৰৰ সংজ্ঞা নিৰ্ণয় কৰা?

উত্তৰঃ সংস্কৃত ‘ অলম্’ শব্দৰ পৰাই অলংকাৰ শব্দৰ উৎপত্তি হৈছে। অলম্ শব্দৰ এটা অৰ্থ হ’ল ভূষণ আৰু আনটো অৰ্থ হ’ল পৰ্য্যাপ্তি। পৰ্য্যাপ্তি মানে ‘হ’ল আৰু নালাগে”। যি ধৰণে কথা ক’লে কৈ সুখ লাগে, ‘হ’ল আৰু নালাগে” এই ভাব মনলৈ আহে, সেই ধৰণেৰে কোৱাৰ ভংগীয়েই হৈছে অলংকাৰ। অহাং অহাং ভাবটোক যেনেকৈ অহংকাৰ বোলা হয়, অলং অলং ভাৱটোক সেইদৰে অলংকাৰ বুলি কোৱা হয়।

ৰস, ধ্বনি আদিয়ে যেনেকৈ কাব্যৰ শ্ৰীবৃদ্ধি ঘটায়, অলংকাৰে সেইদৰে কাব্যৰ সৌন্দৰ্য বঢ়ায়। অলংকাৰ শাস্ত্ৰৰ প্ৰথমাচাৰ্য ভামহৰ মতে- “বক্ৰাভিয়েধা শব্দোক্তিৰিষ্টা বাচামলংকৃতিঃ।” অৰ্থাৎ কবিৰ অভীষ্ট সিদ্ধিৰ জোখাই বক্ৰতাপূৰ্ণ উক্তি বৈচিত্ম‍্যই বাক‍্যৰ সৌন্দৰ্য বা অলংকাৰ।

বাক্যৰ সৌন্দৰ্যই যে অলংকাৰ এই কথাটো পৰৱৰ্তী সূক্ষ্মমতি আচাৰ্য ভট্ট বামনে আৰু স্পষ্টভাৱে কৈছে- “কাব্যং গ্ৰাহ‍্যমলঙ্কাৰাৎ। সৌন্দৰ্যলঞ্চাৰঃ ।” অৰ্থাৎ কাব্য উপাদেয় হয় অলংকাৰৰ পৰা আৰু সৌন্দৰ্যই অলংকাৰ। আচাৰ্য দণ্ডীয়ে মতে কাব্যৰ শোভা বৰ্ধন কৰা ধৰ্মকে অলংকাৰ বুলি কৈছে- “কাব্যশোভাকৰন্ ধৰ্ম্মানলংকাৰণম্ প্ৰচক্ষতে।” কবিতাৰ শব্দ আৰু অৰ্থৰূপ শৰীৰৰ সৌন্দৰ্য বৃদ্ধি কৰে কাৰণে অনুপ্ৰাস, উপমা, ৰূপক আদি উক্তি বৈচিত‍্যক অলংকাৰ বুলি কোৱা হয়।

অলংকাৰ স্বভাৱতে দেহৰ শোভবৰ্দ্ধক বস্তু, অলংকাৰ পৰিধান কৰিলে দেহৰ সৌন্দৰ্য বাঢ়ে। মানুহে পৰিধান কৰা ভূষণ বা আভৰণৰ দৰে সাহিত্যৰো এই ভূষণ বা আভৰণকে অলংকাৰ বোলে। অলংকাৰৰ সহায়ত শব্দাৰ্থৰ সৌহৰ্য বৃদ্ধি পায় আৰু কাব্য বা সাহিত্য ৰমনীয় হয়। অলংকাৰ পিন্ধা যুৱতীৰ দেহৰ লাৱণ্য চৰাৰ দৰে অলংকাৰ যুক্ত সাহিত্যয়ো লাৱনি হয় আৰু পঢ়িবলৈও মধুৰ লাগে।

সংস্কৃত  আলংকাৰিকসকলে কাব্যক সুন্দৰী ৰমণীৰ লগত তুলনা কৰিছে। বিচিত্ৰ সাজপাৰ অলংকাৰ আৰু প্ৰসাধন কৌশলত সুন্দৰী নাৰীৰ দেহ-সৌন্দৰ্য উজ্জ্বলতৰ হোৱাৰ দৰে, উপমা, ৰূপক আৰু ভাষাৰ নিপুণ প্ৰয়োগত কাব্যসুন্দৰীৰ সৌন্দৰ্যও অনন‍্য হৈ পৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

আলংকাৰিক বিশ্বনাথ কবিৰাজে, তেওঁৰ “সাহিত‍্য দৰ্পন” গ্ৰন্থত শব্দ আৰু অৰ্থক কাব্যৰ শৰীৰ, ৰসক আত্মা, গুণক শৌৰ্য, ৰীতিসমূহক অবয়বৰ গঢ় আৰু অলংকাৰক কটক কুণ্ডল বুলি মত প্ৰকাশ কৰিছে।কোনো ৰাজধিৰাজে মণিমুক্তা খচিত সাজপাৰেৰে সজ্জিত হৈ, কটক-কুণ্ডল আদি অলংকাৰেৰে বিভূষিত হৈ সিংহাসনত আৰোহন কৰিলে সম্ৰাটৰ প্ৰকৃত গৌৰৱ আৰু মৰ্যাদা প্ৰকাশ কৰে। সাজসজ্জা আৰু অলংকাৰে ৰজাৰ গৌৰৱ আৰু মৰ্যাদা বঢ়োৱাৰ দৰে অলংকাৰৰ সুপ্ৰয়োগত কাব্যসুন্দৰীৰো মৰ্যাদা আৰু গৌৰৱ বাঢ়ে।

গতিকে, যি বস্তুৱে (শব্দ আৰু বাক্য) কাব‍্য সাহিত্যৰ শোভা আৰু মৰ্য্যদা বৃদ্ধি কৰে তাকে কাব্যৰ অলংকাৰ বোলে। আৰু সেয়ে ভট্ট বামনে স্পষ্টভাৱে কৈছে-কাব্যৰ সৌন্দৰ্যই অলংকাৰ “সৌন্দৰ্যম্ অলংকাৰঃ।”

কাব্যৰ বৰ্ণনীয় বস্তুক উজ্জ্বল আৰু তীৱ কৰি সহৃদয়জনৰ অন্তৰ পৰাশাকৈ বৰ্ণনা কৰাই কাব্যৰ মুখ্য উদ্দেশ্য। কাব্যৰ প্ৰধান ভাগ দুটা ভাৱ আৰু কলা। এই ভাৱক তীব্ৰ কৰি তোলাই হৈছে অলংকাৰৰ প্ৰধান লক্ষ্য। ভাবক তীব্ৰ কৰাৰ উপৰিও কলাৰো সৌন্দৰ্য বৃদ্ধি কৰে। তদুপৰি ৰস সৃষ্টিৰ বাবেও কাব্যত অলংকাৰ অপৰিহাৰ্য ।

(২) কাব্যত অলংকাৰৰ প্ৰয়োজনীয় সম্পৰ্কে তোমাৰ যুক্তিপূৰ্ণ আলোচনা আগবঢ়োৱা?

উত্তৰঃ কাব্যৰ ভাৱ, কলা আৰু ৰসৰ ওপৰত নিৰ্ভৰ কৰি কাব্যত অলংকাৰৰ প্ৰয়োজন তিনিটা ভাগত বিভক্ত কৰিব পাৰি। সেই কেইটা হৈছে- বাক‍্যক প্ৰভাৱশালী কৰা, বৰ্ণনীয় বিষয়ক স্পষ্টীকৰণ কৰা আৰু তৃতীয় অথচ মুখ্য প্ৰয়োজন হৈছে কাব্যক ৰমণীয় কৰি তোলে।

(ক) প্ৰভাৱশালীতাঃ শুনোতাৰ মনত লাগি যোৱাকৈ, মনত দকৈ বহাকৈ বা মনত প্ৰতীতি জন্মাব পৰাকৈ কোৱাকে বাক‍্যক প্ৰভাৱশালী কৰা বোলে। ৰূপ, গুণ, ক্ৰিয়া আদি যিহকে বৰ্ণনা নকৰক কিয় তাৰ ভাৱটোক তীব্ৰভাৱে ফুটাই তুলিবলৈ অলংকাৰৰ প্ৰয়োজন হয়। তাক উকাকৈ ক’লে বাক‍্যৰ ভাৱটো তীব্ৰ নহ’ব আৰু পাঠকে তাৰপৰ। ৰস গ্ৰহণো কৰিব নোৱাৰিব। উদাহৰণ স্বৰূপে  “ৰঙা গাল” বুলি কলে যুৱতীৰ গালখন যে ৰঙা সি বোধগম্য হ’ব; কিন্তু কথাখাৰে পাঠকৰ মনত প্ৰতীতি জন্মাব নোৱাৰে। ‘ৰঙা গাল’ৰ পৰিৱৰ্তে যদি “গোলাপী গাল” বুলি কোৱা হয়, তেতিয়া সকলোৰে মনত দকৈ সাঁচ বা প্ৰতীতি জন্মাব পাৰিব। কিয়নো গোলাপী গাল বুলি কোৱাৰ লগে লগে গোলাপ ফুলৰ যি ৰক্তিম আভা, কমণীয়তা আৰু কোমলতা আদি যুৱতীৰ গালত কল্পনা কৰা হয় বা পুঞ্জীভূত হয় আৰু তেতিয়াই বাক‍্যটোৰ প্ৰভাৱশালীতা গুণ বাঢ়ে, এই গুণটোবেই হৈছে  কাব্যৰ অলংকাৰ। গতিকে বাক্যৰ ভাৱটোক অন্তৰ স্পৰ্শ কৰিব পৰা, অনুভূতিক তীব্ৰতৰ কৰিব পৰা, বৰ্ণনীয় বিষয়ক দৃঢ়ভাৱে প্ৰতিষ্ঠিত কৰিব পৰা গুণৰ আধান কৰাটো অলংকাৰৰ প্ৰথম প্ৰয়োজন। ইয়াকে বাক্যৰ প্ৰভাৱশালিতা বুলি কোৱা হয় বাক‍্যক প্ৰভাৱশালী কৰিব পাৰিলেহে কাব্য উপাদেয় হ’ব

(খ) স্পষ্টীকৰণঃ অলংকাৰৰ দ্বিতীয় প্ৰয়োজন হৈছে বাক‍্যক স্পষ্টীকৰণ অৰ্থাৎ ফুটাই তোলে। বিষয়গত গুণ, ৰূপ,ক্ৰিয়া আদি আৰু বিবয়ীগত ভাৱক স্পষ্ট কৰিবলৈ হ’লে নিতান্তই আলংকাৰৰ আশ্ৰয় ল’ব লাগিব। উদাহৰণ স্বৰূপে-

“বক্ষস্থলে জ্বলে মুকুতাৰ হাৰ” শ্ৰীকৃষ্ণই বুকুত উজ্জ্বল মুকুতাৰ হাৰ পিন্ধিছে- এই বাট্যাৰ্থ পোৱা গ’ল;কিন্তু মুকুতাৰ হাৰ ডাল কিমান উজ্জ্বল,  শ্ৰীকৃষ্ণৰ বুকুত কিমান সৌন্দৰ্যৰ সৃষ্টি কৰিছে সেই কথাটো যেন ফুটি নুঠিল। অস্পষ্ট হৈ থাকিল। কিন্তু যেতিয়া ওপৰৰ বাক‍্যশাৰী বা কবিতা শৰীৰ লগত “আকাশী গঙ্গাৰ যেন ধাৰ” বুলি জুটি দিয়া হ’ল তেতিয়াহে যেন ‘মুকুতাৰ হাৰ’ৰ আচল সৌন্দৰ্য স্পষ্টৰূপত ফুটি উঠিছে। এয়ে হৈছে  স্পষ্টীকৰণ।

(গ) ৰমনীয়তা সম্পাদনঃ অলংকাৰৰ তৃতীয় তথা মুখ্য প্ৰয়োজন হৈছে কাব্যক ৰমনীয় কৰি তোলা। কাব্যৰসেৰে কাব্যক ৰমনীয় অৰ্থাৎ মনোহাৰিত্ব কৰি তোলে। এই ৰস সৃষ্টি কৰিবলৈ অলংকাৰৰ প্ৰয়োজন। ৰস আৰু অলংকাৰ ইটো-সিটোৰ, লগত অংগাঅ‌ংগী সম্বন্ধ। এককথাত ক’বলৈ গ’লে ৰসৰ মূৰ্ত্তবিকাশেই অলংকাৰ; আকৌ অলংকাৰৰ সহায়তহে ৰস নিষ্পন্ন হয়। এই অলংকাৰ আৰু ৰসে কাব্যক কেনেকৈ আদিত কৰে তাক শংকৰদেৱে এনে দৰে কৈছে-

সেহি কৃপাময়          মোৰ কাব‍্যচয়  

         অলঙ্কৃত কৰন্তোক। 

শৃঙ্গাৰাদি নানা         ৰসে বাজ হৌক

         আনন্দে লোকে শুনোক।।

যাৰ মুখ পদ্ম           মকৰন্দ মধু

         হৰি কথা ৰসময়।

ভকত ভ্ৰমৰে           পৰম সাদৰে

         আনন্দে নিতে পিয়ে।।

                             (দ্বিতীয় স্কন্ধ ভাগৱত)

(৩) কাব্যত অলংকাৰৰ স্থান নিৰ্ণয় কৰা?

উত্তৰঃ কাব্যত অলংকাৰৰ স্থান কি এইলৈ আলংকাৰিক সকলৰ মাজত  দুটা মত পোৱা যায়। আৰু এই মত দুটাৰ পাৰ্থক্য সুমেৰু-কুমেৰু। ইয়াৰ প্ৰধান প্ৰৱক্তা হ’ল ভামহ। তেওঁৰ মত হ’ল-

“ন কান্তমপি নিৰ্ভূয়ং ৱিভাতি ৱণিতামুখম্”-অৰ্থাৎ যুৱতী ধুনীয়া মুখো প্ৰসাধনহীন হ’লে শোভা নাপায়  দ্বিতীয় মতটো কালিদাসৰ ভাষাত ক’ব পাৰি-ইয়ম্ অধিকমনোজ্ঞা ৱল্কলেনা পিতন্বী।” অৰ্থাৎ এই শকুন্তলা বাকলিবসন পিন্ধিও অধিক মনোহাৰিণী।

প্ৰথম মতৰ তাৎপৰ্য হ’ল- বাক‍্যৰ শব্দাৰ্থৰূপ যি শৰীৰ, সি সুন্দৰ হ’লেও অলংকাৰ নহ’লে তাৰ শোভা প্ৰকাশ নাপায়। এই অনুসৰি অলংকাৰ কাব্যৰ এক অপৰিহাৰ্য প্ৰসাধন সামপ্ৰী। অলংকাৰৰ অবিহনে কাব্য মনোহাৰিত্ব নহয়।

দ্বিতীয় মতৰ তাৎপৰ্য এয়ে অলংকাৰ এটা অতিৰিক্ত বা উপৰুৱা সামগ্ৰী ,অস্থিৰ ধৰ্ম, হ’লেও হয় আৰু নহ’লেও কোনো আপত্তি নাই। এই মতৰ পৰা বুজা যায় যে, কেতিয়াবা শকুন্তলাৰ দৰে নিৰালংকাৰ প্ৰেসাধন সামগ্ৰী) হৈও কাব্য শকুন্তলাৰ দৰেই অধিক মনোহাৰিণী হ’ব পাৰে। কেতিয়াবা অলংকাৰযুক্ত হৈ কাব্য অধিক হৃদয়গ্ৰাহী হয়। এই দ্বিতীয় মতটো বৰ দ্ব‍্যৰ্থবোধক।

ভামহ, উদ্ভট, দগু, জয়দেৱ আদি আলংকাৰিক সকলে অলংকাৰ কাব্যৰ এক অপৰিহাৰ্য সামগ্ৰী বুলি স্বীকাৰ কৰিছে। আনহাতে অভিনৱ গুপ্ত আনন্দবৰ্ধন, বিশ্বনাথ কবিৰাজ আদি আলংকাৰিক সকলে অলংকাৰক এটা উপৰুৱা সামগ্ৰী, অস্থিৰ ধৰ্ম বা অনিত‍্য বস্তু বুলি অলংকাৰক একপ্ৰকাৰ অস্বীকাৰ কৰিছে। মন্মটে- “অনলংকৃতী পুনঃকাপি” বুলি অলংকাৰ নহ’লেও কাব্য হয় বুলি স্পষ্টভাৱে ঘোষণা কৰিছে।

অলংকাৰক কাব‍্যৰ অপৰিহাৰ্য বুলি স্বীকাৰ কৰা ভামহাদি আচাৰ্যসকলৰ মতে- অলংকাৰ শব্দ আৰু তাৰ অৰ্থৰ সৌন্দৰ্যৰ কাৰণ। এওঁলোকৰ মতে- বাচ‍্য বাচকৰূপ কাব‍্যশৰীৰ স্বভাৱতে সুন্দৰ হবও পাৰে, নহবও পাৰে, তাত অলংকাৰ সৌন্দৰ্য আধান নকৰালৈকে কাব্য মনোহাৰী নহব, হৃদয়গ্ৰাহী নহয়। যুৱতীৰ মুখ ধুনীয়া হ’লেও প্ৰসাধন নকৰালৈকে সি আকৰ্ষণীয় নহয়; অলংকৃত অৰ্থাৎ প্ৰসাধনযুক্ত মুখমণ্ডলে মন-সহজে আকৰ্ষিত কৰিব পাৰে; হৃদয়ত আনন্দ জন্মাব পাৰে। অলংকাৰবাদীসকলৰ মতে-ক’ব খোজা অৰ্থক মনোহাৰী কৰিবলৈ হ’লে অলংকাৰ আধান কৰি ক’বই লাগিব, এয়া তেওঁলোকৰ যুক্তি।

উদাহৰণ স্বৰূপে-“বক্ষস্থলে মুকুতাৰ হাৰ এই বায্যাৰ্থৰ পৰা আমি পালো- ‘কৃষ্ণই বুকুত মুকুতাৰ হাৰ পিন্ধিছে, কিন্তু মুকুণতাৰ হাৰৰ যি সৌন্দৰ্য প্ৰতিভাত হ’ব লাগিছিল, সি নহ’ল। যেতিয়া “আকাশী গংগাৰ যেন ধাৰ” এই সাদৃশ‍্যটো যুতি দিয়া হ’ল, তেতিয়াহে যেন মুকুতাৰ ,হাৰৰ আচল সৌন্দৰ্য ফুটি উঠিছে। ইয়াত উপমালংকাৰ আধান কৰাতহে কাব্য শৰীৰৰ অৰ্থাৎ বাচ্যাৰ্থ ৰূপ শৰীৰৰ শোভাশালীতা বৃদ্ধি পালে। এইফালৰ পৰা কাব্যত অলংকাৰৰ নিতান্তই প্ৰয়োজনীয় সামগ্ৰী।

আকৌ এনে বহুত কবিতা আছে, যিবোৰত কোনো অলংকাৰেই নাই, তথাপিও সেইবোৰ ভাল কবিতা বুলি ৰসগ্ৰাহীজনে আদৰ কৰি আহিছে। ৰসভাবাদি পৰিস্ফুৰণ থকাৰ কাৰণে এইবোৰ কবিতা হৃদয়গ্ৰাহী, অলংকাৰ নোহোৱাকৈও চিত্তহাৰী হ’ব পাৰিছে। অলংকাৰবাদীসকলে ক’ব খোজে যে, “ৰসভাবাদি প্ৰতীয়মান অৰ্থ ৰসবৎ, প্ৰেমঃ, ওজস্ফী এইবোৰো একো একোটাহঁত অলংকাৰেই। বাচ‍্যাৰ্থক সৌন্দৰ্ঘশালী কৰা সকলোটি এটা নহয়, এটা অলংকাৰহে  তেওঁলোকৰ মতে, কাব্যৰ প্ৰতীয়মান ধ্বনি, ৰস এইবোৰো শেষ বিচাৰত বাঢ‍্যাৰ্থৰ উপস্কাৰক-অৰ্থাৎ অলংকাৰ। ৰূদ্ৰটৰ মতে- ৰূপকাদি অলংকাৰৰ প্ৰতীয়মান যি অৰ্থ তাৰ দ্বাৰাহে বাদ‍্যাৰ্থৰ চাৰুত্ব সম্পাদন হয়। শৃংগাৰাদি ৰস, লজ্জা, অভিমান আদি ভাব, বস্তুবিশেষৰ ধ্বনি যেতিয়া ব‍্যাচাৰ্থৰ শোভাৰ কাৰণ হয় তেতিয়া-ৰসৱৎ, প্ৰেয়ঃ আদিক অলংকাৰৰ শাৰীত স্থান দিব পাৰি।

ভট্টবামন প্ৰমুখ্যে কেইগৰাকীমান আচাৰ্যই অলংকাৰবাদী সকলৰ এই যুক্তিক নাকচ কৰি, বুঢ়ী তিৰোতাই অলংকাৰ পিন্ধাৰ দৃষ্টান্ত দি, তেওঁলোকে তৰ্ক কৰিলে যে- বিগত যৌৱনা তিৰোতা এজনীয়ে কাণে- মুৰে অলংকাৰ পিন্ধি আটক ধুনীয়া বোলাবলৈ গলে, সুৱাগী নহৈ উপহাসৰ পাত্ৰীহে হব। নিজৰ বয়সৰ যি এটা সৌন্দৰ্য থাকে সিও নষ্ট হ’ব। একেদৰে বাগ‍্যাৰ্থৰ যদি নিজা লাৱণ্য নাথাকে তেন্তে অলংকাৰে তাৰ একো শোভাবৃদ্ধি কৰিব নোৱাৰে। বাচ‍্যাৰ্থৰ যদি নিজা লাৱণ্য গুণ থাকে অলংকাৰে তাকেহে সোণত সুৱাগী চৰাব পাৰে।

বামনৰ মতে, বাগ‍্যাৰ্থত ওজঃ আদি গুণ থাকিব লাগিব। এই গুণবোৰ কাব্যৰ স্থায়ী ধৰ্ম। এই গুণবিলাক থাকিলে যদি অলংকাৰ আধান কৰা হয়, তেতিয়াহে সেই অলংকাৰ সাৰ্থক হ’ব। অলংকাৰ কাব্যৰ শোভাকাৰক নহয়। শোভাবৰ্দ্ধকহে। অলংকাৰ কাব্যৰ অনিত‍্যবস্তু। অলংকাৰ থাকিলে ভাল, নাথাকিলেও কাব্যৰ একো হানি নহয়।

ধ্বনিবাদী আচাৰ্যসকলে গুণক স্বীকাৰ কৰা নাই। তেওঁলোকে ৰসকহে প্ৰাধান্য দিছে। অলংকাৰক তেওঁলোকে শব্দাৰ্থণৰীৰৰ শোভাদায়ক বুলি নকৈ ৰসৰূপ কাব্যাত্মাৰ শব্দাৰ্থশৰীৰৰ যোগেদি সৌন্দৰ্যবৰ্দ্ধক বুলিহে মানি লয়। আনন্দবৰ্ধনে ধ্বন‍্যালোকত অলংকাৰক ৰসানুগুণ কৰি প্ৰয়োগ কৰাৰ কথা কৈছে। অলংকাৰে প্ৰকৃত অলংকাৰত্ব পাবলৈ হ’লে ৰস আৰু ভাবৰ পৰিপোষক হ’ব লাগিব। ৰসানুগুণৰ ওপৰতে অলংকাৰৰ সাৰ্থকতা। ৰসসিদ্ধ কবিয়ে ৰসসৃষ্টি কৰোঁতে অলংকাৰ দিওঁ বুলি সুকীয়াকৈ প্ৰযত্ন কৰিব নালাগে। অলংকাৰে আপোনা-আপুনি ধৰা দিয়েহি।

আলংকাৰিক মন্মটাচাৰ্যই ৰসতত্বৰ ওপৰত ভেঁজা দি অলংকাৰৰ লক্ষণ নিৰূপন কৰিছে “যেনেকৈ হাৰ আদি আভূষণে কণ্ঠাদি অংগৰ সৌন্দৰ্য বঢ়ায়, সেইদৰে উপমা আদি অলংকাৰে শব্দাৰ্থ শৰীৰৰ যোগেদি সেই ৰসৰূপ শৰীৰৰ সৌন্দৰ্য বঢ়ায়। য’ত ৰস নাই তাত অলংকাৰেও একো সৌন্দৰ্য বঢ়াব-নোৱাৰে।

ওপৰৰ আচাৰ্যসকলৰ মতবোৰ চোৱাৰ পিছত ধ্বনিবাদৰ মতটোৱেই যুক্তিসিদ্ধ যেন লাগে। এনে বহুত কবিতা আছে য’ত কোনো অলংকাৰ নাই, অথচ নিৰালংকাৰ হৈও ৰসপ্ৰাহী কবিতাৰ শাৰীলৈ উঠিছে। আকৌ এনে বহু কবিতা আছে য’ত কবিৰ অলংকাৰৰ আতিশয‍্য নিৰস কাব‍্যলৈ পৰ্য্যবসিত হৈছে। উদাহৰণস্বৰূপে মাধৱ কন্দলিৰ ৰামায়ণত বহু ঠাইত অলংকাৰৰ আতিশয‍্য কাব্য নিৰস হৈ পৰিছে।

কথাটো এনেকুৱা-সোণ ৰূপত বাখৰ লগালে নিজৰ জেউতিৰ চৰে আৰু সোণ ৰূপতো জেউতি চৰায়; কিন্তু লোহা বা শীহত বাখৰ খটোৱালে এই দুটাৰ এটাৰো সৌন্দৰ্য নাবাঢ়ে। একেদৰে ৰসহীন কাব্যত অলংকাৰে একো সৌন্দৰ্য বঢ়াব নোৱাৰে। আকৌ ৰসভাবাদি পৰিস্ফুৰণত সৌন্দৰ্যশালী কাব‍্যশৰীৰ নিৰালংকাৰ হৈ হৃদয়গ্ৰাহী কাব্য হ’ব পাৰে। চৰবত পান কৰোঁতে তাৰ টেঙা গুণ, লোণ মিঠা আদি উপাদানবোৰ বেলেগ বেলেগ অনুভৱ নকৰি অখণ্ডভাৱে তাৰ স্বাদ গ্ৰহণ কৰে। একেদৰে ৰস, ভাৱ গুণ আৰু অলংকাৰাদি পাঠকে বা শ্ৰোতাই পৃথকে গ্ৰহণ নকৰি অখণ্ডভাৱে তাৰ সৌন্দৰ্য উপভোগ কৰে, গতিকে কাব‍্যত সুকীয়াকৈ অলংকাৰৰ সৌন্দৰ্য উপভোগ কৰা নাযায়।

(৪) শব্দালংকাৰ কাক বোলে? শব্দালংকাৰ কেই প্ৰকাৰ আৰু কি কি? প্ৰত‍্যেক ভাগৰে এটি আলোচনা আগবঢ়োৱা।

উত্তৰঃ য’ত কেৱল আখৰ বা শব্দই নানাবিধ ভংগীৰে সাহিত্যৰ জেউতি বঢ়ায়, শব্দালংকাৰ বোলে।

শব্দালংকাৰ প্ৰধানভাৱে পাঁচ বিধ। যেনে-

(ক) অনুপ্ৰাস।

(খ) যমক।

(গ) শ্লেষ।

(ঘ) পুনৰুক্তবদাভাস।

(ঙ) বক্ৰোক্তি।

(ক) অনুপ্ৰাসঃ এটা নিৰ্দ্দিষ্ট বৰ্ণ বা বৰ্ণ সমষ্টি যদি ৰচনাৰ মাজত একাধিকবাৰ প্ৰয়োগ হয়, তেতিয়া সি অনুপ্ৰাস হয়। যেনে-

এটুপি চকুৰ লো

এখনি কোমল হিয়া,

এষাৰি ‘আয়ৈ দেহি’

আৰু এটি হুমুনিয়া…..(মফিজুদ্দিন হাজৰিকা)

অনুপ্ৰাস পাঁচ প্ৰকাৰৰ- বৃত্তানুপ্ৰাস, ছেকানুপ্ৰাস, শ্ৰুত‍্যনুপ্ৰাস, অন্ত‍্যানুপ্ৰাস আৰু লাটানুপ্ৰাস।

বৃত্তানুপ্ৰাসঃ এটা বা সৰহ ব্যঞ্জনবৰ্ণ দুবাৰতকৈ বেছি উল্লেখ থকাক বৃত্ত‍্যনুপ্ৰাস বোলে।দুবাৰ হ’লেও যদি কেইবাটাও বৰ্ণৰ পুনৰুল্লেখ থাকে, তাকো বৃত্তানুপ্ৰাস বোলা যায়। যেনে- অগতিৰ গতি তুমি অনাথৰ নাথ।

ঠাট প্ৰকট পট কৌটি কৌটি কপি

             গিৰি গৰ গৰ পদ ঘাৱে।

বাৰিধি ভীৰ তৰি কৰে গুৰুতৰ গিৰি 

             ধৰি ধৰি সমৰক ধাৱে।

‘চ’তে চত গই বহাগে পালেহি

             ফুলিলে ভেবেলী লতা।’

সেইদিনা যৌৱনৰ সাগৰ ভীৰত

              প্ৰণয়ৰ অৰুণ উদয়।

ছেকানুপ্ৰাস : আগেয়ে যি যি ব্যঞ্জনবৰ্ণ যেনেকৈ আছিল পাছতো ঠিক তেনেকৈ বহিলে তাক ছেকানুপ্ৰাস বোলে। যেনে-

শোভাৰ অঞ্জন তুলা তৰ শোভাঞ্জন।

একালৰ বৃন্দাবন,

একালত হব বন,

নিয়তিৰ এনুৱা বিধান।

বুৰঞ্জীয়ে দিয়ে সমিধান।”

অন্ত‍্যানুপ্ৰাস : পদ, দুলড়ী আদি ছন্দৰ পৰ্বান্তৰৰ লগত পৰ্বান্তৰ আৰু চৰণান্তৰৰ লগত চৰণান্তৰ ধ্বনিৰ যি মিল, তাকেই বোলা হয় অন্ত‍্যানুপ্ৰাস। যেনে-

যাক স্মৃৰি তৰে মহা পাপীচয়।

ভজোহো সাদৰে হেন ৰাম কৃপাময়।।

লাটানুপ্ৰাস : এটা বা তাতোকৈ অধিক শব্দ একে অৰ্থতে, মাত্ৰ তাৎপৰ্য ভেদে একাধিকবাৰ ব্যৱহাৰ হ’লে, তাকেই বোলা হয় লাটানুপ্ৰাস। যেনে- 

নগ’লে পাথৰ, নজ্বলে আখৰ, নজ্বলে বুকুৰ জ্বলন্ত ভাষা….।

(খ) যমক : দুটা বা তাতকৈ বেছি ব্যঞ্জনবৰ্ণ স্বৰবৰ্ণযুক্ত হৈ সাৰ্থকভাৱেই হওক বা নিৰৰ্থকভাবেই হওক, যদি ক্ৰমসাদৃশ‍্যৰ মাজেদি পুনৰাবৃত্তি হয়, তেতিয়া যমক অলংকাৰ হয়। যেনে-

সিংহদলে যেন দলিলে শৃগাল একা

ভ্ৰাতৃশোকে নিৰগত অক্ষবাৰি বাৰি, 

তব কোপনলে পৰি অনঙ্গ অনঙ্গ হইছিলে।

(গ) শ্লেষ : ৰচনাৰ মাজৰ কোনো নিৰ্দ্দিষ্ট শব্দই একাধিক এৰ্থ সূচনা কৰিলে শ্লেষ অলংকাৰ হয়। অৱশ্যে নিৰ্দ্দিষ্ট শব্দ এটাই একাধিকবাৰ প্ৰয়োগৰ মাজদি একাধিক অৰ্থৰ সূচনা কৰিলে শ্লেষ-অলংকাৰ নহয় ইয়াৰ এক প্ৰয়োগৰ মাজতেই একাধিক অৰ্থৰ সূচনা হ’ব লাগিব।

যেনে- নৰক-বিনাশন কৃষ্ণ

এই বাক‍্যটো ‘নৰক-বিনাশন’ ৰ অৰ্থ দুটা- নৰকৰ ভয় গুচাওতা আৰু নৰক নামৰ অসুৰক হত্যা কৰোতা।

(ঘ) পুনৰুক্তবদাভাস : ৰচনাৰ মাজত কেতিয়াবা দুই এটা বাক্য বা বাক‍্যাংশ পোৱা যায়, য’ত এক অৰ্থতে একাধিক শব্দ ব‍্যৱহাৰ কৰিছে যেন লাগে।কিন্তু ভালকৈ টং কৰিলে বুজা যায়- শব্দকেইটা একাৰ্থবাচক হৈ পুনৰুক্ত হোৱা নাই, সিহঁত বেলেগ বেলেগ অৰ্থবাচকহে। একে ধৰণৰ শব্দযোজনাই পুনৰুক্তবদাভাস বোলে।

যেনে- 

শকুন্তলাৰ তনু দেহৰ সৌন্দৰ্যত দুষ্মন্ত মুগ্ধ।

পলণ্ড কুঠাৰখন পাৰিয়া কান্ধত।

ভয়ংকৰ ধনুখান ধৰিয়া হাতত।

ৰাজাৰ সেনাৰ মাজে ভৈলা উপগত।

কোনোবা জোনাক নিশা

জুৰিৰ কাষত তুমি আৰু মই

বুকুত মৰুৰ তৃষা

কোনোবা জোনাক নিশা।

(ঙ) বক্ৰোক্তি : যিটো অৰ্থ বক্তাৰ অভিপ্ৰেত, সেই অৰ্থটো যদি শ্ৰোতাই গ্ৰহণ নকৰি আন অৰ্থ লয়, তেতিয়া হয় বক্ৰোক্তি অলংকাৰ। যেনে- ধূলি উৰুৱাই ইৰুজাক ঘৰলৈ আহিল। ইয়াত গৰুজাকে ধূলি উৰুৱাই ঘৰলৈ অহা মানে গধূলি হ’ল। মানুহে কামে-কাজে লাগিব হ’ল এই কথা বুজাব বিচাৰিছে।

(৫) অনুপ্ৰাস অলংকাৰ কাক বোলে? অনুপ্ৰাস অলংকাৰক কেইভাগত ভাগ কৰিব পাৰি? প্ৰতিটো ভাগৰে এটি আলোচনা কৰা?

উত্তৰঃ একোটা বৰ্ণ বা বৰ্ণ সমষ্টিক বাৰে বাৰে উল্লেখ কৰি বাক্যক বা কাব‍্যক এক মনোৰম সৌন্দৰ্য দান কৰা যায়। বৰ্ণ বা ধ্বনি সমষ্টি প্ৰয়োগৰ এনে কৌশলকে অনুপ্ৰাস বোলে। অনুপ্ৰাস শব্দৰ অৰ্থ হ’ল -ৰসাদিৰ অনুকূল (অনু) প্ৰকৃষ্টাভাৱে 

(প্ৰ) বৰ্ণৰ ন‍্যাস (আস) কৰা। গতিকে ৰসগুষ্টিৰ কাৰণে এটা বৰ্ণ বাশব্দ একাধিকবাৰ ওচৰা-ওচৰিকৈ বিন‍্যাস কৰাকে অনুপ্ৰাস বোলে।

অনুপ্ৰাসৰ নিয়ম বা নিবন্ধন চাৰিটাঃ

১। শুনিবলৈ শুৱলা : শুনিবলৈ শুৱলা নহ’লে সি অলংকাৰযোগ‍্য নহয়।

২। সদৃশ : একেটা বৰ্ণ বা ধ্বনি যেনে-ক কম ম জ,জ,ব,ব  ইত্যাদি।

৩। ব্যঞ্জন বৰ্ণাত্ৰিত : অনুপ্ৰাসত স্ব-ধ্বনিৰ স্থান নাই। স্বৰধ্বনিৰ পনঃপুনঃ আবৃত্তি কৰিলে সি সৌন্দৰ্যশালী নহয় অৰ্থাৎ শুনিবলৈ শুৱলা নহয়। ব‍্যঞ্জনবৰ্ণ আশ্ৰয় কৰিহে অনুপ্ৰাস গঢ়ি উঠে।

৪। ওচৰা- ওচৰিকৈ বিন‍্যাস : অনুপ্ৰাস হ’বলৈ হ’লে একোটা বৰ্ণ ওচৰা-ওচৰিকৈ বিন‍্যাস হ’ব লাগিব। এটা বৰ্ণ উচ্চাৰণ কৰাৰ বহু পিছত যদি সেই বৰ্ণ আকৌ উচ্চাৰণ কৰা হয়, তেন্তে সেই উচ্চাৰণ মাধুৰ্যপূৰ্ণ নহ’ব যেনে-

(ক) মিত্ৰদেৱ মহন্তৰ ধেমালিকৰ পদঃ

“বগাকৈ বগলী      বহলাই বহিছে

        বলুকাত বিয়লী বেলা।

 বকুল বাগৰিছে     ববছা বনতে

         বুটলি   বিলাওগৈ ব’লা।”

ইয়াত ‘ব’ ব্যঞ্জন ধ্বনি বাৰে বাৰে আবৃত্তি হোৱাৰ ফলত পদ ফাঁকি শ্ৰুতি মাধুৰ্য হৈছে। ‘ব’ ধ্বনি বাৰে বাৰে উল্লেখ হৈ অনুপ্ৰাস অলংকাৰ হৈছে।

(৫) বিহগী কবি ৰঘুনাথ চৌধাৰীদেৱীৰ ‘মাধুৰী’ কবিতাটো অনুপ্ৰাস অলংকাৰৰ অতুলনীয় চানেকি। অনুপ্ৰাসৰ প্ৰয়োগে সমগ্ৰ কবিতাটো সুশ্ৰাব‍্য আৰু চিত্তাকৰ্ষক কৰি তুলিছে। যেনে-

মন্দ মন্দ মকৰন্দ মদগন্ধে

মোদিত মাধৱী কুঞ্জ

মৃদু মধু ৰসে মৰ্থিত মৰ্দ্দিত

মঞ্জুল মঞ্জুল পুঞ্জ।”

উল্লিখিত কবিতা ফাঁকিত “ম”,  “ঞ্জ” আৰু সেইদৰে “মন্দ”, “মঞ্জুল” আদি ধ্বনি আৰু শব্দ বাৰে বাৰে ধ্বনিত হৈ কবিতাফীকিক এক অপূৰ্ব মাধুৰ্য‍্য দান কৰিছে, ইত্যাদি। 

৬। বৈষ্ণৱ যুগৰ কাব্য আৰু ভটিমাসমূহৰ অনুপ্ৰাস অলংকাৰৰেই পয়োভৰ যেনে-

“পৰম পুৰুষ পুৰাতন পাপী পৱিত্ৰ ইশ্বৰ দেৱ।

ব্ৰহ্মা ৰুন্দ্ৰ আদি দিকপাল যাকু, নিত্য কৰত সেৱ।।

যক্ষ ৰক্ষ বিপক্ষ লক্ষ লক্ষ ক্ষয়কাৰী।। দুষ্ট দৈত‍্য দানৱ দল দীন দাৰিদ‍্য দুঃখ ভয়হাৰী।।”- শঙ্কৰদেৱ

ইয়াত “প”, “ক্ষ”, “দ”, “ল” আদি ধ্বনি বাৰে বাবে ধ্বনিত হৈছে।

৭। আধুনিক কবিতাৰ মাজতো অনুপ্ৰাস অলংকাৰৰ সুন্দৰ প্ৰয়োগ ঘটিছে। যেনে-

“আৰু তোমাৰ চাবুকত চমকি উঠিছে

নিৰ্জন ৰাতিৰ ক্লীৱতা”-হীৰেন ভট্টাচাৰ্য

কবিতা পংক্তিত “চ”, “ক” ধ্বনিয়ে অনুপ্ৰাসৰ সূচনা কৰিছে।

“এদিন আছিলোঁ ফুল দুটি ফুল এটি হৈ বসন্ত মালঞ্চ মল্লিকা

ফুল সৰু সৰু সুৰৰ টোপাল সৰি সৰি সৰণি ওপচি পৰা সুৰৰ সুৰভি।।”

ইয়াত- “ফ”, “ম”, “ল”, “স” বাৰে বাৰে ধ্বনিত হৈ কবিতা ফাঁকি মাধুৰ্য দান কৰিছে।

অনুপ্ৰাসৰ প্ৰকাৰঃ স‌ংস্কৃত আলংকাৰিক সকলে অনুগ্ৰাসক সূক্ষ্মভাৱে কেইবাটাও শ্ৰেণীত ভাগ কৰিছে-বৃত্তানুপ্ৰাস, ছেকানুপ্ৰাস, লাটানুপ্ৰাস, শ্ৰত‍্যনুপ্ৰাস আৰু অস্ত‍্যানুপ্ৰাস। বঙালী আলংকাৰিক শ‍্যামাদাস চক্ৰৱৰ্তীয়ে আদ‍্যানুপাস আৰু মধ‍্যানুপ্ৰাস নামৰ আৰু দুটা প্ৰকাৰ যোগ কৰিছে।

বৃত্তানুপ্ৰাসঃ এটা বা তাতোকৈ বেছি ব‍্যঞ্জন বৰ্ণ দুবাৰ বা তাতোকৈ বেছি ধ্বনিত হ’লে তাক বৃত্তানুপ্ৰাস বোলে। যেনে-

(ক) “বগাকৈ বগলী         বহলাই বলিছে

             বকুল বাগৰিছে ববাছ বনতে

বকুল বাগৰিছে              ববাছ বনতে

             বুটলি বিলাওগৈ ব’লা।।”-মিত্ৰদেৱ মহন্ত

-ইয়াত প্ৰতিশব্দতে ‘ব’ধ্বনি হৈছে!

(খ) জগ জগ জীৱন       অজন জনাৰ্দ্দন

                  দনুজ দমন দুখহাৰী।

      মহাদানন্দ                কন্দ পৰমানন্দ

      নন্দ নন্দন বনচাৰী।-শংকৰদেৱ

উল্লিখিত ত্ৰিপদীত “জ”‘, “দ”, “ন”, “ম” আদি কেইবাবাৰো ধ্বনিত হৈছে।

(গ) “পখিলাৰ পাখিৰে পাল নতৰিবি নাৱৰীয়া”-জ‍্যোতিপ্ৰসাদ

ইয়াত “প”, ‘ন’, “ৰ” বাৰে বাৰে ধ্বনিত হৈছে।

(ঘ) মিলিছে মাধৱী       মাধৱী পৰশে

মাকন্দ মঞ্জৰী সঙ্গে।-ৰঘুনাথ চৌধাৰী

উল্লিখিত কবিতা ফাঁকিত “ম” বাৰে বাবে ধ্বনিত হৈ কবিতাক অপূৰ্ব সৌন্দৰ্য দান কৰিছে ইত্যাদি।

ছেকানুপাসঃ যুক্তভাৱেই হওক বা বিষুক্তভাৱেই হওক দুটা বা তাতকৈ বেছি ব‍্যঞ্জন ধ্বনি যদি দুবাৰকৈ ধ্বনিত হয়, তেতিয়া তাক ছেকানুপাস বোলে। এটা ব‍্যঞ্জন ধ্বনিৰে ছেকানুপ্ৰাস নহয়। যথা-

পাগুৰি পিন্ধিলা হীৰাৰ পাথৰ”ত ছেকানুপ্ৰাস নাই, কিন্তু।

“পখিলা পাখিৰে পাল নতৰিবা নাৱৰীয়া “ত ছেকানুপ্ৰাস আছে। 

ইয়াত। “প”,  “খ”‘, “ন” দুবাৰকৈ ধ্বনিত হৈছে। আনকেইটামান উদাহৰণ হ’ল-

(ক) মন্দ মন্দ মকৰন্দ মদগন্ধে

খোদিত মাধৱী কুঞ্জ

মৃদু মধু ৰসে মথিত মৰ্দ্দিত

মঞ্জুল মঞ্জুল পুঞ্জ।।” ৰঘুনাথ চৌধাৰী।

ইয়াত “ম”,  “নদ”, “দ”, “গজ”, “ল” দুবাৰতকৈও বেছি উল্লেখ হৈছে।

(খ) মন্দ মন্দ বায়ু বহে শীতলাই দেহ”

ইয়াত-“ম” আৰু “ব” দুবাৰকৈ ধ্বনিত হৈছে।

(গ) “চতুৰ চতুৰানন চিত্ৰলে যুগল।” 

ইয়াত- “চ”, “ত”, “ন” দুবাৰকৈ ধ্বনিত হৈছে।

(ঘ) “আমন- জিমনকৈ মৰিশালিখন জীয়াই আছে

কবৰবোৰ জীয়াই আছে হাড়ে হাড়ে।” -কেশৱ মহন্ত

উল্লিখিত কবিতা ফাঁকিৰ- “ম”, “ন”, “জ”, “হ”, “ড়”- দুবাৰ বা তাতকৈ বেছি ধ্বনি হৈছে; কিন্তু এবাৰ ধ্বনিত হ’লে সি ছেকানুপ্ৰাস নহ’ব।

(ঙ) ধূলি আৰু ধোৱা চিল্কৰ চিকিমিকি

তেজৰঙা ব্লাউজৰ অপাৰ সমুদ্ৰ”-হৰি বৰকাকতি

কবিতাফীকিত “ধ”, “ল”, “চ”, “ক”, “ৰ” আদি ধ্বনি দুৱাৰকৈ ধ্বনিত হৈছে। সেয়ে ইও ছেকানুপ্ৰাস অলংকাৰ।

অন্ত‍্যানুপ্ৰাসঃ অন্ত‍্যানুপ্ৰাস হ’ল কবিতাৰ স্তৱকৰ কন্তিম ধ্বনিৰ পুনৰাবৃত্তি। মিত্ৰাক্ষৰ ছন্দতো কবিতাৰ শেষ বৰ্ণবোৰৰ মিল থাকে বা একে হয়। কবিতাৰ শেষ বৰ্ণৰ মিল থকাকে অনুন্ত‍্যানুপাস বোলে। যেনে- 

(ক) “পাচে ত্ৰিনয়ন দিব‍্য উপবন

দেখিলিন্ত বিদ‍্যমান।

ফল ফুল ধৰি জকমক কৰি।

আছে যত বৃক্ষমান।”-শংকৰদেৱ

ইয়াত “বিদ‍্যমান”ৰ “ন” আৰু “বৃক্ষমান”, “ন” ধ্বনি একে। সেয়ে এইটো অন্ত‍্যানুপ্ৰাস অলংকাৰ। আৰু দুটামান উদাহৰণ যেনে-

(খ) “প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন।

সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ।”- শংকৰদেৱ

(গ)”মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে

সেউজীয়া বননিৰ বৰণেৰে ঢকা‌।

অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতি লই

বুকুৰ তেজেৰে আছে অন্তৰতে অঁকা।”-যতীন্দ্ৰ নাথ দুৱৰা

(ঘ) “নীলিমৰ বুকুৰাজি

দিছে গন্ধ ফাঁকুগুৰি।

মৃদু মলয়ত ফুৰে

দিক চক্ৰবাল জুৰি।।” ইত্যাদি। – ৰঘুনাথ চৌধাৰী

লাটানুপ্ৰাস : লাটানুপ্ৰাস যমকৰ ওচৰা-ওচৰি। যেতিয়া একেটা শব্দ তাৎপৰ্যভেদে বিভিন্ন অৰ্থত ব্যৱহাৰ কৰা হয়, তেতিয়া তাক লাটানুপ্ৰাস বোলে। যেনে-

১। “ঘন ঘনস্থিত কিম্বা তড়িতৰ মালা” -ভোলানাথ দাস

ইয়াত প্ৰথম “ঘনু”ৰ অৰ্থ ডাঠ আৰু দ্বিতীয় ‘ঘন’ৰ অৰ্থ হ’ল ডাৱৰ।

২। “মিলিছে মাধৱী        মাধৱী পৰশে

           মাকন্দ মঞ্জৰী সঙ্গে।”-ৰঘুনাথ চৌধাৰী

ইয়াত প্ৰথম ‘মাধৱী’ৰ অৰ্থ হ’ল এবিধ লতা আৰু দ্বিতীয় “মাধৱী” ৰ অৰ্থ হ’ল বসন্তকাল।

৩। “অপাৰ সংসাৰ সিন্ধু আৰু বিষ্ণুয়ে পৰম পাৰ যত

পাৰ আছে তাত পৰমপৰমাত্মা ৰূপে।

তেন্তে তুমি জানা ব্ৰহ্মপীৰ পৰপাৰ- ভূত যাতপাৰ

আসম্বাৰ পাৰ বিষ্ণুসে পাৰ স্বৰূপে।” -মাধৱদেৱ

ইয়াত-প্ৰথম “পাৰ” গতি, উদ্ধাৰৰ উপায়, দ্বিতীয় “পাৰ”ৰ অৰ্থ  – হ’ল- মুক্তি, জীৱন মুক্তি ইত্যাদি।

শ্ৰুত‍্যনুপ্ৰাস : শ্ৰুত‍্যনুপ্ৰাসে কবিতাৰ ভাষাৰ ধ্বনি সামঞ্জস‍্যৰ স্বৰূপ প্ৰকাশ কৰে। আচলতে কেউটা অনুপ্ৰাসেই শ্ৰুত‍্যনুপ্ৰাসৰ অন্তগত। শ্ৰুত‍্যনুপ্ৰাসৰ সাধাৰণ ব্যৱহাৰো আলংকাৰিকসকলে দেখুৱাইছে। যেনে-

১। নিৰাবৰণ বক্ষে তব নিৰাভৰণ দেহে

 চিকন সোণাৰ লিখন উষা একেঁ দিল স্নেহে।”-ৰবীন্দ্ৰনাথ।

ইয়াত ‘বৰণ’আৰু ‘ভৰণ’, ‘চিকন ‘ আৰু ‘লিখন’ৰ মাতত ধ্বনি সামঞ্জস্য হৈছে। সেয়ে ইয়াক শ্ৰুত‍্যনুপ্ৰাস অলংকাৰ বোলে।

২। সিন্ধু মথনত উঠা বিষ অগ্নি স্ৰোত

শিৱ বিনে কোন কৰে বোধ।।”

৩। আকাসতে তাৰ মদিৰ ধৰাৰ

লাগিল প্ৰাণৰ স্বপ্ন ৰেখ

নিৰস মাটিৰে ৰস চুহি লই

তৰুণে প্ৰকাশে প্ৰাণৰ বেগ

ওপৰৰ উদাহৰণ দুটাত ‘ৰ’ আৰু ‘ধ’; ‘খ’ আৰু “গ” ৰ মাজত ধ্বনি সামঞ্জস্য হৈছে। সেয়ে ইহঁত শ্ৰত‍্যানুপ্ৰাস অলংকাৰ।

আদ‍্যানুপ্ৰাসঃ আদ‍্যানুপ্ৰাস সংস্কৃত আৰু সংস্কৃতমূলীয় ভাৰতীয় ভাষাসমূহ আৰু ইংৰাজী ভাষাত বিৰল। দ্ৰাবিড়মূলীয় তামিল, কণ্ণড় আদি ভাষাৰ প্ৰাচীন কবিতা সমূহত আদ‍্যানুপ্ৰাসৰ ব্যৱহাৰ আছিল।

শংকৰদেৱৰ সংস্কৃত টোটয়ত আদ‍্যানুপ্ৰাস অলংকাৰৰ প্ৰয়োগ দেখা যায়। যেনে-

মধন্দানৱ দাৰণ দেৱ বৰম্।

বৰ বাৰিজ লোচন চক্ৰধৰম্।।

ধৰণীধৰ ধাৰণ ধোয় পৰম্।

পৰমাৰ্থ বিদ‍্যাশুভ নাশ কৰম্।।

কৰ চুৰ্ণিতচেদিপভূৰি ভগম্।

ভগ ভূষণ কোৰ্চিতে পাদ যুগম্।। ইত্যাদি-দেৱভট্টিমা, শংকৰদেৱ

উল্লিখিত টোটয় ছন্দটোত বিভিন্ন অনুপ্ৰাসৰ চানেকি উপৰি প্ৰত‍্যেক পংক্তিৰ শেষৰ শব্দটোৰ (অনুনাসিক “ম্’টো এৰি) পিছৰ পংক্তিৰ প্ৰথম শব্দ হিচাবে ব্যৱহাৰ হোৱাত সি আদ‍্যন্ত অনুপ্ৰাস অলংকাৰ হিচাবে ধ্বনিত হৈছে ইত্যাদি।

(৬) অৰ্থালংকাৰ কাক বোলে? অৰ্থালংকাৰ কেই প্ৰকাৰ আৰু কি কি? প্ৰত‍্যেক ভাগৰে এটি আলোচনা আগবঢ়োৱা।

উত্তৰঃ যি অলঙ্কাৰ সম্পূৰ্ণৰূপে অৰ্থৰ ওপৰত নিৰ্ভৰ কৰে আৰু অলঙ্কাৰ সৃষ্ট নিৰ্দ্দিষ্ট শব্দকেইটা উঠাই তাৰ ঠাইত সমাৰ্থক আন শব্দ বহুৱালেও যি অলঙ্কাৰ হয়, তাকে অৰ্থালঙ্কাৰ বোলে।

পদ্ধতিগতভাৱে বিচাৰ কৰিবলৈ হ’লে অৰ্থালঙ্কাৰসমূহক তলত দিয়া ধৰণে পাঁচটা শ্ৰেণীৰ ভিতৰত সুমুৱাব পাৰি ঃ

(ক) সাদৃশ‍্যমূলক : ইয়াৰ অন্তৰ্ভুক্ত উপমা,  ৰূপক, প্ৰতীপ, স্মৰণ, অপহ্নুতি, সন্দেহ, নিশ্চয়, ভ্ৰান্তিমান, উল্লেখ, সামান্য, উৎপ্ৰেক্ষা, অতিশয়োক্তি, ব‍্যতিৰেক ,সমাসোক্তি, অপ্ৰস্তুত প্ৰশংসা, প্ৰতিবস্তুপমা, দৃষ্টান্ত, নিৰ্দশনা।

(খ) বৈসাদৃশ‍্যমূলক : বিৰোধ, বিষম, বিভাৱনা, বিশেষোক্তি, ব্যাঘাত আদি ইয়াৰ অন্তৰ্ভুক্ত।

(গ) শৃংখলামূলক : কাৰণমালা, একাৱলী, সাৰ, পৰ্যায় আদি ইয়াৰ অন্তৰ্ভুক্ত।

(ঘ) ন‍্যায়মূলক : অৰ্থান্তৰন‍্যাস, কাব‍্যলিঙ্গ, আক্ষেপ, সমুচ্চয়, আদি এই শ্ৰেণীৰ অন্তৰ্গত।

(ঙ) গূঢ়াৰ্থমূলক : ব্যাজস্তুতি, স্বভাৱোক্তি, ব্যাজোক্তি’ ভাৱক আদি এই শ্ৰেণীৰ অন্তৰ্গত।

(ক) সাদৃশ‍্যমূলকঃ

১. উপমা : একে ধৰ্ম অৰ্থাৎ একে ৰূপ, গুণ থকা বেলেগ শ্ৰেণীৰ দুটা বস্তুৰ (উপমান আৰু উপমিতৰ) সাদৃশ্য বৰ্ণনা কৰাকে উপমা বোলে। যাক তুলনা কৰা যায়, তাক উপমেয় বা উপমতি, আৰু যাৰ লগত তুলনা কৰা যায় তাক উপমান বোলে। উপমেয় আমাৰ হাতত বা আগত থকা বস্তু, আৰু উপমান বাহিৰা বস্তু। চিধাই ক’ব লাগিলে- উপমেয় ইয়াতে ৰয়, উপমান টানি আন- বুলি সংক্ষপ সূত্ৰেৰে ইয়াক ক’ব পাৰি।ইয়াত যেন, যথা আদি উপমাবোধক শব্দৰ প্ৰয়োগ থাকে।

উপমা, ৰূপক আৰু ব‍্যতিৰেক এই তিনিওটা অলংকাৰ একে শ্ৰেণীৰ। পাৰ্থক্যৰ ভিতৰত উপমাত তুলনাৰ বস্তু দুটাৰ সমান মূল্য ধৰি লোৱা হয়, ৰূপকত বস্তু দুটা অভিন্ন কল্পনা কৰি লোৱা হয়, আৰু ব‍্যতিৰেকত বস্তু দুটাৰ বিভিন্নতাৰ কম বেছি দেখুৱা হয়। যেনে-

তাক এৰি সুন্দৰীক খেদন্ত দুনাই।

যেন মত্ত হস্তী হস্তীনীক খেদি যায়।।

উপমা পাঁচ প্ৰকাৰৰ। যেনে : পূৰ্ণোপমা, লুপ্তোপমা, একদেশৱৰ্তিনী উপমা, ৰসনোপমা আৰু মালোপমা।

২. ৰূপকঃ উপমিতক উপমানৰ লগত অভেদ কল্পনা কৰাক অৰ্থাৎ উপমিতক উপমান ৰূপে আৰোপ কৰাক অলংকাৰ বোলে। যেনে-

এতিয়া কৰিলে কাল ধেমালিত হানি,

বিদ‍্যা-ধন উপাৰ্জ্জন কৰিবা কাহানি?

ইয়াত উপমেয় বিদ‍্যাক উপমিত ধনৰ লগত অভেদ কল্পনা কৰা হৈছে।

ৰূপক সাধাৰণতে তিনি প্ৰকাৰৰ-

(ক) পৰস্পৰিত।

(খ) সাংগ। আৰু 

(গ) নিৰংগ।

৩. সন্দেহ : উপমেয় আৰু উপমানৰ ভিতৰত সন্দেহ উপজিলে তাক সন্দেহ অলংকাৰ বোলে। যেনে-

স্বৰ্গ হৈতে কিবা          আসিল উৰ্ব্বশী

             কিবা ৰাতি তিলোত্তমা।

ইন্দ্ৰৰ ঘৰুণী               কিবা আইলা শচী

             কিবা অপেশ্বৰা হেমা।।

৪. ভ্ৰান্তিমান : অতিশয় মিল থকা এটা বস্তুক আন এটা বস্তু বুলি কল্পনা কৰি যি ভুলত পৰা যায় তাক ভ্ৰান্তিমান বোলে। যেনে-

মুখচন্দ্ৰ সম শোভে পদ্মৰ সুৰভি লোহে

বেঢ়ি মধুকৰে ৰোল।

৫. উল্লেখ : এটা বস্তুক নানা নামেৰে নানা প্ৰকাৰে বৰ্ণনা কৰা বিশেষত্বক উল্লেখ বোলে। 

উদাহৰণ স্বৰূপে- ৰঘুনাথ চৌধুৰীৰ ‘গিৰিমল্লিকা’ৰ কথা উল্লেখ কৰিব পাৰি। ইয়াত কবিয়ে গিৰিমল্লিকা ফুলক বিভিন্ন দৃষ্টিকোণৰ পৰা যথাক্ৰমে ‘অনবগুণ্ঠিতা ফুল্লশিখৰিণী’, ‘নন্দননন্দিতা দেৱপাৰিজাত’, ‘অপ্সৰীবেশ কোনো দেৱতাৰ হৃদয়ৰাণী’, ‘মদনৰ কামশৰ’আৰু ‘ফুলৰ কুঁৱৰী’-এই পাঁচটা মনোৰম কাল্পনিক চিত্ৰৰ মাজেদি ৰূপায়িত কৰিছে।

৬. অপহ্নুতি : য’ত আচল কথাটো (উপমিত) গোপন কৰি আগৰ কথাৰদ্বাৰা উপমানক প্ৰকাশ কৰা হয়, তাক অপহ্নুতি বোলে। যেনে-

কোনে কয় সেইটি হৰিণা পোৱালি?

           ইমান চেতনা নাই।

বনৰ সৌন্দৰ্য্যই ৰূপ ধৰি আহি

          দেওদি দুবৰি খায়।

৭. উৎপ্ৰেক্ষা : উপমতিক উপমানৰ দৰে একে (অভেদ) ধৰি লোৱাকে উৎপ্ৰেক্ষা বোলে। উৎপ্ৰেক্ষা দুবিধ- বাচ‍্যা আৰু প্ৰতীয়মানা।

৮. নিশ্চয় : উপমানক লুকাই কেৱল উপমেয়ক দেখুৱাকে নিশ্চয় বোলে। ই অপহ্নুতিৰ ওলোটা। যেনে-

হেৰা কামদেৱ মোক নকৰিবা শৰ।

নোহো তযু বৈৰী মই উপৰি জন্মৰ।।

৯. অতিশয়োক্তি : উপমিতৰ সলনি কেৱল উপমানক ব্যৱহাৰ কৰিলে নাইবা কোনো বস্তুক অতিপাতকৈ বঢ়াই বা টুটাই ক’লে তাক অতিশয়োক্তি বোলে। 

যেনে-সেই সিংহৰ গোজৰণিত মাটি কঁপি গৈছিল আৰু চকুৱে জুই বৰষিছিল।

১০. প্ৰতিৱস্তূপমাঃ যি অলংকাৰত সাদৃশ্যৰ অভিব‍্যঞ্জনা বিশিষ্ট দুটা বাক্যৰ অৰ্থত বেলেগ বেলেগ শব্দৰ দ্বাৰা এক সাধাৰণ ধৰ্মৰ নিৰ্দেশ কৰা হয় তাক প্ৰতিৱস্তূপমা অলংকাৰ বোলে। যেনে-

আগফালে শুৱনি        কাকিনি তামোল

             পাছফালে শুৱনি পাণ,

বৰ ঘৰৰে শুৱনি         গাভৰু ছোৱালী

             উলিয়াই দিবলৈ টান।

১১. দৃষ্টান্ত : যি অলংকাৰত সমধৰ্ম বিশিষ্ট প্ৰকৃত-অপ্ৰকৃত বস্তুদ্বয়ৰ বিম্বপ্ৰতিবিম্ব ভাব হয় তাক দৃষ্টান্ত অলংকাৰ বোলে। যেনে-

তোৰ নিন্দাবাণী         আমাক নাপাৱ

             শুন অনাচাৰ বাম

যতেক বুকুৰে             কামোৰ মাৰয়

             সৱেও আণ্ঠুৰ নাম।।

১২. নিদেৰ্শনাঃ কোনো বস্তুত অসম্ভৱ ধৰ্ম নাইবা কাৰ্য কল্পনা কৰাকে নিদেৰ্শনা বোলে।যেনে-

 হাতী হৈ মাখি ভৈলো         গোখোজত তল গৈলো

               কচুত ভাঙ্গিলো মই কাচি।

(খ) বৈসাদৃশ‍্যমূলক অলংকাৰ :

১. বিৰোধঃ আচলতে বিৰোধ নথকা বস্তুৱে বিৰোধ ভাব মনত ওপজাই দিলে তাকে বিৰোধ অলংকাৰ বোলা যায়।যেনে- চান্দ চন্দন মন্দ মলয় সমীৰে।

কেশৱ বিনে বিষ বাৰিষে শৰীৰে।।

পঙ্কজ পাত অহিত হেম বাৰি।

মধুকৰ নিকৰ কৰয় মহামাৰি।।

২. বিষমঃ (যি অলংকাৰত) কাৰণ আৰু কাৰ্যৰ গুণ নাইবা কাৰণৰ ক্ৰিয়াতকৈ পৰস্পৰ বিৰুদ্ধ হ’লে, অথবা কোনো কাৰ্যৰপৰা প্ৰত‍্যাশিত ফল সিদ্ধ নহৈ অপ্ৰত‍্যাশিত ফল সিদ্ধ হ’লে নাইবা পৰস্পৰ বিৰুদ্ধ দুটা পদাৰ্থ বা বস্তুৰ একত্ৰ সমাৱেশ হলে তাক বিষম অলংকাৰ বোলে।

বিসদৃশ গুণ বা বস্তুৰ বৰ্ণনাক বিষম বোলে। ইয়াত ক’ৰবাত এটা বস্তুকেই কাৰণত যেনে, কাৰ্যত তাৰ ওলোটাকৈ দেখুৱা হয়। মুঠেই সাদৃশ্য নথকা দুটা কথাৰ বা বস্তুৰ বিষম সম্বন্ধৰ বৰ্ণনাকেই বিষম অলংকাৰ বোলে। যেনে-

আগ দিনা বলি দেখো যায় গৰ্ভ গলি।

আজি দেখো বলি গোটা হাসে খল খলি।।

৩. বিশেষোক্তি : বি বৰ্ণনাৰ মাজত উপযুক্ত কাৰণ থাকে, অথচ তাৰ কাৰ্যোৎপত্তি দেখা নাযায়, তেনে বৰ্ণনা বিশেষোক্তি অলংকাৰ বোলে।যেনে-

ধনীৰ ধন-সম্পত্তি আছে, সুখ -শান্তি নাই।

৪. ব্যাঘাত : যি হেতুৰ দ্বাৰা এটা ফল হয়, সেই হেতুৰ দ্বাৰাই যদি তাৰ বিপৰীত ফল ফলে, তেতিয়া সেই বৰ্ণনা হয় ব্যাঘাত অলংকাৰ।

৫. বিভাৱনা : বিনা কাৰণে হোৱা কাৰ্যোৎপত্তিৰ বৰ্ণনাক সাধাৰণতে বিভাৱনা বোলা হয়।

(গ) শৃংখালামূলক অলংকাৰ :

১. কাৰণমালাঃ কোনো কাৰণৰ কাৰ্য পুনঃ পৰৱৰ্তী কাৰ্য্যৰ কাৰণৰূপে যদি থিয় দিয়ে, তেতিয়া হয় কাৰণমালা। যেনে-

লোভৰ পৰা হয় পাপ আৰু পাপে আনি দিয়ে মৃত্যু।

২. একাৱলী : ৰচনা বিশেষৰ মাজত যেতিয়া আগৰ বাক‍্যাৰ্থৰ বিশেষণবিলাক পাছৰ বাক‍্যাৰ্থৰ বিশেষ‍্যৰূপে থিয় দিয়ে, তেতিয়া হয় একাৱলী অলংকাৰ। যেনে-

নাছিল পুখুৰী তাত পদ্ম অশোভিত। 

নাছিল পদুমফুল ভোমোৰা ৰহিত।।

গুণ গুণ নোগোৱা নাছিল অলি তাত।

মন হৰি নিনিয়া নাছিল সেই মাত।।

৩. সাৰঃ ভাৱ আৰু ভাষা উভয়বিধৰে উত্তৰোত্তৰ উৎকৰ্ষকেই সাৰ বোলা হয়। যেনে-

ৰক্ষৰ বোৱাৰী মই, দানৱজীয়াৰী,

মেঘনাদ স্বামী মোৰ ৰাৱণ শহুৰ,

মইনো কৰোনে ভয় ভিক্ষুক ৰামক?

৪. পৰ্য্যায়ঃ এটা বস্তু যদি ক্ৰমে বহু ঠাইত পতিত হয়, বা আশ্ৰয় লয়, তাকেই বোলা হয় পৰ্য্যায় অলংকাৰ।যেনে-

আকাশৰ পৰা আহি নিয়ৰৰ পানী টুপি

          চকুৰ পাতত লয় ঠাই।

অধৰত পৰি পাছে বুকুত জিৰণি লৈ

          লাহে লাহে ত্ৰিৱলী বগাই

          নাভিৰ মাজত ডুবি যায়।

(ঘ) ন‍্যায়মূলক অলংকাৰ :

১. অৰ্থান্তৰন‍্যাসঃ কাৰ্যৰদ্বাৰা কাৰণ, কাৰণৰ দ্বাৰা কাৰ্য, সামান‍্যৰদ্বাৰা বিশেষ, বিশেষৰদ্বাৰা সামান‍্যৰ সমৰ্থন কৰা বিশেষত্বক অৰ্থান্তৰন‍্যাস অলংকাৰ বোলে।যেনে-

যত্নত হে ৰত্ন পায় বুলি লোকে কয়,

আপোনাতে পালোঁ কথা অসত‍্য।

২. কাব‍্যলিঙ্গ : কোনো কাব্য বা পদৰ অৰ্থক ব‍্যঞ্জনাৰদ্বাৰা কোনো বৰ্ণনীয় হবিষয়ৰ কাৰণস্বৰূপে দেখুৱালে কাব‍্যলিঙ্গ অলংকাৰ হয়। যেনে-

লইতৰ পাৰৰে আমি ডেকা ল’ৰা মৰিবলৈ ভয় নাই।

৩. আক্ষেপ : অভিপ্ৰেত কোনো বাক‍্যাৰ্থ বিশেষকৈ বুজোৱাৰ কাৰণে কেতিয়াবা আপাত- নিষেধৰদ্বাৰা তাৰ বিধি দিয়া হয়, কেতিয়াবা আকৌ আপাত-বিধিৰ দ্বাৰা তাক নিষেধ কৰা হয়। এই ধৰণৰ ৰচনাভঙ্গীয়েই আক্ষেপ অলংকাৰ। যেনে-

সি ইমান তললৈ গৈছে, আৰু ফিৰাবৰ উপায় নাই।ইয়াত ‘ফিৰাবৰ উপায় নাই’-এই নিষেধ-বাক্যৰ দ্বাৰা ‘ সি তললৈ যোৱা’ অভিপ্ৰেত অৰ্থটো স্পষ্ট কৰি তোলাৰ বিধিহে দিয়া হৈছে।

৪. সমূচ্চয়ঃ কোনো কাৰ্য এটা কাৰণৰ পৰা উৎপন্ন হ’ব পৰা সত্ত্বেও যেতিয়া তা আৰু এক বা অধিক কাৰণ যোগ কৰে, তেতিয়া সমূচ্চয় অলংকাৰ হয়।যেনে-

কোন ধৰ্ম, কোন নীতি মতে,

জ্ঞাতি, জাতি, মান, জন্ম-ভূমি

সকলোকে দিলা জলাঞ্জলি?

(ঙ) গূঢ়াৰ্থমূল অলংকাৰ :

১. ব্যাজস্তুতি : প্ৰশংসাৰ ছলেৰে নিন্দাকথন আৰু নিন্দাৰ ছলেৰে প্ৰশংসা কৰাকে ব‍্যাজস্তুতি বোলে। যেনে-

তুমি কিমান সাধু মই জানো।

তুমি যেবৰ অসাধু, ইয়াত এই অৰ্থহে বুজোৱা হৈছে।

২. স্বভাৱোক্তি : কাব‍্যাদিত বস্তুস্বভাৱৰ যি যথাযথ, অথচ সূক্ষ্ম আৰু চমৎকাৰ বৰ্ণনাস তাকেই বোলা হয় স্বভাৱোক্তি।

৩. ব্যাজ‍্যোক্তিঃ কোনো কথা কাৰ্য‍্যাদিৰ দ্বাৰা প্ৰকাশ হ’লে ছলনাৰ দ্বাৰা যদি তাক গোপন কৰি ৰখা হয়, তেতিয়া ৰচনাভঙ্গী ব্যাজ‍্যোক্তি অলংকাৰ বোলা হয়।

৪. ভাৱিকঃ য’ত কোনো কল্পিত কথা বা অতীত-ভৱিষ্যতৰ কথা প্ৰত‍্যক্ষ-বস্তুৰ দৰে বৰ্ণনা কৰা হয়, সিয়েই ভাৱিক অলংকাৰ বোলে।

(৭) উপমা কাক বোলে? উপমা অলংকাৰৰ শ্ৰেণীবিভাজন কৰি আলোচনা আগবঢ়োৱা?

উত্তৰঃ এটা বাক‍্যত বা এফাঁকি কবিতাত থকা ভিন্ন গুণসম্পন্ন দুটা বস্তুৰ মাজত দেখুওৱা সাদৃশ‍্যকে উপমালংকাৰ বোলে। এই সাদৃশ্য গুণগত হ’ব পাৰে, ক্ৰিয়াগত অথবা গুণ-ক্ৰিয়া উভয়গত হ’ব পাৰে।

উপমাত হেন, যেন, দৰে, নিচিনা, তুল‍্য সম, সদৃশ‍্য আদি তুলনামূলক শব্দ ব‍্যৱহাৰ কৰা হয়।যেনে-

(ক) গুণগত উপমা :

“মোয এই হিয়াখনি জেতুকাপাতৰ দৰে

সেউজীয়া বননিৰ বৰণেৰে ঢকা।

অন্তৰ জ্বলোৱা ছবি     অতীতৰ স্মৃতি লই

বুকুৰ তেজেৰে আছে অন্তৰতে অঁকা।”-যতীন্দ্ৰনাথ দুৱৰা

ওপৰৰ কবিতাস্তৱকটো হিয়াখনি উপমেয়, জেতুকাপাত উপমান;উমৈহতীয়া বা সাধাৰণ ধৰ্ম সেউজীয়া বননিৰ বৰণ আৰু উপমাবাচক শব্দ হ’ল দৰে। ইয়াত হিয়াখনিক জেতুকাপাতৰ লগত তুলনা কৰা হৈছে।(ভাৱাৰ্থঃ জেতুকাপাত চিৰসেউজীয়া কিন্তু পিহি দিলেই ৰক্তাক্ত হয়, একেদৰে কবিৰ অন্তৰখন বাহিৰৰপৰা চিৰসেউজীয়া; কিন্তু বেদনাত ক্ষত-বিক্ষত, ৰক্তাক্ত।)

(খ) ক্ৰিয়াগত উপমা :

ৰঙা নৈ শুকালে মাছৰে বেজাৰত

লুইতখন শুকালে কিয়?

মই চেনাই শুকাইছো তোমাৰে বেজাৰত

তুমানো শুকাইছা কিয়?-বনগীত

ইয়াত উপমেয় অন্তৰ (মই); উপমান নৈ; সাধাৰণ ধৰ্ম  ‘শুকোৱা’ (ক্ৰিয়া), উপমাবাচক শব্দ  “কিয়’। ইয়াত মাছৰ বেজাৰত নদী শুকোৱাৰ দৰে ‘চেনাই বেজাৰত’ অন্তৰ শুকোৱাৰ কথা তুলনা কৰা হৈছে।

(গ) গুণক্ৰিয়া উভয়গত :

‘ঈশ স্বৰূপে হৰিসৱ ঘটে বৈঠহ

যৈচন গগণ বিয়াপি।” শংকৰদেৱ

ওপৰৰ পদফাঁকিত সাদৃশ্য প্ৰতিষ্ঠিত হৈছে গুণ আৰু ক্ৰিয়াৰ সমতাৰ ওপৰত। ইয়াত উপমেয় হৰি; উপমান গগন; সাধাৰণ ধৰ্ম সৱঘটে বৈঠা (ক্ৰিয়া)আৰু বিয়াপী (গুণ)।

উপমালংকাৰৰ প্ৰকাৰঃ উপমালংকাৰ প্ৰধানত তিনি প্ৰকাৰ।

পূৰ্ণেপিমা, মালোপমা আৰু লুণ্ডোপমা। ইয়াৰ উপৰি সমানোপমা, উপমেয়োপমা, ৰসনোপমা আদি কেইটামান প্ৰকাৰ পোৱা যায়।

পূৰ্ণোপমা : যি উপমাত উপমাৰ চাৰিওটা অংগ অৰ্থাৎ উপমেয়, উপমান, উমৈহতীয়া ধৰ্ম আৰু তুলনা বা উপমাবাচক শব্দ এই কেউটা থাকে তাক পূৰ্ণোপমা বোলে।যেনে-

(১) ওপৰৰ-

“মোৰ এই হিয়াখনি জেতুকাপাতৰ দৰে।

সেউজীয়া বননিৰ বৰণেৰে ঢকা।”

ইয়াত উপমেয় হিয়াখনি; উপমান জেতুকাপাত, সাধাৰণ ধৰ্ম ‘সেউজীয়া বননিৰ বৰণ’ আৰু তুলনাবাচক শব্দ ” দৰে’। গতিকে ই পূৰ্ণেপিমা।

আন এটা উদাহৰণ চোৱা যাওক-

(২) ঘৰতো নবহে  মন সমনীয়া

      পথাৰতো নবহে মন। ।

কমোৱা তুলাবোৰ      যেনেকৈ উৰিছে

       তেনেকৈ উৰিবৰ মন।”-যোজনা

ওপৰৰ যোজনাটিত উপমেয় মন, উপমান কমোৱা তুলা, সাধাৰণ ধৰ্ম উৰিছে আৰু উপমা বা তুলনাবাচক অথবা সাদৃশ‍্যবাচক শব্দ যেনেকৈ, তেনেকৈ। উপমাৰ চাৰিওটা অংগ স্পষ্টভাৱে প্ৰতিফলিত হোৱা কাৰণে ই এটা পূৰ্ণোপমা।

মালোপমা : একেডাল সূতাৰে ফুলৰ মালা গৌথাৰ দৰে এটা উপমেয়ৰ লগত কেইবাটাও উপমানৰ সাদৃশ্য দেখুওৱাকে মালোপমা বোলে। যেনে-

(১) “তুমিয়ে ধন,তুমিয়ে জন, তঙমিয়ে আমাৰ নয়নমণি!”

ওপৰৰ বাক্যটোত উপমেয় তুমি আৰু উপমান ধন ,জন; নয়নমণি। ইয়াত উপমেয় আৰু উপমানৰ সাদৃশ্য দেখুওৱা হৈছে আৰু ই এডাল মালা সদৃশ‍্য হৈছে। সেয়ে ইয়াক মালোপমা-বোলে। 

(২ ) “তেওঁ আছিল বজ্ৰৰ দৰে কঠিন অথচ কুসুমৰ দৰে কোমল, কাঁড়ৰ দৰে পোন আৰু তৰুৰ দৰে সহিষ্ণু।”উল্লিখিত বাক‍্যত “তেওঁ”উপমেয় আৰু উপমান এনে বঞ্জ, কুসুম, কাঁড় আৰু তৰু’ৰ লগত তুলনা কৰা হৈছে।

(গ) ৰামে জল ৰামে থল ৰামেসে আকাশ। ৰামে মন্দৰ মেৰু ৰামেসে কৈলাশ।” -ৰামায়ণ ৰ

উপৰোক্ত পদফাঁকিত উপমেয় ৰাম আৰু এই উপমেয়ক ক্ৰমে জল, থল, আকাশ, মন্দৰ মেৰু আৰু কৈলাশ এইকেইটা উপমানৰ লগত সাদৃশ্য দেখুওৱা হৈছে। ই এডালি মালাৰ ৰূপ লৈছে কাৰণেই মালোপমা।

লুপ্তোপমা : যি উপমাত উপমাৰ চাৰিটা অংগৰ ভিতৰত এটা বা দুটা, কেতিয়াবা তিনিটা লুকাই থাকে, তাকে লপ্তোপমা বোলে। যেনে-

১। “কমলদলজল চিত্ত চঞ্চল। 

থিৰনোহে এক তিল।”-বৰগীত

বৰগীতটিত উপমেয় চিত্ত, উপমান কমলদল, জল ,সাধাৰণ ধৰ্ম চঞ্চলতা, কিন্তু ইয়াত উপমাবাচক শব্দটো লুকাই আছে। বাক‍্যটো পুৰাকৈ লিখিলে এনে হ’ব “কমলদল জল নিচিনা চিত্ত চঞ্চল।” এই “নিচিনা” সাদৃশ্যবাচকটো লুকাই থকাৰ কাৰণে ই লুপ্তোপমা।

২। “ৰাম অমৃতক তুমি তেজিলা তৰল। 

মৰিবাক বেলা খাইলা কেকেয়ী গৰল।” -ৰামায়ণ 

ওপৰৰ পদফাঁকিত উপমেয় ৰাম আৰু কৈকেয়ী; উপমান অমৃত, গৰল; কিন্তু ইয়াত উপমাবাচক শব্দটো লুকাই আছে।

৩। “সাগৰ পাৰত পৰি ৰলো আমি

শামুকৰ খোলা হৈ!”-ভূপেন হাজৰিকা

উল্লিখিত গীতফাঁকিত উপমেয় আমি, উপমান শামুকৰ খোলা;

উপমাবাচক শব্দ উহ‍্য আৰু সাধাৰণ ধৰ্ম (শূন‍্যতা, নিৰৰ্থক) লুপ্ত। গতিকে ই লুপ্তোপমা।

সমানোপমা : উপমেয় আৰু উপমান যদি অভেদ হয় অৰ্থাৎ উপমেয়কে উপমানৰূপে ব্যৱহাৰ কৰি উপমেয়ৰ অসাধাৰণতা যদি ফুটাই তোলা হয় তেতিয়া তাক সমানোপমা বা অনন্বয় বোলে। অনন্বয় মানে সম্বন্ধ। নিজৰ বাহিৰে উপমেয়ৰ আন কোনো উপমানৰ লগত সম্বন্ধ নথকাৰ কাৰণে এই উপমাক অনন্বয় বোলে।

আকৌ-উপমেয় আৰু উপমান য’ত একে বা সমান তেনে উপমাক সমানোপমা বোলে। যেনে-

(১) “তোমাৰ তুলনা প্ৰভু তুমিয়েহে মাথোঁ।”

ইয়াত উপমেয় আৰু উপমান দুয়োটা “তুমি”, উপমেয় ‘তুমি’ৰ লগত তুলনা কৰিবলৈ আৰু উপমান নাই। যেনে-

(২) দৱকান্ত বৰুৱাৰ-

তুমি জানা মাথো,

ৰ তুমি তুমি, মই মই!”

ইয়াত উপমেয় তুমি আৰু মই’ক তুলনা কৰিবলৈ কোনো উপমান নাই। গতিকে তুমি, মই মই উপমেয় আৰু উপমান একে বা সমান হৈছে। গতিকে, ই এটা সমানোপমা।

উপমেয়োপমা : য’ত উপমেয়ক উপমানৰ লগত তুলনা কৰি সেই উপমানকে আকৌ উপমেয় ৰূপত প্ৰকাশ কৰা হয় তাকে উপমেয়োপমা বোলে।

সহজ ভাষাত ক’বলৈ গ’লে- য’ত দুটা বাক‍্যৰ, দুটা বস্তুৰ পৰস্পৰৰ উপমেয় আৰু উপমান হয় তাকে উপমেয়োপমা বোলে।যেনে-

(১) ” বিদ‍্যাই ধন, ধনেই বিদ‍্যা।” 

-বাক‍্য দুটাৰ প্ৰথমটোৰ উপমেয় বিদ‍্যা আৰু দ্বিতীয়টো উপমেয় ধন আৰু উপমান বিদ‍্যা। ইয়েই-উপমেয়োপমা।

(২) “তোমাৰ মুখেই পদুম, পদুমেই মুখ।”

-ওপৰত বাক্য দুটাৰ প্ৰথম বাক্যৰ উপমেয় মুখ দ্বতীয় বাক্যত উপমান হৈছে।সেইদৰে দ্বিতীয় বাক‍্যৰ উপমেয় পদুম ,প্ৰথম বাব‍্যৰ উপমান হৈছে। ইত্যাদি।

স্মৰণোপমা বা স্মৰণ : এটা বস্তু  দেখাৰ লগে লগে তাৰ সাদৃশ‍্যবশতঃ আন এটা বস্তুলৈ মনত পৰাকে স্মৰণোপমা বা স্মৰণ বোলে। যেনে-

১। বননিৰ ৰং শ‍্যাম, কৃষ্ণৰ বৰণ  শ‍্যাম

উপবন দেখিলে গোপীসকলৰ কৃষ্ণলৈ মনত পৰে।”- এইটো স্মৰণোপমা।

২। “তোমাক দেখিলেই মোৰ ল’ৰাটোলৈ মনত পৰে।”  ।

ইয়াত ‘তোমাক’ আৰু ‘ল’ৰাটো’ মাজত কিবা এটা সাদৃশ্য আছে। গতিকে তোমাক দেখিলে ল’ৰালৈ মনত পৰাটো স্মৰণোপমা বা স্মৰণ। আলংকাৰিক ‘সকলে প্ৰতি বস্তুপমা আৰু বিস্ফ প্ৰতিবিম্ফ ভাৱৰ উপমা “নামৰ দুবিধ উপমালংকাৰৰ কথা কৈছে। অলংকাৰ চৰ্চাত বস্তু মানে বাক‍্যৰ অৰ্থ ক্ষেত্ৰতে বিশেষে বাক‍্যাংশ, উপবাক‍্য আনকি শব্দও বস্তু হ’ব পাৰে।

প্ৰতিবস্তুপমঃ য’ত উপমেয় আৰু উপমানৰ সাধাৰণ ধৰ্ম একোটা ৰূপতে নাথাকে অৰ্থাৎ প্ৰায় একে অৰ্থবহ বেলেগ শব্দ বা শব্দাৱলীত থাকে। বস্তু (অৰ্থ) প্ৰতিফলিত হয়। প্ৰতিবস্তুত প্ৰেতি অৰ্থত) প্ৰতিবস্তুপমাৰ  সংজ্ঞা আলংকাৰিক সকলে এইদৰে  দিছে- ” দুটা স্বতন্ত্ৰ বাক্যৰ উপমাত প্ৰকৃত বাক্য আৰু অপ্ৰকৃত বাক‍্যত প্ৰকাশিত সাধাৰণ ধৰ্ম বস্তু প্ৰতিবস্তু ভাৱাপন্ন হ’লেই প্ৰতিবস্তুপমা হয়। আধুনিক দৃষ্টিভংগীৰে চালে এটা বাস্তৱ চিত্ৰ আৰু আনটো কল্পচিত্ৰৰ সংযোগতে এই উপমা উৎপত্তি হয়। যেনে-

বিদ‍্যুত সঞ্চাৰে চণ্ড বতাসে চঞ্চল।

নিৰন্তৰে মেঘগণে বৰিষিলা জল।।

খাল বাম কৰি ভূমি ভাগি বৱৈ জান।

যেন মহা মহন্তে দুখীক দিল দাশ।”- ভাগৱত, বৰ্ষাবৰ্ণন বিদ‍্যুৎ গতিৰে বতাহ বলিল। মেঘে বৰষুণ দিলে। খাল-বাম ভৰি উপচি পৰিল- এইটো বাস্তৱ চিত্ৰ। মহামহন্তে দুখীক দান দিলে-এইটো কল্পচিত্ৰ।

“ভৰি ভূমি বৱৈ জান” বৃষ্টিৰধৰ্ম। তাক মহামহন্তৰ ‘ দানৰ লগত তুলনা কৰা হৈছে। আলংকাৰিক দৃষ্টিত চালে বৰ্ষণ আৰু মহামন্তৰ বৰ্ষণ আৰু মহামন্তৰ কাৰ্যৰ সাধাৰণ ধৰ্মবস্তু- প্ৰতিবস্তু ভাৱাপন্ন।

আকৌ- “নাদ শুনি মেঘৰ বেঙ্গৰ ৰোল চৰে।

গুৰু পাঠ দিলে যেন শিষ‍্যে পাচে পঢ়ে।। ভাগৱত, বৰ্ষাবৰ্ণন পঢ়া”-দুটা চিত্ৰৰ বস্তু প্ৰতিবস্তু ভাৱাপন্ন ” মেঘৰ নাদ শুনি বেঙ্গে ৰোল তোলা” আৰু “গুৰুৱে পাঠ দিলে শিষ‍্যবৰ্ণই পঢ়া”-প্ৰত‍্যক্ষভাৱে সাধাৰণ ধৰ্ম একেটা নহয়।

৬। বিম্ব প্ৰতিবিম্ব ভাৱৰ উপমাঃ ‘প্ৰকৃত’ৰ ধৰ্ম(ক’ব খোজা মূল বস্তু বা অৰ্থ) আৰু ‘অপ্ৰকৃত’ ধৰ্ম (গৌণ বস্তু বা অৰ্থ) যেতিয়া কেৱল ভাষাগত ৰূপেই নহয়, ধৰ্ম হিচাপেও বেলেগ হয়; মাত্ৰ এটা ভাৱ সাদৃশ্যৰ আভাস পোৱা যায় তেতিয়া প্ৰকৃত ‘ধৰ্মটোক বিম্ব’ আৰু “অপ্ৰকৃত” প্ৰতিবিম্ব বুলি কোৱা হয়। এই বিম্ব আৰু প্ৰতিবিম্বৰ মাজত যিটো ভাব সাদৃশ্য পোৱা যায় তাকে বিম্ব- প্ৰতিবিম্ব ভাবৰ উপমা বুলি কোৱা হয়।

অসমীয়া বিহুগীতত এনে কিছুমান কল্পচিত্ৰ বা উপমাত্মক চিত্ৰ পোৱা যায়।

১। “আঠিয়া কলৰে পাতে নেকাটিবা

ছিটিকি পৰিব এঠা

শতৰুক দেখুৱাই কেতেৰাই মাতিবা

ভিতৰি নেৰিবা বেথা।”

ইয়াত প্ৰকৃতধৰ্ম বা বিশ্ব “ভিতৰি নেৰিবা বেথা ” অৰ্থাৎ গোপন প্ৰেম। প্ৰেমৰ ভাৱ বাহিৰত প্ৰকাশ নকৰিবা এইটো দ্বিতীয় কল্পচিত্ৰ। অপ্ৰকৃত ধৰ্ম বা প্ৰতিবিম্ব হৈছে-আঠিয়া কলৰ পাত কাটিলে আঠা ওলায়, গতিকে নাকাটিবা। আঠা গাত লাগিব। ইয়াত বিম্ব প্ৰতিবিম্ব ভাবেৰে মনৰ গোপন আবেগ প্ৰকাশ কৰিছে উল্লিখিত দুটা কল্পচিত্ৰৰে। ইয়াত বিম্ব আৰু প্ৰতিবিম্বৰ মাজত কোনো সাদৃশ্য নাই। দুয়োটাৰে ধৰ্ম বেলেগ। মাত্ৰ সাদৃশ্যৰ ভাব এটা আছে। আৰু দুটামান তেনেধৰণৰ উদাহৰণ চয়ন কৰা হ’ল-

(২) ক’লা চোলা কুৰুতা    গুদাম আছে চাৰিটা

                    চাৰিকো চাৰিয়ে চৰে;

      নাচনিৰ চকুলৈ          চাবকে নোৱাৰি

                     জালুক জলকীয়াই পোৰে।

(৩) বাৰীৰ ঢাপৰে               কজলা উৰহী

                পাতে তিৰেবিৰে কৰে।

     এইজনীৰ মুখলৈ           চাবকে নোৱাৰি

                চকু ছাটে মাৰি ধৰে।ইত্যাদি।

(৮) ৰূপক অলংকাৰ কাক বোলে?ৰূপক অলংকাৰৰ শ্ৰেণীবিভাজন কৰি আলোচনা আগবঢ়োৱা?

উত্তৰঃ উপমেয়ক উপমানৰ লগত অভেদ কল্পনা কৰিলে, তাক ৰূপকালংকাৰ বোলে। উপমাৰ পিছতেই ৰূপকৰ স্থান। উপমাৰ দৰেই ৰূপকতো দুটা বিসদৃশ বস্তুৰ মাজত তুলনা কৰা হয়। উপমাৰ ক্ষেত্ৰত বিসদৃশ বস্তুৰচ সাদৃশ্য দেখুৱালেও তাত উপমেয় আৰু উপমান দুয়োটাই নিজৰ ভেদ ভাৱ ৰাখে অৰ্থাৎ নিজৰ ধৰ্ম এৰি নিদিয়ে। কিন্তু ৰূপকৰ ক্ষেত্ৰত উপমেয় আৰু উপমানৰ মাজত এটা কাল্পনিক ভেদ ভাৱ ৰখা হয়। উপমেয়ৰ ওপৰত উপমানক আৰোপ কৰা হয়; কিন্তু উপমেয়ক নোহোৱা কৰি পেলোৱা নহয়। উপমাত উপময়েৰ গুৰুত্ব বেছি।উষমেয়কেই উপমানৰ লগত তুলনা কৰা হয়। আনহাতে ৰূপকৰ উপমানৰ গুৰুত্ব বেছি। উপমানে উপমেয়ক আছন্ন কৰি ৰাখে। তুলনাতকৈ বস্তুৰ মাজৰ অভেদ বল্পনাহে ৰূপকৰ ভিত্তি। যেনে-

“পৰমাত্মা শুকে জীৱ নৃপত কহয়।

ভকতি বাৰিষা  ঋতু ভৈলন্ত উদয়।”-দশম।

পদফাঁকিত শুকক পৰমাত্মাৰ লগত, নৃপক জীৱৰ লগত, বাৰিষাক ভকতিৰ লগত তুলনা কৰা হৈছে। শুক,নৃপ,বাৰিষা উপমেয়। পৰমাত্মা, জীৱ, ভকতি উপমান। কিন্তু ইয়াত পৰমাত্মা আৰু শুক, জীৱ আৰু নৃপ, ভকতি আৰু বাৰিষা’ৰ মাজত কোনো ভেদ ভাব নাইকিয়া বুজাইছে। অভেদ কল্পনা কৰা হৈছে। এনেদৰে উপমেয় আৰু উপমানৰ মাজত অভেদ কল্পনাতে ৰূপকলাংকাৰৰ সৃষ্টি হয়।

ৰূপকৰ প্ৰকাৰ : ৰূপক অলংকাৰ তিনি প্ৰকাৰে সাধিত হয়; যেনে-

১। বাক‍্যগত।

২। সমাসবদ্ধ ৰূপক। আৰু 

৩। ষষ্ঠী বিভক্তি যুক্ত ৰূপক। 

উদাহৰণ-

১। বাক‍্যগত ৰূপক

(ক) আশাই জীৱনৰ জেউতি

(খ) তেওঁৰ মুখখন এপাহ পদুম

২। সমাসবদ্ধ ৰূপক

(ক) আশা জেউতি

(খ) ঘাঁম সাগৰত লোহাৰ জাহাজ স্থানু।-নৱকান্ত বৰুৱা

৩। ষষ্ঠী বিভক্তি যুক্ত ৰূপক-

(ক) আশাৰ জেউতি।

(খ) দেহৰ হুলত এতিয়া মোৰ লাগি আছে মাটিৰ কোলাহল।-হীৰেন ভট্টাচাৰ্য

ৰূপক অলংকাৰৰ বিভাগ : ৰূপক অলংকাৰৰ প্ৰধান ভাগ চাৰিটা। যেনে-নিৰঙ্গৰূপক, সাঙ্গৰূপক, অধিকাৰূঢ় বৈশিষ্ট ৰূপক আৰু শিষ্ট ৰূপক।

নিৰঙ্গৰূপকঃ সামগ্ৰিক ভাৱে যেতিয়া উপমেয়ৰ লগত উপমানৰ অভেদ কল্পনা কৰা হয় তেতিয়া তাক নিৰঙ্গৰূপক বোলে। ইয়াৰ তিনিটা প্ৰকাৰ আছে। যেনে- কেৱল ৰূপক, মালা ৰূপক আৰু পৰস্পৰিত ৰূপক।

(ক) কেৱল নিৰঙ্গৰূপক : কেৱল এটা উপমেয়ৰ লগত এটা উপমান আৰোপ কৰিলে বা অভেদ কল্পনা কৰিলে তাক কেৱল নিৰঙ্গৰূপক বোলে।

(১) “শত বৰষৰ ধূলিত হেৰোৱা

জীৱন কুসমে মেণিব পাহি।”-যতীন্দ্ৰনাথ দুৱৰা

উল্লিখিত উদাহৰণটিত জীৱনক কুসুমৰ লগত অভেদ কল্পনা কৰা হৈছে। কুসুমৰ পাহি আছে, ৰেণু আছে আৰু কুসুম ফুল ফুলনি আছে, কিন্তু ইয়াত সেইবোৰৰ একো উল্লেখ নাই। জীৱন কুসুম এটা অকলশৰীয়া বা কেৱল নিৰঙ্গৰূপক।

(২) “জুলৈ কামানলে  তোক্ষ্মাৰ গীতে

নুমায়োক তাক অধৰামৃত।”শংকৰদেৱ

ইয়াত ‘কামানল’ আৰু ‘অধৰামৃত’ দুয়োটাই অকশৰীয়া ৰূপক।

(৩) ” কংসৰ পাঞ্চলি পাই য’ত দৈত্য আসে। তুমি অগনিত যেন পুৰি মৰে ত্ৰাসে।।”-শংকৰদেৱ

কংসই পঠোৱা সকলো দৈত‍্যকে কৃষ্ণই বধ কৰিলে। ইয়াত কৃষ্ণক কেৱল জুইৰ লগত তুলনা কৰা নাই; কৃষ্ণক জুই (তুমি অগনি)।বুলি অভেদ কল্পনা কৰা হৈছে। উপমেয় ‘তুমি’ আৰু উপমান ‘অগনি’ একে হৈ পৰিল অৰ্থাৎ কোনো ভেদ নাই। ই এটা অকলশৰীয়া ৰূপক ইয়াত উপামাবাচক শব্দ ‘যেন’ থকা স্বতেও কৃষ্ণকে জুই বোলা হৈছে। সেয়ে ই এটা নিৰঙ্গৰূপক।

(খ) মালাৰূপকঃ যেতিয়া এটা উপমেয়ৰ সৈতে বিভিন্ন উপমানক ইটোৰ পাছত সিটোকৈ মালা গোঁথাৰ দৰে গাঁঠি যোৱা হয়, অৰ্থাৎ আৰোপ কৰা হয় তেতিয়া তাক মালাৰূপক বোলে। ইয়াত উপমেয় কেৱল এটাহে থাকে, উপমানহে কেইবাটাও থাকে। যেনে-

(১) “শীতৰে ওঢ়নী পিয়া গিৰিৰেৰ বা

বাৰিষাৰ ছত্ৰ পিয়া দৰিয়াৰ না।- বিদ‍্যাপতি

উল্লিখিত কবিতাফাঁকিত উপমেয় ‘পিয়া’ (প্ৰিয়া), উপমান চাৰিটা শীতৰে ওঢ়নী (জাৰৰ কাপোৰ), গিৰিৰেৰবা (জহকালিৰ বতাহ), বাৰিষাৰ ছত্ৰ (বৰষুণৰ ছাতি) আৰু দৰিয়াৰ না (সাগৰৰ নাও)। উপমেয় ‘ পিয়া’ৰ গাত ইমানবোৰ উপমান মালা গোঁথাৰ দৰে গ্ৰথিত হৈ উপমেয়ক প্ৰায় ঢাকিয়ে থৈছে।

(২) শোক সঙ্গীত সিটি বিষাদৰসুবৰ 

আতুৰৰ হুমুনিয়াহ লোতক চকুৰ।”-বেজবৰুৱা, কবিতা

ওপৰৰ কবিতাৰ পংক্তিটোত উপমেয় ‘সিটি’ (কবিতা)আৰু উপমান হ’ল শোকৰ সংগীত; বিষাদৰ সুৰ আতুৰৰ হুমুনিয়াহ আৰু চকুৰ লোতক। এটা উপমেয়ত চাৰিটা উপমান এডাল মালাৰ দৰে গোঁথা হৈছে।

(গ) পৰস্পৰিত ৰূপক : এটা উপমেয়ৰ সৈতে এই এটা উপমানৰ অভেদ কল্পনা কৰাৰ পাছত, তাৰ পাছত উপমেয়তো উপমানৰ অভেদ কল্পনা কৰিলে তাক পাৰস্পৰিক ৰূপক বোলে। পৰস্পৰিত ৰূপকবোৰত অংগাংগী সম্বন্ধ নাথাকে। প্ৰথম ৰূপকটোৰ বিস্তাৰ কৰিবৰ কাৰণে বাকী কেইটা ৰূপকৰ প্ৰয়োজন হয়। যেনে-

(১) “নাম পঞ্চানন নাদে পলাৱত।

পাপদন্তী ভয়ভীত।”-বৰগীত

উৎকলিত বৰগীত ফাঁকিত ‘নাম’ উপমেয়ত পঞ্চানন’ উপমান আৰোপ কৰা হৈছে। এইটো প্ৰথম ৰূপক। তাৰ পাছত “পাপ” উপমেয়ত “দন্তী” উপমান আৰোপ কৰা হৈছে। নাম আৰু পাপৰ অংগাংগী সম্বন্ধ নাই। ইয়াত নাম পঞ্চানন ৰূপকটো পাপদন্তী ৰূপকটোৰ কাৰণ। নাম পঞ্চানন ৰূপকটো নাথাকিলে পাপদন্তী ৰূপকটোৰ সাৰ্থক নহ’লেহেঁতেন। এই কাৰণে ইয়াক পৰস্পৰিত ৰূপক বোলে।

(২) “হাঁহি সাগৰত উঠি বেজাৰ ধুমুহা।

বুৰালে সহস্ৰ জীৱন তৰণী” -চন্দ্ৰ কুমাৰ আগৰৱালা

উপৰোক্ত কবিতা ফাঁকিত উপমেয়ক(হাঁহি) উপমান (সাগৰৰ)ৰ লগত; বেজাৰ’ক ধুমুহাৰ লগত; আৰু জীৱনক ‘তৰণী’ৰ লগত আৰোপ কৰা হৈছে। ইহঁতৰ মাজত অংগাংগী সম্বন্ধ নাই।ইয়াত “হাঁহি সাগৰ” ৰূপকটোৰ কাৰণ “বেজাৰ ধুমুহা” আৰু “বেজাৰ ধুমুহা’ ৰূপকটোৰ কাৰণ ‘জীৱন তৰণী’ ৰূপকটো। গতিকে ই এটা পৰস্পৰিত ৰূপক।

সাঙ্গৰূপক : এটা অংগী উপমেয়ৰ ওপৰত এটা অংগী উপমান আৰোপ কৰি সেই উপমেয় অংগবিলাকৰ ওপৰতো বিভিন্ন অংগ উপমান আৰোপ কৰা হ’লে তাক সাংগৰূপক বোলে। সহজ ভাষাত ক’ব পাৰি- উপমেয়ৰ অঙ্গত উপমানৰ অঙ্গ আৰোপ কৰি অঙ্গী উপমেয়ৰ অঙ্গী উপমানৰো অভেদ কল্পনা কৰিলে তাক সাঙ্গ ৰূপক বোলে। সাঙ্গৰূপক উপমেয় উপমানৰ পৰস্পৰৰ অংগাংগী সম্বন্ধ থাকে। যেনে-

(১) “হিয়াৰ ফুলনি উজলাই পুনু।

ফুলিব চেনেহ কুসুম পাহি।”

উল্লিখিত কবিতাংশত হিয়াখনক ফুলনি বুলি কল্পনা কৰা হ’ল অৰ্থাৎ হিয়াত ফুলনিক আৰোপ কৰা হ’ল। ফুলনি থাকিলে তাৰ অংগস্বৰূপ ফুলো থাকিব লাগিব। হিয়াখন ফুলনি হ’লে, চেনেহ কুসুম ফুল হ’ব। গতিকে ফুলনি আৰু তাৰ ফুলে সৈতে আৰোপ হোৱা বাবে ই সাংগৰূপক।

(২) “কা আ তৰুবৰ পঞ্চবি ডাল

চঞ্চল চীত্ৰে পৈঠে কাল।”চৰ্যাপদ

ইয়াত দেহ এজোপা গছ ,তাৰ পাঁচটা ডাল (পঞ্চেদ্ৰিয় উহ‍্য),চঞ্চল চিত্তত কাল প্ৰৱেশ কৰে। গছজোপা দেহ এইটো অঙ্গ, তাৰে অংশীদাৰ পাঁচটা ইন্দ্ৰিয় অঙ্গী। গতিকে ই সাঙ্গৰূপক।

(৩) “অৰ্য্যোধা নদীত ভৈলা দশৰথ জল।

কৈকেয়ী ৰবিজালে শুষিল সকল।।

প্ৰজা মৎস‍্য কচ্ছপ তীৰত পৰিমৰে।

ৰাম শোক মৎস‍্য ৰঙ্গে খেদি খেদি ফুৰে।”-ৰামায়ণ

ইয়াত উপমেয় অৰ্য্যোধ‍্যাক’, উপমান ‘নদী’ৰ সৈতে অভেদ কল্পনা কৰা হৈছে। তাৰ পাছত উপমেয় ‘অৰ্য্যোধা’ৰ অঙ্গস্বৰূপ দশৰথ’ক উপমান নদীৰ অঙ্গ ‘জল’ৰ সৈতে, কৈকেয়ীক ‘ৰবিজালৰ’ সৈতে, প্ৰজাবৰ্গক ‘মাছ কাছ’ৰ সৈতে ‘ৰামৰ বিৰহ শোক’ বা ‘মৎস‍্যৰঙ্গ’ৰ(মাছৰোকা চৰাই)ৰ সৈতে অভেদ কল্পনা কৰা হৈছে।

সাংগৰূপকৰ আৰু এটা প্ৰকাৰ আছে। তাৰ নাম একদেশৱৰ্ত্তি সাংগৰূপক। এই বিধ সাংগৰূপকৰ কেতিয়াবা দুই এটা অংগৰ স্পষ্ট উল্লেখ নাথাকে; কিন্তু বাকীবোৰ অংগৰ জৰিয়তে অস্পষ্ট অংগটো বোধগম্য হয় এনে ৰূপককে একদেশৱৰ্তি সাংগৰূপক বোলে। যেনে-

“সিদিনাৰ অয্যোধাৰ ক্ৰন্দন ধূমত,

দেখিলেনে কোনোবাই তোমাৰ প্ৰাণত।

জ্বলিল কি হ্নি বাৰু ল’লেনে খবৰ,

জ্বলি পুৰি কিবা হ’ল এখনি অন্তৰ।” -ৰন্তকান্ত বৰকাকতি

ইয়াত কবিয়ে লক্ষ্মণৰ পত্নী উৰ্মিলাক লক্ষ্য কৰি এই উক্তি কৰিছে। ৰাম বনবাসলৈ যাবলগীয়া হোৱাত আয্যোধাবাসীৰ মাজত ক্ৰন্দনৰ ৰোল উঠিল। ৰামৰ লগত লক্ষ্মণো বনলৈ যোৱাত উৰ্মিলাৰবিৰহ বেদনাৰ কথা কোনেও খবৰ নললে। আনকি ৰামায়ণ ৰচোঁতা আদি কবিজনাই লক্ষ্মণৰ বিৰহত উৰ্মিলাৰ হৃদয়ৰ তাপ আদি এবাৰলৈও কতো বৰ্ণনা নকৰিলে। ইয়াতে কবিৰ আক্ষেপ।

ইয়াত অংগী উপমান  ‘বহ্নি’; কিন্তু এই উপমান আৰোপৰ অংগী উপমেয়ৰ উল্লেখ নাই। উপমেয় অংগ  ‘অন্তৰ’ আৰু উপমান অংগী দগ্ধীভূত বস্তু, উপমেয় অংগ ক্ৰন্দন, উপমান অংগী ধূম, অংগী উপমান ‘বহ্নিৰ, অংগ উপমান যে পৰিবিচ্ছেদ শোক (উৰ্মিলা), সেই অৰ্থ বাকী অংগবোৰে প্ৰতীয়মান কৰোৱাইছে।

অধিকাৰূঢ় বৈশিষ্ট্য ৰূপক : অধিকাৰ মানে অধিকাৰূঢ় অৰ্থাৎ বেছিকৈ আৰোপ কৰা বৈশিষ্ট্য য’ত আছে তেনে ৰূপক। উপমানত কোনো অসম্ভৱ ধৰ্ম কল্পনা কৰি তাৰ সৈতে উপমেয়ৰ অভেদ কল্পনা টৰিলে অধিকাৰূঢ় বৈশিষ্ট্য ৰূপক হয়।

উদাহৰণ দ্বাৰা কথাটো স্পষ্ট হ’ব।

‘থিৰ বিজুৰী উজৰ ঘন যৈচন

শ‍্যাম শোভিত পীত বাসে।”-মাধৱদেৱ

বিজুলী স্থিৰ নহয়, খন্তেকীয়া, গতিশীল। কিন্তু ইয়াত “স্থিৰ” এই অসম্ভৱ ধৰ্ম গুণ শ‍্যাম বৰণীয়া কৃষ্ণৰ ‘পীতবাসত’ আৰোপ কৰা হৈছে।ইয়াত উপমেয় ‘পীতবাসত’ (হালধীয়া বস্তু),উপমান ‘থিৰ বিজুলী’ অধিকাৰূঢ় বৈশিষ্ট্য ৰূপক।

শ্লিষ্ট ৰূপক : শ্লেষৰ দ্বাৰা উপমান আৰু উপমেয়ৰ সম্বন্ধ বা সাদৃশ্য দেখুৱাই অভেদ কল্পনা কৰা ৰূপকক শ্লিষ্ট ৰূপক বোলে। যেনে-ইয়াত ‘মানস’ শব্দটোৰ অৰ্থ দুটা- মন আৰু মানস সৰোবৰ।

মুনিজনৰ লগত মানস অন্বয় কৰিলে মানস মানে মুনিজনৰ মন হয়। আকৌ হংসৰ লগত অন্বয় কৰিলে মানসে, মানস সৰোবৰক বুজায়। ইয়াত মানস’ৰ ওপৰত শ্লেষ হৈছে। গতিকে ভাঙিলে ৰূপকটো অৰ্থ হ’ব মুনিজনৰ মানসস্বৰূপ মানস সৰোবৰৰ হংস অৰ্থাৎ কৃষ্ণ। এনে ধৰণৰ শ্লেষৰ ওপৰত প্ৰতিষ্ঠিত ৰূপকক শ্লিষ্টৰূপক বোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top