Sahitya Tatya Unit 5 অসমীয়া ছন্দৰীতিঃ স্বৰবৃত্ত, মাত্ৰাবৃত্ত, যৌগিক বিবিধ ছন্দসজ্জাঃ পদ, দলড়ী, লেছাৰি, অমিতাক্ষৰ, মুক্তক, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sahitya Tatya Unit 5 অসমীয়া ছন্দৰীতিঃ স্বৰবৃত্ত, মাত্ৰাবৃত্ত, যৌগিক বিবিধ ছন্দসজ্জাঃ পদ, দলড়ী, লেছাৰি, অমিতাক্ষৰ, মুক্তক Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sahitya Tatya Unit 5 অসমীয়া ছন্দৰীতিঃ স্বৰবৃত্ত, মাত্ৰাবৃত্ত, যৌগিক বিবিধ ছন্দসজ্জাঃ পদ, দলড়ী, লেছাৰি, অমিতাক্ষৰ, মুক্তক Question Answer can be of great value to excel in the examination.
Sahitya Tatya Unit 5 অসমীয়া ছন্দৰীতিঃ স্বৰবৃত্ত, মাত্ৰাবৃত্ত, যৌগিক বিবিধ ছন্দসজ্জাঃ পদ, দলড়ী, লেছাৰি, অমিতাক্ষৰ, মুক্তক
Sahitya Tatya Unit 5 অসমীয়া ছন্দৰীতিঃ স্বৰবৃত্ত, মাত্ৰাবৃত্ত, যৌগিক বিবিধ ছন্দসজ্জাঃ পদ, দলড়ী, লেছাৰি, অমিতাক্ষৰ, মুক্তক Notes cover all the exercise questions in UGC Syllabus. The Sahitya Tatya Unit 5 অসমীয়া ছন্দৰীতিঃ স্বৰবৃত্ত, মাত্ৰাবৃত্ত, যৌগিক বিবিধ ছন্দসজ্জাঃ পদ, দলড়ী, লেছাৰি, অমিতাক্ষৰ, মুক্তক in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
অসমীয়া ছন্দৰীতিঃ স্বৰবৃত্ত, মাত্ৰাবৃত্ত, যৌগিক বিবিধ ছন্দসজ্জাঃ পদ, দলড়ী, লেছাৰি, অমিতাক্ষৰ, মুক্তক
ASSAMESE
সাহিত্যতত্ত্ব
(১) ছন্দ কাক বোলে? ছন্দস্পন্দ আৰু ছন্দবন্ধ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ এজন ব্যক্তি বাবে অন্ন বস্ত্ৰ আৰু বাসস্থান যেনেদৰে আৱশ্যক ঠিক তেনেদৰে সাহিত্যৰ অন্যতম প্ৰধান ভাগ কবিতাটো ছন্দৰ বিশেষ গুৰুত্ব আছে।সাধাৰণ অৰ্থত ধ্বনিৰ ঐক্যৰ ওপৰত নিৰ্ভৰশীল বৈচিত্ৰ্যৰ সমাৱেশেই হ’ল ছন্দ। ছন্দ হ’ল এক লয়। লয়ে কবিতাত এক সৌন্দৰ্যৰ সৃষ্টি কৰে।গতিৰ মাজত দিয়া বিৰতিয়ে এই লয়ৰ সৃষ্টি কৰে। কবিতাৰ ক্ষেত্ৰত উচ্চাৰিত ধ্বনি প্ৰৱাহৰ মাজত পৰ্যায়ক্ৰমে বিৰতি ধ্বনি তৰঙ্গৰ লহৰ সৃষ্টি কৰা হয়।ধ্বনি তৰঙ্গৰ এই লহৰে শ্ৰোতাৰ কাণত সুৰসুৰনি তুলি মাধুয্য সুষমা বিলায়।
সহজভাৱে ক’বলৈ গ’লে নিয়মিত লয়যুক্ত ধ্বনি বিন্যাসেই হ’ল ছন্দ। এবাৰ ক্ৰম্বিয়ে ছন্দৰ সংজ্ঞা সম্পৰ্কত অভিমত প্ৰকাশ কৰি কৈছে- সুষমা মণ্ডিত ৰূপকল্পৰ স্পন্দনময় পুনৰাবৃত্তিয়েই হ’ল ছন্দ।
সাধাৰণতে ছন্দৰ বাবে বান্ধোন আৰু কঁপনি আৱশ্যক। এই প্ৰসংগত মহেন্দ্ৰ বৰাই এটা উদাহৰণ দি কৈছে এনেদৰে কপৌৰ কুৰুলিত, জুৰিৰ পানীৰ লয়লাস গতিত যিদৰে ছন্দ আছে, সেইদৰে মুকুতা মনি অথবা কুঁৱলীত কিন্তু ছন্দ নাই, কিয়নো মুকুতা মণিত বান্ধোন আছে কঁপনি নাই আনহাতে কুঁৱলীত কঁপনি আছে বান্ধোন নাই। বান্ধোন আৰু কঁপনি এই দুয়োটা লৈহে ছন্দ।
মহেন্দ্ৰ বৰাৰ ভাষাত- নিটোল আকৃতি বিশিষ্ট, বৈচিত্ৰ্য পূৰ্ণ প্ৰকৃতিয়েই ছন্দৰ স্বৰূপ বস্তু। আকৃতি হ’ল বাহিৰৰ বান্ধোন আৰু প্ৰকৃতি হ’ল ভিতৰৰ কঁপনি।
আকৃতি বা বাহিৰৰ বান্ধোনটোক আমি ক’ব পাৰো। ছন্দ বন্ধ আৰু প্ৰকৃতিটো অৰ্থাৎ ভিতৰৰ কঁপনিটো হ’ল ছন্দস্পন্দ। ছন্দবন্ধ হ’ল ছন্দৰ অন্তৰ্ভুক্ত ধ্বনিসমূহৰ বান্ধোন ৰূপ দিয়া ছন্দৰ গঢ় আৰু ছন্দস্পন্দ হ’ল ছন্দৰ অন্তৰ্ভুক্ত ধ্বনিসমূহৰ কঁপনিয়ে পুলক জগাই তোলা ছন্দৰ গতি। ছন্দস্পন্দনৰ উপকৰণ হ’ল ধ্বনি বা দল, মাত্ৰা আৰু প্ৰস্বন। আনহাতে ছন্দবন্ধৰ উপকৰণ হ’ল, ছেদ, যতি, পৰ্ব, চৰণ আৰু স্তৱক।
ধ্বনি হ’ল জিভাৰ একোটা দোৰোলতে উচ্চাৰণ কৰিব পৰা বৰ্ণসমষ্টি, ধ্বনিক দুটা ভাগত ভাগ কৰা হৈছে-
(ক) মুক্ত বা অযুগ্ম ধ্বনি।
(খ) ৰুদ্ধ বা যুগ্ম ধ্বনি।
(ক) মুক্ত বা অযুগ্ম ধ্বনি : যিবোৰ ধ্বনি উচ্চাৰণ কৰোতে বাকতন্ত্ৰী মুক্ত হৈ থাকে আৰু এটা ধ্বনিৰ পৰা সহজে আন এটা ধ্বনিলৈ বাকতন্ত্ৰী পিছলৈ নিব পাৰি তাকে মুক্ত ধ্বনি বোলে।
(খ) ৰুদ্ধ বা যুগ্ম ধ্বনিঃ আনহাতে যিবোৰ ধ্বনি উচ্চাৰণ কৰোঁতে বাকতন্ত্ৰী নতুনকৈ প্ৰচেষ্টাৰ প্ৰয়োজন হয় সেইবোৰ ধ্বনিকে ৰুদ্ধ বা যুগ্ম ধ্বনি বোলে।
মাত্ৰা হ’ল একোটা ধ্বনিৰ উচ্চাৰণৰ কাল পৰিমাণ। আনহাতে ধ্বনি উচ্চাৰণৰ কাল পৰিমাণৰ পৰিমাপকো মাত্ৰ শব্দৰেই বুজোৱা হয়।অযুগ্ম ধ্বনিত সদায়েই এক মাত্ৰা দিয়া হয় আৰু যুগ্মধ্বনিৰ ক্ষেত্ৰত ই স্থিতিস্থাপক। কেতিয়াবা ইয়াত দুই মাত্ৰা দিয়া হয় আৰু কেতিয়াবা এক মাত্ৰাও দিয়া হয়।
প্ৰস্বন হ’ল কোনো ধ্বনিৰ উচ্চাৰণত কণ্ঠস্বৰৰ প্ৰৱল হেঁচা। কণ্ঠস্বৰৰ এই হেঁচা ধ্বনিৰ তীব্ৰতা, গাম্ভীৰ্য অথবা কালদৈৰ্ঘ্যৰ বাবে হ’ব পাৰে।
নৱকান্ত বৰুৱাই অসমীয়া ছন্দ আৰু শিল্পৰ ভূমিকাত প্ৰস্বন সম্পৰ্কত অভিমত প্ৰকাশ কৰিছে। এনেদৰে- “প্ৰস্বন থকা হেতু যি লয়ৰ সৃষ্টি হয় তাতেই যুগ্ম , অযুগ্ম, নিৰ্বিশেষে ধ্বনিয়ে দুই মাত্ৰাৰ মূল্য ল’বলৈ আগবাঢ়ি যায়।
ইংৰাজী কবিতাত প্ৰস্বনে গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে। অসমীয়া কবিতাত এটা ছন্দৰীতিত কিছু পৰিমাণে হ’লেও প্ৰস্বনৰ ভূমিকা আছে আৰু এনে ভূমিকাৰ বাবেই এই বিশিষ্ট ছন্দৰীতিটোক কোনো কোনোৱে বলবৃত্ত বোলে।
ছন্দ সৃষ্টিৰ বাবে ধ্বনি প্ৰৱাহৰ গতিৰ মাজত বিৰতিৰ আৱশ্যক। এই বিৰতিকে যতি বুলি কোৱা হয়। ধ্বনি প্ৰৱাহৰ বাবে তিনিটা কাৰণত বিৰতি আৱশ্যক।
-শ্বাস-প্ৰশ্বাস জনিত বিৰতি।
-অৰ্থ আৰু ভাৱৰ বিৰতি।
-নিৰ্দিষ্ট পৰ্যায়ক্ৰমত বিন্যস্ত বিৰতি।
ছন্দৰ বিচাৰত অৰ্থ বিৰতিৰ ‘ছেদ’ আৰু নিৰ্দিষ্ট পৰ্যায়ক্ৰমৰ তৰঙ্গ নিৰ্দেশক বিৰতিক যতি বুলি কোৱা হয়। এই দুয়োটাকে যথাক্ৰমে,*আৰু !চিনেৰে বুজোৱা হয়। সাধাৰণতে ছেদ আৰু যতিৰ সহাৱস্থান হয় যদিও অমিতাক্ষৰ, মুক্তক আদি ছন্দত ছেদ আৰু যতিৰ বিৰোধ ঘটা দেখা যায়।
ছন্দ হিল্লোলৰ এটা তৰঙ্গ নিৰ্ণায়ক বিৰতিয়েই হ’ল যতি, এই যতি হিল্লোলটোৰ সমাপ্তি ঘটে। পুৰ্ণমাত্ৰিক ‘।।’ চিনেৰে বুজোৱা হয়।
(২) মাত্ৰাবৃত্ত ছন্দৰীতি কাক বোলে?ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ যিটো ছন্দৰীতিত অযুগ্ম ধ্বনিত এক মাত্ৰা আৰু যুগ্ম ধ্বনিত দুই মাত্ৰ মূল্য দিয়া হয়, সেই ছন্দৰীতিকে মাত্ৰাবৃত্ত ছন্দৰীতি বোলে। এই ছন্দৰীতি বৈশিষ্ট্য হ’ল-
(ক) যুগ্ম ধ্বনি সদায় বিশ্লিষ্ট উচ্চাৰণ হয়।
(খ) বিশ্লিষ্ট উচ্চাৰণৰ বাবেই যুগ্মধ্বনিত দুই মাত্ৰা হয়।
(গ) যুগ্ম ধ্বনিৰ বিশ্লিষ্ট উচ্চাৰণে বাকতন্ত্ৰীৰ উখান পতন সুতীব্ৰ কৰে আৰু যতিসমূহ স্পষ্ট ৰূপত অনুভূত হয়।
(ঘ) মাত্ৰাবৃত ছন্দৰীতিৰ পৰ্বৰ বান্ধোন অতি নিটোল।
(ঙ) পৰ্বসমূহ সমমাত্ৰিক ২.২,অসমমাত্ৰিক৩.৩ বিষম মাত্ৰিক ৩.২/৩.২.২ ৰূপৰ হয়।
(চ) পৰ্ববন্ধৰ চৈচিত্ৰৰ ফালৰ পৰাও এই ছন্দৰীতি আটাইতকৈ ঐশ্বৰ্যশালী চতুৰ্থমাত্ৰিক পৰ্ব বন্ধৰ পৰা সপ্তমাত্ৰিক পৰ্ব বন্ধলৈকে পৰ্বৰ বিচিত্র বিন্যাস এই ছন্দৰীতিত সম্ভৱ হয়।
পঞ্চমমাত্ৰিক ৰূপকল্পইও অসমীয়া কবিতা প্ৰাধান্য লাভ কৰা দেখা যায়।উদাহৰণ হ’ল-
।। ।।। । । । ।।
যদি জগত তোমাৰে মেলা
।। । ।।। । । । ।।
মোৰ জীৱন তোমাৰে খেলা
।। । ।। ।।
তেন্তে কিয় লটি ঘটি
। । । । । । । ।
ৰাতিয়ে দিনে ছাটিফুটি
।। ।। ।।
কিয় তেনে এনে
।।। ।।
বিষম ঠেলা
।। ।।।
এনে মৰ্মভেদী
।।। ।।
কিহৰ খেলা
(ৰত্নকান্ত বৰকাকতি)
ষড়মাত্ৰিক পৰ্ব বিন্যাসে মাত্ৰাধিক ছন্দ ৰীতিত অগ্ৰাধিকাৰ লাভ কৰা দেখা যায়।
।। ।। ।। ।। ।। ।।
মৃত্যুৰ বীনা গুঞ্জন হীনা
।। ।।। ।। ।
দেহ পঞ্জৰ ধ্বংসী
।। ।। ।। ।। ।।
যাৰ ধ্বনি শুনি ছন্দৰ গুণী
।। ।। ।। ।।
উৰি যায় ৰাজ হংসী
।। ।। ।। ।। ।। ।।
মুক্তিৰ লীলা অম্বৰ নীলা।
।। ।। ।। ।।
সস্বৰে কোনে পক্ষ
।। ।। ।। ।। ।। ।।
চিৰ সুগভীৰ মহা অনাদিৰ
।। ।। ।। ।।
আছে আছে মহা লক্ষ্য
(কললেশ্বৰ চলিহা)
সপ্তমাত্ৰিক পৰ্ব বিন্যাস অসমীয়া কবিতাত প্ৰায়েই কম বুলি ক’ব পাৰি ইয়াৰ উদাহৰণ হ’ল-
। ।। ।। ।। ।। ।। । । ।
প্ৰাণৰ বাটে বাটে তকনা ধূলিকণা।
। ।। ।। ।। । ।। ।।
মনৰ ঘাটে ঘাটে কিমান ঢল
। ।। । । । । ।। । । । ।
আকাশ বৰণীয়া ক’ত সপোনা মায়া
। ।। ।। ।। । ।। ।।
তোমাক ঘেৰি ঘেৰি উজ্বল হ’ল
(নৱকান্ত বৰুৱা)
সাধাৰণতে মাত্ৰাবৃত্ত ছন্দৰীতি প্ৰাচীন অসমীয়া সাহিত্যত বেছি পোৱা নাযায়।গুৰুভটিমা, কিছুমান নাটৰ গীত বা বৰগীতত এই ছন্দ ৰীতিত প্ৰৱেশ ঘটিলেও তাত দীৰ্ঘস্বৰত বৈকল্পিত ৰূপত দুই মাত্ৰা মূল্য দি ছন্দ সামা্য ৰক্ষা কৰা হৈছিল।
(৩) স্বৰবৃত্ত ছন্দৰীতি কাক বোলে? বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ সাধাৰণতে যিটো ছন্দৰীতিত যুগ্ম অযুগ্ম সকলো ধ্বনিৰে সমান মূল্য থাকে তাকে স্বৰ বৃত্ত ছন্দৰীতি বোলে। স্বৰবৃত্ত ছন্দৰীতিত ধ্বনি আশ্ৰিয়ত স্বৰকেই প্ৰাধান্য দিয়া হয় বাবেই ইয়াক স্বৰবৃত্ত ছন্দৰীতি বোলে।
স্বৰবৃত্ত ছন্দৰীতিৰ বৈশিষ্ট্য :
(ক) স্বৰবৃত্ত ছন্দত যুগ্ম ধ্বনি সংশ্লিষ্ট হোৱাৰ হেতুকে এই ছন্দৰ লয় অতন্ত্য ক্ষিপ্ৰ।
(খ) গতিৰ দ্ৰুততাৰ বাবে স্বৰবৃত্ত ছন্দৰ ধ্বনি কল্লোলৰ এক বিচিত্র মাধুৰ্য ফুটি উঠে।
(গ) ধ্বনি আশ্ৰিত স্বৰত গুৰুত্ব দিয়া হয় বাবে এই ছন্দৰীতিত ধ্বনিৰ সংখ্যাই মাত্ৰাৰ মূল্য।
(ঘ) স্বৰবৃত্ত ছন্দৰ যুগ্ম ধ্বনি সংশ্লিষ্ট হোৱাৰ হেতুকে এই ছন্দৰ পৰ্ববিন্যাসৰ পৰিসৰ আটাইতকৈ বেছি সংকীৰ্ণ।
স্বৰবৃত্ত ছন্দৰীতিৰ উদাহৰণ হ’ল-
।। ।০ ।০ ।০
(ক)ৰঙা তেজৰ বুৰাই কলম
।০ ।।
কাকত লেখো
।। ।। ।। ।।
পলে পলে তলে তলে
০। ।।
মৃত্যু দেখোঁ।
(খ) আম পাত জাম পাত
।। ।। ।।
ইখন এৰি সিখন কাট।।
(গ) জৰাৰ কোমল জিম
।। ।।
বগী বগী ছোৱালী বিলাক তোমালোকক দিম।।
উদাহৰণ(খ)-ত স্বৰৰ সম্প্ৰসাৰণ কৰা হৈছে। আমপাত আৰু জামপাতত দুটাকৈ স্বৰ আছে যদিও দিঘলীয়াকৈ টানি উচ্চাৰণ কৰি চাৰিনম্বৰ জোখলৈ লোৱা হৈছে।
গৌণ মাত্ৰিক ৰূপ :
স্বৰ বৃত্ত ছন্দৰীতিত গৌণ মাত্ৰিক ৰূপ পৰিস্ফুট হয়। অসমীয়া কবিতাৰ ছন্দত মহেন্দ্ৰ বৰা ডাঙৰীয়াই গৌণ মাত্ৰিক ৰূপৰ দৃষ্টান্ত দাঙি ধৰিছে এনেধৰণে-
ইণ্টি মিণ্টি জিণ্টি ৰাম
এক পয়চাত হেজাৰ আমা
এটা আমৰ হেজাৰ ঠেং।
কুৱাত থাকে কুৱাৰ বেং।
উল্লিখিত দৃষ্টান্তৰ চতুঃস্বৰ পষ্টত, তিনিটা অথবা দুটা যুগ্ম ধ্বনি থকা ক্ষেত্ৰত মৌনমাত্ৰাৰ সম্ভাৱনা থাকিব নোৱাৰে।সাধাৰণতে মৌন মাত্ৰা দ্বিতীয় অথবা চতুৰ্থ ধ্বনিৰ পাছত সংস্থাপিত হয়।
(৪) যৌগিক ছন্দৰীতি বিশেষত্বসমূহ আলোচনা কৰা।
উত্তৰঃ জনপ্ৰিয়তাৰ শীৰ্ষত থকা ছন্দটোৱেই হ’ল যৌগিক ছন্দৰীতি। অৱশ্যে এই ছন্দৰীতিৰ গঠন প্ৰক্ৰিয়াই আটাইতকৈ জটিল। কিয়নো এই ছন্দৰীতিতেই বেছিভাগ ক্ষেত্ৰতে আখৰ অৰ্থাৎ লিপিগত বৰ্ণসমূহ ধ্বনিৰ মাত্ৰা অনুসৰি উচ্চাৰিত হয়।শব্দৰ আদি আৰু মধ্যত থাকিলে যুগ্ম ধ্বনিটোৱে একমাত্ৰ মূল্য দুই মাত্ৰাৰ হয়।
বিশেষত্বঃ
(ক) যৌগিক ছন্দৰীতিত উচ্চাৰণ পদ্ধতিৰ সামাঞ্জস্য ৰক্ষা কৰা হয়।
(খ) যৌগিক ছন্দৰীতিৰ পৰ্ব বিন্যাস শব্দানুগত।
(গ) যৌগিক ৰীতিৰ পৰ্বসমূহ সুদীৰ্ঘ ৰূপৰ, সচৰাচৰ ছয় আঠ আনকি দহ মাত্ৰাৰ পৰ্ব এই ছন্দৰীতিত পোৱা যায়।
(ঘ) যৌগিক ছন্দৰীতিৰ শোষণশক্তি অত্যাধিক। সাধাৰণতে এনেদধৰণৰ ছন্দৰীতিত যুগ্ম ধ্বনিৰ সংখ্যা এক নিৰ্দিষ্ট সীমালৈকে বৃদ্ধি কৰি নিলেও ইয়াৰ মাত্ৰা পৰিমাণৰ কোনো তাৰতম্য নঘটে। যুগ্ম ধ্বনিবিহীন এফাঁকি কবিতা হ’ল-
দুটুপি চকলো সনা এয়া জানো মায়া
দৰদী কবিয়ে ৰচা মৰমৰে ছায়া।
(ঙ) যৌগিক ছন্দৰীতিত ধ্বনিৰ ব্যষ্টিসমূহৰ মাত্ৰাগত মূল্য নিৰূপণৰ চাৰিটা বহল নীতি আছে।
-শব্দ প্ৰান্তিক যুগ্ম ধ্বনি, বিশ্লিষ্ট।
-তৎসম শব্দৰ আদি বা মধ্য খণ্ডত অৱস্থিত যুগ্ম ধ্বনি সাধাৰণতে সংশ্লিষ্ট।
-দেশজ আৰু তদ্ভৱ শব্দৰ আদি বা মধ্য খণ্ডত অৱস্থিত যুগ্ম যুগ্ম ধ্বনি সচৰাচৰ বিশ্লিষ্ট।
-সন্ধি সিদ্ধ, সমাসবদ্ধ আৰু প্ৰত্যয়ান্ত তৎসম শব্দৰ ক্ষেত্ৰতো শব্দ মধ্যবত্তী প্ৰথমাংশৰ প্ৰান্তিক যুগ ধ্বনি বিকল্পে বিশ্লিষ্ট ।
(চ) গতিৰ সামমাত্ৰিক তাল হ’ল যৌগিক ছন্দৰীতিৰ অন্যতম বিশেষত্ব। যৌগিক ছন্দৰ কবিতাত দুই মাত্ৰাৰ অন্তৰে অন্তৰে ধ্বনিৰ যি মীড় অনুভৱ কৰা যায়, ধ্বনি সাম্যৰ কোনো অন্তৰায় নেথাকিলে সেই ঠাইতে ইচ্ছানুসৰি, যতি সংস্থাপন কৰিবৰ অৱকাশ পোৱা যায়। উদাহৰণস্বৰূপে-
কেৱে নেতাৰিলে মোক- নেলাগিলে- কাৰো বেথা, তুমিয়েই তৰোৱাই ভাঙি এই মহা লেখা।(মফিজুদ্দিন আহমদ)
(ছ) মাত্ৰাবৃত্ত আৰু স্বৰবৃত্তৰ দৰে যৌগিক ছন্দটো চতুৰ্থমাত্ৰিক পৰ্ব বিন্যাস দেখা যায়।
-এক দুই তিনি চাৰি
আমি হওঁ শাৰী শাৰী
পাঁচ ছয় সাত আঠ
ল’ৰাবোৰে পঢ়ে পাঠ
উল্লিখিত আলোচনাৰ পৰা ক’ব পাৰি যে যৌগিক ছন্দৰীতি অসমীয়া কবিতাৰ অন্যতম প্ৰাণ প্ৰতিষ্ঠাতা। য’ত ধ্বনিগুচ্ছৰ স্থিতিস্থাপকতা, সমমাত্ৰিক তখল আৰু বিস্ময়কৰ শোষণ শক্তি সুন্দৰ ৰূপত পৰিস্ফুত হৈ উঠে।
(৫) অমিত্ৰাক্ষৰ ছন্দ কাক বোলে? ইয়াৰ বৈশিষ্ট্য আলোচনা কৰা।
উত্তৰঃ অসমীয়া কবিতাৰ আটাইতকৈ সহজ পৰিচয় সূচক ছন্দবিধেই হ’ল অমিত্ৰাক্ষৰ ছন্দ।য’ত প্ৰতি চৰণৰ আধামাত্ৰাৰ অন্তৰে অন্তৰে উপমতি আৰু ছয় মাত্ৰাৰ অন্তৰে অন্তৰে পূৰ্ণ যতিয়ে অৱস্থান গ্ৰহণ কৰে। অমিত্ৰাক্ষৰ ছন্দত কবিৰ চিন্তাশক্তিৰে সংকীৰ্ণ ৰূপত পৰিস্ফুট হয়। মহেন্দ্ৰ বৰাই অসমীয়া কবিতাৰ ছন্দ নামৰ গ্ৰন্থখনত অমিত্ৰাক্ষৰ ছন্দ সম্পৰ্কে এনেকৈ কৈছে-“কবিৰ চিত্ৰ যিহেতু বৈচিত্ৰ ব্যাকুল, সেই হেতুকে তেওঁলোকে পয়াৰৰ পৰিমিত ধ্বনি প্ৰৱাহৰ বন্ধন মোচনৰ উপায় চিন্তিলে। তাৰে পৰিণতিত যি নতুন ছন্দ সজ্জা, তাৰ নাম অসমীয়া কবিয়ে ইংৰাজীৰ অনুকৰণত অমিত্ৰাক্ষৰ ছন্দ থলে।”
তলত অমিত্ৰাক্ষৰ ছন্দৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা হ’ল-
(ক) প্ৰবাহমানতা ভাবৰ অনুগামী হৈ ধ্বনি প্ৰৱাহে এটা চৰণৰ পৰা আনটো চৰণলৈ গতি কৰে।
(খ) যতিক ছেদৰ অনুগামী কৰি লয় বাবে এই ছন্দ সজ্জাত ছেদৰ প্ৰাধান্য বেছি।
(গ) বাহ্যিক ৰূপত ইয়াৰ চৰণ বন্ধ পয়াৰৰ দৰে ৮-৬মাত্ৰাৰ।
(ঘ) এই ছন্দ সজ্জাত স্তৱক বন্ধনৰ নিৰ্দিষ্ট ৰূপ নাই।
(ঙ) অমিত্ৰাক্ষৰ ছন্দ কেৱল যৌগিক নীতিতেই সম্ভৱ।
প্ৰণিনযোগ্য যে অসমীয়া কবিতাৰ সৰহসংখ্যতেই ছেদ আৰু যতিৰ সহঅৱস্থান, ভাব আৰু ধ্বনিৰ হৰগৌৰী বসতি লক্ষ্য কৰা দেখা যায়। ইয়াৰ অন্যতম প্ৰধান কাৰণ হ’ল ভাব সদায় ধ্বনিৰ অনুগামী হয়।
অমিত্ৰাক্ষৰ ছন্দৰ উদাহৰণ হ’ল-
শুনা বোপাহঁত। দে ধৰিছে ছাটি।
নাই ঠাই আমালই। এই নগৰত।
এতিয়া দুপৰ ৰাতি। তৃতীয় প্ৰহৰ।
ন’উ পুৰ্ণ হওঁতেই। যাব লাগিব।
আমি গুৱাহাটী এৰি। নাজানো ভাগ্যই।
নিয়ে কোন দেশলই। যোৱা যোৱা জন্মি।
উপৰোক্ত উদাহৰণৰ পৰা দেখা গ’ল যে যদিওৱা প্ৰত্যেকটো পংক্তিৰ আয়তন পয়াৰৰ দৰে সম আয়তন বিশিষ্ট তথাপি প্ৰতিটো পংক্তিৰ শেষত পূৰ্ণ যতিৰ ব্যৱস্থা নাই। অমিত্ৰাক্ষৰ ছন্দ অমিল অথবা সমিল উভয় প্ৰকাৰৰে হ’ব পাৰে।
(৬) মুক্তক ছন্দ কাক বোলে? ইয়াৰ বৈশিষ্ট্য আলোচনা কৰা।
উত্তৰঃ মুক্তক ছন্দ অমিত্ৰাক্ষৰ ছন্দৰ দৰে এক প্ৰৱাহমান ছন্দ সংজ্ঞা।য’ত স্তৱকৰ কোনো বন্ধন নাই। মহেন্দ্ৰ বৰাই মুক্ত বা ছন্দ সম্পৰ্কত অসমীয়া কবিতাৰ ছন্দৰ উল্লেখ কৰিছে এনেদৰে “ভাব প্ৰবাহক আশ্ৰয় কৰি ধ্বনি প্ৰবাহ এই পংক্তিলৈ প্ৰবাহিত হৈ আছে মুক্তক ছন্দত পূৰ্ণযতি সদায় পূৰ্ণছেদৰ অতিথি স্বৰূপ। কেৱল পাৰ্থক্য ইমানেই যে অমিত্ৰাক্ষৰ ছন্দৰ বাহ্যিক গঠন এক নিৰ্দিষ্ট ছন্দসজ্জাৰ। সেইবাবে প্ৰতিটো লিপিগত পংক্তিৰ আয়তনৰ সমান।মুক্তক ছন্দই বহুখিনি বান্ধোন নাইকিয়া কৰি পেলালে। মাথো মুক্তক ছন্দত পৰ্বৰ বিন্যাস ৰূপহে অব্যাহত থাকিল। মুক্তক ছন্দৰ উদাহৰণ হ’ল-
।। ।। ।। । ০। ।। ।।
মোৰ চেতনাৰ এই অন্ধ বিশাল নদীৰ
।। ।।
ঘাটে ঘাটে
।। ।। ।। । । ।। ।।
ফুল হৈ ফুলি ৰোৱা তেজীমলা
। । । ।। ।। ০। । । ।
তোমাৰ সন্ধ্যাৰ সেই বন্ধ্যা বাসনাৰ
। ।। । । ।
নিৰ্ম্মে আকুতি
মক্তক ছন্দৰ সমিলৰ উদাহৰণ হ’ল-
মি দেখা নাই
নাই দেখা । সৰগৰ। কেনুৱা। ধুলিৰ কনা।
কাৰ খোজে ৰচে তাত। তেজৰ ফুলনি।
বৈশিষ্ট্য :
(ক) অমিতাক্ষৰ দৰেই প্ৰৱাহমান ছন্দসজ্জা।
(খ) মুক্তক ছন্দত ছেদৰ গুৰুত্ব অসীম।।
(গ) এই ছন্দসজ্জাত চৎণৰ দৈঘ্য অসমান।
(ঘ) মুক্তক ছন্দত পৰ্বসামান্য ৰহিত নহয়।
(ঙ) স্তৱক বন্ধনহীন।
(৭) চমু টোকা লিখা :
(ক) দুলড়িঃ
উত্তৰঃ ই ছয়াটা পৰ্বযুক্ত চাৰিশাৰীৰ ছন্দ। ছয়টা অক্ষৰযুক্ত পৰ্ব প্ৰথম শাৰীত দুটা আৰু তৃতীয় শাৰীত দুটা, আকৌ আঠটা অক্ষৰযুক্ত পৰ্ব, দ্বিতীয় আৰু চতুৰ্থ শাৰীত এটাকৈ, মুঠতে ছয়টা পৰ্ব ইয়াত থাকে। দ্বিতীয় শাৰীৰ শেষৰ অক্ষৰৰ লগত চতুৰ্থ শাৰীৰ শেষৰ অক্ষৰৰ মিল হয়। যেনে-
শুনা আত পৰে কথা নিৰন্তৰে
চৰিত্ৰ যেন ৰাম
পৰলোক হিত ঋষি বিশ্বামিত্ৰ
আৰম্ভিলা যজ্ঞবৰ।।
(খ) ছবিঃ
উত্তৰঃ ইয়ো ছয়টা পৰ্বযুক্ত চাৰিশাৰীৰ ছন্দ। আঠটা অক্ষৰযুক্ত পৰ্ব প্ৰথম শাৰীত দুটা আৰু তৃতীয় শাৰীত দুটা আকৌ দহটা অক্ষৰযুক্ত পৰ্ব দ্বিতীয় আৰু চতুৰ্থ শাৰীত এটাকৈ, মুঠতে ছয়টা পৰ্ব থাকে।দ্বিতীয় শাৰীৰ শেষাক্ষৰৰ লগত চতুৰ্থ শাৰীৰ শেষাক্ষৰৰ মগল হয়। যেনে-
কুমৰকো চুলে ধৰি কাটিবে খোজন্তে হৰি
এতেকতে আসিলো লৱৰি।
কিবা ভৈল তাৰ তথা নজানোহো পাছ কথা
জান্তে প্ৰভূ যাহা তুমি লৰি।।
(গ) লেচাৰিঃ
উত্তৰঃ চাৰিশাৰীৰ ছয়টা চৰণযুক্ত এবিধ দীঘলীয়া ছন্দ। ইয়াৰ প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম চৰণত দহটাকৈ আৰু তৃতীয় আৰু ষষ্ঠ চৰণত চৈধ্যটাকৈ অক্ষৰ থাকে।যেনে-
হৰিৰ গুণৰ দেখা বল লভিলেক যিটো মোক্ষ ফল
তাহাৰাসবৰো চিত্তক আনয় টানি।
এতেকে নিপুণ যিটো জন। কৃষ্ণৰ চৰণে দিয়া মন
হৰিৰ গুণক নাছাৰিবা সাৰ জানি।।
(ঘ) অমিত্ৰাক্ষৰ ছন্দ :
উত্তৰঃ অসমীয়া কবিতাৰ আটাইতকৈ সহজ পৰিচয় সূচক ছন্দবিধেই হ’ল অমিত্ৰাক্ষৰ ছন্দ।য’ত প্ৰতি চৰণৰ আধামাত্ৰাৰ অন্তৰে অন্তৰে উপমতি আৰু ছয় মাত্ৰাৰ অন্তৰে অন্তৰে পূৰ্ণ যতিয়ে অৱস্থান গ্ৰহণ কৰে। অমিত্ৰাক্ষৰ ছন্দত কবিৰ চিন্তাশক্তিৰে সংকীৰ্ণ ৰূপত পৰিস্ফুট হয়। মহেন্দ্ৰ বৰাই অসমীয়া কবিতাৰ ছন্দ নামৰ গ্ৰন্থখনত অমিত্ৰাক্ষৰ ছন্দ সম্পৰ্কে এনেকৈ কৈছে-“কবিৰ চিত্ৰ যিহেতু বৈচিত্ৰ্য ব্যাকুল, সেই হেতুকে তেওঁলোকে পয়াৰৰ পৰিমিত ধ্বনি প্ৰৱাহৰ বন্ধন মোচনৰ উপায় চিন্তিলে। তাৰে পৰিণতিত যি নতুন ছন্দ সজ্জা, তাৰ নাম অসমীয়া কবিয়ে ইংৰাজীৰ অনুকৰণত অমিত্ৰাক্ষৰ ছন্দ থলে।”
প্ৰণিধানযোগ্য যে অসমীয়া কবিতাৰ সৰহসংখ্যতেই ছেদ আৰু যতিৰ সহঅৱস্থান,ভাব আৰু ধ্বনিৰ হৰগৌৰী বসতি লক্ষ্য কৰা দেখা যায়।ইয়াৰ অন্যতম প্ৰধান কাৰণ হ’ল ভাব সদায় ধ্বনিৰ অনুগামী হয়।
অমিত্ৰাক্ষৰ ছন্দৰ উদাহৰণ হ’ল-
শুনা বোপাহঁত।দে ধৰিছে ছাটি।
নাই ঠাই আমালই। এই নগৰত।
এতিয়া দুপৰ ৰাতি।তৃতীয় প্ৰহৰ।
ন’উ পূৰ্ণ হওঁতেই। যাব লাগিব।
আমি গুৱাহাটী এৰি। নাজানো ভাগ্যই।
নিয়ে কোন দেশলই। যোৱা যোৱা জন্মি।
উপৰোক্ত উদাহৰণৰ পৰা দেখা গ’ল যে যদিওৱা প্ৰত্যেকটো পংক্তিৰ আয়তন পয়াৰৰ দৰে সম আয়তন বিশিষ্ট তথাপি প্ৰতিটো পংক্তিৰ শেষত পূৰ্ণ যতিৰ ব্যৱস্থা নাই। অমিত্ৰাক্ষৰ ছন্দ অমিল অথবা সমিল উভয় প্ৰকাৰৰে হ’ব পাৰে।
(৮) মুক্তক ছন্দ কাক বোলে? ইয়াৰ বৈশিষ্ট্য আলোচনা কৰা।
উত্তৰঃ মুক্তক ছন্দ অমিত্ৰাক্ষৰ ছন্দৰ দৰে এক প্ৰৱাহমান ছন্দ সংজ্ঞা। য’ত স্তৱকৰ কোনো বন্ধন নাই। মহেন্দ্ৰ বৰাই মুক্ত বা ছন্দ সম্পৰ্কত অসমীয়া কবিতাৰ ছন্দৰ উল্লেখ কৰিছে এনেদৰে ” ভাব প্ৰবাহক আশ্ৰয় কৰি ধ্বনি প্ৰবাহ এই পংক্তিলৈ প্ৰবাহিত হৈ আছে মুক্তক ছন্দত পূৰ্ণযতি সদায় পূৰ্ণছেদৰ অতিথি স্বৰূপ। কেৱল পাৰ্থক্য ইমানেই যে অমিত্ৰাক্ষৰ ছন্দৰ বাহ্যিক গঠন এক নিৰ্দিষ্ট ছন্দসজ্জাৰ। সেইবাবে প্ৰতিটো লিপিগত পংক্তিৰ আয়তনৰ সমান।
মুক্তক ছন্দই বহুখিনি বান্ধোন নাইকিয়া কৰি পেলালে। মাথো মুক্তক ছন্দত পৰ্বৰ বিন্যাস ৰূপহে অব্যাহত থাকিল। মুক্তক ছন্দৰ উদাহৰণ হ’ল-
।। ।। ।। । ০। ।। ।।
মোৰ চেতনাৰ এই অন্ধ বিশাল নদীৰ
।। ।।
ঘাটে ঘাটে
।। ।। ।। । । ।। ।।
ফুল হৈ ফুলি ৰোৱা তেজীমলা
। । । ।। ।। ০। । । ।
তোমাৰ সন্ধ্যাৰ সেই বন্ধ্যা বাসনাৰ
। ।। । । ।
নিৰ্ম্মে আকুতি
মুক্তক ছন্দৰ সমিলৰ উদাহৰণ হ’ল-
মই দেখা নাই
নাই দেখা। সৰগৰ। কেনুৱা। ধুলিৰ কনা।
কাৰ খোজে ৰচে তাত। তেজৰ ফুলনি।