Sahitya Tatya Unit 3 শব্দলংকাৰ আৰু ইয়াৰ প্ৰকাৰ অৰ্থালংকাৰ আৰু ইয়াৰ প্ৰকাৰ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sahitya Tatya Unit 3 শব্দলংকাৰ আৰু ইয়াৰ প্ৰকাৰ অৰ্থালংকাৰ আৰু ইয়াৰ প্ৰকাৰ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sahitya Tatya Unit 3 শব্দলংকাৰ আৰু ইয়াৰ প্ৰকাৰ অৰ্থালংকাৰ আৰু ইয়াৰ প্ৰকাৰ Question Answer can be of great value to excel in the examination.
Sahitya Tatya Unit 3 শব্দলংকাৰ আৰু ইয়াৰ প্ৰকাৰ অৰ্থালংকাৰ আৰু ইয়াৰ প্ৰকাৰ
Sahitya Tatya Unit 3 শব্দলংকাৰ আৰু ইয়াৰ প্ৰকাৰ অৰ্থালংকাৰ আৰু ইয়াৰ প্ৰকাৰ Notes cover all the exercise questions in UGC Syllabus. The Sahitya Tatya Unit 3 শব্দলংকাৰ আৰু ইয়াৰ প্ৰকাৰ অৰ্থালংকাৰ আৰু ইয়াৰ প্ৰকাৰ in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
(৯) উৎপ্ৰেক্ষা অলংকাৰ কাক বোলে? উৎপ্ৰেক্ষা অলংকাৰ কি কি ভাগত ভগাব পাৰি? প্ৰতিটো ভাগৰে আলোচনা কৰা?
উত্তৰঃ উপমান আৰু উপমেয়ৰ মাজত প্ৰৱল সাদৃশ্য থকা বাবে উপমেয়কে যদি উপমান বুলি সন্দেহ ওপজে, তেতিয়া তাক উৎপ্ৰেক্ষলংকাৰ বোলে।
উৎপেক্ষা আৰু উপমা বৰ ওচৰা -ওচৰি। প্ৰৱল সাদৃশ্যৰ বাবে উপমেয়কেই উপমান বুলি হোৱা সন্দেহৰ ভিত্তিতেই উৎপ্ৰেক্ষা অলংকাৰ নিৰ্ণীত হয়। উৎপ্ৰেক্ষাত উপমেয় আৰু উপমানৰ একৰূপৰ কল্পনা কৰা হয়।
উদাহৰণস্বৰূপে উপমাৰ ক্ষেত্ৰত ‘মুখ’ক পদুমৰ লগত তুলনা কৰা হয়। “যুৱতী গৰাকী মুখখন পদুমৰ নিচিনা।’ কিন্তু যদি তাকেই এনেকৈ কোৱা হয়- “যুৱতী গৰাকীৰ মুখখন যেন এপাহ পদুমহে।” তেতিয়া মুখতকৈ যেন পদুম বুলিহে সন্দেহ ঘণীকৃত হয় এনে ভাব হয়। এই ধৰণৰ অলংকাৰেই হৈছে উৎপ্ৰেক্ষা।
অসমীয়াত যেন, যেনিবা, জানিবা, কিজানি, বোধ হয়, সাইলাখ, নিশ্চয় আদি উৎপ্ৰেক্ষা বাচক শব্দ। উৎপ্ৰেক্ষা দুই প্ৰকাৰ বাচ্যা উৎপ্ৰেক্ষা আৰু প্ৰতীয়মানা উৎপ্ৰেক্ষা।
বাচ্যা উৎপ্ৰেক্ষা : উৎপ্ৰেক্ষাবাচক শব্দ অৰ্থাৎ যেন, কিজানি, সাইলাখ আদি শব্দ ব্যৱহাৰ কৰি যি উৎপ্ৰেক্ষাৰ সৃষ্টি কৰা হয় তাক বাচ্যা উৎপ্ৰেক্ষা বোলে। যেনে-
(১) ‘ৰক্ষসৰ অঙ্গে ৰূপে সীতাৰ বলিল।
অঞ্জন পৰ্বতে যেন মানিক জ্বলিল।।”-ৰামায়ণ
উপৰোক্ত পদফীকিত উপমেয়- “ৰাক্ষস” আৰু “সীতা”; উপমান “অঞ্জন পৰ্বত” আৰু “মানিক” ইয়াত উপমেয়ক উপমানে তল পেলাইছে। ৰাক্ষসত অঞ্জনপৰ্বত আৰু সীতাত মানিক এক ৰূপ হৈ পৰিছে। “যেন” উৎপ্ৰেক্ষাবাচক শব্দ আৰু এই শব্দটোৱেই একৰূপ কল্পনা দ্যোতনা কৰিছে। ইয়াত কৃষ্ণবৰ্ণ ৰাক্ষস নে অঞ্জন পৰ্বত ই হ’ল প্ৰথম সন্দেহ। দ্বিতীয় সন্দেহটো হ’ল-সীতানে মানিক। শেষত ই যেন নিশ্চিত হ’ল ৰাক্ষস নহয় ই যেন অঞ্জনৰ পৰ্বতহে। সীতা নহয় উজ্জ্বল মানিকহে।
(২) “ৰক্ষসৰ কোলে দেৱী পৰম নিৰ্মল।
মেঘক ঘেৰিয়া যেন চন্দ্ৰৰ মণ্ডল।।’-ৰামায়ণ
উল্লিখিত পদফীকিত উপমেয় ‘ৰাক্ষস’ আৰু ‘মেঘ’, উপমান ‘দেৱী’ (সীতা) আৰু ‘চন্দ্ৰ’; ‘যেন’টো উৎপ্ৰেক্ষাবাচক শব্দ। ইয়াতো-উপমানে উপমেয়ক তল পেলাইছে। ইয়াতো সন্দেহ হৈছে- ৰাক্ষস নে মেঘ আৰু দেৱী নে চন্দ্ৰ। ৰাক্ষসেই মেঘ আৰু সীতাই চন্দ্ৰ একৰূপৰ হৈ পৰিছে। গতিকে ই বাচ্যা উৎপ্ৰেক্ষা।
আন এটা উদাহৰণ লোৱা যাওক-
(৩) “পৰ্বতীয়া জুৰিটিৰ জিৰজিৰণিত।
শুনো যেন বিননিৰ সুৰ।”-নলিনীবালা দেৱী।
উদ্ধৃত পংক্তিটিত উপমেয় হ’ল- জুৰিৰ জিৰজিৰণি” আৰু উপমান হ’ল- “বিননিৰ সুৰ”।ইয়াত এনে লাগিছে কবিয়ে যেন জুৰিৰ জিৰ জিৰণি শুনা নাই, কাৰোবাৰ বিননিহে শুনিবলৈ পাইছে। ইয়াত “জুৰিৰ জিৰজিৰণি”টো বিননিৰ সুৰ বুলি সন্দেহ উপজিছে আৰু এই সন্দেহটো ‘যেন’ উৎপ্ৰেক্ষা বাচক। শব্দই সম্ভৱ কৰি তুলিছে।
প্ৰতীয়মানা উৎপ্ৰেক্ষা : যি উৎপ্ৰেক্ষাত উৎপ্ৰেক্ষা বাচক শব্দ নাথাকে অথচ অৰ্থবোধৰ পৰাই উৎপ্ৰেক্ষাৰ প্ৰতীতি জন্মে, সেই উৎপ্ৰেক্ষাকে প্ৰতীয়মানা উৎপ্ৰেক্ষা বোলে।যেনে-
১। “তাজ তুমি ৰঙা তেজ,
বিৰহী অন্তৰৰ
গোট মাৰি শিলাহোৱা
মৰ্মভেদীব্যথা।”-ৰত্ন বৰকাকতি
উদ্ধৃত কবিতাৰ স্তৱকটোত উপমেয় “তাজমহল”, আৰু উপমান হ’ল- “বিৰহীৰ অন্তৰ”। কবিয়ে তাজমহলক দেখা নাই, তেওঁ যেন দেখা পাইছে বিৰহীৰ অন্তৰ ভেদ ওলায় অহা ৰঙাতেজখিনি গোট মাৰি হোৱা এচপৰা শিল। এই সন্দেহটো ‘যেন’, “যেনিবা”, আদি কোনো উৎপ্ৰেক্ষাবাচক শব্দৰ দ্বাৰা উপস্থাপিত হোৱা নাই। উৎপ্ৰেক্ষাবাচক শব্দ নাই যদিও তাৰ প্ৰতীয়মান অৰ্থ বোধগম্য হৈছে আৰু সেই প্ৰতীয়মান অৰ্থই শ্ৰোতাৰ অন্তৰত প্ৰতীতি জন্মাব পাৰিছে। এইটো হৈছে প্ৰতীয়মান উৎপ্ৰেক্ষা অলংকাৰ।
২। “ওখৰ মলয়াই মৰমৰ হাতেৰে
চোতালত ধূলি সাৰে।”-বেজবৰুৱা
মলয়াই চোতালত ধূলি সৰা এটা অবাস্তৱ কথা। মলয়াই চোতালৰ ধূলি উৰুৱাই নিয়ে। চোতালৰ ধূলি জীয়ৰী- বোৱাৰীয়ে সাৰে।ইয়াত গৃহিনীয়ে চোতাল সৰা।ক্ৰিয়াটো প্ৰকৃতত মলয়াত লগাই এনেভাৱে একাকাৰ কৰিছে য, মলয়াই চোতাল সৰাটোহে প্ৰধানকৈ মানসপটত জিলিকি উঠে।
ইয়াত উপমেয় ‘মলয়া বতাহ’, উপমান (গৃহিনী) উল্লেখ কৰা হোৱা নাই।প্ৰতীয়মান অৰ্থৰ দ্বাৰাহে “গৃহিনী” উপমান হ’ব বুলি বুজিব পাৰি ইত্যাদি।
উৎপ্ৰেক্ষা অলংকাৰ কবিসকলৰ বৰ প্ৰিয়, আদৰৰ। উৎপ্ৰেক্ষা অলংকাৰৰ দ্বাৰা কবিয়ে কবিকৰ্মত কল্পনাৰ সৌন্দৰ্য, দৃষ্টি কৌশলক সুন্দৰভাৱে ফুটাই তুলিব পাৰে। বহুতো, যুগজয়ী কবিতাৰ মূলতে আছে এই উৎপ্ৰেক্ষা অলংকাৰ। কেৱল যে ভাৰতীয় ভাষা সাহিত্যতে উৎপ্ৰেক্ষা অলংকাৰ আছে এনে নহয়। পৃথিৱীৰ সকলোবোৰ-সাহিত্যতে বোধ হয় উৎপ্ৰেক্ষা অলংকাৰ বিচাৰিলে পোৱা যাব।
(১০) অতিশয়োক্তি কাক বোলে? ইয়াক কেইটাভাগয ভাগ কৰিব পাৰি? আলোচনা কৰা?
উত্তৰঃ যি অলংকাৰত উপমেয়ক উল্লেখ নকৰি উপমানকে উপমেয়ৰূপে নিৰ্দেশ কৰিলে তাক অতিশয়োক্তি অলংকাৰ বোলে। এই অলংকাৰত উপমানে উপমেয়ক প্ৰাস কৰে। এটা উদাহৰণৰ দ্বাৰা কথাটো স্পষ্ট হ’ব-
(১) “আগৰে মুখেদি মৌৱে বৰষিছে
ফুলাম গামোছাৰে পাগ।”
মুখেদি মৌ বৰষিব নোৱাৰে, মুখেদি মাতহে ওলায়।কিন্তু ইয়াত ‘মাত’ উপমেয়টো উল্লেখ নকৰি উপমান ‘মৌ’টোকে উপমেয়ৰূপে দেঠ দেখুওৱা হৈছে। বুজোতাইও বুজিব যে মুখেদি মৌ ওলোৱা নাই, মৌ সদৃশ মাতহে ওলাইছে।
(২)” আইৰে চকুতে মেঘে বৰষিলে,
বোপাই চকুতে বৰষে জুই।”
আইৰে চকুত চকুপানীহে ওলাব, সেইদৰে বোপাইৰ চকুৱেদি উগ্ৰ খঙৰ ভাৱহে ওলাব পাৰে। কিন্তু ইয়াত ‘চকুপানী’আৰু ‘খং’ উপমেয় দুটা উল্লেখ নকৰি ‘মেঘ’আৰু ‘জুই’কে উপমেয়ৰূপে দেখুওৱা হৈছে।
(৩) “মুকুতামণিটি পাহিত জিলিকে
ফটিক পানীত ধোৱা,
নিশাৰ তৰা এটি সৰিয়েহে আছে
সৰগত টোপনি যোৱা।”
উৎকলিত কবিতাৰ স্তৱকটিত উপমান ‘মুকুযখমণি’ আৰু ‘তৰা’ ইয়াত উপমেয়ৰ উল্লেখ নাই। মুকুযখমণি আৰু তৰাৰ ভাৱাৰ্থ হ’ল “নিয়ৰ’।এই ‘নিয়ৰ’ উপমেয়ক, উপমান ‘মুকুতামণি’ আৰু ‘তৰাই গ্ৰাস কৰি পেলালে।
অতিশয়োক্তি অলংকাৰ ছয় প্ৰকাৰৰ। যেনে-
১। অভেদত ভেদ- ভেদকাতিশয়োক্তি।
২। ভেদত অভেদ-অভেদাতিশয়োক্তি। ণ্ঠ
৩। সম্বন্ধত অসম্বন্ধ- অসম্বন্ধাতিশয়োক্তি
৪। অসম্বন্ধ সম্বন্ধ- সম্বন্ধাতিশয়োক্তি
৫। কাৰ্যকাৰণ পৌৰ্বাপৰ্য বিপৰ্যয়- কাৰ্যকাৰণাতি
৬। অসম্ভৱক সম্ভৱ-সমতাৱ্যমানাতিশয়োক্তি- শয়োক্তি।
১। ভেদকাতিশয়োক্তি : বৰ্ণনীয় বিষয় বাস্তৱত একে হ’লেও তাক বেলেগ বুলি বৰ্ণনা কৰিলে ভেদকাতিশয়োক্তি হয়। যেনে- “আজি শেনৰ এজাত”-শেন যুঁজৰ পৰা উদ্ভৱ হোৱা এটা পটস্তৰ। এক শেন চৰাইক এজাত বুলি কোৱাত শেন চৰাই ভেদ দৰ্শাই অভেদক ভেদ কৰি বৰ্ণোৱাত ভেদকাতি শয়োক্তি হৈছে।
২। অভেদাতিশয়োক্তি : দুটা বস্তুৰ মাজত স্পষ্ট ভেদ থকাতো তাক অভেদৰূপে দেখুৱাকে অভেদাতিশয়োক্তি অলংকাৰ বোলে।যেনে-
কেলেই লাগিছে সেন্দুৰীয়া গাল
ফৰিং প্ৰেমিকৰ জুই,
কোৱা ভাতুৰিয়া ওঠৰ তলত
ফেঁটি সাপ থাকে শুই।”-বেজবৰুৱা
ইয়াত “সেন্দূৰীয়া গাল” আৰু ‘ওঠ’ প্ৰকৃত অৰ্থাৎ উপমেয়, জুই’আৰু ‘ফেঁটীসাপ’ অপ্ৰকৃত বস্ত অৰ্থাৎ উপমান। “গাল’ৰ সৈতে ‘জুই’ আৰু ‘ওঠ”ৰ সৈতে “ফেঁটীসাপ’ৰ স্পষ্ট ভেদ থকাৰ স্বত্বেও অভেদৰূপে প্ৰতিপন্ন হৈছে। সেয়ে ই অভেদাতিশয়োক্তি অলংকাৰ।
৩। অসম্বন্ধাতিশয়োক্তিঃ যেতিয়া বৰ্ণনীয় বিষয়টোৰ কাৰ্যৰ সৈতে সম্বন্ধ অবিচ্ছেদ্য হ’লেও যদি বস্তুৰ দুটাৰ মাজত সম্বন্ধ নথকা যেন দেখুওৱা হয় তেতিয়া তাক সম্বন্ধত অসম্বন্ধ বা অসম্বন্ধাতিশয়োক্তি বোলে। যেনে-
“যাহাৰ ৰূপৰ নাহি সমান।
অনুদিনে কৰে নয়নে পান।”
কোনো বস্তু মুখেৰেহে পান কৰে, চকুৰে পান নকৰে অৰ্থাৎ চকুৰ লগত পান ক্ৰিয়াৰ সম্বন্ধ নাই। তথাপিও পানী যেনেকৈ ছেদ নপৰাকৈ পান কৰা হয়, ঠিক সেইদৰে কৃষ্ণৰ ৰূপকো চকুৰ পচাৰ নসলোৱাকৈ থৰ লাগি চাই থকাৰ অৰ্থতে “নয়নে পান” অসম্বন্ধত সম্বন্ধ দেখুৱা হৈছে। এয়ে অসম্বন্ধাতিশয়োক্তি অলংকাৰ। আমাৰ ভাষাত প্ৰচলিত প্ৰবাদ-প্ৰবচন কিছুমান, যেনে-“গড়গঞা কটাৰীৰ ডাবেও কাটে”, “বায়নৰ ঘৰৰ বোন্দাইও ৰাউচি ধৰে” ইত্যাদি অসম্বন্ধাতিশয়োক্তি অলংকাৰত পৰে।
৪। সম্বান্ধাতিশয়োক্তিঃ দুটা বস্তুৰ মাজত সম্বন্ধ নথকাৰ স্বতেও সম্বন্ধ থকা দেখুৱালে তাক অসম্বন্ধত সম্বন্ধ বা সম্বন্ধাতিশয়োক্তি অলংকাৰ হয়।
“প্ৰলয়ৰ পয়োধিত বুৰিল সিদিনা।
দুপৰতে অৰুণ তপন।”-সূৰ্যকুমাৰ ভুঞা
প্ৰলয়ত পুৱা, দুপৰ, গধূলি, চন্দ্ৰ, সূৰ্য এই লয় সকলোৱেই পায়। গতিকে ‘বুৰ’ যাবলৈ সূৰ্য্য থকাটো সম্ভৱ নহয়। সেইদৰে দুপৰত সূৰ্য অস্ত যাব নোৱাৰে।
গতিকে প্ৰলয়ৰ সৈতে সূৰ্য্য আৰু দুপৰৰ সৈতে সূৰ্য্য অস্ত যোৱাৰ কোনো সম্বন্ধ নাই। কিন্তু সেইটোৱেই হোৱা বুলি অসম্বন্ধত সম্বন্ধ দেখুওৱা হৈছে।
৫। কাৰ্যকাৰণাতিশয়োক্তিঃ সাধাৰণতে কাৰণ আগতে হয় তাৰ পিছতহে কাৰ্যৰ উৎপত্তি হয়। কিন্তু যদি কাৰ্যটো আগতে আৰু কাৰণটো পাছত দেখুওৱা হয় তেতিয়া তাক কাৰ্যকাৰণ পৌবাপৰ্য কাৰ্যকাৰণাতি শয়োক্তি অলংকাৰ বুলি কোৱা হয়।যেনে-
“আৰ কি আসিব নন্দৰ পুৰ।
কৈচানি দেখিবো মুখ প্ৰভুৰ।।
পৰে নকান্দন্তে চক্ষুৰ পানী।
উদ্ভৱে প্ৰবোধি বুলিলা, বাণী।।”-শংকৰদেৱ
কান্দিলেহে চকুৰ পানী ওলায়। কিন্তু ইয়াত নৌ কান্দোতেই চকুপানী ওলোৱা বুলি বৰ্ণনা কৰাত কাৰ্যকাৰণ পৌবাপৰ্য বা কাৰ্যকাৰণাতিশয়োক্তি হৈছে।
৬। সম্ভাৱ্যমানা অতিশয়োক্তি : যদি, আদি শব্দৰ প্ৰয়োগ কৰি কল্পিত অসম্ভৱ বস্তু এটাৰ লগত তুলনা দেখুৱালে অতিশয়োক্তি হয়। এই ধৰণৰ অতিশয়োক্তিকে সম্ভাৱ্যমানাতিশয়োক্তি বুলি কোৱা হয়।যেনে-
‘যদি তুমি হোৱা হ’লে চাতক পখিটি,
মই যদি জলদৰ শ্যামল মূৰুতি,
কৰালোহেঁতেন পান প্ৰেম পাৰাপাৰ।”
ইয়াত “তুমি চাটক পখী হোৱা হ’লে, মই ডাৱৰ হৈ আকাশত উৰি ফুৰি ধাৰাসাৰ বৃষ্টি ঢালিলোহেঁতেন আৰু ধৰাক জীপাল কৰিলোহেঁতেন। কিন্তু সেইটো নহ’ল। অসম্ভৱক সম্ভাৱনা দেখুওৱা কাৰণে ই সম্ভাৱ্যমানাতিশয়োক্তি অলংকাৰ হৈছে।
(১১) বিৰোধমূলক অলংকাৰ কাক বোলে? এইবিধ অলংকাৰক কেইটা ভাগত ভগাব পাৰি? প্ৰতিটো ভাগৰে পৰিচয় দি আলোচনা আগবঢ়োৱা?
উত্তৰঃ সাদৃশ্য বৈচিত্ৰ্যৰ ভেঁটিত যিদৰে উপমা, ৰূপক, উৎপ্ৰেক্ষাদি অলংকাৰৰ সৃষ্টি হৈছে, সেইদৰে বিৰোধভাৱাপন্ন বস্তুৰ দ্বাৰাও সংবেদনশীল আন কিছুমান অলংকাৰৰ উৎপত্তি হৈছে; যাক বিৰোধমূলক অলংকাৰ বুলি কোৱা হয়।দুটা বস্তুৰ সাদৃশ্যৰ ভেটিত সাদৃশ্যমূলক আৰু বিৰোধৰ ভেঁটিত বিৰোধমূলক অলংকাৰৰ উৎপত্তি।সাদৃশ্যমূলক অলংকাৰত যিদৰে সৌন্দৰ্য আৰু সুষমা আছে, সেইদৰে বিৰোধমূলক অলংকাৰতো চমৎকাৰিত্ব আৰু আকৰ্ষণীয় গুণ আছে। এই বিৰোধমূলক অলংকাৰকো কেইবাটাও ভাগত বিভক্ত কৰা হৈছে।যেনে-
বিৰোধ বা বিৰোধাভাস, বিষম, বিশেষোক্তি, বিভাৱনা, অসঙ্গতি আদিয়েই প্ৰধান।
১। বিৰোধ বা বিৰোধাভাস : দুটা বস্তু দেখাত পৰস্পৰ বিৰোধী যেন লাগিলেও তাৰ তাৎপৰ্যৰ পৰা যেতিয়া বিৰোধৰ অৱসান ঘটে তেতিয়াই বিৰোধ অলংকাৰ হয়।দুটা বস্তুৰ মাজত বিৰোধ যেন লাগেহে, প্ৰকৃততে বিৰোধ নহয়, তাকে বিৰোধ বা বিৰোধাভাস বোলে। এই বিৰোধ বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে-
১। দ্ৰব্য আৰু দ্ৰব্যৰ মাজত বিৰোধ, যেনে- অমৃত-গৰল, তিতা-মিঠা, জলকণা-সাগৰ।
২। গুণৰ লগত গুণৰ বিৰোধ, যেনে-ক্ষুদ্র-ব্যাপক, দীঘল-চুটি, ভাল-বেয়া।
৩। ক্ৰিয়াৰ লগত ক্ৰিয়াৰ বিৰোধ, যেনে- যোৱা-থকা, বহা-থিয় হোৱা, ইত্যাদি। যেনে-
(১) “চক নাই দেখিছেসকল
কাণ নাই সকলো শুনিছে।
হাত নাই সকলো ধৰিছে
ভৰি নাই সৰ্বত্ৰতে কৰিছে গমন।।”-ৰত্নেশবৰ মহন্ত।
কবিতাৰ স্তৱকটিত চকু নথকাকৈ দেখা, কাণ নথকাকৈ শুনা, হাত নথকাকৈ ধৰা, আৰু ভৰি নথকাকৈ গমন কৰা পৰস্পৰ বিৰোধী কথা। কিন্তু ইয়াত কবিয়ে নিৰাকাৰ অথচ সৰ্বব্যাপ্তমান ঈশ্বৰৰ প্ৰসঙ্গত এই কথাখিনি কোৱা বুলি তাৰ তাৎপৰ্য উপলব্ধি হোৱাৰ লগে লগে সেই বিৰোধৰ অৱসান ঘটিল।
(২) সংসাৰ ফুলনি খনি
জকমক ফুলেৰে শুৱনি,
আছে তাত কৌটিফুল ফুলি,
যত্ন লওঁতা নাই কোনোমালী।।”
(৩) সাত-সাগৰৰ মাণিক তুলি
বুটলিলো যেন শামূকৰ খোলা।”
ইয়াত মানিক বুলি শামুকৰ খোলা বুটলা বিৰোধ অলংকাৰ।
অসমীয়াৰ ফকৰা-যোজনা, পটস্তৰবোৰত বিৰোধ অলংকাৰৰ সুন্দৰ নিৰ্দশন পোৱা যায়। যেনে-
(৪) “সাত পুৰুষত নাই গাই,
কঁড়িয়া লৈ ক্ষীৰাবলৈ যায়।”।
ইয়াত ‘গাই’নথকাকৈ ‘কঁড়িয়া’ লৈ ক্ষীৰাবলৈ যোৱা বিৰোধ অলংকাৰ।
(৫) “বাৰহাত জালৰ তেৰ হাত ফটা
ভাল মাৰিলি বাপৰ বেটা আৰ
ৰৌ বৰালি সৰকি গ’ল,
পুঠি খলিহাহে পাহে পাহে ৰ’লঙ্গ”
এআবোৰ আধ্যাত্মিক তত্ত্বৰ কথা। ই বিৰোধ অলংকাৰ।
২. বিষমঃ পৰস্পৰ অমিল দুটা বস্তু বা কাৰ্যৰ মাজত দেখুওৱা সম্বন্ধকে বিষম অলংকাৰ বোলে, বিৰোধ অলংকাৰত বিৰোধৰ অৱসান ঘটে। কিন্তু বিষমত বিৰোধ বিৰোধেই হৈ থাকে। যেনে-
১। “সোৱণশিৰি মুখলৈ গৈছিলে। লাহৰি।
সোণ কমাওঁগৈ বুলি,
এতিয়া লাহৰী উভতি আহিলো।
হাতত ‘লৈ এমুঠি বালি।”-বনগীত।
বনগীতটোত সোণ কমাবলৈ গৈ বালি অনাটো বিষম অলংকাৰ। ই সঁচাসঁচি বিৰোধ। অসমীয়াৰ এনে বহুবোৰ বনগীত, লোকগীতত বিষম অলংকাৰৰ সুন্দৰ নিদৰ্শন পোৱা যায়।)
২। হাতী চুৰ কৰি আগে আগে যায়
বেঙেনা চোৰক ধৰে,
নাকটো কাটিলে লাজটো নালাগে
নখটি কাটিলে মৰে।”-পটন্তৰ
উপৰোক্ত অসমীয়া পটন্তৰটোত বিষম অলংকাৰ হৈছে হাতী চোৰক ধৰা, নাকটো কটাত লাজ নলগা; কিন্তু নখ কটাত মৰা” এইবোৰ প্ৰকৃত বিৰোধ।
৩। বিশেষোক্তি : কাৰণ থকাৰ স্বত্বেও যেতিয়া কাৰ্যৰ উৎপত্তি বা ফল দেখা নাযায়, তেতিয়া তাক বিশেষোক্তি অলংকাৰ বোলে।
কাৰণ থাকিও কাৰ্য নোহোৱাৰ বিৰোধ দেখুৱাই এটা বিশেষ দাঙি ধৰা হয় (১)”হিমালয় আছে তপস্যা নাই; গঙ্গা-সৰস্বতী আছে, বেদধ্বনি নাই; ব্ৰাহ্মণ আছে নৱগুণ নাই।”
উল্লিখিত বাক্যচয়ত কাৰণ যথাক্ৰমে হিমালয়, গঙ্গা-সৰস্বতী আৰু ব্ৰাহ্মণ আছে। কিন্তু কাৰ্যযথাক্ৰমে তপস্যা, বেদ ধ্বনি, আৰু নৱগুণ নাই। গতিকে ই বিশেষোক্তি।
২। যদি কৰোঁ বিহপান তথাপি নাযায় প্ৰাণ
অনলে সলিলে মৃত্যু নাই।।
সাপে বাঘে যদি খায় তথাপি মৰণ নাই
চিৰজীৱী কৰিলে গোঁসাই।।
উদ্ধৃত ত্ৰিপদী দুটাত বিহপান কৰি, জুইয়ে ফুৰোঁতে, পানীত ডুবি যোৱাতো মৃত্যু হোৱা নাই, সাপে, বাঘে খালেও মৰণ নাই।ইয়াত কাৰণ থকা স্বত্বেও কাৰ্য “মৃত্যু নোহোৱাটো বিশেষোক্তি।
৩। “নাম ধন মহাধন
ভাই বটা নলগয় গৈ
অগনিত নোপোৰয়।
চোৰেও নিনগয়ে চুৰ কৰি।”-লোকগীত
উল্লিখিত লোকগীত ফাঁকিত নাম ধন অৰ্থাৎ ঈশ্বৰৰ নামৰ মহাত্ম্য কওঁতে কেইবাটাও বিৰোধসূচক বস্তুৰে বৰ্ণনাটো চমৎকাৰ পূৰ্ণ কৰিছে। আন ধন-সম্পত্তি ভাই-ককাইৰ মাজত ভাগ হয় জুই লাগিলে পুৰি নষ্ট হয়, চোৰে চুৰ কৰি নিয়ে ,কিন্তু নাম ধনক কোনেও একো কৰিব নোৱাৰে।
৪। বিভাবনাঃ কোনো কাৰণ নোহোৱাকৈ কাৰ্য হোৱা দেখুৱাকে বিভাৱনা বোলে। বিভাৱনা বিশেষোক্তিৰ বিপৰীত অলংকাৰ। বিশেষোক্তিত কাৰণ থাকিও কাৰ্য নহয়; কিন্তু বিভাৱনাত কাৰণ নোহোৱাকৈ কাৰ্যৰ উৎপত্তি হয়।
কালিদাসৰ কাব্যত বিভাৱনাৰ সুন্দৰ নিদৰ্শন পোৱা যায়।তাৰ এটা উদাহৰণ চয়ন কৰা হ’ল-
(১) “অসংভূতং মণগুণমঙ্গযষ্টেৰণাসৱাখ্যং কৰণং মদস্য-কামস্য পুষ্পৱ্যতিৰিক্তমস্ত্ৰং বালাৎপৰৎ সাথ ৱয়ঃ প্ৰপেদে।”
অৰ্থাৎ বাল্যকাল এৰি যৌৱনত ভৰি দিয়া লগে লগে উমাৰ শৰীৰ প্ৰসাধন নোহোৱাকৈ অলংকৃত, মদ নহৈ মত্ততাৰ নিমিত্ত আৰু কামদেৱৰ বিনাফুলৰ অস্ত্ৰ স্বৰূ হৈ পৰিল।
ইয়াত ‘কাৰণ’মদ নাই কাৰ্য মত্ততা আছে। কাৰণ নাই, কাৰ্য আছে। গতিকে ই বিভাৱনা।
(২) “বিনামেঘে বজ্ৰপাত
বিনাশৰে হানেগাত।”
ইয়াত “কাৰণ”-মেঘ নোহোৱাকৈ বজ্ৰপাত পৰা।আৰু “শৰ” নোহোৱাকৈ শৰীৰত আঘাত কৰা কাৰ্য বিভাৱনা অলংকাৰ।
(৩) “বিনা বাত-বৰিষণে বৃক্ষচয় উভৰি পৰে।
পুৰুষৰ বাম ফন্দে, পক্ষী সৱে ৰাৱকাঢ়ে।
ইয়াত ‘কাৰণ’বতাহ বৰষুণ নোহোৱাকৈয়ে গছ উভালি পৰা, পুৰুষৰ বাওঁহাত লৰা, পক্ষীবিলাকে ৰাও দিয়া ‘কাৰ্য বিভাৱনা।
(৪) “সুধীৰ বসন্ত বায়ু বয় সুশীতল।
তথাপি প্ৰাণত মোৰ কিহৰ উতল।”-ডিম্বেশ্বৰ নেওগ
ইয়াত সুশীতল বায়ুতপ্লাণত উতলহে হৈছে। সুশীতল বায়ু উতলৰ বিৰোধ কাৰণ। শীতলবায়ু উত্তল প্ৰাণ বিভাৱনা অলংকাৰ।
(৫) অসঙ্গতিঃ কাৰ্য আৰু কাৰণ যদি ভিন্ন বস্তুত আছে বুলি দেখুওৱা হয় তেতিয়া তাক অসঙ্গতি অলংকাৰ বুলি কোৱা হয়। বিৰোধ অলংকাৰৰ লগত ইয়াৰ পাৰ্থক্য এয়ে যে বিৰোধত পৰস্পৰ বিৰোধী বস্তু দুটা একেটা আশ্ৰয়তে থাকে অৰ্থাৎবিৰোধ থাকিলেও তাৎপৰ্য বুজাৰ পাছত বিৰোধৰ অৱসান ঘটে। আনহাতে অসমঙ্গতি বেলিকা কাৰণ এঠাইত আৰু কাৰ্য হয় আন ঠাইত। আমাৰ গ্ৰাম্য ভাষাত প্ৰচলিত ঘৰুৱা যোজনা কিছুমান যেনে-“কেৰ্কেটুৱাই তামোল খায়, নেউলক বান্ধি কিলায়”আদি প্ৰকৃততে-অসঙ্গতি অলংকাৰহে। আন দুটামান উদাহৰণ, যেনে-
(১) “আকাশেদি উৰি গ’ল বগলীৰে জাক
ইয়াত আকাশেদি উৰি যোৱা বগলী জাকৰ লগত আনন্দতে নাচ দিয়াৰ কোনো সম্বন্ধ নাই। কাৰণ এঠাইত আৰু কাৰ্য আন ঠাইত হৈছে।
(২) চিৰি লুইততে কিৰিলি পাৰি
চেনাই মোৰ ভটিয়াই যায়,
দুধাৰি চকুলো বয়।”-বনগীত
গীতফাঁকিত ‘কাৰণ’হৈছে- কিৰিলি পাৰি ভটিয়াই যোৱা আৰু “কাৰ্য”হৈছে- “তাতৰ পাতত বহি চকুলো টোকা। কাৰণ এঠাইত আৰু কাৰ্য আন ঠাইত ঘটিছে। সেয়ে ই অসঙ্গতি।আনকেইটামান উদাহৰণ-
(৩) “ঢেঁকিত কতো মহে খায়, উৰালত ফৰ্ফৰায়।।”
(৪) “কলিয়াবৰত পৈয়েক মৰিল, ঢেঁকী দিওঁতে মনত পৰিল।ইত্যাদি।
(১২) শৃঙ্খলামূলক অলংকাৰ কাক বোলে? শ্ৰেণীবিভাজন কৰি আলোচনা কৰা?
উত্তৰঃ শৃঙ্খলামূলক অলংকাৰক আকৌ পাঁচোটা ভাগত বিভক্ত কৰিছে। যেনে-
একাৱলী, কাৰণমালা, সাৰ, পৰ্যায় আৰু স্বকায়োক্তি।
১. একাৱলী : একাৱলী শব্দৰ অৰ্থ এটা শাৰী বা এডলীয়া মালা। এই অলংকাৰত আগৰ বাক্যত ব্যৱহৃত বিশেষ শব্দটো বা বিধেয়টো পিছৰ বাক্যত উদ্দেশ্যৰূপে প্ৰয়োগ কৰা হয়।যেনে-
(১) “পুখুৰী শোভিছে পদুম ফুলে।
পদুম শোভিছে ভ্ৰমৰ কুলে।”
ইয়াত “পদুম ফুল” বিশেষ্য শব্দটো আগৰ বাক্যত বিধেয়ৰূপে আৰু পাছৰ বাক্যত উদ্দেশ্যৰূপে উপস্থাপিত হৈছে।
(২) “অতৃপ্তিৰ অশান্তিৰ ঘৰ
অশান্ধিয়ে অসুখ বিলায়,
অসুখত বিচাটৰ ৰাশি
জীৱনৰ ধাৰা বৈ যায়।”-বেজবৰুৱা
ইয়াত “অশান্তি”আৰু “অসুখ” প্ৰথম বাক্যত বিধেয় আৰু দ্বিতীয় বাক্যত উদ্দেশ্য ৰূপত উপস্থাপন হৈছে এয়ে হৈছে একাৱলী।
২. কাৰণমালা : কোনো কাৰণৰ কাৰ্যটো যদি পৰৱৰ্তী কাৰ্যৰ কাৰণৰূপে দেখা দিয়ে, তেতিয়া তাক কাৰণমালা অলংকাৰ বোলে। ই একাৱলী অলংকাৰৰ বিপৰীতধৰ্মী। কাৰ্য কাৰণ সম্বন্ধটো বাদ দিলেই সি একাৱলী অলংকাৰ হ’ব। যেনে-
(১) “অতৃপ্তিতেই অশান্তি, অশান্তিয়েই অসুখ
অসুখেই জীৱন কৰে অস্থিৰ।
-ইয়াত অতৃপ্তিয়েই অশান্তিৰ কাৰণ, অশান্তিয়েই অসুখৰ কাৰণ আৰু অসুখেই অস্থিৰতাৰ কাৰণ।
(২) লোভেই পাপ,পাপেই মৃত্যু
ইয়াত লোভেই; পাপৰ কাৰণ আৰু পাপেই মৃত্যুৰ কাৰণ। এয়ে হৈছে কাৰণমালা অলংকাৰ।
(৩) সাৰঃ আৰম্ভণিৰ পৰা ভাৱ আৰু ভাষা খাপে খাপে ওপৰলৈ উঠি গ’লে, সাৰ অলংকাৰ হয়। ইংৰাজীৰ Climax শব্দটোৰ যি অৰ্থ, অসমীয়াত সাৰ শব্দৰ অৰ্থত একে ধৰণৰ। Climax ত জখলাৰ দৰে শব্দ বা ভাৱৰ বা কাৰ্যৰ এটা লানি ক্ৰমে কম গুৰুত্বৰ পৰা গুৰুত্বলৈ গতি কৰাৰ ধৰণে, “সাৰ”টো শব্দ বা ভাৱে ক্ৰমান্বয়ে ওপৰলৈ উৎকৰ্ষ সাধন কৰি গৈ থাকে।যেনে-
(১) “অথিৰ ধন-জন জীৱন যৌৱন।
অথিৰ এহু সংসাৰ।”-বৰগীত।
ইয়াত ধনজন, জীৱন, যৌৱন-সংসাৰ পৰ্য্যন্ত সকলো অসাৰ।ই ক্ৰমে সংসাৰৰ বিষয় আসক্তিৰ পৰা আৰোহন কৰি মুক্তিৰপথ বিচাৰিছে; এয়ে সাৰ।
(২) “তুমি মোৰ দুখুনিৰ একেটি ৰতন
তুমি মোৰ প্ৰাণ পতি, তুমি মোৰ ধ্যান,
তুমি মোৰ জীৱন জীৱন।”- তিলোত্তমা কাব্যসম্ভৱ
ইয়াত তুমি মোৰ ৰত্ন, প্ৰাণপতি,ধ্যান আৰু শেষত জীৱন জীৱন”বুলি শীৰ্ষবিন্দুত উপনীত হৈছেগৈ। এয়ে সাৰ অলংকাৰ।
(৩) মনোৰমা, তুমি ৰাক্ষসী, তুমি মানৱী,নহয়, তুমি দেৱী।
উল্লিখিত বাক্যত “ৰাক্মসী”ৰ পৰ। শব্দ, ভাৱ আৰু ভাষা একূকোবে ‘দেৱী’শব্দলৈ উৎকৃষ্ট সাধন হৈছে।
এনেদৰে নাটকৰ দৰে আৰম্ভণিৰ পৰা ক্ৰমে বিস্তাৰ লাভ কৰি শীৰ্ষবিন্দুৰ আৰোহন কৰাকে সাৰ অলংকাৰ বোলে।
৪. স্বভাৱোক্তি : কোনো বিষয় পদাৰ্থসমূহ সূক্ষ্ম আৰু চমৎকাৰপূৰ্ণ বৰ্ণনাকে স্বভাৱোক্তি অলংকাৰ বোলে। যেনে-
“ক্ষীৰ সাগৰৰ মাজে ত্ৰিকুট পৰ্বত।
প্ৰকাশন্তে আছে তিনি লোকত বেদত।।
সুবৰ্ণ ৰজত লোহা জ্বলৈ তিনি শৃঙ্গ।
চক্ষুত চমক লাগৈ দেখিতে বিৰিঙ্গ।।”-ত্ৰিকুটবৰ্ণন, কীৰ্ত্তন।
ইয়াত ‘ত্ৰিকূট পৰ্বৃতটোৰ স্বাভাৱিক সৌন্দৰ্যক যথাযথ ভাৱে চমৎকাৰপূৰ্ণ বৰ্ণনা কৰা হৈছে।
৫. পৰ্যায়ঃ একেটাই বিষয় ক্ৰমশঃ বহু আধাৰৰ ওপৰত পতিত হ’লে পৰ্য্যায় অলংকাৰ হয়।যেনে- শম
আকাশৰ পৰা আহি নিয়ৰৰ পানী টুপি,
চকুৰ পতাত লয় ঠাই।
অধৰত পৰি আছে বুকুত জিৰণিলৈ
লাহে লাহে ত্ৰিবলী বগাই,
নাভিৰ মাজত ডুবি যায়।।”
স্তৱকটিত নিয় পানীটোপাল ক্ৰমশঃ চকুৰ পতাত, অধৰত, বুকুত, ত্ৰিবলী নাভিৰ ওপৰত পৰাৰ যি বৰ্ণনা দিয়া হৈছে, সেয়ে হৈছে পৰ্যায় অলংকাৰ।
(১৩) গৃঢ়াৰ্থ প্ৰতীতিমূলক অলংকাৰ কাক বোলে? এইবিধ অলংকাৰৰ শ্ৰেণীবিভাজন কৰি আলোচনা কৰা?
উত্তৰঃ ব্যঞ্জনা অনুভৱ কৰিব পৰা প্ৰখৰ কল্পনা শক্তিৰ দ্বাৰা যেতিয়া বাচ্যাৰ্থৰ গভীৰ অৰ্থক উপলব্ধি কৰিব পাৰে বা ব্যঞ্জনাৰ দ্বাৰা বাচ্যাৰ্থই অন্তৰত প্ৰতীতি(সাঁচ) জন্মাব পাৰে তেতিয়া তাক গুঢ়াৰ্থ প্ৰতীতিমূলক অলংকাৰ বোলে। এই অলংকাৰ বুজিবলৈ দুটা বস্তুৰ প্ৰয়োজন। এটা হৈছে ব্যঞ্জনা অনুভৱ কৰিব পৰা, কল্পনা কুশল চিত্তবৃত্তি আৰু আনটো হৈছে বুদ্ধিদীপ্ত চিন্তা আৰু মন।
গূঢ়াৰ্থপ্ৰতীতিমূলক অলংকাৰ চাৰি প্ৰকাৰৰ। যেনে- অপ্ৰস্তুত প্ৰশংসা, অৰ্থান্তৰ ন্যাস, ব্যাজস্তুতি, ব্যাজোক্তি।
১। অপ্ৰস্তুত প্ৰশংসাঃ অপ্ৰস্তুত অৰ্থাৎ যিটো বৰ্ণনীয় নহয়, তাৰ পৰা যদি প্ৰস্তুত অৰ্থাৎ বৰ্ণনীয় বিষয়ৰ প্ৰতীতি জন্মে অৰ্থাৎ মনত সাঁচ বহি যায় তেতিয়া তাক অপ্ৰস্তুত প্ৰশংসা বোলে।
কোনোদিনে ঘৰলৈ নহা আত্মীয় এজন হঠাৎ যদি ঘৰলৈ আহে, তেওঁক উদ্দেশ্য কৰি গিৰিহঁতে ক’ব পাৰে “আজি হাঁইঠা মাটিত পৰিল দেখোন।” হাঁইঠা মাটিত নপৰে। কেনেবাকৈ মাটিত পৰিব লাগিলে সি আৰু উৰিব নোৱাৰে। সেয়ে যি সদায় গছৰ ডালতে পৰে। হাঁইঠা মাটিত পৰাটো আচৰিত ঘটনা। আত্মীয় জন হঠাৎ ঘৰলৈ অহাটোও হাইঠা মাটিত পৰা নিচিনা ঘটনা।
ইয়াত অপ্ৰস্তুত “হাঁইঠা” আৰু “প্ৰস্তুত” হৈছে আলহীজনৰ ঘৰলৈ আগমন। এনেধৰণৰ অলংকাৰকে অপ্ৰস্তুত প্ৰশংসা অলংকাৰ বোলে। এটা উদাহৰণ লোৱা যাওক-
“কেলৈ ফুলিলি ৰূপহী মদাৰ ঐ
কেলৈ পেলালি কলি?
গুৰুতো নালাগে ভকততো নালাগে
থাকে তলে কৰি সৰি।”-বনগীত
উল্লিখিত বনগীত ফাঁকিত ‘মদাৰ’ অপ্ৰস্তুত বিষয় আৰু প্ৰস্তুত ‘অবিবাহিতা যুৱতী”; ইয়াত গুৰু ভকতত নলগা মদাৰ ফুলৰ দৰে, বিয়া নোহোৱাকৈ ঘৰতে বহি থকা গাভৰুৰ বিফলে যোৱা যৌৱনৰ প্ৰতীতি জন্মাইছে।
এইদৰে অপ্ৰস্তুত বৰ্ণনাৰে প্ৰস্তুতৰ প্ৰতীতি জন্মাকে অপ্ৰস্তুত প্ৰশংসা অলংকাৰ বোলে।
২। অৰ্থান্তৰন্যাসঃ সাধাৰণৰ দ্বাৰা বিশেষৰ, বিশেষৰ দ্বাৰা সাধাৰণৰ, কাৰ্যৰদ্বাৰা কাৰণৰ, কাৰণৰ দ্বাৰা কাৰ্যৰ বোধ জন্মিলে তাক অৰ্থান্তৰন্যাস বোলে। অৰ্থান্তৰন্যাস চাৰি প্ৰকাৰে পাব পাৰি। যেনে-
(১) সাধাৰণৰ দ্বাৰা বিশেষৰ সমৰ্থনত অৰ্থান্তৰন্যাস
পৰ্বতৰ কাষৰত থিয় হৈ বাৰু
একে থিৰে আকাশলৈ চাই,
থাকিলে সাৱতি হাত বিনা পৰিশ্নমে
উঠিব কি পাৰে কোনোবাই?”-আনন্দ চন্দ্ৰ আগৰৱালা
কবিতাৰ স্তৱকটিত ‘পৰ্ব্বতৰ কাষত থিয় হৈ আকাশলৈ চোৱা’ এই সামান্য কথাৰ দ্বাৰা ‘কঠোৰ পৰিশ্ৰম বা যত্ন নললে কোনেও একো কাম কৰিব নোৱাৰিব এই বিশেষ বস্তব্যটোৰ সমৰ্থন কৰিছে।গতিকে ই অৰ্থান্তৰন্যাস অলংকাৰ হৈছে।
(২) “এখোজ দুখোজ কৰি ক্ৰমে খোজ কাঢ়ি
যায় লোক শতেক যোজন;
এচটা এচটা কৰি ইটা গাঁঠি তুলি
অট্টালিকা অতি সুচিকণ।”
উদ্ধৃত কবিতাফাঁকিত “এখোজ দুখোজ কৰি গৈ গৈ জীৱনত উন্নতি সাধন কৰা-এই বিশেষৰ দ্বাৰা এচটা দুচটাকৈ অট্টালিকা গঢ়াৰ সাধাৰণ বক্তব্যটোৰ সমৰ্থন কৰা হৈছে। ইও অৰ্থান্তৰন্যাস অলংকাৰ হৈছে।
(৩) “ৰাইজে নখ জোকাৰিলে নৈ বয়।
এই প্ৰৱচনটোত “নখ জোকাৰা অৰ্থাৎ সকলোৱে অলপ অলপকৈ সাহাৰ্য আগবঢ়োৱা কাৰ্যৰ দ্বাৰা, “নদী বৈ যোৱা” অৰ্থাৎ সমস্যা সমাধান হোৱাৰ কাৰণৰ বিষয়টোক সমৰ্থন কৰা হৈছে। গতিকে ইয়াত এইটো কাৰ্যৰ দ্বাৰা কাৰণৰ সমৰ্থনত অৰ্থান্তৰন্যাস অলংকাৰ হৈছে।
(৪) তোমাৰ ই ধূলি-বালি
তোমাৰ আকাশ বায়ু
আই, মোৰ সৰগত বাস।”-নলিবালা দেৱী
উদ্ধৃত কবিতা ফাঁকিত “ধূলি-বালি, আকাশৰ বায়ু এই কাৰণৰ দ্বাৰা “সৰগত বাস” অৰ্থাৎ শান্তিৰ পৃথিৱীত বাস কৰা কাৰ্যৰ সমৰ্থন কৰা হৈছে। গতিকে ই অৰ্থান্তৰন্যাস অলংকাৰ।
৩। ব্যাজস্তুতি : স্তুতিৰ ছলেৰে নিন্দা কৰা বা নিন্দাৰ ছলেৰে স্তুতি কৰা বুজালে ব্যাজোস্তুতি অলংকাৰ হয়। ব্যাজ মানে ছল আৰু স্তুতি মানে বৰ্ণন বা গুণ-কীৰ্ত্তন; গতিকে ছলেৰে গুণ কীৰ্ত্তন কৰাই বা বৰ্ণনা কৰাই ব্যাজস্তুতি অলংকাৰ।যেনে-
(১) “মহাধনী, গুণীমানী দূশৰ লাইখুটা।
কোন গুণ তেওঁৰ কপালতে ফুটা।”
ইয়াত নিন্দাৰ ছলেৰে আওপকীয়াকৈ ভালটোহে কৈছে। অৰ্থাৎ নিন্দাৰ ছলেৰে স্তুতিহে কৰা হৈছে।
(২) “তোমাৰ খিয়াতি গতিকে বিপুল;
(ভূৱন বিদিত ভূঞা কুল।
শঠৰ লগত মিতিৰালি পাতি
তেনেই ডুবালা যশৰ তৰিঙ্গ”
ইয়াত যশ-মান খ্যাতি আদি স্তৃতিৰে ছলেৰে অসতৰ লগত পৰি বংশ যশ-গুণ নোহোৱা কৰাৰ নিন্দা কৰা হৈছে।
(৩) “বোপাই, তই মোৰ বুকুত শেল শালি যিটোহে মহৎ উপকাৰ কৰি থৈছে, ঈশ্বৰে তোক শতবছছৰ পৰমায়ু দান কৰক।”
ওপৰৰ বাক্যটোত “বুকুত শেল শালি মহৎ উপকাৰ কৰা কথাটোক আওপকীয়াকৈ অপকাৰ কৰা অৰ্থ বুজাইছে। ঈশ্বৰে তোক পৰমায়ুদান কৰক বুলি ভৎসনা কৰাহে বুজাইছে। এইটোও স্তুতিৰ ছলেৰে ব্যাজস্তুতি।
৪। ব্যাজ্যোক্তিঃ ওলাই থকা কথা এটাক কিবা এটা ছলেৰে লুকুৱাব বিচাৰি যি উক্তি বা বৰ্ণনা দিয়া হয় তাক ব্যাজোক্তি বোলা হয়। মাধৱদেৱৰ কুমুৰা সমূহত এনে ব্যাজোক্তি সুন্দৰ নিদৰ্শন পোৱা যায়।যেনে-
“গোপীবোল এথা তুমি আইলা কি কাৰণে।
মোৰ ঘৰ বুলি আইলো বোলে নাৰায়ণে।।
জানিলো আসিবা তুমি ঘৰ নজানিয়া।
লৱণু কলসে কেনে আছ হাত দিয়া।।
হৰি বোলে গোপী বৰ দোষ পাইলি বাচি।
পিম্পৰা গুচাইতে লাগি হাত দিয়া আছি।।
গোপী বোলে উপকাৰ কৰি আছ ভাল।
কিসক জগাইল মোৰ নিন্দাৰ ছৱাল।।
কানু বোলে বৎস মঞি বিচাৰি নপাইলো।
তাৰ পুছিবাক তৰে ছৱাল জগাইলোঁ।”-পিম্পৰা গুচোৱা
ইয়াত আচল কথাটো হ’ল কৃষ্ণই লৱণু চুৰ কৰিবলৈ গোপীৰ ঘৰত সোমাইছে আৰু এই চুৰ কৰা কথাটো লুকুৱাবলৈকে কৃষ্ণই এটা পিছত এটাকৈ মিছা মাতিছে। নিজৰ ঘৰ চিনি নাপালে, লৱণুত পৰি থকা পৰুৱাবোৰ বাচিছে; নিজৰ হেৰুৱা দামুৰিটোৰ কথা শুধিবলৈ শুই থকা ল’ৰাক জগোৱা” এনেদৰে আচল কথা লুকুৱাই বা তল পেলাই আন কথাৰে প্ৰতীয়মান কৰিবলৈ কৰা চেষ্টাতে সৃষ্টি ব্যাজোক্তিৰ।
(১৪) চমু টোকা লিখা :
১। সাদৃশ্যমূলক অলংকাৰ :
উত্তৰঃ দুটা বিসদৃশ বস্তুৰ মাজত সংযোগ স্থাপন কৰি তুলনা কৰাকে সাদৃশ্যমূলক বা তুলনামূলক অলংকাৰ বোলে। সাদৃশ্যমূলক অলংকাৰৰ প্ৰধান অংগ চাৰিটা। যেনে-
(১) উপমেয়।
(২) উপমান।
(৩) সাধাৰণ ধৰ্ম। আৰু
(৪) উপমাবাচক বা তুলনামূলক শব্দ।
(১) উপমেয়ঃ উপমেয় হ’ল বিষয়। যাক বা যিহক তুলনা কৰা হয়, সেয়ে উপমেয়।
(২) উপমানঃ যাৰ লগত তুলনা কৰা হয় সেয়ে উপমান।
(৩) সাধাৰণ ধৰ্মঃ উপমেয় আৰু উপমানৰ মাজত সম্বন্ধ থকা উমৈহতীয়া গুণ, ক্ৰিয়া আদিয়েই সাধাৰণ ধৰ্ম।
(৪) উপমাবাচক শব্দঃ যি শব্দৰ দ্বাৰা উপমেয় আৰু উপমান বা তুলনা কৰিব পাৰি সেয়ে উপমাবাচক বা তুলনাবাচক শব্দ।যথা ,দৰে, নিচিনা, সম, এইবোৰৰ দ্বাৰা দুটা বিসদৃশ বস্তুৰ সাদৃশ্য নিৰূপণ কৰা হয়। এটা উদাহৰণ দ্বাৰা উল্লিখিত অলংকাৰৰ চাৰিওটা অংগৰ উমান পাব পৰা যাব।
“তাইৰ গালখন গোলাপৰ দৰে কমনীয়”
ইয়াত গাল আৰু গোলাপৰ সাদৃশ্য আনি দিছে কমনীয় গুণটোৱে। গাল আৰু গৌলাপ দুয়োটা বিসদৃশ বস্তু। কমনীয়তা গাল আৰু গোলাপ দুয়োটাৰে উমৈহতীয়া গুণ বা সাধাৰণ ধৰ্ম। গাল আৰু গোলাপক যে তুলনা কৰা হৈছে সেই অৰ্থটো “দৰে” শব্দটোৱে উপস্থাপন কৰিছে। গতিকে ‘দৰে’ উপমাবাচকশব্দ। ইয়াত “গালখন”উপমেয় আৰু “গোলাপ” উপমান।
২। ব্যতিৰেকঃ
উত্তৰঃ ব্যতিৰেক ভেদ প্ৰধান সাদৃশ্যমূলক অলংকাৰ।উপমানতকৈ উপমেয় শ্ৰেষ্ঠ বা নিকৃষ্ট বুলি দেখুৱৱালে ব্যতিৰেকহয়। কেতিয়াবা উপমানতকৈ উপমেয়ক আৰু কেতিয়াবা উপমেয়তকৈ উপমানৰ অধিক শ্ৰেষ্ঠ বা গুণ থকা দেখুওৱাকে ভেদ বোলে।যেনে-“তোমাৰ মুখখন চন্দ্ৰৰ নিচিনা, কিন্তু চন্দ্ৰত কলংক আছে।”ইয়াত মুখ উপমেয় আৰু চন্দ্ৰ উপমান।চন্দ্ৰ আৰু মুখৰ সাদৃশ্য আছে, কিন্তু চন্দ্ৰত কলংক আছে বুলি কোৱাৰ উপমান চন্দ্ৰক নিকৃষ্ট বা গুণহীন আৰু উপমেয় ‘মুখ’ক শ্ৰেষ্ঠ বা গুণাধিক্য থকা বুলি প্ৰকাশ কৰা হৈছে।
আন দুটামান উদাহৰণ চয়ন কৰা হ’ল-
(১) ভীষ্মক ৰজা নন্দিনী বৰবালা।
বাঢয় নৱজিনি চান্দক কলা।”-শংকৰদেৱ
ইয়াত উপমেয় “নন্দিনী”আৰু ‘চান্দক” উপমান কিন্তু উপমানতকৈ উপমেয়ক শ্ৰেষ্ঠ দেখুওৱা হৈছে।
(২) “কল্লোলিনী কলস্বৰে বয় কুল কুল।
কলিয়াৰ বংশীধ্বনি নোহে সমতুল।।”
উৎকলিত পদ দুফাঁকিত উপমেয় ‘কলস্বৰ’আৰু উপমান “বংশী-ধ্বনি”।ইয়াত উপমেয়তকৈ উপমানক নিকৃষ্ট দেখুওৱা হৈছে।
(৩) যৌৱন বসন্ত সম সুখময় হয়’
সময়ৰ প্ৰতিশোধ মূৰ পাতি লয়।
কাল আবৰ্ত্তত হয় বসন্তৰ পুনৰ আগমন;
নাহে ফিৰি, নাহে ফিৰি বিগত যৌৱন।।”
উৎকলিতাংশত উপমেয় “যৌৱন”আৰু উপমান “বসন্ত” দুয়োটাকে গুণত একে নিচিনা বুলি দেখুওৱা হৈছে, তথাপিও উপমেয় “যৌৱন”তকৈ উপমান ‘বসন্ত’হে শ্ৰেষ্ঠ বুলি প্ৰতীয়মান হৈছে। কাৰণ বসন্ত ধৰাৰ বুকুলৈ পুনঃ পুনঃ ঘূৰি আহে; কিন্তু যৌৱন এবাৰ যোৱাৰ পিছত পুনৰ ঘূৰি নাহে।
(৪) “ফুলিল হিয়াত মোৰ লাখ লাখ ফুল
পৰিমল গোন্ধে বিয়াকুল।”-ৰঘূনাথ চৌধাৰী
উৎকলিত কবিতাৰ পংক্তিত উপমেয় “হিয়া”আৰু উপমান “ফুল”।কবিৰ হিয়াত যি প্ৰেমৰ অনুভূতি জাগি উঠিছে তাক লাখ লাখ ফুলৰ সুবাসৰ লগত তুলনা কৰিছে।কিন্তু ইয়াত উপমানতকৈ উপমেয়কহে শ্ৰেষ্ঠ কৰি দেখুওৱা হৈছে।
৩। অপহ্নুতি :
উত্তৰঃ অপহ্নুতি শব্দৰ অৰ্থ হ’ল নিষেধ বা অস্বীকাৰ। উপমেয়ক অস্বীকাৰ কৰি বা অপ্ৰকাশিত ৰাখি যেতিয়া উফমানক।প্ৰকাশ কৰা বা প্ৰাধান্য দিয়াকে অৰ্থাৎ উপমেয়ক নিষেধ কৰি উপমানক উজ্জ্বল ৰূপত দেখুওৱা হয়, তেতিয়া তাক অপহ্নুতি অলংকাৰ বোলে।
আচলতে অপহ্নুতি অলংকাৰ এনে এবিধ অলংকাৰ য’ত উপমেয়ক আঁতৰত ৰাখি উপমানৰ সৌন্দৰ্য বঢ়ায় তোলে। দ্বিতীয় কথাটো হ’ল, অপহ্নুতি সদায় নেতিবাচক কথাকেই কোৱা হয়। উদাহৰণ স্বৰূপে “পদুম”আৰু”মুখ”ৰ কথাটোকেই লোৱা যাওক। উপমাত কোৱা হয় “মুখখন পদুমৰ দৰে।” ৰূপকত কোৱা হয় “মুখ পদ্ম।”
উৎপ্ৰেক্ষাত কোৱা হয় “মুখখন সাইলাখ পদুম।” লাগিব এইদৰে- “এই খনটো মুখ নহয়, এপাহ পদুম ফুল।” নেতিবাচক পদ্ধতিৰে “মুখ নহয়” বুলি কোৱা হৈছে যদিও প্ৰকৃততে ‘মুখৰ কথাকেই কোৱা হৈছে। এতিয়া আন দুটামান উদাহৰণ চোৱা যাওক-
(১) “আকাশে কান্দিছে গা
মাতিৰ বেদনাত
নিশাই হাঁহিছে
কুমুদী প্ৰেমত।”
আকাশৰ পৰা বৰষুণহে পৰে; সেইদৰে নিশা জোনৰ জেউতিহে পৰে।ইয়াত কবিয়ে বৰষুণ আৰু জেউতিক আঁতৰত ৰাখি বা নিষেধ কৰি, সিহঁতক কান্দোন আৰু হাঁহি বুলি কৈছে।
(২) “কথা নহয়, প্ৰেম মুৰলীৰ মাত
কপটতা আৰু নাই।”-লক্ষীনাথ বেজবৰুৱা
ইয়াত উপমেয় ‘কথা’, উপমান। অকপট কথা প্ৰেমসনা মুৰুলী সুৰৰ দৰেই মিঠা এই অনুভৱটোৱেই নিষেধাত্মক বাক্যটিত কোৱা হৈছে।
৪। নিশ্চয়ঃ
উত্তৰঃ যি অলংকাৰত উপমানক নিষিদ্ধ কৰি উপমেয়কহে প্ৰতিষ্ঠা কৰা হয়, তাকে নিশ্চয় অলংকাৰ বোলে।
‘নিশ্চয়’অলংকাৰ অপহজুতিৰ ওচৰ সম্ফ্ন্ধীয় অলংকাৰ। অপহ্নুতিত যিদৰে উপমানৰ মূল্য বেছি, সেইদৰে নিশ্চয়ত উপমেয়ৰ মূল্য বেছি। অপহ্নুতি বিষয়ী প্ৰধান আৰু নিশ্চয় বিষয় প্ৰধান। আন কথাত অপহ্নুতিৰ বিপৰীত ভাৱাপন্ন অলংকাৰটোৱে নিশ্চয়। যেনে-
নহয় ফুলনি কুঁৱৰী সকল
দঢ়াই দঢ়াই কওঁ;
গোলাপ নহয়, প্ৰিয়াৰ নয়ন
দেখি থৰ হৈ ৰওঁ।”-লক্ষ্মীনাথ বেজবৰুৱা
কবিতাৰ স্তৱকটিত উপমেয় “প্ৰিয়াৰ নয়ন” উপমান “গোলাপ”। ইয়াত উপমান গোলাপ ‘নহয়’বুলি কৈ ‘নয়ন’ত গুৰুত্ব আৰোপ কৰিছে। উপমানক নিষিদ্ধ কৰি উপমেয়কহে প্ৰতিষ্ঠা কৰিছে।
২। “লংকা নগৰী কঁপি উঠিছে;
লাখ লাখ বানৰ বীৰৰ খোজৰ ভৰতহে, ভূমিকম্পত নহয়।
উপমান “ভূমিকম্পত” নহয় বুলি কৈ উপমেয় “বানৰ বীৰৰ” খোজৰ ভৰ” ৰ প্ৰতিষ্ঠা কৰা হৈছে।
৩। ভুল যদি কৰিছোঁ সঁচাই।
ভূল মোৰ অস্থিৰ মনৰ,
নহয় বিবেকৰ।”.
ইয়াতো উপমান ‘বিবেক’ক অস্বীকাৰ কৰি উপমেয় ‘অস্থিৰ মন’ক স্বীকাৰ কৰিছে। উপমানক আঁতৰাই ৰাখি উপমেয়ক প্ৰকাশ কৰিছে।
৫। দৃষ্টান্ত :
উত্তৰঃ সমভাৱাপন্ন দুটা বিষয়ৰ সাদৃশ্য বৰ্ণনা কৰিলে তাক দৃষ্টান্ত বোলে। প্ৰতিবস্তুপমাৰ লগত দৃষ্টান্তৰ সাদৃশ্য আছে। প্ৰতিবস্তুপমাৰ নিচিনাকৈ দৃষ্টান্ততো দুটা নিৰপেক্ষ বাক্য থাকে। দৃষ্টান্ত অলংকাৰৰ সাধাৰণ ধৰ্ম একে নহয়, বেলেগ বেলেগ। উদাহৰণ স্বৰূপে-
(১) “তোৰ নিন্দবাণী আমাক নপাৰে
শুন অনাচাৰ বাম।
যতেক কুকুৰে কামোৰ মাৰয়
তথাপি আঠুৰ নাম।”-ৰুক্মিণী হৰণ কাব্য
উদ্ধৃত ত্ৰিপদী ফাঁকিত প্ৰথম বাক্যাৰ্থ হ’ল-নিন্দাবাণীয়ে কৃষ্ণক নোপোৱা।দ্বিতীয় বাক্যাৰ্থ হ’ল-কুকুৰে যিমান কামোৰক আঁঠুৰ তলত কামোৰে। ইয়াত প্ৰথম বাক্যটো “উপমেয়”আৰু দ্বিতীয় বাক্যটো উপমান। ইয়াত কৃষ্ণক নিন্দাবাণীয়ে নপৰশা আৰু কুকুৰে আঠুৰ তলত কামোৰা দুটা বেলেগ ধৰ্ম দুয়োটাৰ মাজত ভাৱৰ সাদৃশ্য আছে।নিন্দাবাণীয়ে ডাঙৰক যেনেকৈ একো কৰিব নোৱাৰে, কুকুৰেও আঠুৰ তলত কামুৰিলেও শৰীৰৰ প্ৰধান অংগৰ একো হানি কৰিব নোৱাৰে।ইয়াত উপমেয়ৰ অৰ্থাৎ বিষয়ৰ প্ৰমাণ কৰিবলৈকে উপমান্ অৰ্থাৎ বিষয়ীক উদাহৰণ হিচাপে ব্যৱহাৰ কৰা হৈছে- এয়ে দৃষ্টান্ত। অতি ‘সহজ ভাষাত ক’বলৈ হ’লে -উপমেয়ক আন আন উদাহৰণেৰে (উপমানে)ভাৱাৰ্থ প্ৰকাশ কৰাই হ’ল দৃষ্টান্ত।
(২) হায় হায় কাটোৱালে কৰিছে প্ৰহাৰ।
কিনো বিধি চন্দ্ৰক কৰে ৰাহছৰ আহাৰ”
ইয়াত কাটোৱালে প্ৰহাৰ কৰা আৰু ৰাহুৱে চন্দ্ৰক গ্ৰাস কৰা সমধৰ্মী নহয়। প্ৰহাৰ আহাৰ একে নহয়, কিন্তু দুয়োটাৰ মাজত ভাবাৰ্থৰ সাদৃশ্য আছে।সেয়ে ইও দৃষ্টান্ত অলংকাৰ।
৬। নিদৰ্শনাঃ
উত্তৰঃ দুটা বাক্যাৰ্থ বা পদাৰ্থৰ(বস্তুৰ) সম্ফন্ধটো যদি বাস্তৱ দষ্টিৰ পৰা চালে অসম্ভৱ হয় আৰু সেই অসম্ভৱতা দূৰ কৰিবলৈ কল্পনা কৰিব লগা হয়, তেনেহ’লে তাক নিদৰ্শনা অলংকাৰ বোলে।
ইয়াত উপম-উপমেয় ভাৱে নিৰ্দেশিত হয় কাৰণে এই অলংকাৰক নিদৰ্শনা বোলে।
সহজ ভাষাত ক’বলৈ হ’লে-“পৰস্পৰ সম্পৰ্ক থকা দুটা বাক্যৰ সম্ভৱ বা অসম্ভৱ সম্বন্ধক কল্পনাৰ দ্বাৰা বা ব্যঞ্জনাৰদ্বাৰা উপমান- উপমেয়ভাৱে বুজোৱাকে নিদৰ্শনা অলংকাৰ হয়।
এটা উদাহৰণৰ দ্বাৰা কথাটো স্পষ্ট হ’ব-“সি কথাটো শুনিয়েই টিঙিৰি তুলা হৈ পৰিল।'”-এই বাক্যটোত দুটা পদাৰ্থ বা বস্তু আছে কথা শুনা আৰু তুলা হৈ উৰা । এই দুটা অৰ্থত দেখাত ইটোৰ লগত সিটোৰ কোনো সম্বন্ধ থাকিব নোৱাৰে বা নাই। কথা শুনাও এটা ধৰ্ম বা কাম আৰু টিঙিৰি তঙলা উৰাটোও আন এটা কাম। গতিকে এই অসম্ভৱ অৰ্থ সম্বন্ধটো বুজিবলৈ উপমা কল্পনাৰ সহায় ল’ব লাগিব। উপমা কল্পনাৰ সহায়ত তাৰ অৰ্থটো এনেধৰণৰ হ’ব শিমলুৰ তুলাবোৰ বতাহ পালেই বেছিকৈ যেনি তেনি উৰা মাৰে, তেনেকৈ কথাষাৰ শুনিয়েই বেছিকৈ খঙত জকি উঠিল।”
এইদৰে দুটা বেলেগ সম্বন্ধ নোহোৱা অৰ্থৰ সম্বন্ধ ঘটোৱাকে নিদৰ্শনা বোলে। আৰু দুটামান উদাহৰণ চয়ন কৰা হ’ল-
(১) “হাতী গুচি মাখি ভৈলা গো-খোজত তল গৈলা
চাৱালৰ হাতে প্ৰাণ গৈলা।”-লৱ-কুশৰ যুদ্ধ
(২) “অলপ বুলি যেন তেজিয়া ধানক
বাহানে কাষ্ঠ পতান।”-শংকৰদেৱ
(৩) “ত্ৰিশূলৰ ওপৰত নাচিবাক চাস।
মহাপাপী হুয়া তই স্ফৰ্গে কৰ আশ।
ৰাঘৱক এৰি কেনে তেহোকো ভজিবো।
গঙ্গাক এৰিয়া কেনে কুপত মজিবো।।”-ৰামায়ণ।
(৪) লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্জনী
নিবিকা কীচৰ মূল্যে মৃত্যু সঞ্জীৱনী।”-শংকৰদেৱ
(৫) ” মানিক তেজি কীচ অভিলাষা।”-মাধৱদেৱ
৭। সমাসোক্তি :
উত্তৰঃ একে কাৰ্য, একে লিঙ্গ আৰু একে বিশেষণেৰে বৰ্ণনীয় নিৰ্জীৱ পদাৰ্থত সজীৱ পদাৰ্থৰ গুণ, স্বভাৱ আদি আৰোপ কৰিলে তাক সমাসোক্তি বোলে। যেনে-
(১) “নিয়ৰ মুকুতা পিন্ধি হেঙলী আঁচল মেলি
উষা আহে সোণালী ৰথত।
নিশাৰ ওৰণি ঠেলি অৰুণে মিচিকি হীহে
প্ৰকৃতিৰ ৰূপহী বনত।।”
-নলিনীৱালা দেৱী, পৰমতৃষ্ণা
ইয়াত ‘উষা’,আৰু ‘অৰুণ’উপমেয় আৰু দুয়োটাই নিৰ্জাৱ পদাৰ্থ। কিন্তু দুয়োটাতে সজীৱ(চেতন) নায়িকাৰ আগমনত নায়কে যেনেকৈ ওৰণি গুচাই দি মিচিকিয়াই হাঁহে ,সেইদৰে ‘উষা’ক দেখি অৰুণেও মিচিকিয়াই হঁহাটো সমাসোক্তি অলংকাৰ।
(২) পৰ্বতে হীহে নৈয়ে নাচে।
উৰিছে পখিলা জাক।”-জয়মতী; বেজবৰুৱা।
ইয়াত ‘পৰ্ব্বত, আৰু ‘নৈ’উপমেয় আৰু দুয়োটাই নিৰ্জীৱ পদাৰ্থ কিন্তু সজীৱ (চেতন)পখিলাৰ গুণ, স্ফভাৱ আৰোপ কৰাত সমাসোক্তি অলংকাৰ হৈছে। সমাসোক্তি আন দুটা উদাহৰণ চয়ন কৰা হৈছে-
(৩) আঘোণৰ পথাৰত শস্যৰ নাচোনত
মন ময়ুৰীয়ে নাচে।”
(৪) “মাৰিলেহি মেঘে ঢোলত চাপৰ টা
টুণী বুলবুলি নাচে ছেৱে ছেৱে।
হেটুলুকা ওজাপালি।”-ৰঘূনাথ চৌধাৰী
৮। প্ৰতীপঃ
উত্তৰঃ প্ৰকৃত উপমানক উপমেয় ৰূপে কল্পনা কৰি উপমেয়ৰ গুণ বা উপমানথকৈ শ্ৰেষ্ঠত্বৰ বুলি কৰি দেখুওৱালে তাক প্ৰতীপ বোলে। এই অলংকাৰত উপমেয়ক শ্ৰেষ্ঠ আৰু উপমানক হেয় প্ৰতিপন্ন কৰা হয়।যেনে-
(১) “সন্ধা আহিছে নামি
থক হেৰা নালাগে জ্বলাব চাকি
দুটি নয়নৰ সহজ প্ৰভাৰে আজি নাশিব আন্ধাৰ
অন্ধকাৰ মোৰ জগতৰ।’দেৱকান্ত বৰুৱা
প্ৰতীপ মানে বিপৰীত ইয়াত উপমেয় চাকি, উপমান ‘দুটিনয়ন’; কিন্তু উপমেয়ক হেয় কৰি উপমানকহে শ্ৰেষ্ঠ কৰি দেখুওৱা হৈছে।
চাকিৰ পৰিৱৰ্তে দুটি নয়নেই কাম কৰিব। নয়নৰ লগত চাকিৰ সম্বন্ধটো ওলোটাকৈ দেখুৱা হৈছে। সেয়ে ইয়াক প্ৰতীপ অলংকাৰ বোলে। আন দুটামান উদাহৰণ হৈছে-
(২) “কি কহব বঢ়ণীক ৰূপ প্ৰৰচুৰ।
বদনক হেৰি চান্দ ভেল দূৰ।।
নয়নক দেখি পাই বৰ লাজ।।
কয়ল ঝাম্পে কমল জলমাজ।।”-শংকৰদেৱ
পদ দুফাঁকিত উপমেয় যথাক্ৰমে বমণীৰ ‘বদন’আৰু ‘নয়ন’; উপমান ‘চন্দ্ৰ’আৰু ‘কমল’।ইয়াত উপমান ‘চন্দ্ৰ”তইকৈ উপমেয় ‘বদন’আৰু ‘কমল’তকৈ ‘নয়ন’ক শ্ৰেষ্ঠ কৰি দেখুওৱা হৈছে।উপমানক প্ৰত্যাখ্যান কৰি উপমেয়ই নিজৰ গুণকেই শ্ৰেষ্ঠত্বৰ কৰি তুলিছে।
(৩) “কানাইৰ দেখিয়া দুই নয়নে উজ্জ্বল।
ঝাম্প দিয়া জল মবো ৰহিল কমল।”-মাধৱদেৱ
ইয়াতে উপমেয় কানাইৰ ‘নয়ন’ আৰু উপমান ‘কমল’।কৃষ্ণৰ উজ্জ্বল ‘নয়ন’দেখি ‘কমলে’পানীত জাপ দিলে। ইয়াতো উপমানতকৈ উপমেয়ক শ্ৰেষ্ঠ কৰি দেখুওৱা হৈছে। উপমেয় ‘নয়ন’ৰ তুলনাত উপমান ‘কমল’নিকৃষ্ট।
৪। “শ্যাম সুমধুৰ কোন বিধি নিৰমিল,
দেখি লাজে হৃদি মাবে।কাম লুকি দিল।”
ত ইয়াত উপমেয় ‘শ্যাম’,উপমান ‘কাম’, উপমেয় শ্ৰেষ্ঠ আৰু উপমান নিকৃষ্ট বুলি দেখুওৱা হৈছে।
৫। “ফুলিল কমল ৰাজি কান্তানন তুল্য।”
ইয়াত উপমেয় আনন, উপমান কমল। কিন্তু ইয়াত উপমেয় “আনন’কহে উপমান হিচাবে শ্ৰেষ্ঠ কৰি উপমেয়ক হেয় প্ৰতিপন্ন কৰিছে।অৰ্থাৎ ‘আনন’তকৈ ‘কমল’হে উজ্জ্বল হৈ পৰিছে।এনেদৰে বিপৰীত ভাৱে দেখুওৱা অলংকাৰকে প্ৰতীপ বোলা হয়।
৯। সন্দেহ :
উত্তৰঃ উপমেয় আৰু উপমান দুয়োটাতেই যদি সন্দেহ থাকে বা সংশয়ক প্ৰকাশ কৰে, তাক তেতিয়া সন্দেহ অলংকাৰ বোলে।যেনে-
(১) “স্বৰ্গ হৈতে কিবা আসিল উৰ্বশী
কিবা ৰতি তিলোত্তমা।
ইন্দ্ৰৰ ঘৰণী কিবা আইল শশী
কিবা অপেশ্বৰী হেম।।”-আদিকাণ্ড ৰামায়ণ
ইয়াত উপমেয় ‘দেৱী, উপমান উৰ্বশী, ৰাতি, জিলোত্তমা,শচী, হেমা। উপমেয় দেৱী গৰাকী আচলতে কোন-উৰ্বশী নে ৰতি, তিলোত্তমা নে শচী কিম্বা হেমা এই সন্দেহ বা সংশয় আহিছে। এনে ধৰণৰ অলংকাৰকেই সন্দেহ অলংকাৰ বোলে।।
(২) দুৱৰি ডৰাত নিয়ৰৰ ঢৌ
মালা নে মণি?
কিজানি তোমাৰে চৰণৰ সাঁচ
সকলো কণি?-লক্ষ্মীনাথ ফুকন য
ইয়াত উপমেয়। ‘নিয়ৰ’আৰু উপমান ‘মালা আৰু ‘মণি’ ইয়াত দূবৰিবনত পৰি থকা নিয়ৰ প্ৰকৃততে মালা নে মণি এই সন্দেহ ওপজিছে। সেয়ে ই সন্দেহ অলংকাৰ।
১০। ভ্ৰান্তিমানঃ
উত্তৰঃ উপমেয় আৰু উপমানৰ মাজত প্ৰৱল সাদৃশ্য থকাৰ কাৰণে প্ৰকৃতবস্তুক আন এটা বস্তু বুলি ভ্ৰান্তি হ’লে আৰু ভ্ৰান্তিক যদি কবি কল্পনাত চমৎকাৰিত্ব লাভ কৰে, তেতিয়া তাক ভ্ৰান্তিমান অলংকাৰ বোলে।
সাধাৰণভাৱে কোনো বস্তুক আন বস্তু বুলি যি ভূল হয় সেয়ে ভ্ৰান্তি বা ভ্ৰম। আন্ধাৰত জৰী এডালকে সাপ বুলি যেতিয়া ভূল কৰা হয় তেতিয়া তাক ভ্ৰান্তি বা ভ্ৰম বুলি কোৱা হয়। কবি-কল্পনাই যেতিয়া গুৰুত্ব লাভ কৰে, তেতিয়া তাক ভ্ৰান্তিমান অলংকাৰ বোলে।
(১) “সূৰ্যে যেন প্ৰকাশিয়া আছে দ্বাৰকাক।
গল সামন্ত আদিত্য বুলি মনত শঙ্কিয়া।
ইয়াত উপমেয় সূৰ্য, উপমান ‘স্যমস্তকমণি’। দ্বাৰকাত স্যমস্তকমণিটোৱে এনে উজ্জ্বল পোহৰে পোহৰিত কৰিলেযে, প্ৰজাই মণিটোকে ‘সূৰ্য’বুলি ভাবিলে।গতিকে ‘সূৰ্য’ আৰু ‘মণি’ৰ মাজত হোৱা ভ্ৰমেই হ’ল ভ্ৰান্তিমান অলংকাৰ।
(২) “ৰত্নৰ চাৰু কুন্দৰস জালে।
ধূপ ধূম্ৰচয় বজায় বোম্বালে।।
মেঘ বুলি তাক ময়ূৰগণে।
গৃহত চৰিয়া নাচে সঘনে।।”-কীৰ্ত্তন
(দ্বাৰকাৰ)প্ৰাসাদত কুন্দ্ৰাক্ষ জালেৰে অহৰ্নিসে ধূপ-ধূণাৰ ধোৱা ওলাই আছে আৰু তাকেই ময়ূৰ বিলাকে “মেঘ” বুলি ভাবি নাচিবলৈ ধৰিলে। ইয়াত ধূপ-ধূণা”ৰ ধোঁৱাক ‘মেঘ’ বুলি ভৱাটো ভ্ৰম।
১১। উল্লেখঃ
উত্তৰঃ বহু গুণ থকাৰ বাবে একেটা বস্ত যদি বিভিন্নজনে বিভিন্নভাৱে গ্ৰহণ কৰে অথবা একেজনেই বিভিন্নভাৱে গ্ৰহণ কৰে, তেতিয়া তাক উল্লেখ অলংকাৰ বোলে। যেনে-
১ “তুমি যে মোৰ নয়নৰঞ্জন, শাৰদী জোনৰ হাঁহি।
তুমি যে মোৰ বুকুজুৰি যোৱা বনগীত গোৱা বাঁহী।
তুমি যে মোৰ হিয়া ডাৱৰত আশা বিজুলীৰ ছাট।
তুমি যে মোৰ বৰ দুপৰীয়া দয়ালৰ লেনীয়া মাত।।”-মোহন্মদ চালেহ
উৎকলিত কবিতাৰ স্তৱকটোত এটা বস্তুকে ‘তুমি’ক যথাক্ৰমে নয়নৰঞ্জন ‘শাৰদীজোন’, ‘বীহী’, ‘বিজুলীৰ ছাট’, ‘লেনীয়ামাত’ আদি বিভিন্ন অৰ্থত গ্ৰহণ কৰা দেখুওৱাইছে। একেজনেই এটা বস্তুক বিভিন্ন দৃষ্টিভংগীৰে চাই বৰ্ণনা কৰা উল্লেখ অলংকাৰ বোলে।
২। “মালে বোলে কিনো বজ্ৰসম কলেৱৰ।
নাৰীগণে বোলে মূৰ্তি ধৰিলা মদনে।
আমাৰেসে বন্ধু বুলি মানে গোপগণে।”- শংকৰদেৱ
উপৰোক্ত পদফাঁকিত “কৃষ্ণক” বজ্ৰসম কলেবৰ”; “নাৰীগণে “মদন কামদেৱ বুলি আৰু গোপগণে “পৰম বন্ধু” বুলি উপলব্ধি কৰিছে। ইয়াত এটা বস্তুক বিভিন্নজনে বিভিন্নভাবে গ্ৰহণ কৰিছে। সেয়ে ই উল্লেখ অলংকাৰ।
১২। দীপক
উত্তৰঃ একে ক্ৰিয়াৰ সৈতে বৰ্ণনীয় অবৰ্ণনীয় বিষয় সম্বন্ধ থাকিলে, অৰ্থাৎ একেটা ক্ৰিয়াৰে কেইবাটাও কৰ্তা থাকিলে তাক দীপক অলংকাৰ বুলি কোৱা হয়।
(১) পদ্মে শোভে সৰোবৰ গৃহ পৰিবাৰে।
উৎসৱে সম্পদ শোভে কাব্য অলংকাৰে।
উৎকলিত পদটোত- ‘শোভে’ একমাত্র ক্ৰিয়াপদ আৰু কৰ্ত্তা হৈছে-পদ্ম, সৰোবৰ, গৃহ, উৎসৱ, সম্পদ আৰু কাব্য। গতিকে ই দীপক অলংকাৰ।
১৩। তুল্যযোগিতাঃ
উত্তৰঃ প্ৰস্তুত বা অপ্ৰস্তুত বস্তুবিলাকক একেটা ধৰ্মৰ (গুণ বা ক্ৰিয়া) লগত সম্বন্ধ হয় তেতিয়া তাক তুল্যযোগিতা অলংকাৰ বোলে।কিন্তু ইয়াত ধৰ্মৰ বান্ধোন বা সম্বন্ধ প্ৰস্তুতৰ বা অপ্ৰস্তুতত তাৰ যিকোনো এটাত থাকে। যেনে-
(১) “পলাশ ৰঙা মদাৰ ৰঙা আৰু ৰঙা পোৱালমণি
আৰু ৰঙা মোৰ লাহৰীৰ পিক ৰঙা ওঁঠখনি। ।”
ইয়াত পলাশ, মদাৰ, পোৱালমণি আৰু লাহৰীত ওঁঠ উপমেয় ‘ৰঙা’ উপমান। ইয়াত ‘ৰঙা” বিশেষণৰ গুণেৰে পলাশ, মদাৰৰ লগত অন্বয় হৈছে। গতিকে এইটো তুল্যযোগিতা অলংকাৰ।
(২) “দেখি সিটো মনোহৰ বদন মণ্ডল।
আকাশত পূৰ্ণ চন্দ্ৰ জলত কমল।।
নদীত তৰঙ্গ বনে ভ্ৰমৰ সকল।
উল্লিখিত উদাহৰণটিত-‘পূৰ্ণচন্দ্ৰ’, “নদীত তৰঙ্গ”, ‘বনত ভ্ৰমৰ’, ‘মেঘৰ বিজুলী’-এইবোৰ অপ্ৰস্তুত বস্তু ভয়ত তলবল কৰা কাৰ্যটো “মনোহৰ বদনমগুল”ৰ সৈতে অন্বয় হৈছে। অৰ্থাৎ তুলনাযৈগ্য হৈছে।
১৩। মিশ্ৰ অলংকাৰঃ
উত্তৰঃ যেতিয়া একে ভাৱ বা বিষয়ৰ বৰ্ণনাৰ পৰিসৰৰ ভিতৰতে একাধিক অলংকাৰ একে বাক্য বা কবিতাত থাকে, তেতিয়া তাকমিশ্ৰ অলংকাৰ বোলে। সেই অলংকাৰবোৰ দুই ধৰণেৰে থাকিব পাৰে।
(১) পৰস্পৰ লগালগি নোহোৱাকৈ নিৰপেক্ষ ভাৱে থাকিব পাৰে। আৰু
(২) পৰস্পৰৰ মাজত অংগাংগিভাৱেও থাকিব পাৰে। ইয়াত প্ৰথমাবিধক সংসৃষ্টি আৰু দ্বিতীয়বিধক সংকৰ বোলে।
১। সংসৃষ্টি : যেতিয়া দুটা অলংকাৰ লগালগিকৈ থাকে কিন্তু নিজৰ অস্তিত্ব আৰু বৈশিষ্ট্য অটুট ৰাখি কাব্যৰ সৌষ্ঠৱ বৃদ্ধি কৰে, তেতিয়া তেনে মিশ্ৰ অলংকাৰক সংসৃষ্টি বোলে। যেনে-
তুষ্ট হুয়া সূৰ্যে স্যমন্ত মণি দিলা।
সত্ৰাজিতে মহামণি কণ্ঠত পিন্ধিলা।।
সূৰ্য যেন প্ৰকাশিয়া আসৈ দ্বাৰকাক।
আসন্ত আদিত্য বুলি মনত শংকিয়া,
কৃষ্ণৰ পাশক সবে যায় লৱৰিয়া।”
স্যমন্তক হৰণৰ এই পদকেইফীকি উৎপ্ৰেক্ষা আৰু ভ্ৰান্তিমান দুটা অলংকাৰ ওচৰা-ওচৰিকৈ লগ লাগি আছে। “সূৰ্য যেন প্ৰকাশিয়া”- উৎপ্ৰেক্ষা আৰু “আসন্ত আদিত্য মনত শঙ্কিয়া”এইটো হৈছে ভ্ৰান্তিমান। ‘স্যমন্তক মণিৰ ঠাইত আদিত্য অহা বুলি সকলোৱে ভুল কৰি কৃষ্ণৰ ওচৰলৈ ঢাপলি মেলিছে। ইয়াত উৎপ্ৰেক্ষা আৰু ভ্ৰান্তিমান দুয়োটা লগালগিকৈ আছে; কিন্তু কোনেও কাৰো ওপৰত নিৰ্ভৰ কৰিব লগীয়া হোৱা নাই।
২। সংকৰঃ যেতিয়া দুটা অলংকাৰ বাক্যত বা কাব্যত ওচৰা- ওচৰিকৈ থাকি ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰে অথবা অংগাংগীভাৱে থাকে তেতিয়া তাক সংকৰ বোলে।যেনে-
“নিয়ৰ মুকুতা পিন্ধি হেঙুলী আঁচল মেলি উষা
আহে সোণালী ৰথত।
নিশাৰ ওৰণি ঠেলি অৰুণে মিচিকি হাঁহে
প্ৰকৃতিৰ ৰূপহী বনত।।”-নলিনীৱালাদেৱী
ওপৰৰ কবিতাৰ স্তৱকটি সামঞ্জিকভাৱে সমাসোক্তি অলংকাৰ।
ইয়াত উপমেয়ৰ দ্বাৰা উপমান অৰুণ, উষাৰ নায়ক-নায়িকাত প্ৰতিপাদন কৰিবলৈ “নিয়ৰ মুকুতা”আৰু “হেঙলী আঁচল” এই দুটা ৰূপকৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে। আকৌ ” মিচিকি হাঁহে” অতিশয়োক্তিত মূল সমাসোক্তি অলংকাৰৰ মূখ্য কেন্দ্ৰবিন্দু।গতিকে মূল সমাসোক্তি অলংকাৰটোত ৰূপক, অতিশয়োক্তি এই কেউটা অলংকাৰৰে মিশ্ৰণ ঘটি সংকৰ অলংকাৰ হৈছে।