Sahitya Tatya Unit 1 শব্দশক্তি, ৰস,ধ্বনি, গুণ, ৰীতিৰ সাধাৰণ পৰিচয়

Sahitya Tatya Unit 1 শব্দশক্তি, ৰস,ধ্বনি, গুণ, ৰীতিৰ সাধাৰণ পৰিচয়, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sahitya Tatya Unit 1 শব্দশক্তি, ৰস,ধ্বনি, গুণ, ৰীতিৰ সাধাৰণ পৰিচয় Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sahitya Tatya Unit 1 শব্দশক্তি, ৰস,ধ্বনি, গুণ, ৰীতিৰ সাধাৰণ পৰিচয় Question Answer can be of great value to excel in the examination.

Sahitya Tatya Unit 1 শব্দশক্তি, ৰস,ধ্বনি, গুণ, ৰীতিৰ সাধাৰণ পৰিচয়

Join Telegram channel

Sahitya Tatya Unit 1 শব্দশক্তি, ৰস,ধ্বনি, গুণ, ৰীতিৰ সাধাৰণ পৰিচয় Notes cover all the exercise questions in UGC Syllabus. The Sahitya Tatya Unit 1 শব্দশক্তি, ৰস,ধ্বনি, গুণ, ৰীতিৰ সাধাৰণ পৰিচয় in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

(২৬) ৰসৰ সংখ্যা সম্পৰ্কে বিভিন্ন পণ্ডিতৰ মাজত থকা মতসমূহ বিচাৰ কৰি ৰসৰ সংখ্যা নিৰ্ণয় কৰা?

উত্তৰঃ নাট্যশাস্ত্ৰৰ প্ৰণেতা ভৰতমুনিয়ে আঠবিধ ৰসৰ কথা উল্লেখ কৰিছে। এই আঠবিধ ৰস হ’ল-শৃঙ্গাৰ, হাস্য, কৰুণ, ৰৌদ্ৰ, বীৰ, ভয়নক, বীভৎস আৰু অদ্ভুত। তেওঁ শান্ত ৰসক স্বীকৃতি দিয়া নাই। উদ্ভট, আনন্দবৰ্ধন আৰু অভিনৱ গুপ্ত আদি আলংকাৰিকসকলে শান্ত’ৰসৰ স্বীকৃতি দি ৰসৰ সংখ্যা ন প্ৰকাৰ দেখুৱাইছে। মন্মট ভট্টয়ো ভৰতমুনিৰ আঠপ্ৰকাৰ ৰসৰ কথা স্বীকাৰ কৰিছে আৰু লগতে নাটকৰ বাহিৰেও অন্য কব্যত শান্ত ৰস হ’ব পাৰে বুলি অভিমত দিছিল। শান্ত ৰসক স্বীকৃতি দিয়া আলংকাৰিক সকলে ক’ব খোজে যে, ভৰতমুনিয়ে যি আঠোটা ৰসৰ কথা কৈছে, সেইকেইটা অভিনয়ৰ উপযোগী নাট্য ৰস । শান্ত ৰস অভিনয়ৰ উপযোগী নহয় কাৰণে তেওঁ শান্ত’ ক ৰস হিচাপে স্বীকৃতি দিয়া নাই। শান্ত ৰসৰ অভিনয় কৰিব নোৱাৰাৰ যুক্তি এয়ে যে, এইটো ৰসৰ ক্ষেত্ৰত লোকনায়কজনৰ মনত বৈৰাগ‍্যই দেখা দিয়ে। তেওঁ পাৰ্থিব সুখ-সম্ভোগ এই সকলোতে-উদাসীন হৈ পৰে অৰ্থাৎ এইবোৰৰ প্ৰতি তেওঁৰ কোনো স্পৃহা নাথাকে। গতিকে, তেওঁ নিক্ৰিয় হৈ পৰে। কিন্তু অভিনয় মানেই নায়কজন ক্ৰিয়াশীল হ’ব লাগিব, নহ’লে সি নাটক বা অভিনয় নহ’ব। সেয়ে শান্ত ৰস একমাত্ৰ কাব্যৰহে ৰস।

ৰসৰ সংখ্যাক লৈ আলংকাৰিকসকলৰ মাজত মতভেদ দেখা যায়। কিছুমানে কৈছে- ৰস আঠটা; আন কিছুমান কৈছে-ৰসৰ সংখ্যা নটা; আকৌ আন এজনে কৈছে-ৰসৰ সংখ্যা দহ। সেইদৰে মূল ৰস কোনটো সেইলৈও আলংকাৰিকসকল একমত হ’ব পৰা নাই। অভিনৱ গুপ্তৰ মতে-শান্ত ৰসেই হ’ল মচল ৰস। ভোজৰাজে আকৌ শৃঙ্গাৰ ৰসটোহে ঘাই ৰস বুলি কৈছে। ভৱভূতিৰ “উত্তৰ ৰাম চৰিত’ৰ টীকাকাৰ বীৰৰাঘৱাচাৰ্যৰ মতে কৰুণ ৰসটোহে প্ৰধান ৰস। নাৰায়ণ পণ্ডিতে অদ্ভুত ৰসৰ সকলো ৰসৰে প্ৰাণস্বৰূপ বুলি কৈছে। আনহাতে সাহিত্য দৰ্পণকাৰ বিশ্বনাথ কবিৰাজে পুত্ৰাদিৰ প্ৰতি থকা ৰতি বা স্নেহ স্থায়ীভাৱৰ পৰা উৎপন্ন হোৱা বাৎসল‍্যকো ৰস হিচাপে স্বীকৃতি দি ৰসৰ সংখ্যা দহটা কৰিছে।আকৌ ‘সংগীত সুধাৰক’ৰ ৰচক হৰিপালদেৱে-ব্ৰাহ্ম, বাৎসল্য, সম্ভোগ আৰু বিপলস্ত এই চাৰিটাক ধৰি তেৰ বিধ ৰসৰ নাম কৈছে।ইহঁতৰ স্থায়ী ভাৱ হ’ল যথাক্ৰমে আনন্দ, প্ৰীতি, ৰতি আৰু অৰতি। বিষয়-বাসনা আদি সকলোৰে পৰা বিৰত হৈ নিত্য স্থিৰভাৱে আত্মানন্দ উপলব্ধিয়েই হ’ল ব্ৰাহ্মৰস।

বৈষ্ণৱ আলংকাৰিকসকলে আকৌ উপৰোক্ত নবাধা ৰসক লৌকিক ৰস বুলি কৈ ‘ভক্তি’ ৰসটোকহে ঘাই ৰস বুলি কৈছে। ‘মুক্তাফল’ গ্ৰন্থত বোপদেৱে নবিধ ৰসক মূল ভক্তি ৰসৰ প্ৰকাৰভেদ বুলিহে কৈছে। মধুসূদন সৰস্বতীয়ে “ভগৱভক্তি ৰসায়ন” প্ৰভৃতি গ্ৰহত ভক্তি ৰসক পৰিপূৰ্ণ ৰস বুলি কৈছে। বৈষ্ণৱ ৰসাত্ত্বিক ৰূপ গোস্বামীৰ মতে ভক্তিৰসেই হৈছে প্ৰধান ৰস। কিন্তু অভিনৱ গুপ্তই ভক্তিক ৰস বুলি স্বীকাৰ কৰা নাই।

পৰৱৰ্তী কালত জৈন পণ্ডিতে কৰুণ, ভয়ানক, বীভৎস আৰু শান্ত এই চাৰিটাক ৰস বুলি স্বীকাৰ কৰা নাই।তেওঁলোকৰ মতে সাহিত্য-নাটকত কৰুণ ৰসে পাঠক দৰ্শকৰ আনন্দৰ পৰিৱৰ্তে দূখহে দিয়ে। সি কেতিয়াও আনন্দদায়ক হ’ব নোৱাৰে। বীভৎস ৰসৰ বেলিকা ঘৃণাভাৱ, ভয়ানক ৰসৰ বেলিকা ভয় লাগে। তাত আনন্দ কৰাৰ কোনো স্থল নাই। শান্ত ৰসৰ বেলিকা কেৱল বৈৰাগী সকলেহে আনন্দ পায়,আন সাংসাৰিলোকৰ বাবে এই ৰসৰ কোনো আকৰ্ষণ নাই, আনন্দ নাই।

সি যি নহও, ইমানবোৰ নত-অমতৰ পিছত, সকলো কথা চালি জাৰি চাই ওপৰত উল্লিখিত নটা ৰসকেই আমি গ্ৰহণ কৰিব পাৰো।

(২৭) ভক্তিৰস বুলিলে কি বুজা? ভক্তিৰসৰ প্ৰকাৰসমূহ কি কি? প্ৰতিটো প্ৰকাৰে উপযুক্ত ব্যাখ্যা আগবঢ়োৱা?

উত্তৰঃ আলংকাৰিক অভিনৱ গুপ্তৰ পৰা আৰম্ভ কৰি পাণ্ডিত‍্য ৰাজ জগন্নাথলৈকে প্ৰসিদ্ধ ধ্বনিবাদী আচাৰ্যসকলে ভক্তিক ৰসৰ শাৰীত স্থান দিয়া নাই। পৰৱৰ্তী দুই এজন বৈষ্ণৱ পন্থী আলংকাৰিকে ভক্তিকো ৰসৰ শাৰীত স্থাপিত কৰিব বিচাৰিছিল যদিও সেই মত সাহিত‍্যত সৰ্বজন স্বীকৃত ৰস হিচাপে স্থান নাপালে। ভক্তিক ৰস হিচাপে লব পাৰিনে নোৱাৰি অথবা ভক্তিনো কি এই আজিও বাদানুবাদ চলি আছে। অনিত‍্য বস্তুৰ প্ৰতি নিৰ্বেদ বা বৈৰাগ্যৰ পৰা ওপজা নিত‍্য বস্তুৰ প্ৰতি হাবিলাস। নাম ঘোষাত কোৱা হৈছে-

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

“বৈৰাগ্যত পৰে ভাগ্য, নাহি প্ৰচেষ্টাত পৰে, সুখ আৰ নাহি পুৰুষৰ।”

গতিকে বৈৰাগ‍্যৰফলত উদ্ভৱ হোৱা নিত্য সনাতন বস্তুৰ প্ৰতি যি অনুৰাগ, সেয়ে ভক্তি। এই ধৰণৰ নিত‍্য বস্তুৰ প্ৰতি হেপাঁহ সকলো মানুহৰ অন্তৰত সুপ্তভাৱে থাকে। উপযুক্ত পৰিৱেশ পালেই সেই ভাৱ জাগ্ৰত হয়, এক নিত‍্য সনাতনৰ প্ৰতি মন ধাবিত হয়। বাসনা ৰূপেৰে এই ক্ষুধা সকলোৰে অন্তৰত আছে। তাকে নিৰ্বেদ নাম দি স্থায়ীভাব বোলা হৈছে। ভক্তি এই নিৰ্বেদ বা বৈৰাগ্যৰে এটা প্ৰকাশ বা ভাৱ। প্ৰকৃতাৰ্থত এই ভক্তি ভাৱৰ পৰাহে শান্তৰসৰ উদ্ৰেক হয়। ভক্তিমূলক কাহিনীবৰ্ণনাৰ বা ভক্তি উদ্ৰেক কৰিব পৰা আলম্বন উদ্দীপন আদিৰ বৰ্ণনা বা অভিনয়ৰ পৰা ভক্তিৰূপ বৈৰাগ্য ওপজি সি শান্তৰসত পৰিণত  হয়। যেনে-

যোগক অভ্যাসে যিটো ভকতিক এৰে। 

তাহাৰেসে মন দুনাই বিষয়ত পৰে।।

মোক চিত্ত দিয়া পৰ্য্যটিয়ো বসুমতী।। 

তোহ্মাত আছে একান্ত ভকতি।।”(মুচুকুন্দৰ স্তুতি)

ইয়াত মুচুকুন্দৰ ভগৱান কৃষ্ণৰ প্ৰতি যি ভক্তিভাৱ সিয়েই শম স্থায়ীগুণৰ দ্বাৰা শান্তৰসত পৰ্যবসিত হৈছে।

বৈষ্ণৱ আলংকাৰিকসকলে সৰ্বজন স্বীকৃত ন বিধ ৰসক লৌকিক ৰস বুলি কৈছে আৰু ভক্তিৰসকহে মূল ৰস বুলি প্ৰতিবাদন কৰিব বিচাৰিছে।

‘মুক্তাফল’ নামৰ গ্ৰন্থত বোপদেৱে বিষ্ণুভক্তৰ ন প্ৰকাৰ বুলি কৈ,ন বিধ ৰসৰ  মাজেদি নিজৰ নিজৰ ভাৱে ভগৱানক উপলব্ধি কৰে। সেই নবিধ ৰস আকৌ মূল ভক্তিৰসৰেই প্ৰকাৰ ভেদ মাথোন। মধুসুদন সৰস্বতীয়ে “ভগৱদভক্তি ৰসায়ণ’ নামৰ গ্ৰন্থত ভক্তিকেই পৰিপূৰ্ণ ৰস বুলি স্বীকাৰ কৰিছে। বৈষ্ণৱ পণ্ডিত ৰূপ গোস্বামীয়ে ভক্তিৰসক স্বীকাৰ কৰিছে আৰু শৃংগৰদি যিবোৰ ৰসৰ কথা কোৱা হৈছে সেই সকলোবিলাক ভক্তিৰসৰ ভিতৰত পৰে। বৈষ্ণৱ আলংকাৰিক সকলে কৃষ্ণভক্তি বা গুৰু ভক্তিটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভক্তি ৰসক প্ৰধান বুলি দেখুৱাব বিচাৰিছে। উদাহৰণ স্বৰূপে, মাধৱদেৱৰ, শংকৰদেৱৰ প্ৰতি থকা গুৰু ভক্তিৰ উত্তম ভক্তিৰসক গ্ৰন্থ।

ভক্তি ৰসৰ প্ৰকাৰঃ ৰূপ গোস্বামীয়ে চাৰি প্ৰকাৰ ভক্তি ৰসৰ কথা উল্লেখ কৰিছে। সেইকেইবিধ হৈছে-দাস্য ভক্তি, সখ্যভক্তি, বাৎসল্য ভক্তি আৰু কান্তা ভক্তি।  ।

(১) দাস বা ভৃত‍্যজনে তেওঁৰ গৰাকী বা অন্নদাতা স্বামী, সৎভাৱ, সৎপথ দেখুওৱা গুৰুজনৰ প্ৰীতিৰ অৰ্থে কবা সেৱা কৰ্মই হৈছে দাস‍্যভক্তি। ঈশ্বৰ স্বৰূপ মহান ব্যক্তি, বৰ্ণ-ধৰ্ম, বয়স মানত, বৃত্তি-ব্যৱসায়ত নিজতকৈ জ্যেষ্ঠ বা শ্ৰেষ্ঠ ব্যক্তিজনৰ প্ৰতি আগবঢ়োৱা সেৱাকে দাস্যভক্তি বোলে। এই ভক্তিত সৰ্ষা-অসূয়া, অসন্তুষ্টিভাৱ নাথাকে। তেওঁ নিৰ্মল অন্তৰৰ হ’ব লাগে। এই ভক্তিত দাসজনৰ নিজসত্ত্বাৰ বিলোপ সাধন হ’ব লাগে। তেওঁ নিজকে গৰাকীৰ ওপৰত বা গুৰুৰ ওচৰত সমৰ্পন কৰিব লাগে। অৰ্থাৎ তেওঁৰ নিজাভাৱে কৰিবলগীয়া একো নাথাকে। যেনে-

“হে কৃষ্ণ কৰোসেৱ হেন কৃপা কৰাদেৱ

       তোমাতেসে খাকে যেন মতি। 

চৰণে বিক্ৰয় গলো       তোমাৰেসে ভৃত‍্য ভৈলো

       জন্মে জন্মে তুমি মোৰ গতি।।”

                                  (অজামিল উপ্যাখান)

দাস আৰু গৰাকী এই দুই শ্ৰেণীৰ ব্যক্তিক লৈ দাস্যভক্তিৰ প্ৰকাশ ঘটে। অধীনজনে (দাস) অধিকাৰী জনৰ (গৰাকী) প্ৰীতৰ বাবে কৰা কাৰ্যই সেৱা। অধীনজনৰ সেৱাভক্তিৰ স্থায়ীভাৱ হ’ল শ্ৰদ্ধা। আকৌ পুত্ৰই পিতৃৰ বাবে, পত্নীয়ে পতিৰ বাবে, শিষ‍্যইগুৰুৰ বাবে কৰা প্ৰীতিজনক কাৰ্যত সেৱা। সেৱা সদায় সৰুৱে ডাঙৰক কৰে।ডাঙৰে সৰুক সেৱা নকৰে। ডাঙৰে সৰুৰ প্ৰতি কৰা প্ৰীতিভাৱক প্ৰেম বোলে। এই প্ৰেমেই হ’ল পত্নীৰ ক্ষেত্ৰত অনুগ্ৰহ, কৃপা, দয়া ইত্যাদি। 

একেদৰে ঈশ্বৰক কৰা সেৱাত দাস্য ভক্তিত পৰে। উদাহৰণ স্বৰূপে শংকৰদেৱে কৃষ্ণ বিষ্ণুত সেৱা জনায়। সেইদৰে মাধৱদেৱে গুৰু শংকৰকে ঈশ্বৰ বুলি সেৱা জনাইছে। সেয়ে মাধৱদেৱৰ নামঘোষা খনক দাস্যভক্তি উত্তম প্ৰকাশ বুলি কোৱা হয়।

আন দুটামান দাস্যভক্তিৰ উদাহৰণ চয়ন কৰা হ’ল-

“গোপী নাথ গোপীনাথ হৰি।

 তোমাৰ অভয় দুই চৰণে শৰণ লৈয়ো

 লৈও মোক নিজ দাস কৰি হৰি ৰাম।।” (নামঘোষা)

ইয়াত মাধৱদেৱে গুৰুৰ চৰণত পৰি নিজকে দাসৰো দাস হিচাপে সেৱা-ভক্তি জনাইছে।

নমো হেন কৃষ্ণদেৱ         মোত পৰে নাহি কেৱ

             জানিলো  অধম মূঢ়মতি।

আছা যেন এই হৃদয়ত      তুমি হেন ঈশ্বৰত

             নকৰিলো একান্ত ভকতি।।

মই দীন দয়াময়               তুমি দেৱ কৃপাময়

             কৰা যেন যুৱাই সেন জানি।

তোমাৰ চৰণে ৰতি           হোৱা যেন দিয়া মতি

              শনি তোমাকেসে আছা গুৰু মানি।।”(দশম)

সেইজন ঈশ্বৰ কৃষ্ণক শংকৰদেৱেও গুৰুমানিকৃষ্ণৰ চৰণত সেৱা জনাইছে।এয়া দাস্য ভক্তিৰে প্ৰকাশ।

(২) সখ্য ভক্তিঃ বন্ধুৱে বন্ধুৰ প্ৰতি বা লগৰীয়াজনে লগৰীয়াজনৰ প্ৰতি থকা প্ৰীতি কাৰ্যকে সখ্য ভক্তি বোলে। গোপ শিশুসকলে শিশুকৃষ্ণৰ প্ৰতি আৰু শিশুকৃষ্ণই গোপশিশুসকলৰ বাবে কৰা প্ৰীতিমূলক কাৰ্যবোৰৰ মাজেদি সখ্যভক্তিৰ সুন্দৰ আৰু সাৰ্থক প্ৰকাশ ঘটিছে।কৃষ্ণ আৰু অৰ্জুনৰ সম্বন্ধৰ মাজতো সখ্যভক্তি প্ৰকাশ পাইছে।বিপ্ৰ দামোদৰ আৰু কৃষ্ণৰ মাজত যি বন্ধুত্বমূলক প্ৰীতিভাৱ দেখা যায় তাতো সখ্যভক্তিৰ পৰিচয় পোৱা যায়।ভক্তই ঈশ্বৰক বন্ধু (সখি) ভাবেৰে পাবলৈ বাঞ্চা কৰাত সখ্য ভক্তি প্ৰকাশ পায়। সখ্য ভক্তিৰ দুটামান উদাহৰণ চয়ন কৰা হ’ল-

১। পুণ্যৱন্তে কৰোহো শীতল জল সিঞ্চৈ।

কতো গোপ বৃক্ষৰ পল্লৱ লৈয়া বিঞ্চৈ।।

মনোহৰ কৃষ্ণ গুণ গাৱৈ কতো লাসে।

আনন্দতে দ্ৰৱৈ হিয়া মুখে মাতে নাসে।। 

প্ৰেমে পুলকিত তণু লোতক বঝাই।

তম্ভি থাকে কতো কৃষ্ণ চৰণক চাই।।

অনুক্ষণে বাঢ়ে গোপগণৰ ভকতি।

কিনো পুণ্য কৰি পাইলে কৃষ্ণৰ সঙ্গীতি।।”(দশম স্কন্ধ)

২। “কৃষ্ণ মোৰ বন্ধু কৃষ্ণ সুহৃদয় নিশ্চিত।

কৃষ্ণকেসে পাইলে অনুমাত্ৰ নাহি ভয় ।।”(প্ৰথমঃ স্কন্ধভাগৱত)

৩। বাৎসল্য ভক্তি : পিতৃ- মাতৃয়ে পুত্ৰ-কন্যাৰ প্ৰতি প্ৰীতিৰ বাবে যি কাৰ্যৰে কৰে তাকে বাৎসল্য ভক্তি বোলে। সকলো পিতৃ-মাতৃৰেই নিজ পুত্ৰ-কন্যাৰ প্ৰতি মোহ থাকে, স্নেহাকুল হয় । পুত্ৰ-কন‍্যাই কোনো দোষ কৰিলেও বা আনে অপযশ দিলে পিতৃ-মাতৃয়ে সহ‍্য কৰিব নোৱাৰে।উদাহৰণ স্বৰূপে মাধৱদেৱৰ ঝুমুৰাবোৰত শিশুকৃষ্ণৰ প্ৰতি মাক যশোদাৰ বাৎসল্য প্ৰীতি, ভক্তিৰ সাৰ্থক প্ৰকাশ ঘটিছে।

চোৰধৰা’ বুমুৰাত পুতেকক কলঙ্ক দিয়া গোপীবোৰক “ঠঙ্গনা দিয়ে খেদাই কহো” পুতেকক বুকুত সাৱতি ধৰি কৈছে-“আহে বাপু, তোহো হামাৰ কোটি পুৰুষক দেৱতা, মাথাট মুকুট, বুকেৰ শীতল চন্দন।”এয়া বাৎসল্য ভক্তিৰ প্ৰকাশ। উদাহৰণ স্বৰূপে-

তৰতৰ কৰি কৃষ্ণে           মাৱৰ মুখক চান্ত

          দেখি যশোদাৰ ভৈল বেথা।

নাহি ভয়বুলি বাণী           বুকুত সৱটি আনি

           মহাস্নেহে মুখে চুমা দিয়া।

                                    (শিশুলীলা, দশম হস্কন্ধ)

৪। কান্তাভক্তি বা প্ৰেম ভক্তি : স্বামীৰ পত্নীৰ প্ৰতি বা প্ৰেমিকৰ প্ৰতি প্ৰেমিকাৰ যি সু-ৰতি সিয়ে প্ৰেম ভক্তি। পত্নী বা প্ৰেমিকাই স্বামী বা প্ৰেমিকৰ প্ৰতি যি প্ৰীতি সেয়া ভক্তি নহয়, সেৱাহে। তাত পত্নী বা প্ৰেমিকাৰ নিজৰ সুখৰ অভিলাষ নাথাকে। 

প্ৰেম ভক্তি দুই প্ৰকাৰ- স্বকীয়া আৰু পৰকীয়া। স্বকীয়াক মধুৰ্য ভক্তি আৰু পৰকীয়াক কান্তা ভক্তি বোলে। উদাহৰণ স্বৰূপে-কৃষ্ণ আৰু ৰুক্মিণীৰ যি প্ৰেম সি স্বকীয়া প্ৰেম আৰু মাধূৰ্য ভক্তি। আনহাতে কৃষ্ণ আৰু ৰাধা বা গোপীসকলৰ মাজত যি প্ৰেম সি পৰকীয়া প্ৰেম আৰু সেই প্ৰেমৰ পৰা উদ্ৰেক হোৱা ভক্তি কান্তা ভক্তি।

প্ৰেম ভক্তি সাধাৰণতে সম্ভোগ শৃংগাৰ ৰস প্ৰধান হয়। যেনে-

“বাহু মেলি আলিঙ্গি গোপীক কতো ধৰি, 

কাহাৰো তলত নখে পৰশন্ত হৰি।।

মাতন্ত কাহাকো কৃষ্ণে কৰি পৰহাস।

কাৰো মুখ নিৰেখি তোলন্ত কতো হাস।।

হৰিষে সাৱটি ধৰি কাকে আঙ্কোৱালি।

কাৰো দেন্ত চুম্বন বদ্বনে বনমালী।

কাৰো বস্তু লন্ত কাঢ়ি কৃষ্ণে বঢ়াই ঢঙ্গ ঢঙ্গ।

হোৱৈ আতি বেকত গুপুত যত অঙ্গ।।

গুচান্ত কাঞ্চঙলি উচ্চ কুচ দুই,উদি। ।

হাতে ঢাকি থাকে ক’তো লাজে চকু মুদি।।” (ৰাসক্ৰীড়া, দশম)

ইয়াত গোপীসকল আলম্বন; শৰৎকালৰ জোনাক নিশা, যমুনাৰ পাৰ উদ্দীপন; আলিংগন, চম্বন নখ পৰশন আদি অনুভাৱ; লজ্জা সঞ্চাৰী বা ব্যভিচাৰী ভাব আৰু ৰতি ইয়াৰ স্থায়ীভাৱ।

সম্ভোগ শৃংগীৰ ৰসৰ বৰ্ণনা স্বাভাৱিকতে উৎকট কাম গন্ধ যুক্ত হয়। কিন্তু বৈষ্ণৱ ভক্তৰ বা কবিৰ মতে এয়া আধ্যাত্মিক বিষয়ৰ কথাহে। এনে ৰতিভাৱৰ উদ্ৰেক কেৱল কৃষ্ণৰ ক্ষেত্ৰতহে হয়, সামাজিকৰ ক্ষেত্ৰ ই হ’ব নোৱাৰে। সামাজিকৰ ক্ষেত্ৰতই গৰ্হিত আৰু নীতি বহিৰ্ভূত কাৰ্য।

(২৮) চমুটোকা লিখা?

(ক) স্থায়ীভাৱঃ

উত্তৰঃ সকলো মানুহৰ অন্তৰত সদায় কিছুমান সহজাত চিত্ৰবৃত্তি সুপ্তুভাৱে থাকে, বিশেষ বিশেষ অৱস্থাত খুন্দা খালে এইভাববোৰ সজাগ হৈ উঠে। এনে ভাৱকে স্থায়ীভাৱ বোলা হয়। ভৰতৰ নাট‍্যশাস্ত্ৰত আঠবিধ এনে স্থায়ী ভাৱৰ উল্লেখ পোৱা যায়। সেইকেইটা হৈছে ৰতি হাস, শোক, ক্ৰোধ, উৎসাহ, ভয়, ঘৃণা বা জুগুসা, আৰু বিস্ময়। ভৰতৰ এই আঠবিধ স্থায়ীভাবৰ লগতে আনন্দবৰ্ধন আৰু অভিনৱগুপ্তই শ্ৰ’ম’ বা নিৰ্বেদ নামৰ আন এটা ভাব যোগ দি স্থায়ীভাবৰ সংখ্যা ন প্ৰকাৰ কৰে।

উল্লিখিত স্থায়ীভাৱৰ প্ৰকৃতি বা লক্ষণঃ

১। ৰতিভাব : প্ৰিয়জনৰ প্ৰতি থকা মানসিক তান বা অনুৰাগেই হৈছে ৰতিভাব।

২। হাস : বিকৃত বেশভূষা, বিকৃত আকাৰ, অসংলগ্ন কথা-বতৰা দেখি-শুনি মনত যি আদ জন্মে তাৰ নাম হাস।

৩। শোক : প্ৰিয় বা আত্মীয়জনৰ কিবা অনিষ্ট সাধন হোৱা দেখি যি মানসিক কষ্ট পোৱা যায়, তাৰ নাম শোক।

৪। ক্ৰোধ : নিজ স্বাৰ্থত বিঘিনি ঘটিলে বা অবাবতে আনে অপযশ দিলে অথবা অনিষ্ট সাধন কৰিব বিচাৰিলে মনত উৎপত্তি হোৱা মানসিক দ্বন্দ্বৰ চিত্তবৃত্তিটোক ক্ৰোধ বোলে।

৫। উৎসাহ : কোনো কাৰ্য কৰিবৰ কাৰণে মনত যি হেপাহ বা মানসিক প্ৰস্তুতি অথবা তৎপৰতা, তাকে উৎসাহ বোলে।

৬। ভয় : সম্ভাৱ‍্য বিপদৰ প্ৰতি উদয় হোৱা মানসিক কাতৰজনিত চিত্তবৃত্তিটোকে ভয় বোলে।

৭। ঘৃণা বা জুগুসা : দোষ দৰ্শনৰ দ্বাৰা চিত্তৰ সংকোচজনক অৱস্থাটোকে ঘৃণা বা জুগুসা বোলে।

৮। বিস্ময় : কোনো নভবা নিচিন্তা ঘটনা দেখি বা শুনি হোৱা চিত্তৰ বিস্তাৰজনক বৃত্তিটোৱেই হ’ল বিস্ময়।

৯। শম বা নিৰ্বেদ : কোনো বস্তুৰ প্ৰতি থকা মানসিক উদাসীনতাকে শম বা নিৰ্বেদ অথবা বৈৰাগ্য বোলে। 

এই স্থায়ীভাৱ বিলাক অৱলম্বন আৰু উদ্দীপন বস্তুৰ সান্নিধ্যত জাগি উঠে আৰু কাব্য নাটকাদিত ৰসৰূপে আস্বাদিত হয়। উল্লিখিত ন-বিধ স্থায়ীভাৱৰ পৰা ন বিধৰ ৰসৰ উৎপত্তি হৈছে। যেনে-

স্থায়ীভাৱৰস
ৰতিশৃঙ্গাৰ
হাসহাস্য
শোককৰুণ
ক্ৰোধৰৌদ্ৰ
উৎসাহবীৰ
ভয়ভয়ানক
ঘৃণাবীভৎস
শমশান্ত

(খ) বিভাৱঃ স্থায়ীভাৱবিলাক অন্তৰতে সদায় অৱচেতনভাৱে থাকে। বিশেষ বিশেষ ঘটনা বা পৰিস্থিতিৰ এই স্থায়ীভাৱ বোৰ মূৰ দাঙি উঠে। সকলো সময়তে এই ভাৱবোৰ জাগ্ৰত হৈ নাথাকে। উদাহৰণ স্বৰূপে-পথৰ দাঁতিয়েদি যোৱা পথচাৰীজনক পিছফালৰ পৰা গাড়ীয়ে খুন্দিয়ালে, পথচাৰীজনৰ সংকটজনক অৱস্থা দেখিলে আমাৰ মনত সঙপ্ত হৈ থকা শোক নামৰ ভাবটো উঠলি উঠিল। আমাৰ দুখ লাগিল। আকৌ গাড়ীখনৰ চালকৰ প্ৰতি ক্ৰোধ ভাবটো জাগি উঠিল। আমাৰ খং উঠিল। চালকক খেদি গৈ লপা -পথা দি বীৰত্ব প্ৰদৰ্শন কৰিলো।

এইদৰে বাস্তৱ জগতত নানান কাৰণত আমাৰ মনত সুপ্ত অৱস্থাত থাকা ভাৱবিলাক জাগি উঠে তাৰে কোনোবাটো হৰ্ষদায়ক আৰু কোনোবাটো বেনাদায়ক, কিন্তু কাৰণসমূহে ৰস জন্মাব নোৱাৰে। বাস্তৱজগতৰ উকা ঘটনাবিলাকৰ ৰস জন্মাব পৰা ক্ষমতা নাই। বাস্তৱজগতৰ এনেবোৰ ঘটনা পৰিঘটনাক লৈ কলাসন্মতভাৱে কাব্য-নাটকাদি ৰচনা কৰা হয়। আমি বাস্তৱত বহুত প্ৰেমিক-প্ৰেমিকাৰ মিলন-বিৰ, দেখা পাইছো। ৰঙ্গমঞ্চত দষ‍্যন্ত-শকুন্তলাৰ মিলন বিৰহ দেখি শোকত যিদৰে আমাৰ হৃদয় ভাগি পৰে, সেইদৰে বাস্তৱৰ প্ৰেমিক- প্ৰেমিকাৰ মিলন: বিৰহত আমাৰ হৃদয় ভাগি নাযায়। কোনো জনসমাগত অথবা ৰাজহুৱা উদ্যানত সকলো মানুহৰ আগতে প্ৰেমিক-প্ৰেমিকাই দুষ্যন্ত শকুন্তলাৰ দৰে আচৰণ কৰিবলৈ আমাৰ খং বা ঘৃণাহে জন্মে। ইয়াৰ পৰা বুজা যায় যে, বাস্তৱজগতৰ অৰমণীয় শোক, ভয়, ঘৃণা আদি ভাৱবিলাক আৰু তাৰ কাৰণবিলাকে তেতিয়াও আনন্দ দিব নোৱাৰে; কিন্তু সেই একে কথাকে কাব্যত বৰ্ণিত হ’লে অনিৰ্ৰচনীয় আনন্দ দান কৰে অৰ্থাৎ ৰস সৃষ্টি কৰিব পাৰে। ভাবৰ উদ্ধোধক  এই কাৰণ বিলাকক কবি, নাট্যকাব ব। চিত্ৰকৰে যেতিয়া কলাসন্মত ভাৱে উপস্থাপন কৰে, তেতিয়া এইবিলাকৰ ৰস সৃষ্টি ক্ষমতা বাঢ়ে। গতিকে বাস্তৱজগতৰ ৰতি আদিৰ ঊদ্বোধক এই কাৰণসমূহ কাব্যত বৰ্ণিত বা ৰঙ্গমঞ্চত অভিনীত অথবা চিত্ৰত অঙ্কিত হ’লেই তাক বিভাব  বোলা হয়। 

বিভাব দুবিধ- 

(ক) আলম্বন। আৰু

(খ) উদ্দীপন।

(১) আলম্বন বিভাব : যাক বা যি বস্তুক আশ্ৰয় কৰি বতি প্ৰভৃতি স্থায়ীভাৱৰ উদয় হয় তাকে আলম্বন বিভাব বোলে। কন্বমুনিৰ আশ্ৰমত ৰূপহী শকুন্তলাক দেখি ৰজা দুষ্যন্তৰ অন্তৰত ৰতিভাবৰ উদয় হ’ল। ৰজাৰ অন্তৰত শুই থকা ৰতিভাব জাগ্ৰত হোৱাৰ কাৰণ হ’ল শকুন্তলা আৰু এই শকুন্তলা হ’ল আলম্বন বিভাব।

(২) উদ্দীপন বিভাব : স্থায়ীভাব এটাক যিবোৰ বস্তুৱে উদ্দীপিত কৰে তাকে উদ্দীপন যিভাব বোলে। উদাহৰণ স্বৰূপে ঋষি কন‍্যা ৰূপহী শকুন্তলাক দেখি ৰজা দুষ‍্যন্তৰ অন্তৰত ৰতিভাবৰ উদয় হ’ল। সেই ৰতি স্থায়ীভাবক তপোবনৰ প্ৰাকৃতিক সৌন্দৰ্য, মালিনী নদী, নৱ-বসন্তৰ পৰশত জাতিষ্কাৰ হৈ উঠা বিবিধ ফুল, লতা, কুলি-কেতেকীৰ সুমধুৰ মাতে আৰু বেছি উতলা বা উদ্দীপ্ত কৰি তুলিলে। ইয়াৰ ফলত প্ৰণয়ীযুগলৰ মিলন ঘটিল। এয়ে হ’ল উদ্দীপন বিভাব।

(গ) অনুভাব : লৌকিক জগতৰ ঘটনাত যেতিয়া স্থায়ীভাবৰ উদয় হয়, তেতিয়া শৰীৰত, চকু-মুখত সেই বিকাৰৰ চিন বা কাৰ্য ফুটি উঠে।যেনে-ক্ৰোধৰ উদয় হ’লে চকু ৰঙা পৰে ভ্ৰূ কোঁচ খাই, হাত মুষ্টিবদ্ধ হয়। আকৌ শোকৰ উদয় হ’লে চকু চলচলীয়া হয় মাত থোকাথুকি হয়, হাত ভৰি জঠৰ হয় । এই বিলাককে যেতিয়া কাব্যত বৰ্ণোৱা হয় বা ৰঙ্গমঞ্চত পাকৈত অভিনেতা, অভিনেত্ৰীয়ে ভাও দি অভিনয় কৰি দেখুৱাই, তেতিয়া তাক অনুভাব বুলি কোৱা হয়।

অনুভৱ দুই প্ৰকাৰ –

(১) কৃত্ৰিম বা প্ৰযত্ন সাধ্য। আৰু

(২) স্বাভাৱিক বা সাত্বিক অনুভাব।

১। কৃত্ৰিম অনুভাৱ : নাটকত যদি কোনো কথাত নায়কৰ অন্তৰত প্ৰতিনায়কৰ প্ৰতি ক্ৰোধভাৱ জাগ্ৰত হয়, তেতিয়া নায়কে আত্তিন কোঁচাই হাত দাঙি খেদি যাব, দাঁত কৰচিব, তলৰ ওঁঠ কামুৰি ধৰিব। এনে ধৰণৰ ভাৱব্যঞ্জক ইচ্ছাবৃত দেহিক চেষ্টা বা প্ৰযত্নবোৰক কৃত্ৰিম অনুভাব বোলে।

২। সাত্ত্বিক অনভাৱ : স্থায়ীভাৱ উদয় হ’লে শাৰীৰিক চেষ্টাৰ বাহিৰেও আন কিছুমান অনুভাৱ আপোনা -আপুনি প্ৰকাশ পায়। প্ৰিয়জনৰ বা আত্মীয়-স্বজনৰ আকস্মিক বিয়োগত হৃদয় যেতিয়া উদ্বেলিত হৈ উঠে, তেতিয়া অজ্ঞাতসাৰে আপোনা- আপুনি চকুৰ পৰা অশ্ৰুবন‍্যা বাগৰি আহে। কণ্ঠ ৰূদ্ধ হৈ যায়, গাৰ নোম শিয়ৰি উঠে, মুখ বিৱৰ্ণ হৈ পৰে আৰু সমগ্ৰ শৰীৰ অৱশ-হৈ পৰৈ। এইবিলাক চেষ্টা ইচ্ছাকৃত বা যত্নৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়। এইবিলাক ভাব উদ্ৰেগ স্বাভাৱিক ভাৱেই হয়। এইবিলাককেই সাত্বিক বা স্বাভাৱিক অনুভাৱ বোলে।ইয়াক সাত্বিক এই কাৰণেই কোৱা হয় যে এনে অনুভাৱৰ ইচ্ছাশক্তি অৰ্থাৎ তমোভাৱ সংকুচিত হৈ স্বাভাৱিক গুণ অৰ্থাৎ সত্বগুণ বিৰাজ কৰে।

সাত্বিক অনুভাৱ আকৌ আঠ প্ৰকাৰৰ, যথা স্তম্ভ (থতমত খোৱা বা থৰ লাগি ৰৈ যোৱা) স্বেদ (ঘামি যোৱা), ৰোমাঞ্চ (শিয়ৰি উঠা), স্বৰভঙ্গ(মাত ভাগি যোৱা, কঁপি উঠা, মাত থোকাথুকি হোৱা)বেপথু (সৰ্ব শৰীৰ কঁপি উঠা),বৈৱৰ্ণ(শেঁতা পৰি যোৱা),অশ্ৰু চকুৰ পানী ওলোৱা বা চকু চলচলীয়া হোৱা),প্ৰলয় (অচেতন হোৱা, মূৰ্চা যোৱা)ইত্যাদি।

(ঘ) সঞ্চাৰী ভাৱ বা ব্যভিচাৰীভাৱঃ মনত স্থায়ীভাৱৰ উদয় হ’লে তাৰ লগে লগে আন কিছুমান ভাৱে অন্তৰত উদুলি-মুদুলি লগাই থাকে আৰু তাৰ অভিব্যক্তি শৰীৰত ফুটি ওলায়। এনে ভাৱবিলাক, যেনে-লজ্জা, উৎকণ্ঠা, আশংকা, আবেগ, আবাস, চিন্তা ইত্যাদি বিভিন্নধৰণৰ হ’ব পাৰে। যিহেতু এই ভাৱ বিলাক স্থায়ী নহয়, খন্তেকৰ কাৰণে অন্তৰত উদয় হৈ খন্তেকতে নাইকিয়া হয়।আন কথাত সঞ্চালিত হৈ থাকে। স্থায়ীভাৱৰ লগত ছীৰ দৰে অহা-যোৱা কৰা এই ভাৱবোৰক সেয়ে সঞ্চাৰী বা ব্যভিচাৰী ভাৱ বোলা হয়।

এই ভাৱবোৰ অস্থায়ী। ইহঁত স্থায়ীভাৱৰ অধীন। ইহঁত আনবোৰ ভাৱৰ দৰে ধাৰাবাহিকভাৱে অভিব্যক্ত নহয়। সাময়িকভাৱে অনুকূল হৈ মুহূৰ্ততে নাইকিয়া হয়।ইহঁতে স্থায়ীভাৱক উপজীব্য বা মুখ্য কৰি নিজৰ ধৰ্মটো যোগ দি অহা-যোৱা কৰাৰ কাৰণে ইহঁতক ব্যভিচাৰীভাৱ বুলি কোৱা হয়।

সঞ্চাৰীভাৱ মুঠতে তেত্ৰিশবিধ। যেনে-

নিৰ্বেদ (বৈৰাগ্য বা নৈৰাশ‍্য),গ্লানি (অৱসাদ),শঙ্কা ভৈয় বাসংশয়),অসুয়া(ষৰ্যা),মদ গেৰ্ব),শ্ৰম(পৰিশ্ৰম), আলস্য (এলাহ), দৈন‍্য(দিনত),চিন্তা (ভাৱনা, ধ্যান),মোহ (ভ্ৰম, স্নেহ), স্মৃতি (সৌৱৰণ),ধৃতি(ধৈৰ্য্য),ব্ৰীড়া (লাজ); চপলতা চ (চঞ্চলতা), হৰ্বয(আনন্দ), আবেগ ভেৎকণ্ঠা),জড়তা(অৱশতা),গৰ্ব (অহঙ্কাৰ),বিষাদ (বিষগ্নতা), গওৎসুক্য (উৎসাহ), নিদ্ৰা (টোপনি),স্বপ্ন সপোন দেখা),অপস্মাৰ(মূৰ্চ্ছা ৰোগ), প্ৰবোধ (সাত্নন।), অমৰ্ষ (অসহন),অৱহিখ (মনোভাব গোপন কৰা),উগ্ৰতা (তীক্ষ্ণভাৱ,খঙাল)মতি (মন, বুদ্ধি), ব্যাধি (ৰোগ), উন্মাদ (বাতুলতা),মৰণ (মৃত্যু),ত্ৰাস (অনিষ্টৰ আশংকা)আৰু বিযৰ্ক (বাদানুবাদ)।

উল্লিখিত সঞ্চাৰী ভাৱবোৰৰ ভিতৰত নিদ্ৰা আৰু মৰণ এই দুটাক আলংকাৰিক সকলে অন্তৰ্ভুক্ত কৰিছে। কিন্তু প্ৰকৃততে নিদ্ৰা আৰু মৰণ চিত্তবৃত্তিৰ ভিতৰত অৰ্থাৎ ভাৱত নপৰে। নিদ্ৰামানে টোপনি, গতিকে ই ভাৱ নহয়। সেইদৰে মৰণ মানে স্থুলদেহৰ পৰা আত্মাৰ বিচ্ছেদ বা মৃত্যু। ইয়াকো ব্যাভিচাৰী ভাৱত ধৰিব নোৱাৰি। ভাৰতীয় দাৰ্শানিক সকলৰ ভিতৰত ক

একমাত্ৰ পতঞ্জলিয়ে নিদ্ৰাক এটা চিত্তবৃত্তি বুলি উল্লেখ কৰিছে। অৱশ্যে, তেওঁ নিদ্ৰাক উদ্ৰিক্ত তমোগুণ অৰ্থতহে ব‍্যৱহাৰ কৰিছে। সেইদৰে মৰণকো আলংকাৰিকসকলে একেবাৰে মৃত্যুক বুজোৱা নাই। তেওঁলোকে মৃত্যু সম মুমূৰ্য অৱস্থা এটাকহে বুজাব বিচাৰিছে আৰু সেয়ে নিদ্ৰা, মৰণকো সঞ্চাৰী বা ব্যভিচাৰী ভাৱৰ অন্তৰ্ভুক্ত কৰিছে।

(২৯) বক্ৰোক্তিবাদৰ উৎপত্তি সম্পৰ্কে থকা মতভেদসমূহৰ এটি আলোচনা কৰা?

উত্তৰঃ আচাৰ্য কন্তক বক্ৰোক্তিবাদৰ প্ৰৱৰ্তক। কুন্তকৰ মতে ‘বক্ৰোক্তিঃ কাব্যজীৱিতম্’- বক্ৰোক্তিয়েই কাব্যৰ প্ৰাণ। কথা কোৱাৰ মূলতে দুটা ৰীতি- এটা ঋজু বা পোন, ঘৰুৱা অসমীয়াত যাক খাৰাংখাচ বোলে। আনটো ৰীতি হ’ল আওপকীয়া কিন্তু শুনাত ভাল লগা তাক বক্ৰোক্তি বা ঘৰুৱা ভাষাত বেকা-বচন বোলা হয়। এই আওপকীয়া উক্তিয়ে যেতিয়া বেয়া অৰ্থলৈ পোনাই আৰু কুৎসিত ভাবৰ জান দিয়ে তেতিয়া সি বক্ৰোক্তি নহয়। অসমীয়া ভাষাত তাক বোলে’ওভত মাত’। সি যেতিয়া সৰু কথাকো ভাল লগা কৰে, মনত চমৎকৃতি ওপজায় অৰ্থাৎ মনটো প্ৰফুল্লিত কৰে তাক বক্ৰোক্তি বোলা হয়। কাব্যজিজ্ঞাসাৰ এটা পৰ্বত এই বক্ৰোক্তিকে কবিতাৰ মূলাধাৰ বুলিও ভবা হৈছিল।

কুন্তকে বক্ৰোক্তিক কাব্যাত্মা বুলি কোৱা নাই, কাব্যৰ জীৱন  স্বৰূপ বুলিহে কৈছে। আত্মাৰ প্ৰকাশৰ ৰূপ হ’ল জীৱন। কাব্যৰ জীৱন স্বৰূপ বুলিহে কৈছে। আত্মাৰ প্ৰকাশৰ ৰূপ হ’ল জীৱন। কাব্যৰ আত্মা যে ৰস এই কথা পাকে প্ৰকাৰে স্বীকাৰ কৰা যেন লাগে। কাৰণ এই বক্ৰোক্তিৰ মহিমাত আহ্লাদৰ জন্ম হয়। আহ্লাদ আৰু ৰস একে কথাই। ৰসতা প্ৰাপ্ত হোৱাকৈ শব্দৰ্থ প্ৰয়োগৰ কৌশলেই কুন্তকৰ মতে বক্ৰোক্তি। ভামহৰ ‘বক্ৰাভিধেয়া শব্দোক্তিঃ’ এই উক্তি আষাৰ কুন্তকৰ হাতত বিস্তৃত আৰু পৰিষ্কৃত হৈছে। এটা পৃথক কাব্য সম্প্ৰদায়ৰ সৃষ্টি কৰাত কুন্তক কিমান দূৰ সফল হৈছিল তাক কোৱা টান। পিছৰ কালত বিশ্বানাথ কবিৰাজ আদি সমালোচকসকলে বক্ৰোক্তিবাদৰ খণ্ডন কৰিবলৈ চেষ্টা কৰা নাই। বক্ৰোক্তিক এটা অলঙ্কাৰৰূপেহে স্থান দিছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বক্ৰোক্তিক সাৰোগত কৰি এটা প্ৰস্থান বা বক্ৰোক্তিবাদী আলঙ্কাৰিক দলৰ সৃষ্টি হোৱা নাছিল।

কুন্তকৰ মতে বক্ৰোক্তিৰ লক্ষণ হ’ল ‘বৈদগ্ধাভঙ্গীতণিতি’। বক্ৰোক্তি হ’ল ‘ভঙ্গীভণিতি’-কোৱা এটা সুকীয়া ধৰণ বা ৰকম। কোৱাৰ এই ধৰণ বা ৰকমটো বৈদগ্ধজনিত, অৰ্থাৎ তাৰ গুৰিত কওঁতাজনৰ এটা পটুতা প্ৰয়োজন। কথাষাৰ এনে পটুতাৰ সৈতে কব লাগিব যেন তাৰ পৰা এক প্ৰকাৰ বিচিত্ৰতা অনুভৱ হয়। এই ধৰণৰ বিচিত্ৰতা অনুভৱ হোৱাকৈ বিশেষ কৌশলেৰে কোৱাকে বক্ৰোক্তি বোলে। ঘাই কথা হ’ল যে শব্দ আৰু অৰ্থৰ সংযোগত যি সাহিত্যৰ সৃষ্টি কৰা হয় তাৰ ফলত যি কাব্যত্বৰ উদ্ভৱ হয় মূল বক্ৰোক্তি।

“শব্দাৰ্থৌ সহিতৌ বক্ৰকবিব্যাপাৰশালিনি,

বন্দে ব্যৱস্থিতৌ কাব্যং তদ্বিদাহ্লাদকাৰিণি।”

অৰ্থাৎ শব্দ আৰু অৰ্থৰ সংযোগত কাব্য হ’বলৈ হলে এটা বিশেষ বন্ধ বা ৰচনা-চাতুৰ্য থাকিব লাগিব। সেই বিশেষটো সাধাৰণ “চিধাচিধি” কথাৰ ধৰণ নহয়। মনত লাগি যোৱাকৈ, আনন্দ পোৱাকৈ, কোৱা এক প্ৰকাৰ পাক লগা কথা। সেই কাৰণে কুন্তকৰ মতে- “বক্ৰোক্তিঃ কাব্যজীৱিতম্”। বক্ৰোক্তি  কাব্যৰ জীৱন স্বৰূপ।

বক্ৰোক্তি এটা কোৱাৰ কৌশল বা কিটিপ। তাক কাব্যৰ প্ৰাণ বুলি কোৱাটো এক প্ৰকাৰ উপচাৰিক উক্তি। ৰং সনাটো চিত্ৰৰ কৌশল কিন্তু সেই বুলি ৰংসনাকে চিত্ৰৰ প্ৰাণ বা মূল বুলি ক’ব নোৱাৰি। তথাপি ‘অঙ্ক’ (অৰ্থাৎ বোলোৱা) ধাতুৰপৰা হোৱা অঙ্কন অৰ্থই চিত্ৰক বুজাব পাৰে। বস্তুতঃ ৰং নাসানি এঙাৰেৰে চিত্ৰ আঁকিব পাৰি,পেসিল এডালেৰেও মনোমুগ্ধকৰ চিত্ৰ হব পাৰে। আচল কথা সেই চিত্ৰই ৰস সৃষ্টি কৰিব পাৰে তেনেহলেহে সি সাৰ্থক চিত্ৰ হব। ৰসেৰে চিত্ৰক চিত্ৰত্ব দান কৰে কিন্তু সেই বুলি অঙ্কনচাতুৰ্যক উলাই কৰিব নোৱাৰি। পেসিল এডালেৰেও অঙ্কন-চাতুৰ্য থাকিলেহে ভাল চিত্ৰ আঁকিব পাৰি। সেই কাৰণে যদি অঙ্কনকে চিত্ৰ বোলা হয় তেনেহলে একো দোষৰ কথা নহয়। বক্ৰোক্তিকো সেইদৰে ঔপচাৰিক অৰ্থত কাব্য-জীৱিত বুলিব পাৰি।

অলঙ্কাৰিকসকলে বক্ৰোক্তি বুলি এবিধ সুকীয়া অলঙ্কাৰৰ উল্লেখ কৰিছে। এই বক্ৰোক্তি অলঙ্কৰত ‘ওলোটা বুজাৰ’ সুবিধা থাকিব লাগিব। বক্তাই কয় এটা, বুজাজনে বুজে এটা বা বুজাৰ ভাও ধৰে এটা। অথবা দেখাত এটা কথা কয় কিন্তু উদ্দেশ্য অন্য এটা অৰ্থহে। এই ধৰণৰ বাক্য বা বাক্য-পৰম্পৰাক বক্ৰোক্তি অলঙ্কাৰ বোলে।

বক্ৰোক্তি কবি-কল্পনাৰ কৌশল। কবিয়ে সাধাৰণ ব্যৱহৃত ভাষাৰপৰা শব্দাদি গ্ৰহণ কৰে সঁচা কথা, কিন্তু তেওঁৰ শব্দ-নিৰ্বাচন সাধাৰণ লোকৰ শব্দ-নিৰ্বাচনৰ সমতুল্য নহয়, কাৰণ সাধাৰণ লোকে উপযোগিতাৰ দিশৰপৰা শব্দৰ বাছনি কৰে। কবিৰ বচনভংগী সাধাৰণ বাকভংগীতকৈ বেলেগ, কাৰণ ৰচনা মাধুৰ্যেৰে তেওঁ আনৰ অন্তৰত ভাবানুভূতিৰ সঞ্চাৰ কৰিবলৈ চেষ্টা কৰে। বক্ৰতা কবি- ব্যাপাৰৰ কাৰ্য আৰু ইয়াৰ প্ৰকৃতি সম্পৰ্ণৰূপে নিৰ্ণয় কৰা সহজ নহয়। কবিৰ ব্যাপাৰ হ’ল প্ৰকাশৰ বক্ৰতা। আন কথাতকবলৈ গলে, বক্ৰতা হ’ল কবি-চাতুৰ্যৰ নিদৰ্শন। কবি-প্ৰতিভা অনুসৰি বক্ৰতাৰ ভেদ অসংখ্য হব পাৰে। কিন্তু প্ৰধানতঃ ই ছয় প্ৰকাৰ-

(ক) বৰ্ণবিন‍্যাস বক্ৰতা।

(খ) পদপূৰ্বাৰ্ধ-বক্ৰতা। 

(গ) পদপৰাৰ্ধ-বক্ৰতা অথবা প্ৰত‍্যয়-বক্ৰতা।

(ঘ) বাক্য-বক্ৰতা।

(ঙ) প্ৰকৰণ-বক্ৰতা। আৰু

(চ) প্ৰবন্ধ-বক্ৰতা।

কুন্তকে ‘বক্ৰোক্তিজীৱিত’ নামৰ পুথিখনৰ প্ৰথম অধ‍্যায়তে কাব্যৰ সাধাৰণ বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিছে। বাকী তিনিটা অধ্যায়ত কুন্তকে ছয় প্ৰকাৰ বক্ৰতাৰ সূত্ৰ দিয়াৰ উপৰিও সেইবোৰক শ্ৰেণীভুক্ত কৰিছে। তেওঁৰ আলোচনা পৰ্যাপ্ত হোৱা বুলি তেওঁ নিজেই নাভাবে, কাৰণ তেওঁৰ মতে বক্ৰতাৰ প্ৰকাৰ কবি-প্ৰতিভা অনুসাৰে অসংখ্য হব পাৰে।’কবি-ব্যাপাৰ’শব্দৰ সঘন প্ৰয়োগৰপৰা এইটো প্ৰমাণিত হয় যে তেওঁ কবি-কৌশলৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল।ভাৰতৰ আন কোনো তত্ত্বালোচকে কবি- কৌশলৰ ওপৰত ইমান বেছি গুৰুত্ব দিয়া নাই।

অৱশ্যে পিছৰ কালত কুন্তকৰ বক্ৰোক্তিয়ে ইয়াৰ বিস্তৃতি হেৰুৱাই পেলালে আৰু ইয়াৰ ফলত কিছুমানে ইয়াক শব্দলংকাৰ আৰু আন কিছুমানে ইয়াক অলংকাৰ বুলিহে গ্ৰহণ কৰিলে।

(৩০) আদিৰস বা শৃংগাৰ ৰস বুলিলে কি বুজা?শৃংগাৰ ৰসৰ প্ৰকাৰসমূহ কি কি? আলোচনা কৰা?

উত্তৰঃ শৃংগাৰ ৰসৰ স্থায়ীভাৱ হ’ল ৰতি। প্ৰিয়বস্তু বা প্ৰিয়জনক আলম্বন কৰি আৰু এই আলম্বনক বিবিধ যেনে-প্ৰমোদ উদ‍্যান, প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্য, কুলি-কেতেকীৰ সুমধুৰ গীত -মাতে উদ্দীপ্ত কৰি তুলিলে, নায়ক-নায়িকাৰ মাজত কটাক্ষপাত,মিচিকিয়া হাঁহি, হাত-ভৰি ক‍ঁপা,বুকু ধপধপোৱা আৰু লজ্জাবোধ আদিভাৱৰ দ্বাৰা সঞ্চাৰিত হৈ যি বসৰ উৎপত্তি হয় তাকে শৃংগাৰ ৰস বোলে। শৃংগাৰ-শৃংগ মানে উচ্চ স্থান। ন-বিধ ৰসৰ ভিতৰত শৃংগাৰ ৰসকেই সৰ্বোচ স্থান দিয়া হৈছে। আকৌ সকলো ৰসৰ ভিতৰত শৃংগাৰ ৰসকেই সকলোৱে বেছি ভাল পায়  এই যে ভাল পোৱাটো এটা সহজাত প্ৰবৃত্তি। সেয়ে ৰসৰ নাম লওঁতে সকলোৱে আগতে শৃংগাৰ বা প্ৰৰেমৰসৰ নামটোকেই লয়। সেয়ে ইয়াক আদি ৰস বোলে। আদি ৰস বুলিলে গভীৰ অৰ্থবোধক।

শৃংগাৰ ৰসল বুৎপত্তিগত অৰ্থৰ সম্পৰ্কে আলংকাৰিক সকলে কৈছে যে “শৃংগ” মানে কামোদ্ৰেক আৰু “আৰ”মানে আগমন। গতিকে কামোদ্ৰেক আগমনৰ কাৰণে স্ত্ৰীপুৰুষৰ যি অৱস্থা বিশেষ হয় তাকে শৃংগাৰ ৰস বোলে।

শৃংগাৰ ৰসক আকৌ দুটা ভাগত বিভক্ত কৰা হৈছে-

(১) সম্ভোগ শৃংগৰ : নায়ক-নায়িকা বা প্ৰণয়ীযুগলক পৰস্পৰৰ চুম্বন, আলিংগন আদি সম্ভোগ বৰ্ণনাৰ পৰা যি ৰস নিষ্পতি হয় তাকে সম্ভোগ শৃংগাৰ ৰস বোলে। যেনে-

বাহু মেলি আলিঙ্গি গোপীক কৰে ধৰি। 

কাহাৰো তনত নখে পৰশস্ত হৰি।। 

মাতন্ত কাহাকো কৃষ্ণেত কৰি পৰিহাস।

কাৰো মুখে নিৰেখি বোলন্ত কৰো হাস।। 

কাকো দেন্ত চুম্বন বদনে বনমালী।।

কাৰো বস্ত্ৰ লও কাঢ়ি কৃষ্ণে বঢ়াই চঙ্গ।

হোৱৈ আতি বেকত গুপুত যতঅঙ্গ।।

গুচান্ত কাঞ্চুলি উচ্চ কুচ দুই উদি।

হাতে ঢাকি থাকে কৰো লাজে চক্ষু মুদি।।

কৰে ধৰি কৰন্ত তনক নখে খেত।

কঙ্কালৰো সোলকান্ত শাৰী শেতনেত।।”-(ৰাসক্ৰীড়া)

ইয়াত গোপীসকল আলম্বন; শৰৎকালৰ জোনাক নিশা বৃন্দাবন উদ্দীপন; চুম্বন, গাৰ বস্ত্ৰ আঁজুৰি পেলোৱা আদি অনুভাৱ;স্তনযুগ’ল আৰু গুপ্ত অঙ্গবোৰ অনাবৃত হৈ পৰাত গোপীৰ লাজ সঞ্চাৰী ভাৱ আৰু ৰতি স্থায়ীভাব।

(২) বিপ্ৰলন্ত শৃংগাৰ : নায়ক-নায়িকাৰ বা প্ৰণয়ী যুগলৰ বিয়োগ অৱস্থাৰ উপস্থিতিৰ পৰা অভিব্যক্ত শৃংগৰ ৰসৰ নাম বিপ্ৰলন্ত শৃংগাৰৰস। বিপ্ৰলম্ভ শৃংগাৰ আকৌ পাঁচ প্ৰকাৰ-পূৰ্বৰাগ, বিৰহ, সৰ্যা, প্ৰবাস আৰু দৈৱদুৰ্বিপাক।

পূৰ্বৰাগ : নায়ক-নায়িকাৰ মিলনৰ পূৰ্বে দুয়ো দুয়োৰে ৰূপ, গুণৰ কথা আনৰ মুখত শুনি, পৰস্পৰৰ প্ৰতি পৰস্পৰৰ যি অনুৰাগ জন্মে তাকে পূৰ্বৰাগ বোলে। যেনে-

শুনিলা কন‍্যাৰ হেন কথা নাৰায়ণ।

কেতিক্ষণে পাইবো উত্ৰাৱল কৰে মন।। 

হৃদয়ত পীড়ে মদনৰ পঞ্চ বাণ।

 ৰাত্ৰি দিনে ৰুক্মিণীৰ কৰে মাত্ৰ ধ‍্যান।।

নাহি সুখ শান্তি তান নুৰচয় ভাত। 

উগুল  থুগুল নিদ্ৰা নাসয় শৰ্য্যাত।(ৰুহ.কা)।

ইয়াত ৰুক্মিণী আলম্বন; কুণ্ডিল দেশান্তৰীৰ মুখত ৰুক্মিণীৰ বৰ্ণনা উদ্দীপন; মন উত্ৰাৱল আৰু মদন পীড়া অনুভাৱ; ৰাতিয়ে-দিনে ৰুক্মিণীৰ কথা সঞ্চাৰীভাব আৰু ৰতি স্থায়ীভাৱ।

বিৰহঃ অভিভাৱকৰ বাধা, লাজ, ভয় আদিৰ কাৰণে প্ৰণয়ীযুগলৰ পৰস্পৰৰ মিলনত বাধা আৰোপিত হ’লে তাক বিৰহ বিপ্ৰলন্ত শৃংগাৰ বোলে। যেনে-

“ৰুক্মিণীয়ো সন্ধুক্ষণ ভৈলা কতোক্ষণ।

কৃষ্ণৰ বিয়োগে দেহা দহে সৰ্বক্ষণ।।

মুখত নোহলায় বাণী গদ গদ মাত।

মকমকি কান্দন্ত গালত দিয়া হাত।।

শিশুকাল হন্তে স্ফামী ধৰি আছো মনে।

মোক বিহা কৰিৱন্ত প্ৰভু নাৰায়ণে।

হা দৈৱ বিধি আবে ভৈল আশ।ছেদ

পাপিষ্ঠ ভয়াই দিলে কিনো হৃদি খেদ।।”(ৰু,হ,কাব্য)

ইয়াত কৃষ্ণ হ’ল আলম্ফন; শিশুকালৰে পৰা স্ফামী বৰণ কৰি অহা উদ্দীপন; মুখৰ মাত নাইকিয়া, মাত থোকা থুকি হোৱা অনুভাৱ; খেদ আদি সঞ্চাৰী ভাৱ আৰু ৰতি স্থায়ীভাৱ।

ঈৰ্ষাঃ আনৰ প্ৰতি প্ৰণয় থকা বুলি জানি নায়ক আৰু নায়িকাই ইজনে আনজনৰ ওপৰত অভিমান বা ঠেহ পতাৰ কাৰণে যি বিয়োগ বেদনা আহে তাকে ঈৰ্ষা বিপ্ৰলম্ভ শৃংগাৰ বোলে। কৃষ্ণই  সত‍্যভ্ৰামাতকৈ ৰুক্মিণীক অধিক ভাল পায় বুলি জনাত সত‍্যভামাৰ মনত ৰুক্মিণীৰ প্ৰতি ঈৰ্ষা ভাব জাগি উঠে।

অধিক মিলন মন তাপ।

ধিক অব জীৱন যৌৱন মোহে 

অভাগিনী কৰত বিলাপ।।(পা.হ.নাট)

প্ৰবাস বিপ্ৰলম্ভ শৃংগাৰ : প্ৰণয়ীযুগলৰ এজন যদি প্ৰবাসত বা আঁতৰত থাকে, তেতিয়া তেওঁলোকৰ মনত যি মনোবেদনা আৰু মিলনাগ্ৰহ জন্মে আৰু তাৰ পৰা উদয় হোৱা ৰসকেই প্ৰবাস বিপ্ৰলস্ত শৃংগাৰ বোলে।

আমাৰ অসমীয়া সাহিত্যৰ বাৰমাহী গীতবোৰ প্ৰবাস বিপ্ৰলম্ভ শৃংগাৰ উৎকৃষ্ট নিৰ্দশন। যেনে-

সকল সাউদ ফাণ্ড সাৰে ৰান্ধি ভাত খাই।

মই অভাগিনী থাকৌ পৰৰ মুখ চাই।।

বৈহাগৰ মাহত কুলিয়ে কৰে ৰাৱ।

সুলিৰ কামদন শুনি নুজুৰাই গাৱ।।(মধুমতী বাৰমাহী গীত)

দৈবদূৰ্বিপাক বিপ্ৰলম্ভ শৃংগৰঃ দেৱতা, খৰি আদিৰ অভিশাপত প্ৰণয়ীযুগালৰ মাজত বিচ্ছেদ ঘটিলে, যি শোক ওপজে তাৰপৰা নিষ্পন্ন হোৱা ৰসক দৈৱদূৰ্বিপাক কৰুণ বিপ্ৰলম্ভ শৃংগাৰ ৰস বোলে।উদাহৰণ স্বৰূপে অভিজ্ঞান শকুন্তলমত আশ্ৰম কন্যা শকুন্তলাই তেওঁৰ প্ৰেমিক দুষ‍্যন্তৰ চিন্তাত আত্মবিভোৰ হৈ আছিল। তেনে সময়তে আশমত  দুৰ্বাসা মুনিয়ে প্ৰৱেশ কৰিলে। অভিশাপ দিলে “তই যাক চিন্তা কৰি মোক অবজ্ঞা কৰিলি, সেই জনে তোক পাহৰি যাব”- শেষত শকুন্তলাই  দুষ‍্যন্তক কোনো অভিজ্ঞান দেখুৱাব নোৱাৰাত দুষ‍্যন্তই শকুন্তলা প্ৰত‍্যাখ্যান কৰিলে। শকুন্তলাৰ জীৱন কাৰুণ‍্যৰে ভৰি পৰিল।এয়ে হৈছে দৈৱদূৰ্বিপাক কৰুণ বিপ্ললস্ত শৃংগাৰ ৰস।

(৩১) ঔচিত‍্যবাদ সম্পৰ্কে তোমাৰ ধাৰণা প্ৰকাশ কৰা?

উত্তৰঃ ঔচিত‍্যবাদৰ প্ৰৱৰ্তক ক্ষেমেন্দ্ৰ। তেখেতে ঔচিত‍্যৰ আদৰ্শটো এটা তত্ত্বলৈ উন্নীত কৰি ইয়াক ৰসৰ আত্মা বুলি প্ৰতিপন্ন কৰিছিল। ডঃৰাঘবনে লিখিছে যে ঔচিত‍্য হ’ল সংগীত আৰু এটা ফালত ই সমগ্ৰ বস্তুটোৰ লগত অংশবোৰৰ নাইবা প্ৰধান বস্তুটোৰ লগত অপ্ৰধান বা তলতীয়াবোৰৰ অনুপাত। এই সম্পূৰ্ণতাই ঙচ্ল আৰ্টৰ নীতি আৰু সৌন্দৰ্য। শেষ স্তৰত তত্ত্ব হিচাপে কাব্যিক আবেদনৰ ৰহস্য উদঘাটনৰ ক্ষেত্ৰত ঔচিত‍্যক জীৱিত অৰ্থাৎ কাব্যৰ জীৱন বোলা হৈছে। এই ঔচিত‍্য হ’ল এটা দিশত অনুপাত আৰু সংগতি আৰু আশটোত যথোপযুক্ততা আৰু অভিযোজন। ইয়াক অকলে জনা নাযায় কিয়নো ই এনে এটা বস্তু ধৰি লয়, যেনে কাব্যৰ আত্মা ৰস, যিহৰ লগত ই অভিযোজিত বা সংগত হব পাৰে।

ঔচিত‍্য এটা ব্যাপক শব্দ আৰু ই কাব্যৰ সকলো সৌন্দৰ্যকে  সামৰি লয়। ঔচিত‍্যৰ অনুপস্থিতি সকলো প্ৰকাৰ সাহিত্যৰ প্ৰধান দোষ। কৃত্ৰিম অলংকাৰ-সংযোগ নাইবা কোনো এটা বিসয়- বিশ্লেষণত বাগাড়ম্বৰে ৰচনাৰ স্পষ্টতা অপহৰণ কৰি ৰচনা নীৰস কৰি পেলায়। অসংখ্য অলংকাৰেৰে ভাৰাক্ৰান্ত ৰচনাত স্বতঃস্ফূৰ্ততা আৰু ৰমণীয়তা নাথাকে। সাহিত্যৰ দৰে আৰ্টৰ সৌন্দৰ্য সৃষ্ট বস্তুটোৰ বিভিন্ন অংশৰ যথোপযুক্ততা আৰু জৈৱিক ঐক্যৰ ওপৰত নিৰ্ভৰশীল। ঔচিত‍্যৰ আদৰ্শ মানি নল’লে এনে জৈৱিক ঐক্য সাধন সম্ভৱ নহয়।

ক্ষেমেন্দ্ৰই ‘ঔচিত‍্যবিচাৰৰ্চচা’ নামৰ এখন পুথিত ঔচিত‍্যৰ ধাৰণাটোক তত্ত্বৰূপ দিছে। ক্ষেমেন্দ্ৰই কোৱা মতে ঔচিত‍্য-বিচাৰ-ৰ্চচা পুথিখন ছাত্ৰসকলক শিক্ষা দিয়াৰ কাৰণে ৰচনা কৰা হৈছিল। যি কাৰণে কৰা হ’লেও সাহিত্য- সমালোচনাৰ দিশত এই সৰু পুথিখনিৰ বাবে এখন উল্লেখযোগ্য স্থান আছে। ক্ষেমেন্দ্ৰই তলত উদ্ধৃত কৰা শ্লোককেইটাৰ যোগেদি ঔচিত‍্যৰ আৱশ্যকতাৰ চমু আভাস দিছে।

কাব্যস্যালমলংকাৰৈঃ কিং মিথ্যাগণিতৈৰ্গুণঃ।

যস্য জীৱিতমৌচিত‍্যং বিচিন্ত‍্যাপি নদৃশ্যত।।

অলংকাৰখস্তবলংকাৰা গুণ এব গুণঃ সদা।

ঔচিত‍্যৰ ৰসসিদ্ধস্য স্থিৰং কাব্যস্য জীৱিতম্।।

(ঔচিত‍্যবিচাৰৰ্চচা ৪-৫)

যি ৰচনাৰ মাজত বিচাৰিলে কাব্যৰ জীৱন-স্বৰূপ ঔচিত‍্য পোৱা নাযায় সেই ৰচনাৰ মাজত থকা অলংকাৰ আৰু মিছা গূণ-গণনাৰ আৱশ্যক কি? অলংকাৰবোৰ আভৰণ আৰু গুণবোৰ সদায় বাক্যৰ শঝভাবৰ্ধক, কিন্তু ঔচিত‍্য হ’ল ৰসযুক্ত কবিতাৰ জীৱন।

ক্ষেমেন্দ্ৰই ঔচিত‍্যৰ সূত্ৰ এনেকৈ দিছে-

উচিতং প্ৰাহুৰাচাৰ্যঃ সদৃশং কিল যস্য যৎ। উচিযস্য চ যো ভাবস্তদৌচিত‍্যং প্ৰচক্ষতে।।

আচাৰ্যসকলে সেইটোকে উচিত বুলিছে যিটো এটা বস্তুৰ ক্ষেত্ৰত উপযুক্ত। উচিতৰ যি ভাব তাকে ঔচিত‍্য বুলি কোৱা হয়।

ক্ষেমেন্দ্ৰই ঔচিত‍্য-বিচাৰৰ কাৰণে একুৰি সাতোটা কাব্যাংগ ভগাই লৈছে। কাব্যৰ জীৱনৰ ঔচিত‍্য এইবোৰ কাব্যাংগত থাকিব লাগে।শব্দ,বাক্য, প্ৰবন্ধৰ অৰ্থ, গুণ আৰু অলংকাৰ, ৰস, ক্ৰিয়া, কাৰক, লিংগ, বচন, বিশেষণ, উপসৰ্গ, অব্যয়, কাল,দেশ, কুল, ব্ৰত,তত্ত্ব,সত্ত্ব, অভিপ্ৰায়, স্বভাৱ, সাৰসংগ্ৰহ, প্ৰতিভা(সহজানুভূতি), অৱস্থা, বিতৰ, নাম, আশীৰ্বাদ আৰু কাব্যৰ অন্যান্য অংশ।

ড° ৰাঘবনে কোৱা মতে ক্ষেমেন্দ্ৰই ৰসক কাব্যৰ আত্মা বুলি গ্ৰহণ কৰিছে আৰু ঔচিত‍্যক বুলিছে কাব্যৰ জীৱন। অভিনৱ গুপ্তৰ দৃষ্টিত আত্মা আৰু জীৱিত একাৰ্থত ব্যৱহৃত হয় আৰু এই দুটা শব্দই সাধাৰণতে ‘সাৰ’ অৰ্থ বহন কৰে। ডঃ ৰাঘবনে কয় যে ক্ষেমেন্দ্ৰই ‘আত্মা’ আৰু ‘জীৱিত’ শব্দ দুটাৰ মাজত সূক্ষ্ম অৰ্থ বিচৰাৰ চেষ্টা কৰিছে। এইবাবে তেওঁ ৰসক বুলিছে আত্মা আৰু ঔচিত‍্যক জীৱন। আনহাতে ডঃ সূৰ্যকান্তই

লিখিছে যে ক্ষেমেন্দ্ৰই এটা তত্ত্বৰ প্ৰচাৰ কৰিছে যি তত্ত্বটোক ঔচিত‍্য-তত্ত্ব বোলা যায়।এই তত্ত্বই ঔচিত‍্যক কাব্যৰ আত্মা বুলি বিবেচনা কৰা। ইয়াক ঔচিত‍্যবাদ বুলিব পাৰি। ৰাঘবনে কোৱা কথাটো বেছি যুক্তিযুক্ত যেন লাগে কাৰণ ক্ষেমেন্দ্ৰই ‘জীৱিত’ শব্দটো জীৱনৰ অৰ্থত ব্যৱহাৰ কৰা দেখা যায়।

ক্ষেমেন্দ্ৰই শৃংগাৰ, হাস্য, কৰুণ, ৰৌদ্ৰ, বীৰ, ভয়ানক, বীভৎস, অদ্ভুত আৰু শান্ত প্ৰভৃতি গোটেই নটা ৰসৰে ক্ষেত্ৰত ঔচিত‍্যৰ বিচাৰ কৰিছে। ৰস-সঞ্চাৰত বাধাপ্ৰাপ্ত হোৱা কিছুমান দৃষ্টান্তও তেওঁ সূক্ষ্ম ৰূপত বিচাৰ কৰি চাইছে।ৰস-শংকৰৰ প্ৰশ্নটোও তেওঁ আলোচনাৰ বাহিৰত ৰখা নাই। মহাকবিসকলে পৰস্পৰ-বিৰোধী নোহোৱা ৰসবোৰ তেওঁলোকৰ কাব্যত নিপুমতাৰে প্ৰয়োগ কৰি তেওঁলোকৰদ্বাৰা ৰচিত কাব্য বেছি আবেদন-ক্ষম কৰি তুলিবলৈ যত্নপৰ হৈছে।ক্ষেমেন্দ্ৰই দেখুৱাইছে যে সকলো ধৰণৰ ৰস-শংকৰৰ ক্ষেত্ৰতে ঔচিত‍্যৰ প্ৰশ্নটোৰ চকুৰ আগত ৰখা উচিত নহ’লে ৰচনাৰ একক প্ৰভাৱ নষ্ট হৈ যাব পাৰে। 

ৰস -শংকৰৰ ক্ষেত্ৰত বেলেগ বেলেগ ৰসবোৰ এনেভাৱ সংযোগ কৰিব লাগে যাতে অংগী ৰসটোৰ প্ৰাধান্য কেতিয়াও কমি নাযায়। সাধাৰণতে গৌণ ৰসত অধিক গুৰুত্ব আৰোপিত হ’লে অংগী-ৰসৰ আবেদন-ক্ষমতা কমি যায় আৰু তেতিয়া ৰচনাটোও কিছু পৰিমাণে বিক্ষিপ্ত হৈ পৰে। গৌণ ৰসবোৰ এনেভাৱে সংযোগ কৰা উচিত যাতে অংগী-ৰসৰ আবেদন- ক্ষমতা কমি যোৱাৰ কোনো সুৰুঙা নাথাকে। ৰস- ঔচিত‍্যৰ সম্বন্ধটো অংগ-অংগী-ভাবৰ সম্বন্ধ। অংগবোৰ পুষ্ট হওক কথা নাই, কিন্তু অংগৰ পুষ্টিৰ মাজত অংগী লুকাই পৰিলে ৰচনা সাৰ্থক হব নোৱাৰে। গৌণ-ৰসবোৰে মুখ্য ৰসৰ আবেদন বেছি গভীৰ আৰু ব্যাপক কৰাৰ সহায়ক হোৱা কাম্য। 

ক্ষেমেন্দ্ৰই অকল শব্দ-ঔচিত‍্যৰ মাজতে আলোচনা সীমিত কৰা নাই। তেওঁৰ আলোচনা এনেভাৱে সম্প্ৰসাৰিত কৰা হৈছে যে এই প্ৰত‍্যয়টোৱে কাব্যৰ আৱশ্যকীয় দিশ আটাইবোৰকে সামৰি লব পাৰিছে। ঔচিত‍্যৰ আদৰ্শটো সকলো দেশৰ আৰু সকলো ধৰণৰ কাব্যতে প্ৰযোজ্য।

ঔচিত‍্যতত্ত্বৰ অনুগ্ৰামী লোক কম। ক্ষেমেন্দ্ৰই ঔচিত‍্যৰ আদৰ্শৰ ওপৰত যেনে গুৰুত্ব আৰোপ কৰিছে, তেওঁৰ পিছৰ কালৰ আলংকাৰিকসকলে ইয়াৰ ওপৰত তেনে গুৰুত্ব দিয়া নাই। ক্ষেমেন্দ্ৰই ঔচিত‍্যৰ আদৰ্শটো এটা নতুন তত্ত্বলৈ তুলিছিল। তেওঁৰ পিছৰ কালৰ লেখকসকলে ঔচিত‍্যৰ আদৰ্শটো পৰিহাৰ কৰা নাই যদিও ইয়াক কাব্যৰ জীৱন বুলি গণ্য কৰা নাই। তথাপি ব্যৱহাৰিক সমালোচনাৰ ক্ষেত্ৰত ইয়াৰ আৱশ্যকতা ক’তো অস্বীকৃত হোৱা নাই।

(৩২) চমু টোকা লিখা?

(ক) হাস্যৰস :

বিকৃত চেহেৰা, আকাৰ, বিকৃত বেশভূষা, অসংলগ্ন কথা-বাৰ্ত্তা,অঙ্গী-ভঙ্গী আদি কৌতুকৰ পৰা হাস্যৰসৰ উদ্ভৱ হয়। হাস ইয়াৰ স্থায়ীভাৱ। যাৰ চেহেৰা, কৰ্থা-বাৰ্তা আৰু অঙ্গী-ভঙ্গীৰ বিকৃতি দেখি মানুহে বা দৰ্শকে হাঁহে, সেয়ে হাস্যৰসৰ আলম্বন বিভাৱ আৰু তেওঁৰ আচৰণ কাৰ্য আদি হ’ল উদ্দীপন বিভাৱ। চকু মুদ খাই যোৱা; হাঁহো হাঁহো কৰি থকা মুখৰ ভাৱ আদিয়েই হ’ল অনুভাৱ। নিদ্ৰা, আলস্য, অৱহিখা আদি হাস্য ৰসৰ ব্যভিচাৰী ভাৱ। উদাহৰণ-

“শংকৰদেৱৰ “ৰুক্মিণীহৰণ কাব্য”ৰ বেদনিধি চৰিত্ৰটোৰ কথাকে ক’ব পাৰি। বেদনিধি হ’ল গোটেই কাব্যখনৰে হাস্যৰসৰ ভাণ্ডাৰ। তেওঁৰ, সাজ-পোচাক, অংগী-ভংগী, খোজ-কাটল,কথা-বাৰ্ত্তা,আচৰণ, কাৰ্য এই সকলোতে হাস্যৰস ফুটি উঠিছে।

“স্মৃতি ভঙ্গ ভৈলা বেদনিধি হেন দেখি।

দুইহাতে ধৰি মুদিলন্ত দুই আখি।।

পৰম বিহ্বল ভাৱ হুৱা দ্বিজৰাজ।

ফুৰণি লাগিয়া পৰলন্ত ৰথ মাজে।।(ৰু.হা.কাব্য)

কোনো দিনে ৰথত নুঠা বেদনিধিয়ে কৃষ্ণৰ লগত ৰথত উঠি কুণ্ডিললৈ যাত্ৰা কৰোতে বেদনিধিৰ এনে অৱস্থা হ’ল ।কাৰ্য সিদ্ধি কৰি যেতিয়া বেদনিধিয়ে ৰুক্মিণীক কৃষ্ণ অহাৰ বাতৰা দিবলৈ যায়, তেতিয়া বেদনিধিক কোনে পায়; মাটিত যেন ভৰি নথবই;যেন আলাসতে উৰিহে গৈছে।

“সাধিলোহে কাৰ্য বুলি যাও ৰঙ্গ কৰি।

হৰিষতে মাটিত নেদন্ত যেন ভৰি।

আন এটা উদাহৰণ লোৱা যাওক-

শংকৰ দেৱৰ অমৃত-মথন’ কাব্যত শিৱই উলংগ হৈ মোহিনীৰূপী বিষ্ণুক পিছে পিছে খেদি ফুৰাৰ বিমল হাস্য ৰস পোৱা যায়।

ভৈলন্ত উলঙ্গট ভোলানাথ।

হাতে অঙ্গ ধৰি চপৰাই মাথ। ইত্যাদি।

হাস্য ৰসৰ ক্ষেত্ৰত মন কৰিবলগীয়া কথা এয়ে যে, যি জনে বিকৃত বেশ, অসংলগ্ন কথা; বাৰ্ত্তা আশ্ৰয় কৰি অভিনয় কৰে বা ভাও দিয়ে সেইজনৰ হাস্যভাৱৰ উদ্ৰেক মুঠেই নহয়। সেইজনে সহৃয়জনকহে হাস্যভাৱ, হাস্যৰসৰ যোগান ধৰে। অৰ্থাৎ সহৃয়জনেহে হাস্যৰস আস্বাদন কৰে।

(খ) কৰুণ ৰস :

যেতিয়া ইষ্ট বা বাঞ্চিত নষ্ট বা লোপ পাই, অনিষ্ট বা অবাঞ্চিত বস্তু এটা আহি পৰে, তেতিয়াই কৰুণৰসৰ উদ্ৰেক হয়। প্ৰিয়জনৰ অনিষ্ট প্ৰাপ্তিৰ পৰা হোৱা মানসিক কতাৎতাজনক চিত্তবৃত্তিটোৱেই হ’ল স্থায়ীভাৱ শৌক। মনৰ দুঃখ লগা অৱস্থাই হৈছে ইয়াৰ আলম্বন আৰু দুঃখজনিত অৱস্থাৰ পৰা উদ্ভুত অসহ্য যন্ত্ৰণাই হৈছে উদ্দীপন বিভাৱ। ভাগ্যক নিন্দা কৰা, মাটিত বাগৰা, কন্দা-কটা কৰা আদিয়েই ইয়াৰ অনুভাৱ। কষ্ট, মোহ, স্মৃতি প্ৰলাপ বিলাপ, গ্লানি, ক্লান্তি, বিষাদ, উন্মাদ, জড়তা আৰু চিন্তা আদিয়েই ইয়াৰ ব্যভিচাৰী ভাৱ। স্থায়ীভাৱ শোকৰ লগত উপৰোক্ত ভাৱবোৰ সংযোগ হৈ কৰুণ ৰসৰ উদ্ৰেক হয়। সংস্কৃত নাটক-কাব্যত বিশেষকৈ ভৱভূতিৰ “উত্তৰ ৰাম চৰিত”,কালিদাসৰ “অভিজ্ঞান শকুন্তলম্” আদি নাটকত কৰুণ ৰসেই আদ্ৰ কৰি ৰাখিছে। বৈষ্ণৱ সাহিত্যতো বিশেষকৈ শংকৰদেৱৰ কব্য-নাটকতো কৰুণ ৰসৰেই প্ৰভাৱ বেছি। শংকৰদেৱৰ ‘ৰুক্মিণীহৰণকাব্যত অনেক ঠাইত কৰুণ ৰস ধ্বনিত হৈছে। তাৰে এটা উদাহৰণ দাঙি ধৰা হ’ল-শ্ৰীকৃষ্ণৰ সৈতে যুদ্ধ কৰি ৰুক্মবীৰ সমৰত পৰিল আৰু মৃত্যুমঙখী হ’ল। এই কথা ৰজা ভীষ্মক আৰু ৰাণী শশীপ্ৰভাৰ কাণত পৰাৰ লগে লগে পুত্ৰ শোকত অচেতন হৈ পৰে।

কিনো ভৈল হৃদিখেদ      বিধতা ছলিল মোক

                এই বুলি কান্দে নৃপবৰ

ধাৰায়ে জনালে গই         শুনিলন্ত মহাদই

                সমৰত পৰিল কুমাৰ।।

অন্তৰীক্ষ ভৈল প্ৰাণ          নাহি শ্ৰুতি বুদ্ধি জ্ঞান

              তমোময় দেখি সেহি তালে।

জ্বলি গৈল শোফানল        যেন গৌৰ কটা কল

              পৃথিৱীত পৰিল নিঢালে।।”(ৰু,হ.কাব্য)

উপৰোক্ত পদকেইফাঁকিত কৰুণ ৰসৰ স্থায়ীভাব শোক।এই শোক জগাই তোলা আলম্বন, উদ্দীপন আৰু সঞ্চাৰী ভাৱবোৰৰ সংযোগত কৰুণ ৰসৰ উৎপত্তি হৈছে।

ভৱভূতিৰ “ডতৰ ৰাম চৰিত” নাটকৰ টীকাকাৰ বীৰ ৰাঘৱাচাৰ্যই কৰুণ ৰসকেই একমাত্ৰ ৰস বুলি কৈছে। তেওঁৰ মতে আন আন ৰসবোৰ কৰুণ ৰসৰেই বিকৃতি মাথোন। কাব্যত আনবোৰ ৰসতকৈ কৰুণ ৰসৰ প্ৰাধান্য যথেষ্ট বেছি। ভৱভূতিৰ “একো ৰসঃ কৰুণ এৱ নিমিত্তভেদাত।”-একে কৰুণ ৰসেই বেলেগ বেলেগ কাৰণৰ ফলত বেলেগ বেলেগ ৰূপ লয় বোলে। উক্তিৰ সত‍্যতা নথকা নহয়।কাৰণ এই একেটা কাৰুণ‍্যই বিভিন্ন সময়ত ৰাম-সীতা দুয়োকে কেৱল দুখকেই দি আহিছে।

(গ) ৰৌদ্ৰৰসঃ

ৰৌদ্ৰৰসৰ স্থায়ীভাৱ ক্ৰোধ। ইয়াৰ আলম্বন বিভাৱ হৈছে শত্ৰুপক্ষ। শত্ৰুৰ যি প্ৰচেষ্টা সি উদ্দীপনা বিভাৱ।শত্ৰুৰ প্ৰচেষ্টা, মুষ্টিপ্ৰহাৰ, নিপাতন, বিকাৰ, ছেদন, বিদাৰণ, সংগ্ৰাম আৰু সংভ্ৰম আদিৰ দ্বাৰা উদ্দীপন প্ৰখৰ হৈ উঠে।ভ্ৰূবিকাৰ, ওষ্ঠনিদৰ্শন, বাহু আস্ফালন,তৰ্জন-গৰ্জন কৰা,নিজৰ যশস্যা কথন, অস্ত্ৰশস্ত্ৰ নিক্ষেপ, পৰনিন্দা,চকু ঘোপা কৰি চোৱা আদি কাৰ্য ৰৌদ্ৰ ৰসৰ অনুভাৱ। উগ্ৰতা, আবেগ, নোম শিয়ৰি উঠা, ঘাম,কঁপনি, গৰ্ব,মোহ,খং আদি ইয়াৰ ব্যভিচাৰী ভাৱ।

গতিকে ক্ৰোধ স্থায়ীভাৱটোক শত্ৰুপক্ষক আলম্বন কৰি, শত্ৰুয়ে কৰা অপকাৰ আদিৰ দ্বাৰা উদ্দীপিত তৰ্জন-গৰ্জন কম্পনাদিৰ দ্বাৰা অনুভাৱিত, গৰ্ব অসহিষ্ণুতা আদিৰ দ্বাৰা সঞ্চাৰিত হৈ উঠিলে তাক ৰৌদ্ৰৰস বোলে।

যেনে-

“শুন অৰে বিশ্বামিত্ৰ অধম দুৰ্জন।

মোৰ যজমানক কৰিলি তই ছন্ন।।

‘বৃত্তিছেদ কৰিলি প্ৰাণত দিলি হাত।

থাক ব্ৰহ্মণ্ডে কৰো তোৰ কন্ধপাত।।'(হঃ চ,উপা)

ইয়াত বিশ্বামিত্ৰ আলম্বন, হৰিচন্দ্ৰক নিৰ্বাসন দিয়াটো উদ্দীপন বিভাৱ, কটাক্ষ, তৰ্জন -গৰ্জন,অস্ত্ৰ দাঙি ধৰা অনুভাৱ আৰু উগ্ৰতা, কঁপনি, মোহ,খং আদি ব্যভিচাৰী ভাব আৰু ক্ৰোধ স্থায়ীভাৱ।

দেখি শিশুপাল ৰাজা ধনক উদ্ধাৰি।

মাধৱক গালি পাৰি মাতে নিন্দা কৰি।।

শুনৰে যাদৱা কালকূট অনাচাৰী।

চুৰি কৰি নেস মোৰ বিবাহৰ নাৰী।।”(ৰু,হ.কাব্য)

ইয়াত ৰুক্মিণী আলম্ফন বিভাৱ;কৃষ্ণই ৰুক্মিণীক চুৰি কৰি নিয়া উদ্দীপন বিভাব; নিন্দা, গালি, অপযশ, অস্ত্ৰ সঞ্চালন অনুভাৱ; উগ্ৰতা, গৰ্ব মোহ,খং আদি ব্যভিচাৰী ভাৱ আৰু ক্ৰোধ স্থায়ীভাৱ ইত্যাদি।

(ঘ) বীৰৰসঃ

বীৰৰসৰ প্ৰকৃতি উত্তম। ইয়াৰ স্থায়ীভাব উৎসাহ।প্ৰতিপক্ষ বা শত্ৰুপক্ষ ইয়াৰ আলম্ফ্ন বিভায আৰু প্ৰতিপক্ষৰ যি আচৰণ, প্ৰতিৰোধ সেয়ে উদ্দীপন। বিজয়াকাংক্ষাৰে সহায় সাৰথি বিচৰা কাৰ্য অনুভাৱ; ধৈৰ্য্য, জয়ৰ ইচ্ছা, গৰ্ব্ব, যুক্তিতৰ্ক,ৰোমাঞ্চ আদিইয়াৰ সঞ্চাৰীভাৱ।

গতিকে উৎসাহ স্থায়ীভাৱটোক প্ৰতিপক্ষ বা শত্ৰুপক্ষ অথবা কোনো মহৎকাৰ্য আদিক আলম্বন কৰি, শত্ৰুপক্ষৰ আচৰণ, প্ৰতিৰোধ আদিৰ দ্বাৰা উদ্দীপিত, প্ৰতিপক্ষক জয় কৰিবলৈ, প্ৰতিকাৰৰ উপায় আদিৰ অনুভাৱিত আৰু গৰ্ব,তৰ্ক, হৰ্ষ, ৰোমাঞ্চ আদিৰ দ্বাৰা সঞ্চাৰিত হৈ উদ্ভৱ হোৱা ৰসক বীৰ ৰস বোলে।

উদাহৰণ-

১। হেন শুনি জাম্বৱন্ত/ধাইলা মহা বলৱন্ত/নিচিনি স্বামীক

পাচে/ধৰিলন্ত যুদ্ধ কাছে।।….যুঁজিলন্ত মালবান্ধে/ধৰি ধৰি কৰি ছান্দে/দুইকো

দুইয়ো নাহি তুষ্টি/হানি ব্ৰজৰসম মুষ্টি/মাংসৰ কাৰণে যেন। যুজন্ত দুগোটাশেন।।”

(স্যমন্ত হৰণ)

২। ধৰমাৰ বুলি সেনা কৰে কোলা হল

ঘোৰায়ে হেসান পাৰে চিহৰে দণ্ডাল।।

বাদ্য ভণ্ড কান্দোনে কৰ্ণত হানে তাল।

নসহে পৃথিৱী ঘনে সায় ভূমি চাল।।

হেন চমৎকাৰে ৰুক্মিণীৰে খেদি যায়।;

চতুভিৰ্তি বেঢ়িয়া কটকে দেই  হাই।”ৰু,হ.কাব্য)

ইয়াত কৃষ্ণ আলম্বন বিভাৱ;বিপক্ষ ৰজাসকল সুদূত হাৰি পলায়ন কৰা উদ্দীপন বিভাৱ;বিজয়াকাংক্ষাৰে যুদ্ধত প্ৰবৃত্ত হোৱাটো অনুভাৱ আৰু গৰ্ব আস্ফালন, জড়ৰ ইচ্ছা আদি সঞ্চাৰীভাৱ। 

বীৰ ৰসৰ নায়কক চাৰি প্ৰকাৰে বিভক্ত হৈছে যেনে-দানবীৰ, ধৰ্মবীৰ, দয়াবীৰ আৰু যুদ্ধবীৰ।

দানবীৰ পৰশুৰাম, ধৰ্মবীৰ যুদ্ধিষ্ঠিৰ, দয়াবীৰ জীমৃতবাহন আৰু যুদ্ধবীৰ শ্ৰীৰামচন্দ্ৰ প্ৰখ্যাত।

(ঙ) ভয়ানক ৰসঃ

কোনো বিকৃত কণ্ঠ, বিকৃত চেহেৰা, কোনো জীৱজন্তুৰ বিকৃত আৰাও বা আক্ৰমণ আদিৰ পুৰা মনত যি ত্ৰাসৰ সৃষ্টি হয় সেয়ে ভয় আৰু এই ভাৱৰ পৰা যি ৰসৰ উদ্ৰেক ঘটে সেয়ে ভয়ানক ৰস।

ভয়ানক বসৰ স্থায়ীভাৱ ভয়। স্ত্ৰী, নীচ প্ৰকৃতিৰ মানুহ, দুষ্ট মানুহ, বিকৃত কণ্ঠ, বিকৃত চেহেৰা, যাৰ পৰা ভয় ওপজে সেইবিলাকেই ইয়াৰ আলম্বন বিভাৱ। তেনেলোকৰ সেই ভয়ৰ পৰা নিষ্কৃতি পাবৰ কাৰণে কৰা চেষ্টাইহ’ল উদ্দীপন বিভাৱ। বিবৰ্ণতা, থোকাথুকি মাতেৰে কথা কোৱা, নিঠৰ হৈ থকা, ঘাম ওলোৱা, নোম শিয়ঁৰি উঠা, কঁপনি উঠা, ইফালে -সিফালে চোৱা আদি ভয়ানক ৰসৰ অনুভৱ।জুগুপ্সা, আবেগ, সন্মোহ, ত্ৰাস, গ্লানি, দীনতা, শঙ্কা,মূৰ্চ্ছা, ভ্ৰান্তি, মৃত্যু আদিয়েই হ’ল ব্যুভিচাৰী বা সঞ্চাৰী ভাৱ।

উদাহৰণ-

‘তাৰ ঘোৰ শৱদে, পুৰিল দিশ পাশ।

শুনি কংসৰায়ৰ অদ্ভুত কৈল ত্ৰাস।।

এই ত্ৰাস বা ভয়, ভয়ানক ৰসৰ স্থায়ীভাৱ।তাৰ পিছত কংসৰ ৰখীয়া সৈন‍্যবোৰ ছত্ৰভঙ্গ দিয়াৰ কথা শুনি কংসৰ ভয় দুগুণে বাঢ়িল।তেওঁ নানা অমঙ্গল দেখিবলৈ পালে-

“দেখি নানা বিমঙ্গল চিত্ত নোহৈ স্থিৰ।

ছায়াত নেদেখৈ যিটো আপোনাৰ শিৰ।।

ধূলি কৰ্দ্দদতো নিজ খোজক নাকলৈ।

আকাশত দেখৈ কতো দুই চন্দ্ৰ জ্বলৈ।।

স্বপ্নত মৃতকে আসি কৰৈ আলিঙ্গন।

গদ্দৰ্ভত চৰি কৰৈ বিষক ভোজন।।

আনো নানা বিমঙ্গল দেখৈ সিটো আতি।

ভয়ত নপাইলে নিদ্ৰা কংসে সিটো ৰাতি।।

মঞ্চে চৰি বসিল যতেক পূৰবাসী।

থান লৈয়া বসিলা নৃপতিগণো আসি।। 

মন্ত্ৰীগণে সমে কংস চৰিয়া মঞ্চ।

নুগুচয় ভয় তাৰ ক্ষণেকো মনত।।(কংসবধ)

ইয়াত ত্ৰাস বা ভয় স্থায়ীভাৱ; শ্ৰীকৃষ্ণ বলৰাম আলম্বন বিভাব; ধনুৰ শব্দ উদ্দীপন বিভাৱ, মন্তৰীগণৰ সৈতে ওখ মঞ্চত আসন লোৱা আদি অনুভৱ আৰু অমঙ্গল দেখা, নিদ্ৰাহীনতা আদি ব্যভিচাৰী বা সঞ্চাৰী ভাৱ। ইত্যাদি।

(চ) বীভৎস ৰসঃ

বীভৎস বসৰ স্থায়ীভাৱ জুগুপ্সা বা ঘৃণা। এই স্থায়ীভাৱটো কোনো ঘিণ লগা বস্তুক আলম্বন কৰি দুৰ্গন্ধ আদিৰ দ্বাৰা উদ্দীপিত, থু-পেলোৱা, নাক-কোঁচোৱা, মুখ ঘূৰোৱা আদিৰ দাৰা অনুভাবিত আৰু মোহ, মূৰ্চ্ছা, আবেগ, ব্যাধি আদিৰ দ্বাৰা সঞ্চাৰিত হৈ উৎপত্তি হোৱা ৰসকে বীভংস ৰস বোলে।বীভৎস ৰসৰ স্থায়ী ভাৱ ঘৃণা জুগুপ্সা। তেজ মঙ, মেদ আদি ইয়াৰ আলম্বন বিভাৱ। সেই তেজ-মঙহত পোক-পৰুৱা আদিয়ে লাডু লাডু কৰি থকা অৱস্থা হ’ল উদ্দীপন অৱস্থা। থু-পেলোৱা, মুখ বিকটোৱা, চকু মুদা আদি অনুভাৱ। মোহ, মূৰ্চ্ছা, আবেগ, ব্যাধি, মৰণ আদি বীভৎস ৰসৰ সঞ্চাৰী বা ব্যভিচাৰী ভাৱ। যেনে-

ঋষি শাপে সমস্তে মৰিল যদুবীৰ।

ঢাকিলেক মৰাশৱে সাগৰৰ তীৰ।।

নিশৱদ ৰণথলি জনেকো নৰৈল।

যেন জল পৰি ঘোৰ অগনি নুমাইল।।

নাশিল যাদৱ প্ৰজা পৰি একে ঢিক ।

মৃতকৰ শৱে শৌভৈ ৰণ ধৰণীৰ।।

তেজে তলবল জ্বলৈ বদন মণ্ডল।

ভূমিত ফুলিল যেন ৰাতুল কমল।।

শৌকৈ পৰি কিৰীটি কুণ্ডলে মুণ্ড গান্তি।

কৱচ কুণ্ডলে যেন তাৰা কৰে কান্তি।।

প্ৰজাৰ ৰুধিৰে সবে বালি গৈল তল।

স দেখিয়া শোণিতময় সাগৰৰ জল।।

জুড়িল পৃথিৱী খণ্ড পৰি মৰাশৱে।(শ্ৰীকৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ)

মহাপুৰুষ শ্ৰীশংকৰদেৱৰ ৰচিত “শ্ৰী কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ”খণ্ডত যদুকূলৰ ভাই-ভাই মাজতে মৰিয়া-মৰি, কঁটা-কটি কৰি যদুকুল ধ্বংস হোৱাৰ যি দৃশ্য তাত বীভৎস ৰসৰ সুন্দৰ প্ৰকাশ ঘটিছে।

(ছ) অভূত ৰসঃ

অদ্ভুত ৰসৰ স্থায়ীভাৱ বিস্ময়। অলৌকিক বিষয় অথবা অসাধাৰণ ঘটনা ইয়াৰ আলম্বন বিভাৱ। অলৌকিক বিষয় -বস্তু বা অসাধাৰণ ঘটনাৰ মহিমা বা গুণাৱলীয়েই ইয়াৰ উদ্দীপন বিভাৱ।জঠৰতা, ঘাম ওলোৱা, নোম শিয়ঁৰি উঠা, চকুৰ চাৱনি আদি অদ্ভূতৰসৰ অনুভাৱ। বিৰ্তক, আৱেগ, জড়তা আৰু প্ৰলয়, আবেগ, ৰোমাঞ্চ অশ্ৰু, হৰ্ব আদি ইয়াৰ সঞ্চাৰী ভাব ব্যভিচাৰী ভাৱ।

গতিকে, যেতিয়া কোনো অস্ফাভাৱিক বা অসাধাৰণ অথবা অলৌকিক ঘটনা আলম্বন হিচাপে লৈ সেই অসাধাৰণ বা অলৌকিক মহিমা বা গুণাৱলীৰ দ্বাৰা উদ্দীপিত, জঠৰতা, ঘৰ্মাক্ত, সৰ্বশৰীৰ কঁপি উঠাৰ দ্বাৰা অনুভাৱিত; বিৰ্তক, চিন্তা আবেগ, জড়তা, হৰ্বয আদিৰ দ্বাৰা সঞ্চাৰিত হৈ যি ৰসৰ উদ্ৰেক হয় সেয়ে অদ্ভূত ৰস। যেনে-

আসনৰ হন্তে আটোপে উঠি।

ভাঙ্গিলা স্তম্ভকহানিয়া মুঠি।।

স্তম্ভৰ ভিতৰে কৰিলা নাদ।।   

প্ৰলয় মেঘৰ যেন শৱদ।।

ফুটিল কটাহ ভৈল বিস্ময়। 

ত্ৰিদশে বোলন্ত মিলৈ প্ৰলয়।।

শুনি দৈত‍্যেন্দ্ৰৰ অন্তৰীক্ষ ভৈলধাতু।

কোনো দিলে আটাস নেদেখি তাৰ হেতু।।

সত‍্য কৰিবাক লাগি নিজ ভৃত‍্যবাণী।

স্তম্ভতে বেকত ভৈলা প্ৰভূ চক্ৰপাণি।।

অদ্ভুত দেখিয়া দৈত‍্যপতি ভৈল চুপ।

নুহি সিংহ ইটো মনুষ‍্যৰ ৰূপ।।।

ঘোৰ মূৰ্তি ধৰি নৰসিংহ ভৈল বাজ।।

মহাত্ৰাসে কম্প দেখি দানৱ সমাজ।।

তপ্ত সুৱৰ্ণৰ বৰ্ণ জ্বলে চুক্ষু দুই।।

পৰ্বত সমান কায়া আছে স্বৰ্গ চুই।।

শৰীৰৰ লোম চন্দ্ৰসম শুক্লবৰ্ণ।

তুলি আছে উৰ্দ্ধক স্তৱক দুই কৰ্ণ।।(প্ৰবাদ চৰিত)

মহাপুৰুষৰ শংকৰদেৱে নৰসিংহৰূপী বিষ্ণুৰ জৰিয়তে এনে বিস্ময় বা অদ্ভূতৰসৰ সাৰ্থকভাৱে ফুটাই তুলিছে। এনে বিস্ময় বা অদ্ভুত ৰসৰ সন্নিবেশ শংকৰদেৱৰ ৰচনাৰ বহু ঠাইত লক্ষ্য কৰা যায়।

(জ) শান্ত ৰসঃ

“য’ত কোনো দুখ নাই, সুখ নাই অনুৰাগ বিৰাগ নাই, চিন্তাও নাই, ভাৱনাও নাই, কোনো বস্তুৰ প্ৰতি কোনো ইচ্ছা নাই, লোভ-মোহ, কামনা-বাসনা একোৱেই নাই। সম্পূৰ্ণ উদাসীন ভাৱ সেয়ে শান্ত ৰস।

শান্ত ৰসৰ স্থায়ীভাৱ শম বা নিৰ্বেদ অথবা বৈৰাগ্য। সকলো বস্তু অনিত‍্য অসাৰ এনে মনোভাৱ নাইবা পৰমাত্মাই একমাত্ৰ সত্য বস্তু এনে মনোভাৱ এই ৰসৰ আলম্বন বিভাৱ। পুণ‍্যাশ্ৰম, তীৰ্থভ্ৰমণ, সাধু-সন‍্যাসীৰ সংগ আদি এই ৰসৰ উদ্দীপন বিভাৱ। ৰোমাঞ্চ(নোম শিয়ৰি উঠে)আদি অনুভাৱ। উদাসীনতা, হৰ্ষ, স্মৰণ, সজমতি, সজচিন্তা, দয়ামমতা আদি এই ৰসৰ সঞ্চাৰী বা ব্যভিচাৰীভাৱ।

উদাহৰণস্বৰূপে মহাপুৰুষ শংকৰদেৱৰ “মুচুকুন্দ স্তুতি”ৰ মুচুকুন্দই ভগৱান শ্ৰীকৃষ্ণৰ চৰণত যি স্তুতি কৰিছিল তাত শান্তৰসৰ সুন্দৰ প্ৰকাশ ঘটিছে।

“ন বাঞ্চো হোআন      মাধৱ তোক্ষ্মাৰ

               চৰণ সেৱাত পৰে।

মুকুতি দাতাক           আৰাধি খুজিবে

               আন বৰ কোন নৰে।।

হেম জানি প্ৰভু          যত সুখ ভোগ

               দূৰতে হেন জানি তাজিয়া থৈলো।

পৰম পুৰুষ               তোহ্মমাৰ চৰণে

               সদায় শৰণ লৈলো।।

সংসাৰ চক্ৰৰ             চিৰকাল ভ্ৰমো 

              তোমাত নৈভল বোধ 

একোয়ে প্ৰকাৰে         সুখ শান্তি নাই

              নিজিনলো কাম ক্ৰোধ।।

প্ৰণত পালক              তোক্ষ্মাৰ চৰণে

              লৈলোহো আৱে শৰণ।

ভয়, শোক মৃত্যু          গুচয় যিমতে

              ৰক্ষা কৰা নাৰায়ণ।।”

দেখা যায় যে, উল্লিখিত পদকেইফীকিত মুচুকুন্দৰ মানসিক অৱস্থা শান্ত ভাৱত নিমগ্ন হৈ শান্তৰসৰ উদ্ৰেক কৰিছে।ইয়েই ভক্তি ভাৱৰো সৃষ্টি কৰিছে।

অভিনৱ গুপ্তই শান্ত ৰসটোকেই সকলো ৰসৰ ভিতৰত উত্তম আৰু মূল ৰস বুলি কৈছে। শাস্তৰসৰ স্থায়ীভাৱ শম আৰু এই শমে তত্ত্বজ্ঞানক বুজায়। গতিকে তত্ত্বজ্ঞানৰ উদয় হ’লেহে বৈৰাগ্যভাৱ উদয় হব পাৰে। তত্ত্বজ্ঞান বুলিলে আত্মজ্ঞান বা আত্মোপলব্বিক বুজায়। কাছই যেনেকৈ নিজৰ অংগবোৰ শৰীৰৰ ভিতৰলৈ কোঁচাই আনিব পাৰে, শাস্তৰসৰ ক্ষেত্ৰতো সেইদৰে বিষয়ভোগৰ পৰা মনটোক আঁতৰাই আনি আত্মোপলব্বিত মন নিমৰ্জিত কৰিব পাৰে।

(ঝ) দাস্যভক্তি :

দাস বাভৃত‍্যজনে তেওঁৰ গৰাকী বা অন্নদাতা স্বামী, সৎভাৱ, সৎপথ দেখুওৱা গুৰুজনৰ প্ৰীতিৰ অৰ্থে কবা সেই ৱা কৰ্মই হৈছে দাস্যভক্তি। ঈশ্বৰ স্বৰূপ মহান ব্যক্তি, বৰ্ণ-ধৰ্ম, বয়স মানত, বৃত্তি- ব্যৱসায়ত নিজতকৈ জ্যেষ্ঠ বা শ্ৰেষ্ঠ ব্যক্তিজনৰ প্ৰতি আগবঢ়োৱা সেৱাকে দাস্যভক্তি বোলে। এই ভক্তিত সৰ্ষা-অসূয়া, অসন্তুষ্টিভাৱ নাথাকে। তেওঁ নিৰ্মল অন্তৰৰ হ’ব লাগে। এই ভক্তিত দাসজনৰ নিজসত্ত্বাৰ বিলোপ সাধন হ’ব লাগে। তেওঁ নিজকে গৰাকীৰ ওপৰত বা গুৰুৰ ওচৰত সমৰ্পন কৰিব লাগে। অৰ্থাৎ তেওঁৰ নিজাভাৱে কৰিবলগীয়া একো নাথাকে। যেনে-

“হে কৃষ্ণ কৰোসেৱ হেন কৃপা কৰাদেৱ

        তোমাতেসে খাকে যেন মতি।

চৰণে বিক্ৰয় গলো      তোমাৰেসে ভৃত‍্য ভৈলো 

         জন্মে জন্মে তুমি মোৰ গতি।।”

                                 (অজামিল উপ্যাখান)

দাস আৰু গৰাকী এই দুই শ্ৰেণীৰ ব্যক্তিক লৈ দাস্যভক্তিৰ প্ৰকাশ ঘটে। অধীনজনে (দাস) অধিকাৰী জনৰ (গৰাকী)প্ৰীতিৰ বাবে কৰা কাৰ্যই সেৱা। অধীনজনৰ সেৱাভক্তিৰ স্থায়ীভাৱ হ’ল শ্ৰদ্ধা। আকৌ পুত্ৰই পিতৃৰ বাবে, পত্নীয়ে পতিৰ বাবে, শিষ্যই গুৰুৰ বাবে কৰা প্ৰীতিজনক কাৰ্যত সেৱা। সেৱা সদায় সৰুৱে ডাঙৰক কৰে।ডাঙৰে সৰুক সেৱা নকৰে। ডাঙৰে সৰুৰ প্ৰতি কৰা প্ৰীতিভাৱক প্ৰেম বোলে। এই প্ৰেমেই হ’ল পত্নীৰ ক্ষেত্ৰত অনুৰাগ, পুত্ৰাদিৰ ক্ষেত্ৰত আকুলতা আৰু দাসাদিৰ ক্ষেত্ৰত অনুগ্ৰহ, কৃপা, দয়া ইত্যাদি।

একেদৰে ঈশ্বৰক কৰা সেৱাত দাস্য ভক্তিত পৰে। উদাহৰণ স্বৰূপে শংকৰদেৱে কৃষ্ণ বিষ্ণুত সেৱা জনায়। সেইদৰে মাধৱদেৱে গুৰু শংকৰকে ঈশ্বৰ বুলি সেৱা জনাইছে। সেয়ে মাধৱদেৱৰ নামঘোষা খনক দাস্যভক্তি উত্তম প্ৰকাশ বুলি কোৱা হয়।

আন দুটামান দাস্যভক্তিৰ উদাহৰণ চয়ন কৰা হ’ল-

“গোপী নাথ গোপীনাথ হৰি।

তোমাৰ কভয় দুই চৰণে শৎণ লৈয়ো

লৈও মোক নিজ দাস কৰি হৰি ৰাম।।”(নামঘোষা)

ইয়াত মাধৱদেৱে গুৰুৰ চৰণত পৰি নিজকে দাসৰো দাস হিচাপে সেৱা-ভক্তি জনাইছে।

নমো হেন কৃষ্ণদেৱ       মোত পৰে নাহি কেৱ

               জানিলো অধম মূঢ়মতি।

আছা যেন এই হৃদয়ত    তুমি হেন ঈশ্বৰত  

               নকৰিলো একান্ত ভকতি।।

মই দীন দয়াময়             তুমি দেৱ কৃপাময়

                কৰা যেন যুৱাই সেন জানি।

তোমাৰ চৰণে ৰতি         হোৱা যেন দিয়া মতি

                শনি তোমাকেসে আছা গুৰু মানি।।”(দশম)

সেইজন ঈশ্বৰ কৃষ্ণক শংকৰদেৱেও গুৰুমানি কৃষ্ণৰ চৰণৃত সেৱা জনাইছে। এয়া দাস্য ভক্তিৰে প্ৰকাশ।

(ঞ) সখ্য ভক্তি :

বন্ধুৱে বন্ধুৰ প্ৰতি বা লগৰীয়াজনে লগৰীয়াজনৰ প্ৰতি থকা প্ৰীতি কাৰ্যকে সখ্য ভক্তি বোলে। গোপ শিশুসকলে শিশুকৃষ্ণৰ প্ৰতি আৰু শিশুকৃষ্ণই গোপশিশুসকলৰ বাবে কৰা প্ৰীতিমূলক কাৰ্যবোৰৰ মাজেদি সখ্যভক্তিৰ সুন্দৰ আৰু সাৰ্থক প্ৰকাশ ঘটিছে। কৃষ্ণ আৰু অৰ্জুনৰ সম্বন্ধৰ মাজতো সখ্যভক্তি প্ৰকাশ পাইছে।বিপ্ৰ দামোদৰ আৰু কৃষ্ণৰ মাজত যি বন্ধুত্বমূলক প্ৰীতিভাৱ দেখা যায় তাতো সখ্যভক্তিৰ পৰিচয় পোৱা যায়। ভক্তই ঈশ্বৰক বন্ধু (সখি)ভাবেৰে পাবলৈ বাঞ্চা কৰাত সখ্য ভক্তি প্ৰকাশ পায়। সখ্য ভক্তিৰ দুটামান উদাহৰণ চয়ন কৰা হ’ল-

১। পুণ্যৱন্তে কৰোহো শীতল জল সিঞ্চৈ।

কতো গোপ বৃক্ষৰ পল্লৱ লৈয়া বিঞ্চৈ।।

মনোহৰ কৃষ্ণ গুণ গাৱৈ কতো লাসে।

আনন্দতে দ্ৰৱৈ হিয়া মুখে মাতে নাসে।।

প্ৰেমে পুলকিত তণু লোতক বঝই।

তম্ভি থাকে কতো কৃষ্ণ চৰণত চাই ।।

অনুক্ষণে বাঢ়ে গোপগণৰ ভকতি।

কিনো পুণ্য কৰি পাইলে কৃষ্ণৰ সঙ্গতি।।”(দশম স্কন্ধ)

২। “কৃষ্ণ মোৰ বন্ধু কৃষ্ণ সুহৃদয় নিশ্চয়।

কৃষ্ণকেসে পাইলে অনুমাত্ৰ নাহি ভয়।।”(প্ৰথম ঃ স্কন্ধভাগৱত)

(চ) বাৎসল্য ভক্তি :

পিতৃ মাতৃয়ে পুত্ৰ-কন‍্যাৰ প্ৰতি প্ৰীতিৰ বাবে যি কাৰ্যৰে কৰে তাকে বাৎসল্য ভক্তি বোলে। সকলো পিতৃ-মাতৃৰেই নিজ পুত্ৰ-কন‍্যাৰ প্ৰতি মোহ থাকে, স্নেহাকুল হয়। পুত্ৰ-কন‍্যাই কোনো দোষ কৰিলেও বা আনে অপযশ দিলে পিতৃ-মাতৃয়ে সহ্য কৰিব নোৱাৰে। উদাহৰণ স্বৰূপে মাধৱদেৱৰ ঝুমুৰাবোৰত শিশুকৃষ্ণৰ প্ৰতি মাক যশোদাৰ বাৎসল্য প্ৰীতি, ভক্তিৰ সাৰ্থক প্ৰকাশ ঘটিছে।

‘চোৰধৰা’বুমুৰাত পুতেকক কলঙ্ক দিয়া গোপীবোৰক “ঠঙ্গনা দিয়ে খেদাই কহো” পুতেকক বুকুত সাৱতি ধৰি কৈছে- “আহে বাপু, তোহো হামাৰ কোটি পুৰুষক দেৱতা, মাথাক মুকুট, বুকেৰ শীতল চন্দন।”-এয়া বাৎসল্য ভক্তিৰ প্ৰকাশ। উদাহৰণ স্বৰূপে-

তৰতৰ কৰি কৃষ্ণে      মাৱৰ মুখক চান্ত

            দেখি যশোদাৰ ভৈল বেথা।

নাহি ভয়বুলি বাণী       বুকত সাৱটি আনি

              মহাস্নেহে মুখে চুমা দিলা।

                               (শিশুলীলা, দশম স্কন্ধ)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top