History of Assamese Literature Unit 5 শংকৰোত্তৰযুগ

History of Assamese Literature Unit 5 শংকৰোত্তৰযুগ :, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, History of Assamese Literature Unit 5 শংকৰোত্তৰযুগ : Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. History of Assamese Literature Unit 5 শংকৰোত্তৰযুগ : Question Answer can be of great value to excel in the examination.

History of Assamese Literature Unit 5 শংকৰোত্তৰযুগ :

Join Telegram channel

History of Assamese Literature Unit 5 শংকৰোত্তৰযুগ : Notes cover all the exercise questions in UGC Syllabus. The History of Assamese Literature Unit 5 শংকৰোত্তৰযুগ : provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

শংকৰোত্তৰযুগ :

ASSAMESE

HISTORY OF ASSAMESE LITERATURE

অসমীয়া সাহিত্যৰ বুৰঞ্জী

১। ভট্টদেৱৰ ভাষা সম্পর্কে এটি আলোচনা কৰা।

উত্তৰঃ মহাপুৰুষ শংকৰদেৱৰ হাততেই অসমীয়া গদ্যৰ জন্ম যদিও, সেই গদ্য আছিল কৃত্রিম। আনহাতে, গদ্যকেই একমাত্র সাহিত্যৰ মাধ্যম হিচাপে লোৱা প্ৰথম অসমীয়া সাহিত্যিক হ’ল বৈকুণ্ঠনাথ কবিৰত্ন ভাগৱত ভট্টাচার্য বা চমুকৈ ভট্টদেৱ। চৰিত পুথি মতে মহাপুৰুষ দামোদৰদেৱে শিষ্য ভট্টদেৱক গদ্যত ভাগৱতখন ভাঙি উলিয়াবলৈ নির্দেশ দিছিল— কথাবান্ধে এক খণ্ড ভাগৱত কৰা। লগতে ভট্টদেৱক কৈছিল—

পূৰ্বে মহাপুৰুষে কৰিলা দশ স্কন্ধ। 

কীৰ্ত্তন, ভটিমা দুলড়ি সুছন্দ৷৷ 

তাত কৰি সুগম কৰিয়ো ভাগৱত। 

স্ত্রী শুদ্র সর্বলোকে বুঝে যেন মত।।

ভট্টদেৱৰ ভাগৱতৰ গদ্য ৰূপে এই উদ্দেশ্য সাধন কৰিব পাৰিছিল নে নাই আমাৰ সন্দেহ। কিয়নো কথাবোৰ অত্যন্ত সংক্ষিপ্ত ৰূপত কোৱা হৈছে আৰু ভাষাও তৎসম শব্দেৰে ভাৰাক্ৰান্ত। কিন্তু ৰামৰায়ৰ চৰিপুথি মতে কিতাপখন সমাদৃত হৈছিল আৰু স্ত্রী, শুদ্র, শিশু সমস্তে বুজয় পঢ়ন্তে নাহি দুষণ।

ভট্টদেৱৰ ভাষা পাণ্ডিত্যগন্ধী আৰু সংস্কৃত শব্দেৰে ভাৰাক্ৰান্ত। দুই-একৰ মতে এনে হোৱাই স্বাভাৱিক, কাৰণ তেওঁৰ সন্মুখত গদ্য ৰচনাৰ আৰ্হি নাছিল। আমি এই যুক্তি মানি ল’বলৈ টান পাইছোঁ। গদ্যৰ ক্ষেত্ৰত নহ’লেও পদ্য ৰচনাৰ ক্ষেত্ৰত অসমীয়া ভাষা তেতিয়া উচ্চ শিখৰত আৰু শংকৰদেনৰ ভাগৱতৰ ভাঙনিৰ ফলত প্ৰকাশযোগ্য উপযুক্ত শব্দৰ ভঁৰাল এটা ভট্টদেৱে পাইছিল।

ভট্টদেৱ সংস্কৃতৰ বিদগ্ধ পণ্ডিত আছিল । আমাৰ বাবে জটিল যেন লগা শব্দবোৰ ভট্টদেৱৰ বাবে আছিল সৰল শব্দ। মূল কাব্যৰ দাৰ্শনিক কথাৰ সৌন্দৰ্য ৰক্ষা কৰিবলৈও তৎসম শব্দৰ প্ৰয়োগ অপৰিহাৰ্য আছিল। কিন্তু মূল কাৰণটি হ’ল— বিষয়বস্তুক সংক্ষিপ্ততম ৰূপত প্ৰকাশ কৰিবলৈ দিয়া গুৰু দামোদৰদেৱৰ নিৰ্দেশহে। তৎসম শব্দৰ সলনি তদ্ভৱ শব্দ ব্যৱহাৰ কৰিলে ব্যাখ্যাত্মক হ’বলৈ বাধ্য আৰু তেতিয়া পুথিৰ কলেৱৰ বাঢ়িব। আনহাতে, প্রথম খণ্ডৰ অনুবাদখিনি চাই দামোদৰদেৱে ভট্টদেৱক কৈছিল—

কিন্তু এতখনি                           বহু কথা ভৈলে

পুথিও হুইবে বৰ। 

বাহুয় কন্ধৰ                              কথাক লিখিতে

লাগিবে পাত বিস্তৰ।। 

ৰজাঘৰীয়া পৃষ্ঠপোষকতা অবিহনে ‘পাত’ ইমান বেছি সংগ্ৰহ কৰাটো অকল কষ্টসাধ্য কথাই নহয়— সময়ৰ প্ৰশ্নও জড়িত আছে।

ইয়াৰ অৰ্থ এনে নহয় যে ভট্টদেৱৰ লেখাত তদ্ভৱ শব্দই উপযুক্ত সমাদৰ পোৱা নাছিল। বর্ণনাত্মক আৰু ব্যাখ্যাত্মক কথাৰ ক্ষেত্ৰত ভট্টদেৱে তদ্ভৱ শব্দৰ অনিন্দ্যসুন্দৰ প্ৰয়োগ কৰিছে। এনে এটা বাক্য চাওক–

“খেৰে মেঢ়াই অগ্নি দেই, আপোনাৰ মাংস কাটি খুৱায়ে, জীয়ন্ততে শৃগালে শগুনে আস্ত উত্তাৰে, সৰ্পে কামুৰে, বিছায়ে ডাকে, ডাহে মহে খায়, হাত ভৰি ভাঙে, হস্তী ফেটাই মাৰে, পৰ্বতৰপৰা পেহলায়ে, গাঁত ছানি পোতে, পানীত ডুবায়ৈ, এমনে অনে ভুঞ্জীয়ৈ।

ওপৰত উদ্ধৃত কৰা বাক্যটোৰ ৩৬ টা শব্দৰ ভিতৰত মাথোন সাতটাহে তৎসম শব্দ, ঊনত্ৰিছটাই তদ্ভৱ শব্দ। দুর্ভাগ্যক্রমে এনে বাক্যৰ সংখ্যা ভট্টদেৱৰ লেখাত অত্যন্ত সীমিত।

ভট্টদেৱে পৰাপক্ষত শব্দৰ পুনৰাবৃত্তি বাদ দিছিল। উদাহৰণ স্বৰূপে, কেৱল শংখ বজোৱা কথাটো বুজাবলৈকে কেনে ধৰণৰ ক্ৰিয়া ৰূপ প্রকাশ কৰিছে–

‘শুক্লবর্ণ চাৰি হয়যুক্ত মহাৰথত উঠি কৃষ্ণার্জুনে দিব্য শংখ বাইলা। শ্রীকৃষ্ণে পাঞ্চজন্য শংখ ফুঙ্কিলা। অর্জুনে দেৱদত্ত শংখ ফুকিলা। অনন্ত নাম মহা শংখক যুধিষ্ঠিৰে বাদ্য কৰিলা। নকুলে সুঘোষ নাম শংখ বাইলা। সহদেৱে মণিপুষ্পক ধ্বনি কৰিলা। পৌদ্রক নামে মহা শংখ ভীমে শব্দ কৰিলা।’ ইত্যাদি।

ভট্টদেৱৰ ভাষাৰ অন্য কিছুমান বৈশিষ্ট্য হৈছে—

১। ভট্টদেৱৰ ভাষা সংস্কৃতগন্ধী, কথ্য ৰূপৰ চানেকি নহয়। শংকৰদেৱ-মাধৱদেৱৰ দৰে ব্ৰজাৱলীৰ নিচিনা আচহুৱালৈ নগৈ বা একেবাৰে কথ্য ৰূপলৈও নানামি পুৰণি ভাষা পৰম্পৰাৰে ভট্টদেৱে এক নতুন ৰূপ দিলে। বিৰিঞ্চি কুমাৰ বৰুৱাৰ মতে আকৌ ভট্টদেৱৰ লেখনীতে অসমীয়া গদ্যই ব্যাকৰণসম্মত এটি সুনির্দিষ্ট ৰূপ গ্রহণ কৰে।

২। সাধাৰণতে ‘যেৱে তেবে’, ‘যি সি’, ‘যদি বোলা’ আদিৰে বক্তব্য আৰম্ভ কৰা হৈছে।

৩। সংযোজক অব্যয় হিচাপে ‘যেমনে তেমনে’, ‘যেখনে-তেখনে’ আদি ৰূপৰ প্ৰয়োগ হৈছে।

৪। নঞর্থক ন-ক্ৰিয়াৰ আগত অপৰিৱৰ্তিত ৰূপত বহিছে। 

৫। সর্বনামৰ ৰূপবোৰ হ’ল– মই, মঞি মোবা, আমি, আক, তুমি, তোৰা, সেই, ইহাৰ, তাথেৰ, আৰা, যাৰা ইত্যাদি। 

৬। প্রথম পুৰুষৰ ভৱিষ্যৎ কালত ‘বো’ প্রত্যয়ৰ লগে লগে ‘ম’ প্রত্যয় ব্যবহাৰ লক্ষ্য কৰিবলগীয়া ।

৭। কামৰূপী উপভাষাত এতিয়াও প্রচলিত শব্দৰূপ— কুনে, নেদা, নাইকা, তুমাক ইত্যাদি ভট্টদেৱৰ লেখাত পোৱা যায়।

ভট্টদেৱৰ গদ্যত ছন্দৰ লয়লাস ভংগী আছে। অনেক ক্ষেত্ৰত ছন্দৰ প্ৰৱাহে তেওঁৰ গদ্যক এক কাব্যিক প্ৰৱাহ দিছে। আনহাতে, ‘যদি বোলা’ ‘আত শুনা’ আদি খণ্ডবাক্যৰ প্ৰয়োগে কথোপকথনৰ ভংগী এটা দান কৰাত বৰ্ণনীয় বিষয়ে নাটকীয়তা লাভ কৰিছে। মুঠতে, ভট্টদেৱৰ গদ্যশৈলী অসমীয়া ভাষাৰে নহয়, ভাৰতীয় প্ৰান্তীয় ভাষাবোৰৰ ভিতৰতো এক অনুপম সম্পদ।

২। ভট্টদেৱৰ গদ্যৰ প্ৰধান বৈশিষ্ট্য সমূহ উল্লেখ কৰা। 

উত্তৰঃ অসমীয়া ভাষা সাহিত্যৰ বুৰঞ্জীত এগৰাকী বিশিষ্ট গদ্য লেখক হ’ল ভট্টদেৱ। যদিও অংকীয়া নাটতে অসমীয়া গদ্যৰ প্ৰথম সাহিত্যিক নিদর্শন পোৱা যায় তথাপিও অসমীয়া গদ্যৰ প্ৰকৃত বিকাশ হয় ভট্টদেৱৰ সময়ৰ পৰা। ভট্টদেৱে পূৰ্বৰ সকলো পৰম্পৰা ভংগ কবি শ্রীমদ্ভাগবত, গীতা, পুৰাণ, ভক্তি ৰত্নাৱলী সংস্কৃত ভাষাৰ পৰা কথা-গীতা, কথা ভাগৱত, কথা ৰত্নাৱলী নাম দি অনুবাদ কৰি অসমীয়া গদ্যক স্বকীয় মৰ্য্যদা দিলে।

ভট্টদেৱে কথা ভাগৱতৰ গদ্য ৰূপ দিওঁতে অসমীয়া ভাষাত উপযুক্ত গদ্যৰ নিদর্শন নাছিল। আনকি অসমীয়া ভাষাত ব্যাকৰণো ৰচনা হোৱা নাছিল। এনেকুৱা এটা সময়ত গদ্য ৰচনা কৰি ভট্টদেৱে সৰ্বভাৰতীয় খ্যাতি অর্জন কৰাৰ উপৰিও বিশ্বৰ পণ্ডিত লোকৰ মনো আকর্ষণ কৰিছিল।

অসমীয়া গদ্যক পূৰ্ণৰূপত প্রতিষ্ঠা কৰা ভট্টদেৱৰ গদ্য আৰু গদ্যৰ বৈশিষ্ট্য সম্পর্কে তলত আলোচনা কৰা হৈছে ―

(ক) ভট্টদেৱৰ কথা-ভাগবত আৰু কথা-গীতাৰ গদ্য যুক্তিমূলক বা বিতর্কমূলক বুলিব পাৰি। সাধাৰণতে আধ্যাত্মিক ভাৱৰ বিষয়বস্তুক প্ৰকাশ কৰাত যুক্তিমূলক গদ্যৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ভট্টদেৱে গীতা-ভাগৱতৰ তত্ত্বমূলক কথাবিলাক যাতে ‘স্ত্রী, শূদ্ৰ সৰ্বলোকে’ আৰু সাধাৰণ পুৰুষ-তিৰোতাইও সহজে বুজিব পাৰে, এই কথা চিন্তা কৰি গদ্যৰ মাধ্যম ব্যৱহাৰ কৰিছে। উদাহৰণ স্বৰূপে—

“সাধুৰ সঙ্গত হৰি কথা শুনিলে অযত্নে জ্ঞান হয়, যি জ্ঞানে ৰাগাদি গুচে, চিত্ত প্রসন্ন হয়, আৰো মোক্ষ-ৰূপ ভক্তি হয়। এতেকে কোনেনো হৰিৰ কথাত ৰতি নকৰিবেক”। (কথা-ভাগৱত, তৃতীয় অধ্যায়) 

(খ) কথা-ভাগৱতৰ গদ্যশৈলীৰ মাজে মাজে বর্ণনীয় বিষয়ক চিত্ৰধৰ্মী কৰি তুলিবলৈ উপমা ব্যৱহাৰ কৰিছে। বিশেষকৈ হৰি ভক্তিৰ মাহাত্ম্য পাঠকসকলক উপমাৰ সহায়ত বুজাবলৈ যত্ন কৰিছে।

যেনে—

“হৰি কথা নুশুনিলে দুয়ো কৰ্ম গত্ত-সম, হৰি নাম নলৈলে বেদৰ জিহ্বা সম জিহ্বা…” ইত্যাদি।

(গ) ভট্টদেৱৰ গদ্য ৰচনাৰ আন এক বৈশিষ্ট্য হৈছে, প্রশ্নোত্তৰ যুক্ত কথোপকথন ৰীতিৰ ব্যৱহাৰ। কোনো এটা জটিল প্রশ্ন উত্থাপন কৰি যুক্তিসহকাৰে তাৰ ব্যাখ্যা দাঙি ধৰাটো তেওঁৰ ৰচনাৰ বৈশিষ্ট্য। এনেধৰণৰ প্রশ্নোত্তৰত যুক্তিমূলক গদ্যৰীতি প্ৰয়োগ কৰিছে। 

উদাহৰণ স্বৰূপে—

“বুলিবা অভক্তৰো জীৱন সাফল আছে…। তাত শুনা, অভক্তৰো যদি জীৱন বুলি, তেৱে বৃক্ষ কি নিজীব? বুলিবা বৃক্ষৰ বিশ্বাস নাই।… এতেকে মনুষ্য হুয়া হৰি কথা নুশুনিলে কুকুৰ, শুকৰ, উট, গাধ এহি চাৰি পশু জন্ম হয়।” (কথা ভাগৱত ২য় স্কন্ধ) 

(ঘ) ভট্টদেৱৰ গদ্য ৰচনাৰ আন এক বৈশিষ্ট্য হৈছে– কাব্যধর্মিতা। বিশেষকৈ কৃষ্ণৰ ৰূপ সৌন্দৰ্যৰ বৰ্ণনাবোৰৰ বিশ্লেষণত কাব্যিক লালিত্যই পৰিপূর্ণ। অৱেশ্য মূল ভাগবতৰ বর্ণনাও অনেক ঠাইত কাব্য প্রধান আৰু আবেগ প্ৰধান হোৱা বাবে ভট্টদেৱে অনুবাদ কৰোতে কথা ভাগৱতৰ বর্ণনাও কবিত্বময়তা আৰু আবেগ-অনুভূতি প্রকাশক হৈ পৰিছে।

(ঙ) ভট্টদেৱৰ গদ্যৰ আন এক বৈশিষ্ট্য হৈছে ‘পৰিমিত শৈলী’ৰ ব্যৱহাৰ। বিশেষকৈ কথা- ভাগৱতত এই পৰিমিত শৈলীৰ ব্যৱহাৰ সততে দেখিবলৈ পোৱা যায়। ‘হৰিৰ মায়াবিনে জীৱৰ দেহ সমন্ধ নঘটে।” সংসাৰো মায়াতেসে তৰে— এনেধৰণৰ বাক্য গাঁঠনিৰ সহায়ত একোটা মহৎ ভাব প্রকাশ কৰিছে।

(চ) যদি বোলা, এতেকে, পাচে, তেবে, আগে পাছে, তাক, ইদানীক আদি শব্দেৰে বাক্য আৰম্ভ কৰাটো ভট্টদেৱৰ গদ্যৰ অন্যতম বৈশিষ্ট্য। তদুপৰি তেমনে এমনে, যেখনে, তেখনে আদি শব্দেৰে বাক্য সংযোগ কৰিছে। এনে বাক্যৰ কেইটামান উদাহৰণ দাঙি ধৰা হৈছে—

যদি বোলা আত্ম দেহৰ লগত জন্ম হয়…।

যেমনে কৰ্ম্মে মোক্ষ সাধে, সেই প্ৰকাৰে শুনা।

বুলিবা অভক্তৰো জীৱন সাফল আছে।

তাত শুনা অভক্তৰো যদি জীৱন বুলি, তেৱে বৃক্ষ কি নিৰ্জীয়ে? 

(ছ) ভট্টদেৱৰ গদ্যৰ আন এটা বৈশিষ্ট্য হৈছে— উপযুক্ত শব্দ চয়নৰ ব্যৱহাৰ। তৎসম, তদ্ভব, অনেক ঘৰুৱা শব্দ আৰু কামৰূপী উপভাষাৰ শব্দৰ প্ৰয়োগ কৰিছে। ভট্টদেৱে কথা-ভাগৱত আৰু কথাগীতা অসমীয়া গদ্য ভাষাত লিখিছিল যদিও ইয়াৰ ভাষা আছিল। সংস্কৃত গন্ধী। গীতা-ভাগৱতৰ তত্ত্বগধুৰ বিষয়বস্তু জনসাধাৰণৰ কথিত ভাষাত প্ৰকাশ কৰি গাম্ভীৰ্য আৰু পবিত্ৰতা নষ্ট হ’ব বুলিয়েই বোধকৰোঁ ভট্টদেৱে অলপ বেছিকৈ তৎসম শব্দৰ ব্যৱহাৰ কৰিছিল। তদুপৰি সেইসময়ত দার্শনিক ভাব প্রকাশ কৰিবলৈ ঘৰুৱা বা দেশজ শব্দৰো অভাৱ আছিল।

(জ) ভট্টদেৱৰ গদ্যভাষাত অনেক জতুৱা ঠাঁচ, খণ্ডবাক্যৰ ব্যবহাৰ পোৱা যায়। যেনে— খেড়ে মেঢ়াই, অগ্নি দেই, আপুনাৰ মাংস কাটি হুৱায়ে, জীৱন্ততে শিয়াল শগুনে আন্তঃ উভাবে, সৰ্পে কামোৰে, বিছায়ে ডাঙ্কে, ডাহে মহে খায় ইত্যাদি।

(ঝ) ভট্টদেৱৰ গদ্যৰচনাত অসমীয়া গদ্যৰ ব্যাকৰণসন্মত এক নির্দ্দিষ্ট ৰূপ পোৱা যায়। আখৰ জোঁটনিৰ ক্ষেত্ৰত সংস্কৃত ণত্ববিধি আৰু ষত্ববিধি নিয়ম মানি চলিছে। অৱশ্যে দুই এটা শব্দত ধ্বনিব পৰিৱৰ্তিত ৰূপ পোৱা যায়। ভট্টদেৱৰ ৰচনাতেই পোনপ্রথম পঞ্চমী বিভক্তিৰ চিন হিচাপে ‘পৰা’ পৰসৰ্গ ব্যৱহাৰ পোৱা যায়। যেনে— চৰণৰ পৰা, হৃদয়ৰ পৰা। তদুপৰি ভৱিষ্যত কালত ‘বো” প্রত্যয় উপৰিও “ম’ প্রত্যয়ৰ ব্যৱহাৰ প্ৰথম ভট্টদেৱৰ গদ্য ৰচনাত ব্যৱহাৰ কৰিছে। যেনে—যুঝিম, কৰিম ইত্যাদি।

৩। ভট্টদেৱৰ গদ্যৰ দুৰ্বলতাবোৰ বিচাৰ কৰা। 

উত্তৰঃ  দামোদৰদেৱৰ আদেশ মতে ভট্টদেৱে কথা-ভাগৱত লিখিছে। ইয়াৰ উদ্দেশ্যে আছিল স্ত্রী শূদ্র সর্বলোকে – অর্থাৎ অশিক্ষিত পুৰুষ-তিৰোতা সকলোৱে যাতে ভাগৱতৰ নিগূঢ় দার্শনিক তত্ত্ব কথা সহজে উপলব্ধি কৰিব পাৰে। এই মহান উদ্দেশ্যত ভট্টদেৱ যে কৃতকার্য হোৱা নাই এনে কথা ক’ব নোৱাৰি, তেওঁৰ কথা ভাঙনিয়ে ভাগৱতৰ মৌ-জাল পাণ কৰা সৰ্বসাধাৰণ ৰাইজক অন্ততঃ কিছু পৰিমাণে সহায় কৰিছিল, “স্ত্ৰী- শূদ্র শিশু, সমস্তে বুজায়, পঢ়ত্তে নাহি দূষণ”— ভাগৱত গীতা, ৰত্নাৱলীৰ গদ্যরূপ সম্বন্ধে ৰামৰায়ৰ এই উক্তিও ইয়াৰ প্ৰকৃষ্ট প্রমাণ। কিন্তু এই কথা নুই কৰিব নোৱাৰি যে, কথা ভাগৱত সম্পূৰ্ণৰূপে জনপ্ৰিয় হৈ উঠিব পৰা নাছিল। ইয়াৰ কাৰণ অৱশ্যে কেইবাটাও।

প্ৰথমতে, কথা-ভাগৱতৰ ভাষাটো উচ্চ পৰ্য্যায়ৰ। ই সংস্কৃত শব্দ প্রধান। এনেকুৱা সংস্কৃতীয়া ৰচনা-ৰীতিৰ গহীন ভাষা সৰ্বসাধাৰণ ৰাইজে বুজিবলৈ টান পাইছিল।

দ্বিতীয়তে, ভট্টদেৱৰ গদ্যৰ ভাষাটো সেই সময়ৰ সৰ্বসাধাৰণ কথিত ভাষাৰ লগত পূৰ্ণৰূপ মিল নথকা আন ভাষাৰ প্ৰতি ধাউতি কম হোৱাতো স্বাভাবিক।

তৃতীয়তে, ভাগৱতৰ বিষয়বস্তুৰ হৈছে কঠিন তত্বমূলক। এনে কথা অতি সহজ ভাষাৰে প্ৰকাশ কৰি দেখুৱাব পাৰিলেহে ই সৰ্বসাধাৰণৰ বোধগম্য হ’ব পাৰে। কিন্তু কথা-ভাগৱতৰ ভাষা গহীন আৰু উচ্চ পৰ্য্যায়ৰ। বিষয়বস্তু আৰু প্ৰকাশ ভঙ্গী এই দুয়োটাই কঠিন হোৱা কাৰণে কথা ভাগবত সৰ্বসাধাৰণৰ বৰকৈ বোধগম্য হোৱাত বাধা জন্মিল।

চতুর্থতে আধ্যাত্মিক তত্ত্বমূলক কথাবিলাক কিছু বহলভাৱে বুজাই দিলেহে সকলোৰে বুজাত সহায় হয়। ভাগৱতৰ এনেকুৱা তত্ত্বমূলক কথাবিলাক ভট্টদেবে কিন্তু কথা-ভাগতত অতি চমুকৈ লিখি গৈছে। ফলত ইয়াৰ কঠিন বিষয় বস্তুৰ কথা বুজাত সৰ্ব্বাসাধাৰণৰ কাৰণে কিছু টান হৈ উঠিল।

পঞ্চমতে, ভাগৱতৰ সকলো কথাকে শঙ্কৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলি আদি ভিন্‌ ভিন্‌ বৈষ্ণৱ কবিসকলে তেওঁলোকৰ বিভিন্ন গীত, পদ, কাব্য আদিৰ মাজেদি বহলভাৱে আগতে লিখি থৈ গৈছে। তেওঁলোকৰ ভাষাও সহজ, নানা অলঙ্কাৰ আৰু কাব্যিক সৌন্দৰ্যৰে ভবা। লিখাৰ পদ্ধতিও কিছু পৰিমাণে সৰ্বসাধাৰণৰ ৰুচি সাপেক্ষে। ইয়াৰ উপৰিও গদ্যতকৈ বিশেষকৈ সেই যুগৰ মানুহৰ পদ্যৰ প্ৰতিহে ধাউতি বেছি আছিল। সেয়েহে সৰ্বসাধাৰণে ভাগৱতৰ কথা জানিবলৈ ইচ্ছা কৰিলে এনেবোৰ কাৰণত তেওঁলোকৰ মন ভট্টদেৱৰ কথা ভাগবতলৈ নগৈ পূৱ কবি সকলৰ গীত, পদ আৰু কাব্যৰাজিলৈহে সহজে ঢাল খাইছিল।

৪। উত্তৰ শংকৰী যুগৰ কবি আৰু কবিতা সম্পর্কে আলোচনা আগবঢ়োৱা।

উত্তৰঃ  উত্তৰ শংকৰী যুগ বা শংকৰোত্তৰ যুগ বুলিলে সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ প্ৰথম চতুৰ্থাংশ (১৮২৬) লৈকে ধৰা হয়। এই যুগৰ প্ৰধান অৱলম্বন আছিল ঘাইকৈ সত্ৰসমূহ আৰু লগতে আহোম, কোঁচ, কছাৰী ৰজাসকলৰ পৃষ্ঠপোষকতা আৰু উদ্‌গনি। মন কৰিব লগীয়া কথা হ’ল সপ্তদশ শতিকাৰ মাজভাগত কোনো নতুন পৰিৱৰ্তন অসমীয়া সাহিত্যত দেখা পোৱা নাযায়। অষ্টাদশ শতিকাৰ আৰম্ভণিতে আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত অসমীয়া সাহিত্যৰ ইতিহাসত নতুন পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। গীত, কাব্য আৰু নাট আদি সাহিত্যৰ শাখা সমূহক ফুলে-ফলে জাতিষ্কাৰ কৰা পুৰণি অসমীয়া সাহিত্যৰ এই সময়ছোৱাক বিস্তাৰ যুগ বুলিও কোৱা হয়।

উত্তৰ শংকৰী যুগৰ কবি সকলে শংকৰদেৱৰ সাহিত্যিক আদৰ্শকে সাৰোগত কৰি কাব্য ৰচনা কৰিছিল। গুৰুজনাৰ আদৰ্শ আছিল ভক্তিধর্ম বিকাশৰ আদর্শ। স্মর্তব্য যে এই যুগৰ কবিসকলৰ লিখনিত গুৰুজনাৰ ভক্তিধৰ্মৰ আদৰ্শই প্ৰসাৰতা লাভ কৰিছিল যদিও গভীৰতা হেৰুৱাই পেলায়। সত্ৰসমূহৰ গোসাঁই মহন্ত সকলেও তেওঁলোকৰ কাব্যত নতুনৰ সন্ধান নকৰি গুৰুজনাৰ আৰ্হিতে কাব্য ৰচনা কৰিবলৈ ধৰিলে। উত্তৰ শংকৰী যুগৰ কবিসকলৰ কাব্য ৰচনাৰ আধাৰ গ্রন্থ আছিল — ব্ৰহ্মবৈবর্ত পুৰাণ, পদ্মপুৰাণ, ধর্ম পুৰাণ, মহাভাৰত আদি সংস্কৃত গ্রন্থসমূহ। 

তলত উত্তৰ শংকৰী যুগৰ কবি আৰু কবিতাৰ আলোচনা আগবঢ়োৱা হ’ল ―

(ক) গোপাল আতা :

গোপাল আতা উত্তৰ শংকৰী যুগ এজন ধর্মপ্রচাৰক, নাট্যকাৰ হোৱাৰ উপৰিও এগৰাকী কৰি আৰু গীতিকাৰ। তেওঁ ৰচনা কৰা ‘উদ্ধৱযান’,‘জন্মযাত্ৰা’ আৰু নন্দোৎসৱ নামৰ নাটকেইখনৰ গীতবোৰ অতি সুমধুৰ। নাটৰ গীতৰ বাহিৰেও তেওঁ বেলেগ গীত আৰু ঘোষা ৰচনা কৰিছে। গীতবোৰত মহাপুৰুষ মাধৱদেৱৰ প্ৰভাৱ সুস্পষ্ট। কালসংহতিৰ সত্ৰবোৰত এই গীতবোৰক বৰগীত মৰ্যদা প্ৰদান কৰিছে। আতাই ৰচনা কৰা গীতবোৰত তেওঁৰ কবিত্ব শক্তিৰ নিদৰ্শন ফুটি উঠিছে।

(খ) পদ্মপ্রিয়া : 

অসমৰ প্ৰথম গৰাকী মহিলা কবিৰ সন্মানেৰে সন্মানিত পদ্মপিয়াই কাব্য চৰ্চাৰ মূলতে আছিল মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ আৰু পিতাক গোপালদেৱৰ পৰা লাভ কৰা প্ৰভাৱ ৷ তেওঁলোকৰ আৰ্হিতে পদ্মপিয়াই ৰাগ সংযোজন কৰি গীত ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা গীতবোৰ ৰামগিৰি, ৰামকেলি আদি ৰাগৰ। পদ্মপিয়াই শংকৰ-মাধৱ-গোপালৰ বন্দনা গীতৰ মাজত ফুটাই তুলিছে।

(গ) গোপাল মিশ্র :

গোপাল মিশ্ৰই কেইবাখনো গ্ৰন্থ ৰচনা কৰাৰ কথা জনা যায়৷ তাৰ ভিতৰত ‘ঘোষাৰত্ন’ উল্লেখযোগ্য। ‘শঙ্খচূড় বধ’, ‘মহিষাসুৰ বধ’ আদি গ্ৰন্থ তেওঁৰ ৰচনা বুলি দেৱেন্দ্ৰনাথ বেজবৰুৱাই উল্লেখ কৰিছে যদিও গ্ৰন্থ কেইখন পোৱা নাযায়। ‘ঘোষাৰত্ন’নামঘোষা শ্রেণীৰ গ্ৰন্থ। ‘ঘোষাৰত্ন গ্রন্থখন পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে ১৫৮৮ খৃঃত আৰু সতেন্দ্রনাথ শৰ্মাই খৃঃ ১৬০০ মানতহে ৰচিত হৈছিল বুলি মত আগবঢ়ােিছ। গোপাল। মিশ্ৰৰ পাণ্ডিত্যৰ নিদৰ্শন ‘ঘোষাৰত্ন’তে নিহিত হৈ আছে।

(ঘ) গোবিন্দ মিশ্র : 

গোবিন্দ মিশ্ৰৰ জন্ম হয় খৃষ্টীয় ষোড়শ শতাব্দীৰ মাজ ভাগত। গোবিন্দ মিশ্রই ভক্তিবিবেক গ্রন্থ অনুবাদ কৰিছে। গোবিন্দ মিশ্ৰৰ শ্রীমদ্ভাগৱতৰ অনুবাদ পদগীতা অতি সৰল ভাষাত ৰচিত অসমীয়া কাব্য সাহিত্যৰ মূল্যৱান গ্রন্থ। ভক্তিধৰ্মৰ গুৰুত্ব থকা এই অনুবাদ কাহিনীৰ বিস্তৃত বিৱৰণ পোৱা যায়। পদগীতাৰ উপৰিও ভক্তিবিৱেকৰ অসমীয়া পদানুবাদ কৰি তেওঁৰ পাণ্ডিত্যৰ পৰিচয় দাঙি ধৰিছে। পদগীতাৰ ৰচনাত তেওঁ শংকৰাচাৰ্য, ভাস্কৰীৰ মত আৰু হনুমন্তী টীকা, আনন্দগিৰি আৰু শ্ৰীধৰ স্বামীৰ টীকা বিচাৰ কৰি নিজ বুদ্ধিৰ প্ৰয়োগ ঘটাইছে বুলি উল্লেখ কৰিছে। দুয়োখন গ্ৰন্থতে কবিগৰাকীৰ মনীষাৰ চিন স্পষ্ট।

(ঙ) দামোদৰ দাস :

দামোদৰ দাস খৃষ্টীয় সপ্তদশ শতিকাৰ প্ৰথমাৰ্দ্ধৰ কবি আছিল। দামোদৰ দাসে মহাভাৰতৰ ‘শল্য-পৰ্ব’ আৰু ‘দ্ৰোণ-পৰ্ব’ ৰচনা কৰে। ‘শল্য-পৰ্ব’ৰ মাজেদি তেওঁৰ ভাগৱত ভট্টাচাৰ্যৰ প্ৰতি গুৰুভক্তি প্রকাশ পাইছে। আন হাতে ‘দ্ৰোণ-পৰ্ব’ত তেওঁৰ কৃষ্ণভক্তিয়ে ভক্তিৰ নিজৰা বোৱাইছে। তেওঁৰ ৰচনাৰ ভাষা প্ৰাঞ্জল, সহজে বুজিব পৰা বিধৰ। গ্ৰন্থ দুখনে দামোদৰ দাসৰ বৰ্ণনা শক্তি লগতে পাণ্ডিত্যৰ পৰিচয় দিয়ে। 

(চ) ৰামমিশ্র : 

জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতা লাভ কৰা ৰাম মিশ্ৰ উত্তৰ লক্ষীমপুৰ অঞ্চলৰ লোক। ভোগদৈ নদীৰ দিচৈৰ পাৰৰ গাঁৱতে থাকি ৰাম মিশ্ৰই কাব্য ৰচনা কৰিছিল। ৰাম মিশ্ৰই চাৰিখন গ্ৰন্থ ৰচনা কৰিছিল। সেয়া হ’ল— ‘হিতোপদেশ’, মহাভাৰতৰ ‘ভীষ্মপর্ব’, ‘পুতলা চৰিত্ৰ’ আৰু ‘বৃন্দাবন-চৰিত্ৰ। ৰজা শহুৰৰ পুতেক ভদ্রসেন বৰুৱাৰ উৎসাহ আৰু আদেশ পাই ৰাম মিশ্ৰই ‘হিতোপদেশ’ অসমীয়ালৈ অনুবাদ করে। বৃন্দাবন চৰিত্ৰ ৰাম মিশ্ৰৰ মৌলিক ৰচনা। গ্ৰন্থখনিত বৃন্দাবনৰ ইতিহাস, ভুগোলৰ পৰিচয় দিয়াৰ লগতে বৃন্দাবনৰ লোক কথাকো তেওঁ ঠাই দিছে। কবিয়ে বৃন্দাবন ভ্রমণ কৰি লাভ কৰা অভিজ্ঞতাৰে অতি যত্ন সহকাৰে গ্ৰন্থখন ৰচনা কৰিছে।

(ছ) বিষ্ণু ভাৰতী :

বিষ্ণু ভাৰতী ‘ধ্ৰুৱ চৰিত্ৰ’ আৰু ‘ভাগৱত-ৰত্ন’ নামে দুখন গ্ৰন্থৰ চক। তেওঁ নিজকে ‘কবিৰত্নসুত’ বুলি পৰিচয় প্ৰদান কৰিছে। বিষ্ণু ভাৰতী ৰচনাত প্ৰসিদ্ধ টীকাকাৰ শ্ৰীধৰ স্বামীৰ প্ৰভাৱ লক্ষ্য কৰা যায়। এই কথা তেওঁ নিজেই ‘ভাগৱত-ৰত্ন’ গ্ৰন্থখনৰ আৰম্ভণিতে উল্লেখ কৰিছে। দ্বাদশ স্কন্ধ ভাগৱতৰ সাৰ গ্ৰন্থ হৈছে ‘ভাগৱত-ৰত্ন”। ভাগৱত আচার্যব ‘ভাগৱত-কথাসূত্ৰ’ৰ স’তে এই গ্ৰন্থখন তুলনা কৰিব পাৰি।

(জ) অনিৰুদ্ধ :

মায়ামৰা সম্প্ৰদায় গঠনত কৃতিত্ব লাভ কৰাৰ দৰে কাব্য আৰু গীত ৰচনাতে৷ অনিৰুদ্ধদেৱে বিশেষ পাৰদৰ্শিতা দেখুৱাই থৈ গৈছে। নাহৰ আটি সত্ৰত থকা কালত অনিৰুদ্ধদেৱে পাঁচখন শাস্ত্ৰ ৰচনা কৰে। সেয়া হ’ল ছন্দত লিখা ভাগৱত পুৰাণ পঞ্চমস্তব্ধ ভাগৱতৰ মূল টীকাৰ ভাঙনি, পয়াৰ ছন্দত লিখা চতুর্থ স্কন্ধ ভাগৱতৰ পঁচিশ অধ্যায়ৰ পৰা অধ্যায়লৈ মূল টীকাৰ ভাঙনি, ভক্তিমঙ্গল শাস্ত্ৰ, ছয়টা টোটয় ভটিমাৰে বৰগীতৰ গীতশাস্ত্ৰ আৰু কথা শ্লোকত ৰচনা কৰা গুপুত নিজশাস্ত্ৰ।

(ঝ) কবিৰাজ চক্রবর্তী : 

কবিৰাজ চক্ৰৱৰ্তীৰ প্ৰকৃত নাম ৰামনাৰায়ণ চক্রবর্তী। তেওঁ স্বৰ্গদেউ ৰুদ্ৰসিংহ, শিৱসিংহ আৰু বৰজা ফুলেশ্বৰীৰ আমোলত ৰাজকবি আছিল। কবিৰাজ চক্ৰৱৰ্তীয়ে ‘ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ’, ‘গীতগোবিন্দ’, ‘শঙ্খচূড় বধ’, ‘শকুন্তলা’, ‘ভাস্বতী’ আদি গ্ৰন্থ ৰচনা কৰে।

ব্ৰহ্মবৈৱৰ্ত্তপুৰাণ’ত তেওঁ অতি দক্ষতাৰে উপমাৰ জৰিয়তে ৰাধা কৃষ্ণৰ সৌন্দৰ্যৰ বিৱৰণ দাঙি ধৰিছে। সেইদৰে প্ৰাকৃতিক দৃশ্য বর্ণনাত তেওঁৰ অপূৰ্ব পাৰদৰ্শিতা প্ৰকাশ পাইছে। মদাৰ, চম্পা, আম, মন্দন, খেজুৰ, ডালিম, কল, বেল, তেতেলী, ডিম, মল্লিকা, মাধৱী, মালতী, কেতেকী, যূতি আদি ফল-ফুলৰ উল্লেখে কাব্যখন সুগন্ধিত কৰি তুলিছে। তাৰ মাজতে সোণ সুৱগা চৰাইছে কুলিৰ সুললিত কণ্ঠস্বৰে।

কবিৰাজ চক্ৰৱৰ্ত্তীৰ ‘গীত-গোবিন্দ’ তেওঁৰ কাব্যকৃতিৰ এক কালজয়ী নিদর্শন। জয়দেৱৰ কাব্যৰ গীতবোৰৰ অনুবাদেই হ’ল ‘গীত-গোবিন্দ’। শিৱসিংহৰ ৰাজত্বকালতে প্ৰস্তুত কৰা বুলি অনুমান কৰা এই কাব্যৰ এটি চিত্ৰৰূপো পোৱা যায় ৷ কবিৰাজ চক্ৰৱৰ্ত্তীৰ আটাইকেইখন কাব্যতে অলঙ্কাৰৰ প্ৰাচুৰ্য লক্ষ্য কৰা যায়। সেইদৰে বৰ্ণনীয় বিষয়ৰ লগত সঙ্গতি ৰাখি উপযুক্ত শব্দচয়ন ব্যৱহাৰ কৰিছে। কবি-প্ৰসিদ্ধিৰে কবিৰাজ চক্ৰৱৰ্ত্তীৰ কাব্য উদ্বেলিত।

এইসকল কবিৰ উপৰিও বিদ্যা পঞ্চানন, কলাপচন্দ্ৰ দ্বিজ, গোপালচৰণ দ্বিজ, কেৱশ কায়স্থ, অনন্ত কায়স্থ, লক্ষ্মীনাথ দ্বিজ অদি কবিয়ে অসমীয়া কাব্য সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।

৫। শংকৰোত্তৰ কালৰ সপ্তদশ শতিকাৰ নাট আৰু নাট্যকাৰ সম্পৰ্কে আলোচনা যুগুত কৰা।

উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱে নাট ৰচনাৰ যি আৰ্হি সৃষ্টি কৰিলে, তাৰেই চানেকিত তেওঁলোকৰ অনুগামী বৈষ্ণৱ নাট্যকাৰে বহুতো নাট পৰৱৰ্তী কালত ৰচনা কৰিছিল। সত্ৰৰ প্ৰসাৰ আৰু বৈষ্ণৱ পৰম্পৰাৰ গ্ৰাম্যাঞ্চল বৃদ্ধিৰ লগে লগে নাট ভাওনাৰো প্ৰচাৰ বাঢ়িল। খ্রীষ্টীয় সপ্তদশ-অষ্টাদশ শতিকা বৈষ্ণৱ ধৰ্ম প্ৰসাৰৰ যুগ। অঙ্কীয় ভাওনাৰ জনপ্রিয়তাই সত্ৰ বা নামঘৰতে আবদ্ধ নাথাকি ৰাজসভাকো সামৰি লৈছিল। ‘তুংখুঙীয়া বুৰঞ্জীত উল্লেখ আছে যে ৰাজেশ্বৰ সিংহৰ ৰাজসভাত অতিথি ৰজাক অভ্যর্থনা জনোৱাৰ উপলক্ষ্যে ‘ৰাৱণ বধ’ ভাওনা হৈছিল।

কিন্তু ধৰ্মীয় অনুষ্ঠানৰ পৰা অঙ্কীয়া নাট ওলাই আহি যেতিয়া ৰজাঘৰ আৰু প্ৰজাৰ মাজত প্ৰৱেশ কৰিলে, তেতিয়া নাটসমূহৰ ৰচনা আৰু অভিনয়তো কিছু পৰিবৰ্তনে দেখা দিলে। জনসাধাৰণ বা দৰ্শকৰ মনোৰঞ্জনৰ বাবে বহুবা’ চৰিত্ৰৰ অৱতাৰণা কৰাৰ চেষ্টা চলিল। দ্বিতীয়তে, নাটবোৰ অনুকৰণ সর্বস্ব হৈ পৰাত আখ্যানৰ নতুনত্বৰ বাহিৰে কলাকৌশলত কোনো মৌলিকতা পৰৱৰ্তী নাট্যকাৰে দেখুৱাব পৰা নাই। 

নাটৰ শ্লোক আৰু মুক্তিমংগল ভটিমাও নোহোৱা হৈ আহিল। গীত, পয়াৰ আদি ‘কীর্তন’, ‘দশম’ৰ পদৰীতিত ৰচনা কৰিবলৈ ল’লৈ। গোপালদেৱৰ ‘জন্মযাত্রা’, ৰামচৰণ ঠাকুৰ, ‘কংসবধ’ নাটৰ গীতাংশতে ইয়াৰ প্ৰমাণ পোৱা যায়। গোপালদেৱ, ৰামচৰণ ঠাকুৰ, দ্বিজ ভূষণ আদি নাট্যকাৰসকলৰ হাতত ব্ৰজাৱলীৰ আধিপত্য কিছু কম হ’লেও লোপ পোৱা নাছিল। তেওঁলোকক শংকৰদেৱ মাধৱদেৱৰ প্ৰায় সম-সাময়িক বুলিব পাৰি। গতিকে এই নাট্যগুরু দুজনাক অৱমাননা কৰি ব্ৰজাৱলী প্রয়োগ নকৰাকৈ নোৱাৰিছিল। কিন্তু পাছলৈ নাটবিলাকত ব্ৰজাৱলী ভাষাৰ মাধুৰ্য লুপ্ত হোৱা দেখা গ’ল। 

সপ্তদশ শতিকাৰ নাট্যকাৰসকল :

মহাপুৰুষীয়া বৈষ্ণৱ সম্প্ৰদায়ৰ অন্যতম শাখা কাল-সংহতিৰ প্রবর্তক গোপালদের বা ভৱানীপুৰীয়া গোপাল আতা শংকৰোত্তৰ কালৰ এগৰাকী বিশিষ্ট নাট্যকাৰ। গোপালআতাৰ ‘জন্মযাত্রা’ ‘নন্দোৎসৱ’ আৰু ‘উদ্ধৱযান’ এই তিনিখনি নাট পোৱা যায়। ‘জন্মযাত্রা’ আৰু নন্দোৎসৱ’ দুখন বেলেগ নাট বুলি গণ্য নকৰি একেখন নাটৰে দুটা খণ্ড বুলি ধৰিব পাৰি। মাধৱদেৱৰ উপস্থিতিত ‘জন্মযাত্ৰা’ৰ ভাওনা কৰা হৈছিল বুলি গুৰু চৰিত কথাত উল্লেখ পোৱা যায়। ‘জন্মযাত্রা’ আৰু ‘নন্দোৎসৱ’ নাটৰ মূল ভাগৱতৰ দশম স্কন্ধৰ প্ৰথমৰ পৰা পঞ্চম অধ্যায়। কিন্তু নাট্যকাৰ মূল ভাগৱত পুৰাণতকৈ শংকৰদেৱৰ ‘দশম’ৰ দ্বাৰাহে গভীৰভাৱে প্ৰভাৱান্বিত। ‘জন্মযাত্রা’ৰ সূত্ৰকথা আৰু চৰিত্ৰৰ সংলাপ ‘দশম’ৰ পদৰ ওপৰত প্ৰতিষ্ঠিত। ‘উদ্ধব্যান’ নাটখন শংকৰদেৱৰ ‘কেলিগোপাল’ নাটকৰ সমধৰ্মী বুলি ক’ব পাৰি। এই নাটৰ মাজত এফালে শংকৰদেৱৰ ‘দশম’ৰ গোপীউদ্ধর সংবাদ অংশ আৰু শংকৰ-মাধৱৰ গোপীবিৰহ বিষয়ক বৰগীতসমূহৰ অন্তভূক্তি লক্ষ্য কৰা যায়।

মাধৱদেৱৰ ভাগিন ৰামচৰণ ঠাকুৰৰ ‘কংসবধ’ নাটত শংকৰদেৱৰ নাটৰ আটাইবোৰ লক্ষণ দেখিবলৈ পোৱা যায়। অক্ৰূৰৰ ব্ৰজগমনৰ পৰা আৰম্ভ কৰি কংস-বধলৈকে দ্রুতগতিত নাটকীয় বিষয়বস্তু উপস্থাপন কৰা হৈছে। এই নাটকতো শংকৰদেৱৰ ‘দশম’ৰ প্ৰভাৱ সুস্পষ্ট।

ৰামচৰণ ঠাকুৰৰ পুত্ৰ দৈত্যাৰি ঠাকুৰে নৃসিংহ যাত্ৰা’ আৰু ‘স্যমন্ত হৰণ’ ৰচনা কৰিছিল। দুয়োখন নাটকতে নান্দীশ্লোক আছে। চাৰিসিদ্ধৰ বৈকুণ্ঠ গমন আৰু জয়-বিজয়ৰ বাধা দানৰ পৰা নাটকীয় ঘটনা নৃ-সিংহ যাত্ৰা’ত আৰম্ভ হৈছে। স্যমন্ত হৰণ’ নাটত সত্ৰাজিতৰ সূৰ্য আৰাধনা কৰিবলৈ যোৱাৰপৰাই নাটকীয় ঘটনা আৰম্ভ কৰিছে। অঙ্কীয়া নাটক সাধাৰণতে সংলাপৰ পৰিমাণ কম। কিন্তু দৈতাৰি ঠাকুৰৰ এই নাট দুখনিত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হৈছে। দুয়োখন নাটতে শংকৰদেৱৰ ‘কীৰ্তন’ৰ ‘প্ৰহ্লাদ-চৰিত্ৰ’ আৰু ‘স্যমন্ত হৰণ’ৰ পদৰ প্ৰভাব দেখা যায়।

দৈত্যাৰি ঠাকুৰৰ সমবয়সৰ দ্বিজ ভূষণৰ ‘অজামিল উপাখ্যান’ উল্লেখযোগ্য নাট। “দ্বিজভূষণৰ নাটৰ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল সূত্ৰৰ গৌণত্ব আৰু সংলাপৰ গুৰুত্ব। সূত্ৰধাৰৰ নিৰ্দ্দেশ আৰু বৰ্ণনাৰ সংখ্যা যেনেকৈ কম তেনেকৈ চমু।”

ধৰ্ম্মদেৱ গোস্বামীৰ ধৰ্ম্মোদয়’ আৰু দ্বিজ মহীন্দ্ৰৰ ‘বোধেদয়’ প্রাচীন অসমীয়া সাহিত্যৰ দুখন ৰূপকধর্মী নাটক। ৰমানন্দৰ ‘মহামোহ কাব্যৰ লগত ‘বোধোদয়’ নাটকৰ বিষয়বস্তুৰ সাদৃশ্য দেখা যায়। এই কাব্যৰ ৰচয়িতা ৰমানন্দই উল্লেখ কৰিছে যে আউনিআটী সত্ৰৰ প্রতিষ্ঠাতা নিবন্ধনদেৱে অভিনয় কৰোৱা ‘মহামোহ’ নাট চাই তাৰ বিষয়বস্তুৰ আধাৰত কাব্যখন ৰচনা কৰিছিল। অঙ্কীয়া নাটৰ আৰ্হিত নাটৰ কাহিনী আগবঢ়াই নিছে।

৬। শংকৰোত্তৰ যুগৰ নাট-ভাওনাৰ বৈশিষ্ট্য উল্লেখ কৰি এটি আলোচনা কৰা।

উত্তৰঃ শংকৰোত্তৰ কালৰ বিভিন্ন সময়ত বহুকেইজন নাট্যকাৰৰ দ্বাৰা ৰচিত এই নাটসমূহৰ পৰাই এই যুগৰ নাটৰ কেইটামান বিশেষত্ব দেখুৱাব পাৰি। এই কথা সত্য যে এই সময়ত ৰচিত আৰু অভিনীত নাটত ভক্তিৰ গভীৰতা হ্রাস পালে। এই যুগতে সম্ভৱতঃ ঊনবিংশ শতিকাৰ আদি ভাগত অঙ্কীয়া নাটৰ আৰ্হিত ব্ৰজাৱলীমুক্ত ‘ধুৰানাট’ ৰচিত হৈছিল। এই নাটত গদ্যৰ ব্যৱহাৰ নাই। বঙলা ধপ কীৰ্তনৰ প্ৰভাৱ ইয়াত স্পষ্ট। কমলাবাৰী সত্ৰত প্ৰচলিত ফৌজীয়া ভাওনাও কিছুদূৰ অংকীয়া ভাওনাৰ পৰা বেলেগ।

শংকৰোত্তৰ যুগৰ নাট-ভাওনাৰ প্রধান বৈশিষ্ট্যসমূহ : 

(ক) এই যুগত যুদ্ধ বিগ্রহ, দম্ভোক্তি আদি থকা বধকাব্য আৰু বধান্তক কাহিনীয়ে নাট্যকাৰসকলক বিশেষ আকর্ষণ কৰা দেখা যায়। 

(খ) ভাগৱতৰ লগতে ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহাকাব্যৰ কাহিনীয়ে নাট্যকাৰসকলক আকৰ্ষণ কৰা দেখা যায়।

(গ) নান্দীশ্লোক বা সংস্কৃত-শ্লোক আৰু মুক্তিমঙ্গল ভটিমা বহুত নাট্যকাৰেই পৰিহাৰ কৰা দেখা যায়। মাজে মাজে সংস্কৃত শ্লোক থাকিলেও সেইবোৰত ব্যাকৰণৰ ভুল পৰিলক্ষিত হয়।

(ঘ) শংকৰোত্তৰ যুগৰ নাটৰ এটি বৈশিষ্ট্য হৈছে : ভাৱৰীয়াৰ সংলাপৰূপে প্ৰয়োগ কৰা পদবোৰ। এই পদবোৰৰ অধিকাংশই মাধৱ কন্দলিৰ ৰামায়ণ, ভাগৱতৰ অনুবাদ, ৰাম সৰস্বতীৰ কাব্য অথবা শংকৰদেৱৰ কীৰ্তন-দশমৰ পৰা চয়ন কৰা।

(ঙ) দীর্ঘ লেছাৰী অথবা মুক্তাৱলী ছন্দত বিলাপৰ গীত ৰচনা এই যুগৰ নাটৰ অন্যতম লক্ষণ। বিলাপৰ গীতে দৰ্শকৰ অন্তৰ সহজেই স্পৰ্শ কৰি যায়। সেইবাবেই হয়তো নাট্যকাৰসকলে নাটত এনে গীত সংযোগ কৰিছিল। সম্পূৰ্ণ সংস্কৃতত ৰচনা কৰা কবিচন্দ্ৰ দ্বিজৰ ‘কামকুমাৰ হৰণ’ নাটকো ঊষা চৰিত্ৰৰ মুখত এনে গীত সংযোজনা কৰাটোৱেই এই কথা প্ৰমাণ কৰে। দুই এখন নাটৰ বিলাপৰ গীতত নিৰ্দেশ থাকে— পীতাম্বৰী ৰূপে। এই পীতাম্বৰী সম্ভৱতঃ পীতাম্বৰৰ গীতৰ সুৰত গাবলগীয়া গীত।

(চ) অভিনয়ত বহুৱা বা সস্তীয় হাস্যৰস সৃষ্টিৰ বাবে চৰিত্ৰ সংযোজন এই যুগৰ নাটৰ বৈশিষ্ট্য হৈ পৰিল।

(ছ) নাটবোৰত ধর্মভাবৰ গভীৰতা হ্ৰাস পাই মনোৰঞ্জন প্ৰদান কৰাতহে গুৰুত্ব দিয়া দেখা যায়। ফলত এই যুগত নাট-ভাওনাৰ সংখ্যা বাঢ়িল; কিন্তু গভীৰতা হ্ৰাস পালে।

(জ) শংকৰোত্তৰ প্ৰায়বোৰ নাটতে ব্রজবুলি শৈলীৰ শিথিলতা লক্ষণীয়। ডঙ্ম সত্যেন্দ্ৰনাথ শৰ্মাই কোৱাৰ দৰে, “ব্ৰজাৱলী ভাষা কেৱল সূত্ৰধাৰৰ নিৰ্দ্দেশত কথমপি অস্তিত্ব ৰক্ষা কৰি বৰ্ত্তী থাকিল।” 

৭। চৰিত সাহিত্য বুলিলে কি বুজা? অসমীয়া চৰিত পুথি সম্পর্কে আলোচনা কৰি শ্ৰেণী বিভাজন কৰা?

উত্তৰঃ চৰিত সাহিত্য :

সাহিত্য জগতত জীৱন-বৃত্ত ৰচনা কৰা প্ৰথা অতি প্ৰাচীন কালৰে পৰা চলি আহিছে। ভাৰতীয় প্ৰাচীন সাহিত্যতো ভালেমান ধর্মপ্রাণ সন্ত-মহন্তৰ জীৱন চৰিত ৰচনা কৰা সম্ভেদ পোৱা যায়। এইবোৰৰ ভিতৰত সংস্কৃতত লিখা অশ্বঘোষৰ বুদ্ধচৰিত, বাণভট্টৰ হৰ্ষচৰিত আদি জীবনী গ্রন্থব উল্লেখ পোৱা যায়। ইয়াৰ উপৰিও পাছৰ কালত বৌদ্ধ আৰু জৈন ধৰ্ম প্ৰচাৰৰ অর্থে ধৰ্মগুৰুসকলে চৰিত ৰচনা কৰিছিল। অসমীয়া সাহিত্যত ষোড়শ শতিকাৰ শেষভাগৰ পৰা মহাপুৰুষ শংকৰদেৱ তাক মাধৱদেৱ আৰু অন্যান্য সন্ত-মহন্তসকলৰ জীৱন চৰিত ৰচনাৰ কাম আৰম্ভ হৈছিল। তেওঁলোকৰ জীৱন চৰিত সম্পৰ্কীয় গ্ৰন্থৰাজিক চৰিত পুথি বা ‘চৰিত সাহিত্য’ বুলি কোৱা হয়।

অসমীয়া চৰিত পুথি :

অসমৰ বৈষ্ণৱ সত্ৰসমূহত ‘চৰিত তোলা’ বা চৰিত চৰ্চা কৰা প্ৰথা এটা পূৰ্বৰ পৰা চলি আহিছে। পৰম্পৰাগতভাৱে ভক্তসমাজত চলি অহা এই প্ৰথাৰ আধাৰতে চৰিত পুথিসমূহ ৰচনা কৰিছিল। চৰিত চৰ্চাৰ প্ৰথাৰ পৰম্পৰা প্ৰথমে মাধৱদেৱে কৰিছিল বুলি ‘গুৰু চৰিত কথা’ত উল্লেখ আছে— “তেহে শ্ৰীমাধদেএ গুৰুবাক্য শিৰে ধৰি গুৰুজনৰ সদাসৰ্ব্বদা চৰিত্ৰ কীৰ্তন কৰিছিল’ (ছেদ-১)। মাধৱদেৱৰ মৃত্যুৰ পাছত ভক্তসমাজৰ মাজত দুয়োজনা গুৰুৰ চৰিত কীৰ্তনৰ পৰম্পৰা গঢ়ি উঠিছিল। বৈষ্ণৱ সত্ৰ থানসমূহত বা অন্যান্য ধর্মালোচনাৰ অনুষ্ঠানত হৰি-কীৰ্তনৰ যথোচিত প্ৰসংগ শেষ হোৱাৰ পাছত ভক্তসকলৰ মাজত গুৰুসকলৰ জীৱন চৰিত আলোচনা। কৰিছিল। এজন কথকী ভকতে গুৰুৰ পৰম লীলা কথন কৰে, ভক্তসকলে পৰম নিষ্ঠাৰে আৰু ভক্তিৰে শ্ৰৱণ কৰে। এনেধৰণৰ গুৰুচৰিত কথন-শ্ৰৱণ কৰাতো নৈমিত্তিক প্ৰসংগৰ লগতে এটা বিষয়ত পৰিণত হৈ পৰিছিল। এনেদৰে বৈষ্ণৱ সমাজত বিশেষকৈ সত্ৰ সমাজত চলি অহা চৰিত চৰ্চা প্ৰথাটোকে ‘চৰিত তোলা প্রথা’ বুলি জনাজাত হয়। এনেদৰে মুখে মুখে চলি অহা গুৰু আৰু ভক্তসকলৰ কথাই পাছলৈ লিখিত ৰূপ পায়।

চৰিত পুথিসমূহ গদ্য আৰু পদ্য উভয় মাধ্যমতে পোৱা যায়। চৰিত চৰ্চা গদ্যত হৈছিল যদিও বেছিভাগ চৰিত পুথি পদ্যৰ মাধ্যমত লিপিবদ্ধ কৰিছিল, পদ্যৰ মাধ্যমত লিখা চৰিত পুথি যথেষ্ট পোৱা যায়। এই কেইখন হৈছে বৰদোৱা চৰিত আৰু গুৰু চৰিত কথা। 

অসমীয়া চৰিত পুথিৰ বিভাজন :

শংকৰদেৱ-মাধৱদেৱ আৰু তেওঁলোকৰ ভক্তসকলৰ লগত সম্পর্কিত আৰু ৰচিত পুথিসমূহৰ বৈশিষ্ট্য আৰু সময় অনুযায়ী চৰিত পুথিবোৰক মহেশ্বৰ নেওগে দুটা ভাগত ভাগ কৰিছে― 

(ক) পূর্ব পৰ্য্যায় আৰু

(খ) উত্তৰ পৰ্য্যায়।

(ক) পূৰ্ব পৰ্য্যায়ৰ চৰিত কেইখন হ’ল– দৈত্যাৰি ঠাকুৰৰ শংকৰদেৱ-মাধৱদেৱ ঈশ্বৰৰ চৰিত, ভূষণ দ্বিজৰ শংকৰদেৱ চৰিত আৰু অনিৰুদ্ধৰ দাসৰ গুৰু বৰ্ণনা, ৰামানন্দ দ্বিজৰ শংকৰদেৱ চৰিত, বৈকুণ্ঠ দ্বিজৰ ‘শংকৰ-মাধৱ পুৰুষোত্তম’, চতুৰ্ভূজৰ চৰিত সন্তমালা আদি। পূৰ্ব পৰ্য্যায়ৰ চৰিত কেইখনিত শংকৰদেৱ-মাধৱদেৱৰ জীৱন কথাৰ উপৰিও পুৰুষোত্তম, চতুৰ্ভূজ ঠাকুৰ, ভবানী পুৰীয়া-গোপাল আতাৰ জীৱনৰ কথা কিছু পোৱা যায়। চৰিত পুথিসমূহত শংকৰদেৱৰ্ড মাধৱদেৱৰ ওপৰত অতি মানৱীয় মাহাত্ম্য আৰোপিত কৰা হোৱা নাই।

(খ) উত্তৰ পৰ্য্যায়ৰ চৰিত পুথিৰ ভিতৰত– ৰামচৰিত ঠাকুৰৰ ভণিতা থকা ‘শংকৰ চৰিত’, ‘বৰদোৱা চৰিত’, ‘গুৰুচৰিত কথা’আৰু অন্যান্য পদ্য চৰ্তিক সামৰা হৈছে। এইবোৰ চৰিতত শংকৰদেৱ আৰু মাধৱদেৱক অতি মানৱীয়তা আৰু অলৌকিকতা আৰোপিত কৰা হৈছে।

৮। বুৰঞ্জী সাহিত্য বুলিলে কি বুজা? অসমীয়া বুৰঞ্জী সাহিত্যৰ উদ্ধৱ আৰু বিকাশ সম্পর্কে আলোচনা কৰা।

উত্তৰঃ বুৰঞ্জী সাহিত্য : অসমীয়া বুৰঞ্জী সাহিত্যৰ সমল সপ্তদশ শতিকাৰ পৰা অষ্টাদশ শতিকাৰ শেষ ভাগলৈকে পোৱা যায়। আহোমসকলে বুৰঞ্জীসমূহ ৰচনা কৰোঁতে সাহিত্য হিচাপে ৰচনা কৰা নাছিল। বুৰঞ্জী ৰচনাৰ উদ্দেশ্য আছিল— যুগ ভিত্তিত ৰাজনৈতিক, সামাজিক দিশৰ তথ্যবোৰ নিৰপেক্ষ দৃষ্টিৰে লিখি বাখি ভৱিষ্যতৰ বংশধৰসকলৰ বাবে দি যোৱা, যাতে পূৰ্বপুৰুষৰ কৰ্মৰ আদৰ্শৰে উত্তৰ পুৰুষে নিজক গঢ় দিব পাৰে। অসম বুৰঞ্জীসমূহত ৰাজনীতিৰ বিবিধ আলোচনা যুদ্ধ-বিগ্ৰহৰ বৰ্ণনা, জয়-পৰাজয়ৰ বাতৰি, নানাবিধ সন্ধি-অভিসন্ধিৰ কথা বিষয়বস্তুৰ উত্থাপন-কৌশল, অলঙ্কাৰ পূৰ্ণ ভাষা, আকর্ষণীয় ৰচনা ৰীতিয়ে সাহিত্যিক মৰ্যদা দান কৰিছে। সেয়েহে আহোম যুগত ৰচনা কৰা এই বুৰঞ্জীসমূহক সাহিত্যিক দৃষ্টিভঙ্গীৰে বিচাৰ কৰি এখন উৎকৃষ্ট আসন দিব পাৰি। সূৰ্য্যকুমাৰ ভূঞাই সম্পাদনা কৰা প্রত্যেকখন বুৰঞ্জীৰ পাতনিত বুৰঞ্জী সাহিত্যৰ বৈচিত্র্য, বৈশিষ্ট্য আদি সম্পর্কে বৈজ্ঞানিক মূল্যায়ন আগবঢ়াইছে। 

বুৰঞ্জীসমূহক সাহিত্যৰ শাৰীত অঙ্গীভূত কৰাৰ মূলতে হৈছে— ইয়াত সংৰক্ষিত হৈ থকা সাহিত্যিক উপাদান। এই সম্পর্কে বিভিন্নজন পণ্ডিতে বিভিন্ন ধৰণে স্বীকাৰ কৰিছে৷ মহেশ্বৰ নেওগে বুৰঞ্জীৰ সাহিত্যিক মূল্য স্বীকাৰ কৰিছে— বুৰঞ্জীবোৰ সাহিত্যিক অঙ্গীভূত নহ’লেও অনেক স্থানত এনেভাৱে উপাদেয় ৰসায়ন অনুভৱ কৰিব পাৰি। লীলা গগৈয়ে— ‘বুৰঞ্জীবোৰক সাহিত্যৰ একো একোটি ৰসাল ফল বুলি কৈছে। সুনীতি কুমাৰ চট্টোপাধ্যায়, গ্ৰীয়াৰ্চন চাহাব আদিয়েও বুৰঞ্জীসমূহক অসমীয়া কতা সাহিত্যৰ জগতত একক অতুলনীয় বুলি কৈছে।

তদানীন্তন মানৱীয় জীৱনবোধ, স্বৰ্গদেউসকল আৰু আহোম ডা ডাঙৰীয়া, বিষয়াসকলৰ আশা-আকাংক্ষাৰ একোখন বাস্তৱ ছবি বুৰঞ্জীবোৰে পঢ়ুৱৈৰ আগত দাঙি ধৰিছে। অন্যান্য সাহিত্য পঢ়ি ৰস পোৱাৰ দৰে পাঠকৰ শৰীৰ ৰোমাঞ্চিত হৈ পৰে। তদুপৰি বাস্তৱ জগতৰ সত্য ঘটনাৰ আলমত লিখা বীৰ পুৰুষসকলৰ চৰিত্ৰৰ চাৰিত্ৰিক বৈশিষ্ট্যত এনে কিছুমান সমল নিহিত হৈ আছে। যিবিলাকৰ পৰা সমল লৈ বিভিন্ন সাহিত্যিকে কাব্য, নাটক, উপন্যাস ৰচনা কৰিব পাৰে। সেয়েহে বুৰঞ্জী পুথিসমূহ সাহিত্যৰ পৰ্যায়লৈ উন্নীত হৈছে।

বুৰঞ্জী ৰচনাৰ আৰম্ভণি আৰু উদ্দেশ্য : 

মধ্যযুগৰ অসমীয়া গদ্যৰ অন্যতম নিদর্শন হৈছে– আহোম যুগত ৰচিত বুৰঞ্জীসমূহ। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ এই বুৰঞ্জীসমূহ আহোমসকলৰ অনন্য অৱদান। আহোমসকলৰ আগতে অসমীয়া ভাষাত বুৰঞ্জী ৰচনা কৰা প্ৰথা নাছিল। ত্ৰয়োদশ শতিকাৰ তৃতীয় দশকত আহোমৰ প্ৰথম গৰাকী ৰজা স্বৰ্গদেউ চুকাফাই অসমৰ উত্তৰ-পূব চুকেদি পাটকাই পর্বত পাৰ হৈ অসমত প্ৰবেশ কৰে। অসমত প্ৰবেশ কৰাৰ পাছত তাৎপর্যপূর্ণ ঘটনাবলী লিপিবদ্ধ কৰি থ’বলৈ লগত অহা তিনি পণ্ডিত চিৰিঙ লাওত, মহুং আৰু বাইলুঙ পণ্ডিতক নিৰ্দ্দেশ দিয়ে। চুকাফাই এই তিনি পণ্ডিতক বুৰঞ্জী লিখিবলৈ নিৰ্দ্দেশ দিয়াৰ কথা বুৰঞ্জীত স্পষ্টভাবে উল্লেখ আছে―  

“পাছে ৰজাদেৱে বোলে যি– মৰে, যাক পাওঁ, যি কথা কয় পণ্ডিতে লিখি থ’ব৷”

বুৰঞ্জীত পোৱা উল্লেখসমূহে প্ৰমাণ কৰে যে, ত্ৰয়োদশ শতিকাৰ পৰাই অসমত বুৰঞ্জী লিখাৰ কাম আৰম্ভ হৈছিল। আহোমসকলে প্রথমতে তাই ভাষাত বুৰঞ্জী লিখিছিল। চুকাফা আৰু তেওঁৰ অনুগামীসকলে অসমত থিতাপি লোৱাৰ পাছত থলুৱা জনগোষ্ঠীৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰে আৰু স্বইচ্ছাৰে অসমীয়া ভাষাক আকোৱালী লয়। পঞ্চদশ শতিকা মানৰ পৰা তাই ভাষাৰ সমান্তৰালকৈ অসমীয়া ভাষাতো বুৰঞ্জী লিখাৰ কাম আৰম্ভ কৰে। আনকি প্ৰজাৰ সুবিধাৰ কাৰণে প্ৰশাসনীয় কাম-কাজতো অসমীয়া ভাষাক কাৰ্যকৰী ভাষা হিচাপে স্বীকৃতি দিয়ে। বিশেষকৈ চুহুংমুং দিহিঙ্গীয়া ৰজাৰ দিনৰ পৰা প্ৰজাৰ সুবিধাৰ বাবে অসমীয়া ভাষাত বুৰঞ্জী লিখিবলৈ লয়। আনহাতে এইজনা ৰজাৰ দিনতে লিখিত বুৰঞ্জী দেখুৱাই বা বংশাৱলী দেখুৱাই বংশবীর্য প্রমাণ কৰি দেখুৱাব পৰা সকলক ৰাজকীয় মৰ্যদা আৰু বিষয়বাব প্রদান কৰি ‘জাতুৱা আহোম’ রূপে স্বীকৃতি দিয়াৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছিল। এই উদ্দেশ্য আগত ৰাখিয়েই ৰাজবংশৰ প্রায়বিলাক লোকে নিজৰ নিজৰ বংশৰ আঁতিগুৰি লিখাৰ প্ৰতি আগ্রহান্বিত হৈছিল। এইদৰে অসমীয়া ভাষাত সেই সময়ৰ পৰা বুৰঞ্জী লিখাৰ পৰম্পৰা এটা চলি আহিছিল।  

বুৰঞ্জী ৰচনাৰ ৰূপৰেখা :

বুৰঞ্জী প্ৰণয়ন আহোম প্ৰশাসনৰ এটা গুৰুত্বপূৰ্ণ বিষয় আছিল। আহোমসকলে বুৰঞ্জী প্ৰণয়ন কৰা যেনেদৰে এটা গুৰুত্বপূৰ্ণ কাম বুলি ধৰিছিল ঠিক তেনেদৰে বুৰঞ্জী চৰ্চাও শিক্ষাৰ প্ৰধান অঙ্গ হিচাপে লৈছিল। আহোমৰ সম্ৰান্ত বংশৰ প্ৰতিজন মানুহৰ ঘৰতে বুৰঞ্জী পুথিবোৰ সংৰক্ষণ কৰিছিল। আনকি প্ৰত্যেকজন ৰাজপৰিয়ালৰ সন্তানে দেশৰ বুৰঞ্জী অৰ্থাৎ দেশৰ শাসন পদ্ধতি, সমসাময়িক ঘটনাৰ বিবৃতি আৰু ৰজাঘৰীয়া কাৰ্যকলাপ আদিৰ বিষয়ে জনাটো অপৰিহাৰ্য কৰ্তব্য আছিল। 

এই বুৰঞ্জীসমূহ সংৰক্ষণ কৰিছিল গন্ধীয়া ভঁৰালত। বুৰঞ্জীসমূহ বিজ্ঞ পণ্ডিতৰ হতুৱাই লিখোৱা হৈছিল। প্ৰথমে চিৰিংফুকন আৰু বৰ চিৰিং বৰুৱাৰ তত্ত্বাৱধানত চিৰিং খেলৰ মানুহে বুৰঞ্জীবোৰ লিখিছিল। মোহন, বাইলুঙৰ অধীনতো বুৰঞ্জী প্ৰণয়ন কার্য চলিছিল। টাই ভাষাৰ সমান্তৰালকৈ অসমীয়া ভাষাত বুৰঞ্জী লিখিবলৈ ‘লেখাৰু’ নামেৰে এটা খেলক নিয়োজিত কৰা হৈছিল। বুৰঞ্জীসমূহ যাতে কোনো বিকৃত নোহোৱাকৈ সংৰক্ষণ হয়, এইবোৰক চোৱা-চিতাৰ বাবে ৰাজমন্ত্রীক দায়িত্ব দিয়া হৈছিল।

বুৰঞ্জীসমূহ দুটা পৰ্যায়ত ৰচনা কৰা হৈছিল— ৰাজকীয় আৰু ব্যক্তিগত। ৰজাঘৰৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জীবোৰৰ ভিতৰত আহোম ৰাজত্বৰ বুৰঞ্জীয়ে সবহ। এই বুৰঞ্জীসমূহ ৰাজকীয় সম্পত্তি হোৱা বাবে লিখকৰ নাম উল্লেখ নাই। আহোম ৰজাৰ বংশাৱলী, আহোম ৰজাসকলৰ ৰাজত্ব কালৰ বিৱৰণ ৰজাঘৰীয়া চিঠিপত্র, সেনাপতিসকলৰ যুদ্ধৰ প্রতিবেদন, যুদ্ধ বিগ্রহ, চকীয়াল বিষয়াৰ প্রতিবেদন, ওচৰ-চুবুৰীয়া বিভিন্ন ৰাজ্যলৈ পঠোৱা কটকী বৈবাগীসকলৰ প্ৰতিবেদন আদি সমল লৈয়ে ৰাজকীয় পৰ্যায়ৰ বুৰঞ্জীসমূহ ৰচনা কৰা হৈছিল। 

এই বিলাকৰ উপৰিও ব্যক্তিগত খণ্ডৰ বহু বুৰঞ্জী লিখিছিল। ব্যক্তিগত পৰ্যায়ৰ বুৰঞ্জীসমূহ কোনো অনুৰাগী ব্যক্তিয়ে ৰাজহুৱা স্বাৰ্থত লিখিছিল। ব্যক্তিগত পর্যায়ৰ বুৰঞ্জীৰ ভিতৰত আতন বুঢ়াগোহাঁইৰ ‘বাঁহগড়ীয়া বুঢ়াগোহাঁই বুৰঞ্জী’। এইখন পাছত সূর্যকুমাৰ ভূঞাই ‘দেওধাই অসম বুৰঞ্জী নামেৰে ছপাই উলিয়াইছে। এই পৰ্যায়ৰ অন্যান্য বুৰঞ্জীৰ ভিতৰত শ্ৰীনাথ দুৱৰাৰ ‘তুংখুঙীয়া বুৰঞ্জী’, ‘কছাৰী বুৰঞ্জী’, ‘কছাৰী বুৰঞ্জী’, ‘জয়ন্তীয়া বুৰঞ্জী’ আদি উল্লেখযোগ্য।

বুৰঞ্জীসমূহ পদ্য আৰু গদ্য উভয় মাধ্যমতে ৰচনা কৰা হৈছিল পদাৰ মাধ্যমত লিখা বুৰঞ্জীৰ ভিতৰত এতিয়ালৈকে মাত্র তিনিখন পদ্য বুৰঞ্জী উদ্ধাৰ কৰা হৈছে। এই কেইখন হৈছে— বিশ্বেশ্বৰ বিদ্যাধিৰ ‘অসমৰ পদ্য বুৰঞ্জী’, ‘দুতিৰাম হাজৰিকাৰ ‘কলি ভাৰত বুৰঞ্জী আৰু হেমচন্দ্ৰ গোস্বামীৰ সম্পাদিত ‘দৰং ৰাজ বংশাৱলী’। গদ্যৰ মাধ্যমত লিখা বুৰঞ্জীৰ সংখ্যাই সৰহ। এতিয়ালৈকে প্ৰায় ডেশ মান বুৰঞ্জী উদ্ধাৰ কৰা হৈছে।

৯। গুৰুচৰিত কথাৰ গদ্য শৈলীৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ বৰ্তমানলৈকে উদ্ধাৰ আৰু প্ৰকাশ হোৱা গদ্যত লিখিত চৰিত পুথিসমূহৰ ভিতৰত গুৰুচৰিত কথা উল্লেখযোগ্য। মধ্যযুগীয় অসমীয়া কথা সাহিত্যৰ উৎকৃষ্ট নিদর্শন হিচাপে এই গ্ৰন্থই পণ্ডিতসমাজৰ স্বীকৃতি পাইছে। এই পুথিৰ গদ্য ভাষা সত্ৰীয়া সমাজৰ ভক্তসকলক কেন্দ্ৰ কৰি গঢ়ি উঠা কথিত ভাষা। বৈষ্ণৱ ভক্ত সমাজৰ ধর্মীয় চিন্তা-চৰ্চাত যেনেদৰে কথোপকথন হৈছিল, ঠিক তেনেদৰে এই গ্রন্থত লিপিবদ্ধ কৰা হৈছে। গুৰুচৰিত কথাৰ গদ্যত সমকালীন অসমীয়া কথিত গদ্যৰ চানেকি পৰিলক্ষিত হ’লেও ইয়াৰ গদ্যই এক বিশিষ্ট ৰূপ পৰিগ্ৰহ কৰিছে। তলত ‘গুৰুচৰিত কথা’ৰ গদ্যৰ প্রধান বৈশিষ্ট্যসমূহ দাঙি ধৰা হৈছে।

সত্ৰ সমাজত কথিত গদ্যৰে এক পৰিমার্জিত ৰূপ ‘গৰ্জ্জবিত কথা’ৰ কথাৰীতিৰ মাজত প্রতিফলিত হয়। দেখা যায়, ভকত-বৈষ্ণৱে একেলগ হৈ কথা-বতৰা পাতোতে এজনে কৈ যায়, প্ৰসংগক্রমে কোনোৱে প্রশ্ন উত্থাপন কৰে, আন এজনে আকৌ তাৰ উত্তৰ দিয়ে। এনেধৰণৰ কথোপকথন বীতিৰে গুৰুচৰিত পুথি’ ৰচিত হৈছে। সেয়েহে ‘গুৰুচৰিত কথা’ৰ গদ্যৰীতিক কথনশৈলী বুলি কোৱা উচিত। মুঠতে কথোপকথনমূলক কথনৰীতিৰ বাবেই বর্ণিত বিষয় সহজ আৰু আকর্ষণীয় হৈ পৰিছে। উদাহৰণ স্বৰূপে—

“দেখি গুৰুজনে আচৰিত হৈ বোলে, কালি সন্ধ্যা গৈছা, এই ভাদ্রমহা জল, বৃষ্টি, পন্ধে কেতিয়া কেনেকৈ আনিলা? বোলে বাপ, নিশাই অনা হ’ল। বোলে আমি কালি মধ্যতে সবাৰে আগত কলোহে কথাটো।”

‘গুৰুচৰিত কথা’ৰ কথনশৈলীৰ আন এটা মন কৰিবলগীয়া দিশ হ’ল ইয়াৰ বিনম্ৰ ভকতীয়া ঠাঁচ। পুথিখনৰ বিষয়বস্তু পাৰমার্থিক; আনহাতে বক্তা আৰু শ্রোতা উভয়েই গুৰুৰ সেৱক আৰু বিনম্র ভাবসম্পন্ন। এনে কাৰণতে কথনৰীতিত একধৰণৰ মৃদুতা আৰু বিনদ্ৰতা ৰক্ষিত হৈছে। উদাহৰণ স্বৰূপে,

“বোলে বাপ তোম্ৰাৰ অভয় পাদপদ্মৰ প্ৰসঙ্গতহে ভকৎ বস্তুক। পাচে সেৱকো বৰোদিলৈ গ’লঃ নিশা বৈ বিহানে উঠি গৈছে: হাতে লাঠি মাথে পথালি গামচা: দেখে নাৱলেকে গৈচে।’ (ছেদ-১৮৪) 

‘গুৰুচৰিত কথা’ৰ কথনশৈলী স্বাভাৱিক বা অকৃত্রিম। কিয়নো সত্ৰত ভক্তসকলৰ মাজৰ কথা-বতৰা স্বাভাবিক ভংগীৰ হয়। আৰু সেই ভংগীত কোন আড়ম্বৰ বা বাহ্যিকতা নাথাকে, অথাৎ ই একেবাবে অকৃত্রিম। পুথিখন ভক্ত সমাজৰ লগত খাপ খোৱা এনে স্বাভাৱিক প্ৰকাশৰাতিতে ৰচিত হৈছে। উদাহৰণ স্বৰূপে— ‘আৰতি প্ৰসঙ্গ হ’ল দাসী নচাইছে? এটাৰ কুনবিন খসিল: গুৰুৰুজনে অল্প হাস্য কৈলে : দেখি অৰাসবে বোলে এনে লঘু কার্যত উত্তম লোকে হহা নহই সজ।”

‘গুৰুচৰিত কথা’ পুথিখনৰ কথনশৈলী লক্ষ্য কৰিলে দেখা যায় যে ইয়াত মাজে মাজে বিভিন্ন শাস্ত্ৰৰ গীত, পদ, ঘোষা, শ্লোক আদিৰ উদ্ধৃতি দিছে। এনে উদ্ধৃতিমূলক কথনৰীতিয়ে ধৰ্মীয় পৰিবেশ গঢ়ি তোলাৰ লগতে বৰ্ণনা আকর্ষণীয় কৰি তুলিছে। উদাহৰণ স্বৰূপে,

গীতৰ উদ্ধৃতি :

মন মেৰি ৰাম চৰনেহি লাগু (১৮১) 

শ্লোকৰ উদ্ধৃতি :

মাতা শত্ৰু পিতা বৈৰী-হংস মাজে বকোজথা (৪৯)

সংক্ষিপ্ত ৰচনাৰীতি বা মিতব্যয়িতা ‘গুৰ্চৰিত কথা’ৰ কথনশৈলীৰ এটা লক্ষণীয় দিশ। চুটি চুটি বাক্যৰ প্ৰয়োগে চৰিত পুথিখনৰ প্ৰকাশৰীতি সামগ্ৰিকভাৱে সৰল কৰি তুলিছে। কেতিয়াবা এটা শব্দই এটা বাক্য হৈছে। অৱেশ্য সংক্ষিপ্ত অথচ সুস্পষ্ট এই ৰাতিয়ে বৰ্ণিত বিষয়ক উজ্জ্বলতা প্ৰদান কৰিছে।

‘গুৰুচৰিত কথা’ৰ কথ্যৰীতিত ব্যক্তি আৰু পৰিবেশৰ লগত খাপ খোৱা বিভিন্ন ৰাতি লক্ষ্য কৰা যায়। সত্ৰৰ ভকতৰ ভকতীয়া ঠাঁচ, জনজাতীয় ঠাচ হিন্দুস্থানী পদমিশ্রিত প্রকাশভংগী তথা ভাষা ইয়াত পৰিলক্ষিত হয়। তদুপৰি কামৰূপী কথিত ভাষা আৰু ফ্ৰকাশভংগীৰ ব্যৱহাৰ ব্যাপকভাৱে আছে। যেনে—

“আৰু সুৰানন্দৰ মাক বাপেকৰ গৃহ তাতে: দুত্ত শৰণ ল’লে: লৈ চিত্রধর্মী বর্ণনাই পঢ়ুৱৈক আকর্ষণ কৰে। যেনে— “আন্ধাৰ দুপৰ নিশা বৃষ্টি এবুকু এককাল ডাল ঠাই ঠাই হাবি জঙ্গল বোলা মহ বাগ হাতি।।”

‘গুৰুচৰিত কথা’ পুথিৰ কথনৰীতি সজীৱ কৰি তুলিছে যথোপযুক্ত জতুৱা ঠাঁচ, খণ্ডবাক্য, ফকৰা-যোজনা আদিয়ে। অনুপ্রাস, উপমা, ৰূপক আদি অলংকাৰৰ সুপ্রযোগেও কথনশৈলী উপাদেয় কৰিছে। তলত ইয়াৰে দুটামান উদ্ধৃতি কৰা হ’ল—

জতুৱা ঠাঁচ, খণ্ডবাক্য : গা জাকি মাৰি, গোৰত গোৰে আদি। 

ফকৰা-যোজনা : পশুও নকৰিবা শৰ, মৰাও নানিবা জিয়াও নানিবা সুধা হাতে নপশিবা ঘৰ।

ৰূপক : সাহ এৰে বাহ মুকুতা এৰি মুকুতা। 

উপমা : অন্ধলাক চক্ষু দিয়াহি বাৰ্তা দিলে।

এইবোৰ মন কৰিবলগীয়া দিশৰ উপৰি বৰ্ণনাৰ সংযম, ভাষাৰ প্ৰয় নিৰলংকাৰ গাম্ভীর্য, জ্ঞানগর্ভ কথাসমৃদ্ধতা আদিও ইয়াৰ কথনশৈলীত পৰিলক্ষিত হয়। মুঠতে কথোপকথনমূলক, স্বাভাৱিক, সংক্ষিপ্ত, বিনম্র তথা ভকতীয়া, উদ্ধৃতিমূলক আদি বিশেষত্বই পুথিখনৰ কথনশৈলীক এক পৃথক পৰিচয় প্ৰদান কৰিছে। কথ্য ভাষাৰ পৰিমাৰ্জিত ৰূপ প্ৰয়োগ কৰা ‘গুৰুচৰিত কথা’ পুথিখন মধ্যযুগৰ অসমীয়া গদ্য অথবা অসমীয়া গদ্যৰ ধাৰাবাহিক ইতিহাস জনাৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য সম্বল।

১০। গুৰুচৰিত কথাত প্ৰতিফলিত মধ্যযুগৰ অসমৰ সমাজ জীৱনৰ ছবিখন দাঙি ধৰা।

উত্তৰঃ ‘গুৰুচৰিত কথা’ৰ বিষয়বস্তুত গুৰুসকলৰ লীলা চৰিত্ৰ বর্ণনা আৰু তাৰ যোগেদি আধ্যাত্মিকতাৰ শিক্ষা অর্থাৎ ধর্মীয় দিশটোৱে প্ৰাধান্য বিস্তাৰ কৰিলেও সমসাময়িক সমাজ-জীৱনৰ প্ৰায়কেইটা দিশৰে সম্যক ধাৰণা চৰিখনে দাঙি ধৰিছে। বিশেষকৈ ষোড়শ শতিকাৰ পৰা অষ্টাদশ শতিকাৰ অসমৰ ৰাজনৈতিক অৱস্থা, অর্থনৈতিক অৱস্থা, সামাজিক ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, খাদ্যাভাস, সাজপাৰ, নৃত্য-গীতৰ চৰ্চা, ধৰ্মীয় দিশ, শিক্ষা ব্যৱস্থা আদিৰ বিষয়ে চৰিতখনৰ পৰা জানিব পাৰি। তলত সমাজ জীৱনৰ বিভিন্ন দিশবোৰ ফঁহিয়াই চোৱা হৈছে।

সমাজ :

‘গুৰুচৰিত কথা’ত প্ৰতিফলিত হৈছে, প্ৰধানকৈ শংকৰদেৱ আৰু তেওঁৰ আগৰ আৰু পাছৰ পুৰুষৰ সমাজ জীৱনৰ ছবি। এই পুথিত শংকৰদেৱৰ পৰিচয়ৰ উপৰিও শংকৰদেৱৰ ঊনৈশ পুৰুষক সামৰি লোৱা হৈছে। অসম-বেহাৰ-কামৰূপ অৰ্থাৎ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ভোট, অঁকা, ডফলা, মিৰি, নগা, নৰা আদি মঙ্গোলীয় গোষ্ঠীৰ লোকে বসবাস কৰিছিল। তদুপৰি বিভিন্ন ব্যৱসায় ভিত্তিত সৃষ্টি হোৱা ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য, শূদ্র, কৈবর্ত, নাপিত, যৱন, ধোৱা, হাৰি, চণ্ডাল আদি লোকৰ পূৰ্বাঞ্চলেই বসতিৰ প্ৰধান কেন্দ্ৰ আছিল। 

ব্রাহ্মণসকলেই সকলোকৈ শ্রেষ্ঠ আছিল। কায়স্থসকল ষটকর্ম অর্থাৎ নামকর্ম, জাতকর্ম, চুৰাকৰ্ম, কৰ্ণবিন্ধন, উপনয়ন, অন্নপ্রাশন আদি ছয় প্ৰকাৰৰ সংস্কাৰ মানিছিল । সমাজত জাতকুলৰ বিচাৰ আছিল। কিন্তু বৈষ্ণৱধর্ম প্ৰচাৰৰ লগে লগে জাতকুলৰ বিচাৰ নাইকিয়া হ’ল আৰু সকলোৱে একে ভগৱানৰ সন্তান বুলি ভাবিবলৈ ধৰিলে। গুৰুচৰ্তিত চিত্রিত হোৱা প্ৰথমখন সমাজ অর্থাৎ পূৰ্ণানন্দৰ পৰা শংকৰদেৱলৈকে যাদুকেন্দ্রিক আছিল। 

যাদুমন্ত্ৰৰ বলক সমাজে বিশ্বাস কৰিছিল। পূৰ্ণানন্দৰ পৰা শংকৰদেৱৰ পিতৃ কুসুম্বৰলৈকে আটায়ে সন্তান কামনাৰ বাবে উপাস্য দেৱতাক উপাসনা কৰি সন্তান লাভ কৰিছিল। ব্ৰহ্মদাতা জন্মৰ আগত বীজমন্ত্ৰেৰে হোম আহুতি দি পুত্ৰ লৱাভ কৰিছিল। সমাজত জাতিভেদ প্রথা, তন্ত্র-মন্ত্র, পূজা-পাতলৰ ওপৰত মানুহৰ অগাধ বিশ্বাস আছিল। সমাজৰ বিয়া-বাৰুৰ ক্ষেত্ৰত খুব কম বয়সতে ছোৱালী বিয়া দিছিল। বিধৱা বিবাহৰো প্ৰচলন আছিল। শংকৰদেৱে দ্বিতীয় বিবাহ কৰাইছিল। আনহাতে মাধৱদেৱে বৈৰাগ্য ব্ৰত পালন কৰিছিল। সতী যোৱা প্ৰথাও প্ৰচলন আছিল। গুৰুচৰিতত সতী সত্যসন্ধ্যা স্বামী সঙ্গে অনুগামী হয় বুলি উল্লেখ আছে। সমাজত নাৰী আৰু পুৰুষ সিজনক সহায়ৰ হাত আগবঢ়াইছিল।

ৰাজনৈতিক অৱস্থা :

সমসাময়িক ৰাজনৈতিক অৱস্থাৰ বিষয়েও চৰিতখনে জানিবলৈ দিয়ে। চৰিতখন ৰচনাৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত চাৰিখন ৰাজ্য আছিল। উজনি অসমত আহোম ৰাজ্য, কামৰূপ আৰু বেহাৰত কোঁচ ৰাজা, পূব অঞ্চলত চুতীয়া ৰাজ্য আৰু দক্ষিণ পূব অঞ্চলত কছাৰীসকলে ৰাজত্ব কৰিছিল। চুতীয়া ৰাজ্যৰ পশ্চিম আৰু কছাৰী ৰাজ্যৰ দক্ষিণফালে ভূঞাসকলে ৰাজত্ব কৰিছিল। ইয়াত বিভিন্ন ৰজাসকলৰ শাসন পদ্ধতি আৰু বিচাৰ-ব্যৱস্থাৰ কথা উল্লেখ পোৱা যায়। 

চৰিত পুথিত উল্লেখ কৰা মতে— কছাৰী আৰু ভূঞাসকলৰ মাজত সঘনে মাটিৰ সীমা লৈ কাজিয়া-পেচাল লাগি আছিল। কছাৰীৰ সংঘৰ্ষত থাকিব নোৱাৰি শংকৰদেৱে ভূঞা ৰাজ্য ত্যাগ কৰি ব্ৰহ্মপুত্ৰ পাৰ হৈ ৰৌতাত ছমাহ আছিল। কোঁচৰজা আৰু আহোম ৰজাসকলৰ আইনৰ ব্যৱস্থা অতি কটকটীয়া আছিল। কোচ ৰজা নৰনাৰায়ণে শংকৰদেৱক ধৰিবলৈ মানুহ পঠিয়াই নোপোৱাত ঠাকুৰ আতা আৰু গোকুল চান্দকে ধৰি আনি শাস্তি বিহিছিল। দোষীক যথেষ্ট শাস্তি বিহিছিল। আনকি ভকতসকলো এই শাস্তিৰ পৰা হাত সাৰিব পৰা নাছিল। ৰাজ্যত বিভিন্নধৰণৰ কৰ-কাটলৰ ব্যৱস্থা আছিল।

অর্থনৈতিক অৱস্থা :

‘গুৰুচৰিত কথা’ৰ সময়ৰ সমাজ আছিল কৃষিজীৱি। কৃষিয়েই জীৱিকাৰ প্ৰধান উপায় আছিল। সকলো মানুহে মাটি-বাৰী যোগাৰ কৰি হাল-কোৰ লৈ খেতি-বাতি কৰি ভাতমুঠি যোগাৰ কৰাটোৱে প্রধান কর্তব্য আছিল। শংকৰদেৱেও খেতি কৰিছিল। অসমৰ সাৰুৱা উৰ্বৰ ভূমিত বৰা, জহা, লাহি, ফৰ্মা, ফাফৰি, শালি আদি নানা ধানৰ খেতি কৰিছিল। মাটি-বাৰীৰ তৰহৰ শাক-পাচলি, মাহ-সৰিয়হ আদিৰ খেতিও কৰিছিল। মাটি-বাৰীৰ গৰাকী আছিল ৰজা। প্ৰজাই মাটি-বাৰী ভোগ কৰিবলৈ খাজনা দিব লাগিছিল। জনজাতীয় লোকসকলে কমুখেতি কৰিছিল। হাথিয়া কছাৰীৰ জীৱন নিৰ্বাহৰ ছবিয়ে এনে কথা উপলব্ধি কৰাত সহায় কৰে। তেওঁলোকে গৰু, ছাগলী, ম’হ, ভেড়া আদি পোহনীয়া জন্তুও পুহিছিল।

খেতি-বাতিৰ উপৰিও সেইসময়ত বেপাৰ-বাণিজ্য, ব্যৱসায়। আদি কৰিছিল। সমাজৰ বৃত্তিয়াল লোকৰ ভিতৰত— তাঁতী, যোগী, কুমাৰ, চমাৰ, মাছ-মৰীয়া, তেলী, পাটপলু পোহা, মিঠাই কৰা সালৈ, দৰ্জী আদিয়েই প্রধান আছিল। বিনিময় মাধ্যম হিচাপে মুদ্ৰাৰ প্ৰচলন আছিল। সমাজত বিভিন্ন আর্থিক অৱস্থা সম্পন্ন মানুহে বাস কৰিছিল। ভিক্ষা বৃত্তিও কৰিছিল। সৰুকালত মাধৱদেৱে দুৰ্ভিক্ষৰ সময়ত পিতাকৰ লগত ভিক্ষা মাগিছিল। 

খাদ্য আৰু সাজপাৰ :

গুৰুচৰিতৰ সময়ৰ অসমৰ মানুহে খেতিৰ দ্বাৰা উৎপাদিত হোৱা সকলো বস্তুয়েই খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল। বিশেষকৈ ভাতেই প্রধান খাদ্য আছিল। অসমৰ উৰ্বৰা ভূমিত উৎপাদিত হোৱা নানা ধৰণৰ বৰা, লাহি, ফৰ্মা, ফাফৰি, জহা, বাও, মঠঙ্গা আদি ধানৰ চাউল ব্যৱহাৰ কৰিছিল। নিজৰ বাৰীতে উৎপন্ন হোৱা বিভিন্নধৰণৰ শাক-পাচলি ভক্ষণ কৰিছিল। তদুপৰি বনৰীয়া কচু, আলু, ঢেঁকীয়া, বেতগাজ, ঔটেঙা আদিও খাইছিল। নানা জাতৰ কলৰ খেতি কৰিছিল— ভীম, মনোহৰ, বৰ্তমণি, মালভোগ, পুৰাকল, জাতি, সোন্দা আদি।

মানুহবিলাক সাধাৰণতে মৎসভোজী আছিল। নৈ, বিল, খাল আদিত ৰৌ, চিতল, আবি, তুৰা, ডৰিকণা আদি মাছ ধৰি ভক্ষণ কৰিছিল। আনকি কোন বিধ মাছৰ লগত কি শাক মিলিব তাক ৰজিতা খুৱাই জুতি লগাকৈ ৰান্ধি খোৱা কথা গুৰুচৰিতত পোৱা যায়। মহাপুৰুষ শংকৰদেৱে পাঁচখন আঞ্জাৰে আহাৰ খোৱাৰ কথা উল্লেখ আছে। উৎসৱ-পাৰ্বণৰ সময়ত গাখীৰে তৈয়াৰী বস্তু আৰু মিঠাই খাইছিল। বৈষ্ণৱ ভক্তসকলে চিৰা, দুগ্ধ, কল, মিঠৈ, মধু আদিও ভক্ষণ কৰিছিল। 

এই যুগৰ সমাজখনত খোৱা-বোৱাত জাতি বৰ্ণৰ বাচ-বিচাৰো আছিল। বৈষ্ণৱ গুৰু আৰু ভক্তসকলে অশৰণীয়ালোকে ৰন্ধা খাদ্য ভক্ষণ নকৰিছিল। জনজাতীয় সমাজখনত মদ-মাংস সকলো ভক্ষণ কৰিছিল আৰু তেওঁলোকে ঝুম খেতিৰ দ্বাৰা উৎপাদিত খাদ্য সামগ্ৰীৰ উপৰিও হাবিৰ আলু-কচু খাই জীৱিকা নিৰ্বাহ কৰিছিল। পুৰুষে ভূমি আৰু পচৰা অৰ্থাৎ চুৰিয়া, চেলেং, গামোছা আদি পিন্ধিছিল। সাধাৰণতে দৈনন্দিন প্রয়োজনীয় সাজপাৰ নাৰীসকলে নিজে ঘৰতে বৈ-কাটি উলিয়াইছিল। পুৰুষসকলে নিজৰ জাতীয় সাজপাৰ পিন্ধাৰ উপৰিও ৰজাই পিন্ধাৰ দৰে সোণোৱালী পাগ, সোণখটোৱা কুর্তা বা জামা পিন্ধিছিল। 

শংকৰদেৱে নৰনাৰায়ণ ৰজাই দিয়া এনেধৰণৰ সাজ এদিনৰ বাবে হ’লেও পিন্ধিছিল। ভকত সমাজত সাজপাৰ পিন্ধা নির্দিষ্ট নিয়ম আছিল। বৈষ্ণৱ ভক্তসকলে গুৰুৰ ওচৰলৈ আহোঁতে আঁঠুমূৰলৈকে চুৰীয়া পিন্ধিছিল। ভিক্ষা কৰিবলৈ যাওঁতে ভিক্ষুৰ দৰে সাজ পিন্ধি যাব লাগিছিল। 

শৈক্ষিক অৱস্থা :

গুৰুচৰিত সময়ৰ বিদ্যা-শিক্ষাৰ প্ৰতি সমাজ যথেষ্ট আগ্রহী আছিল। শিক্ষাদানৰ প্ৰধান কেন্দ্ৰস্থল আছিল— শিক্ষকসকলৰ ঘৰুৱা ছাত্রশাল। বৈষ্ণৱ সমাজৰ সকলো লোক যে আক্ষৰী আছিল এনে নহয়। অনাক্ষৰী লোকসকলৰো শাস্ত্ৰৰ শ্লোক আৰু পাঠ কণ্ঠস্থ আছিল। ছাত্রশালসমূহৰ ভিতৰত লণ্ডাৱৰে শিক্ষা গ্ৰহণ কৰা কৌশিকৰ ছাত্রশাল, শংকৰদেৱে শিক্ষা গ্রহণ কৰা মহেন্দ্ৰ কন্দলিৰ ছাত্ৰশাল, মাধৱদেৱে শিক্ষা গ্রহণ কৰা ৰাজেন্দ্ৰ অধ্যাপক ছাত্রশাল বিশেষভাৱে উল্লেখযোগ্য। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে শিক্ষা গ্ৰহণৰ দুৱাৰ মুকলি আছিল বুলি কোৱা টান। 

বিশেষকৈ অভিজাত শ্ৰেণীৰ লোকসকলেহে শিক্ষা গ্ৰহণৰ বাবে সুবিধা পাইছিল। শংকৰদেৱ অভিজাত শিৰোমণি ভূঞাৰ ঘৰৰ ল’ৰা আছিল। গুৰু মহেন্দ্ৰ কন্দলিয়ে তেওঁক ওজা ছাত্র পাতি দিয়া কথা ব্রাহ্মণ সমাজে সমর্থন কৰা নাছিল। এই ছাত্ৰশালসমূহৰ উপৰিও বৈষ্ণৱ সংঘ বা মঠ-মন্দিৰ, সত্ৰসমূহতো বৈষ্ণৱ ভক্তি ধৰ্মৰ মন্ত্ৰ দিয়া হৈছিল। এই ধর্মানুষ্ঠানসমূহত ধর্মালোচনী সভা আদিৰ জৰিয়তে গুৰুসকলে শিষ্যসকলক গীত পদ-মাত আদি শিকাইছিল। 

লিখিব পঢ়িব নজনা অনাক্ষৰী লোকেও কীৰ্তনৰ শ্লোক, গীত, পদ, ঘোষা আওৰাইছিল। এই অনুষ্ঠানসমূহত গুৰুসকলে সাহিত্য চর্চাও কৰিছিল। পুৰুষসকলৰ দৰে নাৰীসকলে আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ কথা গুৰুচৰিত উল্লেখ নাথাকিলেও, সেই সময়ত অনেক বিদুষী নাৰী আছিল সেইকথা জনা যায়। অৱশ্যে নাৰায়ণ দাস ঠাকুৰ আতাৰ পত্নীকে ধৰি একাধিক বিদুষী নাৰীৰ কথা, শংকৰদেৱে বৈকুণ্ঠ চিত্রপাঠ আকোঁতে চন্দ্ৰৰীয়ে ভুল দেখুওৱা কথা গুৰুচৰিত উল্লেখ আছে। 

ধর্মীয় ধ্যান-ধাৰণা :

“গুৰুচৰিত কথাই অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আলোড়নৰ আদিপর্বৰ এক ইতিহাস দাঙি ধৰে। এই ভক্তি আলোড়নৰ প্ৰধান হোতা আছিল শংকৰদেৱ। শংকৰদেৱ-মাধৱদেৱ আৰু তেওঁলোকৰ শিষ্যসকলে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত পোৱা অনুকূল প্রতিকূল পৰিবেশৰ চিত্ৰ এই গুৰুচৰিত কথাত ফুটি উঠিছে। বৈষ্ণৱ ধৰ্মই বিভিন্ন প্রতিকূল পৰিবেশৰ মাজেদিয়ে কেনেকৈ প্ৰসাৰ লাভ কৰিছিল, তাৰ বিষয়ে চৰিখনৰ পৰা সম্যক ধাৰণা পাব পাৰি।

শংকৰদেৱে প্ৰচাৰ কৰা নৱবৈষ্ণব ধর্মই জাতি-ধর্ম-বর্ণ নির্বিশেষে সমাজৰ সকলো শ্ৰেণীৰ লোককে সাৱটি লৈছিল। অৱশ্যে শংকৰী ধৰ্ম গ্ৰহণ নকৰা এক শ্রেণীৰ মানুহো সমাজত আছিল। শংকৰদেৱ আৰু মাধৱদেৱৰ অনুগ্রামী কেইবাজনো ব্রাহ্মণ পণ্ডিতে নামধৰ্ম প্ৰচাৰ কৰিছিল। বৈষ্ণৱ ধৰ্মক অপমান কৰা লোকৰ বাবে শংকৰদেৱে কীৰ্তনৰ ‘পাষণ্ড মদন’ অধ্যায়টি ৰচনা কৰিছিল। এনেদৰে শংকৰদেৱে মাধৱদেৱ আৰু অন্যান্য শিষ্যসকলে নানা শাস্ত্ৰ অধ্যয়ন কৰি নানা পদপুথি ৰচনা কৰি ভক্তি আন্দোলনক অধিক দৃঢ় কৰি তুলিছিল। 

শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ আগতে আৰু সেই সময়ত অসমত শাক্ত আৰু শৈৱ ধৰ্মই প্রাধান্য বিস্তাৰ কৰি আছিল। আনকি মাধৱদেৱে শংকৰদেৱক লগ পোৱাৰ আগতে ঘোৰ শাক্ত আছিল। মাধৱদেৱৰ মাকৰ আৰোগ্যৰ বাবে গোঁসানীৰ ওচৰত পঠা ছাগলী উচৰ্গা কৰা কথা গুৰুচৰিতত পোৱা যায়। প্রাচীন অসমত শৈৱ ধৰ্মই প্ৰভাৱ বিস্তাৰ কৰিছিল। শংকৰদেৱৰ পূৰ্বপুৰুষসকলে সন্তান লাভৰ বাবে শিৱ পূজা কৰিছিল। শংকৰদেৱৰ জন্মৰ আগতে পিতাক কুসুম্বৰে কপিলীয়েদি গৈ শিঙ্গৰিৰ গোপেশ্বৰ সদাশিৱক দুগ্ধেৰে স্নান কৰোৱাইছিল। শিৱক উপাসনা কৰি পুত্ৰ লাভ কৰা কাৰণে শংকৰদেৱৰ নাম শংকৰ ৰাখিছিল। মুঠতে চৰিত পুথিত বর্ণিত সমাজত বিষ্ণু পূজা, শিব পূজা, চণ্ডী পূজা, দুর্গা পূজা সকলোৱে স্থান পাইছিল। শংকৰদেৱৰ বৈষ্ণৱ ভক্তি ধৰ্মৰ প্ৰচাৰৰ মাজতো শাক্ত আৰু শৈৱ ধর্মই বিশেষ স্থান অধিকাৰ কৰি আছিল যদিও লাহে লাহে ম্লান হৈ পৰে।

শংকৰদেৱে বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰি তেওঁৰ পূৰ্বসুৰীসকলৰ মহত্বপূর্ণ ত্যাগময় আদর্শ সম্পর্কে অৱগত হৈছিল। বহু দুখ-কষ্ট স্বীকাৰ কৰিও নানা বিপদ-বিঘিনিৰ মাজতো অসমৰ নৱবৈষ্ণৱ আন্দোলনে জনসাধাৰণৰ মাজত বেচ আদৰ লাভ কৰিছিল। এই ভক্তি অনুষ্ঠানসমূহত কেৱল হৰি নাম-কীর্তনে মুখ্য আছিল। কোনে কেনেকৈ নিতৌ পুৱা-গধুলি হৰি কীৰ্তন কৰিছিল, সেই ভক্তসকলৰ উল্লেখ চৰিত পুথিত পোৱা যায়। 

বৈষ্ণৱ ভক্তসকলে অতি কষ্টেৰে জীৱন নিৰ্বাহ কৰিছিল। বৌদ্ধ ভিক্ষুসকলৰ দৰে হাতত ভিক্ষাৰ পাত্ৰ লৈ ভিক্ষা কৰি জীৱন কটাইছিল। কেতিয়াবা বিনা আহাৰেও জীৱন কটাইছিল। সেইবুলি ধৰ্ম চৰ্চালৈ পিঠি দিয়া নাছিল। এনেদৰে নানা আলৈ-আহুকালৰ মাজেদিয়েই শংকৰদেৱ-মাধৱদেৱে অসমৰ বিপুল সংখ্যক জনগণক বৈষ্ণৱ আন্দোলনৰ ভাৱধাৰাৰে অনুপ্রাণিত কৰি অসমীয়া জাতিক ঐক্যবদ্ধ কৰাত সফল হৈছিল।

সাহিত্যিক দিশৰ পৰাও ‘গুৰুচৰিত কথা’ অসমীয়া সাহিত্যৰ এটি আপুৰুগীয়া সম্পত্তি। এই পুথি যেনেকৈ নৱবৈষ্ণৱ ভক্তি আন্দোলনৰ এক অভিলেখ, ঠিক তেনেকৈ মধ্যযুগীয়া অসমৰ সাংস্কৃতিক, সামাজিক, ধর্মীয়, ৰাজনৈতিক, অর্থনৈতিক জীৱনৰ সকলো দিশ স্পষ্টভাৱে পৰিস্ফুট কৰিব পৰা এখন সার্থক দলিল।

১১। মধ্য যুগত ৰচিত ব্যৱহাৰিক সাহিত্যৰ এটি পৰিচয় দিয়া? 

উত্তৰঃ শংকৰোত্তৰ যুগটো আছিল প্ৰধানকৈ কাব্য, নাট, অনুবাদ, গীত আদিৰ যুগ। শংকৰদেৱ-মাধৱদেৱৰ আদৰ্শকে সাৰোগত কৰি নাট্যকাৰসকলে সাহিত্য চৰ্চা কৰিছিল। সত্ৰীয়া সমাজত শংকৰী সাহিত্যৰ ধাৰাৰ প্ৰসাৰিত ৰূপ লক্ষ্য কৰা যায়। কিন্তু নৱ-বৈষ্ণৱ আদর্শবাদী সাহিত্য ৰচনাৰ মাজতো ব্যৱহাৰিক সাহিত্যৰ সৃষ্টিও কম পৰিমাণে হ’লেও নোহোৱাকৈ থকা নাছিল। সংস্কৃত আৰু অসমীয়া দুয়োটা ভাষাতে ছন্দ অলংকাৰ, তন্ত্র, স্মৃতি, দর্শন আদি বিবিধ বিষয়ক পুথি ৰচিত হৈছিল। 

পঞ্চদশ শতিকাৰ পৰা অষ্টাদশ শতিকালৈকে ব্যৱহাৰিক সাহিত্যৰ আলোচনা প্রসঙ্গত অসমত ৰচিত সংস্কৃত সাহিত্য আৰু অসমীয়া ভাষাত ৰচিত সাহিত্যসমূহৰ আলোচনাত গুৰুত্ব দিয়া হৈছে। উল্লেখযোগ্য যে ব্যৱহাৰিক সাহিত্যৰ কেইবাখনো সংস্কৃত সাহিত্যৰ পৰাও এইছোৱা সময়ত অনুবাদ কৰা হৈছে। সূর্যখৰি দৈৱজ্ঞৰ দৰং ৰাজবংশাৱলী মতে— কোচ ৰজা নৰনাৰায়ণে বিভিন্ন প্ৰকাৰৰ সাহিত্য চৰ্চাৰ এলানি আঁচনি প্রস্তুত কৰিছিল। বিবিধ বিষয় ৰচনাৰ কাৰণে সভাকবিসকলক আহ্বান জনাইছিল। নৰনাৰায়ণৰ সময় খ্রীষ্টীয় পঞ্চদশ শতিকাতেই ব্যৱহাৰিক পুথিৰ আৰম্ভণি ঘটিছিল। সেইদৰে আহোম ৰাজত্ব কালত সুকুমাৰ বৰকথিৰ হস্তিবিদ্যাণৱ-সাৰ সংগ্ৰহত হাতীৰ প্ৰকাৰ, লক্ষণ, ৰোগ আৰু চিকিৎসাৰ বিষয়ে আলোচনা কৰা হৈছে। ‘ঘোঁৰা নিদান’ গ্ৰন্থতো ঘোঁৰাৰ চিকিৎসা বিষয়ক কথাৰ উল্লেখ কৰা হৈছে। বুৰঞ্জীবোৰতো দ’ল, কাৰেং আদি নিৰ্মাণৰ জোখ-মাখৰ হিচাপ আছে। বুৰঞ্জীবোৰৰ ভিতৰত চাংৰুং ফুকনৰ বুৰঞ্জীত এই জ্ঞানৰ বিৱৰণ আছে। বুৰঞ্জীবোৰক ব্যৱহাৰিক সাহিত্যৰ অন্তৰ্ভূক্ত কৰিব নোৱাৰি যদিও ব্যৱহাৰিক জীৱনৰ অনেক কথাই বুৰঞ্জীত স্থান পাইছিল।

ব্যৱহাৰিক সাহিত্যই গণিত, জ্যোতির্বিদ্যা, চিকিৎসা, বিজ্ঞান, ছন্দ, ব্যাকৰণ, অলংকাৰ আদি পুথিসমূহকো সামৰি লয়। মধ্যযুগত ৰচিত ব্যৱহাৰিক পৰিচয়সূচক হিচাপে গণিত, জ্যোতিষ আৰু চিকিৎসাবিদ্যাৰ লগতে বিজ্ঞানৰো কিছু আভাস দিব পাৰি—

গণিত :

গণিত ৰচনাৰ ক্ষেত্ৰত ভালেকেইজন গণিতজ্ঞ গণিতৰ পুথিৰ বাবে এই যুগ গৌৰৱময়। নৰনাৰায়ণৰ ৰাজসভাৰ সভাপণ্ডিত বকুল কায়স্থই ভাস্কৰাচাৰ্য দ্বিতীয়ৰ বিখ্যাত গ্ৰন্থ সিদ্ধান্তৰ শিৰোমণিৰ ‘লীলাৱতী’ অংশ ভাঙনি কৰিবলৈ ৰজাই নিৰ্দেশ দিয়ে। লীলাৱতীৰ ভিত্তিত তেওঁ ‘কিতাবৎ মঞ্জৰী’ গ্ৰন্থখন ৰচনা কৰে। গ্ৰন্থখনত যোগ-বিয়োগ, পুৰণ-হৰণ, ৰাজকীয় বস্তুৰ হিচাপ ৰখাৰ পদ্ধতি, মাটিৰ জোখ উলিওৱাৰ পদ্ধতিৰ বিষয়ে উল্লেখ আছে। 

পুথিখনত নাৰায়ণ দাস, উমাপতি সিদ্ধ, হৃদয়ানন্দ কায়স্থ আৰু দুর্গা দাসৰ অংকও শেষৰফালে সন্নিৱিষ্ট হৈছে। বকুল কায়স্থৰ কিতাবৎ মঞ্জৰীৰ ভিত্তিত এলিজা ব্ৰাউনে নাথান ব্ৰাউনৰ সহযোগত ‘গণিতৰ কিতাপ’ নামৰ দুটা খণ্ডৰ এখন কিতাপ লিখি ১৮৪৫ চনত প্ৰকাশ কৰে। ভাস্কৰাচাৰ্যৰ দ্বিতীয় গ্ৰন্থখনিৰ লীলাবতী অংশ অসমীয়ালৈ অনুবাদ কৰে কবিৰত্ন দ্বিজে। চূড়ামণি দ্বিজে ৰচনা কৰা চূড়ামণি কাশীনাথৰ অঙ্কৰ আৰ্যা আদি গণিতৰ পুথি এইছোৱা সময়তে ৰচিত হৈছিল।

নৱ-বৈষ্ণৱ যুগত গণিতৰ সংখ্যা ৰচনাৰ সুকীয়া পদ্ধতি কিছুমান আছিল। কবিসকলেও ৰচনাৰ মাজত এনে পদ্ধতিৰেই সময় নির্দেশনা কৰিছিল। সেই পদ্ধতি অনুসৰি বস্তুৰ নামেৰে সংখ্যা নিৰ্দেশ কৰা হৈছিল।

জ্যোতির্বিদ্যা :

জ্যোতির্বিদ্যাৰ ক্ষেত্ৰত অসমত প্ৰাচীন পৰম্পৰা আছিল। অসমত প্রাচীনকালৰ পৰা গ্ৰহ-নক্ষত্ৰৰ গণনা কৰি তিথি, দিন, বাৰ, গ্ৰহণ আদি উলিওৱা হৈছিল। আহোম আৰু কোঁচ ৰাজ্যত পণ্ডিতসকলে শুভ-অশুভ ক্ষণ গণনা কৰিব পাৰিছিল। দৰং ৰাজবংশাৱলীৰ মতে বিশ্বসিংহ ৰাজসভাৰ শ্ৰীবৰ গ্ৰহ-নক্ষত্ৰ গণনা কৰিব পৰা জ্যোতিষী। নৰনাৰায়ণৰ ৰাজত্বকালত তেওঁৰ গুৰু সিদ্ধান্তবাগীশে ‘গ্রহণ কৌমুদী’ আৰু ‘সিদ্ধান্ত কৌমুদী’ নামে দুখন জ্যোতিষ গ্রন্থ সংস্কৃত ভাষাত ৰচনা কৰিছিল৷ কবিৰাজ চক্ৰৱৰ্তীয়ে দিন কিৰৰ্ণাৱলী ৰচনা কৰাৰ উপৰিও শতানন্দৰ ভাস্বতী নামৰ গ্ৰন্থখনৰ অসমীয়া ভাঙনি কৰে। ৰঘুনন্দন ভট্টাচাৰ্যৰ জ্যোতিষ তত্ত্ব, বৈষ্ণৱ দ্বিজৰ জ্যোতিমুক্তাবলী, গর্গ আচাৰ্যৰ গ্ৰহ নিৰ্ণয় আদি গ্ৰন্থৰ উপৰিও লেখকৰ নাম নথকা জ্যোতিষ গণনা, জ্যোতিষ পৰিচয় জ্যোতিষ শাস্ত্ৰ আদি কেইবাখনো গ্রন্থ অসমীয়া ভাষাত পোৱা যায়।

চিকিৎসাবিদ্যা :

জ্যোতির্বিদ্যাৰ দৰে চিকিৎসাবিদ্যাৰো প্ৰাচীন পৰম্পৰা অসমত আছিল। খ্ৰীষ্টীয় সপ্তম আৰু দ্বাদশ শতিকাৰ দুখন শিলালিপিয়ে উল্লেখ কৰা মাধৱকৰ আৰু সাৰঙ্গধৰ দুজন নিদান শাস্ত্ৰবিদ আছিল। চিকিৎসাবিদ নাগার্জুন আৰু ৰসবিদ চক্রপাণি অসমৰ মানুহ আছিল বুলি ধাৰণা কৰা হৈছে। কোঁচ ৰজা বিশ্বসিংহ চিকিৎসাশাস্ত্ৰত পাৰ্গত হোৱাৰ উপৰি তেওঁৰ ৰান্ধনিজনো বৈদশাস্ত্ৰ বিশাৰদ বুলি দৰং ৰাজবংশাৱলীত উল্লেখ আছে। জয়ধ্বজ সিংহই কালিচৰণ শৰ্মা নামৰ বৈদ্যক কনৌজৰ পৰা আনি ৰাজ্যত থাকিবলৈ দিয়ে। অসমত মানুহ আৰু পশু চিকিৎসা সমানে চলিছিল। কিন্তু অষ্টাদশ শতিকাৰ আগলৈকে চিকিৎসা বিষয়ক পুথি ৰচনা হোৱা নাছিল। নৰনাৰায়ণৰ দিনত ভেৰা, ছাগলী, কুকুৰ, মেকুৰী আদিৰ চিকিৎসা চলিছিল। সুকুমাৰ বৰকাথৰ ‘হস্তীবিদ্যাৰ্ণৱ’ হাতী চিকিৎসা বিষয়ক গ্রন্থখন আহোম ৰাজত্ব কালৰ শেষৰ ফালৰ ৰচনা।

সাধাৰণ বিজ্ঞান : 

প্ৰাচীন অসমত সাধাৰণ বিজ্ঞান বুলি কোনো গ্ৰন্থ ৰচনা হোৱা নাই। যদিও চিকিৎসাবিজ্ঞান, জ্যোতিবিজ্ঞান আদি বিষয়ক গ্ৰন্থ ৰচিত হোৱা বুলিব পাৰি। কবিসকলৰ ৰচনাতো বিজ্ঞান ভিত্তিক সত্যতা নিরূপণ হৈ আহিছে। শংকৰদেৱে ভাগৱতত, ক্ষিতি, অপ, তেজ, মৰুৎ আৰু ব্যোম এই পঞ্চ পদাৰ্থৰ পৰা জগত সৃষ্টি হোৱা বুলি ধাৰণা দিছে। মাধৱদেৱে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী বোলাত বিজ্ঞানৰ কথাই জড়িত হৈ আছে। কবিসকলৰ বহুজনৰ চিন্তাত আখ্যান বর্ণনাৰ মাজতো পদার্থ বিজ্ঞানৰ ধাৰণা, অণু-পৰমাণুৰ ধাৰণাই মাধ্যকষণিক ধাৰণা আদি প্ৰকাশ পাইছে।

আয়ুৰ্বেদ :

চিকিৎসাবিদ্যাত আয়ুবেদৰ গুৰুত্ব মধ্যযুগৰ পৰা থকাৰ প্ৰমাণ দিয়ে। জগন্নাথ কবিৰাজৰ ‘বৈদ্যসাৰোদ্ধাৰ’ আৰু দামোদৰৰ ‘চিকিৎসা সংহিতা” এই দুখন উল্লেখযোগ্য পুথি। লক্ষীনাথ সিংহৰ ৰাজত্ব কালত অনঙ্গ কবিৰাজে ‘বৈদ্য কল্পতৰু’ নামৰ এখন গ্ৰন্থ প্রণয়ন কৰে। কেউখন গ্ৰন্থত ৰোগ উৎপত্তিৰ কাৰণ, লক্ষণ, চিকিৎসাৰ নিয়ম আদি বিশদভাৱে আলোচনা কৰা হৈছে।

উল্লিখিত কেউটা দিশৰ উপৰি এইছোৱা সময়ত সংস্কৃত ভাষাত ব্যাকৰণ, দর্শন, ছন্দ, গ্রন্থ, তন্ত্র আদি বিষয়ক ভালেখিনি গ্ৰন্থ ৰচনা হৈছিল। ৰোগ নিৰাময়, শত্ৰুবশ, প্রেম আদি ক্ষেত্ৰত মন্ত্রবিদ্যাৰ প্ৰয়োগো আছিল। কামৰত্ন গ্ৰন্থত কিছুমান মন্ত্ৰ সন্নিৱিষ্ট হোৱাৰ উপৰিও মৌখিক ৰূপত কিছুমান মন্ত্ৰ মধ্যযুগৰ অসমত প্ৰচলন আছিল তাৰে, কিছুমান পাছৰ কাললৈয়ো প্ৰসাৰিত হৈ আহিছে। মন্ত্ৰসমূহ ব্ৰাহ্মণৰ উপৰি অব্ৰাহ্মণ লোকেও সৃষ্টি বা প্ৰয়োগ কৰিছিল। মন্ত্ৰসমূহত অসমৰ বিভিন্ন জাতি জনজাতিৰ ছবি এখনো পোৱা যায়। এনেদৰে মধ্যযুগীয় অসমত পৰম্পৰাগত ধাৰাত বৈষ্ণৱ সাহিত্যৰ চৰ্চা আৰু আহোম যুগত বুৰঞ্জী ৰচনাৰ উপৰি বিজ্ঞান, গণিত, চিকিৎসা, ব্যাকৰণ, তন্ত্র, ছন্দ আদি ব্যৱহাৰিক সাহিত্যও ৰচনা হৈছিল।

চমু টোকা লিখা :

(ক) অসমীয়া বুৰঞ্জী সাহিত্য :

উত্তৰঃ বুৰঞ্জী সাহিত্য আহোমসকলৰ অৱদান আৰু ইয়াৰ সৃষ্টি হয় সপ্তদশ শতিকাৰ মাজভাগত। অষ্টাদশ শতিকাত এই সাহিত্যই বিস্তৃতি লাভ কৰে। কামৰূপ অনুসন্ধান সমিতি, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ চেষ্টাত এতিয়ালৈকে ড্ৰেশৰো অধিক বুৰঞ্জী উদ্ধাৰ হৈছে। কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ বুৰঞ্জী দাহ কাৰ্য, মান-মৰাণৰ অত্যাচাৰ প্ৰাকৃতিক দুৰ্যোগ আদিয়ে ধ্বংস কৰাৰ পিছতো ইমানখিনি বুৰঞ্জী অৱশিষ্ট থকা কথাই বুৰঞ্জী সাহিত্যৰ প্ৰাচুৰ্যৰ আভাস দাঙি ধৰে। এতিয়াও মানুহৰ ঘৰে ঘৰে বহুতো বুৰঞ্জী উদ্ধাৰ নোহোৱাকৈ আছে আৰু বহুতো নষ্ট পাব লাগিছে।

বুৰঞ্জীসমূহক সাধাৰণতে দুটা শ্ৰেণীত ভাগ কৰিব পাৰি। (ক) অসম বা আহোম ৰাজ্যৰ বুৰঞ্জী আৰু (খ) আহোম ৰাজ্যৰ বহির্ভূত ওচৰ-চুবুৰীয়া আন ৰাজ্য বা দেশৰ বুৰঞ্জী। জয়ন্তীয়া, কছাৰী, ত্ৰিপুৰ, পাটছাহ বুৰঞ্জী দ্বিতীয় শ্ৰেণীৰ বুৰঞ্জী। দাঁতিকাষৰীয়া ৰাজ্যৰ জীৱন ধাৰা আৰু ৰাজনৈতিক ইতিহাসৰ লগত পৰিচয় ৰাখিবলৈ যত্ন কৰা কাৰ্যই আহোমসকলৰ ৰাজনৈতিক দূৰদৰ্শিতাৰ পৰিচয় দিয়ে। চাংকং ফুকনৰ বুৰঞ্জীত থকা আহোম ৰজাই সজোৱা মঠ মন্দিৰৰ নিৰ্মাণকাৰ্যৰ তথ্যপূর্ণ বিৱৰণে ৰাজনৈতিক আৰু ব্যৱহাৰিক জ্ঞানৰ সুন্দৰ পৰিচয় দিয়ে। নিজৰ ৰাজ্যৰ প্ৰতিৰক্ষাৰ কাৰণে আৰু ওচৰ-চুবুৰীয়া ৰাজ্যৰ গতিবিধি লক্ষ্য কৰিবলৈ এইবোৰ বুৰঞ্জী ৰচিত হৈছিল।

বুৰঞ্জীসমূহ কথিত ভাষাত ৰচিত। ঐহিক জীৱনৰ বাস্তৱধর্মী ঘটনাৰ উপযোগী মাধ্যম কথিত ভাষা। গতিকে ধর্মবিষয়ক পুথিৰ গদ্যৰ ভাষাৰ দৰে ইয়াৰ ভাষাৰ কৃত্ৰিমতা নাই, অপ্রচলিত শব্দ বা ক্ৰিয়াৰ ফল পোৱা নাযায়। ব্যৱহাৰিকতাপ্রধান বিষয়বস্তুক ৰূপ দিবলৈ যাওঁতে লেখকসকলে ভাষাৰ ব্যৱহাৰিক ৰূপটোহে গ্ৰহণ কৰি লৈছিল। কিন্তু সেই বুলি বুৰঞ্জীসমূহ ঐতিহাসিক ঘটনাৰ নীৰস ধাৰাবাহিক বিৱৰণৰ সমষ্টি নহয়। ড° সূর্যকুমাৰ ভূঞাদেৱৰ ভাষাত ‘বুৰঞ্জীৰ কথা শুকান হাৰ-ছাল নহয়, তাত ভাৱৰ সমাৱেশ আৰু আৱেগৰ সৌৰভ লক্ষ্য কৰিব পাৰি। সেইদেখি এই বুৰঞ্জীসমূহক বুৰঞ্জীৰ এনে অপূৰ্ব সংগম বৃটিছৰ পূৰ্ব যুগৰ কোনো ভাৰতীয় সাহিত্যত দেখিবলৈ পোৱা নাযায় বুলি ক’লেও সত্যৰ অপলাপ নহয়।”

বুৰঞ্জীলেখকৰ দৃষ্টিভঙ্গী আৰু ৰচনা পদ্ধতিত ব্যক্তি নিৰপেক্ষতা এটি মন কৰিবলগীয়া বিশেষত্ব। ব্যক্তিগত ৰুচি-অভিৰুচি বিৰাগ-আসক্তি বিসর্জন দি নিৰপেক্ষ দৃষ্টিৰে ৰাজনৈতিক সকলো কথা বৰ্ণনা কৰি গৈছে এই নিৰপেক্ষতাৰ লগত আন এটি বিশেষত্ব হ’ল বৰ্ণনাৰ পুঙ্খানুপুংখতা, কোনো বিশেষ ঘটনাৰ শক, তাৰিখ, দণ্ড-পল পর্যন্ত সন্নিৱেশ কৰা হৈছে। বুৰঞ্জীবোৰৰ ভাষাত আৰৱী-ফাৰ্চী শব্দৰ প্ৰয়োগ যথেষ্ট দেখা যায়। বিশেষকৈ চিঠি-পত্ৰাদিত নবাব বাদছাহৰ বিৱৰণ দিয়াত আৰু কিছুমান বস্তুৰ নামত পাচী আৰৱী শব্দ প্ৰচুৰভাৱে প্ৰয়োগ কৰিছে। বিভিন্ন বুৰঞ্জীৰ মাজত সাধাৰণতে বৰ্ণনাৰ বিৰোধ বিশেষ দেখা নাযায়। সেইটোৱেই ইমাৰ প্ৰমাণিকতাৰ অন্যতম লক্ষণ।

ৰাজনৈতিক ঘটনাৰ লগত সংশ্লিষ্ট ব্যক্তিসমূহৰ উক্তি-প্রত্যুক্তিবোৰো যথাযথভাবে উদ্ধৃত কৰি বর্ণনীয় বিষয়ক নাটকীয় গুণবিশিষ্ট কৰি তোলা হৈছে। গৌণ বা পৰোক্ষ উক্তিৰ ব্যৱহাৰ নাছিল। কোনো ব্যক্তিয়ে কোৱা কথা দিব লগা হ’লে হুবহু যেনে ভাৱে কৈছিল, সেইভাৱে উদ্ধৃত কৰি দিয়া হয়। বুৰঞ্জীসমূহত উদ্ধৃত কৰা পত্ৰসমূহে সেই সময়ৰ ৰজাঘৰীয়া পত্ৰ লিখাৰ নিদৰ্শন দাঙি ধৰে।

কেইখনমান বুৰঞ্জী গ্ৰন্থ

বুৰঞ্জীৰ নাম সম্পাদনা
দেওধাই অসম বুৰঞ্জী (১৯৩২)ডঃ সূর্যকুমাৰ ভূঞা
কছাৰী বুৰঞ্জী (১৯৫১)          “
অসমৰ পদ্য বুৰঞ্জী (১৯৩৩)          “
বিশ্বেশ্বৰ বৈদ্যাধিপৰ ‘বেলিমাৰ বুৰঞ্জী’          “
আৰু দুতিৰাম হাজৰিকাৰ ‘কলি ভাৰত বুৰঞ্জী’ৰ সংকলিত ৰূপ          “
জয়ন্তীয়া বুৰঞ্জী (১৯৩৭)          “
ত্ৰিপুৰা বুৰঞ্জী (১৯৩৮)          “
অসম বুৰঞ্জী (সুকুমাৰ মহন্ত) ১৯৪৫          “
কামৰূপৰ বুৰঞ্জী (১৯৩০)          “
বাদশাহ বুৰঞ্জী (১৯৩৫)          “
দৰং ৰাজবংশাৱলী (১৯১৭)হেমচন্দ্ৰ গোস্বামী
দৰং ৰাজবংশাৱলী (১৯৭৩)নবীনচন্দ্র শর্মা
চাংৰুং ফুকনৰ বুৰঞ্জী (১৯৬১)ভুবনচন্দ্ৰ সন্দিকৈ
নাওবৈচা ফুকনৰ বুৰঞ্জীলক্ষ্মীনাথ তামুলী
তুংখংগীয়া বুৰঞ্জীডঃ সূর্য কুমাৰ ভূঞা 
দেওধাই অসম বুৰঞ্জীডঃ সূর্য কুমাৰ ভূঞা
আচাম বুৰঞ্জী (১৯৩০) সদৰামিনহৰকান্ত বৰুৱা
অসম বুৰঞ্জী (১৮৯৯)পদ্মনাথ গোহাঞি বৰুৱা
অসম বুৰঞ্জী (১৯৩৮)শৰৎ কুমাৰ দত্ত (সম্পাদিত)
আচাম বুৰঞ্জী (১৮৮৪)কে এন ফুকন
আতন বুঢ়াগোহাঁই এণ্ড হিজ চাইমছসূর্য কুমাৰ ভূঞা
আসাম বুৰঞ্জী (১৮৮৪)গুণাভিৰাম বৰুৱা
আসাম বুৰঞ্জী (১৯২৮)হলিৰাম ঢেকিয়াল ফুকন
আহোমৰ দিন (১৯২৪)হিতেশ্বৰ বৰবৰুৱা
আহোমৰ আদি বুৰঞ্জী (১৯৪৬)পূৰ্ণকান্ত বুঢ়াগোহাঁই
Ahom Buranjiৰায়চাহেব গোলাপচন্দ্র বৰুৱা
আর্লি হিষ্টৰী অৱ কামৰূপ (১৯৩৩)কনকলাল বৰুৱা
ইতিহাসে সোঁৱৰা ছশটা বছৰসবানন্দ ৰাজকুমাৰ
এ কম্প্রেহেনচীভ হিষ্টৰী অৱ আসামডঃ স্বৰ্ণলতা বৰুৱা
এ গ্রীম্পেজ অৱ আচাম (১৯৪৬)ইউ এম বৰুৱা
এংলো আচামীজ ৰিলেশ্যনচ্সূর্য কুমাৰ ভূঞা
কম্প্রেহেনচীভ হিষ্টৰী অৱ আসামহেৰম্ব বৰপূজাৰী
নাওবৈচা ফুকনৰ বুৰঞ্জী (১৮৮০-১৯০০)পদ্মেশ্বৰ নাওবৈচা
বাৰেভূঞাৰ বুৰঞ্জী (১৯৬১)নকুল চন্দ্র ভূঞা
মিডিয়াভেল হিষ্টৰী অৱ আসাম নগেন্দ্র নাথ আচার্য
বুৰঞ্জী বিবেক ৰত্নমণিৰাম দেৱান 
ৰাজেশ্বৰ সিংহসূর্য কুমাৰ ভূঞা
লাচিত বৰফুকন এণ্ড হিজ টাইমছসূর্য কুমাৰ ভূঞা
হিষ্টৰী অৱ আসাম (১৯০৫)এডবার্ড গেইট

(খ) চৰিত সাহিত্য :

উত্তৰঃ  অষ্টাদশ শতিকাত গদ্যত ৰচনা কৰা চৰিত-পুথিৰ বিশেষ বিকাশ দেখা নাযায়। তাৰ ভিতৰত উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ সম্পাদিত ‘কথা-গুৰু-চৰিত’, লক্ষ্মীনাথ বেজবৰুৱাই বাঁহীত প্ৰকাশ কৰা ‘বৰদোৱা গুৰুচৰিত’, গোবিন্দ দাসৰ ‘সন্ত-সম্প্ৰদা’, ভট্টদেৱৰ নামত প্ৰচলিত ‘সৎ সম্প্ৰদায়ৰ কথা’ বিশেষভাৱে উল্লেখযোগ্য। অপ্রকাশিতভাৱে সত্ৰই সত্ৰই সংৰক্ষিত বংশাৱলী চৰিত-পুথিৰ ভিতৰত পদ্যত ৰচিত চৰিত পুথিৰো সম্ভেদ পোৱা যায়। ‘কথা-গুৰু চৰিত’ আৰু ‘বৰদোৱা-গুৰুচৰিত’ আকাৰত যেনেকৈ ডাঙৰ তেনেকৈ গদ্যৰ চানেকিৰূপেও উৎকৃষ্ট নিদর্শন। প্ৰথমখন চৰিপুথিয়ে বর্তমান ৰূপ লয় অষ্টাদশ শতিকাৰ শেষৰ ফালে। কথা গুৰুচৰ্তিত থকা গুৰু পৰম্পৰাৰ উল্লেখ আৰু পুথিৰ আভ্যন্তৰত থকাৰ প্ৰমাণৰ দ্বাৰা এইটো অনুমান কৰিব পাৰি যে দুইখন চৰিত পুথিৰেই ঐতিহ্য আৰু বিকাশৰ পৰম্পৰা একেই আৰু কথা গুৰু চৰিতে সম্পূর্ণ গঢ় লয় অষ্টাদশ শতিকাতহে, মূলটো কিন্তু প্রাচীন। ‘বৰদোৱা চৰিত’ ঊনবিংশ শতাব্দীৰ ৰচনা।

‘কথা-গুৰু চৰিত’ পুথিত দুজন গুরু, নজন আতা, দুজন ঠাকুৰদেৱকে আদি কৰি মহাপুৰুষীয়া বৈষ্ণব সম্প্ৰদায়ৰ প্ৰায়খিনি সন্ত-মহন্তৰ জীৱনবৃত্ত আৰু সমসাময়িক ধৰ্ম আৰু সমাজৰ অৱস্থাদিৰ পৰিচয় পোৱা যায়। এই পুথিৰ প্ৰথম খণ্ডহে প্ৰকাশ হৈছে, দ্বিতীয় খণ্ডত বৈষ্ণৱ ধর্মৰ পাছৰছোৱা কাহিনী লিপিবদ্ধ আছে বুলি ‘সত্ৰ সংস্কৃতিৰ ৰূপৰেখা ‘ত কেৱশানন্দ গোস্বামীয়ে উল্লেখ কৰিছে। প্ৰকাশ হোৱা খণ্ডত মহাপুৰুষৰ পূৰ্বপুৰুষসকলৰ পৰা আৰম্ভ কৰি ভৱানীপুৰীয়া গোপাল আতালৈকে গোটেইখিনি ষোড়শ আৰু সপ্তদশ শতিকাৰ বৈষ্ণৱ সন্ত-প্ৰচাৰকসকলৰ জীৱন আৰু ধৰ্মীয় কার্যকলাপ আলোচিত হৈছে। 

জনশ্ৰুতি প্ৰচলনৰ পৰম্পৰা, অলৌকিক ঘটনা আৰু ভক্তসকলৰ মুখবাগৰি অহা উপাদানৰ ভিত্তি এই বিৰাট চৰিত পুথিখনি বিভিন্ন বক্তা বা চৰিত কওঁতাৰ যোগেদি থাকে গঢ় লয়। শেষবক্তা হ’ল চক্রপাণি বৈৰাগী, যিজনে ইয়াক অষ্টাদশ শতিকাৰ শেষভাগত বর্তমান গঢ় দিয়ে। পুথিখন কেবল ধর্মীয় উপাদানৰ কাৰণেই মূল্যৱান নহয়, মধ্যকালীন অসমৰ সামাজিক, অর্থনৈতিক অবস্থা জানিবৰ কাৰণেও সমানেই মূল্যৱান। গোবিন্দ দাসৰ ‘সন্ত-পৰম্পৰা’ ৰচিত হয় ৰুদ্ৰসিংহই পতা বৈষ্ণর মহাজন সন্মিলনীৰ পিছতেই। 

গোবিন্দ দাস আছিল বনমালীদেৱৰ সেৱক। তেওঁ বৈষ্ণৱ সন্মিলনীত বহুতো সন্ত-মহন্তক লগ পাই তেওঁলোকৰ পৰা সম্ভেদ লৈ এই সম্প্রদা-গ্রন্থ প্রণয়ন কৰা বুলি উল্লেখ কৰিছে। এই গ্ৰন্থত শংকৰদেৱৰ উদ্ভৱৰপৰা চাৰি সংহতিৰ বিভিন্ন ঠাল-ঠেঙুলিৰ বিকাশলৈকে বৰ্ণনা কৰা হৈছে, অসমৰ বিভিন্ন সত্ৰ-সম্প্ৰাদায়ৰ উৎপত্তিৰ বিৱৰণৰ কাৰণে এই পুথি মূল্যৱান।।

চৰিত-পুথিৰ ভাষা ভট্টদেৱ বা ৰঘুনাথ মহন্তৰ পুথিৰ ভাষাৰ পৰা পৃথক যদিও বুৰঞ্জীৰ লগতো একে নহয়। কথিত ভাষাৰে এটি অতিশয় পৰিমাৰ্জিত ৰূপ ইয়াত পোৱা যায়। এই গদ্য সত্ৰীয়া ভকত-সমাজত প্ৰচলিত গম্ভীৰ ভকতীয়া ঠাঁচৰ ওপৰত প্ৰতিষ্ঠিত। এই হিচাপে ভট্টদেৱৰ সাহিত্যিক গদ্য আৰু বুৰঞ্জীৰ দৈনন্দিন কথিত গদ্যৰ মাজতে এই গদ্যৰীতি স্থাপন কৰিব পাৰি। ইয়াত হুবহু কথিত ৰূপ যেনেকৈ আছে, তেনেকৈ ঠাই বিশেষে পদ-পুথিৰ ভাষাও ব্যৱহাৰ কৰিছে। 

উপমা, দৃষ্টান্ত, পদ-পুথিৰ উদ্ধৃতি, খণ্ড বাক্য, যোজনা, ফকৰা আৰু প্ৰত্যক্ষ উক্তিৰ সঘন প্ৰয়োগৰ দ্বাৰা বৰ্ণনা ৰসাল কৰি তোলা হয়। ঠায়ে ঠায়ে ৰূপাকাত্মক বা ব্যাখ্যাত্মক কাহিনী অৱতাৰণা কৰি বিষয়বস্তুৰ উপস্থাপনৰীতি ৰসাল কৰি তোলা দেখা যায়। বাক্যবিন্যাস কথিত ভাষাৰ অনুগামী কাৰণে সকলো ক্ষেত্ৰতে সুবিন্যস্ত আৰু সু-শৃংখলিত নহয়। গোবিন্দ দাসৰ ‘সন্ত-সম্প্ৰদা’ গ্ৰন্থৰ গদ্যত বৰ্ণনাৰ সংযম, ভাষাৰ মিতব্যয়িতা আৰু ৰচনা ভঙ্গীৰ নিৰপেক্ষতা প্রশংসনীয়। ভাষাৰ নিৰালংকাৰ এনে গদ্যৰ এক বিশেষত্ব। 

সপ্তদশ শতিকাৰ চৰিতকাৰ আৰু চৰিতপুথি

শংকৰ চৰিত: ৰামচৰণ ঠাকুৰ
শংকৰ চৰিত: ভূষণ দ্বিজ
সৰু স্বৰ্গখণ্ড, বৰ স্বৰ্গখণ্ড: সার্বভৌম ভট্টাচার্য
শংকৰদেউ মাধৱদেউ চৰিত: দৈত্যাৰি ঠাকুৰ
সন্ত নির্ণয়: কৃষ্ণ ভাৰতী
সন্ত চৰিত, সৎ সম্প্ৰদায়ৰ কথা: কৃষ্ণাচার্য
ভৱিষ্যত: কবিচন্দ্ৰ
গুৰু চৰিত, ভবানীপুৰীয়া গোপাল আতাৰ চৰিত: ৰমানন্দ দ্বিজ
গুৰু চৰিত্ৰ: দামোদৰ দাস
গুৰুলীলা বা সন্ত যশামৃত: ৰাম ৰায়
সন্তমালা: বৈকুণ্ঠনাথ দ্বিজ
বংশী গোপালদেৱ চৰিত: ৰমানন্দ
গোবিন্দ চৰিত: ভবানন্দ দ্বিজ
ঠাকুৰ চৰিত, আই কনকলতা চৰিত: বিদ্যানন্দ ওজা

অষ্টাদশ শতিকাৰ পিছৰ চৰিতকাৰ আৰু চৰিতপুথি

গুৰুচৰিত কথা: চক্রপাণিৰ দ্বাৰা সম্পাদিত
সন্ত-সম্প্ৰদায়ৰ কথা: গোবিন্দ দাস
বৰদোৱা চৰিত: নীলকণ্ঠ দাস
দামোদৰ চৰিত: কৃষ্ণ মিশ্র
লক্ষ্মীপতি চৰিত, ৰামগোপাল চৰিত: জয়নাৰায়ণ
গোপালদেৱ চৰিত: পূর্ণানন্দ
কেশৱদেৱ চৰিত: অম্বৰীশ
অনন্তৰায় চৰিত: ভদ্ৰচাৰু দাস
ঠাকুৰ চৰিত: হৰিনাৰায়ণ দ্বিজ
ঠাকুৰ চৰিত: ৰতিকান্ত দ্বিজ
গুৰু বৰ্ণনা: অনিৰুদ্ধ দাস
হৰিদেৱ চৰিত: বনগঞা গিৰি
সন্তমুক্তাৱলী: ৰমানাথ মহন্ত
অনিৰুদ্ধদেৱ চৰিত: চিদানন্দ দেৱ
এটকা মহন্ত ঝুনা: বিভূনাথ
শিয়াল গোসাঁই চৰিত: কবিৰাজ কবি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top