History of Assamese Literature Unit 2 অসমীয়া লোক সাহিত্য :, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, History of Assamese Literature Unit 2 অসমীয়া লোক সাহিত্য : Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. History of Assamese Literature Unit 2 অসমীয়া লোক সাহিত্য : Question Answer can be of great value to excel in the examination.
History of Assamese Literature Unit 2 অসমীয়া লোক সাহিত্য :
History of Assamese Literature Unit 2 অসমীয়া লোক সাহিত্য : Notes cover all the exercise questions in UGC Syllabus. The History of Assamese Literature Unit 2 অসমীয়া লোক সাহিত্য : provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
(ক) অসমীয়া লোক সাহিত্য :
ASSAMESE
HISTORY OF ASSAMESE LITERATURE
অসমীয়া সাহিত্যৰ বুৰঞ্জী
১। অসমীয়া লোকসাহিত্যৰ সংজ্ঞা দিয়া? লোক সাহিত্যৰ স্বৰূপ নিৰ্ণয় কৰা।
উত্তৰঃ পৰম্পৰাগত লোকবিদ্যা আৰু লোক-প্ৰজ্ঞাৰ ভেটিত লোক-ভাষাৰ মাধ্যমেৰে লোকজীৱনত গঢ় লৈ উঠা বাচিক-কলাই মৌখিক সাহিত্য বা লোকসাহিত্য। নিৰক্ষৰ জনসমাজত মুখে মুখে ৰচিত আৰু অলিখিত ৰূপত মুখ পৰম্পৰাৰে প্ৰচলিত হৈ অহা বাবে ইয়াক সাধাৰণতে মৌখিক সাহিত্য বুলি কোৱা হয়। শিল্পী-সত্ত্বাৰ বিকাশ-প্ৰকাশৰ লগতে লোকৰঞ্জনৰ ৰমণীয় আহিলা ৰূপে লোককলাৰ দৃষ্টি। মৌখিক সাহিত্যও তেনে এবিধ মনোৰম লোককলা।
মৌখিক সাহিত্য তথা লোকসাহিত্যৰ সম্পর্কে বিভিন্নজন পণ্ডিতে বিভিন্ন সংজ্ঞা দাঙি ধৰিছে। তাৰে কেইটিমান উল্লেখ কৰা হৈছে–
বিৰিঞ্চ কুমাৰ বৰুৱাৰ মতে “লোক সাহিত্য সমাজৰ উমৈহতীয়া সৃষ্টিঃ সমাজৰ সৰ্বজনৰ ভাৱ, চিন্তা আৰু কল্পনাৰ মিলন তীৰ্থ; সমগ্ৰ সমাজৰ আনন্দ বিনোদনৰ কলাক্ষেত্র। যুগ যুগ ধৰি জনসাধাৰণৰ মুখে মুখে লোক সাহিত্য চিৰন্তন আৰু চিৰজীৱী হৈ আছে।”
প্ৰফুল্ল দত্ত গোস্বামীৰ মতে, “এইবিলাক (জন-সাহিত্য) হৈছে মুখে মুখে ৰচনা কৰা আৰু মুখ বাগৰি জীয়াই থকা পুৰণি নাম, পদ, মালিতা, ফকৰা, বচন, সাঁথৰ, সাধুকথা।”
নবীনচন্দ্ৰ শৰ্মাৰ মতে, “লোক-সাহিত্য হ’ল লোক-জীৱনৰ যুগ যুগ সঞ্চিত জ্ঞান আৰু অভিজ্ঞতাৰ বহিঃপ্রকাশ।”
লোক সাহিত্যৰ স্বৰূপ :
মানুহে মনৰ ভাৱ-কল্পনা, সৌন্দর্য অনুভূতি আদি প্ৰকাশ কৰিবলৈ সুকুমাৰ কলাৰ বিভিন্ন মাধ্যম নির্বাচন কৰি লয়। চিত্ৰ-ভাস্কৰ্যৰ দৰে সাহিত্য-কর্মও তেনে এটি বিশিষ্ট্য মাধ্যম। লিপি বা আখৰ সৃষ্টিৰ বহুকাল আগৰে পৰা মানুহে মনৰ ভাৱ-অনুভূতি কলাত্মক ৰূপত প্ৰকাশৰ উদ্দেশ্য আপোন ভাষাৰ মাধ্যমেৰে মুখে মুখে গীত-পদ, ফকৰা-যোজনা, কথা-কাহিনী আদি ৰচনা কৰি আহিছে। এইবোৰকে মৌখিক সাহিত্য বুলি অভিহিত কৰা হয়। বেদসমূহো আদিতে মৌখিক ৰূপতে সৃষ্টি হৈছিল।
শ্রুতি, স্মৃতি ৰূপে বহুকাল বৰ্তি থকাৰ পিছতহে ই লিখিত ৰূপ পাইছে। মৌখিক ৰূপত সৃষ্টি হ’লেও আৰু বহুকাল মৌখিক ৰূপত প্ৰচলিত হৈ থাকিলেও বৈদিক সাহিত্যক মৌখিক সাহিত্য বোলা নাযায়। সভ্যতা-সংস্কৃতিৰ ঢাপে ঢাপে মৌখিক-সাহিত্যই ৰূপ সলায়, কিন্তু ইয়াৰ মৌলিক ভিত্তি অপৰিৱৰ্তিত হৈয়ে থাকে। লোক জীৱনৰ সুখ-দুখ, আনন্দ-বিষাদ, প্রেম-বিৰহ, ধৰ্ম দর্শন, জীৱন-জীৱিকা আদি বিষয়-সম্ভাৰেৰে অনাৰী লোক-কবিয়েহে এইবোৰ ৰচনা কৰে। প্রকৃতপক্ষে মৌখিক সাহিত্য আৰু লোক সাহিত্য একেটা মুদ্ৰাৰে দুটা পিঠি।
নবীনচন্দ্র শর্মাই মৌখিক সাহিত্য ৰূপটোক প্ৰাধান্য দিছে যদিও ইয়াৰ উপশ্রেণী বিভাজনৰ বেলিকা লোক কাহিনী, লোককাব্য ৰূপ প্ৰয়োগ কৰিছে। বিৰিঞ্চি কুমাৰ বৰুৱা, প্ৰহ্লাদ কুমাৰ বৰুৱা, শশী শৰ্মা আদি গবেষক পণ্ডিতে লোক সাহিত্য অভিধাটোহে গুৰুত্ব সহকাৰে গ্রহণ কৰিছে। শশী শৰ্মাই পৰম্পৰাগত মৌখিক ৰূপটোক ইয়াৰ প্ৰধান বৈশিষ্ট্য বুলিহে উল্লেখ কৰিছে। সত্যেন্দ্ৰনাথ শৰ্মাই অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তত দুয়োটা দিশ সামৰি মৌখিক লোক সাহিত্য ৰূপটো গ্ৰহণ কৰিছে। প্রফুল্ল দত্ত গোস্বামীয়ে Folk Literature ৰ অসমীয়া প্ৰতিশব্দ ৰূপে ‘জন-সাহিত্য’ ৰূপটোকহে প্ৰাধান্য দিছে।
২। অসমীয়া লোকসাহিত্য সম্পর্কে আলোচনা আগবঢ়োৱা?
উত্তৰঃ লোক-সাহিত্য এটা জাতিৰ প্ৰাণস্পন্দন স্বৰূপ। এই লোক-সাহিত্যৰ যোগেদি এটা জাতিৰ প্ৰাণৰ পৰিচয় ফুটি ওলায়। এই সাহিত্যই মুখে মুখে চলি আহি যুগ যুগ বছৰ পাৰ কৰি বৰ্তমান যুগ পাইছেহি। লোক-জীৱনৰ আশা-আকাংক্ষা এই শ্ৰেণীৰ সাহিত্যৰ মাজেদি সুন্দৰভাৱে প্ৰকাশি উঠে। তদুপৰি ইয়াৰ মাজত প্ৰকাশ পায় বিশ্বজনীনতা। ইয়াৰ ৰচনাৰীতিও সহজ-সৰল। অসমীয়া সাহিত্য এই শ্ৰেণীৰ লোক-সাহিত্যৰে চহকী। অসমীয়া জনজীৱনৰ সৌন্দৰ্য চেতনা, আশা-আকাংক্ষা আৰু প্ৰাণময়তা ইয়াৰ যোগেদি সুন্দৰ ভাৱে প্রকাশি উঠিছে।
অসমীয়া লোক-সাহিত্যৰ শ্ৰেণী বিভাগ : অসমীয়া লোক সাহিত্য পদ আৰু গদ্য উভয়তে ৰচিত। ইয়াৰ সৰহ ভাগেই গীতি সাহিত্য। এই সাহিত্যবোৰ হ’ল :
বিহুগীত আৰু বনঘোষা : অসমৰ লোক-সাহিত্যত বিহুগীত আৰু বনঘোষাৰ এক বিশেষ মর্যাদাপূর্ণ স্থান আছে। সাধাৰণতে চ’ত বহাগ মাহত প্রকৃতি জগত বসন্তৰ পৰশেৰে ৰমক-জমক হৈ উঠে। এই সময়তে অনুষ্ঠিত হয় বিহু উৎসৱ। এই বিহু উৎসৱৰ লগত ৰজিতা খুৱাই ৰচিত হয় এই বিহুগীতসমূহ। ইয়াত প্ৰকৃতিৰ সৌন্দৰ্যৰ লগত হৃদয়ৰ প্ৰেম-প্ৰণয়ৰ ভাবো প্রকাশ পায়। বনঘোষাবোৰত প্ৰকৃতিৰ প্ৰতি এক প্রগাঢ় আকর্ষণ প্রকাশ পায়। প্ৰকৃতিৰ জগতৰ সৌন্দৰ্য ৰাশি ইয়াত সুন্দৰভাৱে প্ৰকাশি উঠে।
লোকগীত : সুৰ লগাই গোৱা হয় লোকগীতসমূহ। সাধাৰণতে এই গীতবোৰত সৰু সৰু ভাবানুভূতি একোটাক প্ৰকাশ কৰা হয়। কেতিয়াবা আধ্যাত্মিক ভাবে৷ ইয়াৰ মাজতে প্ৰকাশি উঠে। সাধাৰণতে শংকৰ-মাধৱৰ প্ৰভাৱৰ কাৰণে কামৰূপী লোকগীতত আধ্যাত্মিক ভাবহে বেছিকৈ বিৰিঙি ওলোৱা দেখা যায়। অৱশ্যে প্রাচীন লোকগীতসমূহত সৰু সৰু জীৱন চিত্ৰও সুন্দৰভাৱে প্ৰকাশি উঠিছে।
বিয়ানাম : সামাজিক অনুষ্ঠানবোৰৰ লগত ৰজিতা খুৱাই ৰচিত লোক-সাহিত্যৰ ভিতৰত উল্লেখযোগ্য হ’ল বিয়ানামবোৰ। বিয়াত সাধাৰণতে এফালে সুখ আৰু আনফালে বেদনা আৰু দুখ প্ৰকাশ পায়। এজনক বিদায় দিয়া আৰু আন এজনক আদৰি লোৱা এই দুয়োটায়ে এফালে আনন্দদায়ক আৰু লগতে বিষাদাত্মক। সেয়ে বিয়ানামবোৰৰ এই শ্ৰেণী গীত গুৰু-গম্ভীৰ। বিয়ানামবোৰত ধৰ্মীয় আদৰ্শও ৰজিতা খাই থাকে। সেই কাৰণে এই ধৰণৰ নাম বা গীতবোৰক ঈশ্বৰৰ লগত যুক্ত কৰা হয়। আনহাতে আনন্দদায়ক গীতবোৰ হাস্য-ব্যঙ্গৰে ভৰপূৰ। কামৰূপত এইবোৰক খিচা গীতো বোলে।
মহোহো গীত : এনে সামাজিক লোক-অনুষ্ঠান মহ খেদা উৎসৱক কেন্দ্ৰ কৰি মহোহো গীতবোৰ ৰচা হয়। মহ খেদাক উপলক্ষ কৰি লোকজীৱনৰ ভাৱধাৰাক ইয়াত ৰূপ দিয়া হয়। অসমৰ বিভিন্ন অঞ্চলত এই গীতবোৰ ভিন্ন ধৰণৰ।
আইনাম : অসমৰ নানা ধর্মীয় অনুষ্ঠানৰ ভিতৰত গোসাঁনী পূজাও অন্যতম। গোসাঁনী দুর্গা, কালী, আই আদিক বন্দনা কৰি এই নামবোৰ গীত গোৱা হয়। এই গীতবোৰত ভক্ত প্ৰাণৰ আকৃতি সুন্দৰভাৱে ফুটি ওলায়। লখিমী সবাহ, অপেশ্বৰী সবাহৰ নামবোৰকো এই শ্ৰেণীৰ গীতৰ পৰ্যায়ভুক্ত কৰিব পাৰি। সাধাৰণতে এই গীতবোৰৰ যোগেদিয়েই দেৱ-দেৱীবোৰৰ জন্ম, মহিমা বৰ্ণাই তেওঁক সুখ-শান্তি দিবলৈ আৰু সকলো কষ্ট নিবাৰণ কৰাৰ কাৰণে খটা হয়।
দেহবিচাৰৰ গীত আৰু টোকাৰী গীতবোৰো এনে আধ্যাত্মিক ভাৱসম্পন্ন গীত। এই দেহ আৰু সংসাৰৰ যে অনিত্য তাকেই এই গীতবোৰত প্ৰতিপাদন কৰা হয়।
কাহিনী গীত : অসমীয়া লোক-সাহিত্যৰ এক বুজন অংশ আগুৰি আছে কাহিনী গীতবোৰে। মণিৰাম দেৱানৰ গীত, ফুলকোঁৱৰৰ গীত, নাহৰৰ গীত, বদন বৰফুকনৰ গীত, মইনা ফুলেশ্বৰীৰ গীত আদি এই শ্ৰেণীৰ লোকগীত। এই গীতবোৰত একোটা সু-সংঘবদ্ধ কাহিনী থাকে আৰু ইয়াক সুৰ লগাই গাব পৰাকৈ ছন্দোবদ্ধভাৱে ৰচনা কৰা হয়। বুৰঞ্জী প্ৰসিদ্ধ ব্যক্তিবোৰৰ জীৱনৰ উপৰি প্ৰাচীন লোক সাধুবোৰকো এই শ্ৰেণীৰ গীতবোৰত তুলি ধৰা হয়।
অসমৰ বিভিন্ন ঠাই আৰু সম্প্ৰদায়বোৰৰ মাজত বিভিন্ন লোকগীত, লোক-সাহিত্য প্রচলিত আছে। গোৱালপাৰা অঞ্চলত এনে লোকগীতৰ প্ৰাচুৰ্য অধিক। গোৱালপৰীয়া লোকগীতসমূহৰ ভিতৰত মৈসাল গীত, হাতীচিকাৰৰ গীত আদিৰ উপৰি বিভিন্ন লোক-অনুষ্ঠানৰ লগত ৰজিতা খুৱাই নানা ধৰণৰ গীত ৰচিত হয়।
গদ্যধর্মী লোক-সাহিত্য: লোক-সাহিত্য মৌখিক সাহিত্যৰূপেই পৰিগণিত। লোককথাবোৰ এনেদৰে এই ৰূপতেই পূৰ্বাপৰ চলি আহিছে। এই শ্ৰেণীৰ সাহিত্যৰ ভিতৰত প্রধানভাৱে উল্লেখযোগ্য হ’ল সাধুকথাসমূহ। এই সাধুকথাসমূহত এটা সুন্দৰ কাহিনী দাঙি ধৰা হয়। কেতিয়াবা কাহিনীৰ মাজত নৈতিক উপদেশো প্ৰচাৰ কৰা হয়।
ফকৰা-যোজনা আৰু প্ৰবচনবোৰো মুখে মুখে চলি অহা এবিধ লোকসাহিত্য। ইয়াত চুটি চুটি গদ্যৰ যোগেদি একো একোটা প্রশ্ন কৰা হয় আৰু অলপ চিন্তা কৰিলেই উত্তৰটো কথাৰ ভঙ্গীৰ মাজতে ওলাব পাৰে।।
অসমৰ মন্ত্ৰ সাহিত্যসমূহকো লোকসাহিত্যৰ ভিতৰত ধৰিব পাৰি। অৱশ্যে এইবোৰো মুখে মুখে চলি আহি অৱশেষত লিপিবন্ধ হৈছে। মন্ত্ৰ সাহিত্যৰ ব্যৱহাৰ নকৰাকৈ ঘৰত ৰখাটো বিপদজনক বুলি আমাৰ এটা ধাৰণা আছে। সেয়ে গৰাকীহীন এই মন্ত্ৰবোৰ পানীত উটুৱাই দিয়া হয়। ইয়াৰ ফলতে মন্ত্ৰ সাহিত্যৰ এক বুজন অংশ হেৰাই গৈছে। এনেদৰে মন্ত্ৰৰ লগত এক জনবিশ্বাস সুন্দৰভাৱে জড়িত হৈ আছে।
অসমৰ লোকসাহিত্যৰ মেটমৰা ভঁৰালে অসমীয়া সাহিত্যৰ শ্ৰীবৃদ্ধি সাধন কৰিছে। এই লোক-সাহিত্যক ভেঁজা দি পৰৱৰ্তী কালৰ অসমীয়া সাহিত্যিকসকলে উৎকৃষ্ট সাহিত্য ৰচনা কৰিছে। আমাৰ এই লোকসাহিত্যসমূহত অসমীয়া জাতীয় জীৱনৰ বহুতো তথ্যৰ সম্ভেদ আছে। এইবোৰৰ গৱেষণাৰ যথেষ্ট প্রয়োজনীয়তা আছে। আমাৰ উঠি অহা ডেকা-গাভৰুসকলে ইয়াক আদৰ কৰিলে, ইয়াক গভীৰভাৱে উপলব্ধি কৰিবলৈ চেষ্টা কৰিলে অসমৰ জাতীয় জীৱন নতুন ৰূপেৰে উজলি উঠিব।
৩। অসমীয়া লোকগীতৰ শ্ৰেণীবিভাজন কৰি অনুষ্ঠানমূলক লোকগীতৰ বিষয়ে চমুকৈ আলোচনা কৰাঁ।
উত্তৰঃ লোকগীতবোৰ লোকসাহিত্যৰ অন্তৰ্গত। মানৱ হৃদয়ৰ অকৃত্রিম আবেগ-অনুভূতিবোৰেই লোকগীত সৃষ্টিৰ মূল কাৰণ। অসমীয়া লোকগীতৰ ভঁৰাল অতি বৈচিত্র্যপূৰ্ণ আৰু সমৃদ্ধিশালী।
বিষয়বস্তু আৰু ৰচনাৰীতি অনুযায়ী অসমীয়া লোকগীতক নিম্নোক্ত ধৰণে ভাগ কৰিব পাৰি :
১। অনুষ্ঠানমূলক
২। আখ্যানমূলক
৩। বিবিধবিষয়ক
অনুষ্ঠানমূলক লোকগীতক পুনৰ দুটা ভাগত ভগাব পাৰি :
(ক) অনুষ্ঠানমূলক বা ধর্মমূলক আৰু
(খ) ভক্তি নিৰপেক্ষ বা ধৰ্ম নিৰপেক্ষ
আকৌ, আখ্যানমূলক লোকগীতবোৰকো তিনিটা ভাগত ভাগ কৰিব পৰা যায়। যেনে—
(ক) বুৰঞ্জীমূলক (নাহৰৰ গীত, চিকণ-সৰিয়হৰ গীত আদি)
(খ) কিম্বদন্তিমূলক (মণিকোঁৱৰৰ গীত, ফুলকোঁৱৰৰ গীত আদি)
(গ) কাল্পনিক (কন্যা বাৰমাহী, মধুমতীৰ গীত, দুবলা শান্তিৰ গীত আদি)
আনহাতে, উপৰোক্ত শ্রেণী দুটাত অন্তৰ্ভূক্ত কৰিব নোৱৰা বিভিন্ন লোকগীতবোৰক বিবিধ বিষয়ক শ্রেণীত সামৰা হৈছে। উদাহৰণ স্বৰূপে, নিচুকণি গীত বা ধাইনাম, নাওখেলৰ গীত, গৰখীয়া গীত, নাঙেলী গীত, মৈষাল গীত, জুনা গীত, গোৱালপাৰাৰ চটকা, বৰশীবোৱা গীত আদি।
অনুষ্ঠানমূলক লোকগীত :
সাধাৰণতে কোনো উৎসৱ-অনুষ্ঠানত গোৱা গীতবোৰকে অনুষ্ঠানমূলক লোকগীত আখ্যা দিয়া হৈছে। অৱশ্যে এই লোকগীতবোৰ আন সময়ত গোৱাৰ ক্ষেত্ৰতো বাধা নাই। অনুষ্ঠানমূলক লোকগীতৰে কেতবোৰ ধৰ্মীয় উৎসৱ-অনুষ্ঠানত গোৱা হয়। ইয়াৰ অন্তৰালত একধৰণৰ উদ্দেশ্য নিহিত থাকে। সেয়া হ’ল উপাস্য দেৱতাৰ সন্তুষ্টি বা আৰাধনা। এইবোৰেই ভক্তিমূলক লোকগীত। অসমীয়া জনমানসত প্রচলিত এনে গীতৰ ভিতৰত আইৰ নাম, সুবচনীৰ নাম, দেৱীৰ নাম, লখিমী সবাহৰ গীত, মনসাৰ গীত, অপেচৰী সবাহৰ গীত, জগন্নাথৰ নাম, গোপী কৃষ্ণৰ গীত আদি উল্লেখযোগ্য।
অসমীয়া অনুষ্ঠানমূলক ধর্মীয় লোকগীতৰ বেছিভাগেই নাৰী সমাজত প্ৰচলিত। অসমীয়া আয়তীসকলে বসন্ত ৰোগ নিৰাময় হ’বলৈ আই বা শীতলা দেৱীৰ সন্তুষ্টিৰ অৰ্থে গোৱা গীতেই আইনাম। সন্তান বা ঘৰৰ মংগলার্থে সুবচনীৰ পূজা পাতি সুবচনী গীত গোৱা হয়। আকৌ ল’ৰা-ছোৱালী শুকাই-খীনাই যোৱা, ছোৱালী পুষ্পিতা নোহোৱা আদি অমংগল দূৰীকৰণৰ বাবে অপেচৰী গীত গায়।
তেনেদৰে লখিমীক আদৰণি জনাই যি গীত গোৱা হয় সিয়েই লখিমী সবাহৰ গীত। এইবোৰৰ উপৰিও পাগলী-পাৰ্বতীৰ গীত, সত্যপীৰৰ গীত গংগাৰ গীত, অন্নপূর্ণাৰ গীত, কালীপূজাৰ নাম; চৰাব্ৰতৰ গীত, জন্মাষ্টমীৰ নাম, বাঁশ পূজাৰ গীত, চড়কপূজাৰ গীত, সোণাৰায় পূজাৰ গীত, মদন কামৰ গীত আদি অনেক ভক্তিমূলক লোকগীত বিশেষ অনুষ্ঠান উপলক্ষে গোৱা হয়।
ধর্মীয় লোকগীতবোৰ প্ৰধানতঃ সৰল লোকৰ লোকবিশ্বাসৰ আধাৰতে গঢ় লৈ উঠিছে। বিষয়বস্তু ধর্মমূলক হোৱাৰ বাবে বেছিভাগ গীতৰে প্ৰকাশশৈলীত একধৰণৰ গাম্ভীর্য বিদ্যমান।
অসমীয়া লোকগীতৰ ক্ষেত্ৰখনত ধৰ্ম-নিৰপেক্ষ তথা অনুষ্ঠানমূলক লোকগীতবোৰেও বিশেষ স্থান অধিকাৰ কৰি আছে। বিহু উৎসৱৰ লগত জড়িত বিহুনামে অসমীয়া লোকগীতক চহকী আৰু প্ৰাণৱন্ত কৰি তুলিছে। এই বিহুগীতৰ অৰ্ন্তনিহিত সুৰ হ’ল প্ৰেম। আনহাতে ব’হাগ বিহুৰ সময়ত গৃহস্থৰ মংগল কামনাৰে ঘৰে ঘৰে হুঁচৰি গোৱা হয়। এই অনুষ্ঠানত গোৱা গহীন ধৰণৰ গীতবোৰেই হুঁচৰি গীত।
অসমৰ পৰম্পৰাগত বিবাহ অনুষ্ঠানত গোৱা বিয়ানামবোৰ অসমীয়া লোকসাহিত্যৰ অমূল্য সম্পদ। বিবাহকালীন সময়ছোৱাত আয়তীসকলে জোৰণৰ গীত, অধিবাসৰ গীত, পানীতোলাৰ গীত, দৰা কইনাক গা ধুওৱা গীত, দৈয়নৰ গীত, সুৱাগুৰি তোলা গীত; দৰা আদৰা গীত, কইনা উলিয়াই দিয়া গীত আদি বিভিন্ন ধৰণৰ গীত গীয়। উজনি-নামনি উভয়তে এনে গীতৰ প্ৰচলন আছে। বিষয়বস্তু আৰু প্ৰকাশ ৰীতিৰ ফালৰ পৰা এনে গীত দুবিধ : এবিধ গহীন আৰু ৰুচিপূৰ্ণ। আনবিধ ধেমেলীয়া। গহীন শ্ৰেণীৰ গীতৰ মাজেদি নাৰীমনৰ কল্পনা, দাম্পত্য জীৱনৰ আদৰ্শ আদি প্ৰকাশ পাইছে। আনবিধৰ যোগেদি দৰা বা কইনাঘৰীয়াক জোকাই আনন্দ উপভোগ কৰা হয়। ইয়াক যোৰানাম বা খিচাগীত (নামনি) বোলা হয়।
আঘোণ মাহৰ পূৰ্ণিমা তিথিত বিশেষতঃ নামনি অসমত মহ খেদাৰ ভংগীৰে হাতত টোকোন লৈ ডেকাবোৰে কেতবোৰ ধেমেলীয়া গীত গীয়। এই গীতবোৰকে মহোহো গীত বা মহখেদা গীত বোলে। উদাহৰণস্বৰূপে—
অ’ হো হো মহোহো
মহ খেদবা টোকোন লৌ।
মহে বোলে মৈল্লু দে
টেপৰ পুৰা খালু দে।।
এনেদৰে দেখা গ’ল যে অনুষ্ঠানমূলক লোকগীতবোৰে অসমীয়া লোকসাহিত্যক বৈচিত্র্যময় আৰু আৰু সজীৱ কৰি ৰাখিছে। ধৰ্মীয় ভাবসম্পন্ন গীতৰ সংখ্যা অধিক। এইবোৰৰ যোগেদি মূলতঃ সৰল প্ৰাণৰ বিশ্বাস প্ৰতিফলিত হৈছে। আনহাতে ধৰ্ম নিৰপেক্ষ অনুষ্ঠানমূলক
লোকগীতৰ অন্তৰ্ভূক্ত বিহুনাম, বিয়ানাম আদিয়েও অসমীয়া লোকসাহিত্যক সমৃদ্ধ কৰিছে।
৪। মালিতা কাক বোলে? ইয়াৰ প্ৰধান ভাগবোৰ উল্লেখ কৰি প্ৰতিটো ভাগৰে বৈশিষ্ট্য চমুকৈ দাঙি ধৰা।
উত্তৰঃ মালিতা এক শ্ৰেণীৰ কাহিনী গীত। M.H. Abrams ৰ মতে মালিতা হ’ল A ballad is a song transmitted orally, which tells a story, ইটালিৰ Ballare শব্দৰ পৰা Ballad শব্দটোৰ সৃষ্টি হৈছে। যাৰ অৰ্থ হৈছে to dance.
মালিতাৰ বৈশিষ্ট্য :
(ক) মালিতাত এটি গল্প বা কাহিনী নিহিত থাকে। সাধাৰণভাৱে গল্প নিৰ্ভৰ হয়।
(খ) মালিতাৰ ভাষা সহজ-সৰল আৰু প্ৰাঞ্জল হয়।
(গ) মালিতাৰ প্ৰত্যেকটো কাহিনীতে নাটকীয় উপাদান যথেষ্ট পৰিমাণে বিদ্যমান হৈ থাকে।
(ঘ) মালিতাত হাস্যউদ্দীপনকাৰী ৰসৰ সমাহাৰ ঘটে তেনেকৈ ট্ৰেজেডী ৰসৰো প্ৰকাশ ঘটে।
(ঙ) ছুটীগল্পৰ দৰে মালিতাৰো কেন্দ্ৰত একোটা ঘটনা প্রতিফলন ঘটে।
মালিতাৰ শ্ৰেণী বিভাজন :
অসমীয়া মালিতা বা বেলাডক প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি—
(ক) বুৰঞ্জীমূলক মালিতা।
(খ) কিম্বদন্তি বা জনশ্রুতিমূলক।
(গ) কাল্পনিক মালিতা।
(ক) বুৰঞ্জীমূলক মালিতা : বুৰঞ্জীমূলক মালিতাৰ ভিতৰত বৰফুকনৰ গীত, হৰদত্ত-বীৰদত্তৰ গীত, মণিৰাম দেৱানৰ গীত, চিকণ সাহিত্য গীত, নাহৰৰ গীত, জয়মতী কুঁৱৰীৰ গীত, গৌৰীনাথ সিংহৰ গীত বিশেষভাবে উল্লেখযোগ্য। এই গীতবোৰৰ ভিতৰত নাহৰৰ গীতটোৱেই সৰ্বপ্ৰাচীন, কাৰণ নাহৰ ডেকা খোৰাৰজাৰ কুঁৱৰী এগৰাকী তোলনীয়া ল’ৰা আছিল। মণিৰাম দেৱানৰ গীতটোৱেই অতি অর্বাচীন।
চিকণ সৰিয়হ জয়ধ্বজ সিংহৰ শহুৰেক ৰাজশহুৰ নাও বৈচাফুকনৰ পুতেক। সি সৰিয়হৰ ফুল যেন চিকণ বা শুৱনী আছিল। তাৰ সাত ককাই ভায়ে ষড়যন্ত্ৰ কৰি ৰাজপাত ল’বলৈ উপক্ৰম কৰা বুলি ৰজাই গম পাই তাক সবংশে বধ কৰে। গীতটোত এই কাহিনীকে বর্ণনা কৰা হৈছে। গৌৰীনাথ সিংহৰ গীতত ৰজা গুপ্ত প্রণয়ৰ এটি কাহিনীকে লুকাই আছে। ঘিণাই বৰফুকন বা বদন বৰফুকনে মান অনাৰ কাহিনী লৈ ৰচনা কৰা বৰফুকনৰ গীতেই সম্পূৰ্ণভাৱে পোৱা গৈছে।
ফুলকোঁৱৰৰ গীত, মণিকোঁৱৰৰ গীত, জনা গাভৰুৰ গীত, কমলা কুঁৱৰীৰ গীত, ৰাধিকা শান্তিৰ গীত, দুবলা শান্তিৰ গীত, কিম্বদন্তী বা জনশ্ৰুতিমূলক। সেইদৰে মধুমতীৰ গীত, কন্যা বাৰমাহীৰ গীত আদিক কাল্পনিক মালিতা আখ্যা দিব পাৰি।
ফুলকোঁৱৰ, মণিকোঁৱৰ আৰু জনাগাভৰুৰ আখ্যানৰ জুমুঠিটো প্ৰাক আহোম যুগৰ হয়তো হ’ব পাৰে; কিন্তু বর্তমানে এই আখ্যানকেইটা যি ৰূপত পোৱা গৈছে আৰু প্ৰকাশ হৈছে সেই ৰূপ লাভ কৰিছে আহোম ৰাজত্বৰ শেষৰ ফালে। ফুলকোঁৱৰ আৰু মণিকোঁৱৰৰ গীত দুটাত সম্পূৰ্ণ আহোম ৰাজত্বৰ পৰিৱেশ পোৱা যায়। জনাগাভৰুৰ গীতৰ নায়ক গোপীচন কোঁৱৰ, মাক ময়নামতী, আৰু “তিৰী হৈ ৰাজপাট খোৱা” নায়িকা জনাৰ লগত নাথ সাহিত্যৰ প্ৰসিদ্ধ গোপীচন্দ্ৰ ৰজা, মাক ময়নামতী আৰু মৎশ্যেন্দ্ৰনাথ বন্দী হৈ থকা স্ত্ৰীৰাজ্যৰ কিবা সম্বন্ধ আছে নে নাই সেই বিষয়ে সঠিককৈ একো সিদ্ধান্ত দিব নোৱাৰি যদিও, সাদৃশ্যটো মন কৰিবলগীয়া।
কন্যা বাৰমাহী গীত, দুবলা শান্তিৰ গীত, জয়ধন বনিয়াৰ গীত প্রায়ে একে পর্যায়ৰ গীত। আখ্যানমূলক মালিতাবোৰত অলৌকিকতা আৰু অতি প্রাকৃত ঘটনাৰ সংযোগ বিশেষভাৱে মন কৰিবলগীয়া কিছুমান গীতত দেবতা, অপদেৱতা আৰু ভূত-প্ৰেতত বিশ্বাস আৰু চৰিত্ৰই অলৌকিক কৌশলৰ দ্বাৰা অসম্ভৱ কাৰ্য সম্পন্ন কৰা দেখা যায়। বুৰঞ্জীমূলক গীততো অতি প্ৰাকৃতৰ প্ৰভাৱ নপৰাকৈ থকা নাই। বৰফুকনৰ গীতত এঠেঙীয়াৰ দেশ, কুলাকণীয়াৰ দেশৰ কথা পোৱা যায়।
চহা জীৱনৰ মনস্তত্ব, অন্ধবিশ্বাস, জনসাধাৰণৰ ধৰ্ম, আচাৰ ব্যৱহাৰ আৰু জীৱন যাত্ৰাৰ প্রণালী সম্বন্ধে মালিতাবোৰত যথেষ্ট উপকৰণ পোৱা যায়। গীতবোৰ প্ৰায়েই ত্ৰিপদী ছন্দত ৰচিত আৰু চৰণৰ শেষৰ ধ্বনিৰ মিল পৰিলক্ষিত। সংলাপন ৰীতিৰ প্ৰয়োগ, আকস্মিক সংযোগ আৰু অপ্রত্যাশিত ঘটনাই গীতবোৰক নাটকীয়ত্বও প্ৰদান কৰে।
৫। সাধুকথা কি? লোক সাহিত্য হিচাপে সাধুকথাৰ বিশেষত্ব বিচাৰ কৰা?
উত্তৰঃ ইতিহাস অতি প্রাচীন। সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতে মৌখিক ৰূপত সাধুকথাৰহে প্ৰচলন আছিল। সাধুৰ সৃষ্টি কেতিয়া হৈছিল কোনেও ক’ব নোৱাৰে। অতীত কালৰ পৰা পূৰ্বপুৰুষে উত্তৰপুৰুষৰ আগত জীৱন অভিজ্ঞতাৰ পাতনি মেলাৰ মাজত ইয়াৰ বীজ নিহিত আছে। বীত্বব্যঞ্জক কাহিনী শুনাৰ হেঁপাহ, অলৌকিক জগতত বিচৰণৰ আনন্দ, লৌকিক জগত, পশু-পক্ষীৰ লগত ভাব বিনিময় কৰিব পৰা দুৰ্বাৰ হেঁপাহ আদি মানুহৰ আদিম প্রবৃত্তি।
কালক্ৰমত এনে ধৰণৰ বিষয় সম্পৃক্ত কৰি শুিৰ উপযোগীকৈ কাহিনী কোৱাতেই সাধুকথাৰ সৃষ্টি বুলি ক’ব পৰা যায়। সাধুকথাৰ জগতখন যেনে অবাস্তব তেনে ধুঁৱলী কুঁৱলীও। এটা কাহিনীৰ মূল জঁকাটোক আশ্ৰয় কৰি বক্তাই নিজৰ ৰুচি অনুসৰি অনেক ঘটনাৰ সংযোগ কৰি অনেক উপঘটনাৰ সংযোগ কৰি গৈ থাকিব পাৰে। শ্ৰোতাৰ জিজ্ঞাসু মনটো অধিক অনুসন্ধিৎসু কৰি গৈ থাকে।
সাধুকথা পৃথিৱীৰ প্ৰায়বোৰ উন্নত জাতিৰেই ঐতিহ্যপূর্ণ সম্পদ স্বৰূপ। প্রত্যেক ভাষিক গোষ্ঠীৰ লোকৰ মাজত সাধুকথাৰ প্ৰচলন আছে। ইয়াৰে কিছুমান ধৰ্মমূলক কিছুমান যুদ্ধ-বিগ্রহ, চিকাৰ আদিৰ লগত জড়িত বীৰত্বব্যঞ্জক, কিছুমান ভূত-প্রেত, জখিনী, জলকুঁৱৰী আদিৰ লগত জড়িত অলৌকিক, কিছুমান কাল্পনিক ইতিহাস আধাৰিত কিংবদন্তিমূলক, কিছুমান ব্যক্তিবিশেষৰ কৰ্ম নিৰূপক, ইত্যাদি অনেক প্ৰকাৰৰ সাধু বিভিন্ন ভাষাত পোৱা যায়। উল্লেখযোগ্য যে সাধুকথা বুলিলে সকলো ভাষাতেই প্ৰায় একে ধৰণৰ বিশেষত্ব দেখা যায়। বিষয়বস্তুগতভাৱে পার্থক্য থাকিলেও উপস্থাপন ৰীতি, কাহিনীৰ বিকাশ, অলৌকিতাৰ সমাবেশ, অবাস্তৱতা, কাহিনীৰ ছলেৰে নীতিশিক্ষা প্রদান আদি প্রায় একেধৰণৰ বিশেষত্ব দেখা পোৱা যায়। অসমীয়া সাধুকথাৰ শ্ৰেণীবিভাজন এনেকৈ কৰিব পাৰি—
(ক) ধর্মমূলক।
(খ) কিংবদন্তিমূলক।
(গ) বণিজ বিষয়ক।
(ঘ) অলৌকিক।
(ঙ) কর্মমূলক আদি।
সাধুকথা হ’ল লোকমনৰ প্ৰকাশ। জনজীৱনৰ কল্পনা, চিন্তা, আদর্শ, বিশ্বাস, পৰম্পৰা, কর্ম, আচৰণ, নীতিবোধ আদি সাধুকথাৰ মাজত অন্তনির্হিত হৈ থাকে।
আদিম কালৰ পৰাই মানুহ আছিল ধর্মভীৰু। অলৌকিক শক্তিক মানুহে বিশ্বাস কৰি আহিছে। অলৌকিক শক্তিকে বিভিন্ন সময়ত বিভিন্ন দেৱ-দেৱীৰ নাম দি লোৱা হৈছিল। সৃষ্টিতত্ব, জগতৰ ৰহস্যৰ সন্ধান আদিত ধৰ্মীয় পৰম্পৰা এটা জড়িত হৈ আছে। তেজীমলাৰ সাধু, তেজা আৰু তুলা, চিলনীৰ জীয়েক আদি অনেক কাল্পনিক অথচ কিংবদন্তীমূলক ঘটনা সাধুৰূপে জনসমাজত চলি আহিছে। সদাগৰ বণিজলৈ যোৱা, নাৱেৰে বেপাৰ কৰা, সাগৰত নাও মেলা আদি বণিজ বিষয়ক সাধু, জলকুঁৱৰী, বনকুঁৱৰী, ভূত, জখিনী আদিৰ খেলা বিষয়ক অলৌকিক সাধু, আৰু চিকাৰ, যুদ্ধ, পৰ্বত বগোৱা, জন্তুৰ লগত যুদ্ধ কৰা আদি কৰ্মমূলক একশ্রেণীৰ সাধু কথাও প্ৰচলন হৈ আহিছে।
উল্লেখযোগ্য যে সাধুবোৰত কলাৰ আনন্দ লাভ হয় যদিও সাহিত্যিক মূল্য তেনেই কম। সঘনে ইয়াৰ ৰূপৰ পৰিৱৰ্তন হোৱাই মূল কাৰণ। বক্তাৰ অভিজ্ঞতা অনুসৰি কেতিয়াবা মূল সাধুটোৰ জঁকাটোহে থাকেগৈ, কেতিয়াবা তেজ-মঙহে ভিৰ কৰে। কোনো সময়ত অলংকাৰৰ নামমাত্রও নাথাকে, কোনো সময়ত ওলোমাবলৈ ঠাই নোহোৱা হয়। নিৰ্ধাৰিত আৰু নিটোল ৰূপ এটা নথকাৰ বাবে সাধুবোৰত সাহিত্যিক মূল্য তেনেই কম।
অসমীয়া সাধুবোৰৰ একাংশ জীৱ-জন্তু সম্পৰ্কীয়। শিশুৰ বুদ্ধিক তীক্ষন কৰিবৰ বাবে এজাতি পশু-পক্ষীক আশ্রয় কৰি ধূৰ্তালিৰ কাহিনী প্ৰস্তুত কৰা হ’ল। শিয়াল পণ্ডিত, বাঘ আৰু ছাগলী, বান্দৰৰ পিঠা ভাগ কৰিবলৈ মেকুৰীৰ সহায়, শিয়ালৰ ধূৰ্তালি, বাঘৰ অকৰালি আদিবোৰ কৌতুকপূর্ণ নহয়, শিক্ষণীয়ও।
সাধুকথাৰ এক বিশেষত্ব হ’ল কথাৰ মাজে মাজে গীতৰ সংযোজন। অসমীয়া সাধুবোৰৰ কোনোটোত মাজে মাজে গীতৰ সংযোগ হৈছে। কথাৰ মাজত গীত উপস্থাপনে শ্ৰোতাৰ মনৰ অৱসাদ আঁতৰোৱাৰ লগতে বর্ণনীয় বিষয়কো আবেদনশীল কৰি তোলে। দুটিমান উদাহৰণ
(ক) হাতো নেমেলিবি ফুলো নিছিঙিবি
ক’ৰে নাৱৰীয়া তই।
পাট কাপোৰৰ লগতে মাহী আই খুন্দিলে
তেজীমলাহে মই।
(খ) চম্পাৱতীৰ সাধুত আছে—
হুৰ হুৰ বটা চৰাই।
মোৰ ধান নেখাবি।
তোক দিম গোটাই কৰাই।
ধানো খাম পতানো খাম।
চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম।
(গ) চিলনী জীয়েকৰ সাধুত আছে—
আগলি কলাপাত লৰে কি চৰে
মোৰ আই চিলনী আগতে পৰে।
সাধুবোৰৰ কথা অংশৰ কিছু সংযোগ-বিয়োগ হ’লেও গীতবোৰৰ পৰিৱৰ্তন নহয়। সংযোজিত গীতবোৰে সাধুবোৰক কাব্যিকতা আৰু সঙ্গীতময়তা দান কৰিছে। চহা লোকৰ মুখে মুখে প্রচলিত সাধুবোৰে জনজীৱনৰ প্ৰতিচ্ছবি দাঙি ধৰে। বৰ্তমান যুগতো সাধুকথাৰ গুৰুত্ব কমি যোৱা নাই।
৬। চমুটোকা লিখা।
(ক) সাঁথৰ।
উত্তৰঃ সাঁথৰবোৰৰ প্ৰাচীনত্ব স্বীকাৰযোগ্য। সাঁথৰবোৰ শব্দৰ মায়াজাল। এই মায়াজাল ভেদ কৰিব পাৰিলেই প্ৰকৃত কথাটোৰ সম্ভেদ পোৱা যাব। সাঁথৰবোৰ ভাষা উদ্দীপক বিষয়। শব্দৰ গঠনৰীতিত বুদ্ধিমত্তাৰ পৰিচয় পোৱা যায়। ই একপ্ৰকাৰ শব্দ যাদু। প্রশ্নকৰ্তাৰ বুদ্ধিক উত্তদাতাই ভেদ কৰিব পাৰিলে উত্তৰদাতাৰ বুদ্ধিমত্তাৰ পৰিচয় ফুটি উঠে। চোৰেহে চোৰৰ ঠেং দেখে, অর্থাৎ বুদ্ধিদীপ্ত শব্দৰ চাতুৰ্যক বুদ্ধিৰেহে কাটিব পাৰি। এক অৰ্থত এইবোৰে মগজুৰ বিকাশ সাধন কৰে। দুটিমান উদাহৰণৰ জৰিয়তে বিষয়টো স্পষ্ট কৰা হ’ল―
(ক) আইৰ হয় ভাই।
মোৰ হয় ভাই।
মোমাইৰ ভাগিনীয়েকক কি বুলিব পায়।
উত্তৰঃ মই।
(খ) ক আইটি তপৰাই।
কাটি নিলে বাঢ়ি যায়।
উত্তৰঃ সূতা।
(গ) দা কুঠাৰ বাইচখন।
চোৰে নিলে তিনিখন
থাকিলে কেইখন
উত্তৰঃ শূন্য।
(ঘ) চিত পখিলা।
তিনিমূৰীয়া দহ ঠেঙীয়া ক’ত দেখিলা
উত্তৰঃ হালবোৱা মানুহ।
এনেধৰণৰ সাঁথৰ অসমীয়া ভাষাত অলেখ আছে। ইয়াৰে কিছুমান অতি প্রাচীন, কিছুমান পৰিৱেশৰ লগত মিলাই নিজে সৃষ্টি কৰি লোৱা। চৰ্চাৰ অভাৱত প্রাচীন বহু সাঁথৰ লোপ হৈছে। সাঁথৰবোৰত কেতিয়াবা বৃত্তগন্ধী ৰূপ আৰু কেতিয়াবা অলংকাৰ প্রয়োগেৰে উপস্থাপন কৰা দেখা যায়। ভাষাক সমৃদ্ধিশালী কৰাত সাঁথৰবোৰৰ গুৰুত্ব অনন্য।
(খ) ফকৰা যোজনা :
অসমীয়া সমাজত প্ৰচলিত এফাকি কথা— ‘বাৰকুৰি বৰগীত তেৰকুৰি ফকৰা।’ ফকৰাবোৰত সংযোজিত শব্দবোৰে পোনপটীয়া অর্থ নিদি সুকীয়া অর্থবোধ এটাহে দিয়ে। যি পৰিৱেশত পোনপটীয়াকৈ কথা ক’বলৈ অসুবিধা তেনে পৰিৱেশত মূল বিষয়ৰ লগত সংগতি ৰাখি বেকাকৈ কথা কোৱা হয়। গতিকে ফকৰাবোৰ হৈ পৰে অতি গূঢ়ার্থমূলক। সংখ্যাগতভাৱে ফকৰাৰ প্ৰকৃত সংখ্যা নিরূপণ কৰিব নোৱাৰি। বৰ্তমানো এনে কিছুমান ভিতৰুৱা গাঁও আছে সেইবোৰত একোগৰাকী লোকে এনে কিছু ফকৰা কয় যিবোৰ কাহানিও শুনা নাযায়। গাঁৱৰ মানুহবোৰ, কিছুমানে আচৰ্তিজনকভাৱে যিকোনো পৰিস্থিতিৰ লগত মিলাই একোটা ফকৰা হৈ দিব পৰা বিচক্ষণতা আছে।
অসমীয়া ভাষাত দুই ধৰণৰ ফকৰা দেখা যায় – (ক) ভকতীয়া ফকৰা আৰু (খ) সাধাৰণ ফকৰা। ভকতীয়া ফকৰাবোৰ বৈষ্ণৱ যুগত ৰচিত বা সত্ৰীয়া পৰিমণ্ডলত সৃষ্টি হোৱা। কথাগুৰু চৰিত এনে ধৰণৰ বহু ফকৰা দেখা যায়। যেনে—
(ক) পশু নকৰিবা শৰ মৰাও নানিবা, জীয়াও নানিবা, শুদা হাতে নপশিবা ঘৰ।
(খ) গড় বান্ধি যুঁজিলে সজ প্ৰাণৰ সংশয় নাই বিনা গড়ে যুঁজিলে ভয়।
(গ) গিয়ান চৰাই ভাও, লাম্ফ দি আহাৰ খায়, পাণ্ডত নিদিয়ে পাব। নাও দিলো, বঠা দিলো আৰু দিলো চৰি, বৰাই বঁটি খাব নোৱাৰে কার কোন বৈৰী।
(ঘ) ঠেং তলে বৌ যায় মিছালৈ টোপলিয়ায়।
(ঙ) পৃথিৱীত দি পার, হৃদয়ৰ মাজে গুরু আছে আত্মাত বিচাৰি যাওঁ। ইত্যাদি।
সাধাৰণ কথা-বতৰাত ব্যৱহৃত ফকৰাৰ সংখ্যা অলেখ। হেমচন্দ্র বৰুৱা, মহেশ্বৰ নেওগ আদিয়ে ফকৰা যোজনা আৰু পটন্তৰ এই কেউটাকে সমার্থক ৰূপে ব্যৱহাৰ কৰি গৈছে। ফকৰা যোজনাবোৰো একোটা ভাষাৰ আপুৰুগীয়া সম্পদ। অসমীয়া ভাষাত শ্ৰীকৃষ্ণ কীর্তন, মাধৱ কন্দলি, হৰিবৰ বিপ্ৰ আদি লেখাৰ ফকৰা যোজনাৰ প্ৰয়োভৰ আছে। বুৰঞ্জীবোৰতো ফকৰাৰ ব্যৱহাৰ লক্ষ্য কৰা যায়। এইসমূহে প্রমাণ দিয়ে অসমীয়া ভাষাত অতি প্রাচীন কালৰ পৰাই ফকৰাৰ প্রয়োগ হৈছিল। সেইবোৰে সময়ে সময়ে সাহিত্যত স্থান লাভ কৰিছে।
ফকৰা যোজনাত জাতীয় জীৱন অভিজ্ঞতাৰ বহু বৰ্ণময় প্রকাশ ঘটে। দহহৰ জ্ঞান একৰ বাণী বোলা কথাষাৰেই স্পষ্ট কৰে বহু যুগৰ বহুজনৰ অভিজ্ঞতা ফকৰাবোৰত সঞ্চিত হৈ থাকে। জনজীৱনৰ অভিজ্ঞতাৰ একক প্রকাশ যদিও হৈ সকলোৰে জীৱনৰ বাবে সত্য হৈ উঠে। কোনো সময়ত এজন ব্যক্তিৰ দ্বাৰা প্ৰকাশিত হ’লেও বহুজনৰ আপোন আৰু হৃদয়গ্ৰাহী হৈ উঠে; ফলত ফকৰা যোজনাবোৰ ব্যক্তি-নিৰপেক্ষ আৰু বস্তুধর্মী হৈ উঠে। দুটিমান উদাহৰণ—
(ক) সাত পুৰুষত নাই গাই
কৰিয়া লৈ খীৰাবলৈ যায়।
(খ) ভাতৰ তিতা খাব পাৰি
মাত্ৰ তিতা খাব নোৱাৰি।
(গ) চৰণেহে জানে মৰণৰ ঠাই
চুচৰি বাগৰি তালৈকে যায়।
(ঘ) পাবা চৰাই ভাঙিবা পাখি
বঢ়া ভাত নথবা ৰাখি।
(ঙ) তিৰীৰ লেনিওৱা, বৰষুণৰ কনিওবা
ঘৰ চাই নকৰে মুধচ
তাৰ সমান নাই কন্ধুচ।
(চ) মাকে শলাগে জী
বাপেকে শলাগে জী
ওচৰ চুবুৰীয়াই যাক শলাগিব
সেয়েহে মাকৰ জী।
ফকৰা যোজনা, পটন্তৰবোৰ ভিন্ন পৰিৱেশত তৎকালিনভাৱে ছন্দোময় ৰূপত প্ৰকাশ পায়। এবাৰ প্ৰকাশৰ পাছত ই মুখ বাগৰিবলৈ আৰম্ভ কৰে। উপস্থিত বুদ্ধি, তাৎক্ষণিক সৃষ্টি প্রতিভা, জীৱনজোৰা অভিজ্ঞতা, প্ৰকাশৰ পৰোক্ষতা, বৰ্ণনাৰ সৰলতা আৰু অৰ্থৰ গূঢ়াৰ্থ এইবোৰে ফকৰাক বিশেষ মর্যদা দিছে। মৌখিক সাহিত্য হ’লেও ফকৰা যোজনাৰ সৰ্বকালিক আবেদন আছে।
(গ) ডাকৰ বচন :
অসমীয়া সমাজত ‘ডাকৰ বচন বেদৰ বাণী ৰূপে গণ্য হৈ আহিছে। প্ৰকৃতাৰ্থত ডাকৰ বচনবোৰ উপদেশমূলক। এই উপদেশ মানুহৰ বহু যুগৰ জীৱন অভিজ্ঞতাৰ ফচল। ব্যৱহাৰিক জীৱনত এই উপদেশ বাণীবোৰৰ উপযোগিতা আছে। শব্দগত অৰ্থৰ ফালৰ পৰা চাবলৈ গ’লে ডাক শব্দৰ অৰ্থ হ’ল – কোৱা, মতা, ধ্বনি কৰা, আৰু বচন মানে সংলাপ, কথা। এইফালৰ পৰা ডাক আৰু বচন দুয়োটা সমার্থক পদ। ডাক ধাতুরূপ আৰু বচন বিশেষণ পদ।
কিন্তু ইয়াত বিশেষ্য অৰ্থতহে প্রয়োগ হৈছে। যেনে ৰামৰ বচন, যদুৰ কথা ইত্যাদি। জনপ্রবাদ মতে ডাকে এদিন এনিশাৰ বাবে জন্ম হৈছিল। ডাক পুৰুষে বৰপেটাৰ লেহিডঙৰা গাঁৱত জন্ম লৈছিল। সতেন্দ্র নাথ শৰ্মাই লিখিছে— ‘ডাক চৰিত মতে ডাক কুমাৰণীৰ সন্তান। মাকৰ বহুত দিনলৈকে সন্তান হোৱা নাছিল। এদিন মিহিৰ মুনি (বৰাহ মিহিৰ) তীৰ্থ কৰিবলৈ আহি কুমাৰৰ ঘৰত অতিথিৰূপে থাকে আৰু সন্তানহীন কুমাৰণীয়ে ভালকৈ সেৱা শুশ্ৰুষা কৰাত সন্তান হ’বলৈ বৰ দি যায়। সেই বৰ অনুসৰিয়েই ডাকৰ জন্ম হয়।
উপজিয়েই প্ৰসূতি গৃহৰ নাৰীবিলাকক মাত দিয়াত তেওঁৰ নাম হয় ডাক। চৰিত মতে ডাকক ল’ৰাকালতে ভেট তুলিবলৈ যাওঁতে লগৰ লগৰীয়াই পানীত পেলাই মৰা কথাৰ মাজত কোনো সাদৃশ্য নাই। মূলতঃ এই দুয়োটা কথাই কিংবদন্তীমূলক। দুয়োটা ঘটনাই অলৌকিক, অবাস্তৱ আৰু অবিশ্বাস্য। ডাকৰ বচনত ব্যৱহাৰিক জীৱনৰ অভিজ্ঞতাৰৰ আধাৰত ধৰ্ম, কৃষি, ৰন্ধন, গৃহিণী, স্বাস্থ্য, কৃষি, বর্ষা, স্ত্রী, গো, ভূমি আদিৰ লক্ষণ সম্পৰ্কে যিবোৰ উপদেশমূলক কথা পোৱা যায় সেইবোৰ ক্ষন্তেকতে উপৰুৱাকৈ কৈ দিব পৰা কথা নহয়। কর্ম অভিজ্ঞতা, দর্শন অভিজ্ঞতা, শিক্ষণ অভিজ্ঞতা আদি সকলোৰে জীৱনজোৰা জ্ঞান লাভৰ পৰাহে এনেবোৰ ভবিষ্যৎ বাণী সদৃশ মন্তব্য কৰাটো সম্ভৱ।
ডাকৰ বচনসমূহ কেতিয়া ৰচনা হৈছিল সঠিককৈ ক’ব নোৱাৰি। দেবেন্দ্রনাথ বেজবৰুৱাই চতুৰ্থৰ পৰা ষষ্ঠ শতিকাৰ ভিতৰত বুলিছে। কালীৰাম মেধিয়ে চতুদর্শ পঞ্চদশ শতিকা বুলিছে। ডিম্বেশ্বৰ নেওগৰ মতে এইবোৰৰ ৰচনাকাল ৮০০ৰ পৰা ১২০০ খ্ৰীঃৰ ভিতৰত। সতেন্দ্রনাথ শৰ্মাৰ মতে, “বহু কাল মুখে মুখে প্ৰচলিত হৈ আহি ষোড়শ সপ্তদশ শতাব্দীমানত লিপিবদ্ধ হৈছে।” এই মতসমূহে ৰচনাৰ সময় সম্পৰ্কীয় সঠিক সিদ্ধান্ত দিব নোৱাৰে আৰু বচনবোৰতো সময়ৰ উল্লেখ নথকাৰ বাবে পণ্ডিতসকলে সময় নিৰূপণৰ ক্ষেত্ৰত কাল্পনিক মন্তব্য কৰাটোৱেই স্বাভাৱিক।
কিন্তু ক’ব পাৰি ডাকৰ বচন কোনো এজন ব্যক্তিৰ জীৱন অভিজ্ঞতাৰ ফচল নহয়। শ শ বছৰ জোৰা জাতিৰ জীৱন অভিজ্ঞতাৰ বৰ্হিপ্রকাশ। গতিকে এইবোৰ একে সময়তে ৰচিত হোৱা নাছিল। অসমীয়া ভাষাই নিজা ৰূপ পৰিগ্ৰহণ কৰাৰ সময়ৰ পৰাই ষোড়শ-সপ্তদশ শতিকাৰ আগলৈকে ঠেলির বিচাৰে।
ডাকৰ বচনত সাধাৰণ জীৱন-যাপনৰ যাৱতীয় পৰামৰ্শ আছে, কিন্তু সভ্যতাৰ অগ্ৰগতিৰ পৰিচয় নাই। ৰাজনীতিৰ প্ৰকৰণ আছে, কিন্তু মধ্যযুগীয় শাসন ব্যৱস্থাৰ উল্লেখ নাই। সৰ্বজনৰ উপযোগীকৈ জ্ঞানৰ বাণী আছে, কিন্তু ব্যক্তিকেন্দ্রিক বা পক্ষপাতমূলক চিন্তা নাই। সেইবাবেই ডাকৰ বচন জাতীয় জীৱনৰ পৰা সম্পদৰূপে পৰিগণিত হৈ আহিছে।
ডাকৰ বচনত পোৱা বিভিন্ন প্ৰকৰণৰ কেইটিমান উল্লেখ কৰা হ’ল—
কৃষি সম্পৰ্কীয় উপদেশ—
ডাকে বোলে বাপু শুনা উপায়।
বণিজৰ ফল কৃষিত পায়।।
যি নৰে সদা কৃষিত পায়।
সেৱাৰ মণি পাইবা ঘৰে।।
পুহত আহু জেঠত শালি।
তেহে চাবা গৃহস্থালি ।।
গৰুৰ লক্ষণ সম্পৰ্কীয় ডাকৰ বচন—
গৰু কিনিবা চিকণ জালি।
দুই চাৰি দন্তীয়া ভালি।।
ৰন্ধন প্ৰকৰণ সম্পৰ্কীয় ডাকৰ বচন-
চাউল দিবা যতেক ততেক।
পানী দিবা তিনি ততেক।।
উতল আহিলে দিবা কাটি।
তেৰে কৰিবা জালৰ ভাটি।।
যেবে দেখা নিসিজে চাউল।
তেবে বুলিবা ডাকক বাউল।।
নাৰীৰ লক্ষণ সম্পৰ্কীয় ডাকৰ বচন—
স্বামীৰ সেৱা গধূলি ৰাতি।
ডাকে বোলে সোহি লখিমী জাতি৷৷
মধুৰ বচন বোলয় সদায়
স্বামীৰ কথা কিছু নেপেলায়।
নম্র হুয়া থাকে যেহেন দাসী।
কদাপি কঠোৰ বাণী নভাষি।।
যতনে স্বামীৰ গুচাৱয় ৰোষ।
ডাকে বোলে আমি তাইত সন্তোষ।।
‘ডাকে বোলে’ কথাষাৰে এজন পুৰুষক নিৰ্দেশ কৰা যেন লাগিলেও ইয়াক প্ৰকৃততে সমষ্টিচক অৰ্থতহে ধৰিব পাৰি। বহু যুগৰৰ অভিজ্ঞতাৰ সঞ্চিত ৰূপৰ প্ৰকাশ মাধ্যমক ‘ডাক’ বুলি ধৰিব পাৰি। লোক-সাহিত্যত ডাকৰ বচন সম্পদ ৰূপে পৰিগণিত হৈ আহিছে।
(ঘ) বিহুনাম :
বিহুনামক অনুষ্ঠানক আনুষ্ঠানকেন্দ্ৰিক বুলি ধৰা হৈছে যদিও ই প্রথম অৱস্থাত অনুষ্ঠান কেন্দ্রিক নাছিল। কোনোবা ডেকাই গছৰ তলত পথাৰৰ মাজত, ম’হৰ পিঠিত উঠি চিঞৰি মনপ ভাব ব্যক্ত কৰিছিল। যৌৱনৰ উদ্দাম বাসনা প্রকাশক গীতবোৰত মিলনৰ আকাংক্ষা, বিৰহৰ যন্ত্ৰণা আদি ভাব প্রকাশ পায়। কোনো ডেকাই কোনো স্থানত চিঞৰি চিঞৰি গোৱা গীতবোৰৰ মাজত কেবল এজনৰেই নহয়, সমস্ত ডেকাৰ অনুভৱৰ যেন বৰ্হিপ্রকাশ ঘটে। পথাৰৰ পৰা এই গীতবোৰ ঘৰুৱা জীৱনৰ কাষ চাপে তেতিয়া গীতবোৰৰ লগত বাদ্যসংগতৰ ব্যৱস্থা হয়। তদুপৰি এসময়ত কৃষিৰ লগত জড়িত কৰি কিছুমান নৃত্য-গীতৰ অনুষ্ঠান কৰা হৈছিল। প্ৰাচীন কৃষি উৎসৱৰেই সংস্কাৰিত ৰূপ বিহু।
বছৰৰ পহিলাতে দলবদ্ধভাৱে গৃহস্থৰ চোতালত ৰাইজে পদধূলি পেপলাই বিহু মৰাৰ নিয়ম হ’ল। বছৰটোৰ বাবে গৃহস্থৰ চোতালত ৰাইজৰ সেৱা কৰিবলৈ পায় নথৈ আনন্দিত হয়। সম্ভৱতঃ বৈষ্ণৱ যুগত বিহুগীতৰ লগত হুঁচৰি গোৱাৰ নিয়মৰ সংযোগ হয়। বৈষ্ণৱ যুগত নামৰ শ্ৰেষ্ঠতাক প্ৰতিপন্ন কৰাৰ দৰে ৰাইজ একত্ৰিত হৈ গৃহস্থৰ চোতালত প্ৰথম হুঁচৰি কীৰ্তন দিয়াৰ নিয়ম হ’ল। হুঁচৰি কীৰ্তনৰ বিষয়বস্তুৰ লগত যৌৱনৰ গীত বিহুনামৰ সম্পৰ্ক নাই।
হুঁচৰিৰ পিছৰ স্তৰটোহে বিহুনাম। এটা যোজনাৰে বিহু আৰম্ভ হয়। আৰম্ভণিত কেতিয়াবা হৰিক প্ৰণাম, কেতিয়াবা সৰস্বতীক, কেতিয়াবা স্বৰ্গদেউৰ নাম, কেতিয়াবা বিহুৰ তাৎপৰ্যৰে যোজনা দিয়া হয়। প্রথমে প্ৰণামো আই সৰস্বতী’ বুলি কৰা সৰস্বতী বন্দনা’, ‘স্বৰ্গদেউ ওলালে বাটচ’ৰাৰ মুখলৈ’, দুলীয়াই পাতিলে দোলা’ বুলি স্বৰ্গদেউৰ উল্লেখ আৰু ‘অতিকৈ চেনেহৰ ব’হাগৰ বিহুটি’ বন্দনাৰে পৰিৱেশ সৃষ্টি কৰি লোৱা হয়। কোনো সময়ত সমজুৱাক প্রণাম জনোৱা হয়। যেনে—
চাগ চেলাবৰ দবৱা কটাৰী পহু চেলাবৰ মিত
গাঁৱৰ বুঢ়া মেথা দাই নধৰিবা গাই যাওঁ বতৰৰ গীত।
ইয়াৰ পিছতহে যৌৱনোদ্দীপক মনৰ ভাৱ প্ৰকাশক গীতৰ জোৱাৰ উঠে। বিহুগীতবোৰ ত্ৰিপদী ছন্দত ৰচিত। প্রথম অংশত প্ৰকৃতিৰ কোনো উপমা সংযোজন কৰি পিছৰ অংশতহে মনোভাৱ ব্যক্ত কৰা হয়। প্রেম বিষয়ক গীতবোৰৰ মাজত আশা, ভয়, প্রেম নিবেদন, প্রেমিকাক প্ৰাপ্তিৰ কামনাৰ মুক্ত প্রকাশ ঘটে। গাভৰুৰ প্ৰেম কামনা, ৰূপ বৰ্ণনা কৰোঁতে কৰোঁতে বিহুৱা ডেকাৰ মনৰ অদমনীয় হৈ উঠে। হাতৰ আঙুলি পবালি, ভৰিৰ আঙুলি ঘন, মাত শুৱলা, কঁকাল খামুচীয়া, লাহী বাহু দুটি পদুমৰ ঠাৰি, বুকু পদুমৰ চকা, দেহা পদুমৰ পাহি, লাহৰী ওঁঠৰ মাণিকী মাধুৰি হাঁহি সহিব নোৱাৰি কয়—
কিনো চ’ত মহীয়া ৰ’দে চৌ চৌ
পেটতো লাগিছে ভোক,
তিয়হো নহ’লি চিৰালো নহ’লি
চোৱাই খালোহেঁতেন তোক।।
প্ৰেমৰ চিত্ৰৰ উপৰি বিহুগীতবোৰত আহোম ৰাজত্ব কালৰ পৰিৱেশ, অসমৰ প্ৰাকৃতিক শোভা, ঘৰুৱা পৰিৱেশ, কৃষি সম্বন্ধীয় কথা, অৰ্থনীতিৰ চিত্ৰ, জাত-কুলৰ বিচাৰ সম্বন্ধীয় কথাৰ আভাস পোৱা যায়।
কাব্যিক সৌন্দৰ্যৰ দিশতো বিহুনামবোৰ সৌন্দৰ্যশালী। মাজে মাজে পদ বা ছবিৰ আৰ্হি দেখা পালেও বেছিভাগেই দুলড়ী ছন্দত ৰচিত। কিন্তু আখৰ কম-বেছি থাকিলেও সুৰৰ দ্বাৰা মাত্রা মিলোৱা হৈছে। অনুপ্রাস, উপমা, অতিশয়োক্তি আদি অলংকাৰে বিহুনামবোৰৰ সৌন্দর্য বৃদ্ধি কৰিছে। যেনে—
হাতী হেৰুৱালো লিহিৰী বনত ঐ
ঘোঁৰা হেৰুৱালো ৰণত।
পাই হেৰুৱালো সৰগৰ মুকুতা
চোতালৰ দুবৰি বনত।।
অসমৰ বুকুৱেদি লুইত যেতিয়ালৈ ব’’ব, লুইতৰ দুয়োপাৰৰ ডেকা গাভৰু যেতিয়ালৈকে থাকিব বিহুনামৰ আদৰ তেতিয়ালৈকে থাকিব। লুইত প্ৰাচীনৰ সাক্ষী, কিন্তু ডেকা-গাভৰু নতুন নতুনকৈ, চামে চামে উঠি থকাৰ দৰে প্ৰাচীনতাৰ পৰম্পৰা ৰক্ষা কৰি নতুন নতুন বিহুগীতৰ ৰচনা হৈয়েই থাকিব।
(ঙ) বিয়ানাম :
লোক-সাহিত্যত বিয়ানামৰ বিশেষ স্থান আছে। বিয়ানামবোৰ প্ৰথমৰ পৰাই অনুষ্ঠান-কেন্দ্রিক। জীৱনৰ এটা বিশেষ পর্যায়ত পুৰুষ নাৰীয়ে যুগ্মজীৱনৰ পাতনি মেলে। উল্লাহ-আনন্দৰ মাজেদি আনুষ্ঠানিকভাৱে বিবাহ অনুষ্ঠান অনুষ্ঠিত হয়। বিবাহক উপলক্ষ্য কৰিয়ে আয়তীসকলে কিছুমান গীত পৰিৱেশন কৰে। এইবোৰ গীতেই বিয়ানাম।
বিয়ানামত সুৰ আৰু লয়ৰ গুৰুত্ব আছে; কিন্তু তাল-মানৰ কথা নাই। ইয়াৰ লগত বাদ্যযন্ত্ৰও সংগত কৰা নহয়। জীৱনৰ এটা পর্যায় অতিক্ৰম কৰি আন এটা পৰ্যায়ত উপনীত হোৱা বিষয়ক গীতবোৰত ফুটাই তোলা হয়। পুৰুষে ল’ৰাকালৰ চঞ্চলতা এৰি গম্ভীৰ জীৱনৰ অভিমুখী হয়। নাৰীয়েও শৈশৱৰ পৰা মাক-দেউতাকৰ লগত থাকি সময়ত সকলোকে এৰি পতিগৃহলৈ যাত্ৰা কৰিবলগীয়া হয়। ঘৰত মাকে অনেক দোষকো ক্ষমা কৰে, দেউতাকৰ মৰম আদৰ পায়, ভাই ভনী সকলোকে এৰি আনৰ ঘৰলৈ যাব লগা হোৱাটো অতি কৰুণ বিষয় বিয়ানামত অৱতাৰণা কৰা হয়।
বিয়া মূলতঃ আৰ্যমূলীয় বৈদিক ৰীতিত অনুষ্ঠিত কৰা হয় যদিও অসমৰ বিবাহ অনুষ্ঠিত অনেক অনার্য উপাদানৰো সমাহাৰ ঘটিছে। জোৰণ দিয়া, গাথিয়ন খুন্দা, সুৱাগুৰি তোলা, দৰা আগচা, আখৈ পোৰা, বেইৰ তলত কণী পোতা আদি অনাৰ্য ৰীতি অসমীয়া বিবাহ পৰম্পৰাত সোমাই পৰি অসমীয়া ৰূপ লাভ কৰিছে। আয়তীসকলে এই পৰ্যায়বোৰৰ প্ৰতিটোতে সুকীয়া সুকীয়া বিয়ানাম পৰিৱেশন কৰে। তদুপৰি দৰা আগবঢ়াই দিয়া, দৰা আদৰা, কন্যাক হোমৰ গুৰিলৈ মতা, গা ধুৱাই কইনা সজোৱাৰ সময়ত কইনাৰ ৰোমন্থন কৰায়, ঘৰ এৰিব লগা অৱস্থা, আনক আপোন কৰি ল’ব লগাৰ কথাবোৰ অতি কৰুণভাৱে প্ৰকাশ কৰে। জীৱনৰ কাৰুণ্য প্ৰকাশক গীতবোৰৰ লগতে হাস্যৰসাত্মক গীতো পৰিৱেশন কৰে। সেই অনুসৰি বিয়ানামৰ ভাগ দুটা—
(ক) কৰুণ আৰু
(খ) হাস্যৰসাত্মক।
হাস্যৰসাত্মক গীতবোৰত ‘যোৰানাম’ বোলা হয়। নামনি অসমত এই শ্ৰেণীৰ গীতক ‘খিচা গীত’ বোলে। গহীন বা কৰুণ গীতবোৰত ৰাম-সীতা, কৃষ্ণ-ৰুক্মিণী, ঊষা-অনিৰুদ্ধ, শিৱ-পাৰ্বতী আদি পৌৰাণিক চৰিত্ৰৰ লগত বিবাহৰ পাত্র-পাত্ৰীক তুলনা কৰে।
আগৰখন ভাৰত যি যি আনিছা
ঢ়বৰ চ’ৰাৰ মুখত থোৱা,
সদাশিৱ আজি কি কার্যে আহিলা
হেমৱন্ত ৰাজাক কোৱা।
কৈকেয়ী ওলোৱা সুমিত্রা ওলোৱা
ওলোৱা ৰামৰে মান,
জনকৰ জীয়াৰী জানকী সুন্দৰীক
জোৰণ পিন্ধাবলৈ যাওঁ।
পাটীত বহি ৰুক্মিণীয়ে মাটিত মঙ্গল চায়
কেতিয়া আহিব কৃষ্ণ সোণৰ বাংশী বাই।
মাক-দেউতাকৰ আতোলৰ তোল, আলাসৰ লাডু কন্যাক এঘৰলৈ উলিয়াই দিয়াটো কম বেদনাদায়ক নহয়। মাক-দেউতাকৰ ওচৰত বিদায়ৰ মুহূৰ্তত সেৱা জনাই ঘৰ এৰিব খোজা মুহূর্ত অতি হৃদয়বিদাৰক। নিৰক্ষৰ আয়তীসকলেও সহজ-সৰল ভাষাত হৃদয় পৰশাকৈ বিয়ানামত প্ৰকাশ কৰে—
হাতত পাণ বঁটা লৈ দেউতাৰাক মাতা গৈ
মৰমৰ দেউতা ঐ যাবলৈ ওলালো
যাবৰে সময়ত সেৱাহে জনাইছোঁ।
যোৰানামবোৰ কৌতুকপূর্ণ। ৰভাৰ তলত বৰপক্ষই কন্যাপক্ষক আৰু কন্যাৰ পক্ষই বৰৰ পক্ষক জোকাবলৈ গোৱা নাম।
অ’ মন জুপি
বাইদেউতকৈ ভিনদেউ এহাতৰ চুটি
অ পকা কমমলা
মুখৰ সোপা নুগুচায় দাড়ি পকা হ’বলা।
কেতিয়াবা দৰাক এৰি দৰাঘৰীয়া মানুহকো, বিশেষকৈ ডেকাবোৰক সুবিধা পালে বিয়ানামৰ যোগেদিয়েই জোকাবলৈ চেষ্টা কৰে৷ অনাক্ষৰী আয়তীসমাজত প্রচলিত বিয়ানামবোৰ বিষয়ৰ গভীৰতাৰ লগত কল্পনাৰ কমনীয়তা আৰু আৱেগিকতাৰ লগত সাৰ্বজনীন গুণ পৰিস্ফুট হৈ পৰে।
(চ) ভেকুলী বিয়া :
অসমৰ পৰম্পৰাগত লোক-উৎসৱবোৰৰ ভিতৰত ভেকুলী বিয়া অন্যতম। ক’ত আৰু কেতিয়াৰ পৰা ভেকুলী বিয়া আৰম্ভ হ’ল, সেয়া সঠিককৈ জনা নাযায়। সাধাৰণতে জেঠ, আহাৰ অথবা শাওন মাহত অতিমাত্ৰা অনাবৃষ্টি হৈ খৰাং বতৰ হ’লে বৰষুণৰ কামনাৰেই ভেকুলী বিয়াৰ আয়োজন কৰা হয়। সাধাৰণতে দুখন গাঁৱৰ ৰাইজ একগোট হৈ ভেকুলী বিয়া পাতে। সুবিধা আৰু পৰিৱেশৰ অভাৱ থাকিলে চুবুৰীয়ে চুবুৰীয়ে ভেকুলী বিয়াৰ আয়োজন কৰা দেখা যায়। দুখন গাঁৱৰ মানুহ লগ হৈ পতা ভেকুলী বিয়াত এখন গাঁৱত দৰা আৰু আন এখন গাঁৱত কইনা সজাই লোৱা হয়।
ভেকুলী বিয়াৰ নিৰ্দিষ্ট দিনটো ধাৰ্য কৰাৰ লগে লগে দুয়োখন গাঁৱৰ ডেকা-গাভৰুৱে ভেকুলী বিচৰাৰ কামত লাগি যায়। দুটা ভেকুলী যোগাৰ হ’লেই বিয়াৰ পৰ্ব আৰম্ভ হয়। অসমীয়া সমাজৰ পৰম্পৰাগত বিবাহ পদ্ধতিৰ সকলো নীতি নিয়ম ভেকুলী বিয়াতো মানিবলৈ চেষ্টা কৰা হয়। জোৰণ দিয়া পৰ্বৰেই ভেকুলী বিয়াৰ কাৰ্যসূচী আৰম্ভ হয়। নাৰিকলৰ টুকুৰাৰে কাণফুলি, শামুকৰ খোলাৰে নেক্লেছ্, কাউৰী মণিৰে চেইন, খাৰু, আঁহত গছৰ পাতেৰে মেখেলা-চাদৰ আদি জোৰণ হিচাপে দিয়া হয়। ঠিক তেনেদৰে কইনা ঘৰৰ পৰাও গছৰ পাতেৰে তৈয়াৰ কৰা দৰাৰ সাজ দিয়া হয়। পানী তোলা পৰম্পৰা ভেকুলী বিয়াৰ লগত জড়িত। ভগা বাল্টি, টিন আদি বজাই ডেকা-গাভৰুৱে কাষৰ নদী, বিল নাইবা ৰাজহুৱা পুখুৰীৰ পৰা পানী তোলে। তাৰ পিছত কইনা আৰু দৰা দুয়ো ভেকুলীকে দৰা-কইনাৰ সাজেৰে সজায়।
সজাই হোৱাৰ পিছত দৰা কইনাৰ ঘৰলৈ যায়। কইনাঘৰৰ চোতালত দৰাক আদৰণি জনোৱা হয়। কইনা ঘৰত দুয়োকে কাঠৰ চালপীৰাত বহুৱাই বিবাহ কাৰ্য আৰম্ভ কৰা হয়। দৰা-কইনাক উপহাৰ দিয়া পৰ্বও তাতেই আৰম্ভ হয়। নাৰিকলৰ টুকুৰা, কলপটুৱাৰ দোং জাতীয় আদি বস্তু উপহাৰ হিচাপে দিয়া হয়। বিয়াৰ অন্তত দৰা আৰু কইনাক কলৰ দোনাৰে সজা দোলত লৈ ঢোল-পেঁপা বজাই দৰা-কইনা দুয়োখন গাঁও ফুৰাই নদীত এৰি দিয়া হয়।
লোকবিশ্বাস অনুসৰি এনেদৰে ভেকুলী বিয়া আয়োজন কৰিলে দেৱতাই বৰষুণ দিয়ে। আৰু মূলতঃ বৰষুণৰ কামনাৰেই ভেকুলী বিয়া আয়োজন কৰা হয়। লোকবিশ্বাসত ইন্দ্ৰক মেঘ আৰু বৰষুণৰ দেৱতাৰূপে পূজা কৰা হয়। ইন্দ্ৰক সন্তুষ্ট কৰি বৰষুণৰ কামনাৰেই ভেকুলী বিয়া অনুষ্ঠিত কৰা হয়। লোকবিশ্বাসত বৰষুণ আৰু ভেকুলীৰ সম্বন্ধ অভিন্ন বুলি ভবা হয়।
অসমীয়া সমাজৰ পৰম্পৰাগত বিয়াত গোৱাৰ দৰে ভেকুলী বিয়াতো বিয়ানাম পৰিৱেশন কৰা হয়। এইবোৰে অসমীয়া সমাজৰ লোক-পৰম্পৰাৰ বিভিন্ন দিশ তুলি ধৰে। যথা—
(ক) ভেকুলী নোৱাই, ভেকুলী ধুৱাই
ৰাইজে বেৰি বেৰি চায়
জীৱনে মৰণে দুয়ো এৰা এৰি নাই।
(খ) আহা হেৰা গুণৱৰ্তী হাতে লোৱা ধূপ
আহিছে ভেকোলা আজি সাজে বিষ্ণুৰূপ,
শুনা হেৰা গুণৱতী হাতে লোৱা পাণ
ভেকোলাই আজি ল’ব তোমাক আজি দান।
(ঘ) ৰাম ৰাম, ভেকুলীৰ বিয়ালৈ,
ৰাম ৰাম, আহে ইন্দ্রদের
ৰাম ৰাম, বতাহ-বৰষুণত তিতিহে,
ৰাম ৰাম, স্বৰ্গৰ অপেস্বৰী,
ৰাম ৰাম, নামি আহিছে,
ৰাম ৰাম, ভেকুলীৰ বিয়া শুনিহে।।
ৰাম ৰাম, দেখি মহাদেবে,
ৰাম ৰাম, ভেকুলীৰ বিয়া,
ৰাম ৰাম, হাঁহে খলে খলি চাইহে ।
(ঙ) ভেকুলীৰ বিয়ালৈ
আহে ইন্দ্ৰদেও
বতাহ বৰষুণত তিতি
সৰগৰ অপেচৰা
নামি আহিছে
ভেকুলীৰ বিয়া শুনি।
(চ) চন্দ্ৰ আহিছে।
সূর্য আহিছে
আহিছে সৰগৰ তৰা
বায়ু দেৱতাক
মেঘে নমুৰালে সাদিন বৰষুণ দি।
ভেকুলীৰ বিয়ালৈ মহাদেৱে ভুমুকি মাৰি ‘দেখি মহাদেবে, ভেকুলীৰে বিয়া, হাঁহে খলে খলি চাই’ কথাও নামৰ সুৰত সম্যক চিত্র বিকশি উঠে। সাধাৰণ বিয়াৰ দৰেই ভেকুলী বিয়াত সামাজিক ৰীতি নীতি পালনৰ লগতে আয়তীসকলে হাস্য বংগ্য ৰসৰ সঞ্চাৰণ কৰি গীত নাম গোৱা পৰিলক্ষিত হয়।
গোপ গোপী নাৰী
আহে ৰংগ কৰি
ভেকুলীৰ বিয়ালৈ বুলি।
০০০
কেঁকোৰা গাঁতত
বিয়াখন পাতিছে
খাবলৈ নাপালো পাণ।
বাঁহৰে আগতে
বগলী পৰিছে
আগে হালি জালি পৰে
বৰষুণৰ লগত
ভেকুলী পৰিছে
চিলাই ধৰি ধৰি গিলে।
খহুলী ভেকুলীৰ বিয়া এ
ৰাইজক পানী কৰি এ
চকুৰে ভেকুলী মাটি কলী ফাপৰি
নেমাতি কেনেকৈ থাকোঁ।
খহুলী ভেকুলীৰ বিয়া এ
ইন্দ্ৰে বৰষুণ দিয়া এ।
― এইবোৰ মাজেৰে ভেকুলী বিয়াৰ তাৎপর্য অনুধাৱন কৰি পাৰি। কল্পনাৰ উৰণ, ভাৰৰ স্ফুৰৰ্ণ, আৱেগৰ প্রত্যুৎপন্নমতিতাৰে গীতৰ বিষয়বস্তু সামৰি নামতীসকলে ভেকুলী ভেকোলাৰ বিয়াখনি সম্পন্ন কৰি ঢোলে দগৰে বোঁৱতী নৈত নাম গাই গাই উটুৱাই দিয়ে। অসমীয়া কৃষিজীৱী লোকৰ ভেকুলী বিয়াখন যেন গভীৰ বিশ্বাস আৰু আস্থাৰ ভেঁটিত প্রতিষ্ঠিত হৈ আছে। ভেকুলী বিয়া আয়োজনৰ লগত কৃষিজীৱি গাঁৱলীয়া সমাজৰ জড়িত থকা বিশ্বাস আৰু আস্থাই চহা লোকৰ লোকমনকেই তুলি ধৰে। আজিৰ তাৰিখত বিজ্ঞানে বৰষুণ হোৱা আৰু নোহোৱাৰ কাৰণ ব্যাখ্যা কৰিলেও ভেকুলী বিয়াক হাস্যকৰ কৰি তোলা নাযায়। বৰঞ্চ ই অসমীয়া লোকজীনৰ এচোৱা ৰূপ ধৰি ৰাখিছে।
(ছ) লখিমী সবাহ :
কৃষিজীৱি লোকসকলৰ এক কৃষিভিত্তিক উৎসৱ হ’ল লখিমী সবাহ। লখিমীক শস্যৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে গণ্য কৰা হয়। লখিমী সবাহক ঠাইবিশেষে পানীতোলা সবাহ, লখিমী বিয়া আদি নামেৰে জনা যায়। লোকসমাজৰ কল্পিত লখিমী দেৱীক সন্তুষ্ট কৰিবৰ বাবেই লখিমী সবাহৰ আয়োজন কৰা হয়। লখিমী দেবী সন্তুষ্ট হ’লে খেতি-পথাৰৰ কৃষি শস্য ভাল হয় বুলি বিশ্বাস কৰা হয়। প্ৰতিটো জনগোষ্ঠীয়েই নিজা নিজা ধৰণে লখিমী সবাহ আয়োজন কৰে।
উজনি অসমৰ মংগোলীয় লোকে, বিশেষকৈ তাই আহোমসকলে লখিমী সবাহ নিজস্ব ৰীতি-নীতিৰে পালন কৰে। আহোমসকলে লখিমীক লাই খাওমী (লাই – প্রথম, খাও – আহাৰ, মী- স্ত্রী বা গৰাকিনী অৰ্থাৎ শস্য বা আহাৰৰ অধিকাৰিণী বুলি গণ্য কৰে। গতিকে কৃষি প্ৰাচুৰ্যতাৰ বাবে আহোমসকলে লাই খাওমী বা লখিমী পূজা পালনত অগ্ৰাধিকাৰ দিছিল। উজনিৰ শস্যৰ ভঁৰাল অবিভক্ত লখিমপুৰেই লাই খাওমী পূজাৰ লাই বেদী আছিল বুলি ঠাৱৰ কৰিব পাৰি। স্বৰ্গদেও ছ্যু-কা-ফাই চৰাইদেওত নিগাজী ৰাজধানী পতাৰ পিছত এঙেৰা খাতত শস্যৰ মংগল কামনা কৰি দেওশালত লখিমী পূজাৰ শুভাৰম্ভ কৰিছিল।
কাতি বিহু হ’ল শস্যৰ মংগল কামনা কৰি আয়োজন কৰা ধৰ্মীয় আচাৰ নীতিৰ উছৱ। এই উছৱক তাই লোকসকলে ত্যেজমৌ বোলে।
বৌদ্ধিক সত্বা মতে লখিমী সবাহ ভকত-ভকতনীয়ে দুভাগে নামঘৰত পাতে। ভকতসকলে মাহ-প্রসাদ দি কীৰ্তন ঘোষা পাঠ কৰে। গোপিনীসকলে ভকতৰ পৰা নামঘৰৰ সেৱা লৈ পানী তুলিবলৈ যায়। ভকতৰ সেৱা-অৰ্চনা অন্যান্য সেৱা অনুষ্ঠানৰ দৰেই গতানুগতিক।
কল পটুৱাৰ এখনি দোলা, এই দোলাৰে লখিমীক তুলি অনা বাহন। দোলাৰ ভাৰী দুজন এৱাঁ ল’ৰা, তিনিগৰাকী অকুমাৰী পাট গাভৰু, তাৰে দুগৰাকীয়ে দুণৰি লয়। কলচী, দুণৰি আৰু দোলা-ভাৰ বোৱা কেইজনে অনুষ্ঠানৰ আগ দিনাৰ পৰাই লঘোনে থাকি ফলাহাৰ গ্ৰহণ কৰাৰ নিয়ম সন্ধ্যা জোন-তৰা ওলালেহে তেওঁলোকে নিৰামিষ আহাৰ খায়।
আৰম্ভণিৰ নাম সমূহ কৃষি কাৰ্যক কেন্দ্ৰ কৰি গোৱা নাম। এই আৰম্ভণি নাম সমূহ গোৱাৰ পিছতহে পানী তুলিবলৈ যোৱা দলটি নৈ বা বোঁৱতী সুঁতিৰ ফালে আগবাঢ়ে।
এটি দুটি কৰি তিনিটি হ’ল মহাদেউ এ
কৃষি কৰিবৰে হ’ল
হাল নাই পার্বতী মাটি নাই পার্বতী এ
কৃষিনো কিহেৰে কৰিম ?
বলোভদ্ৰ গোসাঁইকে হাল গৰু খোজাগৈ এ
ব্ৰহ্মাক খোজাগৈ মাটি
কুবেৰক কঠিয়া খোজাগৈ জটীয়া এ
ইন্দ্ৰক খোজাগৈ পানী।
যম ৰজা থানৰে মহিষক আনাগৈ এ
ত্ৰিশূল লোৱাগৈ ফাল
মহিষে কপিলাই এহালি কৰি লৈ এ
জোৰে মহাদেৱে হাল।
গোসাঁই হালে বালে কুৰুলা কপিলা এ
কার্শলা সাপৰে লৰু
ডালৰ হনুমন্তই আলি কোষ কাটিলে এ
ভালুকে ডকালে গৰু।
“কৃষি কাৰ্যৰ নাম শেষ কৰি দলটি পানী তুলিবলৈ কন্যা খোজেৰে আগবাঢ়ে। প্রথমে এৱা সূতা লোৱা উঠন পূৰণ গোপিনী এগৰাকীয়ে উঘাটো ঘূৰাই সূতা এৰি আহে। সেই সূতাডাল গচকি খচকি ক্রমে নৈবেদ্য সম্ভাৰ লোৱা গোপিনী গৰাকী, দুণৰি আৰু কলচী লোৱা পাট গাভৰু কেইগৰাকী, জাকৈ লোৱা গোপিনী, দোলাভাৰী দুজন, নাম গোৱা গোপিনীসকল, মৃদঙীয়া আদি লোকসকল মন্থৰ গতিৰে নামৰ ছেৱে ছেৱে পানী তোলা থললৈ আগবাঢ়ে।
পানী তোলা ঠাইত চাৰি খুঁটিৰে আবৃত এৱা সূতাৰে মেৰ দিয়া আৰু আমডালি অঁৰা দুটা খোল কৰা হয়। এই খোল দুটাক পুৰুষ আৰু প্ৰকৃতি প্ৰতীক হিচাপে গণ্য কৰা হয়। এই পুৰুষ আৰু প্ৰকৃতি হ’ল শংকৰ আৰু পাৰ্বতী। এটা খোলত তামোল-পাণ-পইচা আৰু এটা খোলত কেৱল তামোল-পাণ থাকে। খোল দুটি সজোৱাৰ পিছত গোপিনীসকলে উৰুলি দি কাঁচিৰে পানী তিনিবাৰ কাটি কলচী ভৰোৱা হয়। ইতিমধ্যে জাকৈয়া গৰাকীয়ে জাকৈ মাৰি জাকৈত উঠা সামগ্ৰীখিনি সামৰি-সুতৰি কলপটুৱাৰ দোলাত ভৰাই দিয়ে। নাম গোৱা গোপিনীৰ ফালৰ পৰা জাকৈয়া গৰাকীক কি তুলিছা?’ প্রশ্ন কৰে আৰু জাকৈয়া গৰাকীয়ে ‘লখিমী তুলিছোঁ’ বুলি উত্তৰ দিয়ে।”
উল্লেখযোগ্য যে জাকৈত মাছ আহিলে লখিমী তুষ্ট বলি ভবা হয়; কৃষি কাৰ্য সুগম হ’ব বুলি বিশ্বাস হয়। যিহেতু মাছ কৃষিজীৱী লোকৰ প্ৰজননৰ প্ৰতীক।
লক্ষ্মী আই সুন্দৰী ম’ৰাণৰ জীয়ৰী এ
খোড়া হুচুঙৰে জী
দলৰ কাণে মাৰি বজালৰ লাখুটি এ
আহা ভৈয়ামলৈ নামি।
শংকৰে টোমালে নামৰে কঠীয়া
দুটোম চাৰি টোমে কৰি
আৰু টোমে চেৰেক টোমাব খুজিলে
তমালে নাতিলে জৰী।
চাঙতে আছিলে ৰূপহী কঠীয়া
জেঠতে মুকলি হ’ল
আহাৰে শাওণে কৃষি কৰিলা
ভাদতে আজৰি হ’ল।
আলিৰে মূৰতে বহি মহাদেৱে
ৰুৱাইছে কছাৰি শালি
ৰোৱণী খাবলৈ তামোল নাইকিয়া
কটাইছে ডিমৰু ছালি।
পানী তোলোতে গোপিনীয়ে নাম ডাকে, মৃদঙীয়াই মৃদং বজানী গোপিনীয়ে উৰুলি দি কার্য সমাধা কৰি জাকৈয়াই জাকৈ মাৰোতে নামতীয়ে নাম লগাই আৰু পালি নামতীসকলে নাম গায়।
আবেলি বেলিকা আজলি গোপিনী
কোনে কোন ফালে গ’লা?
বোঁৱতী সাগৰত লক্ষ্মী আই আছেহি
আদৰি আনোগৈ ব’লা।
তামৰে কলচী ৰূপৰে দুণৰি
পার্বতী লাহেকৈ লোৱা এ
পার্বতী লাহেকৈ লোৱা।
চিলাই পুঠি মাছ নিলে এ
খাওখাম দেৱতাই আজ্ঞা কৰিলে
লক্ষ্মী আইক আমালৈ দিলে এ
জাকে ভালে কৰি বাৰি ঐ দেওধাই
খালৈ ভালে কৰি চাবি এ
খেপিয়াই খেপিয়াই লাহেকৈ ধৰিবি
লক্ষ্মী আইক হাততে পাবি এ।
দুদিনৰ ভিতৰতে তিনিবাৰ বা পাঁচবাৰ পানী তুলি নামঘৰত পুৰুষ নাৰী সকলোৱে মাহ-প্রসাদ বিতৰণ কৰি দুণৰিত থকা ধান মুঠি আৰু অন্যান্য লখিমীৰ সামগ্ৰী সমূহ প্ৰতিঘৰ লোকে ভাগ কৰি লয়। এই ধান মুঠি সততে ভঁৰালত আৰু কোনো কোনোৱে থকা ঘৰতো ছটিয়াই দিয়ে।
এনেকৈ ছটিয়াই দিয়াৰ তাৎপৰ্য হ’ল লখিমীয়ে ঘৰত বাস লওক। উল্লেখযোগ্য যে অনুষ্ঠানৰ মূল ভাগ লোৱা সকলক ৰাইজৰ ফালৰ পৰা নাম মাত্ৰ অৰিহণা দি সন্মান জনোৱা হয়। এনেকৈয়ে অসমীয়া জনজীৱনত আৱহমান কালৰে পৰা পালন কৰি অহা কৃষিজীৱী লোকৰ অতি আদৰৰ
লখিমী সবাহৰ বছৰটোৰ বাবে সামৰণি পৰে।
(জ) ফুলকোৱৰ-মণিকোঁৱৰৰ গীত :
মণিকোঁৱৰ-ফুলকোৱৰ গীতৰ প্ৰাচীনতা পণ্ডিতসকলে একেমুখে স্বীকাৰ কৰিছে। মালিতা হিচাপে এই গীত অসমৰ সকলোতকৈ পুৰণি পালিও ইয়াৰ ভাষাই পৰিৱৰ্তনৰ মাজেৰে আহোম যুগৰ শেষস্তৰৰ ভাষাক প্রতিনিধিত্ব কৰে তথাপি এই কিংবদন্তীৰ প্ৰাচীনতা অনস্বীকার্য। প্রকাশিত মালিতা পুথি হিচাপেও মণিকোঁৱৰ-ফুলকোঁৱৰৰ গীত অসমীয়া সাহিত্যত প্রথম। গতিকেই এই কাহিনী-গীত অসমীয়া লোক-সাহিত্যৰ অন্যতম প্রাচীনতম সম্পদ।
মণিকোঁৱৰ-ফুলকোঁৱৰৰ গীতৰ কাহিনীভাগ :
মণিকোঁৱৰ ফুলকোঁৱৰ গীত অসমীয়া সাহিত্যৰ অন্যতম অৱদান। ই অসমৰ জাতি-জনজাতিৰ বহুৰঙী চৰিত্ৰৰ কোনো এটা বিশেষ জাতি গোষ্ঠীৰে একক সম্পদ নহয় বাবেই অসমীয়া সাহিত্যৰ বুৰঞ্জী প্রণেতাসকলে এই গীতক অসমীয়া উমৈহতীয়া সম্পদ হিচাপে স্থান দিলেও অসমৰ অন্যতম জাতি গোষ্ঠী সোণোৱাল কছাৰীসকলৰ সৈতে এই গীতৰ এটা এৰাব নোৱৰা সম্পৰ্ক দেখিবলৈ পোৱা যায়। এই সম্পৰ্কৰ বিশেষত্ববোৰ হ’ল ―
মণিকোঁৱৰ-ফুলকোঁৱৰ গীতৰ নায়ক ফুলকোঁৱৰ, ফুলকোঁৱৰৰ ককাক শংখদেউ ৰজা আৰু বাপেক মণিকোঁৱৰৰ কাহিনী সোণোৱাল কছাৰীসকলৰ হুঁচৰি গীতত পৰম্পৰাগতভাৱে চলি আহিছে এইদৰে –
শংখ দেউ ৰজাৰে পুতেক মণিকোঁৱৰ
কি ক্ষতি খুন নাই
এবোল দোলাতে এবেলা ঘোঁৰাতে
লেখা খেড়ি খেলায়।
তাৰোপৰি উজনি কালনাৰ ডাঙৰী অঞ্চলত ফুলকোঁৱৰ উপাধি লেখা লোকসকল সোণোৱাল সম্প্ৰদায়ৰ মানুহ বুলি প্রতিথযশা সাহিত্যিক স্বৰ্গীয় যোগেশ দাসে কৈ গৈছে। সোণোৱাল কছাৰীসকলৰ মুকুদুমী পৰিয়ালৰ লোকে বর্তমানো বার্ষিক অনুষ্ঠান হিচাপে প্ৰতি বছৰে মণিকোঁৱৰ ফুলকোঁৱৰৰ পূজা পাতে। ডুমডুমা অঞ্চলৰ কাষৰীয়া ১ নং আৰু ২ নং তামুলী গাঁৱেই মণিকোঁৱৰৰ বাপেক শংখদেউ ৰজাৰ বাসস্থান আছিল বুলি দুই-এক আলোচকে ক’ব খোজে।
ইয়াৰপৰা অনুমান কৰিব পাৰি যে ফুলকোঁৱৰ-মণিকোঁৱৰৰ কাহিনী গীতৰ প্ৰচলন যদিও অসমৰ অন্যান্য জাতিগোষ্ঠীৰ মাজতো আছে, সোণোৱাল কছাৰীসকলৰ লগত এই কাহিনী গীতৰ ওতপ্রোত সম্পর্ক। এই গীতবোৰে সাৰ্বজনীন ৰূপ লাভ কৰাত সোণোৱাল কছাৰীসকলৰ ভূমিকা অনস্বীকার্য।
মণিকোঁৱৰ ফুলকোঁৱৰৰ মালিতাৰ জনশ্ৰুতিমূলক কাহিনীটো এনেধৰণৰ: শংখদেউ ৰজা অপুত্ৰক আছিল বাবে ৰাণী ময়নামতীয়ে স্তুতি-মিনতিৰে জনকোৱৰক সন্তুষ্ট কৰাত সগর্ভা হৈ এটি পুত্র সন্তান লাভ কৰে, যাৰ নাম মণিকোঁৱৰ। কিন্তু গণকৰ হিচাপ অনুসৰি মণিকোঁৱৰৰ আয়ুস মাথোন ষোল্ল বছৰ। মণিকোঁৱৰে ৰাজমন্ত্ৰীৰ দুহিতা কাঁচন কুঁৱৰীক বিয়া কৰালে। ভৱিষ্যৎবাণী অনুসৰি যথাসময়ত জলকুঁৱৰীয়ে মণিকোঁৱৰক হৰি নিলে। কাঁচন কুঁৱৰীৰ গৰ্ভত ফুলকোঁৱৰৰ জন্ম হ’ল ৷ মাক, ককাক আৰু আইতাকৰ কোলাত ডাঙৰ হোৱা ফুলকোঁৱৰক লগৰ বন্ধুৱে ‘জহৰা’ বুলি জোকাবলৈ লোৱাত ফুলকোঁৱৰে মাকক বাপেকৰ বিষয়ে সুধিবলৈ ল’লে আৰু বাপেক হেৰুৱাৰ কাহিনী জানিব পাৰি বাপেকক বিচাৰি উলিওৱাৰ সংকল্প ল’লে আৰু বাপেকৰ দিনৰ ঘোঁৰা চলোৱা চাবুক, জলচে? কাপোৰ মাকক উলিয়াই দিবলৈ খাটনি ধৰিলে। ককাকে খট্লা পাড়িল হুতুৱাই পদ্মা গছৰ কাঠেৰে এটা পাখীঘোঁৰা সাজি দিলে। ফুলকোঁৱৰে বালিকা সন্ধানত সেই ধোঁৱাৰে ৰথত উঠি উৰা মাৰিলে, কিন্তু ৰথৰ মিলি উফৰি গৈ ফুলকোঁৱৰ মালিনীবাৰীত পৰিলগৈ।
সেই মালিনীবাৰীত বাৰ বছৰ বৰষুণ হোৱা নাছিল। ফুলকোঁৱৰে তাত নামি ভৰিৰে মাটিত টিপা মৰা মাত্ৰকে গছে শিপা মেলিলে। অৰ্থাৎ বৰষুণ হ’বলৈ ধৰিলে আৰু ক্ৰমে ক্ৰমে মালিনীবাৰী গছে-পাতে, ফুলে-ফলে জাতিষ্কাৰ হৈ পৰিল । পাছত মালিনীবাৰীৰ মালিনী বাইৰ সহযোগত সেই ঠাইৰ ৰজাৰ কুঁৱৰীৰ লগত ফুলকোঁৱৰৰ গোপন মিলন হ’ল।
অচিন পুৰুষৰ লগত জীয়েকৰ গোপন মিলনৰ খবৰ পাই ৰজাই সেনাপতিৰ হতুৱাই কোঁৱৰক প্ৰাণে মাৰিবলৈ ধৰাই নিয়াত কুঁৱৰীয়ে ফুলকোঁৱৰলৈ তাইক বিয়া নিদিলে ‘লাটিম বৰুৱা চাতিম, এনেহেন কোঁৱৰক মাৰিব লাগিলে আইৰে সতীনি খাতিম’বুলি হংকাৰ দিয়াত বাপেকে জীয়েকক ফুলকোঁৱৰলৈ বিয়া দিলে।
এই জনশ্রুতি অনুসৰি পৰৱৰ্তী সময়ত সেই মালিনীবাৰীয়েই বিশ্বাস অনুসৰি হিন্দুসকলৰ বাবে পৰম পবিত্ৰ ক্ষেত্ৰ ‘মালিনীথান’। যি বৰ্তমান অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ পাচিঘাটৰ ওচৰত আৰু অসমৰ ধেমাজি জিলাৰ চিলাপথাৰৰ সমীপত অৱস্থিত।
মণিকোঁৱৰ-ফুলকোঁৱৰ গীতৰ কাহিনী আৰু চৰিত্ৰবিলাকৰ লগত অসমৰ বিভিন্ন ঘটনা অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ নাথ সম্প্ৰদায়ৰ কিছুমান জনশ্রুতিমূলক কাহিনী আৰু চৰিত্ৰৰ সাদৃশ্য চকুত লগা। ড° সূর্য কুমাৰ ভূঞাই এই কাহিনীৰ লগত আহোম ৰাজত্ব কালৰ ‘কোঁৱৰ বিদ্ৰোহ’ৰ বিদ্ৰোহ কৰিব খোজা কোঁৱৰসকলে সপোনত শুকুলা হাতীৰ পিঠিত উঠি ফুৰা কথাৰ সাদৃশ্য দেখা পাইছে। বহুতে ঊষা-অনিৰুদ্ধৰ মিলন কাহিনীৰ লগত ফুলকোৱৰ-পচতুলাৰ সংঘৰ্ষপূৰ্ণ মিলন কাহিনীৰ মিল বিচাৰি পাইছে।
তেনেদৰে চুবুৰীয়া বংগৰাজ্যৰ নাথ সম্প্ৰদায়ৰ ‘ময়নামতী গীত’ৰ অন্যতম চৰিত্র মাণিকচন্দ্ৰ, ময়নামতী আৰু ৰত্নমালা। আদি নামবোৰৰ লগত মণিকোঁৱৰ, কাচনকুঁৱৰী (কাঞ্চনমতী), ময়নামতী এই নামবোৰৰ সাদৃশ্য দেখা পোৱা গ’লেও এই গীতবোৰ কোনো কোনো সমালোচকৰ ধাৰণা অনুসৰি বংগৰ পৰা আহি অসমীয়া সাজ পিন্ধা কাহিনী নহয়। বৰং এই কাহিনী হাড়ে-হিমজুৱে অসমীয়া জনশ্রুতিমূলক কাহিনী।
মণিকোঁৱৰ-ফুলকোঁৱৰৰ মালিতাটি কৃষিৰ লগত বিশেষভাৱে জড়িত। এই গীত গালে বৰষুণ হয় বুলি কৃষিজীৱী অসমীয়াসকলৰ বিশেষকৈ সোণোৱাল কছাৰীসকলৰ বিশ্বাস। জেঠত বৰখৰ মাৰিলে বা বৰষুণৰ বেছি প্ৰয়োজন হ’লে এই মালিতা সোণোৱাল জলদেবতাক উদ্দেশ্য কৰি সন্ধিয়া সময়ত গোৱাৰ পৰম্পৰা বৰ্তমানো দেখিবলৈ পোৱা যায়। তেওঁলোকৰ বিশ্বাস, এই গীত গালে ফুলকোঁৱৰৰ আগমনত ফুলনিবাৰীত বহুযুগ খৰাঙৰ পাছত বৰষুণ হোৱাৰ দৰে বৰ্তমানো বৰষুণৰ সৃষ্টি কৰি ৰাইজক খৰাং বতৰৰ পৰা নিস্তাৰ দিব।
মণিকোঁৱৰ-ফুলকোঁৱৰৰ গীত প্ৰধানকৈ প্ৰেমৰ গীত। এই গীতত পোৱা-নোপোৱা প্ৰেমৰ দুটা প্ৰেমৰ ছবি অংকিত হৈছে। মণিকোঁৱৰ আৰু কাচনকুঁৱৰীৰ অল্পায়ু প্রেম, আনহাতে ফুলকোঁৱৰ আৰু ফুলবাৰীৰ ৰাজকুৰীৰ মিলনাত্মক প্ৰেমৰ ছবি সমান্তৰালকৈ চিত্ৰিত হৈছে। এই গীতত প্ৰেমৰ উপৰি আদি ৰসৰ চিটিকনিও দেখিবলৈ পোৱা যায়। কাহিনী বা গীতৰ শেষলৈ ফুলকোঁৱৰ আৰু ফুলবাৰীৰ ৰাজকন্যাৰ মাজত প্ৰেম, গোপন মিলন আৰু শেষত দুয়োৰে বিবাহেৰে মিলন দেখুওৱা হৈছে।
মণিকোঁৱৰ-ফুলকোঁৱৰ গীতত অলৌকিকতা :
লোক-সাহিত্যৰ অন্যতম উপাদান কাহিনী-গীতত অলৌকিকতা এটা সাধাৰণ লক্ষণ। জনা গাভৰুৰ গীত আদি প্ৰধানকৈ কিংবদন্তীমূলক গীতসমূহত অলৌকিকতা এটা অন্যতম বৈশিষ্ট্য। মণিকোঁৱৰ-ফুলকোঁৱৰ গীতত কেইবা ঠাইতো অলৌকিকতাৰ সমাৱেশ ঘটা দেখা যায়। প্রথমতে ফুলকোঁৱৰে ককাক শংখদেউ ৰজাই খটলা বাঢ়ৈৰ হতুৱাই পমা কাঠেৰে গঢ়াই দিয়া পাখিঘোঁৰাৰ ৰথত উঠি বাপেক মণিকোঁৱৰক বিচাৰি উৰি গৈছিল। এনেকৈ কাঠৰ ঘোঁৰাৰে ফুলকোঁৱৰে কেনে যাদুকৰী শক্তিৰ বলেৰে আকাশেদি উৰা মাৰিব পাৰিছিল সেয়া গীতটোত অজ্ঞাত হৈয়ে ব’ল। গীতত আছে―
অমন পমন কাঠৰে পক্ষীঘোঁৰা সাজিলং
উৰি যাং উৰি যাং কৰে,
কাঠৰে ঘোঁৰাতে উঠি ফুলকোঁৱৰে
… … … …
ছমাহৰ বাটতে ঘূৰাই একে দিনে
বেলি তিনি পৰ চৰিল,
খিলিক উফৰি গই ফুলকোঁৱৰে
মালিনী বাৰীতে পৰিল।
তেনেদৰে পূৰ্বতে ফুলকোঁৱৰৰ কোনো অলৌকিক শক্তিৰ উল্লেখ নথকাকৈ ফুলকোঁৱৰে কেনে শক্তিৰ বলত বাৰ বছৰে বৰষুণ নোহোৱা মালিনীবাৰীত আঙুলিৰ তিপাৰে মাটিৰ পৰা পানী উলিয়াই মালিনীবাৰী ফলে-ফুলে জাতিষ্কাৰ কৰি তুলিলে সেয়াও সাঁথৰ হৈ ৰ’ল। গীতত আছে―
মালিনী বাৰীতে পৰি ফুলকোঁৱৰে
ভৰিৰে মাৰিলে টিপা,
বাৰে বছৰীয়া থপুৰা হেলচে
সবেও মেলিলে শিপা।
সেউতী, মালতী, তগৰ, দুৱামালী
সবেও পেলালে পাহি।
এনেবোৰ অলৌকিকতাৰ বাবে কোনো কোনো সমালোচকে মণিকোঁৱৰ ফুলকোৱৰ গীতক অলৌকিক ঘটনা, যাদু আদিৰ আধাৰত ৰচিত গীত বুলি অভিমত দিছে।
মণিকোঁৱৰ ফুলকোঁৱৰৰ কাহিনীটোৰ ৰচনাভংগীত কিছুমান বৈশিষ্ট্য লক্ষ্য কৰা যায়। সত্যেন্দ্ৰনাথ শৰ্মাৰ ভাষাৰে এই বৈশিষ্ট্যবোৰ হ’ল―
১। কাহিনীৰ টকীয়া গতিৰ লগত খাপখোৱা ছন্দ দ্রুত গতিবেগ।
২। স্বৰবৃত্ত ত্রিপদী ছন্দৰ ব্যৱহাৰ, স্বৰমাত্ৰিক পৰ্বৰ প্ৰাধান্য।
৩। ঘৰুৱা ঠাঁচত ঘৰুৱা জীৱনৰ প্ৰতিফলন।
৪। পদৰ প্ৰথম পংক্তিৰ অৰ্থহীনতা, মাথোন পদ পূৰণৰ বাবেই প্রথম পংক্তিৰ সংযোজন।
যেনে― লাটিম বৰুৱা চাতিম
এনেছেন কোঁৱৰক মাৰিব লাগিলে আইৰে সতীনী খাতিম।
এনে আলোচনাৰ অন্তত ইয়াকে ক’ব পাৰি মণিকোঁৱৰ-ফুলকোৱৰ গীত অসমীয়া কাহিনী কাব্যৰ প্ৰবাহৰ প্ৰথমটো সুঁতি, য’ত প্ৰাগৈতিহাসিক কালৰ শংখদেউ ৰজা আৰু তেওঁৰ নিয়তিৰ বিধান মতে অকাল মৃত্যু হোৱা পুত্ৰ মণিকোঁৱৰ, তেওঁৰ সুযোগ্য সন্তান ফুলকোঁৱৰৰ কাহিনীৰ মাজেৰে পোৱা নোপোৱা প্ৰেমৰ দুখন ছবি দেখিবলৈ পোৱা যায়, এই ছবিৰ লগত হিন্দুসকলৰ পবিত্ৰ স্থান ‘মালিনীথান’ সম্পৃক্ত হৈ আছে। ইয়াত আহোম শাসন কালৰ কোনো বৌৰঞ্জীক চৰিত্ৰৰ উল্লেখ আছে যদিও সেইবোৰ সময়ৰ পৰিৱৰ্তনত সংযোগ ঘটা বুলিহে পণ্ডিতসকলে ক’ব খোজে।
জনশ্ৰুতিমূলক কাহিনীৰ প্ৰধান লক্ষণ অলৌকিক ঘটনাৰ সমাৱেশেৰে মণিকোঁৱৰ- ফুলকোঁৱৰ গীত ভৰপুৰ। চহা কবিৰ হাতত ঘৰুৱা জীৱনৰ চিত্ৰ এই গীতৰ প্ৰধান বৈশিষ্ট্য। সেয়েহে ইয়াত কেতিয়াবা ছন্দ কুশলতা ম্লান পৰাও পৰিলক্ষিত হয়। তথাপি বহু অতীজৰে পৰা এই গীতে অসমীয়া আখ্যানগীতৰ মজিয়াত বৰপীৰা পাৰি বহি থাকিবলৈ সক্ষম হৈ আছে আৰু এই গীতৰ প্ৰধান চৰিত্ৰসমূহক সোণোৱাল কছাৰীসকলে তেওঁলোকৰ পূৰ্ব-পুৰুষ জ্ঞান কৰি আজিও পূজা কৰি আহিছে, গীতত প্ৰকাশ পোৱাৰ দৰেই বৰষুণৰ অভাৱ হ’লে এই গীত গাই আকাশৰ পৰা বৰষুণ নমোৱাৰ জনবিশ্বাস চলি আহিছে।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
History of Assamese literature-1,s 3,4,5 unit