History of Assamese Literature Unit 9 ৰামধেনু যুগৰ অসমীয়া সাহিত্যঃ পটভূমি আৰু বৈশিষ্ট্য

History of Assamese Literature Unit 9 ৰামধেনু যুগৰ অসমীয়া সাহিত্যঃ পটভূমি আৰু বৈশিষ্ট্য, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, History of Assamese Literature Unit 9 ৰামধেনু যুগৰ অসমীয়া সাহিত্যঃ পটভূমি আৰু বৈশিষ্ট্য Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. History of Assamese Literature Unit 9 ৰামধেনু যুগৰ অসমীয়া সাহিত্যঃ পটভূমি আৰু বৈশিষ্ট্য Question Answer can be of great value to excel in the examination.

History of Assamese Literature Unit 9 ৰামধেনু যুগৰ অসমীয়া সাহিত্যঃ পটভূমি আৰু বৈশিষ্ট্য

Join Telegram channel

History of Assamese Literature Unit 9 ৰামধেনু যুগৰ অসমীয়া সাহিত্যঃ পটভূমি আৰু বৈশিষ্ট্য Notes cover all the exercise questions in UGC Syllabus. The History of Assamese Literature Unit 9 ৰামধেনু যুগৰ অসমীয়া সাহিত্যঃ পটভূমি আৰু বৈশিষ্ট্য in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ৰামধেনু যুগৰ অসমীয়া সাহিত্যঃ পটভূমি আৰু বৈশিষ্ট্য

ASSAMESE

HISTORY OF ASSAMESE LITERATURE

অসমীয়া সাহিত্যৰ বুৰঞ্জী

১। যুদ্ধোত্তৰ যুগ বা ৰামধেনু যুগৰ অসমীয়া কবিতাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা? 

উত্তৰঃ যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ বিচৰণ ক্ষেত্ৰখন অতি বহল। এক বিশাল আয়তনৰ মাজতো আধুনিক কবিতাই কেইটিমান বিশিষ্ট লক্ষণ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ বৈশিষ্ট্যসমূহ হৈছে।

(ক) নগৰীয়া যান্ত্ৰিক জীৱনৰ ছবি : কুৰিশতিকাৰ সমাজ হৈ পৰিছে ক্ৰমশঃ নগৰকেন্দ্ৰিক বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ প্ৰসাৰ সাধন হোৱাৰ লগে লগে যান্ত্ৰিক ব্যৱস্থাৰ লগত নগৰীয়া সমাজ আৱদ্ধ হ’বলৈ বাধ্য হৈ পৰিছে। ইয়াৰ ফলস্বৰূপে ব্যক্তিসত্ত্বা সেই যান্ত্ৰিক ব্যৱস্থাৰ এক বিশেষ অৱস্থালৈ ৰূপান্তৰিত হৈছে। চহৰীয়া সভ্যতাত মানুহ হৈ পৰিছে একান্তভাৱে নিসংগ। যন্ত্ৰ যুগৰ প্ৰভাৱে মধ্যবিত্তৰ জীৱন কৰি তুলিছে ৰুগ্ন, শ্বাসৰুদ্ধ। মানুহৰ লগত মানুহৰ সম্পৰ্কৰ পৰিবৰ্তন ঘটিছে আৰু সেই সম্পৰ্ক ক্ৰমে যান্ত্ৰিক আৰু হৃদয়হীন হৈ পৰিছে। জীৱন হৈ পৰিছে আত্মকেন্দ্ৰিক, সংকীর্ণ। জৈৱিক সমস্যাই মানুহক কৰি তুলিছে ব্যস্ত। এনে নগৰকেন্দ্ৰিক সভ্যতাৰ বায়ু পানীৰে শোষিত ব্যক্তি মানসব প্রতিফলন ঘটিছে আধুনিক কবিতাৰ ক্ষেত্ৰখনতো।

(খ) মার্ক্সীয় দর্শন :

নতুন সমাজ গঢ়াৰ প্ৰয়াস : কলো লোককে সম-অধিকাৰ দান কৰি এখন শোষণহীন, শ্রেণীহীন সমাজ গঢ়াৰ বাবে কালমার্ক্সে বিজ্ঞান ভিত্তিক যি সাম্যবাদী চিন্তাধাৰাৰ আদর্শ সমাজৰ আগত প্ৰকাশ কৰিলে সেই আদর্শ আধুনিক কবিসকলৰো মূল আদর্শ হৈ পৰিল। ৰোমাণ্টিক যুগত সুন্দৰৰ আৰাধানাই কবি-মানসক প্রভাৱিত কৰাৰ দৰে আধুনিক কবি সকলকো মার্ক্সীয় দর্শনে সর্বাত্মকভাৱে প্ৰভাৱিত কৰিছে। ধনীক শ্ৰেণীৰ শোষণ, নিপীড়ণ আৰু বঞ্চনাৰ বিৰুদ্ধে শোষিত শ্রেণীয়ে একত্রিতভাৱে বিপ্লৱ কৰিবলৈ মার্ক্সে আগবঢ়োৱা নতুন মতবাদে আধুনিক কবিৰ চিত্তভূমিতো আলোড়ন তোলা দেখা গৈছে। এই আদৰ্শক মূল আদর্শ স্বৰূপে লৈ এখন শ্রেণীহীন নতুন সমাজ গঢ়াৰ প্ৰয়াসত বিশ্বৰ কবিসকলে কলম হাতত লোৱাৰ দৰে আধুনিক অসমীয়া কবিসকলেও কলম তুলি লৈছে। প্ৰকৃততে আধুনিক অসমীয়া কবিতাৰ এক সবল কাব্য-ধাৰা মার্ক্সীয় দৰ্শনৰ প্ৰভাৱৰদ্বাৰা সম্পূৰ্ণ প্ৰভাৱিত। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) ফ্রয়েডীয় মনোবিজ্ঞান : ইয়াৰ প্ৰভাৱ মনোবিজ্ঞানী ফ্রয়েডৰ মতে আমাৰ চেতন মনৰ সকলো আশা, আকাংক্ষা, কামনা-বাসনা, প্ৰেৰণা-প্রয়োজন, অভিপ্ৰায় আদি বাস্তৱত পুৰণ নহয়। এই অৱদমিত অপূর্ণ আশা-আকাংক্ষাবোৰ আমাৰ অজ্ঞাতে চেতন মনৰ পৰা অচেতন মনত ঠাই লয় আৰু ফলস্বৰূপে সেইবোৰ অজ্ঞাত অভিপ্ৰায়ত পৰিণত হৈ সময়ে সময়ে চেতন মনত প্ৰকাশ লাভ কৰিবলৈ ইচ্ছা কৰে। এই অজ্ঞাত দেহ মানসিক প্রয়োজনতাৰ মাজতেই আৱদ্ধ হৈ থাকে আৰু সেইবাবে ফ্ৰয়েডে ইয়াক যৌন কামনাৰ অন্তৰ্বতী বুলি অভিহিত কৰিছে। ফ্রয়েডে মূলতঃ আমাৰ অৱচেতন মনৰ বিভিন্ন ক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু অৱচেতন মনৰ গোপন ৰহস্য উদ্‌ঘাটন কৰিবলৈ সক্ষম হৈছে। অৱচেতন মনৰ কাৰ্য সমূহৰ এপৰত গুৰুত্ব আৰোপ কৰি ফ্ৰয়েডে মনোবিজ্ঞানৰ যি তথ্য আৱিস্কাৰ কৰিছে সেই তথ্যৰ দ্বাৰা আধুনিক অসমীয়া কবিসকল প্রভাৱিত। ফ্রয়েডৰ এই মনোবিজ্ঞানৰ প্রভাৱতেই আধুনিক কবিতাত চিন্তাধাৰাৰ অসংবদ্ধতা পৰিলক্ষিত হৈছে।

(ঘ) বৰ্তমান জীৱনৰ ক্লান্তি আৰু নৈৰাশ্যবোধ : বিভিন্ন সমস্যাৰদ্বাৰা বৰ্তমানৰ জীৱন হৈ পৰিছে ভাৰাক্ৰান্ত। চৌদিশৰ সমাজ জীৱনত সংঘটিত নানা ঘটনা, নানা সমস্যাই জনমানসক চিন্তাক্লিষ্ট কৰি তুলিছে। সামাজিক আৰু বিশেষকৈ অৰ্থনৈতিক সমস্যাৰদ্বাৰা জৰ্জৰিত সমাজত নৈতিক প্ৰমূল্য সমূহৰ ক্ৰমে ক্ৰমে অৱক্ষয় হোৱাৰ ফলত সমাজ জীৱনত ক্ৰমে গঢ় লৈ উঠিছে এক অনিশ্চয়তাৰ বাতাবৰণ। মানুহৰ লগত মানুহৰ আন্তৰিক সহানুভূতি ক্ৰমে ভাগি পৰিছে— জীৱনৰ প্ৰতিটো খোজতে সন্দেহ, অনিশ্চয়তাই মূৰ দাঙি উঠিছে। সমাজত সহানুভূতিৰ বিপৰীতে গঢ় লৈ উঠিছে ক্রমে হিংসা, দ্বেষ আৰু ক্ষোভৰ বাৰ্তাবৰণ ফলত জীৱনলৈ নামি আহিছে ক্লান্তি আৰু নৈৰাশ্যবোধ।

(ঙ) ইতিহাস চেতনাঃ আধুনিক কবিতাৰ আন এটি ধর্ম ইতিহাস চেতনা। ইতিহাস সম্পর্কে আধুনিক কবি মন সচেতন। আধুনিক কবিয়ে অতীতক বৰ্তমানৰ সমভূমি আৰু সমকালত চাবলৈ বিচাৰে। কবিতাৰ ইতিহাস চেতনা সম্পর্কে জীবনানন্দ দাসে কৈছে— কবিয়ে সমাজক উপলব্ধি কৰাৰ প্ৰয়োজন আছে, কবিতাৰ অস্থিৰ ভিতৰত থাকিব ইতিহাস চেতনা আৰু হৃদয়ত থাকি স্পষ্ট সময়জ্ঞান। ইতিহাসৰ প্ৰকৃত উপলব্ধিয়ে কবিৰ মনলৈ নমাই আনে প্ৰজ্ঞা আৰু নতুন চেতনাবোধ।

(চ) জৈৱ দেহজ কামনা আৰু প্ৰেমৰ সামগ্ৰিক ৰূপৰ প্ৰত্যক্ষীকৰণ : আধুনিক কবি প্ৰেমৰ শ্বাশত ৰূপত বিশ্বাসী নহয়, দেহজ ৰূপত বিশ্বাসী। কুৰি শতিকাৰ শৰীৰ বিদ্যা আৰু মনোবিজ্ঞানে মনৰ বিভিন্ন স্তৰৰ ৰহস্য উদ্ঘাটন কৰিবলৈ সমৰ্থ হোৱাৰ ফলত আৰু তাৰ লগতে সামাজিক অৱক্ষয়ে ৰোমাণ্টিক প্রণয়াদর্শক পদে পদে ব্যাহত কৰাৰ ফলত প্ৰেমৰ চিৰন্তন ৰূপৰ প্ৰতি আস্থা ক্ৰমে হেৰাই গৈছে। নিৱনুৱা সমস্যা, দাৰিদ্র্য, চহৰৰ সংকীৰ্ণ পৰিসৰে প্ৰেমৰ উচ্ছ্বাস আৰু আবেগক অর্থহীন কৰি তুলিছে। দেহজ প্রেমত সৌন্দর্য পিপাসাই চৰম পৰিতৃপ্তি লাভ কৰে। সেয়েহে ‘শ্বাশত প্ৰেমৰ তুলনাত ক্ষণিক প্রেমেই কবিৰ দৃষ্টি আকর্ষণ কৰিছে। অতীন্দ্ৰিয় প্ৰেমৰ তুলনাত দেহজ প্রেমে আধুনিক কাব্যত মুখ্য স্থান লাভ কৰিছে।

(ছ) বিজ্ঞানৰ সামগ্রিক প্রভাব : পদার্থ বিজ্ঞান, জীব বিজ্ঞান, মনোবিজ্ঞান, গ্রহতত্ত্ব, ভূতত্ত্ব, নৃতত্ত্ব প্রভৃতি ভিন ভিন বিজ্ঞানৰ মতবাদে আধুনিক কবিৰ চিন্তাধাৰাত প্ৰভাৱ বিস্তাৰ কৰিছে। প্যাংকৰ বিকিৰণ তত্ত্ব, হাইজেন বাৰ্গৰ অনির্ণেয়তাৰ প্ৰতি নীতি, আইনষ্টাইনৰ আপেক্ষিকতাবাদ আৰু পদার্থ বিজ্ঞানীৰ তত্ত্ব, জীৱ বিজ্ঞানৰ দিশত ডাৰউইনৰ তত্ত্ব, ফ্রেজাৰ, মার্গান প্রমুখ্যে নৃতত্ত্ববিদৰ দৃষ্টিভংগী, গ্রহতত্ত্ব, ভূতত্ত্ববিদৰ নতুন নতুন আৱিষ্কাৰ আদিয়ে আধুনিক কবিৰ মানসিক দিগন্তত প্রভাৱ পেলাইছে।

এনেদৰে আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰখনলৈ বিভিন্ন দিশৰ পৰা নানান উপাদান আহি পৰিছে। বিষয়বস্তুৰ ক্ষেত্ৰত আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্যৰাজি আলোচনা কৰি সমালোচক ত্রৈলোক্যনাথ গোস্বামীয়ে কৈছে— “আধুনিক কবিসকলৰ বৈশিষ্ট্য সজাগ জীবন চেতনা। সামাজিক, ৰাজনৈতিক, অর্থনৈতিক নানান সমস্যাৰ চাকনৈয়াত হাবু-ডুবু খাই ভাগৰি পৰা জনগণৰ প্ৰতি কবিসকলৰ পৰোক্ষ সহানুভূতি আছে আৰু আছে সাম্য মৈত্রী জয়ৰ ক্ষীণ কল্পনা। নতুন দৃষ্টিভংগীৰ সহায়ত জীৱন-ধাৰাৰ নতুন মূল্যাংকন বিচৰাৰ প্ৰয়াস এনেবোৰ কবিতাৰ মাজেৰে স্পষ্ট হৈ পৰিছে।

২। যুদ্ধোত্তৰ যুগৰ আধুনিক অসমীয়া কবিতা সম্পর্কে এটি আলোচনা যুগুত কৰা? 

উত্তৰঃ আধুনিকতা এটা আপেক্ষিক শব্দ। কবিতাৰ ক্ষেত্ৰত আধুনিকতা বিচাৰ কৰাটো প্ৰকৃততে কঠিন কমা। কবিৰ মনৰ জগত আৰু পাঠকৰ মনৰ জগতত একে সময়তে নতুন চেতনা-অনুভূতিৰ আদান-প্রদান হয় তেতিয়াই কবিতাত আধুনিকতা স্বীকৃতি হয়। আধুনিক কবিতা দৰাচলতে দ্বিতীয় মহাযুদ্ধোত্তৰ কালৰ কবিতা। মহাযুদ্ধই কঢ়িয়াই অনা নতুন চেতনা, সামাজিক পৰিৱৰ্তন আদিয়ে নতুন পৰিৱৰ্তন আনিছিল। এই পৰিৱৰ্তন সবল কৰি তুলিছিল জয়ন্তী আলোচনীয়ে। জয়ন্তীৰ কবিতাত সমাজ চেতনা বলিষ্ঠ ৰূপত প্ৰকাশ পাইছিল যদিও প্রগতিবাদত বিশেষ গুৰুত্ব দিয়াৰ বাবে তাত জীৱনৰ সামগ্ৰিক ৰূপ প্ৰকাশিত হোৱা নাছিল। অৱশ্যে জয়ন্তীয়ে প্রগতিবাদী কবিতাৰ ক্ষেত্ৰত এক ঐতিহাসিক সূচনাৰ সৃষ্টি কৰিছিল। পৰৱৰ্তী কালৰ পছোৱা ৰামধেনু আলোচনীয়ে এই প্ৰৱাহটোক শক্তিশালী ৰূপ দিছিল।

ৰামধেনু যুগৰ কবিতাৰ আঙ্গিক, বিষয়বস্তু দুয়োটাৰে আমূল পৰিৱৰ্তন হৈছিল। দৰাচলতে, এই সময়ৰ কবিতাত বিষয়বস্তুৰ নিৰ্বাচন, শব্দচয়ন, বাক্য বিন্যাস, প্রতীক, চিত্রকল্প, ছন্দ সজ্জা আদি সকলো দিশতে নতুনত্ব আছিল। পূৰ্বৰ কবিতাৰ যৌগিক ছন্দৰ পৰা আঁতৰি আহি মুক্তক স্পন্দিত গদ্য ৰূপত আত্মপ্ৰকাশ কৰিলে। শব্দচয়নৰ ক্ষেত্ৰত ইংৰাজী, সংস্কৃত, বাংলা, হিন্দী আদি ভাৰতীয় ভাষাৰ প্ৰভাৱ পৰিল। জাপানী বাইকু কবিতাৰ ৰূপ অসমীয়া কবিতালৈ প্ৰৱাহিত হ’ল। যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাত কবিয়ে প্রতীক আৰু চিত্ৰকল্পৰো সংযোজন কৰিলে। কবিতা জটিল আৰু দুবোধ্য হৈ আহিল ৷ নতুন নতুন ভাৱ, অভিজ্ঞতা, বাস্তৱ দৃষ্টিভংগী, আঙ্গিকৰ অভিনৱত্ব সোমাই পৰি এই ধাৰাৰ কবিতাই অসমীয়া কাব্য জগতলৈ এটা নতুন যুগ আহ্বান কৰি আনিলে ৷

যুদ্ধোত্তৰ যুগৰ কবিসকলৰ ভিতৰত অমূল্য বৰুৱাৰ চমকপ্ৰদ আৱিৰ্ভাৱে অসমীয়া কাব্যমোদীৰ মনত আলোড়নৰ সৃষ্টি কৰিছিল। মার্ক্সীয় দৰ্শনত বিশ্বাসী অমূল্য বৰুৱাৰ কবিতাৰ বিষয়বস্তু আছিল কয়লা, কুকুৰ, বেশ্যা আদি। মৰোণোত্তৰভাৱে প্ৰকাশিত তেওঁৰ একমাত্ৰ কবিতা পুথি অচিনা। এই গৰাকী কবিয়ে মাত্র ২৪ বছৰ বয়সতে কলিকতাৰ সাম্প্ৰদায়িক সংঘৰ্ষত প্ৰাণ হেৰুৱায়। অমূল্য বৰুৱাই উন্মোচন কৰা প্ৰগতিবাদী ধাৰাটোৰ গুৰি ধৰে ভৱানন্দ দত্তই ৰাজপথ, পূবেৰুণ আদি কবিতাৰ যোগেদি। একেদৰে চক্ৰেশ্বৰ ভট্টাচাৰ্যই মাথোঁ এখন নোট আদি কবিতাৰ যোগেদি পৰৱৰ্তী কেইবাজনো কবিক সাম্যবাদী ভাৱনাৰে উদ্বুদ্ধ কৰিবলৈ সক্ষম হয়। আধুনিক লক্ষণ বিশিষ্ট, প্রগতিশীল দৃষ্টিভংগীযুক্ত আৰু বৈপ্লৱিক চেতনাৰ অসমীয়া কবিতা ৰচনা ধীৰেন্দ্ৰ নাথ দত্ত এইক্ষেত্ৰত সর্বাগ্রণী। ১৯৩৩ চনত প্ৰকাশিত অভিযান কাব্য সংকলনৰ পাতনিত কৈছে— মোৰ অভিযান সকলো প্ৰকাৰ জড়তা, দীনতা, হীনতাৰ বিৰুদ্ধে সমাজৰ কঠোৰ বান্ধোনৰ বিৰুদ্ধে। ইয়াৰ পিছতে আগবাঢ়ি আহিল অন্য এক প্রতিভা— হেম বৰুৱা। 

তেওঁৰ কবিতাতে প্ৰতীক আৰু চিত্ৰকল্পৰ আধুনিক প্ৰয়োগ প্রথম দেখা গৈছিল। বালিচন্দা (১৯৪৯), মনময়ুৰী (১৯৬৫) তেওঁৰ দুখন কবিতাৰ পুথি । এনেদৰে দেখা যায় যে যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ শুভাৰম্ভ ঘটিছে প্ৰগতিবাদী কবিতাৰ যোগেদি। পৰৱৰ্তী কালত এই বিশিষ্ট প্রগতিবাদী বা মার্ক্সবাদী ধাৰাটোক প্ৰতিনিধিত্ব কৰে হীৰেন গোহাই, হীৰেণ ভট্টাচার্য, আমলেন্দু গুহ, কেশৱ মহন্ত, হেমাঙ্গ বিশ্বাস আদি কবিসকলে।

যুদ্ধোত্তৰ যুগত যিগৰাকী কবিৰ কবিতাই আধুনিক কবিতাক সুপ্রতিষ্ঠিত কৰাত আৰু জনপ্ৰিয়তা বৃদ্ধিত সহায় কৰিলে, তেওঁ হ’ল নৱকান্ত বৰুৱা। অসমীয়া কবিতাত মুক্তক আৰু স্পন্দিত গদ্য ব্যৱহাৰত তেখেতে বৈচিত্ৰ্যৰ সৃষ্টি কৰিলে। চল্লিশৰ দশকৰ শেষৰফালে কবি ৰূপে আত্মপ্রকাশ কৰি তেওঁ সপ্তম দশকৰ শেষলৈকে ছখন কবিতাৰ পুথি ৰচনা কৰে – হে অৰণ্য, হে মহানগৰ, এটি দুটি এঘাৰটি তৰা, ৰাৱণ, মোৰ আৰু পৃথিৱী, যতি আৰু কেইটিমান স্কেচ্ছ, এখন স্বচ্ছ মুখাৰে ইত্যাদি। যান্ত্ৰিক আৰু নাগৰিক সভ্যতাৰ দানৱীয় অভিব্যক্তিৰ প্ৰতি ঘৃণা, প্রাচীন ঐতিহ্য, সচেতন দৃষ্টিভংগী, মানৱতাবাদ, আধুনিক সমাজ-সভ্যতাই জন্ম দিয়া দ্বিধা, সংকোচ আৰু সুস্থ সমাজ-ব্যৱস্থাৰ প্রতি আগ্রহ এই কাব্য সংকলনকেইটিত প্রকাশ পাইছে।

নৱকান্ত বৰুৱাৰ আৱিৰ্ভাৱৰ লগে লগে অসমীয়া কবিতাত এটা নতুন ধাৰাৰ সৃষ্টি হয়। বহুতে এই ধাৰাটোক বুদ্ধিনিষ্ঠ ধাৰা বুলিও অভিহিত কৰিব খোজে। এই ধাৰাটো মূলতঃ পাশ্চাত্যৰ এলিয়ট, অডেন, স্পেণ্ডাৰ, বোডলেয়াৰ, লুই, মায়াকভস্কি, বিস্কে আদি ইউৰোপীয় কবিৰ দ্বাৰা প্ৰভাৱিত। নৱকান্ত বৰুৱাক এই ধাৰাটোৰ নায়ক বুলি কোৱা হয়। নীলমণি ফুকন, ভবেন বৰুৱা, মহেন্দ্ৰ বৰা, অজিৎ বৰুৱা, মহিম বৰা, হৰি বৰকাকতি আদি কবিও এই ধাৰাৰ অন্যতম।

নীলমণি ফুকনৰ (১৯৩৩) কবিতা বুদ্ধিদীপ্ত আৰু চিত্ৰময় ৰচনা। তেওঁ যুদ্ধোত্তৰ যুগৰ এজন জনপ্ৰিয় কবি। তেওঁৰ কবিতাৰ পুথিসমূহৰ ভিতৰত সূর্য হেনো নামি আহে এই নদীয়েদি, নিৰ্জনতাৰ শব্দ, আৰু কি নৈশব্দ, ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, কাঁইট, গোলাপ আৰু কাঁইট, গোলাপী জামুৰ লগ্ন, কবিতা আদি। মহেন্দ্ৰ বৰাৰ কাব্য সাধনাৰ আৰম্ভণি বিংশ শতিকাৰ চল্লিশৰ দশকত । তেওঁৰ কবিতা পুথি কেইখন হ’ল জাতিস্মৰ, এই নদীয়েদি ইত্যাদি। তেওঁৰ কবিতাত ভাৰতীয় দৰ্শনৰ প্ৰভাৱ স্পষ্ট। জন্মান্তৰাবাদত বিশ্বাসী এইজনা কবিৰ কবিতাৰ ঘাই সুৰ ৰমন্যাসিক চেতনা। বিংশ শতিকাৰ পঞ্চম আৰু ষষ্ঠ দশকৰ কবি হৰি বৰকাকতি। তেওঁৰ কাব্য পুথি হৈছে— কোনোবা শীতৰ এক বগা সন্ধিয়াত, হৰি বৰকাকতিৰ কবিতা, সময় বালিৰ খোজ । হোমেন বৰগোহাঞি বুদ্ধিনিষ্ঠ ধাৰাৰ অন্যতম কবি ৷ তেওঁৰ কবিতাৰ পুথি হৈমন্তী। মহিম বৰাৰ কবিতাত জন্মান্তৰবাদ, জীৱন, মৃত্যু আৰু কৌতূহল সংশয়ৰ মনোভাৱ আছে। একমাত্ৰ কবিতাৰ পুথি ৰঙাজিঞা। 

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সমাজবাদী ধাৰাৰ এজন উল্লেখযোগ্য কবি। তেওঁ জয়ন্তী, পছোৱা আৰু ৰামধেনু আলোচনীত কাব্য চৰ্চা কৰিছিল। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, ফেঁচা, বৰ ভূঁইকঁপ আদি উৎকৃষ্ট কবিতা। সমাজবাদী ধাৰাৰ আন এজন কবি অমলেন্দু গুহ। তেওঁৰ কবিতাত শ্ৰমজীৱী, কৃষক বনুৱা মানুহৰ সংগ্ৰামৰ ছবি আছে। বাওপন্থী চিন্তা চেতনাৰে সমৃদ্ধ আন এগৰাকী কবি তথা গাতিকাৰ হ’ল কেশৱ মহন্ত। আমাৰ পৃথিৱী, আগন্তুক আদি তেওঁৰ উল্লেখযোগ্য কাব্য সংকলন। প্রগতিবাদী ধাৰাটোৰ আন এগৰাকী বিশিষ্ট কৰি ৰাম গগৈ তেওঁৰ কাব্য পুথি মাটিৰ স্বপ্ন।

সুগন্ধি পখিলাৰ কবি ৰূপে হীৰেন ভট্টাচাৰ্যৰ কবি প্রতিভাই সপ্তম দশকতে পূৰ্ণ বিকাশ লাভ কৰিলে। প্রগতিশীল সমাজ চেতনা তেওঁৰ প্ৰথম পৰ্যায়ৰ কবিতাত ধৰা দিছিল। প্রকাশিত কাব্য পুথি― ৰৌদ্ৰকামনা, মোৰ দেশ মোৰ প্ৰেমৰ কবিতা, বিভিন্ন দিনৰ কবিতা, সুগন্ধি পখিলা আদি। বিপ্লৱী চেতনা, বাস্তবতা, মানবতাবোধৰ প্ৰেৰণা সমৃদ্ধ আন এগৰাকী সমাজবাদী কবি হ’ল হেমাঙ্গ বিশ্বাস। কুল খুৰাৰ চোতাল তেওঁৰ কাব্যপুথি।

যুদ্ধোত্তৰ যুগৰ ৰমন্যাসিক কবি হ’ল নিৰ্মলপ্ৰভা বৰদলৈ। কাব্যিক অনুভূতিক অতি সংক্ষেপে অথচ সংবেদনশীলভাবে, মঞ্জুল ভাষা আৰু চিত্ৰধৰ্মী ভাষাত প্ৰকাশ কৰিছে। তেওঁৰ কাব্য সংকলনকেইটি হ’ল— বন ফৰিঙৰ ৰং, দিনৰ পাছত দিন সমীপেষু, অন্তৰঙ্গ।  

মন্যাসবাদী, প্রতীকবাদ, প্রগতিবাদ আদি কেওবিধৰে প্ৰতিফলন থকা কবি গৰাকী হ’ল বীৰেণ বৰকটকী। তেওঁৰ কবিতাৰ সংকলন দুখন মন্বন্তৰ আৰু চিৰন্তন। ১৯৪০ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত আৱিৰ্ভাৱ হোৱা আন আন কবিসকলৰ ভিতৰত বীৰেশ্বৰ বৰুৱা, দিলীপ বৰুৱা, হীৰেন্দ্ৰনাথ দত্ত, ভবেন বৰুৱা, হৰেকৃষ্ণ ডেকা, দীনেশ গোস্বামী, নলিনীধৰ ভট্টাচাৰ্য, ৰবীন্দ্ৰ সৰকাৰ আদিৰ নাম উল্লেখ কৰিব পাৰি।

ওপৰত কম-বেছি পৰিমাণে আলোচনা কৰা কবিসকলৰ বাহিৰেও ষাঠিৰ দশক বা তাৰ আগেয়ে আৰু সত্তৰ আৰু আশীৰ দোমোজাত আত্মপ্রকাশ কৰি কাব্য-চৰ্চা কৰা আন কেইবাজনো কবিৰ নাম নাথাকিলে এই আলোচনা সম্পূৰ্ণ নহ’ব।

কবীন ফুকন গভীৰ মননশীল ধাৰাটোৰ কবি। তেওঁ ষাঠিৰ দশকৰ কবি। ষাঠিৰ দশকত আত্মপ্ৰকাশ কৰা আন এজন কবি আনিছ উজ জামান। সনন্ত তাঁতী সত্তৰৰ দশকত আত্মপ্ৰকাশ কৰা কবি সকলৰ অন্যতম। তদুপৰি এই সময়ৰ বিশিষ্ট কবিসকলৰ ভিতৰত অনুভৱ তুলসী, নীলিম কুমাৰ, জ্ঞান পূজাৰী, অনুপমা বসুমতাৰী, ৰাজীৱ বৰুৱা, বিপুলজ্যোতি শ‍ইকীয়া, তুলিকা চেতিয়া য়েইন, জ্যোতিৰেখা হাজৰিকা, আদিৰ নাম ল’ব পাৰি। শোষণৰ বিৰুদ্ধে সংগ্ৰাম আৰু নতুন সমাজ এখনৰ প্ৰতি আগ্ৰহ সৰহভাগ নবীন কবিৰে কেন্দ্ৰীয় চিন্তা।

৩। ৰামধেনু যুগ বা যুদ্ধোত্তৰ যুগৰ আধুনিক অসমীয়া কবিতাৰ ধাৰা সম্পর্কে এটি আলোচনা আগবঢ়োৱা?

উত্তৰঃ আধুনিক কবিতা মূলতঃ জনতাৰ কবিতা। জন-জীৱনৰ-হাই উরুমিবে আধুনিক কবিতা মুখৰিত। যুদ্ধোত্তৰ যুগৰ কবিতাৰ বিষয়, ভাৱ আঙ্গিক আদি দিশৰ পৰা আধুনিক কবিতাৰ কেইবাটাও ধাৰা নিৰ্ণয় কৰিব পাৰে। ভাৱৰ দিশৰ পৰা―

(ক) সমাজবাদী ভাৱধাৰাৰ কবিতা: আধুনিক কবিসকলে মানুহৰ অস্তিত্ব আৰু সমাজ-জীৱনৰ মূল্যায়নৰ ভেটিত কবিতা ৰচনা কৰি আহিছে। জড়তাগ্রস্ত সমাজ জীৱনৰ বুকুত নতুন দিনৰ প্ৰাণ প্রতিষ্ঠা কৰিবৰ বাবে তেওঁলোক জনতাৰ মাজলৈ ওলাই আহিছে। জনজীৱনৰ দুখ-যন্ত্ৰণাৰ উপশম ঘটাবলৈ এইসকল কবিয়ে চেষ্টা কৰিছে। এইদল কবিৰ ভিতৰত ভবানন্দ দত্ত, অমূল্য বৰুৱা, মেৰ বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কেশৱ মহন্ত, নলিনীধৰ ভট্টাচাৰ্য, বীৰেণ বৰকটকী, ৰাম গগৈ, ৰবীন্দ্ৰ সৰকাৰ নাম ল’ব পাৰি।

সমাজবাদী ধাৰাৰ কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতাত এক উচ্চ আদর্শবাদ, জনতাৰ ওপৰত তেওঁৰ সশ্ৰদ্ধ আস্থা আৰু এখন সাম্যবাদী সমাজ ৰচনাৰ সপোন প্ৰতিফলিত হৈছে। তেওঁৰ ‘বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, ‘শঙ্কৰদেৱ’, ‘আত্মজ্ঞান’ আদি কবিতাত মানৱতাবাদ, ন্যায় আৰু সমতাৰ আদৰ্শৰ প্ৰতি থকা দৃঢ় বিশ্বাসৰ ধ্বনি শুনিবলৈ পোৱা যায়।

বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ 

বড়ো নাচনিৰ নাচোনৰ তাল ভাগে

জনতাৰ চকু চকুৰ পানীৰে পূৰ। (বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য)।

(খ) নৱ্য ৰোমাণ্টিক ভাৱধাৰাৰ কবিতা : যুদ্ধোত্তৰ যুগৰ এচাম কবিয়ে ৰোমাণ্টিক ভাৱধাৰাকে লৈ আধুনিক দৃষ্টিভংগীৰে কবিতা লিখিছে। এইসকল কবিৰ কবিতাত সামাজিক চেতনাৰ প্ৰভাৱ স্পষ্ট। নৱ্য-ৰোমাণ্টিক ভাৱধাৰাৰ কবিসকলৰ চেতনাত ৰোমাণ্টিক ভাৱধাৰা, সত্য আৰু সুন্দৰৰ আৰাধানাৰ ভেঁটিতহে নতুন সমাজ গঢ়াৰ প্ৰয়াস দেখা হৈছে। এই ভাৱধাৰাৰ কবিতাত আধ্যাত্মিক শুভবুদ্ধি, কলা-সর্বস্বতা, প্রকৃতি, যৌৱনৰ বিষণ্নতা, দীর্ঘশ্বাস, যৌনতাৰ প্ৰকাশ, সংশয়, অতৃপ্তি, নিৰাশা-হতাশা, নিস্তেজ-নিষ্ক্রিয় সৌন্দৰ্যবোধৰ অনুভূতি দেখা যায়। এই দলৰ কবিসকলৰ ভিতৰত নৱকান্ত বৰুৱা, হৰি বৰকাকতি, ভবেন বৰুৱা, হোমেন বৰগোহাঞি, নীলমণি ফুকন, অজিৎ বৰুৱা, মহেন্দ্ৰ বৰা, হীৰেন ভট্টাচাৰ্য ইত্যাদি কবিৰ নাম উল্লেখ কৰিব পাৰি।

আংগিকৰ ধাৰা :

(ক) প্রতীকবাদী ধাৰা : প্রতীক হ’ল শব্দ বা শব্দ গুচ্ছৰ অৰ্থসম্বলিত ৰূপ। প্রতীকে কবিতাৰ ভাষা ব্যঞ্জনাময় কৰি তোলে। প্রতীকবাদ হ’ল এক সাহিত্যিক আন্দোলন যত প্রতীকেই কবিতাৰ মূল আত্মা। অৰ্থাৎ‍ প্ৰতীক আৰু প্রতীকবাদ একে বস্তু নহয়। প্রতীকবাদীসকলে ব্যৱহাৰ কৰা প্ৰতীক তেওঁলোকৰ স্বকীয় অভিজ্ঞতাৰ আধাৰত নিৰ্মিত বাবে সৰ্বসাধাৰণৰ বাবে বহুসময়ত তাক বুজি পোৱা কঠিন হৈ পৰে। দৰাচলতে প্রতীকবাদী কবিসকলে কবিতাত এখন সম্পূর্ণ চিত্র বচনা কৰি নিদিয়ে, মাথোঁ পাঠকৰ অনুভৱৰ বাবে গোটেই দিয়ে কবিতাৰ শব্দ, ভাব আৰু চিত্ৰকল্প।

১৯ শতিকাৰ ফৰাছী প্রতীকবাদী আন্দোলনৰ ফলত এই ধাৰা অসমীয়া কবিতালৈ আহিল। প্রতীকবাদী কবিসকলৰ ভিতৰত নৱকান্ত বৰুৱা, মহেন্দ্ৰ বৰা, হোমেন বৰগোহাঞি, হেম বৰুৱা, অজিৎ‍ বৰুৱাৰ নাম উল্লেখযোগ্য। অসমীয়া কবিতাত প্ৰতীকবাদী কবিতাৰ বিভিন্ন উদাহৰণ পোৱা যায়। তাৰ ভিতৰত অজিৎ‍ বৰুৱাৰ ‘জেংৰাই ১৯৬৩’ কবিতাত আমি প্রতীকবাদী প্রকাশ দেখা পাওঁ―

ডকা বজোৱা মোৰ হৃদয় ডংকা 

অংক নিমিলে যিনিলে লংকা

ডংকা বজোৱা যিনিলে বজোৱা

ডংকা বজোৱা….

(খ) চিত্ৰকল্পবাদী ধাৰা : পশ্চিমীয়া সাহিত্যত বিংশ শতাব্দীৰ দ্বিতীয় দশকত কেইজনমান ইংগমার্কিন কবিয়ে চিত্রকল্পবাদী আন্দোলন গঢ়ি তুলিছিল। মনত ৰখা উচিত যে, চিত্ৰকল্প আৰু চিত্ৰকল্পবাদ একে নহয়। চিত্রকল্পবাদীসকলৰ মতে চিত্ৰকল্প কবিতাৰ আঙ্গিক নহয় ই কবিতাৰ প্ৰাণ বা আত্মা চিত্ৰকল্পবাদী আন্দোলনৰ গুৰি ধৰোঁতা টমাচ আর্গেষ্ট হিউম আৰু এজৰা পাউণ্ডে চিত্ৰকল্পৰ সম্পৰ্কত এই কথা স্পষ্ট কৰি গৈছে। এই আন্দোলনৰ প্ৰভাৱ বিশ্বৰ বিভিন্ন সাহিত্যত পৰে। অসমীয়া সাহিত্যৰ বিশেষকৈ কবিতাৰ ক্ষেত্ৰত এই প্ৰভাৱ পৰে। চিত্রকল্পবাদী ধাৰাৰ অন্তৰ্গত কবি হিচাপে আমি হেম বৰুৱা, নৱকান্ত বৰুৱা, বীৰেশ্বৰ বৰুৱা, মহেন্দ্ৰ বৰা, নীলমণি ফুকন, হৰি বৰকাকতি, নির্মল প্রভা বৰদলৈ, হোমেন বৰগোহাঞি, হীৰেন ভট্টাচাৰ্য আদিৰ কথা উল্লেখ

কৰিব পাৰো। 

হৰি বৰকাকতিৰ কবিতাত মনোৰম চিত্ৰকল্পৰ সমাৱেশ ঘটিছে প্ৰিয়াৰ চিঠি‍―

‘কোনো নাই, নাই । সাৰে আছে মাথোঁ 

হেজাৰ প্ৰিয়াৰ চকুৰ লোতক গোট মাৰি

হোৱা আকাশৰ চেষ্টা জোন।

নির্মলপ্ৰভা বৰদলৈয়ে কম শব্দতে নিটোল চিত্ৰকল্প ৰচনা কৰিছে। কবিয়ে ফাগুণৰ চিত্ৰ আঁকিছে এনেদৰে―

নীলা পাটৰ সাজযোৰত

ফাকু ৰঙৰ 

জকমকীয়া বুটা।

এনেদৰে, এদল কবিৰ যত্নত চিত্রকল্পবাদী ধাৰাই অসমীয়া কবিতাৰ ইতিহাসক উজল কৰি তুলিছিল। 

৪। যুদ্ধোত্তৰ যুগৰ আধুনিক উপন্যাসৰ লক্ষণসমূহ কি কি?

উত্তৰঃ কুৰি শতিকাৰ চল্লিশৰ দশকৰ পৰা আশী দশকৰ সময়ছোৱাৰ উপন্যাসসমূহ বিচাৰ কৰিলে বহুতো লক্ষণ ফুটি উঠা পৰিলক্ষিত হয়। তেনে কিছুমান লক্ষণ উল্লেখ কৰা হ’ল-

(ক) অসমীয়া সমাজ জীৱনৰ বিভিন্ন সমস্যাৰ বাস্তৱ আৰু সজীৱ প্রতিচ্ছবি।

(খ) ৰোমাণ্টিক প্রেম, দেশপ্রেম, সামাজিক সংস্কাৰধৰ্মী আদৰ্শ আৰু নৈতিক মূল্যবোধৰ প্ৰতিফলন। বিশেষকৈ মহম্মদ পিয়াৰ, সুৰেশচন্দ্ৰ গোস্বামী, তিলক দাস, গোবিন্দ মহন্ত আদিৰ উপন্যাসত এনে বৈশিষ্ট্য দেখা যায়। 

(গ) অসমীয়া উপন্যাসৰ মাজত গঢ় লৈ উঠা শিল্পসম্মত বাস্তৱবাদী চিন্তাধাৰাৰ উন্মেষ বিৰিঞি কুমাৰ বৰুৱা, প্ৰফুল্ল দত্ত গোস্বামী, হোমেন বৰগোহাঞি আদিৰ উপন্যাসত দেখা যায়। 

(ঘ) জাতীয়তাবাদী চেতনা আৰু গ্ৰামীণ জীৱনৰ প্ৰতি আকর্ষণ হিতেশ ডেকা, চৈয়দ আব্দুল মালিক, মহম্মদ পিয়াৰ আদিৰ উপন্যাসত এনে বৈশিষ্ট্য দেখা যায়।

(ঙ) যুদ্ধোত্তৰ যুগৰ উপন্যাসত ৰাজনৈতিক আদৰ্শ আৰু চেতনা প্ৰকাশ ফুটি উঠা দেখা যায়। বিশেষকৈ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য, চৈয়দ আব্দুল মালিক, মেদিনী চৌধুৰী, দেবেন্দ্ৰ নাথ আচাৰ্য আদিৰ উপন্যাসত এনে বৈশিষ্ট্য দেখা যায়। 

(চ) আঞ্চলিক ভিত্তি, আঞ্চলিক প্রাকৃতিক পৰিবেশ, স্থানীয় বিশ্বাস, ৰীতি-নীতি আদিৰ প্ৰতিফলন এইছোৱা উপন্যাসত প্ৰতিফলিত হোৱা লক্ষণীয়। বিশেষকৈ কৈলাশ শৰ্মা, লুম্মেৰ দাই, অমূল্য বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, শীলভদ্ৰ আদিৰ উপন্যাসত এনে বৈশিষ্ট্য পৰিলক্ষিত হয়।

(ছ) সাধাৰণ মানুহৰ জীৱন সংঘাত, চৰিত্ৰৰ সবলতা-দুর্বলতা সহানুভূতিৰে অংকন কৰা দেখা যায়। 

(জ) জনজাতীয় জীৱনৰ বিভিন্ন দিশ এইছোৱাৰ কিছু উপন্যাসত প্রতিফলন ঘটিছে। বিশেষকৈ চাহ জনজাতি, মিচিং, অৰুণাচল- চেৰেকদুকপেন সমাজ আদি বিভিন্ন জনজাতীয় সমাজৰ জীৱন পদ্ধতি, বিশ্বাস ৰীতি-নীতিৰ প্রতিফলন ঘটিছে।

(ঝ) যুদ্ধোত্তৰ যুগৰ উপন্যাসত কিছুমান যৌন জীৱন আৰু যৌন সমস্যাই প্রাধান্য লাভ কৰা পৰিলক্ষিত হয়। বিশেষকৈ নগ্ন যৌনবাদ আৰু অসামাজিক উচ্ছৃংখল যৌনাভিব্যক্তিৰ প্ৰতিফলন দেখা যায়। 

(ঞ) নাৰীবাদী চিন্তাৰ প্ৰতিফলন যুদ্ধোত্তৰ যুগৰ উপন্যাসৰ এটি প্রধান লক্ষণ বুলিব পাৰি। প্ৰায়বোৰ উপন্যাসতে নাৰী সম্পৰ্কীয় চিন্তাৰ উন্মেষ ঘটা দেখা যায়।

(ট) বাজনৈতিক আন্দোলন, যুদ্ধ-বিগ্রহ, বিদ্ৰোহ আদি এইছোৱা সময়ৰ উপন্যাসত প্রতিফলিত হোৱা দেখা যায়।

এনেধৰণৰ বিভিন্ন লক্ষণেৰে যুদ্ধোত্তৰ যুগৰ উপন্যাসক সমৃদ্ধ কৰি তুলিছে।

৫। যুদ্ধোত্তৰ যুগৰ অসমীয়া উপন্যাসৰ ধাৰাকেইটা আলোচনা কৰা। 

উত্তৰঃ যুদ্ধোত্তৰ যুগৰ অসমীয়া উপন্যাসসমূহ চালি জাৰি চালে কেইবাটাও ধাৰা লক্ষণীয় বুলিব পাৰি। বিষয়বস্তুগত দিশৰ পৰা এনে ধাৰাসমূহক ভগাই ল’ব পাৰি । যেনে—

(ক) ঐতিহাসিক উপন্যাসঃ যুদ্ধোত্তৰ যুগত ঐতিহাসিক উপন্যাস ৰচনাৰ প্ৰতি লেখকসকল বিশেষ আগ্রহী নহয়৷ গতিকে এই যুগত এনে ৰচনাৰ সংখ্যা বেছি নহয়। নৱকান্ত বৰুৱাৰ গড়মা কুঁৱৰী নাইবা পদ্ম বৰকটকীৰ বিচাৰৰ বাবে পূৰ্বৰ ঐতিহাসিক ঔপন্যাসিকসকলৰ দৃষ্টিভংগীৰ পৰা আঁতৰি আহিছে।

গড়মা কুঁৱৰীত প্ৰেম আৰু দ্বন্দ্বৰ এটি ব্যঞ্জনা আৰু নিচাৰৰ বাবে মানৱীয় দৃষ্টিভংগীৰে বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ সময়ছোৱা দান্তি ধৰিবলৈ প্ৰয়াস কৰা হৈছে। সেইদৰে নৱকান্ত বৰুৱাৰ ককাদেউতাৰ হাড় উপন্যাসত ব্যঞ্জিত ইতিহাস চেতনাও উল্লেখনীয়। ইয়াত লেখকৰ স্বকীয় ইতিহাস চেতনা আৰু বিচাৰে প্ৰধান ভূমিকা লোৱা দেখা যায়। একেদৰে পৰম্পৰাগত দৃষ্টিভংগীৰে ধীৰেন বৰঠাকুৰৰ বাঈ চাহেবা আতিহাসিক ৰোমাঞ্চ ধৰ্মী উপন্যাসৰ চৰিত্ৰ গ্ৰহণ কৰিছে। এই সময়ছোৱাত ৰচিত দেবেন্দ্ৰ নাথ আচাৰ্যৰ কালপুৰুষ নদাই সৰ্জাতী মুখেৰে ব্যক্ত হোৱা এক ঐতিহাসিক উপন্যাস।

(খ) জীৱনীমূলক উপন্যাসঃ যুদ্ধোত্তৰ যুগৰ ষাঠি দশকৰ পৰা জীৱনীমূলক উপন্যাসৰ এটি নতুন ধাৰাৰ আৰম্ভ হয়। জ্যোতিপ্ৰসাদৰ জীৱনৰ ভিত্তিত ৰচিত চৈয়দ আব্দুল মালিকৰ ৰূপতীৰ্থৰ যাত্ৰী এই ধাৰাৰ প্ৰধান উপন্যাস। একেদৰে এই একেজন ব্যক্তিৰ জীৱন আধাৰিত আনখন উপন্যাস চন্দ্রপ্রসাদ শ‍ইকীয়াৰ তোৰে মোৰে আলোকৰে যাত্ৰা। ইয়াত জ্যোতিপ্ৰসাদৰ জীৱনৰ ইতিহাস বহু পৰিমাণে ৰক্ষিত হোৱাত সফলতা অর্জন কৰিছে। এনে জীৱনীমূলক উপন্যাসৰ ভিতৰত মেদিনী চৌধুৰীয়ে মাধৱদেৱৰ জীৱনক লৈ লিখা বণ্ডুকা বেহাৰ, চৈয়দ আব্দুল মালিকে শংকৰদেৱৰ জীৱনক লৈ লিখা ধন্য নৰ তনু ভাল, মাধৱদেৱৰ জীৱনক লৈ লিখা প্রেম অমৃতৰ নদী, লক্ষ্মীনন্দন বৰাই শংকৰদেৱৰ জীৱনক লৈ লিখা থাকেনি নাহিকে উপাম আৰু মাধৱদেৱৰ জীৱনক লৈ লিখা সেহি গুণনিধি, মেদিনী চৌধুৰীয়ে বিষ্ণু ৰাভাৰ জীৱনক লৈ লিখা ফেৰেংগাদাও, নিৰুপমা বৰগোহাঞিয়ে চন্দ্ৰপ্ৰভা শ‍ইকীয়ানীৰ জীৱনক লৈ লিখ অভিযাত্রী, বীৰেন বৰকটকীয়ে কনকলতাৰ জীৱনক লৈ লিখা মৃত্যু গচকি আনা জয় জিনি আদি উপন্যাসেই প্রধান।

(গ) ৰাজনৈতিক আদর্শভিত্তিক উপন্যাসঃ যুদ্ধোত্তৰ যুগৰ আদৰ্শভিত্তিক উপন্যাস ৰাজনৈতিক চেতনা আৰু আদৰ্শই অসমীয়া উপন্যাসত প্ৰতিফলিত হোৱা দেখা যায়। বিশেষকৈ চৈয়দ আব্দুল মালিকৰ ৰথৰ চকৰি ঘূৰে, ল.সা.গু. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৰাজপথে ৰিঙিয়াই, ইয়াৰুইঙ্গম, প্রতিপদ, মৃত্যুঞ্জয়, মেদিনী চৌধুৰীৰ বিপন্ন সময়, দেবেন্দ্রনাথ আচাৰ্যৰ অন্য যুগ অন্য পুৰুষ ত্ৰৈলোক্য ভট্টাচাৰ্যৰ সাঁচি পাতৰ পুথি, তিলোত্তমা মিশ্ৰৰ স্বৰ্ণলতা আদিয়েই প্রধান বুলিব পাৰি। উপন্যাসকেইখনত ৰাজনৈতিক আদৰ্শ ফুটাই তোলাত লেখকসকলে সফলতা অৰ্জন কৰিছে।

(ঘ) আদৰ্শ নিৰপেক্ষ মানবিকতাবাদী উপন্যাসঃ যুদ্ধোত্তৰ যুগৰ অসমীয়া উপন্যাস সাহিত্যৰ আন এটি শক্তিশালী ধাৰা হৈছে আদৰ্শ নিৰপেক্ষ মানৱিকতাবাদী উপন্যাস। এই ধাৰাটোৰ সফল ঔপন্যাসিক হ’ল— চৈয়দ আব্দুল মালিক, যোগেশ দাস, হোমেন বৰগোহাঞি, চন্দ্ৰ প্ৰসাদ শ‍ইকীয়া, ৰোহিনী কাকতি, নিৰোদ চৌধুৰী, লক্ষ্মীনন্দন বৰা মহিম বৰা, মামণি ৰয়ছম গোস্বামী, শীলভদ্র, ভবেন্দ্ৰ নাথ শ‍ইকীয়া আদি। মালিকৰ অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ মাজেদি মধ্যবিত্ত আৰু উচ্চ মধ্যবিত্ত শ্ৰেণীৰ জীৱনৰ স্বতন্ত্ৰতা আৰু স্বৈৰাচাৰৰ বিলাসৰ মাজত নিঃসংগতা ছবি ফুটি উঠিছে। হোমেন বৰগোহাঞি উপন্যাসত আধুনিক জীৱনৰ পংকিলতাৰ মাজতো মানৱীয়তাৰ অন্বেষণ, চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াৰ উপন্যাসত ৰোমাণ্টিক আদর্শবাদ, লক্ষ্মীনন্দন বৰাৰ উপন্যাসত নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত জীৱনৰ মাজেদি আধুনিক নগৰ জীৱনৰ দৃষ্টিভংগী ফুটি উঠা দেখা যায়। সেইদৰে মামণি ৰয়ছম গোস্বামীৰ উপন্যাসতো মানুহৰ প্ৰতি গভীৰ প্রেমৰ চিত্র ফুটি উঠা দেখা যায়।

(ঙ) মনোবিশ্লষেণবাদী উপন্যাস : ব্যক্তিবাদী দর্শনৰ চৰম বিকাশৰ অৱস্থাত ঔপন্যাসিক অর্ন্তমুখী হৈ বাহিৰৰ পৰা ভিতৰলৈ প্ৰৱেশ কৰে আৰু সামাজিক বাস্তবতাৰ ভৰৰ পৰা মনোবৈজ্ঞানিক স্তৰলৈ প্ৰবেশ কৰে। ঔপন্যাসিকে ব্যক্তিৰ মানসিক বিক্ষিপ্তৰ কাৰণ সমাজত নিবিচাৰি মনৰ গহনত অনুসন্ধান কৰে। এনে দৃষ্টিভংগীৰেই আৰম্ভ হ’ল মনোবিশ্লেষণবাদী উপন্যাসৰ। যুদ্ধোত্তৰ যুগত এনে উপন্যাসৰ বিকাশ ঘটা পৰিলক্ষিত হয়। কুমাৰ কিশোৰ আৰু পদ্ম বৰকটকীৰ দুই এখন উপন্যাসত মানসিক বিক্ষিপ্তৰ অভিব্যক্তিৰ ৰূপায়ন ঘটিছে। ফ্রয়েডৰ মনঃ সমীক্ষণ আৰু যৌন ব্যাখ্যাই আধুনিক যুগৰ ঔপন্যাসিক সকলক অতিশয় প্ৰভাৱান্বিত কৰিছে। এনেদৰেই মার্ক্সীয় দৰ্শনৰ প্ৰভাৱেও উপন্যাসৰ সৌন্দর্য বৃদ্ধি কৰিছে। হোমেন বৰগোহাঞি, মামণি ৰয়ছম গোস্বামী আদিৰ উপন্যাসত এনে দৃষ্টিভংগীৰ পৰিলক্ষিত হয়।

(চ) নাৰীবাদী চিন্তাৰ উপন্যাস : সপ্তদশ, অষ্টাদশ শতিকাত ইউৰোপত উন্মেষিত হোৱা নাৰীবাদী চিন্তাই বিভিন্ন স্তৰৰ মাজেদি বিকাশিত হৈ আহি বৰ্তমানে সমগ্র বিশ্বত এক আলোড়নৰ সৃষ্টি কৰিছে। অসমীয়া উপন্যাসতো নাৰীবাদী চিন্তাৰ বিভিন্ন দিশৰ প্ৰতিফলন ঘটা দেখা যায়। ঊনবিংশ শতিকাৰ শেষছোৱা আৰু বিংশ শতিকাৰ প্রথমছোৱাত অসমীয়া উপন্যাসত নাৰী চিন্তাৰ প্ৰতিফলন দেখা যায়। যুদ্ধোত্তৰ যুগত এই ধাৰাৰ উপন্যাসে বিস্তাৰ লাভ কৰে। এনে উপন্যাসৰ ভিতৰত ৰাস্না বৰুৱাৰ সেউজী পাতৰ কাহিনী, ৰাধিকা মোহন গোস্বামীৰ চাকনৈয়া, চিত্ৰলতা ফুকনৰ অশুকন্যা, মামণি ৰয়ছম গোস্বামীৰ নীলকণ্ঠী ব্ৰজ, ঈশ্বৰী, জখমী যাত্ৰী আৰু অন্যান্য, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, নিৰুপমা বৰগোহাঞিৰ ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ, অৰূপা পতঙ্গীয়া কলিতাৰ অয়নান্ত আদিয়েই প্রধান। 

(ছ) শিশু উপন্যাসঃ যুদ্ধোত্তৰ যুগত অসমীয়া শিশু উপন্যাসে বিকাশ আৰু বিস্তাৰ লাভ কৰে। এইক্ষেত্ৰত নৱকান্ত বৰুৱাৰ অৱদান উল্লেখযোগ্য। তেওঁৰ শিয়ালী পালেগৈ ৰতনপুৰ, আখৰৰ জখলা আদিয়ে অসমীয়া শিউ সাহিত্যত নতুন জোঁৱাৰ আনিলে। ইয়াৰ উপৰিও প্ৰেমনাৰায়ণ দত্তৰ পোহৰৰ বাটত, চৈয়দ আব্দুল মালিকৰ এখন সোণালী দুৱাৰ, শশী শৰ্মাৰ মোৰ দেশ মানুহৰ দেশ, নীলিমা দত্তৰ মই আৰু আমি, মহীম বৰাৰ এধানি মাহীৰ হাঁহি, অৰূপা পতঙ্গীয়া কলিতাৰ কাঁইটত কেতেকী আদি উল্লেখযোগ্য উপন্যাস।

(জ) অনুবাদ উপন্যাসৰ ধাৰা : অসমীয়া উপন্যাস সাহিত্যয়ো আন আন সাহিত্যৰ দৰে অনুবাদৰ জৰিয়তে সমৃদ্ধিলাভ কৰিছে। জোনাকী আৰু আৱাহন যুগত এনে উপন্যাসে আৰম্ভ আৰু বিকাশ লাভ কৰে যদিও যুদ্ধোত্তৰ যুগতহে ইয়াৰ বিস্তাৰ লাভ ঘটে। এনে উপন্যাসৰ ভিতৰত পালবাৰ্কৰ গুড আর্থৰ অনুবাদ সুপ্রভা গোস্বামীৰ মাটিৰ মানুহ, বীৰেন বৰকটকীৰ কুমাৰী পৃথিৱী (ভাৰজিন চইল) যতীন্দ্র নাথ গোস্বামীৰ বুঢ়া আৰু সাগৰ (ওল্ডমেন এন্ড দা ছি) আদি উল্লেখযোগ্য।

এনেদৰে যুদ্ধোত্তৰ যুগত অসমীয়া উপন্যাসে বিভিন্ন ধাৰাৰ মাজেদি বিকাশ আৰু বিস্তাৰ লাভ কৰে। 

৬। যুদ্ধোত্তৰ যুগৰ আধুনিক অসমীয়া নাটকৰ লক্ষণসমূহ কি কি আলোচনা কৰা?

উত্তৰঃ যুদ্ধোত্তৰ যুগৰ অসমীয়া নাটকসমূহ বিচাৰ বিশ্লেষণ কৰিলে কেইবাটাও লক্ষণ চকুত পৰে। সেইবোৰ হৈছে

(ক) অসম বুৰঞ্জীৰ পটভূমিত ৰচিত নাটকসমূহ লেখকে আধুনিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰে। 

(খ) মহাকাব্যিক পদ্ধতি আৰু চিন্তাধাৰাৰে নাটক ৰচনা আৰু মঞ্চ কৌশলে বিশেষ পৰিবেশ সৃষ্টিত সহায় কৰে। 

(গ) যুদ্ধোত্তৰ যুগৰ নাটকত জীৱনবোধৰ গভীৰতা আৰু কাব্যিক অনুভূতিৰ গাঢ়তা এটি প্রধান লক্ষণ। যাৰ বাবে নাটকসমূহ বাস্তবধর্মী হৈ উঠিছে।

(ঘ) যুদ্ধোত্তৰ যুগৰ অসমীয়া নাটকত বিষয়বস্তু গ্ৰহণ আৰু চৰিত্ৰায়ণত নতুনত্ব আহৰণ কৰাৰ উপৰিও মঞ্চ উপযোগিতালৈ লক্ষ্য।।

(ঙ) সামাজিক সমস্যাসমূহক নতুন দৃষ্টিৰে চোৱা আৰু তাক নাটকত চিত্রায়ণ কৰা।

(চ) যুদ্ধোত্তৰ যুগৰ কিছুমান নাটকত প্রচলিত নাটকৰ সু-সংহত কাহিনীৰ বিপৰীতে ঐক্যহীন বিচ্ছিন্ন কাহিনী চিত্রায়ন।

(ছ) এই শ্রেণী নাটকত আদৰ্শ আৰু বিশ্বাসযোগ্য চৰিত্ৰৰ বিপৰীতে নৰ্বিকাৰ আৰু অবিশ্বাস্য চৰিত্ৰ উপস্থাপন ৰীতি দেখা যায়।

(জ) এই শ্রেণী নাটত গতিময় আৰু সাবলীল সংলাপৰ বিপৰীতে সংগতিবিহীন সংলাপৰ মাধ্যমত প্ৰকাশ কৰা দেখা যায়।

(ঝ) যুদ্ধোত্তৰ যুগৰ অসমীয়া নাটকৰ আন এটি প্রধান লক্ষণ হ’ল— এইবোৰ নাটকত লোক নাট্যৰ আংগিক প্রয়োগ। 

(ঞ) যুদ্ধোত্তৰ যুগৰ অসমীয়া নাটকত প্ৰাচা আৰু পাশ্চাত্যৰ বিভিন্ন দৃষ্টিভংগীৰ প্ৰভাৱ পৰিলক্ষিত হৈ উঠিল।

এনেদৰে বিভিন্ন লক্ষণসমূহ যুদ্ধোত্তৰ যুগৰ অসমীয়া নাটকত দেখা পোৱা যায়। এইবোৰ বৈশিষ্ট্যৰ বাবেই যুদ্ধোত্তৰ যুগৰ অসমীয়া নাটকে বিভিন্ন দিশত গতি কৰিলে আৰুন ন বৈশিষ্ট্যৰে মহিমা মণ্ডিত হৈ উঠিল। 

৭। স্বাধীনতাৰ পৰৱৰ্ত্তীকালৰ অসমীয়া নাটৰ ধাৰাকেইটিৰ বিষয়ে এটি পৰিচয় আগবঢ়াওক। লগতে এই ধাৰাসমূহৰ অন্তৰ্ভূক্ত হোৱা নাটসমূহৰ বিষয়েও চমু আভাস দিয়ক।

উত্তৰঃ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছৰ কালছোৱাত অসমীয়া নাটকৰ বিষয়বস্তু, নাট্য-বীতি, চিন্তাধাৰ আদি দিশৰ বিপুল পৰিবৰ্তন দেখা গ’ল। ‘সমাজ আৰু জীৱনৰ অন্যান্য দিশৰ দৰে নাটকৰ ৰচনা আৰু অভিনয়ৰ বেলিকাও দ্বিতীয় মহাযুদ্ধৰ বিভীষিকাই প্ৰচুৰ ক্ষতি সাধন কৰে। যুদ্ধৰ পাছত, বিশেষকৈ দেশে স্বাধীনতা লাভ কৰাৰ লগে লগে, নাট্য-ৰচনা আৰু অভিনয় নতুনকৈ ঠন ধৰি উঠে। নাটৰ স্বৰূপ আৰু বিষয়বস্তু নিৰ্ভৰ কৰে বিশেষকৈ দৰ্শকৰ ৰুচিৰ ওপৰত। যুদ্ধৰ সময়ত আৰু স্বাধীনতা লাভৰ আগে-পিছে ঘটা সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক ঘটনাসমূহে আমাৰ দৰ্শক পাঠকৰ মনত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। যুদ্ধৰ ধ্বংসলীলা, জাপানৰ বোমা বিস্ফোৰণ, সাম্প্ৰদায়িক অশান্তি, গান্ধীজীৰ হত্যা ইত্যাদি ঘটনাবিলাকে লেখক আৰু পঢ়ুৱৈৰ মনত গভীৰ ৰেখাপাত কৰে। শিক্ষাৰ প্ৰসাৰ হৈছিল যদিও ই এটা বিশেষ শ্ৰেণীৰহে সৃষ্টি কৰে, আৰু সৰ্বসাধাৰণ লোক আৰ্থিকভাৱে জুৰুলা হৈ পৰে। সমাজ আৰু জীৱনৰ এই বিভিন্ন সমস্যাবোৰ নাটক ৰচনাৰ আহিলা হিচাপে লোৱা হয়। 

সেয়ে এই কালছোৱাত লিখিত নাটক বিলাকক আমি সম্পূর্ণ পৃথক ৰূপত দেখিবলৈ পাওঁ। ছেক্সপীয়েৰীয় নাটকৰ ৰোমাণ্টিক ভাব বিলাসিতা, গৰুৰ আৰু পাতলীয়া ভাবৰ সংমিশ্ৰণ আৰু পাঁচ-অংকীয়া নাট্যশৈলী এইবোৰ ক্ৰমে নাটকৰপৰা লোপ পাই আহিবলৈ ধৰে। বিষয়বস্তুৰ ক্ষেত্ৰত এই যুগৰ নাট্যকাৰসকলে অনুপ্ৰেৰণা লাভ কৰে ঘাইকৈ ইবচেন, চেখভ আৰু শ্ব’ৰ পৰা। চিন্তা-ভাৱনাৰ বিষয়ত প্ৰধানকৈ গান্ধী, ফ্ৰয়ড আৰু মার্ক্সৰ প্রভাৱ পৰিলক্ষিত হয়। মুঠতে আগৰ বুৰঞ্জীমূলক আৰু পৌৰাণিক নাটকৰ ঠাই ল’লে সামাজিক সমস্যামূলক আৰু মনস্তাত্ত্বিক বিষয়বস্তু প্রধান নাটকে। এইদৰেই নাটক হৈ পৰিল পৌৰাণিক আৰু ঐতিহাসিকৰ ঠাইত ঘাইকৈ সামাজিক আৰু অন্তর্মুখী।

স্বাধীনতাৰ পৰৱৰ্তী কালত ৰচিত সৰহ সংখ্যক নাটকেই সামাজিক। সমাজ-জীৱনৰ বিভিন্ন দ্বন্দ আৰু সমস্যা এই নাটকবোৰৰ বিষয়বস্তু। বিষয়বস্তু আৰু নাট্য-ৰীতিৰ বেলিকা হেনৰিক ইবচেন, বার্ণাড শ্ব, গলজৱর্থী আদি বাস্তববাদী চিন্তাশীল নাট্যকাৰসকলৰ প্রভাৱ এই নাটকবোৰত স্পষ্ট। বিশেষকৈ সংলাপত কথিত গদ্যৰ ব্যৱহাৰ, মঞ্চ-সজ্জা আৰু চৰিত্ৰৰ বৰ্ণনা আদিত এই প্ৰভাৱ পৰিলক্ষিত হয়। তদুপৰি সকলো ফালৰ পৰা স্বাভাৱিক অৱস্থা সৃষ্টিৰ প্ৰতি নাট্যকাৰসকল সজাগ আছিল। বিংশ শতিকাৰ স্বাধীনোত্তৰ কালৰ ষষ্ঠ-সপ্তম দশকৰ এনেধৰণৰ কেইখনমান উল্লেখযোগ্য নাটক হ’ল— সাৰদাকান্ত বৰদলৈ ‘মগৰীবৰ আজান, পহিলা তাৰিখ, সেই বাটেদি। অনিল চৌধুৰীৰ প্ৰতিবাদ, ফণী শৰ্মাৰ চিৰাজ, কিয়, প্রবীণ ফুকনৰ শতিকাৰ বান, বিশ্বৰূপা, গিৰীশ চৌধুৰীৰ মিনা বজাৰ, সৰ্বেশ্বৰ চক্ৰবৰ্তীৰ অভিমান, কংকন। সত্যপ্ৰসাদ বৰুৱাৰ শিখা, জ্যোতিৰেখা। প্ৰফুল্ল কুমাৰ বৰুৱাৰ আশাৰ বালিচৰ, লক্ষ্যধৰ চৌধুৰীৰ নিমিলা অংক, ফণী তালুকদাৰৰ জুয়ে পোৰা সোণ, সৰ্বানন্দ পাঠকৰ অনধিকাৰ, সুশে গোস্বামীৰ ভঙাগঢ়া, দুৰ্গেশ্বৰ বৰঠাকুৰ বা-মালী, অৰুণ শৰ্মাৰ জিন্‌টি ইত্যাদি।

স্বাধীনতাৰ পাছৰ দুটা দশকত একাংকিকা নাটক জনপ্ৰিয় হৈ পৰে। ষষ্ঠ-সপ্তম দশকৰ একাংক নাট ৰচনা কৰা নাট্যকাৰ সকল হ’ল— বীণা বৰুৱাৰ এবেলাৰ নাট, সত্যপ্ৰসাদ বৰুৱাৰ আনাৰকলি, ৰাণাদিল, শাশ্বতী, দুগেশ্বৰ বৰঠাকুৰৰ নিৰুদ্দেশ, প্ৰবীণ ফুকনৰ ত্ৰিতৰংগ, ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ পুতলা নাচ, ভূপেন হাজৰিকাৰ এৰা বাটৰ সুৰ ইত্যাদি।

স্বাধীনোত্তৰ কালত বিশেষকৈ পঞ্চম-ষষ্ঠ দশকৰ পৰা ঐতিহাসিক নাটকৰো পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। নাটকৰ বিষয়বস্তু ঐতিহাসিক হ’লৈও ইয়াত নাট্যকাৰসকলৰ সমাজ-চিন্তাৰ গভীৰতা পৰিলক্ষিত হয়। প্ৰবীণ ফুকনৰ মণিৰাম দেৱান, নগাঁও নাট্যসমাজৰ পিয়লি ফুকন, আব্দুল মালিকৰ ৰাজদ্রোহী আদি নাটকত এই পৰিৱৰ্তন দেখিবলৈ পোৱা যায়।

ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু দ্বিতীয় মহাসমৰৰ পটভূমিত ৰচনা কৰা নাটকৰ ভিতৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ লভিতা আৰু অতুল চন্দ্ৰ হাজৰিকাৰ আহুতি আদি অন্যতম।

৮। ৰামধেনু যুগৰ চুটিগল্পৰ সাধাৰণ লক্ষণ কি কি? 

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধ তথা আন আন আনুষংগিক প্রভাৱে অসমীয়া চুটিগল্পক বিশেষভাবে প্রভাৱিত কৰিছিল। আধুনিক যুগৰ গল্পকাৰসকলে জীৱন আৰু জগতক বিভিন্ন দৃষ্টিকোণৰ পৰা পৰ্যবেক্ষণ কৰিলে আৰু চুটিগল্পলৈ নতুন আংগিক, বিষয়বস্তুৰ আগমন ঘটিল। তলত যুদ্ধোত্তৰ যুগৰ চুটিগল্পৰ সাধাৰণ বৈশিষ্ট্যসমূহ উল্লেখ কৰা হ’ল

১। যুদ্ধোত্তৰ যুগৰ চুটিগল্পৰ সমাজচেতনা আৰু দায়বদ্ধতা এটা গুৰুত্বপূর্ণ বৈশিষ্ট্য। ঐতিহ্যৰ প্ৰতি মোহগ্রস্ততা, প্রাচীন পৰম্পৰাৰ প্ৰতি মোহ এই যুগৰ গন্থাৰ অন্যতম বৈশিষ্ট্য। লক্ষ্মীনন্দন বৰাৰ ‘দেৱতাৰ ব্যাধি’, ‘গুৰু পৰ্ব আদি গল্পত এনে চেতনা প্ৰকাশ পাইছে।

২। যুদ্ধোত্তৰ যুগৰ গল্পত মানৱতাবাদী চেতনা প্রকাশ অন্যতম বৈশিষ্ট্য। এই মানৱতাবাদী দৃষ্টিভংগীয়ে বহু মনঃ সমীক্ষাত্মক মানৱতাবাদ আৰু বাস্তৱবাদীৰ ৰূপ গ্ৰহণ কৰিলে। ছৈয়দ আব্দুল মালিকৰ চুটিগল্পত অনেক গল্প বাস্তৱবাদী মানৱতাবাদী লক্ষণ পৰিস্ফুট হৈছে। আনহাতেদি বীৰেন্দ্ৰকুমাৰ ভট্টাচার্য, যোগেশ দাস, শীলভদ্র আদি সাম্প্রতিক সময়ৰ প্ৰণৱজ্যোতি ডেকা, কুমুদ গোস্বামী আদিৰ গল্পত এই চেতনাৰ পৰিস্ফুট হৈছে।

৩। যুদ্ধোত্তৰ যুগৰ চুটিগল্পত দেখা পোৱা হাস্য ব্যংগৰ ধাৰা অন্যতম বৈশিষ্ট্য। শিক্ষাৰ সম্প্ৰসাৰণ, আধুনিক ভোগবাদী সভ্যতাৰ বিকাশ আৰু অন্তঃসাৰশূন্য আধুনিকতাৰ প্ৰসাৰে সমাজত তথাকথিত ভদ্র শ্রেণীটোৰ ভণ্ডামি ক্রমশঃ বাঢ়ি আহিছিল। ৰামধেনু যুগৰ অনেক গল্পত এনে ভণ্ডামিক ব্যংগ কৰা হৈছে। মাৰ্জিত ৰূপত ৰুচিবোধ সম্পন্নতাৰে ব্যংগ কৰিব পৰা লেখকৰ ভিতৰত শীলভদ্ৰৰ নাম উল্লেখ কৰিব পাৰি।

৪। যুদ্ধোত্তৰ যুগৰ অসমীয়া চুটিগল্পৰ অন্যতম বৈশিষ্ট্য হ’ল মনঃতত্ত্ব। নৰ-নাৰীৰ জৈৱিক বাসনা, আত্মহত্যা আৰু মৃত্যুস্পৃহা, শিশু মনঃস্তত্ব, কিশোৰী মনঃস্তত্ব, নাৰী মনঃস্তত্ত্ব, ৰুগ্ন মানসিকতা, নিজ্ঞান মনৰ সন্ধান আৰু বৃদ্ধ মনঃস্তত্ত্ব আদি দিশত মনঃসমীক্ষাত্মক দৃষ্টিভংগী অনেক গল্পত প্রতিফলিত হোৱা দেখা যায়। হোমেন বৰগোহাঞিৰ গল্পত এনে বৈশিষ্ট্য আছে। তেওঁৰ বক্স মানসিকতাৰ স্বাক্ষৰ থকা গল্প হলৈ অসুখ। বৰগোহাঞিৰ যৌন মনঃস্তত্ত্বৰ পৰোক্ষ প্রভাৱ দেখা যায়।

৫। যুদ্ধোত্তৰ যুগৰ চুটিগল্পত বৈজ্ঞানিক যুক্তিবাদৰ প্ৰয়োগ ইয়াৰ অন্যতম সাধাৰণ লক্ষণ। বিজ্ঞানৰ তত্ত্বকথাৰ দ্বাৰা জীৱনৰ সত্যক অনুসন্ধান কৰিবলৈ এই সময়তে অনেক গল্পকাৰে চেষ্টা কৰিছে। তাৰ ভিতৰত সৌৰভ কুমাৰ চলিহা, নগেন শ‍ইকীয়া, ভবেন্দ্ৰনাথ শ‍ইকীয়া আদি নাম উল্লেখ কৰিব পাৰি। 

৯। ৰামধেনু যুগৰ অসমীয়া চুটিগল্পৰ ধাৰা — এই সম্পর্কে আলোচনা কৰা? 

উত্তৰঃ যুদ্ধোত্তৰ যুগতে অসমীয়া সাহিত্যলৈ পাশ্চাত্য জগতত আলোড়ন কৰা নানা দর্শন, চিন্তা-চর্চা বহল ৰূপত বিয়পি পৰিছিল। চুটিগল্পলৈয়ো এনে প্রভাৱ আহিছিল আৰু এই যুগৰ গল্প অভূতপূর্বভাবে ঐশ্বর্যশালী হৈ পৰিছিল। যুদ্ধোত্তৰ যুগৰ গল্পৰ বিষয়, ভাব, আঙ্গিক আদি দিশৰ পৰা অসমীয়া চুটিগল্পৰ কেইবাটাও ধাৰা নিৰ্ণয় কৰিব পাৰি।

(ক) সমাজ সচেতনতাৰ ধাৰা : ৰামধেনু বা যুদ্ধোত্তৰ যুগৰ চুটিগল্পত সমাজ সচেতনতাৰ ভাৱ ফুটি উঠা দেখা যায়। সমসাময়িক সমাজৰ প্ৰতি তীব্ৰভাৱে সচেতন হৈ উঠা এই যুগৰ গল্পকাৰসকলৰ গল্পত ৰাজনৈতিক বিশৃংখলতা, নগৰীয়া জীৱনৰ প্ৰতি মোহ আদি দিশে প্রাধান্য পাইছিল। তদুপৰি গাঁৱলীয়া জীৱনৰ সনাতন জীৱনধাৰা আৰু নগৰীয়া জীৱনত দেখা দিয়া বিভিন্ন পৰিৱৰ্তনে গাঁৱলীয়া জীৱনলৈ অনা ভাঙোন ইত্যাদিক পটভূমি হিচাপে লৈ এই যুগতে অনেক গল্প লিখি উলিয়াইছিল। এইক্ষেত্ৰত ভবেন্দ্রনাথ শ‍ইকীয়া, স্নেহ দেৱী, হোমেন বৰগোহাঞি আদি গল্পকাৰ অন্যতম। যুদ্ধোত্তৰ যুগৰ গল্পৰ সমাজ-সচেতনতাৰ এটা অন্যতম দিশ হ’ল মধ্যবিত্তীয় পৰিয়ালৰ বিভিন্ন সমস্যা, হা-হতাশৰ বেদনা আৰু নায্য অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ ক্ৰোধ। তদুপৰি, ভদ্র মানুহৰ মুখা পিন্ধা সমাজৰ সচেতনতাৰ অন্য দিশ যুদ্ধোত্তৰ যুগৰ গল্পত দেখা যায়।

(খ) হাস্য-ব্যংগৰ ধাৰা : যুদ্ধোত্তৰ যুগৰ গল্পত হাস্য-ব্যংগৰ ধাৰাৰ উপস্থিতি মনকৰিবলগীয়া। হাস্য-ব্যংগ বিভিন্ন ক্ষেত্ৰৰ পৰা উদ্ভৱ হৈছে। সমকালীন ৰাজনৈতিক নেতাসকলৰ ভণ্ডামি, তথাকথিত ভদ্র অথচ ভণ্ডামিৰে পৰিপূৰ্ণ চৰিত্ৰক যুদ্ধোত্তৰ যুগৰ গল্পত তাচ্ছিল্য কৰা হৈছিল। মহিমা বৰা, কুমুদ গোস্বামী আদি গল্পকাৰৰ গল্পত এনে দিশ দেখা গৈছে। আনহাতেদি সৌৰভ কুমাৰ চলিহাৰ গল্পতো তীব্র ব্যংগ দেখা যায়। তেওঁৰ অশান্ত ইলেক্টন গল্পত অন্তঃসাৰশূন্য বা আড়ম্বৰ সৰ্বস্ব সাম্যবাদীসকলৰ ফোপোলা মানসিকতাক তীব্ৰ ব্যংগ কৰিছে।

(গ) মনস্তত্বৰ ধাৰা : যুদ্ধোত্তৰ যুগৰ চুটিগল্পত মনঃসমীক্ষাত্মক দৃষ্টিভংগী প্রতিফলিত হোৱা পৰিলক্ষিত হয়। নৰ-নাৰীৰ জৈৱিক বাসনা, আত্মহত্যা আৰু মৃত্যু স্পৃহা, নাৰী মনঃস্তত্ব, বৃদ্ধ মনঃস্তত্ব, উৎপীড়ন প্রৱণতা আদি ৰুগ্ন মানসিকতা যুদ্ধোত্তৰ যুগৰ গল্পত দেখা গৈছে। নব-নাৰীৰ জৈৱিক বাসনাক লৈ গন লিখাসকলৰ ভিতৰত অন্যতম হোমেন বৰগোহাঞি তেওঁৰ বৰষুণ, আশ্রয়, নৰকত বসন্ত আদি গল্পত এনে দিশ প্ৰতিফলিত হৈছে। 

নাৰী মনঃস্তত্বৰ বিভিন্ন দিশৰ সম্পৰ্কত যুদ্ধোত্তৰ যুগত বহুতো গল্পকাৰে গল্প ৰচনা কৰিছে। তাৰ ভিতৰত স্নেহ দেৱীৰ প্ৰেৰণাৰ সমাধি, সূচনা, উপলব্ধি, অনুসন্ধান যোৱাৰ পাছত আদি গল্পত নাৰী মনৰ মাতৃৰ মমতা, স্বামীৰ দ্বাৰা প্ৰতাৰিতা আদি নাৰীৰ বিভিন্ন অৱস্থাৰ চিত্ৰণ আছে। কম মানসিকতাৰ বিশ্লেষণ যুদ্ধোত্তৰ যুগৰ গল্পৰ অন্য এটা দিশ। সৌৰভ কুমাৰ চলিহাৰ প্ৰশান্ত ইলেক্ট্ৰন, অতুলানন্দ গোস্বামীৰ এক্সপেৰিমেণ্ট আদি গল্পৰ নাম উল্লেখ কৰিব পাৰি। 

(ঘ) অস্তিত্ববাদৰ ধাৰা : ১৯৪০ চনত অস্তিত্ববাদ পশ্চিমত গঢ় লৈ উঠা এটা ধাৰা। এই ধাৰাৰ অন্তৰ্গত এটা ধাৰাই ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰে আনটোৱে ঈশ্বৰৰ অস্তিত্ব মানি লব নোখোজে। অস্তিত্ববাদৰ মূল তত্ত্ব হ’ল— প্ৰত্যেক মানুহেই নিজৰ বিচাৰ বুদ্ধিৰে নিজৰ জীৱন সম্পৰ্কে সকলো সিদ্ধান্ত ল’ব লাগে আৰু তেনে সিদ্ধান্তৰ অৱশ্যম্ভাৱী পৰিণাম স্বৰূপ দায়িত্বত গ্ৰহণ কৰিব লাগে। যুদ্ধোত্তৰ যুগৰ কিছুসংখ্যক গল্পকাৰৰ গল্পত এই ধাৰাৰ প্ৰভাৱ পৰিছে। তাৰ ভিতৰত হোমেন বৰগোহাঞিৰ যৌৱন গল্পটোৰ কথা কব পাৰি। গল্পটোত পাঁচজন কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণত ভৰি দিয়া ল’ৰাৰ চিন্তাধাৰা, কাৰ্যকলাপৰ বর্ণনা আছে। গল্পটোৰ প্ৰধান চৰিত্ৰ অমিয়ৰ বক্তব্যত অস্তিত্ববাদৰ তত্ত্ব প্ৰতিফলিত হৈছে ―

জীৱনৰ আটাইতকৈ ডাঙৰ স্বাধীনতা কি জান

মহীউদ্দিন। পাপ কৰিবৰ স্বাধীনতা। কিন্তু 

স্বাধীনতা কোনেও যাঁচি নিদিয়ে। তাক জোৰকৈ আদায় কৰিব লাগে। মই আজি এটা পাপ কাম কৰিম। মাৰ পৰা টকা খুজি আনিছিলোঁ কিতাপ এখন কিনিম বুলি। কিন্তু তাৰে আমি এতিয়া চাহ খাম। ঈশ্বৰৰ বিৰুদ্ধে লুচিফাৰৰ এই প্রথম বিদ্রোহ।

অস্তিত্ববাদী ভাৱাপন্ন অন্য এজন লেখক হ’ল সৌৰভ কুমাৰ চলিহা। তেওঁৰ জ্যামিতি গল্পটো ইয়াৰ শ্রেষ্ঠ নিদর্শন। গল্পটোত তেওঁৰ বিজ্ঞানৰ যুক্তিবাদৰ দ্বাৰা অস্তিত্ববাদী চিন্তাধাৰাৰ প্ৰকাশ কৰিছে। গল্পটোৰ চৰিত্ৰসমূহ সাধাৰণ মানৱ জীৱনৰ চৰিত্ৰ নাই জ্যামিতিৰ ক, খ, গ, ঘ, ঙ, প আৰু ব আদি বিন্দুৰ পৰা লোৱা গল্পটোত এই বিন্দুবোৰে বাস্তৱ মানুহৰ দৰে ক্ৰিয়া কলাপ আৰু চিন্তা-চৰ্চা কৰে। 

(ঘ) চেতনাস্রোতৰ ধাৰা : চেতনাস্রোতৰ ধাৰা পশ্চিমত প্ৰতিষ্ঠা হৈছিল আৰু সাহিত্যত ইয়াক প্ৰতিষ্ঠা কৰিছিল জেম জয়ছ, ভাজিনিয়াৰ আদি লেখকে। এনে সাহিত্যৰ ধাৰাত মানুহৰ মনৰ ভাৱ আৰু অনুভূতিক ক্রমানুপাতিকভাবে সজোৱা নহয়। বাস্তৱতো কোনো মানুহৰ সংগতি নাথাকে। একেটা সময়তে মানুহৰ মনত নানা চিন্তাই ক্ৰিয়া কৰে, যিবোৰৰ এটাৰ লগত আনটোৰ সামঞ্জস্য নাথাকে। যুদ্ধোত্তৰ যুগৰ চুটিগল্পত চেতনাস্রোত ভাৱধাৰাৰ প্ৰসাৰ ঘটা দেখা গ’ল। সৌৰভ কুমাৰ চলিহা এই ধাৰাৰ অন্যতম গল্পকাৰ। তেওঁৰ দুপৰীয়া গল্পত এনে প্ৰভাৱ আছে। মানুহৰ মনৰ মাজত একেখিনি সময়তে কিদৰে কোনো কোনো প্ৰকাৰ সংগতি নোহোৱা ভাৱৰ উদ্ৰেক হব পাৰে তাকেই গল্পটোত দেখুওৱা হৈছে। গল্পটোত নায়িকাগৰাকী অনুপস্থিত। এগৰাকী সন্তানহীনা নাৰীৰ হৃদয়ৰ নিসংগতা আৰু কৰুণতা গল্পকাৰে আন দুটা চৰিত্ৰৰ কথোপকথনৰ দ্বাৰা বৰ্ণনা কৰিছে। তদুপৰি হোমেন বৰগোহাঞিৰ দুই এটা গল্পতো চেতনাস্রোত ধর্মী দর্শন প্রকাশ পোৱা দেখা যায়।

(ঙ) মানৱতাবাদৰ ধাৰা : মানৱ জাতি কল্যাণৰ কাৰণে যুক্তি আৰু গণতান্ত্ৰিক ভেঁটিত সুখী আৰু কাৰ্যকৰী জীৱন যাপনৰ অৰ্থে আগবঢ়োৱা দর্শনেই হৈছে মানৱতাবাদ। মানবতাবাদীসকলে ভাবে যে যিহেতু মানুহ এবাৰহে পৃথিৱীত জন্ম গ্রহণ কৰে সেয়ে দুর্লভ জীৱনটোক মহত্ত্বৰে মহীয়ান কৰা উচিত। জ্যা পল ছাত্রে এই ধাৰাৰ অন্যতম প্রবক্তা।

যুদ্ধোত্তৰ যুগৰ অসমীয়া চুটিগল্পত মানৱতাবাদী দৃষ্টিভংগীৰ প্ৰকা পাইছে। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ এজনী জাপানী ছোৱালী গল্পত মানৱতাৰ সপক্ষে এক সার্বজনীন দৃষ্টিভংগী ফুটি উঠিছে। তেওঁৰে সাঁথৰ গল্পত ব্যক্তিবাদী প্রেম মানৱতাবাদলৈ সম্প্ৰসাৰিত হৈছে। হোমেন বৰগোহাঞিৰ ইস্মাইল শ্বেখৰ সন্ধানত গল্পত বাস্তৱতাৰ ভিত্তিত মানৱতাবাদৰ প্ৰকাশ দেখুওৱা হৈছে। স্বাধীনতা লাভৰ পিছৰ সময়ত দেশ বিভাজনৰ নামত মানুহ কিমান তললৈ নামি গ’ল আৰু সেই অৱস্থাৰ ভুক্তভোগী মানুহখিনিৰ জীৱনলৈ কি চূড়ান্ত দুর্দশা নামি আহিল তাকে গল্পটোত প্ৰকাশ কৰিছে। এই মর্মস্পর্শী ছবিখনৰ মূল আধাৰ লেখকৰ গভীৰ মানৱীয় চেতনা।

যুদ্ধোত্তৰ যুগৰ চুটিগল্পত পাশ্চাত্য ভাবাদর্শৰ নানা প্ৰভাৱ দৃষ্টিগোচৰ হয়। অৱশ্যে, এই আটাইবোৰ দৰ্শনৰে পৃথক বৈশিষ্ট্য বিশেষভাৱে দৃষ্টিগোচৰ নহয়। সেয়েহে, একোটা গল্পতে অৱস্থিতিবাদী, চেতনাস্রোতধর্মী, অভিব্যক্তিবাদী দর্শননৰ কোনটো পৰিলক্ষিত হৈছে সেয়া সঠিককৈ ক’ব নোৱাৰি। সম্ভবত অসমীয়া গল্পকাৰসকলে সেয়েহে কোনো মতবাদৰে পৃথক বৈশিষ্ট্য সম্বলিত গল্প ৰচনাত গুৰুত্ব আৰোপ নকৰিলে। সি যি কি নহওঁক যুদ্ধোত্তৰ যুগৰ অসমীয়া চুটিগল্পত পাশ্চাত্য সাহিত্যৰ ভাৱাদৰ্শই পৰম্পৰা ভাঙি এক নতুন আয়তন প্রদান কৰিছিল।

১০। ৰামধেনু যুগৰ অসমীয়া চুটিগল্পৰ বৈশিষ্ট্যসহ এটি আলোচনা কৰা।

উত্তৰঃ ৰামধেনৰ জন্ম অসমীয়া সাহিত্যৰ বাবে এক স্মৰণীয় পৰিঘটনা। যুগান্তকাৰী আলোচনী ৰামধেনুৱে অসমীয়া সাহিত্যৰ সোণসেৰীয়া অধ্যায় ৰামধেনু যুগৰ সৃষ্টি কৰিলে। ৰামধেনৱে অসমীয়া সাহিত্যলৈ আধুনিকতাৰ ধ্বজা বহন কৰি আনিলে। সমগ্ৰ অসমীয়া সাহিত্যলৈ এই অভিনৱত্ব সঞ্চাৰিত হ’ল— চুটিগল্পতে হওক বা কবিতাতে হওক, উপন্যাসতে হওক বা সমালোচনামূলক সাহিত্যতে হওক। পাশ্চাত্য জগতত আলোড়ন তোলা বিভিন্ন দর্শন, চিন্তা-চৰ্চাক ইতিমধ্যে আবাহনে অসমীয়া সাহিত্যৰ সৈতে চিনাকি কৰাই দিছিল যদিও ৰামধেন যুগত ই এক সম্প্ৰসাৰিত ৰূপ ধাৰণ কৰিলে, খোপনি পুতি বহিল। ৰামধেনু যুদ্ধোত্তৰ যুগৰ অৱদান। এই যুগৰ সাহিত্যৰ সৈতে জোনাকী যুগৰেপৰা প্ৰচলিত হৈ অহা ৰোমাণ্টিক ভাৱধাৰাৰ সাহিত্যৰ যথেষ্ট পার্থক্য দেখা গ’ল। নতুন লেখকসকলৰ চিন্তা-ধাৰা, আদৰ্শ আৰু বিশেষকৈ প্ৰকাশভংগীত এই পার্থক্য স্পষ্ট ৰূপত প্ৰতিভাত হ’ল। 

অসমীয়া সাহিত্য গভীৰভাবে বাস্তৱমুখী হৈ পৰিল। কল্পনাৰ বিলাস বাস্তৱবাদৰ ঢৌৱে উটুৱাই বহু দূৰলৈ লৈ গ’ল। গতানুগতিকতাৰ ঠেক গণ্ডী এই নতুন লেখকসকলেই ওফৰাই পেলালে। বিশেষকৈ ধৰ্ম আৰু আধ্যাত্মিকতাৰ সম্পৰ্ক থকা সাতামপুৰুষীয়া বিশ্বাস আৰু ভক্তিৰ ভেঁটি থৰক-বৰক হ’ল। জীৱনৰ মূল্যবোধৰ পৰিৱৰ্তন ঘটিল। এক নতুন দৃষ্টিভংগীৰে ব্যক্তি আৰু সমাজক প্রত্যক্ষ কৰাত এই নতুন যুগৰ লেখকসকল ব্ৰতী হৈ পৰিল। সমাজ আৰু সাম্প্রদায়িকতাৰ সনাতন বন্ধনক স্বীকাৰ কৰিবলৈ তেওঁলোকে টান পালে। সাহিত্যৰ জৰিয়তে তেওঁলোকে মুক্তিৰ আস্বাদ ল’বলৈ বিচাৰিলে। মার্ক্সীয় চিন্তাধাৰাৰেও একাংশ লেখক উদ্বুদ্ধ হৈ পৰিল।

বিষয় পৰিচয় : ৰোমাণ্টিকতাৰ অৱসান ঘটোৱাত প্ৰভূত পৰিমাণে অবিচণা যোগোৱা ২য় মহাযুদ্ধৰ ফলস্বৰূপে সমগ্ৰ দেশৰে ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক অৱস্থাৰ দ্রুত পৰিৱৰ্তন ঘটে। তেনেদৰে সাধাৰণ মানুহৰ চিন্তা ভাৱনা আৰু বিশ্বাসবো পৰিৱৰ্তন ঘটিল। আনহাতেদি নিত্য নতুন বিজ্ঞানৰ আৱিষ্কাৰেও মানুহৰ চকুত চমক লগালে। ধর্ম তথা ভগৱানৰ অস্তিত্বৰ প্ৰতি সন্দেহৰ সৃষ্টি হ’ল। এনে দ্রুত পৰিবর্তনশীল সমাজৰ বিভিন্ন সমস্যা, ঘটনা, অভিজ্ঞতাৰে পৃষ্ঠ হৈ পৰা ব্যক্তিৰ আশা-আকাংক্ষাৰ বৰ্ণনা কৰিবলৈ এই যুগৰ লেখকসকল আগ্ৰহী হৈ পৰিল। আধুনিক মনোবিজ্ঞানৰ এভাৱে তেওঁলোকক ব্যক্তিৰ বাহ্যিক ৰূপটোতকৈ আভ্যন্তৰীণ ৰূপটোৰ বিশ্লেষণ কৰিবলৈ তীব্ৰ ইচ্ছা আৰু আগ্ৰহৰ সৃষ্টি কৰিলে। প্ৰখ্যাত মনস্তত্ত্ববিদ ফ্ৰয়ডৰ দৰ্শনে তেওঁলোকৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলালে।

প্ৰথমবাৰৰ বাবে অসমীয়া চুটিগল্পই নিজৰ সমগ্ৰ ঐশ্বৰ্যৰে মহিমামণ্ডিত হৈ পৰিছিল এই যুদ্ধোত্তৰ যুগতে আৰু এই ঐশ্বৰ্যৰ স্বাক্ষৰ বহন কৰাৰ বিশাল গৌৰৱৰ অধিকাৰী হৈছিল ৰামধেনু আলোচনী। অসমীয়া চুটিগল্পই পৰিপূৰ্ণতা লাভ কৰিলে এই ৰামধেনুৰ পাততে । সেয়েহে ৰামধেনু যুগক অসমীয়া চুটিগল্পৰ সোণালী যুগ হিচাপে আখ্যা দিয়া হৈছে। এই যুগৰ লেখকসকলৰ পশ্চাৎপটৰূপে থকা মহাযুদ্ধৰ প্ৰভাৱে ৰোমাণ্টিক চেতনাৰ প্ৰতি তেওঁলোকক আগ্রহহীন কৰি তোলে। এই সময়ছোৱাত লেখকসকল পৰম্পৰাগত ধ্যান-ধাৰণাৰ পৰা আঁতৰি আহি অধিক বাস্তৱবাদী হৈ পৰিল। সেয়েহে এওঁলোকৰ গল্পত আগৰ যুগতকৈ অধিক বাস্তৱমুখিতা আৰু সূক্ষ্মতব আংগিক দেখা যায়। গল্পকাৰসকল বেছি পৰিমাণে সমাজ সচেতন হ’বলৈ ল’লৈ আৰু বিশেষভাৱে সচেতন হৈ পৰিল সমাজত চলি থকা অন্যায় অবিচাৰৰ প্ৰতি। এই প্ৰসংগত উল্লেখযোগ্য যে অসমীয়া চুটিগল্প জন্মলগ্নৰে পৰা সমাজ সচেতন আৰু ৰামধেনুৰ গল্পকাৰসকলো ইয়াৰ ব্যতিক্ৰম নহ’ল। স্বৰাজোত্তৰ কালত মধ্যবিত্ত সমাজত দেখা দিয়া ক্ষয়িষ্ণু জীৱনৰ প্ৰতিও তেওঁলোক সজাগ আছিল। সেয়েহে ৰামধেনুৰ গল্পত এই দিশটোৱে ক্রিয়া কৰা পৰিলক্ষিত হয়। 

ভাৰতৰ অন্তিম পৰ্যায়ৰ স্বাধীনতা আন্দোলনৰ সৈতেও এই তৰুণ লেখকসকল জড়িত আছিল। সেই সময়ৰ বংগদেশৰ দুৰ্ভিক্ষ, দেশ বিভাজন তথা সাম্প্রদায়িক সংঘৰ্ষই তেওঁলোকৰ হৃদয় স্পৰ্শ কৰি গৈছিল। স্বাধীনতা প্ৰাপ্তিৰ পৰৱৰ্তী কালতেই দেখা দিয়া ৰাজনৈতিক বিশৃংখলা আৰু আদৰ্শ চ্যুতিয়ে তেওঁলোকক হতাশ কৰাৰ প্ৰমাণ গল্পত মূৰ্ত হৈ পৰিল । সেই সময়ত ক্রমশঃ বৃদ্ধি পাবলৈ লোৱা নগৰীয়া জীৱনৰ প্ৰতি মোহ ভালেমান গল্পকাৰৰ গল্পত কেন্দ্রীয় ভাৱ হিচাপে স্থান পাইছে যদিও ৰামধেনুৰ চুটিগল্প গাঁৱলীয়া সমাজখনক কেন্দ্ৰ কৰিয়েই প্রধানতঃ আবর্তিত হৈছে। এই যুগৰ লেখকসকলৰ নতুন শক্তিশালী আৰু বাস্তবধর্মী দৃষ্টিভংগীয়ে নাটকীয়তা আৰু তাৰপৰা সৃষ্টি হোৱা কৃত্রিমতাৰ পৰিৱৰ্তে স্বাভাৱিকতা আৰু বস্তুনিষ্ঠতাক অধিক প্রাধান্য দিলে। বর্ণনা আৰু কথোপকথন অধিক স্বাভাৱিক আৰু বাস্তবধর্মী হ’ল। যুদ্ধোত্তৰ যুগৰ সাহিত্যৰ অন্যতম বৈশিষ্ট্য বাস্তববোধৰ যথাৰ্থ ৰূপায়ণৰ খাতিৰত আগতে অবাঞ্ছিত বা অব্যবহার্য বুলি গণ্য কৰা বিষয়বস্তু বা বর্ণনাৰ প্ৰতি থকা সংকোচ তথা নেতিবাচক দৃষ্টিভংগীৰ সলনি ঘটিল। মনোবৈজ্ঞানিক চিন্তাধাৰাৰে পৰিপুষ্ট হৈ এই যুগৰ গল্পকাৰে জীৱন যৌৱনৰ নির্মোহ বিশ্লেষণ চলালে।

১৮৭২ শকৰ (১৯৫০ চন) বহাগ মাহত ১ম বছৰ, ১ম সংখ্যা ৰামধেনু প্ৰকাশ পাইছিল । স্বাধীনতাৰ ৰ’দ কাঁচিয়লিত অসমীয়া চুটিগল্পৰ ক্ৰমবিকাশৰ নেতৃত্ব বহন কৰা ৰামধেনু প্ৰকাশৰ নেপথ্যত আছিল এগৰাকী উদ্যোগী ব্যৱসায়ী ইন্দ্রকমল বেজবৰুৱা। ১৮৭২ শকৰ আহাৰ মাহত প্রকাশিত ৰামধেনুত কিন্তু তৃতীয় বছৰ, দ্বিতীয় সংখ্যা বুলিহে উল্লেখ কৰা হৈছিল, ইয়াৰ কাৰণ হ’ল—ইন্দ্ৰকমল বেজবৰুৱাই শিশুসকলৰ উপযোগীকৈ বিৰিঞ্চি কুমাৰ বৰুৱাৰ সম্পাদনাত ‘ৰংঘৰ’ (১৯৪৮-৪৯ চন) নামৰ আলোচনী এখন প্ৰকাশ কৰিছিল। শেষৰফালে ‘ৰংঘৰ’ সম্পাদনাৰ ভাৰ মহেশ্বৰ নেওগে গ্ৰহণ কৰে। ৰংঘৰে পাঠকৰ পৰা আশানুৰূপ সঁহাৰি নোপোৱাত সেইখনকে সকলো শ্ৰেণীৰ পাঠকৰ উপযুক্ত কৰি ৰামধেনু নামেৰে প্ৰকাশ কৰা হ’ল। সেয়ে ৰামধেনু নামেৰে প্ৰকাশিত আলোচনীৰ দ্বিতীয় সংখ্যাটোত তৃতীয় বছৰ, ২য় সংখ্যা বুলি উল্লেখ কৰা হৈছে। ৰামধেনুৰ প্ৰথম পাঁচটা সংখ্যাৰ সম্পাদনা ইন্দ্ৰকমল বেজবৰুৱাৰ (বহাগ-ভাদ) আৰু ষষ্ঠ সংখ্যাৰ পৰা অৰ্থাৎ সেই বছৰৰ আহিন মাহৰ পৰা সম্পাদক হিচাপে মহেশ্বৰ নেওগৰ নাম এককভাৱে পোৱা যায়।

১৮৭৪ শকৰ (১৯৫২ চন) প্ৰথম সংখ্যাৰ পৰা ৰামধেনুৰ সম্পাদকৰ বাব গ্ৰহণ কৰে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। অধিকাংশ অসমীয়া লেখক, সমালোচকে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক অসমীয়া আলোচনীৰ শ্ৰেষ্ঠ সম্পাদক হিচাপে স্বীকৃতি দিছে। এইজন সম্পাদকৰ সফল আৰু শক্তিশালী নেতৃত্বত অসমীয়া সাহিত্যৰ ইতিহাসত বিখ্যাত ৰামধেনু যুগৰ আৰম্ভণি হ’ল। লেখক আৰু পাঠকৰ মাজৰ যোগসূত্র স্থাপনৰ ক্ষেত্ৰত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দক্ষতা আছিল অতুলনীয়। লেখকৰ লেখনিৰ প্ৰতিটো শব্দক সম্পাদক হিচাপে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই গুৰুত্ব প্ৰদান কৰিছিল আৰু সম্পাদনাৰ হাত ফুৰাবলগীয়া হ’লে লেখকৰ প্ৰয়োজনীয় অনুমতি বিচাৰি লৈছিল। লেখক সৃষ্টিৰ তাগিদাত ৰামধেনুৱে সততে গল্প প্রতিযোগিতা অনুষ্ঠিত কৰিছিল। এনেবোৰ কাৰণত লেখকসকলে ৰামধেনুত গল্প ৰচনা কৰিবলৈ বিশেষ উৎসাহ পাইছিল। আধুনিক অসমীয়া সাহিত্যৰ অধিকাংশ শ্রেষ্ঠ সাহিত্যিকেই ৰামধেনুৰ সৃষ্টি। ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক আদি বিভিন্ন বিষয়ৰ প্রবন্ধ-পাতি, সাহিত্য- সমালোচনা, কবিতা, বিদেশী সাহিত্যৰ পৰিচয়জ্ঞাপক লেখনি আদিৰ লগতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই অসমীয়া গল্পৰ এক শক্তিশালী সৌধ নিৰ্মাণৰ প্ৰচেষ্টা হাতত ল’লে। অসমীয়া গল্প সাহিত্যৰ বিকাশ সমৃদ্ধি আৰু জনপ্ৰিয়তাৰ ক্ষেত্ৰত ‘ৰামধেনু’ৰ ভূমিকা অপৰিসীম।

ৰামধেনুৰ গল্প আৰু গল্পকাৰ : গল্পসম্রাট চৈয়দ আব্দুল মালিকৰ পৰা আৰম্ভ কৰি মামণি ৰয়ছম গোস্বামীলৈকে অসমীয়া গল্প-সাহিত্যৰ বৰেণ্য গল্পকাৰসকলে ৰামধেনৰ পাততে গল্পৰ জয়যাত্রা অব্যাহত ৰাখিলে। ‘এজনী জাপানী ছোৱালী’ৰে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ‘কাঠনিবাৰী ঘাট’ৰে মহিম বৰা, ‘কলপটুৱাৰ মৃত্যু’ৰে যোগেশ দাস, ‘বৃন্দাবন’ৰে ভৱেন্দ্ৰ নাথ শ‍ইকীয়া, ‘অশান্ত ইলেকট্রন’ৰে সৌৰভ কুমাৰ চলিহা, ‘মায়ামৃগ’ৰে চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া, ‘সূচনা’ৰে স্নেহদেৱী, ইস্মাইল শেখৰ সন্ধান’ৰে হোমেন বৰগোহাঞি, ‘চহৰমুখী সভ্যতা’ৰ মেদিনী চৌধুৰী, ‘ঢেঁকীৰ সৰগ’ ৰচোতা নিৰুপমা বৰগোহাঞি, ‘টোপোলাৰ মৰম’ৰ অতুলানন্দ গোস্বামী, ‘বনৰীয়া ফুল’ৰ বীৰেশ্বৰ বৰুৱা, ‘অস্থিৰ শিখা’ৰ ৰোহিনী কুমাৰ কাকতি, ‘ওৰণি নেলাগে গুচাব’ৰ নীলিমা শৰ্মা, ‘সখা দামোদৰ’ৰ লক্ষীনন্দন বৰা, ‘অৰুন্ধতীৰ ত্ৰিতত্ত্ব’ৰ গোবিন্দ প্ৰসাদ শৰ্মা, ‘পৃথিৱীৰ হাঁহি’ৰ লুম্বেৰ দাই, ‘অস্ত আকাশ’ৰ অণিমা দত্ত, ‘কৰব কাহেৰি সাৰ’ৰ প্ৰবীণা শ‍ইকীয়া, ৰুণু বৰুৱাৰ ‘পৰিচয়’, ‘সম্ৰাট’ৰ বাসন্তী বৰুৱা, ‘কঁহিলা’ৰ আলিমুন্নিছা পিয়াৰ, “মুখা’ৰ নগেন শ‍ইকীয়া, ‘অকাল বসন্ত’ৰ অপূৰ্ব শৰ্মা, ‘বীজাণু’ৰে মামনি

ৰয়ছম গোস্বামীয়ে গল্পৰ বুৰঞ্জীত একোটাকৈ মাইলৰ খুঁটি স্থাপন কৰিলে। 

এইসকল গল্পকাৰৰ উপৰি আৰু যথেষ্ট সংখ্যক লেখকে নিজ নিজ সৃষ্টিৰে ৰামধেনুৰ গল্পৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে। ৰামধেনুৱে সৃষ্টি কৰা পৰিৱেশটোৰ লগতে পৰীক্ষামূলক প্রয়াসক আধুনিকতাৰ মাজলৈ আগবঢ়াই দিয়াত এইসকল লেখকে বিশেষ বৰঙনি যোগাইছে। এইসকল গল্পকাৰৰ ভিতৰত যদু বৰপূজাৰীৰ ‘জবানবন্দী’, বিনোদ শৰ্মাৰ ‘ৰূপান্তৰ’, গোবিন্দ চন্দ্ৰ পৈবার চাজু বামা’, প্রতুল শৰ্মাৰ ‘দ্বিজ’, ৰাণাজ্যোতিৰ ‘পেটু’, অৰুণ ভূঞাৰ ‘সৰস্বতী’, গগণ চন্দ্ৰ অধিকাৰীৰ ‘বিভ্ৰাট’, কমলিনী বৰবৰাৰ ‘পূজাৰ চোলা’, প্রীতি ভট্টাচাৰ্যৰ ‘অভিশপ্ত’, প্রভাত গোস্বামীৰ ‘গৰাখহনীয়া’, বৰীন দাসৰ ‘পৃথিৱী আৰু প্ৰাণ’, কুমুদ গোস্বামীৰ ‘স্পন্দন’, দেৱীদাস নেওগৰ ‘দুই বন্ধু’, কুমাৰ কিশোৰৰ ‘শিলাংকন’ আদি গল্পই গল্পকাৰসকলৰ অনন্য সৃষ্টি প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছে।

ড° ভূবন মোহন দাস, কমলা বুঢ়াগোহাঁই, গোলাপ খাউণ্ড, নৰেন শৰ্মা, সদা মৰল, ত্ৰৈলোক্যনাথ ভট্টাচাৰ্য, প্ৰেমধৰ ৰাজখোৱা, ধীৰেন বৰঠাকুৰ, কেশৱ শ‍ইকীয়া, দুল ফুকন, পূর্ণ মজুমদার, বিশ্বেশ্বৰ হাজৰিকা, পৰীক্ষিত হাজৰিকা, নিরূপমা বৰুৱা, ছাইদুল ইছলাম, কমলা দাস, বজ প্রসাদ কাকতি, দ্বিজেন শর্মা, শচীন দাস আদি গল্পকাৰসকলেও ৰামধেনুৰ পাতত স্বকীয় প্রতিভাৰে গল্প লিখিলে।

এইসকল গল্পকাৰৰ উৰ্বৰ মস্তিষ্ক আৰু পুৰঠ হৃদয়ৰ অপূৰ্ব পৰশত ৰামধেনুৰ গল্প অভাৱনীয় ৰূপত ঐশ্বর্যময় হৈ উঠিল। ৰামধেনুৰ এই অক্ষয় কীর্তি আজিও অম্লান অক্ষুণ্ণ হৈয়েই আছে। 

ৰামধেনুৰ গল্পৰ বৈশিষ্ট্য আৰু বৈচিত্র্য : সমাজ সচেতনতা অসমীয়া চুটিগল্পৰ আজন্ম কণ্ঠলগ্ন বৈশিষ্ট্য। জন্মলগ্নৰে পৰা অসমীয়া চুটিগল্পত সমাজ সচেতনতা প্ৰকাশ পাই আহিছে। স্বাভাৱিক ৰূপেই ৰামধেনুও ইয়াৰ ব্যতিক্ৰম নহ’ল। 

প্ৰতিখন কিতাপৰ আঁৰত এজন ব্যক্তি থকাৰ দৰে ব্যক্তিজনৰ আঁৰত থাকে এখন সমাজ। সেই সমাজখনে জ্ঞাতসাৰেই হওক বা অজ্ঞাতসারেই হওক ব্যক্তি অর্থাৎ লেখকজনৰ লেখনিত ভূমুকি মাৰে। ৰামধেনুৰ গল্পকাৰসকলৰ সন্মুখত আছিল সেই সময়ৰ অসমীয়া সমাজখন। অসমীয়া সমাজখনৰ উপৰি তদানীন্তন ভাৰতীয় সমাজখনৰ প্ৰতিও তেওঁলোকে লক্ষ্য কৰিছিল। সমসাময়িক সমাজৰ প্ৰতি তীব্ৰভাৱে সচেতন হৈ উঠা এই যুগৰ লেখকসকলক তেওঁলোকৰ পশ্চাৎপটৰূপে থকা মহাযুদ্ধৰ প্ৰভাৱে ৰোমাণ্টিক চেতনাৰ প্ৰতি উদাসীন কৰি তোলে। সেয়েহে এওঁলোকৰ গল্পত আগৰ যুগতকৈ অধিক বাস্তৱমুখিতা দেখা যায়। গল্পকাৰসকল বেছি পৰিমাণে সমাজ সচেতন হ’বলৈ ল’লে আৰু বিশেষভাৱে সচেতন হৈ পৰিল সমাজত চলি থকা অন্যায়-অবিচাৰৰ প্ৰতি। স্বাধীনোত্তৰ কালৰ মধ্যবিত্ত সমাজত দেখা দিয়া ক্ষয়িষ্ণু জীৱন সম্পৰ্কে তেওঁলোক অৱগত আছিল। 

সেয়েহে ৰামধেনুৰ সঙ্গত এই দিশটোৱে ক্ৰিয়া কৰা পৰিলক্ষিত হয়। ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্তিম পৰ্যায়ৰ সৈতেও এই তৰুণ লেখকসকল জড়িত আছিল। স্বাধীনতা প্রাপ্তিৰ পৰৱৰ্তী কালতেই দেখা দিয়া ৰাজনৈতিক বিশৃংখলতা আৰু আদর্শচ্যুতিয়ে তেওঁলোকক হতাশ কৰাৰ প্ৰমাণ গল্পত মূৰ্ত হৈ পৰিল। সেই সময়ত ক্রমশঃ বৃদ্ধি পাবলৈ লোৱা নগৰীয়া জীৱনৰ প্ৰতি মোহ ভালেমান গল্পকাৰৰ গল্পত কেন্দ্রীয় ভাব হিচাপে স্থান পাইছে যদিও ৰামধেনুৰ পাতত যথেষ্ট সংখ্যক গল্পকাৰৰ গল্পত গ্রামীন জীৱনৰ বিচিত্ৰতাসমূহ প্রকাশ পাইছে। গ্রামীণ জগতৰ লগত থকা নিজৰ অভিজ্ঞতাক লেখকসকলে তেওঁলোকৰ গল্পৰ সমল হিচাপে গ্ৰহণ কৰিলে। গাঁৱলীয়া জীৱনৰ সনাতন জীবনযাৰা আৰু আধুনিক নগৰীয়া জীৱনত দেখা দিয়া বিভিন্ন পৰিবর্তনে গাঁৱলীয়া সমাজলৈ বহন কৰি আনিব খোজা ভাঙোনৰ পটভূমিক লৈ

কেইবাটাও সার্থক গল্প ৰচনা কৰা হৈছে। ৰামধেনুৰ গল্পৰ সমাজ সচেতনতাৰ অন্য এটা দিশ হ’ল মধ্যবিত্তীয় পৰিয়ালৰ বিভিন্ন সমস্যা, হা-হুতাশৰ বেদনা আৰু ন্যায্য অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ ফলস্বৰূপে ওপজা ক্রোধ। কৃষ্ণ ভূঞাৰ ‘ছিলঙৰ কেৰাণী’ গল্পটোৰ মধ্যবিত্তৰ জীৱনৰ দুৰ্দশাৰ বাস্তৱ চিত্ৰ অংকন কৰা হৈছে। 

ৰামধেনুৰ বহু সংখ্যক গল্পৰ পটভূমি শ্বিলং হোৱাৰ দৰে এই গল্পটোৰ পটভূমিও শ্বিলংনগৰী। কেৰাণীৰ সংসাৰৰ প্ৰধান সহচৰ অভাৱ অনাটনৰ মর্মস্পর্শী বর্ণনা শ্বিলঙৰ কেৰাণী ৰত্নেশ্বৰৰ জীৱন-যাত্ৰাৰ জৰিয়তে প্ৰকাশ পাইছে। সৌৰভ চলিহাৰ ‘অশান্ত ইলেকট্রন’ গল্পটোত মধ্যবিত্ত জীৱনৰ দুখ-দুর্দশা আৰু সংঘাতৰ চিত্ৰ ৰূপায়িত হৈছে। এই গল্পটোৰ মূল সুৰ হৈছে সামাজিক আৰু ৰাজনৈতিক বিশৃংখল। ৰবীন দাসৰ ‘পৃথিৱী আৰু প্ৰাণ’ গল্পটোত লেখকৰ সচেতন মনটোৱে ব্ৰহ্মপুত্ৰৰ সংহাৰ মূৰ্তিৰ পৰা আৰম্ভ কৰি ভূমিকম্পৰ ভয়াবহতা, দুর্ভিক্ষ, অভাৱ, ৰাজনৈতিক নেতাৰ দুৰ্নীতি, চৰকাৰৰ নিৰ্লিপ্ততা, ন্যায্য অধিকাৰৰ দাবীত ছাত্ৰৰ আমৰণ অনশন, স্বার্থান্বেষী সুবিধাবাদী অভিজাত শ্রেণীটোৰ স্বৰূপ প্ৰকাশ ইত্যাদি সমাজৰ সৈতে জড়িত বিভিন্ন দিশবোৰক স্পৰ্শ কৰিছেগৈ।

আধুনিক ভাৰতবৰ্ষৰ বুৰঞ্জীৰ এক কলংকিত অধ্যায়ৰ স্বাক্ষৰ বহন কৰিছে আব্দুল মালিকৰ বীভৎস বেদনা’ গল্পটোৱে। সভ্য সমাজৰ জীৱশ্ৰেষ্ঠ মানুহৰ পাশৱিক মনোবৃত্তি চৰিতাৰ্থ কৰাৰ কাহিনী ইয়াত আছে। স্বাধীনতাৰ প্ৰাকমুহূৰ্তত দেশ বিভাজনৰ সময়খিনিত সাম্প্ৰদায়িকতাৰ বাস্তৱ বৰ্ণনা দাঙি ধৰা হৈছে এই গল্পটোত। সেই সময়ত মানুহৰ জীৱন যিদৰে মূল্যহীন হৈ পৰিছিল, শ শ নাৰী যিদৰে লাঞ্ছিতা হৈছিল— তাৰ বিচাৰ একো নাছিল। সেই জঘন্য অপৰাধৰ সাক্ষী হৈ ৰোৱা নাৰীৰ প্ৰতিনিধি হিচাপে লেখক ঊমা আৰু পদ্মা নামৰ দুটা নাৰী চৰিত্ৰক উপস্থাপন কৰাইছে। পৰৱৰ্তী জীৱনতো সেই বীভৎসতাৰ কদাকাৰ ছায়ামূর্তিয়ে সিহঁতক খেদি ফুৰিছে। সেইদৰে ‘ইম্মাইল শেখৰ সন্ধানত” গল্পটোৰ জৰিয়তে গল্পকাৰ হোমেন বৰগোহাঞিয়ে গতানুগতিকতাৰ বিপৰীতে সমাজৰ বৈচিত্র্যময় চিত্র অংকন কৰিবলৈ যাওঁতে এক কদৰ্য আৰু কঠোৰ বাস্তৱৰ নিৰ্মম বর্ণনাৰে সচৰাচৰ সমাজৰ অগোচৰত থকা জীৱনৰ প্ৰতিচ্ছবি দাঙি ধৰিছে। লেখকে পমুৱা ইস্মাইলৰ সন্ধানত এখন নিষিদ্ধ জগতত প্ৰৱেশ কৰি লাভ কৰা বিচিত্র অভিজ্ঞতা, এগৰাকী সুশীলা নাৰীৰ পংকিলতাময় জীৱনৰ নেপথ্যৰ কৰুণ কাহিনী, কর্তব্যৰ তাগিদাত লেখকে অসহায় পৰিস্থিতিত পেলোৱা ইস্মাইল শেখৰ প্ৰতিশোধ পৰায়ণতা আৰু লেখকৰ অন্তৰ্দ্ধৰ্দ্ধৰ সমাহাৰেই গল্পটো সাৰ্থক কৰি তুলিছে। সেইদৰে দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত লিখা ‘এজনী জাপানী ছোৱালী’ত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই যুদ্ধৰ বিৰুদ্ধে আৰু মানৱতাৰ সপক্ষে এক সাৰ্বজনীন আৱেদন জগাই তুলিবলৈ সক্ষম হৈছে।

সমাজ সচেতনতাৰ দৰে মনস্তাত্ত্বিক ভাৱধাৰা, অস্তিত্ববাদী আৰু চেতনাস্রোতধর্মী চিন্তা-চৰ্চায়ো ৰামধেনুত প্ৰকাশিত গল্পৰাজিত ক্রিয়া কৰিলেহি । এই প্ৰসংগত হোমেন বৰগোহাঞিয়ে মন্তব্য কৰিছে— ‘দ্বিতীয় মহাযুদ্ধৰ পাছৰ যুগৰ অসমীয়া গল্পত বিশ্ব সাহিত্যৰ সৰ্বাধিক ধাৰাৰ সকলো লক্ষণ স্পষ্টৰূপে পৰিলক্ষিত হৈছে। ‘মানুহৰ অন্তৰ্গতখনক মনঃসমীক্ষাত্মক দৃষ্টিৰে চোৱাৰ যি প্ৰচেষ্টা ৰামধেনুৰ পাতত আৰম্ভ হ’ল সেই ধাৰাৰ ইতিহাস যথেষ্ট পুৰণি, কিয়নো অসমীয়া চুটিগল্প জন্মলগ্নৰে পৰা মানুহৰ মনৰ সৈতে সম্পর্কিত। মানুহৰ অভ্যন্তৰ জীৱনৰ মনস্তাত্ত্বিক বিশ্লেষণৰ দিশত অসমীয়া চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱাই পথিকৃৎ‍ লেখক। বেজবৰুৱাই মুকলি কৰি থৈ যোৱা এই ধাৰাৰ বিকাশৰ ক্ষেত্ৰত আৱাহন গৰ কেইজনমান লেখক প্ৰধানতঃ হলিৰাম ডেকা, ৰমা দাশ আৰু লক্ষীধৰ শৰ্মাৰ নাম বিশেষভাৱে উল্লেখযোগ্য। ৰামধেনুৰ পাততো বিভিন্ন গল্পকাৰৰ সাৰ্থক লেখনিৰ মাজেৰে মনস্তত্ত্ববাদী এই ধাৰাটো তীব্ৰতৰ হৈ পৰিল। নাৰী-পুৰুষৰ জৈৱিক আকৰ্ষণৰ সাৰ্থক প্রত্যয়জনক ৰূপ ‘ৰামধেনু’ গল্পকাৰে প্ৰদান কৰিছে। সেইদৰে মানুহৰ আত্মহত্যা আৰু মৃত্যুস্পৃহাৰ বাসনাও অংকিত হৈছে ৰামধেনু গল্পত। নাৰী মনস্তত্ত্বৰ লগতে শিশুৰ পৰা বৃদ্ধলৈকে মনৰ খবৰ এই গল্পকাৰসকলে ৰাখিবলৈ চেষ্টাৰ ত্রুটি কৰা নাই। ৰুগ্ন মানসিকতা আৰু উৎপীড়নপ্রৱণতাক লৈও সার্থক গল্প লিখা হৈছে।

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘মাকণৰ গোসাঁই’ অন্য এক উল্লেখনীয় গল্প। লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰা দৰিদ্র বিধবা মাকণে সেই অঞ্চলৰ প্ৰভাৱশালী পৰিয়াল বাপুকণ গোসাঁইৰ ঘৰতে সৰহভাগ কাম-বন কৰে। সদায়ে দেখি থকা মাকণৰ প্ৰতি হঠাতে এদিন গোসাঁয়ে আকর্ষণ অনুভৱ কৰিলে আৰু ক্ৰমাৎ এই আকর্ষণে সুতীব্ৰ ৰূপ ধাৰণ কৰিলে। কিন্তু মাকণৰ চাৰিত্ৰিক সততা, আধ্যাত্মিক পৰাকাষ্ঠা আৰু মানসিক দৃঢ়তাৰ ওচৰত বাপুকণ গোসাঁয়ে হাৰ মানিবলৈ বাধ্য হয়। অবলা মাকণৰ সবল মানসিক স্থিতিৰ বাবেই গোসাঁয়েও পুনৰ অন্তৰশুদ্ধিৰ বাট দেখিবলৈ সক্ষম হৈছে। ৰামধেনুৰ বিভিন্ন গল্পৰ জৰিয়তে বিভিন্ন গল্পকাৰে নাৰী মনস্তত্ত্বৰ বিভিন্ন দিশৰ সন্ধান দিবলৈ প্ৰয়াস কৰিছে। নাৰীমনৰ বিশাল মানসিক দিগন্তৰ আভাসো কিছু গল্পত আছে। নাৰীয়ে বিবাহৰ জৰিয়তে কেৱল সন্তানৰ মাতৃ হোৱাটোকেই জীৱনৰ একমাত্ৰ লক্ষ্য বুলি নাভাৱে; ই আংশিক সত্যহে। বিবাহৰ জৰিয়তে নাৰীয়ে এজন পৰিপূৰ্ণ মানুহৰ সংগিনী হৈ পৰম আনন্দময় জগত এখনত বিচৰণ কৰি সুখী যুগ্ম জীৱন এটা কটোৱাৰ সপোন দেখে। নাৰীয়ে বিচাৰে এখন সুখৰ সংসাৰ। এটা সুসংস্কৃত জীৱন আৰু এজন চৰিত্ৰৱান পুৰুষত একান্ত নিৰ্ভৰতা। নাৰীৰ সুন্দৰ সন্ধানী এই মন আকাশৰ কথা প্ৰকাশ পাইছে বীৰেশ্বৰ বৰুৱাৰ ‘মহাজীৱনৰ পাণ্ডুলিপি’ গল্পটোত। 

পুৰুষ-নাৰী, বৃদ্ধৰ পৰা শিশুলৈকে প্ৰত্যেকৰে অন্তৰৰ প্ৰতিটো খুঁটিনাতিকে অতি সূক্ষ্মভাৱে পর্যবেক্ষণ কৰি বিশ্লেষণ কৰিব পৰা দক্ষতা থকা ৰামধেনুৰ এজন সাৰ্থক গল্পকাৰ ভৱেন্দ্ৰ নাথ শ‍ইকীয়া। ‘গংগাস্নান’ এটা সুন্দৰ মনোবিশ্লেষণাত্মক গল্প। ৰুগ্ন মানসিকতাৰ বিশ্লেষণো ৰামধেনুৰ গল্পত পোৱা যায়। মানুহৰ ৰুগ্ন মানসিকতাৰ ক্রিয়া-প্রতিক্রিয়া প্রকাশ হোৱা কেইটামান বিখ্যাত গল্প হৈছে— হোমেন বৰগোহাঞিৰ ‘অক্টোপাছ’, ‘চিকাৰ’, অতুলানন্দ গোস্বামীৰ ‘এ’ক্সপেৰিমেন্ট’, মহম্মদ তাহেৰৰ ‘নাইট মেয়ৰ’ ইত্যাদি।

অস্তিত্ববাদী ভাৱধাৰা আৰু চেতনাস্রোতধৰ্মী চিন্তা-চৰ্চায়ো ৰামধেনুৰ গল্পজগতখনক জোঁকাৰি থৈ গৈছে। অস্তিত্ববাদৰ প্ৰভাৱ থকা ৰামধেনুত প্রকাশিত এটা উল্লেখযোগ্য গল্প হোমেন বৰগোহাঞিৰ ‘যৌৱন’। গল্পটোত পাঁচজন কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণত ভৰি দিয়া ল’ৰাৰ তেনে সময়ত দেখা দিয়া চিন্তা-ধাৰা আৰু কাৰ্য-কলাপৰ বৰ্ণনা আছে। পিতৃ-মাতৃৰ শাসনৰ পৰা, শিক্ষকৰ আদেশৰ পৰা, পৰম্পৰাৰ গতানুগতিকতাৰ পৰা স্বাধীন হ’বলৈ সিহঁতে আপ্রাণ চেষ্টা কৰিছে । অস্তিত্ববাদী দর্শন মতে মানুহ সদায় স্বাধীন ইচ্ছাৰহে অধীন আৰু এই স্বাধীন ইচ্ছাৰ দ্বাৰাই মানুহ পৰিচালিত হয়। অস্তিত্ববাদৰ এই সত্যকে ‘যৌৱন’ গল্পত প্ৰধান চৰিত্ৰ অমিয়ৰ মুখেৰে ব্যক্ত কৰা হৈছে। প্ৰসিদ্ধ গল্পকাৰ নগেন শ‍ইকীয়াৰ ‘প্রাতিভাসিক’ গল্পটোও এই প্রসংগত উল্লেখযোগ্য।

অসমীয়া চুটিগল্পত চেতনাস্রোত ৰীতিৰ প্ৰভাৱ অথবা প্রয়োগ আবাহন যুগতেই হৈছিল। সেই যুগৰ শক্তিশালী লেখক হলিৰাম ডেকাৰ ‘ভ্ৰষ্টলিপি’ গল্পত প্ৰথমবাৰৰ বাবে চেতনাস্রোতৰ লক্ষণ পৰিস্ফুট হোৱা দেখা যায়। ৰামধেনুৰ পাতত চেতনাস্রোত ভাৱধাৰাৰ সফল ৰূপ দি গ ৰচনা কৰা সৌৰভ চলিহাৰ বক্তব্য মতে তেখেতে নিজৰ ৰচনাসমূহত চেতনাস্রোতৰ প্রভাৱ স্বীকাৰ কৰিবলৈ টান পায়। ‘অশান্ত ইলেক্ট্রন’, ‘আচ্ছা’— এইজন গল্পকাৰৰ সাৰ্থক সৃষ্টি। সেইদৰে অপূৰ্ব শৰ্মাৰ ‘সাগৰ সংগীত’ গল্পটোতো লেখকে চেতনাস্রোত পদ্ধতিৰে কাহিনী উপস্থাপন কৰিছে আৰু দক্ষতাৰে বিষয়বস্তু আগবঢ়াই নিছে। ‘অকাল বসন্ত’এইজন গল্পকাৰৰ অন্যতম সার্থক গল্প। এই শ্ৰেণীৰ সাহিত্যত মানুহৰ মনৰ ভাৱ আৰু অনুভূতিক ক্রমানুপাতিকভাৱে সজোৱা নহয়। বাস্তৱতো কোনোমানুহৰ মনতে ভাবৰ সংগতি নাথাকে। একেখিনি সময়তে মানুহে বহুতো চিন্তা কৰে আৰু সেই চিন্তাবোৰৰ ইটোৰ লগত সিটোৰ সম্পর্কও নাথাকে। চেতনাস্রোত পদ্ধতিৰ মতে যিহেতু মানুহৰ। ক’ব নোৱাৰাকৈ জীৱনৰ বিভিন্ন অধ্যায়লৈ গতি কৰিব পাৰে। 

এই ধৰণৰ সাহিত্যত কোনো নির্দিষ্ট কাহিনী দেখা নাযায়। বিভিন্ন সৰু-সুৰা, অসংলগ্ন ঘটনা ঘটে— সেইবোৰো সুপৰিকল্পিত বা সুশৃংখলভাৱে নঘটে। সেয়েহে সেইবোৰে কোনো ঘটনাৰ সৃষ্টি নকৰে। সেইবোৰ মাথোন ঘটি থাকে কোনো আঁচনি নথকাকৈ, বিশৃংখলভাৱে। মানুহৰ চেতনাৰ বিৰতি নাই বা অন্ত নাই, সেয়েহে চেতনাৰ বিভিন্ন তৰপত বিভিন্ন কথা মনলৈ আহি থাকে আৰু কেতিয়াবা আকৌ এটা কথা ভাবি শেষ নৌ হওঁতেই অন্য কোনো কথাও মনলৈ আহি যায়। 

‘ৰামধেনু’ৰ গল্পৰ অন্যতম বৈশিষ্ট্য গভীৰ মানৱতাবাদ। যুগৰ সলনি হোৱাৰ লগে লগে মানুহৰ মানৱীয় চেতনাৰো পৰিৱৰ্তন ঘটে। সেয়েহে জোনাকী যুগৰেপৰা বিকশিত হোৱা অসমীয়া চুটিগল্পৰ মানৱীয় চেতনাৰ ধাৰাটোৱে পৰিৱৰ্তনৰ মাজেৰে আহি কঠিন বাস্তৱৰ সৈতে মুখামুখি হৈ এক নতুন ৰূপ পৰিগ্ৰহণ কৰিলে। ৰোমান্টিক, আলফুলীয়া ভাৱধাৰাক পৰিত্যাগ কৰি এই যুগৰ গল্পকাৰসকলে বাস্তববাদী মানৱতাবাদৰ পোষকতা কৰিবলৈ ধৰিলে। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ প্ৰায়বোৰ গল্পতেই ঘোষিত হৈছে মানৱতাৰ বজ্র নিনাদ। ‘এজনী জাপানী ছোৱালী’, ‘মিঞা মনচুৰ’, ‘সাঁথৰ’ আদি গল্প মানবতাবাদী চিন্তাধাৰাৰে মূৰ্ত হৈ পৰিছে। গল্পকাৰ যোগেশ দাসৰ মানৱীয় চেতনাৰে পৰিপূৰ্ণ এটা গল্প হ’ল ‘বুদ্ধদেব। বিশাল অবয়বৰ, শান্ত সৌম্য মুখমণ্ডলৰ অধিকাৰী মার্কিন চিপাহী চেমুৱেল জাৰিগাৰ জীৱন সম্পর্কে থকা গভীৰ মানৱীয় উপলব্ধিৰ কথাই বর্ণিত হৈছে এই গল্পটোত। 

যোগেশ দাসৰ আন এক গল্প ‘উৰুকাৰ উন্মুকৰ পোৱালি ত প্ৰকাশ পাইছে উদাৰনৈতিক মানৱতাবাদ। আৱাহনযুগীয়া হিন্দু-মুছলমান সম্প্ৰীতিৰ আধাৰত বচিত গল্পৰ দৰেই এই গল্পটোৰো আধাৰ অতি সাধাৰণ শ্ৰেণীৰ মানুহখিনিৰ মাজত জাতি-বর্ণ-ধর্ম নির্বিশেষে থকা সম্প্রীতি। চৈয়দ আব্দুল মালিকৰ ‘দুখন ভৰি’ মানবীয়তাৰে উজলি থকা এটা সুন্দৰ গল্প। 

“ৰামধেনু ‘ৰ গল্পই অসমীয়া গল্পৰ জন্মলগ্নৰেপৰা চলি অহা হাস্য ব্যংগৰ ধাৰাটোকে সক্ৰিয় কৰি ৰাখিলে।জোনাকী আৰু আৱাহনৰ চুটিগল্পৰ হাস্য-ব্যংগৰ গতি-প্রকৃতি ৰামধেনুত বহুত সলনি হ’ল। ইয়াৰো যথোচিত কাৰণ আছিল। জোনাকী তথা আৱাহন যুগৰ সমাজ-ব্যৱস্থা, শৈক্ষিক আৰু বৌদ্ধিক বাতাবৰণ ৰামধেনু যুগৰ সৈতে একে নহয়। মন কৰিবলগীয়া এয়েই যে আৱাহন যুগৰ হাস্য-ব্যংগ গল্প লেখা লেখকসকলেই প্রায়েই ৰামধেনুৰ পাততো এনে ধৰণৰ গল্প লিখিছে। যুদ্ধোত্তৰ যুগৰ আধুনিকতাৰ প্ৰভাৱত হোৱা মানুহৰ নৈতিক অৱক্ষয়, অন্তঃসাৰশূন্যতা ইত্যাদিক লৈ ‘ৰামধেনু’’ত হাস্যকৰ গল্প লিখা হৈছে যদিও তেনে কোনো বিশেষ পটভূমি বা কাৰণ নথকা ঘটনা, কাহিনীক লৈও এনেধৰণৰ গল্প লিখা হৈছিল। 

মহিম বৰাৰ ‘কুমাৰী অটবী’এটা ৰসোত্তীৰ্ণ আৰু তৃপ্তিদায়ক গল্প । অৰণ্যৰ জীৱন্ত কৰিলে আৰম্ভ হৈ অৰণ্যৰ ভিতৰত ঘটা বিভিন্ন লোমহর্ষক অথচ আমোদজনক ঘটনাৰ ৰোমাঞ্চকৰ আৰু চমকপ্ৰদ বৰ্ণনাৰ শেষত ‘মধুৰেণ সমাপয়েৎ’ কৰি শেষ মুহূৰ্তলৈকে অব্যাহত থকা পাঠকৰ অনুসন্ধিৎসুতাৰ ওৰ পেলোৱা হৈছে। “কেঞা আঙুলি” এইজন গল্পকাৰৰে লঘু হাস্যৰসেৰে ভৰা অন্যতম সাৰ্থক গল্প। স্বৰাজোত্তৰ কালত মধ্যবিত্ত জীৱনত দেখা দিয়া সাংস্কৃতিক মূল্যবোধৰ স্খলনৰ দিশটোৰ ওপৰত ভিত্তি কৰি ৰামধেনুত যথেষ্ট সংখ্যক গল্প লিখা হৈছিল। বিলাস-প্রমোদৰ নানান উপকৰণ, চকু ছাত মাৰি ধৰা বিভিন্ন বিজ্ঞানৰ আৱিষ্কাৰ, ব্যক্তিসর্বস্ব চিন্তা-চৰ্চাই মধ্যবিত্ত সমাজখনৰ কিছুসংখ্যক লোকক উন্মনা আৰু উশৃংখল কৰি তুলিছিল। তেনে বিষয়-বস্তুৰে গঢ় লৈ উঠা এটি অতি সুখপাঠ্য গল্প হৈছে ৰমা দাশৰ’বোডোডেণ্ট্ৰনৰ বিলাস’। এই প্ৰসংগত লক্ষ্মীনাথ ফুকনৰ মহিমাময়ী, ৰামধেনুত প্রকাশিত আন এটা সাৰ্থক গল্প।

উপসংহাৰ : পূর্ববর্তী কালৰ সাহিত্যই ভৱিষ্যৎ কালৰ অৰ্থাৎ‍ পৰৱৰ্তী সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত বিশেষ অনুপ্ৰেৰণা আৰু আৰ্হি যোগায়। যিকোনো ভাষাৰ সাহিত্যতে এইষাৰ কথা প্রযোজ্য। অসমীয়া সাহিত্যৰ ইতিহাসতো প্রাচীন কালৰেপৰাই এই কথা পৰিলক্ষিত হৈ আহিছে। চুটিগল্পৰ ক্ষেত্ৰতো এইষাৰ কথাই খাটে। অসমীয়া গল্প সাহিত্যৰ তিনিটা স্তৰ ক্ৰমে- জোনাকী, আৱাহন আৰু ৰামধেনুৰ ক্রমবিৱৰ্তনৰ ফচল স্বৰূপ হৈছে সাম্প্রতিক অসমীয়া গল্প। জোনাকীয়ে আৱাহনৰ আৰু আবাহনে ৰামধেনুৰ গল্পকাৰসকলৰ বাবে নিৰ্মাণ কৰি থৈ যোৱা সাৰুৱা থলীৰ পটভূমিতেই এই প্ৰতিটো যুগৰ লেখকসকলে সাহিত্য সৃষ্টিৰ বাবে প্রয়োজনীয় সমল লাভ কৰিছিল। ৰামধেনু আলোচনীয়েও চুটি গল্পৰ পৰৱৰ্তী ধাৰালৈ উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে— যাৰ আদৰ্শ আৰু আৰ্হিয়ে ৰামধেনুৰ পৰৱৰ্তী গল্পৰ জগতখনৰ নিৰ্মাণ বা প্ৰসাৰত বিশেষ সহায় কৰিছে।

১৮৮৬ শক (১৯৬৩ চন) অৰ্থাৎ ষষ্ঠদশ বছৰৰ ১ম সংখ্যাত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ নামৰ লগত ৰাধিকামোহন ভাগৱতীৰ নাম সহকাৰী সম্পাদক হিচাপে প্রকাশ পালে। সেই বছৰৰে ২য় সংখ্যাৰ পৰা ৰাধিকামোহন ভাগৱতী সম্পাদকৰূপে নিযুক্ত হ’ল আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাৰ কালছোৱাৰ ওৰ পৰিল। ১৯৬৭ চনৰ ইন্দ্ৰকমল বেজবৰুৱাৰ মৃত্যু হোৱাত ৰামধেনুৰ প্ৰকাশ বন্ধ হ’ল। ৰামধেনুৰ প্ৰকাশ বন্ধ হোৱাৰ পিছতো অসমীয়া চুটিগল্পৰ জয়যাত্রা অব্যাহত থাকিল। এই নতুন গল্পকাৰসকলে ৰামধেনুৰ দৰে এখন সাৰুৱা মঞ্চ নাপালে যদিও ৰামধেনুৰ পৰৱৰ্তী কালৰ বিভিন্ন আলোচনী, বাতৰি কাকত আদিৰ পাতত আত্মপ্রকাশ কৰি নিজৰ নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ’ল। ৰামধেনুৰ পৰবর্তী কালতো ৰামধেনু যুগৰ গল্পকাৰসকলে অসমীয়া চুটিগল্পৰ ক্রমবিৱৰ্তনৰ ধাৰা আগবঢ়াই লৈ গ’ল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top