History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয়, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় Question Answer can be of great value to excel in the examination.
History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয়
History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় Notes cover all the exercise questions in UGC Syllabus. The History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয়
ASSAMESE
HISTORY OF ASSAMESE LITERATURE
অসমীয়া সাহিত্যৰ বুৰঞ্জী
১। সাম্প্রতিক অসমীয়া গল্পৰ গতি-প্রকৃতি সম্পর্কে এটি আলোচনা যুগুত কৰা?
উত্তৰঃ ঊনবিংশ শতিকাৰ শেষভাগত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ উদ্যোগত প্ৰকাশিত হোৱা ‘জোনাকী’ কাকতৰ জৰিয়তে অসমীয়া সাহিত্যত ৰমন্যাস যুগৰ সূচনা হয়। সাহিত্যৰ বিভিন্ন ৰূপসমূহে আত্মপ্রকাশ কৰে। ঊনবিংশ শতিকাৰ শেষৰ দশকত ‘জোনাকী’ কাকতৰ পাততে লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত অসমীয়া চুটিগল্পই জন্মলাভ কৰে। সাহিত্যৰ এটা বিশিষ্ট ৰূপ হিচাপে চুটিগল্প অসমীয়া সাহিত্যত অর্বাচীন হ’লেও অসমীয়া সমাজত সাধু কোৱা আৰু শুনাৰ এক পৰম্পৰা আছে। অসমীয়া চুটিগল্পৰ জনক বেজবৰুৱাই সাধুকথাসমূহৰ সামাজিক তাৎপর্য উপলব্ধি কৰিছিল আৰু মৌখিক সাধুকথাবোৰৰ গ্ৰন্থৰূপ দিছিল। বেজবৰুৱা যুগৰ দ্বিতীয়জন প্রধান গল্পকাৰ শৰৎ চন্দ্ৰ গোস্বামীয়েও মৌখিক সাধুকথাবোৰৰ গ্রন্থরূপ দিছিল। অসমীয়া চুটিগল্পৰ আদি পৰ্বৰ গল্পকাৰসকলে তদানীন্তন সমাজৰ সাধুকথাৰ পৰম্পৰাক সাহিত্যৰ নৱতম সৃষ্টি চুটিগল্পক গ্রহণ কৰিবৰ বাবে মানসিক পৰিমণ্ডল সৃষ্টি কৰাৰ কামত লগাইছিল।
বেজবৰুৱাৰ কালত গল্প সংকলন তিনিখন প্ৰকাশিত হৈছিল— ‘সাধুকথাৰ কুকি’, ‘সুৰভি’ আৰু ‘জোনবিবি’। বেজবৰুৱাৰ মৃত্যুৰ পাছত ‘কেঁহোকলি’ নামৰ এটা সংকলন প্রকাশিত হৈছে। এই সংকলনত সন্নিৱিষ্ট দুই-এটা গল্পত চুটিগল্পৰ সকলোবোৰ লক্ষণ প্রকাশ পোৱা নাই। দুই এঠাইত চুটিগল্প আৰু সাধুকথাৰ মাজৰ সীমাৰেখাডাল অস্পষ্ট, কিন্তু বেজবৰুৱাৰ হাততে অসমীয়া চুটিগল্পই পৰিপূর্ণতা লাভ কৰে। তেওঁৰ ‘ভদৰী’, ‘মুক্তি’, ‘পাটমুগী’ আদি গল্প বিশ্বজনীন আৱেদন আৰু কলা কৌশলৰ দিশৰ পৰা উৎকৃষ্ট সৃষ্টি হিচাপে অভিহিত কৰিব পাৰি। তেওঁৰ ‘ভদৰী’ গল্পই মোপাছাৰ Pied Beauty গল্পলৈ মনত পেলায়। দুয়োটা গল্পৰ মাজেদি দাম্পত্য জীৱনৰ একোখন চিত্ৰ প্ৰকাশিত হৈছে যাৰ মাজেদি অনুৰণিত হৈছে পত্নীৰ গভীৰ প্ৰেম। বেজবৰুৱাৰ ‘বাপিৰাম’ গল্পই ৰবীন্দ্ৰনাথৰ ‘খোকাবাবুৰ প্ৰত্যাৱৰ্তন’ গল্পৰ কথা সোঁৱৰায়, যাৰ মাজেদি প্ৰকাশিত হৈছে গৃহভৃত্যৰ বিশ্বস্ততা।
পাশ্চাত্য প্ৰভাৱৰ দ্বাৰা প্ৰভাৱান্বিত হ’লেও বেজবৰুৱাৰ নিভাঁজ অসমীয়া মনৰ পৰিচয় এই গল্পসমূহৰ মাজেদি প্ৰকাশিত হৈছে। ঊনবিংশ শতিকাৰ অসমীয়া সমাজখন বেজবৰুৱাৰ নখদর্পণত আছিল আৰু সেই সময়ৰ সমাজৰ একোখন নিখুঁত ছবি তেওঁৰ গল্পবোৰৰ মাজেদি প্রকাশিত হৈছে। সেই সময়ৰ অন্তঃসাৰশূন্য অসমীয়া অভিজাত শ্রেণী, অনুসংস্কাৰত নিমজ্জিত অসমীয়া শুচিবায়ুগ্রস্ত সমাজ, চাহাবী আদৱ কায়দাৰে পৰিচালিত মেৰুদণ্ডহীন অসমীয়া শিক্ষিত ডেকাৰ ছবি তেওঁ ব্যংগাত্মক ৰূপত অংকন কৰিছে। ব্যংগাত্মক আৰু সংস্কাৰধৰ্মী মনোভাবৰ প্ৰাধান্য হেতু সুকুমাৰ অনুভূতিৰ প্ৰকাশ বা চৰিত্ৰৰ মানসিক বিশ্লেষণৰ ক্ষেত্ৰত এই গল্পবোৰ সফল নহ’ল। বঙালী সমাজক লৈ আৰু কোল মুণ্ডা সমাজৰ জনজাতীয় পটভূমিত তেওঁ দুটামান ঐতিহাসিক গল্প ৰচনা কৰিছিল যদিও এই গল্পকেইটাত ইতিহাসৰ কোনো এটা বিশেষ যুগ বা কোনো এটা বিশেষ চৰিত্ৰ জীৱন্ত হৈ নুঠিল। বেজবৰুৱাৰ গল্প সম্পৰ্কে হোমেন বৰগোহাঞিয়ে যথোচিতভাৱে মন্তব্য কৰিছে যে—
“এটি সীমিত পৰিসৰত সীমিত উদ্দেশ্য লৈ গল্প লিখিছিল, আৰু তেওঁৰ ৰস সৃষ্টি স্বাভাৱিক প্রতিভাই এটা বিশেষ যুগৰ গভীৰ মাজত সেইবোৰ উপভোগ কৰি তুলিছিল।”
অসমীয়া সাহিত্যৰ দ্বিতীয়জন প্রধান গল্পকাৰ শৰৎ চন্দ্ৰ গোস্বামীৰ গল্প সংকলনকেইখন হ’ল— ‘গল্পাঞ্জলি’, ‘ময়না’, ‘বাজিকৰ’ আৰু ‘পৰিদৰ্শন’। বেজবৰুৱাৰ লগৰ প্ৰায় একে সময়তে গল্প লিখিবলৈ আৰম্ভ কৰিছিল যদিও বিষয়বস্তু, ভাষা আৰু প্রকাশভংগী সকলো দিশতে এওঁৰ গল্প বেজবৰুৱাতকৈ বেলেগ। গোস্বামীৰ গল্পত বিষয়বস্তুৰ কেন্দ্রস্থ ভাব, ঘটনাৰ ঐক্যসূত্র, চৰিত্ৰৰ বিকাশ আৰু ভাষাৰ পৰিমিতিবোধ দেখা যায়। গল্পৰ গাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰা বাবে এওঁৰ গল্পবোৰ শিল্পচেতনাৰে সমৃদ্ধ হৈ উঠিছে। সমাজত দেখা পোৱা অসংগতি, নিষ্ঠুৰতা আৰু কেৰোণবোৰলৈ তেওঁ পৰোক্ষভাৱে চকু দিছিল। তেওঁৰ বেছিভাগ গল্পই গাঁৱলীয়া পটভূমিত ৰচিত। মানৱীয় সুখ-দুখ, ভাগ্যৰ হাতত অসহায়তা | আদি বিষয়বস্তুৰে তেওঁ সৰল বাকভংগী আৰু মনোৰম প্ৰকাশভংগীৰে ভালেমান নিটোল গঢ়ৰ গল্প ৰচনা কৰিছে। প্ৰবৃত্তি আৰু হৃদয়বৃত্তিৰ সংঘাতক কেন্দ্ৰ কৰি লিখা ‘সন্ন্যাসিনী’, ‘ব্ৰহ্মপুত্ৰৰ বুকুত’ আদি দুটামান গল্পৰ বিষয়বস্তুৱে অসমীয়া সাহিত্যত নতুন দিশ উন্মোচিত কৰিছে। গোস্বামীৰ গ, সংকলন ‘ময়না’ত সন্নিৱিষ্ট গল্পকেইটা সম্পর্কে মহেন্দ্ৰ বৰাই আগবঢ়োৱা মন্তব্য যথোচিত হৈছে।
“ময়নাৰ গল্পকেইটা তুলনামূলকভাৱে নিটোল গঢ়ৰ। ইয়াত অন্ততঃ সাতোটা গল্প সকলো ফালৰ পৰাই নিপুণ শিল্পচেতনাৰে সমৃদ্ধ হৈ উঠিছে। থোৰতে ক’বলৈ হ’লে অসমীয়া চুটিগল্পৰ ইতিহাসত ময়নাখন কেইবাটাও বাছকবনীয়া গল্পেৰে সমৃদ্ধ হৈ বিশিষ্ট খুঁটি।”
অসমীয়া গল্প সাহিত্যৰ প্ৰথম স্তৰৰ বিকাশত লক্ষ্মীনাথ বেজবৰুৱা আৰু শৰৎ চন্দ্ৰ গোস্বামীৰ প্ৰাধান্য লক্ষ্য কৰা যায়। বিভিন্ন সমালোচকে অসমীয়া গল্প সাহিত্যৰ এই যুগটোক সমুচিতভাৱে ‘বেজবৰুৱা আৰু তেওঁৰ সতীৰ্থসকলৰ ৰচনাৰ যুগ’ হিচাপে চিহ্নিত কৰিছে। এই যুগৰ দণ্ডিনাথ কলিতা, সূর্য কুমাৰ ভূঞা আৰু নকুল চন্দ্ৰ ভূঞায়ো গল্প সাহিত্যৰ বিকাশত বৰঙণি যোগাইছিল। দণ্ডিনাথ কলিতাৰ গল্পৰ মাজেদি সামাজিক অন্যায়- অবিচাৰৰ ছবি একোখন ব্যংগাত্মক ৰূপত ফুটি উঠিছে। এওঁৰ ‘সধৱা, বিধৱা নে কুঁৱৰী’, ‘হৰিচৰণৰ বিয়া’ আদি গল্পত সংস্কাৰধৰ্মী মনোভাব প্ৰকাশ পাইছে। সূর্য কুমাৰ ভূঞাৰ গল্প পুথিখনৰ নাম ‘পঞ্চমী’। এওঁৰ গল্পত ৰচনাভংগী মনোৰম আৰু চৰিত্ৰৰ আৱেগ-অনুভূতিৰ সফল ৰূপায়ণ ঘটিছে। নকুল চন্দ্ৰ ভূঞাৰ ৰচনাৰীতি সৰল। সৰু ঘটনা একোটাক বিশ্বাসযোগ্য কৰি তুলি সাধাৰণ মানুহৰ প্ৰতি থকা গল্পকাৰৰ সহানুভূতি প্ৰকাশ কৰিছে।
১৯৯২ চনত কলিকতাৰ পৰা ‘আৱাহন’ কাকত প্ৰকাশ পোৱাৰ লগে লগে অসমীয়া চুটিগল্পৰ দ্বিতীয়টো যুগৰ সূচনা হয়। বেজবৰুৱা যুগৰ অসমীয়া সমাজতকৈ এইকালৰ অসমীয়া সমাজখন বহুদিশত পৃথক আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসহযোগ আন্দোলনৰ প্ৰভাৱ অসমীয়া সমাজত অনুভূত হৈছিল। অসমীয়া সমাজখন ক্রমে ক্রমে দেশ-বিদেশৰ ৰাজনীতি, সমাজনীতিলৈ অহা পৰিৱৰ্তনৰ প্ৰতি সচেতন হ’বলৈ আৰম্ভ কৰিছিল৷ কছিয়াৰ বিপ্লৱৰ খবৰ আৰু সেই সম্পৰ্কীয় কিতাপ-পত্ৰ আদি প্ৰচাৰিত
হৈছিল। ‘আবাহনে’ অসমীয়া সমাজৰ আগত এখন নতুন জগতৰ উন্মেষ ঘটালে। ‘জোনাকী’, ‘বাঁহী’, ‘বিজুলী’, আৰু ‘বস্তি’য়ে দিব নোৱৰা নানা বা-বাতৰি ‘আৱাহনে’ অসমীয়া পাঠকক দিবলৈ সক্ষম হ’ল। অসমীয়া পাঠকৰ মানসিক দিগন্ত ‘আৱাহনে’ বহল কৰি তুলিলে। ‘আৱাহন’ যুগৰ গল্প সম্পর্কে সত্যেন্দ্র নাথ শৰ্মাই যথোচিতভাৱে মন্তব্য কৰিছে।
“ৰোমাণ্টিক ভাববিলাসৰ উন্মাদনা, কল্পনাৰ মুক্ত গতি, ভাষাৰ সূক্ষ্ম ব্যঞ্জনা, মনস্তাত্ত্বিক বিশ্লেষণ আৰু প্ৰগতিশীল ৰীতি ‘আৱাহন’ৰ গল্পকাৰসকলৰ ৰচনাত দেখা যায়। বহুতো গল্পত যৌন ক্ষুধা বা ৰতি বাসনাই সামাজিক বন্ধন ছিঙি যোৱাৰ প্ৰচেষ্টাও দেখা যায়, কিন্তু ৰচনাভংগীৰ মাধুৰ্যই আৰু গল্প গাঁথনিৰ কাৰুকাৰ্যই শিল্প সৌন্দৰ্য দান কৰি সুপাঠ্য কৰি তুলিছে।”
আৱাহন যুগৰ গল্পকাৰসকলৰ ওপৰত মোপাছাঁ, চেখভ আদি প্রখ্যাত বিদেশী গল্পকাৰসকলৰ প্ৰভাৱ সুস্পষ্ট। হৃদয়বৃত্তিৰ মুক্ত প্ৰকাশ আৰু ভাববিলাসৰ উন্মাদনা এই যুগৰ আন এটা বৈশিষ্ট্য।
‘আৱাহন’ৰ প্ৰতিষ্ঠাতা নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে ‘আৱাহন’ৰ পাতত গল্প লিখিবলৈ আৰম্ভ কৰি স্বকীয় বৈশিষ্ট্যৰ দ্বাৰা সেই যুগৰ এজন বিশিষ্ট গল্পকাৰৰূপে পৰিগণিত হয়। এওঁৰ গল্পসমূহৰ সংকলন যাঠিৰ দশকতহে প্রকাশিত হৈছে। নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে বিভিন্ন শ্ৰেণীৰ মানুহৰ নানান সমস্যা সহজ-সৰল ভাষাৰে দাঙি ধৰিছে। তেওঁৰ গল্পত মনস্তাত্ত্বিক অন্তর্দৃষ্টি, সংস্কারধর্মী মনোভাব আৰু সামাজিক সচেতনতাৰ পৰিচয় পোৱা যায়। গল্পৰ কলা-কৌশলৰ প্ৰতি এওঁ বিশেষ মনোযোগী নাছিল। সৰহভাগ গল্পতে দীঘল কাহিনী, আকস্মিক সংযোগৰ বিশেষ প্রাধান্য, সামাজিক বাধা-নিষেধৰ অনাকাংক্ষিত প্রভাব লক্ষ্য কৰা যায়।
আৱাহন যুগৰ অন্য এজন গল্পকাৰ মহী চন্দ্ৰ বৰাৰ গল্পৰ বৈশিষ্ট্য হ’ল গল্পৰ মাজেদি প্রকাশিত হাস্যৰস আৰু ব্যংগৰ সুৰ। এই দিশত এওঁক বেজবৰুৱাৰ উত্তৰাধিকাৰী বুলি ক’ব পাৰি। তেওঁৰ গল্পৰ মাজেদি সমাজৰ এক বিশেষ শ্রেণীৰ মানুহ আমোলা, উকীল, ৰাজভক্ত উচ্চ বিষয়া আদিৰ জীৱনধাৰাৰ এক নিখুঁত ছবি ব্যংগাত্মক ৰূপত ফুটি উঠিছে। এওঁৰ বেছিভাগ গল্প-আলোচনীৰ পাততে আবদ্ধ হৈ আছে। তেওঁৰ পাছত ‘উকীলৰ জন্ম ৰহস্য’ নামৰ গল্প সংকলন এখন প্রকাশ পাইছে। এওঁৰ গল্প সাধাৰণতে সু-সংহত ৰূপত পোৱা নাযায়। এওঁৰ চৰিত্ৰসমূহো বহুসময়ত একঘেয়ামী বা ‘টাইপ’ চৰিত্ৰ। এই চৰিত্ৰসমূহৰ বেছিভাগেই দুতলীয়া, ভণ্ড আৰু স্বাৰ্থপৰ। এই শ্ৰেণী মানুহৰ আচাৰ-ব্যৱহাৰ, আশা-আকাংক্ষা আৰু কপটতা, ভণ্ডামিৰ নিখুঁত ছবি এখন এওঁৰ গল্পৰ মাজেদি প্ৰকাশিত হৈছে। চৰিত্ৰাংকনৰ প্ৰতি তেওঁৰ দুৰ্বলতা আছে। বহু সময়ত এই চৰিত্ৰাংকণ স্থুল হৈছে। ভাষাৰ প্ৰয়োগ আৰু সংলাপ ৰচনাত বৰাৰ দক্ষতা ফুটি উঠিছে। গল্পকাৰ হিচাপে বৰাৰ কৃতিত্ব হ’ল ব্যংগ সুৰৰ মাজেদি প্ৰকাশিত হোৱা সমসাময়িক সমাজৰ সমালোচনা।
ষাঠিৰ দশকৰ এজন উল্লেখযোগ্য গল্পকাৰ প্ৰণৱজ্যোতি ডেকাৰ গল্পত বৰাৰ সুৰ প্ৰতিধ্বনিত হৈছে। গল্পৰ বিষয়বস্তু নিৰ্বাচনৰ ক্ষেত্ৰত বৈচিত্ৰ্যৰ পৰিচয় দিয়া হলিৰাম ডেকা আৱাহন যুগৰ এজন উল্লেখযোগ্য গল্পকাৰ। ব্যক্তিগত অভিজ্ঞতাৰ পৰা আহৰণ কৰা বিষয়বস্তু লৈ বাস্তবধর্মী বৰ্ণনাৰে ৰচনা কৰা বাবে তেওঁৰ চৰিত্ৰবোৰ জীৱন্ত হৈ উঠিছে। এওঁৰ ৰচনাত বুদ্ধিদীপ্ত হাস্যৰসৰ প্ৰয়োগ দেখা যায়। চৰিত্ৰৰ মনোবিশ্লেষণত ডেকাৰ দক্ষতা প্ৰতিপন্ন হৈছে। অতি কম কথাত চৰিত্ৰ ফুটাই তুলিব পৰাটো ডেকাৰ গল্পৰ আন এটা বৈশিষ্ট্য। নৰ-নাৰীৰ মাজৰ সম্পৰ্কক লৈ ৰচনা কৰা ‘শেষ দেখা’, ‘দ্বিতীয় পক্ষ’, ‘জুলেখা আদি কেইবাটাও গল্পত কৃতিত্বৰ স্বাক্ষৰ বিদ্যমান। ‘ৰে বড়ে ভাই’ৰ দৰে কৰুণ ৰসসিক্ত গল্পত দৃঢ়পিনদ্ধ কাহিনী আৰু বুদ্ধিদীপ্ত বাকশৈলী দেখা যায়। জীৱন সম্পর্কে এটা উন্নাসিক ধাৰণা বা তীর্যক ব্যংগ দৃষ্টি এওঁৰ গল্পৰ উল্লেখযোগ্য দিশ। এওঁৰ গল্প সম্পৰ্কে হোমেন বৰগোহাঞিয়ে দাঙি ধৰা এষাৰ মন্তব্য প্রণিধানযোগ্য―
‘হলীৰাম ডেকাৰ বৈশিষ্ট্য এইখিনিতেই যে প্ৰেমৰ পৰিৱৰ্তে যৌন আকর্ষণেই গল্পৰ প্ৰধান উপজীব্য হিচাপে বাছি লৈ তেওঁ অসমীয়া কাহিনী সাহিত্যত বাস্তববাদৰ প্ৰৱৰ্তন কৰিছে।”
আৱাহন যুগত জনপ্রিয় হৈ উঠা ৰসন্যাসিক ভাবাৱেগপূর্ণ গল্পসমূহৰ মাজত ত্রৈলোক্যনাথ গোস্বামীৰ গল্পসমূহ ব্যতিক্রম। এওঁৰ গল্পৰ বৈশিষ্ট্য হ’ল সমাজ সচেতন মনোভাব। অর্থনৈতিক শোষণ আৰু সামাজিক অন্যায়ৰ বিষয়বস্তু লৈ ৰচনা কৰা গোস্বামীৰ গল্পৰ সামাজিক দ্বন্দ্বৰ স্বৰূপ কিছু পরিমাণে উদ্ঘাটিত হৈছে। এওঁৰ গল্পত ভাষাৰ অযথা আড়ম্বৰ অথবা বাকচাতুর্য নাই। এওঁৰ গল্পৰ কাহিনীভাগ পোনপটীয়া। প্রকাশ বৈচিত্ৰ্যৰ অভাৱত এইবোৰে পাঠকক সহজে আকর্ষণ কৰিব নোৱাৰে। অৱশ্যে গল্পৰ মাজত নিহিত থকা সমাজ সচেতন মনোভাবে পাঠকক চিন্তাৰ খোবাক যোগায়। এওঁৰ গল্প সংকলনকেইখন হ’ল ‘অৰুণা’, ‘মৰীচিকা’, ‘শিল্পীৰ জন্ম’ আৰু ‘জীৱনৰ জীয়া জুই।
সংখ্যাত কম হ’লেও ৰাধিকামোহন গোস্বামীৰ গল্পবোৰৰ এক স্বকীয় বৈশিষ্ট্য আছে। এওঁৰ গল্পৰ মাজেদি মধ্যবিত্ত সমাজৰ এখন নিখুঁত ছবি প্ৰতিফলিত হৈছে। সমসাময়িক সমাজখনৰ অৰ্থনৈতিক আৰু নৈতিক সমস্যাৱলী আৰু মূল্যবোধৰ আমূল পৰিৱৰ্তন এইবোৰেই গোস্বামীৰ গল্পৰ মাজেদি হৃদয় সংবেদ্য ৰূপত প্ৰকাশ পাইছে। প্রতিকূল পৰিৱেশৰ মাজতো সততাৰ প্ৰতি তাৰ অবিচলিত আস্থাই গল্পবোৰৰ মানৱীয় আৱেদন বঢ়াই তুলিছে। এওঁৰ গল্পবোৰৰ ত্ৰুটি হ’ল শিথিল গাঁথনি আৰু বিক্ষিপ্ত বর্ণনা। তেওঁৰ ‘ষ্টেট ট্ৰেন্সপর্ট’, ‘নিয়তি’, ‘চক্ৰবাত’ আদি গল্পৰ মাজেদি সমসাময়িক সমাজখন সুন্দৰভাৱে প্ৰতিফলিত হৈছে।
আৱাহন যুগৰ গল্পকাৰসকলৰ সমসাময়িক হ’লেও লক্ষ্মীনাথ ফুকনে আৱাহন যুগত গল্পৰ সলনি কবিতাহে ৰচনা কৰিছিল। ফুকনৰ আগবয়সৰ গল্পবোৰ ‘মালা’ নামৰ সংকলনত সন্নিৱিষ্ট হৈছে। এওঁৰ পৰিণত বয়সৰ গল্পবোৰ ‘ওফাইদাং’ আৰু ‘মৰমৰ মাধুৰী’ নামৰ দুখন গ্ৰন্থত সন্নিৱিষ্ট হৈছে। এই গল্পসমূহৰ মাজেদি মানুহৰ আৱেগ-অনুভূতি, আশা-আকাংক্ষা কিঞ্চিৎ নির্মোহ আৰু কিঞ্চিৎ ব্যংগ দৃষ্টিৰে অৱলোকন কৰিছে। বিষয়বস্তু নির্বাচন, পৰিৱেশ চিত্ৰণ আৰু ভাষাৰ প্ৰয়োগত ফুকনে দক্ষতা দেখুৱাইছে। এওঁৰ ব্যংগাত্মক গল্পবোৰৰ চৰিত্ৰসমূহত ভণ্ডামি আৰু উতকেন্দ্ৰিক আচৰণৰ স্বাক্ষৰ বিদ্যমান। বুদ্ধিদীপ্ত হাস্যৰস আৰু উন্নাসিক দৃষ্টিভংগীৰ ফলত এওঁৰ গল্পবোৰে পাঠকক এক নতুন স্বাদ দিছে। এওঁৰ কাহিনী বিন্যাস সৰল আৰু ৰচনাৰীতি প্রাঞ্জল।
বীণা বৰুৱা ছদ্মনামত লিখা বিৰিঞ্চি কুমাৰ বৰুৱাৰ আগবয়সৰ গল্পবোৰ ‘পট পৰিৱৰ্তন’ গ্ৰন্থত সন্নিৱিষ্ট হৈছে। এই গল্পবোৰত কলেজীয়া ডেকা-গাভৰুৰ প্রেম-বিৰহ, বিবাহ আদি সমস্যা চিত্ৰিত হৈছে। এই গল্পবোৰৰ সুৰ বাস্তৱধৰ্মী আৰু ইয়াত চৰিত্ৰবোৰৰ সুস্পষ্ট প্রকাশ ঘটিছে। ‘আঘোণী বাই’ নামৰ গ্ৰন্থত সন্নিৱিষ্ট পৰিণত বয়সব গল্পসমূহত দাৰিদ্র্য আৰু সামাজিক উদাসীনতাৰ বলি কেতবোৰ মানুহৰ জীৱনৰ বাস্তৱ ছবি কলাসুলভ ৰূপত অংকিত কৰিছে। এই গল্পসমূহৰ মাজেদি কলা-কৌশল, চৰিত্ৰ চিত্ৰণ আৰু ভাষাৰ প্ৰয়োগত গল্পকাৰৰ দক্ষতা প্ৰকাশ পাইছে। এজনী ‘নাগিনী গাভৰুৰ ভৈয়ামৰ ডেকা এজনৰ প্ৰতি থকা প্রণয়ৰ ওপৰত ভিত্তি কৰি লিখা ‘লাপেলি’ গল্পটোৰ পৰৱৰ্তী যুগত লিখা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘সি জমজম আৰু জুইকুৰা’ৰ লগতে কাহিনীগত সাদৃশ্য দেখা যায়।
বেজবৰুৱা আৰু তেওঁৰ সতীৰ্থসকলৰ হাতত অসমীয়া গল্পই যি এটা সুনির্দিষ্ট গঢ় লৈছিল ‘আৱাহন’ যুগত তাৰ অধিক বিকাশ ঘটিল। গল্পৰ পটভূমি গাঁৱলীয়া সমাজৰ পৰা মধ্যবিত্ত সমাজলৈ আহিল। গল্পৰ কলা কৌশল আৰু ৰীতিৰ ক্ষেত্ৰত এই যুগত বিশেষ অগ্রগতি লাভ কৰা দেখা যায় ৷ গল্পত বাস্তৱ জীৱনৰ স্বতঃস্ফূর্ত আৰু স্বাভাৱিক প্ৰকাশৰ যোগেদি গল্প সাহিত্য সমৃদ্ধ হ’ল। অসমীয়া গল্পৰ জন্ম আৰু বিকাশ সম্পর্কে আলোচনা কৰোঁতে পূর্ববর্তী উপ-অধ্যায়ত ‘আৱাহন’ যুগৰ গল্পৰ সাধাৰণ বৈশিষ্ট্য সম্পর্কে উল্লেখ কৰা হৈছে। ‘আৱাহন’ প্ৰথম প্ৰকাশিত হৈছিল। ১৯২৯ চনত (কাতি, ১৮৫১ শক) আৰু তেতিয়াৰ পৰা দ্বিতীয় মহাযুদ্ধৰ সময়লৈকে এই আলোচনীখন চতুৰ্থ দশকৰ ঘাই ঐতিহ্যবাহক হৈ চলি আছিল।
কেৱল ‘আৱাহন’ যুগৰে নহয়, সামগ্ৰিকভাৱে অসমীয়া গল্প সাহিত্যৰ এজন উল্লেখযোগ্য গল্পকাৰ হ’ল লক্ষ্মীধৰ শৰ্মা। শৰ্মাৰ সম্পৰ্কে হোমেন বৰগোহাঞিয়ে যথোচিতভাৱে মন্তব্য কৰিছে।
‘বহুফালৰ পৰাই অসমীয়া গল্প সাহিত্যত লক্ষ্মীধৰ শৰ্মা এজন যুগান্তকাৰী লেখক। আধুনিক অৰ্থত ‘Committed writer’ বা দায়বদ্ধ লেখক বুলিলে আমি যি বুজোঁ, সেই অৰ্থত লক্ষ্মীধৰ শৰ্মাই বোধহয় অসমীয়া সাহিত্যৰ প্ৰথম দায়বদ্ধ লেখক। তেওঁৰ ৰচনাতেই আধুনিক অর্থনৈতিক আৰু সামাজিক চিন্তাৰ প্ৰভাৱো প্ৰথমে লক্ষ্য কৰা যায়।”
শৰ্মাৰ গল্প পুথিখনৰ নাম ‘ব্যৰ্থতাৰ দান’। এই গল্পবোৰৰ মাজেদি শৰ্মাৰ বলিষ্ঠ আৰু আদৰ্শবাদী মনৰ পৰিচয় পোৱা যায়। মূলতঃ জৈৱিক সমস্যাক কেন্দ্ৰ কৰি গল্প ৰচনা কৰিলেও এওঁৰ গল্পত সামাজিক সচেতনতাৰ প্রভাৱ পূৰামাত্ৰাই বিদ্যমান। কলাৰ দিশৰ পৰা নিখুঁত এই গল্পবোৰত বিষয়বস্তু আৰু ৰূপৰ সু-সমন্বয় ঘটিছে। গল্পবোৰৰ মাজেদি চৰিত্ৰৰ মনোবিশ্লেষণৰ ইংগিত পোৱা যায়।
শর্মা এজন দায়বদ্ধ লেখক। তেওঁ কেৱল কৃষক-শ্রমিকৰ মুক্তি বিচৰাই নহয়, সংস্কাৰ আৰু সাম্প্ৰদায়িকতাৰ কবলৰ পৰা সমাজৰ মুক্তি বিচাৰিছিল। সেয়ে হ’লেও এই গল্পসমূহৰ মাজেদি প্ৰচাৰধৰ্মী মনোভাব প্ৰকাশ পোৱা নাই।
এওঁৰ নাৰী চৰিত্ৰসমূহৰ মাজত নতুন চিন্তাৰ উন্মেষ ঘটিছে। ‘বিদ্রোহিনী’ৰ নায়িকা ললিতাই শতাব্দীজোৰা প্ৰাচীন সংস্কাৰ আৰু পুৰুষশাসিত সমাজৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰিছে। ‘ব্যৰ্থতাৰ দান’ত লিলিয়ে ললিতৰ দ্বাৰা প্রত্যাখিত হোৱাৰ পাছতো এক নতুন অভিজ্ঞতা লাভ কৰিছে যাৰ মাজেদি স্বীকৃত হৈছে তিৰোতাৰ সুকীয়া ব্যক্তিত্ব। ‘পৰাজয়’ত সুব্ৰতাই প্ৰেমিকৰ মৃত্যুৰ পাছত প্ৰেমিকৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নিষ্পেষিতজনৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছে। দৰিদ্ৰৰ প্ৰতি সহানুভূতি, সাম্য আদর্শবাদৰ প্ৰতি প্ৰবল অনুৰাগ, সংস্কাৰধৰ্মী মনোভাব আৰু শক্তিশালী ভাষা এই আটাইবোৰ মিলি শৰ্মাৰ গল্পসমূহক সুকীয়া মর্যাদা দিছে। অসমীয়া কথা সাহিত্যৰ আৱেগসিক্ত বা অন্তর্মুখী ভাষাৰ প্রয়োগ সম্পর্কে আলোচনা কৰোঁতে গোবিন্দ প্ৰসাদ শৰ্মাই কৰা মন্তব্য এই প্ৰসংগত প্রণিধানযোগ্য।
“অসমীয়া কথা সাহিত্যত এই ভাষাৰ (আৱেগিক বা অন্তর্মুখী ভাষা) প্ৰথম প্ৰয়োগ কৰিছিল লক্ষ্মীধৰ শৰ্মাই ত্ৰিশৰ দশকত। ইয়াৰ পূৰ্বে সকলো গল্প-উপন্যাসৰ ভাষা আছিল প্ৰবন্ধৰ বা চিন্তামূলক ভাষাৰ দৰে কাৰ্যকৰী।”
ৰমা দাসৰ গল্পৰ সুৰ মূলতঃ ৰমন্যাসিক আৰু গল্পৰ উপজীব্য হ’ল প্ৰেম। বিভিন্ন নৰ-নাৰীৰ জীৱনৰ ওপৰত প্ৰেমৰ বিচিত্ৰতা প্রকাশ এওঁৰ গল্পৰ মাজেদি প্ৰকাশিত হৈছে। নতুনকৈ গঢ় লৈ উঠা আধুনিকতাৰ মোহপাশত বন্দী আৰামবিলাসী অসমীয়া মধ্যবিত্তৰ অবৈধ প্রেম মনোৰম প্ৰকাশভংগী আৰু সাৱলীল ভাষাৰে প্ৰকাশ কৰিছে। এওঁৰ প্ৰেমৰ গল্পসমূহৰ বিষয়বস্তু আৰু প্ৰকাশভংগী আৰু সাৱলীল ভাষাৰে প্ৰকাশ কৰিছে। এওঁৰ প্ৰেমৰ গল্পসমূহৰ বিষয়বস্তু আৰু প্ৰকাশভংগী দুয়োটাৰ প্ৰসংগতে এষাৰ মন্তব্য উল্লেখযোগ্য।
“শিক্ষিত নগৰীয়া মধ্যবিত্তৰ ৰোমাণ্টিক কল্পনা, অবৈধ বা পৰকীয়া প্রেম, জৈৱিক আকাংক্ষা আৰু অন্তর্দ্বন্দ্বৰ মুকলি প্ৰকাশেৰে বিষয় নির্বাচনত আৰু অলংকাৰ প্ৰাচুৰ্য আৰু ৰোমাণ্টিক কল্পনাৰে প্ৰকাশভংগীত ৰমাদাসৰ আবির্ভাব অসমীয়া চুটিগল্পৰ ইতিহাসত এটা উল্লেখযোগ্য পৰিৱৰ্তনসূচক।”
ৰমা দাসৰ গল্পৰ মাজেদি প্রকাশিত সমাজখন হ’ল ত্ৰিশৰ দশকত গঢ় লৈ উঠা বিত্তৱান সমাজ। এইখন সমাজৰ নৰ-নাৰীৰ মাজৰ সম্পৰ্কৰ মূল ভেটি হ’ল জৈৱিক প্রবৃত্তি। ‘বর্ষা যেতিয়া নামে’, ‘দুৰ্যোগৰ ৰাতি আদি যুগান্তকাৰী গল্পসমূহৰ মাজেদি এইখন সমাজৰ ছবি নিখুঁত ৰূপত ফুটি উঠিছে। চৈয়দ আব্দুল মালিকৰ আগবয়সৰ ৰচনা ‘শিখৰে শিখৰে গল্পতো এইখন সমাজৰ ছবিয়েই প্রস্ফুটিত হৈছে।
দাসৰ গল্পৰ আন এটা বৈশিষ্ট্য হ’ল তেওঁৰ সাৱলীল প্রকাশভংগী আৰু শক্তিশালী ভাষা। বৰ্ণনাৰ চমৎকাৰিত্ব আৰু আৱেগ সঞ্চাৰিণী ভাষাৰ বাবে তেওঁৰ গল্পবোৰ জনপ্ৰিয় হৈ উঠিছিল। নগেন শইকীয়াই সমুচিতভাৱেই মন্তব্য কৰিছে যে চৈয়দ আব্দুল মালিকৰ আগবয়সৰ গল্পৰ ভাষা আৰু ৰমা দাসৰ গল্পৰ মাজত সাদৃশ্য আছে। এই প্ৰসংগত তেওঁৰ দাসৰ ‘অচল টকা’ আৰু মালিকৰ ‘প্ৰাণ পোৱাৰ পাছত’ গল্প দুটাৰ কথা উল্লেখ কৰিছে।
ৰমা দাসৰ গল্পত দেখা পোৱা এটা নতুন দিশ হ’ল চৰিত্ৰৰ মনৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ। জীৱন্ত বর্ণনা সাৱলীল ভাষা আৰু খুঁটি-নাটি বিৱৰণৰ ফলত এওঁৰ চৰিত্ৰবোৰ পৰিৱেশৰ লগত একাত্ম হৈ উঠিছে। এই গল্পসমূহত পৰিৱেশে যেনেকৈ বিভিন্ন অর্থ দিছে। এওঁৰ সৰহভাগ গল্প-আলোচনীৰ পাততে আছে। ‘ৰমা দাসৰ শ্ৰেষ্ঠ গল্প’ নামৰ এখন সংকলন মাথোন প্রকাশিত হৈছে। ৰমা দাস চৈয়দ আব্দুল মালিকৰ গল্পসমূহৰ মাজৰ সাদৃশ্যলৈ আঙুলিয়াই গোস্বামীয়ে মন্তব্য কৰিছে–
“বস্তু নিৰ্বাচন আৰু ৰচনা কৌশলৰ ক্ষেত্ৰত ৰমা দাসৰ লগত তেওঁৰ (মালিকৰ) কিছু মিল আছে। যৌন আকৰ্ষণৰ মাদকতা চিত্ৰণত ৰমা দাসৰ কৃতিত্ব। মালিকৰ এইক্ষেত্ৰত কৃতিত্ব লাভ নহ’লেও জনপ্রিয়তা লাভ হৈছে।”
‘আৱাহন’ যুগৰ আন এজন বিশিষ্ট গল্পকাৰ হ’ল কৃষ্ণ ভূঞা। ভূঞাৰ সৰহভাগ গল্প আলোচনীৰ পাততে আৱদ্ধ হৈ আছে। তেওঁৰ গল্প সংকলন ‘ফুল আৰু জাবৰ’ৰ সৰহভাগ গল্পৰ ৰচনা উত্তৰ ‘ৰামধেনু’ কালৰ। বিভিন্ন বিষয়বস্তুক কেন্দ্ৰ কৰি গল্প ৰচনা কৰিছে যদিও তেওঁৰ গল্পৰ ঘাই উপজীব্য হ’ল প্ৰেম। এই প্ৰেমৰ গল্পবোৰত অনুভূতিৰ গভীৰতা আৰু মৌলিক জীৱনবোধৰ পৰিচয় ফুটি উঠিছে। তেওঁৰ গল্পৰ ভাষা সংযত আৰু ৰচনাৰীতি মনোগ্রাহী। এই গল্পবোৰৰ মাজত কথাবস্তু আৰু ৰচনা কৌশলৰ সু সমন্বয় ঘটিছে। ‘বেদনাৰ স্মৃতি’ গল্পত এগৰাকী নাৰ্ছৰ ৰোগী পৰিচৰ্যাৰ মহৎ আদর্শ প্রকাশ পাইছে। চৈয়দ আব্দুল মালিকৰ ধেমালি’ গল্পৰ ৰূপহী নাৰ্ছৰ চৰিত্ৰত ভূঞাৰ গল্পৰ ক্ষীণ প্রতিধ্বনি শুনা যায়। ‘যাদুঘৰ গল্পত ফ্ৰয়েডৰ যৌন দর্শনৰ ছাপ অনুভূত হয়। ‘মানুহ আৰু নিয়ম’ গল্পত এগৰাকী বিধৱা নাৰীৰ অন্তদ্বন্দ্ব ফুটাই তোলা হৈছে। ভূঞাৰ ‘ছিলঙৰ কেৰেণী’ গল্পত যিখন সমাজৰ ছবি আঁকিছে সেয়া ৰমা দাসে অংকন কৰা সমাজখনৰে সম্পূর্ণ মানুহৰ ছবি।
খুব কমসংখ্যক গল্প লিখি অসমীয়া সাহিত্যত স্বকীয় বৈশিষ্ট্যৰ ছাপ বহুৱাব পৰা গল্পকাৰসকলৰ ভিতৰত মুনীন বৰকটকী অন্যতম। তেওঁৰ গল্পৰ মাজেদি ব্যক্তি আৰু সমাজৰ মাজৰ সংঘাত, পৰম্পৰা আৰু আধুনিকতাৰ মাজৰ সংঘাত আদি কেতবোৰ সমস্যা প্ৰকাশিত হৈছে। সূক্ষ্ম মনস্তত্ত্ব আৰু প্ৰেমৰ এক ৰহস্যময় অনুভূতিয়ে বৰকটকীৰ গল্পবোৰক এক সুকীয়া মর্যাদা দিছে। তেওঁৰ গল্পবোৰৰ বিশেষত্ব এয়ে যে এইবোৰৰ আৱেদন পাঠকৰ ওচৰত বৌদ্ধিক স্তৰত সীমাবদ্ধ। ত্ৰিশৰ দশকত লিখা তেওঁৰ ‘তাই আৰু মই’ নামৰ গল্পটোত চেতনাস্ৰোত আংগিকৰ ইংগিত পোৱা যায় বুলি হোমেন বৰগোহাঞিয়ে মন্তব্য কৰিছে।” গভীৰ মানসিকতা আৰু জীৱনবোধে একোটা সাধাৰণ প্ৰেমৰ গল্পক কিদৰে গভীৰ মননশীল গল্পত পৰিণত কৰিব পাৰে তাৰ সাৰ্থক নিদর্শন পোৱা যায় ‘অপ্ৰকাশৰ বেদনা’ আৰু ‘নিয়মৰ বান্ধ আৰু প্ৰাণৰ টান’ নামৰ গল্পকেইটাত। গল্প ৰচনাৰ ক্ষেত্ৰত খুব কম সময়কাল বর্তী থকা বাবে বৰকটকীৰ প্ৰতিভাৰ সম্পূৰ্ণ স্ফুৰণ নঘটিল বুলি আক্ষেপ কৰিবৰ স্থল থাকি গ’ল।
লক্ষ্মীধৰ শৰ্মা, ৰমা দাস, কৃষ্ণ ভূঞা আৰু মুনীন বৰকটকী— ‘আৱাহন’ যুগৰ এইকেইজন বিশিষ্ট গল্পকাৰ আছিল মালিকৰ নিকটতম পূৰ্বসুৰী। ‘জয়ন্তী’ আৰু ‘আৱাহন’ৰ পাততে গল্পকাৰ মালিকৰ অভ্যুদয় হোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। দ্বিতীয় মহাসমৰৰ কালছোৱাত ‘আৱাহন’, ‘বাঁহী’ আৰু ‘সুৰভি’ আলোচনী বন্ধ হৈ যায়।
“—‘আৱাহন’, ‘বাঁহী’ আৰু ‘সুৰভি’য়ে পুৰণি ঐতিহ্যক বোৱাই ৰাখিবৰ কাৰণে শেষ যত্ন কৰিলে। কিন্তু অতি সোনকালেই জগতজোৰা মহাযুদ্ধৰ বিভীষিকাই তিনিওখনি পত্ৰিকাৰ সোঁত বন্ধ কৰি অসমীয়া সাহিত্যৰে প্ৰবন্ধ কৰিলে। যুদ্ধৰ পাছত অসমীয়া সাহিত্যই নতুন গজালি মেলিবলগীয়া হ’ল আৰু এই গজালি মাটিৰ তলৰ আগৰ শিপাৰ পৰাই যদিও ওলাল, তাৰ ডাল-পাতবোৰ আগতকৈ সুকীয়া ধৰণৰ হ’ল।”
যুদ্ধোত্তৰ যুগত আৱাহন যুগৰ সৰহখিনি গল্পকাৰ নীৰৱ হ’ল। ব্যতিক্রম চৈয়দ আব্দুল মালিক। মহেন্দ্ৰ বৰাই এই প্ৰসংগত আগবঢ়োৱা এষাৰ মন্তব্য প্রণিধানযোগ্য।
“মালিকে গল্প লেখকৰ জীৱন আৰম্ভ কৰিছিল ‘আৱাহন’ যুগৰ অন্যান্য লেখকৰ দৰেই; কৃষ্ণ ভূঞা, ইন্দিবৰ গগৈ, ৰমা দাস, ৰজনীকান্ত দেৱশৰ্মা, মুনীন বৰকটকীৰ দৰেই। যুদ্ধৰ পাছত এইসকলে আৰু ভাল নতুনধৰণৰ গল্প লিখিব নোৱাৰিলে। মালিকে যেনেকৈ জীৱনৰ লগত সময়ৰ যোগাযোগ ৰক্ষা কৰি চলিব জানিলে, বাকীকেইজনে তেনেকৈ চলিব নাজানিলে। অথচ, মালিক আজিও একান্তভাৱেই ৰোমাণ্টিক।”
‘ৰামধেনু’ আৰু ‘উত্তৰ ৰামধেনু’— মালিক এই দুয়োটা যুগৰে অগ্ৰণী গল্পকাৰ।
“অসমীয়া গল্প সংকলন (দ্বিতীয় খণ্ড)’ৰ পাতনিত হোমেন বৰগোহাঞিয়ে পঞ্চাশৰ দশকটো ‘জিজ্ঞাসু দশক’ হিচাপে অভিহিত কৰিছে। স্বাধীনতা লাভৰ ফলস্বৰূপে দ্ৰুতগতিত শিক্ষাৰ প্ৰসাৰ ঘটিছিল, শিক্ষিতৰ বাবে নিয়োগৰ ক্ষেত্ৰ প্ৰস্তুত হৈছিল। এনে এক উলাহপূৰ্ণ পৰিস্থিতিতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰকাশিত হৈছিল মাহেকীয়া আলোচনী ‘ৰামধেনু’। আংগিকৰ পৰীক্ষা-নিৰীক্ষা আৰু বাস্তৱৰ অনুসন্ধান ‘ৰামধেনু’ৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। সমালোচক উপেন্দ্র নাথ শৰ্মাই এই প্ৰসংগত কৰা মন্তব্য প্রণিধানযোগ্য।
“বিভিন্ন বৈচিত্র্যপূর্ণ অভিজ্ঞতাই ৰামধেনু যুগৰ লেখকক ঔদার্য আৰু প্ৰাণোচ্ছ্বলতা দান কৰিছে। গ্রামীণ জীৱনৰ সহজ-সৰল ৰূপ আৰু তেতিয়াৰ গাঁওসদৃশ চহৰৰ জীৱনৰ তেজাল অভিনৱত্বই নতুন লেখকসকলৰ কল্পনা আচ্ছন্ন কৰে আৰু এই চেতনাৰ ফলত ভালেমান সংহত গল্প ৰচিত হয়।”
হেম বৰুৱাই ‘আৱাহন যুগ’ আৰু ‘ৰামধেনু যুগ’ৰ সাঁকো হিচাপে অভিহিত কৰা চৈয়দ আব্দুল মালিকে ৰামধেনুৰ পাতত আৱেগসিক্ত ভাষাৰে, অজস্র অবিস্মৰণীয় চৰিত্ৰৰ চিত্ৰণেৰে অসংখ্য গল্প ৰচনা কৰি এটা নতুন যুগৰ বুনিয়াদ গঢ়ি তুলিলে। যোৱা ছটা দশকজুৰি নিৰৱচ্ছিন্নভাৱে গল্প ৰচনা কৰি অসমীয়া গল্পৰ ‘মুকুটবিহীন সম্রাট’ আখ্যা পোৱা মালিক জনপ্ৰিয়তাৰ শিখৰলৈ উঠিছিল ৰামধেনুৰ দিনতে। চল্লিশৰ দশকতে ‘যীশুখ্ৰীষ্টৰ ছবি’ৰ দৰে বিশ্বজনীন আৱেদন থকা গল্প লিখা মালিকে ‘আজোখা’ৰ দৰে হৃদয়স্পর্শী গল্প লিখিছে আশীৰ দশকত।
মূলতঃ সমাজতান্ত্রিক বাস্তৱবাদৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰাজনৈতিক চেতনাৰ স্বাক্ষৰ থকা ভালেমান সাৰ্থক গল্প ৰচনা কৰিছিল। নৰ নাৰীৰ মাজৰ সম্পৰ্কলৈ আৰু জনজাতীয় জীৱনক লৈ ভট্টাচাৰ্যই দুটা মর্মস্পর্শী গল্প লিখিছে। ‘এজনী জাপানী ছোৱালী’ৰ দবে বিশ্বজনীন আৱেদন থকা গল্পই অসমীয়া গল্পৰ বিষয়বস্তুৰ ক্ষেত্ৰত বৈচিত্র্য আনিলে।
‘ডাৱৰ আৰু নাই’ উপন্যাসখনৰ অভূতপূর্ব জনপ্ৰিয়তাৰ ফলত সুদক্ষ কথাশিল্পীৰূপে প্রতিষ্ঠা লাভ কৰা যোগেশ দাসে সহজ-সৰল একোটা কাহিনীৰ মাজেৰে এচাম সহজ-সৰল মানুহৰ জীৱনৰ ছবি আঁকিছে। তেওঁলোকৰ জীৱনৰ বিমূঢ় আৰু কৰুণ ৰূপে পাঠকক আলোড়িত কৰি যায়। কলপট্টবাৰ মৃত্যু’, ‘গৰাখহনীয়া’ এনেজাতীয় গল্প। দাসৰ ভাষা অনাড়ম্বৰ হ’লেও গল্পবোৰ নিটোল আৰু ৰসোত্তীর্ণ।
পঞ্চাশৰ দশকতে অসমীয়া গল্প সাহিত্যত যি ‘আধুনিকতা’ৰ ধাৰাৰ সূচনা হৈছিল সেই ধাৰাৰ উল্লেখযোগ্য গল্পকাৰ দুজন হ’ল সৌৰভ কুমাৰ চলিহা আৰু হোমেন বৰগোহাঞি । চলিহাৰ গল্পত নগৰকেন্দ্ৰিক সমাজ জীৱনৰ এক বৌদ্ধিক বিশ্লেষণ দেখা যায়। তদুপৰি তেওঁৰ গল্পত আধুনিক মানুহৰ দ্বন্দ্ব-সংশয়ৰ লগতে কালচেতনা আৰু অস্তিত্ব চেতনাৰ সম্যক প্ৰতিফলন ঘটিছে। সৌৰভ কুমাৰ চলিহাৰ বৈশিষ্ট্য নগেন শইকীয়াৰ এষাৰ বক্তব্যৰ মাজেদি সুন্দৰকৈ প্ৰকাশ পাইছে।
“যন্ত্ৰনিৰ্ভৰ আৰু যন্ত্ৰণাময় সভ্যতাত প্রতিফলিত আধুনিক মানুহৰ চেতনাত পৰিৱেশ আৰু সৰু-বৰ নানা দ্রুতগামী ঘটনাৰ বৈচিত্ৰ্যই ঘটোৱা বিচিত্র আলোড়নৰ অনুভূতিৰ প্ৰবাহে ধ্বনি আৰু চিত্ৰ নিৰ্ভৰ হৈ চলিহাৰ গল্পৰ মাজেদি প্ৰকাশ লাভ কৰিছে।”
হোমেন বৰগোহাঞিৰ আৰম্ভণিৰ গল্পবোৰ অস্তিত্ববাদী দৰ্শনৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে। সামাজিক অন্যায়, অবিচাৰ, দুৰ্নীতি-ভণ্ডামিৰ বিৰুদ্ধে গল্প ৰচনা কৰা বৰগোহাঞিয়ে চৰিত্ৰৰ মনোজগতৰ বিশ্লেষণতো গুৰুত্ব দিছে। ‘হাতী’ৰ দৰে প্রতীকধর্মী গল্পৰ পৰা আৰম্ভ কৰি ‘ভয়’ৰ দৰে অভিনৱ প্ৰকাশভংগীৰ গল্প— সকলোতে তেওঁ দক্ষতাৰ পৰিচয় দিছে।
পঞ্চাশৰ দশকত পৰম্পৰাবাদী ধাৰাৰে গল্প ৰচনা কৰি কৃতিত্বৰ স্বাক্ষৰ ৰাখিবলৈ সক্ষম হোৱা গল্পকাৰৰ্জন হ’ল ভবেন্দ্ৰ নাথ শইকীয়া। কথাবস্তুৰ সুসংহত গাঁথনি, জীৱনবোধৰ গভীৰতা, সূক্ষ্ম পৰ্যবেক্ষণ ক্ষমতা আৰু সাৱলীল প্রকাশভংগীৰ ফলত তেওঁৰ সৰহভাগ গল্পই সুখপাঠ্য হৈছে। সাধাৰণ বিষয়বস্তুকে লৈ চমৎকাৰ গল্প লিখা শইকীয়াই হৃৎপিণ্ডৰ স্থানান্তৰক লৈ অভিনৱ বিষয়বস্তুৰে ‘গহ্বৰ’ৰ দৰে মানৱীয় আৱেদন থকা গল্প লিখিছে।
মহিম বৰা এই দশকৰ এজন উল্লেখযোগ্য গল্পকাৰ। জীৱনবোধৰ গভীৰতা, কাব্যিক ব্যঞ্জনা আৰু বৰ্ণনাভংগীৰ মনোগ্ৰাহীতাই তেওঁৰ গল্পক সুকীয়া শিল্পগুণ প্রদান কৰিছে। ‘কাঠনিবাৰী ঘাট’, ‘টোপ’, ‘এখন নদীৰ মৃত্যু’ আদি উল্লেখযোগ্য গল্প।
আৰম্ভণিতে ৰোমাণ্টিক দৃষ্টিভংগীৰে গল্প ৰচনা কৰা চন্দ্ৰপ্ৰসাদ শইকীয়াৰ গল্পত সমসাময়িক সমাজখনো চিত্ৰিত হৈছে। ‘নাচপতি ফুল’, ‘ঋণ পৰিশোধ’ আদি গল্পত তেওঁ সামাজিক ভণ্ডামি আৰু অন্তঃসাৰশূন্যতাৰ ছবি আঁকিছে। লক্ষ্মীনন্দন বৰাৰ গল্পবোৰ আদিতে গ্রাম্য জীৱনৰ পটভূমিত ৰচিত হ’লেও পৰৱৰ্তী কালৰ গল্পবোৰত সামাজিক অন্যায়-অবিচাৰ আৰু দুর্নীতিৰ ছবি এখন ফুটি উঠিছে। ৰোহিণী কুমাৰ কাকতীৰ গল্পত মধ্যবিত্ত লোকৰ আশা-আকাংক্ষা আৰু নৰ-নাৰীৰ প্রেমানুভূতি ফুটি উঠিছে। গ্রামা জীৱনক লৈ ৰচনা কৰা মেদিনী চৌধুৰীৰ গল্পত দৰিদ্ৰতাৰ নিৰ্মম ছবি এখন পৰিস্ফুট হৈছে। ‘মণিৰাম পাৰত কেনি গ’ল’, ‘ইদ্রিছ মই আৰু বাবুলাল’, তেওঁৰ উল্লেখযোগ্য গল্প।
পঞ্চাশৰ দশকৰ লেখিকাসকলৰ ভিতৰত স্নেহ দেৱী বিশেষভাবে উল্লেখযোগ্য। প্রাত্যহিক জীৱনৰ তুচ্ছ ঘটনাবোৰক লৈ সহজ-সৰল প্ৰকাশভংগীৰে একোটা নিটোল গল্প লিখিব পৰাটো স্নেহ দেৱীৰ বৈশিষ্ট্য। সমাজৰ তথাকথিত সৰু মানুহৰ অন্তৰৰ বিশালতা আৰু মহত্ত্ব তেওঁৰ প্ৰায়বোৰ গল্পৰ উপজীব্য। ষাঠিৰ দশকটোক হোমেন বৰগোহাঞিয়ে যথার্থভাৱেই ‘মোহভংগৰ দশক’ হিচাপে অভিহিত কৰিছে। স্বাধীনতাই মানুহৰ মনলৈ যি উদ্দীপনা আৰু স্বপ্ন কঢ়িয়াই আনিছিল সেয়া ক্ৰমাৎ নোহোৱা হৈ গ’ল। সমাজত শিক্ষিতৰ সংখ্যা বাঢ়িল যদিও সেই অনুপাতে চাকৰিৰ ব্যৱস্থা নহ’ল। ৰাজনৈতিক আৰু সামাজিক জীৱনত দুর্নীতি বাঢ়িল। তেল শোধনাগাৰৰ বাবেও পঞ্চাশৰ দশকৰ শেষৰফালে আন্দোলন কৰিবলগীয়া হোৱা অসমবাসীৰ মনত যি ক্ষোভৰ সৃষ্টি হৈছিল চীনৰ আক্ৰমণৰ সময়ত সেই সময়ৰ প্ৰধানমন্ত্রী নেহৰুৱে কৰা মন্তব্যত ক্ষোভ তীব্ৰতৰ হ’ল।
চীনৰ আক্ৰমণৰ সময়ত অসমত থকা বহু লোকৰ পলায়নে। খিলঞ্জীয়া অসমবাসীক সচকিত কৰিলে। লগে লগে অর্থনৈতিক দুৰৱস্থাই জন্ম দিলে হতাশার। সমাজত ধনৱানজনেই ক্ষমতাবান হোৱা বাবে পার্থিব উন্নতিৰ প্ৰতি মানুহৰ হাবিয়াস বাঢ়িল। ফলস্বৰূপে মূল্যবোধৰ দ্ৰুত পৰিৱৰ্তন ঘটিল। এই দশকৰ অসমীয়া চুটিগল্পত হতাশা আৰু মোহভংগৰ প্ৰতিফলন ঘটিল। ‘ৰামধেনু’রে অনা জোৱাৰ স্তিমিত হ’ল যদিও ‘নবযুগ’, ‘মণিদীপ’ আৰু পাছলৈ ‘অসমীয়া’ৰ দৰে আলোচনীয়ে এচাম নতুন গল্পকাৰক প্রতিষ্ঠিত কৰালে। তেওঁলোক হ’ল শীলভদ্র, অতুলানন্দ গোস্বামী, নগেন শইকীয়া, নিবোদ চৌধুরী, ইমৰান শাহ, ছাঈদুল ইছলাম, মহেন্দ্ৰ বৰঠাকুৰ, প্ৰণৱজ্যোতি ডেকা, বীৰেশ্বৰ বৰুৱা, পদ্ম বৰকটকী, গোবিন্দ প্রসাদ শর্মা, অপূর্ব শর্মা, ভদ্ৰেশ্বৰ বৰুৱা, বিজু হাজৰিকা, ত্রৈলোক্য ভট্টাচার্য, মহেন্দ্ৰ বৰপূজাৰী, কেশৱ শইকীয়া, প্রফুল্ল বৰা, গল্প লেখিকাসকলৰ ভিতৰত উল্লেখযোগ্য হ’ল নিৰুপমা বৰগোহাঞি, মামণি ৰয়ছম গোস্বামী, প্রবীণা শইকীয়া, অনিমা দত্ত, নীলিমা শৰ্মা, চিত্রলতা ফুকন ইত্যাদি। এই আলোচনাৰ চমু পৰিসৰত প্ৰত্যেকৰে গল্প সম্পর্কে আলোচনা কৰা সম্ভৱ নহ’ব বাবেই বৈশিষ্ট্যপূর্ণ দুজনমানৰ গল্প সম্পর্কে উনুকিওৱাহে হৈছে মাথোন।
যোৱা কেইবাদশক ধৰি গল্প ৰচনা কৰা অতুলানন্দ গোস্বামীয়ে অনাড়ম্বৰ ভাষা, সংযত বৰ্ণনা আৰু সাৰ্থক কলা-কৌশলৰ প্ৰয়োগৰ দ্বাৰা ‘হামদৈ পুলৰ জোন’ৰ পৰা আৰম্ভ কৰি ‘বলিয়া হাতী লৈকে ভালেমান সাৰ্থক গল্প ৰচনা কৰিছে। মহেন্দ্ৰ বৰাই ‘কমাৰ্চিয়েল’ গল্প লেখক আখ্যা দিয়া নিৰোদ চৌধুৰীয়ে ৰোমাণ্টিক দৃষ্টিভংগীৰে কাব্যিক ভাষাৰে পাঠকৰ উৎকণ্ঠা ধৰি ৰাখিব পৰাকৈ বহু জনপ্ৰিয় গল্প ৰচনা কৰিছিল। গল্পৰ কলা কৌশল সম্পর্কে সততে সজাগ ইমৰাণ শ্বাহৰ ভাষা ব্যঞ্জনাময়ী, বুদ্ধিদীপ্ত আৰু প্ৰকাশভংগী সাবলীল।
হোমেন বৰগোহাঞিয়ে ষাঠিৰ দশকৰ ‘তিনিজন বিশিষ্ট গল্পকাৰ ৰূপে অভিহিত কৰা গল্পকাৰত্ৰয় হ’ল— শীলভদ্ৰ, নগেন শইকীয়া আৰু প্ৰণৱজ্যোতি ডেকা। কেৱল ষাঠিৰ দশকৰে নহয়, সমগ্ৰ উত্তৰ-ৰামধেনু যুগৰ সবাতোকৈ উল্লেখযোগ্য গল্পকাৰ হ’ল শীলভদ্র। যোৱা কেইবা দশক ধৰি নিৰবচ্ছিন্নভাৱে, নিজস্ব ৰচনাশৈলীৰে, নৈব্যক্তিক দৃষ্টিভংগীৰে প্রচ্ছন্ন সংগীতময়তাৰে পৰিমিতিবোধৰ প্ৰতি সততে দৃষ্টি ৰাখি শীলভদ্ৰই অজস্র গল্প ৰচনা কৰিছে। নগেন শইকীয়াই ইণ্টিৰিয়ৰ মন’লগ, চেতনাস্রোত, অভিব্যক্তিবাদ আদি বিবিধ পৰীক্ষা-নিৰীক্ষাৰ যোগেদি এক নিজস্ব ৰচনাশৈলীৰে সাৰ্থক গল্প ৰচনা কৰিবলৈ সক্ষম হৈছে। মুষ্টিমেয় সংখ্যক গল্প ৰচনা কৰি প্ৰণৱজ্যোতি ডেকাই গল্পকাৰ হিচাপে বিৰল কৃতিত্বৰ পৰিচয় দি ‘কৈলাসনাথ’, ‘বেওৱাৰিছ লাছ’ আদি উল্লেখযোগ্য সৃষ্টি কৰিলেও তেওঁ গল্প ৰচনা দীৰ্ঘদিনৰ বাবে তীব্ৰ হৈ নাথাকিল। এই দশকত আত্মপ্রকাশ কৰা অপূৰ্ব শৰ্মাই চেতনাস্রোতধর্মী কলা-কৌশলৰ প্ৰয়োগ কৰি ষাঠিৰ দশকত ‘প্রভাত পখীৰ গান’ আৰু নব্বৈৰ দশকত ‘বাঘে টাপুৰ বাতি’ৰ দৰে মননশীল গল্প লিখিছে।
এই দশকৰ মহিলা গল্পকাৰসকলৰ বিষয়ে ‘অসমীয়া গল্প সংকলন’ দ্বিতীয় খণ্ডৰ পাতনিত সম্পাদক হোমেন বৰগোহাঞিয়ে কৰা এষাৰ মন্তব্য প্রণিধানযোগ্য।
“ষাঠিৰ দশকত আত্মপ্রকাশ কৰা প্রবীণা শইকীয়া, মামণি ৰয়ছম গোস্বামী, নীলিমা শৰ্মা, অনিমা দত্ত আদি মহিলা লেখিকাকেইগৰাকীৰ গল্পৰ সাহিত্যিক মূল্যৰ বাহিৰেও এক বিশেষ সামাজিক তাৎপর্যও আছে। বিভিন্ন বিষয়বস্তু লৈ গল্প লিখিলেও তেওঁলোকৰ উৎকৃষ্ট আৰু উল্লেখযোগ্য গল্পবোৰত পুৰুষশাসিত সমাজ ব্যৱস্থাৰ বিৰুদ্ধে, অধিক শুদ্ধকৈ ক’বলৈ গ’লে, সেই সমাজ ব্যৱস্থাৰ অন্যায় বিধানবোৰৰ বিৰুদ্ধে অকুতোভয় বিদ্ৰোহৰ সুৰ ফুটি উঠিছে।”
ৰামধেনুৰ পাততে আত্মপ্রকাশ কৰা নিৰুপমা বৰগোহাঞিয়ে প্ৰথমাৱস্থাত কেৱল নাৰীৰ সমস্যাসমূহ আলোকপাত কৰিলেও পৰৱৰ্তী কালত এওঁ এগৰাকী সমাজ সচেতন লেখিকা হিচাপে সমাজৰ বিবিধ সমস্যাক লৈ বক্তব্যপ্রধান অথচ নিটোল গল্প ৰচনা কৰিছে। বিষয়বস্তু নিৰ্বাচন আৰু প্ৰকাশভংগী উভয় দিশতে অভিনৱত্বৰ পৰিচয় দিয়া মামণি ৰয়ছম গোস্বামীয়ে গভীৰ জীৱনবোধ আৰু বলিষ্ঠ গদ্যৰে ভালেমান সাৰ্থক গল্প ৰচনা কৰিছে। নাৰী মনৰ উন্মুক্ত প্রকাশ এওঁৰ গল্পৰ এক বৈশিষ্ট্য।
সত্তৰৰ দশকটোত অসমীয়া গল্প-সাহিত্যৰ ‘প্ৰতিবাদী দশক’ হিচাপে অভিহিত কৰিব পাৰি। এই প্ৰসংগত প্ৰহ্লাদ কুমাৰ বৰুৱাই ‘অসমীয়া চুটিগল্পৰ অধ্যয়ন’ গ্ৰন্থত কৰা এষাৰ মন্তব্য উল্লেখযোগ্য।
“১৯৭০ৰ পাছত অসমীয়া চুটিগল্পত দেশৰ অৰ্থনৈতিক দুৰৱস্থা, বিভিন্ন শ্ৰেণীৰ শোষকৰ চৰিত্ৰাংকন, জনতাক শোষণমুক্তিৰ বাবে প্ৰতিবাদী কৰি তোলাৰ প্ৰচেষ্টা দৃষ্টিগোচৰ হয়।”
সামাজিক অন্যায়-অবিচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে ক্ৰমাৎ পুঞ্জীভূত হোৱা ক্ষোভৰ বহির্প্রকাশ ঘটিছিল চুটিগল্প, কবিতা, উপন্যাস, নাটক আটাইবোৰতে। চুবুৰীয়া ৰাজ্য পশ্চিমবংগত হোৱা বাওঁপন্থী আন্দোলন, নক্সালবাদী আন্দোলনৰ প্ৰভাৱ অসমতো পৰিছিল। বাওঁপন্থী মতাদৰ্শৰে প্রকাশিত ‘নতুন পৃথিৱী’, ‘সাম্প্রতিক সাময়িকী’ আদি আলোচনীয়ে এই প্রতিবাদী ধাৰণাৰ প্ৰচাৰ আৰু প্ৰসাৰত অৰিহণা যোগাইছিল। ১৯৭৫ চনৰ দেশত জৰুৰীকালীন অবস্থা ঘোষণা কৰাৰ পাছত শিল্পী-সাহিত্যিকসকলৰ কণ্ঠৰোধ কৰাৰ প্রচেষ্টা চলিছিল। তৎসত্ত্বেও প্রতিবাদী কণ্ঠ ৰুদ্ধ হোৱা নাছিল। গল্পকাৰসকলে বক্তব্য প্রধান অথচ শিল্পগুণসমৃদ্ধ গল্প ৰচনা কৰি অসমীয়া সাহিত্যত প্রতিবাদী ধাৰাৰ প্ৰকাশ ঘটাইছিল। তদুপৰি ‘দৈনিক অসম’ কাকতে নতুন গল্পকাৰৰ সন্ধানত গল্প প্রতিযোগিতাৰ আয়োজন কবি এচাম নতুন গল্পকাৰ সৃষ্টিত অৰিহণা যোগাইছিল। চন্দ্ৰপ্ৰসাদ শইকীয়াৰ দ্বাৰা সম্পাদিত ‘প্রকাশে’ (১৯৭৫) মানবিশিষ্ট গল্প ৰচনাৰ পৃষ্ঠপোষকতা কৰিছিল। সত্তৰৰ দশকৰ অসমীয়া গল্পৰ এই প্ৰতিবাদী ধাৰাৰ বাটকটীয়া আছিল ষাঠিৰ দশকতে আত্মপ্রকাশ কৰা মহেন্দ্ৰ বৰঠাকুৰ আৰু অৰুণ গোস্বামী। মহেন্দ্ৰ বৰঠাকুৰৰ গল্পসমূহ শিল্পগুণসমৃদ্ধ। অৰুণ গোস্বামীৰ গল্পৰ সংখ্যা অজস্ৰ যদিও বহু গল্প একঘেয়ী হৈছে আৰু বক্তব্যত অধিক গুৰুত্ব দিবলৈ গৈ কলাগুণ আওকাণ কৰিছে। বিপুল খাটনিয়াৰে বাওঁপন্থী চিন্তাধাৰাৰে ৰচনা কৰা গল্পবোৰত শ্ৰমজীৱী মানুহৰ নিখুঁত ছবি এখন গভীৰ মানৱীয় সহানুভূতিৰে অংকন কৰা হৈছে। ‘খোজৰ শব্দ’, ‘গৌৰাংগ নদীৰ ঢৌ’, ‘মৰুভূমি এনেকৈয়ে আহে আদি তেওঁৰ উল্লেখযোগ্য সৃষ্টি। শোষিতজনৰ প্ৰতি গভীৰ সহানুভূতি থকা প্ৰণতি গোস্বামীৰ গল্পত সমাজৰ অন্যায়-অবিচাৰৰ ছবি এখন কলাসুলভ ৰূপত দাঙি ধৰা হৈছে। শ্ৰীমতী গোস্বামীৰ দুই-এটা গল্পৰ মাজেদি প্ৰচ্ছন্ন ব্যংগৰ সুৰ প্ৰকাশিত হৈছে।
‘পিতামহৰ মৰণ’, ‘মহানগৰ’, ‘ভৰত ঘৰত নাই’ সাৰ্থক গল্প। সত্তৰৰ দশকত আত্মপ্ৰকাশ কৰা মদন শৰ্মাই নব্বৈৰ দশকতো নিৰৱচ্ছিন্নভাৱে গল্প ৰচনা কৰিছে। সাম্প্ৰতিক পৰিস্থিতিৰ সাৰ্থক প্রতিফলন ঘটা শৰ্মাৰ গল্পবোৰৰ প্রকাশভংগী সাৱলীল আৰু এইবোৰ শিল্পগুণসমৃদ্ধ পৰৱৰ্তী কালৰ ঔপন্যাসিকা হিচাপে খ্যাতি লাভ কৰা অৰূপা পটংগীয়া কলিতাৰ গল্পত বাস্তৱৰ নিখুঁত ছবি এখন অত্যন্ত কলাসুলভ ৰূপত দাঙি ধৰা হৈছে। ‘বণথলী গড়ত কিহৰ শব্দ’, ‘শাশ্বত নীলকণ্ঠ’, ‘বগামাটি থানৰ ভোগী পটুংগীয়া কলিতাৰ সাৰ্থক সৃষ্টি। ‘দৈনিক অসমৰ গল্প প্রতিযোগিতা ত পুৰস্কাৰপ্ৰাপ্ত ‘এটা সাপৰ পলায়ন’ শীর্ষক গল্পটোৰে আত্মপ্ৰকাশ কৰা পূৰবী বৰমুদৈয়ে চমৎকাৰ প্ৰকাশভংগী আৰু কাব্যধৰ্মী ভাষাৰে ভালেমান ৰসোত্তীর্ণ গল্প ৰচনা কৰিছে। সত্তৰৰ দশকৰ এই প্ৰতিবাদী গল্পৰ ধাৰাটো যিসকল গল্পকাৰৰ অৱদানেৰে সমৃদ্ধ হ’ল তেওঁলোকৰ উল্লেখযোগ্য কেইজন হ’ল জয়ন্ত বংপি, ধ্ৰুৱজ্যোতি বৰা, কুমুদ দত্ত, যতীন বৰগোহাঞি, তোষেশ্বৰ চেতিয়া, জেহিৰুল হুছেইন, দুর্লভ বুঢ়াগোহাঁই, নলিনী শৰ্মা, সত্যসুন্দৰ বৰুৱা আদি। এই দশকৰ কিছুসংখ্যক গল্পকাৰে নিজৰ গল্পৰ মাজেৰে সমকালীন সমাজৰ অন্যায়-অবিচাৰ, দুৰ্নীতি আৰু ভণ্ডামিৰ ছবি আঁকিছে, কিন্তু যিয়ে ইয়াৰ নিৰাময়ৰ ইংগিত গল্পৰ মাজেৰে দাঙি ধৰা নাই, আন কথাত যিসকলে বক্তব্যতকৈ ৰচনা নীতিক বেছি গুৰুত্ব দিলে, তেওঁলোক হ’ল কুমুদ গোস্বামী, দেবব্রত দাস, ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচার্য, ভূপেন শৰ্মা, ৰূপশ্রী গোস্বামী, সাধনা লহকৰ, প্ৰহ্লাদ কুমাৰ বৰুৱা, গুণীন্দ্র গায়ন, দীপক বৰকাকতি, অনিল শইকীয়া, পুণ্যধৰ দাস, প্রদীপ হাজৰিকা, বিজয় শংকৰ শৰ্মা আৰু অৰ্পণ শইকীয়া।
আংগিকৰ পৰীক্ষা-নিৰীক্ষাৰে আৰু বিষয়বস্তুৰ বৈচিত্ৰ্যৰে সত্তৰৰ দশকৰ যিজন গল্পকাৰে নিজস্ব শৈলীৰে গল্প ৰচনা কৰিবলৈ সক্ষম হ’ল। তেওঁ হ’ল দেৱব্ৰত দাস। ‘অৰ্পিতাৰ এৰাতি’ৰ দৰে সত্তৰৰ দশকতে সার্থক গল্প ৰচনা কৰা দাসে নব্বৈৰ দশকত সাম্প্ৰতিক সময়ৰ প্ৰতিফলন ঘটা ‘পংকিলতাৰ এদিন’ৰ দৰে ৰসোত্তীৰ্ণ গল্প ৰচনা কৰিছে। এই দশকৰ অন্য এজন উল্লেখযোগ্য গল্পকাৰ ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচার্যই পৰিৱেশ চিত্রণ, চৰিত্ৰাংকন, প্রচ্ছন্ন ব্যংগ আৰু সাৱলীল বৰ্ণনাৰ সহায়ত ভালেমান সাৰ্থক গল্প ৰচনা কৰিছে। ‘দালাল’, ‘খোৱাৰৰ গৰু, ‘এন্দুৰ মৰা ফান্দ’ তেওঁৰ উল্লেখযোগ্য সৃষ্টি। সত্তৰৰ দশকৰ আন এজন প্ৰতিভাৱান গল্পকাৰ হ’ল কুমুদ গোস্বামী। তেওঁৰ গল্পত ছেগাচোৰোকাকৈ অৱস্থিতিবাদৰ প্ৰভাৱ লক্ষা কৰা যায়। তেওঁ ‘উর্মিলা’, সৰীসৃপ’, ‘দুৱাৰ’ আদি ভালেমান মননশীল গল্প লিখিছে। এই দশকৰ আন এজন উল্লেখযোগ্য গল্পকাৰ হ’ল পৰমানন্দ ৰাজবংশী। গ্ৰাম্য জীৱনৰ ছবি অঁকাত দক্ষতা দেখুওৱা ৰাজবংশীৰ গল্পৰ মাজেদি মানৱীয় আৱেগ-অনুভূতিৰ সাৰ্থক প্ৰকাশ ঘটিছে। লোকগীতৰ ব্যৱহাৰো তেওঁৰ গল্পৰ বিশেষ বৈশিষ্ট্য
অষ্টম দশকৰ গল্পসমূহক এক সুকীয়া থূপত ৰাখি ইয়াৰ পটভূমি বিচাৰ কৰিবলৈ ইয়াক ‘সংঘাতৰ দশক’ হিচাপে নামকৰণ কৰিব পাৰি। সদৌ অসম ছাত্ৰ সন্থাৰ বিদেশী বহিষ্কাৰ আন্দোলনে অসমৰ আৰ্থ-সামাজিক দিশত বিশেষ প্রভাৱ পেলালে। ১৯৮৩ চনত কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া নিৰ্বাচন প্ৰতিৰোধ কৰিবলৈ গৈ অসমত সৃষ্টি হ’ল ৰক্তাক্ত পৰিৱেশ। নেলী আৰু গহপুৰত ব্যাপকভিত্তিত হোৱা ভাতৃঘাতী সংঘৰ্ষই আমাৰ সাতামপুৰুষীয়া ঐক্য আৰু সংহতিৰ ভেটিৰ পৰাই বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আউল লগালে। ১৯৮৫ চনত হোৱা অসম চুক্তিৰ গইনা লৈ আঞ্চলিক দলে ৰাজ্যৰ শাসনভাৰ ল’লেও ৰাজ্যত মৌলিক আর্থ সামাজিক সমস্যাবোৰ সলনি নহ’ল।
কেন্দ্ৰীয় চৰকাৰে অসমক শোষণ আৰু প্ৰৱঞ্চনা কৰাৰ অভিযোগ আনি এখন স্বাধীন অসমৰ দাবীত এচাম যুৱকে অস্ত্ৰ হাতত তুলি ল’লে। নিবনুৱা সমস্যা আৰু অর্থনৈতিক সংকট তীব্ৰতৰ হোৱাৰ লগে লগে উগ্রপন্থী গোটত যোগ দিয়া যুৱক-যুৱতীৰ সংখ্যা ক্রমাৎ বৃদ্ধি পালে। বিচ্ছিন্নতাবাদী আন্দোলন তীব্র হোৱাৰ লগে লগে উগ্রপন্থী সমস্যাই ক্ৰমাৎ গা কৰি উঠিল। অসমৰ জনজীৱনত ইয়াৰ প্ৰভাৱ হ’ল সুদূৰপ্ৰসাৰী। চৈয়দ আব্দুল মালিকৰ পোৰা গাঁৱত পহিলা ব’হাগ’, বিপুল খাটনিয়াৰৰ ‘ধুমুহাৰ পাছত’, অৰূপা পটংগীয়া কলিতাৰ ‘বৰষুণ’, পূৰৱী বৰমুদৈৰ ‘ৰাজনীতি নুবুজা মানুহ’ত ৰক্তাক্ত সংঘৰ্ষৰ ইতিহাস লিপিবদ্ধ হৈ আছে। আশীৰ দশকৰ সবাতোকৈ উল্লেখযোগ্য গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ ‘সমীৰণ বৰুৱা আহি আছে’ৰ দৰে যুগান্তকাৰী গল্পত আজিৰ সমাজৰ বাস্তৱ চিত্ৰ এখন অত্যন্ত কলাসুলভ ৰূপত ফুটাই তোলা হৈছে। ‘ঈশ্বৰহীনতা’, ‘স্বাধীনতা’, ‘এলুমিনিয়ামৰ আঙুলি’ আদি গল্পত বিষয়বস্তু আৰু আংগিক উভয় দিশতে অভিনৱত্ব আনি গোস্বামীয়ে উত্তৰ-ৰামধেনু যুগৰ গল্পৰ ভেটি সুদৃঢ় কৰিলে। ৰবীন শৰ্মাৰ গল্পৰ মাজত আধুনিক শৈলী আৰু লোকায়ত চেতনাৰ চিত্ৰণ ঘটিছে। শৰ্মাৰ গল্পত কামৰূপী উপভাষাৰ বহুল প্রয়োগ ঘটিছে।
আশীৰ দশকৰ আৰম্ভণিতে প্ৰকাশ পোৱা ‘প্রান্তিক’ আলোচনীখনে এচাম নতুন গল্পকাৰ সৃষ্টিত বিশেষভাৱে অৰিহণা যোগালে। মনোজ কুমাৰ গোস্বামী, জ্যোতিষ শিকদাৰৰ দৰে প্ৰতিভাৱান গল্পকাৰ ‘প্ৰান্তিক’ৰ পাততে আত্মপ্ৰকাশ কৰিছিল। জ্যোতিষ শিকদাৰে মানুহৰ জীৱনৰ মৌলিক সমস্যাসমূহত অন্তর্মুখী দৃষ্টিৰে আলোকপাত কৰি ভালেমান সাৰ্থক গল্প ৰচনা কৰিছে। ‘গান ভাল পোৱা চৰাইজনী’, ‘শৈশব’ শিকদাৰৰ দুটামান উল্লেখযোগ্য গল্প।
বয়সত প্ৰবীণ আৰু ষাঠিৰ দশকতে এজন প্ৰতিভাশালী কবি হিচাপে প্রতিষ্ঠা লাভ কৰা হৰেকৃষ্ণ ডেকাই আশীৰ দশকতে চুটিগল্প ৰচনাত হাত দিয়ে। বিষয়-বৈচিত্র্য আৰু অভিনৱত্বৰে তেওঁ অসমীয়া সাহিত্যৰ এক অন্যতম উল্লেখযোগ্য গল্পকাৰ। তেওঁৰ প্ৰতিটো গল্পৰে থিম আৰু টেকনিক সুকীয়া।
এই দশকৰ এগৰাকী সার্থক গল্প লেখিকা হ’ল ফুল গোস্বামী। শ্রীমতী গোস্বামীয়ে মানৱ হৃদয়ৰ ৰহস্যসমূহ এক অন্তর্মুখী দৃষ্টিৰে আলোকপাত কৰিছে। ‘চিৰন্তন’, ‘প্ৰৱাহ, অজ্ঞাতবাস’ তেওঁৰ কেতবোৰ উল্লেখযোগ্য গল্প। এই দশকৰ আন দুগৰাকী লেখত ল’বলগীয়া গল্পকাৰ হ’ল যমুনা শৰ্মা চৌধুৰী আৰু মিনতি চৌধুৰী। যমুনা শৰ্মা চৌধুৰীয়ে মধ্যবিত্ত জীৱনৰ নানা সমস্যা আৰু সংঘাতক লৈ কেইবাটাও সাৰ্থক গল্প ৰচনা কৰিছে। ‘যৌৱন’, ‘গ্রহণ’, ‘শিখণ্ডী’ আদি এওঁৰ উল্লেখযোগ্য গল্প। মিনতি চৌধুৰীয়ে সমকালীন সমাজৰ ছবি গল্পৰ মাজেদি ইংগিতময় ৰূপত দাঙি ধৰিছে। ‘আঁঠুৱা’, ‘সাৰ পোৱাৰ পিছত’ আদি তেওঁৰ উল্লেখযোগ্য গল্প। জিতেন শৰ্মা, ডাঃ ৰবীন মজুমদাৰ, ইন্দ্ৰকান্ত কাকী, জয়ন্তৰঞ্জন চেতিয়া, অভিজিত শৰ্মা বৰুৱা আদিয়ে এই দশকৰ গল্প সাহিত্যলৈ প্ৰভূত্ব বৰঙণি যোগাইছে।
কুৰি শতিকাৰ শেষৰ দশকটোক সংশয়ৰ দশক’ হিচাপে অভিহিত কৰিব পাৰি। নব্বৈ দশকৰ আৰ্থ-সামাজিক পটভূমি বিচাৰ কৰি চালে দেখা যায় যে এয়া আশীৰ দশকৰে যেন সম্প্ৰসাৰিত ৰূপ। আশীৰ দশকত আৰম্ভ হোৱা সন্ত্ৰাসবাদী কার্যকলাপ এই দশকত তুংগলৈ উঠিল। উগ্ৰপন্থীৰ সন্ত্ৰাসৰ লগতে ৰাষ্ট্ৰসন্ত্রাসেও আমাৰ সমাজ জীৱন প্ৰায় পংগু কৰি পেলালে। অসমত উগ্রপন্থী গোটৰ সংখ্যা বহুত বাঢ়িল। আত্মসমর্পণ কৰা এচাম উগ্রপন্থী যুৱকে অসমৰ আৰ্থ-সামাজিক দিশত বিশেষ প্রভাৱ পেলালে। হত্যা-সন্ত্রাস-অপহৰণ আদিয়ে আটাইৰে মনত সৃষ্টি কৰিলে চৰম অনিশ্চয়তা আৰু সংশয়ৰ। ধ্ৰুৱজ্যোতি বৰাৰ ‘কালান্তৰৰ গদ্য’ উপন্যাসত সাম্প্ৰতিক সময়ৰ সন্ত্ৰাস আৰু সংশয়ৰ নিখুঁত ছবি এখন ফুটি উঠিছে। এই সময়ৰ বাস্তৱ ছবি এখন ফুটাই তোলাত বৰাৰ ‘ক্ষতিপূৰ্ণ’ গল্পটো সফল হৈছে। তদুপৰি কোকৰাঝাৰত হোৱা ভাতৃঘাতী সংঘৰ্ষই বিভিন্ন জনগোষ্ঠীৰ মাজত সৃষ্টি কৰিছে পাৰস্পৰিক বিদ্বেষ আৰু ঘৃণাৰ। এনে চৰম বিশৃংখলতা অৰাজকতা আৰু সন্ত্ৰাস-সংশয়ৰ ছবি এখন দেৱব্ৰত দাসৰ ‘পংকিলতাৰ এদিন’, প্ৰশান্ত কুমাৰ দাসৰ ‘এপ্ৰিল ৯৯’ আৰু মনোৰমা দাস মেধিৰ ‘প্রেমগাথা’ গল্পৰ মাজেদি প্ৰকাশিত হৈছে।
পূৰ্বৰ দশকতে গল্পকাৰৰূপে স্বীকৃতি লাভ কৰা মনোৰমা দাস মেধিয়ে সমকালীন জীৱনৰ নির্মোহ ছবি অঁকা গল্পবোৰ ৰচনা কৰিছে নব্বৈৰ দশকতহে। ইতিপূর্বে উল্লেখ কৰা ‘প্রেমগাথা’ অসমীয়া সাহিত্যৰ এক অন্যতম শ্রেষ্ঠ চুটিগল্প। নিটোল কাহিনী, পৰিমিত ভাষাৰ প্ৰয়োগ, অভিনৱ প্ৰকাশভংগীৰ ফলত দাস মেধিৰ প্ৰায়বোৰ গল্পই ৰসোত্তীৰ্ণ হৈছে। নিঃস্ব লোকৰ প্ৰতি থকা তেওঁৰ গভীৰ সহানুভূতিয়ে প্ৰায়বোৰ গল্পকে মানৱীয় আবেদনেৰে সংপৃক্ত কৰি তুলিছে। আশীৰ দশকতে আত্মপ্ৰকাশ কৰি বর্তমানো গল্পচর্চা অব্যাহত ৰখা এগৰাকী প্ৰতিভাশালী গল্পকাৰ নৱনীতা গগৈৰ গল্পত বিষয়বস্তুৰ বৈচিত্র্য, প্রকাশভংগীৰ সাৱলীলতা আৰু উপস্থাপন ৰীতিৰ অভিনৱত্ব লক্ষ্য কৰা যায়। এই দশকৰ আন এগৰাকী গল্প লেখিকা কাব্যশ্ৰী মহন্তৰ গল্পত কাব্যিক ভাষা আৰু জীৱনবোধৰ গভীৰতা প্রকাশ পাইছে।
এই দশকৰ আন এগৰাকী সফল গল্প লেখিকা মাইনী মহন্তৰ গল্পত সমকালীন সমাজৰ বাস্তৱ ছবি এখন প্রকাশ হোৱাৰ লগতে দুই এটা গল্পত ব্যক্তি হৃদয়ৰ উন্মুক্ত প্রকাশ ঘটা দেখা যায়। এই দশকৰ আন এগৰাকী উল্লেখযোগ্য লেখিকা হ’ল মৌচুমী কন্দলী। মুষ্টিমেয় গল্পৰ মাজেদি সাৱলীল প্রকাশভংগীৰ এই লেখিকাগৰাকীয়ে চৰিত্ৰৰ মনস্তাত্ত্বিক বিশ্লেষণ আৰু পৰিৱেশ চিত্ৰণত দক্ষতা দেখুৱাইছে। ‘লামবাদা নাচৰ শেষত’ তেওঁৰ এক সার্থক সৃষ্টি। অনুৰাধা শৰ্মা পূজাৰীয়ে বিষয়বস্তু আৰু চৰিত্ৰ চিত্ৰণৰ বৈচিত্ৰ্যৰে সাৰ্থক গল্প ৰচনা কৰিছে। চৰিত্ৰৰ অন্তৰ্গত চিত্রায়ণত তেওঁ সিদ্ধহস্ত।
নব্ধৈৰ দশকৰ উল্লেখযোগ্য গল্পকাৰসকল হ’ল জয়ন্ত চক্রবর্তী, শিৱানন্দ কাকতি, ইমৰান হুছেইন, বিতোপন বৰবৰা আৰু অপূৰ্ব কুমাৰ শইকীয়া। সমাজ সচেতন লেখক জয়ন্ত চক্ৰবৰ্তীৰ গল্পত সাম্প্ৰতিক সময়ৰ বাস্তৱ চিত্র এখন অত্যন্ত কলাসুলভ ৰূপত ফুটি উঠিছে। ‘সংগমত এসাঁতোৰ’, ‘সেউজৰ সঁচ’, ‘আন্ধাৰৰ মালিতা’ চক্ৰৱৰ্তীৰ সাৰ্থক সৃষ্টি। এই দশকৰ আন এজন উল্লেখযোগ্য গল্পকাৰ শিৱানন্দ কাকতিয়ে সাম্প্রতিক কালৰ বিভীষিকাময় পৰিৱেশৰ পৰা আৰম্ভ কৰি প্রাত্যহিক জীৱনৰ তুচ্ছ ঘটনালৈকে বিবিধ বিষয়বস্তুৰে ভালেমান শিল্পগুণসমৃদ্ধ গল্প ৰচনা কৰিছে। ‘আন্ধাৰ বৃন্দাবন’, ‘সহাৱস্থান’, ‘বৰণীয়া আলিবাট’, ‘বোকাময়’ এওঁৰ উল্লেখযোগ্য সৃষ্টি।
এই দশকত আত্মপ্ৰকাশ কৰা বিতোপন বৰবৰাই এজন প্ৰচুৰ সম্ভাৱনাপূর্ণ। গল্পকাৰ হিচাপে প্ৰতিভাৰ স্বাক্ষৰ দিবলৈ সক্ষম হৈছে। বিষয়বস্তুৰ বৈচিত্ৰ্য আৰু প্ৰকাশভংগীৰে এওঁৰ ‘মধ্য ৰাত্ৰিৰ ঘণ্টাশব্দ’ এটা উল্লেখযোগ্য গল্প।
এই দশকৰ আন এজন গল্পকাৰ হ’ল ইমৰান হুছেইন। অসমৰ জনজীৱনৰ বিবিধ উপাদান লৈ পৰীক্ষা-নিৰীক্ষা চলাই অভিনৱ ৰচনাশৈলীৰে ভালেকেইটা ৰসোত্তীৰ্ণ গল্প ৰচনা কৰিছে। ‘বাঁক’ তেনে এক অলৌকিক কিংবদন্তিৰ বিনিৰ্মাণ। অপূর্ব কুমাৰ শইকীয়াৰ গল্পত চৰিত্ৰৰ এক অভিনব মনস্তাত্ত্বিক বিশ্লেষণ দেখা যায়। এওঁৰ দৃষ্টিভংগীৰ প্ৰখৰতা আৰু সূক্ষ্মতা লক্ষ্য কৰিবলগীয়া। ‘মনোহৰ বুঢ়াৰ পঢ়াশালি’ তেওঁৰ এক উল্লেখযোগ্য সৃষ্টি। প্রশান্ত কুমাৰ দাস এই দশকৰ এজন তৰুণ প্ৰতিভাৱান গল্পকাৰ। সমকালীন সমাজৰ ছবি এখন গল্পত প্রতিফলিত কৰাৰ লগতে আধুনিক মানুহৰ সংশয় আৰু দ্বন্দ্ব তেওঁৰ গল্পৰ মাজেদি প্ৰকাশিত হৈছে। পূর্বে উল্লেখ কৰা দাসৰ ‘এপ্রিল ১৯’ নামৰ গল্পটো বাস্তব চেতনা আৰু শিল্পগুণেৰে সমৃদ্ধ।
কুল শইকীয়াৰ গল্পৰ প্ৰধান উপজীব্য হ’ল মানুহৰ অন্তৰ্গত। শইকীয়াৰ গল্পত চিত্রিত হয় মানুহৰ অন্তৰ্দ্ধন্দ্ব। তেওঁৰ গল্পত চেতনাস্রোত ৰীতিৰ প্ৰতিফলন ঘটিছে। স্বপ্ন, স্মৃতি আৰু চিন্তাৰ প্রবাহে তেওঁৰ গল্পৰ আধাৰ নিৰ্মাণ কৰে। তেওঁৰ গল্পত কোনো নিটোল কাহিনী নাথাকে। গল্পৰ কলা-কৌশলৰ দিশতো তেওঁ বিভিন্ন পরীক্ষা-নিৰীক্ষা চলাইছে। একবিংশ শতিকাৰ প্ৰথম দশকটোতে অসমীয়া চুটিগল্পৰ জগতখন ইমান বেছি বৈচিত্ৰ্যৰে ভৰি পৰিল যে এই গল্পবোৰক একেটা অভিধাৰে সামৰি থোৱাটোৱেই অসম্ভৱ হৈ পৰিল।
বিংশ শতিকাৰ শেষৰটো দশকৰ একেবাৰে শেষভাগত প্রকাশিত হৰেকৃষ্ণ ডেকাৰ ‘প’ষ্ট মডাৰ্ণ: এটা গল্প’ (গৰীয়সী, অক্টোবৰ, ১৯৯৩ প্রকাশিত) নামৰ গল্পটোৰ জৰিয়তেই অসমীয়া গল্প সাহিত্যত উত্তৰ আধুনিকতাবাদী চিন্তা-চৰ্চাৰ আৰম্ভণি ঘটে আৰু একবিংশ শতিকাৰ প্ৰথম দশকটোত এই উত্তৰ-আধুনিকতাবাদী ধাৰাটো অধিক শক্তিশালী হৈ উঠে। এইক্ষেত্ৰত অপূৰ্ব শৰ্মা, দেৱব্ৰত দাস, প্ৰশান্ত কুমাৰ দাস আদিৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য।
দেৱব্ৰত দাসৰ ‘সহায়হীনতাত আমি সকলো’ (গৰীয়সী, এপ্ৰিল ২০০৭ত প্রকাশিত) নামৰ গল্পটোত উত্তৰ-আধুনিকতাবাদৰ সচেতন প্ৰতিফলন ঘটিছে। কাহিনীৰ আচম্বিত দিক পৰিৱৰ্তন, বহুধা বিভক্ত সামৰণিৰ মাজৰ পৰা পাঠকক নিজেই বাছি ল’বলৈ দিয়া অর্থাৎ লেখক গৌণ, পাঠকহে মুখ্য, পৰম্পৰাগত আংগিক আৰু সংযুতিৰ ইচ্ছাকৃত পৰিহাৰ, গল্পটো যে প্ৰকৃততে নির্মাণহে কৰা হৈছে সেয়া পাঠকক বুজাই দিয়াৰ প্ৰৱণতা আদিৰ মাজেৰে উত্তৰ-আধুনিকতাবাদৰ সুস্পষ্ট প্রতিফলন ঘটিছে। অপূৰ্ব শৰ্মাৰ ‘মণিকা আৰু বিক্ৰম’ (গৰীয়সী, জানুৱাৰী, ২০০৮) গল্পত দুতৰপীয়া কাহিনী, দুটা সম্পূৰ্ণ সুকীয়া কথনৰীতি আৰু দুটা ভাষা স্তৰ (register)ৰ প্ৰয়োগ উত্তৰ-আধুনিকতাবাদৰ প্ৰভাৱৰ পৰিণতি।
প্ৰশান্ত কুমাৰ দাসৰ ‘কাহিনী এটাৰ কাহিনী’ (শাৰদী, সাদিন, ২০০৩ ত প্রকাশিত)ত উত্তৰ-আধুনিক নিৰাৱেগ, নিৰ্বিকাৰ মনোভংগীৰ চমকপ্ৰদ উপস্থাপন ঘটিছে। উত্তৰ- আধুনিকতাবাদী জগতখনত জীৱন হৈ পৰিছে ভয়ংকৰভাৱে অনিশ্চিত, নিৰাপত্তাহীন আৰু সংশয়াচ্ছন্ন। আনহাতে মৃত্যু হৈ পৰিছে একেবাবে গুরুত্বহীন তুচ্ছ আৰু সহজলভ্য। ‘কাহিনী এটাৰ কাহিনী’ৰ আৰম্ভণিতে গল্পকাৰে প্ৰধান পুৰুষ চৰিত্ৰ যোগীন্দ্ৰৰৰ মৃত্যুক ‘Funny thing’ বুলি মন্তব্য কৰিছে। গল্পটোত দেখা যায় যোগীন্দ্ৰৰৰ মৃত্যুৰ খবৰ পায়েই তাৰ প্ৰেমিকাগৰাকীয়ে সেই ঠাইলৈ আহি তাৰ মুখ মগজুৰ জোখ-মাখ লৈ মধ্যপ্রাচ্যৰ মানুহ আৰু শিখসকলৰ লাওখোলা, কেশবিন্যাস আৰু নেত্রবর্ণৰ ওপৰত এটা নতুন গৱেষণা আৰম্ভ দিলে। উত্তৰ-আধুনিকতাবাদী এই পৃথিৱীত আৱেগৰ কোনো স্থান নাই। উত্তৰ কৰি সকলো মানুহেই সম্পূর্ণভাবে ইয়াত বস্তুকেন্দ্রিক।
মৃণাল কলিতাৰ Through the Looking Glass’ গল্পটোত উত্তৰ আধুনিকতাবাদৰ বিভিন্ন লক্ষণ স্পষ্টভাৱে পৰিস্ফুট হৈছে। কাহিনী কথনৰ লঘু সুৰ আৰু ধেমেলীয়া ভাষা, এযোৰ নিৰ্জীৱ চছমাক একপ্ৰকাৰ ঐন্দ্রজালিক ক্ষমতাসম্পন্ন যেন কৰি দেখুওৱা, চৰিত্ৰসমূহৰ জীৱনৰ দুখ বেদনা-বিচ্ছেদ আদিত চশমাযোৰৰ এক প্ৰকাৰৰ যাদুকৰী প্ৰভাৱ আছে বুলি প্ৰদৰ্শন কৰা, আৰম্ভণিৰ সাধুকথা আৰু গল্পৰ মূল কাহিনী দুয়োটাই পৰস্পৰৰ পেৰডি ৰূপ পৰিগ্ৰহ কৰা— এই সকলোবোৰ বৈশিষ্ট্যই ইয়াক এক সাৰ্থক উত্তৰ-আধুনিকতাবাদী গল্পত পৰিণত কৰিছে।
কেৱল উত্তৰ-আধুনিকতাবাদেই নহয়, সাম্প্রতিক অসমীয়া চুটিগল্পত অনেক উপাদানেই আহি যোগ হৈছে। ফৰ্ম আৰু টেকনিকৰ পৰীক্ষা নিৰীক্ষাৰ উপৰি বিষয়বস্তুৰ ক্ষেত্ৰখনলৈ আহিছে বিস্ময়কৰ বৈচিত্র্য। অতি বাস্তববাদৰ পৰা নাৰীবাদলৈ, নিম্নবৰ্গ চেতনাৰ পৰা ঐতিহ্য চেতনালৈ, মহানগৰীয় যান্ত্ৰিকতাৰ পৰা সহজ-সৰল, শান্ত-সমাহিত গ্ৰাম্য জীৱনলৈ, শিল্পকলাৰ পৰা অৱচেতন মনৰ প্ৰতিক্ৰিয়ালৈ, বুদ্ধিনিষ্ঠতাৰ পৰা জীৱন বীক্ষালৈ, সমাজ বাস্তৱতাৰ পৰা প্রাত্যহিকতাৰ লগত কল্পনা, কিম্বদন্তী আৰু ৰূপকথাৰ সংমিশ্ৰণলৈ, উত্তৰ-ঔপনিৱেশিকতাৰ পৰা অতিপ্রাকৃত চৰিত্ৰাংকনলৈ, জনজাতীয় লোকাচাৰৰ পৰা উত্তৰ-আধুনিকতাবাদলৈ ভিন্নধর্মী লক্ষণ, উপাদান আৰু বৈশিষ্ট্যৰে একবিংশ শতিকাৰ প্ৰথম দশকৰ অসমীয়া চুটিগল্প সমৃদ্ধ।
সাম্প্রতিক অসমীয়া চুটিগল্পৰ আছে এক বহু বিস্তৃত, বৈচিত্র্যময় ৰূপ। এই বহু বর্ণময় ৰূপ সৃষ্টিত ইতিপূর্বে উল্লেখ কৰি অহা গল্পকাৰসকলৰ উপৰি কিছুসংখ্যক নবীন গল্পকাৰৰ অৱদানো বিশেষভাৱে উল্লেখযোগ্য।
বন্তি শেনছোৱাৰ গল্পত পোৱা যায় ঐতিহ্য আৰু আধুনিকতাৰ মিলন, নাৰীৰ অন্তৰৰ গভীৰতম অনুভব আৰু উজনি অসমৰ থলুৱা ঠাঁচ।
অতনু ভট্টাচাৰ্যৰ গল্পত আছে আৰম্ভণিৰ পৰা সমাপ্তিলৈকে উৎকণ্ঠা বজাই ৰাখিব পৰা দক্ষতা, সুগভীৰ জীৱনবোধ, বৰ্ণনাৰ সংবেদনশীলতা, অ’ হেনৰীয় চমক, কাব্যিক ব্যঞ্জনা, শব্দ প্ৰয়োগৰ মিতব্যয়িতা আৰু ভাষাৰ চুম্বকত্ব।
ধনদা দেবীৰ গল্পবোৰ নাৰী জীৱন কেন্দ্রিক। চৰিত্ৰৰ মনস্তাত্ত্বিক বিশ্লেষণত তেওঁ বিশেষ গুৰুত্ব দিয়ে।
ৰত্না ভৰালী তালুকদাৰৰ গল্পত আছে সুগভীৰ মানবতাবোধ, প্রগতিশীলতা আৰু সমকাল চেতনা।
গল্পৰ বুকুত প্ৰেমৰ বহু বৰ্ণময় ৰূপ চিত্ৰণত শাংকৰ কৌশিক বৰুৱা, ডাঃ গোবিন্দ দাস বিশেষভাবে আগ্রহী। তেওঁলোকৰ ভাষাৰ কাব্যিক সংবেদনশীলতাই পাঠকক মুগ্ধ কৰে।
গীতালি বৰাৰ গল্পত নাৰী-পুৰুষৰ জটিল সম্পৰ্কৰ চিত্ৰায়ণৰ প্ৰতি বিশেষ আগ্রহ পৰিলক্ষিত হয়। ভিন্নধর্মী চৰিত্ৰ, স্বকীয় শৈলী আৰু বৰ্ণনাৰ সাৱলীলতাই তেওঁৰ গল্পসমূহক এক বিশেষ মাত্রা প্ৰদান কৰিছে।
মণিকা দেৱী আৰু অনামিকা বৰাৰ গল্পসমূহত প্ৰধানকৈ নাৰী জীৱনৰ বিচিত্ৰ ৰূপ প্ৰকাশ পাইছে। গ্ৰাম্য জীৱনৰ সজীৱ চিত্রণ, নিম্নবৰ্গৰ সমাজ চেতনা, নিপীড়িতজনৰ প্ৰতি গভীৰ সমবেদনা, জতুৱা প্ৰয়োগেৰে পৰিপুষ্ট।
অৰূপ কুমাৰ নাথৰ গল্পত আছে মৰিগঞা উপভাষাৰ সংলাপৰ প্ৰয়োগ, নিম্ন শ্ৰেণীৰ প্ৰতি সহমৰ্মিতা আৰু যৌনতাৰ বহুধাবিভক্ত ৰূপায়ণ। ৰশ্মিৰেখা বৰা আৰু প্ৰাঞ্জল শৰ্মা বশিষ্ঠৰ গল্পত পোৱা যায় সুগভীৰ জীৱন জিজ্ঞাসা, নান্দনিক উপস্থাপন, প্রতীক-চিত্রকল্পখচিত কাব্যিক ভাষা
আৰু কিম্বদন্তীৰ বিনির্মাণ।
সুৰেশ চক্ৰৱৰ্তী আৰু ভূংগেশ্বৰ শৰ্মা বহু বছৰ ধৰি গল্প সৃষ্টিত ব্ৰতী। দুয়ো অতি শক্তিশালী গল্পকাৰ। প্রাত্যহিক জীৱনৰ ক্ষুদ্রাতিক্ষুদ্ৰ ঘটনাবোৰেই দুয়ো কলাত্মক ৰূপত সংবেদনশীলভাৱে প্ৰকাশ কৰিছে। মৃত্যুঞ্জয় মহন্ত আৰু তপন দাসে ভালেসংখ্যক অগতানুগতিক গল্প ৰচনা কৰিছে। অভিনৰ প্রকাশভংগী, তীক্ষ্ণ বুদ্ধিদীপ্ততা আৰু বিষয় বৈচিত্ৰ্য্যই দুয়োৰে গল্পসমূহক এক বিশেষ মাত্রা প্রদান কৰিছে।
অপু ভদ্দ্বাজ, প্রার্থনা শইকীয়া আৰু সিদ্ধার্থ শংকৰ বেজবৰুৱাৰ গল্পসমূহত ‘ফর্ম’ আৰু ‘টেকনিক’ৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলোৱা হৈছে। তেওঁলোকৰ একেটা গল্পৰ মাজতে কেতিয়াবা বেলেগ বেলেগ দৃষ্টিভংগী আৰু কথনভংগীৰ প্ৰয়োগ ঘটিছে। গল্পৰ মেজাজ অনুসৰি ভিন্নধৰ্মী ভাষাৰ ব্যৱহাৰতো তিনিও সিদ্ধহস্ত।
কমল কুমাৰ তাঁতীৰ গল্পৰ মাজত ‘মেজিক ৰিয়েলিজম’ বা যাদুকৰী বাস্তববাদৰ প্ৰতিফলন ঘটিছে। তাঁতীৰ গল্পৰ কলা-কৌশলো অগতানুগতিক আৰু অভিনৱ।
সৌমিত্র যোগী আৰু ভাস্কৰ ঠাকুৰীয়াৰ প্ৰতিটো গল্পই ভিন্নস্বাদৰ। বর্ণনা চাতুর্য, স্বকীয় শৈলী আৰু কথনভংগীয়েই দুয়োৰে গল্পৰ মূল সম্পদ। মনালিছা শইকীয়াৰ গল্পত মানুহৰ মানৱীয় অনুভূতিসমূহ সংবেদনশীল ভাষাৰে ব্যক্ত কৰা হৈছে। তেওঁৰ গল্পত আছে এক নষ্টালজিক আৱেদন আৰু ৰমন্যাসিক সুৰ। ধ্ৰুৱজ্যোতি শৰ্মা আৰু অর্ণবজান ডেকাৰ গল্পৰ বিষয় বৈচিত্র্য চমকপ্রদ। ভাষাৰ কাব্যিক আৱেদন, সৰল চেতনা, নান্দনিকতা আৰু সুগভীৰ জীৱনবোধে দুয়োৰে গল্পত পাঠকৰ হৃদয়ৰ কাষ চপাই আনে।
বসন্ত দাস, মনোজ কুমাৰ দেওৰজা, হেমচন্দ্ৰ দলে, টুনুজ্যোতি গগৈ আদিৰ গল্পত জনগোষ্ঠীয় জীৱন চর্যাই মূৰ্তৰূপ পাইছে। স্বাভাৱিকতেই তেওঁলোকৰ গল্পৰ মাজত সোমাই পৰিছে অলেখ জনজাতীয় শব্দ।
অজয় কুমাৰ ৰায়ৰ গল্পত পোৱা যায় চৰিত্ৰৰ অন্তৰ্জগতৰ চিত্ৰণ।
দিব্যজ্যোতি বৰাৰ গল্পসমূহক অগতানুগতিক প্রকাশভংগী আৰু কলা কৌশলৰ অভিনৱত্বই এক বিশেষ মাত্রা প্রদান কৰিছে।
মনোজ কুমাৰ দেওৰজা আৰু সঞ্জীৱ পল ডেকাৰ গল্পৰ মাজত লোকজীৱন মূৰ্ত হৈ উঠিছে। মনোজ কুমাৰ দেওৰজাৰ গল্পত জনগোষ্ঠীয় শব্দ আৰু সঞ্জীৱ পল ডেকাৰ গল্পত ঔপভাষিক শব্দৰ প্ৰয়োগ মন কৰিবলগীয়া। ইয়াৰ উপৰি পৰিণীতা বুজৰবৰুৱা, বিদ্যুত্ৰঞ্জন বৰা, অৰ্চনা বৰঠাকুৰ, পাৰ্থবিজয় দাস, অজয় শইকীয়া, নবীন ডেকা, সিদ্ধার্থ গোস্বামী, নিশিগন্ধা তালুকদাৰ, নিপম । কুমাৰ শইকীয়া, নয়ন কুমাৰ মেধি, অজন্তা দাস, সুৰঞ্জনা শৰ্মা, অংগনা চৌধুৰী, জুৰি বৰা বৰগোহাঞি, ৰাজকুমাৰ প্রিয়ম উদ্দীপন, স্বাতী হাজৰিকা, সৃষ্টি শ্রেয়ম, স্বত্যয়ন শ্রেয়ম, মিনাক্ষী জি বৰঠাকুৰ, জুৰি শইকীয়া, চন্দনা পাঠক, ৰাজশ্ৰী হাজৰিকা, অজিত বিকাশ গোহাঞি বৰুৱা, জয়ন্ত শইকীয়া, পার্থপ্রতিম আদি বিভিন্ন গল্পকাৰে সাম্প্রতিক অসমীয়া চুটিগল্পৰ সমৃদ্ধিত অৰিহণা যোগাইছে। অসমীয়া চুটিগল্পৰ গতি-প্রকৃতির আভাস দিয়াই আমাৰ এই লেখাৰ উদ্দেশ্য। সকলো সময়ৰ সকলো গল্পকাৰৰ গল্পৰ বিষয়ে আলোচনা কৰা সম্ভৱ নহয়। যিসকলে চুটিগল্পৰ বিকাশ, বিৱৰ্তনত বিশেষ অৰিহণা যোগাইছে তেওঁলোকৰ গল্পৰ কথাহে উল্লেখ কৰা হৈছে।
সামৰণিত এয়াই ক’ব পাৰি যে অসমীয়া চুটিগল্প ভাৰতীয় অন্যান্য ভাষাৰ গল্পৰ সৈতে ফেৰ মাৰিব পৰাকৈ চহকী আৰু শিল্পগুণসম্পন্ন।
২। স্বৰাজোত্তৰ কালৰ অসমীয়া উপন্যাসৰ ধাৰা— এটি আলোচনা আগবঢ়োৱা?
উত্তৰঃ অসমীয়া উপন্যাস সম্পূর্ণ পাশ্চাত্য সাহিত্যৰ প্ৰভাৱৰ ফলত সৃষ্ট হোৱা শিল্পকর্ম। উপন্যাস সাহিত্য এক আধুনিক সৃষ্টি । অসমীয়া ভাষাত উপন্যাসৰ সৃষ্টি হয় ঊনবিংশ শতিকাৰ দ্বিতীয়ার্ধত। কিন্তু বিংশ শতিকাৰ পৰাহে উপন্যাস সৃষ্টি তথা বিকাশৰ পৰিবেশ আৰু পটভূমি অসমত সৃষ্টি হৈছে।
অসমীয়া সাহিত্যত ৰচিত প্রথম উপন্যাসখন হ’ল পদ্মনাথ গোহাঞিবৰুৱাৰ ‘ভানুমতী’। এইখন ১৮৯১ চনত প্ৰকাশ হয়। অৱশ্যে ইয়াৰ আগতেও অসমীয়া সাহিত্যত কিছু উপন্যাসধৰ্ম্মী ৰচনাৰ সৃষ্টি হৈছিল। সেয়া হ’ল নাথান ব্ৰাউনে অনুবাদ কৰা জন বনিয়নৰ ‘Pilgrim Progrese ৰ অসমীয়া অনুবাদ ‘যাত্ৰিকৰ যাত্ৰা’ ড°এ. কে. গাৰ্নীৰ ‘এলোকেশী বৈশ্যৰ কাহিনী, আৰু ‘কামিনীকান্তৰ চৰিত্ৰ’; মিছেছ গানীৰ ‘ফুলমনি আৰু কৰুণা’ পদ্মাৱতী দেৱী ফুকননীৰ ‘সুধমাৰ উপাখ্যান। অৱশ্যে এইসমূহ মৌলিক সৃষ্টি নাছিল।
অসমীয়া উপন্যাসৰ পাতনি ঘটে পদ্মনাথ গোহাঞি বৰুৱাৰ হাততে। তাৰ উপৰিও এই সময়ৰ আন দুগৰাকী বিখ্যাত উপন্যাসিক হ’ল লক্ষ্মীনাথ বেজবৰুৱা আৰু ৰজনীকান্ত বৰদলৈ। অসমীয়া উপন্যাস সাহিত্যক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি। সেয়া হ’ল
(i) স্বাধীনতাৰ আগৰ উপন্যাস।
(ii)স্বাধীনতাৰ পাছৰ উপন্যাস অর্থাৎ স্বৰাজোত্তৰ কালৰ উপন্যাস।
স্বাধীনতাৰ আগত ৰচিত উপন্যাসসমূহৰ বেছিভাগৰে বিষয়বস্তু আছিল। ঐতিহাসিক। এইবোৰ ৰচনাৰ কলা-কৌশলসমূহো আছিল পৰম্পৰাগত। এই সময়ৰ উপন্যাসত গান্ধীজীৰ নেতৃত্বত আৰম্ভ হোৱা জাতীয়তাবাদী আন্দোলনৰ প্ৰভাৱ পৰিছিল। এই সময়ছোৱাৰ কেইগৰাকীমান উল্লেখযোগ্য উপন্যাসিক হ’ল— দণ্ডিনাথ কলিতা, দৈৱচন্দ্ৰ তালুকদাৰ, দীননাথ শৰ্মা, বিৰিঞ্চি কুমাৰ বৰুৱা। অৱশ্যে এই সময়ছোৱাত যদিও বেছিকৈ ঐতিহাসিক উপন্যাস ৰচিত হৈছিল, তথাপি দুই এখন সামাজিক উপন্যাসে ৰচিত হৈছিল। তাৰ ভিতৰত ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’ আৰু বীণা বৰুৱাৰ জীৱনৰ বাটত’ অন্যতম। বীণা বৰুৱাৰ ‘জীৱনৰ বাটত’ উপন্যাসখন অসমীয়া উপন্যাস সাহিত্যৰ এক মাইলৰ খুঁটি।
স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ পৰাহে অসমীয়া উপন্যাস সাহিত্যৰ এক নতুন যুগৰ সূচনা হয়। স্বৰাজোত্তৰ অসমীয়া উপন্যাসৰ ধাৰাটোত আধুনিক উপন্যাসব সৃষ্টি হয়। এই সময়ছোৱাত যথেষ্ট সংখ্যক সামাজিক উপন্যাসৰ সৃষ্টি হৈছে। স্বাধীনতা লাভৰ লগে লগে সাহিত্যৰ ক্ষেত্ৰত নতুন চিন্তাধাৰাৰ প্রবেশ ঘটিল। পাশ্চাত্য লেখকসকলৰ লগত সম্পৰ্কৰ ফলত তেওঁলোকৰ আৰ্হিয়ে উপন্যাস ৰূপ বৈশিষ্ট্যত সহায় কৰিলে। মনস্তাত্তিক মূলক চিন্তা চৰ্চাৰ প্ৰকাশ উপন্যাসত ঘটিবলৈ ধৰিলে। উচ্চ শিক্ষাৰ প্ৰসাৰ, উদ্যোগীকৰণৰ প্রচেষ্ঠা, অর্থনৈতিক বৈষম্য, সামাজিক অবিচাৰ, সাহিত্য অনুশীলনৰ বাবে বিভিন্ন অনুষ্ঠানৰ জন্ম, জাতীয়, পাৰিবাৰিক তথা ব্যক্তিগত জীৱনত দেখা দিয়া বিভিন্ন সমস্যা আৰু প্ৰবৃিত্তিয়ে অসমীয়া উপন্যাসৰ ৰচনা আৰু বিকাশত যথেষ্ট সহায় কৰিলে। এইবিলাক সংকটে মানুহৰ সমাজ-চেতনা জাগ্রত কৰি সামাজিক উপন্যাস সৃষ্টিত অৰিহনা যোগালে।
স্বৰাজোত্তৰ কালৰ উপন্যাসৰ ধাৰাত সামাজিক উপন্যাসে এক গুৰুত্বপুর্ণ স্থান দখল কৰি আছে। বীণা বৰুৱাৰ ‘জীৱনৰ বাটত’ উপন্যাসৰ পৰাই অসমীয়া সাহিত্যৰ নতুন যুগৰ আৰম্ভ হয়। দৈনন্দিন জীৱনৰ সাধাৰণ ঘটনাৰ আধাৰত ৰচিত এই উপন্যাসখনে প্ৰমাণ কৰি দেখুৱালে যে সাধাৰণ ঘটনাৰ আলমত ৰচিত হ’লৈও এখন উপন্যাস সুখপাঠ্য, সংবেদনশীল তথা কালজয়ী হ’ব পাৰে। এই উপন্যাসখন গ্ৰাম্য জীৱনৰ পটভূমিৰ ওপৰত ৰচিত হৈছিল। এইখনৰ পথকে অনুসৰণ কৰি ভালেমান উপন্যাসিকে এনে পটভূমিৰ উপন্যাস ৰচনা কৰিবলৈ ধৰিলে। ইয়াত গাঁৱলীয়া জীৱনৰ আবেগ অনুভূতি, আদর্শবাদ, পৰম্পৰাগত মূল্যবোধৰ অবক্ষয় তথা নগৰীয়া সভ্যতাৰ প্ৰৱেশৰ ফলত গ্ৰাম্য জীৱনধাৰাৰ পৰিৱৰ্তনৰ কথা উল্লেখ কৰা হৈছে।
হিতেশ ডেকাৰ ‘আজিৰ মানুহ’(১৯৫২), ধন গগৈৰ ‘সোণৰ নাঙল'(১৯৫৬), চৈয়দ আব্দুল মালিকৰ ‘সূৰুষমুখীৰ স্বপ্ন’ (১৯৬০) লক্ষ্মীনন্দন বৰাৰ ‘গংগা চিলনীৰ পাখী (১৯৬৫), হোমেন বৰগোহাঞিৰ হালধীয়া চৰায়ে বাওধান খায়’(১৯৭৩), মেদিনী চৌধুৰীৰ ‘তাত নদী নাছিল’ (১৯৭৭), অতুলানন্দ গোস্বামীৰ ‘নামঘৰীয়া'(১৯৯০), এই ধাৰাটোৰ কেইখনমান বিশেষ জনপ্রিয় উপন্যাস। নগৰীয়া জীৱনক আধাৰ কৰি লিখা মালিকৰ ‘অঘৰী আত্মাৰ কাহিনী? (১৯৬৯), উপন্যাসখনো এখন জনপ্রিয় উপন্যাস। সময়ৰ লগে লগে গাঁৱলীয়া জীৱনলৈ নামি অহা পৰিৱৰ্তনৰ চিত্ৰ সুন্দৰ ৰূপত প্ৰকাশ পালে দেবেন্দ্র নাথ আচার্যৰ ‘অন্য যুগ অন্য পুৰুষ’ (১৯৭০), আৰু হোমেন বৰগোহাঞিৰ ‘পিতা-পুত্র’ (১৯৭৫), উপন্যাসত। ‘পিতা-পুত্র’ উপন্যাসত দুটা যুগৰ পুৰুষৰ মাজত হোৱা সংঘাতৰ চিত্ৰ অংকন কৰা হৈছে।
স্বৰাজোত্তৰ কালৰ অসমীয়া সামাজিক উপন্যাসৰ পাতনি মেলে মহম্মদ পিয়াৰ চাহাবে। তেওঁ ‘প্রীতি উপহাৰ’ (১৯৪৬), সংগ্ৰাম মৰহা পাপৰি, হেৰুৱা স্বর্গ আদি কেইবাখনো আদর্শাত্মক উপন্যাস ৰচনা কৰে। এই সময়ছোৱাত জনজাতীয় জীৱনৰ আধাৰতো উপন্যাস ৰচনাৰ ধাৰা প্ৰচলিত হয়। এনে
ধৰণৰ উপন্যাসৰ ভিতৰত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ ইয়াৰুইংগম’ (১৯৬০) অন্যতম। তেওঁৰ ৰাজনৈতিক তথা সমাজবাদী চেতনা আৰু দৃষ্টিভংগীত ৰচিত উপন্যাস কেইখন হ’ল ‘ৰাজপথে ৰিঙিয়াই’ (১৯৫৫), ‘মৃত্যুঞ্জয় (১৯৭০), আৰু ‘প্রতিপদ’ (১৯৭০) । এই উপন্যাস কেইখন ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ৰ বিভিন্ন বাস্তব ঘটনাৰ আধাৰত ৰচনা কৰা হৈছে।
জনজাতীয় লোকসকলৰ জীৱনৰ আধাৰতো ভালেমান উপন্যাস বচনা কৰা হৈছে। কৈলাশ শৰ্মাৰ ‘বিদ্ৰোহী নগাৰ হাতত’ (১৯৫৮), ৰংবং তেৰাঙৰ ‘ৰংমিলিৰ হাঁহি’ (১৯৮২), লুম্মেৰ দাইব ‘পাহাৰৰ শিলে শিলে’ (১৯৬১), আৰু ‘পৃথিৱীৰ হাঁহি’ (১৯৬৩), য়েছে দৰজে ঠংচিৰ ‘চনম’ (১৯৮১), ‘লিঙঝিক’ (১৯৮৩), ‘মৌন ওঠ মুখৰ হৃদয়’, স্বর্ণবৰাৰ ‘সোৱণশিৰিত ৰেলৰ উকি’ (১৯৯০), যতীন মিপুনৰ ‘মিকচিজিলি’ (১৯৯৩), উমাকান্ত শৰ্মাৰ ‘ভাৰণ্ড পক্ষীৰ জাক’ (১৯৯২), দীপক কুমাৰ বৰকাকতিৰ ‘ভিকটন’ আদি এনেধৰণৰ একো একোখন জনপ্রিয় উপন্যাস।
অসমীয়া সাহিত্যত আধুনিক উপন্যাসৰ ধাৰাটোৰ আৰম্ভ হয় প্ৰফুল্ল দত্ত গোস্বামীৰ হাতত। তেওঁৰ ‘কেঁচা পাতৰ কপনি’ (১৯৫২) আধুনিক উপন্যাসৰ বাটকটীয়া। ইয়াত চেতনাশ্ৰোত দৃষ্টিভংগীৰ প্ৰকাশ ঘটিছে। সময়ৰ অসংলগ্ন তথা মানসিক অস্থিৰতাৰ চিত্ৰ উপন্যাসখনত অংকন কৰা হৈছে। এনেধৰণৰ চেতনা প্ৰৱাহ তথা মানসিক চিত্ৰৰ অংকন কৰা আন কেইখনমান উপন্যাস হ’ল চন্দ্ৰপ্ৰসাদ শইকীয়াৰ ‘এদিন’ ‘(১৯৬৯), শীলভদ্ৰৰ ‘অনুসন্ধান’ (১৯৮৭), ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য্যৰ ‘মরূদ্যান’ (১৯৯১), আৰু হোমেন বৰগোহাঞিৰ ‘অস্তরাগ’ (১৯৮৬)। এইখন উপন্যাসত বুঢ়া মানুহৰ মনস্তত্ব দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে।
অসমীয়া উপন্যাসৰ আৰু দুটা বিশিষ্ট ধাৰা হ’ল আঞ্চলিক আৰু জীৱনীমূলক উপন্যাসৰ ধাৰা। ইয়াৰে আঞ্চলিক উপন্যাসৰ ভিতৰত নৱকান্ত বৰুৱাৰ ‘কপিলীপৰীয়া সাধু’ (১৯৫৪), নিৰুপমা বৰগোহাঞিৰ ‘সেই নদী নিৰৱধি’ (১৯৬৩), শীলভদ্ৰৰ ‘মধুপুৰ'(১৯৭১), মামণি ৰয়ছম গোস্বামীৰ “দতাল হাতীৰ উয়ে খোৱা হাওদা’ (১৯৮৮) এইকেইখন বিশেষভাৱে জনপ্রিয় উপন্যাস। গোস্বামীৰ বাস্তৱৰ বলিষ্ঠ প্রকাশ তথা মানৱতাবাদী দৃষ্টিভংগীৰ প্রকাশ ঘটা আৰু দুখন উপন্যাস হ’ল ‘নীলকণ্ঠী ব্রজ’ (১৯৭৬), ‘মামৰে ধৰা তৰোৱাল’ (১৯৮০)।
জীৱনীমূলক উপন্যাসৰ ধাৰাটো সমৃদ্ধ কৰা কেইখনমান বিশিষ্ট উপন্যাস হ’ল আব্দুল মালিকৰ ‘ৰূপতীৰ্থৰ যাত্ৰী’ (১৯৬৩), মেদিনী চৌধুৰীৰ ‘বণ্ডুকা বেহাৰ’ (১৯৭৬), চৈয়দ আব্দুল মালিকৰ ‘ধন্য নৰ তন ভাল’ (১৯৮৬), আৰু ‘প্ৰেম অমৃতৰ নদী’ (১৯৯৯), লক্ষ্মীনন্দন বৰাৰ ‘যাকেৰি নাহিকে উপায়'(১৯৯৩), ‘সেই গুণনিধি’(১৯৯৯), নিৰূপমা বৰগোহাঞিৰ ‘স্বর্ণলতা’ (১৯৯১) আদি।
এই সময়ত যদিও সামাজিক উপন্যাসৰ সৃষ্টি অধিক হৈছিল তথাপি ঐতিহাসিক আৰু পৌৰাণিক কাহিনীৰ আধাৰত ৰচিত উপন্যাসৰ ধাৰাও চলি আছে। তাৰ ভিতৰত ত্ৰৈলোক্য ভট্টাচাৰ্য্যৰ সাঁচিপাতৰ পুথি’ (১৯৯৭৩), ‘চৰাইদেও’ (১৯৭৭), নৱকান্ত বৰুৱাৰ ‘ককাদেউতাৰ হাড়’ (১৯৭৩), দেৱেন্দ্র নাথ আচাৰ্যৰ ‘কালপুৰুষ’ (১৯৭৬) আৰু ‘জংগম’ (১৯৮২), ধীৰেন বৰঠাকুৰৰ ‘বান্দা চাহেবা'(১৯৮০), মেদিনী চৌধুৰীৰ ‘বিপন্ন সময়’ (১৯৯৬); পৌৰাণিক কাহিনীৰ আধাৰত ৰচিত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ ‘মহাৰথী’ (১৯৯২) আদি অন্যতম।
গভীৰ মানৱতাবাদী দৃষ্টিৰে ৰচিত কেইখনমান সুখপাঠ্য উপন্যাস হ’ল অৰূপা পটংগীয়া কলিতাৰ ‘অয়নান্ত’ (১৯৯৪), ফনীন্দ্ৰ দেৱ চৌধুৰীৰ ‘অনুৰাধাৰ দেশ’ (১৯৮৯), দেৱব্ৰত দাসৰ ‘বৰ্ষাৰ প্ৰথম সুবাস’ (১৯৯৬) আদি।
এইবোৰৰ উপৰি অসমীয়া উপন্যাসৰ স্বৰাজোত্তৰ কালৰ উপন্যাসত ৰোমাণ্টিক প্ৰেমৰ অনুভূতি প্ৰকাশৰ ধাৰাটোও সন্নিবিষ্ট হৈ আছে। ওপৰত উল্লেখ কৰা উপন্যাস সমূহৰ উপৰিও আৰু ভালেমান উপন্যাসে অসমীয়া উপন্যাসৰ স্বৰাজোত্তৰ কালৰ ধাৰাটোৰ সৌষ্ঠৱ বৃদ্ধি কৰি আহিছে। তাৰে ভিতৰত প্ৰেমনাৰায়ণ দত্তৰ ‘নিয়তিৰ নিৰ্মালি’ (১৯৫২), শুচিব্ৰতা ৰায় চৌধুৰীৰ ‘বা মালি’ (১৯৫৮), উমা বৰুৱাৰ ‘চিয়েন নদীৰ ঢৌ’ (১৯৬১), কনকসেন ডেকাৰ নবীন বৰুৱাৰ ‘কটন কলেজ’ (১৯৭০), ভবেন্দ্র নাথ শইকীয়াৰ ‘অন্তৰীপ’ (১৯৮৬), ৰীতা চৌধুৰাৰ ‘(দেওলাংখুই’ (২০০৫), ‘এই সময় সেই সময়’ (২০০৭), মণিকুন্তলা ভট্টাচাৰ্যৰ ‘বৰদোৱানী’ আদি উল্লেখযোগ্য।
এইদৰে অসমীয়া সাহিত্যত ৰচিত বিভিন্ন উপন্যাসৰ ধাৰাই স্বৰাজোত্তৰ অসমীয়া উপন্যাসৰ ধাৰাক সমৃদ্ধ কৰি তুলিছে।