History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয়, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় Question Answer can be of great value to excel in the examination.
History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয়
History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় Notes cover all the exercise questions in UGC Syllabus. The History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
৩। সাম্প্রতিক অসমীয়া সাহিত্য সমালোচনাৰ গতি প্রকৃতি – এই বিষয়ত এটি আলোচনা যুগুত কৰা?
উত্তৰঃ সমালোচনা হ’ল সাহিত্যৰ এক বিশেষ শাখা। সমালোচনাই অন্যান্য সাহিত্যৰ গুণাগুণ নির্ণয় কৰি তাৰ বিষয়ে পাঠকক অৱগত কৰে আৰু পাঠকক ভালদৰে বিভিন্ন দিশৰ পৰা কোনো সাহিত্যকর্মক বুজিবলৈ সহায় কৰে। উৎকৃষ্ট সমালোচনাই পাঠকক সাহিত্যকৰ্মৰ চৰ্চাৰ বাবে আগ্ৰহী কৰি তোলে। আনকি বহু জটিল ভাবৰ সাহিত্য বোধগম্য কৰি তোলাৰ ক্ষেত্ৰতো সমালোচনা সাহিত্যই বিশেষ ভূমিকা গ্রহণ কৰে। যুদ্ধোত্তৰ কালছোৱাত অসমত সৃষ্টিশীল সাহিত্যকৰ্মৰ ব্যাপক চৰ্চাৰ লগতে বুজন পৰিমাণৰ সাহিত্য সমালোচনা গ্ৰন্থও ৰচিত হৈছে।
সাহিত্য সমালোচনা সাহিত্যৰ এটা ভাগ। সমালোচনা শব্দটোৰ অভিধানিক অর্থ হ’ল নিৰপেক্ষ আলোচনা। কোনো কোনোৱে ইয়াক ভাৰসাম্যযুক্ত আলোচনা বুলিও কয়। সাহিত্যৰ বিষয়ে য’ত নিৰপেক্ষ আলোচনাৰে এক সিদ্ধান্তত উপনীত হোৱা যায় সিয়ে হ’ল সমালোচনা।ই সাহিত্যৰ গুণাগুণ নিৰ্ণয় কৰে।
সাহিত্য সমালোচনাৰ বিবিধ প্ৰকাৰবোৰৰ ভিতৰত অসমীয়া সমালোচনা সাহিত্যত প্ৰধানকৈ কেইটামান ভাগহে প্রধানভাবে প্রত্যক্ষ কৰা যায়। অসমীয়া সমালোচনা সাহিত্যত দেখা পোৱা প্ৰধান সমালোচনা কেইবিধ হল – ঐতিহাসিক সমালোচনা, বিশ্লেষণাত্মক সমালোচনা, তুলনামূলক সমালোচনা, ব্যক্তিমুখী সমালোচনা, যুক্তিবাদী সমালোচনা, নন্দনতাত্ত্বিক সমালোচনা আৰু নাৰীবাদী সমালোচনা।
ঐতিহাসিক সমালোচনাত সাহিত্যৰ উৎপত্তি আৰু বিচাৰ নিৰ্ণয় কৰিবলৈ যাওঁতে তাৰ ঐতিহাসিক পটভূমিৰ বিষয়ে অনিবাৰ্যভাৱে আলোচনা কৰা হয়। এনে কাৰণতে ঐতিহাসিক সমালোচনাত সমালোচকসকলে সাহিত্যৰ পটভূমি, সমকালীন সমাজ ব্যৱস্থা আৰু পৰিবেশৰ বিষয়ে আলোচনা কৰে। আনহাতে বিশ্লেষণাত্মক সমালোচনাত মূল গ্ৰন্থখনকে প্রধান আধাৰ হিচাপে লৈ তাৰ আধাৰত গ্ৰন্থখনৰ সূক্ষ্ম বিশ্লেষণ আগবঢ়ায়। একেদৰে তুলনামূলক সমালোচনাত সমপর্যায়ৰ সাহিত্যৰ সৈতে তুলনা ৰাখি পাঠৰ আলোচনা আগবঢ়াই নিয়া হয়। এনে সমালোচনাত প্রভাৱ, সাদৃশ্য, সংগ্রহণ, স্ববৰ্ত্তন, পাঠকৰ সঁহাৰি আদি দিশৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হয়। নন্দনতাত্ত্বিক সমালোচনাত আলোচিত পাঠৰ শিল্প-সৌন্দৰ্যৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। সাহিত্য কলাৰ বিবিধ উপাদানবোৰৰ আধাৰত এনে সমালোচনা কৰা হয়। শেহতীয়াকৈ নাৰীবাদী আদৰ্শৰে সাহিত্য সমালোচনা কৰি এচাম সমালোচকে নাৰীবাদী সমালোচনা নামৰ এক বিশেষ শ্ৰেণীৰ প্ৰতিষ্ঠা কৰিলে। পুৰুষৰ সৈতে সম অধিকাৰৰ দাবীতেই সৃষ্টি হৈছিল নাৰীবাদৰ আৰু এই দৃষ্টিভংগীৰেই এচাম সমালোচকে কোনো সাহিত্য পাঠৰ সমালোচনা আগবঢ়ায়।
উল্লেখযোগ্য যে, ১৮৪৯ চনৰ অক্টোবৰ সংখ্যাত অৰুণোদয় আলোচনীত আনন্দৰাম ঢেকীয়াল ফুকনৰ অসমীয়া ল’ৰাৰ মিত্ৰৰ দ্বিতীয় আৰু তৃতীয় ভাগৰ বিষয়ে এটা আলোচনা প্ৰকাশ হৈছিল আৰু এই আলোচনাকে আধুনিক অসমীয়া সমালোচনাৰ আৰম্ভণি বুলিব পাৰি। ইয়াৰ পিছতো বাঁহী (১৯০৯) আৰু আৱাহন (১৯২৯) আলোচনীত ছেগা- ছোৰোকাকৈ সাহিত্য সমালোচনা হৈ আছিল। উদাহৰণস্বৰূপে, বাঁহী আলোচনীত প্ৰকাশিত লক্ষ্মীনাথ বেজবৰুৱাৰ কীৰ্তন-ঘোষা আৰু ৰুক্মিণী হৰণ কাব্যৰ আলোচনা বা আৱাহন আলোচনীত প্রকাশিত হলিৰাম ডেকাৰ সতীৰ তেজ নাটকৰ আলোচনাৰ বিষয়ে উল্লেখ কৰিব পাৰি। যিয়েই নহওক এই সময়ছোৱাত সমালোচনা সাহিত্যৰ সংখ্যা তেনেই নগণ্য আছিল বা সাহিত্য সমালোচনাৰ এটা ধাৰা সৃষ্টি হোৱা নাছিল।
অসমীয়া ভাষা-সাহিত্যৰ এটি প্ৰাসংগিক নাম হৈছে বাণীকান্ত কাকতি। বিংশ শতিকাৰ দ্বিতীয় দশকত বাণীকান্ত কাকতিয়ে সৃষ্টিশীল সাহিত্যকৰ্মৰ পূৰ্ণাংগ আলোচনা কৰি সমালোচনা সাহিত্যৰ এটা শক্তিশালী ধাৰাৰ প্ৰতিষ্ঠা কৰিলে। তেওঁৰ প্ৰথম সমালোচনাত্মক ৰচনাখন হ’ল – সাহিত্যত কৰুণ বস’। ইয়াৰ পিছত ডিম্বেশ্বৰ নেওগ, ত্ৰৈলোক্যনাথ গোস্বামী, মহেশ্বৰ নেওগ, সত্যেন্দ্ৰনাথ শৰ্মা, হেম বৰুৱা, হোমেন বৰগোহাঞি, হীৰেন গোহাঁই ইত্যাদি সমালোচকসকলকৰ চেষ্টাত বৰ্তমান পর্যন্ত অসমীয়া সমালোচনা সাহিত্য গতিশীল হৈ আছে। লক্ষণীয় যে, পাশ্চাত্য সমালোচনা পদ্ধতিৰ আদৰ্শই যুদ্ধোত্তৰ কালৰ অসমীয়া সাহিত্য সমালোচকসকলক যথেষ্ট প্ৰভাৱিত কৰিছে। পাশ্চাত্যৰ সমালোচনা সাহিত্যৰ মূল ভেটি হ’ল খ্ৰীষ্টপূর্ব কালতে লিখা এরিষ্টটলব পয়েটিক্স শীর্ষক গ্রন্থখন। গতিকে সেই গ্ৰন্থৰ আদৰ্শই নিশ্চয় আধুনিক অসমীয়া সমালোচকসকলকো অনুপ্রাণিত কৰিছে । সামগ্রিকভাবে যুদ্ধোত্তৰ কালৰ সাহিত্য সমালোচনাত কবিতা আৰু উপন্যাসৰ সমালোচনাই প্রাধান্য পোৱা দেখা যায়।
যুদ্ধোত্তৰ যুগৰ অসমীয়া সাহিত্য সমালোচনা : যুদ্ধোত্তৰ যুগৰ সমালোচনা সাহিত্যক কেইজনমান উল্লেখযোগ্য সমালোচকৰ নামেৰে ভাগ কৰি আলোচনা কৰিবলৈ সুবিধা হয়। অসমীয়া সাহিত্যৰ প্ৰধান সমালোচকসকলৰ সমালোচনা লক্ষ্য কৰিলে দেখা যায় যে একেজন লেখকৰ সমালোচনাতে কেইবা প্ৰকাৰৰ সমালোচনাৰ বৈশিষ্ট্য বক্ষিত হৈছে। গতিকে আমাৰ আলোচনাত সমালোচনাৰ প্ৰকাৰবোৰৰ দৃষ্টিৰে নাচাই সমালোচক অনুসাৰে যুদ্ধোত্তৰ যুগৰ সমালোচনা সাহিত্যৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে। সমালোচক আৰু সমালোচনাৰ গুৰুত্বৰ ভিত্তিত যুদ্ধোত্তৰ যুগৰ সমালোচনা সাহিত্যক ব্যক্তি-বিশেষৰ নামেৰে তলত দিয়া ধৰণে বিভাজন কৰি ল’ব পাৰি―
বাণীকান্ত কাকতিৰ সমালোচনা সাহিত্য,
ডিম্বেশ্বৰ নেওগৰ সমালোচনা সাহিত্য,
ত্ৰৈলোক্যনাথ গোস্বামীৰ সমালোচনা সাহিত্য, মহেশ্বৰ নেওগৰ সমালোচনা সাহিত্য,
সত্যেন্দ্ৰনাথ শৰ্মাৰ সমালোচনা সাহিত্য,
হেম বৰুৱাৰ সমালোচনা সাহিত্য,
হোমেন বৰগোহাঞিৰ সমালোচনা সাহিত্য আৰু হীৰেন গোহাঁইৰ সমালোচনা সাহিত্য।
যুদ্ধোত্তৰ যুগৰ অসমীয়া সৃষ্টিশীল সাহিত্যকর্মৰ পূৰ্ণাংগ সমালোচনা আৰম্ভ হয় বাণীকান্ত কাকতিৰ হাতত। তেওঁৰ হাততেই অসমীয়া সমালোচনা সাহিত্যই প্রণালীবদ্ধ ৰূপ লাভ কৰে। বাণীকান্ত কাকতিৰ সমালোচনাৰ ধৰণ বা পদ্ধতি নির্দিষ্ট এটা বুলি ক’বলৈ জটিল। মূলতঃ তেওঁৰ সমালোচনা যুক্তিনিষ্ঠ, তুলনামূলক, বিশ্লেষণাত্মক আৰু ঐতিহাসিক দৃষ্টিভংগীযুক্ত। এই কথাও উল্লেখনীয় যে সমালোচকজনে মৌলিক চিন্তাৰে পৰৱৰ্তী চাম বাবে সমালোচনাৰ এক নতুন ৰীতি প্ৰতিষ্ঠা কৰি গ’ল বাণীকান্ত কাকতিৰ সাহিত্য সমালোচনাক দুটা ভাগত ভাগ কৰি ল’ব পাৰি―
১। পুৰণি অসমীয়া সাহিত্যৰ সমালোচনা।
২। আধুনিক অসমীয়া সাহিত্যৰ সমালোচনা।
পুৰণি অসমীয়া সাহিত্য সমালোচনাৰ শিতানটোৱে বৈষ্ণৱ যুগৰ সাহিত্যক সামৰি লৈছে। চেতনা (১৮৪১ শক) শীর্ষক আলোচনীখনত বাণীকান্ত কাকতিৰ পুৰণি অসমীয়া সাহিত্যৰ ১১টা সম্পাদিত প্রবন্ধ প্রকাশ পাইছিল। ইয়াৰ লগতে চোৰধৰা প্ৰবন্ধ, বেজবৰুৱাৰ শংকৰদেৱ গ্ৰন্থৰ দ্বিতীয় তাঙৰণত এক অধ্যায়ৰূপে সন্নিৱিষ্ট বৰগীত প্রবন্ধ আৰু আৱাহনত প্ৰকাশিত মহাপুৰুষৰ দান নামৰ প্ৰবন্ধটি শংকৰদেৱৰ দান শিৰোনামেৰে অন্তৰ্ভুক্ত কৰি পুৰণি অসমীয়া সাহিত্য (১৯৪০) নাম দি গ্ৰন্থৰূপ দিয়া হৈছে। কাকতিৰ পুৰণি অসমীয়া সাহিত্য সংকলনটিত পাতনিকে ধৰি সৰ্বমুঠ চৈধ্যটা প্রবন্ধ আছে। গ্ৰন্থখনৰ পাতনিকে ধৰি বাকী চৈধ্যটা প্রবন্ধ অসমীয়া আধুনিক সমালোচনা সাহিত্যৰ প্ৰাৰম্ভিক স্তৰৰ শক্তিশালী নিদর্শন।
কাকতিয়ে প্রাচীন সাহিত্যৰ বিশ্লেষণত সেই সময়ৰ সমাজৰ লগত থকা সম্পৰ্কৰ প্ৰতি দৃষ্টি ৰাখি বিজ্ঞানসন্মতভাৱে তেওঁৰ মন্তব্য দাঙি ধৰিছে। তেওঁৰ এই সমালোচনাৰাজিয়ে সমালোচনা সাহিত্যৰ ভেটি অত্যন্ত টনকিয়াল কৰি তুলিলে পুৰণি অসমীয়া সাহিত্যই পাঠকক আনন্দ প্ৰদান কৰাৰ লগতে জনকল্যাণৰ বাবে আৱশ্যকীয় বিভিন্ন শিক্ষাও যে প্ৰদান কৰিছিল সেই কথা কাকতিয়ে যুক্তিৰে বিচাৰ কৰি দেখুৱাইছে। পুৰণি অসমীয়া সাহিত্য শীর্ষক গ্ৰন্থখন এই ক্ষেত্ৰত তেওঁৰ সৰ্বোৎকৃষ্ট নিদর্শন। এই গ্ৰন্থতে থকা দুটা প্ৰবন্ধৰে তেওঁ বধকাব্য আৰু বৰগীত সম্পৰ্কে আলোচনা কৰি বহুবোৰ চিন্তাৰ বাট মুকলি কৰিছিল।
বৰগীতৰ সামগ্ৰিক দিশবোৰৰ সম্পৰ্কে আলোচনা কৰি কাকতিয়ে গীতবোৰৰ একক মহত্বক প্রতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিছে তেওঁৰ বৰগীত শীর্ষক প্রবন্ধত। তেওঁ বৰগীতৰাজিক ইংৰাজ কবি হেৰিকৰ আধ্যাত্মিক ভাবৰ গীত noble numbers ৰ লগত তুলনা কৰিছে। এই গ্রন্থতে থকা অনন্ত কন্দলিৰ কুমৰ হৰণ কাব্যখনৰ আলোচনা চালে লক্ষ্য কৰা যায় যে কাকতিয়ে কাব্যখনৰ মূল কি, কবিৰ মৌলিকতা কোনখিনিত, মূল কাহিনীৰ লগত উপকাহিনী সংযোগ কৰাত কবিৰ সফলতা, চৰিত্ৰ সৃষ্টিত কবিৰ মৌলিকতা তথা স্থানীয় ৰহণ ইত্যাদি বিবিধ দিশত আলোকপাত কৰিছে।
সমালোচক এজনে সমালোচনাৰ সময়ত গুৰুত্ব দিবলগীয়া এটা দিশ হ’ল যে তেওঁ যি সাহিত্য পাঠৰ আলোচনা কৰিছে তাৰ আঞ্চলিক পটভূমিৰ লগতে বহল পৰিসৰত তুলনামূলক দৃষ্টিভংগীৰে সেই পাঠ বিচাৰ কৰি চোৱাটো। অসমীয়া সমালোচনা সাহিত্যত তেনে আদৰ্শৰ দৃষ্টান্ত এৰি যোৱা এটি সুন্দৰ প্ৰবন্ধ হ’ল বাণীকান্ত কাকতিৰ আলোচিত গ্ৰন্থখনতে থকা পৰকীয়া ভাৱ। এই ৰচনাত কাকতিয়ে বৈষ্ণৱ ধৰ্ম আৰু সাহিত্যৰ লগত বংগদেশৰ বৈষ্ণৱ ধৰ্ম আৰু সাহিত্যৰ তাত্ত্বিক পার্থক্য ঐতিহাসিক দৃষ্টিভংগীৰে বিচাৰ কৰিছে।
পুৰণি সাহিত্যিকসকলৰ ৰচনাত শিশুকৃষ্ণই বিশেষ প্রাধান্য পোৱা দেখা যায়। বাণীকান্ত কাকতিয়ে তেওঁৰ চিত্ৰশিশু ৰূপ, কাণ-খোৱা, চোৰধৰা – এই ৰচনাকেইখনত সেই কথা বিচাৰ কৰিছে আৰু তাকে কৰোতে প্রসঙ্গক্রমে অসমৰ বৈষ্ণৱ ধৰ্মৰ দার্শনিক ব্যাখ্যা আগবঢ়াইছে। ইয়াত দাস্যভাৱৰ লগতে বাৎসল্যভাৱে কেনেকৈ থ্ৰাচীন অসমীয়া সাহিত্যিকৰ হাতত প্ৰাধান্য পাইছে সেয়া ড° কাকতিয়ে আলোচনা কৰিছে। এই ৰচনাৰাজি পঢ়িলে লক্ষ্য কৰিব পাৰি যে কাকতিয়ে সাহিত্যিক গুণৰ লগতে সাহিত্যৰাজিৰ ৰচনাৰ উদ্দেশ্য তথা বৈষ্ণৱ আদর্শ প্ৰচাৰ কৰাত তাৰ গুৰুত্ব সম্পৰ্কেও আলোচনা কৰিছে।
কাকতিয়ে তেওঁৰ প্ৰখৰ সামাজিক দৃষ্টিভংগী তথা কাল সচেতনতাৰে পুৰণি সাহিত্যৰ সীমাবদ্ধতা আৰু লিখা এটি সমালোচনাত্মক প্ৰবন্ধ হ’ল – অংকীয়া ভাওনা৷ মুঠৰ ওপৰত ক’ব পাৰি যে প্ৰাচীন সাহিত্য সমালোচনাৰ এক শক্তিশালী ভেটি প্রতিষ্ঠা কৰিলে বাণীকান্ত কাকতিয়ে । সমালোচনা সাহিত্যত কেনেদৰে সমসাময়িক সময়ৰ লগতে বিশ্ব সাহিত্যৰ প্ৰসঙ্গ আহিব পাৰে আৰু তাৰ আলমত কোনো সাহিত্য পাঠৰ প্ৰকৃত মূল্যায়ন কৰিব পাৰি তাৰ অন্যতম সুন্দৰ আৰ্হি হ’ল প্ৰাচীন সাহিত্যৰ বিষয়ে কাকতিয়ে লেখা প্রবন্ধকেইটা। কাকতিয়ে পুৰণি অসমীয়া সাহিত্যৰ ৰূপ স্পষ্ট কৰিবলৈ যাওঁতে সংস্কৃত, গ্ৰীক আদি নাট্য সাহিত্যৰ বিষয়েও উল্লেখ কৰিছে। কাকতিৰ সমালোচনামূলক বক্তব্যৰ স্পষ্টতাৰ উমান পোৱা যায় নামঘোষা সম্পর্কে কোৱা এই তাৎপর্যপূর্ণ বাক্যশাৰীত – “নামঘোষাত প্ৰধানতঃ তিনিটা ভাবৰ ধাৰা মিহলি হৈ বিশাল আনন্দ-সাগৰৰ ফালে প্ৰধাৱমান হৈছে – পুণ্যশ্লোক শংকৰ স্মৃতি, মাধৱদেৱৰ আত্ম-লঘিমা আৰু কৃষ্ণ- ভক্তি- মাহাত্ম্য।”
বাণীকান্ত কাকতিৰ আধুনিক অসমীয়া সাহিত্য সমালোচনাৰ ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য ৰচনাকেইখন হ’ল ‘বেজবৰুৱা’, ‘কথা-কবিতা’, ‘দহিকতৰা’, ‘তুমি’, ‘কেতেকী’, ‘ফলৰ শৰাই’, ‘অসমীয়া ৰামায়ণ সাহিত্য’, ‘মাতৃ’, ‘গুটিমালী’, ‘সোণালী সপোন’, ‘বিলাতৰ চিঠি’, ‘অশ্রু-অঞ্জলি’, ‘শোণিত কুঁৱৰী’, ‘জাতীয় চৈতন্য’, ‘‘ভৱিষ্যত অসমীয়া সাহিত্য’ আৰু ‘আমাৰ নতুন সাহিত্য’। এই ৰচনাবোৰৰ জৰিয়তে সমালোচনা সাহিত্যৰ এক সুদৃঢ় ভেটি তৈয়াৰ কৰিছে। ড° কাকতিয়ে। ‘শোণিত কুঁৱৰী’ নাটকৰ বিষয়ে ড° কাকতিয়ে কৰা আলোচনা নাট্যপাঠ সমালোচনাৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ। ড° কাকতিয়ে ‘বিলাতৰ চিঠি’ শীৰ্ষক ৰচনাত নিখুঁত অসমীয়া গদ্যৰীতিৰ বৈশিষ্ট্য বিচাৰ কৰিলে। অনুবাদ সাহিত্যৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সমালোচনা হ’ল তেওঁ কৰা ‘মাতৃ’ নামৰ গ্ৰন্থৰ আলোচনা।
এই গ্ৰন্থখন অনুবাদ কৰিছিল লক্ষেশ্বৰ শৰ্মা বৰুৱাই। ইয়াত কাকতিয়ে অনুবাদৰ লক্ষণ, উপযোগিতা আদি আলোচনা কৰি অনূদিত পাঠৰ বিচাৰ কৰিছে। তেওঁ কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰু ৰচিত অসমীয়া ৰামায়ণ সাহিত্যৰ সমালোচনা এই শ্ৰেণীৰ সাহিত্যৰ উল্লেখযোগ্য নিদর্শন। ইয়াত তেওঁ কিতাপখনৰ গুণাগুণ বিচাৰ কৰিবলৈ যাওঁতে অসমৰ স্থাপত্য-ভাস্কর্য, লৌকিক ৰীতি, লোকবিশ্বাস আদিত ৰামায়ণৰ প্ৰভাৱ সম্পর্কেও আলোচনা কৰিছে।
আধুনিক অসমীয়া কবিতা সমালোচনাৰ ক্ষেত্ৰত প্রথম উল্লেখযোগ্য নিদর্শন হ’ল ড° বাণীকান্ত কাকতিৰ কাব্যালোচনাৰাজি ৷ তেওঁ যতীন্দ্ৰ নাথ দুৱৰাৰ ‘কথা কবিতা’ আলোচনা কৰি কথা কবিতাৰ লগত অসমীয়া পাঠকক স্পষ্ট পৰিচয় কৰোৱাৰ লগতে অসমীয়া কাব্য চৰ্চাত দুৱৰাৰ নতুন সংযোজনৰ গুৰুত্বৰ বিষয়ে স্পষ্ট কৰিলে। সমালোচনাত কেনেদৰে সমালোচকৰ দাৰ্শনিক দৃষ্টিভংগী আহি পৰিব পাৰে তাৰ উল্লেখযোগ্য নিদর্শন হ’ল কাকতিয়ে কৰা অম্বিকাগিৰী ৰায়চৌধুৰীৰ ‘তুমি’ কাব্যৰ আলোচনা। তেওঁ এই কাব্যপুথিক ‘ৰায়চৌধুৰীৰ বিশ্বৰূপ দৰ্শন’ বুলি অভিহিত কৰিছে। তেনে আন এক দৃষ্টান্ত হ’ল তেওঁ কৰা ৰঘুনাথ চৌধাৰীৰ কেতেকী কাব্যৰ আলোচনা। সমালোচকজনে গ্রন্থখনক অপৰূপ সদানন্দ ৰূপ বা অজানিত পূৰ্ণ জগতৰ আনন্দ-উচ্ছ্বাস, এটি স্বৰ, এটি প্রহেলিকা – a voice, a mystery বুলি কৈ সমালোচকে নিজেই বিস্ময়াভিভূত হৈছে। লক্ষ্মীনাথ ফুকনৰ কবিতা পুথি সোণালী সপোনত চিত্ৰিত প্ৰেমৰ এটি বৈশিষ্ট্য আছে। কবিতাবোৰত ইন্দ্ৰিয়ৰ উন্মাদনা নাই, তাত পৰিষ্কাৰকৈ ফুটি ওলাইছে সৌন্দৰ্যৰ ধ্যান আৰু তন্ময়তা। তেনে আন এক দিশ নিৰ্ণয়কাৰী কবিতা সমালোচনা হ’ল কাকতিয়ে কৰা নীলমণি ফুকনৰ গুটিমালী আৰু ধৰ্মেশ্বৰী দেৱীৰ ফুলৰ শৰাহ কাব্যৰ আলোচনা।
সমালোচনাও যে ৰসযুক্ত সাহিত্য হ’ব পাৰে তাক সক্রিয়ভাৱে প্ৰতিষ্ঠা কৰিলে ড° কাকতিয়ে সমালোচনাত কেৱল যে সমালোচিত গ্ৰন্থৰ সাধাৰণ পৰিচয়েই নহয় বৰঞ্চ লেখকৰ ব্যক্তিগত জীৱন, সমসাময়িক ঘটনা, লেখকৰ সামাজিক- সাংস্কৃতিক পটভূমি, দেশী-বিদেশী অন্যান্য সাহিত্যৰ লগত তুলনা, প্রাসঙ্গিকতা বিচাৰ, দার্শনিক বিশ্লেষণ আদিও থাকিব লাগে তাক প্রতিষ্ঠা কৰিলে ড° কাকতিয়ে তেওঁৰ ভিন্নধর্মী সমালোচনাৰ জৰিয়তে। ওপৰৰ আলোচনাৰ পৰা এই কথাও প্রতিপন্ন হয় যে ড° কাকতিয়ে আধুনিক কবিতা, উপন্যাস, নাটক, প্রবন্ধ আদিৰ যুক্তিনিষ্ঠ সমালোচনাৰ বাট মুকলি কৰিলে ।
বাণীকান্ত কাকতিৰ পিছতে যুদ্ধোত্তৰ কালৰ প্ৰাৰম্ভিক সময়ত অসমীয়া সমালোচনা সাহিত্যৰ ধাৰাক অব্যাহত ৰখা আন এজন ব্যক্তি হ’ল ডিম্বেশ্বৰ নেওগ নেওগৰ সমালোচনামূলক বক্তব্যবোৰ আছিল অতি স্পষ্ট আৰু নিৰ্ভীক। তেওঁৰ প্ৰথৰ ঐতিহাসিক দৃষ্টিভংগীয়ে অসমীয়া সমালোচনা সাহিত্যক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল। তেওঁৰ প্ৰায়বোৰ সমালোচনা পোনপটীয়া আছিল। বাণীকান্ত কাকতিৰ সাহিত্য আৰু প্ৰেম গ্ৰন্থত থকা প্রবন্ধবোৰ অধ্যয়ন কৰিলে সেইবোৰ এক ধৰণৰ সমালোচনা হৈয়ো সমালোচক গভীৰ দৃষ্টিভংগী তথা মূল লেখকৰ ভাগৰ লগত হোৱা একাত্মতাৰ বাবে বহু সময়ত কবিতা কবিতা যেন কোমল, নতুন মৌলিক পাঠৰ দৰে লাগে। কিন্তু নেওগৰ সমালোচনাত কোমলতা নাই। তেওঁ কঠোর আৰু স্পষ্টভাবেই নিজা বক্তব্য দাঙি ধৰিছিল। নেওগৰ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী (১৯৬৬) শীর্ষক গ্রন্থ এখন উৎকৃষ্ট সাহিত্য বুৰঞ্জী হোৱাৰ লগতে অসমীয়া সমালোচনা সাহিত্যৰো অমূল্য সম্পদ। তেওঁ সুবিখ্যাত লেখকসকলৰো ত্ৰুটিবোৰ উলিয়াই দেখুৱাইছিল।
সাহিত্যৰ ক্রমোন্নতিত এনে সমালোচনাৰ যথেষ্ট গুরুত্ব আছে। তেওঁ কোৱা এই বাক্যকেইশাৰী চালেই তেওঁৰ সমালোচনাৰ যিটো ধৰণ তাৰ সামান্য আভাস পাব পাৰি – -“মিত্ৰদেৱ যথেষ্ট বুদ্ধিমান আছিল, কিন্তু সেই বুদ্ধিৰ অপব্যয় ঘটিল। অতুল চন্দ্ৰৰ জোখতকৈ লেখৰ চিন্তা, নকুল চন্দ্ৰৰ অধ্যয়নৰ আৰু দৈৱ চন্দ্ৰৰ একাগ্ৰতাৰ অভাৱ।”
জীৱনীমূলক সমালোচনাৰ ক্ষেত্ৰত ডিম্বেশ্বৰ নেওগৰ যুগনায়ক শংকৰদেৱ (১৯৬৬) গ্রন্থখন এক ব্যতিক্রমী নিদর্শন। গ্ৰন্থখনত অতি যুক্তিনিষ্ঠভাৱে শংকৰদেৱৰ জীৱনৰ ওপৰত আলোকপাত কৰি নেওগে তেওঁক মানুহ হিচাপেহে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে।
বহু সমালোচকে অসমীয়া গল্পকাৰ, ঔপন্যাসিক আদিসকলৰ ওপৰত বিদেশী লেখকৰ প্ৰভাৱৰ কথা কৈছে। কিন্তু ডিম্বেশ্বৰ নেওগে এই
ক্ষেত্ৰত নতুন দৃষ্টিভংগী আগবঢ়াইছিল। তেওঁ প্ৰভাৱ পৰাটোক যোগাত্মক বুলি গ্ৰহণ কৰা নাছিল। তেওঁ সেয়েহে দণ্ডিনাথ কলিতাৰ সাধনা উপন্যাসৰ সমালোচনা কৰোতে কৈছিল – “বর্তমান নাটক-উপন্যাস চুটি সাধুত নাঙঠ বর্ণনাও বিনা মেঘে বজ্রপাত যে নহয়, উল্লিখিত সাধনা উপন্যাসেই তাৰ প্ৰমাণ। যোৱা ডেৰকুৰি বছৰত এই নাঙঠ বৰ্ণনাই বাস্তৱবাদৰ নামত এনেবোৰ সাহিত্যৰ সংকেত-বাক্যৰ দৰে হ’ল আৰু ফ্ৰয়েদ্, মোঁপাছা তেওঁলোকৰ ইষ্ট দেৱতা স্বৰূপ হ’ল।”
ডিম্বেশ্বৰ নেওগৰ সমালোচনাক প্ৰতিনিধিত্ব কৰা আন কেইখনমান গ্ৰন্থ হ’ল – আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভুমুকি, অসমীয়া কথা প্রতিভা আদি। দেখা যায় যে তেওঁ বৈষ্ণৱ সাহিত্যৰ সমালোচনাত দক্ষতাৰ অধিক পৰিচয় দিছে। দ্বিতীয়তে আধুনিক অসমীয়া সাহিত্যৰ প্ৰতি তেওঁ প্ৰাচীন সাহিত্যৰ সমান আস্থা দেখুওৱা নাই। বাণীকান্ত কাকতিয়ে বিৰিঞ্চি কুমাৰ বৰুৱাৰ জীৱনৰ বাটত উপন্যাসখনৰ উচ্চ প্ৰশংসা কৰাৰ পাছতো কিন্তু তেওঁ এনেদৰেহে কৈছে— “নতুন উপন্যাস লেখকৰ ছদ্মনাম বীনা বৰুৱাৰ জীৱনৰ বাটত আদি দুই-এক উপন্যাসে জনপ্রিয়তা লভিছে। … সি যি কি হওক, অসমীয়া ঘৰুৱা সামাজিক জীৱনত বিভিন্ন দিশৰ পৰা পোহৰ পেলোৱা প্ৰকৃত অসমীয়া উপন্যাসৰ লেখ এতিয়াও যথেষ্ট বুলিব নোৱাৰি।”
চমৎকাৰপূৰ্ণ উপমাৰ ব্যৱহাৰ, ব্যঙ্গ- বক্রোক্তিযুক্ত হাস্যৰসৰ সংযোজনেৰে নেওগে অসমীয়া সমালোচনা সাহিত্যত এক নতুন মাত্রা প্রদান কৰিলে। হোমেন বৰগোহাঞিৰদ্বাৰা সম্পাদিত অসমীয়া সাহিত্যৰ বুৰঞ্জী ষষ্ঠ খণ্ডত হীৰেন্দ্ৰ নাথ দত্তই ডিম্বেশ্বৰ নেওগৰ সাহিত্য সমালোচনাৰ বিষয়ে এনেদৰে কৈছে – “সমকালৰ সাহিত্য সমালোচক হিচাপে নেওগ সূক্ষ্মদর্শী, তেজস্বী আৰু নিৰ্ভীক আছিল। এই টোকাটোৰ লেখকে বিশ্বাস কৰে যে লোকসাহিত্যৰ সংৰক্ষণ আৰু মূল্যাঙ্কনৰ বাবে ডিম্বেশ্বৰ নেওগে যিখিনি কৰি থৈ গৈছে সেইখিনি তেওঁৰ আটাইতকৈ মূল্যৱান আৰু অক্ষয় অৱদান।”
ত্ৰৈলোক্যনাথ গোস্বামীৰ সমালোচনালৈ লক্ষ্য কৰিলে দেখা যায় যে তেওঁৰ সমালোচনা মূলতঃ ঐতিহাসিক আৰু তুলনাত্মক। ত্রৈলোক্যনাথ গোস্বামীয়ে প্ৰধানকৈ অসমীয়া চুটিগল্প সমালোচনা আৰু সাহিত্য তত্ত্ব সমালোচনাৰ ক্ষেত্ৰত এক নতুন মাত্ৰাৰ সংযোগ কৰিছিল। তেওঁ চুটিগল্পৰ সমালোচনা কৰি লেখা পুথি আধুনিক গল্প সাহিত্য গ্ৰন্থখনে ১৯৬৭ চনত সাহিত্য অকাডেমী বঁটাও লাভ কৰিছিল। তেওঁ খুব সহজ-সৰল ভাষাৰে সমালোচনা আগবঢ়াইছিল। তেওঁ বহু ঠাইত তুলনাৰ আশ্ৰয়ত বহু লেখকৰ মূল্যায়ন কৰিবলৈ প্ৰয়াস কৰিছে। তেওঁৰ আধুনিক গল্প সাহিত্যৰ পৰা এটি উদাহৰণ লোৱা হওক— “সৌৰভ কুমাৰ চলিহাৰ গল্পৰীতি জটিল কিন্তু ভাষা সাবলীল। ভবেন্দ্ৰনাথ শইকীয়াৰ গল্পটো ভাষাৰ সাৱলীলতা আছে। কিন্তু সৌৰভ কুমাৰ চলিহাৰ হ’লে চিত্ৰৰ খুঁটি-নাটিৰ প্ৰতি তেনে আকৰ্ষণ নাই। জীৱনৰ ব্যস্ততা আৰু অনেক সময়ত উদ্দেশ্যহীনতাৰ প্ৰতি সজাগ হোৱাৰ কাৰণে তেওঁৰ চৰিত্ৰই কোনো ঠাইত নিশ্চল হৈ বুৰ্জোৱা আৰ্টৰ সৌন্দর্য উপলব্ধি নকৰে।” এনেধৰণৰ তুলনা আৰু বহু ঠাইত সুলভ ।
সাহিত্য তত্ত্বৰ সমালোচনাৰ ক্ষেত্ৰত ত্রৈলোক্যনাথ গোস্বামীয়ে উল্লেখযোগ্য বৰঙণি আগবঢ়ালে। ইয়াৰ নিদর্শন হ’ল তেওঁৰ নন্দনতত্ত্ব : প্রাচ্য আৰু পাশ্চাত্য (১৯৮০) শীর্ষক গ্রন্থখন। এইখন তুলনামূলক সাহিত্যতত্ত্বৰো উল্লেখযোগ্য গ্রন্থ। এইজন সমালোচকে নিজেই সমালোচনাৰ ধাৰাক লৈ এখন গ্ৰন্থও প্রণয়ন কৰিছিল। গ্ৰন্থখন হ’ল — ইংৰাজী সমালোচনাৰ ধাৰা আৰু অসমীয়া সাহিত্যত ইয়াৰ প্ৰভাৱ (১৯৭০)। অসমীয়া সমালোচনা সাহিত্যৰ বিকাশৰ বাবে পৰৱর্তী চাম সমালোচকক প্ৰেৰণা যোগাব পৰা এইখন এখন উল্লেখযোগ্য গ্রন্থ। এৰিষ্টটলৰ পয়েটিক্স গ্রন্থই পাশ্চাত্য সমালোচকৰ লগতে যে আমাৰ অসমীয়া সমালোচকৰ ওপৰতো প্রভাব বিস্তাৰ কৰিছে তাৰ এটা সুন্দর দৃষ্টান্ত হ’ল এই গ্রন্থখন।
ত্ৰৈলোক্যনাথ গোস্বামীৰ আন কেইখনমান সমালোচনামূলক গ্রন্থ হৈছে – সাহিত্য আলোচনা (১৯৬১), সাহিত্য কলা আৰু তাৰ বিচাৰ (১৯৭০), চিন্তা-তৰঙ্গ (১৯৮৮), প্ৰবন্ধ মঞ্জৰি (১৯৮৭) ইত্যাদি। সমালোচনা সাহিত্যৰ ধাৰাটোক বাহাল ৰখাত এই গ্ৰন্থকেইখনৰ ভূমিকা অনস্বীকার্য। সাহিত্যৰ বিধি, তত্ত্ব তথা গল্প সমালোচনাৰ ক্ষেত্ৰত তেওঁ যে উল্লেখযোগ্য ভূমিকা আগবঢ়ালে তাত কোনো সন্দেহ নাই।
মহেশ্বৰ নেওগৰ সাহিত্য সমালোচনাৰ প্ৰধান বিশেষত্ব হ’ল যে তেওঁৰ দৃষ্টিভংগী অত্যন্ত বিজ্ঞানসন্মত। মূলতঃ তেওঁ যুক্তিবাদী সমালোচক। মহেশ্বৰ নেওগৰ কেইখনমান পাতনি উৎকৃষ্ট সমালোচনা সাহিত্যৰ নিদৰ্শন। ইয়াৰ ভিতৰত বিশেষভাৱে নাম ল’ব পাৰি অৰুণোদই সম্পাদনা কৰি লিখা পাতনি আৰু বাণীকান্ত ৰচনাৱলীত থকা তেওঁৰ পাতনিটোৰ। আনহাতে তেওঁৰ প্রধান সমালোচনাত্মক গ্রন্থকেইখন হ’ল – অসমীয়া গীতি সাহিত্য (১৯৫৮), অসমীয়া প্রেম গাঁথা (১৯৬১), অসমীয়া সাহিত্যৰ ৰূপৰেখা (১৯৬২), সাহিত্য সমীক্ষা (১৯৬৩) আৰু আধুনিক অসমীয়া সাহিত্য (১৯৬৭)
নেওগৰ সমালোচনা বহু ঠাইত ব্যক্তিমুখী। তেওঁ আধুনিক অসমীয়া সাহিত্য গ্ৰন্থত সৌৰভ কুমাৰ চলিহাৰ দৰে গল্পকাৰৰ গল্পৰ বিচাৰক স্থান দিয়া নাছিল। লক্ষণীয় যে আধুনিক সাহিত্যৰ সমালোচনাতকৈ প্ৰাচীন সাহিত্যৰ সমালোচনাত তেওঁ অধিক গুৰুত্ব দিছিল। তেওঁৰ যুক্তিনিষ্ঠ, বিশ্লেষণাত্মক তথা বিজ্ঞানসন্মত দৃষ্টিভংগীৰ প্ৰতিফলন ঘটিছে অসমীয়া সাহিত্যৰ ৰূপৰেখা শীর্ষক গ্রন্থৰ বিভিন্ন সমালোচনাৰ প্ৰসঙ্গত। প্রাক্-শংকৰী যুগৰ কৰি হৰিহৰ যে প্ৰকৃততে হৰিবৰ বিপ্ৰহে সেয়া যুক্তিসহকাৰে উপস্থাপন কৰিছে। মহেশ্বৰ নেওগৰ সমালোচনার বিশেষত্বৰ উমান ল’ব পাৰি ত্রৈলোক্যনাথ গোস্বামীয়ে তেওঁৰ সমালোচনাৰ প্ৰসঙ্গত কৰা এয়াৰ বক্তব্যৰ পৰা –
তেওঁৰ সমালোচনা সদায় নিজৰ ৰুচিয়ে নিয়ন্ত্রণ কৰে আৰু প্ৰভাৱতে তেওঁৰ নিজৰ ধাৰণাও অজ্ঞাতে আলোচনাৰ মাজত সোমাই পৰে। নেওগৰ আলোচনাৰ মাজত বিশ্লেষণ আছে, উদ্ধৃতিও ঢেৰ কিন্তু তুলনা কম। তেওঁৰ আলোচনা কিছু পৰিমাণে বিক্ষিপ্ত।
যুদ্ধোত্তৰ কালত অসমীয়া সমালোচনা সাহিত্যত নতুনত্বৰ সংযোজন। ঘটোৱা সমালোচকজন হ’ল সত্যেন্দ্রনাথ শর্মা। সত্যেন্দ্রনাথ শর্মাৰ সমালোচনা যুক্তিনিষ্ঠ আৰু সমীক্ষাত্মক। বিভিন্ন ঠাইত তেওঁ তুলনাত্মক পদ্ধতিৰো আশ্ৰয় লৈছে। সত্যেন্দ্রনাথ শৰ্মাই নাটক আৰু উপন্যাস সমালোচনাৰ ক্ষেত্ৰত এক সুদৃঢ় ভেটি প্রতিষ্ঠা কৰিলে। তেওঁ অসমীয়া নাট্য সাহিত্যৰ ক্ৰমবিকাশৰ ধাৰাক স্পষ্ট কৰি প্ৰাচীন কালৰ পৰা আধুনিক সময়লৈকে অসমীয়া নাট্য সাহিত্যৰ বিশ্লেষণাত্মক সমালোচনা আগবঢ়াইছে তেওঁৰ অসমীয়া নাট্য সাহিত্য (১৯৬২) শীর্ষক গ্ৰন্থত। পৰৱৰ্তী নাট্য সমালোচকসকলক অসমীয়া নাটকৰ সমালোচনা কৰোতে এই গ্ৰন্থই বিশেষ অৰিহণা যোগোৱা দেখা যায়। নাট্য সমালোচনাৰ ক্ষেত্ৰত শৰ্মাই জ্যোতিপ্ৰসাদ ৰচনাৱলীত লিখা ভূমিকাখনো অত্যন্ত গুৰুত্বপূৰ্ণ। ঠিক একেদৰে অসমীয়া উপন্যাস সাহিত্যৰ ক্ৰমবিকাশৰ ধাৰাটো স্পষ্ট কৰি পৰিচয়মূলক সমালোচনা আগবঢ়াইছে অসমীয়া উপন্যাসৰ ভূমিকা (১৯৬৫) গ্ৰন্থত।
সত্যেন্দ্ৰনাথ শৰ্মাৰ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত (১৯৮১)গ্ৰন্থখন এখন উৎকৃষ্ট সাহিত্যৰ বুৰঞ্জী হোৱাৰ লগতে সমালোচনা সাহিত্যৰো সুন্দৰ দৃষ্টান্ত। এই সাহিত্যৰ বুৰঞ্জীখনত সমালোচকজনে প্ৰভাৱশালী সাহিত্যিকসকলৰ সাহিত্যকৃতি গভীৰভাৱে অধ্যয়ন কৰিহে সিদ্ধান্তত উপনীত হৈছে আৰু নিজা অভিমত ব্যক্ত কৰিছে। ইতিমধ্যেই কোৱা হৈছে যে শৰ্মাই সমালোচনাৰ বাবে বহু ঠাইত তুলনাৰ আশ্ৰয় লৈছে। তেওঁ ভাৰতীয় সাহিত্য আৰু ইউৰোপীয় সাহিত্য তথা সাহিত্যতত্ত্বৰ আধাৰত বহু ঠাইত কোনো কোনো অসমীয়া সাহিত্যপাঠৰ স্বৰূপ নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছে।
হেম বৰুৱাৰ সমালোচনা মূলতঃ তুলনাত্মক। তেওঁ প্ৰায়বোৰ সমালোচনাত অসমীয়া সাহিত্যক ইউৰোপীয় লেখকৰ সাহিত্যকৰ্মৰে ৰিজাই চাইছে। সেয়েহে অসমীয়া সাহিত্যত নতুন ধৰণৰ সাহিত্য সৃষ্টি হোৱাত হেম বৰুৱাৰ সমালোচনাই প্রেৰণা যোগাইছিল। এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য সমালোচনামূলক গ্রন্থ হ’ল আধুনিক সাহিত্য (১৯৫০)। বৰুৱাৰ আন কেইখনমান উল্লেখযোগ্য সমালোচনা সাহিত্য গ্রন্থ হ’ল – সাহিত্য আৰু সাহিত্য (১৯৬২), অসমীয়া সাহিত্য (১৯৬২), সাহিত্য আৰু সমস্যা (১৯৭৮)। হেম বৰুৱাই অসমীয়া সমালোচনা সাহিত্যৰ ধাৰাটো অব্যাহত ৰখাত অৰিহণা নিশ্চয় যোগাইছিল, কিন্তু বহু ঠাইত তেওঁৰ সমালোচনা পৰিচয়মূলক অৱস্থাতে সীমাবদ্ধ থাকিল। তুলনামূলকভাৱে তেওঁৰ সমালোচনা সাহিত্যৰাজিত যুক্তিনিষ্ঠতা আৰু প্ৰণালীবদ্ধতাৰ অভাৱ দেখা যায়। তথাপি সাহিত্য সমালোচকসকলক নতুন নতুন সাহিত্যৰ প্ৰতি আগ্ৰহ জন্মাই তোলাত তেওঁৰ সমালোচনাই বিশেষ ভূমিকা বহন কৰিছিল।
হোমেন বৰগোহাঞিয়ে অসমীয়া সমালোচনা সাহিত্যলৈ এক নতুনত্ব আনিলে। তেওঁৰ সমালোচনা বিশ্লেষণধর্মী, যুক্তিনিষ্ঠ আৰু তুলনাত্মক। কিন্তু আগৰ কেইজন সমালোচকৰ তুলনাত তেওঁৰ বিশ্লেষণ আৰু উপস্থাপন সুকীয়া। তেওঁৰ বহুকেইখন গ্ৰন্থৰ ঠায়ে ঠায়ে এনে সমালোচনামূলক লেখা অন্তৰ্ভুক্ত হৈ আছে। যি কি নহওক, তেওঁৰ প্ৰতিনিধিত্বমূলক কেইটামান সমালোচনামূলক লেখা হ’ল – – ৰামধেনুত প্ৰকাশিত আধুনিক অসমীয়া কবিতা, আধুনিক গল্প সংকলন (১৯৭৬)ৰ পাতনি, চাৰিটা দশকৰ ফচল: গল্প আৰু প্ৰবন্ধ সমগ্ৰত থকা কেইখনমান ৰচনা ইত্যাদি।
অসমীয়া সাহিত্যৰ মূল্যায়ন কৰিবলৈ তেওঁ খুব যুক্তিসন্মতভাৱে অন্যান্য সাহিত্যৰ প্ৰসঙ্গ আনিছে আৰু স্পষ্টভাৱে তেওঁ তাৰ অন্তত নিজা মন্তব্য প্ৰদান কৰিছে। লক্ষণীয় যে হোমেন বৰগোহাঞিৰ অন্যান্য ৰচনাৰ দৰে সমালোচনামূলক ৰচনাৰাজিৰো গদ্যশৈলী আনতকৈ সুকীয়া ৷ তেওঁ গধুৰ ভাবযুক্ত কথাবোৰ সহজে বুজাকৈ উপমা আদিৰে ব্যাখ্যা কৰি পাঠকৰ আগত উন্মোচন কৰে। আনহাতে তেওঁৰ সমালোচনাত্মক মন্তব্য অত্যন্ত স্পষ্ট। তেওঁ আবাহন যুগৰ অসমীয়া চুটিগল্পৰ বিষয়ে কৰা এটি মন্তব্য আভাস হিচাপে ল’ব পাৰি। তেওঁৰ চাৰিটা দশকৰ ফচল : গল্প আৰু প্ৰবন্ধ শীর্ষক গ্ৰন্থখনত থকা ‘বিশ্ব-সাহিত্যত অসমীয়া চুটিগল্পৰ স্থান’ শীৰ্ষক প্ৰবন্ধত তেওঁ কৈছে—
কোনো তাত্ত্বিক সমালোচনাৰ দ্বাৰা অসমীয়া চুটিগল্পক পৃথিৱীৰ শ্ৰেষ্ঠ চুটি গল্পসমূহৰ সমকক্ষ বুলি প্ৰমাণ কৰিব নোৱাৰি। ইয়াৰ একমাত্ৰ পৰীক্ষা হ’ল প্ৰত্যক্ষ তুলনা। আৱাহন যুগৰ অসমীয়া গল্পকাৰৰ গুৰু মোপাছাঁ আৰু চেকভৰ গল্পৰ লগত অসমীয়া গল্পক একে আসনত বহুৱাই তুলনা কৰিলে আমাৰ চকুত কি পৰে? মোপাছাঁৰ গল্পৰ সাৰল্য আৰু ঋজুতা, নিৰ্লিপ্ত পর্যবেক্ষণ, অসাধাৰণ পৰিমিতিবোধ, বর্ণ-বিবল স্বল্প বাক্ কথনভংগী, সর্বোপৰি এটি সুসংহত আৰু স্পষ্ট কাহিনীৰ বিশ্বজনীন আবেদন – এইবোৰৰ ঠাইত আৱাহন যুগৰ অসমীয়া গল্পত আমি দেখো অতি কথনৰ প্ৰৱণতা, ভাবোচ্ছ্বাসৰ ফেনিলতা, স্পষ্ট ৰেখায়িত চিত্র বা চৰিত্ৰৰ পৰিৱৰ্তে অপৈণত হাতৰ অবিন্যস্ত বর্ণ প্রলেপ ইত্যাদি।
একেখন গ্ৰন্থতে থকা ‘লেখক আৰু সমালোচক’, ‘লেখকৰ সামাজিক দায়িত্ব’, ‘বেজবৰুৱাৰ চুটিগল্প’ শীর্ষক প্রবন্ধকেইটা পঢ়িলেও অসমীয়া সমালোচনা সাহিত্যত হোমেন বৰগোহাঞিৰ স্থান সম্পর্কে স্পষ্ট হ’ব পাৰি। প্ৰচলিত ধাৰণাক সলনি কৰি নতুন ধৰণে ভাবিবলৈ বাট দেখুৱাই হোমেন বৰগোহাঞিৰ সমালোচনাই।
যুদ্ধোত্তৰ কালত অসমীয়া সমালোচনা সাহিত্যত স্পষ্টৰূপত নতুনত্ব সংযোজন ঘটোৱা সমালোচকজন হ’ল হীৰেন গোহাঁই। তেওঁৰ সমালোচনা বিশ্লেষণাত্মক। ইউৰোপীয় সমালোচনা পদ্ধতিৰে তেওঁ আধুনিক অসমীয়া সাহিত্যত নতুন মূল্যবোধ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অগ্রণী ভূমিকা গ্ৰহণ কৰিছে। ভবানন্দ দত্তৰদ্বাৰা অসমীয়া সমালোচনা সাহিত্যত সূচনা হোৱা মার্ক্সীয় ধাৰাৰ আদৰ্শৰ গভীৰ চাপ পিছৰ পৰ্যায়ৰ সমালোচনাৰাজিত দেখা যায়। লক্ষণীয় যে তেওঁ নিজে ‘মানৱতাৰ সন্ধানত” শীৰ্ষক গ্ৰন্থত মার্ক্সবাদী সমালোচনাৰ বিষয়ে এনেদৰে কৈছে—
পার্টি নেতৃত্বাধীন সাহিত্য সমালোচনাৰ স্থূলতা আৰু গোড়ামি, তাৰ ৰসবোধ আৰু ৰুচিৰ এক সৰলৰৈখিক সৰলতাৰ এটি অভিযোগ নিশ্চয় ভিত্তিহীন বুলি উৰাই দিব নোৱাৰি। বেছিভাগ মার্ক্সীয় সমালোচনাই আমাৰ কৌতূহল আৰু আগ্রহ জাগ্রত নকৰে তাৰ ফৰ্মূলাধৰ্মিতা আৰু মতান্ধতাৰ বাবে।
কিন্তু পৰৱৰ্তী সময়ত হীৰেন গোহাঁইৰ সমালোচনাত মার্ক্সীয় চিন্তাৰ প্ৰভাৱ পৰিলক্ষিত হয়। তথাপি এই কথা মনত ৰাখিব লাগিব যে, মার্ক্সীয় চিন্তাক তেওঁ আধাৰ হিচাপে গ্ৰহণহে কৰিছিল, প্ৰকৃততে বহলভাৱে ক’বলৈ গ’লে মানৱতাবাদৰ আধাৰতহে তেওঁৰ সমালোচনা প্রতিষ্ঠিত। সাহিত্যৰ লগত ওতপ্রোতভাৱে থকা সামাজিক সম্পর্কক তেওঁ সমালোচনাত গুৰুত্ব সহকারে বিবেচনা কৰিছে।
এইজন সমালোচকৰ হাতত কেইবাজনো প্রখ্যাত অসমীয়া লেখক নতুন ৰূপত মূল্যায়িত হৈছিল। তাৰ ভিতৰত প্ৰথমেই নাম ল’ব পাৰি অম্বিকাগিৰি ৰায়চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু চৈয়দ আব্দুল মালিকৰ। সাহিত্যৰ সত্য (১৯৭০) শীর্ষক গ্রন্থত এই তিনিওজন লেখকৰ সাহিত্যকৰ্মৰ মাজত থকা কেতবোৰ ন-ন দিশ তেওঁ উদঙাই দেখুৱাইছে। গ্ৰন্থখনৰ পৰা এটি নমুনা দাঙি ধৰা হ’ল―
অতিভাষণ আৰু অসংযম আধুনিক ভাৰতীয় সাহিত্যৰ ব্যাধি। এনেস্থলত সূচনী, দুষ্প্রাপ্যতা, ইঙ্গিত, আত্মোন্বেষ, আত্মাভিমান, পূৰ্ণতা প্রভৃতি কবিতাৰ সংযম আৰু মিতভাষণৰ বিশেষ তাৎপর্য আছে। আধুনিক কবিসকলৰ বাবেও ঈবিবেচক ঔষধৰ দৰে ফলপ্ৰসূ হ’ব পাৰে। তদুপৰি আত্মবিলাসী ৰোমাণ্টিক কবিতাত বিবল এক হৃদয়গ্রাহী নাটকীয়তা এইবোৰ কবিতাৰ বৈশিষ্ট্য। জর্জ হার্বার্ট প্ৰমুখ্যে ইংৰাজ মেটাফিজিকেল গোষ্ঠীৰ কবিৰ স্বভাৱসিদ্ধ এই সুৰ অসমীয়া কাব্যত অপ্রত্যাশিত আৰু বহুমূলীয়া সম্পদ।
হীৰেন গোহাঁইৰ আন কেইখনমান বিখ্যাত সাহিত্য সমালোচনামূলক গ্ৰন্থৰ নাম হৈছে – কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা (১৯৮৬), উপন্যাসৰ আধুনিক সমালোচনা (১ম আৰু ২য় খণ্ড, ১৯৮৮/১৯৮৯) ইত্যাদি।
অসমীয়া সমালোচনা সাহিত্যৰ শেহতীয়া ধাৰা : যুদ্ধোত্তৰ যুগৰ সাহিত্য সমালোচনা যে আশীৰ দশকৰ পিছৰপৰা স্তিমিত হৈ গৈছে তেনে নহয়। বৰঞ্চ এই সময়ছোৱাত অসমীয়া সমালোচনা সাহিত্যত নাৰীবাদী সমালোচনা, উত্তৰ-আধুনিকতাবাদী সমালোচনা আদি নতুন সমালোচনা পদ্ধতিয়ে গা কৰি উঠিছে। যুদ্ধোত্তৰ যুগৰ অসমীয়া সাহিত্য সমালোচনালৈ নতুনত্ব আনি ১৯৮৮ চনত প্ৰথমবাৰৰ বাবে নাৰীবাদ সম্পর্কে চিন্তা-চর্চা আগবঢ়াই গোবিন্দ প্ৰসাদ শৰ্মাই। তেওঁ ইংৰাজী আৰু অসমীয়া উভয় ভাষাতে এই বিষয়ক প্রবন্ধ ৰচনা কৰি অসমীয়া সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে।
তেওঁৰ ১৯৮৯ চনত প্রকাশিত Feminism in the Assamese Novel (Commemorative Volume, Golden Jubliee : Handique Girl’s College, 1939-89) শীর্ষক প্ৰবন্ধটোৱেই এই শ্ৰেণীৰ সমালোচনাৰ প্ৰথম আৰ্হি। একেটি প্রবন্ধৰে অসমীয়া ভাঙনি কৰে অঞ্জলি শৰ্মাই, যিটো প্ৰকাশ পাইছিল সোণাৰাম বৰুৱা সম্পাদিত প্ৰবন্ধ বিথীকাত ‘অসমীয়া উপন্যাসত নাৰীবাদ’ নামেৰে। উল্লেখযোগ্য যে, শেহতীয়াকৈ ২০০৭ চনত এইগৰাকী লেখকৰ নাৰীবাদ আৰু অসমীয়া উপন্যাস শীর্ষক গ্ৰন্থখন প্ৰকাশ পায় য’ত নাৰীবাদৰ তাত্ত্বিক কথাৰ লগতে বহু কেইজন প্রতিষ্ঠিত অসমীয়া সাহিত্যিকৰ উপন্যাসত প্ৰতিফলিত নাৰীবাদী দৃষ্টিভংগীৰ পর্যালোচনাই স্থান পাইছে।
অপর্ণা মহন্ত, মীৰা দেৱী, অণিমা গুহ, নাহেন্দ্র পাদুন, মামণি গগৈ বৰগোহাঁই, কৃষ্ণকুমাৰ মিশ্র প্রভৃতি সমালোচকসকলেও শেহতীয়াকৈ স্থান বিশেষে নাৰীবাদী সমালোচনা আগবঢ়াইছে।
অসমীয়া সমালোচনা সাহিত্যত বিংশ শতিকাৰ শেহৰ দশকৰ পৰা উত্তৰ আধুনিকতাবাদী সমালোচনায়ো ভুমুকি মাৰিছেহি। ইয়াৰ উদাহৰণস্বৰূপে, আনন্দ বৰমুদৈৰ আধুনিকতাৰ পৰা উত্তৰ আধুনিকতালৈ, হৰেকৃষ্ণ ডেকাৰ আধুনিকতাবাদ আৰু অন্যান্য প্রবন্ধ, ধ্রুবজ্যোতি বৰাৰ পষ্ট মডাণিজম সমাজ আৰু সাহিত্য ইত্যাদি গ্রন্থলৈ আঙুলিয়াব পাৰি।
যুদ্ধোত্তৰ যুগৰ সাহিত্য সমালোচনাত বিদ্যায়তনিক ধাৰাটোৰো বিশেষ গুৰুত্ব আছে। বর্তমানেও এই ধাৰা অব্যাহত আছে। দিলীপ বৰা, কৰবী ডেকা হাজৰিকা, প্রহলাদ কুমাৰ বৰুৱা, বসন্ত কুমাৰ শৰ্মা, জয়ন্ত কুমাৰ বৰা, নীৰাজনা মহন্ত বেজবৰা, পল্লৱী ডেকা বুজৰবৰুৱা, দিপ্তী ফুকন পাটগিৰী, বিমল মজুমদাৰ, পৰাগ কুমাৰ ভট্টাচাৰ্য ইত্যাদি সমালোচকে এই শ্ৰেণীৰ সমালোচনাক উন্নীত কৰিছে। এই প্ৰসংগতে অন্দিম বৰকটকী, দিগন্ত ওজা, মৃদুল শৰ্মা, অৰবিন্দ ৰাজখোৱা, প্ৰাঞ্জল শর্মা বশিষ্ঠ আদি নতুন সমালোচকসকলৰ সমালোচনালৈও আমি মনত পেলাব লাগিব।
যুদ্ধোত্তৰ যুগৰ এচাম সমালোচকে অসমীয়া সাহিত্যৰ বিষয়ে ইংৰাজী ভাষাতো সমালোচনা অব্যাহত ৰাখিছে। যিহেতু সেইবোৰ সমালোচনাও অসমীয়া সাহিত্যৰে সমালোচনা, সেয়েহে তাৰো বিশেষ গুৰুত্ব আছে। গতিকে যুদ্ধোত্তৰ যুগৰ সাহিত্য সমালোচনা বুলিলে এইবোৰকো উপেক্ষা কৰিব পৰা নাযায়।
অন্যান্য সমালোচকসকল : অসমীয়া সাহিত্যৰ যুদ্ধোত্তৰ যুগ (১৯৪০-১৯৮০) এই সুদীৰ্ঘ চাৰিটা দশক অসমীয়া সাহিত্য সমালোচনাৰ উত্তৰণৰ সময়। এই সময়ছোৱাত বহুজন সমালোচকে ভিন্ন দৃষ্টিকোণেৰে অসমীয়া সাহিত্য সমালোচনা সৃষ্টিত প্ৰবৃত্ত হৈছিল। সীমিত পৰিসৰৰ আলোচনাত সকলোকে আওতালৈ অনাটো সম্ভৱপৰ নহয়। সেয়েহে পাঠকৰ স্বাভাবিক জিজ্ঞাসা নিবৃত্তিৰ স্বাৰ্থত আলোচ্য যুগটোৰ কেইজনমান উল্লেখযোগ্য সমালোচকৰ নাম তথা তেওঁলোকৰ দুই-এখন গ্ৰন্থৰ নাম প্ৰসংগক্রমে উল্লেখ কৰা হ’ল।
যুদ্ধোত্তৰ যুগৰ সাহিত্য সমালোচনাৰ বিদ্যায়তনিক ধাৰাটোৰ লগত জড়িত অন্যান্য সমালোচকসকল হৈছে – ১৯৬৮), উমাকান্ত শৰ্মা (কাব্যভূমি, ১৯৪৯), যজ্ঞেশ্বৰ শৰ্মা (শতপত্ৰৰ পাতনি, সাহিত্য সংস্কৃতিৰ প্রবাহ, ১৯৭৩), উপেন্দ্রনাথ গোস্বামী (ভাষা আৰু সাহিত্য, ১৯৫৬), প্রফুল্লদত্ত গোস্বামী (অসমীয়া জনসাহিত্য, ১৯৪৮) আৰু সাহিত্য আৰু জীৱন (১৯৫৫), বিৰিঞ্চি কুমাৰ বৰুৱা (অসমীয়া কথা সাহিত্য, ১৯৫০), লীলা গগৈ (সাহিত্য দুটিমান আলোচনা, ১৯৮৩), বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য (অম্বিকাগিৰী: জাতীয়তাবাদ আৰু সাহিত্য, ১৯৮৯), কৃষ্ণকান্ত সন্দিকৈ (সাহিত্য চিন্তা, ১৯৯০), মহেন্দ্ৰ বৰা (নতুন কবিতাৰ পাতনি (১৯৮৫), সাহিত্য উপক্রমণিকা (১৯৮৫) আৰু সাহিত্য আৰু সাহিত্য তীৰ্থনাথ শৰ্মা (পঞ্চপুষ্প, ১৯৮৮), শিবনাথ বর্মন (শ্রীমন্ত শংকৰদেৱঃ কৃতি আৰু কৃতিত্ব, ১৯৮৬), মহিম বৰা (সাহিত্য বিচিত্রা, ১৯৮০), বীৰেশ্বৰ বৰুৱা (ৰামধেনু যুগ আৰু পৰৱৰ্তী কাল, ১৯৮৬), নগেন শইকীয়া (চিন্তা আৰু চৰ্চা, ১৯৭৭) ইত্যাদি।
যুদ্ধোত্তৰ যুগৰ ইউৰোপীয় সমালোচকসকলৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অসমীয়া সাহিত্য সমালোচনা আগবঢ়োৱা লেখকসকলৰ ভিতৰত শৈলেন ভৰালী (অসমীয়া ঐতিহাসিক উপন্যাস (১৯৭৩), সাহিত্যৰ কথা (১৯৭৩), নাট্যকলা (১৯৮৭)), প্রফুল্ল কটকী (স্বৰাজোত্তৰ অসমীয়া উপন্যাস সমীক্ষা, – ১৯৭৯), গোবিন্দপ্রসাদ শৰ্মা (বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যঃ ঔপন্যাসিক, ১৯৮৩), নলিনীধৰ ভট্টাচাৰ্য (বেজবৰুৱা আৰু আধুনিকতাৰ ধাৰণা, ১৯৮৭) ইত্যাদি লেখকৰ নাম উল্লেখযোগ্য।
যুদ্ধোত্তৰ যুগত ভৱানন্দ দত্তৰ হাতত অসমীয়া সমালোচনা সাহিত্যত আৰম্ভ হৈছিল এটি নতুন ধাৰাৰ ৷ সেই ধাৰাটো হ’ল মার্ক্সবাদী বা সমাজতাত্ত্বিক ধাৰা। তেওঁৰ অসমীয়া কবিতাৰ কাহিনী (১৯৬৯) গ্ৰন্থখনত এই ধাৰাৰ উন্মেষ ঘটিছিল। ববীন্দ্র প্রতিভা (১৯৬০) নামেৰেও দত্তৰ আন এখন সমালোচনামূলক গ্রন্থ পোৱা যায়।
যুদ্ধোত্তৰ যুগৰ অসমীয়া সমালোচনা সাহিত্যৰ গতি-প্রকৃতি সম্পর্কে দাঙি ধৰা চমু আলোচনাৰ পৰা দেখা গ’ল যে, অৰুণোদহৰ পাততে সাহিত্য সমালোচনাৰ উকমুকনি আৰম্ভ হৈ যুদ্ধোত্তৰ যুগৰ আশীৰ দশকলৈ ই নিৰৱচ্ছিন্নভাৱে চলিয়েই থাকিল। আৰম্ভণিৰ চালুকীয়া অৱস্থা গৰকি অসমীয়া সাহিত্য সমালোচনাই যুদ্ধোত্তৰ যুগত আশানুৰূপ বিকাশ লাভ কৰিবলৈ সক্ষম হ’ল। সামগ্রিকভাৱে এই যুগটোকে অসমীয়া সাহিত্য সমালোচনাৰ প্ৰগতিশীল যুগ বুলিব পাৰি। কাৰণ এই সময়ছোৱাতে অসমীয়া সাহিত্যৰ বিখ্যাত সমালোচকে আত্মপ্ৰকাশ কৰিছে আৰু বিভিন্ন ধাৰাৰে সমালোচনা কর্ম আগবঢ়াই নিছে। এই সময়ছোৱাতে সমালোচকসকলৰ দৃষ্টিভংগীলৈও পৰিৱর্তন আহিছে।
আমাৰ আলোচনাত যিকেইজন সমালোচকৰ সাহিত্য সমালোচনাত বিশেষভাবে দৃষ্টি দিয়া হ’ল তাৰ পৰা এই কথা জানিব পাৰি যে সমালোচকভেদে সাহিত্য সমালোচনাত পৃথকতা বিদ্যমান। বাণীকান্ত কাকতি, ত্রৈলোক্যনাথ গোস্বামী, হেম বৰুৱা, মহেন্দ্ৰ বৰা আদি সমালোচকে তুলনামূলক পদ্ধতিৰে সাহিত্য সমালোচনা কৰিছিল। আনহাতে ডিম্বেশ্বৰ নেওগ, মহেশ্বৰ নেওগ, সত্যেন্দ্রনাথ শৰ্মা আদি সমালোচকসকলৰ সমালোচনাৰ স্বৰূপ মূলতঃ ঐতিহাসিক। একেদৰে হোমেন বৰগোহাঞি তথা হীৰেন গোহাঁইৰ সমালোচনা মূলতঃ বিশ্লেষণাত্মক। ত্রৈলোক্যনাথ গোস্বামীয়ে তুলনামূলক সমালোচনাৰ লগতে নন্দনতাত্ত্বিক সমালোচনাও আগবঢ়াইছে।
ইতিমধ্যে আমাৰ আলোচনাত যিমানবোৰ সাহিত্য সমালোচকৰ কথা কোৱা হ’ল তাৰে বহুসংখ্যকে যুদ্ধোত্তৰ যুগৰ আশী দশকৰ পৰৱৰ্তী সময়তো এই চৰ্চা অব্যাহত ৰাখিছে। সাহিত্য সমালোচনাৰ ন-ন গ্ৰন্থ প্ৰণয়ন হৈছে। এই বিষয়ে ভৱিষ্যতে বহল পৰিসৰত অধ্যয়ন কৰাৰ থল আছে।
৪। বাণীকান্ত কাকতিৰ সাহিত্য সমালোচনাৰ বিষয়ে লিখা?
অথবা
বাণীকান্ত কাকতিৰ সাহিত্যৰ সমালোচনাক বহলভাৱে কেইটা ভাগত ভাগ কৰিব পাৰি? ভাগকেইটা কি কি? বহলাই আলোচনা কৰা?
উত্তৰঃ যুদ্ধোত্তৰ যুগৰ অসমীয়া সৃষ্টিশীল সাহিত্যকৰ্মৰ পূৰ্ণাংগ সমালোচনা আৰম্ভ হয় বাণীকান্ত কাকতিৰ হাতত। তেওঁৰ হাততেই অসমীয়া সমালোচনা সাহিত্যই প্রণালীবদ্ধ ৰূপ লাভ কৰে। বাণীকান্ত কাকতিৰ সমালোচনাৰ ধৰণ বা পদ্ধতি নিৰ্দিষ্ট এটা বুলি কবলৈ জটিল। মূলতঃ তেওঁৰ সমালোচনা যুক্তিনিষ্ঠ, তুলনাত্মক, বিশ্লেষণাত্মক আৰু ঐতিহাসিক দৃষ্টিভংগী যুক্ত। এই কথাও উল্লেখনীয় যে সমালোচকজনে নিজা মৌলিক চিন্তাৰে পৰৱৰ্ত্তী চামৰ বাবে সমালোচনাৰ এক নতুন ৰীতি প্ৰতিষ্ঠা কৰি গ’ল। বাণীকান্ত কাকতিৰ সাহিত্য সমালোচনাক আমি দুটা ভাগত ভাগ কৰি ল’ব পাৰোঁ
১। পুৰণি অসমীয়া সাহিত্যৰ সমালোচনা।
২। আধুনিক অসমীয়া সাহিত্যৰ সমালোচনা।
পুৰণি অসমীয়া সাহিত্য সমালোচনাৰ শিতানটোৱে বৈষ্ণৱ যুগৰ সাহিত্যক সামৰি লৈছে। চেতনা আলোচনীত বাণীকান্ত কাকতিৰ পুৰণি অসমীয়া সাহিত্যৰ ১১টা সম্পাদিত প্রবন্ধ প্রকাশ পাইছিল। ইয়াৰ লগতে চোৰধৰা নাটকৰ পাতনি হিচাপে লিখা চোৰধৰা প্ৰবন্ধ, বেজবৰুৱাৰ শংকৰদেৱ গ্ৰন্থৰ দ্বিতীয় তাঙৰণত এক অধ্যায়রূপে সন্নিবিষ্ট বৰগীত প্রবন্ধ আৰু আৱাহনত প্রকাশিত মহাপুৰুষৰ দান নামৰ প্ৰবন্ধটি শংকৰদেৱৰ দান শিৰোনামেৰে অন্তর্ভক্ত কৰি পুৰণি অসমীয়া সাহিত্য নাম দি গ্ৰন্থৰাপ দিয়া হৈছে। আততিয় পুৰণি অসমীয়া সাহিত্য সংকলনটিত পাতনিকে ধৰি সৰ্বমুঠ চৈধ্যটা প্ৰবন্ধ আছে। গ্ৰন্থখনৰ পাতনিকে ধৰি বাকী চৈষাটা প্ৰৱন্ধ অসমীয়া আধুনিক সমালোচনা সাহিত্যৰ প্ৰাৰম্ভিক ঔৰৰ শক্তিশালী নিদর্শন।
কাকতিয়ে প্রাচীন সাহিত্যক সেই সময়ৰ সমাজৰ লগত থকা সম্পৰ্কৰ প্রতি দৃষ্টি ৰাখি বিজ্ঞানসম্মতভাৱে তেওঁৰ মন্তব্য দাঙি ধৰিছে। তেওঁৰ এই সমালোচনাৰাজিয়ে সমালোচনা সাহিত্যৰ ভেটি অত্যন্ত টনকিয়াল কৰি তুলিলে। পুৰণি অসমীয়া সাহিত্যই পাঠকক আনন্দ প্রদান কৰাৰ লগতে জন কল্যাণৰ বাবে আৱশ্যকীয় বিভিন্ন শিক্ষাও যে প্ৰদান কৰিছিল সেই কথা কাকতিয়ে যুক্তিৰে বিচাৰ কৰি দেখুৱাইছে। বাণীকান্ত কাকতিৰ পুৰণি অসমীয়া সাহিত্য শীর্ষক গ্ৰন্থখন এই ক্ষেত্ৰত তেওঁৰ সর্বোৎকৃষ্ট নিদর্শন। এই গ্রন্থতে থকা দুটা প্ৰবন্ধৰে তেওঁ বধকাব্য আৰু বৰগীত সম্পর্কে আলোচনা কৰি গীতবোৰৰ একক মহত্বক প্রতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিছে তেওঁৰ বৰগীত শীর্ষক প্রবন্ধত। তেওঁ বৰগীতৰাজীক ইংৰাজ কবি হেৰিকৰ আধ্যাত্মিক ভাবৰ গীত Noble numbers ৰ লগত তুলনা কৰিছে। এই গ্ৰন্থতে থকা অনন্ত কন্দলিৰ কুমৰ হৰণ কাব্যখনৰ আলোচনা চালে দেখা যায় যে কাব্যখনৰ মূল কি, কবিৰ মৌলিকতা কোনখিনিত, মূল কাহিনীৰ লগত উপকাহিনী সংযোগ কৰাত কবিৰ সফলতা, চৰিত্ৰ সৃষ্টিত কবিৰ মৌলিকতা তথা স্থানীয় ৰহণ ইত্যাদি বিবিধ দিশত আলোকপাত কৰিছে
সমালোচক এজনে সমালোচনাৰ সময়ত গুৰুত্ব দিবলগীয়া এটা দিশ যে তেওঁ যি সাহিত্য পাঠৰ আলোচনা কৰিছে তাৰ আঞ্চলিক পটভূমিৰ লগতে বহল পৰিসৰত তুলনামূলক দৃষ্টিভংগীৰে সেই পাঠ বিচাৰ কৰি চোৱাটো। অসমীয়া সমালোচনা সাহিত্যতে তেনে আদৰ্শৰ দৃষ্টান্ত এৰি যোৱা এটা সুন্দৰ প্ৰবন্ধ হ’ল বাণীকান্ত কাকতিৰ আলোচিত গ্ৰন্থখনতে থকা পৰকীয়া ভাৱ। এই ৰচনাত কাকতিয়ে বৈষ্ণৱ ধর্ম আৰু সাহিত্যৰ লগত বংগদেশৰ বৈষ্ণৱ ধৰ্ম আৰু সাহিত্যৰ তাত্ত্বিক পাৰ্থক্য ঐতিহাসিক দৃষ্টিভংগীৰে বিচাৰ কৰিছে।
পুৰণি সাহিত্যিক সকলৰ ৰচনাত শিশুকৃষ্ণই বিশেষ প্রাধান্য পোৱা দেখা যায়। বাণীকান্ত কাকতিয়ে তেওঁৰ চিৰশিশু ৰূপ, কাণ-খোৱা, চোৰধৰা— এই ৰচনাকেইখনত সেই কথা বিচাৰ কৰিছে আৰু তাকে কৰোতে প্রসঙ্গ ক্রমে অসমৰ বৈষ্ণৱ ধর্মৰ দার্শনিক ব্যাখ্যা আগবঢ়াইছে। ইয়াত দাস্যভাৱৰ লগতে বাৎসল্য ভাৱে কেনেকৈ প্ৰাচীন অসমীয়া সাহিত্যিকৰ হাতত প্ৰাধান্য পাইছে সেয়া ড° কাকতিয়ে আলোচনা কৰিছে। এই ৰচনাৰাজি পঢ়িলে লক্ষ্য কৰিব পাৰি যে কাকতিয়ে সাহিত্যিক গুণৰ লগতে সাহিত্যৰাজিৰ ৰচনাৰ উদ্দেশ্য তথা বৈষ্ণৱ আদৰ্শ প্ৰচাৰ কৰাত তাৰ গুৰুত্ব সম্পর্কে আলোচনা কৰিছে।
কাকতিয়ে তেওঁৰ প্ৰখৰ সামাজিক দৃষ্টিভংগী তথা কাল সচেতনতাৰে লিখা এটি সমালোচনাত্মক প্ৰবন্ধ হ’ল— পুৰণি সাহিত্যৰ সীমাবদ্ধতা আৰু অংকীয়া ভাওনা। মুঠৰ ওপৰত ক’ব পাৰি যে প্ৰাচীন সাহিত্য সমালোচনাৰ এক শক্তিশালী ভেটি প্রতিষ্ঠা কৰিলে বাণীকান্ত কাকতিয়ে । সমালোচনা সাহিত্যত কেনেদৰে সমসাময়িক সময়ৰ লগতে বিশ্ব সাহিত্যৰ প্ৰসঙ্গ আহিব পাৰে আৰু তাৰ আলমত কোনো সাহিত্য পাঠৰ প্ৰকৃ মূল্যায়ন কৰিব পাৰি তাৰ অন্যতম সুন্দৰ আৰ্হি হ’ল প্ৰাচীন সাহিত্যৰ বিষয়ে কাকতিয়ে লিখা প্ৰবন্ধকেইটা। কাকতিয়ে পুৰণি অসমীয়া সাহিত্যৰ ৰূপ স্পষ্ট কৰিবলৈ যাওঁতে সংস্কৃত, গ্রীক আদি নাট্য সাহিত্যৰ বিষয়ে উল্লেখ কৰিছে।
বাণীকান্ত কাকতিৰ আধুনিক অসমীয়া সাহিত্য সমালোচনাৰ ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য ৰচনাকেইখন হ’ল ‘বেজবৰুৱা,’ ‘কথা-কবিতা’, ‘দহিকতৰা’, ‘তুমি’, ‘কেতেকী’, ‘ফুলৰ শৰাই’, ‘অসমীয়া ৰামায়ণ সাহিত্য, ‘মাতৃ’, ‘গুটিমালী’, ‘সোণালী সপোন’, ‘বিলাতৰ চিঠি’, ‘অশ্রু অঞ্জলি’, ‘শোণিত কুঁৱৰী’, ‘জাতীয় চৈতন্য’ ‘ভৱিষ্যত অসমীয়া সাহিত্য’ আৰু ‘আমাৰ নতুন সাহিত্য’। এই ৰচনাবোৰৰ জৰিয়তে সমালোচনা সাহিত্যৰ এক সুদৃঢ় ভেটি তৈয়াৰ কৰিলে ড° কাকতিয়ে। শোণিত কুঁৱৰী নাটকৰ বিষয়ে ড° কাকতিয়ে কৰা আলোচনা নাট্যপাঠ সমালোচনাৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ। ড° কাকতিয়ে ‘বিলাতৰ চিঠি’ শীৰ্ষক ৰচনাত নিখুঁত অসমীয়া গদ্যৰীতিৰ বৈশিষ্ট্য বিচাৰ কৰিলে। অনুবাদ সাহিত্যৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সমালোচনা হ’ল তেওঁ কৰা ‘মাতৃ’নামৰ গ্ৰন্থৰ আলোচনা। এই গ্ৰন্থখন অনুবাদ কৰিছিল লক্ষেশ্বৰ শৰ্মা বৰুৱাই। ইয়াত কাকতিয়ে অনুবাদৰ লক্ষণ, উপযোগিতা আদি আলোচনা কৰি অনূদিত পাঠৰ বিচাৰ কৰিছে। তেওঁ কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰু ৰচিত অসমীয়া ৰামায়ণ সাহিত্যৰ সমালোচনা এই শ্ৰেণীৰ সাহিত্যৰ উল্লেখযোগ্য নিদর্শন। ইয়াত তেওঁ কিতাপখনৰ গুণাগুণ বিচাৰ কৰিবলৈ যাওঁতে অসমৰ স্থাপত্য-ভাস্কর্য, লৌকিক ৰীতি, লোকবিশ্বাস আদিত ৰামায়ণৰ প্রভাৱ সম্পৰ্কে আলোচনা কৰিছে।
সমালোচনাও যে বসযুক্ত সাহিত্য হ’ব পাৰে তাক সক্রিয় ভাৱে প্রতিষ্ঠা কৰিলে কাকতিয়ে। সমালোচনাত কেৱল যে সমালোচিত গ্ৰন্থৰ সাধাৰণ পৰিচয়েই নহয় বৰঞ্চ লেখকৰ ব্যক্তিগত জীৱন, সমসাময়িক ঘটনা, লেখকৰ সামাজিক-সাংস্কৃতিক পটভূমি, দেশী-বিদেশী অন্যান্য সাহিত্যৰ লগত তুলনা, প্রাসঙ্গিকতা বিচাৰ, দার্শনিক বিশ্লেষণ আদিও থাকিব লাগে তাক প্রতিষ্ঠা কৰিলে কাকতিয়ে তেওঁৰ ভিন্নধর্মী সমালোচনাৰ জৰিয়তে।
সর্বশেষত এই সিদ্ধান্তত উপনিত হ’ব পাৰি যে বাণীকান্ত কাকতিয়ে. আধুনিক কবিতা, উপন্যাস, নাটক, প্ৰৱন্ধ আদিৰ যুক্তিনিষ্ঠ সমালোচনাৰ বাট মুকলি কৰিলে।
৫। অসমীয়া আত্মজীৱনী সাহিত্য – এটি পৰিচয় দিয়া।
উত্তৰঃ সাহিত্যৰ অন্যান্য বিভাগসমূহৰ দৰেই আত্মজীৱনীৰো কোনো সর্বসন্মত সংজ্ঞা পোৱা নাযায়। বিভিন্ন সমালোচকে বিভিন্নধৰণে আত্মজীৱনীৰ সংজ্ঞা আগবঢ়াইছে। M. H. Abrams-এ A Glossary of literary terms ত এইদৰে উল্লেখ কৰিছে— “Autobiography is a biography written by the subject about himself or her self.”।
আনহাতে Philippe Lejune-এ তেওঁৰ The Autobigraphical Contract’ গ্ৰন্থত আত্মজীৱনীৰ সংজ্ঞা এইদৰে আগবঢ়াইছে— “Retro spective prose narrative produced by a real person, con cerning his own existence, focussing on his individual life, in particular on the development of his personality”
গোবিন্দ প্রসাদ শৰ্মাই তেওঁৰ ‘জীৱনী আৰু আত্মজীৱনী : অসমীয়া আৰু পাশ্চাত্য’ গ্ৰন্থত আত্মজীৱনী সম্পৰ্কে এইদৰে উল্লেখ কৰিছে— “আত্মজীৱনী কোনো লোকৰ জীৱনৰ কোনো এক অৱস্থানত; বা কোনো এছোৱা কালত নিজৰ বিষয়ে মানসিক আত্মপ্ৰকাশ আৰু আত্মবিচাৰ।”
আত্মজীৱনী হৈছে স্বলিখিত জীৱনবৃত্তান্ত। কোনো ব্যক্তিয়ে যেতিয়া নিজে নিজৰ জীৱনী ৰচনা কৰে তেতিয়া তাকেই আত্মজীৱনী বুলি কোৱা হয়।
ইংৰাজী ভাষাত জন বুনিয়ানে লিখা “Grace abounding to the chief of sinners” নামৰ আত্মকথাখনকে আধুনিক আত্মজীৱনীমূলক সাহিত্যৰ বাটকটীয়া বুলি ভবা হয়।
বিশ্বৰ অন্যান্য সাহিত্যৰ দৰে আমাৰ অসমীয়া সাহিত্যতো বিভিন্ন আত্মজীৱনী ৰচিত হৈছে।
লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী ‘মোৰ জীৱন সোঁৱৰণ’ খনেই অসমীয়া ভাষাত প্ৰকাশিত প্রথম আত্মজীৱনী। ১৯৪৪ চনত এই গ্ৰন্থৰ প্রথম সংস্কৰণ প্রকাশ পাইছিল। অৱশ্যে ৰচনাকালৰ দিশৰ পৰা চাবলৈ গ’লে এইখন অসমীয়া সাহিত্যৰ দ্বিতীয় আত্মজীৱনী। প্ৰথমখন হৈছে “হৰকান্ত সদৰামীনৰ আত্মজীৱনী’। ১৮৯০ চনতে ইয়াৰ ৰচনা হৈছিল। অৱশ্যে ১৯৬০ চনতহে এই গ্রন্থখন প্ৰকাশ পাইছিল।
ইয়াৰ পাছৰে পৰা অসমীয়া সাহিত্যত যিবোৰ আত্মজীৱনী ৰচিত হৈছে সেইবোৰৰ ভিতৰত ষাঠিৰ দশকত প্ৰকাশিত পদ্মধৰ চলিহাৰ ‘জীৱন সীমাৰ সুৰ হৰিনাৰায়ণ দত্তবৰুৱাৰ ‘জীৱন স্মৃতি, বেণুধৰ ৰাজখোৱাৰ ‘মোৰ জীৱন দাপোণ’, শৈলধৰ ৰাজখোৱাৰ ‘অতীতৰ সোঁৱৰণি’, নজৰ আলিৰ ‘মোৰ জীৱনৰ কিছু কথা’ বিশেষভাৱে উল্লেখযোগ্য।
পদ্মৰ চলিহাৰ জীৱন বীণাৰ সুৰ’ (১৯৬৩) আত্মজীৱনীখনে লেখকৰ ব্যক্তিগত আৰু ৰাজহুৱা – দুয়োটা দিশকেই সুন্দৰভাৱে সামৰি লৈছে। লেখকৰ বংশ পৰিচয়, শিক্ষা জীৱন, জীৱিকা, সংগীত চৰ্চাৰ পৰা আৰম্ভ কৰি তেখেতৰ সমসাময়িক সমগ্র সমাজখনেই আত্মজীৱনীখনৰ বুকুত প্ৰতিফলিত হৈছে। আত্মজীৱনী এগিনে এক সামাজিক দলিল আৰু আনহাতে এক ব্যক্তিৰ জীৱনৰ উজ্জ্বল আৰু দুৰ্বল উভয় দিশৰে কপট স্বীকাৰোক্তি।”
হৰিনাৰায়ণ দত্তবৰুৱাৰ আত্মজীৱনী ‘জীৱন স্মৃতি’ (১৯৬৩)ত লেখকৰ জীৱনৰ বিভিন্ন ঘটনা শৃংখলাবদ্ধভাৱে বিধৃত হৈছে। সুখপাঠ্যতাই ইয়াৰ মূল সম্পদ। ব্ৰিটিছ চৰকাৰৰ উচ্চপদস্থ বিষয়া, সাহিত্যিক বেণুধৰ ৰাজখোৱাৰ আত্মজীৱনী ‘মোৰ জীৱন দাপোণ” (১৯৬৯)— ঐতিহাসিক আৰু সামাজিক উভয় দৃষ্টিকোণৰ পৰাই অতি মূল্যৱান। ‘মোৰ জীৱন দাপোণ’ৰ সৈতে একেবছৰতে অর্থাৎ ১৯৬৯ চনতে কবি শৈলধৰ ৰাজখোৱাৰ আত্মজীৱনী ‘অতীতৰ সোঁৱৰণি ও প্রকাশিত হৈছিল। এই আত্মজীৱনীখনৰ ভাষা সহজ সৰল, সাবলীল। কবি হিচাপে ৰাজখোৱাৰ অনুভৱ আৰু উচ্চপদস্থ চৰকাৰী বিষয়া হিচাপে তেওঁৰ বিচিত্র অভিজ্ঞতা দুয়োটাই আত্মজীৱনীখনত সমান গুৰুত্ব লাভ কৰিছে । ১৯৬৯ চনতেই প্রকাশিত তৃতীয়খন আত্মজীৱনী হ’ল মঃ নজৰ আলি পণ্ডিতৰ ‘মোৰ জীৱনৰ কিছু কথা’। গ্ৰামাঞ্চলৰ এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ ব্যক্তিগত জীৱনৰ স্মৃতিচাৰণ হ’লেও প্রকাশভংগীৰ মনোহাৰিত্বই গ্ৰন্থখনক অতি আকর্ষণীয় কৰি তুলিছে। সত্তৰৰ দশকত প্রকাশিত উল্লেখযোগ্য আত্মজীৱনীবোৰ হ’ল পদ্মনাথ গোহাঞিবৰুৱাৰ ‘মোৰ সোঁৱৰণি’, ৰাজবালা দাসৰ ‘তিনিকুৰি দহ বছৰৰ স্মৃতি’, নলিনীবালা দেৱীৰ এৰি অহা দিনবোৰ’, কৃষ্ণনাথ শৰ্মাৰ ‘কৃষ্ণ শৰ্মাৰ ডায়েৰী’, প্রতাপ চন্দ্ৰ গোস্বামীৰ ‘জীৱন স্মৃতি আৰু কামৰূপী সমাজ’, পূর্ণ চন্দ্ৰ শৰ্মাৰ মোৰ অতীতৰ সোঁৱৰণি আৰু নগাঁও জিলাৰ মুক্তি সংগ্রাম’ আৰু নিত্যানন্দ বৰদলৈৰ ‘পুৰণি দিনৰ ৰেঙণি’।
পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী ‘মোৰ সোঁৱৰণি’ ১৯৭১ চনত গ্ৰন্থাকাৰে প্ৰকাশিত হ’লেও ১৯৩১ চনতেই এইখন আৱাহন আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশিত হৈছিল। আত্মজীৱনীখনৰ ভাষা স্পষ্ট, পোনপটীয়া আৰু গাম্ভীর্যপূর্ণ। ঊনবিংশ শতিকাৰ শেষৰ তিনিটা দশক আৰু বিংশ শতিকাৰ প্ৰথম তিনিটা দশক সম্পর্কে ইয়াত সন্নিৱিষ্ট তথ্যৰাজিয়ে আত্মজীৱনীখনক ঐতিহাসিক দৃষ্টিকোণৰ পৰা অতি মূল্যৱান কৰি তুলিছে।
১৯৭১ চনত প্ৰকাশিত ‘কৃষ্ণ শৰ্মাৰ ডায়েৰী’ স্বাধীনতা সংগ্রামী কৃষ্ণ শৰ্মাৰ ৰাজহুৱা জীৱনৰ চিত্ৰধৰ্মী বৰ্ণনা। ১৯৭১ চনতে প্ৰকাশিত ৰাজবালা দাসৰ ‘তিনিকুৰি দহ বছৰৰ স্মৃতি’ অসমীয়া ভাষাত মহিলা ৰচিত প্ৰথম আত্মজীৱনী। সেই একেবছৰতে অর্থাৎ ১৯৭১ চনতে প্রকাশিত চতুৰ্থখন আত্মজীৱনী হ’ল প্ৰতাপ চন্দ্ৰ গোস্বামীৰ ‘জীৱন স্মৃতি আৰু কামৰূপী সমাজ’। এই আত্মজীৱনীখনত সংস্কৃত পণ্ডিতজনৰ নিজৰ জীৱনৰ বৰ্ণনাৰ লগতে কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ অবিভক্ত কামৰূপৰ সমাজ জীৱনৰ বিৱৰণ পোৱা যায়। ১৯৭৩ চনত প্ৰকাশিত পূৰ্ণ চন্দ্ৰ শৰ্মাৰ ‘মোৰ অতীতৰ সোঁৱৰণি আৰু নগাঁও জিলাৰ মুক্তি সংগ্রাম’ আত্মজীৱনীখনত নামটোৱে ইংগিত দিয়াধৰণেই তেওঁৰ ব্যক্তিগত জীৱন সোঁৱৰণৰ লগতে স্বাধীনতা সংগ্ৰামত নগাঁও জিলাৰ ভূমিকা সম্পৰ্কীয় ঐতিহাসিক তথ্য লিপিবদ্ধ হৈছে। ১৯৭৪ চনত প্ৰকাশিত নিত্যানন্দ বৰদলৈৰ আত্মজীৱনী ‘পুৰণি দিনৰ ৰেঙণি’ত লেখকৰ ব্যক্তিগত জীৱন সোঁৱৰণৰ লগতে সমসাময়িক সমাজৰ ৰাজনীতি, শিক্ষা-সংস্কৃতি, সাহিত্যও অভিব্যক্ত হৈছে।
১৯৭৭ চনত প্ৰকাশিত নলিনীবালা দেৱীৰ আত্মজীৱনী ‘এৰি অহা দিনবোৰ — ‘আগছোৱা’, ‘মাজছোৱা’ আৰু ‘শেষছোৱা’ এই তিনিটা খণ্ডত বিভক্ত। ৰাজবালা দাসৰ ‘তিনিকুৰি দহ বছৰৰ স্মৃতি আৰু নলিনীবালা দেৱীৰ ‘এৰি অহা দিনবোৰ’— সত্তৰৰ দশকত প্রকাশিত মহিলা ৰচিত এই দুয়োখন আত্মজীৱনীৰে সামাজিক চিত্রপটরূপে ঐতিহাসিক মূল্য আছে। এই আত্মজীৱনী দুখনত ব্যক্তিগত জীৱন সোঁৱৰণৰ মাজেদি অসমীয়া সমাজত নাৰীৰ স্থান আৰু তাৰ ক্রমপৰিৱৰ্তনৰ পৰিচয় দিয়া হৈছে। আত্মজীৱনী দুখনত ব্যক্তিগত আৰু ৰাজহুৱা জীৱনৰ সু-সমন্বয় ঘটিছে।
আশীৰ দশকত প্রকাশিত আত্মজীৱনীবোৰ হ’ল– মহেশ্বৰ নেওগৰ “জীৱনৰ দীৰ্ঘ আৰু বাণি, অতুল চন্দ্ৰ হাজৰিকাৰ ‘স্মৃতিলেখা’, দেৱেশৰ শৰ্মাৰ হেৰাই যোৱা দিনবোৰ, অমিয় কুমাৰ দাসৰ ‘জীৱন স্মৃতি’, হোমেন বৰগোহাঞিৰ ‘আত্মানুসন্ধান’, মামণি ৰয়ছম গোস্বামীৰ আধালেখা দস্তাবেজ’, লক্ষ্মীধৰ শৰ্মাৰ ‘জীৱনস্মৃতি’, ধনাই বৰাৰ ‘মোৰ জীৱনযাত্ৰাৰ কথা’, পূৰ্বেশ্বৰ দিহিঙীয়াৰ আত্মজীৱনৰ স্মৃতি ৰোমন্থন’ আৰু ত্রৈলোক্যনাথ গোস্বামীৰ ‘অতীতৰ কথা’।
১৯৮০ চনত দুখন আত্মজীৱনী প্ৰকাশিত হৈছিল। সেয়া হ’ল দেৱেশ্বৰ শৰ্মাৰ ‘হেৰাই যোৱা দিনবোৰ’ আৰু ধনাই বৰাৰ ‘মোৰ জীৱনযাত্ৰাৰ কথা”। ইয়াৰে প্ৰথমখন আত্মজীৱনী দেৱেশ্বৰ শৰ্মাৰ বিশেষকৈ ৰাজনৈতিক জীৱনটো অভিব্যক্ত হৈছে। আনহাতে পিছৰখনত ধনাই বৰাৰ জীৱনৰ অতি সীমিতসংখ্যক অভিজ্ঞতাহে বর্ণিত হৈছে। অতুল চন্দ্ৰ হাজৰিকাৰ আত্মজীৱনী ‘স্মৃতিলেখা’ত তেওঁৰ জীৱনৰ প্ৰায় সকলো দিশ প্ৰতিফলিত হৈছে। ১৯৮১ চনত ‘স্মৃতিলেখা’ প্রকাশ পাইছিল। আনহাতে ১৯৮৩ চনত প্ৰকাশিত অমিয় কুমাৰ দাসৰ ‘জীৱনস্মৃতি’ত লেখকৰ বাল্যকাল, শিক্ষা জীৱন আৰু ৰাজহুৱা জীৱন বিধৃত হৈছে। ১৯৮৫ চনত প্ৰকাশিত পূৰ্ণেশ্বৰ দিহিঙীয়াৰ ‘আত্মজীৱনৰ স্মৃতি ৰোমন্থন’ত লেখকৰ ব্যক্তিগত জীৱনৰ লগতে জন্মস্থান শিৱসাগৰৰ বিৱৰণ সন্নিৱিষ্ট হৈছে। ১৯৮৬ চনত প্রকাশিত অম্বিকাগিৰি ৰায়চৌধুৰীৰ আত্মজীৱনী ‘মোৰ জীৱন ধুমুহাৰ এছাটি’ উচ্চ সাহিত্যিক মানসম্পন্ন। এই আত্মজীৱনীখন ‘অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচনাৱলী’ত সন্নিৱিষ্ট হৈছে। ১৯৮৭ চনত লক্ষ্মীধৰ শৰ্মা ৰচনাৱলীত সন্নিৱিষ্ট লক্ষ্মীধৰ শৰ্মাৰ আত্মজীৱনী ‘জীৱন স্মৃতি’ লেখকৰ নিৰ্বাচিত অভিজ্ঞতাৰ সজীৱ চিত্রণ।
১৯৮৮ চনত প্ৰকাশিত হয় তিনিখন অতি গুৰুত্বপূৰ্ণ আৰু সাহিত্যিক দৃষ্টিকোণৰ পৰা মূল্যৱান আত্মজীৱনী, ক্রমে— মহেশ্বৰ নেওগৰ ‘জীৱনৰ দীঘ আৰু বাণি’, হোমেন বৰগোহাঞিৰ ‘আত্মানুসন্ধান’ আৰু মামণি ৰয়ছম গোস্বামীৰ ‘আধালেখা দস্তাবেজ’। ইয়াৰে মহেশ্বৰ নেওগৰ ‘জীৱনৰ দীঘ আৰু বাণি’ত বিধৌত হৈছে লেখকৰ কৰ্মজীৱনৰ বৈচিত্র্যময় অভিজ্ঞতা আৰু সমসাময়িক সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখন। হোমেন বৰগোহাঞিৰ “আত্মানুসন্ধান’ নামৰ আত্মজীৱনীখনে লেখক জীৱনৰ সেইটো দিশ মাথোঁ পৰিস্ফুট কৰিছে, যিটো দিশ তেওঁৰ সাহিত্য কৰ্মৰাজিত কেতিয়াবা পটভূমি আৰু কেতিয়াবা উৎস হিচাপে ব্যৱহৃত হৈছে। মামণি ৰয়ছম গোস্বামীৰ ‘আধালেখা দস্তাবেজ ‘ত অভিব্যক্ত হৈছে নাৰী মন আৰু নাৰী জীৱনৰ বহু বর্ণময় ৰূপ। ১৯৮৯ চনত প্ৰকাশিত ত্রৈলোক্যনাথ গোস্বামীৰ ‘অতীতৰ কথা’ৰ নম্ৰ প্ৰকাশভংগী আৰু সহজ-সৰল ভাষাই পাঠকক আকর্ষণ কৰে।
নব্বৈৰ দশকত প্রকাশিত উল্লেখযোগ্য আত্মজীৱনীবোৰ হ’ল— মহেন্দ্ৰ বৰাৰ ‘উপলা নদীৰ দৰে’, হোমেন বৰগোহাঞিৰ ‘ধুমুহা আৰু ৰামধেনু’ (প্ৰথম আৰু দ্বিতীয় খণ্ড), নিৰুপমা বৰগোহাঞিৰ ‘বিশ্বাস আৰু সংশয়ৰ মাজেদি’, নীলিমা দত্তৰ ‘লুইতৰে পানী যাবি অ’ বৈ’, ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘জীৱন বৃত্ত’, গৌৰীশংকৰ ভট্টাচাৰ্যৰ ‘সবিনয় নিবেদন’ আৰু পবিন্দ্ৰ নাথ শৰ্মাৰ ‘মুক্তিযোদ্ধাৰ জীৱন যুদ্ধত’।
১৯৯০ চনত প্ৰকাশিত মহেন্দ্ৰ বৰাৰ আত্মজীৱনী ‘উপলা নদীৰ দৰে’’ত লেখকে নিজৰ জীৱন প্ৰবাহক ১৯২৯ চনৰ পৰা ১৯৮৭ চনলৈ সামৰি লৈছে আৰু সময় অনুসৰি আত্মজীৱনীখনক চাৰিটা মূল ভাগত ভগাইছে। এং সুবৃহৎ আত্মজীৱনীখনত লেখকে ব্যক্তিগত জীৱনৰ কাৰ্যকলাপৰ বর্ণনা দিবলৈ যাওঁতে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক তথা বৌদ্ধিক জগতখনো স্পৰ্শ কৰি গৈছে। জয়ন্ত কুমাৰ বৰাই ‘সাহিত্য সংসৃষ্ট’ গ্ৰন্থত এনেদৰে মত আগবঢ়াইছে— “অসমীয়া সাহিত্যৰ অতি কমসংখ্যক উচ্চমানৰ আত্মজীৱনীৰ ভিতৰত ‘উপলা নদীৰ দৰে অন্যতম এক আত্মাৱলোকন”। ১৯৯৩ চনত প্ৰকাশিত নিৰুপমা বৰগোহাঞিৰ আত্মজীৱনী ‘বিশ্বাস আৰু সংশয়ৰ মাজেদি’ত তেওঁৰ ব্যক্তিগত জীৱন, তেওঁৰ আদৰ্শৰাজি আৰু সমসাময়িক সমাজ প্ৰতিফলিত হৈছে। একেবছৰতে অর্থাৎ ১৯৯৩ চনতে প্রকাশিত নীলিমা দত্তৰ আত্মজীৱনী ‘লুইতৰে পানী যাবি অ’ বৈ’ত তিনিটা খণ্ডত যথাক্রমে শৈশৱ, শিক্ষা জীৱন, শিক্ষক জীৱন আৰু বিদেশ যাত্রা বর্ণিত হৈছে।
১৯৯৩ চনতেই ষাঠিটা কেছেটত বাণীবদ্ধ কৰি সূৰ্য হাজৰিকাই অনুলিখন কৰা ১৯ টা অধ্যায়ত বিভক্ত ভূপেন হাজৰিকাৰ আত্মজীৱনী ‘মই এটি যাযাবৰ’ প্ৰকাশ পায়। ভূপেন হাজৰিকাৰ বিৰল ব্যতিক্রমধর্মী জীৱনৰ বিচিত্ৰ ৰূপ আত্মজীৱনীখনৰ বুকুত বিধৃত হৈছে।
হোমেন বৰগোহাঞিৰ আত্মজীৱনী ‘ধুমুহা আৰু ৰামধেনু’ৰ প্ৰথম খণ্ডটো ১৯৯৭ চনত আৰু দ্বিতীয় খণ্ডটো ১৯৯৮ চনত প্ৰকাশিত হৈছে। প্ৰথম খণ্ডটোত তেওঁৰ জীৱনৰ প্ৰথম বাৰটা বছৰ আৰু দ্বিতীয় খণ্ডটোত তেওঁৰ শিক্ষা জীৱন, সাংবাদিক জীৱন আৰু সাহিত্য জীৱন অভিব্যক্ত হৈছে। ১৯৯৯ চনত প্ৰকাশিত গৌৰীশংকৰ ভট্টাচাৰ্যৰ সুবৃহৎ আত্মজীৱনী ‘সবিনয় নিবেদন’ত ব্যক্তিগত আৰু ৰাজহুৱা জীৱনৰ অনুপম সংমিশ্রণ ঘটিছে। ১৯৯৯ চনৰে ডিচেম্বৰ মাহত প্রকাশিত ভবেন্দ্ৰ নাথ শইকীয়াৰ মনোৰম আত্মবৃত্তান্ত ‘জীৱন বৃত্ত’ত তেওঁৰ শৈশৱৰ পৰা জীৱনৰ বিয়লি বেলালৈ প্ৰায় সমগ্ৰ জীৱনটোৱেই সামৰি লোৱা হৈছে। লেখকৰ কষ্টসহিষ্ণু, অধ্যৱসায়ী, নীতিনিষ্ঠ, বিজ্ঞানমনস্ক ব্যক্তিত্ব ইয়াত সুন্দৰভাৱে ফুটি উঠিছে।
একবিংশ শতিকাত প্ৰকাশত অসমীয়া আত্মজীৱনীবোৰ হ’ল ― নিৰ্মলপ্ৰভা বৰদলৈৰ ‘জীৱন জীৱন বৰ অনুপম’, তিলক হাজৰিকাৰ ‘আবেলিৰ ছাঁ’, হীৰেন গোহাঁইৰ ‘বতাহত ক’ৰ গধূলি গোপাল’, ‘হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী’, ‘সপোনৰ দিক্চৌ বনত’, নগেন শইকীয়াৰ ‘ধূলিৰ ধেমালি (স্বপ্ন আৰু স্মৃতি: প্রথম খণ্ড)’, মামণি ৰয়ছম গোস্বামীৰ ‘দস্তাবেজৰ নতুন পৃষ্ঠা’, হোমেন বৰগোহাঞিৰ ‘মোৰ হৃদয় এখন যুদ্ধক্ষেত্র’, নীলমণি ফুকনৰ ‘পাতি সোণাৰুৰ ফুল’, ৰংবং তেৰাঙৰ মোৰ জন্ম হোৱাটো অন্ততঃ সঁচা, সবিতা গোস্বামীৰ মন গংগাৰ তীৰত’, অনিমা গুহৰ জীৱনৰ জোৱাৰ ভাটাৰ মাজেদি’, ইন্দিৰা মিৰিৰ ‘মই আৰু নেফা’, কেশৱ মহন্তৰ ‘সিপাৰত তুমি কল্পনা মোৰ’, অজিত বৰুৱাৰ ‘স্মৃতিকথা’, চিত্ৰলতা ফুকনৰ ‘হৃদয় নদীৰ পানচৈ’ আৰু লক্ষ্মীনন্দন বৰাৰ ‘কাল বলুকাত খোজ’।
২০০০ চনত প্ৰকাশিত সাংবাদিক তিলক হাজৰিকাৰ আত্মজীৱনী ‘আবেলিৰ ছাঁ’ত জীৱনৰ বিভিন্ন ঘটনা, অভিজ্ঞতা ৰমণীয়ভাৱে বিধৃত হৈছে। ২০০২ চনত নগেন শইকীয়াৰ আত্মজীৱনী ‘স্বপ্ন আৰু স্মৃতি’ৰ প্ৰথম খণ্ড ‘ধূলিৰ ধেমালি’ প্ৰকাশ হয়। ‘ধূলিৰ ধেমালি’ত সৰল অথচ শক্তিশালী ভাষাৰে বিভিন্ন ঘটনাৰ পুংখানুপুংখ, যুক্তিনিষ্ঠ বিশ্লেষণ আগবঢ়োৱা হৈছে। ২০০৩ চনত প্ৰকাশিত ইন্দিৰা মিৰিৰ আত্মজীৱনী ‘মই আৰু নেফা’ত তেওঁৰ প্ৰায় সমগ্ৰ জীৱনটো সামৰি ল’লেও ইয়াত আত্মজীৱনীকাৰে নেফাত কটোৱা সময়ছোৱাহে অধিক গুৰুত্বসহকাৰে আৰু বিস্তৃতভাৱে বৰ্ণনা কৰিছে। ২০০৪ চনত প্ৰকাশিত নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনী ‘জীৱন জীৱন বৰ অনুপম’ত বৰদলৈৰ ব্যক্তিগত জীৱনৰ লগত সৃষ্টিশীল আৰু বিদ্যায়তনিক কৰ্মৰাজিৰ নেপথ্য কথাখিনিও নান্দনিকভাৱে উপস্থাপন কৰা হৈছে। ২০০৪ চনতেই প্রকাশিত যতীন্দ্রনাথ গোস্বামীৰ আত্মজীৱনী ‘জীৱনৰ খলা-বমা বাটেদি’ত তেওঁৰ সাহসী, সংগ্রামী, আপোচবিমুখ ব্যক্তিত্বৰ লগতে সমকাল চেতনাৰো আভাস পোৱা যায়।
হীৰেন গোহাঁইৰ আত্মজীৱনীৰ তিনিওটা খণ্ড ক্ৰমে ‘বতাহত ক’ৰ গধূলি গোপাল’ – ২০০৫ চনত ‘হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আরোহী’ ২০০৭ চনত আৰু ‘সপোনৰ দিকচৌ বনত’ ২০০৯ চনত প্ৰকাশ পাইছে। বতাহত ক’ৰ গধূলি গোপাল ত লেখকৰ জীৱনৰ শৈশৱ আৰু প্ৰাক্-যৌৱনকাল (আই এ পৰীক্ষাত উত্তীর্ণ হোৱালৈকে) বর্ণিত হৈছে ‘হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহীত কলিকতাৰ প্ৰেছিডেন্সি কলেজত বি এ পঢ়াৰ, দিল্লীৰ ৰামজাছ কলেজত এম এ পঢ়াৰ আৰু দিল্লীৰে কিৰোমিল কলেজত প্ৰবক্তা হিচাপে চাকৰি কৰাৰ সময়ছোৱা উপস্থাপিত হৈছে। আনহাতে ‘সপোনৰ দিক্চৌ বনত’ নামৰ তৃতীয় খণ্ডটোত কেমব্ৰিজত গৱেষণা কৰাৰ সময়ছোৱা তথা লণ্ডন আৰু পেৰিছ ভ্ৰমণ বিধৃত হৈছে। তিনিওটা খণ্ডতে তীক্ষ্ণ পর্যবেক্ষণ শক্তি, বুদ্ধিদীপ্ততা, সমালোচনাত্মক মনোভাব, প্রকৃতিৰ প্ৰতি লেখকৰ সংবেদনশীলতা আৰু নির্মোহ আত্মবিশ্লেষণ প্ৰতিফলিত হৈছে।
২০০৬ চনত প্ৰকাশিত হোমেন বৰগোহাঞিৰ ‘মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ’ নামৰ ব্যতিক্রমধর্মী আত্মজীৱনীখনত কেৱল সেইবোৰ ঘটনাহে উল্লেখ কৰা হৈছে যিবোৰ ঘটনাই আত্মজীৱনীকাৰৰ হৃদয়খনক এখন যুদ্ধক্ষেত্ৰত পৰিণত কৰিছে। এই আত্মজীৱনীখনৰ বৰ্ণনা জীৱন্ত, উপস্থাপন হৃদয়স্পর্শী, গদ্যৰীতি প্রাঞ্জল তথা শক্তিশালী। একেবছৰতে অর্থাৎ ২০০৬ চনতে প্রকাশিত নীলমণি ফুকনৰ আত্মজীৱনী ‘পাতি সোণাৰুৰ ফুল’ৰ কাব্যিক প্রকাশভংগী, নান্দনিক উপস্থাপন, ৰমন্যাসিক সুৰ, নষ্টালজিক আবেদনে ইয়াক এক অনিন্দ্যসুন্দৰ সাহিত্যকৰ্মত পৰিণত কৰিছে।
২০০৭ চনত প্ৰকাশিত দস্তাবেজৰ নতুন পৃষ্ঠা” মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী ‘আধালেখা দস্তাবেজ’ৰ পৰৱৰ্তী অংশ। জীৱনৰ বহু বৰ্ণময় অভিজ্ঞতাক ইয়াত সাহসেৰে উপস্থাপন কৰা হৈছে। আত্মজীৱনীখনৰ ভাষা অতি সংবেদনশীল তথা বর্ণনা জীৱন্ত। একেবছৰতে প্ৰকাশিত অর্থাৎ ২০০৭ চনতে প্রকাশিত কেশৱ মহন্তৰ আত্মজীৱনী ‘সিপাৰত তুমি কল্পনা মোৰ’ৰ গীতিধর্মিতা, ৰমন্যাসিক আৱেদন, নান্দনিকতা তথা কাব্যিকতাই পাঠকক মুগ্ধ কৰে। ২০০৮ চনত প্ৰকাশিত অজিত বৰুৱাৰ ‘স্মৃতিকথা’ত জীৱনৰ মৃদু, হাস্যময় ঘটনাবিলাক লিপিবদ্ধ কৰা হৈছে।
২০০৯ চনত প্ৰকাশিত ৰংবং তেৰাঙৰ আত্মজীৱনী ‘মোৰ জন্ম হোৱাটো অন্ততঃ সঁচা’ক যদিও লেখকৰ জীৱনৰ এছোৱা বুলিহে কোৱা হৈছে তথাপি এইছোৱাৰ মাজতেই তেওঁৰ সৰলতা, সংবেদনশীলতা তথা নৈসর্গ চেতনা স্পষ্টভাৱে উদ্ভাসিত হৈছে। প্ৰকাশ পাইছে কাৰবি সমাজ সংস্কৃতিৰ সৈতে থকা লেখকৰ নিবিড় আত্মীয়তা। আত্মজীৱনীখনৰ ভাষা সহজ-সৰল, ৰসোত্তীৰ্ণ আৰু ঠায়ে ঠায়ে কাব্যগন্ধী। আত্মজীৱনীখনৰ বৰ্ণনা সজীৱ আৰু সাৱলীল। প্রসংগ অনুসৰি বিভিন্ন উর্দু শ্বায়েৰী, গীত আৰু কবিতাৰ ব্যৱহাৰে আত্মজীৱনীখনৰ সাহিত্যিক আৱেদন বৃদ্ধি কৰিছে।
২০০৯ চনত দুগৰাকী মহিলা লেখকৰ আত্মজীৱনী প্রকাশিত হয়, সেয়া হ’ল— সবিতা গোস্বামীৰ ‘মন গংগাৰ তীৰত’ আৰু অনিমা গুহৰ ‘জীৱনৰ জোৱাৰ ভাটাৰ মাজেদি’। সবিতা গোস্বামীৰ ‘মন গংগাৰ তীৰত’ বি বি চিৰ সাংবাদিকৰূপে তেওঁ সন্মুখীন হোৱা ভিন্নধর্মী অভিজ্ঞতাৰ জীৱন্ত বৰ্ণনাৰে সমৃদ্ধ। ‘জীৱনৰ জোৱাৰ ভাটাৰ মাজেদি’ অনিমা গুহৰ আত্মজীৱনীৰ প্ৰথম খণ্ডহে, সেয়া জীৱনৰ প্ৰথম চাৰিটা দশকহে এই খণ্ডটোৱে সামৰি লৈছে। সামন্ত প্ৰথাৰ আবেষ্টনীত থকা নামনি অসমৰ এক বিশেষ সময়ৰ ঐতিহাসিক চিত্ৰও ইয়াৰ মাজত পোৱা যায়। ২০১০ চনত প্রকাশিত চিত্রলতা ফুকনৰ আত্মজীৱনী ‘হৃদয় নদীৰ পানচৈ’ সংঘাতময় জীৱনৰ শৈল্পিক প্রকাশ। চিত্রলতা ফুকনৰ ব্যক্তিত্বৰ বিভিন্ন দিশ, ইতিহাস চেতনা তথা সাহিত্য প্রতিভা প্ৰতিফলিত কৰা এই আত্মজীৱনীখনৰ মাজত অসমৰ লোকজীৱনেও মূৰ্তৰূপ পাইছে।
২০১০ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত লক্ষ্মীনন্দন বৰাৰ সুবৃহৎ আত্মজীৱনী ‘কাল বলুকাত খোজ’ বিংশ শতিকাৰ শেষাৰ্ধৰ সমাজ জীৱনৰ এক প্রামাণ্য দলিলস্বৰূপ। তীক্ষ্ণ পর্যবেক্ষণ, নির্মোহ বিশ্লেষণ, জীৱন্ত আৰু সূক্ষ্মাতিসূক্ষ্ম বর্ণনা, শক্তিশালী গদ্যৰীতিৰে আত্মজীৱনীখন সমৃদ্ধ। লেখকৰ স্পষ্টবাদিতা প্রশংসনীয়। ২০১০ চনতেই প্রকাশিত আন এখন আত্মজীৱনী হ’ল— লোকনাথ গোস্বামীৰ ‘সময় বালিত লিখা ৰ’ব জীৱনৰ যত কথা’। ব্যতিক্রমধর্মী এই আত্মজীৱনীখন চাৰিটা খণ্ডত বিভক্ত—
(১) শৈশৱ-কৈশোৰৰ আলি দোমোজাত।
(২) ঘটনা-পৰিঘটনাৰ চাকনৈয়াত।
(৩) জুই-ছাই ধোঁৱাৰ কুণ্ডলীত জীৱনৰ গান।
(৪) অনুভৱৰ পৃথিৱীত। সংঘর্ষ-সন্ত্রাসজৰ্জৰিত অসমৰ ৰক্তাক্ত ইতিহাসৰ এছোৱা ইয়াৰ মাজত প্ৰতিফলিত হৈছে। আত্মজীৱনীখনৰ বুকুত লেখকৰ সামাজিক দায়বদ্ধতা স্পষ্টভাৱে প্ৰতিভাত হোৱা দেখা গৈছে।
এইদৰে অসমীয়া সাহিত্যত বিভিন্ন মনোগ্রাহী, ব্যতিক্ৰমধৰ্মী আৰু ঐতিহাসিক দৃষ্টিকোণৰ পৰা কেতবোৰ মূল্যৱান আত্মজীৱনী ৰচিত হৈছে যিবোৰৰ বিচাৰ-বিশ্লেষণৰ সময় আহি পৰিছে।
৬। আশীৰ পৰৱৰ্তী দশকৰ আত্মজীৱনী সম্পর্কে এটি পর্যালোচনা আগবঢ়োৱা?
উত্তৰঃ আত্মজীৱনী : ইয়াৰ সংজ্ঞা আৰু পৰিচয় সাহিত্যৰ আন আন বিভাগসমূহৰ দৰেই আত্মজীৱনীৰো এটা সুকীয়া পৰিচয় আছে। জীৱনী সাহিত্যত যেনেদৰে এজন ব্যক্তিৰ জীৱনক আন এজন ব্যক্তিয়ে সাহিত্যৰ মাধ্যমেৰে দাঙি ধৰে ঠিক তেনেদৰে আত্মজীৱনীতো এজন ব্যক্তিৰ জীৱনৰ প্ৰতিফলন ঘটে। দুয়োবিধ সাহিত্যৰ সাদৃশ্য এইখিনিতেই যে দুয়োবিধতে ব্যক্তি এজনৰ জীৱনক তুলি ধৰাৰ প্ৰয়াস কৰা হয়। ইয়াৰে প্ৰথম বিধত আনৰ দ্বাৰা কোনো এজন ব্যক্তিৰ জীৱনত আলোকপাত কৰা হয় আৰু দ্বিতীয় বিধত নিজে নিজৰ জীৱনৰ আলোকপাত কৰে। দুয়োবিধ সাহিত্যকে একেধৰণৰ যেন লাগিলেও কিন্তু ইহঁতৰ মাজত প্ৰভেদ সুস্পষ্ট। জীৱনী সাহিত্যত ব্যক্তিৰ মনোজগতৰ প্ৰতিফলন কমকৈ ঘটাৰ বিপৰীতে আত্মজীৱনীত ই প্রধান ভূমিকা গ্রহণ কৰে।
গোবিন্দ প্ৰসাদ শৰ্মাই জীৱনী আৰু আত্মজীৱনী : অসমীয়াত আৰু পাশ্চাত্যত নামৰ গ্ৰন্থখনত আত্মজীৱনীৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়াইছে। তেওঁৰ মতে— ‘আত্মজীৱনী কোনো লোকৰ জীৱনৰ কোনো এক অৱস্থানত, বা কোনো এছোৱা কালত নিজৰ বিষয়ে মানসিক আত্মপ্রকাশ আৰু আত্মবিচাৰ।’ ড° প্রফুল্ল কটকীয়ে সাহিত্য আৰু সংজ্ঞা গ্ৰন্থখনত আত্মজীৱনীৰ সংজ্ঞা এইদৰে দিছে— ‘ব্যক্তিবিশেষে নিজৰ জীৱন সম্বন্ধে বিশদভাৱে আৰু সদৰী কৰি লিখা বিৱৰণকে আত্মজীৱনী বোলা হয়।
অসমীয়া আত্মজীবনী : অসমীয়া আত্মজীৱনীৰ ইতিহাস বৰ বেছি পুৰণি নহয়। হেমচন্দ্ৰ বৰুৱাৰ হাতত এটা আত্মজীৱনীমূলক প্ৰবন্ধৰ যোগেদি ঊনবিংশ শতিকাৰ শেষৰ ভাগত গজি উঠা দুপতীয়া পুলিটোৱে অসমীয়া সাহিত্যলৈ এই ধাৰাটো কঢ়িয়াই আনিছিল যদিও কিন্তু ইয়াৰ বিকাশৰ গতি আছিল অতি লেহেমীয়া। ১৮৯০ খ্রীষ্টাব্দত ৰচিত হৰকান্ত শৰ্মা মজুমদাৰৰ হৰকান্ত সদামীনৰ আত্মজীৱনীখনে এই বিকাশত কিছু পৰিমাণে সাৰ-পানী যোগান ধৰিবলৈ সক্ষম হৈছিল যদিও ই প্ৰকাশৰ মুখ দেখিছিল ১৯৬০ চনতহে ইয়াৰ পৰৱৰ্তী প্ৰায় অর্ধশতাধিক কাল অসমীয়া সাহিত্যিকসকল এই ক্ষেত্ৰত নীৰৱ আছিল। ১৯৪৪ চনত প্রকাশিত লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণক প্রথম অসমীয়া ভাষাত প্রকাশিত আত্মজীৱনী হিচাপে বিবেচনা কৰা হয়। জাতীয় জীৱনৰ বিভিন্ন তথ্যসমৃদ্ধ আৰু লেখকৰ ব্যক্তিগত জীৱনৰ বিভিন্ন ঘটনা সম্বলিত এই আত্মজীৱনীখন অসম্পূর্ণ আছিল যদিও অসমীয়া সাহিত্যৰ বিকাশত ইয়াৰ অৱদান কোনোগুণে কম নাছিল। ১৯৭১ চনত গ্ৰন্থাকারে প্রকাশিত পদ্মনাথ গোহাঞিবৰুৱাৰ মোৰ সোঁৱৰণী আত্মজীৱনীখনে প্রথম অৱস্থাত ১৯৩১ চনতেই আবাহনৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ লাভ কৰিছিল।
অসমীয়া সাহিত্যৰ আন বিভাগসমূহৰ দৰে আত্মজীৱনী ৰচনাৰ ধাৰাটো দেশে স্বাধীনতা লাভ কৰাৰ আগলৈকে পত্ৰে-পুষ্পে বিকশিত হোৱা নাছিল। আনকি স্বাধীনতা লাভ কৰাৰ পৰৱৰ্তী এটা দশকলৈকে ইয়াৰ বিকাশ আছিল একেবাৰে সীমিত। ষাঠিৰ দশকৰ পৰাহে আত্মজীৱনী ৰচনাৰ প্ৰৱণতা এটা গঢ় লৈ উঠা পৰিলক্ষিত হয়। সেইবোৰৰ ভিতৰত পদ্মধৰ চলিহাৰ জীৱন বীণাৰ সুৰ (১৯৬৩), হৰিনাৰায়ণ দত্তবৰুৱাৰ জীৱন স্মৃতি (১৯৬৬), বেণুধৰ ৰাজখোৱাৰ মোৰ জীৱন দাপোণ (১৯৬৯), শৈলধৰ ৰাজখোৱাৰ অতীতৰ সোঁৱৰণী (১৯৬৯), নজৰ আলিৰ মোৰ জীৱনৰ কিছু কথা (১৯৬৯) আদি উল্লেখযোগ্য আত্মজীৱনী। বিংশ শতিকাৰ সত্তৰ দশকতো ভালেকেইজন জাতীয় জীৱনৰ বিশিষ্ট ব্যক্তিয়ে আত্মজীৱনী ৰচনা কৰে।
ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল— কৃষ্ণ শৰ্মাৰ ডায়েৰী (১৯৭১), প্রতাপচন্দ্র গোস্বামীৰ জীৱনস্মৃতি আৰু কামৰূপী সমাজ (১৯৭১), ৰাজবালা দাসৰ তিনিকুৰি দহ বছৰৰ স্মৃতি (১৯৭১), পূর্ণচন্দ্র শৰ্মাৰ মোৰ অতীতৰ সোঁৱৰণী আৰু নগাঁও জিলাৰ মুক্তিসংগ্রাম (১৯৭৩), নিত্যানন্দ বৰদলৈৰ পুৰণি দিনৰ ৰেঙণি (১৯৭৪), নলিনীবালা দেৱীৰ এৰি অহা দিনবোৰ (১৯৭৭)। এই আত্মজীৱনীসমূহত লেখকৰ ব্যক্তিগত জীৱনৰ বিভিন্ন ঘটনা, স্মৃতি সজীৱ হৈ উঠাৰ লগতে জাতীয় জীৱনৰো উন্মোচিত নোহোৱা বিভিন্ন কথাৰ আভাস পোৱা যায়। কিছু কিছু ক্ষেত্ৰত এই আত্মজীৱনীসমূহত সন্নিবিষ্ট বহুতো তথ্য আৰু ঘটনাই ইতিহাসৰ পৰিপূৰকৰ ভূমিকাও পালন কৰা দেখা গ’ল।
আশী দশকৰ পৰৱৰ্তী অসমীয়া আত্মজীৱনী : অসমীয়া আত্মজীৱনী সাহিত্যৰ আধুনিক যুগৰ ফচল। বিংশ শতিকাৰ আশী দশকৰ পাছত ৰচিত আত্মজীৱনীসমূহে পাঠক সমাজৰ মাজত বিশেষ জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হ’ল। কাৰণ এই সময়ছোৱাৰ পৰা অসমীয়া সাহিত্যৰ ভালেকেইজন কৃতবিদ্য সাহিত্যিকে আত্মজীৱনী ৰচনাৰ কাম হাতত লোৱা দেখা গ’ল। তদুপৰি সময়ৰ পৰিৱৰ্তনৰ লগে লগে সাহিত্যয়ো নিজৰ ধৰণ সলনি কৰে।
আশীৰ দশকত প্ৰকাশিত আত্মজীৱনীসমূহত সুখপাঠ্যতাৰ উপৰি ষ্টাইল আৰু আংগিকৰ ফালৰ পৰাও নতুনত্ব বহন কৰিবলৈ সক্ষম হ’ল। ১৯৮১ চনত প্ৰকাশিত অতুলচন্দ্ৰ হাজৰিকাৰ স্মৃতিলেখাক তেখেতে নিজৰ আত্মজীৱনী বুলি ঘোষণা কৰা নাই যদিও ইয়াৰ আংগিককে আদি কৰি বিভিন্ন দিশৰ পৰা সম্পূর্ণরূপেই আত্মজীৱনীৰ মৰ্যাদা দিব পৰা এখন গ্রন্থ। নিজৰ জীৱনৰ এৰি অহা বিভিন্ন মুহূর্ত, পাৰিবাৰিক জীৱন, বংশানুক্রমিক বর্ণনা আদিক সুখপাঠ্য ৰূপত প্ৰকাশ কৰাৰ উপৰি তেখেতৰ সান্নিধ্যলৈ অহা বিভিন্ন ব্যক্তি, সন্মুখীন হোৱা বিভিন্ন অভিজ্ঞতা, ঘটনা আদিয়ে ঐতিহাসিক মূল্য বহন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বেও তেওঁ স্মৃতিৰ পাপৰি নামৰ এক আত্মজৈৱনিক ৰচনাৰ সংকলন প্ৰস্তুত কৰিছিল।
দেশৰ স্বাধীনতা আন্দোলনত সক্রিয় অংশগ্ৰহণ কৰা আৰু অসমৰ ৰাজনীতিৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে পৰিগণিত হোৱা দেবেশ্বৰ শৰ্মাৰ হেৰাই যোৱা দিনবোৰ (১৯৮০)ত তেখেতৰ ব্যক্তিগত জীৱনৰ পৰিৱৰ্তে ৰাজহুৱা আৰু ৰাজনৈতিক জীৱনেহে অধিক গুৰুত্ব লাভ কৰাৰ ফলত গ্রন্থখনে আত্মজীৱনীৰ মৰ্যাদা বহু পৰিমাণে হেৰুৱাই পেলোৱা পৰিলক্ষিত হয়। এই সময়ছোৱাত প্ৰকাশিত ধনাই বৰাৰ মোৰ জীৱন যাত্ৰাৰ কথা (১৯৮০) অতি কম পৰিসৰৰ ভিতৰত ৰচিত আত্মজীৱনীমূলক গ্রন্থ। ইয়াক সম্পূৰ্ণৰূপে আত্মজীৱনী বুলি এই কাৰণেই ক’ব নোৱাৰি যে তেওঁৰ জীৱনৰ সীমিত পৰিমাণৰ স্মৃতিয়েহে গ্ৰন্থখনত স্থান লাভ কৰিছে। বেণুধৰ শৰ্মাৰ মজিয়াৰ পৰা মেজলৈ (১৯৮১) শীৰ্ষক আত্মজীৱনীমূলক গ্রন্থখন ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ ৬০ দশকলৈকে অসমৰ ৰাজনৈতিক, সামাজিক আৰু সাম্প্ৰতিক ক্ষেত্ৰৰ এক ঐতিহাসিক দলিলস্বৰূপ।
হিৰণ্যকুমাৰ ভট্টাচাৰ্যৰ কাৰাৰুদ্ধ জীৱনৰ বাকৰুদ্ধ কাহিনী (১৯৮৪)ত লেখকে কাৰাগাৰত অতিবাহিত কৰা সময়ছোৱাত মনলৈ অহা বিভিন্ন ৰাজনৈতিক চিন্তা, ঐতিহাসিক অসম আন্দোলনৰ প্ৰতি দৃষ্টিভংগী, বিভিন্ন প্রশাসনিক দুর্নীতি, কাৰাবাসৰ অভিজ্ঞতা আদিৰ প্ৰকাশ কৰিছে। মনোৰম বৰ্ণনাৰ সমাবেশেৰে গ্ৰন্থখনক এক আকর্ষণীয় ৰূপ প্ৰদান কৰিবলৈ তেখেত সক্ষম হৈছে যদিও এইখনকো প্ৰকৃত আত্মজীৱনীৰ শাৰীত ৰাখিব পৰা নাযায়। ১৯৮৫ চনত প্ৰকাশিত পূৰ্ণেশ্বৰ দিহিঙ্গীয়াৰ আত্মজীৱনৰ স্মৃতি রোমন্থনত তেওঁৰ জন্মস্থান, পৰিয়াল, ব্যক্তিগত জীৱন আদিৰ বৰ্ণনাৰ লগতে সমকালীন শিৱসাগৰৰ যাতায়াত, শিক্ষা, সংস্কৃতি আদিৰ কলাসুলভ বর্ণনা আগবঢ়াইছে। গ্ৰন্থখনক এখন সুখপাঠ্য আত্মজীৱনীৰ শাৰীত ৰাখিব পৰা যায়।
১৯৮৮ চনত প্ৰকাশিত অসমীয়া জাতীয় জীৱনৰ সাহিত্য, সংস্কৃতি আদি বিভিন্ন ক্ষেত্রলৈ অভূতপূর্ব অৱদান আগবঢ়াই যোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত জৱাহৰলাল নেহৰ আসনৰ অধ্যাপক ডঃ মহেশ্বৰ নেওগৰ জীৱনৰ দীঘ আৰু বাণী অসমীয়া আত্মজীৱনীৰ ক্ষেত্ৰখনলৈ এক অতি উল্লেখযোগ্য অবদান। বিশাল পাণ্ডিত্যৰ অধিকাৰী নেওগদেৱৰ সৰস বর্ণনা, মনোৰম কথনভংগী আদিয়ে গ্রন্থখন অতি আকর্ষণীয় পৰ্যায়ত উপনীত কৰিবলৈ সক্ষম হৈছে। গ্ৰন্থখনৰ নামকৰণতেই তেওঁৰ নিজৰ সৃজনীশীলতাৰ পৰিচয় বহন কৰিছে। জন্মস্থানৰ পৰা আৰম্ভ কৰি শৈশৱৰ মধুময় ক্ষণবোৰৰ কথা ৰোমন্থন কৰি সমকালীন গ্রামীণ জীৱনৰ প্ৰতিচ্ছবি অতি ৰসালভাৱে বৰ্ণনা কৰিছে। নিজৰ জন্মস্থান শিৱসাগৰৰ কমাৰফদীয়া গাঁওখনক অসাধাৰণ ৰূপত উপস্থাপন কৰিব খুজি তেখেতে “ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ” বিশেষণ প্ৰয়োগ কৰিছে। গ্ৰন্থখনত শৈশৱ কালৰ পুংখানুপুংখ মনোগ্ৰাহী বৰ্ণনাৰে ব্যক্তিগত জীৱনত ভূমুকি মৰা লেখকে পৰৱৰ্তী সময়ৰ তেওঁৰ কৰ্মময় জীৱন আৰু ৰাজহুৱা জীৱনৰ প্রতিহে অধিক মনোনিবেশ কৰা দেখা গ’ল।
তদুপৰি তেওঁ বিচিত্ৰতাৰে ভৰা কৰ্মজীৱনৰ বিভিন্ন অভিজ্ঞতাৰ লগতে সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনৰ লগত জড়িত বিভিন্ন অভিজ্ঞতা, কর্মসূচী আদিৰ সজীৱ বৰ্ণনাৰ জৰিয়তে গ্ৰন্থখনক অসমীয়া সমাজ-জীৱনৰ ইতিহাসৰ বিভিন্ন সমলেৰে উপচাই পেলাবলৈ সক্ষম হৈছে। জীৱনৰ এৰি অহা সোণোৱালী ক্ষণসমূহক উপস্থাপন কৰিবলৈ যাওঁতে লেখকে নির্দিষ্ট ক্ষণসমূহক একোটা অধ্যায়ত ভাগ কৰি প্ৰতিটোৱে একোটা নান্দনিক নামকৰণ কৰিছে। এনেবোৰ দিশৰ পৰা গ্ৰন্থখনক এখন উচ্চ মানবিশিষ্ট আত্মজীৱনীৰ লগতে জাতীয় জীৱনৰ এখন মূল্যবান গ্রন্থৰূপেও বিবেচনা কৰিব পাৰি।
“আত্মজীৱনী মাত্রেই লেখকৰ অন্তৰ্জীৱনৰ পৰিচয় দিব পাৰিব লাগে। আৰু তাৰ বাবে প্ৰয়োজন হয় বিশ্লেষণাত্মক দৃষ্টিভংগীৰ। ইয়াৰ অবিহনে আত্মজীৱনী ধাৰা বিৱৰণীত পর্যবসিত হয়।”(ড° প্রফুল্ল কটকী, সাহিত্য আৰু সংজ্ঞা, দ্বিতীয় সংস্কৰণ, বিশ্ববিদ্যালয় প্রকাশন পৰিষদ, গুৱাহাটী বিশ্ববিদ্যালয় — ১৯৯৮,পৃ. ৪৬) উল্লিখিত আত্মজীৱনীসমূহে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনক বিভিন্ন অৱদানেৰে সমৃদ্ধ কৰি তুলিছিল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মন আৰু মানসিকতাৰো পৰিৱৰ্তন সাধন হয়। ওপৰত আলোচনা কৰি অহা আত্মজীৱনীৰ লেখকসকল আছিল অসমীয়া সাহিত্যৰ একোটা স্তৰৰ প্ৰতিনিধিস্বৰূপ। তেওঁলোকৰ পৰৱৰ্তী সময়ত নতুন চিন্তা-চেতনা আৰু অধ্যয়নৰ জৰিয়তে অসমীয়া সাহিত্য সংস্কৃতি তথা জাতীয় জীৱনত গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা অসমৰ এগৰাকী আগশাৰীৰ কথাশিল্পী হোমেন বৰগোহাঞিৰ হাতত অসমীয়া আত্মজীৱনীয়ে এক ব্যতিক্রমী ৰূপ লাভ কৰিবলৈ সক্ষম হ’ল।
নিজৰ অতীতৰ বিভিন্ন মুহূর্ত, সিদ্ধান্ত আদিক বিশ্লেষণৰ কটাৰীৰে ফঁহিয়াই চাই তেওঁ নিজকে বাৰে বাৰে জুকিয়াই চোৱাৰ প্ৰয়াস কৰিছে। ১৯৮৮ চনত প্ৰকাশিত আত্মানুসন্ধানক নিজে আত্মজীৱনী বোলাৰ পৰিৱৰ্তে আত্মজৈবনিক টোকা হিচাপেহে অভিহিত কৰিছে যদিও অসমীয়া আত্মজীৱনীমূলক সাহিত্যৰ পথাৰখনত এইখনে নতুন বীজ সিঁচিবলৈ সক্ষম হ’ল। গ্ৰন্থখনিৰ প্ৰথমছোৱাতহে তেওঁৰ জীৱন-সোঁৱৰণ তথা আত্মবিশ্লেষণ দেখা পোৱা যায় ৷ বাকীসমূহৰ মাজত তেওঁৰ সাহিত্য সৃষ্টি আৰু সাহিত্যৰ ক্ষেত্ৰখনত জড়িত হৈ পৰাৰ পটভূমি হিচাপেহে অংকন কৰিছে। জীৱন ভাল-বেয়া বহুতো অভিজ্ঞতাৰ সমষ্টি। বৰগোহাঞিদেরে কেনেদৰে বিভিন্ন অভিজ্ঞতাৰ মুখামুখি হৈছিল, চৰকাৰী চাকৰি ইস্তফা দি সাংবাদিক হিচাপে আত্মপ্ৰকাশ কৰা, উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ ঘৰৰ পৰা দি পঠোৱা টকাৰ অপচয় কৰি জীৱনৰ গতিপথ সলনি কৰা, ৰাজনীতি জগতৰ বিভিন্ন কুখ্যাত ব্যক্তিৰ সংস্পৰ্শ আদি নানা ঘটনা অতি মনোৰম ৰূপত প্ৰকাশ কৰি তেখেতৰ মোৰ সংবাদিক জীৱন (১৯৮৯) গ্রন্থখন ৰচনা কৰিছে।
হোমেন বৰগোহাঞিৰ দুটা খণ্ডত প্ৰকাশিত ধুমুহা আৰু ৰামধেনু (১৯৯৭ আৰু ১৯৯৮) নামৰ গ্ৰন্থ দুখনত তেওঁৰ জীৱনৰ আন কিছুমান দিশ প্ৰতিফলিত হৈছে। প্ৰথম খণ্ডত তেওঁৰ জীৱনৰ প্ৰথম বাৰটা বছৰৰ অভিজ্ঞতাক সোঁৱৰণ কৰিছে। প্ৰতিটো অভিজ্ঞতা আৰু স্মৃতিক একোটা সুন্দৰ নামকৰণেৰে সামগ্ৰিক পৰিচয় এটা ফুটাই তোলাত তেওঁ সফল হৈছে। যেনে— পাটী-মূতুৰা, মোৰ দেউতা, ক্ষীৰোদ, কেঁহুকাই আৰু জুলনাথ, আৱিষ্কাৰ, গধূলি গধূলি ডবা কোথায় আদি। শৈশৱৰ বিভিন্ন অভিজ্ঞতা আৰু স্মৃতিয়ে তেওঁক গল্প, উপন্যাস আদিত কেনেদৰে সৃষ্টিশীল ৰূপ লাভ কৰিছে সেই কথা জানিব পাৰি। দ্বিতীয় খণ্ডটোত তেওঁৰ জীৱনৰ বহুতো সংঘাতময় ছবি নিঃসংকোচে অংকন কৰিছে। সংস্থাপনহীন হৈ আৰ্থিক সংকটৰ সন্মুখীন হোৱাৰ পৰা আৰম্ভ কৰি জীৱনৰ বিভিন্ন ধুমুহাৰে পৰিবেষ্টিত তেওঁৰ জীৱনৰ বহুতো অভিজ্ঞতাক অতি আকর্ষণীয় ৰূপত বৰ্ণনা কৰিছে। প্রবল আত্মবিশ্বাস আৰু দৃঢ়তা থাকিলেহে কোনো ব্যক্তিয়ে আঁৰ কাপোৰ নৰখাকৈ নিজক আনৰ আগত দাঙি ধৰিব পাৰে।
নিজৰ হৃদয়ক এখন যুদ্ধক্ষেত্ৰৰ লগত তুলনা কৰি ৰচিত মোৰ হৃদয় এখন যুদ্ধক্ষেত্র (২০০৬)ত গোহাঞিবৰুৱাৰ আত্মবিশ্লেষণৰ আন কিছুমান ব্যতিক্রমী দিশ প্ৰকাশিত হৈছে। যিবোৰ কাৰক আৰু ঘটনাই তেওঁৰ হৃদয়ক এখন যুদ্ধক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিছিল সেইবোৰৰহে উল্লেখ কৰিছে। পূৰ্বৰ কেইখনৰ দৰে এইখনৰো গদ্যৰীতি অতি প্রাঞ্জল আৰু সবল।
আশীৰ দশকত প্ৰকাশিত আন এখন ব্যতিক্রমী আত্মজীৱনী হৈছে মামণি ৰয়ছম গোস্বামীৰ আধালেখা দস্তাবেজ (১৯৮৮)। একান্ত ব্যক্তিগত জীৱনক সংকোচবিহীনভাৱে পাঠকৰ সন্মুখত তুলি ধৰি উপন্যাসোপম বৃষ্টি প্রকাশভংগীৰে গ্ৰন্থখনক অধিক সুখপাঠ্য আৰু মানবিশিষ্টতা প্ৰদান কৰিবলৈ তেওঁ সক্ষম হৈছে। গোস্বামীয়ে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰাৰে পৰা দিল্লী বিশ্ববিদ্যালয়ত যোগদান কৰালৈকে সুদীর্ঘ সময়ছোৱাক গ্রন্থখনত ধাৰাবাহিকভাৱে প্ৰকাশ কৰিছে। তেওঁৰ জীৱন আছিল বিচিত্ৰতাৰে ভৰা। জীৱনৰ গতিপথত আগুৱাই যাওঁতে বিভিন্ন সময়ত সন্মুখীন হোৱা বিচিত্র অভিজ্ঞতাৰ সমান্তৰালভাৱে নিজৰ মনোজগতত হোৱা আলোড়নৰ ছবিসমূহ অকপটে স্বীকাৰ কৰিবলৈ তেওঁ সামান্যতমো কুণ্ঠাবোধ কৰা নাই। লেখিকাৰ কৈশোৰ আৰু যৌৱনকাল, প্ৰেমৰ পছোৱাই উৰুৱাই নিয়া তেওঁৰ আঁচল, বৈবাহিক জীৱনৰ বহুতো সুখময় স্মৃতি, স্বামীৰ মৃত্যুৰ ফলত নামি অহা গভীৰ নৈৰাশ্যবোধ, মানসিক অস্থিৰতা আৰু দাম্পত্য জীৱনৰ মধুময় সোঁৱৰণ, গৱেষণাৰ বাবে বৃন্দাবনত কটোৱা সময়ছোৱাৰ বিভিন্ন স্মৃতি আদি জীৱনৰ বিভিন্ন অৱস্থাৰ মানৱীয় আবেগ-অনুভূতিক অতি আবেগময় ভাষাৰে গ্ৰন্থখনত বৰ্ণিত হৈছে। লগতে নাৰীমনৰ বহুতো ছবি সংবেদনশীল আৰু হৃদয়স্পর্শী ৰূপত প্ৰতিফলিত হৈছে।
লেখিকাৰ দ্বিতীয়খন আত্মজীৱনীমূলক গ্রন্থ দস্তাবেজৰ নতুন পৃষ্ঠা (২০০৭)ত তেওঁ উপন্যাসৰ সমল গোটাবলৈ গৈ বেংককৰ নাৰীদেহ ব্যৱসায়ৰ নিষিদ্ধ অঞ্চল কিছুমান পৰিদৰ্শনৰ অভিজ্ঞতা, অমৃতা প্রীতমকে মুখ্য কৰি অন্য মহীয়সী নাৰীৰ সৈতে সান্নিধ্য লাভৰ মধুৰ স্মৃতি, বিদেশ যাত্ৰাৰ বিচিত্র অভিজ্ঞতা আদিৰ সংবেদনশীল বর্ণনা ফুটি উঠিছে। এইখন গ্রন্থতো তেওঁ দ্বিধাহীনভাৱে বহুতো গোপন কথা প্রকাশ কৰিছে। গ্ৰন্থখনৰ আগকথাত তেওঁ লিখিছে—
….জীৱনৰ নতুন পৃষ্ঠাৰ মানুহ – যিসকলৰ সৰহভাগেই পৃথিৱী এৰি আঁতৰি গৈছে। জীয়াই থকাৰ বাসনাই অদ্ভুতভাবে আঘাত কৰি আঁতৰি গৈছে!!… তাৰ মাজতো মোক মাজে মাজে শৈশৱৰ কৈশোৰৰ কথাই অহৰহ টানি থাকে; ব্রাউন চাহাবৰ চিঠি, হেডী লামাৰৰ ৰঙা টুপী আৰু অভাৰকোটৰ কথা … এই ঘটনাসমূহেৰে আৰম্ভ হৈছে নতুন পৃষ্ঠা।’ ২০০৭ চনত প্ৰকাশিত গোস্বামীৰ আন এখন আত্মজীৱনীমূলক গ্রন্থ হৈছে অপ্সৰা গৃহ। জীৱনৰ বিভিন্ন মুহূৰ্তৰ অভিজ্ঞতা আৰু স্মৃতিৰে পৰিপূর্ণ কিছুমান বচনাৰ সংকলন এই গ্ৰন্থখনৰ সন্দৰ্ভত তেওঁ পাতনিত এনেদৰে লিখিছে—
…..এই গ্ৰন্থত মই অপ্সৰা গৃহৰ বাহিৰেও আৰু কেইবাখনো ৰচনা সংযোগ কৰিছোঁ। সেইবোৰ ঘটনা বৃন্দাৱনৰ পৰা অহাৰ পাছত দিল্লীত থাকোঁতে, হৈছিল। মোৰ এই ৰচনাৰ কাহিনীবোৰ আধালেখা দস্তাবেজৰ পৃষ্ঠাত নাই।’ ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ জ্ঞানপীঠ বঁটাৰে সন্মানিত মামণি ৰয়ছম গোস্বামীৰ গোটেইকেইখন আত্মজীৱনী আৰু আত্মজৈৱনিক ৰচনাৰ প্রকাশভংগী যথেষ্ট সৰল, সংবেদনশীল আৰু জীৱন্ত।
অসমীয়া সাহিত্য জগতৰ এজন বিদগ্ধ পণ্ডিত ড° মহেন্দ্ৰ বৰাৰ আত্মজীৱনী উপলা নদীৰ দৰে (১৯৯০) অসমীয়া আত্মজীৱনী সাহিত্যৰ এক অনন্য সংযোজন। অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰখনত কবি, সমালোচক, ছান্দসিক, অনুবাদক আদি বিভিন্ন ৰূপত দেখা পোৱা বিশাল পাণ্ডিত্যৰ অধিকাৰী এইজনা ব্যক্তিয়ে জীৱনক আগুৱাই নিয়া বিভিন্ন মুহূৰ্তৰ ছবি অতি কাব্যিক আবেদনেৰে গ্ৰন্থখনত প্ৰকাশ কৰিছে। বৃহৎ কলেবৰৰ গ্ৰন্থখনত তেওঁ উপস্থাপন কৰিবলৈ যাওঁতে চাৰিটা মূল অধ্যায়ত ভাগ কৰিছে— প্রথম অধ্যায় : ১৯২৯-১৯৪৭, দ্বিতীয় অধ্যায় : ১৯৪৭-১৯৫৩, তৃতীয় অধ্যায় : ১৯৫৩-১৯৭৩, চতুর্থ অধ্যায় : ১৯৭৩-১৯৮৭। গ্ৰন্থখনিৰ আগকথাত তেওঁ কৈছে— “খাঁটি আত্মজীৱনী নহয় এইখন। তেনেকুৱা কিবা এখন লেখাৰ অধিকাৰো মোৰ নাই। চেষ্টা কৰিছোঁ মাথোন মই পাৰ হৈ অহা সময়ছোৱাৰ পৰিবেশটো বন্দী কৰি থোৱাৰ।” লেখকৰ প্ৰকাশভংগীৰ কাব্যিকতাময় বর্ণনাই গ্ৰন্থখনক অধিক মনোৰম কৰি তুলিবলৈ সক্ষম হৈছে।
গ্ৰন্থখনৰ নামকৰণতেই ইয়াৰ আভাস পাব পাৰি। জীৱনৰ বিচিত্ৰতাৰে ভৰা ঘটনাৰাজি, অভিজ্ঞতা আৰু স্মৃতিৰাজিক বৰ্ণনা কৰোঁতে তেওঁ সমকালীন ৰাজনৈতিক, সামাজিক, বৌদ্ধিক আদি দিশকো আঙুলি বোলাই গৈছে। তেওঁৰ কাব্যিক আবেদনময়ী ভাষা প্ৰয়োগৰ এটা নমুনা দাঙি ধৰা হ’ল- পোনতে সিখনৰ এটা থমকিব নজনা জিৰজিৰণি। আছিল। তাৰ পিছত দোকোল-টকা প্রবাহ; মাজে মাজে তাৰ পাক ঘূৰণিত শুদ্ধ হৈ পৰা দুয়োটা পাৰৰ আৱর্জনা। এতিয়া যেতিয়া জীৱনৰ আবেলি হৈছেহি সিখনৰ পানীৰ ধাৰত আছে মাথোন বৈ আহিব পৰাৰ ধীৰ প্রশান্তি। ইপাৰৰ পৰা সিপাৰ নমনি – মাজত মাথোন এডৰা পানী, লহিয়াবলৈ লোৱা বেলিটোৱে তাক সেন্দুৰীয়া কৰি তুলিছে, তাৰ পাতন ধেনুভিৰীয়া ঢৌবোৰৰ ওপৰত। সিঁচি দিছে সোণৰ মণি। মই বর্ণনা কৰিছোঁ, অতদিনে দেখি অহা দুটা নৈ উবিয়লিৰ কথা, কোনটো উৰিয়লিয়েদি উঠি। জীৱনৰ বৰ্ম্মৱা ডৰাৰ হাতবাউলটোক সঁহাৰি জনাওঁ– সেই মোৰ দোধোৰ-মোধোৰ লহমাবোৰৰ কথা। মাথোন সেইটো অৰ্থতেই এইখন এখন আত্মজীৱনী।’ গ্ৰন্থখন সন্দৰ্ভত ড° জয়ন্ত কুমাৰ বৰাই সাহিত্য সংসৃষ্ট নামৰ গ্ৰন্থত এইদৰে মন্তব্য কৰিছে— ‘অসমীয়া সাহিত্যৰ অতি কমসংখ্যক উচ্চ খাপৰ আত্মজীৱনীৰ ভিতৰত উপলা নদীৰ দৰে অন্যতম এক অৱলোকন।’
১৯৯৩ চনত প্রকাশিত অনুভূতিসম্পন্ন লেখিকা নিৰূপমা বৰগোহাঞিৰ দ্বাৰা ৰচিত বিশ্বাস আৰু সংশয়ৰ মাজেদি এখন উল্লেখযোগ্য আত্মজীৱনী। গ্ৰন্থখনত লেখিকাৰ জীৱনৰ বিভিন্ন অভিজ্ঞতাক উপন্যাসোপম বৰ্ণনাৰ যোগেদি জীৱন্ত ৰূপ প্ৰদান কৰিছে। ব্যক্তিগত জীৱন, নীতি আৰু আদর্শ, সমসাময়িক সমাজ-সংস্কৃতি আদিৰ প্ৰতিফলনেৰে গ্ৰন্থখনে সুখপাঠ্যতা লাভ কৰিবলৈ সক্ষম হৈছে। গ্ৰন্থখনত লেখিকাৰ জীৱনৰ বহুতো আমোদজনক ঘটনাক সাহসেবে উপস্থাপন কৰাৰ লগতে পুৰুষকেন্দ্রিক সমাজ ব্যৱস্থাৰ প্ৰতি এক বিদ্রোহী দৃষ্টিভংগীও প্রতিফলিত হৈছে। ড° জয়ন্ত কুমাৰ বৰাই ঈক্ষণ আৰু বীক্ষণ গ্ৰন্থৰ বিংশ শতিকাৰ অসমীয়া আত্মজীৱনীমূলক সাহিত্য নামৰ প্ৰবন্ধত এনেদৰে মন্তব্য কৰিছে— ‘বিশ্বাস আৰু সংশয়ৰ মাজেদি গ্ৰন্থত লেখিকাৰ সজাগ বিবেক আৰু প্ৰখৰ সমাজ চেতনাৰ প্ৰকাশ ঘটিছে।”
নীলিমা দত্তৰ লুইতৰ পানী যাবি অ’ বৈ (১৯৯৩) এখন সফল আত্মজীৱনী। শৈশৱ, ছাত্রীজীৱন, কর্মজীৱন, বিদেশ যাত্রা আদি বিভিন্ন অভিজ্ঞতাৰ সমাহাৰেৰে ৰচিত এইখন গ্ৰন্থত লেখকে শৈশৱৰ বৰ্ণনাত প্ৰকৃতিৰ মনোৰম চিত্ৰ ফুটাই তুলিবলৈ সক্ষম হৈছে। তাৎপর্যপূর্ণ কথা যে তেওঁ গ্ৰন্থখনত ব্যক্তিগত আৰু সামাজিক জীৱনৰ বিভিন্ন কথাক স্থান দিয়াৰ বিপৰীতে নিজৰ পাৰিবাৰিক জীৱনক ইয়াৰ আওতাৰ পৰা আঁতৰাই ৰাখিছে। নীলিমা দত্ত কবি মনৰ অধিকাৰী হোৱাৰ বাবে ভাষা কাব্যিক হোৱাৰ লগতে প্ৰকাশভংগী আবেদনময়ী হৈ গ্ৰন্থখন আকর্ষণীয় হোৱাত সহায় কৰিছে।
অসমীয়া জাতীয় জীৱনৰ এক অনুকৰণীয় ব্যক্তিত্বৰ অধিকাৰী ড° ভবেন্দ্রনাথ শইকীয়াৰ ১৯৯৯ চনত প্রকাশিত জীৱন বৃত্ত অসমীয়া আত্মজীবনী সাহিত্যৰ এক উল্লেখযোগ্য সংযোজন। বৰেণা ব্যক্তিগৰাকীয়ে জীৱনৰ আদিছোৱাৰ পৰা বিয়লি বেলা পর্যন্ত প্রায় সকলো সময়ক সামৰি বচনা কৰা এই আত্মজীৱনীখনত প্ৰায়বোৰ দিশকেই সামৰিবলৈ সক্ষম হৈছে। প্ৰকাশভংগীৰ প্ৰাঞ্জলতাই গ্ৰন্থখনক পাঠক সমাজৰ আগত মনোগ্রাহী কৰি দাঙি ধৰিবলৈ সক্ষম হৈছে। গ্ৰন্থখনৰ জৰিয়তে ড° ভবেন্দ্ৰনাথ শইকীয়াৰ ব্যক্তিত্বৰ ভালেমান প্ৰতিফলিত হোৱাৰ উপৰি কৰ্মসংস্কৃতিৰে প্রতীকস্বৰূপ ব্যক্তিগৰাকীৰ দ্বাৰা নতুন প্ৰজন্ম অনুপ্রাণিত হোৱাৰ যথেষ্ট অৱকাশ আছে। এই বর্ষতে প্রকাশিত গৌৰীশংকৰ ভট্টাচাৰ্যৰ বৃহৎ কলেবৰৰ আত্মজীৱনী সবিনয় নিবেদনত ব্যক্তিগৰাকীৰ জীৱনৰ বিভিন্ন দিশ ফুটি উঠাৰ লগতে তেওঁৰ ব্যক্তিগত আৰু সামাজিক জীৱনৰ কৰ্মৰাজিৰ সুষম সমন্বয় ঘটিছে।
প্রথিতযশা সাংবাদিক তিলক হাজৰিকাৰ ২০০০ চনত প্ৰকাশিত আবেলিৰ ছাঁ এখন মনোৰম আত্মজীৱনী। সাংবাদিক জীৱনৰ বিভিন্ন ঘটনা, অসমীয়া জাতীয় জীৱনৰ লগত জড়িত বহুতো উল্লেখযোগ্য ঘটনা, জীৱনজোৰা বিভিন্ন অভিজ্ঞতা আদিক প্রাণস্পর্শী ৰূপত অংকন কৰা এইখন আত্মজীৱনীয়ে সুখপাঠ্য ৰূপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। প্ৰান্তিকৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশিত আমেৰিকাস্থিত প্রবাসী অসমীয়া ড° দিলীপ কুমাৰ দত্তৰ মোৰ শিক্ষা আৰু শিক্ষক (২০০২) নামৰ আত্মজীৱনীখনত লেখকৰ ছাত্ৰজীৱনৰ স্মৃতি, অভিজ্ঞতা, বৰেণ্য শিক্ষকসকলৰ সান্নিধ্য আদি দিশসমূহ বিশেষভাৱে প্ৰতিফলিত হৈছে।
প্ৰথম অৱস্থাত বীৰেন বৰুৱাৰ সম্পাদনাত কৌস্তুভ নামৰ ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত মাহেকীয়া আলোচনীখনত স্বপ্ন আৰু স্মৃতি নামেৰে প্ৰকাশিত ড° নগেন শইকীয়াৰ আত্মজীৱনীখন পৰৱৰ্তী সময়ত ধূলিৰ ধেমালি নামেৰে ২০০২ চনত প্ৰকাশ হয়। নিজৰ জন্মস্থান গোলাঘাটৰ ঢেকিয়াল গাঁৱৰ লগতে অঞ্চলটোৰ এক সামগ্ৰিক পৰিচয় আগবঢ়োৱাৰ লগতে শৈশৱৰ বিভিন্ন আমোদজনক ঘটনা, প্ৰেম আৰু বিবাহ, শিক্ষা, কৰ্মজীৱন, সাহিত্য আৰু ৰাজনৈতিক জীৱনৰ বিভিন্ন স্মৃতি, ঘটনা আৰু অভিজ্ঞতাক অতি শক্তিশালী ৰূপত প্ৰতিফলিত হোৱা গ্ৰন্থখনত লেখকৰ সাহিত্য প্ৰতিভাৰ উজ্জ্বল নিদর্শন পৰিস্ফুট হৈছে। বহু সময়ত আত্মজীৱনীখনত মননশীল গল্পকাৰ নগেন শইকীয়াই ভূমুকি মৰাও পৰিলক্ষিত হয়। ২০০৩ চনত প্ৰকাশিত ইন্দিবা মিৰিৰ মই আৰু নেফাক আত্মজীৱনী বোলাতকৈ আত্মজীৱনীমূলক ৰচনা বুলি কোৱাহে সমীচীন হ’ব।
২০০৪ চনত গ্রন্থাকাৰে প্রকাশিত সাহিত্যিক ড° নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনী জীৱন জীৱন বৰ অনুপম প্রথমতে অসমৰ আগশাৰীৰ আলোচনী প্ৰান্তিকত ধাৰাবাহিকভাবে প্রকাশ হৈছিল। জীৱনলৈ নামি অহা নানান সংঘাত, জটিলতা আদিক প্রত্যাহ্বানস্বৰূপে গ্ৰহণ কৰি জীৱনৰ মধুৰতা পান কৰিবলৈ সক্ষম হোৱা এইগৰাকী মানৱৰদী সাহিত্যিকৰ যন্ত্রণাময় জীবন, অধ্যবসায়ৰ জীৱন, শিক্ষা জীৱন, সাহিত্যিক জীৱন, অধ্যাপনাৰ জীৱন, সংগীত চৰ্চাৰ জীৱন আদিক অতি মনোৰম শৈলীৰে প্ৰকাশ কৰা গ্ৰন্থখনি জীৱন ধুমুহাত বিধ্বস্ত হোৱাসকলৰ বাবে যথেষ্ট প্ৰেৰণাৰ উৎস। বিভিন্ন শিৰোনামেৰে নামকৰণ কৰা অধ্যায়সমূহ তেওঁৰ জীৱনৰ বিচিত্ৰ অভিজ্ঞতাৰ প্ৰাঞ্জল বৰ্ণনাৰে আকৰ্ষণীয় হৈ পৰিছে। অসমীয়া সংগীতৰ ক্ষেত্ৰখনলৈ ভালেসংখ্যক অমৰ গীত প্ৰদান কৰা এইগৰাকী গীতিকাৰৰ গীত সৃষ্টিৰ নেপথ্যৰ বহুতো আমোদজনক ঘটনাই গ্রন্থখন অধিক সুখপাঠ্য কৰি তুলিছে।
অসমৰ বৌদ্ধিক মহলৰ এজন অতি আগশাৰীৰ ব্যক্তি ড° হীৰেন গোহাঁইৰ হাতত অসমীয়া আত্মজীৱনীয়ে এক অভিনৱ মাত্রা লাভ কৰিবলৈ সক্ষম হ’ল। তিনিটা খণ্ডত প্ৰকাশিত বতাহত ক’ৰ গধূলি-গোপাল (২০০৫), হেঙুল আকাশ, ক’লা চাইকেল, এজন আৰোহী (২০০৭) আৰু সপোনৰ দিক্চৌ বনত (২০০৯) গ্রন্থকেইখনে অসমীয়া গ্ৰন্থপ্ৰেমীৰ মাজত এক নতুন স্বাদ প্ৰদান কৰিবলৈ সক্ষম হ’ল। ব্যতিক্ৰমী প্ৰকাশভংগী, মনোৰম বর্ণনাশৈলী, আত্মকথনৰ অভিনৱ পন্থাৰ উপৰি বিভিন্ন দিশৰ তিনিখন গ্ৰন্থত সমাহাৰ ঘটিল। নির্মোহ আত্মবিশ্লেষণৰ জৰিয়তে নিজৰ মনৰ গোপন কপাট পাঠকৰ সন্মুখত খুলি ধৰি তেওঁ প্রবল আত্মবিশ্বাসৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। বতাহত ক’ৰ গধুলি-গোপালৰ পাতনিত তেওঁ লিখিছে— ‘মোৰ কিন্তু বেছিকৈ মনলৈ আহে পিৰালিচুকত বা বাৰাণ্ডাৰ কাষত আপোনা-আপুনি গজি উঠা গধূলি-গোপাল জোপোহাৰ ৰঙা ৰঙা, কোমল ফুল আৰু তাৰ মৃদু সুঘ্রাণ গধুলিৰ মৃদু বতাহত ভাহি অহা। মনত পৰিলে দীঘলকৈ নিশাহ এৰোঁ। যেন অনাদৃত প্রকৃত বন্ধু এজন ব্যস্ত জীৱনৰ ভিৰৰ মাজত ক’ৰবাত হেৰাই থাকিল।
… মোৰ অতীত-স্মৃতিবোৰ তেনেকুৱাই। সেইবোৰ আঁকোৱালি লৈ অতীতৰ তৰংগায়িত সাগৰত ডুব দিবলৈ মোৰ মন নাযায়। কিন্তু কেতিয়াবা জিৰণি আৰু নীৰৱতাৰ মুহূৰ্তত গধুলি-গোপাল ফুলৰ সেই পাহৰা সুবাসে মন আচ্ছন্ন কৰি দিব খোজে। লেখকে প্রথমখন গ্ৰন্থত লেখকৰ জীৱনৰ শৈশৱ আৰু আই.এ. পৰীক্ষাত উত্তীর্ণ হোৱালৈকে সময়ছোৱা, দ্বিতীয়খনত কলিকতাৰ প্ৰেছিডেন্সি কলেজত বি.এ. পঢ়াৰ পৰা আৰম্ভ কৰি দিল্লীৰ ৰামজাছ কলেজত এম.এ. পঢ়ালৈকে আৰু দিল্লীৰ কিৰোমিল কলেজত অধ্যাপনা কৰাৰ সময়ছোৱা আৰু তৃতীয়খনত কেমব্রিজ বিশ্ববিদ্যালয়ত গৱেষণা কৰা, লণ্ডন আৰু পেৰিছ ভ্ৰমণক সামৰি লৈছে। জীৱনক তীব্ৰ পৰ্যবেক্ষণ শক্তিৰে ফঁহিয়াই চাবলৈ তেওঁ কুণ্ঠাবোধ কৰা নাই। সমাজৰ প্ৰতি সমালোচনাত্মক মনোভাৱ, জীৱনৰ বুদ্ধিদীপ্ত পৰ্যালোচনা, উপমা ৰূপকাদি অলংকাৰযুক্ত গদ্যৰ প্ৰয়োগ, অতীত জীৱনৰ লগত সম্পর্কিত জাতীয় জীৱনৰ বিভিন্ন উল্লেখযোগ্য ঘটনাৰাজি আদি বিভিন্ন দিশৰ সমাহাৰেৰে এইকেইখন আত্মজীৱনী অসমীয়া সাহিত্যৰ অমূল্য সম্পদ হিচাপে আদৰণীয় হৈ ৰ’ব।
সাদিনৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশিত আৰু পৰৱৰ্তী সময়ত গ্রন্থাকাৰে প্ৰকাশিত কবি, গীতিকাৰ কেশৱ মহন্তৰ সিপাৰত তুমি কল্পনা মোৰ (২০০৭) চনত প্ৰকাশিত আন এখন অতি মনোৰম কথনভংগী, কাব্যিক আবেদনপূর্ণ, গীতিধর্মী আত্মজীৱনী। অজিৎ বৰুৱাৰ স্মৃতিকথা (২০০৮) নামৰ আত্মজীৱনীতো লেখকৰ জীৱনৰ বিভিন্ন ঘটনা আৰু অভিজ্ঞতাৰ মনোৰম প্ৰকাশ ঘটিছে।
২০১০ চনত প্ৰকাশিত ড° লক্ষ্মীনন্দন বৰাৰ এখন বৃহৎ কলেবৰৰ আত্মজীৱনী হৈছে কাল বলুকাত খোজ। গ্ৰন্থখনিৰ প্ৰকাশভংগী, লেখকৰ জীৱনৰ লগত জড়িত বিভিন্ন অভিজ্ঞতা আদিয়ে সহৃদয় পাঠকক আকর্ষণ কৰিবলৈ সক্ষম হৈছে। জীৱনৰ বিচিত্ৰ অভিজ্ঞতাৰ লগত সমান্তৰালভাৱে দেশৰ -সামাজিক, ৰাজনৈতিক, জাতীয় আদি বিভিন্ন দিশক প্রাঞ্জল আৰু বলিষ্ঠ গদ্যশৈলীৰে প্ৰকাশ কৰি লেখকে গ্ৰন্থখনক আকর্ষণীয় ৰূপ প্ৰদান কৰিবলৈ সক্ষম হৈছে। এই বর্ষতে প্রকাশিত অসমৰ আগশাৰীৰ সংগীতশিল্পী তথা বুদ্ধিজীৱী লোকনাথ গোস্বামীৰ সময়ৰ বালিত লিখা ৰ’ব জীৱনৰ যত কথা এখন ব্যতিক্রমধর্মী আত্মজীৱনী। শৈশৱ-কৈশোৰৰ আলি-দোমোজাত, ঘটনা-পৰিঘটনাৰ চাকনৈয়াত, জুই-ছাই-ধোঁৱাৰ কুণ্ডলীত জীৱনৰ গান, অনুভৱৰ পৃথিৱীত— এই চাৰিটা খণ্ডত বিভক্ত আত্মজীৱনীখনত লেখকৰ সমাজ চেতনাৰ দিশটো প্ৰতিফলিত হৈছে। অসমৰ সন্ত্ৰাসজৰ্জৰ ইতিহাসৰ এক ৰক্তাক্ত অধ্যায়ৰ দস্তাবেজ প্রকাশ হোৱাটো গ্ৰন্থখনৰ আন এটি উল্লেখযোগ্য দিশ।
অসমীয়া সাহিত্যৰ আন দিশবোৰৰ তুলনাত সংখ্যাগতভাৱে আত্মজীৱনী কম পৰিমাণে ৰচিত হৈছে যদিও গুণগত মানৰ ফালৰ পৰা এইবোৰ যথেষ্ট সবল আৰু পৰিপুষ্ট। আশীৰ পৰৱৰ্তী অসমীয়া আত্মজীৱনীৰ আলোচনা কৰিবলৈ যাওঁতে সীমিত জ্ঞান আৰু অভিজ্ঞতাৰ বাবে আলোচনাৰ আওতালৈ সকলোখিনি আত্মজীৱনীকে আনিব পৰা নগ’ল। এই আলোচনাত কেৱল বিভিন্ন ক্ষেত্ৰত প্ৰতিনিধিত্বমূলক আত্মজীৱনীসমূহকহে বিশেষভাৱে আলোকপাত কৰাৰ প্ৰয়াস কৰা হৈছে। তথাপি স্বীকাৰ কৰিব লাগিব যে আশীৰ পৰৱৰ্তী সময়ত ৰচিত অসমীয়া আত্মজীৱনীয়ে প্ৰকাশভংগীৰ নৈপুণ্য আৰু মনোৰম গদ্যশৈলীৰ সমাবেশেৰে অধিক আকর্ষণীয় আৰু শক্তিশালী ৰূপ লাভ কৰিবলৈ সক্ষম হ’ল।