History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয়, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় Question Answer can be of great value to excel in the examination.
History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয়
History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় Notes cover all the exercise questions in UGC Syllabus. The History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
৭। নিৰ্মলপ্ৰভা বৰদলৈৰ কাব্য প্ৰতিভা বিশ্লেষণ কৰা।
উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈ যুদ্ধোত্তৰ কালৰ অসমীয়া কাব্যজগতত এগৰাকী শ্ৰেষ্ঠ অসমীয়া কাব্যজগতত এগৰাকী শ্ৰেষ্ঠ কবি হিচাপে সুপ্রতিষ্ঠিত। পঞ্চাছৰ দশকৰ পৰা মৃত্যুপর্যন্ত তেওঁ কবিতা লিখি থৈ গ’ল, তাৰ মাজেদিয়েই কবিগৰাকী উজলি থাকিব।
নিৰ্মলপ্ৰভাৰ অন্তৰত কবিতাৰ প্ৰথম অংকুৰণ গজিছিল চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোতেই। আত্মজীৱনীত তেওঁ এনেদৰে সেই দিনটোৰ বৰ্ণনা দিছে— “প্ৰথম কবিতা লিখাৰ দিনটো আজিও সুন্দৰকৈ মোৰ মনত আছে। ৰ’দ বৰষুণে জিলমিলকৈ থকা এটা আবেলি। পঢ়া কোঠাৰ কাষৰ হাচনাহানাজোপাৰ বগা ফুলবোৰ জকমকাই আছিল। মই খিৰিকিত উঠি খিৰিকিৰ ৰেলিং এডালত ধৰি দুলি আছিলো দোলনৰ লগে লগে মোৰ মনলৈ ছন্দ আহিছিল। ছন্দই ছন্দই কথাবোৰ মিলি মিলি যায় – কি যে ভাল লগা এই আখৰ মিলোৱা কামটো। চাওঁতে চাওঁতে এটা অর্থ থকা পদ্য মুখে মুখে হ’ল। মই ল’ৰালৰিকৈ নামি কাগজ এখনত লিখি পেলালো আৰু আনন্দৰ আতিশয্যাত দেউতাৰ ওচৰ পালোগৈ।”
পঞ্চম-ষষ্ঠ শ্ৰেণীত পঢ়ি থকা অৱস্থাত কবিতা লিখাৰ নিচা নিৰ্মলপ্ৰভাৰ ইমানেই বেছি হৈছিল যে এখন ডাঙৰ-দীঘল বহীৰ পাত কবিতা লিখি কম সময়তে শেষ কৰি পেলাইছিল। এই সময়ৰ কবিতাবোৰৰ বিষয়বস্তু আছিল প্রকৃতি আৰু উগ্রস্বদেশপ্রেম।
কবিতা ভালপোৱা সেই কিশোৰীগৰাকী এদিন ডাঙৰ হ’ল। মূৰ্ত হৈ উঠিল তেওঁৰ কাব্য প্রতিভা। সৰ্বসাধাৰণ মানুহৰ সুখ-দুখ, প্রপ্তি-অপ্রাপ্তি, প্রেম-বিরহ, আনন্দ-বিষাদ, নিঃসংগতা, গ্রাম্য জীৱনৰ ৰূপ-গন্ধ-স্পর্শ আদি বিষয়ৰ লগতে সাম্প্ৰতিক ৰক্তাত্ব সময়ৰ এখন জলছবি তেওঁৰ কবিতাসমূহত বাংময় হৈ উঠিল। ১৯৫০ চনতে ‘ৰামধেনু’ আলোচনীত প্ৰকাশিত ‘বানডি শ’ কবিতাৰ জৰিয়তে কাব্যৰসিকৰ দৃষ্টি আকৰ্ষণ কৰা নিৰ্মলপ্ৰভা বৰদলৈৰ প্রথম কাব্য সংকলন ‘বন ফৰিঙৰ ৰং’ ১৯৫৭ চনত প্ৰকাশ হয়। ইয়াৰ পাছৰ পৰা তেওঁৰ কাপৰ পৰা সৃষ্টি হৈছে ‘সমীপেষু’, ‘দিনৰ পাছত দিন’, ‘অন্তৰঙ্গ’, ‘সুদীৰ্ঘ দিন আৰু ঋতু’, ‘শব্দৰ ইপাৰে শব্দৰ সিপাৰে’, ‘অমিতাভ শব্দ’, উ’ নিৰ্মলপ্ৰভা বৰদলৈৰ নিৰ্বাচিত কবিতা’, ‘বসন্তৰ এদিন’ আদি কাব্য সংকলনৰ। উল্লেখযোগ্য যে তেওঁ ‘দিনৰ পাছত দিন’ কাব্যগ্ৰন্থৰ বাবে ‘অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ কবিতাৰ বঁটা’ (১৯৭৭) আৰু ‘সুদীৰ্ঘ দিন আৰু ঋতু’ (১৯৮২) কাব্যগ্ৰন্থৰ বাবে ১৯৮৩ চনৰ সাহিত্য অকাডেমী বঁটা লাভ কৰে।
নিৰ্মলপ্ৰভা বৰদলৈৰ ভালেমান কবিতা ইংৰাজীলৈ অনুদিত হৈছে। তানুবাদকসকলৰ ভিতৰত হেম বৰুৱা, ড° বাঘবেন্দ্ৰ ৰাও, ড° নৱনীতা দেৱসেন, ড° ভোলাভাই পেটেল, ড° প্রফুল্ল দত্ত গোস্বামী, ড° হীৰেন গোহাই, ভৱেন বৰুৱা, ধীৰেন্দ্ৰনাথ বেজবৰুৱা, হীৰেন দত্ত, প্রদীপ আচাৰ্য,অজিৎ বৰুৱা, অতুলানন্দ গোস্বামী আদি অন্যতম। হিন্দী ভাষালৈ অনুবাদ কৰাত অনুবাদক নবাৰুণ বৰ্মা আৰু বন্তি আশা কাকতিৰ নাম উল্লেখযোগ্য। বিশ্বৰ বহু ভাষালৈ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ ৰূপান্তৰ আৰু তজচ্ছ্রমা হৈছে। তেওঁৰ হিন্দী আৰু ইংৰাজীলৈ অনুদিত কাব্যপুথি ‘বন্দুকোকী আৱাজ চে সুবহ হোতী হে ক্যা……।.।
নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাত বিমুগ্ধ হৈ অৱসৰপ্ৰাপ্ত মানৱ সম্পদ বিভাগৰ সচিব, আই, এ, এছ বিষয়া কে কে খুল্লৰে তেওঁক নাইটিংগেল। আব আছাম’ বুলি অভিহিত কৰি এটি ইংৰাজী প্ৰবন্ধ দিল্লীৰ এখন বিখ্যাত আলোচনীত প্ৰকাশ কৰিছিল।
মহিলা কবি হিচাপে নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰায়বোৰ কবিতাতে নাৰী জীৱনৰ বিভিন্ন দিশ বাংময় ৰূপত প্ৰতিফলিত হৈছে। মহাকাব্যৰ যুগৰ পৰা সাম্প্ৰতিক কাললৈকে নাৰীয়ে সন্মুখীন হৈ অহা লাঞ্চনা-বঞ্চনা, শোষিত আৰু নিপীড়িত ৰূপক তেওঁ কবিতাৰ মাজেৰে ব্যক্ত কৰিছে। ‘দ্রেপদী’, ‘সীতা’, ‘গান্ধাৰী’ আদি কবিতাৰ যোগে নাৰীৰ ‘বজ্রাদপি কঠোৰানি মৃদুনি কুসুমাদপি’– এই দুয়োটা ৰূপ প্ৰতিফলিত হৈছে।
নিৰ্মলপ্ৰভা বৰদলৈৰ অনেক কবিতাৰ ভিতৰৰে এটা কালজয়ী কবিতা হ’ল ‘বন ফৰিঙৰ ৰং’ কাব্যগ্ৰন্থত সংকলিত ‘দ্রৌপদী’। ‘নবযুগ’ নামৰ আলোচনীত কবিতাটি প্রকাশিত হৈ তদানীন্তন সময়ত আলোড়ন সৃষ্টি কৰিছিল। কবিতাটিত ব্যঙ্গাত্মক প্রকাশভঙ্গীৰ মাজেৰে ফুটি উঠিছে নাৰীমনৰ এক চিৰন্তন সত্যতা।
নির্মলপ্রভাৰ মতে “জীৱনতকৈ ডাঙৰ কবিতা আৰু একো নাই। জীবন এক অনন্ত কবিতা— বুজা নুবুজাৰ জোনাকৰ, ধুমুহাৰ, নৃপোৱা-পোৱাৰ পাই হেৰুওৱাৰ, কোমলতাৰ, স্বপ্নৰ, সৌন্দর্যৰ অন্ধকাৰৰ, যন্ত্রণাৰ, নিঃসংগতাৰ, অসহায়তাৰ, কঠিনতাৰ, সত্য উচ্ছাৰণৰ, শোষণৰ, দগ্ধতাৰ, কাতৰতাৰ, আৰ্তনাদৰ, অশ্ৰুৰ, প্ৰতিজ্ঞাৰ …।”
নির্মলপ্রভা নিজে এটি নিটোল কবিতা, সমগ্র সত্তা তেওঁ নিহিত হৈ আছে কবিতাৰ মাজত। স্বপ্নভাষী ৰাতি, অগতানুগতিক অথচ সহজবোধ্য চিত্রকল্প, গীতিধর্মীতা, শব্দচাতুৰ্য আৰু প্ৰকাশভংগীৰ অভিনৱত্বই তেওঁৰ কবিতাত সোণত সুৱগা চৰাইছে। এনেবোৰ দিশ প্ৰত্যক্ষ কৰিয়েই প্ৰসিদ্ধ কাব্য সমালোচক নলিনীধৰ ভট্টাচাৰ্যই ‘নিৰ্মলপ্ৰভাৰ কবিতা সংযমৰ শিল্প’ বুলি মন্তব্য কৰিছে।
৮। শিশু বিকাশত শিশু সাহিত্যৰ ভূমিকা উল্লেখ কৰি এটি আলোচনা যুগুত কৰা?
উত্তৰঃ শিশুৱে যি সাহিত্য পঢ়ি বা দেখি আনন্দ কৰে, মোটামুটিভাৱে সেয়াই শিশু-সাহিত্য। লিখা-পঢ়া শিকাৰ পূৰ্বেও ৰং-বিৰঙৰ সচিত্ৰ পুথিসমূহ চাই শিশুৱে প্ৰচুৰ আমোদ পায়। সেই অর্থত শব্দ-বাক্যবিহীন এনে সচিত্র পুথিসমূহো শিশু-সাহিত্য। বয়সৰ ফালৰ পৰা চাবলৈ গ’লে শৈশৱৰ আৰম্ভণিৰ পৰা বয়ঃসন্ধিৰ পূৰ্বাৱস্থালৈ অৰ্থাৎ প্ৰায় ১২-১৪ বছৰ বয়সৰ শিশুৰ উপযোগী পুথিসমূহকেই শিশু-সাহিত্যৰ অন্তৰ্ভুক্ত কৰিব পাৰি। এনে শিশু-সাহিত্য আৰু প্রাপ্তবয়স্কৰ সাহিত্যৰ মাজৰ সময়ছোৱাৰ সাহিত্যক তৰুণ চামৰ সাহিত্য (young adult literatuar) বুলি ক’ব পাৰি।
ঐতিহাসিক পটভূমিঃ শিশু-সাহিত্য ব্যাপক ৰূপত প্রকাশিত হয় সোতৰ শতিকাত। আৰম্ভণিতে এনে সাহিত্য ঘাইকৈ আছিল শিক্ষা প্ৰদান সম্পৰ্কীয়। এইবোৰৰ উদ্দেশ্য আছিল আখৰ, শব্দ, বাক্য শিকোৱা আৰু তাৰ জৰিয়তে শিশুৰ নৈতিক আৰু আধ্যাত্মিক দিশো বিকশিত কৰা। কিন্তু সেই সময়ৰ বিখ্যাত মনোবিজ্ঞানী জন ল’কৰ (John Locke) অভিমত আছিল যে শিশুসকলে পঢ়াৰ জৰিয়তে আনন্দ পাব লাগিব, তেতিয়াহে শিশু-সাহিত্য সার্থক হ’ব। জন ল’কৰ অভিমত বা ধ্যান-ধাৰণাৰ দ্বাৰা প্ৰভাৱিত হৈ সোতৰ শতিকাৰ মাজভাগত ব্ৰিটিছ গ্ৰন্থ-প্রকাশক জন নিউৰেীয়ে (John Newbery) পোন প্রথমে শিশুৰ বাবে আনন্দদায়ক পুথি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। সেই সময়ৰ পৰাই দৰাচলতে একমাত্ৰ শিক্ষামূলক কিতাপৰ সলনি শিশুৰ বাবে আনন্দদায়ক পুথিসমূহ প্রকাশ হ’বলৈ ধৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ভাষাত।
বিংশ শতিকাত মুদ্রণ যন্ত্রৰ অত্যাধুনিক অগ্ৰগতিৰ লগে লগে শিশু সাহিত্যত গুরুত্বপূর্ণ সংযোজন ঘটে সচিত্ৰ পুথিসমূহৰ। ঊনবিংশ শতিকাতেই প্রখ্যাত চিত্র শিল্পী ৰেনডলফ কেলডেকট (Randolph Coldecot), কেট গ্রানেরে (Kate Greenaway) আদিয়ে সচিত্র শিশু পুথি প্ৰকাশত অৰিহণা যোগায়। বিংশ শতিকাৰ তৃতীয় আৰু চতুৰ্থ দশকত আন কেবাজনো প্রখ্যাত শিল্পী রাণ্ডা গেগ (Wanda Gag), মাৰগেৰিৰ্ট এনজেলি, ৰবাৰ্ট লচন আদিয়ে সচিত্ৰ শিশু পুথি প্ৰকাশত প্ৰভূত বৰঙনি যোগায়।
কম্পিউটাৰৰ ব্যাপক প্ৰসাৰৰ লগে লগে শিশু গ্ৰন্থৰ প্ৰকাশনত ব্যাপক পৰিবৰ্তনৰ সূচনা হয়। সম্প্রতি কম্পিউটাৰ গ্ৰাফিকছ আৰু অন্যান্য প্ৰযুক্তিৰ সহায়ত শিশু-সাহিত্যসমূহ পূৰ্বতকৈ অধিক আকর্ষণীয় আৰু মনোমোহা ৰূপত প্ৰকাশ কৰাটো সম্ভৱ হৈ পৰিছে। বিশ্বৰ শিশু-সাহিত্যক আৰম্ভণি পৰ্যায়ত অনবদ্য বঙনিৰে সমৃদ্ধ কৰা সাহিত্যিকসকল হ’ল জেক লন্ডন, মার্ক টোৱেইন, ৰুডিয়ার্ড কিপলিং, এডগাৰ এলেন পো, ৰবাৰ্ট লুই স্টিভেনচন আৰু হেনচ্ ক্ৰিষ্টিয়ান এণ্ডাৰচন ইত্যাদি।
সময়ৰ অগ্ৰগতিৰ লগে লগে শিশু-সাহিত্যৰ বিষয় বৈচিত্ৰ্যায়ো সমাদৰ লাভ কৰে। সাধুকথা, গল্পৰ বাহিৰেও শিশু-সাহিত্যত সামাজিক নানান বিষয় অন্তৰ্ভুক্ত হ’বলৈ ধৰে৷ দৈনন্দিন জীৱন ধাৰণৰ বিচিত্ৰ কথা, মানুহৰ আৰ্থিক অভাৱ-অনাটন, স্বাধীনতা স্পৃহা, দেশে দেশে হোৱা সমাজ বিবৰ্তনৰ সংগ্ৰাম, শিশুৰ প্ৰতি অনাদৰ আৰু বৈষম্যমূলক আচৰণ, স্বাস্থ্য সচেতনতা আদি বিষয়বোৰো শিশু-সাহিত্যৰ বিষয়বস্তু হিচাপে অন্তর্ভুক্ত হয়। সেয়েহে এসময়ৰ আনন্দদায়ক শিশু-সাহিত্যই ইয়াৰ পৰিসৰ বৃদ্ধি কৰি লাহে লাহে শিশুসকলৰ সামাজিক-সাংস্কৃতিক চেতনাবোধ জাগ্ৰত কৰাৰ আহিলা হিচাপেও স্থান লাভ কৰিবলৈ লয়।
অসমৰ শিশু-সাহিত্যঃ ইংৰাজী ভাষাৰ শিশু-সাহিত্যৰ সমানে সমানে নহ’লেও অসমীয়া শিশু সাহিত্যৰ আৰম্ভণিও হয় মহাপুৰুষ মাধৱদেৱৰ সময়তেই। চোৰধৰা, পিম্পৰা গুচোৱা আদি শিশুকেন্দ্ৰিক নাটবোৰেৰে মাধৱদেৱে মনোগ্ৰাহী শিশু-সাহিত্য ৰচনা কৰিছিল। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই অসমৰ শিশু-সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰে। বেজবৰুৱাৰ অমৰ সৃষ্টি ‘তেজীমলা’ৰ কাহিনী নজনা অসমীয়া চাগে নোলাব। পৰৱৰ্তী পৰ্যায়ত অসমীয়া শিশু-সাহিত্যক সমৃদ্ধ কৰা বিশিষ্ট সাহিত্যিকসকলৰ ভিতৰত কেইগৰাকীমান হ’ল- অতুল চন্দ্ৰ হাজৰিকা, ড° প্ৰফুল্ল দত্ত গোস্বামী, নৱকান্ত বৰুৱা, ড° নিৰ্মলপ্ৰভা বৰদলৈ, কীৰ্তিনাথ হাজৰিকা, ড° ভবেন্দ্ৰ নাথ শইকীয়া, ডাঃ ৰাজেন্দ্ৰ কুমাৰ ভূঞা, গগণ চন্দ্ৰ অধিকাৰী, অৰূপ কুমাৰ দত্ত, শান্তনু তামুলী, বন্দিতা ফুকন, ভবেন কুমাৰ বৰা, প্ৰণতি গোস্বামী ইত্যাদি। (বিঃ দ্রঃ এই তালিকা সম্পূর্ণ নহয়, নাম অন্তর্ভুক্ত নোহোৱা শিশু-সাহিত্যিকসকললৈ ক্ষমা প্ৰাৰ্থনাৰে লেখক)।
বিভিন্ন প্রকাশন গোষ্ঠীয়ে অসমৰ শুিশু-সাহিত্য প্রকাশনত আগভাগ লয় যদিও ১৯৮৭ চনত স্থাপিত অসম শিশু সাহিত্য ন্যাসে অসমৰ শুিশু সাহিত্যৰ বিকাশত অগ্ৰণী ভূমিকা পালন কৰে। জন্মলগ্নৰ পৰা এতিয়ালৈকে ন্যাসে প্রায় দুশ খন শিশু পুথি প্ৰকাশ কৰি উলিওৱাটো যথেষ্ট প্রশংসনীয়। চৰকাৰী ৰঙা ফিটাৰ মেৰপেঁচ আৰু আৰ্থিক প্রতিবন্ধকতা নাথাকিলে ন্যাসৰ তৰফৰ পৰা চাগে আৰু বহু বেছি শিশু উপযোগী পুথি প্ৰকাশ হ’লহেঁতেন। আশা কৰিব পাৰি যে অসম চৰকাৰে যথোচিত উদ্যম আৰু পৃষ্ঠপোষকতাৰে নিয়মীয়াকৈ আৰু অধিক শিশু-সাহিত্য প্ৰকাশৰ ব্যৱস্থা ল’ব। অসম শিশু সাহিত্য ন্যাসে প্ৰকাশ কৰা পুথিসমূহৰ বিষয় বৈচিত্ৰতাও আদৰণীয়। এনে পুথিবোৰৰ ভিতৰত আছে সাধুকথা, নাটক, গল্প, শিশু উপন্যাস, বিজ্ঞানভিত্তিক কাহিনী, পদ্য-কবিতা, চিত্রাংকন, লোক-খেলৰ কিতাপ আৰু অভিধান। অধিকাংশ কিতাপেই ৰংচঙীয়া আৰু মনোগ্ৰাহী ছপাৰে শিশুৰ বাবে আকর্ষণীয়কৈ প্ৰস্তুত কৰা হৈছে।
অসমৰ শিশু-সাহিত্যত আন এক গুৰুত্বপূৰ্ণ সংযোজন হ’ল শৰাইঘাট প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কালজয়ী ছিৰিজৰ এশখন কিতাপ। বিশ্বৰ ঘাইকৈ প্রখ্যাত শিশু-সাহিত্যৰ অসমীয়া অনুবাদ হিচাপে ড” দীনেশ চন্দ্ৰ গোস্বামীৰ দ্বাৰা সম্পাদিত এইলানি পুথিয়েও অসমীয়া শুিশু-সাহিত্যক সমৃদ্ধ কৰিছে।
শিশুৰ বিকাশত শিশু-সাহিত্য : শিশুৰ বৌদ্ধিক, নৈতিক তথা ব্যক্তিত্ব বিকাশত শিশু-সাহিত্যৰ ভূমিকা অপৰিসীম। শিশুসকল প্রাপ্তবয়স্কসকলৰ ক্ষুদ্ৰ সংস্কৰণ নহয়। তেওঁলোকৰ মানসিক জগতখনো বয়স্কসকলৰ মানসিক জগতৰ এক ক্ষুদ্ৰ পৰিধি নহয়। সেয়েহে আবেগ, অনুভূতি, মানসিক সামর্থ্য আৰু প্ৰয়োজনীয়তাবোৰো শিশুসকলৰ ক্ষেত্ৰত ডাঙৰৰ পৰা সম্পূর্ণ পৃথক। শিশুসকলৰ মানসিক জগতখনক সন্তুষ্ট কৰা আৰু আৱেগ-অনুভূতিক গুৰুত্ব দিয়াৰ বাবে শুিশু সাহিত্যই বিশেষ ভূমিকা পালন কৰিব পাৰে। পৰিয়াল বা সমাজৰ চৌপাশৰ সামাজিক পৰিবেশত নোপোৱা উদ্দীপনাময় কথাবোৰ এটি শিশুৱে পাব পাৰে কিতাপৰ মাজত।
কিতাপৰ উমাল সান্নিধ্যত কটোৱা এটি শিশুৰ ভাষাৰ বিকাশ, বৌদ্ধিক বিকাশ আৰু ব্যক্তিত্ব স্বাভাৱিকতে এনে সান্নিধ্যৰ পৰা বঞ্চিত শিশু এটিতকৈ পৃথক হয়। আখৰ, ভাষা বুজি নোপোৱা শিশু এটিয়েও ৰংচঙীয়া কিতাপ এখন লিৰিকি-বিদাৰি, পাতবোৰ লুটিয়াই বিমল আনন্দ লাভ করে। নতুন কিতাপ একোখনৰ গোন্ধটোও বহুতৰ বাবে আকৰ্ষণৰ বস্তু। এনে ধৰণৰ স্পর্শানুভূতি বা চাক্ষুষ অভিজ্ঞতাৰ সুযোগ যদি শৈশৱ কালছোৱাতেই দিব পৰা যায়, তেনে অভিজ্ঞতা শিশুৰ মনত স্থায়ীভাৱে সঞ্চিত হয়। পৰবৰ্তী পৰ্যায়ত পাঠ্যক্ৰম বহিৰ্ভূত পুথিৰ প্ৰতিয়েই নহয়, পাঠ্যক্ৰমত অন্তৰ্ভুক্ত যিকোনো কিতাপ পঢ়াৰ প্ৰতিয়েই এনে শিশুৰ আগ্ৰহ অধিক হয়।
ভবিষ্যৎ জীৱনত লিখা-পঢ়াৰ মাধ্যমত সফলতা লাভ কৰাৰ বাবে শুদ্ধ ভাষাৰ জ্ঞান আয়ত্ত কৰাটো অপৰিহাৰ্য। শিশু-সাহিত্যই শিশুৰ বৌদ্ধিক, আৱেগিক বিকাশৰ লগতে ভাষাটো শুদ্ধ আৰু সুন্দৰকৈ আয়ত্ত কৰাৰ ক্ষেত্ৰত প্রভূত অৰিহণা যোগায়। ভাষাটো শুদ্ধ আৰু সাৱলীল ৰূপত লিখাই নহয়, শুৱলা আৰু দক্ষ কঠন ভংগী আয়ত্ত কৰাৰ ক্ষেত্ৰতো শিশু-সাহিত্যই বিশেষভাৱে সহায় কৰে। গৱেষণাই প্রমাণ কৰিছে যে অকল সাহিত্য চর্চাতেই নহয় গণিত বিজ্ঞান আদি বিষয়বোৰত ব্যুৎপত্তি লাভৰ বাবেও ভাষাৰ ওপৰত দখল থকাটো অপৰিহাৰ্য। এনে দখলৰ বাবে শৈশৱ কালছোৱাতেই শিশু সাহিত্যৰ চৰ্চাৰ বাবে শিশুসকলক পর্যাপ্ত সুযোগ-সুবিধা প্ৰদান কৰাটো অতি প্রয়োজনীয়।
সামৰণিঃ গৱেষণাই এই কথাটোও প্ৰতিপন্ন কৰিছে যে সুস্থ ৰুচিসম্পন্ন ভাল শিশু-সাহিত্যই শিশুসকলৰ মাজত উচ্ছৃংখলা, অপৰাধপ্ৰৱণতা আৰু অসামাজিক কার্যকলাপ বহু পৰিমাণে হ্ৰাস কৰিব পাৰে। সেয়ে সুন্দৰ আৰু সফল শিশু সাহিত্যৰ প্ৰকাশ বৰ্তমাণ সময়ৰ আৰু শিশুৰ শুভ চিন্তক হিচাপে।
৯। অসমীয়া শিশু সাহিত্যৰ উদ্ভৱ আৰু বিকাশৰ দেখুৱাই এটি আলোচনা যুগুত কৰা?
উত্তৰঃ অসমীয়া শিশু সাহিত্যৰ বিষয়ে আলোচনা কৰাৰ আগতে শিশু সাহিত্য সম্পর্কে এটি সম্যক ধাৰণা কৰি লোৱা ভাল হ’ব। শিশুৰ উদ্দেশ্যে লিখা সাহিত্যৰাজিকে আমি শিশু সাহিত্য বুলি ক’ব পাৰো। অভিধানৰ সংজ্ঞামতে ১৬ বছৰৰ তলৰ সকলো ল’ৰা-ছোৱালীকে শিশু বুলি কোৱা হৈছে। গতিকে এই বয়সৰ ল’ৰা-ছোৱালীৰ মনোৰঞ্জন, মানসিক উত্তৰণ, জ্ঞানৰ বিকাশৰ বাবে ৰচনা কৰা সকলো সাহিত্যকে আমি শিশু সাহিত্য আখ্যা দিব পাৰো। শিশুক উদেশ্য কৰি ৰচনা কৰা সাহিত্যৰাজিক আমি তলত দিয়া ধৰণেৰে ভাগ কৰিব পাৰো।
১) নিচুকনি গীত বা ওমলা গীত।
২) সাধুকথা।
৩) শিশু কবিতা।
৪) শিশু নাটক।
৫) শিশু উপন্যাস।
৬) আৱিষ্কাৰ সম্পৰ্কীয় কাহিনী।
৭) দুঃ সাহসিক অভিযান আৰু ভ্ৰমণ কাহিনী।
৮) জীৱনীমূলক গ্রন্থ।
অসমীয়া শিশু-সাহিত্যৰ ইতিহাসঃ অসমীয়া শিশু সাহিত্যৰ বুৰঞ্জী প্ৰকৃততে কেতিয়াৰে পৰা আৰম্ভ হৈছিল সেই বিষয়ে ঠিৰাঙকৈ ক’ব নোৱাৰি। অসমৰ লোক-সংস্কৃতিৰ ইতিহাস যথেষ্ট পুৰণি। এই লোক-সংস্কৃতিৰ বুকুত লুকাই আছিল লোকসাহিত্যৰো বীজ। অসমীয়া লোকসাহিত্যৰ অন্তৰ্গত নিচুকনি গীত, গৰখীয়া গীত, ওমলাগীতবিলাক অসমীয়া শিশু সাহিত্যৰ অমূল্য সম্পদ। ‘আমাৰে মইনা শুব এ’, ‘লাই হালে জালে আবেলি বতাহে’, ‘শিয়ালী এ নাহিবি ৰাতি’ আদি গীতবিলাক নুশুনাকৈ ডাঙৰ হোৱা ল’ৰা ছোৱালী অসমত বোধকৰো নোলাব। শিশুটিয়ে থুনুক থানাককৈ কথা ক’বলৈ লওঁতেই গাবলৈ শিকে ‘জোনবাই এ বেজী এটি দিয়া’, ‘বগলী এ সবাহলৈ নগলি কিয়?”, শদিয়ালৈ নাযাবা সতফুল নাখাবা’ আদি সুৱদীসুৰীয়া অজৰ অমৰ গীতবোৰ
অসমীয়া শিশুসাহিত্যৰ প্ৰথম লিখিতৰূপ দেখা পাওঁ মহাপুৰুষ শ্ৰীমাধৱদেৱৰ ৰচনাত। শ্ৰীকৃষ্ণৰ বাল্যকালৰ আখ্যানবিলাক লৈ ৰচনা কৰা “চোৰধৰা আৰু পিম্পৰা গুচোৱা’, ‘ভূমি লেটোৱা” আদি ঝুমুৰাসমূহ শিশুৰ বাবে বৰ মনোৰঞ্জক। শ্ৰীধৰ কন্দলীৰ ‘কাণখোৱা আন এক উল্লেখযোগ্য শিশু সাহিত্য। আধুনিক অসমীয়া শিশু সাহিত্যৰ প্রথম উন্মেষ ঘটিছিল অৰুণোদইৰ পাতত। বাইবেলৰ সাধু, আফ্ৰিকাৰ কোঁৱৰ, মাউৰী ছোৱালী, ঈগলৰ বাহ, ধাৰ্মিক গঞা আদি উপদেশমূলক শিশু উপযোগী কাহিনীবিলাক অৰুণোদইৰ পাতত প্ৰকাশ পাইছিল। অৰুণোদইৰ যুগতে আনন্দৰাম ঢেকিয়াল ফুকনে ৰচনা কৰিলে ‘অসমীয়া ল’ৰাৰ মিত্ৰ’। ১৮৮৮ চনত কৰুণাভিৰাম বৰুৱাৰ দ্বাৰা সম্পাদিত শিশু আলোচনী ‘ল’ৰাবন্ধু’ প্রকাশ পায়। এই আলোচনীখনে অসমীয়া শিশু সাহিত্যৰ নতুন দিশ উন্মোচন কৰিলে। ছন্দৰ মাধুৰ্য্যৰে অতি উপাদেয় শিশু কবিতা ৰচনা কৰিলে বলদেৱ মহন্তই।
এই সময়তে কোমলমতীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ৰচনা কৰা পঢ়াশালীয়া পুথিৰ মাজেৰে অসমীয়া শিশুসাহিত্যই গঢ় লৈ উঠিল। পদ্মনাথ গোহাঞি বৰুৱা, পানীন্দ্ৰ নাথ গগৈ, আনন্দ চন্দ্ৰ আগৰৱালা, দেৱেশ্বৰ চলিহা, চন্দ্ৰধৰ বৰুৱা, কাশীনাথ বর্মন আদি লেখকসকলৰ পঢ়াশলীয়া পুথিৰ মাজেদিয়েই বৰ্তমানৰ অসমীয়া শিশু সাহিত্যৰ প্ৰাথমিক স্তৰটো আৰম্ভ হৈছিল।
অসমীয়া শিশু সাহিত্যৰ ক্ষেত্ৰত সাধুকথাৰ এক গুৰুত্বপূর্ণ ভূমিকা আছে। এই ক্ষেত্ৰত লক্ষ্মীনাথ বেজবৰুৱাৰ নাম সোণালী আখৰেৰে জিলিকি থাকিব ৷ মানুহৰ মুখে মুখে চলি অহা সাধুবিলাক লিখিতৰূপত প্ৰকাশ কৰি বেজবৰুৱাই এক যুগমীয়া কীতি সম্পাদন কৰিলে । ‘বুঢ়ী আইৰ সাধু’ অসমীয়া শিশু সাহিত্যৰ এক কালজয়ী গ্রন্থ। চুবুৰীয়া বঙ্গদেশত ‘ঠাকুৰদাৰ ঝুলি’, ‘ঠাকুৰ্মাৰ ঝুলি’প্ৰকাশ পাইছিল। জাৰ্মানত গ্ৰীম ভাতৃদ্বয়, ডেনমার্কৰ এণ্ডাবচন, ইংলেণ্ডত কাইট লি আৰু ক্ৰোকাৰ আদিয়ে গাঁৱৰ কটনা কটা বুঢ়া-বুঢ়ী আদিব মুখৰ পৰা সাধুবোৰ সংগ্ৰহ কৰিছিল। এই ক্ষেত্ৰত গ্ৰীম আৰু এণ্ডাৰচনৰ দৰে বেজবৰুৱাও অদ্বিতীয় হৈ ৰ’ব। বুঢ়ী আইৰ সাধুৰ উপৰি সাধুকথাৰ কুকি, ককাদেউতা আৰু নাতিল’ৰা, জুনুকা আৰু জোনবিৰি বেজবৰুৱাৰ শিশু উপযোগী পুথি। সাধু কথাবিলাকত একোটা নীতি বচন থাকে। এনে শিক্ষণীয় দিশ থকা অনেক সাধু ভাৰতবৰ্ষত প্ৰচলিত আছে। এই সাধুবিলাকৰ আধাৰত অসমীয়া ভাষাতো বহুতো সঙ্কলন প্ৰকাশ পাইছে। পঞ্চতন্ত্ৰৰ সাধু, ঈছপৰ সাধু, জাতকৰ সাধু, হিতোপদেশৰ সাধু, পুৰাণৰ সাধু, ভাগৱতৰ সাধু, মহাভাৰতৰ সাধু আদি শিশু উপযোগীকৈ লিখা অনেক গ্রন্থ প্রকাশ হৈছে।
ছন্দোবদ্ধ পদ্যত অনেক শিশু উপযোগী কবিতা অসমীয়া ভাষাত প্ৰকাশ পাইছে। এই বিষয়ত প্রথমেই নাম ল’ব লাগিব জ্যোতিপ্ৰসা আগৰৱালাৰ। ‘কুম্পুৰ সপোন’, ‘অকণমানি ল’ৰা’, ‘অকণমানি ছোৱালী’, ‘মাক আৰু সোণ’ আদি কবিতাসমূহত শিশুৰ কোমল মনৰ পৰশ আছে আৰু আছে বিজ্ঞানসন্মত শিশু মনস্তত্ত্বৰ বিশ্লেষণ। শিশু ৰামায়ণ জ্যোতিপ্ৰসাদৰ আন এক উল্লেখযোগ্য সৃষ্টি। মিত্ৰদেৱ মহন্তৰ ‘জিভা কেকুৰি’,
অতুল চন্দ্ৰ হাজৰিকাৰ ‘মাণিকী মধুৰি’ আৰু ‘বনুক জুনুক’, নৱকান্ত বৰুৱাৰ ‘ওমলা ঘৰৰ পুথি’, প্ৰেমধৰ দত্তৰ শিয়ালৰ শিং’, নিৰ্মলপ্ৰভা বৰদলৈৰ “ওমলা গীত’, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ‘ভূপেন মামাৰ অ আ ক খ’, গগণ চন্দ্ৰ অধিকাৰীৰ টকাত একোটা হাতী’, ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘পদাৰ ধেমালি’ আদি উল্লেখযোগ্য শিশু কবিতাৰ সংকলন।
১৯২৯ চনত কীৰ্ত্তিনাথ বৰদলৈ আৰু মুক্তিনাথ বৰদলৈৰ যুটীয়া প্ৰচেষ্টাত ৰচিত ‘বাসন্তীৰ অভিষেক’ আৰু ‘লুইত কোঁৱৰ’ নাটক দুখনেই অসমীয়া শিশুনাটৰ ইতিহাস আৰম্ভ কৰিছিল। নৱকান্ত বৰুৱাৰ ‘কেৰেলুৱা এণ্ড কোম্পানী’, কীৰ্ত্তিনাথ হাজৰিকাৰ ‘ফুটুকাৰ ফেন’, সত্যপ্ৰসাদ বৰুৱাৰ ‘ফুলকলি’, তফজ্জুল আলিৰ ‘অঘৰী ককাইদেউৰ গীত’, যোগেন চেতিয়াৰ ‘ভাকুটকুট’, অতুল চন্দ্ৰ হাজৰিকাৰ ‘দাতাকর্ণ’, মিত্ৰদেৱ মহন্তৰ ‘টেঙৰীবুঢ়ী’ আদি উল্লেখযোগ্য শিশু নাটক। ডঃ ভবেন্দ্র নাথ শইকীয়াৰ ‘শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট’ বিশেষভাৱে উল্লেখনীয়। হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ ‘বজাৰ দেউল’, ‘অমাতৰ মাত’ আদি কেইবাখনো শিশু নাটক আছে। অসম শিশু সাহিত্য ন্যাসে শিশু নাটকৰ এখনি সংকলন প্ৰকাশ কৰি উলিয়াইছে।
শিশুসকলৰ বাবে লিখা উপন্যাসৰ তালিকাখনো যথেষ্ট দীঘলীয়া । নৱকান্ত বৰুৱাৰ ‘আখৰৰ জখলা’, ‘ভত উ কাৰে ভু’, লক্ষ্মীনাথ ফুকনৰ ‘বাপুকণ’, শান্তনু তামুলীৰ ‘মানী বাণো আৰু এখন ফুলনি’ যোগেন শৰ্মাৰ ‘সু্য উঠা দেশৰ পিনে’, হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিৰ ‘ইমন কল্যাণ আৰু প্ৰজ্ঞানহঁত’ প্ৰিয়দাস তালুকদাৰৰ ‘পশুৰ পঞ্চশীল’ ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ মৰমৰ দেউতা’ আদি কেইখনমান উল্লেখযোগ্য উপন্যাস। ৰহস্য চিৰিজৰ অনুসন্ধানমূলক উপন্যাসৰ ক্ষেত্ৰতো শিশু সাহিত্যত বহুতো উল্লেখযোগ্য সৃষ্টি হৈছে। বিভিন্ন ভাষাৰ পৰা অনূদিত উপন্যাস অসমীয়া ভাষাত বহুত আছে। একেখন উপন্যাসকে বিভিন্নজনে বিভিন্ন সময়ত অনুবাদ কৰিছে। ডঃ মহেন্দ্ৰ বৰা, দীনেশ চন্দ্ৰ গোস্বামী, প্রবীণা শইকীয়া, গীতা উপাধ্যায়, হাৰুনাৰ ৰছিদ আদি অনুবাদকসকলে উল্লেযোগ্য বৰঙনি আগবঢ়াইছে। টম খুড়াৰ জুপুৰি’, ‘ৰত্নদ্বীপ’, ‘অজান দেশত এলিচ’, ‘বনবীৰ টার্জান’, ‘ডন কুইকছোট’, “শ্বিচর্কিন মই আৰু বহুতো’, ‘তত্ত্বচ্চান’, ‘ৰবিনহুড’, ‘অলিভার টুইষ্ট’, ‘এনিমেল ফার্ম’, ‘ৰাজকুমাৰ আৰু ভিকহু’, ‘দীনদুখী’, ‘গালিভাৰ’, ‘ৰবিন্সন ক্রুছো’ আদি দেধাৰ বিশ্ববিখ্যাত শিশু উপন্যাস অসমীয়ালৈ অনূদিত হৈছে। বিজ্ঞানবিষয়ক আৰু আৱিষ্কাৰ সম্পৰ্কীয় অনেক কিতাপে শিশু সাহিত্যৰ ভঁড়াল চহকী কৰিছে।
‘ধেমালিৰ ছলেৰে বিজ্ঞান’, টিংক মামাৰ অংকৰ সাধু’, ‘আকাশ মহাকাশ’, ‘মানৱৰ আদিকথা’ আদি গ্ৰন্থৰ কথা উল্লেখ কৰিব পাৰি। বিজ্ঞানভিত্তিক শিশু গ্ৰন্থৰচয়িতাসকলৰ ভিতৰত ডিম্বেশ্বৰ চলিহা, দীনেশ চন্দ্ৰ গোস্বামী, ড° ৰমেশ চন্দ্ৰ গোস্বামী, ড° কুলেন্দু পাঠক, ক্ষীৰধৰ বৰুৱা, বন্দিতা ফুকন আদিৰ নাম উল্লেখ কৰিব পাৰি। অসম বিজ্ঞান সমিতি, অসম বিজ্ঞান লেখক সন্থা আদিয়ে এই ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছে।
অসমীয়া সাহিত্যত শিশু উপযোগী জীৱনী গ্ৰন্থৰ সংখ্যা তেনেই তাকৰ নহয়। অসমৰ মহাপুৰুষ দুজনা, জাতীয় ছহীদ, ভাষা সাহিত্যৰ কাণ্ডাৰীসকল, প্ৰসিদ্ধ বিজ্ঞানী, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট ব্যক্তিসকল, বিশ্বৰ বন্দিত ব্যক্তিসকলৰ জীৱনী আমি যথেষ্টসংখ্যক পঢ়িবলৈ পাইছো। মহাদেৱ শৰ্মা, সৰ্বেশ্বৰ কটকী, সূর্য কুমাৰ ভূঞা, ডিম্বেশ্বৰ দয়াল শর্মা, শিৱনাথ বৰ্মন, দীনেশ চন্দ্ৰ গোস্বামী, কুমুদ চন্দ্ৰ ডেকা ইত্যাদি বিশিষ্ট লেখকসকলে উল্লেখযোগ্য জীৱনীগ্রন্থ ৰচনা কৰিছে। ‘নবেল বঁটা বিজয়ী ভাৰতীয়’, ‘অসম সাহিত্য সভাৰ সভাপতিসকল’, ‘শতাধিক যশস্বী বিজ্ঞানী’, ‘অসমীয়া বিজ্ঞানী’, ‘অনৱগুষ্ঠিতা’, ‘দহগৰাকী বিজ্ঞানীৰ ‘বিচিত্র কাহিনী’, ‘বৰণীয় ঋষিৰ স্মৰণীয় কথা’, ‘মহাজীৱনৰ মহাশিল্পী’, ‘স্বাধীনতা আন্দোলনত অসমৰ শ্বহীদ’ আদি সংকলিত জীৱনী গ্ৰন্থই অসমীয়া শিশু সাহিত্যৰ ভঁড়াল সমৃদ্ধ কৰিছে।
জীৱনী সাহিত্যৰ ওপৰিও ক্রীড়া বিষয়ক, হাস্য ব্যঙ্গ, কৌতুক, সাঁথৰ, ভ্রমণ কাহিনী বা অন্যান্য বিষয়ৰ গ্ৰন্থ অনেক ৰচিত হৈছে। সাঁথৰবিলাক অসমীয়া লোকসাহিত্যৰ মূল্যবান সম্পদ। এনে কেইখনমান পুথি হ’ল ‘আইতাৰ সাঁথৰৰ ভঁড়াল’, ‘সাঁথৰ’, ‘সাঁথৰৰ টোপোলা’, ‘মজাৰ সাঁথৰ’, ‘সাঁথৰৰ সফুৰা’ ইত্যাদি। প্রচলিত ফকৰা যোজনাবিলাক নাজানিলে ভাষা সম্পূৰ্ণ নহয়। অসমীয়া ভাষাত প্ৰচলিত ফকৰা যোজনা বিষয়ক যথেষ্টসংখ্যক পুথি অসমীয়া ভাষাত ৰচিত হৈছে। হৰেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ ‘ফকৰা যোজনা’, দিলীপ কুমাৰ শৰ্মাৰ ‘আইতাৰ মুখৰ ফকৰা যোজনা’, পৰেশ বৈশ্যৰ ‘অসমীয়া ফকৰা যোজনা’ এনে বিষয়ৰ উল্লেখযোগ্য ৰচনা।
ভ্ৰমণ সাহিত্যৰ বিষয়ে ৰচনা কৰা কেইখনমান উল্লেখযোগ্য ৰচনা হ’ল ৰথীন্দ্ৰ নাথ গোস্বামীৰ ‘বিদেশী বন্ধুৰ দেশত’, শান্তনু তামুলীৰ ‘টকিঅত তেৰদিন’, শৈলেন মেধিৰ ‘ইউৰোপত এভুমুকি’, কিৰণ তামুলীৰ ‘টেমছৰ দুয়োপাৰ’ আদি। নীতি শিক্ষা, জীৱন গঢ়াৰ দিহা আৰু পৰামৰ্শ সম্পৰ্কীয়, কুইজ আৰু প্ৰকৃতিৰ জীৱ জন্তু চৰাই, পৰিবেশ সম্পৰ্কীয় অনেক গ্ৰন্থৰ উদাহৰণ দিব পাৰি। জিম কৰবেট, জীয়াউৰ ৰহমানৰ চিকাৰ কাহিনী সম্পর্কেও কেইবাখনো গ্ৰন্থ ৰচনা কৰা হৈছে। যোগেশ দাসৰ আকৌ বনে বনে’ এই বিষয়ৰ বিশেষভাৱে উল্লেখযোগ্য গ্রন্থ।
শিশু আলোচণী : অসমীয়া ভাষাত এতিয়ালৈকে বহুতো শিশু আলোচনী প্ৰকাশ পাইছে। কৰুণাভিৰাম বৰুৱাৰ ‘ল’বাবন্ধু’ আছিল অসমীয়া ভাষাত প্রকাশিত প্রথম শিশু আলোচনী। ইয়াৰ পিছত অকণ, মইনা, অৰুণ, আমাৰ দেশ, পখিলা, ন জোন, দীপক, জোনবাই, ৰ’দালি, কিশোৰ আদি অনেক আলোচনী প্ৰকাশ পাইছে যিবোৰ সম্প্ৰতি পাবলৈ নাই। বর্তমান সময়ত উল্লেখযোগ্য শিশু আলোচনী কেইখন হ’ল সঁফুৰা, মৌচাক, মুকুতা, শিশুবাণী, আৱিষ্কাৰ, হিয়াৰ ৰামধেনু ইত্যাদি। শেহতীয়াকৈ প্ৰকাশ পাইে ‘বাৰ ওঠৰ’, ‘ৰং কিনিবা কোনে’, ‘ৰং আহে পাখি মেলি’ আদি মনোৰম শিশু সাহিত্য সংকলনো প্রকাশ পাইছে। ইয়াৰ বাহিৰেও টিংকল, অমৰ চিত্ৰ কথা, ৰংমন, ভাস্কৰ চিত্ৰ কথা, লুইত কমিকছ আদি সচিত্র কমিকছ শিশুসকলৰ বাবে প্রকাশিত হৈছে। অসমীয়া শিশু সাহিত্য ন্যাসে বহুতো শিশু উপযোগী গ্ৰন্থ প্ৰকাশ কৰিছে।
কেইজনমান বিশিষ্ট শিশু সাহিত্যিকৰ ছদ্মনাম অসমীয়া শিশুসকলৰ অতিকৈ প্রিয়। সেয়া হ’ল নীলা বাইদেউ, এখুদ ককাইদেউ, এণ্ডি খুৰা, ডেমপেহা ইত্যাদি। নিৰ্মলপ্ৰভা বৰদলৈ, নৱকান্ত বৰুৱা, ড° ভবেন্দ্র নাথ শইকীয়াৰ শিশু সাহিত্য সমগ্র সঙ্কলিত ৰূপত প্ৰকাশ পাইছে। ড° ভবেন্দ্ৰ নাথ শইকীয়া, ড° ভূবনমোহন দাস আৰু ড. শ্যামা প্ৰসাদ শৰ্মাৰ সম্পাদনাত অসম বিজ্ঞান সমিতিয়ে ‘প্রাথমিক বিশ্বকোষ ৰ পাঁচটা খণ্ড প্রকাশ কৰে। অসম সাহিত্য সভাই তিনিটা খণ্ডত ‘শিশু জ্ঞানচৌষ’প্ৰকাশ কৰে। ২০১১ চনত প্ৰতাপজ্যোতি বৰাৰ সম্পাদনাত ‘ক্রম বিকাশত অসমীয়া শিশু সাহিত্য আৰু শিশু সাহিত্যৰ গ্ৰন্থপঞ্জী’ নামেৰে এখনি অতি মূল্যবান গ্রন্থ প্ৰকাশ পাইছে। এই গ্রন্থখনিত অসমীয়া শিশু সাহিত্য সম্পর্কে এটি সম্যক ধাৰণা আৰু বিস্তৃত তথ্য দাঙি ধৰিবলৈ সমৰ্থ হৈছে।
অসমীয়া : অসমীয়া শিশু সাহিত্যৰ গ্ৰন্থসমূহৰ তালিকা যথেষ্ট দীঘলীয়া। খ্যাত-অখ্যাত অনেক লেখকে শিশুসকলক উদেশ্য কৰি গ্ৰন্থ ৰচনা কৰিছে। কিন্তু সকলো গ্ৰন্থই যে শিশুমনস্তত্ত্বক আয়ত্ত কৰিব পাৰিছে এনে নহয়। কিতাপৰ বিষয় বস্তু, ছপাৰ গুণগত মান, ভাষাৰ শুদ্ধতা ইত্যাদিৰ ওপৰতহে এখন গ্ৰন্থৰ সফলতা বিফলতা নিৰ্ভৰ কৰে। অসমীয়া শিশু সাহিত্যৰ বিষয়ে এটি থূলমূল ধাৰণা এই লেখাটিৰ জৰিয়তে দিবলৈ যত্ন কৰা হ’ল। অসমীয়া শিশু সাহিত্যৰ ইতিবৃত্ত ইমান বিশাল আৰু ব্যাপক যে এটি সৰু লেখাত এই বিষয়ে আলোচনা কৰাটো হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰেই হ’ব।