History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয়

History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয়, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় Question Answer can be of great value to excel in the examination.

History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয়

Join Telegram channel

History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় Notes cover all the exercise questions in UGC Syllabus. The History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

১০। শিশু সাহিত্যৰ সংজ্ঞা দি আৰম্ভণী কালৰ অসমীয়া শিশু সাহিত্যৰ গতি-প্রকৃতি সম্পর্কে আলোচনা কৰা?

উত্তৰঃ শিশু সাহিত্যৰ সংজ্ঞা: শৈশৱ, কৈশোৰ, যৌৱন আৰু বার্ধক্য। 

মূলত : এই চাৰিভাগত মানুহৰ জীৱনটো শেষ হয়। এজন মানুহ পূর্ণাংগ অৱস্থা পাবলৈ এই চাৰিটা ঢাপ পাৰ হ’ব লগা হয়। শিশু কালছোৱাই মানুহৰ আটাইতকৈ সুখৰ সময়। শিশুৰ মানসিক জগতখনক চালি-জাৰি আজিলৈকে গোটেই বিশ্বতে বিভিন্ন লেখা-মেলা বা চিন্তা-চৰ্চা হৈছে তাকে শিশুসাহিত্য বুলি ধৰিব পাৰি। প্ৰথম অৱস্থাত লিখিত ৰূপত শিশুসাহিত্য সৃষ্টি নাছিল। শিশুক নিচুকাবলৈ স্বতঃস্ফূতভাৱে সৃষ্টি হৈছিল নিচুকনি গীতসমূহ। অতি সহজ সৰল ঘৰুৱা শব্দৰ প্ৰয়োগেৰে এই গীতসমূহৰ কথা আৰু সুৰে আজিও আমাক আপ্লুত কৰে। মানুহৰ মুখ বাগৰি বাগৰিয়েই এই গীতসমূহ প্ৰচলিত হৈ আছে।

শিয়ালী এ নাহিবি ৰাতি 

তোৰে কাণে কাটি লগামে বাতি

                  নাইবা

আমাৰে মইনা শুব এ

বাৰীতে বগৰী ৰুব এ

বাৰীৰে বগৰী পকি সৰিব

মইনাই বুটলি খাব।

এই নিচুকনি গীতকেইটি গাই মাকে কেঁচুৱা শুৱাবলৈ যত্ন কৰে। মাকে সেই গীত শুনিছিল আইতাকৰ মুখৰ পৰা। আইতাকে তেওঁৰ মাকৰ পৰা। এনেকৈ অনাখৰী মানুহৰ মুখত সৃষ্টি হৈছিল প্ৰথম শিশু সাহিত্য। অসমীয়া শিশু সাহিত্যৰ প্ৰথমখন নিচুকনি গীত পুথি হ’ল ‘কাণখোৱা’। বৈষ্ণৱ যুগতে শ্ৰীধৰ কন্দলীদেৱে এই পুথি ৰচনা কৰিছিল। শিশু কৃষ্ণক কাণখোৱাৰ ভয়খুৱাবলৈ কাণখোৱা শীৰ্ষক এটি কাল্পনিক চৰিত্ৰৰ সহায়ত কৃষ্ণক ভয় খুৱাইছে। পাছলৈ কাণখোৱাক লৈ আমাৰ সমাজত বহুতো নিচুকনি গীতৰ সৃষ্টি হ’ল।

কাণখোৱা পো, কাণখোৱা আহিছে 

নিজম দি শো

অৰে কাণখোৱা নাহিবি ৰাতি

তোৰে কাণে কাটি লগামে বাতি।…. 

আমাৰ চৌপাশৰ বিভিন্ন জনগোষ্ঠীসমূহৰ মাজতো নিচুকনি গীতৰ ব্যৱহাৰ পুৰণি কালৰ পৰাই আছিল। টাইফাকে সমাজত প্ৰচলিত এটি নিচুকনি গীত এনেধৰণৰ।

এন ঐ নন, চাও ঔ নন নন

নন ঔ নন মা ঔ নন নন

নন ঔ নন কাই ঔ নন নন

চিংফৌসকলৰ মাজত প্ৰচলিত এটি নিচুকনি গীত :

অ’ ঐ আৱাই গবাঃলুগং লাংদি

থ’ন বন অ’ ঐ

আণুই গঃ ফাৱে: মাই বাঃ দি থ’ন লন অ’ঐ

আদুই গঃ ইনদাদং পনৰি থ’ন লন অ’ঐ উড়িয়া 

মূলৰ নিচুকনি গীত এফাকি—

হামদেৱ বাবু দেখতে ভাল 

ভাকুট ভাকুট হাঁসে

আঙুল চোষে চৰ্বত লোতে

সোণোৱালসকলৰ মাজত প্ৰচলিত নিচুকনি গীত :

আমাৰ মইনা সৰু ল’ৰা

পাতত নেখায় ভাত

বাপে গৈছে কাঁহী আনব 

ছয় মাহৰ বাট।

এটি কাৰ্বি নিচুকনি গীতৰ কলি : 

তিনতিলিকাপ আংচংকে

বৰ প্লাক পেছি আহমদ

থানেক দেই নে বংজাং

ক্লং ক্লং

নিচুকনি গীতৰ পাছত শিশু অলপ ডাঙৰ হোৱাৰ লগে লগে শিশুক ওমলা গীত গাই ওমলোৱা হয়। ওমলা গীতে শিশুক আনন্দ দিয়ে। শিশুক ওমলাবলৈ, খেলাবলৈ ক’কাক, আইতাক, মাকে ওমলা গীত গায়।

(১) শিয়ালি এ নাহিবি ৰাতি

তোৰে কাণে কাটি লগামে বাঁতি

(২) জোনবাই এ এটি তৰা দিয়া

এটি তৰা নালাগে দুটি তৰা দিয়া 

পাত নাই, চোত নাই, কিহতকৈ দিম?

(৩) উলুৱণীৰ কুকুৰা দলনিত চৰে 

লেজত ভৰি দি কেং কেং কুক কুক কৰে।

কাৰ্বি সমাজত প্ৰচলিত এটি ওমলা গীত এনে ধৰণৰ :

তে আতা কে?

ফুল তুক দামদ

তে ফুৰুল কে?

ফাক্‌ছ’ দেন।

তে আফাক্ কে? 

তকাণজৰ বুমব

তে অটকাণ কে?

মে থেক দেতন।

তে আমে কে?

লাং দুং দেতন

তে আলং কে?

লাং থেক দেতন

কেং কেং কুৰ কুৰ

তোৰ ককা ক’ত গ’ল?   

আলু খান্দিব গ’ল ।

আলু ক’ত?

গাহৰিয়ে খালে 

গাহৰি কলৈ গ’ল ?

ষাঠি দি মাৰিলে। 

পিছে যাঠি ক’ত?

জুইয়ে পুৰিলে 

পিছে জুই ক’ত?

পানী ঢালি দিলো। 

পানী পিছে ক’ত?

পানী শুকাই গ’ল

কেং কেং কুৰ কুৰ 

ওমলা গীত শিশুৱে লগ সমনীয়াৰ লগতো নিজে জনা বুজা হ’লে গায়। প্রচলিত এনে কেইটামান ওমলা গীত এনে ধৰণৰ :

(১)

অলৌগুটি, টলৌগুটি কচুগুটি খায় 

এইখন হাতৰ গুটিটো এইখন হাতত পায়।

(২)

এইটো কাৰ দ’ল। ৰজাৰ দ’ল। ভাঙিম নে নাভাঙিম

নাভাঙিবা……

ক’লী কুকুৰক মাতিম নে নামাতিম

নামাতিবা…… 

ক’লী ঔচ, বগী ঔচ ঘেছে……

(৩) 

উকুলি মুকুলি দুকুলি বাঁহী

আদৌ দৌ ডুমৰ দাঁহী

আম পাতে চাম চেলায়

কঁঠাল পাতে হুবহুৰায়………ইত্যাদি ইত্যাদি……/

শিশু নিচুকনি গীত বা ওমলা গীতসমূহ লয়যুক্ত। অসমৰ প্ৰতিখন গাঁৱত এই অমূল্য গীত-পদসমূহ আজিও জীয়াই আছে। আমাৰ চৌপাশৰ বিভিন্ন জনগোষ্ঠী, সমূহৰ মাজতো এই গীত পদ সমূহৰ ব্যৱহাৰ আমি দেখিছো। হয়তো বিশ্বৰ শিশুৰ মাজত নিচুকনি গীত আৰু ওমলা গীতৰ প্রভাবে শিশু সাহিত্যৰ বিশালতাকে সূচায়। ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল— “শিশুৰ মতো পুৰাতন আৰ কিছুই নেই। দেশ কাল শিক্ষা প্রথা অনুসাৰেবয়স্ক মানবেৰ কত নতুন পৰিবর্তন হইয়াছে। কিন্তু শিশু শত সহস্র বৎসৰ পূর্বে যেমন ছিল আজও তেমনি আছে।’ শিশু শিশুৱেই। এতিয়াও শিশুৱে পখিলাৰ পাছে পাছে দৌৰে। বগলী দেখিলে গীত জোৰে, ‘বগলী, এই বগা ফোট দি যা। পৃথিৱীৰ সকলো শিশু সাহিত্য শিশুৰ মনৰ খোৰাক যোগাব পৰাকৈ সৃষ্টি হয়। অতি সহজ সৰল আৰু কৌতূহল উদ্দীপক ভাষাৰে নিচুকনি গীত, ওমলা গীত আৰু সাধুকথাসমূহ লিখা হয় বা ৰচনা কৰা হয়। বিখ্যাত বাংলা সাহিত্যিক সুকুমাৰ ৰায়ৰ এটি ছন্দমুক্ত কবিতা এনে ধৰণৰ : 

হাঁস ছিল সজাৰু (ব্যাকৰণ মানি না)

হয়ে গেল ‘হাঁসজাৰু কেমনে তা জানি না

বক কাহে কজাপ—’বাহবা কি ফূর্তি’

অতি খাসা আমাদের ‘বকচ্ছপ’ মূর্তি।        

জিৰাফেৰ সাধ নাই মাঠে ঘাটে মুৰিতে

ফড়িঙেৰ  ঢং ধৰি সেও চায় উড়িতে। 

সর্বসাধাৰণৰ মুখে মুখে প্রচলিত এটি বাংলা ওমলা গীতৰ কলি এনে ধৰণৰঃ

আমার খোকা ভাল অ’

আম পারি খাল অ’

 আমের মাজে পোকা

 আমার খোকা বোকা।

নিচুকনি গীত। ওমলা গীতৰ পাছতে সাধুকথাক শিশু সাহিত্যৰ আদি সাহিত্য বুলি কব পাৰি। সাধুক পুংখানুপুংখকৈ বিচাৰ কৰিলে এটা জাতিৰ সামগ্রিক পৰিচয়সমূহ ওলাই পৰে। সাধুত সমাজ জীৱনৰ সকলো দিশকে সামৰি লোৱা হয়। সাধুৰ মূল উদ্দেশ্য শিশুৰ নৈতিকতা গঢ় দিয়া। সাধু কোনো নীতি নিয়মৰ বশৱৰ্তী হৈ সৃষ্টি হোৱা নাছিল। পৰিয়ালৰ মাজত মৰম-চেনেহৰ বান্ধোন সুদৃঢ় কৰি ৰাখিবলৈ সৃষ্টি হোৱা সাধুসমূহত বিশ্লেষণ কৰা হৈছিল মানুহৰ চৰিত্ৰৰ কেতবোৰ দোষ, গুণ। সাধুত সদায় বেয়া কামৰ ফল বেয়া হয়। লগত বুদ্ধিৰে জীৱনলৈ অহা বিপদৰ পৰা হাত সাৰিবৰ উপায়ো থাকে। বিশ্ব শিশু সাহিত্যৰ বিখ্যাত গ্ৰন্থ এলিছ ইন দ্যা ৱাণ্ডাৰলেণ্ড, ব্লু বার্ড, গ্ৰীমৰ সাধু, এণ্ডাৰছনৰ সাধু উল্লেখযোগ্য। বাংলা শিশু সাহিত্যত ঠাকুৰ ‘মার ঝুলি’ এখন বিখ্যাত গ্রন্থ। লাল বিহাৰী দেৰ Folk tales of Bengal গাঁৱৰ সহজ-সৰল মানুহৰ মুখৰ সাধুকথা। 

গৱেষণাৰ সুবিধাৰ বাবে সাধুসমূহক Myth, legend, folktail এই তিনিভাগত ভাগ কৰা হৈছে। এই ভাগসমূহকো আকৌ সুবিধাৰ বাবে বিভিন্ন শ্রেণীত ভাগ কৰি লোৱা হৈছে। কিন্তু ড” অনিল বড়োৱে কোৱাৰ দৰে আমিও বিশ্বাস কৰোঁ যে— ‘জনগোষ্ঠীবিলাকৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত শ্রেণীসমূহ সম্পূৰ্ণ ৰূপে লোক কাহিনী বিশেষজ্ঞসকলে নিৰ্ধাৰণ কৰা বিশ্লেষণাত্মক শ্ৰেণীত জাহ নাযাবও পাৰে। সেইবাবে বিশেষজ্ঞসকলে নিৰ্ধাৰণ কৰা এনে শ্রেণী বিভাজন সকলোতে সমানে প্রযোজ্য নহ’ব পাৰে।’— সাধুৰ প্রণালীবদ্ধ অধ্যয়ন অবিহনে সাধুৰ বিশ্লেষণ সম্পূৰ্ণ নহয়। ৰবীন্দ্ৰনাথ ঠাকুৰে এষাৰ কথা কৈছিল— ‘বাঙ্গালীৰ ছেলে যখন রূপকথা শোনে তখন কেবল যে গল্প, শুনিয়া সুখী হয়, তাহা নাহে সমস্ত বাংলা দেশের চিরন্তন স্নেহের সুরটি তাহার তরুণ চিত্তের মধ্যে প্রবেশ করিয়া, তাহাকে যেন বাংলার রসে রসাইয়া লয়।’ সাধুকথাসমূহৰ অস্বাভাবিক কথাকাণ্ডই শিশুৰ মনত অনাবিল আনন্দৰ খোৰাক যোগায়। বুঢ়ী আইৰ সাধু কথাৰ সাধুসমূহৰ চৰিত্ৰসমূহৰ অসমীয়া সমাজ জীৱনৰ সৈতে এনেদৰে খাপ খাই পৰা যে সাধুসমূহক অসমীয়া জাতিটোৰ অভিন্ন অংগ বুলি ধৰা হৈ আহিছে। লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু কথা অবিহনে অসমীয়া সমাজ এখনৰ কল্পনাও অসম্পূর্ণ। 

ঠিক সেইদৰে দক্ষিণারঞ্জন মিত্র মজুমদাৰৰ ‘ঠাকুরমার ঝুলি’ অবিহনে বাংলা সাহিত্য, বাংলা সমাজ এখনৰ কথা কল্পনাও অসম্পূর্ণ। অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীসমূহৰ মাজতো সাধুকথাৰ প্ৰচলন বাৰুকৈয়ে আছে। আমি ব্যক্তিগতভাবে কাৰ্বি, তিৱা, মিচিং, চিংফৌ, চাহজনগোষ্ঠী, টাইফাকে, টাই খামিয়াং, টাই তুৰুং, টাংছা, দেউৰী সম্প্ৰদায়ৰ পৰা ২০০তকৈও অধিক সাধু সংগ্ৰহ কৰা হৈছে এই লেখিকাৰ দ্বাৰা। ক্রমান্বয়ে হেৰাই যাবলৈ ধৰা এই সাধুকথাসমূহত জাতিটোৰ বহুতো তথ্যই সোমাই থাকে। জনগোষ্ঠীয় সাধুকথাসমূহৰ এটা বিশেষ বৈশিষ্ট্য হ’ল নাৰী আৰু পুৰুষৰ চৰিত্ৰসমূহৰ উপস্থাপনৰ কৌশল ৷ পুৰুষ চৰিত্ৰসমূহক সবল ৰূপত অংকিত কৰা হয়। যুদ্ধ চিকাৰ, এনে ধৰণৰ কামত পুৰুষ চৰিত্ৰসমূহৰ ভূমিকা মুখ্য। মানুহে কেনেকৈ কাপোৰ পিন্ধিবলৈ শিকিলে বা খেতি-বাতি বা ঘৰুৱা কাম-কাজৰ দায়িত্ব সাধুত মহিলাৰ মাজতে থাকে। নাৰীয়েহে যে কাপোৰ পিন্ধিবলৈ শিকালে তাৰে সুন্দৰ বৰ্ণনা কাৰ্বি, টাংছা, সোণোৱাল কছাৰী সাধুসমুহত পোৱা গৈছে।

সাহিত্যচাৰ্য্য ৰূপে বিখ্যাত অতুলচন্দ্ৰ হাজৰিকা দেৱে অসমীয়া শিশু সাহিত্য ৰচনা কৰোঁতে অসমত শিসু সাহিত্যৰ চিন্তা-চৰ্চা হোৱা নাছিল। অতুল চন্দ্ৰ হাজৰিকাই কৈছিল— ‘জুইশালত গঢ়ি লৈহে কমাশালত ওলাব পাৰি। আমাৰ অকনমাণিহঁতক সৰুৰে পৰা মৌ-মিঠা সাহিত্যৰ মাহ-চাউল বা জিলাপি খুৱাই জিভাত সোৱাদ লগাই নথলে ডাঙৰ হ’লে তেওঁলোকে যদি সাহিত্য মন্দিৰৰ ভোৰতালৰ মাত বা আজানৰ ধ্বনি শুনি কাণত সোপা দি আঁতৰি যায় তেন্তে তেওঁলোকক বিজত্ৰীয়াকৰণৰ দোষৰ ভাগী আমিও নিশ্চয় হ’ব লাগিব।

সামৰণি : অসমীয়া শিশু সাহিত্যৰ ক্ষেত্ৰখনত শতাধিক লেখকৰ অৱদান আছে। গগণচন্দ্ৰ অধিকাৰী দেৱে সাহিত্য একাডেমীও আজুৰি আনিছে শিশু সাহিত্যৰ ক্ষেত্ৰত। পুনৰ ঘূৰি আহিছো শিশু সাহিত্যৰ আদিছোৱালৈ। খুউব ভালকৈ লক্ষ্য কৰিলে অনুধাৱন কৰিব পাৰো যে প্ৰাপ্ত বয়স্ক সকলৰ বাবে ৰচনা কৰা কাহিনীসমূহ পাছলৈ শিশু সাহিত্য ৰূপেহে বিখ্যাত হৈ পৰে। আৰবিয়ান নাইটছ, ভীম চৰিত, বা বৌদ্ধ জাতকসমূহৰ বা ৰামায়ণ, মহাভাৰতৰ কাহিনীসমূহ ৰচিত হৈছিল প্ৰাপ্তবয়স্ক সকলৰ বাবেহে। কিন্তু পাছলৈ এই কাহিনীসমূহ শিশুৰ মাজতহে জনপ্ৰিয় হৈ উঠে। পৰিব্ৰাজক সকলেও ইখন ঠাইৰ পৰা সিখন ঠাইলৈ পৰিভ্ৰমন কৰোঁতে বিশ্বৰ বিভিন্ন ঠাইৰ কাহিনী বা মুখ বাগৰা কিছু কথা টোকা হিচাপে লিখি লৈ গৈছিল। 

হিউৱেনচাং, ফা-হিয়েন, শ্রী দীপাঙ্কৰ আদি পৰিব্ৰাজকসমূহে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ঘূৰি ফুৰি ভালেমান এনে কাহিনী লিপিবদ্ধ কৰি নিজৰ দেশলৈ লৈ যায়। বিনিময়ত তেওঁলোকৰ দেশৰ ভালেমান কাহিনী উপহাৰ হিচাপে দি থৈ যায়। সেয়ে সাধুৰ বিশ্লেষণ কৰিলে প্ৰত্যেক ঠাইৰ সাধুৰ মাজত এক মিল দেখা পোৱা যায়। পাছলৈ ১৮ শতিকাৰ পৰা ভাৰতবৰ্ষত ইংৰাজী শিক্ষা প্ৰচলন হোৱাত ইংৰাজী সাহিত্যৰ বহু কথা, কাহিনী অনুবাদৰ জৰিয়তে ভাৰতবৰ্ষত প্ৰবেশ কৰি আৰু জনপ্ৰিয় হৈ পৰিছে। ৰবিনছন ক্ৰছ, এৰাউণ্ড দি ওৱাল্ড ইন এইটি ডেইজ আদি গ্রন্থসমূহ অসম মুলুকতো অতি জনপ্রিয়। শিশু সাহিত্য সকলোস্তৰৰ মানুহৰ মাজত সমানে জনপ্রিয়। মানৱীয় বসেরে ভুলি থকা এই সাহিত্যৰ আৰু বিকাশ হওক। অসমীয়া শিশু সাহিত্যইও বিশ্ব দাৰত স্থান পাওক।

১১। শিশুৰ বাবে নাটক ৰচনা কৰা, পৰিচালনা কৰাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাসমূহৰ বিষয়ে আলোচনা কৰি অসমীয়া শিশু নাটৰ আলোচনা আগবঢ়োৱা? 

উত্তৰঃ শিশুৰ বাবে নাট ৰচনাঃ এহাতে নাটক আৰু লিখিত সাহিত্য, আনহাতে এক প্ৰকাৰৰ পৰিৱেশ্য কলা যদিও ইয়াক কিন্তু বিশুদ্ধ সাহিত্য বুলি কোৱা নহয়। জীৱন আৰু জগতৰ লগত নাটকৰ এক অভিন্ন আৰু অংগাংগী সম্বন্ধ আছে। কবিতা আৰু নাটকক একেটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি বুলি কোৱা হয় যদিও কবিতা মূলতঃ শ্রুতিকাব্য — শ্ৰৱণৰ যোগেদি ই মানৱ মনক স্পৰ্শ কৰে। আনহাতে নাটক হৈছে দৃশ্যকাব্য। শ্ৰৱণৰ লগতে ই দৰ্শনেন্দ্ৰিয়ৰ সহায়ত মানৱ হৃদয়ত ঝংকাৰ তোলে। এই শ্ৰৱণৰ লগতে দর্শনীয় কথাটোৱেই নাটকত চৰিত্ৰৰ কথোপকথনৰ ধাৰণাটো আনি দিয়ে, যিটোৰ উপস্থিতিতহে নাটকৰ ৰস আস্বাদন সম্পূৰ্ণ হয়। পঠনীয় আৰু শ্রাব্য হোৱাৰ লগতে দৃশ্যায়িত হোৱা বাবে কলা হিচাপে নাটকৰ বিচাৰ-বিশ্লেষণত কিছু জটিলতাও নথকা নহয়। এনেয়ে নাটক এক জটিল আৰু যৌগিক কলা। তাতে সেই নাটক যদি শিশুৰ বাবে ৰচনা কৰিবলগীয়া হয়, তেন্তে স্বাভাৱিকতে সি আৰু বেছি পৰিশোধিত আৰু পৰিক্ষণীয় হোৱা উচিত।

বাস্তৱ জীবন বা কল্পনাময় সংঘটিত হোৱা বা হ’ব পৰা ঘটনাৱলীৰ কলাত্মক ৰূপায়ণেই নাটক। অন্য অর্থত নাটক বাস্তৱৰ অনুকৰণ যদিও সেই অনুকৰণ অৱিকল নহয়, তাৰ সলনি ক’ব পাৰি নাটক বাস্তৱৰ নিচিনাকৈ জীৱনৰ ঘটনাৱলীৰ ৰূপায়ণহে। দেখাত শিশুনাট ৰচনা সহজ যেন লাগিলেও বাস্তৱিকতে কামটো কিন্তু সহজ নহয়। সেয়ে হয়তো অসমীয়া দীঘলীয়া নাট্য সাহিত্যৰ ইতিহাসতো শিশুনাটৰ সংখ্যা তথা সেই বিষয়ৰ চিন্তা-চৰ্চা ইমান কম। বিভিন্ন পণ্ডিতে শিশুনাট কেনে হ’ব লাগে সেই সম্পর্কে শিশুৰ বুদ্ধি-বৃত্তিৰ বিকাশ অনুসৰি মতামত আগবঢ়োৱা দেখা যায়। শিশুৰ বাবে ৰচিত হোৱা নাটকত নাট্যকাৰে সততে মনত ৰাখিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ দিশৰ কথা আমি এই লেখাত আঙুলিওৱাৰ চেষ্টা কৰিলোঁ। শিশুবিলাক সাধাৰণতে অতি কৌতূহলী আৰু খেলা-ধেমালিপ্রিয়। 

কম বয়সৰ শিশুসকলৰ মনত খং, ভয়, আনন্দ আদি অনুভূতিবোৰৰ বিকাশ হয় যদিও সেইবোৰ যথেষ্ট ক্ষন্তেকীয়া। পাঁচ-ছয় বছৰৰ ওপৰৰ শিশুৰ মানসিক অৱস্থাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে সিহঁতে দলবদ্ধভাৱে খেলিবলৈ, ফুৰিবলৈ ধৰে। এই সময়ছোৱাত সিহঁতৰ বিকাশ হয়। ইয়াৰ পাছৰ স্তৰত শিশুৰ সামাজিক বোধ আৰু ব্যক্তিগত প্ৰতিষ্ঠাৰ ভাব প্রকট হয়। এই সময়ছোৱাত সিহঁতৰ যুক্তি-বুদ্ধিৰ বিকাশ হোৱাৰ লগতে নিজে কিবা এটা কৰি দেখুওৱাৰ প্ৰবল হেঁপাহ হয়। তেওঁলোকে এই বয়সত সততে ডাঙৰৰ পৰা উৎসাহ, প্ৰেৰণা আৰু প্ৰশংসাৰ কামনা কৰে। নাট্য নিৰ্মাণৰ বাবে শিশুৰ এইছোৱা কালেই আটাইতকৈ প্ৰশস্ত বুলি ভবা হয়।

শিশুৰ মনোজগতখনত কঠিন বাস্তৱৰ নিকৰুণ ছবিতকৈ কল্পনাময় বাস্তৱ-অবাস্তৱৰ ছবিৰ বাবেহে ঠাই বেছি। সেয়ে তেনে বিষয়বস্তুযুক্ত নাটকৰ কাহিনীয়েহে তেওঁলোকক সচৰাচৰ আকৰ্ষিত কৰা দেখা যায়। গাম্ভীৰ্যময় বিষয়বস্তু, ভাবময়তা, কৌশলপূর্ণ সংলাপ আদি শিশুৰ মনোজগতে গ্রহণ কৰিব পৰা বিধৰ নহয়। তাৰ সলনি তেওঁলোকে নাটকৰ ক্রিয়াশীল দিশটোৰ প্ৰতিহে বেছিকৈ আকৃষ্ট হোৱা দেখা যায়। শিশুৱে স্বাভাৱিকতে কথাতকৈ আপোন মনে কোনো কামত লিপ্ত হৈ থাকিহে ভাল পায়। নাটকৰ ক্ষেত্ৰত এই ক্রিয়াশীল দিশটোৰ আকৌ দুটা ভাগ আছে। বাহ্যিক আৰু আভ্যন্তৰীণ। শিশুৰ বাবে বাহ্যিক দিশটোৰ প্ৰয়োজনহে বেছি। বাহ্যিক ক্রিয়াশীলতাৰ ভিতৰত পৰে— জঁপিওৱা, নচা-হঁহা, কন্দা, নচা, খেলা, তৰ্কবাদ কৰা, যুঁজ কৰা, দৌৰা, বিভিন্ন ধৰণৰ মাতৰ অনুকৰণ কৰা, চিকাৰ কৰা, মুখাবয়ব পিন্ধা, উচপ্ খোৱা ইত্যাদি। মঞ্চত প্ৰদৰ্শিত হোৱা এনে ধৰণৰ কাৰ্যবিলাকৰ যোগেদিয়েই শিশুৱে এক বিমল আনন্দ লাভ কৰে।

সাধু বা কাহিনী শুনি ভালপোৱাটো শিশুৰ চিৰন্তন স্বভাৱ। সাধুকথাৰ মাজত জড়-জীব সকলোৱেই মূর্তমান হয়। শিশুৰ মনোজগতত গছ-গছনি, ফল-ফুল, পর্বত-পাহাৰ, নদ-নদী, আকাশ-বতাহ, জীৱ-জন্তু, জোন-বেলি সকলোৱে কথা ক’ব পাৰে, চলন-ফুৰণ কৰিব পাৰে। তদুপৰি, সকলো শিশুৱেই পৃথক পৃথক ৰং আৰু বিবিধ আকৃতি আৰু প্ৰকৃতিৰ প্ৰতি যথেষ্ট দুর্বল। যিকোনো সাধুৰ যোগেদিয়েই যিকোনো শিশুকে ক্ষন্তেকৰ বাবে হ’লেও স্থিৰেৰে ৰাখিব পৰা যায়। তাতে সেই সাধুত যদি বিবিধ ৰঙৰ বয় বস্তু, জীৱ-জন্তু আৰু বিভিন্ন আকৃতি প্ৰকৃতিৰ চৰিত্ৰ থাকে তেন্তে তাত স্বাভাৱিকতে সোণত সুৱগা চৰে। শিশুৰ স্মৃতিশক্তি প্ৰখৰ যদিও সি কম সময়ৰ বাবেহে স্থায়ী। সেয়ে সিহঁতে কোনো কাহিনী বা সাধুৱেই অবিকলভাৱে মনত ৰাখিব নোৱাৰে। সিহঁতে সাধুটো শুনি যাওঁতে নিজৰ কল্পনাৰে সেই সাধু বা কাহিনী ঢুকি পোৱা অংশবোৰ মনত ৰাখিবলৈ যত্ন কৰে আনৰ আগত তাকে ৰহণ লগাই কোৱাৰ চেষ্টা কৰে। কাহিনীটো শুনি যাওঁতে যিবোৰ অংশই শিশুৰ মনত চিত্ৰৰূপ লাভ কৰে, সেইবোৰেই স্থায়ী হয়। সেয়ে শিশুনাটকৰ নাট্যকাৰসকলে সাধুকথা বা জনপ্ৰিয় কাহিনীৰ আধাৰতে শিশুনাট ৰচনা কৰাটো বেছি ফলপ্রসূ।

অনুকৰণ আৰু অনুসৰণসৰ্বস্বতা মানৱ জীৱনৰ এক এৰাব নোৱাৰা বৈশিষ্ট্য। মানুহে শিশু কালৰে পৰা নিজৰ জ্ঞাত বা অজ্ঞাতসাৰেই অনুকৰণ বা অনুসৰণৰ জৰিয়তে জীৱনৰ পাঠ শিকে। যিবিলাক দৃশ্য বা ঘটনাই শিশুৰ মনত ছাপ পেলায় বা ৰেখাপাত কৰে, তেনেবোৰ ঘটনাকে তেওঁলোকে পুনৰাবৃত্তি কৰিবলৈ বিচাৰে। নিজে নজনাকৈয়ে শিশুৱে কবিতা আওঁৰায়, ব্যাকৰণ নজনাকৈয়ে মাতৃভাষা শুদ্ধকৈ কয়, বস্তু পৰিধান কৰাৰ প্রয়োজনীয়তাৰ কথা নজনাকৈয়ে কাপোৰ পিন্ধিবলৈ শিকে, নিজৰ দৰকাৰ হওক-নহওক যিকোনো বস্তু তুলি ল’বলৈ বিচাৰে ইত্যাদি। ভাওনা বা নাটক এখন চোৱাৰ পাছত বহু শিশুৱে সাধাৰণতে ভালেমান দিনলৈ তাৰ সংলাপ বা গীতবোৰ গাৱলৈ চেষ্টা কৰে। কেতিয়াবা আকৌ দেখা যায়, ভাওনা এখন চোৱাৰ পাছত দুটামান শিশু লগ লাগি ডাঙৰৰ অনুপস্থিতিত আগনিশাৰ অনুকৰণত এখন নকল ভাওনাকে কৰি পেলায়। 

কলঠৰুৱা, ঢকুৱাৰ গদা, মৰা ঠাৰিৰ বাঁড়, মৰাপাটৰ ৰচীৰ সহায়ত জেওৰা খৰিৰে সজা ধনু, কলপাত বা ঢকুৱাৰ মুকুট, মুখৰ বাজনা, এঙাৰ বা পাউদাৰ আদিয়েহে হৈ পৰে তেওঁলোকৰ ভাওনাৰ প্ৰধান সা-সঁজুলি। অলপ ভালকৈ মন কৰিলে দেখা যায়, শিশুৰ এই নকল ভাওনাখনত সংলাপতকৈ প্ৰাধান্য পায় গীত-নৃত্য, বিভিন্ন ভংগী আৰু যুঁজ-বাগৰেহে। তদুপৰি শিশুৱে পতা এই নির্দোষ ভাওনাবিলাকৰ দীৰ্ঘতাও কম। যুঁজ বাগৰ, ক্রিয়াশীলতা শেষ হোৱাৰ লগে লগেই ইয়াৰ অন্তও পৰে। এইটোৱেই নিশ্চিত কৰে যে, শিশুমনত ক্রিয়াশীলতাৰ স্থানহে বেছি আৰু সিও দীর্ঘ সময় ধৰি বৰ্তি নাথাকে যিমানেই হেঁপাহ নহওক, একেটা কামতে সৰহ সময় লাগি থাকিব নোৱৰাটো শিশুৰ সহজাত প্রবৃত্তি। শিশুৰ এই মানসিকতাৰ প্ৰতি দৃষ্টি ৰাখিয়েই শিশু নাটকো যথাসম্ভব চুটি কৰাটোৱেই বিধেয়।

শিশু-নাটকৰ বৈশিষ্ট্য ৰাজিৰ কথা আলোচনা কৰোঁতে স্বাভাৱিকভাৱে মনলৈ অহা এটা দিশ হৈছে, শিশুনাটকৰ উপাদানবোৰ কেনে হোৱা উচিত। নাটকৰ উপাদান বুলি কওঁতে সাধাৰণতে কাহিনী, চৰিত্ৰ আৰু সংলাপকে বুজোৱা হয় যদিও পৰিৱেশ পৰিস্থিতিও ইয়াৰ বাহিৰত নহয়। অন্যান্য কাহিনী গ্ৰন্থৰ দৰে নাটকৰ কাহিনীও বিভিন্ন ধৰণৰ হ’ব পাৰে; কিন্তু মন কৰিবলগীয়া কথা যে, চৰিত্ৰপ্ৰধান বা তত্ত্বপ্রধান কাহিনীতকৈ ঘটনাপ্রধান কাহিনীয়ে শিশুৰ বাবে বেছি কাৰ্যকৰী। শিশুৱে যিহেতু বহিমুখী ক্রিয়াশীলতাহে ভাল পায়, সেয়ে ভাবগধুৰ চৰিত্ৰপ্ৰধান বা তত্ত্বপ্রধান কাহিনীৰ গূঢ়াৰ্থ তেওঁলোকৰ বাবে বোধগম্য নোহোৱাটোৱেই স্বাভাৱিক। সেয়ে শিশু নাটকৰ কাহিনীৰ বাবে গতিশীল ক্রিয়াত্মক কাহিনীহে বিধেয় বুলিব পাৰি। নাট্য-কাহিনীৰ লগতে জড়িত থকা অন্য এটা গুৰুত্বপূৰ্ণ দিশ হৈছে মূল্যবোধৰ কথাটো। শিশু যিহেতু অনুকৰণশীল, সেয়ে তেওঁলোকৰ বাবে ৰচিত নাটকত মূল্যবোধৰ দিশটো উলাই কৰিব পৰা বিষয় নহয়।

শিশুনাটকৰ কাহিনী বাস্তৱসন্মত বা কাল্পনিক যেনেকুৱাই নহওক লাগে সি আদৰ্শাত্মক হোৱা উচিত আৰুপৰিণতিও সুখপ্রদ হোৱাটো বিধেয়। সেইবুলি আদৰ্শ স্থাপন কৰিবলৈ যাওঁতে শিশু-নাটকৰ বিষয়বস্তু যাতে পোনপটীয়কৈ অতিমাত্রা আদর্শাত্মক বা দার্শনিক নহয়, তাৰ প্ৰতিও লক্ষ্য ৰখা উচিত। সাধাৰণ আৰু সহজবোধ্য আদর্শাত্মক বিষয়বস্তুৱে শিশুক জ্ঞান আহৰণত সহায় কৰে। নাটকৰ পৰিণতিয়ে শিশুৰ মনলৈ যাতে ভৱিষ্যতৰ প্ৰতি প্ৰত্যয় আৰু প্ৰতিশ্রুতি তথা আশাৰ বাৰ্তা কঢ়িয়াই আনিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। পাশ্চাত্য আৰ্হিৰ ট্ৰেজিক পৰিণতি শিশুনাটৰ পৰিসমাপ্তি হোৱা উচিত নহয়।

চৰিত্ৰ হৈছে কাহিনীধৰ্মী সাহিত্যৰ প্ৰধান অৱলম্বন। নাটক একোখনত চৰিত্ৰৰাজিৰ দ্বাৰাই কাহিনীৰ বিকাশ আৰু বিন্যাস ঘটোৱা হয়। বিভিন্ন বৈশিষ্ট্য আৰু গুণাৱলীৰ ভিত্তিত চৰিত্ৰক বিভিন্ন ভাগত বিভক্ত কৰা হয় যদিও ইয়াৰ প্রধান ভাগ দুটাহে — মূল চৰিত্ৰ আৰু পাৰ্শ্ব চৰিত্ৰ। শিশু নাটকত কেন্দ্ৰীয় বা মূল চৰিত্ৰক মাজত লৈয়ে বাকীবোৰ চৰিত্ৰই কাম কৰে। এনে নাটকৰ চৰিত্ৰবোৰ এনেভাৱে ক্রিয়াশীল হোৱা প্রয়োজন যে, যাৰ দ্বাৰা শিশুমনৰ পুঞ্জীভূত কল্পনাশক্তি তথা সৃষ্টিশীলতাই মুক্তবিকাশৰ অৱকাশ পায়। চৰিত্ৰবোৰ গহীন-গম্ভীৰ আৰু অতি বেছি আদৰ্শাত্মক হ’লে শিশুৰ কোমল মনে সিবিলাকক গ্রহণ নকৰে। চৰিত্ৰৰ কাম-কাজবিলাক এনে হোৱা প্রয়োজন যে, সিবিলাকক যাতে শিশু দর্শকে বিশ্বাসত ল’ব পাৰে আৰু চৰিত্ৰটোকো আপোন কৰি ল’ব পাৰে।

নাটকৰ যিটো উপাদানে তাৰ বিষয়বস্তু আৰু ভাববস্তুত দর্শক-শ্রোতাৰ ওচৰলৈ লৈ যায় সেইটো হৈছে সংলাপ বা কথোপকথন। অন্যান্য সাহিত্য মাধ্যমত পাঠকৰ লগত লেখকে যোগাযোগ ৰাখিবৰ বাবে যি কথন-শৈলী বা বিৱৰণৰ সুবিধা পায়, নাটকত নাট্যকাৰে সেই সুবিধা নাপায়। দর্শক পাঠকৰ লগত নাট্যকাৰৰ যোগাযোগ, কাহিনীৰ বিৱৰণ, চৰিত্ৰসমূহৰ পৰিচয়, নাট্যৰস আদি সকলোৰে একমাত্র মাধ্যম, হৈছে সংলাপ বা কথোপকথন। তদুপৰি নাটকৰ সংলাপ হ’ব লাগিব বাহুল্যবর্জিত, পৰিস্থিতি সাপেক্ষ আৰু ব্যঞ্জনাপূর্ণ। সেৰেকা, বহুবল্কী আৰু নীৰস সংলাপে নাটকক মনোহাৰিত্ব দিব নোৱাৰে। এইবিলাক কথাই প্ৰমাণ কৰে নাটকৰ সংলাপ ৰচনাৰ দৰে কাম কিমান কঠিন আৰু কষ্টসাধ্য। তাতে যদি নাটখন শিশুনাট হয়, তেন্তে নাট্যকাৰৰ দায়িত্ব আৰু বেছি গধুৰ হয়। উল্লেখযোগ্য যে বয়স আৰু অভিজ্ঞতা অনুসৰিহে মানুহৰ শব্দ-ভাণ্ডাৰৰ আয়তন বৃদ্ধি হয়। শিশুৰ শব্দ-ভাণ্ডাৰ এনেয়ে কম। তেনে ক্ষেত্ৰত শিশু-মনক স্পৰ্শ কৰিব নোৱাৰা উচ্চ সাহিত্যযুক্ত সংলাপে শিশু-নাটকৰ গোটেই পৰিৱেশটোৱেই নষ্ট কৰি দিয়া স্বাভাৱিক। সেয়ে দুর্বোধ্য, অতিমাত্রা নীতিমূলক আৰু দীঘল সংলাপ শিশু-নাটকৰ ক্ষেত্ৰত সততে পৰিহাৰ কৰা উচিত। তাৰ সলনি সহজ-সৰল, শিশুৱে বুজিব পৰা, সিহঁতৰ মুখত খাপ খোৱা, পৰিৱেশ পৰিস্থিতিৰ লগত মিলা, আনন্দময় চুটি চুটি সংলাপহে প্রয়োগ কৰা বিধেয়। দুখ, হতাশা, বিষাদ, খং আদিৰে ভাৰাক্ৰান্ত সংলাপেও শিশুক আমনি দিয়ে। সেয়ে এই দিশটোৰ প্ৰতিও নাট্যকাৰে লক্ষ্য ৰখা উচিত।

শিশুৰ মন বুজি নাট ৰচনা কৰাৰ অন্য এক প্ৰধান উপায় হৈছে নাটকীয় ত্রি-ঐক্যৰ সাধন কৰা।আগতেই কোৱা হৈছে যে শিশুৱে একেটা বিষয় সৰহ সময় মনৰ ভিতৰত ধৰি ৰাখিব নোৱাৰে। সেইদৰে একাধিক ঘটনাৰ জোঁটাপুটিও সিহঁতে বুজিব নোৱাৰে। সেয়ে একে সময়, একে স্থান আৰু ক্ৰিয়াৰ মাজতে আবদ্ধ ৰাখি ৰচনা কৰা নাটকহে শিশুৱে সহজে গ্রহণ কৰে। এই ঐক্য ব্যাহত হ’লেই শিশুৰ কুমলীয়া মনে নাট্য-কাহিনীৰ ঘটনাৱলীক বেহা (ৰহণ) লগাই মনত ৰাখিব নোৱাৰে আৰু বিভিন্ন প্রশ্নেৰে মন ভাৰাক্ৰান্ত কৰি তোলে। শিশুনাট চুটি হলে তেনে নাটকত এই ত্রি-ঐক্য মানি চলাও সম্ভৱ হয়।

শিশুনাটৰ পৰিচালনাঃ নাট ৰচনাৰ লগতে ‘নাট্য-নিৰ্মাণ’ৰ গুৰুত্বও অপৰিসীম। নাট ৰচনাৰ লগতে তাৰ পৰিকল্পনা, আখবা, পৰিচালনা, উপস্থাপনা, ৰূপ তথা মঞ্চসজ্জা আদি সকলোবোৰ বিষয়েই নাট্য-নিৰ্মাণৰ ভিতৰত পৰে। ঘাইকৈ শিশু-দর্শক আৰু শিশু-কুশীলৱসকলৰ আনন্দ বৰ্ধন আৰু বৌদ্ধিক তথা শৈল্পিক শিক্ষাদানৰ উদ্দেশ্যেই শিশুনাট পৰিৱেশিত হয়। এই দৃষ্টিৰ পৰা ক’ব পাৰি শিশুনাটৰ প্ৰাথমিক চৰ্তই হৈছে, যিবিলাক শিশুৱে নাটকখন মঞ্চস্থ কৰে সিহঁত নিজেই আনন্দিত, শিক্ষিত আৰু সৃজনীশীলতাৰে পৰিপুষ্ট হ’ব লাগিব। শিশু-নাটকত শিশুৱে যদি নিজকে আৱিষ্কাৰ কৰিব নোৱাৰে তেন্তে সেই নাটকক সফল বুলিব নোৱাৰি। শিশু নিজেই সৃজনীশীলতাৰ প্ৰতিভূ। বেলেগ বেলেগ পৰিৱেশত শিশুৱে নিজেই নতুন উদ্ভাৱনাৰে সৃষ্টিশীলতাৰ পৰিচয় দিবলৈ সক্ষম হয়। 

শিশু-নাটৰ পৰিচালনাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কথাটো হৈছে, কঠোৰ নিয়ন্ত্ৰণেৰে শিশুক পৰিচালিত কৰাৰ পৰিৱৰ্তে শিশুৰ সৃষ্টিশীলতাক জাগ্ৰত কৰি, সিবিলাকক কাংক্ষিত পথলৈ আনিবলৈ সহায় কৰাটোহে বেছি প্ৰয়োজনীয়। পৰিচালকে শিশু-কুশীলৱসকলক ‘এনেকৈ নহ’ব’ বুলি কোৱাতকৈ যদি ‘খুব ধুনীয়া হৈছে’, বঢ়িয়া বুলি কোৱাহে যুগুত। মাত্ৰ এইটো কৰোঁতে অলপ এনেকুৱা কৰিব পাৰি নেকি চোৱাচোন’ বুলি কয়, তেন্তে যথেষ্ট সুফল পোৱাৰ সম্ভাৱনা থাকে। মুঠতে শিশুৱে বিচৰা ধৰণে সিহঁতক মুকলি মনেৰে অভিনয় কৰিবলৈ এৰি দি পৰিচালকে কেৱল সহায়কৰ ভূমিকা ল’লেই যথেষ্ট।

শিশুৰ নাটক কৰোঁতে সেই নাটক কেৱল শিশুক লৈ, শিশুৰদ্বাৰা আৰু শিশুৰ বাবেই কৰা বুলি মানসিকভাৱে ভাবি লোৱা উচিত। এই ক্ষেত্ৰত গোটেই নাট্য-নিৰ্মাণৰ প্ৰক্ৰিয়াটোৱেই শিশুৰ ৰুচিবোধৰ প্ৰতি দায়বদ্ধ হোৱা উচিত। শিশুনাট এখন অভিভাৱক বা পূর্ণবয়স্ক লোকৰ পৰিৱৰ্তে সদায় এজাক শিশু-দৰ্শকৰ সন্মুখত মঞ্চস্থ কৰাৰ কথাহে কল্পনা কৰা উচিত। তেনে নাটকৰ নিৰ্মাণৰ সংশ্লিষ্ট সকলো কাম-কাজো শিশুৰ মনস্তত্ব অনুসৰিহে হোৱা উচিত। কেৱল ডাঙৰৰ আনন্দৰ বাবে শিশুক ব্যৱহাৰ কৰাটো এক অনুচিত কার্য। প্রাপ্তবয়স্কৰ মনোৰঞ্জনৰ বাবে শিশুনাট মঞ্চস্থ কৰাটো কেৱল শিশু-কুশীলৱসকলৰ প্ৰতি অন্যায়েই নহয়, ই এক প্ৰকাৰ সামাজিক অপৰাধো।

পূৰ্বতেই কোৱা হৈছে, সংলাপতকৈ শিশু নাটকত অভিনয় তথা ক্রিয়া কর্মকহে অধিক গুৰুত্ব দিয়া উচিত। শিশুনাটকৰ পৰিৱেশনৰ ক্ষেত্ৰত দৈহিক ভাষা (Body-language) ৰ প্রায়োগিক মূল্য অতি বেছি, কিয়নো, ডাঙৰতকৈ শিশুৱে শৰীৰেৰে অধিক ভাব প্রকাশ কৰিব পাৰে। শিশু নাটকত Body-language ব্যৱহাৰ কৰিবলৈ শিশু-কুশীলৱসকলক যিমান পাৰি সিমান সুবিধা উলিয়াই দিয়া উচিত। এই ক্ষেত্ৰত আলোক ব্যৱস্থাৰ কথাও আহি পৰে। কিয়নো, দর্শক থকাৰ উমান পালেহে শিশুৱে স্বতঃস্ফূর্তভাবে অভিনয় কৰিবলৈ অনুপ্ৰেৰণা পায়। সেয়ে শিশু-শিল্পীসকলে যাতে প্রেক্ষাগৃহত দর্শক থকাৰ উমান পায় তেনে ধৰণে পোহৰৰ ব্যৱস্থাও কৰা উচিত।

অভিনয়ৰ ক্ষেত্ৰত শিশুৰ যে কি বিস্ময়কৰ প্ৰতিভা পৰিলক্ষিত হয় তাক কৈ শেষ কৰিব নোৱাৰি। শিশুৱে অকলেই খেলা-ধূলা কৰে, গছ বিৰিখৰ লগত কথা-বাৰ্তা পাতে, মাক-দেউতাকৰ কামৰ অনুকৰণতে ডাঙৰৰ কামবোৰ কৰাৰ অনুশীলন কৰে, কল্পনাতে উটি-ভাহি ফুৰে। কেতিয়ারা নাৰিকলৰ কোৰোকাতে ধূলি-বালিৰে ভাত ৰান্ধে, দুজোপা গছক আগত লৈ হাল জোৰে, দোকানী হৈ বয় বস্তু জোখে, ওৰণি লৈ পুতলা-কেঁচুৱা নিচুকায়, শিক্ষক হৈ পাঠদান কৰে অথবা শুদা হাতখনেৰেই ভীমৰ গদা ঘূৰায়। শিশুৱে নিজৰ সহজাত অনুকৰণ প্রবৃত্তিৰে আয়ত্ত কৰা অভিজ্ঞতাৰ ভিত্তিতে নিজৰ কল্পনাৰ জগতখনৰ এনেদৰে প্ৰবৃত্ত হয়। শিশুৱে আপোন মনেৰেই এই আচৰণবোৰৰ লগত সংলাপ সংযোজন কৰে। কেতিয়াবা মৌনতাৰেও এইবোৰৰ অনুশীলন হয়। এনেবোৰ ক্রিয়াশীল, সবাক অথবা মুক অভিনয় শিশুৰ এক চিৰন্তন প্ৰবৃত্তি। শিশুৰ এই অনুকৰণপ্রিয়তা, কল্পনাপ্ৰৱণতা আৰু ক্রিয়াশীলতাক ইম্প্রুভাইজ (Improvised) কৰি তাক কলাত্মক ৰূপ দিয়াটো ডাঙৰৰ কৰ্তব্য। মুঠতে শিশুৰ এনেবোৰ কাৰ্য কলাপৰ প্ৰতি সহানুভূতিশীল হৈ ডাঙৰে সেইবোৰক কিছু যত্ন লৈ তেওঁলোকক অনুপ্ৰাণিত কৰিব পাৰিলেই শিশুৰ অভিনয়-প্রতিভাই এক বিশেষ আয়তন লাভ কৰিবলৈ সক্ষম হ’ব ৷

এনেদৰে আলোচনা কৰিলে দেখা যায়, শিশু-নাটক ৰচনা আৰু নাট্য নিৰ্মাণৰ বাবে কিছুমান সাধাৰণ গুণ খুবেই প্ৰয়োজনীয়। সেইবোৰ হৈছে সংক্ষিপ্ততা, উৎকণ্ঠাযুক্ততা, আনন্দময়তা, সংঘাতপূর্ণতা, ক্রিয়াশীলতা, কল্পনা উদ্রেককাৰী, প্ৰচাৰধর্মবিহীনতা, গতিময়তা, নৃত্য-গীতৰ প্ৰচুৰতা কৌতুকপূর্ণতা, কাৰুকাৰ্যতা, শিশু-মনস্তত্বৰ প্ৰতি গুৰুত্ব, সহানুভূতিশীলতা, স্বতঃস্ফূর্ত অভিনয়ৰ প্ৰতি অনুপ্ৰেৰণা ইত্যাদি। এইবিলাক দিশৰ প্ৰতি লক্ষ্য ৰাখিবলৈ হ’লে শিশু-নাটকৰ নাট্যকাৰসকলে শিশু-মনস্তত্বৰ অধ্যয়ন কৰাৰ লগতে শিশুৰ কথা-বতৰা, কাম-কাজ, আদব-কায়দা, আশা-প্রত্যাশা, হাঁহি কান্দোন আদি বৰ ওচৰৰ পৰা পৰ্যবেক্ষণ কৰাৰ প্ৰয়োজন। বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ জৰিয়তে সেই বিদ্যালয়ৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত একোজন নাট্যকাৰে নিজে ৰচনা কৰা শিশুনাটৰ পৰীক্ষণ কৰা সহজ কাম। 

সেই বুলি বিদ্যালয় বিদ্যালয় হোৱাই বিধেয়, সি নাট্য-গৱেষণাৰ কেন্দ্ৰ হোৱা উচিত নহয়। মুঠতে শিশু নাটৰ চৰ্চা তথা নাট্য নির্মাণ এক সুপৰিকল্পিত পৰীক্ষা-নিৰীক্ষাৰ কাম, এক প্ৰত্যাহ্বানযুক্ত সচেতন নাট্য-চিন্তাৰ কাম। এই চৰ্চাকাৰীয়ে কেৱল সততে মনত ৰখা প্রয়োজন যে শিশুক লৈ তেওঁ যি কৰিছে তাৰ প্ৰকৃত বিচাৰক শিশু-সমাজহে; অন্য কোনো নাট্যশিক্ষাৰে শিক্ষিত নাট্য-বিশেষজ্ঞ নহয়। এইখিনিতে উল্লেখ কৰিব পাৰি যে, শিশু নাটকৰ বিচাৰকজনেও নিজৰ বিশেষজ্ঞৰ সজাটোৰ পৰা ওলাই আহি শিশুৰ মনৰ সজাটোত সোমাই লৈহে শিশুনাটৰ বিচাৰ কাৰ্যত প্ৰবৃত্ত হোৱা উচিত।

অসমীয়া শিশুনাট : শিশুৰ বাবে সাহিত্য-চৰ্চা কৰা কামটো বৰ সহজ নহয়। শিশুৰ কোমল মনৰ চিন্তাধাৰাত, যুক্তি-বিচাৰহীন মনস্তত্বত, বাস্তব-অবাস্তৱ জগতখনত কোনো বিষয়ৰে পাৰাপাৰ নাই। বিস্ময়-কৌতূহল, কল্পনা বাস্তৱৰ হাঁহি ধেমালিময় জগতখনেই তেওঁলোকৰ বিচৰণৰ ক্ষেত্র। দেশ, কাল, জাতি, ধর্মভেদে সকলো শিশুৰ মনৰ জগতখন একেই। শিশুৰ এনে এখন পাৰাপাৰহীন বহুবৈচিত্র্যময় জগতক সাহিত্যৰ যোগেদি তুলি ধৰাটো বাস্তৱিকতে এক জটিল কাম। তথাপি মন কৰিবলগীয়া যে, সংখ্যাত কম হ’লেও বিশ্বৰ বিভিন্ন ভাষাৰ লগতে আমাৰ ভাষাতো বিভিন্ন সময়ত শিশুৰ বাবে বিভিন্ন সাহিত্য ৰচনা হৈ আহিছে। ইয়াৰ ভিতৰত সাধুকথা, কিংবদন্তী, নিচুকনি গীত, কাহিনী গ্রন্থ, কবিতা, নাটক, গীত, জীৱনী, উপন্যাস, ভ্রমণ কাহিনী আদিয়েই প্রধান। এই ৰচনাত অসমীয়া শিশু-নাটকৰ বিষয়ক সামৰা বাবে এই লেখাত অসমীয়া শিশুনাটকৰ বিষয়েহে যৎকিঞ্চিত আলোচনা আগবঢ়োৱা হ’ব।

অসমীয়া সাহিত্যৰ মধ্যযুগতে শিশু মনস্তত্বক বিষয় হিচাপে লৈ বলিষ্ঠভাৱে নাট ৰচনা কৰা দেখা যায়। এই ক্ষেত্ৰত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ চোৰধৰা, পিম্পৰা গুচোৱা, ভূষণ-হৰণ, অর্জুন ভঞ্জন আদি ঝুমুৰাসমূহ ইয়াৰ প্রকৃষ্ট নিদৰ্শন। ইয়াৰ পৰৱৰ্তী কালছোৱাত ৰচিত হোৱা অসমীয়া শিশু উপযোগী সাহিত্যৰ ভিতৰত কাহিনী গ্রন্থ, কবিতা, পুৰাণ-মহাকাব্য আধাৰিত কাহিনী, অনুবাদ গ্রন্থ, জনজাতীয় সাধু, নীতিকথা, কিংবদন্তী, বিজ্ঞান বিষয়ক কাহিনী, দুঃসাহসিক অভিযান, গীত-মাত আদিয়েই প্রধান। ঊনবিংশ শতিকা আৰু বিংশ শতিকাৰ আদিছোৱাত শিশু উপযোগী কিবা নাট ৰচনা হোৱাৰ কথা জন্য নাযায়। যদি কিবা ৰচনা হৈছিলো, লিখিত অৱস্থাত সেইবোৰ এতিয়া পাবলৈ নাই। বিংশ শতিকাৰ প্ৰায় মাজভাগৰ পৰা কিন্তু কেইবাজনো অসমীয়া লেখকে বেছ সহানুভূতি আৰু সচেতনতাৰে অসমীয়া শিশু নাট্যৰ চৰ্চা কৰিবলৈ ধৰা দেখা যায়। তথাপি শিশু কবিতা আৰু শিশু-উপন্যাসৰ তুলনাত শিশু উপযোগী নাটকৰ সংখ্যা অসমীয়াত যথেষ্ট কম। বাস্তবিকতে আশীর দশকৰ আগলৈকে অসমত শিশুনাটকক লৈ বিশেষ কিবা চিন্তা-চৰ্চা হোৱা বুলি ক’ব নোৱাৰি। 

তাৰ মাজতে যিসকলে অতি নিষ্ঠাৰে শিশু-নাটকৰ চৰ্চা কৰি আহিছিল, সেইসকলৰ ভিতৰত লক্ষ্মীধৰ শৰ্মা (লক্ষ্ণণ বর্জন), দৰ্পনাথ শর্মা, (আবর্তন), কীর্তিনাথ শৰ্মা বৰদলৈ আৰু মুক্তিনাথ বৰদলৈ (লুইত কোঁৱৰ, বাসন্তীৰ অভিষেক), কামাখ্যানাথ ঠাকুৰ (বানপানী), নলিনীবালা দেৱী (প্ৰহ্লাদ, পাৰিজাত অভিষেক, শেষ-পূজা), মিত্ৰদেৱ মহন্ত (টেঙৰী বুঢ়ী, আত্মবলি), পদ্মধৰ চলিহা (কেনে মজা), অতুল চন্দ্ৰ হাজৰিকা (দাতাকৰ্ণ, ছোহৰাব ৰুস্তম, ছেৰছাহ), প্ৰসন্নলাল চৌধুৰী (অপেশ্বৰী), প্ৰেমনাৰায়ণ দত্ত (কন্ঠৰোল, অংগীকাৰ), ভগৱান দত্ত (মইনাৰ ভাও), লক্ষ্যধৰ চৌধুৰী (একলব্য), আনন্দিৰাম দাস (শৰৎ যেতিয়া আহে), কীৰ্তিনাথ হাজৰিকা (ফুটুকাৰ ফেন) আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

ইয়াৰ পৰৱৰ্তী কালছোৱাত বিশেষকৈ বিংশ শতিকাৰ শেষৰ ফালে অসমীয়া শিশুনাটকলৈ কিছু নতুনত্বৰ ঢল অহা পৰিলক্ষিত হয়। বিষয়বস্তুৰ বৈচিত্র্য, কলা-কৌশল আৰু উপস্থাপন-ৰীতিৰ অভিনৱত্ব আৰু নতুন পৰীক্ষা নিৰীক্ষা এই সময়ৰ নাট্যকাৰসকলৰ নাটসমূহৰ প্ৰধান বিশেষত্ব। নৱকান্ত, বৰুৱা (কেৰেলুৱা এণ্ড কোম্পানী, মই টুনীয়ে টুনটুনালোঁ, মনত পৰাৰ শব্দ, গোলাপ আৰু বেলি ফুল), সত্যপ্ৰসাদ বৰুৱা (ফুলকলি, সিংহগড়, অংগীকাৰ), উমাকান্ত শৰ্মা (শিশুৰ অভিনয়), কেশৱ মহন্ত (ওমলা ঘৰ), তফজ্জুল আলি (অঘৰী ককাইদেউৰ গতি), ফণী তালুকদাৰ (সখীপাতো আহাঁ), যোগেন চেতিয়া (ভাকুট-কুট), মহেন্দ্ৰ বৰুৱা (টোপনি নহা ৰজা), মহেন্দ্ৰনাথ শৰ্মা (প’ষ্টাৰ), সৌজন্যময়ী ভট্টাচাৰ্য (ৰুণ-জুন-নেপূৰ বাজে, ছন্দৰ জন্ম, খেতিয়কৰ জীৱন), ড° নিৰ্মলপ্ৰভা বৰদলৈ (ৰজা, বন্ধু, হায় নাৰিকল পিঠা, গান শুনা ভূত, সেউজী সেউজী, ধুনীয়া হাত, নাক, কাণ হাত ভবি), হৰেন্দ্ৰনাথ বৰঠাকুৰ (ৰজাৰ দেউল, অমাতৰ মাত, বালিমাহীৰ কথা, প্লেটফর্ম) আদি এইসময়ৰ কেইজনমান উল্লেখযোগ্য শিশু নাটকৰ নাট্যকাৰ।

বিংশ শতিকাৰ শেষৰ ফালে লাহে লাহে অসমৰ বিভিন্ন ঠাইত অন্য নাটকৰ দৰে শিশু নাটকৰ প্ৰতিযোগিতাসমূহো অনুষ্ঠিত হ’বলৈ ধৰে। এই প্রতিযোগিতাসমূহক লক্ষ্য কবিও বছৰি অসমত ভালে সংখ্যক শিশুনাটৰ সৃষ্টি হৈছে। এইটো এটা শুভ লক্ষণ। কিন্তু মন কৰিবলগীয়া কথা যে, শিশুনাটৰ সংখ্যা বাঢ়িলেও ভাল সৃষ্টিৰ সংখ্যা কিন্তু সেই অনুপাতে বঢ়া নাই। তথাপি সেইসকলৰ মাজতো যি কেইজনৰ নাট্য-সৃষ্টি এক সফল কাম হিচাপে স্বীকৃত হৈছে তেনে কেইজনমান শিশু নাটকৰ নাট্যকাৰ হৈছে— ঐশ্বর্য কাকতি (দিৱাৰ তোৰণী হাই, থোড়ে চা আস্‌মান, দি লাষ্ট চেলুটু, সঞ্জীৱনী, স্কুলবেগ), ড০ অনিল শ‍ইকীয়া (ফুলে ফুলে ৰূপে গুণে), ড পৰমানন্দ ৰাজবংশী (আমি ৰ’দালি জিলিমিলি, বিজুলী বাঁহৰ হিলৈ), হিৰণ্ময়ী দত্ত (অকণিৰ নাটক), ড অৰূপ বৰঠাকুৰ (শিয়ালী পালেগৈ ৰতনপুৰ, ৰত্নভাণ্ডাৰৰ কাহিনী), বলীন চৌধুৰী (কাঁইটীয়া বেৰ, নিয়ম), গোলাপ ভৰালী (অকণিৰ ৰজা), তোষপ্রভা কলিতা (ভাৰত ৰত্ন, বাৰ মাহৰ কথা, তুলসী আৰু পুতলা), ডক্টৰ প্ৰদীপ কুমাৰ বৰুৱা (বন-বিৰিখৰ হাঁহি), নৰেন পাটগিৰি (ন’), দুলাল বৰা (আমাৰ সংকল্প), যোগেশ্বৰ বৰা (মৌন প্রার্থনা), প্রভাত গোস্বামী (হাতী ঐ হাতী), কুঞ্জলতা শ‍ইকীয়া বৰা (বেলগুনি হাবিত মৌপিয়াৰ গুণগুণনি) ইত্যাদি।

সামৰণি : এইদৰে আলোচনা কৰিলে দেখা যায় যে, সাম্প্রতিক সময়ত অসমত শিশুনাট ৰচনাৰ এটা বাতাবৰণ গঢ় লৈছে। ইতিমধ্যে অন্য দেশী বিদেশী নাটৰো শিশু উপযোগী অনুবাদ অসমীয়াত ওলাইছে। তাৰ ভিতৰত বি ভি কাৰান্থৰ বুদ্বুৰাম, যাদুকৰ ৰাজকুমাৰী আৰু বনদেৱী, নীলা চৰাই, ৰজা যিদিনা মাক হ’ল, সপোনৰ উত্তৰণ (দীপা ভাটিয়াৰ তাৰে জমিন পৰ কাহিনীৰ আধাৰত) আদি বিশেষভাৱে উল্লেখযোগ্য। সিবিলাকৰ দুই-চাৰিখনৰ অভিনয়ো হৈছে। সুস্থ নাট্য-চৰ্চাৰ বাবে ইও এক আশাপ্রদ খবৰ। তাৰ মাজতো এষাৰ কথা ক’ব লাগিব যে, সংখ্যাগত দিশৰ তুলনাত গুণগত দিশত অসমীয়া শিশুনাটৰ সংখ্যা এতিয়াও তেনেই তাকৰ। অসমীয়াত মৌলিক শিশুনাট ৰচনাৰ ক্ষেত্ৰত নাট্যকাৰসকলে এক সূক্ষ্ম চিন্তা-চৰ্চাৰ আধাৰত পৰীক্ষা নিৰীক্ষাৰ যোগেদি সচেতণাতাৰে অগ্ৰসৰ হ’লে অসমীয়া শিশুনাটৰ অদূৰ ভবিষ্যত উজ্জ্বল বুলিব পাৰি। কিয়নো, অসমত নাট্য-সৃষ্টিৰ বাবে পৰিৱেশ, সম্বল, নাট্যকর্মী, উৎসাহ-উদ্দীপনা একোৰে অভাৱ নহয়, অভাৱ কেৱল সুস্থ চিন্তা-চৰ্চাৰ, সৃজনাত্মক প্রতিভাব, নিষ্ঠা আৰু সততাৰ।

১২। প্রাক স্বাধীনতাকালৰ অসমীয়া শিশু সাহিত্যৰ আভাস দিয়া? 

উত্তৰঃ শিশু যাতে প্রকৃত আদর্শ মানুহ হিচাপে সমাজত প্রতিষ্ঠিত হয়, তেওঁলোকৰ কচি আৰু বুদ্ধি-বৃত্তিৰ যাতে সার্থক বিকাশ হয়, তেনে উদ্দেশ্য লৈয়ে সকলো দেশৰ শিশুপ্রেমী কবি- সাহিত্যিকসকলে যুগে যুগে তেওঁলোকৰ উপযোগী সাহিত্য ৰচনা কৰি আহিছে। যুগৰ পৰিবৰ্তনৰ লগে লগে সাহিত্যৰ গতি-প্রকৃতিৰো সলনি হয়। শিশু সাহিত্যও ব্যতিক্রম নহয়। লিখিত ৰূপত সাহিত্য-চৰ্চা নোহোৱাৰ দিনৰে পৰা এতিয়া সাহিত্যৰ সকলো শাখাতে উন্নতি হোৱা দিনলৈকে অসমীয়া শিশু সাহিত্যও পাছ পৰি থকা নাই। অসমীয়া শিশু সাহিত্যত বিভিন্ন সময়ৰ সমাজখনৰ চিত্ৰ সাৰ্থকভাৱেই প্ৰতিফলিত হৈছে। যিকোনো সাহিত্যই সমসাময়িক সমাজখনক আৰু ঘটনা প্ৰৱাহক অস্বীকাৰ কৰিব নোৱাৰে। অসমীয়া সাহিত্যতো সমসাময়িক সমাজখনৰ আৰু সেই সমাজত ঘটা বিভিন্ন কাহিনীৰ চিত্ৰ প্ৰকাশ পাইছে। আনহতে শিশুৰ কাৰণে ৰচনা কৰা হ’লেও উৎকৃষ্ট শিশু সাহিত্য পঢ়ি ডাঙৰেও মানসিক তৃপ্তি পায়। 

শিশু সাহিত্যকে ধৰি সৃষ্টিধর্মী সকলো বিধৰ সাহিত্যত মানুহৰ ভাব-অনুভূতি প্রকাশ কৰা হয়। দেশ-বিদেশৰ বিখ্যাত গ্ৰন্থসমূহৰ বৃহৎ একোটি অংশ শিশু জীৱনক লৈয়ে ৰচিত। শিশু সাহিত্যৰ সমাদৰ বৃদ্ধি কৰাত দেশ-বিদেশৰ ক্লাছিক (চিৰায়ত) গ্ৰন্থসমূহত অৱদান-বহুখিনি আছে। বিশ্বৰ বিভিন্ন দেশৰ মৌখিক সাহিত্যসমূহতো শিশুৱে যথোচিত মর্যাদা পাইছে। ভাষা বেলেগ হ’লেও সকলো দেশৰ শিশুৰে ভাব-অনুভূতি একে। পৰিবেশে ভিন্নতাৰ সৃষ্টি কৰিলেও শিশুৰ মনৰ জগতখনত ভিন্নভাবে নাথাকে।

অসমীয়া মৌখিক সাহিত্যত শিশুক কেন্দ্ৰ কৰি ৰচনা কৰা অলেখ গীত-মাত আৰু কাহিনী আছে। অসমীয়া সাহিত্যৰ ঐতিহ্য নিৰূপণ কৰাত এইবিলাকৰ বিশেষ অৱদান আছে। মৌখিক সাহিত্যৰ ভিতৰুৱা শিশু সাহিত্যৰ ভিতৰত পৰে। কোনো কোনো সাধুৰ লগত গীতো আছে। উবুৰি কৰি থকা বা কান্দি-কান্দি আমনি দি থকা শিশুক নিচুকাবৰ কাৰণে মাকহঁতে নিচুকনি গীত গায়। শিশুৰ পৰিচাৰ্য কৰা ধাইসকলেও এনে গীত গায়। নিচুকনি গীত গালেই শিশু শান্ত হৈ পৰে। গীতে সকলোৰে অন্তৰ সহজে জয় কৰে। শিশুৰ অন্তৰ জয় কৰাত গীতে বিশেষ প্রভাব পেলায়। পিছে আজিৰ এই বিজ্ঞানৰ চমক উৎকর্ষৰ দিনত শিশুক নিচুকাবলৈ মাক বা ধাইহঁতে *জোনবাই এ তৰা এটি দিয়া’, ‘ব’দালি এ ব’দ দে’, ‘বগলী এ সবাইলৈ নগলি কিয়’, ‘অ’ ফুল নুফুল কিয়”, “শালিকী বটৌ ঢৌ /ভাত হ’ল শাক হ’ল/শালিকীৰ মাক ক’লৈ গ’ল ?/ এই খিনিতে আছিল গোবৰ খুচবি/কোনোৱাই লৈ গ’ল ডিঙি মুচৰি’, ‘হালধীয়া চৰায়ে বাওধান খায়’, *লাই হালে জালে আবেলি বতাহে/লফা হালে জালে পাতে’, ‘আমাৰে আইটি ওর/বাপেকে আহি কলা কর/ থোক মেলিব খাব।’ ‘এক তারা দুই তারা/সৰগত বহি কি কৰা ?/ আম জাম লেটুক টুক বহি আছে ভুটুক-টুক? (গোৱালপৰীয়া লোকগীত), ‘দুলে মইনা দুলে, দুলিয়া দুলিয়া পরে।/ হাতী মাৰিল লাথি/পৰিয়া গেও ওত্তি’ (গোৱালপৰীয়া), ‘আমাৰ বাপা ঘুমতি যায়/ চেং মাছৰ মূৰা পুৰি খায়/কাণখোৱা হাপা নাহিবি ৰাতি/ তোৰে কাণ কাটি লগাই বাতি’ (কামৰূপী), ‘বাইৰাণ দে বাইৰাণ দে, ভাজা চাউল খাওং/বাঁহৰ আগে পানী য’ক, চৰেৰ ৰং চাউং (কামৰূপী) বা ‘আটে দুটে নুনে খাৰে/পুৰা মাছে পান্টা ভাতে খাবি দে/সৰু ঘৰৰ মেকুৰী বৰ ঘৰে যায়/কলীয়া মেকুৰী কায়কূটদেই” (কামৰূপী) আৰু ‘আমা মচলা বাহাইদি লং বাহাইদি/মাজাং বাদে কিমদাও দি বাবা চাম প্ৰাংগুৰ’ (ডিমাছা গীত — অর্থঃ মোৰ সোণ লঙৰ দৰে সুবাসেৰে ভৰা, মোৰ সোণ জাইফলৰ দৰে সুবাসেৰে ভৰা) আদি নিজ নিজ জনগোষ্ঠীৰ লোক গীত-কথাৰে তেওঁলোকৰ সন্তানৰ মনৰ জগতখনক স্বপ্নৰাজ্যত প্ৰৱেশ ঘটাবলৈ সাধাৰণতে চেষ্টা নকৰে। 

ইয়াৰ পৰিৱৰ্তে এতিয়া শিশুক বাস্তৱ জগতখনৰ লগত পৰিচয় দিবলৈ আৰু যুক্তিৰে চিন্তা কৰিবলৈ মাক-দেউতাক আৰু ধাইহঁতে যত্ন কৰে। তেওঁলোকে শিশুহঁতক কল্পলোকৰ কাহিনী ক’বলৈ নিবিচাৰে। সেয়ে হ’লেও নিচুকনি গীতবোৰৰ স্বকীয় বৈশিষ্ট্য সদায় থাকিব। বিভিন্ন চৰাই-চিৰিকটি, জোন, বেলি, ফল-ফুল, জীৱ-জন্তু, পশু-পক্ষীক কেন্দ্ৰ কৰি ৰচনা কৰা নিচুকনি গীতবোৰৰ প্ৰধান বৈশিষ্ট্য হ’ল—ইয়াৰ সাংগীতিক লয়। গীতবোৰৰ আন এক মন কৰিবলগীয়া বিশেষত্ব হ’ল— প্ৰায় প্ৰত্যেকটো গীতৰ শেষত প্ৰশ্ন কৰা হৈছে। তেতিয়া শিশুৰ স্বাভাৱিকতে কৌতূহল হয়। নিচুকনি গীতৰ কোনো কোনোটোত কেবল কল্পনাই প্রাধান্য বিস্তাৰ কৰা নাই, কল্পনাৰ লগতে বাস্তৱৰো মধুৰ সমন্বয় ঘটিছে। উদাহৰণ স্বৰূপে— ‘আইক লৈ গ’লে ধান বেচা মুদৈয়ে/ বোপাইক লৈ গ’লে শুকুলা হাতীয়ে। ইয়াত পৰকীয়া প্ৰেমৰ ইংগিত দিয়া হৈছে। ধান বেচা মুদৈয়ে আইক লৈ যোৱা কাৰণে তেনে দুৰ্ভগীয়া শিশুক এই গীত গাই কোনো ধাই বা নিকট আত্মীয়ই সান্ত্বনা দিছে। 

বৈষ্ণৱ যুগতো নিচুকনি গীতৰ লেখীয়া গীত ৰচনা কৰিছিল শ্ৰীধৰ কন্দলীয়ে। তেওঁ ‘কাণ থোৱা’ পুথিখনত শিশু কৃষ্ণক মাক যশোদাই কাণ খোৱাৰ ভয় দেখুৱাই শুৱাবলৈ যত্ন কৰা কথা এই প্রসংগত উনুকিয়াব পাৰি। ইয়াত কৃষ্ণৰ ঐশ্বৰিক দিশটোত প্ৰাধান্য দিয়া হৈছে যদিও মানৱ শিশুৰূপী কৃষ্ণই ভয়তে মাকক এইবুলি প্ৰশ্ন কৰিছে— ‘কাণ খোৱা নাম শুনি মোৰ গাৱ/ততৰি কাম্পে ডবে/ …. কেনেকুৱা গোটে/কাণ খাই ফুৰে/চিনায়োক মোক আই। “কাণ খোৱা’ৰ দৰে শিশু উপযোগী ৰচনা বৈষ্ণৱ যুগত ৰচিত হোৱা নাছিল। কিন্তু শিশুকৃষক লৈ মাধৱদেৱে বৰগীত আৰু তেওঁৰ চোৰধৰা ‘পিম্পৰা গুচোৱা’ ভূমি লেটোৱা’ ঝুমুৰাত উল্লেখ কৰিছে। সেইদৰে শঙ্কৰদেৱৰ ‘কীর্তন’ পুথিৰ ‘প্ৰহ্লাদ চৰিত’, ‘শিশু লীলা’, ‘লীলা-মালা’ আদিত শিশুৰূপৰ চিত্ৰ আছে। কিন্তু ইয়াক বিশুদ্ধ শিশু সাহিত্যৰ পৰ্যায়ত ধৰিব নোৱাৰি। কৃষ্ণ আৰু প্ৰহ্লাদৰ চৰিত্ৰৰ মাজেদি বৈষ্ণৱ ধৰ্মৰ মাহাত্মা প্রকাশতহে গুৰুত্ব দিয়া “হৈছে। বৈষ্ণৱ সাহিত্যৰ আন এখন জনপ্ৰিয় পুথি ৰাম সৰস্বতীৰ ‘ভীম চৰিত’তো পঞ্চপাণ্ডৱৰ শিশুকালৰ মনোৰম বৰ্ণনা আছে। বিশেষকৈ ভীমৰ চৰিত্ৰটোৱে বিশেষ মৰ্যাদা পাইছে। বৈষ্ণৱ যুগৰ এনে সাহিত্যই শিশুক আনন্দ যোগোৱাৰ লগতে ডাঙৰকো মানসিক খোৱাক যোগাই আহিছে।

সেয়ে হ’লেও যুগৰ পাছত যুগ ধৰি নিৰৱচ্ছিন্নভাৱে মুখ বাগৰি অহা নিচুকনি গীত আৰু কাণ খোৱা আদি পুথিৰ কাহিনী এতিয়াৰ এই কৰ্মব্যস্ত যান্ত্রিক যুগত সন্টালনিকৈ ব্যৱহাৰ কৰা নহয়। সময়ৰ আৰু পৰিবেশৰ প্রভাৱক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। অসমীয়া শিশু সাহিত্যৰ পৰিৱৰ্তনত সময় আৰু পৰিবেশেও প্রভাৱ পেলাইছে। অসমত আধুনিক নগৰীয়া জীৱনৰ পট্টন ব্ৰিটিছ ৰাজত্বৰ শেষৰ ফালে হৈছিল। জিলাৰ সদৰ ঠাইবোৰো একো একোখন উন্নত গাঁৱৰ লেখীয়াই আছিল। নিচুকনি গীতবোৰৰ লগত চাহ জীৱনৰ সম্পৰ্ক আছে। চহা জীৱনৰ লগত সম্পর্ক থকা এই গীত-মাতবোৰে তেতিয়া অসমৰ সকলোতে বিশেষ প্রভাৱ বিস্তাৰ কৰিছিল। ইংৰাজৰ আগমনৰ আগলৈকে অসমীয়া সমাজত আছুতীয়া স্থান লৈ থকা এই গীতবোৰৰ প্ৰচলন ক্রমান্বয়ে চহৰত আৰু পাছত গাঁৱতো হ্রাস পাই আহিবলৈ ধৰিলে যদিও ইয়াৰ নিজস্ব বৈশিষ্ট্য সদায় অটুট থাকিব। শিশুৰ কল্পনাৰ জগতখন আৰু শিশুৰ অন্তৰখনক নাম-গন্ধ নোহোৱা চহা কবিসকলে সঠিকভাবেই হৃদয়ংগম কৰিব পাৰিছিল। সেয়ে যুগ পৰিৱৰ্তনেও এই গীতবোৰৰ স্বকীয়তাত কেতিয়াও বাধা জন্মাব নোৱাৰে। 

এইখিনিতে শিশুৰ কাৰণে গোৱা আৰু শিশুৱে গোৱা গীতৰ পাৰ্থক্যৰ কথাও উল্লেখ কৰা প্ৰয়োজন। আমাৰ মৌখিক সাহিত্যত শিশুৱে গোৱা গীতো ভালেখিনি আছে লোক সাহিত্যত এনে ধৰণৰ ল’ৰা-ধেমালিৰ বা ওমলাৰ গীত বোলা হৈছে। ল’ৰা-ছোৱালীয়ে লগৰ সমনীয়াৰ সৈতে খেলি ভাল পায়। অৱশ্যে সময়ৰ আঁচোৰ ল’ৰা-ছোৱালীয়ে গোৱা গীততো পৰে। সেইদৰে স্থানভেদেও গীতৰ ভাষা পৃথক হয়। অবিভক্ত গোৱালপাৰা আৰু কামৰূপৰ শিশুৱে গোৱা গীতৰ লগত উজনি অসমৰ শিশুৱে গোৱা গীতৰ ভাষাৰ পাৰ্থক্য আছে। কিন্তু ভাষাৰ ভিন্নতা থাকিলেও বা স্থান অনুসাৰে ভাষাই ভিন্নৰূপ ল’লেও সকলো শিশুৰে ভাব-অনুভূতি একেই। আমাৰ মৌখিক সাহিত্যত থকা আৰু শিশুৰ মাজত প্ৰচলিত তেনেধৰণৰ গীত কেইটামান হ’ল—

(১) ‘অলৌ গুটি টলৌ কচুগুটি লাই।

(২) ‘অলং দলং পৰিছে’,।

(৩) “ইৰিকটি-মিৰিকটি বাঁহৰ শলা’,।

(৪) ‘উকুলি মুকলি কুঁৱলী কাহী’,।

(৫) ‘বেজি সীওঁ সীওঁ? নিসীবা নিসীবা’,।

(৬) ‘বৰাগী বুঢ়ী ঐ/বুঢ়ীয়া মাতে ঔ’,।

(৭) “কি কথা? বেং কথা’,।

(৮) ‘অ ফুল অ’ ফুল নুফুল কিয়?” ইত্যাদি ।

গোৱালপৰীয়া লোকগীততো এনেধৰণৰ মনোৰম খেল-ধেমালিৰ গীত বহুখিনি আছে। লোক-সংস্কৃতিৰ বিশেষজ্ঞ ড° বীৰেন্দ্ৰনাথ দত্তই তেখেতৰ ‘গোৱালপৰীয়া লোকগীত সংগ্রহ’ নামৰ গ্ৰন্থত নিচুকনি আৰু খেল-ধেমালিৰ গীত সন্নিৱিষ্ট কৰিছে। ইয়াত উল্লেখ থকা ল’ৰা-ছোৱালীৰ কথোপকথনৰ দুটা গীত হ’ল— 

(১) ‘গাছডাল ৰুইছা ? আৰু 

(২) ‘এটা কথা’। 

ভাষাৰ ভিন্নতা থাকিলেও ল’ৰা-ছোৱালীৰ মনবোৰ একে আৰু তেনেধৰণৰ গীত মাতেৰেই তেওঁলোকে মনৰ আনন্দ প্ৰকাশ কৰে। কিন্তু প্ৰায়বোৰ গীতৰে সাদৃশ্য মন কৰিব লগীয়া। উদাহৰণস্বৰূপে উজনিত প্ৰচলিত ‘ইৰিকটি সিৰিকটি বাঁহৰ শলা’ গীতটিৰ লগত গোৱালপাৰাত প্ৰচলিত ‘চুকতি মুকতি বাঁহৰ গলা,/কিয় আহিছা ৰাতি কালা/ৰাজা ঘৰে খুজি পঠাইছে/লাউ কুমুৰা জালা।’ বা হৈ গুদু খেলা গীতটিৰ লগত গোৱালপাৰাত প্ৰচলিত ‘হাদু গদু / লেং পেং/চকুই মুখে মাখি দেং/য’তে আছে জেং জেং।’—ইত্যাদি। বৈচিত্র্যময় অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত নিচুকনি আৰু খেল-ধেমালিৰ গীতে আমাৰ লোক-সাহিত্যৰ এটা বৃহৎ অংশ জুৰি আছে যদিও সেই সকলো গীত এতিয়া সংগৃহীত হোৱা নাই।  

অবিভক্ত কামৰূপ আৰু দৰং জিলাত প্ৰচলিত নিচুকনি আৰু ওমলা গীতেও আমাৰ জাতীয় সাহিত্যৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। কামৰূপত প্ৰচলিত তেনেধৰণৰ ওলমা গীত তলত উল্লেখ কৰা হ’ল— 

(১) ‘জোন কাকা এ! আহ আহ’।

(২) ‘আমাৰ বাপু সৰু ছলি’,।

(৩) ‘হাপা থেৰ মেউ’,।

(৪) ‘কাউৰে কৰিছি কা কা কা’,।

(৫) ‘এগুেলি দি গাছ?’ ইত্যাদি।

কামৰূপৰ নলবাৰী-সৰ্থেবাৰী আদিত প্রচলিত এইবোৰ নিচুকনি গীতক ধেমালি গীতো বোলা হয়। ওমলা গীতবোৰ সাধাৰণতে সৰু ল’ৰা ছোৱালীয়ে লগে-ভাগে গায়। 

ঠিক সেইদৰে, নামনি অসমত বৰশী বাঁওতে বা আঘোণ মাহৰ পূৰ্ণিমাত পাল কৰা মহোহো উৎসৱত সৰু সৰু ল’ৰাই লগে-ভাগে গোৱা গীতৰ লগত লোক-সংস্কৃতিৰ সম্পৰ্ক আছে।

মৌখিক সাহিত্যৰ অন্যতম সম্পদ সাধুসমূহক পৰৱৰ্তীকালত লিখিত ৰূপত বিশেষ মর্যাদ দিয়া হ’ল। ইয়াৰ নেতৃত্ব দিলে আধুনিক অসমীয়া সাহিত্যৰ গুৰি ধৰোঁতা লক্ষ্মীনাথ বেজবৰুৱাই। তেখেতে অসমীয়া শিশু সাহিত্যৰ পৰিধি বিস্তৃত কৰিলে আৰু লগতে ইয়াক এটি নিটোল ৰূপ দিলে।

বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’, ‘ককাদেউতা আৰু নাতি ল’ৰা’ ‘জুনুকা ১৯১০ চনৰ পৰা ১৯১৩ চনৰ ভিতৰত প্ৰকাশ পায়। ‘বুঢ়ী আইৰ সাধু’ত শিশুমনৰ খোৰাক প্ৰতিটো কাহিনীতে আছে। জাতীয় ভাবাদৰ্শৰে কাহিনীসমূহ উপাদেয়কৈ ফুটাই তোলা কাৰণে ‘বুঢ়ী আইৰ সাধুৱে সকলোৰে অন্তৰত মচিব নোৱৰা সাঁচ বহুৱাব পাৰিছে। মুঠ ৩০ টা সাধুকথা ‘বুঢ়ী আইৰ সাধু’ত মুখে মুখে প্রচলিত সাধুকথাবোৰকে আকর্ষণীয় ভংগীত সজাই-পৰাই বেজবৰুৱাই স্থান দিছে। ইয়াৰ কিছুমান সাধু বেজবৰুৱাৰ নিজা সৃষ্টি। গ্ৰন্থখনিৰ সাধুবোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি। এটা ভাগত মানুহৰ আৰু আনটো ভাগত পশু-পক্ষীআদিৰ কাহিনীয়ে ঠাই পাইছে। দুয়োবিধত নীতিকথা আৰু কাল্পনিক চিত্ৰয়ো প্রাধান্য পাইছে। সাধুকথাত এই দুয়োটা উপাদানেই সাধাৰণতে থাকে। ‘বুঢ়ী আইৰ সাধু’ৰ মানুহ উল্লেখ থকা সাধুকেইটাত ঘাইকৈ ৰজা আৰু সদাগৰৰ কাহিনী আছে। সাধাৰণ মানুহৰ ভিতৰত খেতিয়ক আৰু বুঢ়া-বুঢ়ীৰ সংসাৰৰ কথাও আছে। 

বিভিন্ন শ্ৰেণীৰ মানুহৰ কাহিনী থকা সাধুৰ ভিতৰত ‘তুলা আৰু তেজা’, ‘চিলনীৰ জীয়েকৰ সাধু’, ‘তেজীমলা’, ‘তীখৰ আৰু চুটিবাই’, ‘সৱজান’, ‘চম্পাৱতী’, ‘জগৱ ৰজাৰ উপাখ্যান’, ‘পানেশৈ’, ‘জোৱাইৰ সাধু’, ‘কুকুৰীকণা’, ‘নুমলীয়া পো আৰু ‘লটকন’ উল্লেখযোগ্য। ‘বুঢ়ী আইৰ সাধু’ৰ প্ৰায়বোৰ সাধুকথাৰ কাহিনী অস্বাভাৱিক যদিও তাৰ মাজেদিয়েই লেখকে কোনোটোত অনাবিল হাঁহিৰ নিজৰা বোৱাইছে, কোনোটোত কাৰুণ্যৰ সৃষ্টি কৰিছে আৰু কোনোটোত উৎকণ্ঠা বা কৌতূহলৰ সৃষ্টি কৰা পাঠকক মানসিক খোৰাক যোগাইছে। কোনো কোনো সাধুকথাত আকৌ ইটোৰ পিছত সিটো কাহিনী বা ঘটনা উদ্ভাৱন কৰি অপূৰ্ব সৃষ্টি প্রতিভা দেখুৱাইছে। বুদ্ধি-চাতুৰীক প্ৰাধান্য দি লিখা সাধুকেইটাৰ বাহিৰেও বেজবৰুৱাই আন কেইটিমান সাধুত মানুহৰ ঈর্ষা-অসূয়া আদি ফুটাই তুলিছে। অসমৰ জাতীয় উৎসৱ বিহুৰ চিত্ৰও ‘বুঢ়ী আইৰ সাধু’ত আছে। কটা যোৱা নাক খাৰণী দি ঢাক’ সাধুত আমাৰ তাঁতশালখনৰ বৰ্ণনা দিছে। সেই সাধুত আমাৰ সমাজ ব্যৱস্থাৰ চিত্রও হুবহুকৈ ফুটাই তুলিছে। একালৰ ধনে-ধানে পৰিপূর্ণ সমাজ এখনৰ কাহিনী পোৱা যায় ‘জবদ্গৱ ৰজাৰ উপাখ্যান’ সাধুটোত। জনগৱ ৰজাৰ দৰেই বুদ্ধিহীন অজলা মানুহক কেন্দ্ৰ কৰি লিখা সাধুকেইটিও বেছ সুখপাঠ্য হৈ পৰিছে। সাধুকথাত সাধাৰণতে এনেধৰণৰ লোকেই গুৰুত্ব পায়। ‘বুঢ়ী আইৰ সাধু’ৰ কুকুৰীকণা’ আৰু‘জোঁৱাইৰ সাধু’— এই পৰ্যায়ৰ দুটা উৎকৃষ্ট সাধু। দুয়োটা সাধুৰ মাজত কিছু সাদৃশ্যও আছে। 

বেজবৰুৱাই ‘বুঢ়ী আইৰ সাধু’ত জীৱ-জন্তুক লৈ লিখা সাধুকেইটাৰ ভিতৰত শিয়ালক বিশেষ গুৰুত্ব দিয়া হৈছে। শিয়ালৰ টেঙৰালি ‘বান্দৰ আৰু শিয়াল’ সাধুটোত সোৱাদ লগাকৈ দাঙি ধৰিছে। সহজে নাপাহৰা শিয়ালে সোনকালে পাহৰা বান্দৰক পোটক তোলাৰ কাহিনী কথোপকথনৰ মাজেদি আকর্ষণীয়কৈ ফুটাই তুলিছে। কথোপকথন সাধুকথাৰ আন এক বৈশিষ্ট্য। কথোপকথন আৰু নিৰ্ভাঁজ অসমীয়া ৰচনা ৰীতিৰ কাৰণে এই সাধুটো, উৎকৃষ্ট হৈ পৰিছে। জীৱ-জন্তুৰ উপৰি চৰাই-চিৰিকটি, মাছ-ভেকুলী আদিক লৈয়ো বেজবৰুৱাই ভালেকেইটি সাধু লিখিছে। চম্পাৱতী’ বেজবৰুৱাৰ কাহিনী বাস্তব যদিও বেজবৰুৱাৰ উদ্ভাৱনী শক্তি, কথনভংগী, ভাষাৰ লালিত্য মন কৰিব লগীয়া। 

‘বুঢ়ী আইৰ সাধু’ত এই বিশেষত্ব আছে কাৰণে গ্ৰন্থখনৰ অসমীয়া সাহিত্যত এখন সুকীয়া স্থান আৰু ভৱিষ্যতলৈয়ো থাকিব। আগেয়ে কোৱা হৈছে ‘বুঢ়ী আইৰ সাধু’ৰ সৰহ সংখ্যক সাধু সংগ্রহ করা। সংগ্ৰহ কৰা হ’লেও বেজবৰুৱাই তাক নতুন রূপেৰে সজাই-পৰাই গ্ৰন্থখনক অসমীয়া সাহিত্যত অজৰ অমৰ কৰি ৰাখিলে। অসমীয়া সাহিত্যত এনেধৰণৰ দ্বিতীয় এখন সাধুকথাৰ পুথি এতিয়ালৈকে ওলোৱা নাই। সুখৰ কাৰণ, মিনতি মেধিয়ে ‘বুঢ়ী আইৰ সাধু’খন ‘GRANDMAN’S TALES’ নাম দি ইংৰাজীলৈ অনুবাদ কৰি প্ৰশংসনীয় কাম কৰিলে। অনুবাদৰ ভাষাও সাবলীল হৈছে।

বেজবৰুৱাৰ দ্বিতীয়খন সাধুপুথি ‘ককাদেউতা আৰু নাতি ল’বাত ককাদেউতাকে নাতি ল’ৰাক বিভিন্ন ধৰণৰ সাধু কিছুমান শুনাই আনন্দ দিয়াৰ কাহিনী আছে। ‘বুঢ়ী আইৰ সাধু’ত থকাৰ দৰে ইয়াত জীৱ-জন্তুৰ কাহিনীয়ে প্ৰাধান্য বিস্তাৰ কৰা নাই। সৰহভাগতে ৰজা আৰু মানুহৰ কাহিনীয়েই আছে। ৰজাৰ কাহিনী ব্যাখ্যা কৰোঁতে লেখকে মূৰ্খ ৰজাৰ আৰু মানুহৰ কাহিনীয়েই আছে। ৰজাৰ কাহিনী ব্যাখ্যা কৰোঁতে লেখকে মূৰ্খ ৰজাৰ মইমতালি, কাম-কাজ আৰু আচৰণ দাঙি ধৰিছে। উদাহৰণ স্বৰূপে ‘দেৱাঙ্গভূষণ বস্ত্ৰ’ সাধুত মূৰ্খ ৰজাই দিনক ৰাতি আৰু ৰাতিক দিন কৰিবলৈ দিয়া নিৰ্দেশৰ কথা ক’ব পাৰি। ‘তিনিজনি ডেকা পণ্ডি’ত সাধুত মূৰ্খ ৰজাই দোষ বিচাৰ নকৰাকৈ দণ্ড বিহাৰ কাহিনী আছে। সৎ কৰ্মী আৰু পৰোপকাৰী লোকৰ কথাও সাধুপুথিখনত আছে। 

‘বামুণ আৰু বামুণী’ সাধুটোত বুদ্ধি- কৌশল খটুৱাব জনাজনে যে সংসাৰত একঠা ভালদৰে খাই লৈ থাকিব পাৰে তাকে দেখুওৱা হৈছে। ‘কণা আৰু কুঁজা’ত মিলি-জুলি কাম কৰিলে টান কাম সহজ হোৱাৰ বৰ্ণনা আছে। অবাস্তৱ হ’লেও সাধুটোৰ পৰা শিকিব লগা বহু কথাই আছে। ‘নোমল আৰু সোণপাহী’ত সুনিপুণ শিপিনী সোণপাহীৰ কর্মনিপুণতা আৰু তাইৰ নিৰ্মল চৰিত্ৰৰ কথা মনোগ্ৰাহীকৈ ফুটাই তোলা হৈছে। সোণপাহীৰ ৰূপ-লাৱণ্যত যুৱৰাজ, মুদৈ, নাৱৰীয়া, চোৰ সকলো মুগ্ধ হৈছে। নানা বিধি-বিধান প্রয়োগ কৰি তাইক সকলোৱে বিয়া কৰাব খে.জে। কিন্তু একমাত্র নোমলক অন্তৰত স্থান দিয়া সোণপাহীয়ে সকলোকে বিমুখ কৰিছে। বেজবৰুৱাই এই সাধুটো এগৰাকী বুঢ়ী মনুহৰ পৰা শুনি লিখিছিল। ‘ককাদেউতা আৰু নাতি ল’ৰা’ৰ আন এটা অগতানুগতিক সাধু ‘এক সন্ন্যাসীৰ কথাত সন্ন্যাসী এজনৰ মনৰ অসৎ প্রবৃত্তিৰ বিষয়ে উল্লেখ কৰা হৈছে। কামনা-বাসনাত মোহান্ধ ভণ্ড সন্ন্যাসী পিছত নিজৰ কুকৰ্মৰ কাৰণে অকালতে মৃত্যু-মুখত পৰিল। পুথিখনৰ আনকেইটা সাধুত মানুহ আৰু জন্তুৰ মাজত হোৱা কথোপকথন, চোৰৰ কথা, বুঢ়া-বুঢ়ীৰ সংসাৰ যাত্ৰাৰ কাহিনী, ভূতৰ কথা আৰু ৰাক্ষস-ৰাক্ষসিনীৰ কাহিনীত লেখকে অপূর্ব সৃষ্টি-প্রতিভা দেখুৱাইছে। ‘বুঢ়ী আইৰ সাধু’ৰ দৰেই ‘ককাদেউতা আৰু নাতি ল’ৰাৰ কোনো কোনো সাধু দীঘলীয়া হৈছে আৰু তাকে কৰিবলৈ যাওঁতে লেখকে নানা প্ৰসংগৰ অৱতাৰণা কৰিব লগা হৈছে। দীঘলীয়া হ’লেও বেজবৰুৱাৰ সাধুকথাসমূহত মাদকতা আছে।

‘ককাদেউতা আৰু নাতি ল’ৰাৰ এটা মনকৰিবলগীয়া বৈশিষ্ট্য এয়ে যে প্ৰত্যেকটো সাধুৰ আৰম্ভণিতে ককা আৰু নাতিৰ মাজৰ কথোপকথন আকর্ষণীয়ভাৱে উপস্থাপন কৰোঁতে পঢ়া-শুনাৰ আৱশ্যকতাৰ কথা সোঁৱৰাই থকা হৈছে। প্ৰথম সাধুটোত নাতিয়েকে ককাকক সাধু ক’বলৈ বাৰে বাৰে খাটনি ধৰাত ককাকে কৈছেঃ ‘ক’ব লাগে যদি তই ভাল ল’ৰা নহ’ৱ কিয় ? উভতি কৰি থাক কিয় ? পঢ়া-শুনা নকৰ কিয় ?? নাতিয়েকে এইদৰে উত্তৰ দিছে : ‘আজিৰ পৰা মই ভাল ল’ৰা হ’ম, ককাদেউতা। উভতি নকৰোঁ। পঢ়িম-শুনিম। ককাৰ চৰ্ত মতে নাতি দিনৌ পঢ়িবলৈ সন্মত হোৱাত ককাকে সাধু ক’বলৈ আৰম্ভ কৰে। নিতৌ সাধু কোৱা ককাকক মাজে মাজে দীঘলীয়া সাধু ক’বলৈয়ো নাতিয়েকে অনুৰোধ কৰে। ককাকেও কেতিয়াবা সাধু কোৱাৰ আৰম্ভণিতে নাতিয়েকৰ দোষ দেখিলে আঙুলিয়াই দিয়ে। উদাহৰণ স্বৰূপে দশম সাধুটোত দেউতাকৰ আগৰ মিছা কথা কোৱা নাতিয়েকক ককাকে মিছা কথা নক’বলৈ সৈ কঢ়াই সাধু আৰম্ভ কৰাৰ বৰ্ণনা দিয়া হৈছে। এনে ধৰণৰ কথোপকথনৰ কাৰণেই এই সাধুপুথিখন পঢ়ি সোৱাদ লগা হৈছে। কোনো কোনো সাধুত আকৌ ককাকে নাতিয়েকৰ মনত উৎকণ্ঠাৰ সৃষ্টি কৰি ৰং চায়। ইটো সিটোকৈ পলম কৰিলে নাতিয়েকে ককাকক এইদৰে কয় : ‘ককাদেউতা, তুমি ভয় নকৰিবা, মই ঘামচি মাৰিব জানো। তুমি অবুজ-বিবুজ সাধু কোৱা, পলম নকৰিবা, মই শুনিবলৈ উত্ৰাৱল হৈ পৰিছোঁ।”

এইখিনিতে চুটি গল্পত উৎকণ্ঠা সৃষ্টি কৰা কথা মনলৈ আহে। গল্পত উৎকণ্ঠাই বিশেষ প্রভাৱ বিস্তাৰ কৰে। বেজবৰুৱাৰ ভালেসংখ্যক সাধুতো উৎকণ্ঠাই বিশেষ প্রভাৱ বিস্তাৰ কৰিছে। গল্পৰ কলা-কৌশল কিছুমানতো সাধুকথাৰ প্ৰভাৱ পৰিছে। প্ৰসঙ্গক্রমে কেনেথ কেম্পটনে সাধুকথাক আজোককা আৰু গল্পক আজোনাতি পতা কথাষাৰ উল্লেখকৰিব পাৰি। সূক্ষ্ম বিশ্লেষণ আৰু পৰ্যৱেক্ষণে গল্পক বিশেষ মর্যাদা দিয়ে। তেনে গুণসম্পন্ন সাধুকথাও বিশেষ আকর্ষণীয় হৈ পৰে। ককাদেউতা আৰু নাতি ল’ৰাত তেনেধৰণৰ সাধু কেবাটাও আছে। সেয়ে হ’লৈও এই সাধুপুথিখনৰ যোগেদি, ল’ৰা-ছোৱালীক আদৰ্শ মানুহ হিচাপেগঢ়ি তোলাৰ কথাতহে গুৰুত্ব দিয়া হৈছে। 

সাহসী আৰু কৰ্তব্য পৰায়ণ হোৱাৰ কাৰণেও তেওঁ গুৰত্ব দিছে। এইখিনিতে এটা কথা ক’ব পাৰি, বেজবৰুৱাই যি সময়ত আধুকি অসমীয়া সাহিত্যৰ নেতৃত্ব দিব লগা হৈছিল সেই সময়ত অসম শিক্ষা-দীক্ষাত বহু পিছপৰি আছিল। ককাদেউতা আৰু নাতি ল’ৰাৰ সাধুৰ জৰিয়তে বেজবৰুৱাই শিশুক অধ্যয়নৰ প্ৰতি আগ্ৰহ বঢ়াবলৈ চেষ্টা কৰাৰ ই এটা নিশ্চয় কাৰণ হ’ব পাৰে। কিয়নো ইয়াৰ প্ৰায়বোৰ সাধুৰ আৰম্ভণিতে অধ্যয়নৰ আৱশ্যকতাৰ কথাই উল্লেখ কৰা আছে বুলি আগেয়ে উনুকিয়াই অহা হৈছে।

তৃতীয়খন সাধুপুথি ‘জুনুকা’ৰ তেলীয়া সাৰেং আৰু ফেঁচু’ৰ কাহিনীটোত যেতিয়াৰ যি কাম তেতিয়াই কৰিবলৈ সঁকীয়াই দিয়া হৈছে। তেলীয়া সাৰেং ৰজা হ’বলৈ আলম-বিলম কৰি থাকোঁতেই ফেঁচু ৰজা হ’ল। কাহিনীটো বর্ণোৱাৰ অন্তত লেখকে কৈছে— “শুভ কাৰ্য শীঘ্ৰে কৰিবা সোণাই, বিলম্বত কার্যনাশ জানিবা সদায়।’ এই সাধুটোত ৰাইজৰ শক্তিৰ মহিমা প্ৰকাশ পাইছে। ‘জুনুকা’ৰ সাধুবোৰ ঘাইকে জীৱ-জন্তুক কেন্দ্ৰ কৰিয়েই ৰচনা কৰা হৈছে. সাধুবোৰ বিশ্বাসযোগ্য নহ’লেও নীতিশিক্ষাত গুৰুত্ব দিয়া হৈছে। প্ৰত্যেকটো সাধুৰ শেষত এনে নীতিশিক্ষা আছে: ‘ডাঙৰেই হোৱা, সৰুৱেই হোৱা গৰ্ব নকৰিবা; গৰ্ব কৰিলে খৰ্ব হৈ বিপাঙে মৰিবা’ (হাতী আৰু সাপ), ‘যি কৰে পৰত তাৰ মিলে ঘৰত’ (সাপ আৰু খেতিয়ক জীয়েকত্ৰ ‘মহৎ লোকৰ নামৰ যহত, সৰু লোক থাকে সুখত’ (খুৰী ছাগলী), “বিশ্বাসঘাতকৰ জানা এনে ফল হয়, সদ্যে লাভ পিছে কিন্তু নিশ্চয় প্রলয়’ (বান্দৰ আৰু শিয়াল)।

নীতি শিক্ষাৰ লগতে কোনোটো সাধুত বুদ্ধি-বৃত্তি থাকিলে বিপদত নপৰা, কোনোটোত বা আক’ লোকৰ অপকাৰ কৰাজনৰ শাস্তি নোহোৱা এনে ভাৱধাৰাকে সার্থকভাৱে ফুটাই তোলা হৈছে। এইখিনিতে আৰু ক’ব পাৰি যে ‘জুনুকা’ত যিদৰে প্ৰত্যেকটো সাধুৰ শেষত স্পষ্টভাৱে নীতিশিক্ষা দিয়া হৈছে, ‘বুঢ়ী আইৰ সাধু’ত সেইদৰে দিয়া হোৱা নাই। ‘বুঢ়ী আইৰ সাধু’ পঢ়িহে নীতিশিক্ষা ল’ব পাৰি। কিন্তু দুয়োখনৰে কোনো কোনো সাধুৰ মিল থকা নুই কৰিব নোৱাৰি।

উদাহৰণ স্বৰূপে ‘বান্দৰ আৰু শিয়াল’ আৰু ‘গংগাটোপ’ৰ কথা ক’ব পাৰি। আমাৰ সমাজত অহংকাৰীজনৰ ক্ষেত্ৰত প্ৰয়োগ কৰা ‘গপতে গংগাটোপ’ কথাষাৰ বেজবৰুৱাৰ এই সাধুটোৰ পৰাই প্ৰচলন হৈছে যেন লাগে। সাধুটোত বহুতো মাছৰ নাম উল্লেখ কৰাত শিশুসকলৰ জনাত সুবিধা হৈছে। সেইদৰে ‘বৰাগী মেকুৰী’ সাধুৰ পৰা অলেখ চৰাইৰ নাম জনা যায়। এইটো আৰু ‘ৰাজহাঁহ আৰু কাউৰী’ নামৰ আন এটা সাধুত শঠ আৰু দুৰ্জনৰ সৈতে সম্পৰ্ক নাৰাখিবলৈ সঁকীয়াই দিয়া হৈছে। ‘জুনুকাৰ কোনো কোনো সাধু অনুসন্ধিৎসু শিশুৰ কাৰণে উপাদেয় হৈছে। উদাহৰণ স্বৰূপে `টোকোৰা আৰু চিতল’ সাধুটোত টোকোৰা চৰাই কেনেকৈ টকলা হ’ল আৰু চিতল মাছৰ মূৰটো কেনেকৈ সৰু আৰু চেপেটা হ’ল লেখকে সেই বিষয়ে কাল্পনিক চিত্র এটি মনোগ্রাহীকৈ দাঙি ধৰিছে। সাধুটোত চল চাতুৰীৰ বৰ্ণনাখিনিও আকর্ষণীয় হৈছে। ইয়াৰ লগতে বিশ্বাসঘাতকে যে শাস্তি পায় তাৰো উল্লেখ আছে।।

কোনো জীৱ-জন্তু বাদ নপৰা বেজবৰুৱাৰ ‘জুনুকা’ত কাহিনী বহলাই নিয়া বৈশিষ্ট্যও মন কৰিব লগীয়া। সৃষ্টিধর্মী এই ৰচনাসমূহত নানা নতুন কাহিনী উদ্ভাৱন কৰি বেজবৰুৱাই ইয়াক অধিক মনোৰম কৰি তুলিছে। এইখিনিতে ‘বুঢ়ী আইৰ সাধু’ আৰু ‘ককাদেউতা আৰু নাতি ল’ৰা’ৰ সাধুবোৰ বুজন বয়সৰ শিশুৰ কাৰণে আৰু ‘জুনুকা’ৰ সাধুবোৰ কম বয়সীয়া ল’ৰা ছোৱালীৰ কাৰণে উপযোগী বুলি ক’ব পাৰি।

বেজবৰুৱাই তিনিওখন সাধুপুথিতে নির্ভাঁজ অসমীয়া শব্দ, খণ্ডবাক্য, ফকৰা-যোজনা আদি প্ৰয়োগ কৰিছে। শুদ্ধ অসমীয়া জানিবৰ কাৰণে এই সাধুপুথিকেইখন কেৱল শিশুৰ কাৰণেই নহয় ডাঙৰৰ কাৰণেও অপৰিহাৰ্য। আমাৰ অসমীয়া সমাজৰ গালি-শপনিবিলাকো বেজবৰুৱাই বুটলি লৈছে। ‘জুনুকা’ব সাধু এটাত আছে—’ছল পালেই সেই মুখত পোক লগা হতছিৰি হোৱা কাউৰীয়ে মোক খেদাত তত এৰুৱায়। আনহাতে কথনভংগীৰ বিশেষত্বও মন কৰিব লগীয়া। এঠাইত আছে— ‘কোননো আমাৰ বন্ধু, কোননো আমাৰ আইৰ ফালৰ কুটুম যে তাক আমাৰ দুখৰ আৰ্জনফো দিম?” (জুনুকা, পৃঃ ৯২৫ঃ বেজবৰুৱা গ্ৰন্থাৱলী)। ‘ককাদেউতা আৰুনাতি ল’ৰাত বেজবৰুৱাই প্ৰয়োগ কৰা নিৰ্ভাঁজ অসমীয়া শব্দ আৰু বাক্য কিছুমান হ’ল— উভতি নকৰোঁ, ৰূপহ, আনন্দত পাৰ নোহোৱা, আপুত্ৰ পুত, চকুৰ লেচ, কৰচি থকা, এজোলোকা আশীৰ্বাদ, সৰসৰ কৰে, শাক নিৰাইথকা, জলপান এটা খাই, সোণামুৱা ল’ৰা, এলাবাদু, গেৰোঁগেথো, চাবতিয়াল (ছোৱালীজনী বৰ চাবতিয়াল আছিল), কেলেহুৱা, বাৰ্ভেচহু, ভাতে ভঁড়ালে, লেহেৰা (কাপোৰ-কানিৰ ফালেও লেহেৰা নাছিল), পেটমোছা, মূৰৰ ফুলৰ কৰে ঘৰৰ ভিতৰত ৰাখিছিল, ভাল পো-ফুকাইছিল, লেদেনা উকটি, বেলি পৰিবৰ সময়ত, কুঁহুলিয়াই কুঁহুলিয়াই, এহাশুধীয়া ইত্যাদি। 

‘বুঢ়ী আইৰ সাধু’ৰ পাতে পাতেও অসমীয়া ভাষা আৰু শব্দৰ মাহাত্ম্য প্ৰকাশ পাইছে। ৰ’দ ওলাই পকিব লগা হ’ল, ফাইদাং মাৰিলে, আস্ত বেস্তকৈ, বুঢ়ীৰ মনত গাজিলে, টিকৌ টিপৌ, সোণৰ সোলেং, গণ্ডপ মাৰিছে, বুঢ়া-বুঢ়ীয়ে চবিয়াই চবিয়াই চন্দা এটাও ধৰিব নোৱাৰিলে, মৰকীয়াকৈ, বইচ কৰি, দাপলি থাকে, কেপকেপাই থকা, ইমান পতি কৰে, গেৰেহা-গেৰেহ, দকচি খায়, কোমতালি, গুণি-গাঁথি ইত্যাদি।— এনেধৰণৰ জতুৱা ঠাচেই বেজবৰুৱাৰ ৰচনা-ৰীতিৰ বিশেষত্ব প্রদান। কৰিছে। উপযুক্ত ঠাইত উপযুক্ত পৰিৱেশত এনেধৰণৰ শব্দ আৰু বাক্য প্রয়োগ কৰাৰ কাৰণেও সাধুবোৰ পঢ়ি শিশুৰ লগতে ডাঙৰো উপকৃত হৈছে।

অতুল চন্দ্ৰ হাজৰিকাই বেজবৰুৱা গ্ৰন্থাৱলী সম্পাদনা কৰোঁতে ভগৱৎ কথা’, ‘‘বাখৰ’ আৰু ‘কামত কৃতিত্ব লভিবৰ সংকেত’ পুথি নীতিখনকো শিশু সাহিত্যৰ অন্তৰ্ভুক্ত কৰিছে। প্ৰকৃততে এই তিনিখনক শিশু সাহিত্যৰ পৰ্যায়ত ধৰিব নোৱাৰি। ঈশ্বৰৰ প্রতি ভক্তিভাব আকৰ্ষণ কৰিবৰ কাৰণে বেজবৰুৱাই ‘ভগবৎ কথা’ ৰচনা কৰিছিল। ভগবৎ কথা’ৰ বিপৰীতে ‘বাখৰ’ আৰু ‘কামত কৃতিত্ব লভিবৰ সংকেত’ পুথি দুখন সহজবোধ্য। ‘বাখৰ’ত ঘাইকৈ চৰিত্ৰ গঠনৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু এই বিষয়ে তেওঁ কিছুমান নিদান দিছে।

বেজবৰুৱাই শিশু সাহিত্যকে ধৰি অসমীয়া সাহিত্যৰ বিভিন্ন দিশত হাত দিয়াৰ সময়তে পদ্মনাথ গোহাঞিবৰুৱাই শিশু উপযোগী পাঠ্যপুথি বচনাত বিশেষভাবে মনোযোগ দিছিল। অসমীয়া ভাষাত পাঠ্যপুথিৰ অভাৱ হোৱাৰ কাৰণেই গোহাঞি বৰুৱাই এই দায়িত্ব ল’ব লগা হৈছিল। তেখেতৰ ভাষাত: ‘আমি যি ঘৰ সাজিবলৈ উথপথপ লগাইছোঁহক, তালৈ চোন ভেটি চোঙ্গোৱা হোৱাই নাই।’ অসমীয়া সাহিত্যৰ ভেটি বান্ধিবৰ কাৰণেই গোহাঞিবৰুৱাই ‘নীতি শিক্ষা’ তিনিছোৱাকে ধৰি আন পাঠ্যপুথি ভালেকেইখন ৰচনা কৰিলে। এই ক্ষেত্ৰত অৱশ্যে তেখেতে পানীন্দ্ৰনাথ গগৈৰ পৰাও সহায় লৈছিল। ‘সাহিত্য-সংগ্ৰহ পাঠ্যপুথিখন গগৈৰ লগ লাগি সম্পাদনা `কৰিছিল। এই ৰচনাসমূহ বিশুদ্ধ শিশু সাহিত্য নহ’লেও বহল পাঠক সমাজ এখন গঢ়ি উঠাত বিস্তৰ সহায় কৰিছিল। 

গোহাঞিবৰুৱাক তেতিয়াৰ আৰু পাছতো বহুত দিনলৈ ন-শিকাৰু সকলোৱে ভালদৰে জানিছিল। পানীন্দ্ৰনাথ গগৈৰ শিক্ষাৰ আগছোৱা, মাজছোৱা, আৰু শেষছোৱাৰ নিচিনা শিশুপাঠ্য পাবলৈ টান। গগৈৰ শিশুপুথিকেইখনত পদ্যৰ ভংগীত যিবোৰ শব্দ ব্যৱহাৰ কৰা হৈছে সেই শব্দবোৰে আকৰ্ষণ বঢ়োৱাৰ লগতে মনত ৰখাতো সহায় কৰে। উদাহৰণস্বৰূপে— ‘আজলী বিজুলী, বতৰ মুকলি/ কেৰেলা কপাহী, লেতেৰা মদাহী।/গগৈদেৱ অসহনি গামখাৰু ওলগনি / লটি-ঘটি ৰাচভৰা সেউজীয়া ঠনধৰা/গৰমিল গমগতি পোৰা গাম কাষলতি/গুৱাহাটী, গোলাঘাট, তেজপুৰ যোৰহাট ইত্যাদি।

গোহাঞিবৰুৱা গগৈৰ সমসাময়িক আন এগৰাকী লেখৰ শিশু সাহিত্যিক হ’ল দুর্গাপ্রসাদ মজিন্দাৰবৰুৱা (১৮৭০-১৯২৮)। মজিন্দাৰবৰুৱাই তেওঁৰ ‘উজু কবিতা’, ‘ফুল’আৰু ল’ৰা কবিতা’ত প্ৰত্যেকটো বিষয়কে আকর্ষণীয়কৈ ফুটাই তুলিছে। শিশু মনৰ উপযোগীকৈয়ে তেওঁ পুথিকেইখন ৰচনা কৰিছিল. অৱশ্যে মজিন্দাৰবৰুৱাৰ ‘উজু কবিতা’, ‘ল’ৰা কবিতা’ আৰু আন এগৰাকী প্ৰখ্যাত শিশু সাহিত্যিক বলদেৱ মহন্তৰ ‘উজুপাঠ’ উনবিংশ শতাব্দীৰ শেষতহে প্ৰকাশ হোৱা পুথি। সেয়ে হ’লেও শিশুৰ উপযোগীকৈ ৰচনা কৰা এইকেইখন পুথিয়ে বিংশ শতাব্দীৰ মাজভাগলৈকে ব্যাপক প্ৰভাৱ পেলাইছিল। কিন্তু ইয়াৰ আগেয়ে ঊনবিংশ শতিকাৰ পঞ্চম দশকৰ পৰা খ্ৰীষ্টান মিচনেৰীসকলে উলিওৱা ‘অরুনোদ ইৰ পৰাহে ছপা আখৰত শিশু উপযোগী ৰচনা প্রকাশ পোৱাৰ কথা ক’ব লাগিব। তেওঁলোকৰ উদ্দেশ্য যিয়েই নহওক কিয় পঢ়াশালিৰ উপযোগীকৈ ৰচনা কৰা সেই সময়ৰ ‘বাইবেলৰ সাধু’, ‘আফ্ৰিকাৰ কোঁৱৰ’, ‘মাউৰী ছোৱালী, ‘ঈগলৰ বাঁহ’, ‘শুৱনি সাজ’, ‘বুঢ়া আৰু যুদ্ধ নায়ক’, ‘সৰু কালৰ ধৰ্ম’, আদি শিশু বচনাই অসমীয়া শিশু সাহিত্যৰ ভেটি প্রতিষ্ঠা কৰাত বহুখিনি অৰিহণা যোগালে। এই সময়ত প্রকাশ পোৱা প্ৰাতঃস্মৰণীয় আনন্দৰাম ঢেকিয়াল ফুকনৰ ‘অসমীয়া ল’ৰাৰ মিত্ৰ ‘ত কেৱল নৈতিক বা ধর্মীয় আদৰ্শৰ বাণীয়েই নাই বুৰঞ্জী আৰু ভূগোলৰ অনেক জানিব লগীয়া কথাও আছে। মূলতঃ এইখন শিশু উপযোগী সাহিত্য হ’লেও আধুনিক অসমীয়া গদ্য সাহিত্যৰ বিকাশত শিশু সাহিত্যইহে বিশেষ অৰিহণা যোগাইছে বুলি কোৱাৰ সবল যুক্তি আছে। ঢেকিয়াল ফুকনে ‘অসমীয়া ল’ৰাৰ মিত্ৰৰে অসমীয়া গদ্যৰ বিকাশ সাধিলে আৰু বেজবৰুৱাই আধুনিক অসমীয়া গদ্যক প্রতিষ্ঠা কৰিলে। বেজবৰুৱাই লগতে অসমীয়া শিশু সাহিত্যৰ পৰিধি বিস্তৃত কৰা কথা আগেয়ে উনুকিয়াই অহা হৈছে।

বেজবৰুৱাৰ পাছৰ আন এগৰাকী শিশু সাহিত্যিক আনন্দ চন্দ্ৰ আগৰবালাৰ (১৮৭৪-১৯৪০) ‘বছৰত বাৰমাহ’ আৰু ‘আমাৰ গাঁওৰ দৰে কবিতা অসমীয়া শিশু সাহিত্যত বাস্তৱিকে বিৰল। আগৰৱালাৰ পঢ়াশালীয়া পুথি দুখন হ’ল— ‘কোমল পাঠ’ আৰু ‘শিশু পাঠ’। তেওঁৰ আনখন কবিতা পুথি ‘জিলিকনি’তো শিশু উপযোগী কবিতা আছে। শুৱলা ভাষা, সাৱলীল প্ৰকাশভংগী আৰু নিভাঁজ শব্দ ব্যৱহাৰৰ কাৰণে তেওঁৰ শিশু কবিতাসমূহে বিশেষ মর্যাদা পাইছে।

প্ৰখ্যাত শিক্ষাবিদ আৰু সাহিত্যিক শৰৎ চন্দ্ৰ গোস্বামীয়েও শিশু সাহিত্য ৰচনাত মনোনিৱেশ কৰিছিল। ১৯২৯ চনত প্ৰকাশ পোৱা তেখেতৰ ‘অসমীয়া সাধুকথা’ৰ আঠোটাৰে প্ৰত্যেকটোতে একো একোটি উপ-কাহিনী আছে। এই বর্ণনা প্রধান সাধুকেইটাত কামৰূপীয়া শব্দৰ প্ৰাচুৰ্য এটা মন কৰিব লগীয়া বৈশিষ্ট্য। গোস্বামীৰ ‘অসমীয়া সাধুকথা’ প্ৰকাশ পোৱাৰ সময়তে কুমুদেশ্বৰ বৰঠাকুৰৰ ‘সাধুৰ ভঁড়াল’ নামৰ সাধুপুথিখনৰ প্ৰকাশ পাইছিল। লেখক বৰঠাকুৰে মাক গোলাপীৰ (লক্ষ্মীনাথ বেজবৰুৱাৰ বায়েক) মুখৰ পৰা শুনি এই সাধু পুথিখন প্ৰণয়ন কৰিছিল বুলি বৰঠাকুৰৰ জীয়ৰী সুলেখিকা ভট্টাচাৰ্যৰ পৰা জনা গৈছে। ‘সাধুৰ ভড়ালৰ সাধুকেইটী ‘বুঢ়ী আইৰ সাধু’ৰ তুলা আৰু তেজা’ৰ পৰ্যায়ৰে সাধু। বৰঠাকুৰৰ আন দুখন শিশুপুথি ‘লাবণ্যৰ আদি পাঠ’ আৰু ‘লাবণ্যৰ দ্বিতীয় ভাগ’ (১৯২৮-১৯২৯) কেবাবছৰ ধৰি পাঠ্যপুথিও আছিল। 

সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱায়ো (১৮৬৪ ১৯৬১) ‘নতুন পাঠ’ (১৯৩২) আৰু ‘উজু পাঠ’ (১৯৪২) নামৰ দুখন পাঠ্যপুথি ৰচনা কৰিছিল যদিও শিশু সাহিত্য হিচাপে দুয়োখনৰে বিশেষত্ব আছে। প্ৰথমখনত তেওঁৰ বিলাত ভ্ৰমণৰ অভিজ্ঞতাৰে শিশু শিক্ষাৰ প্ৰণালী আমাৰ দেশতো প্রয়োগ কৰাত গুৰুত্ব দি শিশুৰ মন যোগোৱাকৈ লিখিছে। নতুন পাঠ’ৰ ‘অসম দেশৰ কথা’ নামৰ কবিতাটিত ৰাজ্যখনৰ ঐতিহ্যমণ্ডিত ঠাই সমূহৰ বিৱৰণ এনেদৰে দিয়া আছেঃ ‘বৰদোৱা জন্মস্থান শংকৰদেৱৰ/ডিমাপুৰে দিয়ে চিন কছাৰী ৰাজ্যৰ /হিন্দু-বৌদ্ধ-মুছলিমৰ হাজো তীর্থ ঠাই/নেতাই ধুৰুনী ঘাট ধুবুৰীত পায়/ উমানন্দ ব্ৰহ্মপুত্ৰ নদৰ মাজত/অসমৰ দৰে ঠাই নাই জগতত।’ কবিৰ স্বদেশপ্রেম আন ভালেমান কবিতাটো প্ৰকাশ পাইছে। আনহাতে ‘উজু পাঠ’ৰ প্ৰবন্ধকেইটি বিভিন্ন বিষয় বস্তু লৈ ৰচনা কৰা হৈছে। সহজ-সৰল ভাষাত ৰচনা কৰা ‘উজু পাঠ’ আৰু ‘উজু সাহিত্য’ পুথি দুখনৰ প্ৰবন্ধসমূহৰ বৰ্ণনাও মন কৰিবলগীয়া বিষয় হৈ পৰিছে। ‘উজু পাঠ’ৰ সাহিত্য’ নামৰ প্ৰবন্ধত আছে— আচলতে ভাষা জানিবা গাখীৰ আৰু সাহিত্য তাক মথি উলিওৱা লৱণু, ভাষা শাক-পাচলি; সাহিত্য মা মছলা দিয়া সুস্বাদু ব্যঞ্জন, ভাষা জুমুঠি, সাহিত্য খনিকৰে সাজি উলিওৱা প্ৰতিমা। 

আন এখন উল্লেখযোগ্য পাঠ্যপুথি হ’ল আদর্শ শিক্ষাবিদ, সু-সাহিত্যিক কাশীনাথ বৰ্মনৰ ‘অতুল পাঠমালা’। ‘ক’ মানৰ পৰা আৰম্ভ কৰি পঞ্চম শ্ৰেণীলৈকে বেলেগে বেলেগে ৰচনা কৰা ‘অতুল পাঠমালা ই পাঠ্যপুথি হিচাপে সমাদৰ পাইছিল আৰু সুদীৰ্ঘ কাল এইখন বিদ্যালয়সমূহৰ পাঠ্যপুথি আছিল। পোনতে ‘অতুল পাঠ’ নামেৰে প্ৰণয়ন কৰা এইখন প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠ্যপুথি (১৯৩৮-১৯৫১) আছিল। ‘অতুল পাঠ’ কাৰ্বি ভাষালৈয়ো অনুবাদ কৰা হৈছিল।

চন্দ্ৰধৰ বৰুৱাৰ দৰে বিষ্ণুপ্রিয়া দেবী, জ্ঞানানন্দ জগতী আৰু ত্রৈলোকেশ্বৰী বৰুৱানীয়ে শিশু উপযোগী পাঠ্যপুথি ৰচনা কৰা নাছিল। বিষ্ণুপ্রিয়া দেৱীৰ ‘সাধুকথা”, জগতীৰ সাধুকথাৰ জোলোঙা আৰু বৰুৱানীৰ ‘সন্ধিয়াৰ সাধু’— সেই সময়ৰ তিনিখন উল্লেখযোগ্য সাধুপুথি। বাঁহী যুগ প্রতিষ্ঠিত লেখক জগতীৰ (প্ৰকৃত নাম তুলসী প্ৰসাদ দত্ত) ‘সাধুকথাৰ জোলোঙা’ৰ (১৯০৯) মন কৰিব লগীয়া বৈশিষ্ট্য এয়ে যে সাধুকেইটা ধেমেলীয়া। সেই কাৰণে পঢ়ি সোৱাদ লগা বিধৰ হৈছে। ‘গাধা কিলাই মানুহ কৰা’ আৰু ‘বুঢ়া বাপেকে নেগুৰ পিন্ধি নচা’ সাধু দুটাই পাঠকক এহাতে হাঁহিৰ খোৰাক যোগাইছে আনহাতে শিশুক একেবাৰে কল্পনাৰ ৰাজ্যখনলৈয়ো লৈ যোৱা নাই। তেওঁ আন ৰাজ্যৰ সাধুকো ‘সাধুকথাৰ জোলোঙাত স্থান দিছে। ‘কাবুলী সাধু’ আৰু ‘পঞ্জাবী সাধু’ দুটাৰ দ্বাৰা সেই ঠাইৰ মানুহৰ বিষয়ে ধাৰণা ল’ব পাৰি। ১৮৮৯-১৯৩৯ চনৰ ভিতৰত ঘাইকৈ মহাভাৰত, ৰামায়ণ, পুৰাণ তথা প্ৰাচীন ভাৰতীয় সাহিত্যক লৈ ভালেকেইখন শিশু পুঁথি প্রকাশ পাইছিল। এই সময়ছোৱাত ভিতৰত প্ৰকাশ পোৱা এখন উল্লেখযোগ্য সাধুপুথি হ’ল চন্দ্ৰধৰ ৰাজখোৱাৰ ‘পঞ্চকন্যা’। 

পাঁচটা দীঘল সাধু ‘পঞ্চকন্যা ‘ত সন্নিবিষ্ট কৰা হৈছে। সাধুকেইটাৰ ভাব আৰু ভাষা মনোগ্রাহী। মহেশ চন্দ্র কটকীৰ ‘বেতাল পঞ্চবিংশতি’, ‘গজমুকুতা’, তারানাথ বৰপূজাৰীৰ ‘মহাভাৰতৰ বহঘৰা’, ‘মহাভাৰতৰ মৌ-বিচনী’ আৰু মিত্ৰদেৱ মহন্তৰ ‘মৌ মহাভাৰত (১৯২৫) এই সময়ত জনপ্রিয় গ্ৰন্থ হিচাপে সমাদৃত হৈছিল। হৰেন্দ্ৰনাথ শর্মা, উৎসৱানন্দ গোস্বামী প্রভৃতিয়েও সেই সময়ত তেনে পুথিৰে অসমীয়া শিশু সাহিত্যক সমৃদ্ধ কৰিছিল। ঈছপৰ কাহিনীক লৈ ৰোষেশ্বৰ শৰ্মাই ৰচনা কৰা ‘ঈছপৰ উপকথা’ (১৯১৪) আৰু বসন্ত বৰুৱাৰ অনুবাদ ‘ৱেগনাৰৰ সাধু’ও সেই সময়ত প্ৰকাশ পোৱা আন দুখন শিশুপুথি।

প্ৰাচীন ভাৰতীয় সাহিত্যৰ বিপৰীতে পাশ্চাত্য সাহিত্যৰ ভাবধাৰা লৈ এই সময়ছোৱাত বেছিসংখ্যক শিশু উপযোগী সাহিত্য পুথি প্ৰকাশ পোৱা নাছিল। এই পুথিসমূহৰ ভিতৰত হৰিপ্ৰসাদ বৰুৱাৰ ‘মইনা’ (১৯২৬ ) নিঃসন্দেহে অসমীয়া সাহিত্যৰ এখন শ্ৰেষ্ঠ শিশু সাহিত্য। মইনাৰ গল্পকেইটা পঢ়িলে বিদেশী গল্পৰ ছাঁ লৈ লি লিখা বুলি সমূলি ধাৰণা নহয়। ‘টোপনি নহা ৰজা’, ‘যাদু কৰা টিঙিৰি’, ‘ছালছিগা ভিকহু’, ‘বুঢ়া-বুঢ়ীৰ দ্বন্দ্ব’, ‘বাটৰ লগৰীয়া’ সাধুকেইটিত Book of Knowledge আৰু হান্স এণ্ডাৰছনৰ ‘The Fel low Traveller’ ৰ প্ৰভাৱ পৰিছে যদিও লেখকৰ মৌলিক প্রতিভা, নিভাঁজ অসমীয়া ৰচনা ৰীতি আৰু সাৱলীলতাৰ কাৰণে কোনোপধ্যে আনৰ ছাঁ পৰা বুলি ক’ব নোৱাৰি। কাহিনী আকৰ্ষণীয় কৰাতো লেখকে দক্ষতা দেখুৱাইছে। উদাহৰণ স্বৰূপে—’ৰজা নাথাকিলে সাধুৱেই নহয় । ৰজা থাকিলে বৰ কমলৈ হ’লেও ৰাণী এজনী লাগে’— এনেকৈ আৰম্ভ কৰি কাহিনী বহলাই নিয়ে। আনহাতে কেতবোৰ প্ৰসংগ লেখকে যুক্তিৰে ফঁহিয়াই দেখুৱাইছে। উদাহৰণ স্বৰূপে ‘বাটৰ লগৰীয়া’ সাধুৰ নাপায়’ শব্দটোৰ কথাই উনুকিয়াব পাৰি।হাত নোধোৱাকৈ ভাত খাব নাপায়, মুখত আঙুলি সুমুৱাব নাপায়, নখ কামুৰিব নাপায়, মানুহৰ গাত হাচিয়াৰ নাপায়— এইবিলাকৰ লগত স্বাস্থ্যৰ সম্পৰ্ক থকাৰ কথা আৰু তিৰোতাই মতা মানুহৰ আগত ভাত খাব নাপায়, হাঁচি পৰিলে এফালে যাত্ৰা কৰিব নাপায়— এইবিলাক দেশৰ ‘পুৰণি দস্তৰ’বা ধাৰণা বুলি শিশুক প্রাঞ্জল ভাষাত বুজাই দিয়া হৈছে। 

মইনা’ত কেৱল ৰজা ৰাণীৰ কাহিনীয়েই নাই, সাধাৰণ মানুহৰ সুখ-দুখৰ কাহিনী আৰু সিবিলাকৰ স্বাভাৱিক প্ৰবৃত্তি কাহিনীকাৰে সাৰ্থকভাৱে ফুটাই তুলিছে। স্বাভাৱিক প্রবৃত্তি মানুহে কোনোপধ্যে এৰিব নোৱাৰে। ‘ছাল ছিগা ভিকহু’ সাধুটোত সেই কথাকেই লেখকে মনোগ্ৰাহীটক লিপিবদ্ধ কৰিছে। ‘মইনা’ৰ পৰা শিকিব লগা কথাও অনেক আছে। আনকি বাঘে জন্তু ভক্ষণ কৰাৰ ধৰণ আৰু বাঘৰ গাৰ গোন্ধৰ কথা লেখকৰ সূক্ষ্ম দৃষ্টিৰ পৰা সাৰি যোৱা নাই। সেইদৰে পুৰণি কালৰ পুৰুষ প্ৰধান সমাজখনৰ চিত্ৰও লেখকে দাঙি ধৰিছে, ‘অজান দেশৰ অচিন বস্তু’ নামৰ আন এটা মন পৰশা সাধুত নায়কৰ চিত্ৰ এনেদৰে দিছে : ‘জুমন যি জুৰমনেই। সাততো নাই। পাঁচতো নাই, কাৰো সৈতে দ্বন্দ্ব্বত নাই, কাজিয়া-পেচালত নাই। ঢোলত নাই, নাচত নাই, কানিত নাই, ভাঙত নাই, কাৰো অপকাৰত নাই, ফুটনিত নাই, ভাল সাজ-পাৰত নাই’। সহজ-সৰল ভাষাত এনেধৰণৰ মনোৰম চৰিত্ৰ প্ৰতিভাশালী লেখকেহে সৃষ্টি কৰিব পাৰে। কিছুমান নিৰ্ভাঁজ শব্দ আৰু খণ্ডবাক্যৰ নিদৰ্শন হ’ল— টিকা ফটা ৰ’দ, সাজ লাগি ভাগিছে, ছাটি-ফুটি কৰা, কপালত দাগৰ সেবা, চিন্তাৰ থুপি, হুৰি, কেন্দুকণা, ফঁাঁচ-ফুচ, মনৰ মৰিছা, দবনি পিটি ভোজ খোৱা, তদ্‌গত মনেৰে, কাঠ হাঁহি মৰা, ভিৰাই ধৰি লৰ মাৰিলে, দকচি খোৱা দলদোপ হেন্দোলদোপ, জহাই ফুৰা, টকালি পৰা, মুখৰ ছাঁই গুছোৱা, হিয়া জুৰাই গ’ল, ফৰিং ফুটা জোনাক, অমৰা-গুটিটোমান চকু আদি। 

নিভাঁজ অসমীয়া জতুৱাভংগীৰ লগত লেখকে আমাৰ শিশুহঁতক এনেদৰেই পৰিচয় কৰাই দিছে। নৈসর্গিক চিত্র অংকনতো লেখকৰ দক্ষতা প্ৰকাশ পাইছে। সেইদৰে দলনিত নামিলে জোকে খেদি অহা দৃশ্যও তেওঁ হুবহুকৈ ফুটাই তুলিছে। এনেধৰণৰ ৰচনাভংগী, ইয়াৰ বিষয় বস্তু আৰু সাৱলীলতাৰ কাৰণে হোমেন বৰগোহাঞিয়ে ‘মইনা’ক ‘সর্বশ্রেষ্ঠ অসমীয়া শিশুগ্ৰন্থকেইখনৰ অন্যতম’ বুলি কোৱাৰ যুক্তি আছে। অসমীয়া ভাষা শুদ্ধকৈ লিখিবলৈ হ’লে বেজবৰুৱাৰ গ্ৰন্থ অধ্যয়ন যিদৰে আৱশ্যক, হৰিপ্ৰসাদ বৰুৱাৰ ‘মইনা’ৰ অধ্যয়নো সেইদৰেই আৱশ্যক। মানুহৰ কাহিনী লৈ সাধু ৰচনা কৰাৰ কাৰণেও মইনাৰ বিশেষত্ব আছে— যিটো ‘বুঢ়ী আইৰ সাধু’ আদিত সম্পূৰ্ণকৈ প্ৰকাশ পোৱা নাছিল। বৰুৱাৰ ‘বিৰচতীয়াৰ দেশ’, ‘মইনা’ৰ লেখীয়া আন এখন শিশুপুথি। সেই সময়তে প্ৰকাশ পাইছিল বেণুধৰ শৰ্মাৰ ‘মৰমৰ কাৰেং’ (১৯২৫) নামৰ আন এখন জনপ্রিয় শিশুপুথি। আঠটা গল্প থকা এই পুথিখনৰ প্ৰথম সংস্কৰণ সেই সময়তে এবছৰৰ ভিতৰতে শেষ হৈছিল। মঙ্গলতিৰ কণ্ঠীমালা’ তেওঁৰ আন এখন মনোৰম শিশু সাধুকথা।

হৰিপ্ৰসাদ বৰুৱাৰ পিছতে আন এগৰাকী উল্লেখযোগ্য সাহিত্যিক জ্ঞানদাভিৰাম বৰুৱাই শিশু উপযোগী অনুবাদ পুথিৰে অসমীয়া শিশু সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে। তেখেতৰ ‘দদাইৰ পঁজা’ বিখ্যাত Uncle Tom’s Cabin ৰ অসমীয়া অনুবাদ। সমগ্ৰ বিশ্বতে সমাদৰ পোৱা এই শিশুপুথিখন বৰুৱাই ১৯৩০ চনত সম্পূৰ্ণ অসমীয়া সাঁচত ৰচনা কৰি উলিয়ায়। তেখেতে শ্বেইক্সপীয়েৰৰ আন কেইখনমান কিতাপো অসমীয়াত অনুবাদ কৰি উলিয়াইছিল। ইয়াৰে ‘ভেনিচৰ সাউদ’ (১৯১২) আৰু ‘পঞ্চৰত্ন’- এই দুখন অনুবাদ পুথিৰ নাম ল’ব পাৰি। 

এইকেইখনক শিশু সাহিত্যৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰি। ‘পঞ্চৰত্ন’ৰ নিবেদনত এইদৰে উল্লেখ কৰিছে : ‘যিসকলে ইংৰাজী নাজানে, এই কিতাপখন পঢ়িলে মহাকবি শ্বেইক্সপীয়েৰৰ এই পাঁচখন নাটকৰ মূল কথা জানিব পাৰিব — এনে আশা কৰোঁ আৰু আশা কৰোঁ আমাৰ সৰু ল’ৰা-ছোৱালী সকলোৱে এই কিতাপ পঢ়ি অলপ সোৱাত পাই তেওঁলোক ডাঙৰ হ’লে ইংৰাজী কিতাপ পঢ়িও সেই সোৱাদ পুৰামাত্ৰাত উপভোগ কৰিব।’ শ্বেইক্সপীয়েৰৰ মহান সাহিত্যৰাজিৰ লগত আমাৰ শিশুহঁতক পৰিচয় কৰিদিয়াৰ তেওঁৰ এই প্ৰচেষ্টা যে প্রশংসনীয় সেই কথাত সকলোৱে একমত প্ৰকাশ কৰিব। উল্লেখযোগ্য যে পঞ্চৰত্ন— ‘কিং লীয়াৰ’, ‘এজ ই লাইক ইট’, ‘টু জেন্টোলমেন অৱ ভেৰোণা’, ‘টেমিং অৱ দি স্নু’ আৰু ‘কমেডি অৱ এছ’ৰ কাহিনীলৈ ৰচনা কৰা হৈছে। এই সময়তে আন এখন লেখত ল’ব লগীয়া অনুবাদ পুথি ‘ৰৱিঞ্চন ক্ৰুছ’ প্ৰকাশ পায়। 

বিশ্ববিখ্যাত ঔপন্যাসিক আৰু সাংবাদক ডেনিয়েল ডিফ ই (১৬৬০-১৯৩১) ৬০ বছৰ বয়সত ৰচনা কৰা এই পুথিখন বিশ্ব সাহিত্যৰে অমূল্য সম্পদ। নানাধৰণৰ দুৰ্যোগৰ মাজতো কর্মব্যস্ত হৈ থকা ক্ৰুছৰ কাহিনী কেৱল শিশুৰ কাৰণেই নহয়, যিকোনো লোকৰ কাৰণেও অনুপ্ৰেৰণাৰ উৎস। বুৰঞ্জীবিদ-সাহিত্যিক বেণুধৰ শৰ্মাই কলিকতাত পঢ়ি থকা অৱস্থাত অসমীয়া সাহিত্যত এই গ্ৰন্থখনৰ আৱশ্যকতা অনুভৱ কৰি ১৯১৮ চনত তেওঁৰ সহপাঠী বন্ধু গোৱালপাৰাৰ গিৰীন্দ্ৰ চন্দ্ৰ নাথৰ লগ লাগি কিতাপখন অনুবাদ কৰি উলিয়ায়। এইখনিতে উল্লেখ কৰিব পাৰি যে সেই সময়ত গোৱালপাৰাত বঙলা ভাষা চলোৱাৰ সপক্ষে এটা পক্ষই চেষ্টা চলাই আছিল। সি যি হওক, নিভাঁজ অসমীয়া অনুবাদ পুথি হিচাপে এইখনৰ বিশেষত্ব আছে।

বিংশ শতাব্দীৰ প্ৰথমাৰ্ধৰ শিশু উপযোগী জীৱনী পুথিসমূহৰ ভিতৰত মহাদেৱ শৰ্মাৰ ‘বুদ্ধদেৱ’ (১৯১৩), ‘মহম্মদ চৰিত’ (১৯২৮), সৰ্বেশ্বৰ কটকীৰ ‘হেমচন্দ্র বৰুৱা’, ‘সত্যনাথ বৰা’, সূর্য কুমাৰ ভূঞাৰ ‘গোপালকৃষ্ণ গোখলে, হৰেন্দ্ৰনাথ শৰ্মাৰ ‘জোৱান ডার্ক (১৯১৮), ‘সাবিত্রী’, ‘নল দময়ন্তী’ (১৯২৫), ‘কামাল পাছা’ (১৯৩১), কমলেশ্বৰ চলিহাৰ ‘বিশ্বৰসিক লক্ষ্মীনাথ বেজবৰুৱা (১৯৩৯), দীনবন্ধু এন্দ্রকত’, বিনন্দ চন্দ্ৰ বৰুৱাৰ ‘ল’ৰাৰ বেজবৰুৱা’, প্ৰেমধৰ ৰাজখোৱাৰ ‘ল’ৰাৰ জৱাহাৰলাল’ উল্লেখযোগ্য। ভূঞাৰ ‘আনন্দৰাম বৰুৱা এখন লেখত ল’বলগীয়া জীৱনী পুঁথি। এইখনক ঠিক শিশু সাহিত্যৰ পৰ্যায়ত পেলাব নোৱাৰি। এই সময়ছোৱাতে কমলেশ্বৰ চলিহাই ‘কণ-মৌ’ নামৰ শিশু উপযোগী নীতিশিক্ষাৰ পুথি এখনো ৰচনা কৰিছিল। 

১৮৮৯ চনৰ পৰা ১৯৩৯ চনলৈকে এই কালছোৱাত কেইগৰাকীমান সাহিত্যিক শিশু উপযোগী গীতি-নাট্য ৰচনাত বিশেষ মনোযোগ দিছিল। এখেতসকলৰ ভিতৰত কীৰ্তিনাথ বৰদলৈ আৰু মুক্তিনাথ বৰদলৈৰ যুটীয়া প্ৰচেষ্টাত ৰচিত ‘বাসন্তীৰ অভিষেক’ (১৯২৯), ‘লুইত কোঁৱৰ’ (১৯৩০), ‘সুৰ বিজয়’, ‘মেঘাৱলী’ উল্লেখযোগ্য। বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাই ১৯৩২ চনত শিশুমনৰ খোৰাক যোগাই ৰচনা কৰিলে ‘কপৌ-কুঁৱৰী’ নামৰ নৃত্য-নাটিকা এখন। তেখেতৰ ‘তেজীমলা’ আৰু ‘ফুলৰা’ আন দুখন মনোৰম গীতি নাট্য। অসমীয়া সাহিত্য বিস্তৃতি ঘটা এই কালছোৱাত কিন্তু শিশুৰ উপযোগী বিজ্ঞান বিষয়ক কাহিনী, দুঃসাহসিক বিধৰ ৰচনা আদি প্ৰকাশ পোৱাৰ তেনে কোনো নিদর্শন পোৱা নাযায়। কিন্তু ‘পাতালপুৰী’নামৰ এখন ৰহস্য উপন্যাস হৰগোবিন্দ শৰ্মাই এই সময়ছোৱাৰ ভিতৰতে ৰচনা কৰিছিল। এইখনেই সম্ভৱ প্রথম শিশু উপযোগী ৰহস্য উপন্যাস। সেইদৰে অসমীয়া শিশু সাহিত্যৰ বিষয়ে মহেশ চন্দ্ৰ দেৱ গোস্বামীয়ে সাহিত্য-চিন্তা’নামৰ সেই সময়ত কলিকতাৰ পৰা প্ৰকাশ পোৱা প্ৰবন্ধ সংকলন এখনিত মূল্যৱান প্ৰবন্ধ এটা লিখিছিল। ইয়াৰে আগেয়ে শিশু সাহিত্যৰ বিষয়ে অসমীয়া সাহিত্যত কোনো প্ৰবন্ধ প্ৰকাশ পোৱা নাছিল ৷

অসমীয়া শিশু সাহিত্যৰ পৰিধি বিস্তৃত কৰাত শিশু আলোচনী আৰু বাতৰি কাকতৰ শিশু শিতানসমূহৰো বহুখিনি অৱদান আছে। স্বাধীনতাৰ আগলৈকে অৱশে অসমীয়া আলোচনী আৰু বাতৰি কাকত নিচেই কম সংখ্যক আছিল। যোৱাশতিকাৰ আশীৰ দশকৰ পৰাহে অসমত বাতৰি কাকতৰ সংখ্যা বাঢ়িবলৈ ধৰে। এই কাকতসমূহৰ শিশু শিতানসমূহে ভালেখিনি অৰিহণা আগবঢ়াই আহিছে। প্ৰথম অসমীয়া শিশু আলোচনী ‘ল’ৰা বন্ধু’ প্রকাশ পাইছিল। ১৮৮৮ চনত। ইয়াৰ এশ বছৰৰ আগেয়ে আমেৰিকাৰ পৰা বিশ্বৰ প্রথমখন শিশু আলোচনী ‘চিলড্রেন মেগাজিন’ (১৭৮৯) প্ৰকাশ পাইছিল। ‘ল’ৰা বন্ধু ৰ সম্পাদক কৰুণাভিৰাম বৰুৱাক সম্পাদনাৰ ক্ষেত্ৰত সকলো প্ৰকাৰে সহায় আগবঢ়াইছিল আনন্দ চন্দ্ৰ আগৰৱালাই। পিছে আলোচনীখনৰ কেইটামান সংখ্যাহে এৰা ধৰাকৈ প্ৰকাশ পাইছিল। ‘ল’ৰা বন্ধু’ৰ প্ৰায় ডেৰ কুৰিমান বছৰৰ পিছত ১৯১৫ চনত পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ সম্পাদনাত কলিকতাৰ ৬০ নং মির্জাপুৰ বণিক প্ৰেছৰ পৰা ছপা হৈছিল ‘অকণ’ নামৰ বিখ্যাত শিশু আলোচনীত। এইখন আলোচনীতে পিছত প্রতিষ্ঠিত হোৱা প্রখ্যাত কেবাগৰাকী সাহিত্যিক সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। ‘অকণ ‘ক বাৰ্তাই ৰাখিবৰ কাৰণে সম্পাদক আৰু প্ৰকাশকে বৰ যত্ন কৰিছিল। 

যি হওক বিজ্ঞাপনত দিয়া দৰেই ‘অকণ’ প্রকাশ পাইছিল যদিও এই আলোচনীখন বেছিদিন নিটিকিল। একে অৱস্থা হৈছিল তৃতীয়খন অসমীয়া আলোচনী ‘মইনা’ৰ ক্ষেত্ৰতো। ১৯৩ চনত (১৮৪৫ শক, ভাদ) বিহগী কবি ৰঘুনাথ চৌধাৰীৰ সম্পাদনাত প্ৰকাশ পোৱা ‘মইনা’ৰো কেইটামান সংখ্যাহে ওলাইছিল।

ইয়াৰ পিছৰ আন উল্লেখযোগ্য শিশু আলোচনী আছিল ‘অৰুণ’। কথা সাহিত্যিক মহাদেৱ শৰ্মাৰ সম্পাদনাত ১৯২৬-২৭(১৮৪৯ শক) চনত প্ৰকাশ পোৱা ‘অৰুণ’ৰ ১২টা মান সংখ্যা ওলাইছিল বুলি ‘মিলন’ৰ এটি পুথি সমালোচনাৰ পৰা নিশ্চিতভাৱে ক’ব পাৰি। ‘অৰুণ’ৰ পাছত খ্যাতিসম্পন্ন শিক্ষাবিদ তুলসী নাৰায়ণ শৰ্মাৰ সম্পাদনাত আন এখন লেখত ল’ব লগীয়া শিশু আলোচনী ‘আমাৰ দেশ’ প্ৰকাশ পাইছিল। ১৯৩১ চনত যোৰহাটৰ দৰ্পণ প্ৰেছৰ পৰা ওলোৱা এই আলোচনীখনে চাৰি বছৰ আয়ুস পোৱাটোও উল্লেখযোগ্য কথাই আছিল। কিয়নো (১৮৮৯) চনৰ পৰা ১৯৩৯ চন ভিতৰত কোনোখন শিশু আলোচনী বেছিদিন জীয়াই থকা নাছিল। মন কৰিবলগীয়া যে ‘আমাৰ দেশ’ৰ সম্পাদনা সমিতিত সম্পাদকৰ বাহিৰে চন্দ্ৰধৰ বৰুৱা, কৃষ্ণকান্ত সন্দিকৈ, বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্য, যজ্ঞেশ্বৰ শৰ্মা আৰু মিত্ৰদেৱ মহন্ত―এইকেইগৰাকী সুপ্রসিদ্ধ সাহিত্যিক আছিল। 

এই আলোচনীখনৰ লেখক লেখিকাসকলৰ ভিতৰত সূর্য কুমাৰ ভূঞা, শ্ৰীৰাম চন্দ্ৰ দাস, ভুৱন চন্দ্ৰ সন্দিকৈ, কমলেশ্বৰ চলিহা, গণেশ চন্দ্ৰ গগৈ, ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানী উল্লেখযোগ্য আছিল। লক্ষ্মীধৰ শৰ্মাৰ ‘আমাৰ দেশ’ কবিতা আৰু ‘লক্ষ্মণ বৰ্জন’ নাটিকা দ্বিতীয় বছৰত প্ৰকাশ পাইছিল। কৃষ্ণকান্ত সন্দিকৈয়ে বিদেশৰ কাহিনীৰ আধাৰত ৰচনা কৰা ‘তামৰ গৰু’, ‘প্রাচীন মিচৰৰ উপাখ্যান’, ‘সাগৰৰ মাজৰ দূৰ্গ’ আদি মনোমোহা প্রবন্ধ আমাৰ দেশতে প্রথম প্রকাশ পাইছিল। সম্পাদক তুলসী নাৰায়ণ শৰ্মাৰ ভালেমান লেখাও নিয়মীয়াকৈ ওলাই আছিল। এই আলোচনীতে প্রকাশ পোৱা ‘আৱৰ্তন’ নামৰ নৃত্য-নাটিকাখনৰ লেখক আছিল দৰ্পনাথ শৰ্মা আৰু শ্রী যশ। পিছৰ গৰাকী সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা হ’ব বুলি কোৱাৰ যুক্তি আছে। আমাৰ দেশত চীনদেশৰ কবি লী পৰ বিষয়ে এটি মন পরশা কাহিনী লিখিছিল বকুলবনৰ কৰি আনন্দ চন্দ্ৰ বৰুৱাই। কানীয়া আৰু বলিয়াদী পৰ কৰি প্ৰতিভাত মুগ্ধ হৈ ৰজাই তেওঁক ৰাজকবি কৰি লৈছিল। চীনদেশৰ মানুহে পিছত লী পক ‘স্বৰ্গৰ জীৱ’ বুলি পৰিচয় দিছিল। এনেধৰণৰ কাহিনীয়ে আলোচনীখনৰ আকৰ্ষণ বঢ়াইছিল। সাহিত্যৰ বাহিৰেও আলোচনীখনত জ্ঞান-বিজ্ঞানৰ নানা কথাকো স্থান দিয়া হৈছিল। ছাত্রাবস্থাতে মহেশ্বৰ নেওগে শঙ্কৰদেৱ, মাধৱদেৱৰ বিষয়ে লিখা কবিতা ‘আমাৰ দেশ ‘ত প্ৰকাশ পাইছিল। 

‘আমাৰ দেশ’ৰ সমসমায়িক আন দুখন শিশু আলোচনী হৰেন্দ্ৰনাথ শৰ্মা সম্পাদিত ‘পখিলা’ (১৯৩৩) আৰু বিৰিঞ্চি কুমাৰ বৰুৱা সম্পাদিত ‘অকণ’ও (১৯৩৫) বেছিদিন নিটিকিল। শিশুৰ মানসিক উৎকর্ষ সাধনত সদায় গুৰুত্ব দি অহা বিৰিঞ্চি কুমাৰ বৰুৱাই ‘ৰংঘৰ’ নামৰ আন এখন শিশু আলোচনী ১৯৪৮ চনতো সম্পাদনা কৰিছিল। ১৯৪০-৮১চনমানত দীননাথ শৰ্মাৰ সম্পাদনাত প্ৰকাশ পাইছিল ‘পাৰিজাত’ নামৰ আন এখন শিশু আলোচনী। ‘ৰংঘৰ’ আৰু ‘পাৰিজাতো’ বেছিদিন নাথাকিল। এইখিনিতে ১৯৩৪ চনত বাগ্মীবৰ নীলমণি ফুকনৰ সম্পাদনাত প্ৰকাশ পোৱা ন জোন’ শিশু আলোচনীৰ পৰ্যায়ত পেলাব নোৱাৰিলেও তাতো কিছুসংখ্যক শিশু উপযোগী ৰচনা প্ৰকাশ পাইছিল।

ঊনবিংশ শতিকাৰ শেষার্ধত আৰু কুৰি শতিকাৰ আগভাগত বিশেষকৈ ১৯৩৯ চনলৈকে অসমীয়া ভাষাত শিশু সাহিত্য আৰু শিশু আলোচনী যে যথেষ্ট সংখ্যক নাছিল ওপৰৰ আলোচনাৰ পৰাই ঠাৱৰ কৰিব পাৰি। কিন্তু গুণগত দিশৰ পৰা ৰচনাৰাজিৰ লগত সহজে ফেৰ মৰা টান। বিশেষকৈ তেতিয়াৰ লেখক-লেখিকাসকলে শুদ্ধ অসমীয়া প্রয়োগত বিশেষ গুৰুত্ব দিছিল আৰু লগতে শিশুক সকলো ফালৰ পৰা আদৰ্শৱান হিচাপে গঢ়ি তোলাত মনোযোগ দিছিল। আধুনিক অসমীয়া সাহিত্যৰ গুৰি ধৰোঁতা লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সাহিত্য সভাৰ সভাপতিৰ আসনৰ পৰা ‘শিশু সাহিত্যই ভৱিষ্যৎ সমাজৰ ধৰণী’ বুলি ঘোষণা কৰিছিল। ‘নিজৰ দেশৰ গৌৰৱজনক কথা’, ‘বীৰ পুৰুষসকলৰ গুণ-গাথা’, ‘সাধু লোকৰ জিতেন্দ্রিয়বাদিতা’, স্বদেশপ্রিয়তা অত্যাচাৰ, অতিচাৰ পৰিহাৰ পৰায়ণতা, পৰোপকাৰ, স্বাৰ্থত্যাগ… ধর্মভীরুতা আৰু সত্যবাদিতাৰ বিষয়বোৰ এই শিশু সাহিত্যৰ মূল বীজ হোৱাটো উচিত’বুলি তেওঁ ঘোষণা কৰিছিল। নক’লেও হ’ব তেনে আদর্শ লৈয়ে জোনাকী যুগৰ সাহিত্যিকসকলে শিশু সাহিত্য ৰচনাত বিশেষভাৱে মনোনিৱেশ কৰিছিল।

১৯৪০ চনৰ পৰা অসমীয়া সাহিত্যৰ বিভিন্ন দিশত উল্লেখনীয় পৰিৱৰ্তন হ’বলৈ ধৰিলে। যুগৰ আহ্বানক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। সাহিত্যতো আগৰ সেই গতানুগতিক ধ্যান-ধারণা ক্রমান্বয়ে হ্রাস পাবলৈ ধৰিলে। লেখক-লেখিকাসকলে কবিতা আৰু কাহিনী সাহিত্যৰ বিভিন্ন দিশত সময়ৰ লগত খাপ খোৱা ভাৱধাৰা প্ৰকাশত গুরুত্ব দিলে। অসমীয়া শিশু সাহিত্যও ব্যতিক্ৰম হৈ নাথাকিল। এসময়ত ল’ৰা-ছোৱালীৰ কিতাপ বুলিলে বা শিশু সাহিত্য বুলিলে নীতিশিক্ষা থকা কিতাপক বুজোৱা হৈছিল। শিশুক লৈসাহিত্য কৰ্ম কৰাসকলে ঘাইকৈ সকলো ধৰণৰ অন্যায়ৰ যে পৰিণাম বেয়া সেই কথাতহে গুৰুত্ব দিছিল। আগেয়ে উল্লেখ কৰি অহা হৈছে যে নতুন প্ৰজন্মক আদর্শ মানুহ হিচাপে গঢ়ি তোলাই সেইসকল লেখক-লেখিকাৰ মুখ্য উদ্দেশ্য আছিল। 

ঊনবিংশ শতিকাৰ শেষ আৰু কুৰি শতিকাৰ আগ ভাগতকৈ পিছৰছোৱাত মানুহৰ জীৱন ধাৰণৰ পদ্ধতিৰ বহুত সলনি হ’ল। শিক্ষা, যোগযোগ আদিৰ উন্নত ব্যৱস্থা হ’ল। অনাতাঁৰ কেন্দ্ৰ আৰু দূৰদৰ্শন― এই প্ৰচাৰ মাধ্যমৰ সম্প্ৰসাৰণেও আমাৰ শিশুহঁতৰ বহুখিনি উপকাৰ সাধিলে । বিজ্ঞানৰ আৰ্শীৰ্বাদত নিত্য-নতুন আৱিষ্কাৰ হ’বলৈ ধৰিলে। শিশু সাহিত্যিকসকলেও শিশু মনৰ প্ৰতি গুৰুত্ব দি বাস্তৱ উপযোগী সাহিত্য ৰচনাত হাত দিলে। শিশু সাহিত্যৰ বিভিন্ন দিশসমূহ একেসুৰীয়া বা একেধৰ্মী হৈ নাথাকিল। শিশুহঁতক লৈ গল্প-উপন্যাসকে ধৰি নানাবিধৰ সৃষ্টিধর্মী সাহিত্য, বিজ্ঞান, ভ্ৰমণ কাহিনী আৰু জীৱ-জন্তু আদিকো লৈ নতুন কাহিনী ৰচনা হ’বলৈ ধৰিলে। শিশুৰ বয়সৰ কথাও চিন্তা কৰি সেইমতে শিশু সাহিত্যিসকলে লিখিবলৈ ল’লে ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top