History of Assamese Literature Unit 7 আধুনিক অসমীয়া ভাষা-সাহিত্যৰ প্রতিষ্ঠা

History of Assamese Literature Unit 7 আধুনিক অসমীয়া ভাষা-সাহিত্যৰ প্রতিষ্ঠা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, History of Assamese Literature Unit 7 আধুনিক অসমীয়া ভাষা-সাহিত্যৰ প্রতিষ্ঠা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. History of Assamese Literature Unit 7 আধুনিক অসমীয়া ভাষা-সাহিত্যৰ প্রতিষ্ঠা Question Answer can be of great value to excel in the examination.

History of Assamese Literature Unit 7 আধুনিক অসমীয়া ভাষা-সাহিত্যৰ প্রতিষ্ঠা

Join Telegram channel

History of Assamese Literature Unit 7 আধুনিক অসমীয়া ভাষা-সাহিত্যৰ প্রতিষ্ঠা Notes cover all the exercise questions in UGC Syllabus. The History of Assamese Literature Unit 7 আধুনিক অসমীয়া ভাষা-সাহিত্যৰ প্রতিষ্ঠা in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

আধুনিক অসমীয়া ভাষা-সাহিত্যৰ প্রতিষ্ঠা

ASSAMESE

HISTORY OF ASSAMESE LITERATURE

অসমীয়া সাহিত্যৰ বুৰঞ্জী

১। অসমীয়া ভাষা সাহিত্যলৈ অৰুণোদই কাকতৰ অৱদান বিচাৰ কৰা? 

উত্তৰঃ অসমীয়া ভাষাৰ বিকাশৰ ক্ষেত্ৰতো ‘অৰুণোদই’ আলোচনীৰ ভূমিকা যথেষ্ট গুৰুত্বপূ। পূৰ্বৰ সংস্কৃত মিহলি অসমীয়া ভাষাৰ পৰিবৰ্তে এই কালতে অসমীয়া ভাষাটোৱে এক নিজস্ব গঢ় ল’বলৈ আৰম্ভ কৰিলে। গুৰুত্বপূৰ্ণ কথা যে ১৮১৩ চনত বঙ্গদেশক শ্ৰীৰামপুৰত খৃষ্টিয়ান মিছনেৰীসকলৰ যত্নত বাইবেল পুথি অসমীয়ালৈ অনুবাদ হোৱাৰ পৰাই অসমীয়া ভাষাৰ আধুনিক যুগটোৰ সূচনা হোৱা বুলিব পাৰি। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসম দেশ ইংৰাজ চৰকাৰৰ অধীনলৈ যায়। লগে লগে অসমত আহোম ৰাজত্বৰো অৱসান ঘটে। কিন্তু ৰাজত্বৰ পৰিৱৰ্তন ঘটিলেও আশা কৰা ধৰণে দেশলৈ শান্তি-সম্প্ৰীতি ঘূৰি নাহিল। 

মোৱামৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণ আদিয়ে সৃষ্টি কৰি যোৱা অশান্তিৰ অন্তত দেশত স্কুল-আদালত গঠিত হ’ল যদিও দেশত প্ৰশাসনীয় সুবিধাৰ বাবে ১৮৩৬ চনৰ পৰা অসমৰ পঢ়াশালি আৰু আদালতৰ পৰা অসমীয়া ভাষা অপসাৰিত হ’ল। ড” নগেন শ‍ইকীয়াই ‘১৮২৬ খৃষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যোৱাৰ পিছৰ’ দুটা দশকক অসমীয়া ভাষাৰ বাবে ‘মৰ-আঁউসীস্বৰূপ’ বুলিছে। তেওঁ লিখিছে যে—“১৮২৬ খৃষ্টাব্দৰ পৰা ১৯৪৬ খৃষ্টাব্দলৈকে এই দুটা দশক অসমৰ জাতীয় জীৱনৰ বাবে অনিশ্চয়তাৰ দশক। এই দুটা দশক অসমৰ বাবে আশাহীনতাৰ আৰু ভাষাহীনতাৰ দশক।” (নগেন শ‍ইকীয়া, প্রকাশ, অৰু1নোদই সংখ্যা, ১৯৮৩)

ব্ৰিটিছ ৰাজত্বৰ আৰম্ভণিৰ এই অন্ধকাৰাচ্ছন্ন কালছোৱাত অসমৰ সামাজিক আৰু সাংস্কৃতিক দিশত যি পশ্চাৎগমন হ’ল, তাৰ ফল অসমবাসীয়ে বেয়াকৈ ভুগিলে। সেই সময়তে ইংৰাজ শাসনৰ হাত ধৰি লিগিৰী হৈ অহা বঙালী আমোলাসকল আৰু ব্ৰিটিছ শাসনৰ ছত্ৰছায়াত মূৰ দাঙি উঠা মুষ্টিমেয় অসমীয়া ডাঙৰীয়াসকলৰ বঙলা-প্ৰীতিয়ে অসমীয়া জাতিৰ সাংস্কৃতিক চেতনা প্রায় নিঃশেষ কৰি পেলালে। ১৮৩৬ খ্ৰীঃত স্কুল, আইন-আদালতত অসমীয়াৰ সলনি বঙলা ভাষাৰ প্ৰচলন হ’ল। সৌভাগ্যৰ বিষয় যে ক’লা ডাৱৰৰ মাজতো পোহৰৰ একোটি ৰেখা বিৰিঙি উঠাৰ দৰে অসমৰ এই দুখ-দুৰ্যোগৰ মাজতো এটি সুঘটনা ঘটিছিল। সেয়া হৈছে অসমলৈ আমেৰিকাৰ বেপ্‌টিষ্ট মিছন-সমাজৰ শুভাগমন। 

অসমৰ মাটিত ভৰি থৈয়ে তেওঁলোকে একে বছৰতে (১৮৩৬ খ্রীঃ) সমস্যাটোৰ প্ৰতি সজাগ হৈ অসমীয়া ভাষাক স্কুল-আদালতত পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰামত অগ্রণী ভূমিকা ল’লে। তেওঁলোকে বাইবেল পুথি অসমীয়ালৈ অনুবাদ কৰাৰ উপৰি ১৮৪০ চনত শিৱসাগৰত ছপাশাল বহুৱাই স্থানীয় ভাষাত গ্রন্থাদি প্ৰকাশত গুৰুত্ব দিয়ে। ইয়াৰ আগতে অর্থাৎ ১৯৩৯ চনত ৰবিন্সনে ‘A Grammar of Assamese Language লিখি উলিয়ায়। অসমীয়া ভাষাত পুথি ছপা কৰি উলিওৱাৰ লগতে মিছনেৰীসকলে সেই সময়ৰ ইংৰাজ চৰকাৰে গ্ৰহণ কৰা ভুল ভাষানীতিৰ কঠোৰ সমালোচনা কৰি উক্ত নীতি পৰিৱৰ্তন কৰিবৰ বাবে অহৰহ চেষ্টা কৰিছিল। অৱশেষত মিছনেৰীসকলৰ লগতে কেইজনমান স্বদেশপ্রেমী অসমীয়া লোকৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলত ইংৰাজ চৰকাৰে নিজৰ ভুল বুজি পাই ১৮৭৩ চনত পঢ়াশালি আৰু আদালতত অসমীয়া ভাষাক পুনৰ ন্যায্য স্থানত প্ৰতিষ্ঠা কৰিলে। ড° নগেন শ‍ইকীয়াৰ মতে, “মিছনেৰীসকল নহা হ’লে সেই সময়ৰ ইংৰাজ-বিষয়া আৰু বঙালী কৰ্মচাৰীসকলৰ অনুগ্ৰহত অসমীয়া ভাষা চিৰদিনৰ বাবে সমাধিস্থ হ’লহেঁতেন।”

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

১৮২৬ চনত ব্ৰিটিছে অসম অধিকাৰ কৰাৰ পৰা অসমীয়া ভাষাই স্কুল-আদালতত পুনৰ প্ৰতিষ্ঠা লাভ কৰালৈকে এই সুদীর্ঘ কালছোৱাত অসমীয়া ভাষা-সাহিত্যৰ দিশত যি আধুনিকতাৰ সূচনা হ’ল, সিয়ে আধুনিক অসমীয়া সাহিত্যৰ ভেটি প্রতিষ্ঠা কৰিলে। সেইবাবে এই কালছোৱাক ‘অৰুনোদই’ স্তব বা ‘মিছনেৰী সাহিত্যৰ কাল’ বুলি অভিহিত কৰিব পাৰি। 

মিছনেৰীসকলে শিৱসাগৰত তেওঁলোকৰ প্ৰচাৰ কেন্দ্ৰ প্ৰতিষ্ঠা কৰে আৰু সেই অঞ্চলৰ কথিত ভাষাকে সাহিত্যৰ ভাষা হিচাপে ব্যৱহাৰ কৰে। ১৮৪৬ চনত তেওঁলোকৰ যত্নতেই ‘অরুনোদই’ নামৰ মাহেকীয়া বার্তালোচনীখন ওলায়। স্বৰূপত এইখন কাকতেই আধুনিক অসমীয়া ভাষা-সাহিত্যৰ ভেঁটি প্রতিষ্ঠা কৰে। ‘অৰুনোদই’ কাকতৰ যোগেদি অসমীয়া সাহিত্যত আধুনিকতাৰ বীজ ৰোপিত হয়। এইখন কাকতৰ প্ৰেৰণাতে আনন্দৰাম ঢেকীয়াল ফুকন, নিধিৰাম ফাৰৱেল, হেমচন্দ্ৰ বৰুৱা আদি ভালেমান দেশী লিখকৰো সৃষ্টি হয়।

মিছনেৰীসকলৰ বৰ্ণ-বিন্যাস পদ্ধতি আছিল উচ্চাৰণভিত্তিক, মূলানুগ নাছিল। ‘অৰুনোদই’ কাকতত অসমীয়া বৰ্ণমালাত থকা আখৰবোৰৰ ব্যৱহাৰ থাকিলেও যিটো আখৰ যেনেদৰে লিখিব লাগিছিল সেইমতে লিখিব নোৱৰাটোৱে ‘অৰুনোদই’ৰ বৰ্ণ-বিন্যাসৰ বৈশিষ্ট্য। (সেয়েহে ‘অৰুনোদই’ত আমি এনে কিছুমান শব্দ পাওঁ : জানোআৰি, নোআৰোঁ, বৰুআ, অতিসই, সিৱসাগৰ, দ্রিঢ় ইত্যাদি)। ‘দন্ত্য-মূৰ্দ্ধণ্য’ৰ সলনি দন্ত্যবৰ্ণ, ‘শ’, ‘ষ’, ‘স’ৰ সলনি ‘স’; ‘জ ‘ঋ’ৰ সলনি, ‘জ’; চ’, ‘ছ’ৰ ঠাইত কেৱল চ, হ্রস্ব-দীর্ঘ স্বৰৰ ঠাইত হ্রস্ব-স্বৰ আদি মিছনেৰী গদ্যৰ বিশেষত্ব”। (সত্যেন্দ্রনাথ শর্মা, অসমীয়া সাহিত্যৰ ইতিবৃত্ত)

এইদৰেই অসমীয়া ভাষা আৰু সাহিত্যলৈ ‘অৰুণোদই’ আলোচনীয়ে অৱদান আগবঢ়াইছিল। এইধৰণৰ অৱদানে অসমীয়া ভাষা-সাহিত্যৰ মূল ভেঁটিটো প্রতিষ্ঠা হোৱাত বহুখিনি সহায় কৰিলে।

২। অৰুণোদই কাকতৰ গদ্যশৈলী সম্পর্কে আলোচনা কৰা।

উত্তৰঃ আধুনিক অসমীয়া গদ্যৰ আৰম্ভণি আৰু বিকাশত অৰুনোদই কাকতৰ ভূমিকা বিশেষভাৱে মন কৰিবলগীয়া। এইখন কাকত প্ৰকাশৰ আৰম্ভনিৰে পৰা মিছনেৰী লিখকসকলে বিজ্ঞান, শিক্ষা, দর্শন, বুৰঞ্জী আদি নানা বিষয়ক প্রবন্ধ লিখি আধুনিক অসমীয়া গদ্যৰ ভেটি নির্মাণ কৰে। অসমীয়া গদ্যৰ ভেঁটি নির্মাণত বিশেষভাৱে অৰিহণা যোগোৱা লিখকসকল হ’ল- হেমচন্দ্ৰ বৰুৱা, আনন্দৰাম ঢেকীয়াল ফুকন, ডক্টৰ নাথান ব্রাউন, ডক্টৰ খালিছ ব্ৰন্সন, এ.কে. গানি, নিধিৰাম ফাৰোৱেল, শ্ৰীমতী গার্নি, গুনাভিৰাম বৰুৱা আদি অন্যতম।

অৰুনোদই গদ্য তদানীন্তন কথিত ভাষাৰ ভেটিত গঢ় লৈ উঠিছিল। তলত অৰুণোদই গদ্যৰ বৈশিষ্ট্য দাঙি ধৰা হ’ল ―

(ক) অৰুনোদই গদ্যৰীতি প্ৰায়ে বর্ণনামূলক। এই গদাৰীতিত আবেগ উচ্ছ্বাস তথা বাগড়ম্বৰ নাই। বাক্যবোৰ চুটি চুটি আৰু বস্তুনিষ্ঠ। উদাহৰণস্বৰূপে— “আৰু জি সালত চাগে তাৰ তলে ওপৰে দুচটা লোহাৰ পতা আছে, তলৰ চঁটাৰ ওপৰতে আখৰ থৈ পাচে চাপে। (প্ৰিণ্টিং প্ৰেচৰ বিৱৰণ)।

(খ) অৰুনোদইৰ ৰচনাত ঠাই বিশেষে ব্যাখ্যাত্মক গদ্যৰীতিৰ প্রয়োগো লক্ষ্য কৰা যায়। সংঘত ভাষাৰে বক্তব্যক স্পষ্ট কৰাৰ প্ৰয়াস এই গদ্যৰীতিৰ মাজেদি ফুটি উঠিছে। তলত এনে গদ্যৰ উদাহৰণ দাঙি ধৰা হ’ল— “এইদৰে ইশ্বৰৰ শত্ৰু হৈ তেওঁক তুষ্ট নকৰি আপোনাক তুষ্ট কৰিবলৈ ধৰিলে। আপোনাৰ সুখৰ জন্যে পৰম ইশ্বৰক নি-বিচাৰি, সংসাৰিক বিষয়ৰ বিচাৰ কৰিলে, এনে দুষ্ট স্বভাৱেৰে আমি সকলো জন্মি আগে।” (অৰুণোদই)

(গ) অৰুনোদই গদ্যৰ একান্তই অনুবাদমূলক। এই অনুবাদমূলক গদ্যত অসমীয়া ভাষাৰ গঠনৰীতি স্পষ্টৰূপত প্ৰকাশ পোৱা নাই। মিছনেৰীসকলৰ অসমীয়া ভাষাৰ গঠনৰীতিৰ সম্পৰ্কে সম্যক ধাৰণাৰ অভাৱ বাবেই এই অনুবাদমূলক গদ্যৰ ৰচনা ত্রুটিমুক্ত নহ’ল। উদাৰহণ স্বরূপে— “এই জগতৰ অৰণ্যৰ মাজে এই ফাউৰি বা জাওঁতে জি এখন ঠাইত এটা গাঁত আচিল, এনে ঠাই ৰখালোঁহি। তাতে পৰি থুই থাকোঁতে এক সামাজিক দেখিলোঁ। গাত ফটা চটা কাপোৰ পিন্ধি, আপোনাৰ ঘৰৰ ফাললৈ পিঠি দি, হাতত এখন পুথি ধৰি….. (জাত্ৰিকৰ যাত্রা)

(ঘ) অৰুনোদইৰ গদ্যত অসমীয়া ভাষাৰ জতুৱা ঠাঁচটো শুদ্ধৰূপত পোৱা নাযায়। যদিও অৰুনোদই কাকতৰ জৰিয়তে আত্মপ্ৰকাশ কৰা অসমীয়া লেখকৰ গদ্যৰীতিত অসমীয়া ভাষাৰ জতুৱা ঠাঁচবোৰ কিছু স্বাভাৱিক আৰু সুস্থ ৰূপত প্ৰকাশ পাইছে। তলত এনে গদ্যৰ উদাহৰণ দাঙি ধৰা হ’ল

“হে ক্রিপামই জগদিশ্বৰ, এই দেসৰ লোকসকলক স্বদেস সভ্য গিয়ানি আৰু ধাৰ্মিক কৰিবলৈ মতি দিয়া সিবিলাকৰ অভাৱ আৰু দুৰাৱস্থা জানিবলৈ সিবিলাকক গিয়ান দিয়া আৰু তোমাৰ বিচিত্র সক্তিৰে সিবিলাকক সভ্য কৰা আৰু তোমাক জানিবৰ আৰু আগ্যা পালিবৰ জোগ্য কৰা। জি সময়ত অসম হাবি গুচি ফুলবাৰি হব, নৈত ডোঙ্গা গুচি জাহাজ হব, ঘৰ বাঁহৰ গুচি সিল ইটাৰ হব…” (ইংলেণ্ডৰ বিৱৰণ)। 

(ঙ) অৰুনোদইৰ গদ্যৰ মাজত ঠায়ে ঠায়ে প্রাচীন অসমীয়া গদ্যৰ নিদর্শন দেখা পোৱা যায়। বিশেষকৈ ভট্টদেৱৰ গদ্য আৰু বুৰঞ্জীৰ গদ্যৰ আৰ্হি অৰুনোদইৰ গদ্যৰ মাজত পৰিলক্ষিত হয়। যেনে—

“বোলা যদি আমি কি ৰূপে পৰিম, তেন্তে কও সুনা তোমালোকৰ সতি সন্তানবোৰক অতি ক্ৰমে বিদ্যা সিকাবা আৰু আপুনিও যতনেৰে নকৈ বুধি শিকাৱা আৰু ইশ্বৰে জি আমাক গিয়ান দি পাপ পুন্য জনাইছে সেই ৰূপে তোমালোকে সদ আচাৰ প্ৰৱৰ্তন কৰা। তেহে তোমালোকে দুয়োকালৰ লাভ হৈ আনন্দে থাকিবা।”

(চ) অৰুনোদইৰ গদ্যত মিছনেৰীসকলে অসমীয়া উচ্চাৰণ অনুসৰি ধ্বনি বৈশিষ্ট্য ৰাখিবলৈ যত্ন কৰাটো মন কৰিবলগীয়া—

১। হ্রস্ব দীৰ্ঘৰ পাৰ্থক্য হীনতা।

২। শ, ষ, স-ৰ ঠাইত স-ৰ ব্যৱহাৰ।

৩। ন ণ-ৰ ঠাইত ন ব্যৱহাৰ।

৪। চছ-ৰ ঠাইত চৰ ব্যৱহাৰ।

৫। ঙ-ৰ ঠাইত ঙ্গৰ ব্যৱহাৰ।

(ছ) অৰুনোদই গদ্যত ঘৰুৱা শব্দৰ উপৰিও তৎসম আৰু তদ্ভৱ তথা বিদেশী শব্দৰ প্ৰয়োগ মন কৰিবলগীয়া। 

(জ) নতুন নতুন শব্দ সৃষ্টি কৰাত অৰুনোদই ভাষাৰীতিৰ বৈশিষ্ট্য যেনে— পানি সিল, ভাপ নাঁও, লতাপনিয়ল, বেজশাল ইত্যাদি।

(ঝ) অৰুনোদইৰ গদ্যত বাক্যৰীতিটো অনেক বৈশিষ্ট্য পৰিলক্ষিত হয়। অৰুনোদইৰ গদ্যত ইংৰাজী ভাষাৰ আৰ্হিৰ অনেক বাক্য পোৱা যায়। এনে ইংৰাজী ভাষাৰ আৰ্হিযুক্ত অসমীয়া বাক্যবোৰ আধুনিক অসমীয়া গদ্যৰ ভাষালৈ অৰুনোদইৰ যোগেদি প্রবেশ ঘটিছে। যেনে—

যদি, তেন্তে, যে, যি, আদিৰে আৰম্ভ হোৱা –         

যদি দেখিব খোজা তেন্তে মোৰ পুথি পঢ়ি চোৱা।

৩। অৰুনোদইৰ পাতত জ্ঞান বিজ্ঞানৰ বিভিন্ন দিশ কেনেদৰে পৰিস্ফুট হৈছিল বুজাই লিখা।

উত্তৰঃ ১৮৪৬ খৃঃৰ জানুৱাৰী মাহত শিৱসাগৰ বেপ্তিষ্ট মিছনেৰী প্ৰেছৰ পৰা বেপ্টিছসকলৰ মাহেকীয়া পত্রিকা অৰুনোদই প্রকাশ পায়। অৰুনোদই বেপ্তিছসকলৰ ধৰ্ম, বিজ্ঞান, সাধাৰণ খবৰ বাতৰি আৰু জ্ঞান বিষয়ক মাহেকীয়া পত্রিকা আছিল। এইখন স বাদ পত্ৰ আৰু আলোচনী এই দুয়োটা ৰূপতে প্রকাশ পাইছিল। কাকতখন ১৮৪৬ খ্ৰীষ্টাব্দৰ পৰা ১৮৬৭ খ্রীষ্টাব্দলৈকে নিয়মীয়াকৈ প্ৰকাশ পায়। তাৰ পাছত চেগা চোৰোকাকৈ কাকতখন ১৮৮০ চনলৈকে চলি থাকে। ১৮৫৬ চনৰ পৰা কাকতখনৰ সম্বাদপত্র অংশ উঠাই দি মাথোন আলোচনা অংশহে ৰখা হয়। আলোচনী বা সম্বাদপত্ৰ যি ৰূপতেই প্রকাশ নহওক লাগিলে কাকতখনত জ্ঞান বিজ্ঞানৰ বিভিন্ন দিশ সন্নিৱিষ্ট হৈছিল।

অৰুনোদইয়ে অসমীয়া মানুহক আধুনিক যুগৰ ভাৱধাৰাৰ লগত গভীৰভাৱে পৰিচয় কৰি দি অসমীয়া মানুহৰ মানসিক গিদন্ত প্ৰসাৰিত কৰি তুলিছিল। অরুনোদইৰ পাততে নব্য অৰ্থনৈতিক দৃষ্টিভংগীৰ প্ৰতি মানুহক আকৰ্ষিত কৰি তুলিবলৈ আনন্দৰাম ঢেকীয়াল ফুকনে ইংলেণ্ডৰ বিৱৰণ শীৰ্ষক প্ৰৱন্ধ লিখিছিল। প্ৰবন্ধটোত ইংলেণ্ডৰ ঔদ্যোগিক বিপ্লৱৰ আদৰ্শত অসম দেশত উদ্যোগৰ বিকাশৰ বিভিন্ন কৌশলৰ বিষয়ে কোৱা হৈছে।

অৰুনোদইয়ে (ফ্ৰেব্ৰুৱাৰী ১৮৫০ সংখ্যাত) অসমীয়া মানুহক উপার্জিত ধন মাটিৰ তলত পুতি নাৰাখি বেংকত জমা ৰাখি সূত উপাৰ্জন কৰিবলৈ উপদেশ দিছে।

অসমৰ চাৰিওফালে বেৰি থকা পৰ্বতবিলাকত বসবাস কৰা জনজাতিসকলৰ জীৱন ধাৰণৰ প্ৰণালী সম্পর্কে অৰুনোদইৰ পাতত পোৱা যায়। এই জনজাতিসকলৰ বিৱৰণ সম্পর্কে বিভিন্ন প্রবন্ধ যেনে: নগাৰ বিৱৰণ (জুন ১৮৪৮), খামতি আৰু মিকিমি বিৱৰণ (জুলাই ১৮৪৮), চিংফৌৰ বিৱৰণ (আগষ্ট ১৮৪৮) আদি।

সামাজিক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে বিভিন্ন প্রবন্ধ অৰুনোদইৰ পাতত প্ৰকাশ পায়। আনন্দৰাম ঢেকীয়াল ফুকনৰ ‘ইংলেণ্ডৰ বিৱৰণ’ শীর্ষক প্ৰৱন্ধত (এপ্রিল ১৮৪৭) সামাজিক কুসংস্কাৰ স্বৰূপ মাদকদ্রব্য, বেস্যা আদিৰ কথা আছে।

তদুপৰি কানিৰ পৰা হব পৰা অপকাৰিতা সম্পর্কে অৰুনোদইত প্রকাশ পাইছিল। পদ্য ৰচনাৰ যোগে কানি, ভাং আৰু ফটিকাক নিন্দা কৰা হৈছিল।

জ্ঞানৰ বিতৰণ আছিল অৰুনোদইৰ লেখকসকলৰ প্ৰধান উদ্দেশ্য। অৰুনোদইৰ পাতত ‘গিয়ান’ সম্বন্ধে এটা প্ৰৱন্ধ প্রকাশ পাইছিল। জ্ঞান আহৰণৰ যোগেদিয়েই যে মানুহে নিজৰ জীৱন উন্নতৰ কৰিব পাৰে এনে শিক্ষা অৰুনোদইৰ এনে লেখাৰ মাজেদিয়েই অসমীয়া মানুহে লাভ কৰিছিল।

অৰুনোদইৰ পাতত প্রকাশিত জ্ঞান বিষয়ক বিভিন্ন দিশৰ ভিতৰত শিক্ষণৰ প্ৰসাৰ এটা উল্লেখযোগ্য দিশ সকলো কুসংস্কাৰ, কুবিচাৰ, কুৰীতিৰ সংশোধনৰ উপায় স্বৰূপে অৰুনোদইয়ে শিক্ষাৰ প্ৰচাৰৰ পোষকতা কৰিছিল। তদুপৰি ১৮৬১ খ্ৰীষ্টাব্দৰ এপ্ৰিল আৰু মে সংখ্যাত স্ত্রী শিক্ষাৰ বিষয়ক প্ৰৱন্ধত স্ত্রী শিক্ষাৰ প্ৰচলনৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

অৰুনোদইৰ যোগেদি বিজ্ঞানৰ প্ৰভাৱ অসমীয়া সমাজত পৰিছিলহি। বাহিৰৰ পৃথিৱীৰ দেশষ মানুহ আৰু আন প্ৰাণী, বিশ্বজগতৰ বৈজ্ঞানিক ধাৰণা, ভৌগোলিক আৰু বৈজ্ঞানিক ন আৱিস্কাৰৰ বতৰা অৰুনোদইৰ পাতত প্ৰকাশ পাইছিল। যেনে— অৰুনোদইৰ ১৮৪৭ চনৰ ডিচেম্বৰ মাহত আৰু ১৮৫২ চনৰ অক্টোবৰ মাহত দুৰবীন আৱিস্কাৰ পানীৰ টোপালটোতে থকা অলেখ জন্তু অৰ্থাৎ জীৱানু, পৃথিনী তথা প্ৰকৃতিৰ অন্যান্য পদাৰ্থৰ আকৰ্ষণ শক্তি আদিৰ সম্পৰ্কে প্ৰকাশ পায়।

১৮৫৩ চনৰ এপ্ৰিল মাহৰ সংখ্যাত অৰুনোদইৰ পাতত বায়ুৰ ওজন লোৱা যন্ত্ৰ, চুম্বক, ক্লথযাম আদি বৈজ্ঞানিক জগতৰ নতুন নতুন আৱিস্কাৰবোৰৰ বিষয়ে প্রকাশ পায়। 

চিকিৎসা বিজ্ঞানৰ বিভিন্ন বেমাৰৰ ঔষধ যেনে মাউৰত পৰা বেমাৰৰ ঔষধ আদিৰ কথা অৰুনোদইত প্ৰকাশ পাইছিল ১৮৫৩ চনৰ নৱেম্বৰ মাহত। ১৮৪৬ চনৰ মাৰ্চ, ১৮৪৯ চনৰ জুলাই, ১৮৫৩ চনৰ এপ্ৰিল মাহৰ অরুনোদইৰ সংখ্যাত ছপাখানাৰ বিৱৰণ সম্পৰ্কীয় প্ৰিণ্টিং প্ৰেছৰ বিৱৰণ নামৰ প্ৰবন্ধ প্ৰকাশ পায়।

জ্ঞানৰ বিভিন্ন দিশসমূহৰ ভিতৰত— 

দেশ বিদেশৰ সংগৃহীত ঐতিহাসিক আৰু অন্যান্য সৰু সৰু আখ্যান বিলাকৰ প্ৰকাশ হয় অৰুনোদইৰ পাতত। সেই সমূহৰ ভিতৰত পঞ্চতন্ত্র হিতোপদেশ জাতীয় সাধু, কুপৌৰে মাখি মৌৰে দ্ৰিষ্টান্ত, কুপৌৰে এছৰ কথা ইত্যাদি আখ্যান প্রকাশ পায়। অৰুনোদইৰ পাততে আমেৰিকা আৱিস্কাৰ আৰু উত্তৰ মাখা অন্তৰীপ ঘূৰি ইউৰোপৰ পৰা ভাৰতলৈ আহিব পৰা জলপথৰ আৱিষ্কাৰৰ কথা প্রকাশ পায়।

পৃথিৱীৰ বিভিন্ন দেশবোৰৰ যেনে— গ্রেট বৃটেইন আৰু ঠেইমদু নৈৰ তলেদি কটা সুৰুঙা, মিছৰৰ দেশ আদিৰ বিষয়ে অৰুনোদইৰ পাতত প্রকাশ পায়।

৪। ‘অৰুণোদই’ কাকতৰ খ্ৰীষ্টিয়ান লেখকসকলৰ পৰিচয় দিয়া? 

উত্তৰঃ ড° নাথান ব্রাউন (১৮০৭-৮৬) : নাথান ব্ৰাউনৰ অসমীয়া সাহিত্যলৈ বৰঙণিৰ ভিতৰত বাইবেলৰ নিউ টেষ্টামেন্ট’ৰ অসমীয়া ভাঙনি (১৯৪৯) আৰু বাইবেলৰ মেথিউ, লিউক, মার্ক আদি চাৰিটা খণ্ড ভাঙি ‘খ্ৰীষ্টৰ বিৱৰণ আৰু শুভাযাত্রা’ (বার্তা) নাম দি বেলেগে পুথিৰ আকাৰে ১৮৫৪ খ্ৰীষ্টাব্দত প্ৰকাশ কৰে। ১৮৪৮ খ্ৰীষ্টাব্দত এওঁৰ প্রসিদ্ধ ‘অসমীয়া ভাষাৰ ব্যাকৰণ’ প্রকাশ হয়। ‘যোচেফৰ কাহিনী’ আৰু ‘যিশু খ্ৰীষ্টৰ জীৱনী’ ৰচনা কৰিছিল। ‘জাত্ৰিকৰ যাত্ৰা’ও ব্রাউনৰে অনুবাদ। ৰবিন্সনৰ ব্যাকৰণৰ পাছতে ব্রাউনৰ দ্বিতীয়খন ব্যাকৰণ। ৰেভাৰেণ্ড কাট্টাৰৰ লগ লাগি ১৮৪৬ চনত এওঁ ‘অৰুণোদই’ কাকত উলিয়ায়। এইবোৰৰ বাহিৰেও তেওঁ খ্ৰীষ্টধর্ম সম্পর্কে কেইবাখনো সৰু সৰু পুস্তিকা অসমীয়া ভাষাত ৰচনা কৰিছিল। গণনাৰ কিতাপ, প্ৰথম আৰু দ্বিতীয় ভাগ ব্ৰাউন দম্পত্তিয়ে ৰচনা কৰিছিল আৰু স্কুলত চলাইছিল। আমেৰিকাৰ বেপ্টিষ্ট মিছনৰ লগত মতবিৰোধ হোৱাত অসমৰ পদৰ পৰা ১৮৫৫ চনত আমেৰিকালৈ উভতি যায়।

ডক্টৰ মাইলছ ব্ৰন্সন (১৮১২-৯৩ খ্রীঃ : ব্রান্সন চাহাবে বাইবেলৰ ভালেখিনি গুটীয়া অনুবাদ, কিছুমান স্তুতি অসমীয়ালৈ অনুবাদ কৰাৰ উপৰিও তেওঁৰ যুগান্তকাৰী অৱদান হ’ল ‘অসমীয়া অভিধান’। এই অভিধান ১৮৬৭ চনত ছপা হৈ ওলায়।

এ. কে গার্নিঃ তেওঁ কেইবাবছৰো ‘অৰুণোদই’ সম্পাদনা কৰিছিল। ভালেখিনি পুথি অসমীয়াত ৰচনা কৰিছিল। এইবোৰৰ ‘প্ৰাচীন নিয়ম’, কথ আৰু যোচেফৰ কাহিনী’ (১৮৮১), ‘কানি বেহেৰুৱাৰ কথা’ (১৮৭৮), এলোকেশী বেশ্যাৰ কথা’ (১৮৭৭) আৰু ‘কামিনীকান্তৰ চৰিত্ৰ’ (১৮৭৭) বিশেষভাবে উল্লেখযোগ্য।

নিধিৰাম ফাৰৱেল (১৮২৩-১৮৭৩) : তেওঁ ‘অৰুণোদই’ কাকতৰ নিয়মীয়া লেখক আছিল। ‘অৰুণোদই’ত ‘বিনয় বচন’, “সৰগৰ বিৱৰণ’, ‘তীৰ্থৰ বিৱৰণ’, ‘নৰকৰ বিৱৰণ’, হিন্দুস্তানৰ বুৰঞ্জী’ আদি ভালেখিনি তেওঁৰ প্ৰবন্ধ আৰু কবিতা প্ৰকাশ পাইছিল। ‘অৰুণোদই’ত তেওঁ ন. ল. ফ. নামত প্ৰবন্ধ, পদ্য, বুৰঞ্জী, অনুবাদ আদি লিখিছিল।

ওপৰত উল্লেখ কৰা লেখকসকলৰ উপৰি আন কেইগৰাকীমান খ্ৰীষ্টান লেখকৰো নাম এই ক্ষেত্ৰত উল্লেখযোগ্য। শ্রীমতী এচ আৰু ৱাৰ্ডৰ ‘ইংৰাজী অসমীয়া শব্দকোষ (১৮৬৪), শ্রীমতী কাট্টাৰাৰ ইংৰাজী-অসমীয়া খণ্ডবাক্য কোষ’ (১৮৪৮) আৰু শ্ৰীমতী গাৰ্নিৰ ‘ফুলমণি আৰু কৰুণাৰ কাহিনী’ (১৯৭৭) উল্লেখযোগ্য।

‘অৰুণোদই’ কালৰ আন এগৰাকী উল্লেখযোগ্য লেখক হ’ল আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-৫৯)। ১৮৪৭ চনৰ অৰুণোদই’ত প্ৰকাশ হয় ‘ইংলেণ্ডৰ বিৱৰণ’ আৰু প্ৰায় চাৰিশ পিঠিয়া ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ দুটা খণ্ডত ১৮৪৯ চনত প্ৰকাশ হয়। এইসকলৰ উপৰি বলৰাম ফুকন, যজ্ঞৰাম দেওধান বৰুৱা, পূৰ্ণানন্দ ডেকা বৰুৱা, কিনাৰাম সত্ৰিয়া আদি কেইবাজনো লেখকে ‘অৰুণোদই’ত প্ৰবন্ধ লিখিছিল।

৫। আনন্দৰাম ঢেকীয়াল ফুকন আৰু অৰুনোদই গদ্যৰ তুলনামূলক আলোচনা কৰা।

উত্তৰঃ ১৮৪৬ খৃঃ মিছনেৰীসকলৰ প্ৰচেষ্টাত জন্মলাভ কৰা অৰুনোদই সংবাদপত্রই আধুনিক অসমীয়া গদ্যৰ বিকাশৰ সুঁতিটোত নতুনত্ব আনি দিলে। এই কাকতৰ গদ্য শিৱসাগৰ অঞ্চলৰ কথিত ভাষাক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। মিছনেৰীসকলে অসমলৈ আহি অসমীয়া ভাষা শিকি এই কথিত ভাষাতে সাহিত্য ৰচনাৰ কাম হাতত লয়।

আনন্দৰাম ঢেকীয়াল ফুকনেও এই অৰুনোদই কাকততে লেখক হিচাপে ভুমুকি মাৰে। অৰুনোদই কাকতৰ দ্বিতীয় বছৰৰ চতুৰ্থ সংখ্যাত ঢেকীয়াল ফুকনৰ অৰুনোদই কাকতৰ পোনপটীয়া লেখক আছিল যদিও অৰুনোদইৰ আখৰ জোঁটনি আৰু গদাৰ ঠাঁচ তেওঁৰ ৰচনাত ব্যৱহাৰ কৰা নাছিল। সেয়েহে মিছনেৰী গদ্য আৰু ঢেকীয়াল ফুকনৰ গদ্যৰ মাজত পার্থক্য পৰিলক্ষিত হয়।

মিছনেৰীসকলে অসমীয়া ভাষা নতুনকৈ শিকি অসমীয়া ভাষাত বিভিন্ন প্রবন্ধ অৰুনোদই কাকতৰ জৰিয়তে লিখিছিল। তেওঁলোকৰ লিখনিত এটি নতুন সুৰৰ আভাষ পোৱা যায়। মিছনেৰীসকলে অসমীয়া ভাষাৰ জতুৱা ঠাঁচটো আয়ত্ত কৰিব পৰা আছিল। মহেশ্বৰ নেওগে মিছনেৰীসকলৰ ভাষাক কেঁচুৱাৰ থুনুক থানাক মাতৰ দৰে মিঠা আৰু স্বাভাৱিক বুলি কৈছিল। আনহাতে ডিম্বেশ্বৰ নেওগ আৰু যোগেন্দ্ৰ নাৰায়ন ভূঞাই আনন্দৰাম ঢেকীয়াল ফুকনৰ গদ্যক অৰুনোদইৰ দৰে কোমলতাৰে পূৰ্ণ হৈ নাথাকি কোমলে কঠিনে মিলি হোৱা এটা নতুন ৰূপ বুলি অভিহিত কৰিছে।

হেমচন্দ্ৰ গোস্বামীয়ে দুয়োশ্রেণী গদ্যৰ ভাষাৰূপ সম্পর্কে এনেদৰে মত দিছে— “অসমীয়া ভাষাত যিটো বিনাষ্ট সুৰৰ কথা কৈছিল সেইবোৰৰ গুনগুণনিহে মিছনেৰীৰ কণ্ঠত উঠিছিল। প্ৰকৃততে সেই সুৰ আৰোপ কৰিলে আনন্দৰামে।” 

প্ৰকৃতিৰ ফালৰ পৰা গদ্যক তিনিটা ভাগত ভাগ কৰা হৈছে। যেনে—

১। বর্ণনাত্মক বা বিকৃতিমূলক গদ্য।

২। চিন্তাশীল গদ্য।

৩। ৰসাশ্রয়ী গদ্য।

মিছনেৰীসকলে অসমীয়া ভাষা শিকি অসমীয়া ভাষাৰ গদ্য ৰচনাত হাত দিয়া বাবে তেওঁলোকে অসমীয়া ভাষাৰ জতুৱা ৰূপটো আয়ত্ত কৰিব পৰা নাছিল। এই ৰূপ আনন্দৰামেহে প্ৰয়োগ কৰিছিল। সেয়েহে মিছনেৰী গদ্য অনাড়ম্বৰ। পোনপটীয়া আৰু সহজ সৰল আছিল। এনে সহজ সৰল গদ্যই পাঠকসকলক সহজে আকৰ্ষণ কৰে। মিছনেৰীয়ে লিখা বেছিভাগ ৰচনাতেই বর্ণনামূলক বা বিবৃতিমূলক গদ্যৰ নিদৰ্শন দেখা যায়। 

যেনে— ইংলণ্ডে দেসব এজনি তিৰোতাই ইশ্বৰৰ অনুগ্ৰহৰ দোআৰাই ধৰ্মলৈ মন পালটাই উত্তম খ্রিষ্টিয়ান হৈছিল কিন্তু তেওঁৰ স্বামি সাংসাৰিক সুখ পাপ ক্ৰমত অতিসই মতিলিয়া হৈ আছিল। (অৰুনোদই) 

আনহাতে আনন্দৰাম ঢেকীয়াল ফুকনৰ গদ্যত বিবৃতিমূলক চিন্তাশীল সাশ্রয়ী গদ্যৰ নিদর্শন দেখা যায়। ভূগোল বিষয়ক ৰচনা বা অতীত বুৰঞ্জীৰ লেখনিত এনেধৰণৰ গদ্যৰ নিদর্শন পোৱা যায়।

“এই কামৰূপত পূৰ্বৰে পৰা বজাবংশে ৰাজত্ব কৰি আহিছে। সকলোৰে আদিতে মহীৰংগ দানৱ ৰজা আছিল। তেওঁৰ পিছত তেওঁৰ বংশৰে চাৰিজনা বজা তলত নৰকৰ বংশ অনেক ৰজা হৈ কামৰূপত ক্রমে শাসন কৰে।” (অসমীয়া ল’ৰাৰ মিত্র)।

অৰুনোদইৰ গদ্যৰ মাজে মাজে উপমা অলংকাৰ ব্যৱহাৰৰ ফলত ৰসাশ্রয়ী গদ্যই ভুমুকি মাৰিছে। উদাহৰণ স্বৰূপে—”আমাৰ দেসত হিম, তেনে সৰু হিম নহই, ওপৰৰ পানি গোট খাই জাৰত হিম হৈ বখলা বখলে পৰে। তুলাৰ নিচিনা লঘু, বগাও।” (অৰুনোদই)।

আনহাতে ঢেকীয়াল ফুকনৰ ৰচনাত ৰসাশ্রয়ী গদ্যৰ নিদৰ্শন পোৱা যায়। বিশেষকৈ ইংলণ্ডৰ বিৱৰণ প্ৰৱন্ধটিত বিবৃতিমূলক বসাশ্রয়ী, চিন্তাশীল গদ্যৰ আভাস পোৱা যায়।

যেনে : জি সময়ত অসম হাবি গুচি ফুলবাৰি হব, নৈত ডোঙ্গা গুচি জাহাজ হব, ঘৰ বাঁহৰ গুচি সিল ইটাৰ হব, গাৱে গাৱে হেজাবে হেজাৰে পহাশালি, গিয়ানৰ সভা, চিকিতসালই, দুখীয়া দৰিদ্ৰ পৰিতানৰ আলই হব আৰু জি কালত লোকসকলে পৰম্পৰ হিংসা নকৰি, আটায়ে আটাইক ভাত্রিবত চেনেহ কৰিব কেৱে দুটকা কানিৰ সলনি মিছা সাখি নিদি লাখ টকাকো কাতি কৰি থব, কোটি টকা ভেটি পাইও কাৰো অন্যায় নকৰিব। (ইংলণ্ডৰ বিৱৰণ)

মিছনেৰীৰ ৰচনাত মাজে মাজে ব্যাখ্যাত্মক গদ্যৰ মাজেদি ভাববস্তুক স্পষ্টৰূপত ফুটাই তুলিছে। এনে গদ্যৰ উদাহৰণ—

এইদৰে ইশ্বৰৰ সত্ৰু হৈ তেওঁক দুষ্ট নকৰি আপোনাক তুষ্ট কৰিবলৈ ধৰিলে। আপোনাৰ সুখৰ মনে পৰম ঈশ্বৰক ন বিচাৰি সংসাৰিক বিষয়ৰ বিচাৰি কৰিলে। (অৰুনোদই)

সেইদৰে আনন্দৰামৰ গদ্যতো ব্যাখ্যাত্মক গদ্যৰ আভাস পোৱা যায়। যুক্তিৰ স্পষ্টতা আৰু ভাৱৰ আন্তৰিকতাৰ ভাৱযুক্ত এই অনুচ্ছেদবোৰ এহাতেদি চিন্তাশীল গদ্যৰ নিদর্শনো বুলিব পাৰি।

“হে অসম দেসৰ নিবাসি লোকসকল, তোমালোকে অলপ গমি চালেই জানিবা যে তোমালোকৰ দুৰাৱস্থাৰ হেতু তোমালোকেইও দেখা প্রথমত এই জগতত বিদ্যাৰ সমান আমাৰ মিত্ৰ নাই, কিয়নো কি জানিলে আমি গিয়ান পাও আৰু গিয়ানি হ’লে ইহলোকত আদৰ সম্মান পায়।” (অৰুণোদই)।

অৰুনোদইৰ গদ্যৰ মাজত ঠায়ে ঠায়ে প্রাচীন গদাৰ আৰ্হি পৰিলক্ষিত হয়। ভট্টদেৱৰ গদ্যৰ দৰে ঠায়ে ঠায়ে প্রশ্নসূচক আৰু আজ্ঞাসূচক গদাৰ নিদর্শন অরুনোদইৰ গদ্যত পোৱা যায়। বুৰঞ্জীৰ গদাৰ আৰ্হিও পোৱা যায়। কিন্তু ঢেকীয়াল ফুকনৰ গদ্যৰ মাজত এনে আহি পোৱা নাযায়। অৰুনোদইৰ গদ্য প্রাঞ্জল, সহজ-সৰল, প্রকাশভঙ্গী স্পষ্ট আৰু পোনপটীয়া। মিছনেৰীসকলে বিশেষকৈ সৰলীকৃত গদাৰ প্ৰকাশত গুৰুত্ব দিছিল। সেইদৰে ঢেকীয়াল ফুকনৰ গদ্যত পোৱা যায়।

অৰুনোদই কাকত আৰু ঢেকীয়াল ফুকনৰ গদ্যৰ তুলনা কৰি চালে এই দুই শ্রেণী গদ্যৰ দেখা পোৱা পাৰ্থক্য হৈছে ভাষিক ক্ষেত্ৰত । ভাষাৰ প্রয়োগ গদ্যৰ এক উল্লেখযোগ্য দিশ। এই ক্ষেত্ৰত মিছনেৰীসকলৰ বর্ণবিন্যাস ৰীতি উচ্চাৰণ ভিত্তিক হোৱা হেতুকে শ, ষ, স-ব টাইত স আৰু চ, ছৰ ঠাইত চ, জ-য ৰ ঠাইত জ, ন-ণ ৰ ঠাইত ন প্রয়োগ কৰিছিল। 

যেনে— জানুৱাৰি, নোপোৱা, জোতা ইত্যাদি।

আনহাতে ঢেকীয়াল ফুকনে সংস্কৃত ব্যাকৰণ অনুকৰণ কৰিছিল বাবে তেওঁৰ বৰ্ণবিন্যাস ৰীতিৰ লগত মিছনেৰীৰ বৰ্ণবিন্যাসৰ পাৰ্থক্য পৰিলক্ষিত হয়। ফুকনৰ ৰচনাত শ, ষ, স, চ, ছ, জ, ন, ণ –ৰ প্ৰয়োগ দেখা যায়। কিন্তু কোনো কোনো ক্ষেত্ৰত ব্যতিক্ৰমো পৰিলক্ষিত হয়। যেনে— লিখা, বৰষুণ। ফুকনৰ ৰচনাত ছৰ তুলনাত ছ-ৰ প্ৰয়োগ বেছি। ৱ আখৰৰ প্রয়োগ যথাস্থানত পোৱা যায়।

যেনে : নোপোৱা, যোৱা, ভাৱনা ইত্যাদি।

ঢেকীয়াল ফুকনৰ ৰচনাত পোৱা দ্বিত ব্যঞ্জনৰ যুক্ত শব্দ যেনে সৰ্ব্ব, কৰ্ম্ম, ধৰ্ম্ম ইত্যাদি শব্দবোৰ অৰুনোদইত সর্ব, কর্ম, ধর্ম হিচাপে ব্যৱহাৰ হয়।

মিছনেৰী গদ্যত য়-ৰ ঠাইত ই ব্যৱহাৰ হয়। যেনে জাই, হই, কই আদি। আনহাতে ঢেকীয়াল ফুকনৰ ৰচনাত য়-ৰ প্ৰয়োগ দেখা যায়। যেনেঃ হয়, কয় ইত্যাদি।

দীর্ঘদী কাৰ বহু শব্দ মিছনেৰীৰ গদ্যত হ্রস্ব ‘ই’ কাৰ হিচাপে ব্যৱহৃত। 

যেনে : দিঘল, চাগলি, পোৱালি, গিয়ানি। আনহাতে ফুকনৰ ৰচনাত গীঘ, হ্রস্ব দুয়োটা ৰূপেই দেখা যায়। যেনেঃ তামুলি, তামুলী, জ্বানী, গৰাকি আদি।

ব্যাকৰণিক দিশতো দুই শ্ৰেণীৰ গদ্যৰ তুলনামূলক অনেক সাদৃশ্য বৈসাদৃশ্য দেখা যায়।

অৰুনোদই আৰু ঢেকিয়াল ফুকনৰ দুয়োৰে গদ্যত তেওঁ, তোমালোক, এই দুই সৰ্বনামৰ ৰূপ দুটা তেওঁ আৰু তেওঁ আৰু তোমালোক এইদৰেই পোৱা যায়। সেইদৰে অৰুনোদই কাকতত ব্যৱহৃত মই, তই আদি সর্বনাম বিলাক আনন্দৰাম ঢেকীয়াল ফুকনৰ গদ্যত ময়, তয় শব্দ প্রয়োগৰ ক্ষেত্ৰত দুয়ো শ্রেণী গদ্যৰ মাজত পার্থক্য দেখা যায়। দুয়োবিধ শব্দতে ঘৰুৱা শব্দৰ বাদেও তৎসম, অর্দ্ধতৎসম, আৰবী, পাৰ্চী আৰু ইংৰাজী শব্দৰ ব্যৱহাৰ হয় যদিও ব্যৱহাৰৰ ক্ষেত্ৰত সাদৃশ্য নাই। এই ক্ষেত্ৰত দেখা সাদৃস্য বৈসাদৃশ্যবোৰ হ’ল—

অৰুনোদইত ব্যৱহৃত তৎসম শব্দ – ইশ্বৰ, প্রিথিবি, পিত্রি-মাত্রি, কর্ম ইত্যাদি।

ঢেকীয়াল ফুকনৰ গদ্যত তৎসম শব্দ – ঈশ্বৰ, পৃথিৱী, কৰ্ম্ম, পিতৃ মাতৃ ইত্যাদি।

দুয়োশ্রেণী গদ্যত ব্যৱহৃত অৰ্দ্ধতৎসম শব্দবোৰ হ’ল— হাত, চকু, মানুহ, লতা, চৰাই আদি।

আৰবী, পাৰ্চী শব্দৰ ভিতৰত দুয়ো শ্ৰেণীৰ গদ্যত ব্যৱহৃত শব্দবোৰ— খাজনা, জিম্মাদাৰ, চিপাহি, আন্দাজ আদি।

অৰুনোদইৰ লিপ্যান্তৰৰ শব্দ – ইস্কুল, কাপ্তান, কালেক্টৰ ইত্যাদি। ঢেকীয়াল ফুকনৰ লিপ্যান্তৰৰ শব্দ – কম্পানি, গৱৰ্ণৰ জেনেৰেল। অৰুনোদইৰ গদ্যত কিছুমান নিজে সৃষ্টি কৰি লোৱা শব্দৰ প্ৰয়োগ দেখা যায়। যেনেঃ বেজমাল, লতাপনিয়ল, পানিসিল আদি কিন্তু এই শব্দবোৰৰ প্ৰয়োগ ঢেকীয়াল ফুকনে কৰা নাছিল। 

অসমীয়া ভাষা সাহিত্যলৈ ইংৰাজী ভাষাৰ আৰ্হিযুক্ত বাক্য অৰনোদই কাকতৰ জৰিয়তেই আহিল। কিন্তু ঢেকীয়াল ফুকনে এনে বাক্য ব্যৱহাৰ কৰা নাছিল। যেনেঃ

অৰনোদই— কিন্তু ইশ্বৰৰ সেৱা জনাবলৈ নেপাহৰিবা। 

ঢেকীয়াল ফুকন— কিন্তু যদি শিশুকালৰে পৰা বিদ্যা নিশিকা ডাঙ্গৰ হলেও শিকিবা।

সাদৃশ্য :

অৰুনোদই আৰু ঢেকীয়াল ফুকনৰ গদ্য, এই দুয়ো গদ্যতে হে সম্বোধনার্থক অব্যয়েৰে আৰম্ভ হোৱা দেখা যায়। 

অৰুনোদই— হে প্রিয় বন্ধু, তুমি জদি অনুগ্ৰহ কৰি মোৰ কথা লোআ, তেন্তে দুয়োৰে ভাল হব পাৰে। 

ঢেকীয়াল ফুকন— হে প্ৰিয় ল’ৰাবিলাক, তোমালোকে এনে কথা কেতিয়াও নকৰিবা।

অৰুনোদই আৰু ঢেকিয়াল ফুকনৰ গদ্য দুয়োবিধতে গদ্যক সুনিয়ন্ত্রিত কৰি অৰ্থপূৰ্ণ ৰূপত প্ৰকাশ কৰিবলৈ ব্যৱহাৰ সুন্দৰ ভাৱে কৰা হৈছে। 

অৰুনোদই – সিবিলাকৰ ইমান বেলেগ হোআৰ কাৰণ কি, তোমালোকৰ জ্ঞান বোধ কৰিবা?

ঢেকীয়াল ফুকন— তুমি কেতিয়াও মিছা কথা নক’বা, কিয়নো যি মিছা কথা কয় সি তৰা প্ৰতিফল পাব।

মিছনেৰীসকলক অসমীয়া সাহিত্যত নতুন ধাৰাৰ প্ৰৱৰ্তক হিচাপে ধৰা হয়। তেওঁলোকৰ হাততে নতুন গদ্যৰ ধাৰাই ৰূপ পাইছিল আৰু ঢেকীয়াল ফুকনৰ হাতত অসমীয়া গদ্যই সৰ্বাত্মক ৰূপ লাভ কৰিছিল। তেওঁৰ সময়ৰ পৰাই অসমীয়া গদ্যই মাৰ্জিত স্তৰৰ ফালে আগবাঢ়িল।

এই দুয়ো শ্ৰেণীৰ গদ্যতে আধুনিক অসমীয়া গদ্যৰ উন্মেষ পোৱা যায়। আধুনিক গদ্যক পৰিশীলিত আৰু নিটোল ৰূপ দিয়াত খ্ৰীষ্টান মিছনেৰীসকলৰ অৰিহনা উল্লেখযোগ্য। আনহাতে ফুকনৰ হাতত আধুনিক অসমীয়া গদ্যই এক সুদৃঢ় ৰূপ পালে। অৰুনোদই কাকতে বাট মুকলি কৰি দিয়া অসমীয়া গদ্যক আহাৰ যোগান ধৰি আনন্দৰাম ঢেকীয়াল ফুকনে অসমীয়া গদ্যক এক নতুন ৰূপ দিলে। 

৬। আধুনিক যুগৰ গদ্যশৈলী সম্পর্কে আলোচনা কৰা।

উত্তৰঃ আধুনিক অসমীয়া প্ৰাদেশিক ভাষাসমূহৰ ভিতৰত অসমীয়া ভাষাতে গদ্যৰ প্ৰচলন সর্বাধিক প্রাচীন। প্রাচীন অসমীয়া গদ্যৰ ভাষাতে গদ্যৰ বুনিয়াদ তাম্ৰশাসন, শিলালিপি, মৌখিক সাহিত্য আদিত পোৱা যায়। মানুহৰ মুখে মুখে প্ৰচলন হৈ অহা মন্ত্রসাহিত্য আৰু তাম্ৰশাসনবোৰকে অসমীয়া গদ্যৰ প্ৰাচীন নিদর্শন বুলিব পাৰি যদিও এইবোৰৰ ৰচনা সময় সঠিককৈ নিৰ্ণয় কৰা টান। সেইফালৰ পৰা আচলতে শংকৰদেৱৰ অংকীয়া নাটৰ জৰিয়তেহে প্রথম অসমীয়া সাহিত্যিক গদ্যৰ নিদৰ্শন পোৱা যায়। ষষ্ঠদশ শতিকাৰ আদিভাগৰ পৰা সাম্প্ৰতিক কাললৈকে অসমীয়া গদ্যৰ ক্ৰমবিকাশৰ ধাৰাটোক আলোচনাৰ সুবিধাৰ্থে দুটা স্তৰত ভাগ কৰা হৈছে—

(ক) প্রাচীন স্তৰ (মন্ত্ৰ পুথিৰ গদ্য, অংকীয়া নাটৰ গদ্য, ভট্টদেৱৰ গদ্য, চৰিত পুথিৰ গদ্য, বুৰঞ্জীৰ গদ্য, ব্যৱহাৰিক পুথিৰ গদ্য)।

(খ) আধুনিক স্তৰ (প্ৰাক্‌ অৰুণোদই গদ্য, অৰুণোদই গদ্য, জোনাকীৰ গদ্য, সাম্প্রতিক যুগৰ গদ্য)।

তলত আধুনিক যুগৰ গদ্যশৈলী সম্পর্কে আলোচনা কৰা হ’ল— 

প্ৰাক্‌ অৰুণোদইৰ গদ্য : ষোড়শ শতিকাত ভট্টদেৱৰ হাতত সৃষ্ট গদ্যৰ পৰা অসমীয়া গদ্য সাহিত্যৰ বিকাশ হয় আৰু ঊনবিংশ শতিকাৰ আৰম্ভণিলৈকে এই গদ্যসাহিত্যই বিস্তৃতি লাভ কৰে যদিও ৰজ্জ্বচ্ছ চনত ইংৰাজসকলৰ আগমনৰ লগে লগে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখন নিষ্প্রভ হৈ পৰে। ইংৰাজসকল অসমলৈ আহি বঙালী ভাষা অফিচ, কাছাৰী, শিক্ষানুষ্ঠানত প্ৰচলন কৰাৰ লগে লগে অসমীয়া গদ্য শৈলীৰ ক্ৰমবিকাশৰ ধাৰা স্তিমিত হৈ পৰে। সি যি কি নহওক অসমীয়া ভাষা সাহিত্যৰ এই সংকটাপন্ন অৱস্থা প্ৰাপ্ত হোৱাৰ পূৰ্বে কেইখনমান উল্লেখযোগ্য গ্ৰন্থৰচনা হৈছিল। সেইবোৰৰ ভিতৰত মণিৰাম দেৱানৰ বুৰঞ্জী বিবেকৰত্ন, হৰকান্ত শৰ্মাৰ ‘আসাম বুৰঞ্জীৰ সাৰ’ কাশীনাথ তামুলীৰ ‘আসাম বুৰঞ্জী’ আত্মাৰাম শৰ্মাৰ বাইবেলৰ অসমীয়া অনুবাদৰ বাহিৰে আনসকলো গ্ৰন্থ বুৰঞ্জীবিষয়ক। 

অৰুণোদই গদ্য : ইংৰাজসকলৰ আগমনত নিষ্প্রভ হৈ পৰা অসমীয়া ভাষা সাহিত্যই খ্ৰীষ্টীন মিছনেৰীসকলৰ আগমনত পূর্ণতাপ্রাপ্ত হৈ উঠে। এইসকলৰ ভিতৰত নাথান ব্রাউন, ও.ট্টি. কাট্টৰ, এ. কে. গাণি, শ্ৰীমতী গাণি আদিৰ নাম প্রণিধানযোগ্য।

এওঁলোকে হেৰাই যাব ধৰা অসমীয়া ভাষাৰ পুনৰুদ্ধাৰৰ উদ্দেশ্য আগত লৈ ‘অৰুণোদই’ কাকত প্ৰকাশ কৰে। অৰুণোদইৰ জৰিয়তে অসমীয়া ভাষাৰ প্ৰাচীন ঐতিহ্য, লুপ্ত হ’ব ধৰা শব্দাবলী অনুসন্ধান কৰি তাৰ সামৰ্থক ইংৰাজী শব্দ ৰচনা কৰা, বাইবেলৰ অসমীয়া অনুবাদ, দেশ বিদেশৰ নানা প্রবন্ধ, নতুন শব্দ সৃষ্টি কৰি অসমীয়া ভাষাৰ পুনৰ উদ্ধাৰ কৰিছিল।

‘অৰুণোদই’ৰ গদ্যৰ ভাষা মেৰপাক নোহোৱা সহজ-সৰল, বাহুল্যবর্জিত, বাক্যবিন্যাস ৰীতি সুসংহত জনসাধাৰণৰ কথিত ৰূপটোহে ইয়াত গদ্যত বক্ষিত হৈছে।

‘অৰুণোদই’য়ে আধুনিক গদ্যৰ ৰীতিৰ যে সূচনা কৰিলে এনে নহয়। অৰুণোদইয়ে এচাম নতুন সাহিত্যিকৰো জন্ম দিলে গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা, আনন্দৰাম বৰুৱা আদিৰ নাম উল্লেখযোগ্য। এওঁলোকৰ ভাষা সহজ-সৰল, পোনপটীয়া।

জোনাকী যুগৰ গদ্য : ১৮৮৯ চনত জোনাকী কাকত সৃষ্টি হোৱাৰ লগে লগে – অসমীয়া গদ্য সাহিত্যৰ ইতিহাসত এক নতুন যুগৰ সূচনা হয়। জোনাকীয়ে ন ন গদ্যৰ ৰচকৰ সূচনা কৰিলে। তেওঁলোকৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ বৰুৱা, সত্যনাথ বৰা আদি উল্লেখযোগ্য। এওঁলোকৰ প্ৰত্যেকৰে গদ্যৰীতি বেলেগ। বেজবৰুৱাৰ গদ্য ৰচনাও অধ্যয়ন কৰিবলৈ হ’লে অসমীয়া সংস্কৃতিক সম্পূৰ্ণ ধাৰণ কৰাটো নিতান্তই বাঞ্ছনীয়। সেইদৰে সত্যনাথ বৰাৰ গদ্য শৈলীৰ ষ্টাইল আধুনিক। গভীৰ জ্ঞান সমৃদ্ধ। তেখেতৰ ৰচনাত ব্যকাৰণৰ অতি গভীৰ আনুগত্য, জতুৱা ঠাঁচ, খণ্ডবাক্যৰ সঘন প্ৰয়োগ বিদেশী শব্দৰ পৰিহাৰ আদি বৈশিষ্টা দেখা যায়।

সাম্প্রতিককালৰ গদ্য : সাম্প্রতিক অসমীয়া গদ্যৰ জন্মৰ সঠিক চন, তাৰিখ উল্লেখ কৰিব নোৱাৰি যদিও দ্বিতীয় মহাযুদ্ধৰ পাছৰ পৰাই এই গদ্যৰ ধাৰা প্ৰবাহিত হয় বুলি ক’ব পাৰি। জোনাকী যুগ আৰু তাৰ প্ৰৱৰ্তী বাঁহী, ঊষা, বিজুলী, জয়ন্তী, আৱাহন, ৰামধেনু আদি আলোচনীয়ে প্ৰতিষ্ঠা কৰি থৈ যোৱা অসমীয়া সাহিত্য বুৰঞ্জীৰ গতি, ধ্যান-ধাৰণা দ্বিতীয় মহাযুদ্ধই সলাই পেলালে। এই সময়ছোৱাত ব্যক্তিগত চিন্তা আৰু বস্তুধর্মিতাই গদ্য সাহিত্যত বিশেষ স্থান পালে। তদুপৰি ব্যক্তিগত সমস্যা, দেশীয় সমস্যা, জাতীয় সমস্যা, আন্তজার্তিক সমস্যা আদিয়েও নতুন লেখকসকলক উদ্বাউল কৰি তুলিলে আৰু তেওঁলোকৰ লিখনিত এই সমস্যাসমূহ প্ৰতিধ্বনিত হ’বলৈ ধৰিলে। চল্লিশৰ দশকত ভালেকেইজন গদ্য লেখকৰ জন্ম হ’ল। এওঁলোকৰ ভিতৰত – শৰৎচন্দ্ৰ গোস্বামী, কালিৰাম মেধি, নীলমণি ফুকন, ডিম্বেশ্বৰ নেওগ, বেণুধৰ শৰ্মা, কৃষ্ণকান্ত সন্দিকৈ, সূর্যকুমাৰ ভূঞা, ত্ৰৈলোক্যনাথ গোস্বামী, জ্যোতিপ্ৰসাদ গোস্বামী, বিৰিঞ্চিত কুমাৰ বৰুৱা আদি। পঞ্চাশ আৰু ষাঠি দশকতো বহু কেইজন গদ্যলেখকৰ জন্ম হ’ল। যুদ্ধোত্তৰ যুগৰ গদ্যচকসকলৰ ভিতৰত— হেম বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, সৌৰভ কুমাৰ চলিহা, হোমেন বৰগোহাঞি, ভবেন্দ্ৰনাথ শ‍ইকীয়া, হীৰেন গোহাঁই আদি।

৭। হেমচন্দ্ৰ বৰুৱাৰ জীৱন আৰু কৰ্মৰ সম্পর্কে এটি আলোচনা কৰা।

উত্তৰঃ হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল ১৮৩৫ চনত শিৱসাগৰ জিলাৰ ৰজাবাহৰ গাঁৱৰ বিখ্যাত বেজবৰুৱা বংশত। হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা। তেওঁ সংস্কৃতি আৰু বৈদ্যশাস্ত্ৰত পাগত লোক আছিল। ইংৰাজ ৰাজত্বৰ সময়ত মিছামৰা মৌজাৰ মৌজাদাৰ হিচাপে কাৰ্যনিবাহ কৰা হেমচন্দ্ৰ বৰুৱাৰ দেউতাকে তেওঁক ৯ বছৰ বয়সতে বর্ণমালা নিশিকোৱাকৈ মুখে মুখে সংস্কৃত শিক্ষা দিছিল। হেমচন্দ্ৰ বৰুৱাৰ বাৰ বছৰ বয়সতে পিতৃতৰ মৃত্যু ঘটাত তেওঁক খুড়াক লক্ষীৰাম বৰুৱাই তত্ত্বাৱধানত ৰাখে। খুড়াকৰ তত্ত্বাৱধানতে হেমচন্দ্ৰ বৰুৱাই সংস্কৃত শিক্ষা লাভ কৰে আৰু কেইবছৰমানৰ পাছতেই মাহে চাৰি টকা দৰমহাত শিৱসাগৰ কাছাৰীত নকল নবিচৰ কামত যোগদান কৰে। হেমচন্দ্ৰ বৰুৱাই দিনৰ ভাগত চাকৰি কৰাৰ লগতে উর্বীধৰ বৰুৱাৰ পঢ়াশালিত পুৱা-গধূলি সংস্কৃত অধ্যয়ন কৰিছিল। হেমচন্দ্ৰ বৰুৱাই চাকৰি আৰু সংস্কৃত অধ্যয়নৰ লগে লগে ইংৰাজী শিক্ষাও গ্রহণ কৰিছিল। উল্লেখযোগ্য যে হেমচন্দ্ৰ বৰুৱাৰ খুড়াক এজন ৰক্ষণশীল ভাৱৰ মানুহ আছিল। নিজৰ দেশ, নিজৰ জাতি আৰু ভাষা সংস্কৃতিক সহজে মানিব পৰা নাছিল। কিন্তু হেমচন্দ্ৰ বৰুৱাই সেইসময়ৰ শিৱসাগৰ জিলাৰ অধিপতি কেপ্তেইন ব্রোডী চাহাবৰ অনুপ্ৰেৰণা আৰু সহায়ত লুকাই-চুৰকৈ ইংৰাজী শিক্ষা গ্ৰহণ কৰিছিল। খুড়াকে নজনাকৈ হেমচন্দ্ৰই ইংৰাজী শিক্ষা লাভ কৰি এটা ক্ষেত্ৰত তেওঁৰ বিশেষ সহায় হৈছিল। ইংৰাজী ভাষাত হেমচন্দ্ৰৰ জ্ঞান থকাৰ বাবেই চাকৰিৰ উন্নতি লাভ কৰি টেনশ্লেটৰ বা ভাষাভঙা কাকতি হৈছিলগৈ। 

তদুপৰি ইয়াৰ পাছত তেওঁ জুডিচিয়েল কমিচনাৰৰ অফিচৰ অধীক্ষকৰ পদ লাভ কৰিছিল। গুৱাহাটীৰ জুডিচিয়েল কমিছনাৰ কাৰ্যালয়ত হেমচন্দ্ৰ বৰুৱাই টেনশ্লেটৰ হিচাপে নিযুক্ত হোৱাৰ পূর্বে ১৮৫৮ চনত তেওঁ শিৱসাগৰ ইংৰাজী স্কুলত তেওঁ শিক্ষকতা কৰিছিল। ইয়াৰ মাজতে ১৮৬২ চনত গোলাঘাটত ছমাহৰ বাবে শিক্ষা বিভাগত উপ-পৰিদৰ্শকৰ চাকৰিও পাইছিল। একে সময়তে কাম কৰি থকা কাৰ্যালয়ত মুখ্য সহকাৰী পদ পোৱাত পিছৰ চাকৰিকে বাচি লয়। হেমচন্দ্ৰ বৰুৱাই ১৮৮২ চনত চৰকাৰী চাকৰিৰ পৰা অৱসৰ লৈ গুৱাহাটীতে স্থায়ীভাৱে বাস কৰে। ১৮৯৬ চনত ১৭ মে’ত হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু হয়।

হেমচন্দ্ৰ বৰুৱাই সাহিত্যিক জীৱনৰ আৰম্ভ কৰিছিল ‘অৰুনোদই’ৰ পাতত। ১৮৪৬ চনত প্ৰকাশিত অৰুনোদইতে ১৮৫৬ চনত হেমচন্দ্ৰ বৰুৱাই লেখা-মেলা কৰা আৰম্ভ কৰিছিল। ‘অৰুনোদইত লিখোঁতে তেওঁ কিন্তু নিজৰ নামটো ব্যৱহাৰ কৰা নাছিল। হেমচন্দ্ৰ বৰুৱাই ‘সোণাৰচাঁদ’ ছদ্মনামলৈহে সাহিত্য চৰ্চা কৰিছিল ‘অৰুনোদই ত তেওঁ কেইবাটাও প্রবন্ধ ৰচনা কৰিছিল। তদুপৰি অসমীয়া ভাষাৰ ব্যাকৰণ, আদিপাঠ, অসমীয়া ল’বাৰ ব্যাকৰণ, পঢ়াশলীয়া অভিধান, সংক্ষিপ্ত হেমকোষ, হেমকোষ আদি পাঠ্যপুথি, ব্যাকৰণ, অভিধান ৰচনা কৰে। তদুপৰি কানীয়াৰ কীৰ্তন,

বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী আদি ব্যংগাত্মক নাটক ৰচনাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে। হেমচন্দ্ৰ বৰুৱাই এই সাহিত্য কর্মসমূহৰ উপৰিও ‘আসাম নিউচ’ নামৰ এখন বাতৰি কাকত সম্পাদনা কৰি প্ৰকাশ কৰিছিল।

চমুটোকা লিখা : 

(ক) পাঠ্যপুথি প্রণেতা হেমচন্দ্ৰ বৰুৱা :

উত্তৰঃ ব্যাকৰণ, অভিধান, পাঠ্যপুথিৰ প্ৰণেতা হিচাপে হেমচন্দ্র বৰুৱাৰ কৃতিত্ব অনস্বীকার্য। ইয়াণ্ডাবু সন্ধিৰ লগে লগে ১৮২৬ চনত অসম ইংৰাজৰ অধীনলৈ যায়। তেওঁলোকে অসমৰ বেপাৰ-বাণিজ্য, শিক্ষা-অর্থনীতি সকলো দিশ নিজৰ অধীন কৰি লয়। ফলস্বৰূপে বিদ্যালয়, কাৰ্যালয়, কছাৰী আদি সকলোতে তেওঁলোকে নিজৰ ইচ্ছা খটুৱাবলৈ ধৰে। ১৮৩৬ চনত ইংৰাজ চৰকাৰে অসমৰ বিদ্যালয়, কার্যালয় সকলোতে আগৰে পৰা চলি অহা অসমীয়া ভাষাৰ উঠাই দি বঙলা ভাষা প্ৰৱৰ্তন কৰে। অসমৰ স্কুল-আদালতত অসমীয়া ভাষাৰ ঠাইত বঙলা ভাষা প্ৰচলনৰ ক্ষেত্ৰত কিছুসংখ্যক উচ্চপদস্থ বঙালী বিষয়াৰ অভিপ্রায়ো জড়িত হৈ আছিল। ১৮৩৬ চনত অসমত বঙলা ভাষা প্ৰৱৰ্তনৰ লগে লগে অসমত ইয়াৰ বিৰোধিতা কৰি পুনৰ অসমীয়া ভাষা প্রচলন কৰিবলৈ প্ৰায় ৩৭ বছৰৰ প্ৰয়োজন হ’ল। অৰ্থাৎ ১৮৭৩ চনৰপৰা অসমৰ পঢ়াশালিত পুনৰ অসমীয়া ভাষাৰ প্ৰচলন হয়। ইয়াৰ লগে লগে অসমীয়া ভাষাত লিখা পাঠ্যপুথিৰো আৱশ্যক হৈ পৰে।

অসমীয়া ভাষাত লিখা পাঠ্যপুথিৰ অভাৱ দূৰ কৰিবৰ বাবে হেমচন্দ্ৰ বৰুৱাই ‘পঢ়াশালীয়া পুথি’ ৰচনা কৰে। ১৮৭৩ চনতে জর্জ কেম্বেল চাহাবৰ জাননী অনুসৰি হেমচন্দ্ৰই আদিপাঠ নামৰ পাঠ্যপুথি লিখে। প্রায় পঞ্চাশখন পুথিৰ ভিতৰত হেমচন্দ্ৰ বৰুৱাই আদিপাঠৰ বাবে প্রথম স্থান দখল কৰে। এই আদিপাঠখনৰ সুকীয়া সুকীয়াকৈ তিনিটাখণ্ড পোৱা যায়। অসমীয়া ল’বাৰ আদিপাঠ (আগছোৱা) প্রথম প্রকাশ ১৮৭৫ চনত । ওঠৰ পৃষ্ঠাৰ এই পুথিত ‘ব’ৰ ব্যৱহাৰ সম্পৰ্কে যুক্তিপূর্ণ উত্তৰ দিছে। আনহাতে অসমীয়া ল’ৰাৰ আদিপাঠ (মাজছোৱা) ১৮৭৬ চনত প্ৰকাশ হয়। ইয়াত সহযোগী আখৰ, ইয়াক শব্দ আৰু বাকাত কেনেদৰে প্ৰয়োগ কৰা হয়; উপদেশমূলক বাক্য; মাহ, বাবব নাম, গোটা অংক, ভঙা অংক, মাটিৰ অংক এই বিষয়সমূহ অন্তৰ্ভুক্ত হৈছে। আদিপাঠৰ তৃতীয় খণ্ড অসমীয়া ল’ৰাৰ আদিপাঠ (শেহছোৱা) ১৮৭৬ চনত প্রকাশিত হয়। শেহছোৱা আদিপাঠত বিভিন্ন পাঠ দিয়া হৈছে। সেইবোৰৰ ভিতৰত ‘সজ আলচ’, ‘ল’ৰাৰ কালহে বিদ্যা শিকাৰ সময়’, ‘ভাইয়া-ভনীয়েক মৰম কৰিবা’ আদি লেখত ল’বলগীয়া।

এই আদিপাঠখনৰ বাহিৰেও হেমচন্দ্ৰ বৰুৱাৰ পাঠমালা নামৰ আন এখন পাঠ্যপুথি ৰচনা কৰিছিল। এই পাঠমালাত পাঁচটা ভাগ বা অধ্যায় আছে। সেইকেইটা হৈছে— নীতিসাৰ, সন্মান জ্ঞাপন, পশু-পক্ষীৰ বিষয়ে, গছ-গছনি, ইতিহাস আৰু উপাখ্যানৰ কাহিনী বর্ণিত হৈছে।

(খ) হেমচন্দ্ৰ বৰুৱাৰ ব্যংগাত্মক ৰচনা : 

উত্তৰঃ হেমচন্দ্ৰ বৰুৱাই সাহিত্যৰ অন্যান্য দিশসমূহৰ উপৰিও অসমীয়া হাস্য-ব্যংগাত্মক সাহিত্যকো চহকী কৰি থৈ গৈছে। একপ্ৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ হাততে অসমীয়া হাস্য ব্যংগাত্মক ৰচনাই নতুন ৰূপ লাভ কৰে। ঊনবিংশ শতিকাত হেমচন্দ্ৰ বৰুৱাৰ হাতত অসমীয়া হাস্যৰসাত্মক সাহিত্যৰ উদ্ভৱ হ’লেও পুৰণি অসমীয়া কাব্য কিছুমানতো হাস্যৰ প্ৰভাৱ পোৱা যায়। ৰাম সৰস্বতীৰ ‘ভীমচৰিত’ পুথিত ভীমে বকাসুৰৰ বলি হৈ বকাসুৰৰ সমস্ত খাদ্য ভীমে ভক্ষণ কৰাৰ পাছত ভীম-বকাসুৰৰ তয়াময়া যুঁজ লগা কাব্যখনৰ কথা উল্লেখ কৰিব পাৰি। অৱশ্যে ভীমচৰিত, শিশুপাল বধ আদি কাব্যসমূহৰ মাজত প্ৰকাশ পোৱা হাস্যজনক চিত্রই হেমচন্দ্ৰ বৰুৱাৰ হাতত আধুনিক ৰূপ লাভ কৰে। বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা হাস্য ব্যংগাত্মক ৰচনা। সমাজৰ তথাকথিত বৰমূৰীয়াসকলৰ ফোঁপোলাস্বৰূপ বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰীত হাস্য ব্যংগৰ মাজেৰে ফুটাই তুলিছে। সমাজত বৰমানুহ বোলাই আগভাগ লৈ ফুৰা ব্যক্তিসকলে সমাজৰ আঁৰত কিদৰে ভণ্ডামি আৰু অনৈতিক কাম কৰে তাক ব্যংগাত্মক ৰূপত প্রতিফলিত কৰিছে। 

কোৰখনীয়া সত্ৰৰ সত্ৰাধিকাৰ গোৱৰ্ধন আতাৰ আখ্যান বর্ণনা কৰা বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী গ্ৰন্থত গোবর্ধন আতাৰ ধৰ্মৰ নামত ভণ্ডামিৰ আশ্রয় লোৱাৰ কাহিনী আছে। ধৰ্মৰ নামত ভণ্ডামি, বিচাৰৰ নামত ভেকোভাওনা, সমাজৰ ব্যভিচাৰ, নীতি নিয়মৰ প্ৰতি অনিহা এই দিশবোৰ বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰীত দেখা পোৱা যায়। তদুপৰি ব্যাজস্তুতি, অপ্রস্তুত প্রশংসা, শ্লেষোক্তি আদি অলংকাৰৰ প্ৰয়োগৰ ফলত হেমচন্দ্ৰৰ ব্যংগই তীব্রতা লাভ কৰিছে।

(গ) গুণাভিৰাম বৰুৱাৰ জীৱন আৰু কৰ্মৰ সম্পৰ্কে এটি আলোচনা কৰা।

উত্তৰঃ অসমীয়া সাহিত্যত গুণাভিৰাম বৰুৱা ভাষা-সাহিত্যৰ একনিষ্ঠ পূজাৰী আৰু নাট্যকাৰৰূপে পৰিচিত। খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ উদ্যোগত অৰুণোদই কাকতে অসমীয়া ভাষা-সাহিত্যৰ সৰ্বাঙ্গীণ বিকাশত অৰিহণা যোগায়। গুণাভিৰাম বৰুৱা আছিল অৰুণোদইৰ সেই প্ৰয়াসৰ অংশীদাৰ। সাহিত্য আৰু জীৱনৰ মাজত এক অপূর্ব সমন্বয় স্থাপিত কৰা গুণাভিৰামৰ অৱদানেৰে অসমীয়া সাহিত্য সমৃদ্ধ হৈ পৰে।

শিক্ষা আৰু চাকৰি : ১৮৩৭ চনত গুণাভিৰামৰ জন্ম হয়। কম বয়সতে পিতৃ-মাতৃৰ বিয়োগ হোৱাত আনন্দৰাম ঢেকিয়াল ফুকনৰ সহায়ত তেওঁ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰে। দ্বিতীয় বাৰ্ষিকলৈ পঢ়ি তেওঁ আইন পঢ়ে। ১৮৫৯ চনত তেওঁ চৰকাৰী চাকৰিত সোমাই এবছৰ পাছত একষ্ট্রা এচিষ্টেণ্ট কমিচনাৰ পদলৈ উন্নীত হয়।

কলিকতাত থাকোতে গুণাভিৰাম ব্রাহ্মধৰ্ম আৰু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ ভাৱধাৰাৰ দ্বাৰা বিশেষভাৱে অনুপ্রাণিত হৈছিল। তেওঁ প্ৰথমা পত্নী ব্রজসুন্দৰীৰ মৃত্যুৰ পাছত বিষ্ণুপ্রিয়া নামেৰে বিধৱা ব্ৰাহ্মণ কন্যাক বিয়া কৰায়। ইয়াৰ পাছত হিন্দু ধৰ্মৰ গোড়ামি দেখি তেওঁ ব্ৰহ্মধর্ম গ্ৰহণ কৰে। ১৮৯০ চনত তেওঁ গভর্ণমেণ্ট চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি কলিকতাত স্থায়ীভাৱে থাকিবলৈ লয়।

সামাজিক কাম : আনন্দৰাম ঢেকিয়াল ফুকনে গুণাভিৰামৰ মনত স্বদেশপ্ৰেমৰ অংকুৰ সিঁচে। স্বদেশৰ প্ৰতি অকৃত্রিম অনুৰাগ তেওঁৰ ব্যক্তিগত জীৱনৰ আৰু সাহিত্য কৰ্মৰ মাজেৰে প্ৰতিফলিত হৈছিল। অসমৰ সাহিত্য আৰু ঐতিহ্য সম্পৰ্কে তেওঁ যথেষ্ট জ্ঞান আহৰণ কৰিছিল। চাকৰিৰ ব্যস্ততাৰ মাজত থাকিও তেওঁ সমাজ সংস্কাৰৰ কামত আত্মনিয়োগ কৰিছিল। তেওঁৰ জীৱনৰ উল্লেখযোগ্য কীৰ্তি হ’ল বিধৱা বিবাহ প্রচলন। তেওঁ তাক হাতে-কামে কৰি দেখুৱাইছিল। অসমৰ উন্নতিৰ হকে চাৰ্লচ এলফ্রেজ ইলিয়টক যি মানপত্ৰ দিয়া হৈছিল তাৰ গুৰি ব’ঠা ধৰিছিল গুণাভিৰানে। কলিকতা বিশ্ববিদ্যালয়ত পঢ়ি থকা অসমীয়া ছাত্ৰসকলৰ ভিতৰত পৰীক্ষাত সর্বোচ্চ নম্বৰ পোৱা পৰীক্ষাৰ্থীজনক উৎসাহিত কৰিবলৈ বিষ্ণুপ্রিয়াদেৱী বঁটাৰ ব্যৱস্থা কৰে। ইয়াৰ বাহিৰেও তেওঁ এককালীন দানৰ দ্বাৰা অসমীয়া ছাত্র- ছাত্রীসকলক উৎসাহিত কৰিছিল। অসমীয়া ভাষা-সাহিত্যৰ সেৱা কৰিবলৈ আগবাঢ়ি অহা কেবাজনো ব্যক্তিক তেওঁ উৎসাহ, পৰামৰ্শ আৰু সহায় আগবঢ়াইছিল।

সাহিত্য কর্ম : চৰকাৰী কামৰ ব্যস্ততাৰ মাজতো গুণাভিৰামে সাহিত্য ৰচনাৰ প্ৰতি মনোযোগী আছিল। তেওঁ ‘অৰুণোদই’ কাকতৰ যোগেদি সাহিত্য সেৱা কৰিবলৈ লয়। তেওঁৰ প্ৰথম গ্ৰন্থ ‘ৰামনৱমী’ এখন নাটক। ১৮৫৭ চনত এই নাটকখন ৰচনা কৰে। কেইবাটাও অংকত বিভক্ত এই নাটকত প্রথম পাশ্চাত্য নাট্য কৌশল প্ৰয়োগ কৰা দেখা যায়। ইয়াৰ কাহিনী শোকাত্মক। উদাৰপন্থী ডেকা ৰামচন্দ্ৰ আৰু বাল বিধৱা নৱমীৰ সমাজবিৰোধী প্ৰণয়ৰ শোকাৱহ পৰিণতি নাটকখনত অঙ্কিত কৰা হৈছে। ১৮৮০ চনত তেওঁৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত প্রকাশ হয়। আধুনিক অসমীয়া সাহিত্যত এইখনেই উল্লেখযোগ্য জীৱনী বুলি ক’ব পাৰি। ১৮৮৪ চনত তেওঁৰ ‘অসম বুৰঞ্জী’ প্ৰকাশ পায় প্রাচীন কালৰ পৰা ইংৰাজ ৰাজত্বলৈকে ইয়াত অসমৰ ইতিহাস আধুনিক বিশ্লেষণেৰে দাঙি ধৰা হৈছে। হাস্যৰসিক লিখক হিচাপে তেওঁ কৃতিত্ব প্ৰদৰ্শন কৰে ‘কঠিন শব্দৰ ৰহস্য’ গ্ৰন্থৰ যোগেদি।

বিভিন্ন গ্ৰন্থ প্ৰণয়ন কৰাৰ উপৰি মাহেকীয়া কাকত সম্পাদনাৰেও তেওঁ অসমীয়া সাহিত্যৰ শ্ৰীবৃদ্ধি সাধন কৰে। ১৮৫৮ চনত তেওঁৰ সম্পাদনাত ‘আসাম বন্ধু’ প্রকাশিত হয়। এই কাকতখন ডেৰ বছৰমান জীয়াই আছিল। এই কাকতত যথেষ্ট মূল্যবান প্রবন্ধ-পাতি প্রকাশ পাইছিল। আসাম বন্ধুৱে এদল লেখক সৃষ্টি কৰাত বিশেষ অৰিহণা আগবঢ়াইছিল। হেমচন্দ্র গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, ৰত্নেশ্বৰ মহন্ত, সত্যনাথ বৰা, লম্বোদৰ বৰা, ভোলানাথ দাস আদিয়ে আসাম বন্ধুৰে লেখক জীৱনৰ আৰম্ভণি কৰিছিল। ঊনবিংশ শকিতাৰ শেষৰ ফালে অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰাত যি সকলে অৱদান আগবঢ়াইছিল তাৰ ভিতৰত হেমচন্দ্ৰ আৰু গুণাভিৰাম আদিয়েই অন্যতম। ঐতিহাসিক গবেষণা, জীৱন, চৰিত, ভ্ৰমণ বৃত্তান্ত, নাটক ৰচনা আৰু বাতৰি কাকত সম্পাদনা কৰা এইবোৰ কামৰ পথপ্রদর্শক ৰূপে গুণাভিৰাম অসমীয়া জাতিৰ চিৰনমস্য হৈ ৰ’ব হেমচন্দ্ৰ আৰু গুণাভিৰাম দুয়োজনাই সমাজ সংস্কাৰৰ আদর্শ আগত ৰাখি সাহিত্য ৰচনা কৰিছিল। কিন্তু এই ক্ষেত্ৰত গুণাভিৰাম আছিল যথেষ্ট কোমল। হেমচন্দ্ৰৰ দৰে উগ্ৰভাৱে ক’তো তেওঁ জাতীয় জীৱনৰ দোষ-ত্রুটিবোৰক সমালোচনা কৰা নাই। তেওঁ মৃদুভাৱে সেইবোৰলৈ মাথোঁ আঙুলিয়াই দিছে। এই ফালৰ পৰা তেওঁৰ সাহিত্যত মানৱপ্ৰেমৰ সুৰ এটা শুনিবলৈ পোৱা যায়। 

অসমীয়া সাহিত্যক সর্বতো প্ৰকাৰে আগবঢ়াই নিবলৈ গুণাভিৰামে কৰা প্ৰয়াসৰ তুলনা নাই। নিজে সাহিত্য ৰচনা কৰাৰ উপৰি একো একোজন সাহিত্যিকৰ বৃহৎ প্ৰচেষ্টাত তেওঁৰ বৰঙণিয়ে বিশেষ অৱদান যোগাইছিল। হেমচন্দ্ৰ বৰুৱাৰ অমৰ কীৰ্তি ‘হেমকোষ’ প্রণয়নত গুণাভিৰাম বৰুৱাৰ প্ৰেৰণা উল্লেখযোগ্য। অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি তেওঁৰ গভীৰ শ্ৰদ্ধাৰ কথা এই প্রসঙ্গতে হেমচন্দ্ৰ বৰুৱায়ো উল্লেখ কৰি গৈছে। অসমীয়া সমাজখনিক অকল সাহিত্যৰ যোগেদি সুন্দৰ কৰিয়ে এৰা নাছিল। তেওঁ ইতিহাসকো সমৃদ্ধ কৰি তুলিব বিচাৰিছিল। আত্মবিস্মৃত জাতিক পুনৰুজ্জীৱিত কৰাত তেওঁৰ এই সৃষ্টিসমূহে বিশেষ বৰঙণি আগবঢ়াইছিল। অসমীয়া জাতীয় জীৱনক এনেদৰে সৰ্বাঙ্গসুন্দৰ কৰি তুলিবলৈ সচেষ্ট ব্যক্তি হিচাপে গুণাভিৰামৰ নাম অসমীয়া জাতীয় জীৱনত সদায় সমুজ্জ্বল হৈ থাকিব।

(ঘ) আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত।

উত্তৰঃ আধুনিক নাট্যসাহিত্যৰ দৰে আধুনিক জীৱনী সাহিত্যৰ লিখাৰ ক্ষেত্ৰত গুণাভিৰাম বৰুৱা বাটকটীয়া আছিল। ১৮৮০ চনত প্ৰকাশ হোৱা গুণাভিৰাম বৰুৱাই লেখ আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত প্ৰথম অসমীয়া জীৱনী গ্রন্থ। অৱশ্যে ইয়াৰ আগেয়ে শংকৰদেৱৰ মৃত্যুৰ পাছত সত্ৰসমূহত তেওঁৰ শিষ্য-প্রশিষ্যসকলে গুৰুজনাৰ চৰিত্ৰ সম্বন্ধীয়, জীৱন আৰু কৰ্ম সম্বন্ধীয় বিভিন্ন বিষয় আলোচনা কৰিছিল। এই পৰম্পৰাক চৰিত তোলা প্রথা বুলি কোৱা হয়। পিছলৈ শংকৰ মাধৱৰ চৰিত্ৰ গুণানুকীৰ্তন কৰা এই কথাবোৰ লিপিবদ্ধ কৰি ৰাখে। সেইবোৰক চৰিত পুথি বা চৰিত সাহিত্য বুলি আখ্যা দিয়া হয়। এই চৰিপুথিসমূহ গদ্য আৰু পদ্য দুয়োটা ৰূপতে ৰচিত হৈছিল। ৰামচৰণ ঠাকুৰ, ভূষণ দ্বিজ, দৈতাৰি ঠাকুৰ, ৰামানন্দ দ্বিজ আদি উত্তৰ বৈষ্ণৱ যুগৰ লেখকসকলে শংকৰ, মাধৱৰ জীৱন চৰিত লিপিবদ্ধ কৰিছিল।

শংকৰ-মাধৱৰ পৰৱৰ্তী সময়ত ৰচনা কৰা চৰিত পুথিসমূহ সম্পূর্ণ সত্ৰীয়া পৰিবেশ আৰু ভকতীয়া ঠাচত ৰচিত হৈছিল। পুৰণি অসমীয়া সাহিত্যৰ সেই ধাৰা গুণাভিৰাম বৰুৱাই আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত গ্ৰন্থত আধুনিক ৰূপত উপস্থাপন কৰিলে সেয়েহে গুণাভিৰাম বৰুৱাই গ্ৰন্থখনৰ পাতনিত উল্লেখ কৰিছে–

আমাৰ ভাষাত আধুনিক জীৱন চৰিত বিভাগৰ এই পুস্তকেই প্রথম। 

গ্রন্থখনত ঢেকিয়াল ফুকনৰ প্রতি গুণাভিৰাম বৰুৱাৰ গভীৰ শুদ্ধভাৱ ফুটি উঠিছে। গ্রন্থখনত এফালে আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন বৃতান্ত আৰু আনফালে সমসাময়িক সমাজখনৰ চিত্ৰও প্ৰতিফলিত হৈছে। জীৱনী গ্ৰন্থখনত প্ৰতিটো বিষয়ৰ পুংখানুপুংখ বিৱৰণ, পৰিৱেশ পৰিস্থিতিৰ প্ৰকৃত চিত্ৰণ আৰু লেখকৰ জ্ঞান-অভিজ্ঞতাই গ্ৰন্থখনক বিশেষ পৰিচয় প্ৰদান কৰিছে। আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনৰ সৰু-বৰ দিশ সকলোবোৰ গ্ৰন্থখনত ফুটি উঠিছে।

(ঙ) বুৰঞ্জী লেখক গুণাভিৰাম বৰুৱা : 

উত্তৰঃ নাট্য-সাহিত্য আৰু জীৱনী সাহিত্যৰ উপৰিও বুৰঞ্জী প্ৰণেতা হিচাপেও গুণাভিৰাম বৰুৱাৰ এটা সুকীয়া পৰিচয় আছে। 

ৰজ্জুপ্তচনত গুণাভিৰাম বৰুৱাই ৰচনা কৰা আসাম বুৰঞ্জী প্ৰকাশ হৈ ওলায়। বুৰঞ্জীখনৰ চাটা অধ্যায়ত প্ৰাচীন কালৰপৰা অসমত বৃটিছৰ আগমনলৈকে ঐতিহাসিক ঘটনাৱলীৰ বৰ্ণনা কৰিছে। ঠায়ে ঠায়ে সামাজিক, অর্থনৈতিক, ৰাজনৈতিক ঘটনাৰ আলোচনাও বুৰঞ্জীখনত লিপিবদ্ধ হৈছে। নগেন শ‍ইকীয়াই আসাম বুৰঞ্জীৰ বিষয়ে এইদৰে কৈছে— 

“সমাজৰ সকলো দিশৰ ইতিবৃত্ত সামৰি লিখা এইখনেই প্রথম আধুনিক অসমীয়া বুৰঞ্জী। বুৰঞ্জীখনৰ মাজত যেন ঊনবিংশ শতিকাৰ শিক্ষিত অসমীয়াৰ মনটোৱেও ভুমুকিয়াই গৈছে।” 

গুণাভিৰাম বৰুৱাই আসাম বুৰঞ্জীৰ উপৰিও আসাম বন্ধু, জোনাকী, বিজুলী আদি আলোচনীত ভালেমান বুৰঞ্জীমূলক লেখা ৰচনা কৰিছিল। আসাম বন্ধুত আগৰ দিন এতিয়াৰ দিন, জোনাকীত ‘সৌমাৰ ভ্ৰমণ’, ‘অসমত মান’, ‘অলিখিত বুৰঞ্জী’; বিজুলীত ‘আসাম যাত্রা’ আদি লেখত ল’বলগীয়া উদাহৰণ। সেয়েহে লক্ষ্মীনাথ বেজবৰুৱাই গুণাভিৰাম বৰুৱাক ‘আসামত সর্বজনবিদিত বুৰঞ্জী বিজ্ঞ’ হিচাপে আখ্যা দিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top