History of Assamese Literature Unit 8 জোনাকী আৰু উত্তৰ জোনাকী স্তৰৰ সাহিত্য

Join Telegram channel

History of Assamese Literature Unit 8 জোনাকী আৰু উত্তৰ জোনাকী স্তৰৰ সাহিত্য, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, History of Assamese Literature Unit 8 জোনাকী আৰু উত্তৰ জোনাকী স্তৰৰ সাহিত্য Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. History of Assamese Literature Unit 8 জোনাকী আৰু উত্তৰ জোনাকী স্তৰৰ সাহিত্য Question Answer can be of great value to excel in the examination.

History of Assamese Literature Unit 8 জোনাকী আৰু উত্তৰ জোনাকী স্তৰৰ সাহিত্য

History of Assamese Literature Unit 8 জোনাকী আৰু উত্তৰ জোনাকী স্তৰৰ সাহিত্য Notes cover all the exercise questions in UGC Syllabus. The History of Assamese Literature Unit 8 জোনাকী আৰু উত্তৰ জোনাকী স্তৰৰ সাহিত্য in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

জোনাকী আৰু উত্তৰ জোনাকী স্তৰৰ সাহিত্য

ASSAMESE

HISTORY OF ASSAMESE LITERATURE

অসমীয়া সাহিত্যৰ বুৰঞ্জী

১। অসমীয়া ভাষা সাহিত্যলৈ জোনাকী আলোচনীৰ অৱদান বিচাৰ কৰা?

উত্তৰঃ হেমচন্দ্ৰ বৰুবা, গুণাভিৰাম বৰুৱা আৰু তেখেতসকল সহযোগীসকলে অসমীয়া সাহিত্যৰ যি ভেঁটি নিৰ্মাণ কৰিলে, সেই ভেঁটিক সমৃদ্ধি দান কৰিবলৈ আগবাঢ়ি আহিল আন এচাম বঙলা ভাষা স্কুল আদালতৰ পৰা বহিষ্কাৰ হ’ল যদিও, বঙালীৰ প্ৰভাৱ কমা নাছিল আৰু সেই ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তেতিয়াও চেষ্টাৰ বিৰাম হোৱা নাছিল। ১৮৭২ চনত কলিকতীয়া অসমীয়া ছাত্ৰই ‘অসমীয়া সাহিত্য চ’ৰা’ স্থাপন কৰিছিল। ইয়াৰ প্ৰভাৱ ক্ৰমে ক্ষীণ হৈ অহাত ১৮৮৮ খ্ৰীষ্টাব্দত সভাৰ নতুন নামকৰণ কৰি ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ কৰা হয়, চমুকৈ অ. ভা. উ. সা. সভা। সভাৰ এখন মুখপত্ৰ উলিয়াবলৈ স্থিৰ কৰি পাছৰ বছৰত চন্দ্ৰকুমাৰ আগৰৱালাৰ অৰ্থ সাহাৰ্য্যত ১৮৮৯ চনৰ জানুৱাৰীত ‘জোনাকী’ৰ কাকত প্ৰকাশ কৰিবলৈ লয়। এই সভা ১৮৮৮ চনৰ পৰা আঠ-ন বছৰ কাল কলিকতীয়া অসমীয়াৰ একমাত্ৰ সাংস্কৃতিক অনুষ্ঠানৰূপে ক্রিয়াশীল হৈ আছিল। 

১৮৮৯ চনত ‘জোনাকী’ প্ৰকাশ হৈ ছয় বছৰৰ পিছত বন্ধ হৈ যায়। ‘জোনাকী’ আলোচনীৰ পৃষ্ঠপোষকসকলে উক্ত কাকতৰ জৰিয়তে স্বতন্ত্র পুথি ৰচনাৰ যোগেদি অসমীয়া সাহিত্যলৈ প্ৰৱাহিত কৰি আনে ইংৰাজী ৰোমাণ্টিক ভাৱাদৰ্শ আৰু ৰূপ। ‘জোনাকী’ৰ সমসাময়িক আলোচনী ‘বিজুলী’ (১৮৯০) কাকতক কেন্দ্র কবিও কেইবাগৰাকী সাহিত্যিকৰ উদ্ভৱ হয়। 

অসমীয়া সাহিত্যৰ বিকাশলৈ ‘জোনাকী’ৰ অৱদানসমূহ তলত দিয়াৰ দৰে উল্লেখ কৰিব পাৰি 

(ক) ৰমন্যাসবাদৰ যোগেদি বিভিন্ন গীতি কবিতাৰ (প্ৰকৃতিমূলক, প্রেমবিষয়ক, ছনেট, শোক কবিতা, ব্যংগ কবিতা আদি) সৃষ্টিয়ে অসমীয়া কাব্য-সাহিত্যলৈ নতুন কবিতাৰ ধাৰা বোৱাই আনে।

(খ) চুটিগল্প, উপন্যাস আৰু বিবিধ শ্ৰেণীৰ প্ৰবন্ধ আমদানি কৰি গদ্য সাহিত্য বৈচিত্রময় কৰি তোলে। পুৰণি সাহিত্যত কেৱল ধৰ্মমূলক গদ্যহে প্রচলিত আছিল। হেমচন্দ্ৰ- গুণাভিৰামৰ দিনত গদ্যত বহুতো নতুনত্বৰ আমদানি ঘটিলেও প্ৰকৃতাৰ্থত চুটিগল্প আৰু উপন্যাসৰ জন্ম হোৱা নাছিল ।

(গ) পাশ্চাত্য নাটকৰ আৰ্হিত অসমীয়া ভাষাটো নাটক ৰচনা হ’বলৈ ধৰিলে। 

(ঘ) ‘জোনাকী’, ‘বিজুলী’য়ে বহুতো নতুন লেখক সৃষ্টি কৰে, যিসকলে বিংশ শতাব্দীৰ কেবা দশকলৈ অসমীয়া সাহিত্যৰ বিভিন্ন দিশ পৰিপুষ্ট কৰি গৈছে।

(ঙ) অ. ভা. উ. সা. সভাই বিভিন্ন শাখাৰ যোগেদি আৰু মুখপত্র ‘জোনাকী’ৰ সহায়ত গোটেই অসমতে সাহিত্য তথা সংস্কৃতিৰ প্ৰতি অনুৰাগ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।

(চ) ‘জোনাকী’ আৰু ‘বিজুলী’ৰ সুস্থ প্ৰতিযোগিতাৰ ফলত দুয়োখন কাকতে দুদল লেখক সৃষ্টি কৰি পৰস্পৰে অবাটে যোৱাত বাধা দি সাহিত্যৰ এক সুস্থ বাতাবৰণ গঢ়ি উঠাত সহায় কৰিছিল।

‘অৰুনোদই’ কাকতৰ যোগেদি অসমীয়া ভাষা স্কুল-আদালতত পুনৰ প্ৰতিষ্ঠা হ’ল যদিও হেমচন্দ্ৰ-গুণাভিৰাম আৰু তেওঁলোকৰ সহযোগীসকলে নিৰ্মাণ কৰি যোৱা সাহিত্যক টনকিয়াল কৰি তুলিবৰ বাবে কেইজনমান প্রবাসী অসমীয়া ছাত্ৰই ১৮৮৮ চনত কলিকতাত প্ৰতিষ্ঠা কৰা ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ (অ.ভা.উ.সা.) যোগেদি কিছুমান গঠনমূলক প্ৰচেষ্টা হাতত লয়। তাৰ ভিতৰত-

(১) পুৰণি পুথি সংগ্ৰহ আৰু প্ৰকাশ। 

(২) অসমৰ সকলো শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ প্ৰচলন। 

(৩) অশুদ্ধ ব্যাকৰণ আৰু বাক্য-বিন্যাসৰ ঠাইত শুদ্ধ ব্যাকৰণ আৰু বৰ্ণ-বিন্যাসৰ প্ৰচলন।

(8) সংস্কৃত বা আন ভাষাৰ পৰা ভাল পুথিৰ অনুবাদকৰণ।

(৫) অসমৰ সামাজিক আৰু ধার্মিক ৰীতি-নীতিৰ বৃতান্ত সংগ্ৰহ আৰু বুৰঞ্জী প্ৰণয়ন।

(৬) সাহিত্যৰ আৰু পাঠ্যপুথিৰ অভাৱ দূৰীকৰণ ইত্যাদি। এই উদ্দেশ্যসমূহ কার্যত পৰিণত কৰিবৰ বাবে ১৮৮৯ চনত অ.ভা.উ.সা. সভাৰ মুখপত্ৰ ‘জোনাকী’ নামৰ কাকতখনি মাহেকীয়াকৈ প্ৰকাশ কৰা হয়। অসমীয়া সাহিত্যলৈ পাশ্চাত্যৰ ৰোমাণ্টিক ভাবাদর্শ কঢ়িয়াই অনা অ.ভা.উ.সা. সভাৰ মুখপত্ৰ ‘জোনাকী’ কেৱল এখন আলোচনীয়েই নহয়, এটা স্বর্ণমণ্ডিত যুগ। ড° নগেন শ‍ইকীয়াৰ ভাষাতত্—“ই এটা যুগ, এটা আন্দোলন, এটা সাহিত্যিক ব্যক্তিত্ব।”উল্লেখযোগ্য যে ইংৰাজী ১৮৮৯ চনত প্ৰকাশিত ‘জোনাকী’ৰ সঠিক ইংৰাজী মাহ আৰু তাৰ্থিক লৈ বিভিন্নজনে বিভিন্ন মত দাঙি ধৰিছিল যদিও এই ক্ষেত্ৰত ড° নগেন শ‍ইকীয়াৰ মত প্ৰণিধানযোগ্য। তেখেতে ‘জোনাকী’ৰ একত্ৰ সংকলনৰ ‘ভূমিকা’ত লিখিছে—

“জোনাকীৰ জন্মদিন ১৮৮৯ চনৰ জানুৱাৰী মাহত যে নাছিল বা সেই চনৰ মাঘ বিহুৰ আগে আগে যে নহয়, সেই বিষয়ে ‘জোনাকী’ৰ ভিতৰৰ সাক্ষ্যই প্রমাণ দিয়ে। ১৮৮৯ খ্ৰীষ্টাব্দৰ ১৮ জানুৱাৰীত পণ্ডিত আনন্দৰাম বৰুৱাৰ মৃত্যু হয়। আনন্দৰাম বৰুৱাৰ সোঁৱৰণত ‘জোনাকী’ৰ প্ৰথম সংখ্যাতে ‘শ্ৰীৰ’ ‘শ্ৰীৰই’ অৰ্থাৎ‍ শ্ৰীৰত্নেশ্বৰ মহন্তই লিখা প্ৰবন্ধ প্ৰকাশিত হৈছিল। সেই সময়ত ৰত্নেশ্বৰ মহন্ত নগাঁৱতে থকাৰ কথা। যদি তেওঁ কলিকতাতো কেনেবাকৈ আছিল, তেতিয়াও ‘জোনাকী’ ১৮ জানুৱাৰীৰ পিছত ওলাব। লাগিব। এতেকে ডিম্বেশ্বৰ নেওগে লিখা আৰু যতীন্দ্ৰনাথ গোস্বামীয়েও প্ৰথমতে উল্লেখ কৰা ১৮৮৯ খ্ৰীষ্টাব্দৰ ৯ ফেব্ৰুৱাৰী তাৰিখটোৱেই ‘জোনাকী’ৰ জন্মদিন হোৱা সকলো ফালৰ পৰাই সম্ভৱপৰ।”

অসমীয়া ভাষা-সাহিত্যৰ সৰ্বাংগীন উন্নতিয়েই ‘জোনাকী’ কাকতৰ উদ্দেশ্য আছিল। ‘জোনাকী’ৰ আগ কথাত চন্দ্ৰকুমাৰ গুপ্তই লিখিছিল— …. আমি যুঁজিবলৈ ওলাইছোঁ আন্ধাৰৰ বিপক্ষে। উদ্দেশ্য, দেশৰ উন্নতি, জোনাক।” এনে মহান উদ্দেশ্যৰে জন্মলাভ কৰা ‘জোনাকীয়ে অসমীয়া সাহিত্যত এনে ভাবশক্তিৰ সৃষ্টি কৰিলে, যিয়ে আধুনিক অসমীয়া সাহিত্যৰ চালিকা শক্তিস্বৰূপ হৈ পৰিল। ঊনবিংশ শতিকাৰ নব্বৈৰ দশকৰ পৰা বিংশ শতিকাৰ ত্ৰিছৰ দশকলৈকে অসমীয়া সাহিত্যৰ ভাব, আদৰ্শ, গাঁথনিক ৰূপবস্তুকে ধৰি সকলোতে‘জোনাকীয়ে পেলোৱা প্ৰভাৱ অনস্বীকাৰ্য। ‘জোনাকী’ৰ আদর্শকে লৈ প্ৰকাশিত ‘বিজুলী’ (১৮৯০); পৰৱৰ্তী সময়তপ্ৰকাশ পোৱা ঊষা’ (১৯০৭), ‘বাঁহী’ (১৯০৯); ‘চেতনা’ (১৯১৯); ‘মিলন’ (১৯২৩), ‘সাধনা’ (১৯২৪) আদি কাকত-আলোচনীয়েও এই আদৰ্শকে বাহাল ৰাখি অসমীয়া কাব্য, নাটক, উপন্যাস, চুটিগল্প, প্রবন্ধ, হাস্যৰসাত্মক ৰচনা, সমালোচনা সাহিত্য আদি সকলো দিশকে পাশ্চাত্যৰ ৰোমাণ্টিক ভাবাদৰ্শৰে পোহৰাই তুলিলে। এক কথাত ‘জোনাকীত প্রতিষ্ঠা লাভ কৰা ভাবাদর্শই পৰৱৰ্তী প্ৰায়বোৰ কাকত-আলোচনীৰ মাজত বিস্তাৰ লাভ কৰিলে। এনেদৰে ‘জোনাকী’ক কেন্দ্ৰ কৰি এক সাহিত্যিক আন্দোলন গঢ়ি উঠাৰ বাবে ১৮৮৯ চনৰ পৰা ঠিক দ্বিতীয় বিশ্বযুদ্ধৰ আগলৈকে— এই সময়ছোৱাৰ অসমীয়া সাহিত্যত ‘জোনাকী’ যুগ হিচাপে নামকৰণ কৰা হৈছে। ড° মহেশ্বৰ নেওগে এই সময়ছোৱাত লক্ষীনাথ বেজবৰুৱাৰ অনবদ্য সাহিত্যিক অৰিহণালৈ লক্ষ্য ৰাখি ব্যাপকভাৱে ‘বেজবৰুৱা যুগ’ হিচাপেও নামকৰণ কৰিছে।

২। জোনাকী যুগৰ অসমীয়া সাহিত্য সম্পর্কে আলোচনা আগবঢ়োৱা। 

উত্তৰঃ সাহিত্যৰ বিকাশত কাকত, পত্র, আলোচনীৰ গুৰুত্বই ঐতিহাসিকভাৱে আগস্থান লাভ কৰি আহিছে। অসমীয়া সাহিত্যৰ আধুনিক যুগৰ বিকাশতো কেইখনমান আলোচনীয়ে বিশেষভাৱে অৱদান আগবঢ়াই গৈছে; যাক কেন্দ্ৰ কৰি সাহিত্য সমালোচকসকলে সেই আলোচনীসমূহৰ প্রচলন কালছোৱাক আলোচনীখনৰ নামেৰে অসমীয়া সাহিত্যৰ বিকাশৰ একোটা যুগ বুলি অভিহিত কৰিছে। অৰ্থাৎ‍ অৰুণোদয় যুগ, জোনাকী যুগ আৰু ৰামধেনু যুগ বুলি অভিহিত কৰা হৈছে। খ্ৰীষ্টান মিছনেৰীসকলৰ প্ৰচেষ্টাত ‘অৰুণোদয়’ ১৮৪৬ চনত প্ৰকাশ কৰা হয় আৰু সেই সময়ৰপৰাই অসমীয়া সাহিত্যৰ আধুনিক যুগৰ বিকাশ ঘটে বুলি ক’ব পাৰি। ‘অৰুণোদয়’ৰ যোগেদি অসমীয়া সাহিত্যৰ ভেটি গঢ়িবলৈ চেষ্টা কৰে হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, ৰমাকান্ত চৌধুৰী, কমলাকান্ত ভট্টাচার্য আদি সাহিত্যিকসকলে। 

এই সাহিত্যৰ ভেটি অধিক টনকীয়াল কৰিবলৈ আৰু অসমীয়া ভাষাক উজ্জীৱিত কৰি তুলিবলৈ পাশ্চাত্য শিক্ষাৰে শিক্ষিত এজাক অসমীয়া ডেকা আগবাঢ়ি আহিল। কলিকতাত শিক্ষা গ্ৰহণ কৰি থকা এই ছাত্ৰসকলে ৰজ্জ্বজ্জচনত ‘অসমীয়া সাহিত্য চ’ৰা’ আৰু ১৮৮৮ চনত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ (অঃ ভাঃ উঃ সাঃ সঃ) গঠন কৰে। এই সভাই চন্দ্ৰকুমাৰ আগৰৱালাৰ অৰ্থসাহাৰ্যত ১৮৮৯ চনৰ জানুৱাৰীত পোনপ্ৰথমবাৰৰ বাবে ‘জোনাকী’ নামেৰে অসমীয়া মাহেকীয়া আলোচনীখন প্ৰকাশ কৰে। ১৮৮৯ চনত প্রকাশিত ‘জোনাকী’ আলোচনীখনৰ আয়ুস প্রায় দহ বছৰমান যদিও সেই সময়ছোৱাতে প্রকাশিত আৰু তাৰ পিছৰ সময়ছোৱাতো অর্থাৎ আবাহান যুগ (১৯২৯) আৰম্ভ হোৱা সময়লৈকে প্রকাশিত অন্যান্য আলোচনীসমূহ যেনে—– বিজুলী, বাঁহী, সাধনা আদিয়েও ‘জোনাকী’ আলোচনীয়ে সৃষ্টি কৰা সাহিত্য বৈশিষ্ট্যৰাজিকেই অনুসৰণ কৰি পৰিবৃদ্ধি ঘটাবলৈ চেষ্টা কৰা বাবে এ২ সময়ছোৱাকো জোনাকী যুগে সামৰি লয়। 

গতিকে এই গোটেই সময়ছোৱাকেই জোনাকী যুগ আখ্যা দিয়া হয়। এই যুগতেই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে তেওঁৰ অমূল্য সাহিত্যৰাজিৰ সৃষ্টি কৰিছিল বাবে মহেশ্বৰ নেওগে ‘জোনাকী যুগ’ৰ আন এটা নাম বেজবৰুৱা যুগ বুলিও অভিহিত কৰিছে। জোনাকী যুগত অসমীয়া সাহিত্যৰ প্ৰায়বোৰ দিশতে বিকাশ ঘটিছিল। তলত সেইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল-

কবিতা : জোনাকীযুগত অসমীয়া কাব্য সাহিত্যলৈ ৰোমাণ্টিকতাৰ বাৰ্তা কঢ়িয়াই আনে বনকুঁৱৰী নামৰ কবিতাৰ জৰিয়তে চন্দ্ৰকুমাৰ আগৰৱালাই। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখন – প্রতিমা আৰু বীণবৰাগী। আগৰৱালাৰ কবিতাত পাশ্চাত্য কবি কীটছৰ প্ৰভাৱ দেখা যায়। আগৰৱালাৰ কবিতাত প্রকৃতিৰ বহস্যময় সৌন্দর্য, সৌন্দর্যৰ উপাসনা, মানব বন্দনা ইত্যাদিয়েই প্ৰধানকৈ লক্ষ্য কৰা যায়। জোনাকী কাকতৰ যোগেদি সাহিত্যৰ যুগান্তৰ অনাসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা সর্বগ্রণী। তেওঁ আছিল একেধাৰে কবি, নাট্যকাৰ, হাস্যরসিক গল্পকাৰ আৰু সমালোচক। সেইবাবে ‘জোনাকী যুগ’ক ‘বেজবৰুৱা যুগ’ বুলিও অভিহিত কৰা হয়। বেজবৰুৱাৰ প্রিয়তমা, প্ৰিয়তমাৰ সৌন্দর্য, প্রেম আদি প্ৰণয়মূলক কবিতা, রোমাণ্টিক কবিৰ কল্পনা আৰু ভাবপ্ৰৱণতাৰ সুন্দৰ নিদৰ্শন। 

অসমীয়া সাহিত্যৰ প্ৰথমটো বেলাড ‘ধনবৰ আৰু ৰতনী’ বেজবৰুৱাদেৱে প্ৰেমৰ ভিত্তিতেই সৃষ্টি কৰিছিল। বেজবৰুৱাদেৱৰ কবিতাত স্বদেশপ্রেম আৰু আধ্যাত্মিক অনুভূতিও বিৰাজমান। তেখেতৰ একমাত্ৰ কবিতাপুথিখন হ’ল– কদমকলি। জোনাকী যুগৰ আন এজন অন্যতম কাণ্ডাৰী হ’ল হেমচন্দ্ৰ গোস্বামী যাৰ জোনাকীত প্রকাশিত ‘কাকো আৰু হিয়া নিবিলাও’, ‘পুবা’ নামৰ কবিতাই কাব্য আন্দোলনক নতুন মাত্রা প্রদান কৰে। গোস্বামীৰ ‘প্ৰিয়তমাৰ চিঠি’ অসমীয়া সাহিত্যৰ প্রথম চনেট। গোস্বামীৰ কবিতাবোৰ আছিল অনুভূতি, কল্পনা আৰু ৰচনা সৌষ্ঠৱৰ দ্বাৰা অধিক পৈণত ৰচনা আৰু স্বদেশপ্রীতি, হাস্যৰস প্ৰেমৰ তিনিটি সূতিৰদ্বাৰা সংযুক্ত। 

এইসকলৰ উপৰিও পদ্মনাথ গোহাঞিবৰুৱাকো অৱদানো কম নহয়। গোহাঞিবৰৱা বিশেষকৈ গদ্যশিল্পী আছিল; তৎসত্বেও তেওঁৰ তিনিখন কবিতা পুথি— লীলা, জুৰণি আৰু ফুলৰ চানেকী অসমীয়া সাহিত্যলৈ দান দি গৈছে। তেওঁৰ কবিতাত শোকে প্রাকৃতিক দৃশ্যৰ বৰ্ণনা ভাবাবেগৰ স্বাধীন প্রকাশ সমাজ অনুমোদিত প্ৰেমৰ ৰূপ দেখিবলৈ পোৱা যায়। আনন্দচন্দ্ৰ আগৰৱালাইও অসমীয়া সাহিত্যৰ কবিতাৰ ভঁৰাল অনুদৃত কবিতা আৰু কিছু মৌলিক কবিতাৰে চহকী কৰি গৈছে। ৰোমাণ্টিক যুগৰ কবি চন্দ্ৰধৰ বৰুৱাৰ কবিতাত সমাজ সংস্কাৰৰ মনোভাৱ দেখিবলৈ পোৱা যায়। তেওঁ হঠাৎ পেট্রিয়ত ‘মহাপুৰুষে ভেটি খালে’ কবিতাত সমাজৰ গোড়ামী আৰু ভণ্ডামিক তীব্র ব্যঙ্গ বাণেৰে আঘাত কৰিছে। হিতেশ্বৰ বৰবৰুৱাদেৱে কেইবাখনো কবিতা পুথিৰ দ্বাৰা জোনাকী যুগক এক উচ্চ পর্যায়লৈ লৈ গৈছিল। বৰুৱাৰ কবিতাত শোক, প্রেম, নাৰী চৰিত্ৰৰ প্রাধান্য সকলোবোৰ দেখা যায়। ৰোমাণ্টিক যুগৰ স্বকীয় বৈশিষ্ট্য লৈ অসমীয়া কাব্যসম্ভাৰ টনকীয়াল কৰাসকলৰ ভিতৰত অন্যতম আছিল। ৰঘুনাথ চৌধুৰী। তেখেতৰ কবিতাটিত ঘাইকৈ প্ৰকৃতি প্রেমেই মুখ্য স্থান লাভ কৰিছিল। তেখেতৰ প্রধান কবিতা পুথিকেইখন হ’ল— সাদৰী, কেতেকী আৰু দহিকতৰা। 

এইসকলৰ উপৰিও জোনাকী যুগত ৰমন্যাসবাদৰ দ্বাৰা অসমীয়া কাব্যসাহিত্যৰ ভঁৰাল চহকী কৰা অন্যান্য কবিসকল আছিল— নীলমণি ফুকন, অম্বিকাগিৰি ৰায়চৌধুৰী, দুর্গেশ্বৰ শৰ্মাৰ্য দণ্ডিৰাম কলিতা, যতীন্দ্ৰনাথ দুৱাৰা, ধৰ্মেশ্বৰী দেৱী বৰুৱানী, শৈলধৰ ৰাজখোৱা, নলিনীবালা দেৱী, ৰত্নকান্ত বৰকাকতি, প্ৰসন্নলাল চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালা, গণেশ গগৈ, দেৱকান্ত বৰুৱা আদি। এই কবিসকলে তেওঁলোকৰ কাব্যিক প্ৰতিভাৰ দ্বাৰা জোনাকী যুগৰ কাব্যক জ্যোতিষ্মান কৰি গৈছে। তেওঁলোকৰ হাতত ধৰিয়েই ৰোমাণ্টিক কাব্য সাহিত্যই ১৯৪০ চনলৈকে অসমীয়া সাহিত্যত ৰাজত্ব কৰিছিল। কিন্তু শেষৰফালে ৰোমাণ্টিক কবিতাৰ গাঁঠনি অত্যন্ত দুৰ্বল হৈ পৰাৰ বাবে নতুন কবিতাক বাট এৰি দি ৰোমাণ্টিক কবিতা পথৰ পৰা আঁতৰি যাব লগা হৈছিল।

নাট্য সাহিত্য : পাশ্চাত্য শিক্ষাৰে শিক্ষিত কলিকতা নিবাসী অসমীয়া ছাত্ৰসকলে ইংৰাজী নাটক পঢ়ি আৰু বঙালী নাট্যাভিনয় চাই অসমীয়াতো তেনে নাটক ৰচনা কৰাৰ ব্যৱস্থা কৰিছিল। ৰজ্জুপ্তচনত গুণাভিৰাম বৰুৱাই প্রথম আধুনিক অসমীয়া নাটক ‘বামনবমী’ৰ সৃষ্টি কৰে যদিও ৰত্না শতিকাৰ শেষত আৰু বিংশ শতিকাৰ আৰম্ভণিৰ পৰাহে আধুনিক নাটকৰ বোৱতী সুঁতি প্রবাহিত হয়। ‘ৰাম-নবমী’ৰ যোগেদি পাশ্চাত্য নাটকৰ কৌশল পোনপ্ৰথমে অসমীয়া নাটকত পৰিছিল যদিও ই সংস্কৃত নাটকৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত নাছিল। জোনাকী যুগৰ আৰম্ভণিৰ পৰাহে সম্পূৰ্ণ কলাত্মক দিশত আধুনিক নাটকে অসমীয়া সাহিত্যত ভূমুকি মাৰে। অৱশ্যে স্বাধীনতাৰ আগলৈকে অসমীয়া নাট্য পৰিৱেশৰ অভাৱত কেৱল ঐতিহাসিক আৰু পৌৰাণিক নাটকৰ মাজতেই সীমাবদ্ধ হৈ থকা নাছিল। কাৰণ স্বাধীনতাৰ আগমুহূৰ্তত সমগ্ৰ দেশৰ বাবে পৰাধীনতাই আছিল ডাঙৰ প্ৰত্যাহ্বান। গতিকে সেই সময়ত দেশবাসীৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰিবলৈ নাট্যকাৰসকলে দেশৰ ঐতিহ্য আৰু গৌৰৱৰ কাহিনীৰ নাটসমূহ সৃষ্টি কৰিছিল । তদুপৰি সেই সময়ত শঙ্কৰদেৱে দি যোৱা অংকীয়া নাট-ভাওনাসমূহৰ ফলত মানুহৰ মনত এটা বদ্ধমূল ধাৰণা আছিল যে নাটক হ’বলৈ ৰজা-মহাৰজা বা বুদ্ধিৰ অতি প্রয়োজন। গতিকে এনেবোৰ বাবেই সামাজিক নাটকসমূহে গা কৰি উঠিব পৰা নাছিল। অৱশ্যে সেই সময়তে দুই এখন ধেমেলীয়া প্ৰহসনমূলক নাটক সৃষ্টি হৈছিল।

১৯ শতিকাৰ শেষৰ ফালে ৰমাকান্ত চৌধুৰীয়ে তেওঁৰ সীতা-হৰণ আৰু ৰাৱণ বধন নাটক দুখনেৰে পৌৰাণিক নাটক সুঁতিৰ সৃষ্টি কৰে। ইয়াৰ পিছতে এই সুঁতিতেই উজান দিয়ে নাট্যকাৰ পূৰ্ণকান্ত দেৱশৰ্মাই তেওঁৰ ‘হৰধনু ভঙ্গ’ আৰু ‘হৰিচন্দ্ৰ’ নাটকেৰে এই সময়তেই ৰামায়ণৰ পটভূমিত দেৱনাথ বৰদলৈয়ে ‘বৈদেহী বিচ্ছেদ’ নাটকখনৰ ৰচনা কৰে। আধুনিক অসমীয়া নাটকত প্রথম স্তৰত অমিত্রাক্ষৰ ছন্দত।

সাহিত্যৰ সকলোবোৰ দিশতেই প্রাধান্য লাভ কৰা বেজবৰুৱাৰ নাট্যজগততো অৱদান আছিল। অৱশ্যে তেওঁৰ নাটকসমূহ প্ৰধানকৈ ব্যংগাত্মক আৰু ধেমেলীয়া আছিল। সেইসমূহ আছিল লিতিকাই, নোমল, পাঁচনি, চিকৰপতি-নিকৰপতি। বেজবৰুৱাই অসম বুৰঞ্জীৰ ভিত্তিত ‘’জয়মতী কুঁৱৰী’, ‘বেলিমাৰ’ আৰু ‘চক্ৰধ্বজ সিংহ’ নাটককেইখন ৰচনা কৰিছিল। এই নাটকসমূহত শ্বেক্সপীয়েৰৰ নাটকৰ প্ৰভাৱ অতি স্পষ্ট। জোনাকী যুগতেই আন এজন উল্লেখযোগ্য নাট্যকাৰ হৈছে পদ্মনাথ গোহাঞি বৰুৱা নাট্যকাৰ হিচাপে গোহাঞিবৰুৱাৰ প্ৰথম নাটক ‘গাঁওবুঢ়া’ হৈছে এখন ধেমেলীয়া নাটক। তেখেতৰ আন দুখন ধেমেলীয়া নাটক হৈছে টেটোন তামুলী আৰু ভূত নে ভ্রম। গোহাঞিবৰুৱাৰ প্ৰথম ঐতিহাসিক নাটক হৈছে ‘জয়মতী’। তেওঁৰ অন্য কেইখনমান ঐতিহাসিক নাটক হ’ল গদাধৰ, সাধিনী আৰু লাচিত বৰফুকন। এইকেইখন নাটকৰ পাছত ‘বানজা’ নামে এখন পৌৰাণিক নাটক ৰচনা কৰে। বেনুধৰ ৰাজখোৱাই ১৮৮৯ চনত পদ্মনাথ গোহাঞিবৰুবাৰ লগ লাগি ভৈলা গাভৰু নামে আন এখন নাটক লিখি উলিয়ায়। গুণাভিৰাম বৰুৱাৰ ৰাম নৱমীৰ পাছত আধুনিক নাটকৰ আদি স্তৰৰ গহীন সামাজিক নাটকত নিদর্শন হিচাপে ‘সেউতী কিৰণ’ৰ নাম বিশেষভাবে উল্লেখযোগ্য। চন্দ্ৰধৰ বৰুৱা মাইকেল মধূসূদন দত্তৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হৈছিল আৰু তেওঁৰ এই প্ৰভাৱ গৰিশ ছন্দত ৰচিত ‘মেঘনাদ বধ’ আৰু তিলোত্তমা সম্ভৱত স্পষ্ট ৰূপত দেখা যায়। 

জোনাকী যুগৰ অন্যতম নাট্যকাৰসকল হৈছে— নবীন চন্দ্ৰ বৰদলৈ, ৰাধাকান্ত সন্দিকৈ, দুৰ্গেশ্বৰ শৰ্মা, অম্বিকাগিৰী ৰায়চৌধুৰী, ইন্দেশ্বৰ বৰঠাকুৰ, কীৰ্তিনাথ বৰদলৈ, পদ্মধৰ চলিহা, দণ্ডিৰাম কলিতা, শৈলধৰ ৰাজখোৱা, মিত্ৰদেৱ মহন্ত, পজিৰুদ্দিন আহমদ, কমলানন্দন ভট্টাচার্য, নকুল চন্দ্ৰ ভূঞা, দৈৱচন্দ্ৰ তালুকদাৰ, প্ৰসন্নলাল চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতি প্ৰসাদ বৰুৱা, বিনন্দ বৰুৱা, অতুল চন্দ্ৰ হাজৰিকা, আনন্দ চন্দ্ৰ বৰুৱা, গণেশ চন্দ্ৰ গগৈ, আদি বিশেষভাৱে উল্লেখযোগ্য। এই যুগৰ প্ৰায়বোৰ নাটকতে প্রেম-বিষাদ, মিলনাত্মক-বিয়োগাত্মক ৰস দেখা যায় যদিও নাটকসমূহ প্রধানকৈ ঐতিহাসিক, বুৰঞ্জীমূলক, পৌৰাণিক আৰু কাল্পনিক।

উপন্যাসঃ জোনাকী যুগৰ উপন্যাসৰ ঘাই আদর্শ আছিল ইংৰাজী উপন্যাসৰ ধাৰা। এই সময়ৰ অসমীয়া ঔপন্যাসিকসকল প্ৰধানকৈ ছাৰ ৱাল্টাৰ স্ককৰ বাঙালী নভেল আৰু পাশ্চাত্য ঔপন্যাসিকসকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল। এই যুগৰ উপন্যাসসমূহো ঘাইকৈ বুৰঞ্জীমূলক আৰু পৌৰাণিক আছিল। পদ্মনাথ গোহাঞিবৰুৱাই তেওঁৰ ভানুমতী উপন্যাসখন প্রথম বিজুলী পাতত ধাৰাবাহিকভাৱে আৰু প্ৰায় লগে লগে ‘লাহৰী’ প্ৰকাশ কৰে। উপন্যাসকেইখনৰ প্রধান বিষয়বস্তু আছিল মোৱামৰীয়া ৰুণ আৰু মানৰ আক্রমণ। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্র উপন্যাসখন আছিল পদুম কুঁৱৰী। এই উপন্যাস বুৰঞ্জীমূলক হলেও প্রায় কাহিনী ইয়াৰ প্ৰধান উপজীব্য আছিল। অসমীয়া ঐতিহাসিক উপন্যাসক এটা বিশিষ্ট ৰূপ দিয়ে ৰজনীকান্ত বৰদলৈয়ে। তেওঁৰ নখন উপন্যাসৰ ভিতৰত সৰহখনেই ঐতিসাহিক উপন্যাস। তেওঁৰ মিৰি জীয়ৰী উপন্যাসখন হ’ল একমাত্র সামাজিক উপন্যাস। মনোমতী বৰদলৈৰ প্ৰথম ঐতিহাসিক নাটক। বৰদলৈৰ নাটকসমূহক প্রেম-বিষাদ, ত্যাগ স্পষ্ট ৰূপত দেখা পোৱা যায়। এই যুগৰ আন আন ঔপন্যাসিকসকল হৈছে— দণ্ডিনাথ কলিতা, দৈৱচন্দ্ৰ তালুকদাৰ, হিতেশ্বৰ বৰবৰুৱা, হৰিনাৰায়ণ দত্ত বৰুৱা, শৰৎ চন্দ্ৰ গোস্বামী আদি।

চুটিগল্পঃ আধুনিক অসমীয়া সাহিত্যৰ এটা অতি জনপ্ৰিয় ধাৰা হৈছে চুটিগল্প। জোনাকী যুগতেই চুটিগল্পৰ প্ৰথম সৃষ্টি আৰু বিকাশ ঘটে। লক্ষ্মীনাথ বেজবৰুৱাই চুটিগল্পৰৰ্জনক। তেওঁৰ ‘সাধু কথাৰ কুকি’, সুৰভি আৰু জোনবিৰি অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্পৰ সংকলনৰ পুথি। অৱশ্যে বেজবৰুৱাৰ সকলোবোৰ গল্পতেই চুটিগল্পৰ সকলোবোৰ লক্ষণ পূৰ্ণ কৰা নাই। গল্পসমূহত প্ৰকাশ পাইছে ঊনবিংশ শতিকাৰ শেষৰ ভাঙনমুখী অন্তঃসাৰশূন্য, আভিজাত্যৰ ধ্বজা বহনকাৰী নিম্ন মধ্যবিত্ত শ্রেণী, ইংৰাজ ৰাজত্বৰ দুৰ্নীতিপৰায়ণ আমোলা শ্ৰেণী আৰু অন্ধসংস্কাৰত নিমজ্জিত গাঁৱলীয়া সমাজৰ কাৰ্য ইত্যাদি। বেজবৰুৱাৰ পিছতে শৰৎ চন্দ্ৰ গোস্বামীৰ নাম বিশেষভাৱে উল্লেখযোগ্য। তেওঁৰ অন্যতম গল্প পুথিকেইখন হৈছে গল্পগুলি, মইনা, বাজীকৰ আৰু পৰিদৰ্শন। গোস্বামীৰ গল্পত বেজবৰুৱাৰ দৰে তীব্ৰ ব্যংগ নাইবা চতুৰ হাস্যৰসৰ পৰিৱৰ্তে পীড়িত আৰু অৱহেলিতৰ প্রতি সহানুভূতিশীল দৃষ্টিভঙ্গীৰে দেখা যায়। সহজ-সৰল প্ৰকাশভঙ্গী আৰু গাঁৱলীয়া পটভূমি গোস্বামীৰ গল্পৰ প্ৰধান বৈশিষ্ট্য। এই যুগৰ আন এজন গল্পকাৰ হৈছে নকুল চন্দ্ৰ ভূঞা। তেওঁৰ গল্প পুথিসমূহ হৈছে চোৰাংচোৱাৰ চ’ৰা, জোনোৱালী আৰু গল্পৰ শৰাই। ভূঞাৰ গল্পসমূহৰ বিশেষত্ব আছিল গাঁৱলীয়া সমাজৰ পটভূমি। অৱশ্যে চুটিগল্পৰ বিশেষ উপাদান সংহত ঘটনা বিন্যাস আৰু সৰস বর্ণনা ভূঞাৰ গল্পত দেখা পোৱা নাযায়। লক্ষ্মীনাথ ফুকনো এই যুগৰ গল্পকাৰসকলৰ ভিতৰত আন এজন অহনী গল্পকাৰ। তেওঁৰ গল্প সংকলনসমূহ হল—– মালা, ওফাইদাং, মৰমৰ মাধুৰী, আশাত উৎফুল্ল মন আৰু আনন্দে নধৰে হিয়া। 

সংযত আৰু সাবলীল প্রকাশভংগীৰ উপৰিও একপ্ৰকাৰ কৰুণ হাস্যৰসৰ কাৰণে ফুকনৰ গল্পসমূহ সকলোৰে আকর্ষণীয়। জোনাকী যুগৰ আনসকল গল্পকাৰ হল – দণ্ডিনাথ কলিতা, সূর্যকুমাৰ ভূঞা, নগেন্দ্ৰনাৰায়ণ চৌধুৰী, মহীচন্দ্ৰ কৰা, লক্ষ্মীধৰ শৰ্মা, হলিৰাম ডেকা, ত্রৈলোক্যনাথ গোস্বামী, বীণা বৰুৱা, বিৰিঙ্গি কুমাৰ বৰুৱা, ডাঃ হেম বৰুৱা, মুনীন বৰকটকী আদি।

প্রবন্ধ আৰু সমাাচনা সাহিত্য : আধুনিক অসমীয়া পদ্য-ৰীতিৰ বিকাশত প্রবন্ধ সাহিত্যৰ বৰঙণি বিশেষভাবে উল্লেখযোগ্য। ‘অৰুণোদই’ৰ পাছতে প্ৰবন্ধৰ জন্ম হৈছিল যদিও ভাষা আৰু বিষয়বস্তুৰ ফালৰ পৰা ই পৰিপক্কতা লাভ কৰে ‘জোনাকী’ৰ সময়ৰ পৰাহে।

প্ৰবন্ধ সাহিত্যৰ ক্ষেত্ৰতো লক্ষ্মীনাথ বেজবৰুৱাৰ নাম বিশেষভাৱে উল্লেখযোগ্য। বেজবৰুৱাৰ প্ৰবন্ধসমূহত দুটা দিশৰ প্ৰতিফলন ঘটা দেখা যায়। ইয়াৰে কিছুমানত পোৱা যায় খুহুতীয়া, হাস্যৰসিক আৰু আন কিছুমানত পোৱা যায় চিন্তাশীল আৰু তত্ত্বগধুৰ কথা। তেওঁ কৃপাবৰ বৰুৱাক লৈ যিবোৰ ব্যঙ্গাত্মক আৰু হাস্যৰসপূৰ্ণ ৰচনাৰাজিৰ সৃষ্টি কৰিলে সেয়া অতুলনীয়। তেওঁ পাশ্চাত্য সাহিত্যৰ চাৰ্লছ ডিকেমৰ আৰ্হিত তেওঁৰ কৃপাবৰ বৰবৰুৱাৰ চৰিত্ৰটোৰ সৃষ্টি কৰিছিল। তেওঁৰ কিছুমান ব্যঙ্গাত্মক প্ৰবন্থ সংগ্ৰহ হৈছে— কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভটনি আৰু বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি। বেজবৰুৱাই তেওঁৰ তত্ত্বগধুৰ প্ৰবন্ধসমূহৰ বৈষ্ণৱ ধৰ্মৰ সাহাৰ্য প্ৰকাশ কৰিছে। তেনে কিছুমান প্ৰবন্ধ সংকলন হৈছে— ভাগৱত কথা, তত্বকথা আদি। জোনাকী যুগৰ প্ৰবন্ধ লিখক হিচাপে সত্যনাথ বৰাৰ নাম বিশেষভাৱে উল্লেখযোগ্য। 

সত্যনাথ বৰাৰ সাহিত্য বিচাৰ, সাৰথি, চিন্তাকলি, কেন্দ্রসভা আদি উল্লেখযোগ্য প্ৰবন্ধমূলক গ্রন্থ। ইয়াৰে কেন্দ্ৰসভাখন সমাজ সংস্কাৰমূলক হাস্যৰসিক গ্রন্থ। সত্যনাথ বৰাৰ গ্ৰন্থসমূহত বিষয়বস্তুৰ গভীৰতাকৈ ভাষাৰ সাৱলীলতাহে অধিক আছিল। পদ্মনাথ গোহাঞিবৰুৱাইও অসমীয়া সাহিত্য প্রবন্ধলৈ তেওঁৰ দুখনি ধৰ্মমূলক গ্রন্থ শ্ৰীকৃষ্ণ আৰু গীতাসাৰ আগবঢ়াই গৈছে। হেমচন্দ্ৰ গোস্বামী আৰু কনকলাল বৰুৱাইও বিজ্ঞানসন্মত আৰু নিমজ ভাষাৰে তেওঁলোকৰ ঐতিহাসিক আৰু বুৰঞ্জীমূলক প্রবন্ধসমূহ অসমীয়া সাহিত্যলৈ দান দি গৈছে। হেমচন্দ্ৰ গোস্বামীৰ সম্পাদনাত প্ৰকাশ পোৱা অসমীয়া সাহিত্যৰ চানেকি এক সুবৃহৎ গ্রন্থ। ইয়াৰ উপৰিও দৰং ৰাজবংশাৱলী, পুৰণি অসম বুৰঞ্জী আৰু কথা-গীতা গোস্বামীয়ে সম্পাদনা কৰা উল্লেখযোগ্য গ্রন্থ। বিষয়বস্তুৰ নতুনত্ব আৰু সৰস প্রকাশভঙ্গীয়ে প্রবন্ধ সাহিত্যৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত তৰুণৰাম ফুকন আৰু জ্ঞানদাভিৰাম বৰুৱাৰ নাম বিশেষভাবে উল্লেখযোগ্য। এইক্ষেত্ৰত তৰুণৰাম ফুকনৰ যৌনতত্ত্ব আৰু চিকাৰ কাহিনী আৰু জ্ঞানদাভিৰাম বৰুৱাৰ বিলাতৰ চিঠি উল্লেখযোগ্য। বৰবাৰ বিলাতৰ চিঠি হৈছে প্ৰথম অসমীয়া ভ্রমণ কাহিনী। 

এইসকলৰ উপৰিও প্ৰবন্ধকাৰ আৰু সাহিত্য সমালোচক হিচাপে আমি নীলমণি ফুকন, অম্বিকাগিৰী ৰায়চৌধুৰী, বাণীকান্ত কাকতি, সূর্যকুমাৰ ভূঞা, বেণুধৰ শৰ্মা, ডিম্বেশ্বৰ নেওগ আদিৰ নাম ল’ব পাৰো।

জীবনী সাহিত্য : অসমীয়া সাহিত্যত জীৱনী সাহিত্য বুলি ক’লে প্ৰথমে বৈষ্ণৱ সাহিত্যৰ অন্তৰ্গত শ্ৰীকৃষ্ণ জীৱন বৃত্তান্তমূলক গ্ৰন্থসমূহ আৰু গুৰুচৰিতসমূহৰ কথাই প্রথমে উল্লেখ কৰিব লাগিব। কিন্তু এই চৰিত পুথিসমূহক আধুনিক অৰ্থত জীৱনী সাহিত্য বুলি ক’ব নোৱাৰি। প্ৰথম আধুনিক অৰ্থত জীৱনী সাহিত্যৰ বিকাশ ঘটিছিল জোনাকী যুগতে। জীৱনী সাহিত্যক দুটা ভাগত ভগাব পাৰি। সেয়া হৈছে— আনে ৰচনা কৰা জীৱন চৰিত আৰু আত্মচৰিত। জীৱনী সাহিত্যৰ মূল উপাদান হৈছে সত্যনিষ্ঠা। জীৱনী সাহিত্যৰ লেখকে কোনো পক্ষপাতিত্ব নকৰাকৈ নায়কৰ জীৱনৰ মিঠা-টেঙা সকলো ধৰণৰ কথাকে প্ৰকাশ কৰিব লাগে। অৱশ্যে ইয়াৰ বাবে লিখকসকলে যাৰ জীৱনী ৰচনা কৰিব তেওঁৰ লগত ঘনিষ্ঠ সম্বন্ধ থকাৰ দৰকাৰ। তদুপৰি জীৱনী সাহিত্যত সমসাময়িক সমাজৰ সামাজিক, সাংস্কৃতিক, অর্থনৈতিক আদিৰ এক আভাস দিব পাৰিলেও সাৰ্থক জীৱনী সাহিত্য ৰচনা কৰা বুলি ক’ব পাৰি।

আধুনিক অথচ প্রথমখন অসমীয়া জীৱনী সাহিত্য প্ৰকাশ কৰিছিল গুণাভিৰাম বৰুৱাই ‘আনন্দৰাম ঢেকীয়াল ফুকনৰ জীৱনী’। ইয়াৰ উপৰিও বেজবৰুৱাই আধুনিক দৃষ্টিভঙ্গীৰে শংকৰদেৱ আৰু শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ নামৰ আলোচনামূলক জীৱনী দুখন ৰচনা কৰে। গ্ৰন্থ দুখনৰ গুৰু দুজনাৰ অধিক গুৰুত্ব দিছিল। সূর্যকুমাৰ ভূঞাৰ গোপাল কৃষ্ণ গোখলে আৰু আনন্দ বৰুৱা আন দুখন উল্লেখযোগ্য জীৱনীমূলক গ্রন্থ। এইসকলৰ উপৰিও মহাদেৱ শৰ্মাৰ বুদ্ধদেৱ আৰু মহম্মদ চৰিত, পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ দ্বাৰা সম্পাদিত জীৱনী সংগ্রহ, সৰ্বেশ্বৰ শৰ্মা কটকীৰ সত্যনাথ বৰাৰ জীৱন চৰিত আৰু হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত, সূর্যকুমাৰ ভূঞাৰ জোনাকী আৰু চানেকী, গোপীনাথ বৰদলৈৰ ‘দেশভক্ত তৰুণৰাম ফুকন আদিৰ নাম বিশেষভাবে উল্লেখযোগ্য।

আনহাতে খুব কম সংখ্যকেহে আত্মজীৱনী প্ৰকাশ কৰি গৈছে। সেইসমূহৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণ, বেণুধৰ ৰাজখোৱাৰ মোৰ জীৱণ দাপোণ, পদ্মনাথ গোহাঞি বৰুৱাৰ মোৰ সোঁৱৰণী বিশেষভাবে উল্লেখ কৰিব পাৰি, য’ত বিষয়বস্তুৰ অকপট প্রকাশ, নিৰপেক্ষ দৃষ্টিভংগীৰ প্ৰয়োগ ঘটিছে।

এইদৰেই জোনাকী যুগত অসমীয়া সাহিত্যই বিকাশ লাভ কৰিছিল।

৩। জোনাকী কাকত আৰু ৰমন্যাসবাদ – এই সম্পর্কে এটি টোকা যুগুত কৰা?

উত্তৰঃ অসমীয়া ভাষা সাহিত্য চৰ্চা আৰু উত্তৰণৰ ক্ষেত্ৰত জোনাকী কাকতখনৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য। জোনাকীয়ে মৃত্যুমূখী অসমীয়া ভাষা সাহিত্যক জীপাল কৰায়ে নহয়, ইউৰোপীয় সাহিত্যৰ বিশেষ ভাবাদর্শযুক্ত ৰূপক আমদানি কৰি আনিলে। এই ভাবধাৰাযুক্ত ৰূপটো হ’ল— ৰোমাণ্টিক ভাবাদর্শযুক্ত সাহিত্য। 

জোনাকী কাকতৰ জন্মৰ পটভূমি : দশম-একাদশ শতিকাৰ ভিতৰত জন্মলাভ কৰা নব্য ভাৰতীয় আর্যভাষাসমূহৰ ভিতৰত অসমীয়া ভাষা অন্যতম। নব্য-ভাৰতীয় আন প্ৰান্তীয় ভাষাতকৈ অসমীয়া ভাষাটো সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আগবঢ়া আছিল। চৰ্যাপদৰ পৰা আৰম্ভ কৰি প্ৰাক-শংকৰী, শংকৰী, শংকৰোত্তৰ যুগত অসমীয়া সাহিত্যই এখন স্বকীয় আসন দখল কৰিছিল। কিন্তু মান-মৰাণৰ আক্ৰমণ, আহোম, কোচ ৰাজ্যৰ পতন, ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি মতে অসমৰ শাসনভাৰ ইংৰাজৰ হাতলৈ যোৱা ইত্যাদি কাৰকে অসমৰ ৰাজনৈতিক তথা সামাজিক জীৱন অস্থিৰ কৰি তুলিছিল। সাহিত্য চৰ্চাৰ অনুকূল পৰিবেশ নথকাত অসমীয়া মানুহে সাহিত্য চর্চাৰ প্রতি এক প্ৰকাৰ পিঠি দিছিল। এনে এক পৰিস্থিতিৰ মাজতে ইংৰাজ চাহাবে অসমৰ অফিচ-আদালতত কেৰাণী, মহৰী চাকৰিৰ বাবে বঙলা লোক কিছুমানক আমদানি কৰি আনিছিল। এইসকলৰ প্রৰোচনাতে ১৮৩৬ চনত ইংৰাজ চাহাবে অসমৰ বিদ্যালয়, চৰকাৰী কার্যালয়, আদালতৰ পৰা অসমীয়া ভাষাক আঁতৰাই বাংলা ভাষাক জাপি দিলে। ইয়াৰ প্ৰভাৱ অসমীয়া ভাষা-সাহিত্যত সুদূৰ-প্ৰসাৰী আছিল। অসমীয়া মানুহৰ সাহিত্য-চৰ্চা ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিলে।

অসমীয়া ভাষা-সাহিত্যৰ এনে এক জটিল সন্ধিক্ষণত আশাৰ ৰেঙণি দেখা দিলে অসমত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰলৈ অহা খ্রীষ্টান পাদুৰীসকলৰ আগমনে। অসমত খ্ৰীষ্টান ধর্ম প্রচাৰত ভাষাৰ সমস্যাই দেখা দিয়াত এওঁলোকে অসমত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি আহিল। এই ক্ষেত্ৰত আনন্দৰাম ঢেকিয়াল ফুকনৰ নাম বিশেষভাৱে উল্লেখযোগ্য। অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ফুকনে পাদুৰী চাহাবসকলক সকলো প্ৰকাৰে সহায় কৰিছিল। অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ প্ৰচেষ্টাও আছিল যথেষ্ট। এওঁলোকৰ প্ৰচেষ্টাতে ১৮৭৩ চনত অসমীয়া ভাষাই পূর্বৰ স্থান অধিকাৰ কৰিলে। কিন্তু এই সময়ছোৱাত বিশ্বৰ আন সাহিত্য বিশেষকৈ ইউৰোপীয় সাহিত্যই নতুন ভাব আদৰ্শৰ দ্বাৰা বহুখিনি আগবাঢ়ি গ’ল। অসমৰ গাতে লাগি থকা বাংলা সাহিত্যও নতুন ভাবাদর্শ গ্ৰহণ কৰি উন্নতিৰ জখলাৰে আগবাঢ়িছিল। মাথোন পিছ পৰি ৰ’ল অসমীয়া ভাষা। 

১৮৪৬ চনত মিছনেৰীৰ যত্নত প্ৰকাশিত অৰুণোদয়ে প্ৰচাৰধৰ্মী সাহিত্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। মৌলিক আৰু সৃষ্টিধর্মী সাহিত্যৰ পৰা বঞ্চিত অসমীয়াক হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাই একক প্ৰচেষ্টাৰে স্বদেশ প্রেম তথা জাতীয়তাবোধযুক্ত সাহিত্য ৰচনাত আত্মনিয়োগ কৰিছিল। এওঁলোক দুজনৰ ওপৰিও ৰমাকান্ত চৌধুৰী, ভোলানাথ দাস, লম্বোধৰ বৰা, কমলাকান্ত ভট্টাচার্য আদিয়ে অসমীয়া সাহিত্য উন্নতিৰ বাবে প্রচেষ্টা চলাইছিল। 

হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আৰু এওঁলোকৰ সহযোগীসকলৰ প্ৰচেষ্টাত অসমীয়া ভাষা-সাহিত্যই কিছু পৰিমাণে ঠন ধৰি উঠিছিল। ইয়াৰ পিছতে অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাৰ কেন্দ্ৰ কলিকতালৈ সলনি হ’ল। কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰি থকাএদল ডেকা যুৱকে অসমীয়া ভাষা-সাহিত্য চৰ্চাৰে অসমীয়া ভাষা-সাহিত্য উন্নতিৰ বাবে আগবাঢ়ি আহিল। হেমচন্দ্ৰ, গুণাভিৰাম আৰু তেখেতসকলৰ সহযোগীসকলে অসমীয়া সাহিত্যৰ যি ভেটি নিৰ্মাণ কৰিলে তাত মন্দিৰ নিৰ্মাণ কৰিবলৈ নতুন এদল পাশ্চাত্য শিক্ষাৰে শিক্ষিত ডেকা আগবাঢ়ি আহিল। এইসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোঁহাঞি বৰুৱা, সত্যনাথ বৰা, কনকলাল বৰুৱা আদি অন্যতম। এওঁলোকৰ যত্নতেই ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা চমুকৈ অঃভাঃউঃসঃৰ জন্ম হয়। এই সভাৰ মুখপাত্র হিচাপে ১৮৮৯ চনত চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত ‘জোনাকী’ মাহেকীয়া কাকতখন কলিকতাৰ পৰা প্ৰথম প্ৰকাশ হৈছিল। 

জোনাকী কাকতখনৰ প্ৰকাশ অসমীয়া সাহিত্যৰ যুগান্তকাৰী ঘটনা, আধুনিক অসমীয়া সাহিত্যৰো জন্মোৎসব। জোনাকীৰ প্ৰথম সংখ্যাতে প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বনকুঁৱৰী’ কবিতাটো প্ৰথম ৰোমাণ্টিক কবিতা। এই কবিতাটো প্ৰকাশৰ লগে লগে অসমীয়া সাহিত্যত ৰোমাণ্টিক সাহিত্যৰ উন্মেষ ঘটে। জোনাকী কাকতখনৰ প্ৰকাশৰ মূল উদ্দোশ্য আছিল অসমীয়া সাহিত্যৰ উন্নতি সাধন কৰা। চন্দ্ৰকুকাৰ আগৰৱালা জোনাকীৰ “আত্মকথা’ত সেই কথা উল্লেখ কৰিছে….. আমি যুঁজিবলৈ উলাইছো আন্ধাৰৰ বিপক্ষে, উদ্দেশ্য দেশৰ উন্নতি, জোনাক। জোনাকী কাকতৰ লিখকসকলে পাশ্চাত্য সাহিত্যৰ ভাবধাৰা গ্ৰহণ কৰিছিল। বিশেষকৈ ৰোমাণ্টিক ভাবাদর্শযুক্ত বিভিন্ন শ্ৰেণীৰ কবিতা যেনে— প্রকৃতিমূলক, ছনেট, শোক কবিতা, ব্যংগ কবিতা, স্বদেশপ্রেমমূলক, ৰসহ্যমূলক আদি বিভিন্ন কবিতাৰ লগতে পাশ্চাত্য দৃষ্টিভংগীয়ে নাটক, গল্প, উপন্যাস, জীৱনী, ৰম্য ৰচনা, সমালোচনা আদিয়ে অসমীয়া সাহিত্যক ঠন ধৰাই তুলিছিল।

ৰমন্যাসবাদ : ৰমন্যাসবাদ হ’ল সাহিত্যৰ এক বিশেষ চেতনা। অষ্টাদশ শতিকাৰ শেষ আৰু ঊনবিংশ শতিকাৰ আদি ভাগত ইউৰোপত এই বিশেষ সাহিত্যিক চেতনাই আত্ম প্ৰকাশ কৰিছিল। কল্পনা হ’ল এই সাহিত্যিক চেতনাৰ মূলমন্ত্র। ক্লাচিকেল বা ধ্রুপদী সাহিত্যৰ একঘেৰীয়াই কবি সাহিত্যিকসকলৰ বাবে আমনিদায়ক হ’ল। তাৰ পৰা ওলাই অহাৰ চেষ্টাতে ৰমন্যাসবাদৰ জন্ম। ৰোমাণ্টিক বা ৰমন্যাসবাদ কোনো এটা বিশেষ সাহিত্যিক গোষ্ঠীৰ মতবাদ নহয়। সাহিত্য তথা শিল্পকৰ্মৰ আধাৰত ই এক মনোভংগী অথবা মেজাজৰ প্ৰকাশ। ফৰাচী বিপ্লৱৰ বাণীয়ে কবি-সাহিত্যিকসকলক প্ৰভাৱাম্বিত কৰিছিল। এই ৰাজনৈতিক আন্দোলনটোৱে এক নতুন চিন্তা চেতনাৰ জন্ম দিলে। ফৰাচী বিপ্লৱৰ সাম্য, মৈত্ৰী আৰু স্বাধীনতা বাণীৰ প্ৰতি আকৰ্ষিত হৈ কবি-সাহিত্যকসকল স্বাধীনতাপ্রিয় আৰু কল্পনা বিলাসিনী হৈ পৰিছিল। ইয়াৰ পূৰ্বে কেৱল ৰাজনৈতিক পৰাধীনতাই নহয়, চিন্তা আৰু বিকাশৰ পৰাধীনতাই মানুহক সেই সময়ত বান্ধি ৰাখিছিল। ৰুছো, কাণ্ট, হেগেল আদি দার্শনিকসকলৰ মুক্তি চেতনায়েও কবি সাহিত্যিকসকলক আকৰ্ষিত কৰিছিল। কল্পনাই স্বাধীনতা পালে। ইয়াৰ প্রভাৱ পৰিল সাহিত্যত। বিশেষকৈ কবিতাত।

ৰমন্যাসবাদৰ সংজ্ঞা : মন্যাসবাদ বা ৰোমাণ্টিক সাহিত্যৰ এটা নিৰ্দিষ্ট সংজ্ঞা দিয়াত ব্যর্থ হৈছে সাহিত্য-সমালোচকসকল। ইয়াৰ কাৰণ হ’ল কল্পনাই ইয়াৰ মূল আমঠু হোৱাত ৰোমাণ্টিক সাহিত্য একাধিক লক্ষণযুক্ত বৈচিত্র্যধর্মী। মন্যাসিক চিন্তা চেতনাই ধ্রুপদী চিন্তা চেতনাৰ পৰা আঁতৰি আহি কল্পনাক অবাধ স্বাধীনতা দিয়াত ইয়াৰ প্ৰকৃতি বিচিত্রময় হৈ পৰিল।

সমালোচক পেটাৰে ৰমন্যাসবাদক সৌন্দৰ্যৰ লগত অদ্ভুদৰ মিলন বুলি অভিহিত কৰিছে। (Addition of strangeness)। আন এজন . সমালোচক হাইনৰ মতে ধ্রুপদী শিল্পই সসীম আৰু ৰোমাণ্টিক শিল্পই অসীমক ব্যঞ্ছিত কৰিছে (Classic art Portrays the finite romantic art also suggest the infinite)। ৰমন্যাসবাদৰ আন এক সংক্ষিপ্ত সংজ্ঞা দাঙি ধৰিছে থিয়োভৰ বাট চ ডাণ্টনে। তেওঁৰ মতে ৰমন্যাসবাদ হ’ল বিস্ময়ৰ পুনজাগৰণ (Ranancence of wonder)। ৰমন্যাসবাদৰ এটা সন্তোষজনক সংজ্ঞা দিবলৈ যত্ন কৰিছে সমালোচক এম্বাৰক্ৰম্বিয়ে। তেওঁৰ মতে বাহ্যিক অভিজ্ঞতাৰ পৰা আঁতৰি গৈ অন্তলোকৰ ওপৰত দৃষ্টি নিবন্ধ কৰাটোৱেই ৰমন্যাসবাদ (Romanticism is withdrawal from outer experience to concentrate upon the inner)। ৰমন্যাসবাদৰ এটা ভাল সংজ্ঞা হিচাপে আমি হাৰফোৰ্ডৰ সংজ্ঞাটোৰ কথা ক’ব পাৰো। তেওঁৰ মতে কল্পনা শক্তিৰ অসামান্য বিকাশেই ৰমন্যাসবাদ (Romanticism is the extra-ordinary development of imaginative sensibility)

ৰোমাণ্টিক সাহিত্যৰ বিচিত্ৰ প্ৰকাশভংগীৰ বাবে এটা নিৰ্দিষ্ট সংজ্ঞা দিব পৰা নাযায়। তথাপিতো ৰোমাণ্টিক সাহিত্যৰ ক্ষেত্ৰত এটা কথা ক’বই লাগিব যে কল্পনাই ৰোমাণ্টিক সাহিত্যৰ প্ৰাণ।

ৰমন্যাসবাদ বা ৰোমাণ্টিক সাহিত্যৰ প্ৰধান লক্ষণ : ৰোমাণ্টিক সাহিত্যৰ প্ৰধান লক্ষণসমূহ হ’ল মণ্ময়ধর্মীতা বা ব্যক্তিনিষ্ঠতা, কল্পনা প্রৱণতা, প্রকৃতিপ্রীতি, উদাৰ মানসিকতা, বিস্ময় ভাব, অতীতৰ প্ৰতি শ্ৰদ্ধাশীল মনোভাৱ, ভৱিষ্যতৰ ৰঙীণ কল্পনা, প্রেম, সৌন্দৰ্যৰ প্ৰকাশ, স্বদেশানুৰাগ, গ্ৰাম্য জীৱনৰ সৰলতা, কল্পনাৰ সহায়ত আত্মমুক্তিৰ মনোভাৱ, অলৌকিকতা, বাস্তৱ বিমূখীতা, ৰহস্যবাদী চিন্তা-চেতনাৰ প্ৰকাশ ইত্যাদি।

মন কৰিবলগীয়া কথা যে, ৰোমাণ্টিক কবি-সাহিত্যিকসকলৰ ৰচনাত ওপৰত উল্লেখ কৰা সকলোবোৰ লক্ষণেই একেলগে প্রকাশ নাপায়। কবি-সাহিত্যিকসকলৰ ৰচনাত দুই এটা লক্ষণহে প্ৰকাশ পোৱা দেখা যায়। উদাহৰণস্বৰূপে অসমীয়া সাহিত্য জগতৰ প্ৰথম ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ মাজত প্রকৃতিপ্রীতি, প্রেম আৰু সৌন্দর্য, সাধাৰণ মানুহৰ মহাদ ঘোষণা আদি বিষয়সমূহহে প্রকাশ পাইছে। 

৪। ৰোমাণ্টিক কবিতাৰ প্রধান লক্ষণসমূহ কি কি?

উত্তৰঃ ৰমন্যাসবাদ মূলতঃ পাশ্চাত্যৰ চিন্তা। ফৰাচী বিপ্লৱৰ ফল, ৰুচোৰ প্ৰকৃতিৰ প্ৰতি প্ৰত্যাৱৰ্তনৰ ধাৰণা আদি বিভিন্ন কাৰণত পাশ্চাত্যত মন্যাসবাদৰ মূল চিন্তা চেতনাই গা কৰি উঠে আৰু ই ক্রমান্বয়ে সমস্ত বিশ্বত ব্যাপ্ত হৈ পৰে।

অসমলৈ ৰোমাণ্টিক চিন্তা চেতনাৰ বাট কাটি আনে কলিকতাত শিক্ষাৰত হৈ থকা প্ৰৱসুৱা ছাত্ৰসকলে। বিশেষকৈ চন্দ্ৰকুমাৰৰ ‘বনকুঁৱৰী’ নামৰ প্ৰথম ৰোমাণ্টিক কবিতাত প্রকাশে সার্থক উন্মেষ ঘটায়। মন্যাসবাদীসকলৰ ৰচনা কেতবোৰ বিশেষ লক্ষণ সমালোচক সকলে প্রত্যক্ষ কৰিছে। তাৰে ভিতৰত উল্লেখনীয় লক্ষণবোৰ হ’ল— 

(ক) প্রকৃতি প্রীতি : ৰুচোৰ প্ৰকৃতিৰ প্ৰতি প্ৰত্যাবৰ্তনৰ ধাৰণাই ৰোমাণ্টিক কবিসকলৰ মনত প্ৰকৃতিৰ প্ৰতি এক আকৰ্ষণৰ জন্ম দিয়ে। জগতৰ সকলো সৎগুণ প্ৰকৃতিৰ বুকুতে নিহিত হৈ আছে বুলি বিশ্বাস কৰা ৰোমাণ্টিক কবিসকলে সেয়েহে প্ৰকৃতিৰ অনিৰ্বাচনীয় সৌন্দৰ্যৰ সন্ধানত নিজকে ব্ৰতী কৰিছিল আৰু সেয়েহে প্ৰকৃতি প্রীতি আছিল ৰমন্যাসিক কবিসকলৰ এক বিশিষ্ট লক্ষণ।

(খ) সাধাৰণ বস্তুত অসাধাৰণত্ব আৰোপ : ৰোমাণ্টিক কবিসকলে জগতৰ সকলো সৰু বস্তুৰ মাজতে অসাধারণত্ব দেখিবলৈ পাইছিল। আমাৰ ৰঘুনাথ চৌধুৰীদেৱে কেতেকীৰ মাজতো পৃথিবীৰ সকলো সততা সকলো সৌন্দর্য দেখিবলৈ পোৱাৰ দৰে তেওঁলোকে সাধাৰণ বস্তুৰ মাজতে অসাধাৰণত্ব আৰোপ কৰিছিল।

(গ) বহস্যৰ সূক্ষ্ম অনুভূতি : ৰোমাণ্টিক কবিসকলে অতি বিচক্ষণভাৱে সৌন্দৰ্য ৰহস্য আৰু বিস্ময়ক একীভূত কৰিছিল। তেওঁলোকে সকলোৰে মাজত এক সূক্ষ্ম ৰহস্য বিচাৰৰ যত্ন কৰিছিল।

(ঘ) মন্ময় ধর্মিতা : অন্তৰৰ ভাবৰাজিক এক সার্বজনীন ৰূপ দিয়াই হ’ল মন্ময়ধর্মিতা। ৰোমাণ্টিক কবিসকলৰ কল্পনাত তেওঁলোকৰ মনৰ সকলোবোৰ সৰু বস্তুরেই একোটা সার্বজনীন ৰূপ ল’বৰ চেষ্টা কৰিছে। বস্তু একোটাৰ অস্তিত্বই তাৰ অর্ন্তলোকৰ অভিজ্ঞতা আৰু তাৰ সামগ্ৰিক ৰূপ তৃষ্ণাৰ অন্বেষণে ৰোমান্টিক কবিসকলৰ ভাৱনাক সার্বজনীন ৰূপ দিছে। 

(ঙ) জীৱনৰ মৌলিক সৰলতাৰ প্ৰতি আকর্ষণ : ৰুচোৰ ধাৰণাই আছিল যে জীৱনটো মৌলিকভাৱে সৎ আৰু সুন্দৰ । সামাজিক আৱহাৰাইহে মানুহক অসুন্দৰ কৰি তোলে। সেয়েহে তেওঁলোকে সাধাৰণ মানুহ বা চহা জীৱনৰ সৰলতাৰ প্ৰতি এক বিশেষ ধৰণৰ আদান প্ৰদান অনুভৱ কৰিছিল। জীৱনৰ এই মৌলিক সৰলতাৰ প্ৰতি অন্বেষণ ৰোমামিটক কবিতাৰ এক অন্যতম বৈশিষ্ট্য।

(চ) অতীত প্ৰীতি আৰু মধ্যযুগৰ ভাবান্বেষণ : মধ্যযুগৰ মাজত থকা লোক জীৱনৰ এক বিশেষ আকর্ষণ আছিল। অতীতৰ বিভিন্ন বৈচিত্র্যই তেওঁলোকৰ মনত বিশেষভাৱে ধৰা দিছিল। আনকি অসমীয়া ৰোমাণ্টিক কবিসকলৰ কল্পনাতো বাৰে বাৰে মধ্যযুগৰ ভাবান্বেষণ প্রত্যক্ষ কৰিব পাৰি।

(ছ) কাৰুণ্যতা : সমসাময়িক সামাজিক ঘটনাৱলীৰ বাবে ৰোমাণ্টিক কবিসকল হয়তো বৰ সুখী নাছিল। সৎ আৰু অসত্ৰ দ্বন্দ্বই সৃষ্টি কৰা এক দোদ্যোল্যমান মানসিক অৱস্থাই অনবৰতে তেওঁলোকৰ অন্তৰ আলোড়িত কৰি ৰাখিছিল। সেয়েহে প্ৰচলিত অৱস্থা বা সংসাৰখনৰ প্ৰতি এক অনীহা আৰু কাৰুণ্যতাৰ ভাবো তেওঁলোকৰ কবিতাৰ মাজত ফুটি উঠিছিল।

(জ) এক সতেজ বৌদ্ধিক অনুসন্ধিৎসা : ৰোমাণ্টিক কবিসকল যদিও বিশেষভাৱে কল্পনাপ্রৰণ আছিল বা সৌন্দৰ্যৰ কল্পলোকত উটি ভাঁহি ফুৰিছিল তথাপিও তেওঁলোকৰ চিন্তাৰ মাজত আছিল এক সতেজ বৌদ্ধিক অনুসন্ধিৎসা। 

(ঝ) স্বতঃস্ফুৰ্ত্ততা : ৰোমাণ্টিক কবিসকলে তাহানিৰ ধৰা বন্ধা নীতি নিয়মবোৰ ভাঙিবলৈ যত্ন কৰিছিল আৰু নিজৰ কবিতাৰ কাননত মুক্তভাৱে বিচৰণ কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকৰ কল্পনা স্বতঃস্ফূর্ত্ত, উন্মুক্ত।

(ঞ) পুৰণি ছন্দ ৰীতি আদিৰ পুনৰুত্থান : ৰোমাণ্টিক কবিসকলে যেনেদৰে অতীতৰ প্ৰতি প্ৰীতি অনুভৱ কৰিছিল, তেনেকৈ অতীতৰ ছন্দ অলংকাৰবোৰক নতুন ৰূপত সজাই তুলিছিল আৰু নিজৰ কবিতাত স্থান দিছিল।

সামগ্রিকভাৱে বমন্যাসবাদ মুক্ত ধাৰণা, কল্পনাৰ বিচৰণৰ ক্ষেত্র। এই কেন্দ্ৰটোকে তেওঁলোকে ৰহস্যৰ অনুভূতি, বৌদ্ধিক অনুসন্ধিৎসা আদিৰে সজাই তুলিছিল।

৫। প্রাক্‌-ৰোমাণ্টিক স্তৰৰ সাহিত্য সম্পৰ্কে এটি আলোচনা যুগুত কৰা? 

উত্তৰঃ আধুনিক অসমীয়া সাহিত্যৰ সূচনা হোৱা অৰুনোদই কাকতখন অসমীয়া সাহিত্যৰ অন্যতম কীর্তি। এই কাততে অসমীয়া ভাষা- সাহিত্যৰ বিকাশত প্ৰধান ভূমিকা গ্ৰহণ কৰিলে। বিভিন্ন বৈজ্ঞানিক আৱিস্কাৰ, দেশ-বিদেশৰ বাতৰি অসমীয়া ৰাইজক দিছিল যদিও এই কাকতৰ প্ৰধান উদ্দেশ্য আছিল খ্রীষ্টধর্ম প্ৰচাৰ। সেয়ে ইয়াত প্ৰকাশ পোৱা সাহিত্যও আছিল উদ্দেশ্যধর্মী। ভাষা সমস্যাৰ বাহিৰে অসমৰ ৰাজনৈতিক, সামাজিক আদি বিভিন্ন সমস্যা অৰুনোদইত প্ৰকাশ পোৱা নাছিল। অসমীয়া জন-জীৱন নিজস্ব পৰম্পৰা, ৰীতি-নীতি, আচাৰ ব্যৱহাৰ আদিৰ প্ৰতিফলনো অৰুনোদইত সীমিত ৰূপতহে দেখিবলৈ পোৱা গৈছিল। সেইসময়তে কলিকতালৈ গৈ ইংৰাজী শিক্ষাৰে শিক্ষিত বহুসংখ্যক অসমীয়া লোকৰ বাহিৰৰ জগতৰ লগত পৰিচয় ঘটে। এইসকল লোকে সমাজ-সংস্কাৰমূলক ধাৰণা আৰু জাতীয় সচেতনতাৰে অসমৰ বিভিন্ন সমস্যা সাহিত্যত প্রতিফলিত কৰিবলৈ ধৰে। এনে প্ৰচেষ্টাৰ ফলতেই লাহে লাগে অসমীয়া সাহিত্যত নতুন নতুন ধাৰাৰ সাহিত্য-কবিতা, নাটক আদি ৰচনা হবলৈ ধৰে।

হেমচন্দ্ৰ-গুণাভিৰামৰ কালছোৱাতে ইংৰাজী শিক্ষাৰ পোহৰ পোৱা আৰু দুই চাৰিজন অসমীয়া ডেকাই ভাষা-জননীৰ সেৱাত আত্মনিয়োগ কৰিছিল। এফালে যেনেকৈ ইংৰাজী শিক্ষা আৰু সাহিত্যৰ লগত এওঁলোকৰ পৰিচয় ঘটিছিল, আনফালে তেওঁলোক বঙলা সাহিত্যৰ সংস্পৰ্শলৈ আহিছিল। অসমত বঙলা ভাষা প্ৰৱৰ্তনৰ ফলতেই হওক নাইবা কলিকতাত উচ্চ শিক্ষা লাভ কৰিবলৈ যোৱাৰ ফলতেই হওক বঙলা সাহিত্য অধ্যয়ন কৰাৰ সুবিধা এওঁলোকে লাভ কৰিছিল। এই দুই প্ৰভাৱৰদ্বাৰা অনুপ্ৰাণিত হৈ শিক্ষিত ডেকাসকলে সৃষ্টিধর্মী সাহিত্য ৰচনা কৰিবলৈ প্ৰয়াস কৰে। ফলত কাব্য, খণ্ড-কবিতা, নাটক, উপন্যাস আদি সাহিত্যৰ বিবিধ দিশত এচাম লেখক ওলাই অহা পৰিলক্ষিত হয়।

১৯৭৭ চনত এ.কে গাৰ্ণীৰ কামিনীকান্ত নামৰ কাহিনী এটি প্রকাশ পায়। এই একে সময়তে এ.কে গাৰ্ণীৰ পত্নী শ্ৰীমতী গাণীয়েও ইংৰাজ মহিলা শ্ৰীমতী মূলেনৰ বঙলা কাহিনী ফুলমণি ও করুণা অসমীয়ালৈ অনুবাদ কৰে। মিছনেৰীসকলে ৰচনা কৰা এই কাহিনী দুটাই অসমীয়া উপন্যাসৰ প্ৰথম প্ৰয়াস বুলি ক’ব পাৰি। কিন্তু খ্ৰীষ্টায়ান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য প্রত্যক্ষৰূপে প্রকাশ পোৱাত কাহিনী দুটা প্রকৃত উপন্যাসৰ শাৰীলৈ উঠিব নোৱাৰিলে। ইয়াৰ পিছত পদ্মাৱতী দেৱী ফুকননীৰ সুধর্মাব উপ্যাখ্যান আন এখন পুথি প্রকাশ পায়। এই কাহিনী প্ৰচাৰধৰ্মী নোহোৱাৰ কাৰণে আগৰ দুখনতকৈ অলপ উন্নত, কিন্তু প্রকৃত উপন্যাসৰ লক্ষণ ইয়াতো ফুটি নুঠিল। এই কাহিনীক উপন্যাসৰ বুৰবুৰণি বুলিহে ক’ব পাৰি।

সেইসময়ৰ নাটকলৈ লক্ষ্য কৰিলে দেখা যায় যে প্রধানকৈ পৌৰাণিক আৰু হাস্যৰসাত্মক নাটকৰ ৰচনা অধিক হৈছিল। হয়তো সমসাময়িক সমাজত ব্যংগ বা হাস্য-ৰসাত্মক নাটকৰ সমল লেখকসকলে সহজে বিচাৰি পাইছিল বাবেই এনে নাটকৰ প্ৰতি লেখকৰ আগ্ৰহ বাঢ়িছিল আৰু এইবোৰ জনপ্ৰিয়ও হৈছিল। নাটকৰ কাহিনীৰ ক্ষেত্ৰত পৌৰাণিক কাহিনীৰ প্ৰয়োগ সহজ আছিল। এইসময়তে গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু বিবাহ-ৰহস্য, হেমচন্দ্ৰ গোস্বামীৰ ধেমেলীয়া নাটক কানীয়া কীর্তন নাটকেইখনে জন্ম লাভ কৰে। এই নাটবিলাকে পুৰণি ধাৰাৰ শংকৰদেৱ-মাধৱদেৱৰ অংকীয়া নাটৰ পৰা বহুখিনি আঁতৰি আহি আধুনিক নাটকৰ আৰম্ভ কৰে। গুণাভিৰাম বৰুৱাৰ ৰাম-নৱমী নাটকখনে প্ৰথম অসমীয়া সামাজিক নাটকৰ সূচনা কৰে৷ নগাঁৱৰ ৰুদ্ৰৰাম বৰদলৈৰ বঙাল-বঙালনী নামৰ অন্য এখন আধুনিক সামাজিক নাটক এই সময়ছোৱাতে প্রকাশ পায়। ৰমাকান্ত চৌধুৰীৰে সীতাহৰণ নাট নামৰ এখন পৌৰাণিক নাটক ১৮৭৮ চনত প্ৰকাশ পায়। এইখনেই আধুনিক অসমীয়া সাহিত্যৰ প্ৰথম পৌৰাণিক নাটক।

প্রাক্‌-ৰোমাণ্টিক স্তৰৰ সাহিত্যত অসমীয়া জীৱনী সাহিত্যৰো উন্মেষ ঘটা দেখা যায়। গুণাভিৰাম বৰুৱাৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত এখন বর্ণনাবহুল জীৱনী। কাব্যৰ ক্ষেত্ৰতো সেইদৰে নতুন বিষয়বস্তু আৰু আংগিকে অসমীয়া সাহিত্যত ভুমুকি মাৰিলে। নতুন চেতনাৰে অনুপ্ৰাণিত কবিসকলে অসমীয়া কাব্য জগতত আলোড়ন সৃষ্টি কৰিলে। প্রাক-ৰোমাণ্টিক স্তৰত কাব্যিক অৱদান আগবঢ়োৱা প্রধান কবিকেইজন হৈছে ৰমাকান্ত চৌধুৰী, ভোলানাথ দাস, কমলাকান্ত ভট্টাচাৰ্য আৰু ৰত্নেশ্বৰ মহন্ত। এইসকল কবিয়ে অসমীয়া কবিতাৰ নানা দিশত নতুনত্ব আনিলে। অমিত্রাক্ষৰ ছন্দ প্রয়োগ, স্বদেশপ্ৰীতিৰ উন্মেষ আৰু জাতীয় চেতনাৰে প্ৰাক্‌-ৰোমাণ্টিক স্তৰৰ কবিতাই অসমীয়া কাব্য সাহিত্যক জিলিকাই তুলিলে। 

৬। প্রাক্‌-ৰোমাণ্টিক স্তৰৰ কবিতা সম্পর্কে এটি বিস্তৃত আলোচনা আগবঢ়োৱা?

উত্তৰঃ ঊনবিংশ শতিকাৰ আৰম্ভণিতে অসমৰ সমাজ- জীৱনলৈ যি অন্ধকাৰ নামি আহিল তাৰ ফলত অসমীয়া ভাষা-সাহিত্যৰ অৱস্থা শোচনীয় হৈ পৰিল। সেইসময়তে মিছনেৰীসকলৰ চেষ্টাত একাজলি পোহৰ হৈ অৰুনোদই কাকতে ভুমুকি মাৰিলে। অরুনোদই কাকততে সাহিত্যৰ বিভিন্ন শাখাসমূহৰ লগতে কবিতাৰো প্ৰকাশ ঘটে যদিও অধিকাংশ কবিতাই আছিল ধর্মমূলক। সেয়ে বিষয়বস্তু আৰু প্ৰকাশৰীতি ফালৰপৰা অৰুনোদইত প্রকাশিত বেছিভাগ কবিতাক ছন্দোবদ্ধ ৰচনা বা পদ্যহে বুলিব পাৰি, কিয়নো প্ৰায়বোৰ কবিতা আছিল বর্ণনা প্রধান আৰু সিবোৰত গীতিময়তাৰ অভাৱ দেখা গৈছিল। বিভিন্ন নীতিমূলক কবিতাও এই কাকতত প্ৰকাশ পায় যদিও কবিতাৰ প্ৰকৃত লক্ষণবোৰ এনে ৰচনাত দেখিবলৈ পোৱা নাযায়। প্রকৃতপক্ষে অসমীয়া কবিতাই প্রাক্‌-ৰোমাণ্টিক স্তৰতহে গঢ় লৈ উঠে। 

পৰৱৰ্তী স্তৰত নতুন নতুন বিষয়বস্তুৰে আৰু নতুন নতুন ৰূপেৰে অসমীয়া কবিতাই বিকাশৰ পথত আগবাঢ়ে। প্রাক্‌ ৰোমাণ্টিক স্তৰত কাব্যিক অৱদান আগবঢ়োৱা প্রধান কবিকেইজন হৈছে— মাকান্ত চৌধুৰী, ভোলানাথ দাস, কমলাকান্ত ভট্টাচাৰ্য আৰু ৰত্নেশ্বৰ মহন্ত। এইসকল কবিয়ে অসমীয়া কবিতাৰ নানা দিশত নতুনত্ব আনিলে। অমিত্রাক্ষর ছন্দৰ প্ৰয়োগ, স্বদেশপ্ৰীতিৰ উন্মেষ আৰু জাতীয় চেতনাৰে এই সময়ৰ কবিতাই অসমীয়া কাব্য সাহিত্যক জিলিকাই তুলিলে। এইসকল কবিৰ পৰিচয়ৰ লগতে তেওঁলোকৰ সাহিত্যিক বৈষ্টিশ্যসমূহ তলত আলোচনা কৰা হ’ল—

(ক) মাকান্ত চৌধুৰী : (১৮৪৬-১৮৮৯) 

অসমীয়া কবিতা জগতত এটি নমস্য নাম হল – ৰমাকান্ত চৌধুৰী। পিতৃৰ নাম লক্ষ্মীকান্ত চৌধুৰী। গুৱাহাটীৰ পৰা এন্ট্রেন্স পাছ কৰি গুৱাহাটী আৰু আন আন ঠাইত কাছাৰীত কেৰাণী কামত নিযুক্ত হয়। এওঁৰ প্ৰধান কীর্তি হ’ল— বঙ্গৰ কবি মাইকেল মধুসূদন দত্তৰ দৰে অমিত্রাক্ষর ছন্দৰ প্ৰয়োগ। এই ছন্দেৰে তেওঁ অভিমুন্য বধ কাব্যখন ৰচনা কবি ১৮৭৫ চনত প্ৰকাশ কৰে।

কাব্যখনিৰ কাহিনী বিন্যাসলৈ মন কৰিলে দেখা যায় যে কাব্যখনি তিনিটা সৰ্গত বিভক্ত হৈছে— অভিশাপ সর্গ, বলহাৰী সৰ্গ আৰু মিলন সর্গ। কাব্যখনত, দ্বিতীয় সৰ্গত বীৰস আৰু তৃতীয় সৰ্গত আদি বা শৃঙ্গাৰ বসে প্রাধান্য পাইছে।

অমিত্রাক্ষৰ ছন্দৰ আৰ্হিত তেওঁ কাব্য ৰচনা কৰিছিল যদিও তেওঁৰ কাব্যৰ আধুনিক ভাষাৰ মাজত বৈষ্ণৱ কাব্যৰ আৰ্হিও নিহিত হৈ আছে— দশ দিন যুদ্ধ কৰি ভীষ্ম মহাবলী

যেতিয়া শুইলা বীৰে শৰ আসনত 

মহাৰথী পাশুৱেও আনন্দ মনেৰে 

বজাইলা ঢাক, ঢোল, শিংঙ্গা, কৰতাল 

জগ ঝম্প ভেৰি দবা আপুনি শ্রীহৰি 

নিজ বাদ্য শঙ্খ লই, ফুৱায় বিজয় 

ঘোৰ নাদে বুজুৱায় সকল শবদ

হৰষিলা পাণ্ডৱক। সাগৰ সমান 

হাহাকাৰ ৰণ থলি, স্বামী নিধনত। 

(অভিমন্যু বধ কাব্য)

তেওঁৰ কাব্যৰ অলংকাৰ প্ৰয়োগ সীমিত। সৰল প্ৰকৃতিৰ উপমা আদি অলংকাৰৰ সহায়ত তেওঁ কিছুমান জীৱন্ত ছবি অংকন কৰিছে। মাইকেল মধুসূদন দত্তৰ মেঘনাদ বধ কাব্যৰ আৰ্হিত তেওঁ এই কাব্য ৰচনা কৰিছে যদিও মাইকেলৰ দৰে কঠিন শব্দৰ অত্যাধিক ব্যৱহাৰ কৰা নাই। ইয়াৰ সলনি তেওঁ সৰল আৰু মনোৰম ভাষা শৈলীৰ মাজত কথিত ৰূপৰ ভালেমান শব্দ ঠায়ে ঠায়ে সুমুৱাই দিছে। তাৰফলত ভাষাৰ গাম্ভীর্য কমিলেও সৌন্দর্য হ্রাস পোৱা নাই। ইয়াৰ মাজতে কবিজনাৰ মৌলিক প্রতিভাও ফুটি উঠিছে। যেনে—

আহিলা ৰজনীদেৱী মনোহাৰী বেশে 

আগুৰিলা কুৰুক্ষেত্ৰ, আবৰিলা ধৰা 

আঁতৰাই ৰশ্মিজাল আগুৰাণ দিয়া। 

পিন্ধিলা ভালত ভাল ভেলকি লগোৱা ছান্দ-সিন্দূৰৰ ফোটা। অপৰূপ ৰূপে 

ৰূপৰ টোপেৰে তৰাবোল ভূষিলাহা 

নীলবর্ণ আকাশক। বহিয়া মলয়া বাও 

ধীৰে ধীৰে, দেহী-দেহ কৈলা সুশীতল। 

(অভিমন্যু বধ কাব্য)

বঙ্গ কবিৰ কাব্য অনুকৰণৰ লগতে নিজৰ মৌলিক প্রতিভা সংযোজনেৰে বচনা কৰা ৰমাকান্ত চৌধুৰীৰ অভিমন্যু বধ অসমীয়া সাহিত্যত উল্লেখযোগ্য কাব্য। আনহাতে প্রকৃত ৰোমাণ্টিক সাহিত্যৰ বিকাশৰ আগমুহূৰ্তত বৈষ্ণৱ কাব্যৰ আদৰ্শৰ সৰোগত কৰি লিখা এই কাব্যখন অসমীয়া সাহিত্যজগতত সঁচাকৈয়ে লেখত ল’বলগীয়া। 

(খ) ভোলানাথ দাস (১৮৫৮-১৯২৯) : এই সময়ৰে আন এজন কবি ভোলানাথ দাস। ৰমাকান্ত চৌধুৰীৰ দৰে দাসেও স্বচ্ছন্দ অমিত্রাক্ষৰেৰে ভৰা কবিতা ৰচনা কৰিছিল। নগাঁও আৰু কলিকতাত শিক্ষা লাভ কৰাৰ পিছত চৰকাৰৰ শিক্ষা আৰু ভূমি বিভাগত চাকৰি কৰে। তেওঁ আছিল এজন প্রতিভাবান কবি। মনোৰম কোমল শব্দৰে ভৰপূৰ গীতিময় সৌন্দর্যেৰে ওপচা দুই-এটা কবিতাই তেওঁৰ প্ৰতিভাৰ উমান দিয়ে। তেওঁৰ কবিতা পুথি-পাঁচখন। তাৰে দুখন কবিতামালা (দুটা খণ্ড), দুখন চিন্তা-তৰঙ্গিনী (দুটা খণ্ড) আৰু সীতাহৰণ কাব্য।

ভোলানাথ দাসৰ কবিতা মালাৰ প্ৰথম খণ্ডৰ প্ৰথম সংস্কৰণৰ কথা জনা নাযায়, কিন্তু প্রথম খণ্ডৰ তৃতীয় সংস্কৰণ প্ৰকাশ হয় ১৮৮৪ চনত আৰু দ্বিতীয় খণ্ড ১৮৮৩ চনত প্ৰকাশ হয়। দুয়োটা খণ্ডতে কুৰিটিকে কবিতা সন্নিৱিষ্ট আছে। কবিতামালা মূলতঃ শিশুৰ উপযোগী কৰি ৰচনা কৰা কাব্যপুথি। সেয়ে নীতিকথা, উপদেশেৰে পুথিখনি পৰিপূৰ্ণ। তদুপৰি পুথিখনিৰ প্ৰাকৃতিক বর্ণনাখিনিও অতি আকর্ষণীয়।

তেওঁৰ চিন্তা-তৰঙ্গিনী কবিতা পুথিখন ১৮৮৪ চনত প্ৰকাশ পায়। এই পুথিৰ প্ৰথম খণ্ডৰ মাজত থকা নানা ভাৱৰ ভিতৰত এটি লক্ষণ হৈছে— দেশপ্ৰেম আৰু পৰাধীন দেশৰ প্ৰতি সচেতন মনোভাৱ। তেওঁৰ কবিতাৰ মাজত সমাজ সচেতনতাৰ সুৰ ধ্বনিত হৈছে এইদৰে—

থাকোঁতে তোসব, মোৰ হেৰ’ ভীৰুগণঙ্গ 

শিৰত পাদুকাভাৰ, চৰণে শঙ্খল। 

ক’তেবা সিদিনা হায় ক’তেবা ইদিন,

ক’ত স্বর্ণসিংহাসন ক’ত পদতম। 

চিন্তা-তৰঙ্গিনীৰ দ্বিতীয় খণ্ডত কবিৰ মনৰ কোমল অনুভূতিখিনি আৰু অলপ বেছিকৈ জীৱন্ত হৈ উঠিছে। দুই এটি কবিতাত স্বদেশ চেতনাৰ লক্ষণো দেখা যায় যদিও কোমল বর্ণনাযুক্ত কবিতাসমূহততে তেওঁৰ কবিপ্রাণ উজ্বলি উঠিছে। এনে এটি কোমল কবিতা হ’ল— মেঘ। কবিতাটির মাজেৰে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যই ধৰা দিছেহি। বিশাল আকাশত ভাঁহি ফুৰা শুকুলা মেঘৰ ৰূপ চাই কবিয়ে কৈছে―

কৃষ্ণবঙ্গে জ্বলে যেন স্ফটিকৰ মণি 

কিম্বাশ্যাম দুর্বাদলে যথা জলবিন্দু জ্বলে

ছায়াবৃত জলে যেন শোভে কমলিনী 

বিস্তীর্ণ সমুদ্রে কিম্বা ধবল তৰণী।

এই মেঘেই যে কেতিয়াবা কৃষ্ণবর্ণ আৰু ভংয়কৰ ৰূপ ধাৰণ কৰে সেই কথা কবিয়ে অনুভৱ কৰে। দ্বিতু কবিৰ মানস পটত ভাঁহি প্ৰকৃতিৰ এই মনোৰম ৰূপক কবিয়ে কবিতাটিত সুন্দৰভাৱে অংকণ কৰিছে। সুন্দৰ উপমাই কবিতাটিক মনোমোহা কৰি তুলিছে।

ভোলানাথ দাসৰ অন্যতম কীর্তি সীতাৰণ কাব্য অসমীয়া সাহিত্যত লেখত লবলগীয়া। তেওঁ ছাত্ৰাৱস্থাতে থাকোতে ১৯৭১-৮ লৈ আসাম বিলাসিনী কাকতত এই কাব্য প্রকাশ পায় আৰু ই পুথি আকাৰে ১৯০২ চনতহে প্ৰকাশ লাভ কৰে।

কাব্যখনি সাতোটা সৰ্গত বিভক্ত। কাব্যখনিৰ বৰ্ণনা ৰীতি জটিল আৰু অলংকাৰেৰে ভৰপূৰ। তেওঁৰ সন্মুখত আছিল সুখ্যাত কবি মাইকেল মধুসূদন দত্তৰ মেঘনাদ বধ কাব্যৰ আদৰ্শ আৰু প্ৰেৰণা৷ তদুপৰি তেওঁৰ আগতেই ৰচনা কৰি উলিওৱা ৰমাকান্ত চৌধুৰীৰ অভিমন্যু বধ কাবায়ো তেওঁৰ সন্মুখৰ পথ মুকলি কৰিছিল। ৰামায়ণৰ কাহিনীক আশ্রয় কৰি কাবাখনিৰ শৰীৰ গঢ় লৈ উঠিছে। যদিও প্রচুৰ পৰিমাণে কবিৰ কল্পনাৰো মিশ্রণ ঘটিছে।

ভোলানাথ দাসৰ ৰচনা বৈশিষ্ট্য হ’ল— অমিত্ৰাক্ষৰ ছন্দৰ প্ৰয়োগ। মাইকেল মধুসূদনৰ দৰে ভোলানাথ দাসৰ ভাষা শৈলী সুন্দৰ আৰু নিমজ নহয় যদিও এই ছন্দৰ অনুসৰণ কৰাটোৱেই তেওঁৰ ডাঙৰ কৃতিত্ব। তদুপৰি অসমীয়া কবিতাৰ আধুনিক যুগৰ দ্বিতীয় বর্ণনাত্মক কাব্য হিচাপেও এই কাব্য পুথিখনি আদৰণীয়। ভোলানাথ দাস সম্পৰ্কে মহেশ্বৰ নেওগে অসমীয়া সাহিত্যৰ ৰূপৰেখাত কৈছে— অসমীয়া কাব্যলৈ এওঁৰ বৰঙণিৰ দুটা ঘাই বৈশিষ্ট্য অমিত্রাক্ষর ছন্দৰ প্ৰৱৰ্তন আৰু সবলভাৱে লিৰিকি কবিতাৰ প্রচলন। কাব্যখনিৰ প্রাকৃতিক চিত্র অংকণত কবিৰ মৌলিক প্রতিভাৰ সুন্দৰ প্ৰতিফলন ঘটিছে। 

(গ) কমলাকান্ত ভট্টাচার্য (১৮৫৩-১৯৩৬) : কমলাকান্ত ভট্টাচাৰ্যৰ জন্ম হয় তেজপুৰৰ নদুৱাৰত। দেউতাক বানেশ্বৰ ভট্টাচার্য বৃটিছৰ ডাৰোগা আছিল। তেওঁ তেজপুৰ আৰু গুৱাহাটীত শিক্ষা গ্ৰহণ কৰি পিছত তেজপুৰ কাছাৰীত এটি চাকৰিত সোমায়। তেওঁৰ কাব্যিক জীৱনৰ উজ্জ্বল চানেকি চিত্তানল (আগছোৱা (১৮৯০) (শেষছোৱা-১৮৯২) আৰু চিন্তাতরঙ্গ (১৯৩৩) চনত প্ৰকাশ পোৱা উল্লেখযোগ্য কবিতা পুথি। 

কমলাকান্ত ভট্টাচার্যৰ কবিতাত খং আৰু বিদ্ৰোহৰ জুইকুৰা ইমানে বেছিকৈ জ্বলি আছিল যে তেওঁ ঘাইকৈ অগ্নিকবি বুলিহে জনাজাত। এওঁৰ ৰচনাৰ প্ৰধান বৈশিষ্ট্য হৈছে— তীব্র স্বদেশপ্রেম। ভট্টাচাৰ্যৰ কবিতাত কবিসুলভ কোমলতাৰ ঠাইত দেশৰ মানুহক ধিক্কাৰ দিয়া কঠোৰ মনোবৃত্তি এটি ফুটি উঠা দেখা যায়। তেওঁ দেখিছে আন দেশৰ তুলনাত আপোন দেশ কিমান পিছপৰা, অথচ অসমবাসী এতিয়াও অচেতন। সেয়ে তেওঁৰ কবিতাৰ প্ৰধান সুৰ আক্ষেপেৰে জৰ্জৰিত হৈ পৰিছে। নিজৰ দেশৰ লোকৰ প্ৰতি কৰা এনে আক্ষেপ তেওঁৰ কলমেৰে অগ্নিৰ দৰে বৰষিছে। কেৱল আক্ষেপ বা ক্ষোভ কৰিয়ে কবি ক্ষান্ত থকা নাই, বৰঞ্চ অসমৰ উন্নতিৰ হকে কাম কৰিবলৈ, চিন্তা কৰিবলৈ তেওঁ দেশবাসীক আহ্বান জনাইছে। দেশৰ সভ্যতা, সংস্কৃতি, সমাজ, ধর্ম, শিক্ষা, সাহিত্য আদি সকলো বিষয়তে কবিগৰাকীৰ গভীৰ দৃষ্টি আছিল—

এই নে অসম                নহয় শ্মশান

           মনুষ্যত্বহীন যত নাৰী নৰ। 

ঊনৈশ শতিকা                সভ্য জগতত

           কি বাবে সকলো ভিষাৰী পৰব। 

(পূর্ণিমা ৰাতিলৈ চাই)

তেওঁৰ অন্য এটি হৃদয় পৰশা কবিতা ‘পাহৰণি’ৰ মাজত কবিৰ হৃদয়ে যেন বিলাপ কৰি উঠিছে—

চিঞৰি মাতিছে শুনা ব্রহ্মপুত্রে 

শিলনি ভৰাত নিবলে বহি

বিলাপে ই নদে যেই দিন ধৰি

আর্যৰ গৌৰৱ পৰিল খহি।

তেওঁৰ চকুত পৰে জাতিভেদ আদি নানা কু-সংস্কাৰত এতিয়াও বুৰ গৈ আছে দুৰ্ভগীয়া দেশ। পৰাধীনতাৰ শিকলিত আবদ্ধ এই দেশৰ অন্ধকাৰৰ ভৱিষ্যতৰ কথা ভাবি তেওঁৰ প্ৰাণে কৈ উঠে–

নাই মিল কাৰো দুৰ্ম্মতি সন্তান 

চৌষষ্টি পয়ষষ্টি বেলেগ জাত

ই হেন জাতিক হায় কোন দিনে

দিব একতাই সাদৰৰ মাতঙ্গ

(পাহৰণি)

দেশ আৰু স্বজাতিৰ বাবে সেয়ে কবিজনাৰ কবিতাত ফুটি উঠিছে আক্ষেপৰ অগ্নি। কিন্তু এই অগ্নি স্বদেশপ্রেমৰ দেশৰ জনতাৰ প্ৰতি থকা আকুল আহ্বান।

(ঘ) ৰত্নেশ্বৰ মহন্ত (১৮৬৪-১৮৯৩) : গুৱাহাটীত ৰত্নেশ্বৰ মহন্তৰ জন্ম হয়। গুৱাহাটীতে তেওঁ স্কুলীয়া শিক্ষা লাভ কৰে যদিও নগাঁৱৰ পৰাহে এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। আর্থিক অনাটনৰ বাবে তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে। অৱশেষত তেওঁ নগাঁৱৰ কাছাৰীত চাকৰি জীৱনৰ পাতনি মেলে।

ৰত্নেশ্বৰ মহন্তই আসাম বন্ধু, জোনাকী আৰু বিজুলী আদি কাকতত বহুতো প্রবন্ধ লিখিছিল। এগৰাকী প্ৰবন্ধকাৰ, নাট্যকাৰ হোৱাৰ উপৰিও তেওঁ আছিল এগৰাকী কবি। দুটা খণ্ডত তেওঁ কবিতাহাৰ নামৰ এখন কবিতা পুথি লিখিছিল।

কবিতাহাৰ আছিল ৰত্নেশ্বৰ মহন্তৰ কবিত্ব প্ৰতিভাৰ অপূৰ্ব চানেকি। তেওঁৰ স্তুতি, দুপৰ-নিশা, গাঁৱলীয়া বোৱাৰী, পত্নী-বিলাপ, সংসাৰ সুখ ঠাই আদি কবিতাই এক বিশেষ স্থান লাভ কৰিছে। 

‘গাঁৱলীয়া বোৱাৰী’ কবিতাটোত তেওঁ গাঁৱৰ বোৱাৰীৰ অৱস্থা বৰ্ণনা কৰিছে। লগতে নিৰক্ষৰ গাঁৱৰ বোৱাৰীৰ শিক্ষাবিহীন জীৱনৰ অন্ধসংস্কাৰৰ কথাও উল্লেখ কৰি লিখিছে—

গাঁৱলীয়া বোৱাৰীৰ অন্তৰ এন্ধাৰ 

শিক্ষাৰ পোহৰ নাই যত কুসংস্কাৰ,

কুসংস্কাৰে বশ হ‍ই

শাহু আইৰ বাক্য লই

সাংসাৰিক কাম কৰে এলাহ নকৰি 

কার্য-ক্ষম নাই গাঁৱলীয়া সৰিবৰিঙ্গ

বাস্তৱ সত্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই তেওঁ কবিতাৰ বিষয়বস্তু গঢ়ি লয়। মন কৰিলে দেখা যায় যে কবিতা তেওঁ অতি ঘৰুৱা ভাষাৰে একোটা বিষয় সুন্দৰভাৱে দাঙি ধৰে।

প্ৰাক্‌ ৰোমাণ্টিক যুগৰ অন্য এজন কবি হৈছে বলদেৱ মহন্ত। তেওঁৰ কবিতাবোৰ আছিল ঘাইকৈ ল’ৰা-ছোৱালীৰ বাবে লিখা কবিতা। সেয়ে তেওঁৰ কবিতাবোৰ কেতিয়াবা নীতিশিক্ষামূলক, কেতিয়াবা সৰল হাস্যৰসাত্মক আৰু কেতিয়াবা উপদেশমূলক। তেওঁৰ উজুপাঠ নামৰ কবিতাপুথি ১৮৭৪ চনত প্ৰকাশ হয়। তেওঁৰ কবিতাৰ সৌন্দৰ্য হ’ল— নিমজ আৰু সৰল ছন্দৰীতি। সাৱলীল কথনভংগীৰ মাজেৰে ওৰেজীৱন মনত ৰৈ যাব পৰা কবিতা তেওঁ ৰচনা কৰিছিল—

সুখ নাই সুখ নাই কতো ধৰুৱাৰ 

অনুমাত্র সুখ নাই চিৰ ৰুগীয়াৰ

সুখ নাই যিটো সদা গোচৰত ফুৰে, 

মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে। 

(কাৰ সুখ নাই)

তেওঁৰ এনে সহজ-সৰল কবিতাবোৰে কিছুমান চিৰন্তন সত্যক নতুন ৰূপত সজাই তোলে। এনেকুৱা শুৱলা আৰু ঘৰুৱা ঠাঁচেৰে কবিতা ৰচনা কৰি কবি সাহিত্য জগতত বিৰল বুলি ক’ব পাৰি।

এই সময়ৰে আন এগৰাকী কবি হ’ল— পদ্মাৱতী দেৱী ফুকননী (১৮৫৩-১৯২৭)। সুধৰ্মাৰ উপাখ্যান নামৰ প্ৰথম অসমীয়া উপন্যাসৰ আদিতম ৰূপৰ বাবে খ্যাত লেখকগৰাকীৰ কবি মনৰো পৰিচয় পোৱা যায়। সহজ-সৰল প্ৰকাশভঙ্গী তেওঁৰ কবিতাৰ প্ৰধান সৌন্দর্য। ব্যক্তিগত কোমলতাৰ ওপৰত প্ৰতিষ্ঠিত কবি গৰাকীৰ কবিতা আছিল অলংকাৰ বিহীন। ‘ফুলৰাণী’ নামৰ কবিতাটিত তেওঁৰ মনোৰম ৰচনাশৈলীৰ পৰিচয় পোৱা যায়— 

চোৱাচোন সখী, মোক কেনে দেখি, ৰূপহী হৈছোনে মই 

ফুলেৰেই সাজিছোঁ, কি ৰূপ ধৰিছোঁ, দেখিলে খাবানে ভয় 

সুগন্ধি ফুলৰ গাঁথি চন্দ্ৰহাৰ হিয়াত পিন্ধিছো সখী

নৱৰত্নমালা গাঁথি যতনেৰে থৈছোঁ হাতত ৰাখি 

দহো আঙুলিত ফুলৰ আঙঠি পিন্ধিছো হেঁপাহত মই       

খোপাৰ ওপৰত মালতীৰ থোপা পৰিছে ভোমোৰায়। 

ব্যক্তিগত অনুভৱৰ কোমলতাই কবিতাটিক মনোৰম কৰি তুলিছে।। ‘প্রার্থনা নামৰ অন্য এটি কবিতাত তেওঁৰ সলৰ প্ৰাণৰ ভগৱৎ বিশ্বাস ফুটি উঠা দেখা যায়।

অসমীয়া সাহিত্যলৈ তেতিয়াও প্ৰকাশ লাভ নকৰা ৰমন্যাসবাদৰ ৰেঙণি ফুকননীৰ কবিতাত দেখিবলৈ পোৱা যায়।

আলোচনাৰ পৰা দেখা গ’ল যে অসমীয়া সাহিত্যৰ এই প্ৰাক্‌ ৰোমাণ্টিক কালছোৱাৰ সাহিত্য কিছুমান স্বকীয় বৈশিষ্ট্যৰে ভৰা আছিল। এইকালৰ সাহিত্য যেনেকৈ নিৰ্মাণ হৈছিল ইংৰাজী সাহিত্য আৰু বঙ্গীয় সাহিত্যৰ আৰ্হিত, তেনেকৈ আছিল আপোন মাটিৰ শংকৰদেৱ-মাধৱদেৱৰ বৈষ্ণৱ সাহিত্যৰ আদৰ্শৰ অনুপ্ৰেৰণা। স্বদেশৰ ভাষা সাহিত্যৰ বিপৰ্যয়ৰ সময়ছোৱাত ওলাই অহা এইসকল কবি সাহিত্যিক নিজৰ মৌলিক প্ৰতিভাৰে অসমীয়া সাহিত্যক জীপাল কৰি তুলিলে। নতুন ৰচনাৰীতি প্রকাশভঙ্গীয়ে সাহিত্যত প্ৰকাশ লাভ কৰিলে। কিন্তু এটা কথা স্বীকাৰ কৰিব লাগিব যে এইসকল সাহিত্যিকৰ সন্মুখত অসমীয়া প্রাচীন কবিসকলৰ ভক্তিমূলক সাহিত্যৰ বাহিৰে আন কোনো আধুনিক সাহিত্যৰ চানেকি নাছিল। তেনে ক্ষেত্ৰত এনে চানেকিৰ আৰ্হি গ্ৰঙম কৰি আৰু নিজস্ব প্রতিভাৰে এই সাহিত্যিকসকলে সৃষ্টি কৰিছিল নতুন প্ৰকাশৰীতি, বাট মুকলি কৰিছিল ৰোমাণ্টিক জাগৰণৰ বাবে। সেয়ে এইকালৰ সাহিত্য আৰু সাহিত্যিক উভয়ে আছিল অসমীয়া সাহিত্যৰ নতুন নতুন ভাৱ আৰু শৈলীৰ পথ প্ৰদৰ্শক। গতিকে প্ৰাক্‌-ৰোমাণ্টিক স্তৰৰ সাহিত্য আৰু সাহিত্যিকসকলৰ অৱদান বিশেষ গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰিব পাৰি। 

৭। অসমীয়া সাহিত্যলৈ জয়ন্তী আলোচনীৰ অৱদান সম্পর্কে আলোচনা কৰা?

উত্তৰঃ ১৯৩৬ চনৰ পৰা ১৯৪৯ চনলৈকে প্রকাশিত এখন উল্লেখযোগ্য আলোচনী আছিল জয়ন্তী। প্ৰথমতে পষেকীয়াৰূপে প্রকাশ পাইছিল যদিও পিছলৈ মাহেকীয়া কাকত ৰূপে প্রকাশ পায় জয়ন্তী আলোচনীখন। কেশৱকান্ত বৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠাপিত আৰু ৰঘুনাথ চৌধাৰীৰ দ্বাৰা সম্পাদিত আলোচনীখনে প্রগতিশীল জাতীয়তাবাদী ধাৰাটোক শক্তিশালী কৰি তুলিছিল।

জয়ন্তী আলোচনীখনে গৱেষণামূলক প্রবন্ধ যথেষ্ট পৰিমাণে প্ৰকাশ কৰিব পাৰিছিল। প্ৰত্নতাত্ত্বিক ৰাজমোহন নাথৰ গৱেষণামূলক লেখাসমূহ আছিল জয়ন্তীৰ এবিধ ডাঙৰ সম্পদ। উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ ৰামায়ণ সাহিত্য-সম্পর্কীয় অধ্যয়নেও জয়ন্তীক গাম্ভীর্য প্ৰদান কৰিছিল। সোণাৰাম চৌধুৰী, সৰ্বেশ্বৰ কটকী, ডিম্বেশ্বৰ নেওগ, ভাৰতচন্দ্ৰ দাস, কালিৰাম মেধি, জ্ঞানানন্দ জগতী, যতীন্দ্রনাথ গোস্বামী, সদানন্দ চলিহা, মোহনচন্দ্ৰ মহন্ত, গকুলচন্দ্ৰ গোস্বামী আদিৰ বিভিন্ন বিষয়ক চিন্তা উদ্রেককাৰী প্ৰবন্ধৰ প্রকাশনে প্ৰতিটো সংখ্যাতে জয়ন্তীৰ আকৰ্ষণ অটুট ৰাখিছিল।

গল্প সাহিত্যৰ ক্ষেত্ৰত জয়ন্তীয়ে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলেও যিকেইজন গল্পকাৰে অসমীয়া সাহিত্যক মহীয়ান কৰিবলৈ সক্ষম হ’ল, সেইকেইজনৰ ভিতৰত ত্রৈলোক্যনাথ গোস্বামী, ৰাধিকামোহন গোস্বামী আৰু চৈয়দ আব্দুল মালিকৰ নাম উল্লেখযোগ্য।

জয়ন্তীৰ কবিতা শিতানটো সমৃদ্ধ হৈছিল নীলমণি ফুলক, অতুলচন্দ্র হাজৰিকা, উমেশচন্দ্ৰ চৌধাৰী, বীৰেন্দ্ৰনাথ বৰকটকী, আব্দুছ ছাত্তাৰ, নাৰায়ণ বেজবৰুৱা, জমিৰুদ্দিন আহমেদ, মেঘৰাম পাঠক আদিৰ ৰচনাৰে। গতানুগতিক চিন্তাৰ বাহিৰে অসমীয়া সাহিত্যৰ সকলো দিশতে পৰিৱৰ্তনকামী ধ্যান-ধাৰণাও প্ৰকাশ পাইছিল জয়ন্তীৰ চতুৰ্থটো বছৰতে। “মুঠতে আজি প্রগতি সাহিত্য লাগে; দেশে এটা বিদ্ৰোহৰ কাৰণে প্ৰস্তুত হ’বলৈ বিচাৰিছে। তাকে কৰিবলৈ হ’লে কি গল্প, কি প্রবন্ধ, কি কবিতা, সকলোতে এটা নতুন ভাব, নতুন চিন্তা, নতুন আদৰ্শৰ আৱশ্যক হৈছে; অসমীয়া জাতিৰ অন্তৰত এটা নতুন প্ৰেৰণাৰ সোঁত বোৱাব লাগিব।” এই কথাখিনি প্রকাশ পাইছে প্রভাতচন্দ্ৰ বৰুৱাৰ ‘প্রগতি সাহিত্যৰ ধাৰা’ শীৰ্ষক প্ৰবন্ধটোত। 

জয়ন্তীৰ বুকুত নহ’লৈও দশকটোৰ শেহৰ বছৰকেইটাত প্ৰকাশিত অন্যান্য আলোচনীত এনে অনুভৱ অভিব্যক্তিৰ মূলত যে জয়ন্তীৰ অৰিহণা আছিল, সেই কথা অস্বীকাৰ কৰিব নোৱাৰি। ‘সমালোচনা’ শিতানত গ্ৰন্থ পৰিচয়তো জয়ন্তীয়ে গুৰুত্ব দিছিল আৰু অভিনৱত্ব প্ৰকাশৰ প্ৰয়াস কৰিছিল। সহকাৰী সম্পাদক শুক্লেশ্বৰ বৰাৰ চিকা চোৰাংচোৱাৰ গুপ্ত কথা’ শিতানটো আছিল আলোচনীখনৰ প্ৰতিটো সংখ্যাৰে এটা বিশেষ আকর্ষণ।

অসমৰ জাতীয় জীৱনত দেখা দিয়া বিভিন্ন সমস্যাৰ বেলিকা জয়ন্তীয়ে স্পষ্ট ভাষাত মাত মাতি আহিছে। ভাৰতৰ অন্যান্য প্ৰান্তৰ লোকসকলৰ প্রতি বিৰূপ মনোভাৱ জয়ন্তীৰ নাছিল; আনহাতে হিন্দু মহাসভাৰ আলমত অসমত সাম্প্রদায়িক বিষবাষ্প বিয়পোৱা প্ৰচেষ্টাৰ বিৰোধী আছিল। অসম জাতীয় মহাসভাই বিচৰা ভাষা-বৰ্ণ সম্প্রদায় নির্বিশেষে অসমত বসবাস কৰা সকলো লোকৰ সমন্বয়ত অসমীয়া জাতি এটা অসমৰ ভিতৰতে গঢ়ি উঠাটো বিচাৰিছিল জয়ন্তীয়ে।

হোমেন বৰগোহাঞিৰ ভাষাৰে ক’বলৈ গ’লে ‘অপৰিণতভাৱে হ’লেও আধুনিক অসমীয়া কবিতাত জয়ন্তীয়ে এটা ‘স্কুল’ৰ জন্ম দিয়ে, আৰু সাম্প্রতিক অসমীয়া কাব্য আন্দোলন সেই স্কুলবে দুই-এজনৰ সচেতন প্ৰচেষ্টাৰে ফল বুলিলেও অত্যুক্তি নহয়। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top