পৃথিৱীৰ ভূগোল Class 10 Social Science Important Notes

পৃথিৱীৰ ভূগোল Class 10 Social Science Important Notes to each chapter are provided in the list so that you can easily browse through different chapters পৃথিৱীৰ ভূগোল Class 10 Social Science SEBA Important Notes and select need one.

Class 10 Social Science Important Notes পৃথিৱীৰ ভূগোল

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. পৃথিৱীৰ ভূগোল Class 10 Social Science Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Social Science Important Notes পৃথিৱীৰ ভূগোল Here we have given Solutions for All Subjects, You can practice these here.

পৃথিৱীৰ ভূগোল

Chapter – 8

SOCIAL SCIENCE

IMPORTANT NOTES

শুদ্ধ উত্তৰ বাছি উলিওৱা:

১। কোনখন সাগৰে এছিয়া আৰু আফ্রিকা মহাদেশক পৃথক কৰিছে—-

(ক) ভূমধ্য সাগৰে।

(খ) কাস্পিয়ান সাগৰে।

(গ) লোহিত সাগৰে।

(ঘ) আৰব সাগৰে।

উত্তৰঃ (খ) কাস্পিয়ান সাগৰে।

২। প্রাকৃতিকভাৱে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰি ৰাখিছে—

(ক) কাৰাকোৰাম পর্বতমালা আৰু কৃষ্ণ সাগৰে।

(খ) হিমালয় পর্বতমালা আৰু আমুৰ নদীয়ে।

(গ) উৰাল পর্বতমালা আৰু উৰাল নদীয়ে।

(ঘ) ৰকি পর্বতমালা আৰু লেনা নদীয়ে।

উত্তৰঃ (গ) উৰাল পর্বতমালা আৰু উৰাল নদীয়ে।

৩। তলৰ কোনখন মহাসাগৰ পৃথিৱীৰ ভিতৰত বৃহত্তম—

(ক) ভাৰত মহাসাগৰ।

(খ) আটলান্টিক মহাসাগৰ।

(গ) দক্ষিণ মহাসাগৰ।

(ঘ) প্রশান্ত মহাসাগৰ।

উত্তৰঃ (গ) দক্ষিণ মহাসাগৰ।

৪। পৃথিৱীৰ মুঠ মাটিকালি—

(ক) প্রায় ৩৬১ নিযুত বর্গ কি.মি.

(খ) প্রায় ৫১০ নিযুত বর্গ কি. মি.

(গ) প্রায় ১৪৯ নিযুত বর্গ কি. মি.

(ঘ) প্রায় ৭৩০ নিযুত বর্গ কি.মি.

উত্তৰঃ (খ) প্রায় ৫১০ নিযুত বর্গ কি. মি.

৫। প্রশান্ত মহাসাগৰৰ গড় গভীৰতা—

(ক) প্রায় ৫০০০ মিটাৰ

(খ) প্রায় ৫৫০০ মিটাৰ

(গ) প্রায় ৪০০০ মিটাৰ

(ঘ) প্রায় ৪৫০০ মিটাৰ

উত্তৰঃ (ক) প্রায় ৫০০০ মিটাৰ

৬। পৃথিৱীৰ বৃহত্তম মৰুভূমি চাহাৰা অৱস্থিত—

(ক) এছিয়া মহাদেশত।

(খ) উত্তৰ আমেৰিকা মহাদেশত।

(গ) ইউৰোপ মহাদেশত।

 (ঘ) আফ্রিকা মহাদেশত।

উত্তৰঃ (ঘ) আফ্রিকা মহাদেশত।

৭। আটলান্টিক মহাসাগৰৰ গড় গভীৰতা কিমান—

(ক) প্রায় ৩৫০০ মিটাৰ।

(খ) প্রায় ৪০০০ মিটাৰ।

(গ) প্রায় ৩০০০ মিটাৰ।

(ঘ) প্রায় ৩৭০০ মিটাৰ।

উত্তৰঃ (গ) প্রায় ৩০০০ মিটাৰ।

৮। মেৰিয়ান খাতৰ গভীৰতা—

(ক) ১১০১২ মিঃ।

(খ) ১১০১১ মিঃ।

(গ) ১১০২২ মিঃ।

(ঘ) ১১০২১ মিঃ।

উত্তৰঃ (গ) ১১০২২ মিঃ।

৯। উত্তৰ আমেৰিকা মহাদেশৰ উচ্চতম শৃংগ—

(ক) কিলিমানজাৰো শৃংগ।

(খ) মেকিনলে শৃংগ।

(গ) পামিৰ গ্রন্থি।

(ঘ) তিব্বত মালভূমি।

উত্তৰঃ (খ) মেকিনলে শৃংগ।

১০। কোনখন মহাদেশৰ আকৃতি এটা ওভোতা ত্রিভুজৰ দৰে—

(ক) এছিয়া।

(খ) আফ্রিকা।

(গ) দক্ষিণ আমেৰিকা।

(ঘ) ইউৰোপ।

উত্তৰঃ (গ) দক্ষিণ আমেৰিকা।

অতি চমু প্ৰশ্নোত্তৰ

১। প্ৰশান্ত মহাসাগৰৰ মুঠ কালি কিমান উল্লেখ কৰা?

উত্তৰঃ ১৬৫ নিযুত বৰ্গকিলোমিটাৰ।

২। মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম দেশ এখনৰ নাম লিখা।

উত্তৰঃ ৰাছিয়া।

৩। পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন?

উত্তৰঃ চাহাৰা মৰুভূমি।

৪। ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত এখন দেশৰ নাম লিখা।

উত্তৰঃ ইটালী।

৫। ৰকি পৰ্বতমালা মহাদেশখন কোন অংশত অৱস্থিত?

উত্তৰঃ পশ্চিম অংশত অৱস্থিত।

৬। টেথিছ সাগৰৰ উত্তৰত থকা মহাদেশীয় ভূ-খণ্ডৰ নাম লিখা।

উত্তৰঃ আঙ্গাৰালেণ্ড।

৭। টেথিছ সাগৰৰ দক্ষিণত থকা মহাদেশীয় ভূ-খণ্ডৰ নাম লিখা।

উত্তৰঃ গাণ্ডোৱানালেণ্ড। পাছলৈ আঙ্গাৰালেণ্ড আৰু গাণ্ডোৱানালেণ্ড বিভাজিত হৈ বৰ্তমান মহাদেশসমূহৰ সৃষ্টি হয়।

৮। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো?

উত্তৰঃ এণ্ডিজ পৰ্বতমালা। (প্ৰায় ৮০০০ কিঃমিঃ)

৯। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা ক’ত অৱস্থিত?

উত্তৰঃ দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত।

১০। ইকুৱেড ক’ত অৱস্থিত?

উত্তৰঃ দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত।

দীঘলীয়া প্ৰশ্নোত্তৰ

১। মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল?

উত্তৰঃ মহাদেশীয় বিস্থাপন সূত্র অনুসৰি ৩০০ নিযুত বছৰ পূৰ্বে পূৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগত, অর্থাৎ গঠনৰ সময়ত পৃথিৱীৰ স্থলমণ্ডল কেৱল এটা একক ভূখণ্ড আছিল আৰু ইয়াক চাৰিওফালৰ পৰা জলমণ্ডলে আগুৰি আছিল। এই ভূখণ্ডটোক পেঞ্জিয়া আৰু চাৰিওফালে আগুৰি থকা জলমণ্ডলক পাছালা বুলি জনা গৈছিল।

পৰৱৰ্তী সময়ত স্থলমণ্ডল বা পেঞ্জিয়াৰ সোঁমাজেৰে পূর্ব-পশ্চিমাকৈ এখন ঠেক তথা দীঘলীয়া সাগৰৰ সৃষ্টি হৈছিল যিয়ে সমগ্র স্থলমণ্ডলক দুটা ভাগত বিভক্ত কৰিছিল। এই সাগৰখনক টেথিছ সাগৰ বুলি জনা যায়।

দ্বিখণ্ডিত হোৱা স্থলমণ্ডলৰ উত্তৰৰ অংশটোক লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেও বুলি কোৱা হৈছিল। মধ্যজীবীয় কল্পযুগত, অর্থাৎ প্রায় ২৫০ নিযুত বছৰ পূৰ্বে মহাদেশীয় সঞ্চাৰণ তথা বিভাজনৰ ফলত লৰেছিয়া আৰু গণ্ডোৱানালেণ্ড বিভাজিত হৈ বৰ্তমানৰ সাতখন মহাদেশৰ সৃষ্টি হয়।

এই সূত্র অনুসৰি, লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্রীনলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে  অৱস্থিত ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল।

আনহাতে, দক্ষিণ আমেৰিকা, আফ্রিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰব অঞ্চল, মালয়েছিয়া আৰু অষ্ট্ৰেলিয়া তথা এন্টার্কটিকাকে ধৰি অন্যান্য অঞ্চলসমূহৰ সৃষ্টি হৈছিল গণ্ডোৱানালেণ্ডৰ পৰা।

২। মহাসাগৰৰ তলিভাগৰ ভূঅবয়ব সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ ভূপৃষ্ঠৰ প্রায় ৭১ শতাংশ জলভাগে আগুৰি আছে। পৃথিবীৰ জলভাগ বিশেষকৈ প্রশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ নামৰ পাঁচখন মহাসাগৰেৰে গঠিত।

মহাসাগৰসমূহৰ তলিভাগৰ ভূ-প্রকৃতি তেনেই অসমান আৰু ইয়াতো স্থলমণ্ডলৰ দৰে কিছুমান ভূ-অৱয়ৱ আছে, যেনে- সামুদ্রিক শৈলসিৰা, সমুদ্র খাত আদি। 

সমুদ্রৰ তলিত থকা এনে কিছুমান অতি গুৰুত্বপূৰ্ণ অৱয়ৱ হৈছে—

(ক) মহীসোপান: ভূখণ্ড বা উপকূল অঞ্চলৰ সৈতে সংযোজিত হৈ থকা সাগৰ-মহাসাগৰৰ অগভীৰ অংশকে মহীসোপান বুলি কোবা হয়। ইয়াৰ গভীৰতা প্রায় ২০০ মিটাৰ পৰ্যন্ত হয়।

(খ) মহীঢাল: মহীসোপানৰ পিছত আৰম্ভ হোৱা মহাসাগৰৰ বুকুৰ যথেষ্ট গভীৰ অংশক মহীঢাল বুলি কোৱা হয়। এই অঞ্চলটো সাধাৰণতে মহাসাগৰৰ মাজভাগৰ দিশলৈ এঢলীয়া হৈ পৰে। ইয়াৰ গভীৰতা প্রায় ২০০০ মিটাৰ পৰ্যন্ত হয়।

(গ) গভীৰ সমুদ্রতলীয় দ্রোণী: মহীঢালৰ পিছত মহাসাগৰৰ মাজভাগত অৱস্থিত ভূ-অৱয়ৱকে গভীৰ সমুদ্রতলীয় দ্রোণী বুলি কোৱা হয়। ইয়াৰ গভীৰতা ৪০০০ মিটাৰ পৰ্যন্ত হয়।

(ঘ) গভীৰ সামুদ্রিক খাত: মহাসাগৰৰ মাজভাগত প্রায় ৮০০০ মিটাৰ পৰ্যন্ত গভীৰতা থকা গভীৰ খাত থকা দেখা যায়। সকলোবোৰ সামুদ্রিক খাতৰ ভিতৰত প্রশান্ত মহাসাগৰৰ বুকুত থকা ১১,০২২ মিটাৰ গভীৰ মেৰিয়ানা বা চেলেঞ্জাৰ খাতেই হ’ল বিশ্বৰ সবাতোকৈ গভীৰতম খাত।

এইবাৰৰ উপৰি সমুদ্ৰপৃষ্ঠৰ পৰা বহু ওপৰলৈ সামুদ্ৰিক শৈলসিৰা কিছুমান অ’ত ত’ত সিঁচৰতি হৈ ওলাই থকা দেখা যায়, ইয়াৰে ভিতৰত কিছুমানে সাগৰপৃষ্ঠৰ ওপ্ৰত দ্বীপ হিচাপে আৱিৰ্ভাৱ হয়।

৩। উত্তৰ আমেৰিকা মহাদেশৰ প্রাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশৰ প্রাকৃতিক বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল- 

(ক) উত্তৰ আমেৰিকা মহাদেশৰ মুঠ মাটিকালি ২৪.৩ নিযুত বর্গ কিঃমিঃ অর্থাৎ পৃথিৱীৰ স্থলভাগৰ ১৬.৩ শতাংশ। মহাদেশখনৰ উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে দক্ষিণ আমেৰিকা আৰু প্ৰশান্ত মহাসাগৰ, পুবে আটলান্টিক মহাসাগৰ আৰু পশ্চিমে বেৰিংসাগৰ আৰু প্রশান্ত মহাসাগৰ আছে।

(খ) উত্তৰ আমেৰিকা মহাদেশৰ ভূ-প্রাকৃতিক গঠন বৈচিত্র্যময়। ইয়াৰ উচ্চতম ঠাই মেকিনলে শৃংগ আৰু নিম্নতম ঠাই ডেভেলী। 

ভূ-প্রাকৃতিকভাৱে মহাদেশখনক প্ৰধানকৈ চাৰিটা ভাগত বিভক্ত কৰিব পাৰি- 

(i) ৰ’কি পার্বত্য অঞ্চল। 

(ii) বিশাল উচ্চ সমভূমি অঞ্চল।

(iii) আপেলেছিয়ান উচ্চভূমি অঞ্চল।

(iv) উপকূলীয় নিম্নসমতলভূমি অঞ্চল।

(গ) মহাদেশৰ পশ্চিম অংশত আলাস্কাৰ পৰা মেক্সিকো পর্যন্ত উত্তৰা-দক্ষিণাকৈ থকা সুউচ্চ পর্বত শ্ৰেণীৰে ৰ’কি পাৰ্বত্য অঞ্চল গঠিত। ইয়াৰোপৰি পশ্চিম অংশত উপকূলৱৰ্তী কাস্কেড, ছিয়েৰা নেভাডা আৰু ক’ষ্টৰেঞ্জ পর্বতশ্রেণী আৰু পূব অংশত উত্তৰে নিউফাউগুলেণ্ডৰ পৰা দক্ষিণে ফ্লোৰিডা পর্যন্ত বিস্তৃত পর্বত-পাহাৰ, ঠেক উপত্যকা আৰু ভগ্ন মালভূমিৰে গঠিত ওখোৰা-মোখোৰা আপেলেছিয়ান উচ্চভূমি আছে। এই অঞ্চলৰ দক্ষিণ অংশত এলিঘেনি আৰু ব্লুৰিজ পর্বতশ্রেণী আছে।

(ঘ) আপেলেছিয়ান উচ্চভূমিৰ পূবে আটলান্টিক মহাসাগৰৰ উপকূলীয় অংশত উত্তৰে ন’ভাস্কটিয়াৰ পৰা দক্ষিণে পানামালৈকে এক বিস্তৃত উপকূলীয় সমতলভূমি আছে। ইয়াৰোপৰি মহাদেশখনৰ উত্তৰ, দক্ষিণ পূব আৰু পশ্চিম অংশত অজস্ৰ সৰু-বৰ দ্বীপ আছে।

(ঙ) উত্তৰ আমেৰিকা মহাদেশত বহুতো নদ-নদী আৰু হ্রদ আছে। নদীসমূহৰ ভিতৰত মিচৌৰী, মিছিছিপি, বেড, আৰকানছাছ, কোলোেৰাড, কোলাম্বিয়া, হড্‌ছন আদি উল্লেখযোগ্য। মহাদেশখনৰ প্রধান হ্রদসমূহ হ’ল- গ্রেট বিয়াৰ, গ্রেট শ্লেভ, গ্রেট ছল্ট, মিচিগান আদি। মহাদেশখনৰ দক্ষিণ-পশ্চিম অংশত কোলোৰাড’ নামেৰে এখন মৰুভূমি সদৃশ অঞ্চল আছে।

৪। পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়ব সমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত সমভূমি, মালভূমি, পর্বত- পাহাৰ, উপকূলীয় সমভূমি আদি নানা প্ৰকাৰৰ ভূ-অৱয়ব পোৱা যায়। এইবোৰে ভূপৃষ্ঠৰ অৱয়ব অসমান কৰি ৰাখিছে। অৱশ্যে মহাদেশবোৰৰ সকলোতে ভূ-প্রকৃতি একে ধৰণৰ নহয়।

এছিয়া মহাদেশৰ প্ৰধান পর্বতমালাসমূহ হ’ল- হিমালয়, ইউৰাল, কাৰাকোৰাম, কুনলুন আলটাইন আদি। তিব্বত, পামিৰ, ছাইবেৰিয়া, মংগোলীয়া, দাক্ষিণাত্য, আৰৱ মালভূমি, ইৰাণ মালভূমি আদি এছিয়া মহাদেশৰ উল্লেখযোগ্য মালভূমি। এই মহাদেশৰ উল্লেখযোগ্য নদীসমূহ হৈছে সিন্দু, গংগা, ব্রহ্মপুত্র, ইয়াংজে কিয়াং আৰু চিকিয়াং, নর্মদা, তাপ্তি আদি।

ইউৰোপ মহাদেশৰ ভূ-প্রকৃতিবোৰ হ’ল উত্তৰৰ অংশটো পশ্চিমৰ ফ্রান্স উপকূলৰ পৰা পূবত ইউৰাল পৰ্বত শ্রেণীটোৱে সমতল ভূমি। সমভূমি আৰু দক্ষিণৰ অংশ পর্বত-মালভূমিৰে গঠিত উচ্চভূমি। এই মহাদেশত ৰাইন, ৰোণ আৰু এল্বেকে ধৰি বহুকেইখন নদী থকাৰ লগতে ওনেগা, ভেনার্ন আদি কেইবাটাও হ্রদো আছে।

আফ্রিকা মহাদেশৰ বৃহৎ অংশই হৈছে মালভূমি ইয়াত উল্লেখযোগ্য পর্বত নাই। এই মহাদেশখন বহু নদী- হ্রদেৰে ভৰা। পৃথিৱীৰ বৃহতম নীল নদী এই মহাদেশতেই অৱস্থিত। পৃথিৱীৰ বৃহতম মৰুভূমি চাহাৰৰ লগতে কালাহাৰী আৰু নামিবিয়া মৰুভূমি এই মহাদেশতেই অৱস্থিত।

আনহাতে উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ পশ্চিমফালে লানি নিছিগা ৰকি এণ্ডিজ পর্বতমালা। বাকী অংশ উচ্চ আৰু নিম্ন সমতলভূমিৰে আৱৰা। এই মহাদেশত বহুতো নদ-নদী আৰু হ্রদ আছে। উত্তৰ আমেৰিকা মহাদেশৰ দক্ষিণত মিছিছিপি, টেনেছি, মেকেঞ্জি আদি নদী আছে। পশ্চিম অংশত কোলোৰাড নামেৰে মৰুভূমি সদৃশ অঞ্চল আছে। দক্ষিণ আমেৰিকাৰ ভূ-অবয়ব উচ্চ পার্বত্য ভূমি, দক্ষিণ আমেৰিকাৰ ভূ-অৱয়ব উচ্চ পার্বত্য ভূমি, নদীৰে গঠিত সমভূমি, মালভূমি, দ্বীপ আৰু মৰুভূমিৰে গঠিত। পৃথিৱীৰ সুউচ্চ এণ্ডিজ পর্বতমালা ইয়াতেই আছে। আমাজান, পাৰাণা, অৰিনিক আদি উল্লেখযোগ্য নদী আছে। পৃথিৱীৰ উচ্চস্থানত থকা বৃহৎ হ্রদ “টিটিকাকা” এই মহাদেশতেই আছে ওছেনিয়া মহাদেশৰ মাজভাগ মালভূমি আৰু চাৰিওফালে উপকূলীয় সমভূমিৰে আগুৰা। ওছেনিয়া মহাদেশৰ ভূ-অৱয়ব প্রধানকৈ উচ্চ ভূমি, নদী-হ্রদেৰে গঠিত সমভূমি আৰু বহুকেইখন মৰুভূমিৰে গঠিত। গ্রেট ডিভাইডিং ৰেঞ্জ আৰু স্নবি মাউন্টেইনে সৃষ্টি কৰা “অষ্ট্ৰেলিয়া” আল্পছ বুলি জনাজাত উচ্চভূমি অঞ্চল ইয়াতেই আছে। বার্লি, মেকে, কেৰী আদি ওছেনিয়াৰ উল্লেখযোগ্য হ্রদ।

৫। এছিয়া মহাদেশক কিয় বৈচিত্র্যময় মহাদেশ বোলা হয়, চমুকৈ লিখা।

উত্তৰঃ এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। ই অনেক বৈচিত্র্যৰে ভৰা। ইয়াত জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদৰ ভিন্নতা অধিক। ইয়াৰ এফালে যেনেকৈ উষ্ণ নিৰক্ষীয় প্ৰকাৰৰ জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদ পোৱা যায়, ঠিক তেনেকৈ অতি শীতল মেঝদেশীয় জলবায়ু আৰু প্রাকৃতিক উদ্ভিদ বিৰাজমান। এই মহাদেশখনত কেৱল প্রাকৃতিক বৈচিত্র্যই নহয়, সাংস্কৃতিক, সামাজিক আৰু অর্থনৈতিক বৈচিত্র্যও ইয়াত সুস্পষ্ট। সেয়েহে এছিয়াক বৈচিত্র্যময় মহাদেশ বোলা হয়। 

তলত মহাদেশখনৰ কেইটামান বৈচিত্র্য উল্লেখ কৰা হ’ল—

(ক) পৃথিৱীৰ সৰ্বোচ্চ মালভূমি পামিৰ (পৃথিৱীৰ মুধচ) ইয়াত অৱস্থিত।

(খ) পৃথিৱীৰ জনবহুল দেশ চীন, ভাৰত থকাৰ লগতে জনশূন্য ঠাই এই মহাদেশতে আছে। 

(গ) পৃথিৱীৰ উষ্ণতম ঠাই জেকোকাবাদ আৰু পৃথিৱীৰ আটাইতকৈ চেঁচা ঠাই ভাৰ্থয়ানস্ক ইয়াত অৱস্থিত।

(ঘ) পৃথিৱীৰ বৃহত্তম পর্বত হিমালয় আৰু উচ্চতম শৃংগ এভাৰেষ্ট থকাৰ লগতে চেলেঞ্জাৰ খাত নিম্নভূমিও এই মহাদেশতে আছে। 

(ঙ) পৃথিৱীৰ কম বৰষুণ হোৱা ঠাই এডেন আৰু আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই মৌচিনৰাম এই মহাদেশতেই অৱস্থিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top